কবিতা :: লকডাউন

 লকডাউন



কি বিচাৰি ক’লৈ আহিলো গুছি !

ক’ত হেৰাল ‘অ মোৰ আপোনাৰ দেশ’ৰ স্বাদ !

মানুহ হৈ আঁতৰি আহিব লগা হ’ল মানুহৰপৰা

ডৰিমন আৰু চুজুকাক পৃথিৱীৰ চাবি-কাঠি দি

আমি খান্দি ল’লো নিজৰ নিজৰ কবৰ ?


ক’ত হেৰাল আমাৰ স্বাধীনতা, অধিকাৰ

চুও বুলি চুব নোৱাৰি আপোনক

চাও বুলি চাব নোৱাৰি আকাশ, তৰা, জোন

যাও বুলিলেও ৰাস্তাই-ঘাটে কেৱল মৃত্যুৰ কিৰিলি

কিয় কুঠাৰ মাৰি খণ্ড-বিখণ্ড কৰিলোঁ সোণালী ভৱিষ্যত


অদৃশ্য লেজু এডাল আঁৰি লৈছোঁ ডিঙিত

মুখোৱা এটুকুৰা পিন্ধি গিলিবলৈ শিকিছোঁ অক্সিজেন

য’ত স্পৰ্শ হৈ পৰিছে অপৰাধ

ভ্ৰমণ  হৈ পৰিছে  আইনবিৰোধী

জলহস্তী হৈ পৰি থাকিলেহে সোমাব পাৰি 

বিজ্ঞ মানুহৰ সংজ্ঞা আৰু আদৰ্শত

চেতনাত মৃত্যুভীতি লৈ কিদৰে হাঁহো, মাতো !


হকে-বিহকে গছবোৰ কাটিলো- নাভাবিলো

দিনে-ৰাতিয়ে পাহাৰবোৰ খান্দিলো- নুবুজিলো

নদীবোৰ পুতিলো, অৰণ্যবোৰ জ্বলালো

জলাহভূমি কৰি ল’লো ম্যাদি

উৰিফুৰা চৰাইবোৰৰ ভাঙি দিলোঁ ডেউকা

সেউজীয়াবোৰবোৰ খাস্তাং কৰি  কেৱল নগৰকে বনালো

সকলোবোৰ শেষ কৰি কাটি-বাচি খোৱাত ব্যস্ত হৈ পৰিছোঁ বঙহৰ  মঙহ


আধুনিক হোৱাৰ অজুহাত দেখুৱাই 

সমাজখন কৰি পেলালো বিশৃংখল, উশৃংখল 

কোনো এটা ঋতুকেই এতিয়া লেকাম লগাব নোৱাৰি 

অট্টালিকাৰ ভৰ দি দি ঋতুস্ৰাৱ হোৱা পৃথিৱীখন 

বাজী কৰি পেলালো ।

এতিয়া বাজী হোৱা গৰ্ভৰপৰা আশা কৰিছোঁ

সজল-সফল, শ্যামলী হৈ ভূমিষ্ঠ হওক ‘সোণৰ পৃথিৱী’


কি বিচাৰি ক’লৈ আহিলো গুছি !

অসহায় এই জয়াল দিনবোৰত

ক’ৰপৰা আৰম্ভ কৰি আমি উভতি যাঁও

ইতিহাসৰ গুহালৈ !

Post a Comment

0 Comments