ক্ষেত্ৰ অধ্যয়ন ৷৷ মাজুলী ৷৷ জনগোষ্ঠীয় সমাজত সত্ৰ সংস্কৃতিৰ প্ৰভাৱ ৷৷


* ক্ষেত্ৰ অধ্যয়ন কি ?
ক্ষেত্ৰ অধ্যয়ন  হৈছে ক্ষেত্ৰত গৈ কৰা অধ্যয়ন৷ যিকোনো এটা তথ্য, প্ৰসংগ, ঘটনা, বিষয়ৰ প্ৰকৃত সত্য উদঘাটনৰ বাবে প্ৰকৃত স্থানত গৈ কৰা অধ্যয়নেই ক্ষেত্ৰ অধ্যয়ন৷ বিদ্যায়তনিকভাৱে ক্ষেত্ৰ অধ্যয়ন কৰা হয় যিকোনো বিষয় এটাৰ পুংখানুপুংখ তথ্য আৰু সত্য উদঘাটনৰ বাবে । গৌণ উৎসৰ তথ্যৰ শুদ্ধতা পৰীক্ষা কৰিবৰ বাবেও বহু সময়ত ক্ষেত্ৰ অধ্যয়ন কৰা হয়৷ মূল উৎস হিচাপে বিষয়ৰ বিশ্লেষণৰ বাবেও ক্ষেত্ৰ অধ্যয়ন বিদ্যায়তনিক ক্ষেত্ৰখনত অতিকে চৰ্চিত বিষয়৷ গৱেষণাৰ ক্ষেত্ৰখনতো ক্ষেত্ৰ অধ্যয়নে এক বৃহত্তৰ স্থান দখল কৰিছে৷ এনে অধ্যয়নে বিষয় এটাক নিজৰ অভিজ্ঞতাৰ আধাৰত বিচাৰ-বিশ্লেষণৰ সুবিধা প্ৰদান কৰে৷ চকুৰে চাই, হাতেৰে চুই, মন-মনন-চিন্তনেৰে ক্ষেত্ৰখনক বুজিবলৈ ক্ষেত্ৰ অধ্যয়নৰ প্ৰয়োজন৷ বহু সময়ত গৌণ উৎসৰপৰা লাভ কৰা তথ্যৰ নিৰ্ভৰযোগ্যতা তথা সত্য-অসত্য ধৰিব নোৱাৰি৷ ক্ষেত্ৰ অধ্যয়নে গৌণ উৎসৰ সত্যতা নিৰ্ণয়তো সহায় কৰে৷

ক্ষেত্ৰ অধ্যয়ন হৈছে বাস্তৱিক পৰিস্থিতিত কৰা এক অনুসন্ধান। সমাজ বিজ্ঞান আৰু শিক্ষাৰ ক্ষেত্ৰত ই সঘনাই ব্যৱহৃত একপ্ৰকাৰৰ প্ৰায়োগিক অধ্যয়ন। এই অধ্যয়নে বাস্তৱিক পৰিস্থিতি আৰু স্বাভাৱিক আচৰণৰ বিষয়ে তথ্য লাভ কৰাত সহায় কৰে। এনে আৰু নিৰ্বাচিত গৱেষণাৰ নমুনাসমূহ পৰ্যবেক্ষণ কৰি প্ৰত্যক্ষভাৱে তথ্য উদঘাটন কৰিব লাগে। 

ক্ষেত্ৰ অধ্যয়নে ব্যক্তি বা ছাত্ৰ-ছাত্ৰী, গৱেষক আদিৰ সমালোচনাত্মক চিন্তাধাৰা, বিষয় এটাক দীৰ্ঘম্যাদী ধৰি ৰখা, সাহিত্য-সংস্কৃতি- সমাজৰ লগতে বিজ্ঞানৰ প্ৰতি ইতিবাচক মনোভাৱ, প্ৰকৃতিৰ প্ৰতি প্ৰশংসা, আৰু বৃদ্ধি পোৱা বৈজ্ঞানিক কৌতুহ’লক উৎসাহিত কৰা, প্ৰত্যক্ষ অভিজ্ঞতা আদিৰ বাবে সুযোগ সৃষ্টি কৰে। ক্ষেত্ৰ অধ্যয়নৰ পৰিকল্পনা আৰু কাৰ্য্যকলাপত ছাত্ৰ-ছাত্ৰীসকল নিজেই সক্ৰিয় অংশগ্ৰহণকাৰী হ’লে জ্ঞানৰ বিকাশ আৰু প্ৰেৰণাও বৃদ্ধি পায়। এই সুবিধাসমূহ উচ্চ শিক্ষাৰ উপৰি মাধ্যমিক আৰু প্ৰাথমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰযোজ্য। 

ক্ষেত্ৰ অধ্যয়নৰ দ্বাৰাও শিক্ষকসকলো উপকৃত হয়। শ্ৰেণীকোঠাত খুব কমেইহে দেখা দিয়া “শিক্ষণযোগ্য মুহূৰ্ত”ৰ জৰিয়তে ভ্ৰমণসমূহে শিক্ষা আৰু শৈক্ষিক জটিলতাসমূহত নতুন মাত্ৰাৰ যোগ কৰে। এজন শিক্ষকৰ বাবে ক্ষেত্ৰ অধ্যয়নৰ সময়ত ল’বলগীয়া গুৰুত্বপূৰ্ণ কাৰকসমূহ হ’ল- অৰিয়েণ্টেচন আৰু ভ্ৰমণৰ পূৰ্বতে এবাৰ ছাইট ভিজিট। ভ্ৰমণৰ সময়সূচী, প্ৰশাসনৰ পৰা সহায়, প্ৰয়োজনীয় সংগঠনৰ সহযোগ আৰু আন শিক্ষকৰ সহযোগিতা আদি ক্ষেত্ৰ অধ্যয়নৰ সময়ত তত্ত্বাবধায়কৰ বাবে গুৰুত্বপূৰ্ণ৷ ইয়াৰ উচিত প্ৰয়োগ অবিহনে যিকোনো অধ্যয়ন চলোৱাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব পাৰে। 

Nielsen Norman Groupৰ মতে- - Field studies are research activities that take place in the user’s context rather than in your office or lab.The range of possible field-study methods and activities is very wide. Field studies also vary a lot in terms of how the researcher interacts (or doesn’t) with participants.

অসমৰ সত্ৰ সংস্কৃতিৰ চমু পৰিচয় 
শঙ্কৰদেৱ আৰু মাধৱদেৱে অসমৰ সমাজ-সংস্কৃতিলৈ আগবঢ়াই যোৱা এটি সৰ্বোৎকৃষ্ট অৱদান হ’ল সত্ৰ ব্যৱস্থা৷ মূলতঃ শঙ্কৰদেৱ আৰু মাধৱদেৱে নৱ-বৈষ্ণৱ ধৰ্মক কেন্দ্ৰ কৰি শঙ্কৰী যুগতে এই সত্ৰ প্ৰতিষ্ঠাৰ ধাৰণাটোৰ জন্ম দিছিল আৰু পৰৱৰ্তী সময়ত শংকৰ-মাধৱৰ শিষ্যই অসমৰ বিভিন্ন অঞ্চলত ভালেমান সত্ৰ প্ৰতিষ্ঠা কৰে৷ এইধৰণে শংকৰী যুগ আৰু উত্তৰ-শংকৰী যুগৰ সময়ছোৱাত (সত্যেন্দ্ৰনাথ শৰ্মাৰ যুগ বিভাজনৰ মতে প্ৰায়–১৪৯১পৰা ১৮৩০ ভিতৰত) প্ৰতিষ্ঠা কৰা এই সত্ৰানুষ্ঠানবোৰে আজি পৰ্যন্ত অসমৰ সমাজ ব্যৱস্থাক ভিন্ন ধৰণে প্ৰভাৱিত কৰি আহিছে৷ অসমৰ সকলোবোৰ সামাজিক-সাংস্কৃতিক আৰু ধৰ্মীয় অনুষ্ঠানবোৰৰ ভিতৰত সত্ৰ হৈছে নিসন্দেহে আটাইতকৈ অধিক জনাজাত অনুষ্ঠান৷

 অসমত নৱ বৈষ্ণৱ ধৰ্ম প্ৰৱৰ্তন কৰি সেই ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে শংকৰদেৱে প্ৰথমে বৰদোৱাত কীৰ্তন-ঘৰ সাজি ভক্তিৰ প্ৰথম খুটি মাৰি সত্ৰ আৰু নামঘৰৰ বীজ ৰোপণ কৰে৷ ‘‘বাৰভূঞাৰ শাসন শিথিল হৈ পৰাত ওচৰ-ঘৰীয়া কচাৰীসকলে আহুকাল কৰিবলৈ আৰম্ভ কৰিলে৷ ১৫১৬-১৭ খ্ৰীষ্টাব্দত শংকৰদেৱৰ নেতৃত্বত ভূঞাসকলে ব্ৰাহ্মণ আদি প্ৰজাৰে নিজ শাসন এৰি ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ আহোম ৰাজ্যত সোমায়, আৰু কেইবাঠাইতো ৰোৱাৰ পিছত মাজুলীৰ ধুঁৱাহাট বা বেলগুৰিত সত্ৰ পাতে৷’’১ 

বৰ্তমান অসমৰ হাজাৰখনতকৈও অধিক সংখ্যাৰ এই সত্ৰ অনুষ্ঠান মূলতঃ দুই শ্ৰেণীৰ– গৃহস্থী আৰু উদাসীন৷ ‘‘কেৱলীয়া গৃহস্থী সত্ৰবোৰ এখন গাঁৱৰ নিচিনা; কেৱলীয়া সত্ৰবোৰ সংসাৰ ত্যাগী, বৈৰাগী বা সন্ন্যাসত্ব গ্ৰহণ কৰা গুৰু শিষ্য সমন্বিতে গঠন কৰি লোৱা একোখন বিশিষ্ট সমাজ ৷ এই শ্ৰেণীৰ সত্ৰৰ সংখ্যা অতি কম– কেৱল কেইখনমানহে আছে, গৃহস্থী সত্ৰৰ সংখ্যই অধিক৷ কিন্তু বৈশিষ্ট্যৰ ফালৰ পৰা কেৱলীয়া বা উদাসীন সত্ৰবোৰৰ গুৰুত্ব অধিক৷’’২ 

সত্ৰ হৈছে অসমৰ জাতীয় জীৱনৰ অপৰিহাৰ্য অংগ ৷ ‘সত্ৰ’ শব্দৰ আভিধানিক অৰ্থ হ’ল অধিৱেশন, হোম যজ্ঞানুষ্ঠান, নিবাসস্থান৷ অসমত সত্ৰ শব্দটো বৈষ্ণৱ ধৰ্ম পালনাৰ্থে আৰু প্ৰচাৰাৰ্থে গুৰু-শিষ্য সমন্বিতে থকা কেন্দ্ৰ অৰ্থত ব্যৱহৃত হৈছে৷ ‘‘সত্ৰ অনুষ্ঠানৰ উৎপত্তি প্ৰথমতে কেতিয়া ক’ত আৰম্ভ হৈছিল তাৰ আঁত বিচাৰি চালে পোৱা যায় নৈমিষাৰণ্যত শৌণকাদি ঋষিসকলৰ আনুষ্ঠানিক পৰিৱেশৰ কথা৷ বিষ্ণুক্ষেত্ৰ নৈমিষাৰণ্যত শৌণকাদি ঋষিসকলে স্বৰ্গ প্ৰাপ্তিৰ কাৰণে সহস্ৰ বছৰ দিন ধৰি যি অনু্‌ষ্ঠান পাতি আছিল সেয়ে সত্ৰ৷’’৩

কেৱল অসমৰ ভিতৰতেই নহয়; উত্তৰ ভাৰতীয় ধৰ্মীয় অনুষ্ঠানবোৰৰ ভিতৰত আধ্যাত্মিক ভাৱ প্ৰকাশ আৰু মানৱতাবাদক গুৰুত্ব দিয়া একমাত্ৰ ধৰ্মীয় অনুষ্ঠানৰূপে সত্ৰসমূহে দাবী কৰিব পাৰে৷ সত্ৰবোৰত গুৰু শিষ্যৰ সমাহাৰ ঘটে৷ ‘সত্ৰ’ বুলিলে ধৰ্মকেন্দ্ৰীক অনুষ্ঠান হ’লেও ইয়াত নৱধা ভক্তিৰে ধৰ্ম-প্ৰসংগ কৰা আৰু জীৱক তৰণৰ পথ দেখুওৱাৰ লগতে সাহিত্য, সংগীত, নৃত্য, নাটক, স্থাপত্য, ভাস্কৰ্য-কলাসমূহৰ চৰ্চা আৰু অনুশীলন কৰা হয়৷ সত্ৰত পুৰুষসকলৰ অগ্ৰাধিকাৰ বেছি৷ বৰপেটা সত্ৰত মহিলাক প্ৰৱেশ কৰিবলৈ দিয়া নহয়৷ সেইদৰে অন্যান্য সত্ৰসমূহতো মহিলাৰ স্থান পুৰুষতকৈ নিম্ন৷ সেইদৰে সত্ৰত থকা ভকতৰ হাটীবোৰতো কেৱল পুৰুষসকলকহে ৰখা হয়৷ সত্ৰৰ সৈতে নামঘৰ, মণিকূট, ভকত থকা হাটী, ভঁৰালঘৰ, অতিথিশালা, কৰাপাত আদিৰ বিশেষ সম্পৰ্ক আছে৷

মহাপুৰুষ শঙ্কৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ পৰৱৰ্তী সময়ত অসমৰ বিভিন্ন ঠাইত সত্ৰ স্থাপন হৈছিল৷ অসমৰ সত্ৰসমূহ ৪ টা সংহতিত বিভক্ত৷ যেনে– 
[ক] ব্ৰহ্ম সংহতি 
[খ] পুৰুষ সংহতি 
[গ] কাল সংহতি   
[ঘ] নিকা সংহতি৷  

শঙ্কৰদেৱৰ আজ্ঞাপৰ ধৰ্ম প্ৰচাৰক দামোদৰদেৱে ‘ব্ৰহ্ম সংহতি’ পুৰুষোত্তম ঠাকুৰ আৰু চতুৰ্ভূজ ঠাকুৰে ‘পুৰুষ সংহতি’ ভৱানীপৰীয়া গোপাল আতাই ‘কাল সংহতি’, বদলা পদ্ম আতা আৰু মথুৰা দাস বুঢ়া আতাই ‘নিকা সংহতি’ৰ আৰ্হিত সত্ৰ প্ৰতিষ্ঠা কৰিছিল৷’’ মাজুলীক ‘সত্ৰ সংস্কৃতিৰ বৰঘৰ’ বুলি কোৱা হয়৷ মাজুলীত এটা সময়ত ৬৫৫ খন সত্ৰ আছিল বুলি বিভিন্ন গ্ৰন্থত উল্লেখ আছে৷ কিন্তু সাম্প্ৰতিক সময়ত প্ৰায় ৩৩ খন সত্ৰহে মাজুলীৰ বিভিন্ন ঠাইত অৱস্থিত হৈ আছে৷ ইয়াৰে কেইবাখনো সত্ৰই বৰ্তমান সময়তো বিশেষভাৱে অসমৰ সমাজ জীৱনক প্ৰভাৱিত কৰি আছে৷ মাজুলীৰ সত্ৰবোৰে বৰ্তমান অসমৰ পৰ্যটন উদ্যোগটোৰ বিকাশ আৰু প্ৰসাৰৰ ক্ষেত্ৰত অৰিহণা যোগাইছে৷ দুই এক সত্ৰত অসমৰ প্ৰাচীন সম্পদসমূহ সংগ্ৰহালয়ত সংগ্ৰহ কৰি পৰ্যটনৰ সুবিধা কৰি দিছে৷ সেইদৰে সত্ৰসমূহক কেন্দ্ৰ কৰি  বিদ্যায়তনিক দিশেৰে গৱেষণাৰ কাম-কাজ আৰম্ভ হৈছে৷ চামগুৰি সত্ৰৰ মুখা শিল্পই সমগ্ৰ বিশ্বত জনপ্ৰিয়তা লাভ কৰিছে৷ শঙ্কৰদেৱ আৰু মাধৱদেৱে সত্ৰসমূহ সাৰ্বজনীনভাৱে সকলো শ্ৰেণীৰ লোকৰ বাবে সৃষ্টি কৰিছিল যদিও সত্ৰৰ মাজত  উচ্ছ-নীচৰ ভাৱ এটা পৰিলক্ষিত হয়৷ অৱশ্যে বৰ্তমান সময়ত কিছু সত্ৰই জাতি-জনগোষ্ঠীসমূহকো কিছু কিছু ক্ষেত্ৰত সত্ৰীয়া সংস্কৃতিৰ সৈতে সম্পৰ্কীত হোৱা সুবিধা দিছে৷


মিচিং জনগোষ্ঠীৰ চমু পৰিচয় 
বৃহত্তৰ অসমীয়া সমাজ সংস্কৃতিক প্ৰতিনিধিত্ব কৰিব পৰা অসম ৰাজ্যৰ এটা প্ৰধান জনজাতি হ’ল মিচিংসকল৷ মিচিং শব্দৰ অৰ্থ হৈছে ‘মি’ [মানুহ], ‘য়াচিং’ [বগা বা ভাল] অৰ্থাৎ ভাল মানুহ বা বগা মানুহ৷ ভৌগোলিক অৱস্থান অনুসৰি মিচিংসকলক  আঠটা ফৈদত ভাগ কৰা হয়৷ সেইকেইটা হ’ল– চাঃয়াং বা চায়েঙ্গীয়া, অয়ান বা অয়েঙ্গীয়া, মাঃয়িং, দীলু বা তয়ুঃ তায়ে, পাগৰ, দামবুক, চামুগুৰীয়া আৰু তামাৰ ৷’’৪
বড়ো-কছাৰীসকলৰ পিছতেই অসমৰ ভৈয়াম জনজাতিসকলৰ ভিতৰত মিচিং জনগোষ্ঠীৰ নাম উল্লেখযোগ্য৷ মিচিংসকল মূলতে মংগোলীয় শ্ৰেণীৰ তিব্বতী শাখাৰ মানুহ৷ ভৈয়ামত আৰু পাহাৰৰ কাষত এই জনগোষ্ঠীৰ লোক বেছিকৈ থাকে৷ মিচিংসকলৰ গৃহ নিৰ্মাণ পদ্ধতি অন্যান্য জনগোষ্ঠীতকৈ কিছু পৃথক৷ তেওঁলোকে নৈ পাৰত চাংঘৰ সাজি গাঁও পাতি থাকে৷ মিচিংসকল প্ৰথমতে অসমৰ উত্তৰ-পূব ফালৰ পাহাৰত আছিল আৰু বৰ্তমান অৰুণাচলৰ চিয়াং জিলাত থকা ‘মিয়ং’ আৰু ‘দাম্‌ ৰ’ নামৰ দুই জাতিৰ পৰাই ফাটি আছে৷ অসমৰ ধেমাজি, তিনিচুকীয়া লখিমপুৰ, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, দৰং, শোণিতপুৰ, মাজুলী আদিত মিচিংসকলে প্ৰধানকৈ বসবাস কৰে৷  মিচিং সংস্কৃতিৰ সৈতে নৈৰ সম্পৰ্ক অধিক দৃঢ়৷ মিচিংসকল লোক-সংস্কৃতিত অতি বৰ্নাঢ্য৷ উৎসৱ-পাৰ্বণ, সাজপাৰ, অয়-অলঙ্কাৰ, বিভিন্ন লোক-বিশ্বাস, কৃষি-পদ্ধতি, পূজা, গৃহ নিৰ্মাণ কৌশল, লোক-সাহিত্য, নৃত্য-গীত আদিয়ে মিচিংসকলক এক সুকীয়া পৰিচিতি প্ৰদান কৰিছে৷ অসম ৰাজ্যত বসবাস কৰাৰ সময়ৰে পৰা এই জনজাতিৰ লোকসকলে অসম আৰু অসমীয়াৰ পৰিচয় প্ৰদান  কৰি আহিছে৷ মুঠতে ক’ব পাৰি যে এই লোকসকল অসমৰ সংস্কৃতি আৰু সভ্যতাৰ সৈতে বিশেষভাৱে সংপৃক্ত হৈ আছে৷ মিচিংসকলৰ ভাষাটো চীন-তিব্বতীয় শাখাৰ অন্তৰ্গত অসম বৰ্মী শাখাৰ অন্তৰ্গত এটি ভাষা৷ সাংস্কৃতিকভাৱে মিচিং জনগোষ্ঠী এটি সমৃদ্ধিশালী জাতি৷ তেওঁলোকৰ বহুতো উৎসৱ-পাৰ্বণ আছে ৷ সেইবোৰৰ ভিতৰত– আলি আঃয়ে লিগাং, পঃৰাগ,  মিদাং, দুগলা-লাঃনাম আদিৰ নামোল্লেখ কৰিব পাৰি৷

মিচিংসকল পোন প্ৰথমে পাহাৰৰ পৰা নামি আহি  ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰিছিল৷ মাজুলীতো বহুতো ঠাইত মিচিং জনগোষ্ঠীৰে ভৰি আছে৷ এই লোকসকলে মাজুলীৰ সামাজিক আৰু সাংস্কৃতিক দিশৰ লগতে সামগ্ৰিক সংস্কৃতিক বিশেষভাৱে সমৃদ্ধ কৰিছে৷ সেইদৰে সত্ৰ সংস্কৃতিৰ লগতো এই জনগোষ্ঠীসকলৰ সম্পৰ্ক অতি নিকটৱৰ্তী৷  মাজুলীৰ চৰ-চাপৰিবোৰত বা মথাউৰিৰ পাৰে-পাৰে তেওঁলোক বসবাস কৰে৷ সেইদৰে কৃষি, নৌকা পৰিবহণ, জীৱ-জন্তু-পালন, মাছ বিক্ৰী আদিয়েই তেওঁলোকৰ প্ৰধান জীৱিকা৷ মিচিং সম্প্ৰদায়ৰ মুষ্টিমেয় লোক বৰ্তমান সময়তো অৰ্ধ শিক্ষিত আৰু নিৰক্ষৰ; অৱশ্যে শিক্ষাৰ ক্ষেত্ৰত বৰ্তমান সময়ত কিছু পৰিমানে উন্নতি সাধন কৰিবলৈ সক্ষম হৈছে৷ সেইদৰে মিচিং জনগোষ্ঠীৰ প্ৰধান জীৱিকা হৈছে কৃষি-কৰ্ম৷ চাকৰিৰ ক্ষেত্ৰত কম সংখ্যকেহে নিজক প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে৷ গুৰুত্বপূৰ্ণ কথা যে অন্যান্য জনগোষ্ঠী তথা মিচিংসকলৰ বাবেও চাকৰিৰ ক্ষেত্ৰত ভাৰতীয় সংবিধানে আসন সংৰক্ষণ কৰি দিছে৷ ঊনবিংশ শতিকাৰ প্ৰথম স্তৰৰ পৰাই অন্যান্য জাতি জনজাতিৰ দৰে মিচিং জনজাতিৰ ক্ষেত্ৰটো নানা পৰিৱৰ্তন আহিছে৷ বিশেষকৈ তথ্য প্ৰযুক্তিৰ সম্প্ৰসাৰণ আৰু শিক্ষাৰ প্ৰসাৰে এই ক্ষেত্ৰত বিশেষভাৱে ভূমিকা গ্ৰহণ কৰিছে৷ সেইদৰে  মিচিংসকলৰ পৰম্পৰাগত ৰীতি-নীতি, আচাৰ ব্যৱহাৰ, খাদ্যাভ্যাষ, পোচাক পিন্ধাৰ ধৰণ আদিৰো বহুখিনি পৰিৱৰ্তন হৈছে৷

মাজুলীৰ সমাজ জীৱনৰ বিভিন্ন দিশত সত্ৰ সংস্কৃতিৰ¸ অৱদান 
নদীদ্বীপ মাজুলীক সত্ৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ বুলি অভিহীত কৰা হয়৷ ‘সত্ৰ’ মানে হ’ল– ‘সন্তসকলক ত্ৰাণ কৰা৷ মানুহৰ সমাজ জীৱন ঘাইকৈ সত্য সুন্দৰ আৰু ধৰ্মৰ ওপৰতে পৰিচালিত হৈ আছে৷ অৰ্থাৎ সকলো সত্যই সুন্দৰ আৰু সুন্দৰেই সত্য৷ এই গুণসমূহৰ দ্বাৰাই সত্ৰসমূহ পৰিচালিত হৈ আছে৷ য’ত সত্য আৰু ধৰ্মৰ চৰ্চা, য’ত সুন্দৰৰ আৰাধনা কৰা হয় সেয়াই ‘সত্ৰ’৷ এই সত্ৰ প্ৰতিষ্ঠা কৰাৰ মূল লক্ষ্য আছিল– ঈশ্বৰমুখী ভাৱ দৰ্শন, শৰীৰ আৰু আত্মাৰ উৎকৰ্ষ সাধন কৰা, দেহক ৰিপুসমূহৰ আগ্ৰাসনৰ পৰা মুক্ত কৰা, জীৱক আধ্যাত্মিক আৰু মানৱীয় মহানুভৱতাৰ শিক্ষা প্ৰদান কৰা৷

সাম্প্ৰতিক সময়ত মাজুলীতেই সত্ৰ সংস্কৃতি নিটোল ৰূপত বৰ্তি আছেগৈ৷ অসমৰ বিভিন্ন ঠাইত সত্ৰসমূহ আছে যদিও এইবোৰ সত্ৰই সত্ৰ সংস্কৃতিৰ মূল লক্ষ্য আৰু উদ্দেশ্যৰ পৰা বহু নিলগত অৱস্থান কৰিছে৷ সত্ৰসমূহৰ অৱস্থানে মাজুলীক অন্যান্য ঠাইৰ তুলনাত এক সুকীয়া পৰিচিতি প্ৰদান কৰিছে৷ মাজুলীক পৰ্যটন ক্ষেত্ৰ ৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰটো সত্ৰসমূহৰ প্ৰভাৱ অপৰিসীম৷ অন্যহাতে পৃথিৱীৰ বৃহত্তম নদীদ্বীপ বুলি বিশ্বৰ আগত মাজুলীৰ আন এক সুকীয়া পৰিচয় আছে৷ ইতিমধ্যে মাজুলীয়ে অসমৰ এখন জিলা হিচাপেও স্বীকৃতি লাভ কৰিছে৷ মুঠতে ক’ব পাৰি মাজুলীয়ে ইতিমধ্যেই এক স্বকীয় পৰিচয় বিশ্ববাসীৰ আগত গঢ়ি তুলিব পাৰিছে৷

মাজুলী সত্ৰীয়া সংস্কৃতিৰ স্নায়ুকেন্দ্ৰ৷ এই সত্ৰসমূহতে আছে শঙ্কৰ-মাধৱ গুৰু দুজনাৰ লগতে অন্যান্যসকলৰ অনুপম সৃষ্টি সাংস্কৃতিক সম্পদ৷ শঙ্কৰ-মাধৱৰ মনিকাঞ্চন সংযোগ ক্ষেত্ৰ ধুৱাহাট বেলগুৰি থানকে ধৰি মূলতে ৬৫ খন সত্ৰ মাজুলীত আছিল যদিও বিভিন্ন কাৰণত স্থানান্তৰিত হোৱাৰ পিছত সম্প্ৰতি মাজুলীত ৩৬ খন সৰু বৰ সত্ৰ আছে৷ এই সত্ৰমূহে ভাওনা, বৰগীত, সত্ৰীয়া নৃত্য, গায়ন-বায়ন আদিকে মুখ্য কৰি লোক পৰিৱেশ্য কলাসমূহৰ চৰ্চা কৰি আহিছে৷ ভাগৱত, নামঘোষা, কীৰ্ত্তন আদিকে মুখ্য কৰি সাঁচিপাতৰ বিভিন্ন পুথিলৈকে এই সত্ৰসমূহেই যথোচিত ভাৱে সংৰক্ষণ কৰি ৰাখিছে৷ ঠিক সেইদৰে সত্ৰসমূহে ভকতসকলক এক আধ্যাত্মিক দিশৰ প্ৰতি আকৃষ্ট কৰাৰ লগতে সত্ৰৰ হাটীবোৰত ভকত ৰখাৰ ব্যৱস্থাও কৰিছে৷ 

সামগ্ৰিকভাৱে বৈষ্ণৱ ধৰ্মৰ মূল আদৰ্শবোৰ বৰ্তাই  ৰাখিছে সত্ৰসমূহে৷ যদিও সত্ৰৰ সংহতি বিভাজনে সত্ৰবোৰৰ মাজতেই কিছু বিভেদ সৃষ্টি কৰিছে আৰু পৰম্পৰা বা ৰীতি-নীতিৰ পৰিৱৰ্তন সাধন কৰি লৈছে, তথাপিও এনে পৰম্পৰা আৰু ৰীতি-নীতিৰ মাজতেই সংপৃক্ত হৈ আছে অসমৰ সামাজিক জীৱন পদ্ধতি৷ সংসাৰৰ মায়া মোহ সম্পূৰ্ণৰূপে পৰিত্যাগ কৰি কেৱল ঈশ্বৰ উপাসনাৰ মাজেৰেই জীৱন অতিবাহিত কৰা ‘কেৱলীয়া ভকত’ৰ যি পৰম্পৰা কিছু কিছু সত্ৰৰ মাজত আজি পৰ্যন্ত বৰ্তি আছে; এনে পৰম্পৰাও সাধাৰণ মানুহৰ বাবে পৰম কৌতুহ’লৰ বিষয়৷  তদুপৰি সত্ৰ বা নামঘৰবোৰৰ এক মহৎ দিশ হ’ল– ইয়াত কোনো দেৱতাক পূজা কৰা নহয়৷ সত্ৰৰ মণিকূটৰ আসনত কেৱল ধৰ্মীয় গ্ৰন্থ প্ৰতিষ্ঠা কৰা হয়৷ মাত্ৰ দুই এখন সত্ৰতহে শঙ্কৰদেৱে প্ৰথমবাৰ তীৰ্থ ভ্ৰমণ কৰি আহি মূৰ্তি স্থাপন কৰিছিল ৷ অৱশ্যে তেওঁ জীৱনৰ শেষৰফালে নৱ বৈষ্ণৱ ধৰ্মৰ পৰামূৰ্তি পূজাৰো বিলুপ্তি সাধন কৰে৷ 

সত্ৰৰ আন এটি গুৰুত্বপূৰ্ণ কৰ্ম হ’ল ‘শৰণ দিয়া প্ৰথা’৷ এই প্ৰথাৰ দ্বাৰা ভকতক আধ্যাত্মিক শিক্ষাৰে শিক্ষিত কৰি গুৰুমুখী কৰি তোলা হয়৷ অসম আৰু বিভিন্ন ৰাজ্যত সত্ৰই শৰণ দিয়া ভকত আছে৷ এই ভকতসকলে সত্ৰত কৰ-কাটল আৰু দান-দক্ষিণা কৰে৷ এইবোৰৰ পৰাই সত্ৰৰ আৰ্থিক দিশটো টনকিয়াল কৰা হয়৷ উল্লেখ্য যে সত্ৰত জাতি-ধৰ্ম বৰ্ণ নিৰ্বিশেষে শৰণ ল’ব পাৰে৷  সত্ৰ সম্পৰ্কীয় এটি ধাৰণা দিবৰ বাবে প্ৰদত্ত আলোচনাত মাজুলীৰ কেইখনমান প্ৰতিনিধিত্বমূলক সত্ৰৰ সামাজিক অৱদান সম্পৰ্কে চমুকৈ আলোচনা কৰা হ’ল–

বৰ্তমান সময়তো বলিষ্ঠভাৱে প্ৰভাৱ বিস্তাৰ কৰি থকা মাজুলীৰ এখন সত্ৰ হ’ল– ‘আউনীআটী সত্ৰ’৷ এইখন সত্ৰ ব্ৰহ্ম সংহতিৰ অন্তৰ্গত৷ সত্ৰৰ মূল উপাস্য দেৱতা গোৱিন্দ মহাপ্ৰভূ৷  তদুপৰি বংশীমদন, ভূৱন মোহন আৰু বাসুদেৱকো এই সত্ৰত উপাসনা কৰা হয়৷ এই সত্ৰৰ সত্ৰাধিকাৰ সহিতে বৈষ্ণৱসকল উদাসীন৷ এই সত্ৰক ‘ৰজাঘৰীয়া সত্ৰ’ বুলিও কোৱা হয়৷ 
 
শ্ৰী শ্ৰী আউনীআটী সত্ৰ নাট্য সাহিত্যত চহকী৷ সত্ৰৰ বহুকেইজন সত্ৰাধিকাৰে বহুকেইখন গুৰুত্বপূৰ্ণ নাটক ৰচনা কৰি থৈ গৈছে৷ এই সত্ৰতেই শ্ৰী শ্ৰী দত্তদেৱ গোস্বামীয়ে ‘ধৰ্মপ্ৰকাশ যন্ত্ৰ’ আনি ১৮৭১ খ্ৰীঃত ‘আসাম বিলাসিনী’ নামৰ সংবাদ পত্ৰ প্ৰকাশ কৰিছিল৷ মাজুলীৰ সত্ৰবোৰৰ ভিতৰত আউনীআটী সত্ৰৰ প্ৰভাৱ কিছু কিছু ক্ষেত্ৰত বেছি৷ ‘‘এই সত্ৰৰ বৰ্তমান সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীয়েও বহু কেইখন অমূল্য গ্ৰন্থ প্ৰকাশ কৰিছিল৷ তাৰ ভিতৰত– মহামোহ নাটক, চীনৰ লিজিয়াঙত [ভ্ৰমণ সাহিত্য], আলোড়িত হৃদয়ৰ শব্দ [কবিতা], নাট্যগীত তৰঙ্গিনী [নৃত্য নাটিকাৰ সংকলন], ভাগৱতদৰ্পণ ইত্যাদি৷ আউনীআটী সত্ৰই সাংস্কৃতিক, সাহিত্য ক্ষেত্ৰখনতো বহুতো বৰঙণি যোগাইছে৷ শিক্ষাৰ ক্ষেত্ৰখনতো পঞ্চদশ সত্ৰাধিকাৰে অসমৰ বিভিন্ন অঞ্চলত বিদ্যালয় প্ৰতিষ্ঠা কৰি বহুতো অনুষ্ঠানলৈ বৃত্তীয় সাহাৰ্য আগবঢ়াই উদাৰতাৰ ভাৱ প্ৰকাশ কৰিছিল৷ এইখন সত্ৰত এখন সংস্কৃত টোল আৰু বিদ্যালয় আছে৷ বৰ্ত্তমান সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীয়ে বিশ্বদৰবাৰত ভাওনাক প্ৰতিষ্ঠা কৰিবৰ বাবে ২০০৬ চনৰ পৰা দুবছৰৰ অন্তৰে অন্তৰে ভাওনা সমাৰোহ উদ্‌যাপিত কৰি আহিছে৷ তেখেতে বিভিন্ন সময়ত  মাজুলীত অসমৰ তথা ভাৰতৰ বিভিন্ন ৰাজ্যৰ দুৰ্যোগৰ সময়ত সহায়ৰ হাত আগবঢ়াই আহিছে৷ ২০০৮ চনত মাজুলীত হোৱা প্ৰলয়ংকাৰী বানত বিধস্ত হোৱা ৰাইজক খাদ্য-সামগ্ৰী, বস্ত্ৰদান আৰু গুজৰাটৰ ভূমিকম্পৰ দুৰ্গতজনৰ বাবে সহায়ৰ হাত আগবঢ়াইছে৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সংস্কৃত বিষয়ত অসমৰ ভিতৰত সৰ্বোচ্ছ নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীক ২০০০ চনৰ পৰা স্বৰ্ণপদক প্ৰদান কৰি আহিছে ৷’’৫
মাজুলীৰ আন এখন উল্লেখযোগ্য সত্ৰ হ’ল ‘উত্তৰ কমলাবাৰী সত্ৰ’৷ এইখন সত্ৰ ধৰ্ম, সাহিত্য, সংস্কৃতি তথা সত্ৰীয়া সংস্কৃতি চৰ্চাৰ বাবে  ভাৰত বিখ্যাত৷ এইখন সত্ৰই বিদেশত অসমীয়া সত্ৰ সংস্কৃতি প্ৰসাৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে৷ ‘‘সত্ৰখনত শংকৰদেৱ, মাধৱদেৱে আৰু বদলা পদ্ম আতাৰ হস্তাক্ষৰ পুথি, শংকৰদেৱৰ জাপ্য মালা, গুৱা ভোজন কৰা সফুঁৰা, পদ্ম আতাৰ ভোজনৰ বাতি ইত্যাদি সংৰক্ষিত হৈ আছে৷ এই  সত্ৰত সত্ৰাধিকাৰ জনাদ্দৰ্ন দেৱ গোস্বামীদেৱে মাজুলী তথা অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত হোৱা ‘ডাইনী’ অন্ধবিশ্বাসৰ প্ৰতি হোৱা সংঘৰ্ষত সহায়ৰ হাত আগবঢ়াইছে৷ বৰ্তমান সত্ৰই দুখনকৈ এম্বুলেঞ্চ গাড়ীৰে মাজুলীৰ বিভিন্ন প্ৰান্তত প্ৰতিটো মাহৰ শেষৰ ৰবিবাৰত ডায়বেট্ৰিছ  আৰু উচ্ছ ৰক্তচাপৰ বিনামূলীয়া পৰীক্ষা কৰা তথা সেৱা আগবঢ়াইছে৷  ২০০৬ চনৰ পৰা সত্ৰই অসমৰ শিশুসকলৰ বিকাশৰ বাবে প্ৰতিবছৰে শিশু সংস্কাৰ শিৱিৰ আয়োজন কৰি শিশুসকলক সু-সংস্কৃত কৰি তুলিবলৈ যত্ন কৰিছে৷ উত্তৰ কমলাবাৰী সত্ৰই ২০১৫ বৰ্ষৰ পৰা ৰাস উৎসৱত চাৰি দিনীয়াকৈ প্ৰায় ২০,০০০ ৰাস দৰ্শনাৰ্থীক বিনামূলীয়াকৈ অন্নদান কৰাৰ লগতে ৫০০ দৰ্শনাৰ্থীক  বিনামূলীয়াকৈ আৱাসৰ  ব্যৱস্থা কৰি মানৱ সেৱা কৰি আহিছে ৷’’৬ 

মাজুলীৰ আন এখন গুৰুত্বপূৰ্ণ সত্ৰ হ’ল ‘দক্ষিণপাট সত্ৰ’৷ আহোম ৰাজ শাসনৰ বহু মূল্যৱান সা-সম্পদ এই সত্ৰত আছে৷ ‘‘এই সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱ গোস্বামীয়ে ধৰ্মীয় দিশত সমাজৰ শিষ্য, প্ৰশিষ্যসকলৰ মাজত বিশেষ ভাৱে গুৰুত্ব প্ৰদান কৰি আহিছে৷ তেওঁলোকৰ মাজত ধৰ্ম প্ৰচাৰ কৰি সমাজখনক সংস্কাৰিত কৰি তুলিছে৷ জাতি-বৰ্ণ নিৰ্বিশেষে তেখেতে ইমূৰৰ পৰা সিমূৰলৈ ‘আয়ুস’ নামৰ এক অনুষ্ঠানৰ যোগেদি লোকসকলক ধৰ্মৰ প্ৰতি আকৰ্ষিত কৰি তুলিছে৷ অসমৰ বিভিন্ন প্ৰান্ততগৈ ধৰ্ম; সাহিত্য-কলা সংস্কৃতিৰ জৰিয়তে ভিন্ন ‘আয়ুস’ সমিতি গঠন কৰাই যুৱক-যুৱতীসকলক ধৰ্মৰ জ্ঞান বিলাবলৈ সক্ষম হৈছে ৷’’৭

‘গড়মুৰ সত্ৰ’ ১৬৫৬ চনতেই প্ৰতিষ্ঠা হয়৷ অসমৰ সমাজ জীৱনলৈ এই সত্ৰৰ অৱদান বিশেষভাৱে উল্লেখযোগ্য৷ ‘‘এইখন সত্ৰৰে সত্ৰাধিকাৰ বিপ্লৱী ধৰ্মগুৰু পীতাম্বৰ দেৱগোস্বামীয়ে কেৱল সত্ৰাধিকাৰ আসনতে বহি নাথাকি সমাজৰ বিভিন্ন স্তৰলৈ গৈ সামাজিক, সাংস্কৃতিক আৰু ধৰ্মীয় সংস্কাৰ অনাত বিশেষ অৰিহণা যোগাইছিল৷ মহাত্মা গান্ধীৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ এইজন সত্ৰাধিকাৰে বিদেশী বস্ত্ৰ  আৰু লগতে নিমখ ত্যাগ কৰি আত্মনিৰ্ভৰশীল হ’ব পৰাকৈ বস্ত্ৰ আৰু বস্ত্ৰাদি প্ৰস্তুত কৰা কাৰ্যৰো গুৰি ধৰিছিল৷ সমাজ সংস্কাৰত অৰিহণা যোগোৱা মানৱ শিক্ষাৰ বাবে স্কুল প্ৰতিষ্ঠা কৰাটো তেওঁৰ মহান আদৰ্শ আছিল৷ নৱ প্ৰজন্মই শিক্ষা গ্ৰহণ কৰিব পৰাকৈ তেওঁ গড়মূৰ সত্ৰত গোপালদেৱ আশ্ৰম, জাঁজীত সাৰস্বত বিদ্যালয় আৰু বহুকেইখন বিদ্যালয় প্ৰতিষ্ঠা কৰে৷ শেহতীয়াকৈ গড়মূৰ পীতাম্বৰ দেৱ কণিষ্ঠ মহাবিদ্যালয়, গড়মূৰ পীতাম্বৰ দেৱ মহাবিদ্যালয়, শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী পুথিভঁৰাল আদি তেওঁৰ কৰ্মৰ যোগেদি আজিৰ জনসাধাৰণে তেওঁৰ নামত নামকৰণ কৰিছে ৷’’৮

‘চামগুৰি সত্ৰ’ প্ৰতিষ্ঠা হয় ১৬৬৩ চনত৷ অসমৰ শিল্প কলাৰ দিশটোত এই সত্ৰৰ যথেষ্ট অৱদান আছে৷ ‘‘চামগুৰি সত্ৰৰ মুখা শিল্পই সত্ৰৰ ঐতিহ্য বহন কৰি আহিছে৷ এই শিল্পৰ মুখা শিল্পৰ চৰ্চা পৰম্পৰা তিনিশ বছৰৰো অধিক পুৰণি৷ সত্ৰীয়া-সংস্কৃতি আৰু কলাৰ পৰম্পৰা ৰক্ষা কৰাই হৈছে এইখন সত্ৰৰ প্ৰধান বৈশিষ্ট্য৷ বৰ্তমান সময়ত ডেকা সত্ৰাধিকাৰ হেমচন্দ্ৰ গোস্বামীয়ে মুখা শিল্পক বিশিষ্টতা আৰু নতুনত্ব প্ৰদান কৰিছে৷ চামগুৰি সত্ৰত শিলত কটা ভাস্কৰ্য, জয়-বিজয় আৰু নৰসিংহ এতিয়াও বিদ্যমান আৰু বহুমূলীয়া সাঁচিপাতৰ পুথি আৰু নাটক এতিয়াও সংৰক্ষিত হৈ আছে৷ হেমচন্দ্ৰ গোস্বামীয়ে নিৰ্মাণ কৰা মুখা লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামত সংৰক্ষণ হৈ আছে৷ তেওঁ হাতৰ যাদুৰে মুখাসমূহত নতুন কলা-কৌশল খটুৱাই মুখাবোৰৰ চকু, নাক, কান, মুখ আদিবোৰ সঞ্চালন কৰিব পৰাকৈ আৰু আধুনিক সময়ৰ লগত মিলিব পৰাকৈ সক্ষম কৰি তুলিছে৷ গোস্বামীয়ে মুখাৰেই অঙ্কীয়া ভাওনা বিভিন্ন ঠাইত মঞ্চস্থ কৰিছে৷ তেওঁৰ প্ৰচেষ্টাতেই মাজুলীৰ একাংশ নৱ-প্ৰজন্মই মুখা শিল্পক আৰ্থিক স্বাৱলম্বনৰ পথ হিচাপে গ্ৰহণ কৰিছে৷’’৯
শেহতীয়াকৈ হেমচন্দ্ৰ গোস্বামীয়ে নিজৰ কৰ্ম সাধনাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ‘ডক্টৰেট ডিগ্ৰী’ লাভ কৰিছে৷ মুখা শিল্পক দেশ বিদেশত প্ৰসাৰ লাভ কৰোঁৱাত এইজনা সত্ৰাধিকাৰৰ যথেষ্ট অৱদান আছে৷ তেওঁ দেশী-বিদেশী লোকক মুখা শিল্পৰ শিক্ষা দিছে৷ তেওঁ জনগোষ্ঠীসমূহকো বিশেষ মৰ্যাদা দিছে আৰু জনগোষ্ঠীয় লোকসকলকো মুখা শিল্পৰ শিক্ষা দিছে৷  ইয়াৰোপৰি অন্যান্য কিছু সত্ৰই অসমীয়া সমাজ, সভ্যতা আৰু সংস্কৃতিলৈ বিশেষ বৰঙণি আগবঢাইছে৷ অৱশ্যে দুই এখন সত্ৰ বৰ্তমান সময়ত নামতহে জীয়াই আছে৷ 


জনগোষ্ঠীয় সমাজত সত্ৰ সংস্কৃতিৰ প্ৰভাৱ 
মাজুলী বিভিন্ন জাতি-জনগোষ্ঠীৰে সমৃদ্ধ এখন ঠাই৷ মাজুলীৰ সত্ৰ সংস্কৃতিয়ে এই জাতি-জনগোষ্ঠীসমূহক এক কৰি ৰাখিছে৷ মাজুলীত মিচিং জনগোষ্ঠীলোকৰ সংখ্যাই সৰ্বাধিক৷ অৱশ্যে ঠায়ে ঠায়ে সোণোৱাল কছাৰী, দেউৰী আদি  জনগোষ্ঠীয় সম্প্ৰদায়ো আছে৷ এই জনগোষ্ঠীয় লোকসকলে নিজৰ সমাজ-সংস্কৃতিৰ বহুতো অংগ পৰিত্যাগ কৰি সত্ৰ সংস্কৃতিৰ লগতে বিলীন হৈ গৈছে৷ 

মাজুলীৰ মিচিং জনগোষ্ঠীসকলৰ ধৰ্মীয়, সামাজিক, সাংস্কৃতিক আদি দিশবোৰত সত্ৰসমূহে বিশেষ প্ৰভাৱ বিস্তাৰ কৰিছে৷ মিছিংসকলে মাজুলীৰ বিভিন্ন ঠাইত গাঁও পাতি বসবাস কৰি আছে৷ তেওঁলোকৰ এই গাঁওবোৰত বৰ্তমান মূৰং ঘৰতকৈয়ো নামঘৰহে বেছিকৈ দেখা যায়৷ তেনেদৰে তেওঁলোকৰ বহুতো মানুহে সত্ৰত শৰণ লৈছে৷ এই জনগোষ্ঠীৰ লোকসকলে অঙ্কীয়া ভাওনা পাতে৷ ভাগৱত পাঠ কৰে৷ গায়ন-বায়ন বা সত্ৰীয়া নৃত্যও তেওঁলোকে জানে৷ সত্ৰৰ ৰীতি-নীতিমতেই জনগোষ্ঠীয়সকলে ধৰ্মীয় কাৰ্য পালন কৰে৷ সেইদৰে সত্ৰসমূহৰ কৰ-কাটলো দিয়ে৷ উচ্ছ সম্প্ৰদায়ৰ ব্যক্তিসকলে যদিও জনগোষ্ঠীয় সমাজত সত্ৰৰ প্ৰভাৱ ইতিবাচক বুলি উল্লেখ কৰে; বাহিৰৰ পৰা চালে সত্ৰ সংস্কৃতিয়ে জনগোষ্ঠীয় লোকক বেছ আদৰ-মৰমৰে ৰাখিবলৈ চেষ্টা কৰা যেন লাগিলেও কিন্তু জনগোষ্ঠীয় লোকসকলে জনগোষ্ঠীয় সমাজবোৰত সত্ৰ সংস্কৃতিৰ প্ৰভাৱ সম্পৰ্কত ধাৰণা কৰা অনুভৱবোৰ কিছু বেলেগ৷ 

মাজুলীৰ এজন সমাজসেৱক উমাকান্ত টাকুৱে মিচিং সমাজত সত্ৰ সংস্কৃতিৰ প্ৰভাৱ সম্পৰ্কে এনেদৰে কৈছিল–‘‘জনগোষ্ঠীয় সমাজত সত্ৰ সংস্কৃতিৰ প্ৰভাৱ বৰ এটা ইতিবাচক বুলি ক’ব নোৱাৰি৷ এতিয়াও জনগোষ্ঠীসমূহৰ পৰিচয় বুজাবলৈ ভাষিক অসমীয়াসকলে বিভিন্ন নেতিবাচক শব্দ ব্যৱহাৰ কৰে৷ সত্ৰসমূহে এতিয়াও বহুতো ৰীতি-নীতি আগৰ দৰেই ধৰি ৰাখিছে৷ অৱশ্যে শঙ্কৰ-মাধৱদেৱৰ আদৰ্শৰাজী সত্ৰসমূহে ধৰি ৰাখিব পাৰিছে নে নাই সেইয়া ভাবিবলগীয়া বিষয়৷ একাংশ সত্ৰ কেৱল ধৰ্মীয় পৰম্পৰা আৰু ৰীতি-নীতিৰ ঠেক গণ্ডীৰ মাজত সীমাবদ্ধ৷ সেয়েহে তেওঁলোকে বহু সময়ত জনগোষ্ঠীয় লোকসকলক মূল্য দিব নিবিচাৰে৷ জনগোষ্ঠীসমূহক সত্ৰসমূহে হীন দৃষ্টিৰে চাই৷ মিচিং জনগোষ্ঠীসমূহে সত্ৰসমূহক যিমান আন্তৰিকতাৰে গ্ৰহণ কৰে; সত্ৰসমূহে কিন্তু তেনেদৰে নকৰে৷’’১০

জনগোষ্ঠীয় সমাজত সত্ৰৰ প্ৰভাৱ সম্পৰ্কত মাজুলীৰ আন এজন সমল ব্যক্তি তুলসী ৰাজখোৱাৰ বক্তব্যৰ সাৰাংশ আছিল এনেধৰণৰ–‘‘সত্ৰানুষ্ঠান বুলিলেই আমাৰ মনলৈ ধৰ্মীয় অনুষ্ঠানৰ কথাহে  আহে৷ কিন্তু সত্ৰ সামাজিক অনুষ্ঠান হোৱা উচিত৷ সত্ৰসমূহে এটা সময়ত বহুতো পৰম্পৰা মানি চলিছিল যদিও বৰ্তমান সময়ত বহু সত্ৰ উদাৰ হ’বলৈ শিকিছে৷ সত্ৰসমূহ বহু পৰিমানে বান্ধোনৰ মাজত আৱদ্ধ হৈ থাকিব লাগে কিন্তু বৰ্তমান সত্ৰৰ ধৰ্মীয় গোড়ামি বহু পৰিমানে কমি আহিছে৷ বৰ্তমান সময়ত জনগোষ্ঠীৰ লোকসকলকো সত্ৰসমূহে আকোঁৱালি লৈছে৷ মাজুলীৰ জনজাতীয় লোকসকল কম-বেছি পৰিমাণে বিভিন্ন সত্ৰৰ শিষ্য৷ মাজুলীৰ সোণোৱাল কছাৰীসকল আউনীআটী সত্ৰৰ লগত বিশেষভাৱে জড়িত৷ জনগোষ্ঠীৰ লোকসকলেও ভাওনা, গায়ন-বায়ন, সত্ৰীয়া নৃত্য, ভাগৱত পাঠ আদি সুন্দৰ ৰূপত অনুষ্ঠিত কৰি আহিছে৷ তেওঁলোকৰ প্ৰায়ভাগ গাঁৱতে নামঘৰ আছে৷ তেওঁলোকেও হৰিনাম লয়৷ সত্ৰৰ নিৰ্মালি গ্ৰহণ কৰে৷ বিপ্লৱী ধৰ্মগুৰু পীতাম্বৰ দেৱ গোস্বামীয়ে ১৯৩১ চনতেই মিছিং জনগোষ্ঠীসকলক সত্ৰীয়া সংস্কৃতিৰ অন্তৰ্গত কৰিবলৈ গোহাৰি পত্ৰ প্ৰকাশ কৰিছিল৷ গোস্বামীৰ মতে মিচিংসকল অনাৰ্য নহয়৷ তেওঁলোকো সত্ৰীয়া সমাজ-সংস্কৃতিৰে অন্তৰ্গত মানুহ৷ কিছু সদাচাৰ পালন কৰি মিচিংসকলো সত্ৰৰ কাম-কাজৰ লগত সম্পৰ্কীত হ’ব পাৰে৷ সত্ৰই ধৰ্মীয় উদাৰতাৰ চিন স্বৰূপে ইতিমধ্যে জেংৰাইমুখত ‘বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়’ প্ৰতিষ্ঠা কৰিছে৷’’১১

মাজুলীৰ মিচিং জনবসতিপূৰ্ণ এখন গাঁও হৈছে তামুলনি গাঁও৷ এই গাঁৱৰ মানুহবোৰে তেওঁলোকৰ সমাজত সত্ৰ সংস্কৃতিৰ প্ৰভাৱ সম্পৰ্কত দুই ধৰণৰ মন্তব্য কৰিছিল৷ একাংশৰ মতে তেওঁলোকে সত্ৰবোৰৰ পৰা বিচৰা মতেই সকলোবোৰ পাইছে৷ আন একাংশৰ মতে সত্ৰই জনগোষ্ঠীয় লোকসকলক অৱহেলা কৰিছে৷ সত্ৰই মিছিংসকলক অৱহেলা কৰাৰ বাবেই জেংৰাইমুখ অঞ্চলত একাংশ মিচিং সম্প্ৰদায়ৰ লোকে খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰকৰণ হৈছিল বুলি সেই গাঁৱৰ ৰত্নেশ্বৰ হাজৰিকাই মন্তব্য কৰিছিল৷  
তামুলনি গাঁৱৰ ৰত্নেশ্বৰ হাজৰিকাই কয় যে– ‘‘সত্ৰসমূহৰ পৰা বিভিন্ন সময়ত মিচিং গাঁওবোৰলৈ ভকতসসকল আহে আৰু মিচিং লোকসকলক গায়ন-বায়ন শিকায়৷ তেওঁলোকে নামঘৰত ভাওনা, ভাগৱত পাঠ আদি অনুষ্ঠিত কৰে৷ সত্ৰত মিচিংসকলে শৰণ লৈছে, সত্ৰত একাংশই কৰ-কাটল দিয়ে৷  বৰ্তমান সময়ত মিচিং ডেকাই ভাষিক অসমীয়াসকলৰ ছোৱালীক বিয়া কৰাইছে৷’’১২ 

সেইদৰে ভাষিক অমসীয়াসকলৰ দুই এজনে মিচিং গাভৰুৰ লগত বিবাহপাশত আবদ্ধ হৈছে৷ তামোলনী গাঁৱত মুৰং ঘৰ নাই কিন্তু এটা নামঘৰ আছে৷ ইয়েই প্ৰমাণ কৰে যে মিচিংসকলে সত্ৰ সংস্কৃতিক কিমান আন্তৰিকতাৰে গ্ৰহণ কৰিছে৷ এই প্ৰসংগত জীৱন দলেই কয় যে–‘‘আমাৰ মানুহখিনিয়ে নিজৰ ইচ্ছা অনুসৰি বিভিন্ন সত্ৰত শৰণ লয়৷ তাৰ ভিতৰত ভোগপুৰ সত্ৰ, আউনীআটী সত্ৰ, গড়মুৰ সত্ৰ, বেঙেনাআটী সত্ৰ আদিত বেছিকৈ শৰণ লয়৷ আমি সত্ৰৰ ভকতসকলক কিবা আহাৰ দিলে তেওঁলোকে সেই খাদ্য গ্ৰহণ নকৰে৷ কিন্তু আমাৰ মানুহ সত্ৰলৈ গ’লে তেওঁলোকে জা-জলপান, প্ৰসাদ আদি দিয়ে, আমাৰ মানুহে খায়৷ আমাক জনজাতীয় লোক বুলি ভবাতকৈ মানুহ বুলি ভাবিলেহে বেছি ভাল পাওঁ৷ সকলো মিলিজুলি থাকিব লাগে; তেতিয়াহে আমাৰ গোটেই মাজুলীখনৰ বাবেই ভাল কথা হ’ব৷’’১৩
তামোলনী গাঁৱৰ জয়ন্ত দলেই কয় যে–‘‘আমি সত্ৰবোৰে যি দিছে তাতে সন্তুষ্ট আছোঁ৷ আমি সত্ৰত শৰণ লৈছোঁ৷ আমাৰ নামঘৰলৈ সত্ৰৰ মানুহ কেতিয়াবা আহে৷ আমি প্ৰসাদ দিলে অৱশ্যে নাখায়৷ আমিও মাজে সময়ে সত্ৰলৈ যাওঁ৷’’১৪ 

আমাৰ প্ৰশ্নত সোধা হৈছিল যে সত্ৰৰ মানুহে আপোনালোকক অস্পৃশ্য বুলি ভাবে নেকি? উত্তৰত তেওঁলোকে কোনো কথা ক’ব পৰা নাছিল৷  আচলতে মিচিং জনগোষ্ঠীৰ লোকসকল অৰ্ধশিক্ষিত আৰু সমাজৰ তাত্ত্বিক কথাবোৰ তেওঁলোকে বুজিয়েই নাপয়৷ সহজ-সৰল মানুহখিনিয়ে সত্ৰৰ পৰা এসময়ত ইমানেই অনাদৃত হ’ল যে বৰ্তমান সত্ৰৰ মানুহে তেওঁলোকক কিছু ভাল চকুৰে চালেও সেইয়াই তেওঁলোকৰ বাবে পৰ্যাপ্ত বুলি ভাৱে৷ মিচিংসকলৰ সমাজত সত্ৰৰ প্ৰভাৱ সম্পৰ্কত পদ্মধৰ দলেই কয় যে–‘‘সত্ৰৰ মানুহবোৰে এতিয়া অৰ্থৰ বাবেহে শৰণ দিছে৷ তেওঁলোকৰ একাংশ ভকতে নীতি-নিয়ম মানি ৰাখিব পৰা নাই৷’’১৫
 
পদ্মধৰ দলেৰ বক্তব্যত সত্ৰৰ প্ৰতি ক্ষোভ দেখা গৈছিল৷ অন্যহাতে তামুলনী গাঁৱৰ ঘনকান্ত দলে, বক্সিৰাম দলে আদিয়ে সত্ৰই তেওঁলোকৰ জীৱনত কেনেদৰে প্ৰভাৱ পেলাইছে, সেই সম্পৰ্কে চিন্তা কৰি কোনো যথাযোগ্য উত্তৰ দিব পৰা নাছিল৷মাজুলীৰ লোকসকলে আজিলৈকে সত্ৰৰ ৰীতি-নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে নেকি বুলি প্ৰশ্ন কৰা হৈছিল৷ সেই প্ৰশ্নৰ উত্তৰত ৰমেন গামে কৈছিল যে–‘‘সত্ৰৰ মানুহখিনিয়ে জনগোষ্ঠীয়সকলক গুৰুত্ব নিদিয়াত জেংৰাইমুখ অঞ্চলৰ একাংশ মিচিং জনগোষ্ঠীৰলোকে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে৷ জেংৰাইমুখত খ্ৰীষ্টান ধৰ্ম লোৱাৰ বাবেহে সত্ৰসমূহৰ মাজত সজাগতাৰ সৃষ্টি হয় আৰু তেতিয়াৰে পৰা তেওঁলোকে কিছু কিছু ক্ষেত্ৰত উদাৰতা দেখুৱাবলৈ লয়৷’’১৬

সত্ৰত ৰাস পাতিলে মিচিং জনগোষ্ঠীৰ বহুতো লোকে ৰাস চাবলৈ যায়৷ সেই সময়ত সত্ৰৰ কাষত গঢ়ি উঠা বজাৰবোৰত মিচিং জনগোষ্ঠীৰ একাংশয়ো দোকান দিয়ে৷ সেইদৰে বহু কেইখন মিচিং জনগোষ্ঠীৰ গাঁও একেলগ হৈ তেওঁলোকেও ৰাস বা ভাওনা আদি অনুষ্ঠিত কৰে৷  ঘনকান্ত দলেই কথাৰ প্ৰসংগত কয় যে–‘‘সত্ৰৰ সত্ৰাধিকাৰ আৰু ভকতসকলে আমাক একে মাজুলীৰ মানুহ বুলি গুৰুত্ব দিয়াটা বিচাৰোঁ৷ বিধায়ক বা মন্ত্ৰী, মিনিষ্টাৰ আহিলে তেওঁলোকৰ জাত, ধৰ্ম বিচাৰ নকৰাকৈয়ে সত্ৰসমূহত আগস্থান দিয়া হয়৷ কিন্তু সাধাৰণ মানুহখিনিৰ ক্ষেত্ৰতহে তেওঁলোকে ৰীতি-নীতিবোৰ বেছিকৈ দেখুৱায়৷’’১৭
 শিক্ষিত ব্যক্তি বিৰেণ চন্দ্ৰ দলেই কয় যে–‘‘সত্ৰৰ মানুহখিনিয়ে জনগোষ্ঠীয় গাঁৱৰ লগত বিশেষ সম্পৰ্ক নাৰাখে৷ মাত্ৰ জনগোষ্ঠীৰ মানুহবোৰ সত্ৰলৈ শৰণ ল’বলৈ গ’লে শৰণহে দিয়ে৷ তাৰ পিছত সেই শিষ্যসকলৰ খা-খবৰ সত্ৰবোৰে নলয়৷ কিছু কিছু ক্ষেত্ৰত উচ্ছ-নীচ হিচাপে চোৱাৰ প্ৰৱনতা এতিয়াও আছে৷ সত্ৰৰ প্ৰভাৱত মিচিং জনগোষ্ঠীৰ নিজৰ সংস্কৃতিলৈয়ো পৰিৱৰ্তন আহিছে৷ মিচিংসকলে নিজৰ সংস্কৃতি বিসৰ্জন দি যেনেদৰে সত্ৰক আকোঁৱালি লয়, সত্ৰই কিন্তু সেইবোৰ ভাবি নাচায়৷ মিচিংসকলে নিজৰ জনজাতীয় বহুতো খাদ্য ত্যাগ কৰিব লাগিব, জীৱন নিৰ্বাহৰ পদ্ধতিৰ সলনি কৰিব লাগিব, তেতিয়াহে সত্ৰসমূ্‌হে মিছিংসকলক ভাল দৃষ্টিৰে চাব৷’’১৮

মিচিংসকলৰ মৃতকৰ সৎকাৰ অনুষ্ঠানতো সত্ৰৰ প্ৰভাৱ পৰিছে৷ গাঁওখনৰ একাংশই এই আক্ষেপ কৰে যে সত্ৰৰ বহুতো প্ৰভাৱ মিচিং জনগোষ্ঠীত পৰিছে; কিন্তু গৰিষ্ঠ সংখ্যক মিচিংলোক মাজুলীত থকাৰ পিচতো জনগোষ্ঠীটোৰ কোনো এটা প্ৰভাৱেই সত্ৰবোৰত পৰা পৰিলক্ষিত হোৱা নাই৷ এনেদৰেই মিচিং জনগোষ্ঠীৰ একাংশ ৰাইজে তেওঁলোকৰ নিজৰ সমাজত সত্ৰ সংস্কৃতিৰ প্ৰভাৱ সম্পৰ্কে মন্তব্য প্ৰদান কৰিছিল৷  এটা কথা স্পষ্ট যে জনগোষ্ঠীয় সমাজৰ ৰাইজে অতি সহজ-সৰল জীৱন যাপন কৰি আহিছে৷ তেওঁলোকে সমাজৰ বহুতো তাত্ত্বিক বা জটিল কথাবোৰ বুজিয়েই নাপায়, সত্ৰই তেওঁলোকৰ বাবে যি কৰিছে, সেয়াই তেওঁলোকে বহুতবুলি ভাবে৷ সত্ৰই যে তেওঁলোকক গুৰুত্ব দিব লাগে; সেই কথা অনুধাৱন কৰা লোকৰ সংখ্যাও অতি কম পৰিমাণৰ৷

জনগোষ্ঠীৰ অবিহনে মাজুলীৰ সত্ৰ সংস্কৃতিৰ ভৱিষ্যৎ 
অসমৰ সামাজিক-সাংস্কৃতিক আদি বিভিন্ন দিশত এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিছে জনগোষ্ঠীয় লোকসকলে৷ এই জাতি-জনগোষ্ঠীৰ  বাৰেবৰণীয়া সংস্কৃতিৰ মাজতেই নিহিত হৈ আছে অসমৰ গৌৰৱ আৰু স্বাভিমান৷ জনগোষ্ঠীয়লোকসকল সাধাৰণতে অৰ্ধশিক্ষিত আৰু নিৰক্ষৰ; সেয়েহে সমাজৰ বিভিন্ন দিশত জনগোষ্ঠীয় লোকসকলৰ প্ৰতিনিধিত্বৰ সংখ্যা কম৷ সমাজ ব্যৱস্থাৰ তাত্ত্বিক কথাবোৰতো তেওঁলোক বৰ বেছি চিন্তিত নহয়৷ তেওঁলোকৰ এনে দুৰ্বলতাৰ সুযোগ লৈ অতীতৰে পৰাই তথাকথিত উচ্ছ শ্ৰেণীৰ জনসাধাৰণে জনগোষ্ঠীয় লোকসকলক হেয় জ্ঞান কৰি আহিছে৷ আজিও জনগোষ্ঠীয় লোকসকলে বসবাস কৰা অঞ্চলবোৰ তুলনামূলকভাৱে অন্যান্য অঞ্চলতকৈ পাচপৰা৷ আধুনিক সা-সুবিধা, শিক্ষা পদ্ধতি, জীৱন নিৰ্বাহৰ আধুনিক প্ৰণালীসমূহৰ পৰাও তেওঁলোক বঞ্চিত৷ গৰিষ্ঠসংখ্যক জনগোষ্ঠীয়লোকে আজিও পৰম্পৰাগতভাৱেই জীৱন নিৰ্বাহ কৰি আছে৷ অৰ্থনৈতিক দিশতো তেওঁলোক স্বচ্চল নহয়৷ নদীকেন্দ্ৰিক সভ্যতাৰ পৰা আজি পৰ্যন্ত তেওঁলোক মুক্ত হ’ব পৰা নাই৷ সেইদৰে তেওঁলোকৰ প্ৰধান বৃত্তি হৈছে কৃষি৷

মাজুলীত বসবাস কৰা মিচিং জনগোষ্ঠীটোলৈ মন কৰিলে এই কথা প্ৰতীয়মান হয় যে– মাজুলীত বসবাস কৰা মিচিংসকলো আধুনিক শিক্ষা-দীক্ষা আৰু অন্যান্য সা-সুবিধাবোৰৰ পৰা বঞ্চিত৷ ব্ৰহ্মপুত্ৰ নদীৰ পাৰতেই তেওঁলোকৰ সমাজ ব্যৱস্থা বৰ্তি আছে৷ আজিও মাজুলীৰ ৯০ শতাংশ¸ লোকেই পৰম্পৰাগত কৃষি পদ্ধতিৰে জীৱন নিৰ্বাহ কৰি আছে৷ অৱশ্যে শেহতীয়াকৈ জনগোষ্ঠীয় লোকসকলৰ মাজত আত্ম সচেতনতা বৃদ্ধি পাইছে৷ বড়ো জনগোষ্ঠীৰ লোকসকলে পৃথক ৰাজ্য বড়োলেণ্ডৰ দাবী কৰিছে৷ বিভিন্ন জনগোষ্ঠীবোৰে জনজাতীয় স্বায়ত্ত পৰিষদৰ দাবী কৰিছে৷ মিছিং স্বায়ত্তশাসি¸ত পৰিষদ, দেউৰী স্বায়ত্তশাসিত পৰিষদ আদি গঠন হৈছে৷ গতিকে বৰ্তমান সময়ত জনগোষ্ঠীয় লোকসকল নিজৰ অধিকাৰ সম্পৰ্কে যথেষ্ট সচেতন হৈছে৷

মাজুলীত তুলনামূলকভাৱে মিচিং আৰু সোনোৱাল কছাৰীসকলৰ সংখ্যাই বেছি৷ তৎস্বতেও এই জনগোষ্ঠীয় লোকসকল মাজুলীত বিভিন্ন দিশত ভাষিক অসমীয়াসকলৰ পৰা অৱহেলিত হৈ আহিছে৷  এই লোকসকলে সত্ৰসমূহৰ পৰা যিধৰণে গুৰুত্ব পাব লাগিছিল, সেইয়া পোৱা নাই৷ সত্ৰীয়া সংস্কৃতিৰ বিভিন্ন কাম-কাজৰ পৰা তেওঁলোকক প্ৰাকে-প্ৰকাৰে আঁতৰাই ৰখা পৰিলক্ষিত হয়, যাৰ বাবে সত্ৰৰ প্ৰতি একাংশ জনগোষ্ঠীয় লোকৰ বিৰাগৰ জন্ম হৈছে৷ শঙ্কৰ-মাধৱৰ মিলনভূমিত সেই বাবেই বৰ্তমান ধৰ্মান্তৰকৰণৰ দৰে ঘটনাৰ সূত্ৰপাত হৈছে৷

মাজুলীৰ এই জনগোষ্ঠীয় লোকসকলৰ অবিহনে সত্ৰসমূহে আগন্তুক দিনত নিজৰ সত্ৰীয়া-সংস্কৃতি, পৰম্পৰা আদি বৰ্তাই ৰখাত যথেষ্ট সমস্যাৰ সন্মুখীন হ’ব৷ শিক্ষিত লোকসকলে তথাকথিত আধুনিকতাক গ্ৰহণ কৰাৰ সমান্তৰালভাৱে বহুতো প্ৰাচীন আৰু সত্ৰীয়া সংস্কৃতি ত্যাগ কৰিবলৈ বাধ্য হৈছে, গতিকে এই মাত্ৰা চলি থাকিলে এসময়ত উচ্ছ বৰ্ণৰ মানুহখিনিৰ সংখ্যা কমি আহিব৷ এনে পৰিস্থিতিত সত্ৰসমূহে জাতি ধৰ্মৰ ভেদাভেদ নাৰাখি জনগোষ্ঠীয় লোকসকলক আদৰি লোৱাতো প্ৰয়োজনীয়৷ তেতিয়াহে সত্ৰসমূহৰ সামূহিক শক্তি বৃদ্ধি পাব৷ ইয়াৰোপৰি এটা কথা ক’বই লাগিব যে জনগোষ্ঠীয় লোকসকলে যি আন্তৰিকতাৰে সত্ৰসমূহৰ আদৰ্শৰাজী গ্ৰহণ কৰিবলৈ ইচ্চুক; সত্ৰই তেওঁলোকক যথোচিত গুৰুত্ব দিলে অনাগত দিনত এই জনগোষ্ঠীয় লোকসকলে সত্ৰ সংস্কৃতিক যে বিশেষভাৱে সমৃদ্ধ কৰিব সেই কথা নিশ্চিতভাৱে ক’ব পাৰি৷ সত্ৰসমূহ কিছুমান নিৰ্দিষ্ট আৰু নিৰ্ধাৰিত নীতি-নিয়মৰ মাজত সীমাবদ্ধ৷ সেয়েহে তেওঁলোকে বহু সময়ত পৰম্পৰা আৰু ৰীতি-নীতিৰ মাজতে আৱদ্ধ হৈ থাকিব লাগে৷ ভকতসকলো বহুতো বাধ্য-বাধকতাৰ মাজত থাকিব লাগে৷ কিন্তু এটা কথা মন কৰিব লাগিব যে সময় পৰিৱৰ্তন লগে লগে কিছু কিছু দিশত সত্ৰই উদাৰতা আৰু জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সংস্কাৰমুখীতাৰ আশ্ৰয় ল’বই লাগিব৷ সংস্কৃতি বোৱতী নদীৰ দৰে৷ আবদ্ধ খালৰ পানী যেনেদৰে দুৰ্গন্ধময় হয়, ঠিক তেনেদৰে অতীতকে খামুচি মাৰি ধৰি থকা সংস্কৃতিবোৰো বৰ্তমানৰ লগত মিলিব নোৱাৰি লুপ্তপ্ৰায় হৈ পৰে৷ গতিকে সত্ৰ সংস্কৃতি  জীয়াই ৰখাৰ স্বাৰ্থত আৰু নতুন প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ স্বাৰ্থত সত্ৰৰ কেতবোৰ ৰীতি-নীতিৰ পৰিৱৰ্তন সাধন কৰা উচিত৷ অৱশ্যে সত্ৰই অসমীয়া সংস্কৃতিৰ ঐতিহ্য আৰু স্বাভিমান ৰক্ষা কৰি থকা এটি অনুষ্ঠান হিচাপে কিছুমান নিৰ্ধাৰিত নীতি-নিয়ম মানি চলিবও লাগিব, এই নীতি-নিয়মবোৰ সত্ৰৰ আভ্যন্তৰীণ বিষয় হোৱা প্ৰয়োজনীয়৷ ৰীতি-নীতিবোৰ বাধ্য-বাধকতালৈ যেতিয়াই লৈ যোৱা হয়, তেতিয়াই বিতৰ্কৰ সূত্ৰপাত হয়৷ 

সত্ৰসমূহে এটা কথা মন কৰিব লাগিব যে মানৱতাবাদক যেন সত্ৰৰ ৰীতি-নীতিবোৰে অৱমাননা নকৰে৷ মানুহক মানুহ হিচাপে মূল্য দিবলৈ সত্ৰসমূহে পাৰ্যমানে যত্ন কৰা উচিত৷ শঙ্কৰ-মাধৱে যি ধৰ্মীয় উদাৰতাৰে জাতি-বৰ্ণ বিচাৰ নকৰি সকলোকে একত্ৰিত কৰিছিল, ঠিক সেইদৰে সত্ৰসমূহেও ধৰ্মীয় গোড়ামিবোৰ ত্যাগ কৰি একতাৰ দোলেৰে সকলোকে বান্ধি ৰাখিবলৈ চেষ্টা কৰা দৰকাৰ৷ কিছুমান সত্ৰত এতিয়াও নাৰীৰ প্ৰৱেশক লৈ নানা বিতৰ্কৰ সূত্ৰপাত হৈয়ে আছে৷ পুৰুষ-নাৰীৰ সম অধিকাৰৰ বিষয়টোত সত্ৰসমূহে গুৰুত্ব দিব লাগে৷ শেহতীয়াকৈ বৰপেটা সত্ৰত অন্য জাতৰ মানুহ সোমোৱাক কেন্দ্ৰ কৰি সত্ৰই যি কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিলে, সেই সিদ্ধান্তক সকলোৱেই গৰিহণা দিছে৷

এতিয়াও মাজুলীৰ সত্ৰবোৰত সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে একেলগে বহি সত্ৰৰ প্ৰসাদ বা আহাৰ খাব পৰা এটা পৰিৱেশৰ সৃষ্টি হোৱা নাই৷ কেৱল সত্ৰত কিয় আমাৰ প্ৰত্যেকখন গাঁৱত থকা নামঘৰবোৰতো জাত-পাতৰ বিচাৰ চলিয়েই আছে৷ জনগোষ্ঠীয় লোকসকলক অৱহেলা কৰিয়েই থকা হৈছে৷ জনগোষ্ঠীৰ মানুহে গৈ সত্ৰত ভাওনা কৰিছে বা নিজৰ প্ৰচেষ্টাতো ভাওনা, গায়ন-বায়ন আদিবোৰ কৰিছে যদিও আজিও সকলো শ্ৰেণীৰ মানুহ মিলি একেলগে ভাওনা পৰিৱেশন কৰিব পৰা এটি অৱস্থাৰ সৃষ্টি হোৱা নাই৷ সেইদৰে ভাওনাত কৃষ্ণ বা বলোৰামৰ চৰিত্ৰৰ বাবে এতিয়াও কেৱল গোস্বামী উপাধিৰ ব্যক্তিহে ৰ্নিবাচন কৰা হয়৷ সত্ৰৰ সত্ৰাধিকাৰ পদত গোস্বামী উপাধিৰ বাদে বেলেগ উপাধিৰ ব্যক্তি কিয় অধিষ্ঠিত হ’ব নোৱাৰে বা সেই  আসনত তথাকথিত উচ্ছ শ্ৰেণীৰ ব্যক্তিয়ো অধিষ্ঠিত  হ’ব পৰা নাই? সত্ৰই ডাইনী হত্যা ৰোধৰ বাবে কাম কৰা বুলি সত্ৰৰ পৰা প্ৰকাশিত গ্ৰন্থত উল্লেখ আছে৷ দুৰ্গতসকলক সহায়-সাহাৰ্য কৰিছে বুলিও বিভিন্ন সময়ত বাতৰি পৰিৱেশন হৈছে; এইবোৰ সত্ৰৰ ইতিবাচক দিশ৷ কিন্তু আজিও জনগোষ্ঠীয়সকলৰ পৰা সত্ৰৰ হাটীবোৰত এজন ভকত গৈ থাকিব পৰা অৱস্থা হোৱা নাই কিয়? সত্ৰৰ এনে বৈষম্যমূলক ৰীতিৰ অৱসান ঘটাৰ নি(য় প্ৰয়োজন আছে৷ জনগোষ্ঠীয় লোকসকলৰ পৰা যোগ্য ব্যক্তিজনে সত্ৰৰ বিষয়ববীয়া হ’ব পৰা এটা অৱস্থা কোনোবা দিনা হ’বনে? এনে দিশবোৰৰ পৰ্যালোচনাই সাম্প্ৰতিক সময়ৰ ধৰ্মীয় সমাজ ব্যৱস্থাত কেনেদৰে প্ৰভাৱ পেলাব, সেয়া চিন্তনীয় বিষয়৷  

সত্ৰই জনগোষ্ঠীয় লোকসকলক আদৰি নোলোৱাৰ মূলতে জনগোষ্ঠীয় লোকসকলৰ খাদ্যাভাষৰ প্ৰসংগটোও আহে৷ কাৰণ মিচিংসকলে এনে কিছু খাদ্য গ্ৰহণ কৰে, যিবোৰ সত্ৰীয়া সংস্কৃতিৰ ঘোৰ বিৰোধী৷ গতিকে সত্ৰই জনগোষ্ঠীয় লোকসকলক সত্ৰীয়া সংস্কৃতিৰ আওঁতালৈ অনাৰ আগতে এই খাদ্যবোৰ বৰ্জন কৰিবলৈ বাধ্য কৰে৷ গতিকে বহুতো জনগোষ্ঠীয় লোকে সত্ৰ সংস্কৃতিৰ ৰীতি-নীতিৰ মাজত থাকিবলৈ নিবিচাৰে৷ কাৰণ কোনো জাতিয়েই নিজস্বতাক বিসৰ্জন দি আনৰটো সম্পূৰ্ণৰূপে গ্ৰহণ কৰিব নোখোজে৷ সত্ৰই যেনেদৰে নিজৰটো বৰ্তাই ৰখাৰ পোষকতা কৰে, ঠিক জনগোষ্ঠীবোৰেও নিজৰ সভ্যতা সংস্কৃতিটো বৰ্তাই ৰাখিবলৈ বিচাৰে৷ গতিকে খাদ্যৰ বিষয়টোক মুখ্য কৰি জনগোষ্ঠীয়লোক আৰু সত্ৰৰ মাজত যি সংঘাতৰ সৃষ্টি হয়, তাৰ এটা ইতিবাচক সমাধান হোৱা প্ৰয়োজনীয়৷ বৰ্তমান গোলকীকৰণ, বিশ্বায়ন প্ৰযুক্তিবিদ্যাৰ যুগ৷ বহুতো বিষয় আমি নতুনকৈ ভাবিবৰ হ’ল৷ আমি অত্যধিক গুৰুত্ব দিয়া এই ধৰ্মীয় প্ৰসংগবোৰে আমাৰ সমাজ জীৱনক কি কি দিশত সমৃদ্ধ কৰিছে সেই বিষয়বোৰো পৰ্যালোচনা কৰিবৰ হ’ল৷ কাৰণ যি আধুনিকতাক আমি ধৰ্মীয় দৃষ্টিৰে অৰ্থহীন বুলি সমালোচনা কৰিছোঁ, কিন্তু ব্যৱহাৰিক জীৱনত ধৰ্মতকৈয়ো সেই আধুনিকতাৰহে প্ৰয়োজনীয়তা বেছি৷ তেনেকৈয়ে আমি কেৱল অসম মুলুকৰ মাজত থাকিয়েই জাত-পাতৰ বিতৰ্ক কৰি থকাতকৈ সাৰ্বজনীন উদাৰতাবোধৰ প্ৰসাৰ ঘটাবলৈহে চেষ্টা কৰিব লাগে৷ বৰ্তমান সমাজত মানৱতাবোধৰ প্ৰসাৰ ঘটোৱাৰহে প্ৰয়োজন আছে বুলি অনুভৱ কৰোঁ৷ সত্ৰ যিহেতু এটি সামূহিক অনুষ্ঠান, সেয়েহে সত্ৰৰ পৰাই জাতি-ধৰ্ম-বৰ্ণৰ বৈষ্যম আঁতৰি সকলো জাতি-জনগোষ্ঠীয়ে এককভাৱে পৰিচয় দিব পৰা এটা অৱস্থাৰ সূচনা হ’ব লাগে৷ তেতিয়াহে শঙ্কৰ-মাধৱে যি লক্ষ্য আৰু উদ্দেশ্যৰে সত্ৰ বা নামঘৰবোৰ প্ৰতিষ্ঠা কৰিছিল, সেই লক্ষ্য আৰু উদ্দেশ্যই সফলতা লাভ কৰিব৷ নহ’লে বৰ্তমানৰ দৰেই যদি সত্ৰবোৰে নিজৰ পৰম্পৰা আৰু ৰীতি-নীতিৰ মাজতেই সীমাবদ্ধ হৈ থাকে, তেন্তে জনগোষ্ঠীয়লোকসকল যে সত্ৰৰ পৰা আঁতৰি আহিব বা পুনৰ ধৰ্মান্তৰকৰণৰ দৰে কাৰ্য সংঘটিত নহ’ব তাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷ 

উপসংহাৰ
পৰিশেষত ক’ব পাৰি যে– সত্ৰসমূহে জনগোষ্ঠীয় সমাজবোৰক যিধৰণে আকোঁৱালি ল’ব লাগিছিল, সেয়া লোৱা নাই৷ মিচিং জনগোষ্ঠীয় লোকসকলে সদায় সত্ৰৰ পৰা অৱহেলাৰ সন্মুখীন হৈ আহিছে; যাৰ বাবে ধৰ্মান্তৰকৰণৰ প্ৰসংগ মাজুলীত সংঘটিত হৈছে৷ কিন্তু আমি ভাবো, সত্ৰই নিজৰ ধৰ্মীয় উদাৰতাৰ প্ৰসংগটোক সদায় আগস্থাান দিয়া দৰকাৰ, গুৰুদুজনায়ো প্ৰকৃততে তাকে বিচাৰিছিল৷ সত্ৰই অবিভাৱকৰ ভূমিকা গ্ৰহণ কৰি সমগ্ৰ মাজুলীৰ জনসাধাৰণক সত্ৰীয়া সংস্কৃতিৰে একত্ৰ কৰি ৰাখিবলৈ কাম কৰিব লাগে৷ সেইদৰে সত্ৰই নিৰক্ষৰ মানুহখিনিক আধুনিক শিক্ষাৰে শিক্ষিত কৰি তোলাৰ লগতে সত্ৰৰ যোগাত্মক আৰু ইতিবাচক দিশবোৰ গ্ৰহণ কৰিবলৈকো অনুপ্ৰেৰণা যোগাব লাগে৷ 

সত্ৰসমসূহ কেৱল ধৰ্মীয় অনুষ্ঠান হোৱাতকৈ সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান হ’ব লাগে৷ সত্ৰবোৰত সংগ্ৰহালয়বোৰ বিজ্ঞানসন্মতভাৱে আৰু বৰ্তমানতকৈয়ো আটোমটোকাৰিকৈ ৰাখিব লাগে৷ প্ৰতিটো জাতি-জনগোষ্ঠীয়েই যাতে সত্ৰৰ সৈতে একাত্মতা অনুভৱ কৰিব পাৰে, তাৰ ব্যৱস্থা সত্ৰবোৰে কৰিব লাগে৷ এই ক্ষেত্ৰত চৰকাৰখনৰো যথেষ্ট ভূমিকা আছে৷ সত্ৰৰ বাহ্যিক সৌন্দৰ্য আৰু মনোমোহা কৰি তুলিবলৈ চৰকাৰখনৰ আৰ্থিক সাহাৰ্য, সহায়-সহযোগ আদিৰ প্ৰয়োজন আছে, ই পৰ্যটনৰ দিশটোও সমৃদ্ধ কৰিব৷ সত্ৰসমূহ সমগ্ৰ অসমৰ মানুহখিনিৰ বাবে জাতীয় পৰিচয় হোৱা দৰকাৰ৷ কেৱল জনগোষ্ঠীয় লোকসকলক আদৰি লোৱাই নহয়, বৰঞ্চ সত্ৰৰ মাজত এনে এটি অৱস্থাৰ সৃষ্টি হওঁক য’ত ধৰ্মীয় সংকীৰ্ণতাৰ পৰা উদ্ধৰ্লৈ গৈ সকলো শ্ৰেণীৰ মানুহে একাত্মতা অনুভৱ কৰিব পাৰে৷ তেতিয়াহে সত্ৰসমূহৰ প্ৰাসংগিকতা সদায় বৰ্তি থাকিব৷

প্ৰসংগসূত্ৰ
১  অসমীয়া সাহিত্যৰ ৰূপৰেখা, মহেশ্বৰ নেওগ, পৃষ্ঠা-৭
২ সাতসৰী, নৱম বছৰ, দ্বাদশ সংখ্যা, জুলাই, ২০১৪, পৃষ্ঠা-৫১
৩  সত্ৰীয়া উৎসৱৰ পৰিচয় আৰু তাৎপৰ্য, পীতাম্বৰ দেৱ গোস্বামী, পৃষ্ঠা-১৮
৪  নতুন নিনাদ, দ্বিতীয় বছৰ, প্ৰথম সংখ্যা, অক্টোবৰ, পৃষ্ঠা-৪৭
৫  মণিকাঞ্চন পূণ্যভূমি মাজুলী, পৃষ্ঠা-১৪
৬  উল্লিখিত গ্ৰন্থ, পৃষ্ঠা-২০
৭  উল্লিখিত গ্ৰন্থ, পৃষ্ঠা-২৩
৮  উল্লিখিত গ্ৰন্থ, পৃষ্ঠা-২৬
৯   উল্লিখিত গ্ৰন্থ, পৃষ্ঠা-৩১
১০ উমাকান্ত টাকু, মাজুলী, বয়স-৫৫, বৃত্তি-শিক্ষক
১১  তুলসী ৰাজখোৱা, মাজুলী, বয়স-৪৫, বৃত্তি-অধ্যাপক
১২ ৰত্নেশ্বৰ হাজৰিকা, মাজুলী, বয়স-৪৫, বৃত্তি-কৃষি
১৩  জীৱন দলে, মাজুলী, বয়স-৪৮, বৃত্তি-কৃষি
১৪  জয়ন্ত দলে, মাজুলী, বয়স-৪২, বৃত্তি-কৃষি
১৫ পদ্মধৰ দলে, মাজুলী, বয়স-৩৮, বৃত্তি-কৃষি
১৬ ৰতন গাম, মাজুলী, বয়স-৫২, বৃত্তি-কৃষি
১৭  ঘনকান্ত দলে, মাজুলী, বয়স-৫৮, বৃত্তি-কৃষি
১৮  বিৰেণ চন্দ্ৰ দলে, মাজুলী, বয়স-৩০, বৃত্তি-শিক্ষক

গ্ৰন্থপঞ্জী 
গগৈ, লীলাঃ অসমৰ সংস্কৃতি, প্ৰকাশক- বনলতা, নৱম সংস্কৰণ , ২০১২
গোহাঁই, হীৰেনঃ  অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা, আলিবাট, ২০১৪
গোস্বামী, কৃষ্ণঃ মুখাঃ সত্ৰীয়া মুখা শিল্প, মুদ্ৰণ- কস্তুৰী, প্ৰকাশক- লতিকা গোস্বামী, প্ৰথম প্ৰকাশ, ২০১৬
দাস, নাৰায়ণঃ অসমৰ সংস্কৃতি কোষ, প্ৰকাশক-জ্যেতি প্ৰকাশন, গুৱাহাটী, দ্বিতীয় প্ৰকাশ, জুলাই, ২০১৪ 
দত্ত, কমলঃ  মাজুলী আৰু সত্ৰৰ ইতিবৃত্ত, প্ৰকাশক-কুশৰাম ভূঞা, মাজুলী, দ্বিতীয় প্ৰকাশ, ২০১৫ 
নেওগ, মহেশ্বৰঃ পৱিত্ৰ অসম, প্ৰকাশক-অসম সাহিত্য সভা, চতুৰ্থ সংস্কৰণ, ২০০৮
বৰুৱা, দীপকঃ মণিকাঞ্চন পূণ্যভূমি মাজুলী, প্ৰকাশক-উত্তৰ পূব শিশু বিকাশ কেন্দ্ৰ, মাজুলী, দ্বিতীয় প্ৰকাশ 
বৰুৱা, বিৰিঞ্চি কুমাৰঃ অসমৰ ভাষা আৰু সংস্কৃতি, প্ৰকাশক-জাৰ্ণাল এম্পৰিয়াম, নলবাৰী, একাদশ সংস্কৰণ, ২০১৩ 
ভট্টাচাৰ্য, প্ৰমোদ চন্দ্ৰঃ অসমৰ জনজাতি, প্ৰকাশক-অসম সাহিত্য সভাৰ হৈ কিৰণ প্ৰকাশন, তৃতীয় সংস্কৰণ, ২০০৮ 
Deka, Umesh: Language : Culture of North East India. Rajendra Mohan Sarma. Rabindra Mohan Sarma, 1st Edtion, ২০১২

আলোচনী 
গৰীয়সীঃ লক্ষ্মীনন্দন বৰা, একাদশ সংখ্যা, আগষ্ট, ২০১৩
নতুন নিনাদঃ অনুৰাধা শৰ্মা, দ্বিতীয় বছৰ, অক্টোবৰ, ২০১৫
সাতসৰীঃ অনুৰাধা শৰ্মা পূজাৰী, দশম বছৰ,  ছেপ্টেম্বৰ, ২০১৪
ঐ, ঊনৱম বছৰ, দ্বাদশ সংখ্যা, জুলাই, ১০১৪
ঐ, দশম বছৰ, প্ৰথম সংখ্যা, আগষ্ট, ১০১৪

ক্ষেত্ৰ অধ্যয়নৰ সহায়ক ব্যক্তিসকল 
১ মাজুলী, উমাকান্ত টাকু, ৫৫, শিক্ষক
২ মাজুলী মহাবিদ্যালয়, তুলসী ৰাজখোৱা, ৪৫, শিক্ষক
৩ হাজৰিকা গাঁও, ৰত্নেশ্বৰ হাজৰিকা, ৪৫, কৃষি
৪  তামোলনি গাঁও,দলৰাম দলে, ৮০, কৃষি
৫  তামোলনি গাঁও, বক্সিৰাম দলে, ৭৫, কৃষি
৬  তামোলনি গাঁও, বীৰেন চন্দ্ৰ দলে, ৩০, শিক্ষক
৭  তামোলনি গাঁও, পদ্মধৰ দলে, ৩০, কৃষি
৮  তামোলনি গাঁও, জীৱন দলে, ৪৮, কৃষি
৯  তামোলনি গাঁও, জয়ন্ত দলে, ৪২, কৃষি
১০ তামোলনি গাঁও, ৰতন গাম, ৫২, কৃষি

© ভাস্কৰ ভূঞা, গৱেষক ছাত্ৰ, গুৱাহাটী বিশ্ববিদ্যালয়,  ফোন-৮৭৫১৯৪৩৩৮৭

Post a Comment

1 Comments

Pragyan Biksha said…
ভাল পালোঁ পঢ়ি৷