বুজাবুজি ৷৷ কবিতা

* বুজাবুজি


জীৱনটো চলাই নিবলৈকে 
বহুতৰ লগত বহুবাৰ বুজাবুজি কৰিছোঁ 
ভাবিছোঁ, সহিছোঁ, ধৰিছোঁ কিম্বা এৰি দিছোঁ 
ভাল লগা বেয়া লগাৰ কথাবোৰ

চেতনাত গোট মৰা প্ৰশ্ন আৰু সন্দেহত তলা লগাইছোঁ
হাঁহিৰে জিনিব খোজা সুখৰ দিনকেইটাকনো 
কিমান আৰু বিশ্বাস-অবিশ্বাসৰ মেৰপাকে বান্ধিম
কি আৰু কিয় বুলি অভিমান, অহংকাৰ কৰিম

আজিকালি কাজিয়া, বিতৰ্কতকৈ
বুজাবুজিয়ে মোৰ প্ৰিয় 
কিমান নুবুজা কথা বুজি পোৱাৰ ভাও ধৰিছোঁ
কিমান বুজা কথা নুবুজাৰ মুখা পিন্ধিছোঁ 
জনাবোৰ নজনা কৰিছোঁ
অভিনয় কৰিছোঁ পক্ষ-বিপক্ষ-নিৰপেক্ষৰ

সৰুতে লগৰটোৱে মাৰ্বলগুটি কাঢ়ি নিয়াৰপৰা
প্ৰেমত পৰি প্ৰতাৰিত হোৱালৈকে 
গোটেই  সময়বোৰেইচোন আমাৰ বাবে 
কেৱল বুজাবুজিৰ প্ৰতিদান
আশা, আকাংক্ষাৰ সমাধিত তিতালাও গজাৰেপৰা
হতাশাৰ খিৰিকিৰে বিষাদ-ব্যৰ্থতা অহালৈকে
সকলোবোৰেইতো বুজাবুজিৰ ফচল

আদৰ্শৰ বৈপৰীত্য স্বত্বেও ক্ষমতাৰ বাবেই 
দলবোৰৰ মাজত বুজাবুজি হ’ল
চৰকাৰ হ’ল বুজাবুজিৰে
অৰ্থৰ লোভতে কিমানে কতৰ মূৰত কঁঠাল ভাঙিলে 
বুজাবুজিৰ বাবেই ৰজাৰ জেপত এতিয়া আইন-শাসন-প্ৰশাসন
ৰঙা-নীলা পোহৰৰ মায়াজালত আবদ্ধ জীৱন

বুজি বুজি শিকিছোঁ মাত
বুজি বুজি চিনিছোঁ বাট

ইমানবোৰ বুজিও নুবুজো নিজৰ জয়-পৰাজয়
নুবুজো, চাকি এগজ জ্বলালেই 
আঙঠি এটা পিন্ধিলেই যে শেষ নহয় 
বৰ্তমান, ভৱিষ্যতৰ জয়াল অন্ধকাৰ

আপুনিও বুজি বুজি হেৰুৱাইছে 
স্বাভিমান, স্বাধিকাৰ
বুজি বুজি সামৰিছে
গ্লানি, হতাশা
বুজি বুজি গঢ়িছে নিজক
ভাঙি ভাঙি সাজিছে নিজক

বুজাবুজিৰে ৰৈ আছোঁ
আপুনি নতুবা মই
গডোৰ অপেক্ষাত

© ভাস্কৰ ভূঞা, গৱেষক ছাত্ৰ, গুৱাহাটী বিশ্ববিদ্যালয়,  ফোন-৮৭৫১৯৪৩৩৮৭

Post a Comment

0 Comments