সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত NET পৰীক্ষা আৰু একাংশ শিক্ষাৰ্থীৰ জীৱনৰ সৈতে ল’ৰা-ধেমালি

* ৰাতিপুৱা প্ৰায় ৭.৪০ মিনিটত গুৱাহাটী বিশ্ববিদ্যালয়ৰ RCC5 হোষ্টেলৰপৰা ‘গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অফ মেনেজমেণ্ট এণ্ড টেকন্‌লজি’লৈ বুলি ওলালো৷ দূৰত্ব মাত্ৰ পাঁচ কিলোমিটাৰ৷ লক্ষ্য ‘সৰ্বভাৰতীয় পৰ্যায়ৰ NET পৰীক্ষাত অৱতীৰ্ণ হ’বগৈ লাগে৷ ২৪ তাৰিখেই UGC(NTA)ৰ ৱেবচাইটত নেট পৰীক্ষাৰ Admit Card Download কৰাৰ সুবিধা উপলব্ধ হৈছিল৷ ২৫ তাৰিখে মই Admit খন Download কৰি থৈছিলোঁ৷ সেইমতে আজি সেই প্ৰতিষ্ঠানৰ সন্মুখত প্ৰায় ৮.০০ বজাত উপস্থিত হৈছিলোঁগৈ৷ মোৰ দৰে অসমৰ বিভিন্ন প্ৰান্তৰপৰা প্ৰায় ৩০-৪০ গৰাকীমান শিক্ষাৰ্থী আহি সেই প্ৰতিষ্ঠানৰ সন্মুখত ইতিমধ্যেই গোট খায় আছেহি৷ লক্ষ্য– NET পৰীক্ষা দিব৷ এইখিনিলৈকে সকলোখিনি ঠিকেই আছিল৷

সময় গৈ আছে, ৮.২০ মিনিটমানত হঠাৎ সেই প্ৰতিষ্ঠানৰ ‘চিটিউৰিটি গাৰ্ড’ এজন আগুৱাই আহি মোকে প্ৰশ্ন কৰিলেহি– ‘আজি আমাৰ ইয়াত তোমালোকৰ কিবা পৰীক্ষা আছে নেকি? মই ক’লো– ‘নেট’ পৰীক্ষা আছে আপোনালোকৰ প্ৰতিষ্ঠানত৷ তেওঁ ক’লে– ‘গেটত তোমালোক ৰৈ থকা দেখি মই আমাৰ ছাৰ (হয়তো তেওঁলোকৰ প্ৰতিষ্ঠানৰ বিষয়া)লৈ ফোন কৰিছিলোঁ, কিবা পৰীক্ষা আছে নেকি বুলি, তেওঁ কিন্তু আজি আমাৰ ইয়াত কোনোধৰণৰ পৰীক্ষা নাই বুলি কৈছে৷ তোমালোকৰ কিবা ভুল হোৱা নাইটো?’
হঠাৎ আমাৰ ভৰিৰ তলৰ মাটিখিনি যেন খহি পৰিছে! হতভম্ব হৈ পৰিলোঁ ! কি কৈছে তেওঁ! Admit Cardত চোন এইটো ঠিকনাই দিয়া আছে৷ লগে-লগে চিকিউৰিটি গাৰ্ডজনক আমি শিক্ষাৰ্থীসকলে প্ৰায়েই নিজৰ নিজৰ Admit খিনি দেখুৱালোঁ৷ হঠাৎ ল’ৰা-ছোৱালীবিলাকৰ মাজত হাঁহাকাৰ লাগি গ’ল! আমি কি কৰোঁ কি নকৰোঁ যেন ভাবি চিকিউৰিটি গাৰ্ডজনক কৈ তেওঁলোকৰ ‘ছাৰ’লৈ পুনৰ ফোনটো লগাই দিবলৈ কলোঁ৷ মই তেওঁলোকৰ ‘ছাৰ’ক সুধা প্ৰশ্নৰ উত্তৰত তেওঁ কোৱা সাৰমৰ্মটো হ’ল– যোৱাবছৰলৈকে এই প্ৰতিষ্ঠানত হেনো ‘নেট’ৰ পৰীক্ষা কেন্দ্ৰ আছিল৷ কিন্তু এইবছৰত কিবা কথাত ইয়াত চেণ্টাৰ দিয়া হোৱা নাই৷ তেওঁ আমাক পুনৰ UGCৰ ৱেবচাইটলৈ গৈ Admit Check কৰিবলৈ পৰামৰ্শ দিলে৷ তেওঁলোক যে উপায়হীন আৰু এই কাণ্ডটোত তেওঁলোকৰ যে কোনো দোষ নাই, সেয়াও জনালে৷ Admitত এটা হেল্পলাইন নম্বৰ আছিল, ডায়েল কৰিলো, Out of service বুলি ক’লে ।
লগে-লগে শিক্ষাৰ্থীসকলক খবৰটো জনালোঁ৷ ইতিমধ্যে ৮.৩০ বাজি গৈছে৷ হাতত সময় আছে মাত্ৰ আধা ঘণ্টা৷ Admitৰ মতে ৮.৩০ত পৰীক্ষা অনুষ্ঠিত হোৱা প্ৰতিষ্ঠানৰ মূল গেট বন্ধই কৰি দিব লাগে৷ কি কৰোঁ কি নকৰোঁ যেন হৈ আমি শিক্ষাৰ্থীসকল অধৈৰ্য্য হৈ পৰিলোঁ৷ কিছুমানে পৰীক্ষা দিবলৈ অহা বাবে মোবাইলো লগত লৈ অহা নাই৷ কোনোবাই অভিভাৱকৰ হাতত বেগ, মোবাইল ইতিমধ্যেই চমজাই দিছে৷ অসমৰ বিভিন্ন প্ৰান্তৰৰপৰা তেওঁলোক দুই, এদিনৰ আগতে আহি হোটেলত ৰাতি কটাই পৰীক্ষা দিবলৈ আহিছে আৰু ইয়াত আহি সন্মুখীন হৈছেহি এই অৱস্থাৰ!
ইমান কম সময়ত এতিয়া আমি কি উপায় পাওঁ ! আমি শিক্ষাৰ্থীসকল কিংকর্তব্যবিমূঢ় হৈ পৰিলোঁ৷ মই লগে লগে মোবাইলত পুনৰ ৱেবচাইটলৈ গৈ নিজৰ Admit চেক কৰিলোঁ৷ আচৰিত! এইবাৰ চেণ্টাৰৰ নামটো সলনি হৈ নতুন প্ৰতিষ্ঠান এখনৰ নাম লিখা Admit এখন Upload হৈ আছে! হয়তো এই চেণ্টাৰত পূৰ্বতে Admit অহা প্ৰত্যেকৰেই সেই একেই দশা ! কিন্তু হাতত সময় আছে আধাঘণ্টা! ইমান কম সময়ত আমি কেনেদৰে নতুন Address ৰ সেই প্ৰতিষ্ঠান বিচাৰি পৰীক্ষাত বহিমগৈ! তাতে গুৱাহাটী হেন ঠাই !
ইফালে Covid ৰ বাবে NETৰ পৰীক্ষাটো বহু দিন ধৰি নোহোৱাকৈ আছে৷ বহুতে এই পৰীক্ষাটোলৈ আজি অতদিনে কষ্ট কৰি পঢ়ি আছে৷ এতিয়া অনাকাংক্ষিত এই বিপদত শিক্ষাৰ্থীসকলে মানসিক অৱস্থা যেন হেৰুৱাই পেলাইছে! বেছিসংখ্যকেই নতুনকৈ Uploaded হোৱা Admit খনো উলিয়াব পৰা নাই! দুই একে ভয় আৰু শংকাত আনকি UGCৰ ৱেবচাইটোলৈ যাবলৈ মোবাইলটোও টিপিব পৰা নাই । হাতবোৰ কঁপিছে, মই নিজে দেখিছোঁ। একাংশই লগত মোবাইল অনা নাই, একাংশৰ নেটৱৰ্কে কাম কৰা নাই, ইত্যাদি সমস্যা৷ মোৰো উশাহ ঘন হৈ আহিছে৷ কি হ’ব বাৰু ! ইমানদিনৰ কষ্ট হঠাৎ পানী হৈ যাব এতিয়া!
অৱশ্যে মই ইতিমধ্যেই দুবাৰকৈ ‘নেট’ পৰীক্ষাত উত্তীৰ্ণ হৈ থৈছোঁ৷ এইবাৰ ‘ JRF’ৰ বাবেহে পৰীক্ষাত বহিবলৈ আহিছোঁ৷ কিন্তু গৰিষ্ঠ সংখ্যকেই প্ৰথমবাৰ এই পৰীক্ষা দিবলৈ আহিছিল৷ বহুতে দুই তিনিবাৰ পৰীক্ষাত বহিও NET পৰীক্ষাত উত্তীৰ্ণ হ’ব পৰা নাই৷ আজি পৰীক্ষাটো দিবলৈ নোপোৱামানে তেওঁলোক পুনৰ এবছৰ ৰৈ থাকিব লাগিব! Covidৰ বাবে প্ৰায় এবছৰতকৈ বেছি দিন পৰীক্ষা নোহোৱাকৈয়ে আছিল৷ আকৌ বা আগন্তুক দিনত কি হয়!
এইবাৰ মই গুগ’ল মেপত নতুন ঠিকনাটো চাৰ্চ কৰিলোঁ৷ ললে লগে ‘ৰেপিড’ এপত গৈ বাইক এখন বুকিং কৰিলোঁ৷ বাইক আৰোহীজনক ফোনতে অনুনয়-বিনয় কৰি ক’লোঁ– ‘আপোনাক জোখতকৈ বেছি টকা দিম৷ মোক মাত্ৰ আপুনি চান্দমাৰিত থৈ আহক৷’ তেওঁ পাঁচমিনিট মানতে সেই স্থান পামহি বুলি নিশ্চিতি দিলে৷ হতাশাত কোঙা হৈ পৰিলোঁ আমিবোৰ! পৰীক্ষাত বহিবগৈ পাৰিমনে বাৰু! বাকী দুই এজন শিক্ষাৰ্থীয়েও নতুনকৈ Admit Download কৰি অনলাইনত বাইক বা গাড়ী বিচৰাত লাগিল৷ দুই এগৰাকী অচিনাকিয়ে আহি ৰিকুৱেষ্ট কৰিছে, তেওঁলোকৰ Admitখনো পাৰিলে উলিয়াই দিব লাগে, কি কৰোঁ মই, হাতত সময় নাই, ইয়াত Admit উলিয়াবলৈ লাগিলে মই নিজে চান্দমাৰি যোৱা যাব, ইফালে নোৱাৰোঁ বুলিও ক’বপৰা নাই । যেনে-তেনে এগৰাকীক উলিয়াই দিলোঁ। মুঠতে এটা অবৰ্ণনীয় পৰিৱেশ৷ বহুতেই Admit ডাউনল’ড কৰিবকে নোৱাৰিলে৷ অসহায় হৈ তেওঁলোকে তাতে বহি কেৱল কান্দিছে, দুখ কৰাই দুখ কৰিছে৷
ৰেপিড’ত উঠি মই এইবাৰ দূৰত্ব চাৰ্চ কৰিলোঁ! ইয়াৰপৰা পোন্ধৰ কিলোমিটাৰ যাব লাগিব, চান্দমাৰিলৈ৷ বুকু কপি গ’ল, পৰীক্ষা দিবলৈ নাপালেওঁ অন্তত গৈ চাওঁ বুলিয়েই মনটোক বুজালোঁ৷ এইবাৰ থকা আশাকনতো চেঁচা পানী পৰিল, যেতিয়া ‘মালিগাঁৱৰ ট্ৰেফিক যামটো পাৰ হৈ চান্দমাৰিলৈ যাব লাগিব’ বুলি গম পালোঁ৷ অভাৰব্ৰিজ নিৰ্মাণ কৰি থকাৰ বাবে আদাবাৰীৰপৰা কামাখ্যা গেটলৈকে এইছোৱাত কিমান যাম হয়, এইটো ৰাস্তাৰে অহা-যোৱা কৰা ব্যক্তিমাত্ৰেই জানে৷ তথাপিও শেষ আশা বুকুত বান্ধি গৈ আছোঁ৷ যি হয় হ’ব। মূৰে কাম নকৰা হৈ গৈছে! ৰেপিড’ ড্ৰাইভাৰজনেও যিমান পাৰে সোনকালে নিবলৈ যত্ন কৰিলে৷ অৱশেষত পোন্ধৰ মিনিট পলমকৈ সেই নিৰ্দিষ্ট প্ৰতিষ্ঠানত পালোঁগৈ৷
এতিয়াহে আচল সমস্যা৷ সময় বহু পলম হৈ গ’ল! মূল গেটৰপৰা ভিতৰলৈ সোমাবলৈ নিদিয়ে৷ মই প্ৰতিষ্ঠানৰ Receptionist গৰাকীক চমুকৈ সমস্যাটো বুজাই তেওঁলোকৰ প্ৰতিষ্ঠানৰ মুৰব্বীক সোনকালে লগ কৰাই দিবলৈ অনুৰোধ কৰিলোঁ৷ উশাহ ঘন হৈ গৈছে । ফোঁপাইছোঁ খুব। তেওঁ যেনিবা তৎপৰতাৰে মুৰব্বী গৰাকী আৰু আন এজন সদস্যক মাতি আনিলে৷ তেওঁলোকক সমস্যাটো বুজাই ক’লোঁ৷ কিন্তু তেওঁলোকে নামানে৷ পৰীক্ষা দিবলৈ কোনোপধ্যেই নিদিয়ে৷ পাঁচমিনিটমান যুক্তিতৰ্কৰ পাছত অৱশেষত এইবাৰ তেওঁ তেওঁলোকৰ মুৰব্বীৰ সৈতে ফোনত যোগাযোগ কৰিলে আৰু হঠাৎ নিজৰ স্থিতি সলনি কৰি মোক পৰীক্ষাত বহিবলৈ দিব বুলি জনালে৷ লগে লগে মই সেই প্ৰতিষ্ঠানৰ ভিতৰলৈ সোমাই পৰীক্ষাত বহিলোহি৷
মোৰ লগত ঘটা এই ঘটনাটো আজি আমাৰ চেণ্টাৰটোৰ বহুতৰ লগতেই ঘটি গ’ল৷ দুই একে এনেদৰে গৈ পৰীক্ষাত বহিল যদিও গৰিষ্ঠ সংখ্যকেই পৰীক্ষাত বহিবলৈ নাপালে৷ কাৰ কি ভুলৰ বাবে শিক্ষাৰ্থীসকল এইদৰে বঞ্চনাৰ মুখামুখি হ’ল! UGC বা NTA কৰ্তৃপক্ষই যদি এইদৰে Admit issue কৰি দিয়াৰ পাছত নিৰ্দিষ্ট স্থান সলনি কৰিছিল, তেন্তে কিয় মেইল বা মেচেজ বা ফোনৰ দ্বাৰা শিক্ষাৰ্থীসকলক এবাৰো নজনালে! প্ৰশ্নটো উচ্চ শিক্ষাৰ সৈতে জড়িত সুধিসমাজলৈ এৰিলোঁ!
আজি যিসকলে পৰীক্ষাত বহিবলৈ নাপালে, তেওঁলোকৰ এই ক্ষতি কোনে পূৰণ কৰিব! অধ্যাপকৰ চাকৰিৰ বাবে বা এটা PhDৰ চিটৰ বাবে দিন-ৰাতি কষ্ট কৰি থকাসকলেহে বুজিব পাৰিব এই পৰীক্ষাটোত বহিবলৈ নোপোৱাটো তেওঁলোকৰ জীৱনৰ বাবে কিমান ক্ষতিকৰ হ’ল!

14/12/2021 তাৰিখে ‘নিয়মীয়া বাৰ্তা’ কাকতত প্ৰকাশিত৷
ভাস্কৰ ভূঞা, গৱেষক ছাত্ৰ, গুৱাহাটী বিশ্ববিদ্যালয়, ফোন- ৮৭৫১৯৪৩৩৮৭

Post a Comment

0 Comments