বতাহৰ ছবি ৷৷ ৰুদ্ৰাণী শৰ্মাৰ নতুন উপন্যাস

* শেহতীয়াকৈ চীনদেশৰ ৱ’হান প্ৰদেশৰপৰা উদ্ভৱ হোৱা কোভিদ-১৯ মহামাৰীয়ে সমগ্ৰ বিশ্বৰ মানৱ প্ৰজাতিলৈ ভয়াবহ¸ জটিল পৰিস্থিতি আৰু অভাৱনীয় সংকট কঢ়িয়াই আনিলে৷ স্বাস্থ্যকেন্দ্ৰিক ‘মানৱ সুৰক্ষা’ (Humen Security)ৰ বিষয়টোৱে সমগ্ৰ বিশ্বত এতিয়া নতুনকৈ গুৰুত্ব লাভ কৰিছে৷ সমগ্ৰ বিশ্বত ৰোগ সম্পৰ্কীয় চিন্তা-চৰ্চা আৰু ইয়াৰ প্ৰতিকাৰৰ ক্ষেত্ৰখনলৈ নতুন প্ৰত্যাহ্বান আৰু সুযোগো আহিছে৷ সামৰিক শক্তিতকৈ যে স্বাস্থ্যখণ্ডৰ উন্নয়নেহে দেশৰ বা ৰাষ্ট্ৰ এখনৰ সমূদায় নাগৰিকক সৰ্বপ্ৰথমে সুৰক্ষা দিব পাৰে; সেই কথা কৰ’না মহামাৰীয়ে মানৱ সভ্যতাক পুনৰ শিকাই দিলে৷ মূলতঃ জৈৱিক দুৰ্যোগ হিচাপে এই ৰোগে সমগ্ৰ বিশ্বৰ সামাজিক-সাংস্কৃতিক-অৰ্থনৈতিক পৰিকাঠামত মোক্ষম আঘাত কৰিছে৷ পূৰ্বৰ বিশ্ব মহামাৰী স্বৰূপে স্বীকৃত বসন্তৰোগ, পলিঅ’, প্লেগ, স্পেনিছ ফ্লু আদিৰ পাছত ক’ৰনা মহামাৰীৰ সামগ্ৰিক পৰিৱেশেই নিজস্বভাৱে আন্তঃৰাষ্ট্ৰীয় অৰ্থনীতি, ৰাজনীতি, সমাজনীতি আৰু স্বাস্থ্যখণ্ডত দীৰ্ঘ সময়ৰ বাবে মহাসংকটৰ সৃষ্টি কৰিছে৷ বিশ্বৰ গৰিষ্ঠ সংখ্যক জনসাধাৰণক একে সময়তে প্ৰভাৱিত কৰা SARS-CoV-2 বা চমুকৈ ক’ৰনা ভাইৰাছে বিশ্বৰ উন্নত পুঁজিপতি উন্নত দেশবোৰৰো বিজ্ঞান, শিক্ষা, প্ৰযুক্তিৰ সামগ্ৰিক অৱদান আৰু আৱিষ্কাৰৰ সন্মুখত প্ৰশ্নবোধক চিন থিয় কৰাইছে৷ সমগ্ৰ বিশ্বৰ ১৯৫ খন দেশৰ ভিতৰত ৮৪ খন দেশ দীৰ্ঘদিন ধৰি লকডাউন (Lockdown)ত থাকিব লগা হৈছে৷ মানৱ সভ্যতাত একে সময়তে ইমানবোৰ দেশ ‘লকডাউন’ত থাকিবলগীয়া হোৱা ঘটনা এয়াই প্ৰথম৷ এই ভয়াবহ পৰিস্থিতিত প্ৰতিখন ৰাষ্ট্ৰই অৰ্থনৈতিক মন্দাৱস্থাৰ ফালে গতি কৰিছে৷ আন্তঃৰাষ্ট্ৰীয় যোগাযোগ, আমদানি-১৫ ৰপ্তানী বন্ধ হৈ পৰিছে৷ শ্ৰমিক আৰু কৃষক শ্ৰেণীৰ লগতে জীৱিকাৰ সৈতে জড়িত প্ৰতিটো চৰকাৰী, বেচৰকাৰী খণ্ডলৈ ভয়াবহ বিপদ নামি আহিছে৷ আমাৰ অসম ৰাজ্যতো এইধৰণৰ কাৰ্যকলাপবোৰে মানুহৰ জীৱনলৈ অন্ধকাৰ নমাই আনিছে৷ মানুহবোৰ এসাজ ভাতৰ বাবে কক্‌বকাই থাকিবলগীয়া হৈছে৷ কৰ্মসংস্থানহীন হৈ পৰিছে৷ নিত্য-প্ৰয়োজনীয় বস্তুৰ জুই চাই দাম হৈছে৷ শিক্ষা, স্বাস্থ্য, অৰ্থনীতি, সমাজ-সংস্কৃতি সকলোফালেই এতিয়া মন্দা অৱস্থা৷ তাৰ মাজতে বেমাৰক ইছ্যু হিচাপে লৈ সমগ্ৰ ৰাষ্ট্ৰৰ দৰে অসমতো দলীয় ৰাজনীতি চলিছে৷ ধৰ্মকেন্দ্ৰিক বাক-বিতণ্ডাও এই সময়ছোৱাতে গা কৰি উঠিছে৷ এই ভয়াৱহ পৰিস্থিতিয়ে অসম ৰাজ্যখনৰেই সামগ্ৰিক বৈশিষ্ট্য আৰু অৱস্থাটোলৈ ব্যাপক পৰিৱৰ্তন আনি দিছে৷ এক অভাৱনীয় অথচ অকল্পনীয় পৰিৱেশৰ সৈতে বৰ্তমানেও অসমৰ জনসাধাৰণে সহবাস কৰি আছে৷

ক’ৰনা মহামাৰীৰ এইধৰণৰ সমগ্ৰ কথা-বাৰ্তাবোৰকে মূল উপজীৱ্য হিচাপে লৈ ঔপন্যাসিকা ৰুদ্ৰাণী শৰ্মাই মহামাৰীৰ মাজতে এখন উপন্যাস লিখি উলিয়াইছে৷ নামটো ‘বতাহৰ ছবি’৷ উপন্যাসখন ক’ৰনা মহামাৰীয়ে বিধস্ত কৰি ৰখা অসমৰ সমাজ-সভ্যতা-সংস্কৃতিৰ বাবে যেন এখন জীৱন্ত দলিল স্বৰূপ৷ মহামাৰীৰ কবলত এতিয়াও দেশ আৰু ৰাজ্যখন আক্ৰান্ত৷ এই আক্ৰান্তৰে জৰ্জৰিত সময়ছোৱাতে ৰুদ্ৰাণী শৰ্মাই সময়ৰ শৰ সময়ত মাৰি দেশ-ৰাজ্যত সংঘটিত হোৱা বাস্তৱিক ঘটনা-পৰিঘটনাবোৰক উপন্যাসৰ ফ্ৰেমেৰে সজাই-পৰাই এখন ইতিহাসধৰ্মী উপন্যাস লিখি উলিয়াইছে৷ ইতিহাসধৰ্মী বুলি এইবাবেই কৈছোঁ– আজিৰপৰা পঞ্চাশ বা এশ বছৰৰ পাছত– ক’ৰনা, ক’ভিদ আদি শব্দবোৰ কেৱল মানুহৰ বাবে এটা সাধাৰণ শব্দ হৈ পৰিব, কিন্তু সমসাময়িক সমাজখনে এই সময়ছোৱাত ভূগিবলগীয়া হোৱা এই ভয়ানক পৰিস্থিতিৰ বাস্তৱিক কথা-বতৰাবোৰ ইতিহাস হিচাপে এই উপন্যাসখনত লিপিবদ্ধ ৰূপত থাকি যাব৷ মহামাৰীৰ সময়ছোৱাত অসমৰ জনসাধাৰণে ভূগি থাকিবলগীয়া হোৱা অসাধাৰণ দুখ, কষ্টবোৰ কালৰগৰ্ভত হেৰাই যোৱাৰ আগতেই শৃংখলাবদ্ধভাৱে এখন উপন্যাসৰ মাজেৰে ৰুদ্ৰাণী শৰ্মাই একত্ৰ কৰিছে৷ এয়া ঔপন্যাসিক হিচাপে শৰ্মাই একপ্ৰকাৰৰ জাতীয় দায়িত্বও পালন কৰিছে৷ উপন্যাসখনত কেৱল কাহিনী বা ঘটনাৰ বিৱৰণেই নাই৷ আছে ঔপন্যাসিকৰ নিজা বিচাৰ-বিশ্লেষণ৷ উপন্যাসখনত সমগ্ৰ ৰাষ্ট্ৰযন্ত্ৰটোক আৰু ৰাজ্য চৰকাৰখনৰ কাৰ্যপদ্ধতিক সমালোচনা কৰা হৈছে৷ উপন্যাসখনত উল্লিখিত কাহিনীবোৰো কাল্পনিক নহয়৷ তদানিন্তন অসমৰ সমাজখনত সংঘটিত হোৱা বাস্তৱিক কাহিনীবোৰহে ঔপন্যাসিকাই কলাত্মকভাৱে লিপিবদ্ধ কৰিছে৷  শৰ্মাই উপন্যাসখন বিভিন্ন দৃষ্টিকোণৰপৰা আৰু বিভিন্ন শ্ৰেণী বা সমাজৰ চৰিত্ৰসমূহৰ উদাহৰণেৰে বৰ্ণনা কৰিছে৷ মধ্যবৃত্ত আৰু নিম্নমধ্যবৃত্ত শ্ৰেণীটোক চৰকাৰে কিধৰণে ঢাল হিচাপে ব্যৱহাৰ কৰি বেমাৰৰ সুবিধা লৈ ৰাজনীতি কৰিছে, জনতাৰ দুখ আৰু দৰিদ্ৰতাক ভোটৰ অংকত কিদৰে কিনা-বেচা কৰিছে, তাৰ নিৰ্মম বিৱৰণ আছে৷ উপন্যাসখনত কোনো এটা চৰিত্ৰই মুখ্য চৰিত্ৰ হিচাপে গুৰুত্ব লাভ কৰা নাই৷ যেতিয়া কাহিনীপ্ৰধান উপন্যাসখনত সমগ্ৰ কাহিনীটোৱেই মূল ঘটনাৰ কেন্দ্ৰবিন্দু হৈ পৰে, তাত চৰিত্ৰৰ বিকাশৰ দিশটো গৌণ হৈ পৰে৷ ‘বতাহৰ ছবি’ উপন্যাসখনতো খণ্ড-খণ্ড কাহিনীবোৰেহে প্ৰধানভাৱে স্থান লাভ কৰিছে৷ সেই কাহিনীত সংযুক্ত হৈ থকা ব্যক্তিসমষ্টিৰ চৰিত্ৰ বিকাশতকৈ চৰিত্ৰৰ বাহ্যিক, মানসিক স্থিতি, অৱস্থাটোহে উপন্যাসখনৰ মাজৰে অধিক প্ৰকট হৈ পৰিছে৷

উপন্যাসখনত ৰাজনৈতিক দৃষ্টিভংগী আৰু পাৰিৱেশিক চেতনাৰ এটা প্ৰধান সুৰ সংপৃক্ত হৈ আছে৷ এটা বীজাণুৱে একো একোখন ৰাষ্ট্ৰ বা ৰাজ্যৰ বিজ্ঞান, স্বাস্থ্যখণ্ড আদিলৈ নমাই অনা প্ৰত্যাহ্বান আৰু প্ৰকৃতিখনক মানৱ সমাজে কিদৰে পংগু কৰি তুলিছে আৰু তাৰ ফলশ্ৰুতিত এই  মানৱ সভ্যতাই কিদৰে যাতনা ভোগ কৰিছে, ইয়াৰ পৰৱৰ্তী সময়ছোৱাত বিশ্বলৈ কেনেধৰণৰ পৰিৱৰ্তন আহিব, তাৰ অন্তৰালৰ কাহিনীবোৰো লেখিকাই বিশ্লেষণধৰ্মিতাৰে উপন্যাসখনত বৰ্ণনা কৰিছে৷ সেইদৰে এটা সুযোগ হিচাপে দলীয় নেতা-পালিনেতাই কেনেদৰে এই সময়ছোৱাৰ সুযোগ গ্ৰহণ কৰিছে, ৰাজনৈতিক মুনাফা অৰ্জনৰ চেষ্টা কৰিছে, জনসাধাৰণক বুৰ্বক সজাইছে, সেইধৰণৰ পলিটিকেল দৃষ্টিভংগী এটা উপন্যাসখনত পুৰামাত্ৰাই আছে৷

ইতিমধ্যেই কৈছোঁ যে– ‘উপন্যাসখন ক’ভিদ আক্ৰান্ত ভাৰত ৰাষ্ট্ৰ আৰু অসম ৰাজ্যৰ এখন জীৱন্ত দলিল স্বৰূপ’৷ কিন্তু এই দলিল নিস্তেজ আৰু তথ্যধৰ্মী নহয়৷ ই ভাৱ আৰু বিচাৰৰ মহঙাল চৰ্বিৰে ভৰপুৰ৷ উপন্যাসখনৰ প্ৰেক্ষাপট অসম যদিও ইয়াৰ কাহিনীৰ বৈচিত্ৰতাই সমগ্ৰ ভাৰতৰে ক’ৰনাকালীন সময়ছোৱাক প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হৈছে৷ উপন্যাসখনত লেখিকাই নিজৰ জীৱন দৰ্শন পৰিস্ফূট কৰাতকৈ অসমৰ সমকালীন সমাজ জীৱনটোক চিত্ৰায়ণ কৰিবলৈহে বিশেষভাৱে যত্ন কৰিছে৷ সমগ্ৰ ক’ৰণা মহামাৰীক লৈ লেখিকাৰ যি ব্যক্তিগত অভিজ্ঞতা, সূক্ষ্ম বিশ্লেষণ, সমাজৰ বিভিন্ন স্তৰৰ মানুহবোৰ পৃথকে পৃথকে যিধৰণৰ সমস্যাৰে আক্ৰান্ত হৈ পৰিছে, সেই সম্পৰ্কীয় গভীৰ অনুধাৱন আৰু সংবেদনশীলতা উপন্যাসখনত প্ৰতিফলিত হৈছে৷ অৱশ্যে এই কথাও উনুকিয়াই থোৱা উচিত– তপত চাহ খালে জিভা পোৰাৰ দৰে এই উপন্যাসখনতো লেখিকাই ইতিমধ্যে কাহিনীৰ মাজেৰে আৰোপ কৰা কিছু মতাদৰ্শ বা দৃষ্টিভঙ্গীৰ ক্ষেত্ৰত আগন্তুক দিনত নিশ্চয়কৈ পৰিৱৰ্তন বা চিন্তাৰ সাল-সলনি পৰিলক্ষিত হ’ব৷ বিশেষকৈ ৰাজনৈতিক দৃষ্টিভংগী আৰু সামাজিক দৃষ্টিভংগীৰ ক্ষেত্ৰত৷ কাৰণ লেখিকাই নিজেই উপন্যাসখনৰ মাজেৰে এই কথা স্বীকাৰ কৰিছে যে– অতীত হৈ পৰা ঘটনা এটাক লুটিয়াই-বগৰাই চোৱাৰ যি সুবিধা, ঘটি থকা ঘটনা এটাক কম সময়ৰ ভিতৰত সেইধৰণে বিচাৰ কৰা টান৷ (পৃষ্ঠা-১৬) কিন্তু এই কম সময়ৰ মাজতেই যে ঔপন্যাসিকাই বাস্তৱতে হৈ থকা কথাখিনি নিজৰ চিন্তা আৰু দৃষ্টিভংগীৰ কষতি শিলত ঘহি তথ্যধৰ্মিতাৰে লিখি উলিয়ালে, তাৰ বাবেও তেওঁ কৃতজ্ঞতাৰ পাত্ৰ৷

ক’ৰনাই মানুহৰ স্বাস্থ্য আৰু অৰ্থনীতিৰ দিশটোলৈ যিমান পৰিৱৰ্তন আনিলে, তাতকৈ দুগুণ বেছিকৈ পৰিৱৰ্তন আনিলে সামাজিক পৰিকাঠামোলৈ৷ মানুহ, মানুহৰপৰা আঁতৰি আহিবলগা হ’ল৷ ‘সামাজিক প্ৰাণী’ হিচাপে স্বীকৃতি লাভ কৰা মানুহে এজনে আনজনৰ কাষলৈ যাব নোৱৰা, চুব নোৱৰা পৰিৱেশৰ সৃষ্টি হ’ল৷ ‘সামাজিক দূৰত্ব’ৰ নীতি আৰু বাধ্যবাধকতাত মানুহ সোমাই পৰিল৷ বেমাৰৰ ভয়তকৈয়ো ভোক আৰু কৰ্মসংস্থাপনহীনতাৰ ভয়ে মানুহক অধিক জুৰুলা কৰিলে৷ আনকি  কৰ্মসংস্থাপনহীন হৈ একাংশ মানুহ অন্য ৰাজ্যৰপৰা নিজ নিজ ৰাজ্যলৈ খোজকাঢ়ি ঢাপলি মেলিবলগীয়া হৈছে৷ এইদৰে যাত্ৰা কৰোঁতেই ক্লান্ত, অৱশ, ভোকাতুৰ হৈ ট্ৰেইনৰ চিৰিত শুই থাকোঁতেই সাধাৰণ জনতাৰ মৃত্যু পৰ্যন্ত হৈছে৷ ইফালে শিক্ষাখণ্ডত ‘অনলাইন’ শিক্ষাৰ নামতো প্ৰায়েই ভেকোভাওনা চলিল৷ গাঁও অঞ্চলত নেটৱৰ্কৰ সমস্যা, বিজুলীৰ সমস্যাৰ লগে লগে দুখীয়া শ্ৰেণীটো এই শিক্ষাৰপৰা বিশেষভাৱেবঞ্চিত হ’বলগা হ’ল৷ এণ্ডইড মোবাইল নোপোৱা বা নথকাৰ বাবে ‘আত্মহত্যা’ সংঘটিত হোৱাৰ দৰে ঘটনাও এই সময়তে সংঘটিত হ’ল৷ একাংশই আকৌ অনলাইনৰ সুবিধা লৈ অনলাইন পৰীক্ষা পাতিব লাগে বুলি কলেজ, বিশ্ববিদ্যালয়ত বিক্ষোভ, আন্দোলন পৰ্যন্ত কৰিলে৷ এইধৰণৰ সমকালীন ঘটনাবোৰ ঔপন্যাসিকে উপন্যাসখনত লিপিবদ্ধ কৰিছে৷ উপন্যাসখনৰ কেইটিমান চৰিত্ৰ– নন্দিনী, অৰ্ণৱ, মমতাজ, যজ্ঞ, দীপালী, ৰমেন, পৰেশ, ডাঃ চাহিল, লতিকা, মীনাক্ষী, আয়োনা, ৰাজেন, ৰুবু, বন্দনা, শ্যামন্ত আদিৰ মাজেৰে লেখিকাই উপন্যাসখনৰ সমগ্ৰ কাহিনীবোৰ আগুৱাই নিছে৷ নন্দিনীৰ যি মানসিক অন্তদ্বন্দ্ব, এজন ডাক্টৰ হিচাপে ডঃ চাহিলৰ যিধৰণৰ স্থিতি আৰু আদৰ্শ, দৰিদ্ৰতাৰ সৈতে মমতাজৰ যি সংগ্ৰাম, এই দিশবোৰো উপন্যাসখনত হৃদয়স্পৰ্শীভাৱে অংকন কৰা হৈছে৷ সেইদৰে গাঁও আৰু নগৰত বসবাস কৰা মানুহখিনিয়ে যিধৰণে কষ্টকৰ পৰিৱেশৰ সৈতে মুখামুখি হ’বলগীয়া হৈছে, এটা কোঠাৰ মাজত মাহৰ পাছত মাহ ধৰি কাৰাগৰত থকা বন্দীৰ দৰে সোমাই থাকিবলগা হৈছে, গাঁওবোৰত কৰা খেতি-বাতি, শাক-পাচলি আদি বজাৰত বিক্ৰীৰ অভাৱত পেলাই দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে সেই দিশবোৰো উপন্যাসখনত আছে৷ এই ক’ৰনাকালীন সময়ছোৱাত মানুহৰ মানসিক দিশটোলৈ হতাশা আৰু নেতিবাচক ধ্যান-ধাৰণাৰ আগমন হৈছে, মানুহে মানুহক বিশ্বাস কৰিব নোৱাৰা এটা পৰিৱেশৰ সৃষ্টি হৈছে৷ মানুহৰ প্ৰতি মানুহৰ ঘৃণা, বিদ্বেষ আদি বাঢ়িছে, সেই বিষয়েও ঔপন্যাসিকাই ভিন্ন উদাহৰণেৰে উপন্যাসখনত বৰ্ণনা কৰিছে৷

‘বতাহৰ ছবি’ উপন্যাসখনে অসমীয়া আৰু অসমৰ মানুহখিনিৰ ক’ৰনাকালীন সময়ছোৱাৰ বাস্তৱিক স্থিতিটো নিটোলকৈ ধৰি ৰাখিবলৈ সক্ষম হৈছে৷ বৰ্তমানক বৰ্তমানৰ অনুভৱ আৰু দৃষ্টিভংগীৰেই পৰ্যবেক্ষণ কৰাটো আধুনিক সাহিত্যৰ এটা নতুন ধ্যান-ধাৰণা বা বৈশিষ্ট্য৷ এই বৈশিষ্ট্যখিনি উপন্যাসখনত পূৰ্ণমাত্ৰাই ৰক্ষিত হৈছে৷ অসমীয়া সাহিত্যত লকডাউন বা ক’ৰণা মহামাৰীক লৈ লিখা উপন্যাসৰ ভিতৰত ‘বতাহৰ ছবি’য়েই প্ৰথম৷ সেই দৃষ্টিভংগীৰেও অনাগত দিনত উপন্যাসখনৰ এক ঐতিহাসিক গুৰুত্ব থাকিব৷ জাগৰণ সাহিত্য প্ৰকাশনে প্ৰকাশ কৰা গ্ৰন্থখনৰ মূল্য ১৫০ টকা আৰু পৃষ্ঠা সংখ্যা-১৫৪

@ভাস্কৰ ভূঞা, গৱেষক ছাত্ৰ, গুৱাহাটী িবশ্ববিদ্যালয়, ফোন-৮৭৫১৯৪৩৩৮৭

- গ্ৰন্থখনৰ বিষয়ে মণিকূট আলোচনীত পঢ়িবলৈ তলত ক্লিক কৰক

Post a Comment

1 Comments

Anonymous said…
বঢ়িয়া হৈছে ছাৰ