দেৱকান্ত সন্দিকৈৰ সৈতে সাক্ষাৎকাৰ


* সাম্প্ৰতিক সময়ৰ অসমীয়া ভাষা-সাহিত্যত যুক্তিনিষ্ঠ আৰু বিজ্ঞানসন্মতভাৱে সমাজ-সভ্যতাৰ গুৰুত্বপূৰ্ণ বিষয় সম্পর্কে যথাযথ আৰু নিৰপেক্ষ বিশ্লেষণ কৰি সমাজখনক অন্ধবিশ্বাস, গোড়ামীৰ কবলৰপৰা ইতিবাচক দিশে ধাৱমান কৰাৰ চেষ্টা কৰি অহা লেখকসকলৰ ভিতৰত দেৱকান্ত সন্দিকৈ অন্যতম। যিধৰণৰ প্রগতিশীল চিন্তা-চৰ্চা, আদৰ্শ আৰু দৃষ্টিভঙ্গীৰে তেখেতে সাহিত্য সৃষ্টি কৰিছে; সেয়া অসমীয়া সাহিত্যৰ বাবেও নতুন বাৰ্তা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। সন্দিকৈয়ে তীক্ষ্ণ সমালোচনা আৰু বিজ্ঞানসন্মত দৃষ্টিভঙ্গীৰে ধৰ্ম আৰু ধৰ্মৰ সৈতে সাঙোৰ খাই থকা পৰম্পৰা, গোড়ামি, অন্ধবিশ্বাস আদিৰ বিপক্ষে মাত মাতি সমাজখনত বৈজ্ঞানিক মানসিকতা আৰু যুক্তিবাদ গঠনৰ বাবে কাম কৰি আহিছে। এই সাক্ষাৎকাৰৰ জৰিয়তে সন্দিকৈৰ সাহিত্য সৃষ্টিৰ অন্তৰালত নিহিত হৈ থকা কেতবোৰ বিষয় আৰু তেওঁৰ ব্যক্তিগত তথা সামাজিক জীৱনটোৰ বিষয়ে জানিবলৈ যত্ন কৰা হৈছে। এই সাক্ষাৎকাৰত সোধা বহুতো প্রশ্নৰ উত্তৰ সন্দিকৈয়ে ইতিমধ্যেই তেখেতৰ প্ৰকাশিত গ্ৰন্থসমূহৰ মাজেৰে পূৰ্বতেই উল্লেখ কৰি থৈছে। তাৰ পাছতো নব্য মাধ্যম ব্যৱহাৰ কৰা নতুন প্রজন্মটোৱে কিছু কথা জনাৰ স্বাৰ্থত কিছু প্ৰাসংগিক প্রশ্নৰ অৱতাৰণা কৰা হৈছে।

অসমীয়া সাহিত্যত যুক্তিবাদী ৰচনা প্ৰকাশৰ ক্ষেত্ৰখনত আপোনাৰ নামটো আমি গৰ্বেৰে উচ্চাৰণ কৰোঁ। আপোনাৰ সাহিত্যত আমি যুক্তিবাদী চিন্তা-চেতনাৰ এটি পথ বা আদর্শ পাওঁ। আমাক কওঁক – আপুনি আপোনাক এজন যুক্তিবাদী আৰু বিজ্ঞান মানসিকতাৰ অধিকাৰী ব্যক্তি হিচাপে নিজক গঢ়ি তুলিবলৈ ক'ৰপৰা প্ৰেৰণা পাইছিল? 

 উত্তৰ- ধন্যবাদ, সৰুৰেপৰা‌ মই এটা অন্ধবিশ্বাসপূৰ্ণ পৰিৱেশতে ডাঙৰ হৈছোঁ। ঘৰৰ একমাত্ৰ পুত্ৰ সন্তান হোৱাৰ কাৰণে মোৰ আই মোৰ বেমাৰ আজাৰত যথেষ্ট উদ্বিগ্ন হৈ পৰিছিল। আৰোগ্যৰ বাবে না-না ধৰণৰ সকাম নিকামৰ আয়োজন কৰিছিল। বেজ-বেজালি,তাবিজ আদিৰ আশ্ৰয় লৈছিল।থান, সত্ৰ আদিলৈ নি সেৱা কৰোৱাইছিল। সৰু লʼৰা হিচাপে এই আটাইবোৰ কথা কাণ্ড উপভোগো কৰিছিলোঁ, কিন্তু সেইবোৰে মোৰ বা ঘৰখনৰ কেনেকৈ উপকাৰ সাধিব সেই সম্পৰ্কে মনত প্ৰশ্নও জাগ্ৰত হৈছিল। হাইস্কুলীয়া শিক্ষা শেষ কৰি কলেজত নাম লগোৱাৰ পিছৰপৰাহে আচলতে মোৰ চিন্তা-চেতনাত কিছুমান  কৰ্মৰ অযৌক্তিকতা তথা অসাৰতা স্পষ্টকৈ ধৰা পৰিবলৈ ধৰিলে। পিছলৈ চন্দ্ৰ প্ৰসাদ শইকীয়া সম্পাদিত 'অসম বাতৰি' আৰু হোমেন বৰগোহাঞি সম্পাদিত 'সাপ্তাহিক নীলাচল'ৰ কিছুমান যুক্তিপূৰ্ণ ৰচনা পঢ়ি মোৰ নিজৰ ভাৱ-চিন্তাখিনি শুদ্ধ বুলি ধাৰণা এট জন্মিল। অৰ্থাৎ, কিছুমান কথা তেনেকৈ কেৱল ময়েই চিন্তা কৰা নাই, আন বহু বিজ্ঞজনেও কৰিছে। মোৰ সাহস বাঢ়িল। এনেকৈয়ে চিন্তা-চেতনাই গঢ় লʼলে। হোমেন বৰগোহাঞিদেৱে মোৰ ৰচনাৰীতি আৰু চিন্তাৰ উচ্চ প্ৰশংসা কৰি মোক অনুপ্ৰাণিত কৰিছিল। শুদ্ধ অশুদ্ধ কি লিখিছোঁ মই নিজে একো নাজানো, কিন্তু হোমেন বৰগোহাঞিদেৱকে মই মোৰ চিন্তা সাধনাৰ গুৰু বুলি মানি আহিছোঁ (যদিও তেখেতৰ শেষৰ ফালৰ কিছুমান চিন্তা কৰ্মই মোক বৰ নিৰাশ‌ কৰিছিল)।

আপুনি এখন ‘ঈশ্বৰহীন পৃথিৱীৰ সপোন’ দেখিছে। তেনেকুৱা এখন পৃথিৱী কোনোবা দিনত সৃষ্টি হোৱাটো সম্ভৱপৰ নে? আপুনি ঈশ্বৰহীন পৃথিৱীখনৰ আৰ্হিটো কেনে হোৱাটো বিচাৰে? কিছু প্রস্তাৱনা এই সাক্ষাৎকাৰৰ জৰিয়তে নতুন প্রজন্মটোক জনাওঁক।

উত্তৰ- হয়, মই সদায় এখন ঈশ্বৰহীন, ধৰ্মহীন পৃথিৱীৰ সপোন দেখি থাকোঁ। এনে এখন পৃথিৱী অসম্ভৱ বা অবাস্তৱ ধাৰণাও নহয়। ঈশ্বৰ আৰু ধৰ্মক লাহে-লাহে এৰি পেলাবলৈ আৰম্ভ কৰা দেশকেইখনেই পৃথিৱীৰ আটাইতকৈ বেছি সুখী মানুহৰ দেশ বুলি‌ পঢ়িবলৈ পোৱাৰ পিছত মোৰ সপোনে সুদূৰ ভৱিষ্যতত হʼলেও বাস্তৱ ৰূপ পাব বুলি আশা কৰিব পাৰিছোঁ। আমি নিজে জীয়াই থকা দিনত তেনেকুৱা এখন পৃথিৱী সম্ভৱ হৈ নুঠিলেও আমি জীয়াই নথকা অসীম ভৱিষ্যতৰ সমাজখনতো যে নহ'ব, তেনেকুৱা নিৰাশাবাদত আমি বিশ্বাসী নহওঁ। ঈশ্বৰ বা ধৰ্মহীন পৃথিৱীখনৰ মানুহৰ মনতো জীৱন জগত কেনেকৈ সৃষ্টি হʼল সেই প্ৰশ্নটোৱে সকলো সময়তে মানুহক চিৰ অনিসন্ধিৎসু কৰি ৰাখিব। কিন্তু জীৱন জগত কোনোবা ঈশ্বৰে সৃষ্টি কৰিলে বুলি কোনেও বিশ্বাস নকৰিব। কোনো ধৰ্মানুষ্ঠান বা ধৰ্মগৃহ সমাজত নাথাকিব। ধৰ্মগুৰু বুলি এচাম পৰজীৱী নাথাকিব। পূৰ্বে ধৰ্মৰ লগত জড়িত হৈ থকা সকলো ব্যক্তিয়ে ধৰ্মহীন সমাজত আন হাজাৰটা সৎ জীৱিকা পথৰ একোটা বাছি লʼব। ঈশ্বৰ বিশ্বাস আৰু ধৰ্মহে নাথাকিব, কিন্তু সকলো ধৰণৰ সুস্থ সামাজিক নিয়ম সমাজত থাকিব। দয়া, মৰম, কৰুণা, প্ৰেম, ভ্ৰাতৃত্ববোধ সকলো থাকিব। মানুহৰ সকলো স্বাভাৱিক ভাব অনুভূতি, চিন্তা, কল্পনা, সপোন থাকিব। কিন্তু কাল্পনিক কিবা এটাই মানুহক পৰিচালনা কৰি থাকে বুলি পুৰণি যিটো বিশ্বাস সেইটো নাথাকিব। ঈশ্বৰহীন ধৰ্মহীন পৃথিৱীতো মানুহে গান গাব, নাচিব, হাঁহিব, আনন্দ কৰিব, কবিতা লিখিব। কিন্তু কোনো 'অদৃশ্য' বা 'অলৌকিক' শক্তিক পূজা সেৱা নকৰিব। মুঠতে ঈশ্বৰহীন, ধৰ্মহীন পৃথিৱীখন হ'ব কেৱল মানৱীয় গুণেৰে বিভূষিত, মানৱীয় নিয়ম নীতিৰে পৰিচালিত এখন বিজ্ঞাননিৰ্ভৰ যুক্তিনিৰ্ভৰ সম্পূৰ্ণ সভ্য মানুহৰ পৃথিৱী।

আজিৰ তাৰিখত সমগ্ৰ বিশ্ব প্রেক্ষাপটত নিৰীশ্বৰবাদী চিন্তা-চেতনাক লৈ যেনেদৰে এচাম প্রগতিশীল লোকৰ সৃষ্টি হৈছে, তাৰ সমান্তৰালভাৱে কিন্তু ব্যাপক ৰূপত ধৰ্মক বৰ্তাই ৰখাৰ স্বাৰ্থত এচাম আকোৰগোজ মানুহৰ সৃষ্টি হৈছে। ভাৰতৰ দৰে দেশত ধর্মীয় ৰাজনীতিয়েই এতিয়া দেশৰ প্ৰধান বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰিছে, এনে প্রেক্ষাপটত আপুনি লিখি থকা যুক্তিবাদী চিন্তা চেতনাকেন্দ্রিক সাহিত্য বা সামগ্রিকভাৱেই এই ধাৰাটোৰ ভৱিষ্যত সম্পর্কে আপুনি কেনেদৰে ভাৱে?

উত্তৰ- নিৰিশ্বৰবাদী চিন্তা-চেতনা অতি মন্থৰ গতিত হ'লেও সমগ্ৰ পৃথিৱীৰ মানুহৰ মাজতে বাঢ়িছে। কাৰণ বাস্তৱ কি, সত্য কি মানুহে লাহে লাহে বুজিবলৈ আৰম্ভ কৰিছে। কিন্তু সমগ্ৰ পৃথিৱীতে এচাম মানুহে ঈশ্বৰ বিশ্বাস আৰু ধৰ্মক নিজৰ সহজ জীৱিকাৰ স্বাৰ্থতে বৰ্তাই ৰাখিছে।তেওঁলোকে ঈশ্বৰ বিশ্বাস আৰু ধৰ্মক মানৱ জীৱনৰ কাৰণে অপৰিহাৰ্য বুলি প্ৰচাৰ কৰি আছে।কাৰণটো সহজেই অনুমেয়, সম্প্ৰতি ৰাজনীতিৰ লগত জড়িত হৈ ঈশ্বৰ বিশ্বাস আৰু ধৰ্ম ভাৰতীয় সমাজত আৰু বেছি শক্তিশালী হৈ উঠিছে, তথাপিও যুক্তিবাদী চিন্তা-চেতনাই কেতিয়াও তাৰ প্ৰাসংগিকতা নেহেৰুৱায়। এনে চিন্তাৰ ধাৰাটোৰ ভৱিষ্যৎ অতি উজ্জ্বল বুলি আমি মত পোষণ কৰোঁ। কাৰণ মানুহ এদিন অজ্ঞতাৰ পৰা জ্ঞানৰ দিশলৈহে গতি কৰিব। অসত্যক এৰি মানুহে এদিন সত্যক আকোঁৱালি ল'ব ই। সত্য, বিজ্ঞান আৰু যুক্তি এতিয়া সংখ্যালঘূ হৈ আছে। কিন্তু সদায় ই এনে হৈ নাথাকিব।

সমাজত বিজ্ঞান মানসিকতাৰ প্ৰচাৰ আৰু নতুন প্রজন্মটোক ধর্মীয় অন্ধতাৰপৰা আঁতৰাই আনিবলৈ বৰ্তমান সময়ত ব্যৱহাৰিকভাৱে কোনকেইটা কাম কৰাটো সবাটোকৈ প্ৰয়োজন বুলি গণ্য কৰে?

উত্তৰ- প্ৰচাৰ। ৰাজনীতিকসকলে যিটো কাম কৰে!তেওঁলোকে আহোৰাত্ৰি প্ৰচাৰ চলাই ভোটাৰক নিজৰ মত বা আদৰ্শৰ প্ৰতি আকৰ্ষিত কৰে। বিজ্ঞান মানসিকতাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণেও আমি একধৰণৰ কামেই কৰিব লাগিব। আমি বিভিন্ন মাধ্যমত লেখা-মেলা কৰাৰ যোগেদি বা সভা সমিতিত প্ৰদান কৰা শিক্ষামূলক ভাষণৰ যোগেদি সুপৰিকল্পিতভাৱে বিজ্ঞান মানসিকতাৰ প্ৰসাৰৰ হকে কাম কৰিব লাগিব। লগতে লাগিব নিজস্ব চিন্তা-চৰ্চা আৰু অধ্যয়ন। বহু সময়ত এজনৰ নিজৰ মনত কথাবোৰ উপলব্ধি নহ'লে বাহিৰৰ উপদেশ পৰিমৰ্শই একো কাম নিদিয়ে। আচলতে দেশৰ প্ৰচলিত শিক্ষা ব্যৱস্থাটোৱেই এজন ব্যক্তিক বিজ্ঞানমনস্ক হ'বলৈ অনুপ্ৰাণিত কৰিব পাৰিব লাগিছিল। কিন্তু দুৰ্ভাগ্য ক্ৰমে আমাৰ শিক্ষা ব্যৱস্থাটোৱেও ঈশ্বৰ, ধৰ্ম, আধ্যাত্মিকতা আদি অবাস্তৱ আৰু অবৈজ্ঞানিক বিষয়বিলাকতহে বেছি গুৰুত্ব দিয়া যেন লাগে। স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলে 'অদৃশ্য' ঈশ্বৰক হাতযোৰ কৰি প্ৰাৰ্থনা কৰিহে শ্ৰেণীকোঠাৰ শিক্ষা আৰম্ভ কৰা কথাটোৱে আমাৰ এই কথাটোকে প্ৰতিপন্ন কৰে। সকলোবোৰ নহ'লেও বেছিভাগ অন্ধবিশ্বাস আৰু ধৰ্মান্ধতাৰ মূল উৎস হ'ল ঈশ্বৰ বিশ্বাস,ধৰ্ম আৰু আধ্যাত্মিকতা। আমি ধৰ্ম আৰু ধৰ্মৰ আনুষ্ঠানিকতাবোৰ ত্যাগ কৰিব লাগিব। ধৰ্মগুৰুসকলক ঈশ্বৰৰ প্ৰতিনিধি বুলি জ্ঞান কৰাটো বন্ধ কৰিব লাগিব। ধৰ্মগ্ৰন্থবোৰ কিছুমান কাল্পনিক কাহিনীৰ ৰসঘন সাহিত্য হিচাপে অধ্যয়ন নিশ্চয় কৰিব পাৰি। কিন্তু সেই কাহিনীৰ চৰিত্ৰবোৰক বাস্তৱিক আৰু ঈশ্বৰ বুলি মানি পূজা সেৱা কৰাটো অন্তত: নতুন প্ৰজন্মই বন্ধ কৰিব লাগিব। প্ৰাথমিকভাৱে বিজ্ঞান মানসিকতা গঢ়িবলৈ বা ধৰ্মীয় অন্ধতাৰ পৰা মুক্ত হ'বলৈ এইখিনি কাম আৰম্ভ কৰাৰ কথাই মনলৈ আহেচোন।

শেহতীয়াকৈ বিজেপি চৰকাৰখনে ভাৰতবৰ্ষত সাম্প্ৰদায়িকতবাদক আশ্ৰয় কৰি ধৰ্মীয় ৰাজনীতি কৰিছে। এই ৰাজনীতি বিজ্ঞান মনস্কতাৰ বাবে অত্যন্ত ক্ষতিকাৰক কাৰ্য্য হিচাপে গা কৰি উঠিছে। এই বিষয়ত আপোনাৰ ক'বলগীয়া?

উত্তৰ- বৰ্তমান শাসনত থকা চৰকাৰখনৰ মূল লক্ষ্যটোৱেই হৈছে দেশখনত হিন্দুত্ববাদ প্ৰতিষ্ঠা কৰা। হিন্দুত্ববাদ ব্ৰাহ্মণ্যবাদৰে অন্য নাম। ব্ৰাহ্মণৰ সমাজত হিন্দু ধৰ্মীয় প্ৰভূত্ব অক্ষুণ্ণ ৰাখিবলৈ বিচৰাটোও স্বাভাৱিক কথা।কিয়নো ভাৰতীয় জাতিভেদ প্ৰথাত ব্ৰাহ্মণসকলে ধৰ্ম বিষয়টোৰ পৰিচালনাৰ দায়িত্ব লাভ কৰিছে। গতিকে ধৰ্মৰ লগত ব্ৰাহ্মণ, ব্ৰাহ্মণৰ পৰা ব্ৰাহ্মণ্যবাদ, ব্ৰাহ্মণ্যবাদ মানে হিন্দুত্ববাদ, হিন্দুত্ববাদৰ লগত জড়িত বৰ্তমানৰ ধৰ্মীয় ৰাজনীতি! গতিকে বৰ্তমানৰ ৰাজনীতি সম্পূৰ্ণভাৱে ধৰ্মৰ লগত জড়িত ব্ৰাহ্মণ্যবাদী ৰাজনীতি।এনে ৰাজনীতি সদায় বিজ্ঞান আৰু যুক্তিৰ পৰিপন্থী। গতিকে বিজ্ঞান মনস্কতা তথা যৌক্তিক মন এটা গঢ়িবলৈ আমি প্ৰথমে ধৰ্মৰপৰা মুক্ত হ'ব লাগিব। বৰ্তমানৰ পৰিৱেশত ধৰ্মৰপৰা মুক্ত হ'বলৈ হ'লে ধৰ্মকেন্দ্ৰিক ৰাজনৈতিক শক্তিটোৰ পৰা মুক্ত হ'ব লাগিব। তাকে কৰিবলৈ অস্ত শক্তিৰে যুদ্ধ কৰাৰ প্ৰয়োজন নাই, আমাৰ হাতত থকা গণতান্ত্ৰিক 'ভোট' শক্তিটোৱেই যথেষ্ট!

বিজ্ঞান মানসিকতা আৰু যুক্তিবাদৰ প্ৰসাৰৰ বাবে আপুনি দীর্ঘদিন কাম কৰি আছে। – এই দীর্ঘ সময়ছোৱাত অসমৰ কোনবোৰ কাৰকে বিজ্ঞান মানসিকতাৰ প্ৰচাৰ আৰু প্ৰসাৰত সৰ্বাধিক সমস্যাৰ কাৰণ হৈছে বুলি আপুনি ভাৱে।

উত্তৰ- স্থিতাৱস্থাতে থাকি ভাল পোৱা মানসিকতাই বহু সময়ত এজন ব্যক্তিক যুক্তিপূৰ্ণ কথা মানি লোৱাত বাধা দিয়ে।"ধৰ্মগৃহত ঈশ্বৰ থাকে নেকি" বুলি সুধিলে নাথাকে বুলি ঠিকেই ক'ব। তেনেহʼলে তালৈ কিয় যোৱা বুলি সুধিলে ক'ব- সকলোৱে যায় আৰু যোৱাটো সমাজৰ নিয়ম! সমাজৰ বহুত নিয়ম মে কিছুমানৰ স্বাৰ্থৰক্ষাৰ কাৰণেহে তৈয়াৰ কৰি লোৱা হৈছে সেই কথা বহুতে বুজি নাপায়।'ঈশ্বৰক যদি বিশ্বাস কৰা তেনেহʼলে ঈশ্বৰেই বিশ্বাস কৰা, ঈশ্বৰ বুলি মানুহ এজনকে "প্ৰভু ঈশ্বৰ" বুলি কিয় সাষ্টাংগে সেৱা কৰা?'-নুবুজে! 'ঈশ্বৰক পইচা লাগে নেকি-তুমি ধৰ্মগৃহত দান কৰা পইচাবোৰ কোনে সংগ্ৰহ কৰে ?' নুবুজে! কাৰণ স্বাৰ্থজড়িত মহলে সকলো মাধ্যম যোগে প্ৰচাৰ কৰি আহিছে ঈশ্বৰক বিশ্বাস কৰিবা, ঈশ্বৰ বিশ্বাসে মানুহক সুখ শান্তি দিয়ে, ধৰ্ম মানৱ জীৱনৰ বাবে অপৰিহাৰ্য, আধ্যাত্মিকতাৰ অভাৱতেই আমাৰ যুৱপ্ৰজন্ম অধ:পাতে যোৱাৰ কাৰণ--ইত্যাদি। মিছা আৰু প্ৰতাৰণামূলক কথাৰ এই জালখন ফালি এজনৰ মনটো সত্য আৰু মুক্তিৰ ওচৰ চপাই দিয়াটোৱেই এটা ডাঙৰ প্ৰত্যাহ্বানপূৰ্ণ কাম।

আমাৰ শিক্ষা ব্যৱস্থাটোৱেই এনে এটা পর্যায় পাইছেগৈ যে আমাৰ শিক্ষাৰ্থীসকলৰ প্ৰায়েই এতিয়া চিলেবাছৰ বাহিৰে বেলেগ কিতাপ দেখিয়ে নাপায়। ফলত একাংশ মুষ্টিমেয় মানুহৰ হাততে এই চিন্তা আৰু চেতনাবোৰ নিহিত হৈ আছে। উচ্চ শিক্ষাৰ লগত জড়িত শিক্ষার্থীসকলে কিতাপৰ লগত সম্পর্ক নৰখা হৈ আহিছে। প্ৰাথমিক শিক্ষাৰ পৰা উচ্চতৰ মাধ্যমিক শ্রেণীসমূহলৈকো অন্যান্য কিতাপসমূহ পঢ়িবলৈ একেবাৰেই উৎসাহ প্রদান কৰা নহয়। এজন লেখক হিচাপে এই বিষয়টো আপুনি কেনেদৰে গ্ৰহণ কৰিছে?

উত্তৰ- ঠিকেই কৈছা,আমাৰ শিক্ষাৰ্থীসকলৰ মাজত পাঠ্যপুথিৰ বাহিৰে অন্য জ্ঞানৰ কিতাপ বা সাহিত্য পঢ়া পাঠকৰ সংখ্যা যথেষ্ট কম হৈ আছে।এইটো এটা ডাঙৰ সমস্যা। কেৱল শিক্ষাৰ্থীয়েই নহয়, শিক্ষা শেষ কৰি গাৰ্হস্থ্য জীৱনত প্ৰৱেশ কৰা প্ৰাপ্তবয়স্কসকলৰো মুষ্টিমেয় লোকহে অধ্যয়নপ্ৰিয়। বাকী সৰহভাগেই অধ্যয়নবিমুখ আৰু কেৱল ধন সন্ধানী। যিটো কাৰণত তিনিকোটি ত্ৰিশ লাখ জনসংখ্যাৰ ৰাজ্যখনত এহেজাৰ কপি অসমীয়া কিতাপ বিক্ৰী হ'বলৈ কেইবাবছৰো লাগে! আৰু এটা কথা, কিছুমান লেখা যিসকললোকে পঢ়িব লাগে,পঢ়ি কথাবোৰ নতুনকৈ ভাবিবলৈ শিকিব লাগে, সেইসকলে তেনে লেখা নপঢ়েই! এই কথাটোৱে মাজে মাজে আমাকো নিৰাশ নকৰা নহয়, সমগ্ৰ ৰাজ্যখনতে এটা "কিতাপ পঢ়াৰ আন্দোলন" কেনেকৈ গঢ়ি তুলিব পাৰি এই সম্পৰ্কে তোমালোকৰ দৰে উৎসাহী আৰু অধ্যয়নশীল যুৱক-যুৱতীসকলে আগভাগ লৈ কিবা এটা আৰম্ভ কৰিব পাৰা।

লিখিত সাহিত্যৰ সমান্তৰালভাৱে নব্য মাধ্যমসমূহতো বিশেষকৈ টেলিভিশ্যন, ইউটিউব, ফেটবুক আদিত বিজ্ঞান মানসিকতাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে কাম কৰা দৰকাৰ। কাৰণ ইতিমধ্যেই নব্য মাধ্যমসমূহক কেন্দ্ৰ কৰি আমাৰ সমাজত একাংশই মানুহৰ মাজলৈ অন্ধবিশ্বাস আৰু গোড়া বিষয়বোৰ বিয়পাই নিজৰ মুনাফা অর্জন কৰিছে। মানুহৰ মাজতো-এতিয়া সহজেই এই মাধ্যমসমূহে গুৰুত্ব লাভ কৰিছে। এইক্ষেত্ৰত আপোনাৰ মতামত? অসমত নব্য মাধ্যমসূহক কেন্দ্ৰ কৰি আপুনি নিজে কিছু অডিঅ’, ভিডিঅ’ ৰূপত কাম কৰাৰ কথা নাভাবেনে?

উত্তৰ- সকলো প্ৰচাৰ মাধ্যমতে ভাল আৰু বেয়া দুয়োটাই প্ৰচাৰ হৈ থাকে। তাৰ মাজতে ভাল কথাই প্ৰাধান্য পালে সমাজখন উপকৃত হয়। কোনেও কাকো নিজৰ মতামত, দৃষ্টিভংগী, আদৰ্শ প্ৰচাৰ কৰাত বাধা দিব নোৱাৰে। কিন্তু চিন্তাজনক কথাটো হ'ল যি বাকস্বাধীনতা বা অধিকাৰৰ বলত এচামে মিছা, অবৈজ্ঞানিক, অযুক্তিকৰ কথা আৰু অন্ধবিশ্বাস বিয়পায়, সেই একেই স্বাধীনতা বা অধিকাৰ ব্যৱহাৰ কৰি আন কোনোবাই সত্য আৰু বিজ্ঞানসন্মত কথাবোৰ প্ৰচাৰ কৰাটো কিন্তু তেওঁলোকে নিবিচাৰে। তেওঁলোকৰ মতে মিছা কথাবোৰ প্ৰচাৰ হৈ থাকিব, কিন্তু সঁচা কথাবোৰ প্ৰচাৰ হ'ব নোৱাৰিব। তেওঁলোকৰ মতৰ অমিল কথা কোনোবাই ক'লে তেওঁলোক উগ্ৰ হৈ পৰে আৰু কোৱাজনক শাৰীৰিকভাৱে বা মানসিকভাৱ আক্ৰমণ কৰিবলৈ খেদি আহে। আনকি মতৰ অমিল হোৱা বহুকেইজনক তেওঁলোকে হত্যা পৰ্যন্ত কৰিছে।আমাৰ মতে মিছা কথা বা অন্ধবিশ্বাস প্ৰচাৰ কৰিবলৈ যদি এজনৰ অধিকাৰ থাকে, সত্য বা বিজ্ঞানসন্মত কথা প্ৰচাৰ কৰিবলৈ আন এজনৰ তাতকৈ বেছিহে অধিকাৰ থাকে বা থকা উচিত। তেতিয়াহে সমাজখন সভ্য, আধুনিক, বিজ্ঞানসন্মত আৰু প্ৰগতিশীল হৈ থাকিব।

 আমি নিজে সিমান Tech-savvy ব্যক্তি নহওঁ। গতিকে অডিঅʼ, ভিডিঅʼৰ ব্যাপক প্ৰভাৱৰ কথা জানিও সেইবোৰ মাধ্যমত কাম কৰিবলৈ কিছু অস্বাচ্ছন্দ্যবোধ কৰোঁ।

আপুনি এতিয়ালৈকে লিখা গ্রন্থসমূহৰ ভিতৰত কোনখন গ্ৰন্থত পাঠকৰ সঁহাৰি আটাইতকৈ বেছি পাইছে? পাঠকসকলে আপোনাৰ গ্রন্থ কিয় পঢ়া উচিত বুলি ভাৱে?

উত্তৰ- এতিয়ালৈকে প্ৰকাশিত হোৱা আমাৰ প্ৰতিখন গ্ৰন্থই পাঠকৰ পৰা যথোচিত সহাঁৰি পোৱা বুলি প্ৰকাশকে আমাক জনাইছে। একোখন গ্ৰন্থৰ মূদ্ৰণ বা সংস্কৰণৰ সংখ্যাই যদি পাঠকৰ সঁহাৰিৰ নিৰ্ভুল উমান দিয়ে তেন্তে ক'ব লাগিব পাঠকৰ আটাইতকৈ বেছি সহাঁৰি পাইছে 'ৰমণীয় অনুভৱ' গ্ৰন্থখনে। কিন্তু মই নিজে আটাইতকৈ ভালপোৱা দুখন কিতাপ হ'ল 'পুৱাই দুৱাৰ খুলি দেখা পৃথিৱীখন' আৰু 'মানৱতাৰ সাধনা'।

১০

আপোনাৰ গদ্যশৈলীৰ এটি অন্যতম বিশেষত্ব হৈছে— আপুনি সবল উদাহৰণৰ প্ৰয়োগেৰে যিকোনো বিষয় এটা সকলো স্তৰৰ পাঠকে বুজি পোৱাকৈ উপস্থাপন কৰিব পাৰে। আপোনাৰ গদ্য লিখাৰ কৌশল সম্পর্কে আমাক কিছু কথা জনাওঁক।

উত্তৰ- মোৰ তেনেই সাধাৰণ গদ্যশৈলীৰ কিবা বিশেষত্ব আছে বুলি মই নাভাবো। মই ভাষা সাহিত্যৰ ছাত্ৰ নহওঁ। গতিকে অলংকাৰপূৰ্ণ ভাষাৰে সাহিত্য সৃষ্টি কৰি কিবা লিখাৰ সামৰ্থ্য মোৰ নাই। ভবাখিনি, ক'ব লগাখিনি মই যিমান পাৰোঁ সৰলভাৱে আৰু পোনপটীয়াকৈ লিখো। গতিকে ক'ব পাৰা সৰলতাই মোৰ গদ্যশৈলীৰ বিশেষত্ব।পিছে লেখা মেলাৰ জগতখনত সৰলতাই সকলোকে সন্তুষ্ট নকৰে! উচ্চখাপৰ দুৰ্বোধ্য বৌদ্ধিক চৰ্চা কৰাসকলে মোৰ লেখা অলপো ভাল নাপায় (যেন লাগে)। ক'বলগা কথা এটা ক'বলৈ যাওঁতে কেতিয়াবা কোৱাৰ কৌশল এটাও নিজে নিজেই মনলৈ আহে। সেইটো চেষ্টাসিদ্ধ নহয়। সেই কৌশলে সকলো সময়তে পাঠকৰ মন মগজু আৰু হৃদয় স্পৰ্শ কৰিব পাৰে নে নোৱাৰে সেই কথাও মই নাজানো। এইখিনি কথা মই সম্পূৰ্ণ আন্তৰিকতাৰে কৈছোঁ।

 ১১

আপুনি আপোনাৰ প্ৰবন্ধৰ এঠাইত কৈছিল— 'সমাজত যুক্তিবাদ প্রতিষ্ঠা কৰিবলৈ ‘ধৰ্ম’ক মানৱ সমাজৰপৰা নিৰ্মূল কৰি ল’বই লাগিব৷’ এটা কথা লক্ষ্য কৰিব; ধৰ্মৰ গাতে ভেজা দি কিন্তু অসমৰ ভালেমান সংস্কৃতি বৰ্তি আছে। ধৰ্ম আৰু ধৰ্মৰ সৈতে সাঙুৰ খাই থকা সংস্কৃতি; এই দুয়োটা বস্তুকে আপুনি একেৰূপতে গ্ৰহণ কৰে নে পৃথকভাৱে গ্ৰহণ কৰে? কিছু বহলাই বুজাওক আমাক ।

উত্তৰ- যুক্তিবাদ প্ৰতিষ্ঠা কৰিবলৈ ধৰ্মক আঁতৰাবই লাগিব। কাৰণ ধৰ্ম নিজেই এটা অযুক্তি। মানুহৰ কল্যাণৰ কাৰণে অদৃশ্য কাল্পনিক শক্তিক পূজা প্ৰাৰ্থনা কৰা ধাৰণাটোৱেই অযুক্তি। কিন্তু কৌশলপূৰ্ণভাৱে মানুহে এই পূজা প্ৰাৰ্থনা কৰা‌ প্ৰক্ৰিয়াটোকে এটা সংস্কৃতি বা কলাশিল্পলৈ ৰূপান্তৰিত কৰি লৈছে। অদৃশ্য কাল্পনিক শক্তিটোৰ এটা মূৰ্তি নিৰ্মাণ হৈছে, মূৰ্তিটো কলাবস্তুত পৰিণত হৈছে। মূৰ্তিটোৰ সন্মুখত গীত গাই বা নৃত্য কৰি প্ৰাৰ্থনা কৰা হৈছে। সেই গীত বা নৃত্যও উচ্চ পৰ্যায়ৰ কলাত পৰিণত হৈছে। কিন্তু এইসমূহ ধৰ্মকেন্দ্ৰিক কলা-সংস্কৃতি সামগ্ৰিক মানৱীয় সংস্কৃতিৰ বিশাল জগতখনৰ এটা মাত্ৰ অংশহে। সংস্কৃতিৰ সমগ্ৰ নহয়। এইসমূহক আমি ভক্তিমূলক গীত বা ভক্তিমূলক নৃত্য হিচাপে বেলেগাই ৰাখিছোৱেই। তাতে একোজন প্ৰসিদ্ধ জনপ্ৰিয় গায়কৰ সকলো গীতেই ভক্তিমূলক নহয়।তেনেকৈ সকলো নৃত্যই ভক্তিমূলক নহয়। অৰ্থাৎ আমি ক'ব খুজিছোঁ যে ধৰ্মৰ লগত জড়িত সংস্কৃতিখিনি চৰ্চা নকৰাকৈও এজন ব্যক্তি সংস্কৃতিৱান হ'ব পাৰে বা কলা শিল্পৰ সমঝদাৰ ব্যক্তি হ'ব পাৰে। আনহাতে ধৰ্মৰ লগতেই গোটেই জীৱন ওতপ্ৰোতভাৱে জড়িত থকা কোনো ব্যক্তিৰ ভক্তি গীত, ভক্তি নৃত্য বা সকলোধৰণৰ ধৰ্ম জড়িত  সংস্কৃতিৰ বাদে আন কোনোধৰণৰ উচ্চ পৰ্যায়ৰ কলা-সংস্কৃতিৰ লগত পৰিচয় নাথাকিব পাৰে। অৰ্থাৎ ধৰ্মৰ লগত জড়িত থকা সংস্কৃতি সংস্কৃতিৰ সমগ্ৰ নহয়।

   আৰু এটা কথা, মূৰ্তিৰ সন্মুখত প্ৰাৰ্থনা কৰি গোৱা গীত এটা যদি ৰাজহুৱা সাংস্কৃতিক মঞ্চত মূৰ্তি শূণ্য পৰিৱেশত শ্ৰোতা দৰ্শকৰ সন্মুখত গোৱা হয়, গীতটোৰ সুৰটোৱে আমাক আপ্লুত কৰিব পাৰে। সেইটো ভক্তিমূলক গীত হ'লেও ভক্তিৰ আনুষ্ঠানিকতা তাত নাথাকে আৰু সি এটা বিশুদ্ধ কলা হৈ পৰে। আমাৰ বক্তব্য হ'ল- ধৰ্ম আঁতৰিলে নিশ্চিতভাৱে ধৰ্মৰ লগত জড়িত সংস্কৃতিখিনিও নাথাকিব বা সিবোৰৰ প্ৰয়োজনো নহ'ব। আৰু ধৰ্ম সংস্কৃতি খিনি যদি ধৰ্মৰ আনুষ্ঠানিকতাৰ পৰা আঁতৰি ৰাজহুৱা মঞ্চত পৰিৱেশনযোগ্য কলা হিচাপে প্ৰদৰ্শিত হয়, তেতিয়া সেইখিনিক বিশুদ্ধ কলা হিচাপে গ্ৰহণ কৰিবলৈ আপত্তিৰ সিমান থল নাথাকিব। কাৰণ সংস্কৃতি বা শিল্পকলাৰ প্ৰাথমিক বৈশিষ্টখিনি তাতো থাকিব। মুঠতে এজন ব্যক্তি সংস্কৃতিৱান হ'বলৈ ধৰ্ম বা ধৰ্মৰ লগত জড়িত সংস্কৃতিখিনি গ্ৰহণ কৰিবই লাগিব বুলি কোনো বাধ্যবাধকতা নাই। বৰং সংস্কৃতিৱান হ'বলৈহে আমি এই আটাইবোৰ ত্যাগ কৰিব লাগে।

১২

আপুনি সত্ৰত ‘শৰণ’ ল’বলৈ যোৱা নাছিল। এই বিষয়ে প্রবন্ধও লিখিছে। আপোনাৰ সমকালীন বা আপুনি জড়িত হৈ থকা সমাজখনে এই বিষয়টোক কেন্দ্ৰ কৰি আপোনাকআৰু আপোনাৰ পৰিয়ালক কেনেভাৱে গ্ৰহণ কৰিছিল? বা ধর্মীয় বিষয়টোক নসাৎ কৰি ইমানদিনে যে আপুনি সাহিত্যৰ মাজেৰে কাম কৰি আহিছে, ইয়াৰ পাছফালে আপুনি কেনেধৰণে এখন সমাজৰ সৈতে যুদ্ধ কৰি থাকিবলগীয়া হৈছে।

উত্তৰ- হয়, মই আজিলৈকে কোনো সত্ৰৰ শিষ্য নহʼলো। ব্যক্তিগতভাৱে মই সত্ৰবোৰক সমাজত জাতিপাত জীয়াই ৰখা এটা অপ্ৰয়োজনীয় অনুষ্ঠান বুলি গণ্য কৰোঁ। সত্ৰবিলাকেনো নিজৰ শিষ্যসকলক কি শিক্ষা দিয়ে মই কোনোদিন নাজানিলো আৰু জানিবলৈ ইচ্ছাও নকৰিলোঁ। 'সত্ৰবিলাক হ'ল অন্ধবিশ্বাস কুসংস্কাৰৰ বিশ্ববিদ্যালয়' (আমাৰ এজন বন্ধুৱে কোৱা কথা!)- চাকৰিসূত্ৰে বিবাহৰ তিনিবছৰমানৰ পিছতে গাঁও এৰিব লগা হ'ল। সত্ৰলৈ গৈ 'শৰণ' নোলোৱা কথাবোৰ তল পৰিল। গাঁৱৰ মানুহে আমাৰ প্ৰতি একো বিৰূপ ভাৱো পোষণ কৰি নাথাকিল । আৰু আমিও স্বাভাৱিকভাৱেই একো অসুবিধা ভোগ নকৰাকৈ জীৱন যাপন কৰিবলৈ লʼলো। বৰ্তমান গাঁৱৰ বুজনচামে আমাৰ কথাবোৰ সমৰ্থন কৰে, কিন্তু তেওঁলোকে গাঁওবাসী হিচাপে সত্ৰৰ বান্ধোন ছিঙি স্বাধীন হ'বও নোৱাৰে। সত্ৰত শৰণ নলৈও আমি যথেষ্ট সুখী আৰু আটাইতকৈ যোগাত্মক কথাটো হ'ল-অশৰণীয়া হৈয়ো মই গাঁৱৰ আত্মীয়স্বজন সকলোৰে পৰা পূৰ্বৰ  দৰেই মৰম শ্ৰদ্ধা আৰু সহযোগিতা লাভ কৰি আছোঁ।

১৩

বিজ্ঞান মানসিকতা গঠনৰ বাবে নতুন প্রজন্মটোৰপৰা আপুনি আগন্তুক দিনত কি আশা কৰে। তাৰ বাবে তেওঁলোকৰ প্ৰতি আপোনাৰ ক'বলগীয়া ?

উত্তৰ- নতুন প্ৰজন্মই সকলো কথা 'পৰম্পৰা'ৰ নামত মানি নলৈ যুক্তিপূৰ্ণভাৱে বিচাৰ বিশ্লেষণ কৰি চাবলৈ শিকিব লাগিব। বিজ্ঞান মানসিকতা গঠনৰ এইটো এটা প্ৰাথমিক চৰ্ত। কেৱল ধৰ্ম, ঈশ্বৰ বা বিভিন্ন অন্ধবিশ্বাসৰ ক্ষেত্ৰতে নহয়,জীৱনত সন্মুখীন হোৱা সৰু ডাঙৰ সকলো সমস্যাকে আমি যুক্তিৰে বিচাৰ কৰি সমাধান কৰিবলৈ শিকিলে আমাৰ জীৱন যাত্ৰা বিপদমুক্ত হ'ব আৰু জীয়াই থকাৰ আনন্দ বাঢ়িব। আমাৰ সৰহভাগ সমস্যাৰ কাৰণ অযৌক্তিক বিচাৰ তথা অৰ্থহীন পৰম্পৰা৷ পৃথিৱীত 'অলৌকিক' ভাৱে একো নঘটে। ধৰ্মীয় আৰাধনাত সন্তুষ্ট হয় বুলি বিশ্বাস কৰা কোনো অদৃশ্য ঈশ্বৰে আমাৰ কল্যাণ নাপালে। মানুহে ব্যক্তিগতভাৱে বা সমূহীয়াভাৱে নিজৰ নিষ্ঠাপূৰ্ণ কৰ্মৰ দ্বাৰাহে জীৱনপথত সফলতাৰে আগবাঢ়ি যাব পাৰে। নতুন প্ৰজন্মই এই সাধাৰণ কথাকেইটা মনত ৰাখি ধৰ্ম, আধ্যাত্মিকতা, ঈশ্বৰ বিশ্বাস, দেৱদেৱী‌ তথা সকলো প্ৰকাৰৰ অন্ধবিশ্বাসৰপৰা মুক্ত হৈ এক বিজ্ঞানসন্মত প্ৰগতিশীল জীৱনৰ আৰম্ভণি ঘটাব পাৰে। নতুন প্ৰজন্ম মানেই আশা, সম্ভাৱনা, সপোন আৰু নতুনত্ব। তেওঁলোকৰ প্ৰতি আমাৰ আন্তৰিকতাপূৰ্ণ শুভেচ্ছা আছে।

১৪

‘মুক্ত চিন্তা’ আলোচনীখনলৈ আপোনাৰ কিবা পৰামর্শ?

 উত্তৰ- 'মুক্তচিন্তা' আলোচনীখনৰ কথা মই আৰম্ভণিৰ পৰাই জানো। কিন্তু কিছুমান এৰাব নোৱাৰা কাৰণত অনলাইন আলোচনী বা অন্য গুৰুত্বপূৰ্ণ অনলাইন লেখাত প্ৰতিবাৰেই চকু ফুৰোৱা সম্ভৱ হৈ নুঠে। 'মুক্তচিন্তা' এখন উচ্চ মানৰ অনলাইন আলোচনী বুলি আমাৰ অনুভৱ হৈছে। কাৰণ আলোচনীখন একেৰাহে সাতটা বছৰ নিয়মীয়াকৈ প্ৰকাশ কৰি থাকিব পৰাৰ নেপথ্যত আছে এদল অতি যুক্তিবাদী প্ৰগতিশীল মনৰ বুদ্ধিদীপ্ত যুৱক যুৱতী। আলোচনীখনৰ নিৱন্ধসমূহৰ বিষয়বস্তুৱে পাঠকৰ মনত প্ৰভাৱ পেলাব পাৰিছে। আমি আশা কৰিম আহিবলগীয়া দিনবোৰত 'মুক্তচিন্তা'ই এখন সুস্থ সমাজৰ বাবে প্ৰয়োজনীয় কথাবোৰ সহজ-সৰলভাৱে উপস্থাপন কৰি পঢ়ুৱৈৰ মাজলৈ লৈ যাব। 'মুক্তচিন্তা'লৈ আমাৰ অযুত শুভ কামনা থাকিল।

সাক্ষাৎগ্রহণ: ভাস্কৰ ভূঞা, গৱেষক ছাত্ৰ, গুৱাহাটী বিশ্ববিদ্যালয়, ফোন-৮৭৫১৯৪৩৩৮৭

Post a Comment

0 Comments