ইণ্টাৰনেটত অসমীয়া ভাষা ৷৷ ডিজিটেল মাধ্যম ৷৷ অসমীয়া কিপেইড ৷৷ অসমীয়া ফণ্ট ৷৷ অসমীয়া ব্লগ ৷৷ অসমীয়া ই-আলোচনী ৷৷ অসম সাহিত্য সভাৰ ডিজিটেল প্ৰকল্প ৷৷ অসমীয়া স্পেল চেকাৰ

* সংক্ষিপ্তসাৰ
যুগ পৰিৱৰ্তনৰ লগে লগে সমাজ, সভ্যতা আৰু সংস্কৃতিয়ে নতুন সাজ আৰু ৰূপ-আভিজাত্যৰে নিজক সমৃদ্ধিশালী আৰু গতিশীল কৰি ৰাখে৷ যি প্ৰেক্ষাপটত সময়ৰ সৈতে সমৰূপত সমাজ, সভ্যতা, সংস্কৃতিয়ে গতি কৰিব নোৱাৰে, সেই সভ্যতা বা সংস্কৃতিটো তেতিয়াই অন্য কোনো প্ৰভাৱশালী জাতিৰ সামাজিক সাংস্কৃতিক আগ্ৰাসনৰ কবলত পৰিবলগা হয়৷ সেয়েহে এটা সভ্যতা বা সংস্কৃতিক প্ৰতিনিধিত্ব কৰিব একোটা জাতি, এখন দেশ বা ৰাজ্যৰ প্ৰধান কাম হ’ল নিজৰ সামগ্ৰিকতাক চৌদিশৰপৰাই সময়ৰ সৈতে যুগোপযোগী কৰি ৰখা৷ 

পঞ্চদশ শতিকাৰ মাজভাগত জাৰ্মানীত জোহান্স গোটেনবাৰ্গে ছপা যন্ত্ৰ আৱিষ্কাৰ কৰিছিল৷ অৱশ্যে অসমত ১৮৩৬ চনতহে খ্ৰীষ্টান মিছনেৰীসকলৰ প্ৰচেষ্টাত এই ছপা যন্ত্ৰৰ প্ৰথমবাৰৰ বাবে আগমন হয়৷ এই সময়ছোৱাতে টাইপৰাইটাৰৰ দ্বাৰাও লিখন পদ্ধতি আগবঢ়াই নিয়া হৈছিল। ইয়াৰ পাছৰ সময়ত বিংশ শতিকাৰ শেষৰফালৰপৰাই বিশ্বৰ সমাজ-সভ্যতাৰ প্ৰতিটো উপকৰণেই ছপা মাধ্যমৰ সমান্তৰালভাৱে ডিজিটেল (Digital) মাধ্যমত উপলব্ধ হোৱাৰ পথত আগবাঢ়ি গ’ল৷ ডিজিটেল মাধ্যম (Digital Media) হৈছে বৰ্তমান একবিংশ শতিকাৰ এনে এক চৰ্চিত আৰু প্ৰভাৱশালী মাধ্যম, যাৰ আধাৰত ভিত্তি কৰি আধুনিক সমাজ-সভ্যতা-সংস্কৃতি বৰ্তি আছে৷ একবিংশ শতিকাৰ যুগটো তথ্য-প্ৰযুক্তি, যোগাযোগ ব্যৱস্থাৰ মহাবিস্ফোৰণৰ যুগ৷ এই সময়ছোৱাত ডিজিটেল মাধ্যম হৈ পৰিছে আধুনিক যোগাযোগৰ সমান্তৰালভাৱে তথ্য, জ্ঞান, মনোৰঞ্জন, বিনোদন, সাহিতৰ-সমাজ-সংস্কৃতি চৰ্চাৰ জনপ্ৰিয় আৰু সহজ মাধ্যম৷ 

ইণ্টাৰনেটৰ সূচল প্ৰয়োগৰদ্বাৰা ডিজিটেল মাধ্যম হৈ পৰিছে ‘ই-সংগ্ৰহালয়’ বা ‘ই-ভঁৰাল’ সদৃশ৷ সমান্তৰালভাৱে ডিজিটেল মাধ্যমত তথ্যৰ উৎস আৰু তাৰ শ্ৰব্য, দৃশ্য সংযোজনৰ ব্যৱস্থাও আছে৷ ই ক্ষিপ্ৰ আৰু সকলো সময়তে উপলব্ধ হৈ থাকিবপৰাকৈ সক্ষম৷ সেইদৰে সাম্প্ৰতিক সময়ত এটা জাতি বা সংস্কৃতি বা এটা ভাষা কিমান সমৃদ্ধিশালী; সেই কথা জাহিৰ কৰাৰো উপযুক্ত মাধ্যম হ’ল ডিজিটেল মাধ্যম৷ বিশ্বৰ উন্নত সমাজ, সংস্কৃতি আৰু উন্নত জাতিবোৰে ছপা যন্ত্ৰৰ সমান্তৰালভাৱে তেওঁলোকৰ সামগ্ৰিক সভ্যতাটোকে ডিজিটেল মাধ্যমত বিভিন্ন প্ৰক্ৰিয়াৰে উপলব্ধ কৰোৱাৰ প্ৰচেষ্টাত অৱতীৰ্ণ হৈছে৷ কাগজ-কলম-কিতাপৰ পৰিসীমাৰপৰা উন্নত অৱস্থালৈ গতি কৰি ইণ্টাৰনেটৰ মাধ্যমেৰে মোবাইল, লেপটপৰ মাজত জ্ঞান-প্ৰজ্ঞা-চিন্তাৰ লগতে সমাজনীতি-অৰ্থনীতি-ৰাজনীতি-ব্যৱসায় আৰু সাহিত্য-সমাজ-সংস্কৃতিৰ সামগ্ৰিক উপকৰণবোৰ নিজৰ হাতৰ মুঠিতে পাবপৰা এটা অৱস্থাৰ সৃষ্টি হৈছে৷ এনে হোৱাৰ ফলশ্ৰুতিত সেই উন্নত সমাজ আৰু জাতিবোৰৰ জীৱন ধাৰণৰ মান উন্নত হোৱাৰ সমান্তৰালভাৱে মানসিকভাৱে গোটেই পৃথিৱীখনকে তেওঁলোকে পৰোক্ষভাৱে শাসন কৰিবলৈ আৰম্ভ কৰিছে৷ সভ্যতাৰ ডিজিটেলকৰণৰ এই প্ৰক্ৰিয়াটোৰ লগতে প্ৰত্যেকটো ভাষা আৰু ভাষাটোৰ ডিজিটেল সমল, ইউনিক’ডৰ প্ৰসংগ আদিয়ে সমানে প্ৰতিষ্ঠা লাভ কৰিছে৷

বিশ্বৰ আন আন প্ৰভাৱশালী জাতি-জনগোষ্ঠীৰ দৰে উত্তৰ-পূৰ্বাঞ্চল বা অসমত বসবাস কৰা ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠী আৰু তেওঁলোকৰ সমাজ-সাহিত্য-সংস্কৃতিৰ সমলবোৰ ইণ্টাৰনেটৰ জৰিয়তে ডিজিটেল পৃথিৱীখনত সংৰক্ষণৰ বাবে কাম কৰি আহিছে৷ কিন্তু এতিয়াও আমাৰ অসমীয়া ভাষা-সংস্কৃতি-সাহিত্যৰ বহুতো সমল বা বিষয় ডিজিটেল মাধ্যমত উপলব্ধ তথা সংৰক্ষণ হ’বলৈ বাকী আছে৷ অসমীয়া ভাষাই আজিৰ ইউনিক’ড ফ’ৰাম (Unicode Domain)ত নিজৰ ভাষিক স্থান পৃথকভাৱে পাবলৈ সক্ষম হোৱা নাই৷ ইয়াৰ মূল কাৰণ হৈছে বাংলা ভাষাৰ সৈতে আমাৰ ভাষাটোৰ পৃথক বৈশিষ্ট্য আজিও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসম ৰাজ্যই প্ৰতিষ্ঠা কৰিবপৰা নাই৷ সমান্তৰালভাৱে অসমীয়া ভাষাটোৰ ডিজিটেল সমল ইণ্টাৰেনটত অতি তাকৰ আৰু ডিজিটেল মাধ্যমত ভাষা-সাহিত্য-সংস্কৃতিক সমৃদ্ধ কৰিবলৈ তাৰ বাবে প্ৰয়োজন হোৱা তাত্ত্বিক কথাবোৰ বুজিবপৰা আৰু তাৰ বাবে কাম কৰিবপৰা মানুহৰ সংখ্যাও অসমত তেনেই কম পৰিমাণৰ৷ এই আলোচনাত নব্য মাধ্যমসমূহত অসম আৰু অসমীয়া ভাষাৰ বিকাশ, প্ৰচাৰ-প্ৰসাৰ আদিৰ লগতে নব্য ক্ষেত্ৰসমূহত অসমীয়া ভাষাটোৰ প্ৰয়োগ আৰু চৰ্চা কেনেধৰণৰ হৈছে, সেই সম্পৰ্কে আলোচনা কৰা  ৷ উল্লেখ্য যে এই আলোচনা প্ৰস্তাৱনামূলকহে৷ আলোচ্য বিষয়বস্তুত নিশ্চয়কৈ আৰু অনেক বিষয় বা সমল নিশ্চিতৰূপত সংযোজিত হ’বপৰাৰ থল আছে৷

ডিজিটেল মাধ্যম কি ?
ইণ্টাৰনেট হৈছে এনে এটি মাধ্যম যাৰ জৰিয়তে বিভিন্ন কম্পিউটাৰৰ নেটৱৰ্কৰ মাজত তথ্য আদান প্ৰদান কৰিব পাৰি৷ ইণ্টাৰনেটক সমগ্ৰ বিশ্বৰ কম্পিউটাৰ নেটৱৰ্কৰ এক শাৰীৰিক অৱয়ব বুলি উল্লেখ কৰিব পাৰি৷ ফোন বা কম্পিউটাৰত উপলব্ধ ‘ইণ্টাৰনেট ব্ৰাউজাৰ’ নামৰ বস্তুটো হ’ল এনে এটা সঁজুলি, যাৰ সহায়ত এজন ব্যক্তিয়ে তথ্য থকা এটা কম্পিউটাৰ (চাৰ্ভাৰ)লৈ তথ্য বিচৰা অনুৰোধটো পঠিয়াব পাৰে৷ এই অনুৰোধ পোৱাৰ পাছত চাৰ্ভাৰটোৱে বিচৰা তথ্যখিনি উপলব্ধ হ’লে HTTP  ব্যক্তিজনৰ ব্ৰাউজাৰলৈ পঠিয়াই দিয়ে৷

প্ৰায় ১৯৬০ চনৰপৰা আমেৰিকাৰ সৈন্য বাহিনী (United States Department of Defense)য়ে সমূহীয়া সময় নিৰ্ধাৰণৰ বাবে কম্পিউটাৰত ইণ্টাৰনেটৰ দৰে একধৰণৰ অনলাইন প্ৰক্ৰিয়াৰ প্ৰয়োগ কৰিছিল৷ ১৯৬৯ চনৰ ২৯ অক্টোবৰ তাৰিখে আমেৰিকাৰ কেলিফৰ্ণিয়া চহৰৰ ‘চাৰ্লি কেলি’ নামৰ এজন ব্যক্তিয়ে পোন প্ৰথমে এটা ইলেক্টনিক বাৰ্তা এটা কম্পিউটাৰৰপৰা আন এটা কম্পিউটাৰলৈ পঠিয়াবলৈ সক্ষম হৈছিল৷ ভাৰতবৰ্ষত ১৯৯৫ চনৰ ১৫ আগষ্ট তাৰিখৰপৰাহে ব্যৱয়াসিকভাৱে ইণ্টাৰনেটৰ শুভাৰম্ভ হয়৷ BSNL নেটৱৰ্কে এই সেৱাৰ শুভাৰম্ভ কৰে৷ অৱশ্যে ভাৰতত সত্তৰ দশকতে ইণ্টাৰনেট প্ৰযুক্তিৰ বিকাশৰ হকে কাম কৰা হৈছিল৷ ১৯৮৬ চনত NCST আৰু IIT ব’ম্বেৰ মাজত ইমেইল সেৱা ব্যৱহাৰৰ প্ৰাৰম্ভিক প্ৰচেষ্টাৰ আৰম্ভ হৈছিল৷ ১৯৮৯ চনৰপৰাই গৱেষণা আৰু শিক্ষাৰ ক্ষেত্ৰত ইণ্টাৰনেটৰ ব্যৱহাৰ কিন্তু পৰৱৰ্তী ২০০৫ চনৰপৰাহে ভাৰতবৰ্ষত ইণ্টাৰনেটৰ সেৱা সৰ্বসাধাৰণ ৰাইজৰ বাবে অধিক সুবিধাজনক হৈ উঠে৷  ১৯৯৫ চনত যেতিয়া ভাৰতত ইণ্টাৰনেটৰ প্ৰয়োগ আৰম্ভ হৈছিল, তেতিয়া ইণ্টাৰনেটৰ গjতিৰ স্পীড আছিল প্ৰতি ছেকেণ্ডত 10kb/ps স্বাভাৱিকতেই ইণ্টাৰনেটৰ সূচল প্ৰয়োগ হোৱাৰ লগে লগে ডিজিটেল ক্ষেত্ৰখনৰো বিকাশ আৰু প্ৰসাৰ হ’বলৈ ধৰে৷ ডিজিটেল মাধ্যমত ইলেক্টনিক যন্ত্ৰপাতি আৰু ইণ্টাৰনেটৰদ্বাৰা সমগ্ৰ প্ৰক্ৰিয়াটো নিৰ্ভৰশীল। শব্দ, দৃশ্য-শ্ৰাব্য, আলোকচিত্ৰ, গ্ৰাফিক্স আদি প্ৰতিটো উপকৰণেই ইয়াত বৈদ্যুতিকভাৱে উপলব্ধ হয়৷ 

চমুকৈ ডিজিটেল মাধ্যম হৈছে–মানৱ সভ্যতাৰ প্ৰতিটো উপকৰণকে মেচিনৰ দ্বাৰা সংৰক্ষণ, সংবদ্ধৰ্ন আৰু পৰিচালিত কৰোঁৱাৰ এক পদ্ধতি৷ ডিজিটেল মাধ্যম মূলতঃ– যোগাযোগ, প্ৰকাশন, বিনোদন-মনোৰঞ্জন, শিক্ষা, সংস্কৃতি, সাহিত্য, বাণিজ্য, ৰাজনীতি, অৰ্থনীতি, ব্যৱসায়-বাণিজ্য আদিৰ বিষয়ৰ সৈতে বিশেষভাৱে জড়িত৷ তাৰোপৰি বিভিন্ন চফ্‌টৱেৰ, এম.পি. থ্ৰি প্লেয়াৰ, কমপেক্ট ডিছ, পেন ড্ৰাইভ, ব্লুটুথ, ৱাইফাই আদি হৈছে ডিজিটেল মিডিয়াটো কাৰ্যক্ষম হৈ থ কাৰ মূল চালিকাশক্তি৷ বৰ্তমান ডিজিটেল মাধ্যমৰ কিছুমান নব্য ক্ষেত্ৰৰ সৃষ্টি হৈছে৷ সেইবোৰ হ’ল– ব্লগ, ৱেবচাইট, ৱিকিপিডিয়া, ৱিকিকমন্স, ৱেব পৰ্টেল আদিৰদৰে ক্ষেত্ৰসমূহ৷ সেইদৰে বিভিন্ন চচিয়েল নেটৱৰ্কিং চাইট যেনে– ফেচবুক, ৱাটছএপ, ইউটিউব, ই-মেইল, ই-আলোচনী, টুইটাৰ, লিংক্ড-ইন, টেলিগ্ৰাম আদিও ডিজিটেল ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ পৰিছে৷ 

আমিনো কিয় ডিজিটেল মাধ্যমত লিখিব লাগে ?
ক৷ প্ৰথম কথা ‘জাতীয় চেতনা’৷ আমি যে অসমৰ বুলি পৰিচয় দি ভাল পাওঁ, অসমীয়া জাতি আৰু অসমীয়া ভাষাৰ লোক বুলি কৈ ভাল পাওঁ৷ ইয়াৰ অন্তৰালত আমাৰ জাতীয় চেতনা জড়িত হৈ আছে৷ গতিকে আমি বৰ্তমানৰ লগতে ভৱিষ্যত কাললৈকো অসমীয়া বুলি পৰিচয় দিবলৈ আৰু অসমৰ বুলি পৰিচয় দিবলৈকে সমসাময়িক যুগৰ লগত সংগতি ৰাখি ডিজিটেল মাধ্যমত কাম কৰা দৰকাৰ আৰু কাম কৰাৰ মাধ্যম হিচাপে আমি অসমৰ ৰাজ্যিক ভাষা ‘অসমীয়া’ক গুৰুত্ব দিব লাগে৷ ( উদাহৰণ- ইণ্টাৰনেটৰ যিকোনো ‘চাৰ্চ ইঞ্জিন’ত ৱিকিপিডিয়াত থকা তথ্য এটাহে প্ৰথমেই চাৰ্চেব’ল হৈ আহে৷ আৰু ই সমগ্ৰ বিশ্বৰেই এটা নিৰ্ভৰযোগ্য ৱেবচাইট৷ এই ৱেবচাইট পৃথিৱীৰ প্ৰায়বোৰ ৰাষ্ট্ৰ আৰু প্ৰতিখন ৰাজ্যতেই আছে৷ সকলোৱেই নিজৰ নিজৰ ভাষাত একেখন প্লেটফৰ্মতে লিখা-মেলা কৰে৷ তাতোতকৈ গুৰুত্বপূৰ্ণ কথা, যিকোনো এজন ব্যক্তিয়েই এই ৱেবচাইটত এটা একাউণ্ট সৃষ্টি কৰি তথ্যভিত্তিক প্ৰবন্ধ লিখিব পাৰে৷ সেয়েহে আমি ৱিকিপিডিয়াত লিখিব লাগে৷ তাৰোপৰি বৰ্তমান সময়ছোৱাত ই-আলোচনী, ব্লগ আদিত ইউনিক’ডত লিখিলেহে ভাষাটো ডিজিটেলি সমৃদ্ধ হ’ব৷ চাৰ্চেব’ল হ’ব৷) 

খ৷ ভূপেন হাজৰিকাই কৈছিল– ‘আনৰে লগতে অসমীয়া অসমতে যদিহে নাবাচে বাৰু ক’তনো বাচিব’৷ আমি অসমৰ জনগণে নিজৰ অস্তিত্ব বৰ্তাই ৰাখিবলৈকে অসমীয়া ভাষাটোৰে কাম-কাজ কৰা দৰকাৰ৷ আমাক ইংৰাজী বা হিন্দী ।ভাষাও লাগিব আৰু বিশ্বৰ অন্যান্য ঠাইৰ মানুহৰ দৰে আমাৰ মাজৰো কিছুসংখ্যক লোকে ডিজিটেল মাধ্যমত অসমীয়া ভাষাৰ সমান্তৰালভাৱে সেইবোৰ ভাষাৰ বিকাশৰ বাবেও কাম কৰিব৷ কিন্তু তাৰ পাছতো– প্ৰতি ভাল ভাৰতীয় হ’বলৈ এজন ভাল অসমীয়া হোৱাটো যিদৰে প্ৰয়োজনীয়; সেইদৰেই ভাল অসমীয়া হৈ থাকিবলৈকে ডিজিটেল মাধ্যমটোত আমাৰ অস্তিত্ব জাহিৰ কৰি থকাটো আটাইতকৈ প্ৰয়োজনীয় কৰ্ম৷ যদিহে আমি সময়ৰ সৈতে নিজৰ জাতিটো, নিজৰ ভাষাটোক লৈ যাব নোৱাৰোঁ; তেন্তে আমি কোনো প্ৰভাৱশালী জাতিৰ ওচৰত হাৰ মানিব লাগিব৷ সেয়েহে আমি পাৰ্যমানে  ৱিকিপিডিয়া, ৱিকিউৎস বা এইধৰণৰ ৱেবচাইট, ব্লগ, ই-আলোচনী আদি মাধ্যমসমূহত আমাৰ জাতিটোৰ সাহিত্য-সমাজ-সংস্কৃতিৰ বিষয়সমূহ জমা কৰা  ৷ আমাৰ আগ্ৰহ থাকিলে আমি প্ৰতিজন সচেতন ব্যক্তিয়েই ৱিকিপিডিয়াত অৱদান আগবঢ়াব পাৰো৷ ভয়ৰ কোনো কাৰণ নাই৷ মাত্ৰ আগ্ৰহৰহে প্ৰয়োজন৷

গ৷ আমাৰ ভৱিষ্যত প্ৰজন্মটোৱে যাতে  নিজৰ ৰাজ্যিক ভাষাটো ডিজিটেল ক্ষেত্ৰখনত সহজতে পাব পাৰে; তেওঁলোক যাতে নিৰাশ নহৈ অন্যান্য প্ৰভাৱশালী ভাষাৰ ওচৰত জন্মৰেপৰা হাত পাতিব লগা নহয়; তাৰ ব্যৱস্থা কৰিবলৈকে অসমৰ শিক্ষিত বা সচেতন মানুহখিনিয়ে মানুহে অসমীয়া ভাষাত নব্য মাধ্যমসমূহত লিখা-মেলা কৰিব লাগে৷

ঘ৷ অসমত বসবাস কৰা সকলো লোকেই ইংৰাজী বা হিন্দী ভাষা নাজানে৷ কিন্তু বিশ্ব সভ্যতাৰ প্ৰতিটো বিষয়ৰে তথ্য বা জ্ঞান লাভ কৰিবলৈ তেওঁলোকে বিচাৰিব পাৰে৷ গতিকে ডিজিটেল ক্ষেত্ৰখনত তথ্য আৰু  জ্ঞানৰ এই বিষয়বোৰ মাতৃভাষাত উপলব্ধ কৰাবলৈকে আমি অসমীয়া ভাষাত লিখিব লাগে৷ যিহেতু বৰ্তমান সময়ত সকলোৰে হাতত বৰ্তমান মোবাইল ফোন থাকেই৷ গতিকে আমি সেই মোবাইল ফোনটোত আমাৰ জাতিটোক ডিজিটেলি উপলব্ধ কৰাব পাৰিব লাগিব৷

ঙ৷ বৰ্তমান কোভিদৰ সময়ছোৱাতে আমি দেখা পাইছোঁ যে শিক্ষাৰ্থীসকল পঢ়া-শুনাৰপৰা প্ৰায়ে আতঁৰি থাকিব লগা হৈছিল৷ বিদ্যালয়সমূহ বন্ধ হৈ পৰিছিল৷ ছপা মাধ্যমলৈ বিভিন্ন প্ৰত্যাহ্বান আহিছিল৷ কিতাপবোৰ সকলো সময়তে হাতত পাব পৰা অৱস্থাটো সম্ভৱ হৈ উঠা নাছিল৷ যদিহে আমাৰ পাঠ্যপুথিৰ বিষয়সমূহো আমি অন-লাইন মাধ্যমত সংৰক্ষণ কৰিব পাৰোঁ, তেন্তে এনে মহামাৰীৰ সময়তো আমি নিজৰ মোবাইলটোৰেই সেই তথ্যখিনি প্ৰয়োজনমতে ব্যৱহাৰ কৰিব পাৰিম৷

ইউনিক’ড কি?
ইউনিক’ড (Unicode) হৈছে কম্পিউটাৰৰ লিখন প্ৰণালীত থকা আখৰ বা চিনবোৰৰ সংহত নিয়মীকৰণ, নিৰ্দেশনা আৰু প্ৰতিনিধিত্ব কৰিব পৰাকৈ ব্যৱহৃত এক কাৰিকৰী মান। বা চমুকৈ ইউনিক’ড হ’ল এনে এটা পদ্ধতি, যাক এৰাই ডিজিটেল মাধ্যমত পৃথিৱীৰ কোনো ভাষাই নিজৰ সুকীয়া অস্তিত্ব দখল কৰিবলৈ সক্ষম নহয়৷ ১৯৯১ চনত Unicode Consortium নামৰ অপেছাদাৰী সংগঠনটোৱে ইয়াক উদ্ভাৱন কৰে। ২০১৯ চনৰ মে' মাহৰ তথ্য অনুসৰি শেহতীয়া ইউনিক’ডৰ সংস্কৰণে বিশ্বৰ ১৫০টা লিপিৰ ১,৩৭,৯৯৪ (এক লাখ সাতত্ৰিশ হাজাৰ নশ চৌৰানবৈটা চিহ্নক সামৰি লৈছে। 

কম্পিউটাৰত প্ৰধানতঃ সংখ্যাৰ ব্যৱহাৰ হয়। ই আখৰ বা অন্য চিনক এটা এটা একক সংখ্যাৰে বুজাই সাঁচি থয়। ইউনিক’ড উদ্ভাৱন কৰা হোৱাৰ পূৰ্বে এই সংখ্যাবোৰ প্ৰদান কৰিবলৈ শ শ নিয়মীকৰণ পদ্ধতি আছিল। কিন্তু স্বয়ংসম্পূৰ্ণ নোহোৱাৰ বাবে কোনো এটা পদ্ধতিয়েই যথেষ্ট সংখ্যক চিহ্ন সামৰি ল’ব পৰা নাছিল, যেনে- ইউৰোপৰ সকলো ভাষাক সামৰি ল’বলৈ বহুতো পদ্ধতিৰ দৰকাৰ হয়। কেৱল ইংৰাজীৰ দৰে এটা মাত্ৰ ভাষাৰ সকলোবোৰ আখৰ, ছেদ, চিহ্ন আৰু কাৰিকৰী চিহ্ন বুজাবলৈ কোনো এটা পদ্ধতিয়েই উপযুক্ত নাছিল। ইফালে নিয়মীকৰণ পদ্ধতিবোৰৰো ইটো সিটোৰ মাজত অমিল আছিল, যেনে- দুটা পদ্ধতিয়ে একেটা সংখ্যাকে দুটা বেলেগ বেলেগ চিন বুজাবলৈ নাইবা একেটা চিনৰ বাবে দুটা সংখ্যা ব্যৱহাৰ কৰিব পাৰে। গতিকে এটা কম্পিউটাৰত বা চাৰ্ভাৰত কোনো তথ্য বেলেগ বেলেগ প্ৰণালীৰ মাজত বিচৰণ কৰোঁতে সি বেয়া হোৱাৰ আশংকা থাকে। ইউনিক’ডে এই সকলো সমস্যাৰ সমাধান কৰিছে। ইউনিক’ডে প্লেটফৰ্ম, প্ৰ’গ্ৰেম বা ভাষা নিৰ্বিশেষে প্ৰতিটো চিনকে একোটা অদ্বিতীয় সংখ্যা প্ৰদান কৰে। Apple, HP, Microsoft, Oracle, IBM আদি কোম্পানীবোৰে এই ইউনিক’ড মানক আঁকোৱালি লৈছে। এতিয়া প্ৰায় সকলোবোৰ অপাৰেটিং চিষ্টেম আৰু ৱেব ব্ৰাউজাৰত ইউনিক’ড উপলব্ধ। ইউনিক’ডৰ উদ্ভাৱন আৰু ইয়াক ব্যৱহাৰ কৰা সঁজুলিৰ প্ৰচাৰে ছফ্টৱেৰ জগতলৈ এক উল্লেখযোগ্য পৰিৱৰ্তন আনিছে। (ইউনিক’ড সম্পৰ্কীয় তথ্যখিনি অসমীয়া ৱিকিপিডিয়াৰপৰা লোৱা হৈছে)

কপিৰাইট কি ?
কপিৰাইট মানে হৈছে কোনো এটা সৃষ্টিকৰ্মৰ প্ৰতি সৃষ্টিকৰ্তাজনৰ থকা বিধিগত অধিকাৰ৷ অৰ্থাৎ ‘প্ৰতিলিপি স্বত্ব’৷ যেনে–গ্ৰন্থস্বত্ব, প্ৰতিলিপি স্বত্ব, লেখক স্বত্ব, ৰচনা স্বত্ব আদি৷ এজন স্ৰষ্টাৰ নিজৰ সৃষ্টিৰ যেনে– লেখা, সংগীত বা শিল্প-কলা, ছপা, প্ৰচাৰ, বিতৰণ, আৰু প্ৰদৰ্শন, সংৰক্ষণৰ ওপৰত কেৱল স্ৰষ্টাৰহে সম্পূৰ্ণ আইনী অধিকাৰ থাকে৷ এই আইনী অধিকাৰকে ‘কপিৰাইট স্বত্ব’ বোলা হয়৷ এই আইনী অধিকাৰ অনুযায়ী স্ৰষ্টাই নিজৰ কৰ্ম এটাক কেনেকৈ কি চৰ্তত আনক ব্যৱহাৰ কৰিবলৈ দিব, তাৰ সম্পূৰ্ণ অধিকাৰ তেওঁ নিজেই বহন কৰে৷ সাধাৰণতে ৰচয়িতাৰ সমগ্ৰ জীৱনকাল আৰু তেখেতৰ মৃত্যুৰপৰা নিৰ্দিষ্ট এক কালৰ ভিতৰত ৰচয়িতাৰ নামত এই আইনী অধিকাৰ নিৰ্দিষ্টৰূপত থাকে৷ দেশৰ আইন ব্যৱস্থাই কপিৰাইটৰ কাল আৰু অন্যান্য চৰ্ত নিৰ্ধাৰণ কৰে৷ গ্ৰন্থৰ ক্ষেত্ৰত এই আইনী অধিকাৰ স্ৰষ্টাৰ মৃত্যুৰ পাছৰ ৬০ বছৰলৈকে থাকে৷ দেশ বা ৰাজ্যভেদে এই নিয়মবোৰ কিছু সালসলনি হয়৷ 

ই-জোনাকী যুগ
‘ই-জোনাকী যুগ’ অভিধাটোৰ দ্বাৰা ইণ্টাৰনেটত অসমীয়া ভাষাৰ সমল সমৃদ্ধিৰ বাবে কৰা এটা সামূহিক প্ৰচেষ্টাক নিৰ্দেশ কৰা হৈছে৷ অসমীয়া ই-সাহিত্যৰ এই নতুন নামকৰণটো কৰিছিল সত্যজিত নাথে৷ (গৰীয়সী, পৃষ্ঠা-১১ ) নেডাৰলেণ্ড নিৱাসী ৱাহিদ ছালেহে ২০১০ চনত বিশ্বৰ নানা ঠাইৰপৰা ইণ্টাৰনেটত  অসমীয়া ভাষাৰ হকে কাম কৰি থকা ব্যক্তিসকলক একত্ৰ কৰিবৰ কাৰণে প্ৰচেষ্টা গ্ৰহণ কৰিছিল৷ এই ব্যক্তিসকলে সেই সময়তে এটা সামূহিক প্ৰকল্পৰ শুভাৰম্ভ কৰিছিল৷ প্ৰকল্পটোৰ প্ৰধান উদ্দেশ্য আছিল– সহজলভ্য কাৰিকৰী সমাধান সূত্ৰ সৃষ্টি কৰা যাতে ইণ্টাৰনেটৰ চাৰ্চ ইঞ্জিনে বিচাৰিব পৰাকৈ ৰাইজে সহজে অসমীয়া ভাষাৰ সমল সৃষ্টি কৰিব পাৰে৷ তদুপৰি ইউনিক’ড ফণ্টৰ সৃষ্টি আৰু ব্যৱহাৰ, যান্ত্ৰিক অনুবাদ কৰিবপৰা সঁজুলি সৃষ্টি কৰা, কপিৰাইট সংৰক্ষণৰ প্ৰয়োজনীয়তা আদি বিভিন্ন বিষয়সমূহক তেওঁলোকে এই প্ৰকল্পত আগস্থান দিছিল৷  মনজিৎ নাথ, সত্যকাম দত্ত, বিক্ৰম মজিন্দাৰ বৰুৱা, পল্লৱ শইকীয়া আদিৰ দৰে ব্যক্তিয়ে এই সময়ছোৱাত সামূ্‌হকভাৱে কাম কৰাৰ উপৰি নিজাকৈয়ো বিভিন্ন কাম কৰিছিল৷ ২০০৫ চনমানলৈকে অসমীয়া ভাষাৰ ৱেবচাইট বুলি ক’লে বিপুলজ্যোতি শইকীয়াৰ– geocities.com/bipuljyoti, ১৯৯৯ চনৰপৰা প্ৰকাশিত সঁফুৰা (xophura.net) আৰু ২০০১ চনত ৰূপালী পৰ্দা (rupaliparda.com) আদিৰ নামোল্লেখ কৰিব পাৰি৷ পল্লৱ শইকীয়াই ১৯৯৮ চনমানতে geocities.comত একাউণ্ট খুলি অসমীয়া পুথিভঁৰাল খোলাৰ বাবে কাম-কাজ আৰম্ভ কৰিছিল৷ কেইটামান কবিতা আৰু দুটামান চুটিগল্পৰে এই কামটো আৰম্ভ কৰা হৈছিল৷ বিপুলজ্যোতি শইকীয়াই সেই সময়ত জাপানত কৰ্মৰত আছিল৷ তেখেতেও অসম সম্পৰ্কে বিভিন্ন বা-বাতৰি সংগ্ৰহ কৰি তেওঁৰ ৱেবচাইটত সংৰক্ষণ কৰিছিল৷ (গৰীয়সী, পৃষ্ঠা-১২)

এই সময়ছোৱাতে স্কাইপ (Skype)ৰ মাধ্যমেৰে বিশ্বৰ বিভিন্ন প্ৰান্তত থকা অসমীয়া সকলৰ মাজত বৈঠক অনুষ্ঠিত হৈছিল৷ এইক্ষেত্ৰত আমেৰিকাৰ Assam Foundation of North Americaৰ অংকুৰ বৰা Friends of Assam and Seven Sisters (FAS)ৰ ৰাজেন বৰুৱাই সংগঠকৰ ভূমিকা গ্ৰহণ কৰিছিল৷ 

২০০২ চনৰ ২ জুনত অসমীয়া ৱিকিপিডিয়াই পৃথক ডমেইন লাভ কৰে৷ অৱশ্যে ২০০৬ চন মানৰ পৰাহে ৱিকিপিডিয়াৰ কিছু প্ৰাৰম্ভিক কাম-কাজ আগবাঢ়ে৷ (এই সম্পৰ্কে ‘ৱিকিপিডিয়া’ শীৰ্ষক উপ অংশত তলত বিতংকৈ আলোচনা কৰা হৈছে৷)

২০০৬ চনত বিক্ৰম মজিন্দাৰ বৰুৱাৰ দ্বাৰা প্ৰথম অসমীয়া অনলাইন অভিধান শব্দ ডট অৰ্গ (xobdo.org)ৰ শুভাৰম্ভ ঘটে৷ শব্দৰ সৈতে জড়িত প্ৰথম পৰ্যায়ৰ ব্যক্তিসকলৰ ভিতৰত– প্ৰিয়ংকু শৰ্মা, পল্লৱ শইকীয়া, পল্লৱ কুমাৰ দত্ত, উজ্বল শইকীয়াৰ লগতে পৰৱৰ্তী সময়ত দীপাংকৰ এম. বৰুৱা, দ্বৈপায়ন বৰা, অপূৰ্ব মিলি, ৰাজীৱ কুমাৰ দত্ত, নীলোৎপল বৰপূজাৰী, কিশোৰ কুমাৰ বৰ্মন, ৰুবুল মাউত, হাচিনুচ চুলতান, ৰূপম কুমাৰ শৰ্মা, ৰশ্মিৰেখা দত্ত, সুদীপ্ত গগৈ, অনিছ-উজ-জামান, চি.আই.চি, আগমনি আদিৰ নাম উল্লেখযোগ্য৷ (গৰীয়সী, পৃষ্ঠা-১৪)

২০০৬ চনত ভাৰত চৰকাৰৰ যোগাযোগ আৰু তথ্য-প্ৰযুক্তি বিকাশ মন্ত্ৰণালয়ৰ অধীনত ‘বিকাশপেডিয়া’ প্ৰকল্পৰ শুভাৰম্ভ কৰা হয়৷ অসমীয়া ভাষাই ২০১০ চনত বিকাশপেডিয়াৰ ডমেইন (স্বীকৃতি) লাভ কৰে৷

অসমৰ গুৱাহাটী মহানগৰত ২০১০ চনৰ ২৬ আগষ্টত ‘জীৱন ইনিচিয়েটিভ’ সংস্থাৰ সুৰেশ ৰন্‌জন গদুকাৰ দ্বাৰা এখন সংবাদ মেল অনুষ্ঠিত কৰিছিল৷ শিৰোনাম আছিল ‘বিশ্ব দৰবাৰত অসমীয়া ভাষা’৷ এই সংবাদ মেলত আমেৰিকাৰ চিলিকন ভেলীৰ অমিতাভ চক্ৰৱৰ্তীয়ে কাৰিকৰী বিশেষজ্ঞ হিচাপে উপস্থিত আছিল৷ (গৰীয়সী, পৃষ্ঠা-৯) এই সময়ছোৱাতে অসমীয়াত কথা-বতৰা গ্ৰুপৰ আৰম্ভ কৰা হৈছিল৷ পঙ্কজ বৰাৰ নেতৃত্বত সৃষ্টি হোৱা ফেচবুকৰ এই গোটটোৱে কমদিনৰ ভিতৰতে অসমৰ ডিজিটেল মাধ্যমত অসমীয়া ভাষাৰ প্ৰসাৰ-প্ৰচাৰত অভূৰ্তপূৰ্ব ভূমিকা গ্ৰহণ কৰিলে৷ গোটটোৰ প্ৰতিষ্ঠা কালৰ  প্ৰশাসকসকল আছিল– পংকজ বৰা, বুলজিৎ বুঢ়াগোহাঁই, হিমজ্যোতি তালুকদাৰ, বিক্ৰম এম. বৰুৱা, বিৰাজ কাকতি, অঞ্জল বৰা আৰু মনজিৎ নাথ৷ এই গোটৰ বেনাৰতেই ২০১২ চনত ‘সুষম’ নামৰ এটি ছফ্‌টৱেৰ নিৰ্মাণ কৰিছিল৷ (গৰীয়সী, পৃষ্ঠা-১৮) এই গোটৰ দ্বাৰাই ভূপেন হাজৰিকাৰ প্ৰায় ছয় শতাধিক গীতৰ ইউনিক’ডলৈ ৰূপান্তৰ কৰা হৈছিল৷ সেই তেতিয়াৰেপৰা বৰ্তমান সময়লৈকে অসমীয়াত কথা-বতৰা গ্ৰুপটো সক্ৰিয় হৈ আছে আৰু ভাষা সাহিত্যৰ হকে অনলাইন মাধ্যমত বিভিন্ন ধৰণৰ কাম কৰি আছে৷ এই গোটৰপৰাই   ২০১১ চনৰ ২৪ জুলাইৰপৰা ‘সাহিত্য ডট অৰ্গ’ শীৰ্ষক ই-আলোচনীখন প্ৰকাশ কৰি অহা হৈছে৷ অৱশ্যে ইয়াৰ আগতে ২০১০ চনৰ মাৰ্চ মাহত ‘এনাজৰী’ ই-আলোচনীৰ জন্ম দিয়ে হিমজ্যোতি তালুকদাৰে৷ ‘এনাজৰী’ প্ৰথম অসমীয়া ই-আলোচনী৷ ইয়াৰ পৰৱৰ্তী সময়ত পঙ্কজ জ্যোতি মহন্ত আৰু মঞ্জিল প্ৰতিম শইকীয়াৰ ‘গণিত চ’ৰা’ ই-আলোচনীখন প্ৰকাশ কৰা হয়৷ ‘এনাজৰী’ৰ প্ৰকাশ বৰ্তমান বন্ধ হৈ আছে যদিও ‘গণিত চ’ৰা’ এতিয়াও নিয়মীয়াকৈ প্ৰকাশ পাই আহিছে৷ (ই-আলোচনীসমূহৰ বিষয়ে উপ অধ্যায়ত আলোচনা কৰা হৈছে৷)

ডিজিটেল পুথিভঁৰাল হিচাপে ‘ৱিকিউৎস’(ৱিকিউৎস ৱেবচাইটটো চাবলৈ ইয়াত ক্লিক কৰক)ই ২০১৩ চনত উপ ড’মেইন লাভ কৰে৷  এই ৱেবচাইটত ইউনিক’ড ৰূপত পুৰণি কপিৰাইটমুক্ত অসমীয়া গ্ৰন্থ উপলব্ধ৷ সেইদৰে ‘ব্লগ’ৰ দিশতো ২০০৫ চনৰপৰাই অসমত লিখা-মেলা কৰা হৈ আহিছে৷ (ৱিকিউৎস আৰু ব্লগৰ বিষয়ে উপ অধ্যায়ত আলোচনা কৰা হৈছে৷) 

তদুপৰি এনে প্ৰচেষ্টাত বহুবোৰ ব্যক্তিৰ নাম গৱেষণাৰ অভাৱত বা নিৰৱে কাম কৰাৰ কাৰণতে বাদ পৰি গৈছে৷ মনত ৰখা ভাল যে অসমীয়া সমাজ-সাহিত্যই ডিজিটেল ৰূপলৈ গতি কৰোঁতে এক সামূহিক প্ৰচেষ্টা অহৰহ সক্ৰিয় হৈ আছিল৷ সেইসকল ব্যক্তিৰ অৱদানৰ বিষয়বোৰ পোহৰলৈ অনাৰ নিশ্চয় প্ৰয়োজন আছে আৰু এই দিশটোত গৱেষণাৰ বাবে এখন বহল ক্ষেত্ৰ মুকলি হৈ আছে৷

অসমীয়া ফণ্ট নিৰ্মাণ পৰ্ব
কম্পিউটাৰত ভাৰতীয় ভাষা প্ৰয়োগৰ বাবে প্ৰথম গৱেষণাৰ কাম-কাজ আৰম্ভ হৈছিল যোৱা শতিকাৰ আশীৰ দশকৰপৰা ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান কানপুৰত৷ ১৯৮৩ চনত সেই প্ৰতিষ্ঠানৰ এটা গৱেষকৰ দলে মূলতঃ দেৱনাগৰী লিপিত লিখিবৰ বাবে এক প্ৰযুক্তি উদ্ভাৱন কৰে৷ পৰৱৰ্তী সময়ত ১৯৮৮ চনত পুণেত অৱস্থিত পৰিকলন বিকাশ কেন্দ্ৰ চমুকৈ ‘চি-ডেক’ নামৰ সংস্থাটোৱে এই প্ৰযুক্তিৰ আধাৰত কেইটামান সঁজুলি সাজি উলিয়াই৷ (গুণদীপ চেতিয়া, মিলনজ্যোতি, পৃষ্ঠা-৩৪) পৰৱৰ্তী সময়ত আমেৰিকাৰ ৰ’ড আইলেণ্ড বিশ্ববিদ্যালয়ৰ অংক শাস্ত্ৰৰ অধ্যাপক ড॰ দিলীপ কুমাৰ দত্তই ‘ডিবৰু’, ‘বেঁকী’ আৰু ‘কপিলী’, ‘ব্ৰহ্মপুত্ৰ’ আৰু ‘দিহিং’ নামৰ পাঁচটা ফণ্ট নিৰ্মাণ কৰিছিল৷ এই ফণ্টকেইটাৰ জড়িয়তেই সৰ্বপ্ৰথমবাৰৰ বাবে কম্পিউটাৰত অসমীয়াত লিখাটো সম্ভৱপৰ হৈছিল৷ আনহাতে, এই ফণ্টকেইটাই আছিল ভাৰতীয় ভাষাৰ প্ৰথম ফণ্ট, অৰ্থাৎ কম্পিউটাৰত ব্যৱহৃত প্ৰথম ভাৰতীয় আখৰ আছিল অসমীয়া৷ ইয়াৰে ‘ব্ৰহ্মপুত্ৰ’ ফণ্টৰ জৰিয়তে দত্তই ১৯৮৭ চনত ‘প্ৰেমত পৰিলোঁ নেকি?’ শীৰ্ষক গ্ৰন্থখন লিখি উলিয়াইছিল৷ এইখন গ্ৰন্থই কম্পিউটাৰত অসমীয়া আখৰেৰে লিখা প্ৰথমখন গ্ৰন্থ৷

১৯৮৩ চনত স্থাপন কৰা Modular InfoTech Pvt.Ltd নামৰ এটা কোম্পানীয়ে পাছলৈ ভাৰতীয় ভাষাত লিখিবপৰা কম্পিউটাৰ সঁজুলি আৰু ফণ্টৰ সৃষ্টি কৰিছিল৷ (https://www.modular-infotech.com/html/index.html) সেই কোম্পানীটোৱে সৃষ্টি কৰা শ্ৰীলিপি (Shree-Lipi) নামৰ চফ্‌টৱেৰটোৰ ভিতৰত বাংলা ভাষাত লিখিব পৰাকৈ অনেক ফণ্ট তৈয়াৰ কৰিছিল৷ পৰৱৰ্তী সময়ত গীতাঞ্জলি, বিদ্যাসাগৰ, চেতনা, সত্যজিত, ৰবীন্দ্ৰ আদি বাংলা ফণ্টবোৰৰ সহায়তো পেজমেকাৰ ছফ্‌টৱেৰত অসমীয়া ভাষাত লিখাৰ কাম-কাজ আৰম্ভ হয়৷ ভাৰতীয় অন্যান্য ভাষাতো ব্যৱহাৰ কৰিবপৰাকৈ শ্ৰীলিপিৰ এনেধৰণৰ প্ৰায় ২৪৯ টা ফণ্ট আছে৷ ইয়াৰ পিছত ৰামধেনু (১৯৯২) চফ্‌টৱেৰৰ বিকাশৰ লগে লগেও অসমত অসমীয়া ভাষাত পেজমেকাৰত লিখিবপৰাৰ সুবিধা অতি সূচল হৈ পৰিল৷ (পেজমেকাৰ চফ্‌টৱেৰটো সৃষ্টি কৰা হয় ১৯৮৭ চনত৷ এই চফ্‌টৱেৰটো চনত আনুষ্ঠানিকভাৱে বন্ধ হয় যদিও অসমত বৰ্তমানো এই চফ্‌টৱেৰটোৱেই চলি আছে৷ বৰ্তমান এই চফ্‌টৱেৰটোৰ আপডেট ভাৰ্চন ‘ইনডিজাইন’ সংস্কৰণটোৰহে সুবিধা অধিক বেছি৷)

অসমীয়া ফণ্টৰ ইতিহাসত ‘আদৰ্শ ৰত্নে’ নামৰ ফণ্টটোৰ এক বিশেষ ভূমিকা আছে৷ ‘আদৰ্শ ৰত্নে’ ফণ্টটো হৈছে কম্পিউটাৰৰ ৩২-bit সংস্কৰণক সমৰ্থন কৰা বিশ্বৰ প্ৰথম TrueType ফণ্ট৷ এই ফণ্টটোৱে অসমীয়া ভাষাৰ লগতে বড়ো, বাংলা, কামৰূপী, কাৰ্বি আৰু মণিপুৰী ভাষাকো সমৰ্থন কৰে৷ ১৯৯৮ চনৰ অক্টোবৰ মাহত স্থাপন কৰা ‘ৰত্নে প্ৰকল্প’ নামৰ প্ৰকল্প এটাৰ আধাৰত আমেৰিকাত কৰ্মৰত ৰবিন ডেকাই তেওঁৰ দেউতাকৰ নামেৰে এই ফণ্টটো সৃষ্টি কৰে৷ ইণ্টাৰনেটৰ ব্যৱহাৰ কৰিবপৰাকৈ এই ফণ্টটো নিৰ্মাণ কৰা হৈছিল৷ একে সময়তে চি-ডেকেও ‘লিপ অফিচ’ দ্বাৰা ভাৰতৰ বিভিন্ন ভাষাত লিখিবপৰাকৈ এটা চফ্‌টৱেৰ পেকেজ মুকলি কৰে৷ 

অসমৰ মণিৰাজ বৰুৱাই ১৯৯৯ চনৰপৰা প্ৰায় ২০১০ চন পৰ্যন্ত অসমীয়া ফণ্ট আৰু কিপেইড নিৰ্মাণৰ ক্ষেত্ৰখনত কিছু কাম কৰিছিল৷ তেখেতে ১৯৯৯ চনৰপৰা শব্দলিপি প্ৰকল্পৰ অধীনত ইউনিক’ড কিপেইড আৰু ফণ্ট নিৰ্মাণত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে আৰু ২০০৯ চনত এই কিপেইডৰ আপডেট ৰূপটোৰ সৃষ্টি কৰিছে৷ এই প্ৰকল্পৰ অধীনতে পাঁচটা ইউনিক’ড ফণ্টৰ সৃষ্টি কৰা হৈছে৷ সেইকেইটা হ’ল– ‘কীৰ্তন’, ‘মাধৱ’, ‘নৱ’, ‘বিষ্ণু’ আৰু ‘নীলমণি’৷ ইয়াৰ পৰৱৰ্তী সময়ত উদ্দীপ তালুকদাৰে ২০১০ চনত চুলেইমান লিপি ম’ডিফাই কৰি অসমীয়া ভাষাৰ বাবে ‘ৰোহিণী’ ফণ্ট নিৰ্মাণ কৰিছে৷ বনজিৎ পাঠকেও ২০১১ চনত ‘কুঁহিপাত’ ফণ্টৰ সৃষ্টি কৰিছে৷ তদুপৰি বাংলাৰ ‘লোহিত বেংগালী’ৰ ম’ডিফাই কৰি অসমীয়া ‘লোহিত’ ফণ্ট এই সময়তে সৃষ্টি হৈছে৷ ইয়াৰ পাছতে দিব্য দত্তই ‘জ্যোতিৰূপা’ (২০১৮, ১৭ জুন) আৰু লক্ষ্য প্ৰহৰ বৰদলৈ আৰু মৃদুল কুমাৰ শৰ্মাই ‘ৰংমন’ (২০২০, ০৭ জানুৱাৰী) নামৰ দুটা অসমীয়া ভাষাৰ ইউনিক’ড ফণ্ট সৃষ্টি কৰিছে৷

শেহতীয়াকৈ  অসম প্ৰকাশন পৰিষদৰ নেতৃত্বত কম্পিউটাৰত ব্যৱহাৰ কৰিবপৰাকৈ ২০২১ চনৰ ২১ ফেব্ৰুৱাৰীত ছপাযোগ্য ‘বাণীকান্ত’ নামৰ এটা ফণ্ট পৰিয়ালৰ সৃষ্টি কৰিছে৷ বাণীকান্ত ফণ্ট নিৰ্মাণত জড়িত ব্যক্তিসকল হ'ল ৰাজু গোহাঁই, গুণদীপ চেতিয়া আৰু ভাস্কৰজ্যোতি শৰ্মা। সেইদৰে ‘ৰসৰাজ’ শীৰ্ষক এটি ৰূপান্তৰকো (Converter) এইকেইজন ব্যক্তিৰ নেতৃত্বতে সৃষ্টি কৰা হৈছে৷ এই ৰূপান্তৰকৰ দ্বাৰা পেজমেকাৰৰ লেখা এটা ইউনিক’ডলৈ আৰু ইউনিক’ডৰ লেখাবোৰ পেজমেকাৰলৈ যান্ত্ৰিকভাৱে ৰূপান্তৰ কৰিব পাৰি৷ ইয়াৰ পৰৱৰ্তী সময়ত অসম চৰকাৰৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান (RUSA)ৰ দ্বাৰা ‘Assamese-Keyboard’ কিবৰ্ডৰ লগতে দুটা ফণ্ট ক্ৰমে– ‘জোনাকী’ আৰু ‘ঊষা’ সৃষ্টি কৰা হয়৷ উপৰত উল্লিখিত ফণ্ট  সমূহৰ উপৰি অসমীয়া ভাষাত আৰু অনেক ফণ্ট সময়ে সময়ে সৃষ্টি কৰা হৈছে৷ পৰৱৰ্তী সময়ত এই সম্পৰ্কে বিস্তৃতভাৱে অধ্যয়ন কৰাৰ লক্ষ্য ৰখা হৈছে৷


অসমীয়া কী-বৰ্ড 
Unicode Consortium- (ইউনিক’ড কনচ’ৰটিয়াম)এ ইউনিক’ডৰ সম্প্ৰসাৰণ কৰাৰ আগলৈকে কম্পিউটাৰ আৰু ম’বাইলত অসমীয়া লিখিবৰ বাবে বিশেষ অসমীয়া কী-বৰ্ডৰ নিৰ্মাণ হোৱা নাছিল৷ ১৯৮৩ চনত জন্ম হোৱা Modular InfoTech Pvt. Ltd নামৰ এটা কোম্পানীটোৱে  বাংলাকে ধৰি আন আন ভাৰতীয় ভাষাত কম্পিউটাৰত লিখিবপৰা চফ্‌টৱেৰ নিৰ্মাণ কৰিছিল৷ এই বাংলা কিপেইডতে কেৱল ‘ৰ’ আৰু ‘ৱ’ সংযোগ কৰি পৰৱৰ্তী সময়ত অসমীয়া ভাষাত লিখিবপৰা কিবৰ্ডৰ সৃষ্টি কৰা হৈছিল৷ তাৰ পিছত কম্পিউটাৰত অসমীয়া লিখিবৰ বাবে সম্পূৰ্ণ ঘৰুৱাভাৱে আন এক চফটৱেৰ নিৰ্মাণ কৰে ১৯৯২ চনত উৎপল বৰুৱা, ত্ৰিদীপ কুমাৰ বৰুৱা আৰু তেওঁৰ সহযোগীসকলে৷ তেওঁলোকে নিৰ্মাণ কৰা ‘ৰামধেনু’ নামৰ চফ্‌টৱেৰটোৱেই বৰ্তমান কম্পিউটাৰত অসমীয়া লিখিবৰ বাবে ব্যৱহাৰ হোৱা অন্যতম চফ্‌টৱেৰ৷ কম্পিউটাৰত অসমীয়া লিখিবৰ বাবে প্ৰকৃত অসমীয়া কী-বৰ্ডৰ বিকাশ হয় ইউনিক’ড প্ৰণালীৰ উদ্ভাৱনৰ পিছৰপৰাহে৷ প্ৰথম অৱস্থাত কম্পিউটাৰত লিখিবৰ বাবে মূল বাংলা কী-বৰ্ডসমূহতে অসমীয়া ‘ৰ’ আৰু ‘ৱ’ৰ বিকাশ ঘটাই কম্পিউটাৰত অসমীয়া লিখিবৰ বাবে ব্যৱস্থা কৰা হৈছিল৷ শ্ৰীলিপিৰ পাছতেই তেনে কী-বৰ্ডসমূহৰ ভিতৰত উল্লেখযোগ্য কী-বৰ্ড আছিল– দক্ষিণ ভাৰতৰ ‘বৰহ’ (Baraha) আৰু বাংলােদশৰ ‘অভ্ৰ’ (Avro)৷ ১৯৯৮ চনত বৰহ কিবৰ্ডৰ সৃষ্টি কৰা হৈছিল৷ সৃষ্টিকৰ্তাৰ নাম–  শ্ৰীচৰদ্ৰীবাচু চন্দ্ৰচেখৰন (Sheshadrivasu Chandrasekharan)৷ এই কিবৰ্ডৰ দ্বাৰা অন্যান্য ভাৰতীয় ভাষাৰ লগতে বাংলা ভাষাত লিখিব পৰা হৈছিল আৰু বাংলাৰ দৰে অসমীয়া ভাষাতো লিখিব পৰা হৈছিল৷ ২০০৩ চনত বাংলাদেশৰ স্বাধীনতা দিৱসৰ দিনা এই চফট্‌ৱেৰটো মুকলি কৰা হয়৷

ইয়াৰ পিছত বহুকেইজন অসমীয়া ব্যক্তিয়ে নিজস্ব চিন্তা-চৰ্চাৰে কম্পিউটাৰত লিখিবৰ বাবে কেইবাখনো অসমীয়া কিপেইডৰ নিৰ্মাণ কৰিছিল৷ বৰ্তমান ইয়াৰে কিছু কিপেইড সম্পূৰ্ণ বিনামূলীয়া আৰু কিছু কিপেইড নিৰ্দিষ্ট টকা দি কিনি ল’ব লাগে৷ সামগ্ৰিকভাৱে অসমীয়া কিপেইডসমূহক মূলতঃ তিনিটা ভাগত ভগাব পাৰি৷ সেয়া হ’ল– 
ক৷ কেৱল কম্পিউটাৰত ব্যৱহাৰ কৰিবপৰা কিপেইড
খ৷ কম্পিউটাৰ আৰু মোবাইলফোন উভয়তে ব্যৱহাৰ কৰিবপৰা কিপেইড
গ৷ কেৱল মোবাইল ফোনত ব্যৱহাৰ কৰিবপৰা কিপেইড

বৈশিষ্ট্যৰ আধাৰত অসমীয়া কিপেইডমূহক আন দুটা ভাগতো ভগাব পাৰি৷ সেয়া হ’ল– 
ক৷ পেজমেকাৰত ব্যৱহাৰ কৰিবপৰা কিপেইড
খ৷  ইউনিক’ডত ব্যৱহাৰ কৰিবপৰা কিপেইড

আকৌ আখৰ বা বৰ্ণৰ স্থান, প্ৰয়োগৰ পদ্ধতি অনুসৰি কিপেইডসসমূহক দুটা ভাগত ভগাব পাৰি৷ সেয়া হ’ল– 
ক৷ ফনেটিক কিপেইড (Phonetic Keyboard)
খ৷ ইনষ্ক্ৰীপ্ট কিপেইড (InScript Keyboard)

ফনেটিক কিপেইড (Phonetic Keyboard)
ফনেটিক কিপেইড হৈছে কিপেইডৰ এটা ষ্টাইল য’ত এটা ভাষাৰ বৰ্ণৰ সৈতে আন এটা ভাষাৰ বৰ্ণৰ উচ্চাৰণ মিলি যায়৷ অৰ্থাৎ এটা ভাষাৰ কিপেইডৰ বৰ্ণৰ সৈতে আন এটা ভাষাৰ কিপেইডৰ বৰ্ণবোৰৰ উচ্চাৰণৰ মিল আছে৷ যেনে– অসমীয়া ভাষাৰ ‘তুমি’ শব্দটো এখন ফনেটিক কিপেইডত টিপিলে লিখিব লাগিব এনেকৈ ‘tumi’৷

ইনষ্ক্ৰীপ্ট কিপেইড (InScript Keyboard)
ইনষ্ক্ৰীপ্ট কিপেইডত সৰ্বমুঠ ১০৪ টা বৰ্ণ আছে৷ এই কিপেইডখনৰ উদ্ভাৱন আৰু বিকাশ কৰিছে ভাৰত চৰকাৰে৷ ব্ৰাহ্মীণ লিপিত  এই কিপেইডখন প্ৰস্তুত কৰা হৈছে৷ এই কিপেইডৰ ষ্টাইল বা আখৰৰ স্থান ১২ টা ভাৰতীয় ভাষাৰ সৈতে একেধৰণৰ৷ ইনষ্ক্ৰীপ্ট কিপেইডৰ আখৰৰ স্থানৰ উদাহৰণ– অসমীয়া ভাষাৰ ‘তুমি’ শব্দটো এখন ইনষ্ক্ৰীপ্ট কিপেইডত টিপিলে লিখিব লাগিব এনেকৈ ‘lgfc’৷

তলত অসমীয়া কিপেইডসমূহৰ ভিতৰত কেইখনমান কিপেইডৰ নাম আৰু চমু বিৱৰণ সম্পৰ্কে উল্লেখ কৰা হ’ল৷ উল্লেখযোগ্য যে এই কিপেইডসমূহে ৱিণ্ডজৰ লগতে XP SP2, Vista, 7 and 8/8.1.10 আদি অপাৰেটিং চিষ্টেমসমূহতো কাম কৰে৷

শব্দ (Xobdo)
অসমত নিজা কিপেইড সৃষ্টিৰ ক্ষেত্ৰখনত ‘শব্দ ডট অৰ্গ’ৰ এটা বিশেষ ভূমিকা আছে৷ এই সংস্থাটোৱে মাইক্ৰচফ্‌টৰ এখন কিপেইড কাষ্টমাইজ কৰি অসমীয়া ভাষাত লিখিবপৰাৰ ব্যৱস্থা কৰিছিল৷ কিপেইডখনৰ নাম আছিল ‘শব্দ’৷ সেইদৰে এই কিপেইডখনৰ সমান্তৰালভাৱে ‘বৰহ’ আৰু ‘অভ্ৰ’ কিপেইডৰ দ্বাৰা সেই সময়ত অসমীয়া ভাষাত লিখা আৰম্ভ হৈছিল৷ (শব্দৰ ৱেবচাইট)

ৰামধেনু (Ramdhenu)
১৯৯২ চনত ত্ৰিদীপ কুমাৰ বৰুৱাই কম্পিউটাৰত অসমীয়া লিখিবৰ বাবে এই চফটৱেৰ নিৰ্মাণ কৰে৷ বৰ্তমান পেজমেকাৰত বা অন্যান্য মাধ্যমসমূহত অসমীয়া ভাষাত লিখিবলৈ এই চফটৱেৰটোৱেই সৰ্বাধিক ব্যৱহাৰ হয়৷ ৰামধেনু কিপেইডৰ দ্বাৰা ইউনিক’ড আৰু নন ইউনিকড উভয় মাধ্যমতে অসমীয়া ভাষাত লিখিব পাৰি৷ অৱশ্যে তেওঁলোকে ইউনিক’ড ফণ্ট বহু পাছতহে সৃষ্টি কৰিছে৷ মোবাইলত ৰামধেনু কিপেইডৰ ব্যৱহাৰ কৰিব নোৱাৰি৷  (ৰামধেনু চফ্টৱেৰৰ মূল ৱেবচাইট)

শব্দলিপি (Sabdalipi) 
শব্দলিপি চফটৱেৰটো নিৰ্মাণ কৰা হয় ২০০৯ চনত৷ নিৰ্মাতা মণিৰাজ বৰুৱা৷ এই কিপেইডৰ দ্বাৰা ইউনিক’ডত লিখিব পাৰি৷

আক্ৰুতি (Akruti) 
আক্ৰুতি হৈছে মোবাইল আৰু কম্পিউটাৰত ইউনিক’ড লিখনৰ বাবে ব্যৱহৃত এটা বহুভাষিক ছফ্‌টৱেৰ৷ এই কিপেইড Cyberscape Multimedia Ltd নামৰ এটি প্ৰতিষ্ঠানে নিৰ্মাণ কৰিছে৷ ভাৰতৰ ১৩ টা ভাষাত এই সেৱা উপলব্ধ৷ এই ছফ্‌টৱেৰ বিনামূলীয়া৷ আক্ৰুতি পাব্লিছিং চিষ্টেম ছফ্‌টৱেৰটো প্ৰথমবাৰৰ বাবে ১৯৮৯ চনত মিষ্টাৰ আনন্দ এছ.কে.ৰ নেতৃত্বত হিন্দী ভাষাৰ বাবে মুম্বাই চহৰত আৰম্ভ কৰা হয়৷ ১৯৯৪ চনৰ ভিতৰত ইয়াক মাৰাঠী, সংস্কৃত, গুজৰাটী, কানাড়া আৰু তামিল ভাষা অন্তৰ্ভুক্ত কৰিবলৈ সম্প্ৰসাৰিত কৰা হয়৷ পৰৱৰ্তী সময়ত ১৯৯৬ চনত বেংগালুৰুত আনন্দ এছ. কে.ৰ নেতৃত্বত গঠন হোৱা ‘চাইবাৰস্কেপ মাল্টিমিডিয়া প্ৰাইভেট লিমিটেড’ৰ সৈতে আক্ৰুতি প্ৰকল্পটো একত্ৰিত কৰা হয়৷ ২০০০ চনত এই প্ৰতিষ্ঠানটোৰপৰা উড়িয়া, বাংলা, অসমীয়া, পাঞ্জাবী, তেলেগু, মালয়ালম ইত্যাদি আন বহুতো লিপিত লিখিব পৰা ছফ্‌টৱেৰৰ বিকাশ সাধন হয়৷ ২০০০ চনতে ‘চাইবাৰস্কেপ মাল্টিমিডিয়া প্ৰাইভেট লিমিটেড’ ৰাজহুৱা প্ৰতিষ্ঠান হৈ বাংগালুৰুত এইচ অ’ আৰু উন্নয়ন কেন্দ্ৰ আৰু কাৰ্যালয়ৰ সৈতে ‘চাইবাৰস্কেপ মাল্টিমিডিয়া লিমিটেড’লৈ পৰিণত হয়৷ সেই সময়ত তেওঁলোকৰ কাৰ্যালয়ৰো প্ৰসাৰ ঘটে মুম্বাই, দিল্লী, কলকাতা আৰু ভুৱনেশ্বৰ চহৰলৈ৷
২০০৬ চনত যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় MCIT আৰু CDAC ৰ অধীনত TDIL প্ৰকল্পৰ অধীনত এই প্ৰতিষ্ঠানৰ দ্বাৰা অসমীয়াৰ বাবে আক্ৰুতি মাল্টি ফণ্ট অসমীয়া ইঞ্জিন নামৰ এটা সঁজুলি প্ৰস্তুত কৰিছিল৷ অসমীয়া ভাষাত ইউনিক’ড ফণ্টসমূহ সমৰ্থন কৰিবলৈ আক্ৰুতি নেক্সট, আক্ৰুটি পাব্লিচাৰ আৰু আক্ৰুতি ভিষ্টাৰৰ দৰে ছফ্‌টৱেৰবোৰৰ বিভিন্ন সংস্কৰণসমূহ ২০০৬ চনৰ পৰা ২০১০ চনৰ ভিতৰত আৰম্ভ কৰা হৈছিল৷ ২০১০ চনৰ পিছত কোম্পানীটোৰ সকলো কাম-কাজ বাংগালুৰু এইচ অ’লৈ স্থানান্তৰিত হয় আৰু তেতিয়াৰ পৰাই ই কেৱল বাংগালুৰুতে আছে আৰু বাকী ইয়াৰ সকলো কেন্দ্ৰ বন্ধ হৈ পৰিছে৷ এই প্ৰতিষ্ঠানে বৰ্তমান সময়ত অসমীয়া ভাষাৰ বাবে ফণ্ট কেটেলগ আৰু অক্ৰুতি মাল্টিফণ্ট, অসমীয়া ইঞ্জিন (MCIT)ৰ বাবে এখন ব্যৱহাৰকাৰী হাতপুথি প্ৰস্তুত কৰিছে৷ বৰ্তমান তেওঁলোকে অসমীয়া OCR, Spelling Checker, text-to-speech (TTS) আৰু speech-to-text (STথ্ব) আদি সামগ্ৰী নিৰ্মাণৰ বাবেও কাম কৰি আছে৷ এই কিপেইডৰ দ্বাৰা ইউনিক’ড আৰু ননইউনিক’ড উভয়তে ডিটিপি কৰিব পাৰি৷ (আক্ৰুতি ৱেবচাইটোৰ লিংক)

ৰ’দালি (Rodali)
ৰ’দালি হৈছে ‘ভাষা প্ৰযুক্তি বিকাশ পৰিষদ, অসম’ৰ দ্বাৰা নিৰ্মিত এক অসমীয়া ইউনিক’ড লিখন চফটৱেৰ৷ ২০১২ চনৰ ৩ অক্টোবৰ তাৰিখে এই চফটৱেৰটো উন্মোচন কৰা হয়৷ ৰ’দালি চফটৱেৰটো সম্পূৰ্ণ বিনামূলীয়া৷ (গুণদীপ চেতিয়া, অংশুমান বৰা, ভাস্কৰ জ্যোতি শৰ্মা আদি এই সজুঁলি নিৰ্মাণৰ লগত জড়িত)৷ মোবাইলত ৰামধেনু কিপেইডৰ ব্যৱহাৰ কৰিব পাৰি৷  (ৰ’দালি ৱেবচাইটটোৰ লিংক)

জাহ্নৱী (Jahnabi)
জাহ্নৱী চফটৱেৰটো নিৰ্মাণ হয় ২০১৩ চনৰ নৱেম্বৰ মাহত৷ নিৰ্মাতা- উৎপল ফুকন৷ জাহ্নৱী সঁজুলিটোটো OCR (Optical character recognition) সঁজুলি, ৰূপান্তৰক (Converter) আদিও সেৱা উপলব্ধ৷ অসমীয়া, বাংলা, হিন্দী, টাই আহোম আদি ভাষাত জাহ্নৱী কিপেইড উপলব্ধ৷ জাহ্নৱীৰ সঁজুলিসমূহৰ ৯ টা প্ৰকল্পৰ ভিতৰত ৩টা প্ৰকল্প বিনামূলীয়া নহয়৷ মোবাইলত জাহ্নৱী কিপেইড ব্যৱহাৰ কৰিব পাৰি৷  (জাহ্নৱী চফ্টৱেৰৰ মূল ৱেবচাইট)

লাচিত (Lachit)
লাচিত হৈছে অসমীয়া ভাষাৰ লিখন সঁজুলিৰ এটা সম্পূৰ্ণ পেকেজ৷ লাচিত ডট্‌ অৰ্গৰ আৰম্ভ হয় ২০১৩ চনত৷ নিৰ্মাতা- মৃদুল কুমাৰ শৰ্মা৷ লাচিত ডট্‌ অৰ্গৰ সঁজুলিসমূহ সম্পূৰ্ণ বিনামূলীয়া৷ সেইদৰে OCR সঁজুলি, ৰূপান্তৰক (Converter) আদিও লাচিত ডট অৰ্গত উপলব্ধ৷ ইনস্কিপ্ট আৰু ফনেটিক দুয়োটা পদ্ধতিতে ইয়াৰ কিপেইডসমূহ পোৱা যায়৷ লাচিত কনভাৰ্টাৰৰ সহায়ত পেজমেকাৰৰপৰা ইউনিক’ড আৰু ইউনিক’ডৰপৰা পেজমেকাৰলৈ অট’ কনভাৰ্ট কৰিব পাৰি৷ এই সেৱা সম্পূৰ্ণ বিনামূলীয়া৷ মোবাইলত লাচিত কিপেইড ব্যৱহাৰ কৰিব পাৰি৷  (লাচিত ৱেবচাইটটোৰ লিংক)

ইজি ডিটিপি চফ্‌টৱেৰ (Easy DTP Software) 
এই চফ্‌টৱেৰৰ নিৰ্মাতা অনিল বৰুৱা৷ তেওঁ অসমীয়া ভাষা আৰু চফ্‌টৱেৰ বিকাশ কেন্দ্ৰৰ লগত জড়িত৷ শেহতীয়াকৈ তেওঁ ম’বাইলত ব্যৱহাৰ কৰিবপৰা এখন অনলাইন অভিধান প্ৰকাশ কৰিছে, নামটো ‘সাৰথি অভিধান এপ’৷ মোবাইলত ইজি ডিটিপি কিপেইড ব্যৱহাৰ কৰিব নোৱাৰি৷ (ইজি ডিটিপি চফ্টৱেৰৰ ৱেবচাইট)

উইনলিপি (Winlipi)
Informer Technologies কোম্পানীয়ে এই চফ্‌টৱেৰ প্ৰস্তুত কৰিছে৷ পেজমেকাৰত উইনলিপিৰ জৰিয়তে অসমীয়াত ডিটিপি কৰিব পাৰি৷  মোবাইলত উইনলিপি কিপেইড ব্যৱহাৰ কৰিব নোৱাৰি৷ (উইনলিপি ৱেবচাইটটোৰ লিংক)

গুগ’ল ইণ্ডিক কিপেইড (Google Indic Keyboard)
গুগ’ল ইিণ্ডক কিপেইডখনো একপ্ৰকাৰৰ বহুভাষিক চফট্‌ৱেৰ৷ এই কিপেইডৰ সহায়ত এঘাৰটা ভাষা (ভাষাকেইটা হ’ল–অসমীয়া, বাংলা, গুজৰাটী, হিন্দী, কানাড়া, মালায়ালম, মাৰাঠী, ওড়িয়া, পাঞ্জাৱী, তামিল আৰু টেলেগু)ত মোবাইলত লিখিবপৰা সুবিধা আছে৷ ২০১৬ চনত এই কিপেইডৰ সৃষ্টি কৰা হৈছে৷  (গুগ’ল ইন্ডিক কিপেইডৰ লিংক)

লিপিকাৰ কিপেইড (Lipikar Keyboard)
২০০৭ চনত লিপিকাৰ প্ৰজেক্টটোৰ শুভাৰম্ভ কৰা হৈছিল৷ এই কিপেইডত বৰ্তমান সৰ্বমুঠ ১৮ টা ভাৰতীয় ভাষাত লিখিবপৰাৰ সুবিধা আছে৷ লিপিকাৰ কিপেইডখনো একপ্ৰকাৰৰ বহুভাষিক চফট্‌ৱেৰ৷ লিপিকাৰে আগবঢ়োৱা বাংলা আৰু অসমীয়া ফণ্টত দুয়োটা ভাষা ব্যৱহাৰ কৰিবপৰা সুবিধা আছে৷ লিপিকাৰ কিপেইডৰ দ্বাৰা কম্পিউটাৰ আৰু মোবাইলত অসমীয়া ভাষাত লিখিব পাৰি৷  (লিপিকাৰ কিপেইডৰ লিংক)


বৰ্তমান কম্পিউটাৰ বা লেপটপত ব্যৱহাৰ কৰা ৱিণ্ডজ-১০, ৱিণ্ডজ-৮.১ আদিত ইউনিক’ডত লিখিবলৈ ৱিণ্ডজৰ লগতেই বিশ্বৰ বিভিন্ন ভাষাৰ কিবৰ্ড ইনষ্টল হৈ আহে৷ অসমীয়া ভাষাটো এনে কিবৰ্ডৰ সুবিধা আছে৷  অৱেশ্য এনে কিবৰ্ড কেৱল ইউনিক’ডৰ বাবেহে৷

ডিজিটেল মাধ্যমত অসমীয়া সাহিত্য
ৱিকিপিডিয়া (Wikipedia) হৈছে অব্যৱসায়িক, মুক্ত, ৱেব-ভিত্তিক, সহযোগিতামূলক, বহুভাষিক বিশ্বকোষ বা তথ্যকোষ৷ ৱিকিপিডিয়াৰ প্ৰতিস্থাপক হৈছে লেৰী চেংগাৰ আৰু জিমী ৱেল্‌চ৷ জিমী ৱেলচৰ মতে ৱিকিপিডিয়া হৈছে– ‘পৃথিৱীৰ প্ৰত্যেক ব্যক্তিৰ মাতৃভাষাতে এখন উৎকৃষ্ট মানৰ বহুভাষিক মুক্ত বিশ্বকোষ ৰচনাৰ প্ৰয়াস৷ ৱিকিপিডিয়াৰ লক্ষ্য হৈছে সকলোৱে বিনামূলীয়াকৈ পাবপৰাকৈ জ্ঞান আৰু তথ্যৰ বিতৰণ৷’ ২০০১ চনৰ ১৫ জানুৱাৰীত জিম্মী ৱেলছ আৰু লেৰী ছেংগাৰএ এই বৃহত্তৰ ৱিকিপিডিয়া ৱেবচাইটটি মুকলি কৰে৷ বিশ্বৰ যিকোনো ভাষাৰ সাহিত্য-সমাজ-সংস্কৃতিৰ প্ৰতিটো বিষয়েই তথ্যসহ আৰু তথ্যৰ উৎসসহ এই বৃহত্তৰ ৱেবচাইটোত সংকলিত ৰূপত সংৰক্ষণ কৰা হয়৷ বৰ্তমান বিশ্বৰ ৩২১ টা ভাষাত ৱিকিপিডিয়াৰ সেৱা উপলব্ধ৷ ৱিকিপিডিয়াৰ মূখ্য কাৰ্যালয় আছে আমেৰিকা যুক্তৰাষ্ট্ৰত৷ ৱিকিপিডিয়াৰ পৃষ্ঠাত প্ৰকাশ কৰা তথ্য আৰু প্ৰকাশযোগ্য প্ৰবন্ধৰ কোনো সীমাবদ্ধতা নাই৷ প্ৰবন্ধৰ সৈতে তথ্য উৎস দিয়াতো ৱিকিপিডিয়াৰ প্ৰধান বিশেষত্ব৷ উল্লেখযোগ্য যে আমেৰিকাত ২০০১ চনত ৱিকিপিডিয়া জন্ম হোৱাৰ ঠিক এবছৰ পাচতেই অৰ্থাৎ ২০০২ চনৰ জুন মাহত অসমীয়া ৱিকিপিডিয়াৰ আৰম্ভ হয়৷ বৰ্তমান অসমীয়া ৱিকিপিডিয়াত প্ৰায় ১২৪৮৭ টা (২৭ ডিচেম্বৰ, ২০২৩ চন পৰ্যন্ত) প্ৰবন্ধ আছে৷

ৱিকিউৎস (Wikisource)
ৱিকিউৎস হৈছে ৱিকিমিডিয়া ফাউণ্ডেছনৰ দ্বাৰা পৰিচালিত মুক্ত উৎস পাঠৰ এক ডিজিটেল পুথিভঁৰাল৷ ইয়াৰ উদ্দেশ্য হৈছে লিখনিৰ ভাণ্ডাৰ বা সংকলন তৈয়াৰ কৰা, যাতে যিকোনো ভাষাৰ অনুবাদ আৰু অন্যান্য সম্পৰ্কিত বিষয়, গ্ৰন্থ, আলােচনী আদি ইয়াত সন্নিবিষ্ট কৰিব পাৰি৷ পূৰ্বতে কেৱল গুৰুত্বপূৰ্ণ ঐতিহাসিক পাঠ্যৰ আৰ্কাইভ সৃষ্টিত মনোনিবেশ কৰা এই প্ৰকল্প বিস্তাৰ হৈ বৰ্তমান সাধাৰণ সমলৰ পুথিভঁৰালৰ ৰূপ লৈছে৷ “Project Sourceberg’’ নামেৰে ২০০৩ চনৰ ২৪ নৱেম্বৰত আৰম্ভ হোৱা প্ৰকল্পটোক সেই বছৰৰে শেষৰফালে “Wikisource’’ নাম দিয়া হয়৷ অসমীয়া ভাষাত ৱিকিচৰ্ছ  প্ৰকল্পক “ৱিকিউৎস’’ নাম দিয়া হৈছে৷ ২০১৩ চনৰ জানুৱাৰীত অসমীয়া ৱিকিউৎসই নিজা উপ-ড’মেইন লাভ কৰে৷ ৱিকিউৎসৰ আৰম্ভ হৈছিল ২০০৩ চনৰ ২৪ নৱেম্বৰত৷ তেতিয়া ইয়াৰ নাম ৰাখিছিল– “Project Sourceberg (a play on words for Project Gutenberg) আৰু ইয়াৰ ইউআৰএল (URL) আছিল http//sources.wikipedia. ২০০৩ চনৰ ৬ ডিচেম্বৰত ইয়াৰ সদস্যসকলে ইয়াৰ নাম “Wikisource’’ লৈ ৰূপান্তৰিত কৰিলে; কিন্তু ইউআৰএলটো ২০০৪ চনৰ ২৩ জুলাইলৈকে http//wikisource.org লৈ নিয়া হোৱা নাছিল৷ বৰ্তমান অসমৰ বহুতো পুৰণি আপুৰুগীয়া গ্ৰন্থ ৱিকিউৎসত ইউিনক’ড ৰূপত সংৰক্ষিত হৈ আছে৷ ৱিকিউৎস ৱেবছাইটতত পূৰ্বে প্ৰকাশিত যিকোনো গুৰুত্বপূৰ্ণ লিখনি সংগ্ৰহ কৰি ডিজিটেল ৰূপ দিয়া হয়৷ ইয়াৰ মাজৰ কিছুমান হৈছে– গল্প-উপন্যাস, চিঠি, ভাষণ, ধৰ্মীয় সংকলন, সাংবিধানিক আৰু ঐতিহাসিক দলিল আদি, আইন আৰু অনান্য দলিল আদি৷ সমস্ত সংগৃহীত লিখনি কপিৰাইটমুক্ত অথবা জিএফডিএল (GFDL-GNU Free Documentation License) লাইচেন্সৰ আওতাত থাকে৷ সকলো ভাষাৰ অনুবাদ লিখনি ইয়াত থাকিব পাৰে৷ ৱিকিউৎসত অৱদানকাৰীসকলৰ নিজস্ব কোনো বস্তু বা নিজৰ লিখনি প্ৰকাশ কৰা স্থান নহয়৷ বৰ্তমান অসমীয়া ৱিকিউৎসত প্ৰায় ৩১০৬ টা কপিৰাইটমুক্ত লেখা আৰু ৫৯০ খনতকৈ অধিক কপিৰাইটমুক্ত গ্ৰন্থ সংগ্ৰহিত হৈ আছে৷ (এই তথ্য ৫ ছেপ্তেম্বৰ, ২০২৩ তাৰিখ পৰ্যন্ত) ৱিকিউৎসত অসমৰ নতুনচাম লিখকেও নিজৰ গ্ৰন্থ কপিৰাইট মুক্ত কৰি ৱিকিউৎসত সংৰক্ষণৰ বাবে জমা দিব পাৰে৷ ইয়াৰ বাবে নিৰ্দিষ্ট প্ৰক্ৰিয়া আছে৷ 

 ৱিকিকমন্স (Wiki Commons)
ৱিকিকমন্স হৈছে এনে এটি অনলাইন মাধ্যম; যাৰ দ্বাৰা আলোকচিত্ৰ, অডিঅ’, ভিডিঅ’ সমূহ নিৰ্দিষ্ট কিন্তু বিনামূলীয়া অনুজ্ঞাপত্ৰৰ দ্বাৰা সকলোৰে বাবে সকলো ভাষাতে মুক্তভাৱে ব্যৱহাৰ হোৱাকৈ ৰাখিব পাৰি৷ বিশ্বৰ যিকোনো প্ৰান্তৰ মানুহে এই ৱিকি কমন্সত থকা বিষয় এটা প্ৰয়োজন সাপেক্ষে ইডিট কৰিব পাৰে৷ ব্যৱহাৰ কৰিব পাৰে৷ ৱিকিমিডিয়া, ৱিকিউৎস, ৱিকিকমন্স আটাইবোৰেই ৱিকিমিডিয়া ফাইণ্ডেশ্যনৰে অন্তৰ্গত প্ৰকল্প৷ যিকোনো এটা প্ৰকল্পত নিজাকৈ একাউণ্ট খুুলি ল’লেই আটাইকেইটা প্ৰকল্পতে সেই একেটা একাউণ্টৰ জৰিয়তেই প্ৰৱেশ কৰিব পাৰি৷ ৱিকি কমন্সত আপলোড কৰা ফটোৰ নিৰ্দিষ্ট অনুজ্ঞাপত্ৰ থকা বাঞ্চনীয়৷ কপিৰাইট উলংঘা কৰা যিকোনো তথ্য ৱিকি কমন্সত সংৰক্ষণ কৰা নহয়৷ অসমীয়া ভাষাৰো বহুবোৰ গুৰুত্বপূৰ্ণ ঐতিহাসিক আলোকচিত্ৰ, বক্তৃতা, বিভিন্ন জাতি-জনগোষ্ঠীবোৰৰ সংস্কৃতিসমূহ এই ৱেবচাইটত সংৰক্ষিত হৈ আছে৷

ব্লগ হৈছে এনে এটি অনলাইন প্লেটফৰ্ম; য’ত সাহিত্য চৰ্চাপৰা সমাজ-সংস্কৃতি-ৰাজনীতি-অৰ্থনীতি, সংবাদ বিষয়ক যিকোনো লেখা, তথ্য, সংবাদ সংৰক্ষণ কৰিব পাৰি আৰু প্ৰকাশ কৰিব পাৰি৷ ব্লগক ব্যক্তিগত দিনলিপি বা ব্যক্তিকেন্দ্ৰিক পত্ৰিকা বুলিও অভিহিত কৰিব পাৰি৷ ইণ্টাৰনেটৰ সৈতে জড়িত হোৱা যিকোনো ব্যক্তিয়ে মোবাইল, লেপটপত ইচ্ছানুসৰি নিজাকৈ এটা ব্লগ একাউণ্ট সৃষ্টি কৰিব পাৰে৷ অসমীয়া ভাষাৰ কেইটামান ব্লগৰ উদাহৰণ– যামিনী অনুৰাগৰ ‘আকাশ, গুঞ্জন, অসমীয়া’ (২০০৮ চনৰপৰা), মনোজ মন কলিতাৰ ‘মোৰ অন্তৰৰ দুৱাৰ’ (২০১০ চনৰপৰা),  মনজিৎ নাথৰ ‘আমি অসমীয়া’ (২০১০ চনৰপৰা), বৰ্ণালী ডেউৰী বৰাৰ ‘মন কহুৱা বন’ (২০১০ চনৰপৰা), বিশ্বজিৎ নাথৰ ‘স্পন্দন’ (২০১০ চনৰপৰা), অঞ্জল বৰাৰ ‘প্ৰত্যাশা’, সুগন্ধি পখিলা  (২০১০ চনৰপৰা) আক্লান্তিকা শইকীয়াৰ ‘খাৰ নোখোৱাৰ কলম (২০১০ চনৰপৰা) বিক্ৰম এম. বৰুৱাৰ ‘জালপঞ্জী’, পংকজ বৰাৰ ‘অনুভূতিৰ ভৰপক’, পংকজ জ্যোতি মহন্তৰ ‘ অলিন্দ’, ‘এই সময়ত’,  প্ৰিয়াংকু শৰ্মাৰ ‘অসমীয়া ব্লগ’, ‘যাযাবৰ’, প্ৰথম অসমীয়া সমূহীয়া ব্লগ ‘সুগন্ধি পখিলা’, পল্লৱ প্ৰাণ গোস্বামীৰ ‘বৰ্ণমালা’, কাঞ্চন গগৈৰ ‘মোৰ কবিতা’, চৈতন্য ভৰদ্বাজৰ ‘মোৰ ভাৱৰ বুৰবুৰণি’, ৰিদিপ কুমাৰ লহকৰৰ ‘মোৰ হৃদয়ৰ কুঠৰী’, শান্তনু চাংমাইৰ ‘হেৰাই যোৱা দিনবোৰ’, ‘গাজাৰী’, উচ্ছজিৎ কলিতাৰ ‘ইপাৰ জীৱন-সিপাৰ মৃত্যু’, মিতালী বৰ্মনৰ ‘সত্ত্বা- এক অবিৰত যাত্ৰা’, সুস্মিতা বৰাৰ ‘স্বস্ত্যয়ন’, মনোৰঞ্জন মজুমদাৰৰ ‘অৱকাশ’, দিগন্ত ওজাৰ ‘মণিমুগ্ধ’, দিপাংকৰ চেতিয়াৰ ‘তৰংগ’ বুলজিৎ বুঢ়াগোঁহাইৰ ‘বুলজিৎ বুঢ়াগোঁহাইৰ ব্লগ’, মৃনাল জ্যোতি গোস্বামীৰ ‘ভগ্নাংশ নিৰ্মাণ’, চন্দন চিৰিং ফুকনৰ ‘নিয়ৰ পৰশ’, বিৰিঞ্চি ৰাভাৰ ‘অনুভৱ’, জলি বৰাৰ ‘অনুভৱৰ কাঁচিয়লি ৰ’দত’, অৰূপজ্যোতি বৰাৰ ‘স্পন্দন’, মাধৱ শইকীয়াৰ ‘তামোল-পাণ’, ‘মোৰ অবিৰত যাত্ৰা’, প্ৰতীম প্ৰতাপ বৰুৱাৰ ‘ মিলন সাঁকো, অজয় লাল দত্তৰ ‘ৰঙা চিয়াঁহী’, ‘সুখ-দুখ ডট কম্‌’, ঈশান জ্যোত বৰাৰ ‘যাত্ৰা...’ বিষ্ণু শইকীয়াৰ ‘হীৰেণ ভট্টাচাৰ্য’,  নিতুল বৰাৰ ‘অনুভৱ’, ৰক্তিম গোস্বামীৰ ‘ৰক্তিম... গীতেৰে... কথাৰে...’, প্ৰবাল কলিতাৰ ‘সাৰথি’ (অসমীয়া অনলাইন সংগ্ৰহালয় হিচাপে নামকৰণ কৰা হৈছে যদিও প্ৰকৃততে ই এটা ব্লগহে৷) ভাস্কৰ ভূঞাৰ ‘শব্দ’, কুলধৰ ৰাভাৰ ‘সৰাপাত’ আদি৷ ইয়াৰোপৰি অসমত জনা-নজনা আন বহুতো ব্যক্তিয়ে ব্লগত ভাষা-সাহিত্যৰ চৰ্চা কৰি আহিছে৷ এই সম্পৰ্কে বৃস্তিতভাৱে অধ্যয়ন কৰাৰ থল আছে৷

ছপা-যন্ত্ৰৰ এই সুদীৰ্ঘকাল অতিক্ৰম কৰাৰ পাছত বৰ্তমান সমগ্ৰ বিশ্বৰ সাহিত্য সৃষ্টি আৰু সংৰক্ষণৰ ক্ষেত্ৰত ছপা-যন্ত্ৰৰ সমান্তৰালভাৱে বৈদ্যুতিন মাধ্যমসমূহেও সৱলভাৱে ভূমিকা গ্ৰহণ কৰিছে  ইয়াৰ ভিতৰত ই-আলোচনী (E-Magazine) এটা প্ৰধান মাধ্যম৷ ই-আলোচনী হৈছে ইণ্টাৰনেটৰ মাধ্যমেৰে প্ৰচাৰ হোৱা এনে এখন আলোচনী; য’ত আলোচনী এখনৰ সম্পূৰ্ণ গুণ ৰক্ষা কৰি চলাৰ লগতে প্ৰয়োজন সাপেক্ষে তাৰ দৃশ্য-শ্ৰৱ্য মাধ্যমৰো সংযোজন কৰা হয়৷ ২০১০ চনৰ ১৩ মাৰ্চত গুৱাহাটী প্ৰেছ ক্লাৱত অসমৰ বিশিষ্ট সাহিত্যিক নিৰুপমা বৰগোহাঞিয়ে উন্মোচন কৰা ‘এনাজৰী’ হৈছে প্ৰথম অসমীয়া ই-আলোচনী তথা অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতিৰ ই-বিপ্লৱৰ বাটকটীয়াস্বৰূপ৷ হিমজ্যোতি তালুকদাৰৰ সম্পাদনা আৰু পৰিকল্পনাৰ ফচল ‘এনাজৰী’ বৰ্তমান এখন দ্বি-ভাষিক অসমীয়া ই-আলোচনীয়ে নহয়, এক বহুমুখী প্ৰকল্প, যিটো প্ৰকল্পই ২০১৩ চনৰ অক্টোবৰ মাহত শ্ৰীলঙ্কাৰ কলম্বোত আয়োজিত ‘ৱল্ড ছামিট এৱাৰ্ড ২০১৩’ অনুষ্ঠানত ক্ৰিয়েটিভিটি শাখাত বিজয়ী সন্মান লাভ কৰিছিল৷ উল্লেখযোগ্য যে এই আন্তৰ্জাতিক পৰ্যায়ৰ সন্মিলনখনত এনাজৰীয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল৷ অসমীয়া ভাষাটো অনেক ই-আলোচনী বৰ্তমান প্ৰচলিত হৈ আছে৷ ইণ্টাৰনেটত ইউনিক’ডৰ মাধ্যমেৰে অসমীয়া ভাষাটো সমৃদ্ধি কৰাত ই-আলোচনীৰ ভূমিকা অপৰিসীম৷ অসমৰ কেইখনমান ই-আলোচনীৰ নাম হ’ল– গণিত চ’ৰা (অসমীয়া আৰু ইংৰাজী ভাষাত গণিত বিষয়ক ই-আলোচনী, সম্পাদকঃ পঙ্কজ জ্যোতি মহন্ত, মঞ্জিল পি. শইকীয়া, ২০১১, ২১ এপ্ৰিল), সাহিত্য ডট অৰ্গ (প্ৰত্যেক সংখ্যাৰে সম্পাদক বেলেগ৷ ফেচবুকৰ ‘অসমীয়া কথা-বতৰা’ গ্ৰুপটোৱে এই আলোচনীখন প্ৰকাশ কৰে৷ জুলাই, ২০১১), নীলা-চৰাই (পল্লৱ প্ৰাণ গোস্বামী, ২০১২), সেউজী ধৰণী (কৃষিভিত্তিক দ্বি-ভাষিক ই-আলোচনী, ২০১২, সম্পাদক: বিশ্বজিৎ বৰুৱা), সন্ধান (প্ৰতিষ্ঠাপক সম্পাদক নয়নজ্যোতি কলিতা, ২০১২), সৃষ্টিৰ জিলিঙণি (এটা ফেচবুক পেজৰপৰা জন্ম, ২০১২ চনৰপৰা এই আলোচনীখন প্ৰকাশিত, সম্পাদক: দ্বীপজ্যোতি শৰ্মা, কাৰ্যবাহী সম্পাদক : ইন্দ্ৰনীল গায়ন), আৰম্ভণি (২০১৪),  প্ৰজন্ম (২০১৪), মহাবাহু (বাতৰিকেন্দ্ৰিক ই-আলোচনী, ২০১৭),  মুক্ত চিন্তা (প্ৰতিষ্ঠাপক সম্পাদক: কৌশিক দাস, ১ জুলাই, ২০১৫), মণিকূট (প্ৰতিষ্ঠাপক সম্পাদক: মৃণাল কুমাৰ মিশ্ৰ, ১৫ আগষ্ট, ২০১৮, মাহেকীয়া আলোচনী), সঁফুৰা ডট কম, আৰাধনা, দাপোণ জীৱনৰ (সম্পাদক-জিতুল বৰা), ফটাঢোল (হাস্য-ব্যংগ আলোচনী, সম্পাদক-হেমন্ত কাকতি, অভিজিত কলিতা, ৰিণ্টুমনি দত্ত), জোনাক (বাতৰিকেন্দ্ৰিক আলোচনী), মেজিকেল অসম (বিনোদন বিষয়ক), বেটুপাত, কাঁচিয়লি, প্ৰিয়দৰ্শিনী, নিয়ৰ (হিমাংশু চহৰীয়া, সঞ্জীৱ গোঁসাই, ২০১৭), প্ৰেৰণা (পিডিএফ আকাৰে প্ৰকাশিত, সম্পাদকঃ নৱজ্যোতি গগৈ, জিন্তু ভূঞা, ২০১৯), নিজাইন (সম্পাদক: ৰত্না ভৰালী তালুকদাৰ, সুশান্ত তালুকদাৰ),  সাঁচিপাত, অসমীয়া প্ৰিয়দৰ্শিনী, জ্ঞানম ই-আলোচনী (দুমহীয়া ই-আলোচনী, সম্পাদক: কৃষ্ণা সোণোৱাল, ২০২০), ৰ’দ (পিডিএফ আকাৰে প্ৰকাশিত, ২০২০), দিচৈ লহৰ (পিডিএফ আকাৰে প্ৰকাশিত),  ৰামধেনু অসম (ৰাজীৱ পাতৰ, নৱজিৎ দেউৰী, ২০২১), অন্যযুগ (প্ৰথম ছপা আকাৰে প্ৰকাশিত, ২০২০ চনৰ এপ্ৰিল মাহৰপৰা অনলাইন যোগে প্ৰকাশিত৷ অনলাইন আলোচনীৰ সম্পাদকঃ মৃদুল শৰ্মা), অনুবাদক (কোকিল শইকীয়া, নিকু দুৱৰা, ২০২০), স্বৰ্ণলিপি (ই-আলোচনীৰ লগতে মুদ্ৰিত ৰূপতো প্ৰকাশিত, সম্পাদক : হৃদয়ানন্দ গগৈ), ঐশানু (তিনিমহীয়া, মুখ্য সম্পাদক : জিতুমণি চৌধুৰী, সম্পাদক : বিতুমনি বৰ্মন, বৰপেটা), অনুৰণন (দ্বিভাষিক দুমহীয়া বিজ্ঞান আলোচনী), কথা কাঞ্চন (সম্পাদক : মৌচুমী বৰি, ড॰ চয়নিকা শইকীয়া, ২০২১), সাঁচিপাত, কৰ্ষণ (ব্লগত প্ৰকাশিত, ২০২১), অনুৰঞ্জন (পিডিএফ আকাৰে প্ৰকাশিত, ২০২১), গুৰুবাৰ্তা (জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, কামৰূপ, ২০২১), অঞ্জন (পষেকীয়া, সম্পাদক : হেমেন নাথ, ২০২১), গুঞ্জন (পিডিএফ আকাৰে প্ৰকাশিত, সম্পাদক : হিৰোচিমা বৰা পাঠক, ২০২১), যাত্ৰা (দুমহীয়া ই-আলোচনী), ৰঙ্কিমি (দ্বিমাসিক, সম্পাদক : মনোজ বৈশ্য, ২০২১), শব্দ-সাঁকো (সম্পাদক : মনশ্ৰী হাজৰিককা, অনিন্দিতা বাৎসায়ন, ২০২০)৷ শেহতীয়াকৈ ২০২১ চনৰ নৱেম্বৰ মাহৰপৰা নতুন পদাতিক, বিজ্ঞান জেউতী আলোচনীখনৰো ই-সংস্কৰণ কৰা হৈছে৷ আলোচনীখনৰ মুখ্য সম্পাদক হীৰেন গোহাঁই৷ ২০২২ চনত প্ৰহেলিকা, তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ‘কিশলয়’ (সম্পাদক : দেৱাশিস বুঢ়াগোহাঁই), ক্ৰিকেটকোষ (ক্ৰিকেট সম্পৰ্কীয় তথ্যৰ আলোচনী, ২০২২) আদি ই-আলোচনীৰ জন্ম হৈছে৷

তদুপৰি এসময়ত প্ৰচলিত আৰু বৰ্তমান প্ৰকাশ বন্ধ হৈ থকা ই-আলোচনীসমূহৰ ভিতৰত– এনাজৰী ডট কম (প্ৰথম অসমীয়া ই-আলোচনী, সম্পাদক : হিমজ্যোতি তালুকদাৰ), বৌদ্ধিক বিচাৰ (সম্পাদক : টুনুজ্যোতি গগৈ), আখৰ (সম্পাদক : জ্যোতিষ্মান দাস), অসমীয়া, অভিজ্ঞানম, আমি অসমীয়া, বিৰিয়া, বৰ্ণিল, ডিমৰিয়ান ৰিভিও, ই-অনুৰাগ, ফেহুজালি, ফ্ৰেইণ্ডছ্‌, জোনাকীৰ বাটেৰে, কৃষক বন্ধু, প্ৰয়াস, সমাধান, সেউজ-চিন্তা, সমলয়, অনুপমা, মহুৰা, পথিকৃৎ, এক অনন্য প্ৰয়াস, অৱগুণ্ঠন, (ফেচবুকৰ ‘উপভাষাত কথা পাতো আহক’ গোটৰ পৰা প্ৰকাশিত, উপভাষীৰ একমাত্ৰ আলোচনী, মুঠ পাঁচটা সংখ্যা প্ৰকাশ হৈছিল৷), সুবাস, সমাহাৰ, প্ৰাঙ্গন, মৰম (সম্পাদকঃ প্ৰাণকৃষ্ণ দাস, ২০১১) আদি আলোচনীৰ নাম উল্লেখযোগ্য৷

 ই-গ্ৰুপ 
 ফেচবুকৰ মাধ্যমেৰে ভাষা-সাহিত্য প্ৰসাৰৰ বাবে প্ৰথমটো ই- গ্ৰুপ আৰম্ভ কৰে ২০১০ চনত৷  গ্ৰুপটোৰ নাম হৈছে–‘‘অসমীয়াত কথা বতৰা” গ্ৰুপ৷ ২০১০ চনৰ নৱেম্বৰ মাহৰ ২৭ তাৰিখে কেইজনমান অসমীয়া ডেকাৰ উদ্যোগত এই গোটটিৰ জন্ম হৈছিল ফেচবুকৰ লগতে চাইবাৰ জগতত অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে৷ বনজিৎ পাঠক, হিমজ্যোতি তালুকদাৰ, বুলজিৎ বুঢ়াগোহাঁই, পঙ্কজ বৰা আদি ব্যক্তিসকল প্ৰথমছোৱা সময়ত এই গ্ৰুপৰ সৈতে জড়িত আছিল৷ বৰ্তমান ফেচবুকত এনে শতাধিক গ্ৰুপ আছে। যেনে- মুক্ত চিন্তা, অৰ্ধ-আকাশ, গ্ৰন্থ সুবাস, হাঁহিৰ ৰহঘৰা আদি।

 অসমীয়া অভিধান  
 ইউনিক’ডত প্ৰকাশিত প্ৰথম অনলাইন ইংৰাজী-অসমীয়া অভিধান হৈছে ‘শব্দ’৷ www.xobdo.org নামৰ ৱেবচাইটত এই অভিধানখন উপলব্ধ৷ বিক্ৰম মজিন্দাৰ বৰুৱাৰ উদ্যোগত ২০০৬ চনৰ পৰা অনলাইনযোগে প্ৰকাশিত এই অভিধানখনে অসমীয়া ভাষাকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বহুকেইটা ভাষাকে সাঙুৰি লৈছে৷  ইয়াৰোপৰি ২০১০ চনত ফণীন্দ্ৰ নাৰায়ণ দত্ত বৰুৱাৰ সম্পাদনাত অসমীয়া ভাষাৰ প্ৰথমখন ই-বুক অভিধান প্ৰকাশ পায়৷ নামটো অনুকৃতি। অভিধানখনৰ লিংক-www.anukhiti.net (বৰ্তমান এই অভিধানখন উপলব্ধ নহয়৷) 

ছফটৱেৰ অভিধান
২০১০ চনত অসমীয়া ভাষাৰ প্ৰথমখন ছফটৱেৰ অভিধান অনিল বৰুৱাৰ ‘অসমীয়া ছফটৱেৰ অভিধান’ প্ৰকাশ পায়৷ বৰ্তমান তেওঁ  ২০১৯ চনত ‘সাৰথি অসমীয়া অভিধান (লিংক) এপৰ জৰিয়তে বহুকেইখন অভিধান প্ৰকাশ কৰিছে৷ এই সাৰথি এপত অভিধানৰ লগতে অসমীয়া সমাৰ্থক শব্দ, খণ্ডবাক্য, বৈজ্ঞানিক নাম, পৰিভাষা, ফকৰা-যোজনা, জতুৱা-ঠাচ আদিও সংৰক্ষিত হৈ আছে৷ (নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰী, ২০২০) ২০১২ চনত দুৰ্লভ গগৈৰ সম্পাদনাত ‘সহজ সন্ধান অসমীয়া অভিধান’ নামৰ দ্বিতীয়খন ছফটৱেৰ অভিধান প্ৰকাশ হয়৷ ২০২৩ বৰ্ষত অসম প্ৰকাশন পৰিষদৰ নেতৃত্বত পদ্মনাথ শ্ৰব্য অভিধান (লিংক) প্ৰকাশ কৰা হয়৷

ইউটিউব হৈছে আমেৰিকাৰ এটা অনলাইন প্লেটফৰ্ম; য’ত ভিডিঅ’গ্ৰাফী সংৰক্ষণ কৰা হয়৷ ইউটিউবৰ মুখ্য কাৰ্যালয় আছে চান ব্ৰুণ (San Bruno), কেলিফৰ্ণিয়া চহৰত৷ ২০০৫ চনত এই সেৱা মুকলি কৰা হয়৷ বিশ্বৰ যিকোনো প্ৰান্তৰ মানুহে বৰ্তমান সময়ত ইউটিউবত প্ৰফাইল খুলিব পাৰে আৰু ভিডিঅ’ আপলোড (সংৰক্ষণ) কৰিব পাৰে৷ বৰ্তমান বিশ্বৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতি, থলুৱা গীত, মাত, নৃত্যৰ লগতে শিক্ষা, সমাজ, ৰাজনীতি, অৰ্থনীতিৰ প্ৰতিটো বিষয়েই ভিডিঅ’ ৰূপত ইউটিউবত সংৰক্ষিত হৈ আছে৷ বৰ্তমান বিশ্বৰ কৃষ্টি-সংস্কৃতি, লোক-সংস্কৃতি, ভাষা-সাহিত্য সংৰক্ষণৰ বাবে ইউটিউব বেছ জনপ্ৰিয় মাধ্যম হৈ পৰিছে৷ অসমীয়া ভাষাটো ব্যৱহাৰ কৰিও বৰ্তমান সময়ত বহুকেইটা ইউটিউব চেনেলত অসমীয়া কবিতা, গল্প, উপন্যাস আদিৰ পাঠ কৰি অডিঅ’ ৰূপত সংৰক্ষণ কৰা হৈছে৷ শেহতীয়াকৈ ২০২১ চনত অসম প্ৰকাশন পৰিষদেও ইউটিউব চেনেলৰ জৰিয়তে অসমীয়া ভাষাত সাধুকথা অডিঅ’ আকাৰে ইউটিউবত সংৰক্ষণ কৰিছে৷ ২০২২ চনৰ ফেব্ৰুৱাৰী মাহৰপৰা অসম সাহিত্য সভাৰ দৰে সংগঠনেও ইউটিউব চেনেলৰ জৰিয়তে ভাষা-সাহিত্যৰ চৰ্চা কৰিবলৈ আগবাঢ়ি আহিছে৷ ইয়াৰোপৰি ক’ভিদ মহামাৰীৰ পৰৱৰ্তী সময়ত অনলাইন মাধ্যমেৰে অনুষ্ঠিত হোৱা বিভিন্ন সাহিত্য-সংস্কতি বিষয়ক অনুষ্ঠানবোৰ, ৱেবমিনাৰবোৰ বৰ্তমান ভিডিঅ’ আকাৰে ইউটিউবত সংৰক্ষণ হৈছে৷

অনলাইন ট্ৰেন্সলেটৰ (Online Translator)
বৰ্তমান সময়ত ইণ্টাৰনেটৰ দ্বাৰা মোবাইল, লেপটপ আদিৰ জৰিয়তে যিকোনো ভাষা এটাৰ লিখা, শব্দ, বাক্য আদি নিমিষতে বিশ্বৰ অন্য এটা ভাষালৈ অনুবাদ কৰিবপৰা ব্যৱস্থা উপলব্ধ হৈছে৷ সেইদৰে ভিডিঅ’, অডিঅ’ আদিবোৰো এটা ভাষাৰপৰা আন এটা ভাষাত শুনিবপৰা অৱস্থাৰ সৃষ্টি হৈছে৷ ইউটিউবত আজি যিকোনো এটা ভাষাৰ চিনেমা বিশ্বৰ যিকোনো সমৃদ্ধিশালী ভাষাত চাবটাইটিলৰ জৰিয়তে চাব পৰা অৱস্থাৰ সৃষ্টি হৈছে৷ বৰ্তমান ইণ্টাৰনেটত দুটা প্ৰধান এইধৰণৰ ট্ৰেন্সলেটৰ সুবিধা প্ৰদানকাৰী সংস্থা আছে৷ সেয়া হ’ল– গুগ’ল আৰু মাইক্ৰছফ্‌ট৷ 

গুগ’ল  ট্ৰেন্সলেটৰ হৈছে ইণ্টাৰনেটৰ দ্বাৰা উপলব্ধ আৰু গুগ’লৰ দ্বাৰা পৰিচালিত এনে এক মাধ্যম; যাৰ দ্বাৰা বিশ্বৰ যিকোনো এটা ভাষাক নিমিষতে এটা ভাষাৰ পৰা আন এটা ভাষালৈ স্থানান্তৰ কৰিব পাৰি৷ এই ট্ৰেন্সেলেটৰ ক্ষিপ্ৰ আৰু কথা-বাৰ্তা পাতিবলৈয়ো দুই ভিন্ন ভাষীৰ মানুহে এই মাধ্যমৰ সহায় ল’ব পাৰে৷ মোবাইল আৰু লেপটপত এই সুবিধা উপলব্ধ৷ বৰ্তমান বিশ্বৰ ১২৭ টা ভাষাত এই সেৱা কাৰ্যক্ষম হৈ আছে৷ অসমীয়া ভাষাত ০৫.১২.২০২২ তাৰিখে এই সুবিধা উপলব্ধ হৈছে৷ (গুগ’ল ট্ৰেন্সলেটৰৰ লিংক)

 ১৯৭৫ চনত প্ৰতিষ্ঠা হোৱা মাইক্ৰ’ছফ্‌ট প্লেটফৰ্মে মাইক্ৰ’ছফ্‌ট বিং ট্ৰেন্সেলেটৰৰ দ্বাৰা ২০২০ চনৰ ৩০ টেপ্তেম্বৰৰপৰা অসমীয়া ভাষাতো বিশ্বৰ যিকোনো ভাষাৰপৰা অনলাইন মাধ্যমেৰে অনুবাদ কাৰ্য সম্পন্ন হ’বপৰা সুবিধাটিৰ শুভাৰম্ভ কৰে৷ মাইক্ৰ’ছফ্‌টে বৰ্তমান ১২ টা ভাৰতীয় ভাষাত এই অনুবাদ সেৱা আগবঢ়াইছে৷ সেই ভাষাকেইটা হ’ল– অসমীয়া, বাংলা, গুজৰাটী, তামিল, তেলেগু, কানাড়া, হিন্দী, মালায়ালাম, মাৰাঠী, ওড়িয়া, পাঞ্চাৱী আৰু উৰ্দু৷ (মাইক্ৰচফ্ট ট্ৰেন্সলেটৰৰ লিংক)

বিকাশপেডিয়া হৈছে ভাৰত চৰকাৰৰ অন্তৰ্গত এটি অনলাইন তথ্যকোষ বিষয়ক পৰ্টেল৷ ২০১৪ চনৰ ১৪ ফেব্ৰুৱাৰী তাৰিখে এই পৰ্টেলটোৰ মুকলি কৰা হয়৷ এই ৱেবচাইটটো চি-ডি-এচি- হাদয়ৰাবাদৰ দ্বাৰ পৰিচালিত আৰু বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়, যোগাযোগ তথা তথ্য প্ৰযুক্তি মন্ত্ৰালয় [ভাৰত]ৰ দ্বাৰা স্থাপিত এক অনলাইন পৰ্টেল৷ আৰম্ভণিতে বিকাশপেডিয়াত পাঁচটা ভাষাত তথ্য প্ৰদান কৰা হৈছিল৷ বৰ্তমান এই পৰ্টেলত ২৪ টা ভাষাৰ সংস্কৰণ আছে৷ এই পৰ্টেলত কৃষি, স্বাস্থ্য, শিক্ষা, সমাজ কল্যাণ, শক্তি আৰু ই-প্ৰশাসনৰ বিষয়ে বিভিন্নধৰণৰ তথ্য আছে৷ ইয়াৰ ইউআৰএল লিংক- vikaspedia.gov.in

অসম সাহিত্য সভাৰ ডিজিটেল প্লেটফৰ্ম
১৯১৭ চনতে প্ৰতিষ্ঠা হোৱা অসম সাহিত্য সভাই ২০২২ চনৰ ১৩ ফেব্ৰুৱাৰী তাৰিখে অসমীয়া ভাষাত কেইবাটাও অনলাইন প্লেটফৰ্মৰ সুবিধা প্ৰদান কৰে৷ গুৱাহাটীৰ ভগৱতী বৰুৱা ভৱনত অনুষ্ঠিত এখন সভাত  অসম সাহিত্য সভাৰ এটা নিজা ইউটিউব চেনেল, অসমৰ প্ৰাচীন আপুৰুগীয়া গ্ৰন্থ, আলোচনী, পাণ্ডুলিপি আদি ডিজিটেল ৰূপত সংৰক্ষিত কৰিবলৈ এটা ডিজিটেল অভিলেখাগাৰ বা গ্ৰন্থকোষ আৰু অসম তথা উত্তৰ-পূবৰ নানা ভাষাৰ সাধুকথাবোৰ ডিজিটেল ৰূপত শ্ৰব্য মাধ্যসমূহত উপলব্ধ কৰিবপৰাৰ বিভিন্ন সুবিধা (যেনে– স্পটিফাই, এমাজন মিউজিক, গনা পডকাষ্ট, এপল পডকাষ্ট, গুগ’ল পডকাষ্ট আদিত এই সেৱাসমূহ উপলব্ধ হ’ব) এই অনুষ্ঠানতে মুকলি কৰা হয়৷ এই গ্ৰন্থ কোষত অসমৰ বিভিন্ন প্ৰান্তৰৰপৰা শিক্ষাৰ্থীসকলে গ্ৰন্থ, আলোচনী আদি পিডিএফ কৰি সংৰক্ষিত কৰিছে৷ নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰপৰাই প্ৰায় ৩০০ গ্ৰন্থ এই অভিলেখাগাৰলৈ পঠিওৱা হৈছে৷ 

গ্ৰন্থ কোষৰ লিংক– http://granthakosh.sahityasabha.amtron.in
ইউটিউবৰ লিংক–www.youtube.com/channel/UCuxinqjhoSd4r 7pzTep2bQ

বৰ্তমান অনলাইন পৰ্টেলবোৰত কবিতা পাঠৰ অনুষ্ঠান, গল্প পাঠৰ অনুষ্ঠান আদি প্ৰচাৰ কৰা হয়৷ ৰেডিঅ’টো বৰ্তমান সময়ত অমসীয়া উপন্যাসৰ ধাৰাবাহিক পাঠ আৰম্ভ হৈছে৷ এসময়ত ৰেডিঅ’ৰ বাবে বহুতো অঁনাতাৰ নাটৰ সৃষ্টি আৰু  প্ৰচাৰ কৰা হৈছিল৷ ২০২২ চনৰ জানুৱাৰী মাহৰপৰা লখিমপুৰ জিলাৰপৰা ‘শতাব্দ’ শীৰ্ষক এখন ডিজিটেল বাতৰি কাকত প্ৰকাশিত হৈছে৷ সম্পাদক– শৈলেন বৰুৱা৷ সেইদৰে একেখন জিলাৰেপৰা মিণ্টু শইকীয়াৰ সম্পাদনাত ‘সাদিনীয়া নাট্যবাৰ্তা’ শীৰ্ষক এখন কাকতো অনলাইন মাধ্যমেৰে প্ৰকাশ হৈছে৷ অসমৰ বিভিন্ন প্ৰান্তত জনা-নজনা এনে বহুতো পদক্ষেপ ইতিমধ্যেই আৰম্ভ হৈছে৷ এনেদৰেই অসমীয়া ভাষাটোৱে ডিজিটেল ক্ষেত্ৰখনত আগুৱাই গৈছে৷ ছপা মাধ্যমৰ যুগটো পাৰ হৈ আমাৰ সমাজ ব্যৱস্থাই ডিজিটেল যুগত ভৰি দিয়া আজি দহ-পোন্ধৰ বছৰমানহে হৈছে৷ এনে পৰিপ্ৰেক্ষিত্ৰত আমি অসমীয়া ভাষাটোকো পাৰ্যমানে ডিজিটেল ক্ষেত্ৰখনত বিশ্বৰ উন্নত সভ্যতা, ভাষা গোষ্ঠীবোৰৰ দৰেই আগুৱাই লৈ যোৱা দৰকাৰ আৰু তাৰ বাবে ৰাজনৈতিক পৃষ্ঠপোষকতা, উচ্চ শিক্ষাৰ সৈতে জড়িত ব্যক্তিসকল, কলেজ-বিশ্ববিদ্যালয়সমূহে নেতৃত্ব গ্ৰহণ কৰাৰ প্ৰয়োজন আছে৷


হেৰিটেজ অসম
নন্দ তালুকদাৰ ফাউণ্ডেশ্বনৰ প্ৰতিষ্ঠা হয় ১৯৯৬ চনত৷ এই ফাউণ্ডেশ্বনে বিভিন্ন সামাজিক সাহিত্যিক কাম-কাজ পৰিচালনা কৰাৰ লগতে নন্দ তালুকদাৰৰ ব্যক্তিগত পুথিভঁৰালটি পৰিচালনা কৰি আহিছে৷ গুৱাহাটীৰ পূব শৰণীয়া অঞ্চলত অৱস্থিত এই সংস্থাটোৰ নেতৃত্বত শেহতীয়াকৈ ২০২৩ বৰ্ষৰ মাৰ্চ মাহত ‘ডিজিটাইজিং অসম’ শীৰ্ষকেৰে এটা ডিজিটেল লাইব্ৰেৰীৰ শুভাৰম্ভ কৰা হৈছে৷ এই ডিজিটেল লাইব্ৰেৰীটোত ১৮১৩ চনৰপৰা ১৯৭০ চনলৈকে ২৪৫ খন আলোচনী আৰু অসংখ্য দুষ্প্ৰাপ্য গ্ৰন্থ সংৰক্ষণ কৰা হৈছে আৰু  প্ৰতিদিনেই ইয়াৰ সংখ্যা বৃদ্ধি হৈ গৈ আছে৷ নন্দ তালকুদাৰৰ পুত্ৰ মৃণাল তালুকদাৰ আৰু ফাউণ্ডেশ্বনৰ অন্যান্য সদস্যসকলৰ নেতৃত্বত এই প্ৰকল্পৰ আৰম্ভ কৰা হৈছে৷ প্ৰকল্পটোত সহযোগিতা আগবঢ়াইছে– হেমচন্দ্ৰ গোস্বামী ট্ৰাষ্ট, ৰয়েল গ্লৱেল ইউনিভাৰ্চিটি, নৰ্থ লখিমপুৰ  কলেজ আৰু অতুল এণ্ড টিলোত্তমা ট্ৰাষ্ট আদি সংস্থাই৷ (হেৰিটেজ অসম ৱেবচাইটটোৰ লিংক)

অসমীয়া বানান পৰীক্ষক সঁজুলি (Spell Checker)
বানান পৰীক্ষক সঁজুলি হৈছে এনে একপ্ৰকাৰৰ সঁজুলি; যাৰ দ্বাৰা ভাষা এটাৰ শব্দসমুহৰ সঠিক ৰূপটো আৰু লিখিত শুদ্ধ ৰূপটো নিৰ্ণয় কৰিব পাৰি৷ শব্দত যাতে বৰ্ণৰ ভুল প্ৰয়োগ নহয়, তাৰ বাবে কম্পিউটাৰ বা মোবাইলফোনৰ দৰে বৈদ্যুতিক যন্ত্ৰসমূহত ব্যৱহাৰ কৰিবপৰাকৈ বানান পৰীক্ষক সঁজুলিৰ বিকাশ ঘটোৱা হৈছে৷ বিশ্বত প্ৰায় ১৯৬১ চনৰপৰাই এইধৰণৰ বানান পৰীক্ষক সঁজুলি নিৰ্মাণৰ বাবে কাম আৰম্ভ কৰা হৈছিল৷ সৰ্বপ্ৰথম ১৯৭০ চনৰপৰা কম্পিউটাৰত এই সঁজুলিবিধ বা চফ্‌টৱেৰটো ব্যৱহাৰ কৰা হৈছিল৷ এই সঁজুলি নিৰ্মাণৰ সৈতে জড়িত আছিল Georgetown Universityৰ এটি গৱেষক দল৷ ব্যক্তিগত কম্পিউটাৰত এই সেৱা উপলব্ধ হৈছিল ১৯৮০ চনৰপৰাহে৷

অসমত বানান পৰীক্ষক সঁজুলিৰ বিকাশ আৰু প্ৰসাৰৰ ক্ষেত্ৰখন এতিয়াও তেনেই প্ৰাথমিক পৰ্যায়তে আছে৷ ইংৰাজী ভাষাৰ দৰে স্বয়ংক্ৰীয় সঁজুলিসমূহ আজি পৰ্যন্ত অসমীয়া ভাষাত উপলব্ধ হোৱা নাই৷ ইয়াৰ প্ৰধান কাৰণ হৈছে ইংৰাজী এটা আন্তঃৰাষ্ট্ৰীয় ভাষা আৰু ইংৰাজী ভাষাৰ ব্যৱহাৰকাৰীৰ সংখ্যাও বহুগুণে বেছি৷ কম্পিউটাৰৰ সামগ্ৰিক কাম-কাজবোৰ ইংৰাজী ভাষাতেই হয় বাবে সেই ভাষাটোক লৈ বিভিন্ন কাৰ্যাৱলীও সহজেই সমাপন কৰা হয়৷ কিন্তু অসমীয়া ভাষাৰ দৰে ৰাজ্যিক ভাষাসমূহৰ ক্ষেত্ৰত বানান পৰীক্ষক (Spell Checker) নিৰ্মাণৰ ক্ষেত্ৰত কিছু সমস্যা আহি পৰে৷ অসমত বানান পৰীক্ষণ সঁজুলিৰ বাবে ক্ষুদ্ৰ ক্ষুদ্ৰ পৰ্যায়ত দুই এজন ব্যক্তিয়ে ব্যক্তিগত প্ৰচেষ্টাৰে স্পেল চেকাৰ নিৰ্মাণ কৰিছে যদিও ই ফলপ্ৰসু হ’ব পৰা নাই৷ ‘ৰামধেনু’ কিবৰ্ডৰ স্ৰষ্টা ত্ৰিদিব কুমাৰ বৰুৱাই অসমত ‘সুষম’ নামৰ এটা স্পেলচেকাৰ নিৰ্মাণ কৰিছিল৷ পৰৱৰ্তী সময়ত ‘শব্দ ডট অৰ্গ’ৰ কৰ্মকৰ্তাসকলে ‘লিটিকাই’ নামৰ এটি স্পেল চেকাৰ নিৰ্মাণ কৰে৷ ইয়াৰ পৰৱৰ্তী সময়ত ২০১৩ চনত বিতুপন দাস আৰু মৃদুল কুমাৰ শৰ্মাই ‘লাচিত’ আৰু ‘চিলাৰায়’ নামেৰে দুটা স্পেল চেকাৰ মজিলা ফায়াৰবক্স আৰু গুগ’ল ক্ৰম ব্ৰাউজাৰত ব্যৱহাৰ কৰিবপৰাকৈ  নিৰ্মাণ কৰে৷ ইয়াৰো পৰৱৰ্তী সময়ত নব্য ৰূপত মৃদুল কুমাৰ শৰ্মা, ভগতলাল দত্ত, সূৰ্য বৰা আৰু প্ৰানজিত ভৰালীয়ে ৱৰ্ড ফাইলত ব্যৱহাৰ কৰিবপৰাকৈ লাচিত স্পেল চেকাৰ প্ৰস্তুত কৰি তোলে৷ সেইদৰে অসমীয়া ৱিকিউৎসত কিছুমান বিশেষ বাংলা বৰ্ণ আৰু শব্দৰ ভুল শুদ্ধৰণি কৰিবৰ বাবে মৃদুল কুমাৰ শৰ্মা আৰু দিবা দত্তই ‘ৰ’ শীৰ্ষক এটি স্পেল চেকাৰ আপডেট কৰে৷ এনেদৰেই অসমত স্পেল চেকাৰ নিৰ্মাণ হৈ আছে যদিও কোনো এটা স্পেল চেকাৰেই বিশেষ ৰূপে পাৰদৰ্শিতা লাভ কৰিবলৈ সক্ষম হোৱা নাই৷

অসমীয়া ৱিকিপিডিয়াৰ গতি-প্ৰকৃতি :
অসমীয়া ৱিকিপিডিয়াৰ সৃষ্টি হয় ২০০২ চনৰ ২ জুনত৷ বৰ্তমান সময়লৈকে এই অসমীয়া ৱিকিপিডিয়াত ১০২২১ (মে’, ২০২২) টা প্ৰবন্ধ আছে৷ যদিও ২০০২ চনতে অসমীয়া ৱিকিপিডিয়াৰ আৰম্ভ কৰা হৈছিল; তথাপিও ক্ষিপ্ৰ গতিত ২০১১ চনৰপৰাহে এই প্ৰকল্পটোৰ বিকাশ আৰু প্ৰসাৰ হয়৷ আমি জনা-নজনা অসমৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত থকা অসমীয়া মানুহৰ প্ৰচেষ্টাত অসমীয়া ৱিকিপিডিয়াই সৰ্বপ্ৰথম জন্ম আৰু বিকাশ লাভ কৰিছিল৷ ২০০৭ চনত অসমীয়া ৱিকিপিডিয়াৰ প্ৰবন্ধৰ সংখ্যা ১০০ টা হৈছিলগৈ আৰু ২০১০ চনত প্ৰবন্ধৰ সংখ্যা ২৫০ টা হয়৷ ২০১২ চনত প্ৰবন্ধৰ সংখ্যা ১০০০ টা হয় আৰু তাৰ পিছত ক্ৰমান্বয়ে প্ৰবন্ধৰ সংখ্যা আৰু প্ৰবন্ধ লিখা সদস্যৰ সংখা বাঢ়িবলৈ ধৰে৷ বৰ্তমানলৈকে অসমত বহুকেইখন ৱিকিপিডিয়াত লিখা কৰ্মশালা অনুষ্ঠিত গৈ গৈছে৷ প্ৰথমখন কৰ্মশালা হৈছিল ২০১২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান বিভাগত৷ এই কৰ্মশালাত প্ৰায় ২৫ জন সদস্যই অংশগ্ৰহণ কৰিছিল৷ তাৰ পিছত তেজপুৰ বিশ্ববিদ্যালয়, যোৰহাট চিকিৎসা মহাবিদ্যালয়, কটন কলেজ আদিতো কৰ্মশালা অনুষ্ঠিত হয়৷ শেহতীয়াকৈ ২০১৮ চনত গুৱাহাটীত তিনিদিনীয়াকৈ ৱিকিপিডিয়া আৰু ৱিকিউৎসত লিখাৰ কৰ্মশালা অনুষ্ঠিত হৈছিল৷ লকডাউনৰ সময়ছোৱাতো অনলাইনত বহুকেইখন কৰ্মশালা অনুষ্ঠিত হৈ যায়৷ ৱিকিপিডিয়াই বিভিন্ন ভাষাৰ মাজত ৱিকিপিডিয়াত প্ৰবন্ধ লিখা প্ৰতিযোগিতা অনুষ্ঠিত কৰে৷ এই প্ৰতিয়োগিতাবোৰত অসমীয়া ৱিকিপিডিয়াৰ সদস্যসকলে বহুবোৰ পুৰস্কাৰ পাবলৈ সক্ষম হোৱাৰ লগতে অসমীয়া ভাষায়ো বহুবোৰ সমৃদ্ধিশালী ভাষাৰ লগত ফেৰ মাৰি পুৰস্কাৰ বুতলিবলৈ সক্ষম হৈছে৷

বৰ্তমান অসমীয়া ৱিকিপিডিয়াত লিখা-মেলা কৰা সক্ৰিয় সদস্যৰ সংখ্যা প্ৰায় ৩০-৪০ জন মান হ’ব৷ বহুতো লোকে একাউণ্ট খুলি¸ লিখা-মেলা নকৰাকৈয়ে বাদ দিয়ে৷ সেয়েহে ৱিকিপিডিয়াত সদস্যৰ সংখ্যা দেখাত সৰহ হ’লেও কাম কৰা মানুহৰ সংখ্যা তেনেই তাকৰ৷ শেহতীয়াকৈ ‘অসম সাহিত্য সভা’, তেজপুৰ বিশ্ববিদ্যালয়’, নৰ্থ লখিমপুৰ কলেজ আদি প্ৰতিষ্ঠানসমূহ ৱিকিপিডিয়াৰ সৈতে সংযোজিত হৈছে৷ তেজপুৰ বিশ্ববিদ্যালয় আৰু নৰ্ৰথ লখিমপুৰ কলেজ পৰীক্ষাৰ প্ৰশ্ন কাকতত ‘ৱিকিপিডিয়া’ত লিখা কামটো অন্তৰ্ভূক্ত হৈছে৷ 

২০১২ চনৰ চেপ্তেম্বৰ মাহৰ পৰা প্ৰতিমাহে আজিৰ তাৰিখলৈকে ৱিকিপিডিয়াৰ সদস্যসকলৰ দ্বাৰা প্ৰতিটো মাহৰ খতিয়ানসহ এখন ‘পত্ৰিকা’ প্ৰকাশ কৰা হয়৷ পত্ৰিকাখনৰ নাম ‘ৱিকিপিডিয়া পত্ৰিকা’৷ এই পত্ৰিকাখনক কেন্দ্ৰ কৰি ৱিকিপিডিয়াৰ সদস্যসকলৰ কাম-কাজৰ আধাৰত নিৰ্ভৰ কৰি বিভিন্ন ধৰণৰ উদ্‌গনিমূলক পদক দিয়াৰ ব্যৱস্থা আছে৷ এই পদক বা পুৰস্কাৰ বোৰে সদস্যসকলক প্ৰবন্ধ লিখিবলৈ উৎসাহিত কৰে৷ ৱিকিৰ সকলোবোৰ প্ৰবন্ধ চোৱা-চিতা আৰু প্ৰবন্ধবোৰৰ মানদণ্ড চাবলৈ কেইজনমান প্ৰশাসক (সম্পাদক) আছে৷ যিকোনো ভুল বা প্ৰবন্ধটো ডিলিট কৰিবলগীয়া হ’লে বা সেই প্ৰবন্ধটোত কিবা জাননী, আলোচনা কৰিবলগীয়া থাকিলে প্ৰশাসকসকলে সেই কামখিনি কৰে৷ মুঠতে অসমীয়া ৱিকিপিডিয়াৰ সামগ্ৰিক কাম-কাজবোৰ এই পাৰ্গত সম্পাদকসকলে পৰিচালনা কৰে৷ অসমীয়া ৱিকিপিডিয়া বুলি কোনোধৰণৰ নিজা সংগঠন বা সভাপতি-সম্পাদক নাই৷ ইয়াৰ সকলোবোৰ সদস্যৰেই সমান অধিকাৰ আছে৷ মাত্ৰ কামকাজখিনি সূচাৰুৰূপে পৰিচালনা কৰিবৰ বাবেহে অভিজ্ঞ কেইজনমান ব্যক্তিয়ে ‘প্ৰশাসক’ৰ দৰে কাম-কাজ আগবঢ়াই নিয়ে৷ 


ৱিকিপিডিয়াত লিখিবলৈ প্ৰাৰম্ভিক প্ৰস্তুতি
ৱিকিপিডিয়াত লিখিবলৈ কোনো ডিগ্ৰীৰ প্ৰয়োজন নাই৷ বয়সৰ কোনো ধৰাবন্ধা নাই৷ কোন জাতি বা কোন ধৰ্মৰ হ’ব লাগিব, তাৰো কোনো নিয়ম নাই৷ মুঠতে বিশ্বৰ যিকোনো প্ৰান্তৰপৰা যিকোনো এজন ব্যক্তিয়েই ৱিকিপিডিয়াত লিখিব পাৰে৷ মাত্ৰ ব্যক্তিজনৰ এটা মোবাইল ফোন বা লেপটপ থাকিব লাগে আৰু তাত অসমীয়া ভাষাটো লিখিবপৰা কিৰ্বড সংযুক্ত থাকিলেই হ’ব৷ অৱশ্যে ৱিকিপিডিয়াত লিখিব খোজা ব্যক্তিজনৰ গভীৰ জাতিপ্ৰেম আৰু ভাষা প্ৰেম থকা দৰকাৰ৷ নহ’লে এই কামটো তেওঁ দীৰ্ঘদীন বৰ্তাই থাকিব নোৱাৰিবগৈ৷ ৱিকিপিডিয়াত লিখাৰ সামগ্ৰিক কামটো প্ৰচাৰ অবিহনে আৰু নিৰলসভাৱে নিজৰ মনৰ তাগিদামতে কৰি থকা কাম এটাহে৷ ইয়াত লিখি কোনো গ্লেমাৰ বা সন্মান পোৱা নাযায়৷ টকা-পইচাও পোৱা নাযায়৷ সেইদৰে ৱিকিপিডিয়াত সৃষ্টিশীল লেখাৰ প্ৰকাশ নহয়৷ বহুতে নাজানি প্ৰথমেই ৱিকিত নিজে লিখা প্ৰবন্ধ কবিতা, গল্প আদি আপলোড কৰি দিয়ে৷ গতিকে ৱিকিপিডিয়াত একাউণ্ট এটা সৃষ্টি কৰাৰ আগতে ৱিকিপিডিয়াৰ ৱেবচাইটো খুলি তাৰ নীতি-নিয়ম সম্পৰ্কে কথাবোৰ স্পষ্টৰূপত জানি ল’ব লাগে৷ এখন বিশ্বকোষত থাকিবপৰা মানসম্পন্ন যিকোনো লেখাই তথ্যসহ ৱিকিপিডিয়াত লিখিব পাৰি৷ এই কথাটো সকলোৱে মন কৰা দৰকাৰ৷

প্ৰবন্ধ এটা লিখিবলৈ ৱিকিপিডিয়াৰ ৱেবচাইটত নিজৰ নামত এটা একাউণ্ট সৃষ্টি কৰি ল’ব লাগিব আৰু লেখকজনে সেই একাউণ্টটোৰ পৰিচয়েৰে ৱিকিপিডিয়াত তথ্যধৰ্মী প্ৰবন্ধ লিখিব পাৰিব৷ ৱিকিত যিমান পাৰি তথ্যবোৰ শুদ্ধকৈ দিয়া দৰকাৰ আৰু পাৰ্যমানে তথ্যবোৰৰ উৎস দিয়া দৰকাৰ৷ ৱিকিৰ যিকোনো প্ৰবন্ধ যিকোনো সময়তে যিকোনো এজন সদস্যই সালসলনি কৰিব পাৰে৷ তথ্য সংযোগ কৰিব পাৰে৷ লিখা এটা কিছু অংশ ভুল হ’লেও ভয় কৰিবলগীয়া একো নাই৷ কোনোবা এজন বিজ্ঞ সদস্যই সেই ভুল শুদ্ধৰণি কৰি দিব৷ মাত্ৰ লিখিবলৈ আগ্ৰহ থকাটোহে গুৰুত্বপূৰ্ণ৷ অসমত বিভিন্ন সময়ত ৱিকিপিডিয়াৰ কৰ্মশালা অনুষ্ঠিত হয়৷ এই কৰ্মশালাবোৰত অংশগ্ৰহণ কৰি ল’লে ৱিকিপিডিয়াত লিখিবলৈ সহজ হয়৷ সেইদৰে ইউটিউব বা ৱিকিপিডিয়াৰ ৱেবচাইটতো প্ৰবন্ধ এটা কেনেদৰে লিখিব পাৰি, সেই কথা অডিঅ’, ভিডিঅ’ আৰু লিখিত ৰূপত সংৰক্ষণ হৈ আছে৷ তাৰোপৰি ফেচবুকত ‘ৱিকিপিডিয়া সমাজ’ নামৰ এটা গ্ৰুপ আছে৷ এই গ্ৰুপটোটো যিকোনো নজনা বা নুবুজা প্ৰশ্ন থাকিলে সুধিব পাৰে৷ অভিজ্ঞ সকলে সেই কথা শুদ্ধৰূপত বুজাই দিব৷ ৱিকিপিডিয়ানসকলৰ লগত যোগাযোগ কৰিলেও এই নজনা কথাবোৰ বুজাই দিব৷ সেইদৰে ৱিকিৰ সদস্যসকললৰ হুৱাটছএপ গ্ৰুপ আছে৷ আগ্ৰহী ব্যক্তিসকল তাতো সংযুক্ত হৈ ল’ব পাৰে৷ৱিকিপিডিয়াত লিখিবৰ বাবে সবিশেষ তথ্য


ডিজিটেল মাধ্যমত অসমীয়া ভাষা সমৃদ্ধিকৰণত উচ্চ শিক্ষানুষ্ঠানৰ ভূমিকা 
ডিজিটেল মাধ্যমত অসমীয়া ভাষাটো সবল ৰূপত প্ৰতিষ্ঠা কৰিবলৈ হ’লে আটাইতকৈ গুৰুত্বপূৰ্ণ পদক্ষেপ ল’ব লাগিব উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহে৷ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ সাম্ভাৱ্য প্ৰধান ভূমিকা হ’ব এনেধৰণৰ–
১৷ ডিজিটেল ক্ষেত্ৰখনত ভাষাটো প্ৰতিষ্ঠা কৰাৰ ফলত হ’ব পৰা¸ লাভালাভ আৰু সুবিধা সম্পৰ্কে অধ্যাপকসকলে প্ৰথমে নিজেই বুজি উঠাৰ লগতে শিক্ষাৰ্থীসকলক সজাগ আৰু সচেতন কৰি তোলাটো প্ৰয়োজনীয়৷ সেইদৰে পৰৱৰ্তী সময়ত প্ৰশিক্ষণপ্ৰাপ্ত ৱিকিপিডিয়ান বা তেনেধৰণৰ ব্যক্তিৰ দ্বাৰা ৱিকিপিডিয়া, ৱিকিউৎস, ৱিকিকমন্স আদিত লিখিবলৈ বা বিষয় এটা আপল’ড কৰা, সংৰক্ষণ কৰা, ইডিট কৰা আদি বিষয়বোৰ শিকাবলৈ কৰ্মশালা অনুষ্ঠিত কৰিব পাৰে৷ 
২৷ বিশেষকৈ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষা ব্যৱস্থাৰ চিলেবাছ (প্ৰশ্ন কাকত)ত এই বিষয়বস্তুটো অন্তৰ্ভুক্ত কৰা৷ কাৰণ বৰ্তমান শিক্ষা ব্যৱস্থাটো মূলতঃ নম্বৰকেন্দ্ৰিক শিক্ষা ব্যৱস্থা৷ গতিকে ভাষাৰ ডিজিটেলকৰণৰ প্ৰস্তাৱিত প্ৰক্ৰিয়াটোৰ সৈতে শিক্ষাৰ্থীয়ে বিদ্যায়তনিক ক্ষেত্ৰখনত নম্বৰ পোৱাৰ ব্যৱস্থাটোও সংযোগ কৰিব লাগিব৷ যিহেতু স্নাতক আৰু স্নাতকোত্তৰৰ প্ৰতিটো বিভাগৰে শিক্ষাৰ্থীসকলে প্ৰতিটো ষান্মাসিকতে গৱেষণা পত্ৰ (চেমিনাৰ) বা গৃহ-কাৰ্য (হ’ম এচাইণ্টমেণ্ট) জমা দিব লাগেই; বছৰে বছৰে একো একোটা বিষয়তে চেমিনাৰ, হ’ম এচাইণ্টমেণ্ট দি চৰ্বিত-চৰ্বন কৰি থকাতকৈ দুই এখন কাকতত চেমিনাৰ বা হ’ম এচাইণ্টমেণ্ট দি বাকীবোৰ কাকতত আভ্যন্তৰীণ নম্বৰ পাবলৈ ৱিকিপিডিয়াত একো একোটা ভাল প্ৰবন্ধ লিখি জমা দিয়াৰ ব্যৱস্থা কৰিব পাৰে৷ 
৩৷ কলেজ, বিশ্ববিদ্যালয়ৰ প্ৰশাসনে ৱিকিপিডিয়া, ৱিকিউৎস, ই-আলোচনী, গুগ’ল ট্ৰেন্সেলেটৰ আদিত লিখিবলৈ বা অনুবাদ কৰিবলৈ উৎসাহিত কৰিবলৈ বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিব পাৰে৷ বাৰ্ষিক অধিৱেশন বা কলেজ উইকৰ প্ৰতিযোগিতাসমূহৰ ভিতৰত ‘ৱিকিপিডিয়াত প্ৰবন্ধ লিখা প্ৰতিযোগিতা’ অনুষ্ঠিত কৰিব পাৰে৷ 
৪৷ প্ৰত্যেকখন কলেজৰে পৰা যেনেকৈ প্ৰতিটো বছৰতে একোখন বাৰ্ষিক আলোচনী প্ৰকাশ হয়; ঠিক সেইদৰে কলেজবোৰে নিজাকৈ এখন ই-আলোচনী (E-megazine) প্ৰকাশ কৰাৰ ব্যৱস্থা কৰিব লাগে৷ 
৫৷ UGC ৰ অন্তৰ্গত ছমহীয়া অন্যান্য চাৰ্টিফিকেট ক’ৰ্চবোৰৰ দৰে ৱিকিপিডিয়া বা ৱিকিউৎসত লিখা বিষয়টোকো লৈ এটা চাৰ্টিফিকেট ক’ৰ্চ খুলিব পৰা যায়৷ এনে কৰিলে স্থানীয় ৰাজ্যসমূহৰ ভাষা-সাহিত্য-সংস্কৃতিৰ সমল ইণ্টাৰনেটত বৃদ্ধি পাব৷ 
 ৬৷ অসমীয়া ভাষাৰ ডিজিটেলকৰণৰ বিষয়টোক লৈ উচ্চ শিক্ষাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ গৱেষণা পত্ৰ  (National seminar), বক্তৃতা প্ৰতিযোগিতা আদিৰ আয়োজন কৰি জনসাধাৰণক বিষয়টোৰ প্ৰতি সজাগ আৰু সচেতন কৰিব পাৰে৷
পৰিশেষত ক’ব বিচাৰিছোঁ– এটা মুকলি মন লৈ প্ৰগতিশীল চিন্তা-চৰ্চাৰে আগবাঢ়ি আহিলে অসমীয়া ভাষায়ো ডিজিটেল ক্ষেত্ৰখনত সফলতাৰে সমৃদ্ধ হ’ব পাৰিব৷ আমি সকলোৱেই তাৰ বাবে হাত উজান দিয়া উচিত আৰু নিজে পৰাখিনি অন্তত কৰিবলৈ আগবাঢ়ি অহা উচিত৷


 References-

- A Journey from Indian Scripts Processing to Indian Language Processing: R. Mahesh K. Sinha Indian Institute of Technology, Kanpur

-Language Technology A First Overview: Hans Uszkoreit, https://www.dfki.de/~hansu/LT.pdf

-Language Technology Development in India: Dr. Om Vikas, Ministry of Information Technology, New Delhi, India. Email: omvikas@mit.gov.in, http://www.emille.lancs.ac.uk/lesal/omvikas.pdf

.............................................................................

অতিৰিক্ত লিংক


ভিডিঅ’ লিংক


ৱিকিপিডিয়া সম্পৰ্কীয় কেইটামান আৱশ্যকীয় লিংক।










১০.কেইটামান অসমীয়া ফণ্ট TI Trade, GNB Road, Silpukhuri, Guwahati - 781003, INDIA






তথ্য- কম্পিউটাৰত ডিটিপি কৰি প্ৰকাশ কৰা প্ৰথম অসমীয়া কিতাপখনৰ আলোকচিত্ৰ

© ভাস্কৰ ভূঞা, গৱেষক ছাত্ৰ, গুৱাহাটী বিশ্ববিদ্যালয়,  ফোন-৮৭৫১৯৪৩৩৮৭

ডিজিটেল মাধ্যমত অসমীয়া ভাষা সংৰক্ষণত উচ্চ শিক্ষাণুষ্ঠানৰ ভূমিকা বিষয়ক এটি প্ৰবন্ধ ‘মণিকূট’ ই-আলোচনীত পঢ়িবলৈক্লিক কৰক


Post a Comment

0 Comments