*
জিতেন কলিতা
অধ্যাপক, গণিত বিভাগ
আই আই টি, গুৱাহাটী
দূৰভাষ: ৭০০২৭৫১৮৫৬
লেখাটো আৰম্ভ কৰোঁতেই দেখোন বাৰে বাৰে আশীৰ দশকৰ কৰ্জ বোলছবিৰ জনপ্ৰিয় গীত “ওঁম শান্তি ওঁম“লৈহে মনত পৰিবলৈ ধৰিছে। আচলতে কি জানে, বোলছবিখনৰ নায়ক ঋষি কাপুৰে যে মঞ্চৰ পৰা প্ৰশ্ন কৰিছিল “হেই, তোমালোকে কেতিয়াবা কাৰোবাৰ সতে প্ৰেম কৰি পাইছানে?”, মোৰো মাজে মাজে ৰাইজক একে সুৰতে সুধিবলৈ মন যায়, “আপোনালোকে কেতিয়াবা চৰকাৰী কাৰ্যালয়ৰ সন্মুখত বোন্দাপৰ দি পাইছে নে?” তেতিয়া হয়তো বোলছবিখনৰ দৰ্শকসকলৰ দৰে আপোনালোকৰ বেছিভাগেই উত্তৰ দিব, “পাইছোঁ।” এইবাৰ নায়কে পুনৰ্বাৰ “তোমালোকে কেতিয়াবা কাৰোবাক হৃদয় দি পাইছানে?” প্ৰশ্নটো কৰাৰ দৰে ময়ো আকৌ সুধিম, “আপোনালোকে কেতিয়াবা চৰকাৰী কাৰ্যালয়ৰ কেৰাণী-মহৰী-পিয়নক চাহ-পানী খুৱাই পাইছে নে?” মই পুনৰাই উত্তৰ পাম, ”পাইছোঁ।” তাৰ পাছত ঋষি কাপুৰৰ ভঙ্গিমাতে ময়ো দুগুণ জোৰেৰে চিঞৰি ক’ম, “ময়ো পাইছোঁ।” মই নিশ্চিত যে ই মোৰ কোনো অলীক কল্পনা নহয় আৰু এই একে প্ৰশ্নকেইটাকে যদি আপোনালোকক সঁচাকৈয়ে সোধা যায় বহুতৰে পৰা মই ইতিবাচক উত্তৰেই পাম।
ধৰি লোৱা হওক আপুনি এটা চৰকাৰী অফিচত দুপৰীয়া সচৰাচৰতে লোৱা বিৰতিৰ ঠিক আগে আগে এখন টেবুলৰ সন্মুখত ঠিয় হৈ আছে। এইখন পিছে কোনো সাধাৰণ টেবুল নহয়। মেজখনত বিভিন্ন ৰকমৰ ৰছীৰে বন্ধা ফাইল এনেভাৱে স্তুপীভূত হৈছে যে সিটোপাৰে চকীত বহি থকা আমোলাজনৰ মুখমণ্ডল আংশিকভাৱেহে দৃষ্টিগোচৰ হৈছে। ফাইলৰ কভাৰ, আয়তন, স্পৰ্শত লাগি অহা ধূলি আৰু বন্ধা ৰছীডালৰ বৰণেই কৈ দিয়ে সিহঁতৰ বয়স আৰু কিমান সঘনাই সিহঁত ইফাল-সিফাল হ’ল, তাৰ পৰিসংখ্যা। মেজখনৰ গৰাকীৰ এতিয়া মূৰ তুলি চোৱাৰ অৱকাশ নাই। যদিহে কাচিৎ তেওঁ আপোনাৰ ফালে মূৰ তুলিও চায়, তেন্তে এনে অনুভৱ হ’ব যেন প্ৰস্তৰ মূৰ্তিৰ দৰে ভাৱলেশহীন সৰীসৃপৰ মুণ্ড এটাইহে চিকাৰ এটাৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰি আছে। তেওঁৰ চিকাৰ হ’ব পৰাটোও কিন্তু এটা ডাঙৰ কৃতিত্বৰ বিষয়, কাৰণ কোনো এলা পেচা ব্যক্তিৰ প্ৰতি সদয় হোৱা ভকত তেওঁ নহয়। হঠাৎ আপোনাৰ অনুভৱ হ’ব যে তেওঁ চকুৰে ঠাৰ দি আপোনাক অফিচ কোঠাটোৰ বাহিৰলৈ যাবলৈ নিৰ্দেশ দিছে।
আচলতে যিটো অফিচৰ কথা কৈছোঁ, উল্লিখিত ঘটনাৰ সময়ছোৱাত অসমৰ সকলো চৰকাৰী সাহায্যপ্ৰাপ্ত কলেজৰ নিয়োগ, পদোন্নতি ইত্যাদিৰ লেকামডাল (বোধহয় এতিয়াও) তাৰপৰাই নিয়ন্ত্ৰিত হৈছিল। সেই সময়ত মই কেন্দ্ৰীয় চৰকাৰৰ লোভনীয় চাকৰি বাদ দি মফচলীয় চহৰ এখনৰ স্থানীয় কলেজ এখনত প্ৰৱক্তা হিচাপে যোগদান কৰাৰ অপেক্ষাত। অসমৰ বিভিন্ন প্ৰান্তৰ মহাবিদ্যালয়ত কৰ্মৰত শুভাকাংক্ষী বন্ধু কেইজনমানে ইতিমধ্যেই মোক সাৱধানবাণী শুনাই থৈছে যে প্ৰৱক্তাৰূপে বাছনিত উঠাৰ ঠিক পাছতেই নিযুক্তি পত্ৰখন স্বাভাৱিক গতিত আহি হাতত পৰিব বুলি আশা পালি যেন মই হাত সাৱটি বহি নাথাকোঁ। সেই অফিচটোৰ ফাইলবিলাক আছিল এখন এখন ৰেলগাড়ীৰ দৰে আৰু টেবুলবিলাক একো একোটা ষ্টেশ্বন। এবাৰ ষ্টেশ্বনত সোমোৱাৰ পাছত উৎকোচ অবিহনে ৰেলগাড়ীবিলাক এখোজো আগ নাবাঢ়ে। কাজেই অফিচটোৰ কেইজনমান বিশিষ্ট ব্যক্তিক পৰিমিত জোখত চাহ-পানীৰ ব্যৱস্থা কৰি দিব নোৱাৰিলে মোৰ নিযুক্তিৰ পূৰ্ব অনুমোদন পত্ৰখন পোৱাৰো কোনো সম্ভাৱনা নাই। বাছনিৰ তালিকাত নাম নথকা ব্যক্তিও তেৰাসৱক ভালকৈ সন্তুষ্ট কৰি নিগাজীকৈ কলেজ প্ৰৱক্তাৰ অনুমোদন লাভ কৰাৰ উদাহৰণ ঢেৰ আছে। চূড়ান্ত অনুমোদন পত্ৰৰ কথা নভবাই ভাল, কাৰণ তেতিয়াও সাগৰলৈ বহু দূৰ।
বন্ধুবৰ্গৰ সাৱধান বাণীত শংকিত হৈ নিযুক্তি পত্ৰ আহৰণৰ প্ৰথম পদক্ষেপ হিচাপে নিজেই এটা উৎকোচ পুঁজি গঠন কৰি পইচা জমা কৰিবলৈ আৰম্ভ কৰি দিলোঁ। দুদিনমান পিছতে চাকৰিৰ পৰাও ইস্তফা দিলোঁ। সেই বিশেষ অফিচটোৰ কোনকেইজন বিশিষ্ট তেৰাক লগ ধৰিলে মোৰ কাম সিজিব তাৰ আভাস এটা বন্ধুবৰ্গই আগতেই দি থৈছিল। প্ৰথমদিনাই অফিচটোলৈ গৈ তাৰ কাণ্ড-কাৰখানা দেখি মোৰ এনে অনুভৱ হ’ল যে কেতিয়াও দেখাৰ সৌভাগ্য (?) নোহোৱা নৰকখন কিজানি এইখনেই। ৰাতিপুৱা দহবজাত উপস্থিত হৈ দেখিলোঁ যে সমগ্ৰ অফিচটো অসংখ্য প্ৰত্যাশীৰে ঠাহ খাই আছে। তেওঁলোকৰ বেছিভাগেই আছিল অসমৰ চুকে কোণে সিঁচৰতি হৈ থকা মহাবিদ্যালয়সমূহৰ প্ৰৱক্তা, অধ্যক্ষ নতুবা কাৰ্য্যালয় সহায়ক। চাৰে দহমানবজাৰ পৰা এজন দুজনকৈ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীবোৰ আহিবলৈ আৰম্ভ কৰিলে, লগে লগে আৰম্ভ হ’ল প্ৰত্যাশীসকলৰ তৎপৰতা। অফিচৰ কোঠালীবোৰ খোলাৰ লগে লগে তেওঁলোকে নিজ নিজ কলেজৰ সুনিৰ্দিষ্ট টেবুলকেইখনৰ আশে পাশে ভিৰ কৰিলেগৈ। কিন্তু তেতিয়ালৈকে তেৰাসৱৰ দেখা দেখি নাই। ইয়াৰ মাজতেই পিয়নকইজনে টেবুলকেইখনত তামোল পাণ আৰু চাধাৰ টোপোলা ৰাখি থৈ গৈছেহি। অৱশেষত সকলোৰে অপেক্ষাৰ অন্ত পেলাই তেৰাসৱ বাৰবজাৰ ঘণ্টা পৰাৰ কেইমিনিটমান আগতে তেওঁলোকৰ নিৰ্দিষ্ট চকীকেইখনত উপৱিষ্ট হ’ল। কোৱাৰিৰে বৈ অহা ৰঙা জোল, থুঁতৰি আৰু ওষ্ঠযুগলৰ মাজৰ বাঁওফালে সামান্য স্ফীত অংশ, আৰু বিতচকুৰ মাজেৰে ফাইলত নিবদ্ধ অত্যধিক মনোযোগী দৃষ্টিয়ে তেওঁলোকক এক বিশেষ গাম্ভীৰ্য্য প্ৰদান কৰিছিল। এই গাম্ভীৰ্য্যৰ সন্মুখত তিষ্ঠিব নোৱাৰি টেবুলৰ চাৰিওফালে ভিজা মেকুৰীৰ দৰে ঠিয় হৈ থকাৰ বাহিৰে প্ৰত্যাশীসকলৰ আন উপায় নাছিল। মাজে মাজে দুই এজন প্ৰত্যাশীৰ “ছাৰ, ছাৰ” সম্বোধনে তেওঁলোকৰ কৰ্ণকুহৰত কোনো আঘাত কৰিবলৈ সক্ষম হোৱা নাছিল। ইয়াকেই বোধহয় কোৱা হয় “কালৰো কাল বিপৰীত কাল, হৰিণাই চেলেকে বাঘৰ গাল।” য’ত তেৰাসৱৰ মাজৰ কেবাজনেও একাধিক প্ৰচেষ্টাতহে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দেওনা পাৰ হ’বলৈ সক্ষম হৈছিল, “ছাৰ, ছাৰ” বোলাকেইগৰাকীৰ মাজত বহুতো ডক্তৰেট ডিগ্ৰীধাৰী সন্মানীয় কলেজৰ অধ্যক্ষও আছিল।
সেয়া আছিল সেই বিশেষ অফিচটোৰ দৈনিক কাৰ্যক্ৰমণিকা। সেই সময়ত আজিকালি গুৱাহাটীৰ ব্যক্তিগত হস্পিতালসমূহৰ আশে-পাশে গঢ়ি উঠাৰ দৰে হোটেল বা পেয়িং গে’ষ্ট ব্যৱস্থাৰ প্ৰচলন নাছিল। সেই অফিচটোলৈ অহা দূৰ-দূৰণিৰ পৰা অহা বেছিভাগ লোকেই গুৱাহাটীত থকা অঙহী-বঙহীৰ ঘৰত আলহী হৈছিলহি। কেতিয়াবা তেওঁলোকে একেৰাহে দুই তিনিমাহ পৰ্যন্ত অফিচটোলৈ তাঁত-বাতি কাঢ়িবলগাত পৰিছিল। ওপৰমহলৰ আশিসধন্য এই তেৰাসৱৰ নগুৰ-নাগটিত জুৰুলা হৈ আৰু পৰিয়াল-পৰিজনৰ পৰা আঁতৰত থাকিবলগা হোৱাত তেওঁলোক শাৰীৰিক, মানসিক আৰু আৰ্থিকভাৱে বিধ্বস্ত হৈ পৰিছিল। শুনিবলৈ পোৱা মতে উজনিৰ ফালৰ কোনোবা এগৰাকী অধ্যক্ষই বহুদিন তাঁত-বাতি কঢ়াৰ পাছতো কলেজৰ কাগজ-পত্ৰখিনি উলিওৱাত ব্যৰ্থ হৈ নাইট-ছুপাৰত ঘৰলৈ ওভতাৰ পথত বাছতেই হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুক সাৱটিবলগাত পৰে।
এইবাৰ আকৌ সেই সৰীসৃপৰ মুণ্ডলৈ আহোঁ। আচলতে এই অভাজনকে তেৰাই ঠাৰ দি বাহিৰলৈ যাবলৈ নিৰ্দেশ দিছিল। সেই সময়ত বিতচকু আৰু চেলাউৰিৰ ফাঁকেৰে চাই কথা কোৱা চিলেটি মূলৰ বৰবাবু এজনৰ অধীনত এওঁলোকে অফিচটোত অবাধ ৰাজত্ব চলাইছিল। ফাইল হেৰুওৱা, বিচাৰি নোপোৱা আদি আছিল তেওঁলোকৰ বাবে অতি সাধাৰণ কথা আৰু “এতিয়া কাম নহ’ব, দুসপ্তাহ পাছত আহিব” আছিল আটাইতকৈ বেছিকৈ ব্যৱহৃত আপ্তবাক্য। মোৰেই পৰম সৌভাগ্য যে তিনিবাৰমান দৰ্শনৰ পাছতেই মই তেৰাৰ শুভদৃষ্টি পাবলৈ সক্ষম হৈছিলোঁ। মই অফিচ ৰূমৰ বাহিৰলৈ ওলাই অহাৰ ক্ষন্তেক পাছতেই তেৰাও বাহিৰ ওলাল আৰু তেওঁৰ লগে লগে ক’ৰিডৰেদি খোজ কাঢ়ি থাকিবলৈ মোক নিৰ্দেশ দিলে। ময়ো মন্ত্ৰমুগ্ধ ৰ’ব’টৰ দৰে তেওঁৰ পিছে পিছে আগবাঢ়িলোঁ। অলপ সময় পাছত পেচাবৰ ভেকেটা ভেকেট দুৰ্গন্ধতহে মোৰ সম্বিত ঘূৰি আহিল। মূৰ তুলি দেখো যে আমি অফিচটোৰ প্ৰচাবগাৰৰ সমুখ পাইছোঁহি। হঠাৎ দেখোন তেৰাই নমস্কাৰ কৰাৰ ভঙ্গিমাত দুয়োখন হাত ওপৰলৈ তুলি হাতৰ আঙুলিকেইটাক এনে আকাৰ দিলে যেন পদুমৰ কলিটিহে। এইবাৰ পদুমৰ কলিটি বাঁওকান্ধৰ ফালে সামান্য ঢাল খালে। মই স্তম্ভিত হৈ চাই থাকিলোঁ। ক্ষন্তেক পাছতেই পদুমৰ কলিটি মেল খালে আৰু ভ্ৰূ কোঁচাই তেওঁ মোৰ লংপেণ্টৰ জেপলৈ চকু টোৱাঁলে। তেৰাৰ ইঙ্গিত বুজি পোৱাত মোৰ কোনো অসুবিধা নহ’ল আৰু খমখমীয়া এখন জেপৰ পৰা উলিয়াই তেওঁৰ হাতৰ পতাযুগলৰ সোঁমাজত সংস্থাপিত কৰিলোঁ। লগে লগেই কলচী উদ্ভিদে থাপ মাৰি চিকাৰ ভক্ষণ কৰাৰ দৰে তেৰাৰ হাতদুখন জাপ খালে। ভুৱনমোহিনী হাঁহি এটি মাৰি পুনৰ নমস্কাৰৰ ভঙ্গিমাৰেই খমখমীয়াখন জেপস্থ কৰি তেৰাই প্ৰচাবগাৰত প্ৰৱেশ কৰিলে। তাৰ পিছৰ দিনাখনেই অসমীয়াতে টাইপ কৰা মোৰ পূৰ্ব-অনুমোদন পত্ৰখন লাভ কৰিলোঁ। টাইপিঙৰ ভুলৰ আধিক্যত তাত প্ৰকৃত আখৰতকৈ বগা চিয়াঁহীৰ দাগহে বেছিকৈ থকা যেন লাগিল। মোৰ শৈক্ষিক ৰেকৰ্ডত তেৰাসৱে খুঁত উলিয়াব নোৱাৰা বাবেই নেকি, মই উৎকোচ পুঁজিৰ বহু ধন ৰাহি কৰিবলৈ সক্ষম হৈছিলোঁ।
তিৰান্নবৈৰ জানুৱাৰীৰ তৃতীয় সপ্তাহত সৰু চহৰখনৰ অসমৰ ভিতৰতে লেখত ল’বলগীয়া সেই কলেজখনত যোগদান কৰিলোঁ। প্ৰথমদিনা শ্ৰেণীত সোমায়েই গম পালোঁ যে মোৰ ভাগৰ পাঠ্যক্ৰমৰ প্ৰায় ৫০% শেষ হ’বলৈ তেতিয়াও বাকী। কাৰণ মই যিগৰাকী শিক্ষকৰ ঠাইত স্থলাভিষিক্ত হৈছিলোঁ, তেখেতে চাৰি মাহ আগতেই অৱসৰ গ্ৰহণ কৰিছিল আৰু মই যোগদান কৰাৰ আগলৈকে কোনো বিকল্প শিক্ষকৰ ব্যৱস্থা কৰা হোৱা নাছিল। ইফালে প্ৰথম বাৰ্ষিকৰ চূড়ান্ত পৰীক্ষাৰ বাবে মাথোঁ দুকুৰি দিনমানহে বাকী। এশৰো অধিক ছাত্ৰ-ছাত্ৰীৰে পৰিপূৰ্ণ শ্ৰেণীটোৰ বেছিভাগেই আছিল দৰিদ্ৰ ঘৰৰ আৰু সেই সময়ত সৰু চহৰবোৰত আজিকালিৰ দৰে ব্যক্তিগত টিউচন ব্যৱস্থাৰো প্ৰচলন নাছিল। তেওঁলোকৰ বাবে ময়েই আছিলোঁ শেষ ভৰষা। সেয়েহে মই প্ৰচণ্ড উৎসাহেৰে বন্ধ আৰু দেওবাৰৰ দিনতো অতিৰিক্ত পাঠদান কৰি পাঠ্যক্ৰম শেষ কৰাৰ অভিযানত নামি পৰিলোঁ। তেনে সময়তে ঘটিল ঘটনাটো।
পাঠকসকলক বোধহয় “অসম বন্ধ”ক নিভাঁজ অসমীয়া সংস্কৃতিৰ অবিচ্ছেদ্য অঙ্গ হিচাপে প্ৰতিষ্ঠিত কৰাত ছাত্ৰ নামধাৰী তথাকথিত যুৱকৰ (?) সংগঠন এটাই আগঢ়োৱা প্ৰভুত অৰিহণাৰ বিষয়ে নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই। সেই সময়ত তেওঁলোকৰ বাবে অসম বন্ধ আহ্বান কৰাটো আছিল এটা নিত্য নৈমিত্তিক ঘটনা। যিহেতু পৰীক্ষালৈ মাথোঁ দহদিনমানহে বাকী আছিল, সেয়েহে মই এদিন অসম বন্ধৰ দিনাও শ্ৰেণী লোৱাৰ সিদ্ধান্ত ল’লোঁ। প্ৰায় ৭০-৭৫জন ছাত্ৰ-ছাত্ৰী আহি শ্ৰেণীকোঠাত উপস্থিত হ’লহি। ব’ৰ্ডত তিনিটামান অংক কৰাইছোঁহে মাথোন। তেনেতেই মোৰ অংক ভুল বুলি প্ৰমাণিত কৰিবলৈ তিনিজন বীৰপুৰুষ হুৰমুৰকৈ সোমাই আহি মোক প্ৰায় টানি নিয়াৰ নিচিনাকৈ শ্ৰেণীকোঠাৰ বাহিৰলৈ উলিয়াই লৈ আহিল। তেওঁলোকৰ প্ৰশ্ন, কি সাহসত মই অসম বন্ধৰ দিনা ক্লাছ কৰাৰ ধৃষ্টতা দেখুৱাব পাৰিলোঁ? মই তেওঁলোকক জনালোঁ যে অসম বন্ধ অমান্য কৰাৰ মোৰ কোনো অভিপ্ৰায় নাই, কিন্তু পৰীক্ষালৈ কেইটামানহে দিন বাকী থকা অৱস্থাতো ছাত্ৰ-ছাত্ৰীসকলৰ পাঠ্যক্ৰম শেষ নোহোৱা বাবেহে মই তেনে পদক্ষেপ লবলৈ বাধ্য হৈছোঁ। তেওঁলোকক মই অনুৰোধ কৰিলোঁ যাতে মোক ক্লাছটা শেষ কৰিবলৈ দিয়ে, নহ’লে সেই ল’ৰা-ছোৱালীখিনিৰ বহু ক্ষতি হ’ব। তেওঁলোকে মোৰ কথাতো নুশুনিলেই, বৰঞ্চ ডেস্ক-বেঞ্চবিলাক গুৰিয়াই-বগৰাই লণ্ড-ভণ্ড কৰি ছাত্ৰ-ছাত্ৰীসকলক শ্ৰেণীকোঠাৰ পৰা বাহিৰ কৰি দিলে। মোৰ মুখৰ পৰা আপোনা আপুনি ওলাই আহিল, “স্বতঃস্ফূৰ্তভাৱে হোৱা অনুষ্ঠান এটাক বাধা দি যদি আপোনালোকে অসম বন্ধ সফল কৰিব খুজিছে, সেয়া আপোনালোকৰ চূড়ান্ত ব্যৰ্থতা।” অফিচকোঠালৈ ঘূৰি আহি অলসভাৱে চকীখনত বহি পৰি মই চকুপানীৰে বাট নেদেখা হ’লোঁ। অপমানবোধতকৈ পাঠ্যক্ৰম শেষ কৰিবলৈ সক্ষম নোহোৱাৰ বেদনাইহে মোক বেছিকৈ জৰ্জৰিত কৰিছিল। এই ঘটনাটোৰ দুসপ্তাহমান পাছত সংগঠনটোৰ দুজন নেতাই মোক লগ ধৰিবলৈ কলেজলৈ আহিছিল। তেওঁলোকে মোক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল যে যদিহে মই আগতেই তেওঁলোকৰ পৰা অনুমতি ল’লোহেতেঁন, তেনেহ’লে মই কোনো বাধাৰ সন্মুখীন নোহোৱাকৈ অসম বন্ধৰ দিনা ক্লাছটো কৰিব পাৰিলোঁহেঁতেন। ময়ো তেওঁলোকক উভতি ধৰিলোঁ, “মোৰেই কলেজত মোকেই ক্লাছ কৰাৰ অনুমতি দিবলৈ আপোনালোক কোন?” লগে লগে সেমেনা-সেমেনিকৈ তেওঁলোক আঁতৰি গৈছিল।
এইযে বীৰপুৰুষসকল, যিসকলে মোক পাঠদান কাৰ্য্যত বাধা প্ৰদান কৰিছিল, তেনে নেতাসকলৰ কিন্তু শিক্ষাৰ লগত কোনো সম্পৰ্কই নাই। তেৰাসৱ স্কুল কলেজত পঢ়ি থকা সময়তো যে কিবা সম্পৰ্ক আছিল সিয়ো সন্দেহৰ আৱৰ্তত। লোকক আন্দোলন কৰিবলৈ উচটাই মেডিয়া তোলপাৰ কৰি অভিভাৱক আৰু ৰাইজক আভুৱা ভঁৰোৱাত এই স্বয়ম্ভু বিশেষজ্ঞসকল সৰ্বশ্ৰেষ্ঠ। ক’ভিডকালীন পৰিস্থিতিত ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাবৰ্ষ নষ্ট হোৱাৰ আশংকাত ঘৰিয়ালৰ চকুপানী টোকা এই শিক্ষা-বিশেষজ্ঞসকলে অসম আন্দোলনৰ সময়ত এই অভাজনৰ লগতে হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ বহুমূলীয়া এটা বছৰৰ শিক্ষাবৰ্ষ নষ্ট হোৱাৰ কৈফিয়ৎ কিন্তু আজিলৈকে দিব পৰা নাই। শিক্ষা সম্পৰ্কীয় প্ৰতিটো আলোচনাৰে অংশীদাৰ হোৱাত সিদ্ধহস্ত এওঁলোকে অসমৰ শিক্ষা ব্যৱস্থাত এতিয়ালৈকে কোনো ধনাত্মক অৰিহণা যোগাব পৰা নাই। এসময়ত সঘনাই পৰীক্ষা পিছুৱাবলৈ আন্দোলন কৰা এই তেৰাসকলৰ কৃপাতে লেখকৰ দৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত ১৯৮৮ চনতে স্নাতক পৰীক্ষাত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকল ১৯৯২ বা তাৰ পাছতহে স্নাতকোত্তৰ পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছিল। হয়তো মোৰ দৰে বহুতেই স্বদেশ আৰু বিদেশৰ বিভিন্ন প্ৰতিষ্ঠানত বাছনিৰ বাবে দিয়া সাক্ষাৎকাৰবিলাকত সদায় বিব্ৰত কৰা সেই আখজা প্ৰশ্নটোৰ উত্তৰ দিবলগা হৈছিল এনেদৰে, “১৯৯০ৰ পৰীক্ষা, পতা হৈছিল ১৯৯১ত আৰু ফলাফল ঘোষিত হৈছিল ১৯৯২ত।” কেইদিনমান আগতে হাইস্কুলৰ অভিজ্ঞ শিক্ষক এজনে ঠিকেই মন্তব্য কৰিছিল যে এওঁলোক কোনোদিনেই পাঠদান, শৈক্ষিক প্ৰশাসন, পাঠ্যপুথি প্ৰণয়ন, মূল্যায়ন, শৈক্ষিক গৱেষণা, শিক্ষাৰ তাত্বিক, শিশুৰ মনস্তাত্বিক আদি বিষয়ৰ লগত জড়িত হৈ পোৱা নাই। অথচ শিক্ষা আৰু পৰীক্ষাৰ সংস্কাৰ সম্বন্ধীয় চৰকাৰী আলোচনাসমূহত অভিজ্ঞ শিক্ষাবিদৰ পৰামৰ্শতকৈ তেৰাসৱৰ যুক্তিয়েহে আগস্থান পায়।
দুৰ্ভাগ্যবশতঃ, লেখকৰ ছাত্ৰাৱস্থাৰ পৰা আজিলৈকে পৰিস্থিতিৰ কোনো বিশেষ পৰিৱৰ্তন হোৱা নাই আৰু তেৰাসৱেই প্ৰত্যক্ষ বা পৰোক্ষভাৱে আজিৰ শিক্ষা ব্যৱস্থাৰ গুৰিয়াল হৈ গোঁজ পুতি বহি আছে। এওঁলোকৰ বাবেই “শিক্ষাৰ অধিকাৰ” এক প্ৰহসন হোৱাৰ পথত। ৰাইজ আৰু অভিভাৱকসকল সচেতন নহ’লে এওঁলোকে সমস্ত প্ৰক্ৰিয়াটোক বাৰম্বাৰ পণবন্দী কৰি শিক্ষাৰ মূল উদ্দেশ্যক কক্ষচ্যুত কৰাৰ প্ৰচেষ্টা চলায়েই থাকিব। ভুতৰ ওপৰত দানহ পৰাদি এতিয়া আকৌ লেখকৰ নিজ প্ৰজাতিৰো খেনো খেনোৰ মাজত বিয়াগোম নেতা আৰু মন্ত্ৰীৰ তোষামোদ কৰি বাতৰি কাকতত নিৰালস্যভাৱে প্ৰবন্ধ লিখাৰ এক প্ৰতিযোগিতা আৰম্ভ হৈছে। ইয়াৰ আঁৰৰ অন্তৰ্নিহিত উদ্দেশ্য অনুধাৱন কৰাটো কঠিন নহয় আৰু শিক্ষাক্ষেত্ৰৰ বাবে ই এক অশুভ সংকেত৷শ্ৰেণীকোঠাত সোমোৱাৰ আগতে পাঠ প্ৰস্তুত কৰাতো যদি এওঁলোকে অলপ সময় অপব্যৱহাৰ কৰিলেহেঁতেন, সি আমাৰ ছাত্ৰ-ছাত্ৰীসকলক বেছিকৈ উপকৃত কৰিলেহেঁতেন। অংকৰ পণ্ডিতে পাঠদান এৰি NRCৰ কামত লাগি থকাৰ বাবে মগজুত মামৰে ধৰি (a+b)² ৰ সূত্ৰ পাহৰাৰ দৰে এওঁলোকৰ কৃপাত শিক্ষা ব্যৱস্থাৰো আজি তথৈবচ অৱস্থা। ইয়াৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে ছাত্ৰ-ছাত্ৰীসকল। নপতা ফুকনসকলৰ কবলৰ পৰা আমাৰ শিক্ষাব্যৱস্থাক মুক্ত কৰিব নোৱাৰিলে বোধহয় অনিৰ্দিষ্ট কাললৈ কৰ্জ বোলছবিৰ সেই “ওঁম শান্তি ওঁম” গীতটিকেই আওৰাই থকাৰ বাহিৰে আমাৰ হাতত কোনো বিকল্প নাথাকিব।
0 Comments