ৱিকিপিডিয়াত কেনেকৈ লিখিব পাৰি?

 * কেতিয়াবা কোনো বিষয়ত কিবা তথ্য-পাতিৰ প্ৰয়োজন হ'লে আপুনি নিশ্চয় ইণ্টাৰনেট বা গুগলৰ সহায় লয়। এই বিষয়সমূহত ইণ্টাৰনেটত অলেখ ৱেবছাইট বা লিংক পোৱা যাব পাৰে। বিশ্বব্যাপী বহুল জনপ্ৰিয় তথ্যভিত্তিক ৱেবছাইটৰ মাজত আগশাৰীত থকা ৱেবছাইসমূহৰ অন্যতম হৈছে ৱিকিপিডিয়া। ই হৈছে এক অনলাইন বিশ্বকোষ আৰু মুক্ত তথা নিৰপেক্ষ তথ্যৰ ভঁ‌ৰাল। ৱিকিমিডিয়া ফাউণ্ডেশ্যনে ২০০১ চনত প্ৰথমতে ইংৰাজী ৱিকিপিডিয়াৰপৰা আৰম্ভ কৰা এই প্ৰকল্পৰ অধীনত ২০০২ চনৰ ২ জুনত অসমীয়া সংস্কৰণো মুকলি কৰা হয়। আজিৰ তাৰিখত অসমীয়া ৱিকিপিডিয়াত ১০,০০০ত কৈয়ো অধিক প্ৰবন্ধ আছে। মজাৰ কথাটো হ'ল যে ৱিকিপিডিয়াত সন্নিৱিষ্ট হোৱা তথ্যসমৃদ্ধ প্ৰবন্ধসমূহ আপোনাৰ বা মোৰ দৰেই কিছু লোকে লিখিছে। এই লোকসকল অসমীয়া ভাষাৰ নীৰৱ সাধক বুলি ক'লেও বঢ়াই কোৱা নহ'ব। অসমীয়া ৱিকিপিডিয়াত বিভিন্ন বিষয়ৰ প্ৰবন্ধৰ লগতে ইংৰাজী বা অন্য ভাষাত নোপোৱা অসমৰ থলুৱা সমাজ-সংস্কৃতি, স্থান, ব্যক্তি আদিৰ বিষয়েও পোৱা যায়। এইখিনিতে আপোনাৰ মনত এটা কথা উদয় হ'ব পাৰে যে  ৱিকিপিডিয়াত কেনেকৈ লিখিব পাৰি। তেওঁলোকৰ লগতে অসমীয়া ভাষাৰ উত্তৰণৰ হকে সামান্যতম হ'লেও কাম কৰিবলৈ আগ্ৰহী লোকসকলৰ সুবিধাৰ্থে তলৰ কথাখিনি আগবঢ়ালোঁ‌।

🔰 কি লিখিব: ৱিকিপিডিয়াত আমি সকলোৱে অতি সহজতে লিখিব পাৰোঁ আৰু ইয়াৰ বাবে কোনো বিশেষ বিষয়ত পাকৈত হোৱাটো মুঠেই জৰুৰী নহয়। ইয়াৰ বাবে বিশেষ কোনো কাৰিকৰী জ্ঞানৰো প্ৰয়োজন নাই। গতিকে ৱিকিপিডিয়াত কেনেদৰে লিখিম সেই কথাৰ লগতে ৱিকিপিডিয়াত কি লিখিম সেই কথাটো প্ৰথেমেই আমি জনাটো প্ৰয়োজনীয়। ৱিকিপিডিয়া এখন অনলাইন বিশ্বকোষ আৰু সেয়েহে এখন বিশ্বকোষত থাকিবলগীয়া যিকোনো বিষয়ৰ প্ৰবন্ধ ৱিকিপিডিয়াৰ বাবে উপযুক্ত। যেনে ধৰক, আপুনি শেহতীয়াকৈ প্ৰকাশিত এখন অসমীয়া গ্ৰন্থ পঢ়ি ভাল পাইছে আৰু ভাবিছে যে এই গ্ৰন্থখনৰ বিষয়ে সকলোৱে জনা উচিত। সেই গ্ৰন্থখনৰ বিষয়েই আপুনি ৱিকিপিডিয়াত লিখি পেলাব পাৰে।

🔰 কেনেদৰে লিখিব: যদিহে আপুনি মোবাইল ফোন বা কম্পিউটাৰত অসমীয়া লিপিৰে লিখিব জানে তেনেহ’লে আপোনাৰ আধাখিনি কাম সমাপ্ত বুলি ধৰিব পাৰে। গতিকে আপুনি গুগলত www.as.wikipedia.org বা অসমীয়া ৱিকিপিডিয়া বুলি লিখি সন্ধান কৰক। প্ৰথম লিংকটোত ক্লিক কৰিলেই অসমীয়া ৱিকিপিডিয়াৰ বেটুপাত খোল খাব। মোবাইলত খুলিলে পৃষ্ঠাৰ তলৰফালে থকা ‘ডেক্সটপ’ নামৰ লিংকটোৰ সহায়ত পৃষ্ঠাটোৰ দৰ্শন সলনি কৰি ল’ব।

♦️বেটুপাতৰ পৃষ্ঠাত নতুন একাউণ্ট সৃষ্টিৰ বুটামটো টিপক।

ক) একাউণ্ট এটা খোলক: ৰ’ব, ভয় খাব নালাগে। ইয়াত টকা-পইচা বা আপোনাৰ কোনো গোপনীয় তথ্য প্ৰদান কৰিবলগীয়া নাই। ৱিকিপিডিয়াত প্ৰবন্ধ লিখিবলৈ পঞ্জীয়নভুক্ত সদস্য হোৱাটো জৰুৰী বাবেই ডেক্সটপ ম’ডত সোঁহাতে ওপৰত থকা ‘একাউণ্ট সৃষ্টি কৰক’ লিংকটোত ক্লিক কৰি মিনিটৰ ভিতৰতে অতি সহজে একাউণ্ট এটা খুলিব পাৰে।

♦️নীলা আখৰত দেখা প্ৰবন্ধসমূহ ইতিমধ্যেই ৱিকিপিডিয়াত আছে।

খ) আপুনি লিখিব বিচৰা প্ৰবন্ধটো বিচাৰি চাওক: আপুনি লিখিব বিচৰা গ্ৰন্থখনৰ বিষয়ে ইতিমধ্যে কোনোবাই লিখিবও পাৰে। গতিকে ৱিকিপিডিয়াৰ যিকোনো পৃষ্ঠাৰে সোঁহাতে ওপৰফালে থকা সন্ধান বাকচটোত গ্ৰন্থখনৰ নামটো শুদ্ধকৈ লিখি সন্ধান কৰক। মন কৰিব যে নামটো ভুলকৈ লিখিলে আপুনি বিচৰাধৰণে ফলাফল নাপাবও পাৰে। যদিহে প্ৰবন্ধটো আছে তেন্তে সন্ধানৰ ফলাফলসমূহত ইয়াক নীলা আখৰত দেখিবলৈ পোৱা যাব। এনে ক্ষেত্ৰত আপুনি ইতিমধ্যে থকা প্ৰবন্ধটো পঢ়ি তাত নতুন তথ্য যোগ দি প্ৰবন্ধটো উন্নত কৰিব পাৰে।

♦️এই ৱিকিত ‘সৌমাৰ নন্দিনী’ পৃষ্ঠাটো সৃষ্টি কৰক

গ) নতুন প্ৰবন্ধৰ সৃষ্টি: যদিহে গ্ৰন্থখনৰ বিষয়ে ৱিকিপিডিয়াত প্ৰবন্ধ নাই তেনেহ’লে ৰঙা আখৰত “এই ৱিকিত ‘অমুক’ পৃষ্ঠাটো সৃষ্টি কৰক” বুলি দেখিবলৈ পাব। ৰঙা লিংকটোক ক্লিক কৰিলেই আপুনি গ্ৰন্থখনৰ বিষয়ে লিখিব পাৰিব। গ্ৰন্থৰ কথাটো এটা সামান্য উদাহৰণহে। অন্য বিষয়ৰ কথা বাদেই দিছোঁ; অসমৰে সমৃদ্ধ লোক-সংস্কৃতি, স্থাপত্য, বিখ্যাত ব্যক্তি আৰু ঠাই বা অন্য ভৌগোলিক দিশসমূহৰ বহু কথা এতিয়াও অসমীয়া ৱিকিপিডিয়াত সন্নিৱিষ্ট হ’বলৈ বাকী আছে। আপুনি নিজৰ পছন্দৰ বিষয় বাছি ল’ব পাৰে।

♦️পৃষ্ঠা প্ৰকাশ কৰাৰ পিছত প্ৰবন্ধটো দৃশ্যমান হ'ব।

ঘ) প্ৰকাশ কৰক: প্ৰবন্ধটো লিখি শেষ হ’লে তলৰ ‘পৃষ্ঠা প্ৰকাশ কৰক’ বুটামটো টিপি ইয়াক প্ৰকাশ কৰিব লাগিব আৰু তেনে কৰিলে প্ৰবন্ধটো লগে লগেই সকলোৰে দৃশ্যমান হ’ব।

................................

🔰ৱিকিপিডিয়াত কেনেকৈ লিখিব🔰

(২য় খণ্ড)

♦️ একাউণ্ট এটা খোলক: ৰ’ব, ভয় খাব নালাগে। ইয়াত টকা-পইচা বা আপোনাৰ কোনো গোপনীয় তথ্য প্ৰদান কৰিবলগীয়া নাই। ৱিকিপিডিয়াত প্ৰবন্ধ লিখিবলৈ পঞ্জীয়নভুক্ত সদস্য হোৱাটো জৰুৰী বাবেই ডেক্সটপ ম’ডত সোঁহাতে ওপৰত থকা ‘একাউণ্ট সৃষ্টি কৰক’ লিংকটোত ক্লিক কৰি মিনিটৰ ভিতৰতে অতি সহজে একাউণ্ট এটা খুলিব পাৰে।

♦️আপুনি লিখিব বিচৰা প্ৰবন্ধটো বিচাৰি চাওক: আপুনি লিখিব বিচৰা গ্ৰন্থখনৰ বিষয়ে ইতিমধ্যে কোনোবাই লিখিবও পাৰে। গতিকে ৱিকিপিডিয়াৰ যিকোনো পৃষ্ঠাৰে সোঁহাতে ওপৰফালে থকা সন্ধান বাকচটোত গ্ৰন্থখনৰ নামটো শুদ্ধকৈ লিখি সন্ধান কৰক। মন কৰিব যে নামটো ভুলকৈ লিখিলে আপুনি বিচৰাধৰণে ফলাফল নাপাবও পাৰে। যদিহে প্ৰবন্ধটো আছে তেন্তে সন্ধানৰ ফলাফলসমূহত ইয়াক নীলা আখৰত দেখিবলৈ পোৱা যাব। এনে ক্ষেত্ৰত আপুনি ইতিমধ্যে থকা প্ৰবন্ধটো পঢ়ি তাত নতুন তথ্য যোগ দি প্ৰবন্ধটো উন্নত কৰিব পাৰে।

♦️ নতুন প্ৰবন্ধৰ সৃষ্টি: যদিহে গ্ৰন্থখনৰ বিষয়ে ৱিকিপিডিয়াত প্ৰবন্ধ নাই তেনেহ’লে ৰঙা আখৰত “এই ৱিকিত ‘অমুক’ পৃষ্ঠাটো সৃষ্টি কৰক” বুলি দেখিবলৈ পাব। ৰঙা লিংকটোক ক্লিক কৰিলেই আপুনি গ্ৰন্থখনৰ বিষয়ে লিখিব পাৰিব। গ্ৰন্থৰ কথাটো এটা সামান্য উদাহৰণহে। অন্য বিষয়ৰ কথা বাদেই দিছোঁ; অসমৰ সমৃদ্ধ লোক-সংস্কৃতি, স্থাপত্য, বিখ্যাত ব্যক্তি আৰু ঠাই বা অন্য ভৌগোলিক দিশসমূহৰ বহু কথা এতিয়াও অসমীয়া ৱিকিপিডিয়াত সন্নিৱিষ্ট হ’বলৈ বাকী আছে। আপুনি নিজৰ পছন্দৰ বিষয় বাছি ল’ব পাৰে।

♦️ প্ৰকাশ কৰক: প্ৰবন্ধটো লিখি শেষ হ’লে তলৰ ‘পৃষ্ঠা প্ৰকাশ কৰক’ বুটামটো টিপি ইয়াক প্ৰকাশ কৰিব লাগিব আৰু তেনে কৰিলে প্ৰবন্ধটো লগে লগেই সকলোৰে দৃশ্যমান হ’ব।

🔰 ৱিকিপিডিয়াত কি লিখা নহয়:

 ♦️ সৃষ্টিশীল লেখনি: ৱিকিপিডিয়াৰ নীতি অনুসৰি কোনো সৃষ্টিশীল লেখা অৰ্থাৎ গল্প-কবিতা-উপন্যাস বা এনেধৰণৰ কোনো মৌলিক সাহিত্য ৱিকিপিডিয়াত লিখা নহয়। ইয়াৰ বাবে আপুনি নিশ্চয়কৈ অন্য প্লেটফৰ্ম বাছি ল’ব পাৰে।

♦️ গৱেষণামূলক লেখনি: কোনো মৌলিক গৱেষণামূলক লেখনি, গৱেষণা পত্ৰ, সমালোচনাত্মক প্ৰবন্ধ আদিক ৱিকিপিডিয়াত ঠাই দিয়া নহয়।

♦️ প্ৰশংসামূলক বা আক্ৰমণাত্মক ভাষা: ৱিকিপিডিয়া প্ৰকৃততে এক নিৰপেক্ষ তথ্যৰ ভঁৰাল আৰু ইয়াৰ প্ৰবন্ধসমূহৰ ভাষাশৈলী প্ৰশংসামূলক বা আক্ৰমণাত্মক হ’ব নালাগে। উদাহৰণস্বৰূপে: “ককাদেউতাৰ হাড় উপন্যাসখন প্ৰত্যেকেই পঢ়া উচিত” বা “ভদাই এজন বৰ বেয়া মানুহ আছিল” আদি বাক্য আমি পৰিহাৰ কৰি চলিব লাগে। অগত্যা ইয়াৰ সলনি “ককাদেউতাৰ হাড় উপন্যাসখন সকলোৱে পঢ়ি চাব লগা উপন্যাস হিচাপে গণ্য কৰা হয়” বা “কিছু লোকৰ মতে ভদাই এজন বেয়া মানুহ আছিল” বুলি লিখিব পৰা যায়।

♦️ নিজৰ বিষয়ে, নিকটাত্মীয় বা বন্ধুৰ বিষয়ে, নিজৰ প্ৰকাশিত গ্ৰন্থ, ৱেবছাইট, উদ্ভাৱন বা পুৰস্কাৰ আদিৰ বিষয়ে: আপুনি বিশ্বকোষত স্থান পাবৰ যোগ্য হ’লেও নিজেই নিজৰ বিষয়ে নিলিখিব। আপোনাৰ নিকটাত্মীয় বা বন্ধুৰ বিষয়ে লিখিবলৈ হ’লেও ইয়াৰ ভাষা পক্ষপাতদুষ্ট হোৱাৰ সম্ভাৱনা প্ৰৱল। এইবোৰ ক্ষেত্ৰত এনে প্ৰবন্ধসমূহ আন কোনো লোকক লিখিবলৈ দিয়ক।

.......................................

🔰 ৱিকিপিডিয়াত কেনেকৈ লিখিব 🔰

(৩য় খণ্ড)

🔰মনত ৰাখিবলগীয়া কেইটামান কথা:

♦️তথ্য উৎস: ৱিকিপিডিয়াত তথ্য উৎসৰ উল্লেখৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হয়। প্ৰবন্ধ এটাত যিমানেই বেছি তথ্যসূত্ৰ থাকিব প্ৰবন্ধটোৰ তথ্যসমূহ সিমানে বেছি নিৰ্ভৰযোগ্য বুলি ভবা হয়। সেয়েহে প্ৰবন্ধ এটাত তথ্য সন্নিৱিষ্ট কৰোঁতে এটা কথালৈ লক্ষ্য কৰিব যে এই তথ্যটো আন কোনো ঠাই যেনে ছপা কাকত-আলোচনী, ই-আলোচনী, আনুষ্ঠানিক ৱেবছাইট, প্ৰকাশিত গ্ৰন্থ বা অন্য বিশ্বাসযোগ্য অ’ডিঅ’ভিজুৱেল আদিত পোৱা যাব নে নাই। উদাহৰণস্বৰূপে, আপুনি অসমৰ এখন মহাবিদ্যালয়ৰ বিষয়ে অসমীয়া ৱিকিপিডিয়াত লিখিব বিচাৰিছে। তেওঁলোকৰ আধিকাৰিক ৱেবছাইট আৰু আলোচনীৰ পৰা পোৱা তথ্যখিনি সহায়ত আপুনি প্ৰবন্ধটো আৰম্ভ কৰিব পাৰে আৰু তথ্যসূত্ৰ হিচাপে দুয়োটা উৎসৰ বিষয়ে উল্লেখ কৰিব পাৰে। এই তথ্যসূত্ৰসমূহ প্ৰবন্ধটোত 'মেনুৱেলি' অথবা 'প্ৰুভ ইট' (ProveIt) নামৰ এবিধ সঁ‌জুলিৰ যোগেদি সংযোজিত কৰিব পৰা যায়। যদিহে তথ্যসমূহৰ উৎস দিয়া নাযায় তেন্তে ইয়াক প্ৰত্যাহ্বান জনোৱা হ’ব পাৰে। ব্যক্তিগত ৱেবছাইট, ব্ল’গ, নিজৰেই লেখা প্ৰকাশ কৰা কাকত-আলোচনী আৰু প্ৰকাশন গোষ্ঠীয়ে প্ৰকাশ কৰা গ্ৰন্থসমূহৰ পৰা সংগ্ৰহ কৰা তথ্য গ্ৰহণযোগ্য নহয়।

♦️কপিৰাইট নীতি: প্ৰবন্ধ এটা ৱিকিপিডিয়াত সন্নিৱিষ্ট কৰোঁতে মূল উৎসৰ লেখাটোৰ কপিৰাইট যাতে ভংগ নহয় সেই বিষয়ে মন কৰাটো প্ৰয়োজনীয়। সেয়েহে কোনো কিতাপ-পত্ৰ বা ৱেবছাইটৰ কথাখিনি হুবহু প্ৰবন্ধটোত তুলি দিব নালাগে। উদাহৰণস্বৰূপে, উৎস গ্ৰন্থখনত যদি বাক্যটো এনেদৰে আছে- "আমাৰ শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাই প্ৰতিষ্ঠা কৰি যোৱা ঢেঁকীয়াখোৱা নামঘৰভাগিত ভাদ মাহত বাৰ্ষিক নাম অনুষ্ঠিত হয়", তেন্তে এই বাক্যটো আপুনি এনেদৰে লিখিব পাৰে- "মাধৱদেৱে প্ৰতিষ্ঠা কৰি যোৱা ঢেঁকীয়াখোৱা নামঘৰত ভাদ মাহত বাৰ্ষিক নাম অনুষ্ঠিত হয়।

♦️সম্পাদনাৰ সহায়: যদিহে আপুনি কিবা কথাক লৈ দোমোজাত পৰিছে তেন্তে বেটুপাতত মাজৰ ভাগত থকা 'সহায়' পৃষ্ঠাসমূহ চাব পাৰে। লগতে একাউণ্ট এটা খুলিয়েই লিখিবলৈ আৰম্ভ কৰাতকৈ বেটুপাতৰ প্ৰথম পৃষ্ঠাতে বাঁওফালে থকা 'শেহতীয়া সাল-সলনি' বুটামটোত ক্লিক কৰি সাম্প্ৰতিক হৈ থকা কাম আৰু অন্যান্য ৱিকিপিডিয়ানসকলৰ কাম-কাজসমূহ নীৰিক্ষণ কৰক। ৱিকিপিডিয়াত ইতিমধ্যে সন্নিৱিষ্ট হৈ থকা প্ৰবন্ধসমূহ পঢ়ি চালেও আপোনাৰ সহায় হ'ব। ইয়াৰ উপৰিও ৱিকিপিডিয়াৰ যিকোনো এজন সক্ৰিয় বা অভিজ্ঞ সদস্যক সুধিলে তেওঁ আপোনাক নিশ্চয় সহায় কৰিব।

ৱিকিপিডিয়াত সম্পাদনাৰ প্ৰাথমিক পদক্ষেপসমূহৰ লগতে প্ৰবন্ধ এটা গোলকীয় মানদণ্ডৰ হোৱাকৈ লিখিবলৈ হ'লে কি কি বিষয়ত গুৰুত্ব দিব লাগে বা প্ৰবন্ধটোৰ সাজ-সজ্জা কেনেকৈ উন্নত কৰিব পাৰি সেই বিষয়ে পৰৱৰ্তী খণ্ডসমূহত আলোচনা কৰিম।

...................................

🔰 ৱিকিপিডিয়াত কেনেকৈ লিখিব 🔰

(৪ৰ্থ খণ্ড)

♦️ৱিকিশৈলী: একোটা প্ৰবন্ধ লিখোঁতে গোটেই কথাখিনি কেইটামান দফাত বিভক্ত কৰাটো বাঞ্ছনীয়। প্ৰথম দফাটোক কোৱা হয় lead section আৰু ইয়াত বিষয়বস্তুৰ থূলমূল ধাৰণা বা সাৰাংশৰ লগতে সংজ্ঞা দিব লাগে। যেনে বিহুৰ বিষয়ে লিখা প্ৰবন্ধত বিহু কি, ই কোন ঠাইৰ লোকসংস্কৃতি, বিহু কেই প্ৰকাৰৰ আদি কথা চমুকৈ লিখিব পাৰে। পিছৰ দফাসমূহত ক্ৰমাগতভাৱে বিহুৰ উদযাপন কিদৰে কৰা হয়, বিহুনাম কি বা কেনেধৰণৰ, বিহুনৃত্য কি, বিহুৰ প্ৰকাৰ আদিৰ বিষয়ে বিস্তৃতভাৱে লিখিব পৰা যায়। প্ৰতিটো দফাতে যথোপযুক্ত তথ্যসূত্ৰ বা ৰেফাৰেঞ্চ থকাটো বাঞ্ছনীয়। তেনেদৰে এজন সাহিত্যিকৰ বিষয়ে প্ৰবন্ধ লিখোঁতে প্ৰথম দফাত তেওঁৰ উল্লেখনীয় কৰ্মৰাজিৰ লগতে তেওঁ লাভ কৰা বঁ‌টা-সন্মান আদিৰ বিষয়ে চমুকৈ লিখিব পৰা যায়। পিছৰ দফাসমূহক প্ৰাৰম্ভিক জীৱন, কৰ্মজীৱন, প্ৰকাশিত গ্ৰন্থ, বঁ‌টা আৰু সন্মান আদি ভাগত বিভক্ত কৰি বহলাই লিখিব পাৰি।

♦️ৱিকিমাৰ্কআপ/ৱিকিটেক্সট: ৱিকিমাৰ্কআপ বা ৱিকিটেক্সট হৈছে ৱিকিপিডিয়াত ব্যৱহৃত হোৱা লেংগুৱেজ-কোড। ধৰক আপুনি লিখি থকা প্ৰবন্ধটোত একোটা শব্দ বা বাক্যাংশ ডাঠ (বোল্ড) কৰিব বিচাৰিছে তেন্তে আপুনি ইয়াৰ দুয়োকাষে তিনিটাকৈ single inverted comma যোগ কৰক ('''শব্দ''')। তেনেদৰে হেলনীয়া আখৰৰ বাবে দুয়োকাষে দুটাকৈ single inverted comma যোগ কৰিব পাৰে। সংখ্যায়িত তালিকাত তথ্য যোগ কৰিবলৈ # চিনটো ব্যৱহাৰ কৰা হয়। যেনে, এজন লেখকৰ তিনিখন প্ৰকাশিত গ্ৰন্থৰ নাম লিখিবলৈ তলত দিয়াধৰণে লিখিব পাৰে:

# ১ম গ্ৰন্থ

# ২য় গ্ৰন্থ

# ৩য় গ্ৰন্থ

তেতিয়া ৱিকিপিডিয়াৰ পৃষ্ঠাখন ছেভ কৰিলে ইয়াক তলত দিয়াধৰণে দেখা যাব।

১. ১ম গ্ৰন্থ

২. ২য় গ্ৰন্থ

৩. ৩য় গ্ৰন্থ

................................................

🔰 ৱিকিপিডিয়াত কেনেকৈ লিখিব 🔰

(৫ম খণ্ড)

♦️তথ্যপেৰা বা infobox: কিছুমান বিষয়ৰ প্ৰবন্ধ লিখোঁতে তথ্যপেৰাৰ ব্যৱহাৰ কৰিব পাৰি। তথ্যপেৰা বা infobox হৈছে পূৰ্বতে সাজি ৰখা একোটা উমৈহতীয়া নক্সা বা জঁ‌কা যাৰ জৰিয়তে আপুনি প্ৰবন্ধৰ আৰম্ভণিতে বিষয়বস্তুৰ প্ৰফাইলটোৰ এটা থূলমূল ধাৰণা দি পাৰে। উদাহৰণস্বৰূপে, এগৰাকী ব্যক্তিৰ বিষয়ে লিখা প্ৰবন্ধ এটাত আপুনি ব্যক্তিগৰাকীৰ জন্ম-মৃত্যুৰ তাৰিখ, জন্মস্থান, পিতৃ-মাতৃৰ নাম, তেওঁৰ পেছা, উল্লেখনীয় কৰ্মৰাজি আদিৰ বিষয়ে এই উমৈহতীয়া নক্সাটোৰ সহায়েৰে অতি সহজতে একগোট আকাৰে আৰু আকৰ্ষণীয় ৰূপত লিখিব পাৰে। উদাহৰণ:

{{Infobox person

| name               = তুলসী গৌড়া

| image              = 

| alt                = 

| caption            =  

| nationality        = ভাৰতীয়

| occupation         =পৰিৱেশকৰ্মী

| birth_date         = {{Birth year and age|1944}}

| birth_place        = উত্তৰ কানাড়া, কৰ্ণাটক, ভাৰত

| honours            = পদ্মশ্ৰী (২০২১)

}}

এনেদৰে লিখি ছেভ কৰিলে ৱিকিপিডিয়াৰ প্ৰবন্ধটোত এই তথ্যখিনি সংলগ্ন চিত্ৰত দিয়াৰ দৰে দেখা যাব।

♦️তথ্যসূত্ৰৰ ৱিকিমাৰ্কআপ: ধৰি লওক আপুনি লাভলীনা বৰগোহাঁ‌ইৰ বিষয়ে প্ৰবন্ধটোত তথ্য সন্নিৱিষ্ট কৰিছে। সেই তথ্যটো হৈছে লাভলীনাই খেল ৰত্ন বঁ‌টা পোৱাৰ খবৰ। আপুনি সেই তথ্যটো সংগ্ৰহ কৰিছে ৪ নৱেম্বৰ তাৰিখৰ 'আমাৰ অসম' কাকতৰ 'অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী লাভলীনালৈ খেল ৰত্ন বঁ‌টা' শীৰ্ষক বাতৰিৰ পৰা। সহজভাৱে এই তথ্যসূত্ৰটো প্ৰবন্ধটোত সংযোগ কৰিবলৈ আপুনি <ref></ref> ব্যৱহাৰ কৰি সংযোগ কৰিব পাৰে। যেনে-

<ref>'অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী লাভলীনালৈ খেল ৰত্ন বঁ‌টা', আমাৰ অসম, ৪ নৱেম্বৰ, ২০২১</ref>

তথ্যসূত্ৰটো সদায়েই তথ্যটো থকা বাক্যটোৰ পিছত সংযোগ কৰিব লাগে। অৰ্থাৎ আপুনি লিখিব পাৰে-

২০২১ চনত ভাৰত চৰকাৰৰ তৰফৰ পৰা লাভলীনাক খেল ৰত্ন বঁ‌টাৰ বাবে নিৰ্বাচিত কৰা হয়।<ref>'অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী লাভলীনালৈ খেল ৰত্ন বঁ‌টা', আমাৰ অসম, ৪ নৱেম্বৰ, ২০২১</ref>

ৱিকিপিডিয়াৰ পৃষ্ঠাটো ছেভ কৰাৰ পিছত আপুনি বাক্যটো এনেধৰণে দেখিবলৈ পাব-

২০২১ চনত ভাৰত চৰকাৰৰ তৰফৰ পৰা লাভলীনাক খেল ৰত্ন বঁ‌টাৰ বাবে নিৰ্বাচিত কৰা হয়।[1]


আগলৈ...


 @চন্দন চিৰিঙৰ লেখা



Post a Comment

0 Comments