* আৰ্যসকল ভাৰতলৈ অহাৰ আগৰেপৰা ইয়াৰ আদিম অধিবাসীসকলে গৰুক প্ৰবিত্ৰজ্ঞান কৰিছিল৷ ভাৰতীয় সভ্যতা উত্থানৰ আন সকলো কৃতিত্ব আৰ্যসকলকে দিয়াৰ দৰে ধান খেতি, গো-পালন আৰু গো-পূজাৰো প্ৰৱৰ্তক তেওঁলোকেই বুলি ক’বলৈ চেষ্টা কৰা হয়৷ কিন্তু কুৰি শতিকাত সম্পন্ন হোৱা ভালমান বস্তুনিষ্ঠ গৱেষণাই ভাৰতীয় সভ্যতাৰ কিছুমান পুলি-পোখা আৰ্যসকলৰ আধিপত্যৰ আগতেই ৰোপিত হোৱাৰ সপক্ষে প্ৰমাণ সাব্যস্ত কৰে৷ সুনীতি কুমাৰ চট্টোপাধ্যায়ৰ ‘Race movement and prehistoric culture’ শীৰ্ষক প্ৰবন্ধ অনুসৰি ভাৰতত সেই ধান-খেতিৰ প্ৰৱৰ্তন কৰিছিল অষ্ট্ৰিক ভাষা-ভাষী প্ৰাক্-আষ্ট্ৰেলীয়সকলে৷ কালক্ৰমত তেওঁলোকৰ আধিপত্য সমূলি নোহোৱা হৈ গ’ল৷ ভাৰতলৈ আহি আৰ্যসকলে পোনতে যিসকল অধিবাসীৰ বাধাৰ মুখামুখি হ’লহি তেওঁলোকক দাস-দস্যু বুলি অভিহিত কৰিলে৷ দাস-দস্যুসকল আছিল অনাৰ্য আৰু গৱেষক আসুত দত্তত্ৰয় পুচলকাৰৰ মতে গঙ্গাৰ পাৰে পাৰে বাস কৰা সেই অধিবাসীসকলক পৰৱৰ্তী সময়ত কিৰাট, চাণ্ডাল, কীকট আদি সামগ্ৰিক পৰিচয়েৰে জনা যায়৷ গো-পালন তেওঁলোকৰ এক অন্যতম গুৰুত্বপূৰ্ণ সংস্কৃতি আছিল৷ আৰ্যসকলেও ভাৰতলৈ আহি তেওঁলোকৰ পৰাই গৰুক সন্মান কৰিবলৈ শিকিলে৷ সুনীতি কুমাৰ চট্টোপাধ্যায়ে উক্ত ৰচনাত লিখিছে– ‘ইৰাণীয় আৰ্যৰ মাজত আৰু ভাৰততো গৰুৰ প্ৰতি সন্মান দেখুৱাটো মূলতঃ দাস-দস্যুৰপৰা অহা৷’ [আৰ. চি. মজুমদাৰ সম্পাদিত ‘The Vedic Age’, পৃ. ১৮৭] কিন্তু ভালেমান কাললৈকে গৰুৰ মঙহ আৰ্যসকলৰ খাদ্য আছিল৷ বেদ আৰু পৰৱৰ্তী গ্ৰন্থসমূহক আধাৰ হিচাপে লৈ সম্পন্ন হোৱা গৱেষণাত সেই সাক্ষ্য পোৱা যায়৷
ভাৰতত জাতিভেদ ব্যৱস্থা আৰম্ভ হোৱাৰ পাছৰেপৰা কৃষি, গো-পালন, বাণিজ্য আদিত অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰতো ক্ৰমশঃ ভেদাভেদ আৰম্ভ হ’ল৷ বিনায়ক মহাদেৱ আপ্টেই ঋক সংহিতাৰ যুগ সম্পৰ্কীয় অধ্যয়নত লিখিছে– বিশেষ প্ৰেক্ষাপটত ঋগ্বেদৰ জাতিহীন সমাজ যজুৰ্বেদৰ সময়ত জাতিভেদ প্ৰথাপূৰ্ণ সমাজলৈ পৰ্যবসিত হৈছিল৷ কিন্তু গো-পালনৰ দায়িত্বৰ ইফাল সিফাল হ’লেও কোনো সময়তে গৰুৰ গুৰুত্ব কমা নাছিল৷ গাখীৰ আৰু ঘিঁউ দিয়াৰ বাবে ঋকবেদৰ সময়তে গাই ‘অঘ্ন্যা’ বা নামাৰিবলগীয়া প্ৰাণী হিচাপে আখ্যা দিয়া হৈছিল৷ কিন্তু য:ৰ সময়ত ষাঁড়ৰ উপৰিও গাইৰ মঙহো আগবঢ়োৱাটো সন্মানৰ কথা আছিল৷ আপ্টেৰ মতে– ‘গাইৰ মাংসতকৈ ষাড়ৰ মাংসহে ভক্ষণ কৰা হৈছিল; এই প্ৰভেদটো নিশ্চয় মনা হৈছিল৷ গাইৰ মাংস ভক্ষ্য হ’লেও কেৱল য:তহে খোৱা হৈছিল৷’ পৰৱৰ্তী সংহিতাৰ যুগলৈ গৰু আটাইতকৈ মূল্যৱান সম্পত্তিত পৰিগণিত হৈছিল৷ ভূ-সম্পত্তিৰো গুৰুত্ব আছিল; কিন্তু বেচা-কিনাৰ সুবিধা গো-ধনৰ ক্ষেত্ৰতহে বেছি আছিল৷ সংহিতাৰ যুগৰ ৰাজনৈতিক আৰু ন্যায়িক ব্যৱস্থা সম্পৰ্কীয় প্ৰবন্ধত আপ্টেই লিখিছে– ‘মাটিতকৈ গৰুহে প্ৰধান সম্পত্তিৰূপে পৰিগণিত হৈছিল; কিয়নো গৰু ব্যক্তিগত সম্পদ আৰু সেইদৰে বেচা কিনাও কৰিব পৰা হৈছিল৷’ সংহিতাৰ যুগতে জাতিভেদে উৎকট ৰূপ ধাৰণ কৰাৰ তথ্য পোৱা যায়৷ কাঠক সংহিতাৰ মতে শূদ্ৰই খীৰোৱা গাখীৰ যজ্ঞত ব্যৱহাৰ নিষেদ কৰা হৈছিল৷
সংহিতাৰ সময়তে প্ৰচুৰ উপযোগিতাৰ প্ৰতি লক্ষ্য ৰাখি গৰুক অধিক পবিত্ৰজ্ঞান কৰিবলৈ আৰম্ভ কৰা হয়৷ গো-ধন প্ৰাপ্তি আৰু ক্ষতি দুয়োটা লক্ষ্যণীয় কথা হৈ পৰিছিল৷ মূল্যৱান বস্তু হিচাপে পৰিগণিত হোৱাৰ বাবেই ব্ৰাহ্মণসকলক গো-দানৰ প্ৰথাও প্ৰৱৰ্তন কৰা হ’ল৷ মনু-সংহিতা পঢ়িলে তাৰ উমান সহজে পাব পাৰি৷ ১৩৮ নং শ্লোক মতে- মাংসহাৰী জন্তু হত্যা কৰিলে খীৰতী গাই আৰু তৃণভোজী জন্তু হত্যা কৰিলে চেঁউৰী গৰু ব্ৰাহ্মণক দান দিব লাগে৷ গো হত্যাকাৰীয়ে তিনি মাহ জুৰি পালন কৰিব লগা কঠোৰ কষ্টকৰ বিধিৰ বিষয়ে মনু-সংহিতাৰ ১০৭-ৰ১৬ নং শ্লোকত বিষদভাৱে আছে৷ তাৰ একেবাৰে শেষৰ বিধিটো হ’ল– ব্ৰত সম্পূৰ্ণ কৰি বৈদিক ব্ৰাহ্মণক এটা ষাঁড় আৰু দহজনী গাই দান দিব৷ এই কথাবোৰে গৰুৰ গুৰুত্বৰ সাক্ষ্য যেনেকৈ বহন কৰে, তেনেকৈ ব্ৰাহ্মণসকলৰ আধিপত্যৰ বিষয়েও ধাৰণা দিয়ে৷
কালক্ৰমত আৰ্যাৱৰ্তৰ পাশ্বৰ্ৱৰ্তী অঞ্চলসমূহলৈও গৰু সম্পৰ্কীয় ‘শাস্ত্ৰসন্মত’ বিধিসমূহ বিয়পি পৰে৷ অসমৰ ইতিহাসৰপৰা তেনেকুৱা ভালেমান উদাহৰণ দিব পাৰি৷ আহোম ৰাজ কাৰেঙত চুজাংফা বা বামুণী কোঁৱৰৰ দিনতে হিন্দুধৰ্মৰ বীজ ৰোপিত হয়৷ পৰৱৰ্তী জয়ধ্বজ সিংহই পূৰ্ণ পৰ্যায়ত হিন্দুধৰ্ম গ্ৰহণ কৰে৷ তেতিয়াৰেপৰা ৰাজ্যত গৰুৰ পবিত্ৰতা নতুন ধৰণে বৃদ্ধি হৈছিল৷ মীৰজুমলাৰ অসম আক্ৰমণৰ সময়ত অহা এজন ওলন্দাজ সৈনিক হেনৰি বনউইকৰ হৈ গ্লেনিয়াছে লিখা ‘A relation of an unfortunate voyage to the kingdom of Bengala’ [১৬৮২] গ্ৰন্থত গৰু সম্পৰ্কীয় দুটামান আকৰ্ষণীয় তথ্য পোৱা যায়৷ দেৰগাঁওৰ কোনো এক দ’ল বা দেৱালয়ৰপৰা তেওঁলোকে গৰুৰ সোণৰ মূৰ্তি লুটি নিছিল৷ উক্ত কিতাপতে পোৱা যায় মীৰজুমলাৰ সেনাৰ লগত সহযোগী হিচাপে ওলন্দাজ আৰু পটুৰ্গীজৰ উপৰিও ইংৰাজ সেনাও আহিছিল৷ প্ৰায় সকলো সেনাই গৰুৰ মঙহ খাইছিল৷ খাবৰ বাবে স্থানীয় মানুহৰ পৰা গৰু কিনিছিল৷ অভাৱত আৰু বাধ্যত পৰি গৰু বিক্ৰী কৰিছিল যদিও গৰুবোৰ মাৰি খোৱা বুলি জানি অত্যন্ত সন্তাপ পাইছিল৷
গৰু আৰু ব্ৰাহ্মণৰ প্ৰতি কোঁচ সেনাপতি চিলাৰায়ৰ প্ৰচুৰ সন্মানবোধ থকাৰ কথা ইতিহাসত পোৱা যায়৷ স্বৰ্গদেউ চুখামফা বা খোৰাৰজাৰ দিনত চিলাৰায়ে আহোম ৰাজ্য আক্ৰমণ কৰি নাৰায়ণপুৰ পৰ্যন্ত অধিকাৰ কৰিলে৷ তেতিয়া আহোমে কোনোমতে যুঁজত জিকিব নোৱাৰি বাচিবৰ বাবে গো-ব্ৰাহ্মণক আগবঢ়াই দিলে৷ সূৰ্য কুমাৰ ভূঞা সম্পাদিত ‘সুকুমাৰ মহন্তৰ ঘৰত পোৱা অসম বুৰঞ্জী’ত আছে– ‘পাচে হাবুঙ্গীয় ব্ৰাহ্মণসকলো বোলে– ‘শুনিছোঁ কোঁচ ৰাজা ব্ৰাহ্মণক নামাৰে, মহা ধৰ্ম্মীষ্ঠ প্ৰতাপী ৰাজা৷’ এহি বুলি গৰুৰ ওপৰত উঠি কান্ধত লগুণ ধৰি দীৰ্ঘ ফোঁটা দেখাই ৰহিল৷ অন্য জাতিয়েও ব্ৰাহ্মণৰ বেশ ধৰিলে৷’ পিছে ব্ৰাহ্মণৰ ভাও ধৰা অব্ৰাহ্মণসকলে লগুণ আৰু ফোঁট নুগুচোৱা হ’ল৷ হিতেশ্বৰ বৰবৰুৱাৰ মতে লেকাই চেতিয়াই অন্য জাতৰপৰা ব্ৰাহ্মণ হোৱা আঠঘৰক লগুণ ৰাখিবলৈ অনুমতি দিলে৷ সেই ব্ৰাহ্মণকেইঘৰৰ কাম কাজৰ প্ৰতি সন্তুষ্ট হৈ প্ৰতাপ সিংহৰ দিনতে লেকায়ে হেনো আৰু চাৰিঘৰ আহোমক লগুণ দিলে৷ অসমৰ সংস্কৃতি অধ্যয়নত এনে তথ্যই চিন্তাৰ খোৰাক যোগাব৷ প্ৰতাপ সিংহৰ দিনত শুভ কাৰ্যত ম’হৰ লগতে গৰু বলি দিয়াৰো বৰ্ণনা পোৱা যায়৷ সূৰ্য কুমাৰ ভূঞা সম্পাদিত উক্ত বুৰঞ্জীত আছে– ‘সেইবেলা মেচাগড়ৰ পুখুৰী আনি আহোম নামে ম’হ-গৰু কাটি স্বৰগদেৱলৈ উচৰ্গি দিলে মাঘৰ সংক্ৰান্তিৰ দিনা’ [পৃ. ৫১]৷
হিন্দু সংস্কৃতিৰ প্ৰভাৱত অসমৰ বহুতো মানুহৰ মাজত গৰু পবিত্ৰ জন্তু হিচাপে গৰিগণিত হ’লেও অনাৰ্যসকলৰ মাজত গৰু উপযোগী জন্তু হিচাপেই থাকি গ’ল৷ জয়ধ্বজ সিংহৰ মৃত্যুৰ ওঠৰ বছৰৰ পাছত ৰাজপাটত বহা স্বৰ্গদেউ গদাধৰ সিংহৰ খাদ্য তালিকাত গৰুৰ মঙহো অন্যতম আছিল বুলি জনা যায়৷ [পদ্মেশ্বৰ নাওবৈছা ফুকনৰ ‘অসম বুৰঞ্জী’, পৃ.১১৬]৷ লীলা গগৈৰ মতে ধৰ্মই নিষেধাজ্ঞা দিয়াৰ আগলৈকে টাইসকলে সকলো জন্তুৰ মঙহ খাইছিল [টাই সংস্কৃতিৰ ৰূপৰেখা, [পৃ.১১৬]৷ এই কথাষাৰ উত্তৰ-পূব ভাৰতৰ বেছিসংখ্যক জনগোষ্ঠীৰ ক্ষেত্ৰতে প্ৰযোজ্য৷ অসমত হিন্দু ধৰ্মৰ প্ৰভাৱ বাঢ়ি অহাৰ লগে লগে ক্ৰমশঃ গৰুৱে ব্যৱহাৰিক গুৰুত্বৰ লগতে পবিত্ৰ হিচাপেও গুৰুত্ব পাবলৈ ধৰিলে৷ গৰুবিহুৰ যিটো ৰূপ আধুনিক অসমত দেখিবলৈ পোৱা গ’ল সেয়া আৰ্য আৰু অনাৰ্য সংস্কৃতিৰ সংমিশ্ৰণ বুলিব পাৰি৷ আনহাতে গৰখীয়া সকামৰ দৰে অনুষ্ঠানবোৰ অনাৰ্য লোকজীৱনৰ মাজতে জন্ম হোৱা বুলি ক’লেও বৈদিক যুগতে আৰ্যসমাজত আৰম্ভ হোৱা অনুষ্ঠানৰ ৰেঙণি ইয়াত দেখা যায়৷ [‘The Vedic Age’, পৃ. ৫৩০]
স্বৰ্গদেউ চুকাফাই অসমলৈ আহি ধাননি পথাৰবোৰ দেখি এই দেশৰ নাম দিছিল ‘সোণালী শইচৰ দেশ’৷ ধান খেতি কৰা সমাজত গৰু থকাটো তেনেই স্বাভাৱিক কথা৷ আৰু কৃষিপ্ৰধান সমাজৰ লোকজীৱন, লোকসংস্কৃতি আৰু লোকসাহিত্য সদায়ে কৃষিৰ সমলে নিয়ন্ত্ৰণ কৰে৷ অসমীয়া লোক সাহিত্যত সামান্য চকু ফুৰালেই তাৰ উমান পোৱা যায়৷ ডাকৰ বচনত গৰুৰ বিষয়ে ইমান কথা কোৱা হৈছে যে ‘বৃষ লক্ষণ’ বুলি সুকীয়া শ্ৰেণী এটাই কৰি পেলাব পাৰি৷ ‘গৰু কিনিবা উদাঁত৷ গৰু কিনিবা দুঁদাত৷৷’, ‘যুঁজাৰু বিচাৰি কিনিবা গাই৷ সৰু মুই পাচ ডাঙৰী চাই৷৷’ – ইত্যাদি ডাকৰ বচনত গৰুৰ স্বভাৱ আৰু উপযোগিতা সম্পৰ্কীয় তথ্য সংৰক্ষিত হৈছে৷ এইখন সমাজত গৰুৰ গুৰুত্ব কিমান আছিল তাক বুজাই কোৱাৰ প্ৰয়োজন নাই৷ ‘আছে গৰু নাবায় হাল, হোৱাতকৈ নোহোৱাই ভাল’ৰ দৰে প্ৰবাদৰ প্ৰচলনে প্ৰমাণ কৰে যে কৃষক সমাজে গৰুৰ উপযোগিতাত বিশেষ দৃষ্টি ৰাখিছিল৷
ঊনবিংশ শতিকাৰ শেষৰ ফালে গো সুৰক্ষাৰ বাবে ভাৰতত ‘The cow memorial Fund’ নামৰ এটা সংস্থা জন্ম হোৱাৰ তথ্য পোৱা যায়৷ মুখ্য কাৰ্যালয় আছিল এলাহাবাদত৷ সেইখিনি সময়তে মীৰ মচাৰফ হোছেইন নামৰ এগৰাকী ব্যক্তিয়ে লিখা ‘গো-জীৱন’ নামৰ এখন কিতাপ আমাৰ হাতত পৰিছে৷ কিতাপখনত গৰু কেনেকৈ ৰক্ষা কৰিব পৰা যাব তাৰ প্ৰস্তাৱ প্ৰস্তুত কৰা হৈছে৷ প্ৰথম পৃষ্ঠাটোতে লিখা হৈছে– ‘ভাৰতৰ অনেক ঠাইত গো হত্যাক লৈ বিশেষ আন্দোলন হৈছে৷ কোনো কোনো ঠাইত হিন্দু মুছলমান একত্ৰিত হৈ গো বংশ ৰক্ষাৰ উপায় উলিয়াইছে৷ এই সময়ত নীৰৱে থকা অনুচতি বুলি ভাবিলোঁ৷’ অসমত তাৰ প্ৰভাৱ পৰিছিল নে নাই জানিব পৰা নাই৷ কিন্তু তৎকালীন অসমীয়া সাহিত্যত গৰু-গৃহস্থৰ গভীৰ সম্পৰ্কৰ ৰেঙণি বেজবৰুৱাৰ ‘মুক্তি’ৰ দৰে গল্পত পোৱা যায়৷ স্বাধীনতাৰ পৰৱৰ্তী সময়ৰ অসমীয়া সাহিত্যতো তেনে অলেখ ৰেঙণি ৰক্ষিত হৈছে৷ হোমেন বৰগোহাঞিৰ ‘হালধীয়া চৰায়ে বাওধান খায়’ উপন্যাসত ঘৰৰ গাইজনী বিক্ৰী কৰিবৰ সময়ত দৰিদ্ৰ পৰিয়ালটোত সৃষ্টি হোৱা কৰুণ পৰিৱেশটোৱে হাজাৰ হাজাৰ অসমীয়া পৰিয়ালক প্ৰতিনিধিত্ব কৰে৷ ১৯৫৪ চনত যোৰহাট ককিলামুখ গো-পালন সমিতিয়ে শশীচন্দ্ৰ বৰবৰুৱাই লিখা ‘গো-ৰহস্য আৰু সৰহ শস্য’ নামৰ এখন পুস্তিকা প্ৰকাশ কৰিছিল৷ ইয়াত মহাকাব্যৰ দিনৰপৰা জেৰ টানি গৰুৰ পবিত্ৰতা আৰু উপযোগিতা সম্পৰ্কে ব্যাখ্যা কৰা হৈছে৷
ট্ৰেক্টৰ, মৰণা মৰা যন্ত্ৰ আৰু ৰাসায়নিক সাৰ সহজলভ্য হৈ অহাৰ লগে লগে গৰুৰ গুৰুত্ব সংকুচিত হৈ আহিবলৈ ল’লে৷ গৰু ক্ৰমশঃ কৃষিৰ পৰা বিচ্ছিন্ন হৈ পৰি গাখীৰ আৰু মঙহৰ বাবেহে দৰকাৰী হৈ পৰাত সুৰক্ষা সম্পৰ্কীয় পূৰ্বৰ বহুতো চিন্তা অচল হৈ পৰিবলৈ ল’লে৷ এই সন্ধিক্ষণত জনতাৰ ব্যৱহাৰিক প্ৰয়োজনতকৈ সংস্থা বা প্ৰতিষ্ঠানৰ আবেগেহে গো-সুৰক্ষা সম্পৰ্কীয় চিন্তাবোৰ নিয়ন্ত্ৰণ কৰাটো একো অস্বাভাৱিক কথা নহয়৷
0 Comments