* অৱতৰণিকা ঃ
শৰাইঘাট অভিধানৰ মতে– ‘জাতীয়তাবাদ মানে নিজৰ জাতিৰ প্ৰতি থকা গভীৰ প্ৰেম; জাতীয় চেতনাকেন্দ্ৰিক মত বা দৰ্শন [Nationalism]৷ [আন এখন দেশৰদ্বাৰা শাসিত কোনো এখন দেশত] ৰাজনৈতিক, অৰ্থনৈতিক আৰু স্বাধীনতাৰ বাবে হোৱা আন্দোলন৷’ এই সংজ্ঞাৰ আধাৰত অসমৰ প্ৰেক্ষাপটত ‘জাতীয়তাবাদ’ শব্দটোৰ পৰ্যালোচনা কৰিলে আমি সৰলকৈ ইয়াকে ক’ব পাৰোঁ অসম আৰু বৃহত্তৰ অসমীয়াৰ প্ৰতি থকা গভীৰ প্ৰেম বা দায়বদ্ধতাই অসমৰ জাতীয়তবাদ৷ এই জাতিয়তাবাদ গঢ়ি উঠে ব্যক্তিৰ স্বতন্ত্ৰ জাতীয় চেতনাৰ আধাৰত৷ জাতীয় চেতনাৰ বিকাশ আৰু উন্মেষ হয় জাতিৰ ঐতিহ্য আৰু বৰ্তমানৰ আধাৰত৷ প্ৰস্তাৱিত আলোচনাৰ বিষয়বস্তুত যি ‘আঞ্চলিকাবাদী ৰাজনীতি’ অভিধাটো ব্যৱহাৰ কৰা হৈছে; সেই ৰাজনীতি বৰ্তি থকাৰ অন্যতম মেৰুদণ্ড হ’ল– ‘জাতিয়তাবাদ’৷ জাতীয়তবাদী দৃষ্টিভঙ্গীৰ গুৰুত্ব আৰু প্ৰাসংগিকতাৰ আধাৰত আৰু জাতীয়তাবাদে আঞ্চলিকতাবাদত বিশ্বাসী ব্যক্তিৰ মন-মনন-চিন্তনক প্ৰভাৱিত কৰিবপৰা সক্ষমতা আৰু ব্যৰ্থতাৰ ভিত্তিতেই আঞ্চলিকতাবাদী ৰাজনীতিৰ উত্থান আৰু পতন নিৰ্ভৰ কৰে৷ প্ৰস্তাৱিত আলোচনাত অসমৰ ৰাজনীতিত আঞ্চলিকতাবাদী ৰাজনীতিৰ উত্থানৰ ভৱিষ্যতঃ প্ৰত্যাহ্বান আৰু সম্ভাৱনা শীৰ্ষক চমুকৈ আলোচনা কৰা হৈছে৷
অসমৰ আঞ্চলিকতাবাদী ৰাজনীতি ঃ
ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ সমকালীন সময় আৰু তাৰ পৰৱৰ্তী সময়ত ভাৰতীয় ৰাজনীতিৰ প্ৰসাৰ-প্ৰচাৰত অসমৰ আঞ্চলিকতাবাদৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ আঞ্চলিকতাবাদৰ অৰ্থই হৈছে– অঞ্চলভিত্তিক গঢ়ি উঠা মতবাদ৷ অসম ৰাজ্যই প্ৰাচীন কামৰূপ, প্ৰাগ্জ্যোতিষপুৰ হিচাপে আত্মপ্ৰকাশ আৰু বিকাশ লাভ কৰাৰপৰা স্বাধীনতাৰ সময়ছোৱাৰ দেশ বিভাজন আৰু তাৰ পৰৱৰ্তী সময়ৰ ৰাষ্ট্ৰীয় ৰাজনীতিৰ পাকচক্ৰত পৰি বৰ্তমানৰ মানচিত্ৰই আৱৰি থকা ‘আধুনিক অসম’ হিচাপে আত্মপ্ৰকাশ হোৱালৈকে অসমৰ বিভিন্ন জিলা-অঞ্চল আদিৰ আঞ্চলিকতাবাদী বিভিন্ন গোট, চক্ৰ, সংস্থা, দল আদিয়ে অসমৰ আঞ্চলিকতাবাদক সমৃদ্ধ কৰি আহিছে৷ অসম ৰাজ্যৰ অনগ্ৰসৰতা, কেন্দ্ৰৰ অৱহেলা আৰু জাতি-জনগোষ্ঠীসমূহৰ নিৰাপত্তাহীনতাই অসমত আঞ্চলিকতাবাদী দল সৃষ্টিৰ প্ৰধান অনুপ্ৰেৰণা আৰু অনুঘটক৷
আঞ্চলিকতাবাদ এটা ৰাজনৈতিক ধাৰণা আৰু এই ধাৰণাই এটা অঞ্চলৰ ৰাজনৈতিক-আশা-আকাংখ্যাক প্ৰতিনিধিত্ব কৰে৷ ভূপেন হাজৰিকাই কোৱাৰ দৰেই ‘আনৰে লগতে অসমীয়া অসমতে যদিহে নাবাচে বাৰু ক’তনো বাচিব’ৰ দৰে ভাৰতবৰ্ষৰ এখন অংগ ৰাজ্য হিচাপে থাকিও অসম ৰাজ্যই নিজৰ ভাষিক-সাংস্কৃতিক-সামজিক আদি দিশবোৰত বৈচিত্ৰতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে৷ জাতি-জনগোষ্ঠীসমূহৰ পৃথক পৰিচয়, ইয়াৰ সাংস্কৃতিক পৰিমণ্ডল, ভৌগোলিক অৱস্থান, প্ৰাচীন ঐতিহ্য, পৰম্পৰা আদিয়েও অসমৰ আঞ্চলিকতাবাদক অধিক ৰূপ-লাৱণ্যৰে সমৃদ্ধ কৰি ৰাখিছে৷ আৰু এই আঞ্চলিকতাবাদক চিৰপ্ৰৱাহমান ৰূপত জীয়ন দি থাকিবলৈকে সময়ে সময়ে অসমত সৃষ্টি হৈছে ‘আঞ্চলিকতবাদী ৰাজনৈতিক দল’ৰ৷ কাৰণ গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত গণতান্ত্ৰিকভাৱে নিজৰ অধিকাৰ আৰু স্বতন্ত্ৰতা বৰ্তাই ৰাখিবলৈ ৰাজনৈতিক দলৰ ভূমিকা তথা গুৰুত্ব অপৰিসীম৷ অসমত তেনে আঞ্চলিকতবাদী দল-সংগঠন ঊনবিংশ শতিকাৰপৰাই সৃষ্টি হৈ আহিছে৷ সেইদৰে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত ‘ৰাজনৈতিক দল’ৰো সৃষ্টি হৈছে কেৱল আঞ্চলিকতাবাদক কেন্দ্ৰ কৰি৷ কাৰণ ‘কেন্দ্ৰই অসমক মাহী আইৰ দৃষ্টিভংগীৰে চাই’ বুলি প্ৰবাদেই অসমত ইতিমধ্যে প্ৰতিষ্ঠা হৈ গৈছে আৰু এই মাহী আইৰ দৃষ্টিৰপৰা অসমক উদ্ধাৰৰ বাবেই আঞ্চলিকতাবাদী দল-সংগঠনৰ বিশেষ প্ৰাসংগিকতা তথা প্ৰয়োজনীয়তা আছে৷
অসমৰ প্ৰেক্ষাপটত এই আঞ্চলিকতাবাদী দলসমূহৰ মূল লক্ষ্যই হৈছে যিকোনো পৰিস্থিতিত আঞ্চলিকতাবাদী ধ্যান-ধাৰণা তথা আঞ্চলিকতাবাদৰ মতাদৰ্শক প্ৰমূল্য দিয়া আৰু গণতান্ত্ৰিকভাৱে বিজয়ী হৈ অসম ৰাজ্যক ভাৰতৰ বুকুত এখন সমৃদ্ধিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰোঁৱা৷ অসমৰ ৰাজনীতিত তেনে এটা আঞ্চলিকতাবাদী দল হৈছে– ‘অসম গণ পৰিষদ’ চমুকৈ এজিপি [দলীয় প্ৰতীক– হাতী৷ সম্পাদক-প্ৰফুল্ল কুমাৰ মহন্ত আৰু সভাপতি-অতুল বৰা]৷ যি ১৯৮৫ চনত আৰু ১৯৯৬ চনত দুবাৰকৈ অসমৰ ৰাজ্যভাৰ শাসন কৰাৰ সুৱৰ্ণ সুযোগ লাভ কৰে৷ ১৯৭৯ চনৰপৰা ১৯৮৫ চনলৈকে অবৈধ অনুপ্ৰৱেশকাৰীসকলৰ বিৰুদ্ধে ‘সদৌ অসম ছাত্ৰ সন্থা’ [প্ৰতিষ্ঠা বৰ্ষ- ১৯]ৰ নেতৃত্বত অসম আন্দোলনৰ সূত্ৰপাত ঘটিছিল আৰু তাৰ ফলশ্ৰুতি হিচাপে প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত দুবাৰকৈ অসমত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল৷ এই দলেই অসমৰ ৰাজনীতিত আঞ্চলিকতাবাদী ৰাজনীতিক প্ৰতিষ্ঠা কৰোঁৱা প্ৰথম ৰাজনৈতিক দল আৰু তাৰ পৰৱৰ্তী সময়ত অসমত এইধৰণৰ অনেক আঞ্চলিকতাবাদী ৰাজনৈতিক দল বা শিবিৰৰ জন্ম আৰু বিকাশ হয়৷ তাৰ ভিতৰত অসম গণ পৰিষদ [প্ৰগতিশীল], অসম গণ সংগ্ৰাম পৰিষদ, অসম জাতীয় পৰিষদ, অসম জাতীয় সন্মিলন, অসম ভাৰতীয় জনতা পাৰ্টী, ইউনাইটেড পিপলছ্ পাৰ্টি লিবাৰেল, গণ মুক্তি সংগ্ৰাম সমিতি, তৃণমূল গণ পৰিষদ, নতুন অসম গণ পৰিষদ, বড়ো পিপুলছ প্ৰগেছিভ ফণ্ট, সংযুক্ত সংখ্যালঘু মৰ্চা আদি৷ আনকি শেহতীয়াকৈ ২০২১ চনতেই অসমত ‘অসম জাতীয় পৰিষদ’ আৰু ‘ৰাইজৰ দল’ নামেৰে দুটাকৈ আঞ্চলিকতাবাদী ৰাজনৈতিক দলৰ জন্ম হয়৷
আঞ্চলিকতাবাদী ৰাজনীতিৰ উত্থানৰ ভৱিষ্যতঃ সম্ভাৱনা আৰু প্ৰত্যাহ্বান
অসম গণ পৰিষদে দুবাৰকৈ ৰাজ্য শাসন কৰাৰ পৰৱৰ্তী সময়ত এই দলটোৰ নেতৃত্ব আৰু নেতাৰ স্থিতি আৰু কাৰ্যকলাপৰ প্ৰতি ক্ষুন্ন হৈ অসমৰ জনসাধাৰণে অসমত ৰাষ্ট্ৰীয়তাবাদী ৰাজনৈতিক দল ‘কংগ্ৰেছ’ক ৰাজ্য শাসন কৰিবলৈ সুবিধা কৰি দিয়ে৷ কংগ্ৰেছৰ পোন্ধৰবছৰীয়া শাসনকালৰ ওৰ পেলাই ২০১৬ চনত পুনৰ আন এটি ৰাষ্ট্ৰীয় দল ‘ভাৰতীয় জনতা পাৰ্টী’য়ে অসমত চৰকাৰ গঠন কৰে৷ এই দীৰ্ঘ সময়ছোৱাত ৰাষ্ট্ৰীয়তাবাদী শক্তিক বিধস্ত কৰি অসমত আঞ্চলিকতাবাদী দলসমূহে নিজাকৈ চৰকাৰ এখন গঠন কৰিবলৈ চেষ্টা চলাই আহিছে যদিও সক্ষম হোৱা নাই৷ ইয়াৰ বাবে হয়– নেতৃত্বৰ অভাৱ; নহয় উপযুক্ত নেতা আৰু সংগঠকৰ অভাৱ৷ তাৰোপৰি আঞ্চলিকতাবাদী দলসমূহ সময়ে সময়ে এনেদৰে লক্ষ্য আৰু উদ্দেশ্যবিহীনভাৱে জন্ম হ’বলৈ ধৰিলে যে সাধাৰণ জনসাধাৰণে এই দলসমূহৰ ওপৰত আস্থা আৰু বিশ্বাস কৰিব নোৱাৰাৰ দৰে এটা পৰিৱেশৰ সৃষ্টি হ’ল৷ আনকি ‘অসম গণ পৰিষদ’ দলে ২০১৬ চনত ‘বিজেপি’ৰ সৈতে মিত্ৰতা স্থাপন কৰিহে ১৪ খন আসন লাভ কৰি মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰে৷ এই কাৰ্যটোৱে ‘আঞ্চলিকতাবাদ’ৰ দৃষ্টিভঙ্গীত প্ৰশ্নবোধকৰ ভাৱ সৃষ্টি কৰিলে৷
এনে পৰিপ্ৰেক্ষিত্ৰত অসমত আঞ্চলকিতবাদী ৰাজনীতিৰ উত্থানৰ ভৱিষ্যত সম্পৰ্কে নিম্নোক্তধৰণে বিষয়বোৰ পৰ্যালোচনা কৰিব পাৰি৷
১৷ আঞ্চলিকতাবাদী দলসমূহে সৰ্বপ্ৰথমে ৰাষ্ট্ৰীয়তাবাদী দলসমূহৰ বিৰুদ্ধে একত্ৰভাৱে যুঁজিবলৈ ঐক্যবদ্ধ হ’ব লাগিব৷ যিকোনো এটা আঞ্চলিকতাবাদী দলৰ সবল নেতৃত্বত বাকীবোৰ দলে একত্ৰ হৈ দলীয় ৰাজনীতি কৰিব লাগিব৷ ইয়াৰ বাবে বৃহৎ ৰাজনৈতিক সমীকৰণৰ প্ৰয়োজন হ’ব৷ আঞ্চলিকতাবাদী দলসমূহে পৃথকে পৃথকে ৰাজনীতি কৰিলে কিন্তু নহ’ব৷ জাতীয় স্বাৰ্থক আগস্থান দি প্ৰতিটো বিধানসভা সমষ্টিৰপৰা বিধায়ক বা প্ৰভাৱশালী নেতাৰ সৃষ্টি কৰিব লাগিব৷ বিধায়ক যিমানেই জয়ী হ’ব, দলীয় স্থিতি সিমানেই বাঢ়িব আৰু বিধায়ক সৃষ্টি কৰিব নোৱাৰিলে অন্যান্য ৰাষ্ট্ৰীয় দলৰ সৈতে মিত্ৰতা কৰাৰ গত্যন্তৰ নাই৷
২৷ অসমৰ প্ৰেক্ষাপটত বিভিন্ন জাতি-জনগোষ্ঠীবোৰক আঞ্চলিকতাবাদী দলসমূহে আশ্বাস আৰু বিশ্বাস দিব পাৰিব লাগিব; যাতে তেওঁলোকৰ চৰকাৰ হ’লে অসমৰ ৰাইজে সুশাসন আৰু ৰাজনৈতিক সুৰক্ষা তথা ভাষিক-সামাজিক-সাংস্কৃতিক সুৰক্ষা লাভ কৰিব পাৰে৷ ইয়াৰ বাবে তেওঁলোকে বিৰোধী হিচাপেও বৰ্তমান বিধানসভাৰ বাহিৰে-ভিতৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা দৰকাৰ৷ ৰাষ্ট্ৰীয় দলৰ স্বেচ্ছাছাৰিতা, ধৰ্মীয় ৰাজনীতি, সাম্প্ৰদায়িকতবাবাদ আৰু দমনমূলক ৰাজনীতিৰ কথা সকলো স্তৰৰ জনসাধাৰণক বুজাব পাৰিব লাগিব৷
৩৷ আঞ্চলিকতাবাদী দলসমূহে বিভিন্ন ছাত্ৰ সংগঠনৰ নেতা আৰু গ্ৰাম্য স্তৰৰ সংগঠনবোৰৰ সৈতে যৌথভাৱে কাম কৰিব লাগিব আৰু আঞ্চলিকতাবাদী দলৰ বাবে অঞ্চলভিত্তিত সংগঠক বা কৰ্মীৰ সৃষ্টি কৰিব পাৰিব লাগিব৷ গ্ৰাম্য জনসাধাৰণক আঞ্চলিকতাবাদী দলসমূহৰ প্ৰতি আকৃষ্ট কৰিব পাৰিব লাগিব আৰু গ্ৰাম্য স্তৰত দলৰ সাংগঠনিক ভেঁটি মজবুত কৰিব পাৰিব লাগিব৷ গাঁৱৰ নিৰক্ষৰ জনসাধাৰণৰ মন মননত জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিবই লাগিব আৰু নেতাসকলো গভীৰভাৱে আঞ্চলিকতাবাদৰ প্ৰতি বিশ্বাসী হ’ব লাগিব৷ ক্ষুদ্ৰ স্বাৰ্থ এৰি ৰাজ্যৰ সামগ্ৰিক সমসাৰাজিত মাত মাতিব লাগিব৷
৪৷ অসমৰ যিসমূহ প্ৰাচীন সম্পদ, অসমৰ যি বৈচিত্ৰময় ইতিহাস; সেইবোৰ বিষয়ক আঞ্চলিকতাবাদী দলসমূহে নেতৃত্ব দিব পাৰিব লাগিব, সংৰক্ষণ কৰিব পাৰিব লাগিব৷ জাতিৰ ঐতিহ্যৰ সংৰক্ষণ তথা সংবদ্ধৰ্ণৰ বাবে কাম কৰিব পাৰিব লাগিব৷ অসমৰ শিক্ষা, স্বাস্থ্য, অৰ্থনীতি আদি বিষয়বোৰৰ প্ৰতিও আঞ্চলিকতাবাদী দলসমূহে গুৰুত্ব দিব লাগিব৷
৫৷ ৰাষ্ট্ৰীয় দলবোৰৰ যি নিৰ্বাচনী কৌশল, যিধৰণৰ পৰিকল্পনা, তাৰ আগত তিষ্ঠি থাকিবলৈ জাতীয়তাবাদী দৃষ্টিভংগীৰে অসমৰ নতুন প্ৰজন্মটোক শিক্ষিত কৰি তুলিব লাগিব আৰু ‘অসম’ত জাতীয়তাবাদ বা আঞ্চলিকতাবাদৰ যে বিকল্প নাই¸ সেই বিষয়বোৰ অনুধাৱন কৰাব পাৰিব লাগিব৷ নতুন প্ৰজন্মটোৰ মাজত আঞ্চলিকতাবাদী দলসমূহে আস্থা আৰু বিশ্বাসৰ পাত্ৰ হ’ব পাৰিব লাগিব৷
৬৷ প্ৰচাৰ মাধ্যম আৰু চ’চিয়েল মিডিয়াক আঞ্চলিকতাবাদী দলসমূহে জনমত গঠনৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিব পাৰিব লাগিব৷ আঞ্চলিকতাবাদী দল সমূহৰ ভাতৃ সংগঠনৰ জন্ম দিব পাৰিব লাগিব যাতে এই দলসমূহে সমাজৰ বিভিন্ন স্তৰক প্ৰতিটো সময়তে জনসাধাৰণৰ সৈতে যোগসূত্ৰ স্থাপন কৰি থাকিব পাৰে৷ প্ৰতিটো বিধানসভা সমষ্টিত একোজনকৈ এনেকুৱা আঞ্চলিকতাবাদী নেতাৰ সৃষ্টি কৰা দৰকাৰ, যাতে তেওঁৰ ওপৰত সমষ্টিটোৰ ৰাইজে নিজৰ ভৱিষ্যতটো সুৰক্ষিত বুলি ভাবিব পাৰে৷ আঞ্চলিকতাবাদী দলৰ এটা সমস্যা দেখা যায় যে তেওঁলোকৰ এজন দুজন নেতাৰ বাদে আন কোনো প্ৰভাৱশালী নেতা সৃষ্টি কৰিব নোৱাৰে৷
৭৷ অসমৰ ৰাজনীতিত যিসকল নেতা বা সংগঠকে আঞ্চলিকতাবাদৰ বিকাশ আৰু সমৃদ্ধি কৰাৰ বাবে আগবাঢ়ি আহে, সময়ত তেওঁলোকে নিজৰ সক্ষমতা প্ৰকাশ কৰিব নোৱাৰে বাবেই আঞ্চলিকতাবাদত বিশ্বাস কৰা মানুহৰ সংখ্যা দিনক দিনে কমি আহিছে৷ প্ৰফুল্ল কুমাৰ মহন্তৰ চৰকাৰখনেই ইয়াৰ জ্বলন্ত উদাহৰণ৷ সেইদৰে বৰ্তমানৰ অসম গণ পৰিষদে নিজেই ৰাষ্ট্ৰীয়তাবাদী ৰাজনৈতিক দলৰ হাতৰ পুতলাৰ দৰে উঠা-বহা কৰি থাকিবলগীয়া হৈছে৷ এনে পৰিপ্ৰেক্ষিত্ৰত সাধাৰণ জনসাধাৰণে কিহৰ ভিত্তিত আঞ্চলিকতাবাদী শিবিৰক বিশ্বাসত ল’ব! কিন্তু অসম গণ পৰিষদে বিজেপিৰ লগত মিত্ৰতা কৰা এই সময়ছোৱাক দলটোৰ বাবে আত্মসমালোচনা আৰু ভুলৰ শিক্ষা লাভৰ সময় বুলি বিবেচনা কৰি ৰাষ্ট্ৰীয় দলৰ ভেঁটিতেই আউজি নিজে পোন হোৱাৰ সুযোগ গ্ৰহণ কৰিব পাৰে৷
৮৷ ৰাষ্ট্ৰীয় দলৰ ছত্ৰছায়াত থাকি নিজৰ সাংগঠনিক ভেঁটি মজবুত আৰু সুদৃঢ় কৰি তুলিব পাৰিলে অনাগত সময়ত অসম গণ পৰিষদে পুনৰ অন্যান্য আঞ্চলিকতাবাদী দলসমূহৰ নেতৃত্বত অসমত চৰকাৰ গঠন কৰিব পাৰিব৷ তাৰ বাবে দলটোৱে বিভিন্ন ৰণকৌশল প্ৰস্তুত কৰি তাৰ সফল ৰূপায়ণ কৰা দৰকাৰ৷ শেহতীয়াকৈ অসম গণ পৰিষদে অসমৰ ছাত্ৰ শক্তিক একত্ৰ কৰি ‘অসম যুৱ পৰিষদ’ নামেৰে যি ভাতৃ সংগঠনৰ জন্ম দিছে, এই কামটোৱে ‘এজিপি’ দলটোক বহু পৰিমাণে সহায় কৰিব৷ এইধৰণৰ প্ৰগতিশীল কামসমূহ দলটোৱে আৰু অধিক ৰূপত কৰা দৰকাৰ৷
৯৷ ৰাষ্ট্ৰীয় দলসমূহে প্ৰতিটো সময়তে নিজৰ ৰাজনৈতিক কৌশল প্ৰয়োগ কৰি আঞ্চলিকতাবাদক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ ৰচিব, কাৰণ তেনে কৰিলেহে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ স্থায়ীত্ব বৰ্তি থাকিব৷ আঞ্চলিকতাবাদী দলসমূহে এই বিষয়টোৰ ক্ষেত্ৰত প্ৰতিটো সময়তে সজাগ আৰু সচেতন হৈ থকাৰ দৰকাৰ৷ যিকোনো পৰিস্থিতি যাতে আঞ্চলিকতাবাদী দলৰ ৰাজহাড়ডাল ভাঙিব নোৱাৰে তাৰ প্ৰতি তেওঁলোক সজাগ হৈ থাকিব লাগিব৷
১০৷ আঞ্চলিকতাবাদী দলসমূহে অসমৰ সচেতন বুদ্ধিজীৱী সমাজ, প্ৰভাৱশালী ব্যক্তি, সমালোচক, বৰেণ্য ব্যক্তি আদিৰ উপৰিও কৃষক ৰাইজৰ আস্থাৰ পাত্ৰ হ’ব পাৰিব লাগিব৷ আঞ্চলিকতাবাদী দলসমূহৰ ৰাজনৈতিক বিশ্লেষকসকলে আঞ্চলিকতাবাদৰ মৰ্ম আৰু ইয়াৰ প্ৰাসংগিকতা ৰাইজৰ মাজত বুজাই দিয়াত সফল হ’ব লাগিব৷ সেইদৰে তেওঁলোকে সংবাদ মাধ্যমৰ ক্ষেত্ৰখনতো নিজৰ স্থিতি অক্ষুন্ন ৰাখিব পাৰিব লাগিব৷ বিভিন্ন ৰাষ্ট্ৰৰ আঞ্চলিকতাবাদী ৰাজনীতিৰ দলসমূহৰ সৈতে যোগসূত্ৰ স্থাপন কৰি বা তেওঁলোকৰ সৈতে পাৰস্পিৰিক সম্পৰ্ক বৰ্তাই ৰাখিও দলসমূহে কাম কৰা উচিত৷
পৰিশেষত ক’ব পাৰি– সুস্থ পৰিকল্পনা, ইতিবাচক ধ্যান-ধাৰণা, নতুন প্ৰজন্মৰ প্ৰতি গভীৰ আস্থা আৰু বিশ্বাস ৰাখি আঞ্চলিকতাবাদী দলসমূহে যদি চহৰ আৰু গাঁও অঞ্চলত নিজৰ সাংগঠনিক ভেঁটি মজবুত কৰিব পাৰে; তেন্তে অসমৰ ভৱিষ্যত ৰাজনীতিত আঞ্চলিকতাবাদী দলসমূহে পুনৰ নতুন ৰূপ-লৱণ্যৰে আত্মপ্ৰকাশ কৰিব পাৰিব৷
0 Comments