অসমৰ আধুনিক গীত আৰু চলচ্ছিত্ৰৰ ক্ষেত্ৰখনত জুবিন গাৰ্গৰ গুৰুত্ব বা তেখেতৰ প্ৰাসংগিকতা কিমান– সেয়াগভীৰভাৱে অনুধাৱন কৰিবলগীয়া এটি বিষয়৷ অসাধাৰণ সুললিত কণ্ঠ, বিশ্বমানৰ সুৰ সৃষ্টি আৰু সংগীত-চলচ্ছিত্ৰ নিৰ্মাণৰ উপৰি এই দুয়োটা মাধ্যমক একবিংশ শতিকাটোত বলিষ্ঠ পৃষ্ঠভূমি প্ৰদান কৰি অসম আৰু অসমীয়াৰ সুখ-দুখক সবল নেতৃত্ব দি জুবিন গাৰ্গ আমাৰ প্ৰত্যেকখন ঘৰৰে পৰিয়ালৰ সদস্যৰ দৰে হৈ পৰিছিল৷ সেইদৰে জুবিন গাৰ্গৰ গীত আৰু কণ্ঠ বিংশ শতিকাৰ শেষ দশকৰ পৰা সাম্প্ৰতিক সময়লৈকে অসমৰ গৰিষ্ঠসংখ্যক জনসাধাৰণৰ জীৱনৰ এটি অংশস্বৰূপ হৈ পৰিছে৷ বৃহত্তৰ অসমীয়া জাতিৰ ‘হিয়াৰ আমঠু’ বুলি ক’লে কেইজনমান নিৰ্দিষ্ট ব্যক্তিৰ পাচতেই জুবিন গাৰ্গৰ নামটোৱেই হয়তো সকলোৱেই আন্তৰিকতা আৰু গৰ্বেৰে ল’ব৷ জুবিন গাৰ্গ জীয়াই থাকোঁতেই স্বকীয় প্ৰতিভাৰে এটা সামাজিক অনুষ্ঠান হৈ পৰিছিল৷ সাম্প্ৰতিক সময়ত জুবিন গাৰ্গ ভাৰতবৰ্ষৰে কিংবদন্তি স্বৰূপ; এয়া ‘সূৰ্য’ৰ দৰেই সত্য আৰু বাস্তৱ৷ তেখেতৰ মৃত্যুৰ পাচত অসমত উদ্ভৱ হোৱা অবৰ্ণনীয় পৰিস্থিতিয়ে প্ৰমাণ কৰি দিলে– ‘জুবিন গাৰ্গ’ নামৰ মানুহজন ৰাইজৰ বুকুৰ কিমান গভীৰলৈকে শিপাই আছিল৷
আধুনিক অসমীয়া সংগীতক জ্যোতিপ্ৰসাদ আগৰৱালা বা বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে প্ৰতিনিধিত্বমূলক গীতিকাৰ, সুৰকাৰসকলে যিৰূপত সমৃদ্ধ কৰিছিল, তাৰ পৰৱৰ্তী সময়ত অসমীয়া সংগীতক এক নিৰ্দিষ্ট উন্নত পৰ্যালৈকে আগবঢ়াই নিছিল ভাৰতৰত্ন ড॰ ভূপেন হাজৰিকাই৷ এই জয়যাত্ৰাক পত্ৰে-পুষ্পে জনপ্ৰিয় আৰু ব্যাপক পৰিসৰলৈ প্ৰসাৰিত কৰিলে জুবিন গাৰ্গে৷
অসমৰ সংগীত জগতত জুবিন গাৰ্গৰ অৱস্থান, গুৰুত্ব আৰু বহুমাত্ৰিক অৱদান কেনেধৰণৰ বা জুবিন গাৰ্গ নামৰ ব্যক্তিজন অসমীয়া সংগীতৰ ক্ষেত্ৰখনত কিয় একক আৰু অনন্য? মূলতঃ জুবিন গাৰ্গে অসমীয়া আধুনিক গীতত সমাজ সচেতনতাৰ গীত নিলিখি বজাৰমুখী আৰু ৰোমাণ্টিকধৰ্মী এটা ধাৰাৰ শুভাৰম্ভ ঘটালে৷ সামাজিক চেতনাৰ বিপৰীতে প্ৰেম সম্পৰ্কীয় চেতনাই জুবিন গাৰ্গৰ গীতত অধিক গুৰুত্ব পালে৷ সমান্তৰালভাৱে আধুনিক অসমীয়া গীতত বিশ্বমানৰ বাদ্যযন্ত্ৰ আৰু সংগীতৰ বিভিন্ন আধুনিক সা-সঁজুলিৰ প্ৰয়োগৰ যি আৰম্ভণি, সেয়া জুবিন গাৰ্গৰ সময়ৰ পৰাহে উত্তৰ-পূৰ্বাঞ্চলতে বিশেষ ৰূপত আৰম্ভ হয়৷
জুবিন গাৰ্গ সম্পৰ্কীয় গীতৰ আলোচনাত প্ৰায়েই তেখেতৰ গীতিসাহিত্য বা তেখেতৰ দ্বাৰা নিৰ্মিত সংগীতৰ ধৰণ-কৰণক পূৰ্বৰ গীতিকাৰ, সুৰকাৰৰ সৈতে একে তুলাচনীত ৰাখি লৈ আলোচনা কৰা দেখা যায়৷ কিন্তু জুবিন গাৰ্গৰ গীতি সাহিত্যতকৈ তাৰ উপস্থাপন আৰু পৰিৱেশন কৌশলৰহে অধিক গুৰুত্ব আছে৷ এই উপস্থাপন আৰু কৌশল– অসমীয়া সংগীতৰ বাবেই এক পৃথক ধাৰাৰ আৰম্ভণি৷ পৃথক বুলি যিটো ধাৰাৰ কথা ক’ব বিচাৰিছোঁ; সেয়া জুবিন গাৰ্গৰ পূৰ্বেই অৰুণ দাস, জিতুল সোণোৱাল আদিয়ে আৰম্ভ কৰি দিয়া৷ বা জুবিন গাৰ্গৰ সমসাময়িক গীতিকাৰ হীৰেন ভট্টাচাৰ্য, দিগন্ত ভাৰতী, মানস ৰবিন, ইবচন লাল বৰুৱা আদি গীতিকাৰসকলৰ কথাও এই প্ৰসংগত নিশ্চিত ৰূপত আহিব৷
জুবিন গাৰ্গৰ গীতৰ কথা, সুৰ বা সামগ্ৰিক শৈলীক একাংশই সহজে গ্ৰহণ কৰি ল’ব নোৱাৰাটো একপ্ৰকাৰৰ প্ৰজন্মগত সংঘাত নেকি? বা জ্যোতি-বিষ্ণু-ভূপেন হাজৰিকাৰ আদৰ্শ গ্ৰহণ নকৰাটো জুবিন গাৰ্গৰ দোষ আছিল নেকি? এইধৰণৰ কথা-বাৰ্তাও সততে আলোচনা হোৱা দেখা যায়৷ কিন্তু পূৰ্বৰ আদৰ্শ গ্ৰহণ কৰাৰ সলনি এটা নতুন আদৰ্শ সৃষ্টি কৰাটোতহে যে জুবিন গাৰ্গ নামৰ সত্তাটোৰ গুৰুত্ব আছে; সেয়া আমি মানি লওনে! আমি অনুভৱ কৰোঁ– জুবিন গাৰ্গ অসমীয়া গীতৰ এটি নব্য ধাৰা (এই ধাৰাটোক বাণিজ্যিক ধাৰা বুলিও ক’ব পাৰি)ৰ প্ৰৱৰ্ত্তক৷ তেখেতক কাৰোবাৰ উত্তৰসূৰী হিচাপে পাবলৈ আশা কৰাটো হয়তো আমাৰ সীমাবদ্ধতাহে৷
গোলকীকৰণ আৰু বিশ্বায়নে সমগ্ৰ মানৱ সমাজলৈ যি পৰিৱৰ্তন আনি দিলে সেই পৰিৱৰ্তনৰ ধামখুমীয়াত জুবিন গাৰ্গে এই নতুন ধাৰাটোৰ পৃষ্ঠপোষকতা নকৰা হ’লে বিশ্বায়নৰ বজাৰমুখী পৰিৱেশ¸ত অসমীয়া সংগীতৰ সামগ্ৰিক ৰূপটো [লোকসংগীতকে ধৰি] মুজুৰা পৰি ৰ’লহেঁতেন৷ তেখেতৰ হাতত অসমীয়া সংগীতে যেনেকৈ পূৰ্বৰ কিছু ঐতিহ্যহেৰুৱালে, তেনেদৰে নতুনকৈয়ো বহুবোৰ বিষয় অসমীয়া সংগীতলৈ আগমন ঘটিল৷ ইতিবাচক কথা এয়ে যে– জুবিন গাৰ্গৰ গীত সদায় সময়ৰ সৈতে ধাৱমান হৈ থাকিব পৰা এখন খৰস্ৰোতা নদীৰ দৰে৷ স্থান-কাল পাত্ৰ অনুসৰি তেওঁৰ গীতৰ ভিন্নতা আৰু উপস্থাপনৰ বৈচিত্ৰ্যও বেলেগ৷ জ্যোতিপ্ৰসাদে কোৱাৰ দৰে ‘ৰূপান্তৰেহে জগত ধুনীয়া কৰে’– জুবিন গাৰ্গৰ সৃষ্টিশীলতাৰ ক্ষেত্ৰতো এই কথাষাৰ এশ শতাংশই খাটে৷
জুবিন গাৰ্গৰ সামাজিক অৱদানৰ কথা আলোচনা কৰোঁতে আৰু এটি বিশেষ দিশ মন কৰিবলগীয়া হয়– তেখেতে হিন্দী গীতৰ সৈতে অসমীয়া গীতক প্ৰতিযোগিতাত অৱতীৰ্ণ কৰাইছিল৷ অসমীয়া গীতৰ মান ভাৰতৰ অন্যান্য ৰাজ্যৰ লগতে বলিউদৰ সমকক্ষ কৰি গঢ়ি তোলাৰ যি পৃষ্ঠভূমি ভূপেন হাজৰিকাই এসময়ত নিৰ্মাণ কৰি থৈ গৈছিল, জুবিন গাৰ্গো সেই পৃষ্ঠভূমি নিৰ্মাণৰ অন্যতম হোতা আছিল৷ সেইদৰে অসমীয়া গীতৰ সমান্তৰালভাৱে হিন্দী আৰু বাংলা সংগীতৰ জগতখনতো জুবিন গাৰ্গ আছিল এজন নেতৃত্ব বহনকাৰী কণ্ঠশিল্পী৷ তদুপৰি অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীসমূহৰ ভাষাবোৰতো তেখেতৰ কণ্ঠই সহস্ৰ জনতাক মোহাৱিষ্ট কৰি ৰাখিবলৈ সক্ষম হৈছিল৷
জুবিন গাৰ্গৰ গীতৰ কথাত সমাজ সচেতনতা বা মানৱতাৰ দিশটো তুলনামূলকভাৱে কম পৰিমাণে দেখা যায় যদিও গীত আৰু চলচ্ছিত্ৰৰ ক্ষেত্ৰখনত তেখেতৰ সামগ্ৰিক অৱদানে নীৰৱেই যে অসম আৰু অসমীয়া জাতিৰ বাবে এটি বিপ্লৱৰ শুভাৰম্ভ কৰিলে; এটা ‘সাংস্কৃতিক উদ্যোগ’ (Cultural Industry)ৰ সৃষ্টি কৰিলে, সেই কথাটো আমি অনুধাৱন কৰিব লাগিব৷ বিংশ শতিকাৰ শেষৰফালে সংগীতৰ জগতত বলিষ্ঠভাৱে আত্মপ্ৰকাশ কৰা জুবিন গাৰ্গ আছিল সেইজন গায়ক; যাৰ সমগ্ৰ সত্তাত কেৱল সুৰ আৰু সংগীতেই ভৰপূৰ ৰূপত আছিল৷ এটা প্ৰচলিত ধাৰা সলাই দিবপৰাকৈ তেখেতৰ গান আৰু কণ্ঠ সক্ষম আছিল৷ ‘ৰোমাণ্টিকতা’ তেখেতৰ গীতৰ মুখ্য বিষয় আছিল যদিও তেখেতৰ গীতত আছিল অসমপ্ৰেম, গভীৰ জীৱনবোধ, শাসক আৰু শোষকৰ বিপক্ষে প্ৰতিবাদ, সন্ত্ৰাসবাদৰ বিৰুদ্ধে স্থিতি, জাতিৰ প্ৰতি অকৃত্ৰিম শ্ৰদ্ধা, আধুনিক জীৱন নিৰ্বাহ আৰু গোলকীকৰণে কঢ়িয়াই অনা চিন্তা-চেতনা, প্ৰেম আৰু তাৰ পৰিণতি আৰু সহজ-সৰল গ্ৰাম্য জনজীৱনৰ প্ৰতিফলন৷ বিশেষকৈ পুৰুষ-নাৰীৰ প্ৰেম, প্ৰেমৰ পূৰ্ণতা, প্ৰেমৰ ব্যৰ্থতা, নিসংগতা, বিষাদবোধ আদি প্ৰতিটো বিষয়েই জুবিন গাৰ্গৰ গীতত প্ৰতিফলিত হৈছে৷ সেইদৰে শৈশৱৰ ৰোমণ্ঠন, জীৱৰ্নৰ পৰিপূৰ্ণতা, আশাবাদ, পৰম্পৰাৰ পৰিৱৰ্তন, ভৱিষ্যতৰ ওপৰত গভীৰ আস্থা, হতাশা, সামাজিক-ৰাজনৈতিক সমস্যা আদি বিষয়বোৰো তেখেতৰ গীতত প্ৰতিফলিত হৈছে৷ তদুপৰি আধুনিক জীৱন প্ৰণালীয়ে কঢ়িয়াই অনা চিন্তা-চেতনা; আশাবাদৰ প্ৰসংগ বা শেহতীয়াকৈ ‘পলিটিক্স নকৰিবা বন্ধু’ (২০২০)ৰ দৰে ব্যঙ্গাত্মক গীত লিখি শাসকৰ বিৰুদ্ধে যি প্ৰবল প্ৰতিবাদ কৰিছে, সেই আশাবাদ, প্ৰতিবাদৰ মাজতেই জুবিনৰ প্ৰগতিশীল আৰু আপোচহীন মনটোৰ উমান পোৱা যায়৷
জুবিন গাৰ্গে নিজে ৰচনা কৰা আৰু সুৰ কৰা গীতবোৰৰ উপৰি তেখেতৰ সুললিত কণ্ঠত প্ৰাণ পায় উঠিছিল দিগন্ত ভাৰতীৰ দৰে জনপ্ৰিয় গীতিকাৰৰ গীতৰ কথাংশই৷ তদুপৰি হীৰেন ভট্টাচাৰ্য, মানস ৰবিন, ইবচন লাল বৰুৱা, প্ৰশান্ত বৰদলৈ, কৈলাস নাথ শৰ্মা আদিকে মুখ্য কৰি আৰু অন্যান্য বহুকেইজন গীতিকাৰে জুবিনৰ সংগীত যাত্ৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে৷ সেইদৰে তেখেতে– কবিতা কৃষ্ণমূৰ্তি, মহালক্ষ্মী আয়াৰ, চান, পামেলা জৈনৰ দৰে বলিউদৰ সংগীত শিল্পীক অসমীয়া গীতত কণ্ঠদান কৰোৱাইছিল৷ ‘মাতে পকা ধানে ৰিঙিয়াই’ (২০০৩)ৰ দৰে বনগীতৰ একক শ্ৰব্য কেছেট, ‘ৰুনজুন’ (২০১২)ৰ দৰে গীতিকাৰ কৈলাস নাথ শৰ্মাই লিখা ৮টা গীতৰ একক সংকলন, কামৰূপী লোকগীতৰ শ্ৰব্য কেছেট যেনে– চুটি শালিকী, ফুলেশ্বৰী; টোকাৰী গীতৰ কেছেট– ৰত্নাকৰ, বান্ধৈ; হৰিনামৰ কেছেট– শিৰোমণি আদি শ্ৰব্য কেছেটবোৰো জুবিন গাৰ্গৰ কণ্ঠত অসমৰ সৰ্বস্তৰত বিশাল জনপ্ৰিয়তা লাভ কৰিছে৷ তদুপৰি তেখেতৰ কণ্ঠৰ ভাগৱত পাঠ, বৰগীতআদি অসমৰ আবাল-বৃদ্ধ-বনিতাৰ মাজত অতি জনপ্ৰিয়৷
জুবিন গাৰ্গে গীতিকাৰ, সুৰকাৰ বা সংগীত পৰিচালক হিচাপে যিমান কাম কৰিছে, তাতকৈয়ো বেছি আনে লিখা আৰু সুৰ কৰা গীতত কণ্ঠ দিছে৷ এই কথাটোৱে বহু সময়ত জুবিন গাৰ্গৰ সংগীত জীৱনত ইতিবাচক বা নেতিবাচক প্ৰভাৱো পেলাইছে৷ কাৰণ তেখেতে বহু সংখ্যক গীতিকাৰে লিখা গীতত কণ্ঠদান কৰিছে; কিন্তু ৰাইজে সেইবোৰৰ গীতিকাৰ জুবিন গাৰ্গ বুলিয়েই ভাৱে৷ [আজিও অসমত গীতিকাৰক পৃথককৈ চোৱা নহয় বা সেইধৰণে সন্মান বা স্বীকৃতি দিয়া নহয়৷ বহু সংখ্যকে গীত এটা কোনে লিখিছে, সেয়া বিচাৰ নকৰি কণ্ঠশিল্পীজনকে গীতটোৰ ৰচক বুলি ভাবি লয়৷ আনকি জুবিন গাৰ্গৰ মৃত্যুৰ পাচতো আজি একবিংশ শতিকাৰ ডিজিটেল তথ্য প্ৰযুক্তিৰ দিনত কেৱল জুবিন গাৰ্গে গোৱা গীতবোৰ বা সুৰ কৰা গীত, কণ্ঠ প্ৰদান কৰা গীতবোৰৰ এটা বিশ্বাসযোগ্য আৰ্কাইভ নাই৷] সমান্তৰালভাৱে জুবিন গাৰ্গে অসমৰ বিহুগীত, বনগীত, হৰিনাম, টোকাৰী নামৰ ক্ষেত্ৰখনলৈ এক অভাৱনীয় পৰিৱৰ্তন আনিলে৷ তেখেতৰ কণ্ঠতহে মানুহে এইবোৰ গীত শুনি ভাল পায়৷ বিংশ শতিকাৰ শেষৰফালৰ পৰা অসমীয়া বিহুগীত, বিহুসুৰীয়া গীত আদিও জুবিন গাৰ্গৰ কণ্ঠত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যি ব্যাপক প্ৰচলন আৰু জনপ্ৰিয় হৈ পৰিছিল; তাৰ প্ৰভাৱ আজিও সেই একেই আছে৷ বৰঞ্চ বাঢ়িছেহে৷
অৰুণ দাস, জিতুল সোণোৱাল, দিগন্ত ভাৰতী, মানস ৰবিন বা জুবিন গাৰ্গৰ সমসাময়িকসকলে অসমীয়া গীতি সাহিত্যৰ দিশটোলৈ এটি অভাৱনীয় পৰিৱৰ্তন আনি দিলে৷ সেয়া হ’ল– গৰিষ্ঠ সংখ্যক গীতৰ কথাংশত শব্দ চয়নৰ যি অভিধা-লক্ষণা-ব্যঞ্জনা, প্ৰতীক, চিত্ৰকল্প, ৰূপকৰ প্ৰয়োগ, প্ৰতীকাত্মকভাৱে মনৰ ধাৰণা প্ৰকাশ কৰা শিল্পৰ যি প্ৰধান বৈশিষ্ট্য; সেয়া বহু সময়ত পুৰণি ধাৰাটোক অৱজ্ঞা কৰি পোনপটীয়াকৈ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ ল’লে৷ চিন্তা আৰু অনুভৱৰ এই পোনপটীয়া প্ৰকাশে বহু সময়ত অন্যান্য গীতিকাৰৰ দৰে জুবিন গাৰ্গৰ গীতৰ কথাংশৰ স্থায়ীত্ব আৰু প্ৰভাৱশালীতাত প্ৰশ্নবোধকৰ সৃষ্টি নকৰাকৈ থকা নাই৷ শিল্পৰ যি সৌন্দৰ্যবোধ, সেয়া কলাত্মকভাৱে বৰ্ণনা কৰাতহে লেখক বা এজন গীতিকাৰৰ সফলতা নিৰ্ভৰ কৰে৷ কিন্তু এইটোও সত্য– কেৱল সাহিত্যিক দৃষ্টিভংগীৰে লক্ষ্য নকৰি যদি আমি সমকালীন সমাজ, শ্ৰোতাৰ মনস্তত্ত্ব বা জনপ্ৰিয়তাৰ দিশেৰে লক্ষ্য কৰোঁ; তেন্তে এইসকল গীতিকাৰৰ গীতবোৰ নতুন প্ৰজন্মৰ মাজলৈ যোৱাৰ পৰিসৰটো পূৰ্বতকৈ বেছি৷ দ্বিতীয়তে জুবিন গাৰ্গৰ সংগীত জীৱনৰ উত্থান বৌদ্ধিক নহয়, জনমুখীহে৷
যুগ পৰিৱৰ্তন আৰু শ্ৰোতাৰ বিনোদনৰ বিষয়টোও জুবিন গাৰ্গৰ গীতৰ লগত অধিকভাৱে জড়িত৷ সেইদৰে জুবিন গাৰ্গৰ গীতত বাদ্যযন্ত্ৰৰ ব্যৱহাৰ বিষয়টিয়ে এটি বিশেষ ভূমিকা পালন কৰে৷ তেখেতে প্ৰাচ্য-পাশ্চাত্য উভয়ৰে বাদ্যযন্ত্ৰসমূহ গীতত সঠিকভাৱে ব্যৱহাৰ কৰিছে৷ সেয়েহে তেখেতৰ গীতৰ সুৰ, তাল, লহৰ আদিত কেৱল অসমীয়া গোন্ধ থকাৰ বিপৰীতে ভাৰতীয় আৰু পাশ্চাত্য সংগীতৰো প্ৰভাৱ লক্ষ্য কৰা যায়৷ তেওঁ নিজেও এই কথা স্বীকাৰ কৰি গৈছে৷
অন্য এটা প্ৰসংগলৈ আহিছোঁ– জুবিন গাৰ্গৰ জীৱিতকালত তেখেতৰ গীতি সাহিত্য বা জুবিন গাৰ্গৰ সামগ্ৰিক সৃষ্টিৰাজিৰ মূল্যায়ন কৰি উপযুক্ত স্থানত ৰাখিব নোৱাৰিলোঁ আমি! জুবিন গাৰ্গৰ গীতৰ বৌদ্ধিক সমালোচনা অসমীয়া সাহিত্যত তেখেতৰ মৃত্যুৰ আগলৈকে কিমাননো হ’ল! কেইজন সমালোচকে তেখেতৰ কণ্ঠ, সুৰ-তাল-লহৰৰ প্ৰাণ-প্ৰাচুয্যৰ্তাৰ বিজ্ঞানসন্মত সমালোচনা কৰিলে! বলিউদৰো শ্ৰেষ্ঠসংগীত শিল্পীৰ পুৰস্কাৰ আজুৰি অনা জুবিন গাৰ্গৰ গীত আৰু কণ্ঠত কি আছে, কি নাই– তাৰ সমালোচনা কৰি কেইজনে তেখেতক পথ দেখুৱাই দিলে! অসমৰ নৱ-প্ৰজন্মক হিন্দী বলয়ৰ গীতৰ মাজত মন-মানসিকতা সপিবলৈ নিদি বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক-সংগীতৰ পৰা আৰম্ভ কৰি অসমীয়া ভাষাৰ নিজস্ব গীত শুনাবলৈ যদি কোনো এজন গায়ক এককভাৱে সফল হৈছে, তেন্তে সেইজন হ’ল– জুবিন গাৰ্গ৷ তেখেতে অসমৰ বিভিন্ন স্থানীয় ভাষাত গান গাইছে৷ ‘অনামিকা’ এলবামৰ পৰা (১৯৯৩)ৰ পৰা ‘ৰৈ ৰৈ বিনালে’ (২০২৫) চলচ্ছিত্ৰলৈকে একেই উত্থানেৰে জুবিন গাৰ্গে যি দৃঢ়তাৰে আৰু বলিষ্ঠভাৱে অসমৰ সংগীত আৰু চলচ্ছিত্ৰ জগতক জীপাল কৰি ৰাখিলে; ইয়াৰ প্ৰভাৱ অসমীয়া সংগীত আৰু চলচ্ছিত্ৰ জগতত আজীৱন সোণালী আখৰেৰে জিলিকি থাকিব৷ জুবিন গাৰ্গৰ কণ্ঠৰ যি মায়াজাল; সুৰ আৰু তাল প্ৰক্ষেপনৰ যি চমৎকাৰিত্ব; সেয়া আমাৰ প্ৰজন্মৰ বাবে সঁচাকৈয়ে গৌৰৱৰ বিষয়৷ গায়ক অনাগত দিনত অনেক ওলাব৷ আগন্তুক দিনত গীতিকাৰ, সুৰকাৰো ওলাব৷ কিন্তু জুবিন গাৰ্গ প্ৰকৃততেই ‘ষ্টাৰ’ নহৈ এটা ‘সূৰ্য’ হৈ অসমৰ আকাশে-বতাহে চিৰদিন জিলিকি থাকিব৷ তাত তিলমানো সন্দেহ নাই৷
এতিয়া অসমত গায়ক অজস্ৰজন হৈছে৷ গান এটা নিৰ্মাণ কৰাৰ সা-সুবিধা পূৰ্বতকৈ যথেষ্ট উন্নত হৈছে৷ কিন্তু সুৰ, কণ্ঠ, গীতৰ প্ৰকাশভংগী, গায়কী, হামিং আদি ক্ষেত্ৰসমূহত সেই যেন ‘জুবিন’ শৈলীৰে প্ৰতিধ্বনি৷ অৱশ্যে সুৰ আৰু তাল সৃষ্টিৰ ক্ষেত্ৰত জুবিন গাৰ্গে অসমীয়া সংগীতত যি একক প্ৰতিষ্ঠা লাভ কৰিলে; গীত ৰচনাৰ ক্ষেত্ৰত বা গীতৰ সাহিত্যিক সৌন্দৰ্য্য নিৰ্মাণত কিন্তু সেই ধাৰাবাহিকতা ৰক্ষা কৰি চলিব নোৱাৰিলে৷
অসমৰ সাহিত্য সমালোচক বা বৌদ্ধিক সমাজখনে আজি পৰ্যন্ত জুবিন গাৰ্গৰ সামগ্ৰিকতা সামৰি ছপা মাধ্যমত যি ধৰণৰ ইতিবাচক সমালোচনা কৰিব লাগিছিল; সেয়া কৰা নাই বুলি পূৰ্বতেও কৈ আহিছোঁ৷ টেলিভিছন আৰু নব্য মাধ্যমতহে যেন জুবিন গাৰ্গৰ গুৰুত্ব আছে৷ ‘জুবিন’ মানেই যেন ‘টেলিভিছন’ৰ টিআৰপি৷ জুবিন মানেই যেন ফাংচনৰ ‘হৈ-হাল্লা’৷ জুবিনৰ মন্তব্য এটাই যেন চ’চিয়েল মিডিয়াৰ বিতৰ্কৰ অজুহাত আছিল বহুতৰ বাবে৷ কিন্তু এটা জাতিৰ বুকুৰ ধপ্ধপনি যে জুবিন নামৰ সত্তাটোৱে অকলে বহন কৰি আছিল, সেয়া আমাৰ এই সচেতন বা বহু পৰিমাণে অসচেতন (!) সমাজখনে বুজিউঠাত কিছু পলম হ’ল৷ জুবিন গাৰ্গক কোনোবাই হকে-বিহকে সমালোচনা কৰিব পাৰে৷ তেখেতৰ কেতবোৰ কৰ্ম-কাৰ্যক সমৰ্থন নকৰিব পাৰে– এয়া অস্বাভাৱিক নহয়৷ কিন্তু তেখেতক কোনেও অস্বীকাৰ কৰিব নোৱাৰে৷
অসমৰ সংগীত জগতত তেখেতে নিজৰ অৱদানক লৈ কোনো দিন অহংকাৰ কৰা নাছিল, সেইধৰণৰ বাতৰিও কোনোদিন প্ৰকাশ হোৱা নাছিল৷ তেখেতে অহংকাৰ কৰিছিল অসমক লৈ, অসমীয়াক লৈ৷ যাৰ বাবে তেখেতে বলিউদৰ শ্ৰেষ্ঠতম বঁটা লাভ কৰিও অসমৰ পৰা আঁতৰি গৈ মুম্বাইত থিতাপি নল’লেগৈ৷ তেখেতে অসমৰ নতুন প্ৰজন্মক অসমতে থাকি এখন বহল পৃষ্ঠভূমি প্ৰদান কৰাৰ যত্ন কৰি গ’ল৷ নতুন নতুন গায়ক, অভিনেতা-অভিনেত্ৰী, গীতিকাৰ, চিত্ৰশিল্পী আদিক তেখেতে এখন প্লেটফৰ্ম নিৰ্মাণ কৰি দিছিল৷ মঞ্চত সংগীত পৰিৱেশন কৰোঁতে প্ৰায়ভাগতে স্থানীয় শিল্পী আদিক মঞ্চলৈ মাতি গীত পৰিৱেশন কৰিবলৈ সুবিধা কৰি দিছিল৷ আনহে নালাগে নিজৰ সংগীতানুষ্ঠানৰ পৰা লাভ কৰা টকাকেইটাও তেখেতে বহু সময়ত ৰাজহুৱা কাম, দুখীয়া লোকক সহায় কৰোঁতেই শেষ হৈছিল৷ জুবিন ইমান সৰল আছিল, জুবিন ইমান সহজ আছিল৷
অসমৰ সাহিত্য সমালোচক বা বৌদ্ধিক সমাজখনে আজি পৰ্যন্ত জুবিন গাৰ্গৰ সামগ্ৰিকতা সামৰি ছপা মাধ্যমত যি ধৰণৰ ইতিবাচক সমালোচনা কৰিব লাগিছিল; সেয়া কৰা নাই বুলি পূৰ্বতেও কৈ আহিছোঁ৷ টেলিভিছন আৰু নব্য মাধ্যমতহে যেন জুবিন গাৰ্গৰ গুৰুত্ব আছে৷ ‘জুবিন’ মানেই যেন ‘টেলিভিছন’ৰ টিআৰপি৷ জুবিন মানেই যেন ফাংচনৰ ‘হৈ-হাল্লা’ ৷ জুবিনৰ মন্তব্য এটাই যেন চ’চিয়েল মিডিয়াৰ বিতৰ্কৰ অজুহাত৷ কিন্তু এটা জাতিৰ বুকুৰ ধিপ্ধিপনি যে জুবিন নামৰ সত্ত্বাটোৱে অকলে বহন কৰি আছে, আৰু অনাগত দিনতো থাকিব লাগিব; সেয়া আমাৰ এই সচেতন বা বহু পৰিমাণে অসচেতন সমাজখনে বুজিব কেতিয়া! জুবিনক কোনোবাই সমালোচনা কৰিব পাৰে৷ তেওঁৰ কেতবোৰ কৰ্ম-কাৰ্যক সমৰ্থন নকৰিব পাৰে– এয়া অস্বাভাৱিক নহয়৷ কিন্তু জুবিনক কোনেও অস্বীকাৰ কৰিব নোৱাৰে৷


0 Comments