* অসমীয়া আধুনিক গীত আৰু চলচিত্ৰৰ ক্ষেত্ৰখনত জুবিন গাৰ্গৰ গুৰুত্ব আৰু প্ৰাসংগিকতা কিমান; সেয়া অসমৰ মানুহক লেখাৰ জৰিয়তে পৃথককৈ নুবুজালেও হয়৷ স্বকীয় সুললিত কণ্ঠ, সংগীত-চলচিত্ৰ বিষয়ক নেতৃত্বমূলক কাম-কাজৰ লগতে অসম আৰু অসমীয়াৰ সুখ-দুখক সাংস্কৃতিক আৰু সামাজিক নেতৃত্ব দি জুবিন গাৰ্গ ইতিমধ্যেই আমাৰ প্ৰত্যেকটো পৰিয়ালৰে একোজন সক্ৰিয় সদস্যৰ দৰেই হৈ পৰিছে৷ জুবিন গাৰ্গৰ কণ্ঠ অসমৰ লগতে ভাৰতবৰ্ষৰে নতুন প্ৰজন্মটোৰ দৈনন্দিন জীৱনৰ এটি অংশস্বৰূপ হৈ পৰিছে৷ সেইদৰে বৃহত্তৰ অসমীয়া জাতিৰ ‘হিয়াৰ আমঠু’ বুলি ক’লে কেইজনমান নিৰ্দিষ্ট ব্যক্তিৰ পাচতেই জুবিনৰ নামটোৱেই হয়তো সকলোৱেই আন্তৰিকতা আৰু গৰ্বেৰে ল’ব৷ জুবিন জীয়াই থাকোঁতেই নিজৰ স্বকীয় প্ৰতিভাৰে এটা সামাজিক অনুষ্ঠান হৈ পৰিল– এয়া ক’ব লাগে বাবে কোৱা কথা নহয়৷ সাম্প্ৰতিক সময়ত জুবিন গাৰ্গ ভাৰতবৰ্ষৰে জীৱন্ত কিংবদন্তি, এয়া ‘সূৰ্য’ৰ দৰেই সত্য আৰু বাস্তৱ৷
জুবিন গাৰ্গে নিজে ৰচনা কৰা আৰু সুৰ কৰা গীতবোৰৰ উপৰিও তেওঁৰ দৰদী কণ্ঠত প্ৰাণ পায় উঠিছিল দিগন্ত ভাৰতীৰ দৰে জনপ্ৰিয় গীতিকাৰৰ গীতৰ কথাংশই৷ পৰৱৰ্তী সময়ত হীৰেন ভট্টাচাৰ্য, মানস ৰবিন, ইবচন লাল বৰুৱা, দিগন্ত কলিতা, প্ৰশান্ত বৰদলৈ, কৈলাস নাথ শৰ্মা আদিকে মূখ্য কৰি আৰু অন্যান্য বহুকেইজন গীতিকাৰে জুবিনৰ সংগীত যাত্ৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে৷ সেইদৰে তেওঁ কবিতা কৃষ্ণমূৰ্তি, উদিত নাৰায়ন, মহালক্ষ্মী আয়াৰ, চান, শ্ৰেয়া ঘোষালৰ দৰে বলিউদৰ সংগীত শিল্পীক অসমীয়া গীতত কণ্ঠদান কৰোৱাইছিল৷ ‘মাতে পকা ধানে ৰিঙিয়াই’ [২০০৩]ৰ দৰে বনগীতৰ একক শ্ৰব্য কেছেট; ‘ৰুনজুন’ [২০১২]ৰ দৰে গীতিকাৰ কৈলাস নাথ শৰ্মাই লিখা ৮ টা গীতৰ একক সংকলন, লোকগীতৰ শ্ৰব্য কেছেট যেনে– কামৰূপী লোকগীত- চুটি শালিকী, ফুলেশ্বৰী; টোকাৰী গীতৰ কেছেট– ‘ৰত্নাকৰ’, ‘বান্ধৈ’; হৰিনামৰ কেছেট– ‘শিৰোমণি’ আদি কামবোৰো জুবিন গাৰ্গে কৰিছিল৷ এই কামবোৰত বিনোদন আৰু ব্যৱসায়িক দিশটোৰ লগতে পৰোক্ষভাৱে জুবিনৰ অসম প্ৰীতি আৰু অসমৰ ঐতিহ্যৰ ওপৰত থকা আস্থাৰ দিশটোও প্ৰকাশ পাইছে ।
জুবিন গাৰ্গে গীতিকাৰ(Lyricist), সুৰকাৰ(Composer) বা সংগীত পৰিচালক (Music Director) হিচাপে যিমান কাম কৰিছে, তাতকৈ বেছি আনে লিখা আৰু সুৰ কৰা গীতত কণ্ঠ দিছে৷ এই কথাটোৱে বহু সময়ত জুবিন গাৰ্গৰ সংগীত জীৱনত ইতিবাচক বা নেতিবাচক প্ৰভাৱো পেলাইছে৷ কাৰণ জুবিনে বহু সংখ্যক গীতিকাৰে লিখা গীতত কণ্ঠদান কৰিছে; কিন্তু ৰাইজে সেইবোৰৰ গীতিকাৰ জুবিন গাৰ্গ বুলিয়েই ভাৱে ৷ (আজিও অসমত গীতিকাৰক পৃথককৈ চোৱা নহয় বা সন্মানো দিয়া নহয়৷ বহু সংখ্যকে গীত এটা কোনে লিখিছে, সেয়া বিচাৰ নকৰি কণ্ঠশিল্পীজনকে গীতটোৰ ৰচক বুলি ভাবি লয়) জুবিন গাৰ্গৰ গীতি সাহিত্যৰ মূল্য সম্পৰ্কে ক’ব বিচৰাসকলৰো প্ৰায়ভাগৰে এই সমস্যাটো আছে৷ সমান্তৰালভাৱে জুবিন গাৰ্গে অসমৰ বিহুগীত, বনগীত, হৰিনাম, টোকাৰী নামৰ ক্ষেত্ৰখনলৈ এক অভাৱনীয় পৰিৱৰ্তন আনিলে৷ তেওঁ অসমীয়া গীতৰ এই বিধাবোৰতো প্ৰতিনিধিত্বকাৰী সংগীতশিল্পী হিচাপেই কাম কৰিছে৷ তেওঁৰ কণ্ঠতহে মানুহে এইবোৰ গীত শুনি ভাল পায়৷ বিংশ শতিকাৰ শেষৰফালৰ পৰাই অসমীয়া বিহুগীত, বিহুসুৰীয়া গীত আদিও জুবিন গাৰ্গৰ কণ্ঠত অসমৰ ইমূৰৰপৰা সিমূৰলৈ যি ব্যাপক প্ৰচলন আৰু জনপ্ৰিয় হৈ পৰিছিল; তাৰ প্ৰভাৱ আজিও সেই একেই আছে৷ বৰঞ্চ বাঢ়িছেহে৷
জিতুল সোণোৱাল, দিগন্ত ভাৰতী, মানস ৰবিন বা জুবিন গাৰ্গৰ সমসাময়িকসকলে অসমীয়া গীতি সাহিত্যৰ দিশটোলৈ এটি অভাৱনীয় পৰিৱৰ্তন আনি দিলে৷ সেয়া হ’ল– গৰিষ্ঠ সংখ্যক গীতৰ কথাংশত শব্দ চয়নৰ যি অভিধা-লক্ষণা-ব্যঞ্জনা, প্ৰতীক, চিত্ৰকল্প, ৰূপকৰ প্ৰয়োগ, প্ৰতীকাত্মকভাৱে মনৰ ধাৰণা প্ৰকাশ কৰা শিল্পৰ যি প্ৰধান বৈশিষ্ট্য; সেয়া বহু সময়ত পুৰণি ধাৰাটোক অৱজ্ঞা কৰি পোনপটীয়াকৈয়ে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ ল’লে৷ চিন্তা আৰু অনুভৱৰ এই পোনপটীয়া প্ৰকাশে বহু সময়ত অন্যান্য গীতিকাৰৰ দৰে জুবিন গাৰ্গৰ গীতৰ কথাংশৰ স্থায়ীত্ব আৰু প্ৰভাৱশালীতাত প্ৰশ্নবোধকৰ সৃষ্টি নকৰাকৈ থকা নাই৷ শিল্পৰ যি সৌন্দৰ্যবোধ, সেয়া কলাত্মকভাৱে বৰ্ণনা কৰাতহে লেখক বা এজন গীতিকাৰৰ সফলতা নিৰ্ভৰ কৰে৷ কিন্তু এইটোও সত্য– কেৱল সাহিত্যিক দৃষ্টিভংগীৰে লক্ষ্য নকৰি যদি আমি সমকালীন সমাজ, শ্ৰোতাৰ মনস্তত্ব বা জনপ্ৰিয়তাৰ দিশেৰে লক্ষ্য কৰোঁ; তেন্তে এইসকল গীতিকাৰৰ গীতবোৰ নতুন প্ৰজন্মৰ মাজলৈ যোৱাৰ পৰিসৰটো তুলনামূলকভাৱে ইতিবাচকহে৷ দ্বিতীয়তে জুবিন গাৰ্গৰ সংগীতৰ উত্থানেই সমাজমুখী নহয়, জনমুখীহে৷
যুগ পৰিৱৰ্তন আৰু শ্ৰোতাৰ বিনোদনৰ বিষয়টোও জুবিন গাৰ্গৰ গীতৰ লগত জড়িত৷ জুবিন গাৰ্গৰ গীতত বাদ্যযন্ত্ৰয়ো এটি বিশেষ ভূমিকা পালন কৰে৷ তেওঁ প্ৰাচ্য-পাশ্চাত্য উভয়ৰে বাদ্যযন্ত্ৰসমূহ গীতত সঠিক ব্যৱহাৰ কৰিছে৷ সেয়েহে তেওঁৰ গীতৰ সুৰ, তাল, লহৰ আদিত কেৱল অসমীয়া গোন্ধ থকাৰ বিপৰীতে ভাৰতীয় আৰু প্ৰাশ্চাত্য সংগীতৰ প্ৰভাৱ লক্ষ্য কৰা যায়৷
অন্য এটা প্ৰসংগলৈ আহিছোঁ– গীতি সাহিত্যৰ তাত্বিক দৃষ্টিভংগীৰে আমি যে জুবিন গাৰ্গক সমালোচনা কৰোঁ; আমাৰ বৌদ্ধিক সমাজখনে সাহিত্য-সংগীতৰ ক্ষেত্ৰখনত জুবিন গাৰ্গৰ সামগ্ৰিক সৃষ্টিৰাজিৰ প্ৰকৃত মূল্যায়ন কৰি উপযুক্ত স্থানত ৰাখিব পাৰিলোঁনে! জুবিন গাৰ্গৰ গীতৰ বৌদ্ধিক সমালোচনা অসমীয়া সাহিত্যত আজিৰ তাৰিখলৈকে কিমান হৈছে! কিমানে জুবিন গাৰ্গৰ গীতিধৰ্মিতাৰ বিষয়ে সমালোচনা কৰিছে! কেইজন সমালোচকে তেওঁৰ কণ্ঠ, সুৰ-তাল-লহৰৰ প্ৰাণ-প্ৰাচুৰ্যতাৰ বিজ্ঞানসন্মত সমালোচনা কৰিছে! বলিউদৰো শ্ৰেষ্ঠসংগীত শিল্পীৰ পুৰস্কাৰ আজুৰি অনা জুবিন গাৰ্গৰ গীত আৰু কণ্ঠত কি আছে, কি নাই– তাৰ সমালোচনা কৰি কেইজনে তেওঁক পথ দেখুৱাই দিছে!
অসমৰ নৱ-প্ৰজন্মক হিন্দী বলয়ৰ গীতৰ মাজত মন-মানসিকতা সপিবলৈ নিদি অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক-সংগীতৰপৰা আৰম্ভ কৰি অসমীয়া ভাষাৰ নিজস্ব সুৰ, তাল আৰু লয়ত গীত শুনাবলৈ যদি কোনো এজন গায়ক এককভাৱে সফল হৈছে, তেন্তে সেইজন হ’ল- জুবিন গাৰ্গ৷ তেওঁ অসমৰ বিভিন্ন স্থানীয় ভাষাত গান গাইছে৷ ‘অনামিকা’ [১৯৯২]ৰ পৰা সাম্প্ৰতিক ‘চিলা’[২০২০]লৈকে একেটা গতিৰে, একেই উত্থানেৰে জুবিন গাৰ্গে যি দৃঢ়তাৰে আৰু বলিষ্ঠভাৱে অসমৰ সংগীত জগতক জীপাল কৰি ৰাখিছে; ইয়াৰ প্ৰভাৱ সংগীতৰ ক্ষেত্ৰখনত আজীৱন সোণালী আখৰেৰে জিলিকি থাকিব৷ জুবিন গাৰ্গৰ কণ্ঠৰ যি মায়াজাল; সুৰ আৰু তাল পক্ষেপনৰ যি চমৎকাৰিত্ব; সেয়া হয়তো সাম্প্ৰতিক সময়ছোৱাৰ কথাটো নকওঁৱেই; ভৱিষ্যতেও যে অসমত কোনোবা এজন উলাব, সেয়াচোন ভাবিবলৈকে ভয় লাগে! গায়ক অনাগত দিনত অনেক উলাব৷ গীতিকাৰ, সুৰকাৰো উলাব ৷ কিন্তু জুবিন গাৰ্গ প্ৰকৃততেই ‘ষ্টাৰ’ নহৈ এটা ‘সূৰ্য’ হৈ অসমৰ আকাশে-বতাহে চিৰদিন জিলিকি থাকিব৷ তাত তিলমানো সন্দেহ নাই৷
আধুনিক অসমীয়া গীতৰ এজন প্ৰতিনিধিত্বকাৰী সংগীতশিল্পী জুবিন গাৰ্গে গীতৰ সুৰ আৰু প্ৰকাশভংগীলৈ যি নতুনত্ব আৰু অভিনৱত্ব কঢ়িয়াই আনিবলৈ সক্ষম হ’ল; সেয়া অসমীয়া সংগীতৰ বাবে এটি অভাৱনীয় ঘটনা আছিল৷ অৱশ্যে এই ধাৰাটো জিতুল সোণোৱালৰ গীতত প্ৰথমবাৰৰ বাবে দেখা পোৱা গৈছিল৷ পৰৱৰ্তী সময়ত বিভিন্ন কাৰণত জিতুল সোণোৱালে এই ধাৰাটো অব্যাহত ৰাখিব নোৱাৰিলে৷ (লোকনাথ গোস্বামীয়ে এই প্ৰসংগত কৈছে– কেছেটৰ মাধ্যমেদি ন-পুৰণি বহু শিল্পী মুকলিকৈ ওলাই আহে যদিও তাৰ মাজত বিশেষভাৱে উজ্বলি উঠে এগৰাকী যুৱশিল্পী জিতুল সোণোৱাল৷ উজনিৰ পৰা আহি গুৱাহাটী মহানগৰীত থিতাপি লৈ খুব কম সময়ৰ ভিতৰতে নিজৰ সাৱলীল কণ্ঠ, গায়কী আৰু নতুনধৰ্মী ৰচনাৰে ৰাইজৰ মাজত, বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত সাংঘাটিকভাৱে জনপ্ৰিয় হৈ পৰে৷ কিন্তু অসমীয়া আধুনিক গানৰ চহকী প্ৰৱাহৰ মাজত সৃষ্টিৰ বহু সীমাবদ্ধতাৰ কাৰণে জিতুলৰ গানৰ চমকে দীৰ্ঘদিনীয়া স্থায়ীত্ব নাপালে৷ ) কিন্তু জিতুল সোণোৱালে আৰম্ভ কৰা সেই ধাৰাটোতেই জুবিন গাৰ্গে গীত ৰচনা কৰি ‘অনামিকা’ শ্ৰব্য কেছেটৰ দ্বাৰা অসমৰ আকাশ-বতাহে নতুন এটি যুগৰ শুভাৰম্ভ ঘটালে৷ তেওঁৰ কণ্ঠ অসমীয়া গীতৰ বাণিজ্যিক ধাৰাটোৰ বাবে সোণত সুৱগা চৰোৱা হৈ পৰিল৷ আজি অসমত গায়ক অজস্ৰজন হৈছে৷ কিন্তু সুৰ, কণ্ঠ, গীতৰ প্ৰকাশভংগী, গায়কী, হামিং আদি ক্ষেত্ৰসমূহত সেই যেন জুবিনৰ শৈলীটোৰে প্ৰতিধ্বনি৷ অৱশ্যে সুৰ আৰু তাল সৃষ্টিৰ ক্ষেত্ৰত জুবিন গাৰ্গে অসমীয়া সংগীতত যি একক প্ৰতিষ্ঠা লাভ কৰিলে; গীত ৰচনাৰ ক্ষেত্ৰত কিন্তু সেই ধাৰাবাহিকতাৰ বিকাশ দেখা পোৱা নগ’ল৷ তেওঁ শেহতীয়াকৈ যিখিনি গান লিখিছে, তাৰ বেছিভাগতেই পূৰ্বৰ সেই ৰূপ, লাৱণ্য, সজীৱতা নাই৷ গীত লিখাৰ পৰিমাণো পূৰ্বৰ তুলনাত বহু পৰিমাণে কমি গ’ল৷
সি যি কি নহওঁক– জুবিনৰ গায়কশৈলী আৰু কণ্ঠক ‘টু’ বুলি প্ৰশ্ন কৰিব নোৱাৰা অসমৰ যিকোনো মানুহেই আজিৰ তাৰিখত জুবিনৰ গীতি সাহিত্যৰ বিষয়টোক লৈ প্ৰশ্ন কৰিব পাৰে! আজিৰ তাৰিখত জুবিনৰ গৰিষ্ঠসংখ্যক গানৰ মুখ্য বিষয় যেন কেৱল ‘তৰল প্ৰেম’৷ ইয়াৰ উপৰিও অসমৰ সমাজ জীৱন সম্পৰ্কীয় বিষয়বোৰ জুবিনৰ গীতত তুলনামূলকভাৱে কমি আহিছে বুলিও আক্ষেপ শুনা যায়৷ মাজে মাজে মঞ্চত জুবিনে সৃষ্টি কৰা অপ্ৰীতিকৰ পৰিৱেশৰ বাবেও জুবিন সততে সমালোচনাৰ সন্মুখীন হয়৷
অসমৰ গীতি সাহিত্যৰ ক্ষেত্ৰখনত বিষ্ণুৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, পাৰ্বতিপ্ৰসাদ বৰুৱা, ৰুদ্ৰ বৰুৱা, নৱকান্ত বৰুৱা, ভূপেন হাজৰিকাৰ দৰে ব্যক্তিক যেনেদৰে স্থান দিয়ে, জুবিনকো মানুহে সেই ৰূপতেই চাবলৈ বিচাৰে৷ জুবিনক আমি কেৱল ‘নৱ-প্ৰজন্মৰ’ ‘হাৰ্থ থ্ৰব্’ হোৱাটোৱেই নিবিচাৰোঁ, জুবিন হওঁক অসমৰ আবাল-বৃদ্ধ-বনিতাৰ প্ৰাণৰ স্পন্দন৷ জুবিন জনমুখী আৰু বানিজ্যিকধৰ্মী হোৱাৰ সমান্তৰালভাৱে সমাজমুখী হোৱাটোও মনে-প্ৰাণে কামনা কৰোঁ৷ জাতিৰ সন্ধিক্ষণত আমি ‘জুবিনৰ গান’ সাহস হৈ থকাটো বিচাৰো৷ যেনেদৰে ভূপেন হাজৰিকা যুগে যুগে আমাৰ মাজত তেওঁৰ গীতৰ কথাৰ মাজেৰেই জীয়াই থাকিব৷ পিছে আমি আশাহে কৰিব পাৰোঁ৷ নিৰ্দেশনা কেনেকৈ দিম বা দিয়াৰ যুক্তিযুক্ততা ক’ত! তেওঁৰ ‘অনামিকা’ শ্ৰব্য কেছেটৰ বকলাতেই স্পষ্টকৈ ‘ৰোমাণ্টিকগীতৰ কেছেট’ বুলি উল্লেখ আছে৷ গতিকে ৰোমাণ্টিকতাই যে জুবিনৰ গীতৰ মূল লক্ষ্য সেয়া আমি স্বীকাৰ কৰি লোৱাৰ বাহিৰে গত্যন্তৰ নাই৷ আমিও অনুভৱ কৰোঁ– শেহতীয়াকৈ অসমীয়া সংগীতৰ ক্ষেত্ৰখনলৈ জুবিন গাৰ্গৰ যি অৱদান, তাত জাতিটোৱে দম্ভ কৰিব পৰাকৈ গীতি সাহিত্যৰ পৰিমাণ তেনেই কম৷ তেওঁৰ গীত সমাজমুখী হোৱাটো বিচাৰোঁ, কিন্তু বানিজ্যিক দিশটোত গুৰুত্ব দিবলৈ হ’লে তেওঁ কেৱল অসম আৰু অসমীয়া বুলি চিঞৰিলেই জুবিন গাৰ্গ সফল হ’বনে, সেয়াও বিচাৰ্যৰ বিষয়!
বিশ্বায়ন, গোলকীকৰণ, মানুহৰ জীৱন ধাৰণৰ প্ৰণালীৰ ক্ষিপ্ৰ পৰিৱৰ্তন আদি বিভিন্ন কাৰকে জুবিন গাৰ্গৰ সামগ্ৰিক চেতনালৈ হয়তো সমকালীন অসমীয়া সংগীতৰ ধাৰাতকৈ কিছু পৰিৱৰ্তন ক্ষিপ্ৰভাৱেই আনি দিছে৷ কিন্তু জুবিন গাৰ্গে এইটো পাহৰিলে নহ’ব তেওঁক আদৰ্শ বুলি ভাবি অসমৰ লাখ-লাখ যুৱক-যুৱতী তেওঁৰ পথেৰেই খোজ দিবলৈ প্ৰৱল আশাৰে ৰৈ আছে৷ আজি জুবিন গাৰ্গে ইচ্চা কৰিলে এটা মাত্ৰ ‘ফেচবুক পোষ্ট’ৰ দ্বাৰাই অসমৰ বহু বিষয়লৈ বিপ্লৱ আৰু পৰিৱৰ্তন আনি দিব পাৰে৷ অসমীয়া সংস্কৃতিৰ নতুন ৰূপ এটা ইচ্ছা কৰিলেই জাপি দিব পাৰে৷ সেই সাহস আৰু প্ৰভাৱ জুবিন গাৰ্গৰ আছে৷ গতিকে জুবিন গাৰ্গৰ সামাজিক দায়বদ্ধতা অন্যান্য গায়ক-গীতিকাৰতকৈ অনেক দিশত বেছি৷ জুবিন এটি সামগ্ৰিক অৰ্থত ‘অসম’ হৈ পৰিছে৷ গতিকে ৰাজ্যখনৰ সাংস্কৃতিক পৰিমণ্ডলটোৱে কোন দিশলৈ গতি কৰিব তাৰ গতিবিধি জুবিন গাৰ্গৰ দায়বদ্ধতাৰ ওপৰতে সেয়া বহু পৰিমাণে নিৰ্ভৰ কৰিছে৷ জুবিন গাৰ্গ বুলিলেই আমাৰ বুকুত যি সাহস এতিয়া আছে, সেয়া যেন যুগে যুগে একে ৰূপতেই বৰ্তি থাকে৷ অন্যান্য পাবত গজা গায়কৰ দৰে জুবিন গাৰ্গক আমি কোনো দিনে কেৱল ‘কণ্ঠশিল্পী’ ৰূপতে বিচৰা নাই আৰু নিবিচাৰো৷ কণ্ঠত তেওঁ যেনেদৰে অদ্বিতীয়, গীতৰ কথা আৰু শব্দ প্ৰয়োগৰ ক্ষেত্ৰখনতো আমি তেওঁক সেই অদ্বিতীয় ৰূপতেই বিচাৰোঁ৷ ভূপেন হাজৰিকাৰ পৰৱৰ্তী অসমীয়া সংগীত জগতখনৰ গুৰুভাৰ জুবিনে কান্ধপাতি লোৱাটো বিচাৰোঁ৷ সেই দায়িত্ব জুবিনক অসমৰ ৰাইজে নিজে জাপি দিছে; তেওঁৰ ওপৰত ভৰষা কৰিছে৷ গতিকে তেওঁৰ দায়বদ্ধতা আন দহজনতকৈ সতগুণে বেছি৷ জুবিনৰ গীতত সাহিত্যিক মৰ্যাদা কমি অহা মানে অসমীয়া সংগীতৰ ক্ষেত্ৰখনলৈকে ভয়াবহ বিপদ নামি অহা৷ কেতিয়াবা জুবিন গাৰ্গ কায়িকভাৱে আমাৰ মাজত থাকক বা নাথাকক; তেওঁৰ নামটো শুনিলেই যাতে প্ৰজন্মৰ পাচত প্ৰজন্মই বুকু ডাঠ কৰি গৰ্ব কৰি থাকিব পাৰে; আমি সেই আশাহে অধিকৰূপত কৰোঁ৷
অন্য এটি বিষয় আলোচনাৰ মাজলৈ আনিব বিচাৰিছোঁ– শেহতীয়াকৈ জুবিন গাৰ্গৰ সামগ্ৰিক কাম-কাজত একাংশ অসাধু আৰু স্বাৰ্থসিদ্ধিৰ তাড়নাত ব্যস্ত মানুহে দখল কৰিছে বুলি অনুভৱ হয়৷ জুবিন গাৰ্গৰ সৃষ্টিশীলতাকো যেন একাংশই নিজৰ প্ৰয়োজনত ব্যৱহাৰ কৰিছে৷অসংখ্য ফেন-ফ’লৱাৰে অনবৰতে আগুৰি ধৰি জনা-নজনাকৈয়ে এই মানুহজনক এটা বেলেগ জীৱন দিবলৈ যত্ন কৰিছে৷ চ’চিয়েল মিডিয়াত এই বিষয়টোৰ সৰ্বাধিক চৰ্চা হৈছে৷ এই ৰূপত থাকিলে অসমৰ বুকুৰ আমঠু মানুহজনৰ সাংস্কৃতিক দিশটোৰ ভৱিষ্যত কি হ’বগৈ; তাক লৈ প্ৰায়ে চিন্তিত হওঁ৷ আশা কৰোঁ– তেওঁৰ যি বিশাল প্ৰতিভা; ‘সূৰ্য’ হৈয়ো সাধাৰণভাৱে থাকিব পৰা যি জীৱনবোধ, সেয়া যেন তেওঁৰ শুভাকাংক্ষীসকলেও নিৰৱে থাকি অনুভৱ কৰিব পাৰে৷
অসমৰ সাহিত্য সমালোচক বা বৌদ্ধিক সমাজখনে আজি পৰ্যন্ত জুবিন গাৰ্গৰ সামগ্ৰিকতা সামৰি ছপা মাধ্যমত যি ধৰণৰ ইতিবাচক সমালোচনা কৰিব লাগিছিল; সেয়া কৰা নাই বুলি পূৰ্বতেও কৈ আহিছোঁ৷ টেলিভিছন আৰু নব্য মাধ্যমতহে যেন জুবিন গাৰ্গৰ গুৰুত্ব আছে৷ ‘জুবিন’ মানেই যেন ‘টেলিভিছন’ৰ টিআৰপি৷ জুবিন মানেই যেন ফাংচনৰ ‘হৈ-হাল্লা’ ৷ জুবিনৰ মন্তব্য এটাই যেন চ’চিয়েল মিডিয়াৰ বিতৰ্কৰ অজুহাত৷ কিন্তু এটা জাতিৰ বুকুৰ ধিপ্ধিপনি যে জুবিন নামৰ সত্ত্বাটোৱে অকলে বহন কৰি আছে, আৰু অনাগত দিনতো থাকিব লাগিব; সেয়া আমাৰ এই সচেতন বা বহু পৰিমাণে অসচেতন সমাজখনে বুজিব কেতিয়া! জুবিনক কোনোবাই সমালোচনা কৰিব পাৰে৷ তেওঁৰ কেতবোৰ কৰ্ম-কাৰ্যক সমৰ্থন নকৰিব পাৰে– এয়া অস্বাভাৱিক নহয়৷ কিন্তু জুবিনক কোনেও অস্বীকাৰ কৰিব নোৱাৰে৷
পৰিশেষত কওঁ এই লেখাটিৰ জৰিয়তে জুবিন গাৰ্গৰ বিশাল প্ৰতিভাৰাজিৰ বিষয়ে কেৱল এটা সংক্ষিপ্ত আভাসহে দিব বিচৰা হৈছে৷ তেওঁৰ বিষয়ে লিখিবলৈ আৰু তেওঁ লিখা গীতৰ সমালোচনা কৰিবলৈ হাজাৰ হাজাৰ বিষয় এতিয়াও বাকী আছে৷ লেখাটোত তেওঁৰ বিষয়ে যি সমালোচনা কৰা হৈছে সেয়াও ইতিবাচক সমালোচনাহে৷ জুবিন গাৰ্গক পৰামৰ্শ বা তেওঁৰ কৰ্মপদ্ধতি নিৰ্ণয় কৰি দিয়াৰ তিলমাত্ৰ ধৃষ্টতাও এই লেখাত কৰা হোৱা নাই৷ কিন্তু আমাৰ বুকুৰ আপোন মানুহজনক যেন আমি কেতবোৰ অবাঞ্চিত কাৰণত হেৰুৱাবলগীয়া নহয়৷ তেওঁৰ যি বিশাল প্ৰতিভা, অসমীয়া জাতিৰ বাবে তেওঁৰ যি অকুণ্ঠ স্বদেশপ্ৰীতি; সেয়া যেন গছৰ কেৱল আগ অংশ নহৈ পুৰঠ মঙহাল গুড়িৰ দৰেই সবল আৰু বলিষ্ঠ হয়– তাৰ বাবেহে অনুৰাগী হিচাপে আমাৰ এই চিন্তাৰ পাতনি ।
© ভাস্কৰ ভূঞা, গৱেষক ছাত্ৰ, গুৱাহাটী বিশ্ববিদ্যালয়, ফোন-৮৭৫১৯৪৩৩৮৭
0 Comments