মহিম বৰাৰ গল্প ‘টোপ’ ৷ বিচাৰ আৰু বিশ্লেষণ


* মহিম বৰা আছিল একাধাৰে গল্পকাৰ, ঔপন্যাসিক, কবি, অনুবাদক ৷ আধুনিক অসমীয়া গল্প সাহিত্যৰ এজন প্ৰতিষ্ঠিত আৰু প্ৰভাৱশালী গল্পকাৰ হিচাপে তেখেতৰ নামটো সততে স্মৰণ কৰা হয়৷ তেখেতৰ জন্ম হয় ১৯২৪ চনৰ দৰং জিলাৰ ঘোপধাৰু চাহবাগিছাত৷ তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা অসমীয়া বিভাগত স্নাতকোত্তৰ শিক্ষা সমাপ্ত কৰি পৰৱৰ্তী সময়ত নগাঁও কলেজত অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰে৷ 
তেখেতৰ প্ৰথম গল্প সংকলন হৈছে ‘কাঠনীবাৰীৰ ঘাট’৷ 

মহিম বৰাৰ সাহিত্যৰাজিঃ

গল্প সংকলন– ‘কাঠনীবাৰীৰ ঘাট’ (১৯৬১); দেহা গৰকা প্ৰেম (১৯৬৭); মই, পিপলি আৰু পূজা (১৯৬৭); বহুভূজী ত্ৰিভূজ (১৯৬৭); এখন নদীৰ মৃত্যু (১৯৭২); ৰাতি ফুলা ফুল (১৯৭৭); বৰযাত্ৰী (১৯৮০); মোৰ প্ৰিয় গল্প (১৯৮৭); মহিম বৰাৰ গল্প সমগ্ৰ (১৯৯৩)৷ 

উপন্যাস–  হেৰোৱা দিগন্তৰ মায়া (১৯৭২); পুতলাঘৰ, (১৯৭৩);  এধানি মাহীৰ হাঁহি (১৯৯৮) 

কাব্য-সংকলন– ৰঙা জিয়া (১৯৬১) 

প্ৰবন্ধ সংকলন– চিন্তা-বিচিত্ৰা, (১৯৭৫); সাহিত্য-বিচিত্ৰা, (১৯৮০); সৃষ্টি আৰু প্ৰেৰণা, (২০০৪) 

ৰম্য ৰচনা– মোমাইৰ পদূলিত বান্ধিলো ঘোঁৰা (১৯৬৭), শিশু সাহিত্য– বত্ৰিশ পুতলাৰ সাধু (১৯৭৬); জোনমমিৰ হাঁহি (২০০৫)

আত্মজীৱনী– পাখি লগা দিন (১৯৮৯)

সম্পাদিত গ্ৰন্থ– শঙ্কৰদেৱৰ নাট (১৯৮৯) 

অনুবাদ– ৰাজা ৰামমোহন ৰায় (১৯৭৪)

মহিম বৰাই ‘ৰাতি ফুলা ফুল’ গল্প সংকলনৰ বাবে ‘অসম প্ৰকাশন পৰিষদৰ বঁটা’ আৰু ‘এধানি মাহীৰ হাঁহি’ উপন্যাসৰ বাবে ‘সাহিত্য অকাডেমী’ বঁটা লাভ কৰে৷ ইয়াৰোপৰি অসম সাহিত্য সভাৰ ডুমডুমা অধিৱেশনত তেওঁ সভাপতিত্ব কৰে৷ জীৱনযোৰা সাহিত্য-কৰ্ম সাধনাৰ বাবে তেখেতে ‘অসম উপত্যকা সাহিত্য বঁটা’ লাভ কৰে৷ ২০১৬ চনৰ ৫ আগষ্টত মহিম বৰাৰ মৃত্যু হয়৷

বিংশ শতিকাৰ মাজভাগত অৰ্থাৎ দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী সময়ছোৱাত অসমীয়া গল্প সাহিত্যত আত্মপ্ৰকাশ কৰা বৰাই অসমীয়া চুটিগল্পৰ নিৰ্মাণৰ বিভিন্ন আনুসংগিক দিশ যেনে– বিষয়বস্তু গ্ৰহণ, উপস্থাপন, বৰ্ণনাশৈলী, চৰিত্ৰ নিৰ্মাণ, মনস্তত্ব প্ৰকাশ আদি প্ৰতিটো দিশতে নতুন চিন্তা-চৰ্চা আৰু অভিনৱত্বৰ সংযোজন ঘটাই সহজ-সৰল ভাৱ-ভাষাৰে গল্প একোটাক পাঠক সমাজৰ উপভোগ্য কৰি তোলাৰ বাবে কাম কৰিছিল৷ সেইদৰে মানৱ সমাজৰ দৈনন্দিন বাস্তৱ জীৱনটোক হুবহুভাৱে গল্পৰ মাজলৈ লৈ যোৱাটো তেওঁৰ গল্পৰ অন্যতম বিশেষত্ব৷ গ্ৰাম্য জনজীৱন আৰু অসমৰ প্ৰাকৃতিক পৰিৱেশটোও বৰাৰ গল্পত অনন্যৰূপত মূৰ্ত হৈ উঠিছে৷ গল্প লিখাৰ ক্ষেত্ৰখনৰ বিষয়ে তেখেতে নিজে কৈ গৈছে এনেদৰে– ‘‘মই সৰু কালতে জনা মোৰ চিনাকি মানুহবোৰৰ জীৱনৰ দুখ-কষ্ট, হাঁহি-আনন্দ, ঈৰ্ষা, ঘৃণা, কৃপটালি, চতুৰাালি তেওঁলোকৰ স্বপ্ন-কল্পনা, আৰু স্বপ্নভগ্নৰ বেদনাসমূহৰ লগত মই ঘনিষ্ঠভাৱে জড়িত হৈছিলোঁ৷ তাহানিৰ ‘আৱাহন’ আদিৰ গল্প বিলাক পঢ়ি ভাল পাইছিলোঁ, কিন্তু সেইবিলাকত এই চিনাকি জীৱনৰ ছবি নেদেখি প্ৰতিজ্ঞা কৰিছিলোঁ, ডাঙৰ হ’লে ময়ো গল্প লিখিম আৰু এই জীৱন গল্পৰ মাজেদি ৰূপায়িত কৰিম৷’’ (ৰূপান্তৰ, প্ৰথম বছৰ, চতুৰ্থ সংখ্যা, ১৯৯৮)

 হীৰেন গোহাঁয়ে মহিম বৰাৰ গল্পৰ বিষয়ে কৈছে এনেদৰে–‘‘এক ঐতিহাসিক সন্ধিক্ষণত মহিম  বৰাৰ ব্যক্তিগত প্ৰতিভা সামাজিক আৰু সাংস্কৃতিক পৰিৱেশৰদ্বাৰা পুষ্ট হৈ কেইটামান এনে গল্প সৃষ্টি কৰিলে যিকেইটা পুৱাৰ ৰ’দালিত জলমলাই থকা দূবৰিৰ আগৰ নিয়ৰ টোপালৰ দৰেই বৰ্ণাঢ্য, মোহনীয় আৰু নিখুঁত৷ (গল্পসমগ্ৰ, মহিম বৰা, সম্পাদনাঃ ড হীৰেন গোহাঁই)

‘অসমীয়া চুটিগল্প ঐতিহ্য আৰু ৱিৱৰ্তন’ গ্ৰন্থত ৰঞ্জিত কুমাৰ দেৱগোস্বামীয়ে মহিম বৰাৰ গল্পৰ বিষয়ে কৈছে এনেদৰে– ‘‘বৰাৰ কল্পলোকৰ অসমীয়া সমাজ আজি বিলীয়মান অতীতৰ গৰ্ভত৷ মাধৱ কন্দলীৰপৰা বেজবৰুৱাৰ যুগৰ মাজেদি আহি বিৰিঞ্চি কুমাৰ বৰুৱাৰ দিনলৈ নিৰৱচ্চিন্নভাৱে প্ৰৱাহিত অসমীয়া লোক-সংস্কৃতিৰ প্ৰাণোচ্চল ধাৰা তেওঁৰ প্ৰতিভাৰ উঁহ৷ অসমীয়া গ্ৰামীণ সমাজৰ পুঞ্জীভূত, জৈৱনিক ঐক্য, ৰহস্যবোধ আলোড়িত জীৱন-দৃষ্টি, গোষ্ঠীজীৱনৰ থৌকি-বাথৌ ছন্দৰ ঝংকাৰ, মানুহ আৰু প্ৰকৃতিৰ আত্মীয়তা, দ্বন্দ্ব আৰু যোগাযোগ– সকলো তেওঁৰ অভিজ্ঞতাৰ সঞ্চিত ধন৷’’ (অসমীয়া চুটিগল্প ঐতিহ্য আৰু ৱিৱৰ্তন, সম্পাঃ অপূৰ্ব বৰা, পৃষ্ঠা-২২৩)

‘আধুনিক গল্প সাহিত্য’ গ্ৰন্থত ত্ৰৈলোক্যনাথ গোস্বামীয়ে মহিম বৰাৰ গল্পৰ বিষয়ে কৈছে এনেদৰে–‘‘মহিম বৰাৰ গল্পৰীতি সৰল৷ বক্ততাৰ আশ্ৰয় নোলোৱাকৈ আৰু ব্যংগৰ চোকা অস্ত্ৰ ব্যৱহাৰ নকৰাকৈ যিকেইটা গল্পৰ মাজত তেওঁ হাস্যৰসৰ সৃষ্টি কৰিছে সেইকেইটা উপাদেয় গল্প৷ জীৱনৰ সৰু সৰু দুটা-চাৰিটা ঘটনাৰ অৱলম্বনত ৰচিত গল্পসমূহৰ মাজতো এটা আকৰ্ষণ আছে, কিন্তু সৌৰভ কুমাৰ চলিহাৰ গল্পৰ দৰে তাত ধ্বন্যাত্মক মাধুৰ্য নাই৷ বৰাৰ দৃষ্টিকোণ যথাৰ্থবাদী, প্ৰকাশৰীতি চিত্ৰধৰ্মী৷’’ (আধুনিক গল্প সাহিত্য, ত্ৰৈলোক্যনাথ গোস্বামী, পৃষ্ঠা-১৭৮)

‘কথা বৰেণ্য’ গ্ৰন্থত শিৱানন্দ কাকতিয়ে মহিম বৰাৰ বিষয়ে কৈছে এনেদৰে–‘বিশ্ব সাহ্যিতৰ শ্ৰেষ্ঠ সম্পদসমূহৰ লগত তুলনাযোগ্য অসাধাৰণ কেইবাটাও গল্প মহিম বৰাৰ স্বতঃস্ফূৰ্ত প্ৰতিভাৰ বিকাশ৷’ (কথা বৰেণ্য, সম্পাদকঃ শোণিত বিজয় দাস, মুনীন বায়ন, কথা প্ৰকাশন, পৃষ্ঠা-১৫৪)

...............................................................

মহিম বৰাৰ  টোপ গল্পৰ বিশ্লেষণ

বিষয়বস্তুৰফালৰপৰা আৰু বিষয়ৰ উপস্থাপনৰ কৌশলৰফালৰপৰা মহিম বৰাৰ গল্পসমূহৰ ভিতৰত ‘টোপ’ গল্পটো এটা অতি উচ্ছস্তৰৰ চুটিগল্প৷ মহিম বৰাৰ গল্পৰ আলোচনা কৰোঁতে ‘কাঠনীবাৰীৰ ঘাট’ৰ কথা সততে আলোচিত হয় যদিও ‘টোপ’ গল্পটোও তেওঁৰ গল্পকাৰ জীৱনৰ অন্যতম সাফল্যৰ বাহক৷ ‘টোপ’ গল্পটোৱে এটি সময়ৰ অসমীয়া সমাজৰ বৈশিষ্ট্য ধৰি ৰাখিবলৈ কিছু পৰিমাণে সক্ষম হৈছে৷ অৱশ্যে গল্পটোত সমসাময়িক সমাজৰ বৰ্ণনাত গুৰুত্ব দিয়াতকৈ নিৰ্দিষ্ট এটি বিশেষ সময়ক কেন্দ্ৰ কৰিহে বিষয় বৰ্ণনাত অধিক গুৰুত্ব দিছে৷ সেইদৰে গল্পটোত বহু সময়ত বৃদ্ধ মনস্তত্ত্বও  প্ৰতিফলিত হৈছে৷ এফালে গ্ৰাম্য সংস্কৃতিৰ সৈতে বৰশিৰ সম্পৰ্ক আৰু অন্যহাতে বৰশী বোৱাৰ কিটিপৰপৰা আৰম্ভ কৰি ডোল নিৰ্মাণ কৰি উলিওৱালৈকে প্ৰত্যেকটো বিষয়েই গল্পটোত বলিষ্ঠৰূপত আৰু মননশীল ৰূপত প্ৰকাশ হৈছে৷

‘টোপ গল্পটো মূলতঃ অসমীয়া গ্ৰাম্য জনজীৱনৰ সাৰ্থক ভাৱপ্ৰকাশক এটি গল্প৷ হোমেন বৰগোহাঞিয়ে যেনেকৈ অসমীয়া লোকজীৱনৰ এটি অন্যতম সম্পদ ‘ঢেকী’ক লিখনিৰ মাধ্যমেৰে যাউতীযুুগীয়া কৰি থৈ গৈছে; সেইদৰে মহিম বৰায়ো অসমীয়া কৃষিজীৱি জনজীৱনৰ এটি আপুৰুগীয়া আৰু বিলুপ্তিৰ পথলৈ গতি কৰা সম্পদ ‘বৰশি’ক ‘টোপ গল্পৰ মাজেৰে চিৰদিনৰ বাবে আটোমটোকাৰিকৈ সংৰক্ষণ কৰি থৈ গৈছে৷ বৰশিক লৈ গাঁৱৰ মানুহৰ আৱেগ, অনুভূতি, বৰশি টোপোৱাৰ অনাবিল আনন্দ আৰু তাৰ বাবে প্ৰয়োজনীয় কাৰ্যকলাপসমূহ গল্পকাৰে মনোৰমভাৱে গল্পটোত উপস্থাপন কৰিছে৷ সেইদৰে গ্ৰাম্য জনজীৱনৰ সৈতে অংগাগীভাৱে সম্পৰ্কিত কেতবোৰ নিত-নৈমিত্তিক বিষয়ক উপস্থাপনৰ অভিনৱত্বৰে আৰু কলাত্মক বৰ্ণনাৰে গল্পকাৰে গল্পটোত স্থান দিছে৷

গল্পটো আৰম্ভ হৈছে ‘শিঙি পুখুৰী’ত শ’ল মাছ ধৰাৰ প্ৰসংগৰে৷ বেণু আৰু চেনী দুয়ো বন্ধু৷ তেওঁলোকে এই পুখুৰীটোতে বৰশী বাব বিচাৰে; কাৰণ পুখুৰীটোত পকা শ’ল মাছ যথেষ্ট পৰিমাণে আছে৷ শ’লমাছ ধৰিবলৈ বৰশি পতাৰ মনোৰম বৰ্ণনাৰে গল্পকাৰে অতীত অসমৰ কৃষিজিৱি মানুহখিনিৰ দৈনন্দিন জীৱনটোকো প্ৰতিফলিত কৰাইছে৷ পৰৱৰ্তী সময়ত দুই বন্ধুৱে বৰশীৰ ডোল প্ৰস্তুত কৰিবলৈ গল্পটোৰ মূল নায়ক ‘হৰিবল ককা’ৰ ওচৰলৈ যায় আৰু বিভিন্ন কথা-বাতাৰ্ৰ অন্তত তেওঁলোকে ডোল প্ৰস্তুত কৰি ‘শিঙি পুখুৰী’ত মাছ বাবলৈ যায়৷ কিন্তু সেই পুখুৰীত মাছ ধৰি তেওঁলোক সুখীনে! সুখী নোহোৱাৰ কাৰণটোনো কি! কি কাৰণে হৰিবল ককাই  মাছ বাবলৈ এৰি দিলে; কি কাৰণে হৰিবল ককাকে সদ্য জন্মহোৱা এটি মৃত শিশু পুতি থোৱা অৱস্থাত দেখা পাইছিল ! সেই ঘটনাটোৱে কেনেকৈ হৰিবল ককাৰ জীৱনটো সলনি কৰিছিল আৰু বেণু আৰু চেনীয়ে ককাৰ মুখেৰে সেই  কাহিনীটো শুনাৰ পাছত তেওঁলোকৰ প্ৰতিক্ৰিয়া কেনেধৰণৰ হৈছিল! ইত্যাদি বিষয়বোৰেই গল্পটোৰ মূল উপজীৱ্য৷ বৰ্তমান চহৰকেন্দ্ৰিক সংস্কৃতিয়ে গাঁওবোৰকো আগুৰি ধৰাৰ সময়ত গ্ৰাম্য বিষয়বস্তুৰ উপস্থাপনেৰে ৰচনা কৰা এইধৰণৰ গল্পৰ মাজতে ভৱিষ্যতে অসমীয়া সংস্কৃতি সংৰক্ষিত হৈ থাকিব বুলি আশা কৰিব পাৰি৷ কেৱল ‘টোপ গল্পটোৰ ক্ষেত্ৰতে নহয়; মহিম বৰাৰ প্ৰায়বোৰ সাহিত্যতে অসমীয়া সংস্কৃতিৰ হুবহুৰূপটাক সংৰক্ষণ কৰি থৈ যোৱাৰ এটি ধাৰণা দেখা যায়৷

গল্পটোৰ প্ৰথম পৰ্যায়তে বৰশী বোৱাৰ আনন্দ, ডোল বটি লোৱাৰ কৌশল, পকা শ’ল মাছ ধৰাৰ কৌশল, শ’ল ধৰিবলৈ মূগা সূতাৰ ডোলৰ ব্যৱহাৰ আদি সম্পৰ্কে চমকপ্ৰদ বৰ্ণনা আছে৷ এই বৰ্ণনা গল্পকাৰে গ্ৰাম্য জনজীৱনৰপৰা পোনে পোনে গ্ৰহণ কৰা৷ বৰ্ণনাত জঠৰতা নাই৷  গল্পটোত বৰ্ণিত কাহিনীটো যেন তেনেই জল্‌জল্‌-পট্‌পট্‌কৈ চকুৰ আগত ভাঁহি থকা এখন বাস্তৱ চিত্ৰহে৷ গল্পকাৰে এই বৰ্ণনাৰ মাজেৰেই ভৱিষ্যত প্ৰজন্মলৈ বৰশি¸ বোৱাৰ আনন্দ আৰু বৰশিৰে মাছ ধৰাৰ চখ দুয়োটাই সংৰক্ষণ কৰি থৈ যাব পাৰিছে৷

গল্পটোৰ মুখ্য চৰিত্ৰ হৰিবল ককা এটা টাইপ চৰিত্ৰ৷ আমাৰ গাৱে-ভূয়ে এইধৰণৰ চৰিত্ৰ সততে বিচাৰি পাঁও৷ ধাৰ্মিক, ধঁপাত সেৱন কৰা, কথাই প্ৰতি বেয়া মাত এটা মাতি গালি-শপনি পৰা বুঢ়াৰ গুণ৷ সেইদৰে গাঁওখনৰ প্ৰতিটো সমস্যাতেই এইধৰণৰ বুঢ়া এজন নহ’লেই নচলে৷ গাঁৱত ৰাইজৰ সকামৰ আয়োজন কৰি দিয়া, কন কন ল’ৰা-ছোৱালীৰ বাবে খেলা-পঢ়াৰ সা-সঁজুলি নিৰ্মাণ কৰি দিয়া, বেজালি কৰা, সুখে-দুখে গঞাৰ লগত থকা আদি প্ৰতিটো কামতেই বুঢ়া সৰবৰহী৷ মুঠতে ‘হৰিবল ককা’ চৰিত্ৰটোত লেখকে গ্ৰাম্য জনজীৱনৰ সামগ্ৰিকতাক অতি সহজ-সৰলৰূপত নিৰ্মাণ কৰিছে৷ হৰিবল  চৰিত্ৰটোৰ মনস্তত্ত্ব প্ৰকাশৰ মাজেৰে গল্পকাৰে গাঁৱৰ একো একোজন বৃদ্ধ মানুহৰ মনস্তত্ত্বকে প্ৰতিফলিত কৰাবলৈ চেষ্টা কৰিছে৷

এই হৰিবল ককাৰ ওচৰলৈকে বেণু আৰু চেনীয়ে বৰশীৰ ডোল বনাই দিবলৈ সময়ত খাতনি ধৰিছেহি৷ কাৰণ সিহঁতে জানে হৰিবল ককাইহে সিহঁতৰ বাবে সেই কাম কৰি দিব পাৰিব৷ সময়ত বুঢ়াই সিহঁতক গালিও পাৰিছে আৰু নিজৰ ডেকাকালটোত বৰশি বোৱাৰ অভিজ্ঞতাও সিহঁতৰ আগত কৈ শুনাইছে৷ গল্পকাৰে বুঢ়াৰ দ্বাৰা বৰশিৰ ডোল নিৰ্মাণ কৰাৰ যি বৰ্ণনা কৰিছে; সেয়া অতি বাস্তৱিক আৰু গ্ৰাফিক ডিজাইনেৰে ভৰপূৰ৷ গল্পকাৰে বুঢ়াৰ কথাৰ মাজেৰেই অতীতৰ অসমীয়া সমাজখনৰ এখন হুবহু ছবি আঁকি দিব পাৰিছে৷ 

গল্পটোত পৰৱৰ্তী সময়ত বৰশি বাবলৈ দুই বন্ধুৱে হৰিবল ককাকো লৈ যাবলৈ মন কৰিছে৷ কাৰণ সিহঁতে বিশ্বাস কৰে; ককাকে বৰশিত শ’ল মাছ ধৰাৰ কিবা মন্ত্ৰ জানে৷ দুই বন্ধুৰ কথা-বতৰা আৰু কাৰ্যকলাপত এফালে গ্ৰাম্য সৰলতা আৰু অন্যহাতে গভীৰ অনুসন্ধিৎসুভাৱ প্ৰকাশ পাইছে৷ ককাকৰ ইচ্চা থকাৰ স্বতেও এটি বিশেষ কাৰণত সিহঁতৰ সৈতে বৰশি বাবলৈ যাবলৈ অমান্তি হয়৷ তাৰ কাৰণ সুধোতে বুঢ়াই সেই মৃত সন্তানটোৰ কথা উল্লেখ কৰে৷  গল্পটোত আছে এনেদৰে–

‘‘...তাহানি ডেকা কালত ময়ো এদিন এনেকৈ শ’ল টোপাবলৈ বুলি উলাইছিলোঁ৷ কোকাটোপ ভাঙিবলৈ পুৰণাবাৰী এখনলৈ গৈছিলোঁ৷ তাৰ পিছৰপৰা বৰশি বোৱা নাই৷’’

‘‘কি হ’ল ককা? তাৰ পাছত কি হ’ল?’’ দুয়ো বৰ উদ্বেগ আৰু আগ্ৰহেৰে চিঞৰি উঠিল৷ ককাই কিন্তু চাই আছে দূৰলৈ– ইকৰাৰ বেৰৰ জলঙা এটাইদি৷

‘‘তাত কি হ’ল ককা? তাত কি দেখিলি?’’ বেণুৱে সেহাই সেহাই সুধিলে৷

‘‘তাত দেখিলোঁ বহুতো ক’লা পৰুৱা৷ বৰমূৰীয়া টোকা পৰুৱা যে৷ সিহঁতে কিবা এটা বস্তু আৱৰি ধৰিছে৷ ওচৰ চাপি গ’লো৷ বোধহয় আগদিনা পুৱতি ৰাতি কোনোবাই ওচৰত পুতি থৈছিল৷ শিয়ালে বোধহয় উলিয়ালে৷ মই যোৱা কাৰণেই কিজানি শিয়াল পলাল৷ গাঁৱত কিন্তু দেখ দেখকৈ কাৰো কেঁচুৱা হোৱা নাছিল৷ কোনোবা পাষণ্ড পাপীৰ কাম৷’’ (কাঠনীবাৰীৰ ঘাট গল্প সংকলন, বনলতা প্ৰকাশ, ২০১৩, পৃষ্ঠা-২৩) – এই ঘটনাটোৱেই হৰিবল ককাৰ জীৱনটোলৈ অভাৱনীয় পৰিৱৰ্তন আনে৷ সহজ-সৰল মানুহজন গভীৰভাৱে দুখত ম্ৰিয়মান হয়৷ যাৰ ফলস্বৰূপে তেওঁ বৰশি আৰু সেই নিৰ্দিষ্ট গাঁওখনেই এৰি দিয়ে৷ গল্পটোত এই কথাখিনি প্ৰতীকাত্মকভাৱে উপস্থাপন কৰা হৈছে৷ 

ইয়াৰ পাছত গল্পটোত বেণু আৰু  চেনিয়ে বৰশি বাবলৈ গৈছে যদিও ককাকে কোৱা কাহিনীটো শুনি তেওঁলোকৰ মনতো কিবা অচিন দুখ আৰু চিন্তাই আগুৰি ধৰে৷ সিহঁতৰ মনত মাছ ধৰাৰ মাদকতা নোহোৱা হৈ পৰিছে৷ তথাপিও বুজা-নুবুজা ভাৱেৰে সিহঁতে মাছ ধৰিবলৈ গৈ দেখিছে– সিহঁত পুখুৰী পোৱালৈ ইতিমধ্যেই তাত দুজনমানে বৰশি বায়ে আছে৷ পুনৰ বৰশি বোৱাৰ মাদকতা আৰু আনুসংগিক বিভিন্ন বিষয়ৰ উপস্থাপনেৰে গল্পকাৰে গল্পটো আগুৱাই নিছে৷ অৱশেষত অশেষ যত্নৰ ফলত বেণুৰ বৰশিত এটা শ’ল মাছ লাগে৷

শ’ল মাছটো পোৱাৰ পাছতো বেণুৰ মনত আগৰ উৎসাহ নাই৷ সি চেনিক মাছটো দি দিছে৷ চেনিয়ে নিৰুপায় হৈ মাছটো লৈছে আৰু দুয়ো ঘৰলৈ গৈছে৷ বাটত ককাকক লগ পাঁওতে চেনিয়ে সকলো কথা ককাকক  কৈছে আৰু তেওঁলোকৰ মনৰ অৱস্থা ককাকক জনাইছে৷ অৱশেষত চেনিয়ে বাঁহতললৈ মাছটো দলিয়াই দিছে৷  দুয়োৰে মনত এটাই প্ৰশ্ন– সেই চকু দুটা কাৰ? ককাৰ লগত তাৰ কি সম্পৰ্ক?

হীৰেন গোহাঁয়ে ‘অসমীয়া’ কাকতত তেওঁৰ এই গল্পটোৰ বিষয়ে উল্লেখ কৰিছে এনেদৰে– ‘‘... ৰুচিৰ সম্পৰ্কে সম্পূৰ্ণ উদাসীন বাবেই নেকি মহিম বৰাৰ গল্পই ব্যক্তি জীৱনৰ সংকীৰ্ণ গণ্ডী চেৰাই জীৱন-ৰহস্যৰ ভিত্তিত উপস্থিত হৈছেগৈ৷ ‘টোপ’, ‘ৰস’ প্ৰভৃতি গল্পত কোনেনা বিশেষ৷ চৰিত্ৰৰ বৈশিষ্ট্যতে গল্পৰ আৱেদন সীমাবদ্ধ নহয়– বৰং অনুমান হয় যেন মানৱ জীৱনৰ কেতবোৰ মৌলিক সমস্যাৰ ওপৰত তেনে গল্পই আলোকপাত কৰিছে৷ আমাৰ ব্যক্তিকেন্দ্ৰিক সমাজৰ দৃষ্টিকোণ অতিক্ৰম কৰিব পৰাটো বৰাৰ প্ৰখৰ চেতনা আৰু শিল্পী সূলভ তন্ময়তাৰ পৰিণাম৷’’ (অসমীয়া, ১৯৬৯, ডিচেম্বৰ)

‘অসমীয়া চুটিগল্পৰ বিৱৰ্তন’ গ্ৰন্থত তেওঁৰ ‘টোপ গল্পটোৰ বিষয়ে উল্লেখ আছে এনেদৰে– মহিম বৰাৰ চেতনাত তেওঁৰ কল্পলোকৰ স্পন্দিত জীৱনৰ অমেয় সম্ভাৱনাৰ  সৈতে নিয়ত সংঘৰ্ষৰ অৱস্থাত আছে এক ক্ৰমশীৰ্ণ, নিস্তৰংগ, প্ৰবাহৰুদ্ধ হোৱা জীৱনৰ ভয়াবহতাৰ গ্লানি আৰু আতংক৷ তেওঁৰ সাহিত্যও সেই অনুৰূপে প্ৰধানকৈ দুবিধ চিত্ৰকল্পৰ লীলায়িত খেলা, সিহঁতৰ সংগতি, দ্বন্দ্ব আৰু মীমাংসাত কবিতাৰ দৰে তেওঁৰ গল্পৰো আবেদন৷ ‘টোপ’ গল্পত হৰিবল ককাৰ চেতনাৰ গভীৰত এক অজান অপৰাধৰ গ্লানি– সেয়া ধীৰে ধীৰে সংক্ৰমিত হ’বলৈ ধৰিছে দুটি নাবালক কিশোৰৰ মনলৈ৷ গোটেই গল্পটো যেন জন্ম আৰু মৃত্যুৰ দুৰ্জেয় ৰহস্যৰ সন্ধান৷ চকু দুটা ... কেনেকুৱা ঠৰঙাঃ  সীমাবদ্ধ অভিজ্ঞতাৰ এটি কিশোৰ (বেণু)ৰ মনত জমা হোৱা এই ভয় গতিৰুদ্ধ জীৱনৰ প্ৰতি থকা স্বাভাৱিক মানৱীয় ভয় হৈ প্ৰকাশিত হৈছে৷ কিশোৰ- মনৰ জৰিয়তে  সেই কথা মূৰ্ত কৰি লেখকে  অসমীয়া গল্প সাহিত্যত এক নতুন আয়তন যোগ দিছে৷ গল্পৰ শেষত হৰিবল ককা যেন মায়া হৈ গ’ল৷ মাত্ৰ চকু দুটা বৰালী মাছৰ বুকুৰ দৰে বগা হৈ  একেথৰে জিলিকি উঠিল.... ৷ এই  চিত্ৰকল্পত শিঙিপুখৰীৰ মাদকতা ভৰা টলবল জীৱন মুহূৰ্তৰ বাবে এটি মৃত শিশুৰ ভয়ঙ্কৰ চকুযুৰিত ৰুদ্ধ হৈ গৈছে৷ মূলতঃ উপস্থাপিত চিত্ৰকল্পৰাজিৰ পাৰস্পৰিক সম্বন্ধৰ সন্ধানঃ এই দৃষ্টিকোণৰপৰা মহিম বৰাৰ শ্ৰেষ্ঠ গল্পসমূহক ৱিলচন নাইটৰ ভাষাৰে একোটিহঁত বিস্তৃত ৰূপক (expanded metaphor) বুলি অভিহিত কৰিব পাৰি৷ (অসমীয়া চুটিগল্প ঐতিহ্য আৰু বিৱৰ্তন, পৃষ্ঠা-২২৪)

'অসমীয়া চুটিগল্পৰ অধ্যয়ন' গ্ৰন্থত ‘টোপ’ গল্পৰ বিষয়ে উল্লেখ আছে এনেদৰে– মহিম বৰাৰ আন এটা পৰিৱেশপ্ৰধান গল্প টোপ৷ কাঠনিবাৰী ঘাটৰ দৰে টোপ গল্পৰো পৰিৱেশ চিত্ৰণ অতি মনোমোহা৷ বেণু আৰু চেনি নামৰ চৰিত্ৰ দুটাই বৰশী বাবৰ বাবে প্ৰয়োজন হোৱা বৰশীৰ বটীয়া বাতি দিবৰ বাবে গাঁৱৰে হৰিবল ককাৰ ওচৰ চাপে আৰু হৰিবল ককাই বাতি দিয়া বৰশীৰ বটিয়াৰে বৰশী বালে সফল হোৱা ঘটনাটো অতি বাস্তৱ চিত্ৰ ৰূপত বৰ্ণনা কৰা হৈছে৷ ‘টোপ’ গল্পৰ বিষয়বস্তু সাধাৰণ আৰু অজটিল৷ গাঁৱৰ মানুহে দৈনন্দিন জীৱনত বৰশী বাৱোৰ দৰে একোটা সামান্য কামকে কিমান গুৰুত্ব সহকাৰে কৰে; তাৰ আভাস গল্পটোত অতি স্পষ্ট হৈ উঠিছে৷ এই স্পষ্টতাৰ মাজেদি বেণু, চেনি আৰু হৰিবল ককাৰ চৰিত্ৰও পোহৰলৈ আহিছে৷ বেণু আৰু চেনিৰ চৰিত্ৰত ক্ৰিয়াশীলতা আছে; কিন্তু বৈচিত্ৰ্য নাই৷ তাৰ বিপৰীতে হৰিবল ককাৰ চৰিত্ৰটো বৈচিত্ৰ্যপূৰ্ণ৷ হৰিবল ককা অবিবাহিত আৰু গাঁৱৰ সকলো মানুহৰ উপকাৰ সাধি ভাল পোৱা বিধৰ মানুহ৷ উদাসীন জীৱন যাপন কৰা হৰিবল ককাৰ মুখৰ গালি আৰু অবাইচ মাত কথাই কাৰো মনত আঘাত নিদিয়ে৷ বৰং হৰিবল ককাৰ এনে অশালনী মাত কথাই সকলোকে আমোদহে দিয়ে৷ জীৱন ধাৰণ পদ্ধতি, মাত-কথা, আচৰণ আৰু কাম-কাজ সকলোতে এক বিশেষ ধৰণৰ মানুহ হিচাপে হৰিবল ককা এটা সাৰ্থক টাইপ চৰিত্ৰ৷ 

হৰিবল ককা নৈতিক চৰিত্ৰৰ প্ৰতি সচেতন৷ সেয়ে কোনোবাই এটা কেঁচুৱা মাটিত পুতি থোৱা কথা জানিব পাৰি সেই গাঁৱকে এৰি আন গাঁৱত বসতি কৰিবলৈ ল’লে৷ এইষাৰ কথাকে প্ৰকাশ কৰিবৰ বাবে বেণু আৰু চেনিয়ে বৰশী বাই পোৱা শল মাছটোৰ মাধ্যম গ্ৰহণ কৰা হৈছে৷ কিন্তু হৰিবল ককাৰ এই নৈতিকবোধ স্পষ্ট হৈ নুঠিল৷ আনহাতে লক্ষ্মীনাথ ফুকনৰ মেধি গল্পৰ মেধিৰ চৰিত্ৰটো গাঁৱৰ একশ্ৰেণী বিশেষ ধৰণৰ বুঢ়াৰ চৰিত্ৰ হিচাপে যিমান ক্ৰিয়াশীল হৈ উঠিল; মহিম বৰাৰ হৰিবল ককাৰ চৰিত্ৰ সিমান ক্ৰিয়াশীল হৈ উঠা দেখা দেখা নগ’ল৷ 

‘টোপ’ গল্পৰ ভাৱবস্তু বৈচিত্ৰ্যহীন যদিও গল্প হিচাপে আঙ্গিক কৌশলৰ কেইটামান বিশিষ্ট গুণৰ বাবে এটা ভাল গল্প হিচাপে স্বীকৃত হ’ব পাৰে৷ গল্পটোৰ প্ৰথম আৰু প্ৰধান বৈশিষ্ট্য হ’ল ইয়াৰ চিত্ৰবৎ বৰ্ণনা [Graphic narration]-ৰ মোহনীয়তা৷ গ্ৰাফিক বৰ্ণনাই গল্পক সাধাৰণতে বাস্তৱধৰ্মী কৰি তোলে৷ টোপ গল্পত যিখন বাস্তৱ ছবি অংকন কৰা হৈছে; সেই ছবিখন গ্ৰাম্য জীৱনৰ একাংশৰ এখন জীৱন্ত ছবি স্বৰূপ৷ সাহিত্য সমাজৰ দাপোণ স্বৰূপ আৰু চুটিগল্প যিহেতু জীৱনৰ এক খণ্ডিত অৱস্থাৰ চিত্ৰণ; গতিকে টোপ গল্পতো গ্ৰাম্য সমাজৰ এটা সীমিত দিশৰ প্ৰতিফলন অতি নিখুটভাৱে হৈ উঠিছে৷ দৰাচলতে এনে বাস্তৱধৰ্মী ছবিয়ে পাঠকৰ মনত বাস্তৱবোধ জন্মায় আৰু লগতে একপ্ৰকাৰ আমোদ দিবলৈ সমৰ্থ হয়৷ ‘টোপ’ গল্পৰ আন এটা মোহনীয় বৈশিষ্ট্য হ’ল নাট্যগুণধৰ্মিতা৷ বিষয়বস্তুৰ উপস্থাপনৰ আৰু সামৰণি নাটকীয় হ’লে গল্পই পাঠকক বাস্তৱবোধৰ যোগান ধৰিব পাৰে৷  ‘টোপ’ গল্পৰ আৰম্ভণি আৰু সামৰণি বৰ্ণনাভঙ্গী নাটকীয় আৰু এই নাট্যগুণধৰ্মিতাৰ বাবে গল্পটোৱে পাঠকৰ মনত ৰসৰ সঞ্চাৰ কৰিবলৈ সমৰ্থ হৈছে৷ ‘টোপ’ গল্পত ঘটনাৰ ঐক্য আৰু পৰিণতিমুখী উৎকণ্ঠাও লক্ষণীয় দিশ৷ ঘটনাৰ একমুখিতাই চুটি গল্পক স্বয়ং সম্পূৰ্ণ ৰূপ দিয়াত সহায় কৰে৷ ‘টোপ’ গল্পৰ বেলিকাও দেখা যায় যে, মূল ঘটনাৰ পৰা অকণো আঁতৰি নোযোৱাকৈ একক ঘটনা বিশেষক বৰ্ণনা কৰি যাওঁতে গল্পকাৰ গৰাকীয়ে পৰিণতিমুখী ঐক্যৰ প্ৰতি সজাগ দৃষ্টি ৰখা দেখা গৈছে৷ এনেবোৰ গুণবিশিষ্টতাৰ বাবেই টোপ এটা সফল গল্প বুলি ক’ব পৰা যায়৷ (অসমীয়া চুটিগল্পৰ অধ্যয়ন, প্ৰহ্লাদ কুমাৰ বৰুৱা, পৃষ্ঠা-২২৬)

পৰিশেষত ক’ব পাৰি অসমীয়া গ্ৰাম্য জনজীৱনটোক নিপোটল ৰূপত আৰু শুদ্ধ ৰূপত ধৰি ৰখাৰ লগতে অসমীয়া গ্ৰাম্য ভাৱ-ভাষা, ঘৰুৱা ভাষাৰ সুন্দৰ প্ৰয়োগেৰে মহিম বৰাই ‘টোপ’ গল্পটো নিৰ্মাণ কৰি গল্পকাৰ ৰূপে সফল হ’ব পাৰিছে৷ অদূৰ ভৱিষ্যতে অসমৰ ইতিহাস অধ্যয়নৰ বাবেও এইধৰণৰ প্ৰাসংগিক গল্পসমূহে তথ্য আৰু সমল যোগান ধৰিব পাৰিব৷

© ভাস্কৰ ভূঞা, গৱেষক ছাত্ৰ, গুৱাহাটী বিশ্ববিদ্যালয়,  ফোন-৮৭৫১৯৪৩৩৮৭

Post a Comment

0 Comments