*
“ঈশ্বৰৰ ধাৰণাটো এটা অমূলক আৰু বিভ্ৰান্তিকৰ ধাৰণা”
সাক্ষাৎগ্ৰহণঃ ভাস্কৰ ভূঞা
তাৰিখ- ৭/৭/২১
--
দীনেশ চন্দ্ৰ গোস্বামী অসমীয়া সাহিত্য জগতৰ এজন বৰেণ্য সাহিত্যিক৷ তেখেতে অসমীয়া সাহিত্য আৰু সমাজ-সংস্কৃতিলৈ বহুমূলীয়া অৱদান আগবঢ়াইছে৷ অসমৰ সমাজ জীৱনত গোস্বামীয়ে প্ৰকাশ কৰা সাহিত্যৰাজিৰ প্ৰাসংগিকতা তথা তেখেতৰ বিজ্ঞান মানসিকতা গঠনৰ বাবে কৰা কৰ্মবোৰৰ গুৰুত্ব আৰু প্ৰাসংগিকতা অতুলনীয়৷ তেখেতৰ নেতৃত্বতে অসমত বিজ্ঞান মানসিকতা গঠন আৰু জনপ্ৰিয় বিজ্ঞানৰ প্ৰসাৰ, প্ৰচাৰ বিষয়টোৱে এটা নতুন আয়তন লাভ কৰিছে৷ সমাজত যুক্তিবাদ প্ৰতিষ্ঠা আৰু অন্ধবিশ্বাস সম্পৰ্কে জনসাধাৰণক সজাগ-সচেতন কৰি এখন যুক্তিবাদী সমাজ নিৰ্মাণৰ হকে তেখেতে দীৰ্ঘদিন ধৰি কাম কৰি আহিছে৷ এই সাক্ষাৎকাৰটিত গোস্বামীদেৱৰ সৈতে অন্ধবিশ্বাস, বিজ্ঞান মানসিকতা গঠন আৰু ইয়াৰ প্ৰসাৰ-প্ৰচাৰৰ লগতে তেখেতৰ সাহিত্য বিষয়ত কিছু কথা পতাৰ লক্ষ্য ৰখা হৈছে৷ সাক্ষাৎকাৰটিত সুধিবলগীয়া প্ৰশ্নবোৰৰ গৰিষ্ঠ সংখ্যক প্ৰশ্নৰ উত্তৰেই গোস্বামীয়ে ইতিমধ্যেই তেখেতৰ প্ৰকাশিত গ্ৰন্থবোৰত উল্লেখ কৰিছেই৷ তাৰ পাছতো কিছু প্ৰশ্ন আমি এই বাবেই সুধিব বিচাৰিছোঁ, কিয়নো তেখেতৰ প্ৰতিখন গ্ৰন্থ পঢ়াটো বা পঢ়িবলৈ পোৱাটো সকলো পাঠকৰ বাবে সম্ভৱ নহয়৷ দীনেশ চন্দ্ৰ গোস্বামীৰ সৈতে যোৱা ৭/৭/২০১২ তাৰিখে গ্ৰহণ কৰা সাক্ষাৎকাৰটি প্ৰায় অসম্পাদিত ৰূপত আগবঢ়োৱা হ’ল–
প্ৰশ্ন- অন্ধবিশ্বাসৰ আটাইতকৈ ভয়াৱহ কথাটোৱেই হ’ল মানুহে ইয়াক বিশ্বাস বুলি গণ্য কৰি লয়৷ আপুনি নাইবা মই যিটো বিষয়ক অন্ধবিশ্বাস বুলি ক’ব খোজো, বহুতৰ বাবে সেয়াই বিশ্বাস৷ বিশ্বাস আৰু অন্ধবিশ্বাসৰ মাজত পাৰ্থক্যটো মানুহে কেনেকে নিৰ্দ্ধাৰণ কৰিব? ইয়াৰ এটা সৰ্বসন্মত সংজ্ঞা বা উপায়?
উত্তৰঃ তুমি একেবাৰে ঠিক কথা কৈছা৷ এখন সমাজত, কোনো ব্যক্তি বা পৰিয়ালৰ মাজত যেতিয়া কোনো এটা বিশ্বাস, পৰম্পৰা বা অভ্যাস, আচৰণ চলি থাকে, তেতিয়া তেওঁলোকে বহুতো ভুল-ভ্ৰান্তি বা অনিষ্টকাৰী কথা-বাৰ্তা থকাৰ পাছতো বা যুক্তিযুক্ততা নাথাকিলেও সেইবিলাক বিষয় অতীতৰপৰা চলি আহিছে, আমাৰ পৰিয়ালটোৱে মানি আহিছে, আমাৰ পৰম্পৰা, আমাৰ ঐতিহ্য– এনেধৰণেই চলাই ৰাখিব বিচাৰে৷ এইবিলাক বিষয়ক তেওঁলোকে কেতিয়াও অন্ধবিশ্বাস বুলি নাভাৱে৷ কিন্তু সেইখন সমাজৰে বা অন্য সমাজৰে হওক; যুক্তি বিবেচনা থকা কিছুমান মানুহে এই বিশ্বাস বিলাকক অন্ধবিশ্বাস বুলি জানে বা এই পৰম্পৰাবিলাক সম্পূৰ্ণ ভুল বুলি, বিজ্ঞান বিৰোধী বুলি জানে৷ গতিকে সূত্ৰ এটাত উপনীত হ’ব লাগিলে সেইটো ঠিক মোৰ সূত্ৰ বুলি নহয়; বহু গুণী-জ্ঞানীয়ে এইটো বিষয়ত নানা মতামত আগবঢ়াইছে৷ তাৰভিত্তিত এনেদৰেই ক’ব পাৰো যে– কোনো এটা আচৰণ, কোনো বিধান, কোনো পৰম্পৰা, কোনো অভ্যাস সমাজত দীৰ্ঘদীন ধৰি চলি আহিছে বা বিশ্বাস চলি আহিছে, যে এনে কৰিলে এনে লাভ হয় বা ইয়াৰ ফলত এনেকুৱা প্ৰভাৱ পৰে৷ কিন্তু সেইবিলাক ঘটনাৰ বৈজ্ঞানিক ভিত্তিটো সম্পূৰ্ণ বেলেগ হয় বা সেইধৰণৰ বিশ্বাসৰ কোনো ভিত্তিয়েই নাথাকে বা যি কাৰণৰ কথা কোৱা হৈছে, তাৰপৰা সম্পূৰ্ণ বিপৰীত কাৰণহে তাৰ সৃষ্টিৰ গুৰিতে আছে৷ যি প্ৰভাৱৰ কথা কোৱা হৈছে, তাৰ সম্পূৰ্ণ বিপৰীত বিশ্লেষণহে আছে বা যিবিলাক ঘটনা বা কাৰণৰ বৈজ্ঞানিক ভিত্তিটো সম্পূৰ্ণ বেলেগ হয় আৰু মানুহে ভৱাটো যদি বেলেগ হয়, সেয়াই অন্ধবিশ্বাস৷
প্ৰশ্ন- আপোনাৰ মন-মানসিকতাত কেতিয়াৰেপৰা এই যুক্তিনিষ্ঠ চিন্তা-চৰ্চাবোৰে ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰিছিল বা এই চিন্তা-চৰ্চাবোৰৰ পৃষ্ঠভূমি কি আছিল?
উত্তৰঃ মোৰ পৰিয়ালৰ আইতাৰপৰা এইবোৰ বিষয়ত সৰুতেই বহু কথা শিকিব পাৰিছিলোঁ৷ আইতা যদিও নিৰক্ষৰ আছিল কিন্তু বহু কথা জানিছিল৷ আমাৰ শাস্ত্ৰবিলাকৰ কথা, পৰিষ্কাৰ-পৰিচ্চন্নতাৰ কথা, স্বাস্থ্য-বিধিৰ কথা, গৰ্ভৱতী নাৰীৰ যতনৰ কথাবোৰ তেওঁ জানিছিল৷ মই সৰুতে ইমানবোৰ কথা নাজানিলেও লাহে-লাহে বুজি উঠিছিলো যে আইতাই কোৱা এইবোৰ ঘটনাৰ আঁৰত কেতবোৰ বৈজ্ঞানিক পৰম্পৰা নিহিত হৈ আছিল৷ আইতাৰ কাম-কাজবোৰত এইবোৰ বিষয় প্ৰতিফলিত হৈছিল৷ মোৰ ককাৰ কাম-কাজবোৰতো এইধৰণৰ কথাৰ প্ৰকাশ হৈছিল৷ মোৰ মা-দেউতাই বহুবোৰ কথা নিজা ধৰণে চিন্তা কৰিছিল৷ তাৰো বহুততে যুক্তিযুক্ত চিন্তাৰ ৰেশ আছিল৷ যেতিয়া মই এই বিষয়ে পঢ়া-শুনা কৰিবলৈ আৰম্ভ কৰিলোঁ; তেতিয়া এই সৰু সৰু কথাবোৰ বুজিবলৈ সুবিধা হৈছিল আৰু পাছলৈ যিখিনি আয়ত্ত কৰিলোঁ সেইখিনি মোৰ সম্পূৰ্ণ নিজা অধ্যয়ন, সাধনাৰ কথা৷ কিন্তু পৃষ্ঠভূমি বুলি ক’বলৈ হ’লে অন্য বহু গুণী-জ্ঞানী ব্যক্তিৰ পৰা এইবোৰ বিষয়ত কথা শিকিলো৷
প্ৰশ্ন- যুক্তিবাদী লেখক দেৱকান্ত সন্দিকৈৰ মতে– ‘ঈশ্বৰ বিশ্বাসেই অন্ধবিশ্বাসৰ মূল’৷ যদি অন্ধবিশ্বাস আঁতৰ কৰিবই লাগে, তেন্তে ঈশ্বৰৰ ধাৰণাটোকেই সমাজৰপৰা নিৰ্মূল কৰিব লাগিব৷ ঈশ্বৰ সম্পৰ্কীয় ধাৰণাক লৈ আপোনাৰ স্থিতি কি?
উত্তৰঃ মই সন্দিকৈৰ যুক্তিবাদী প্ৰবন্ধবিলাক সদায় পঢ়ো আৰু বোধহয় তেওঁ লিখা আটাইবোৰ কথাতেই মোৰ সমৰ্থন আছে৷ গতিকে এই কথাষাৰতো একেবাৰে সম্পূৰ্ণ সমৰ্থন আছে আৰু ময়ো কৈ আহিছোঁ– ঈশ্বৰৰ বিশ্বাসটো এক সম্পূৰ্ণ ভিত্তিহীন বিশ্বাস৷ দেৱ-দেৱী, ধৰ্ম, আচৰণ যিবিলাকৰ কথা সততে কোৱা হয়, সেইবিলাকৰ মাজত ভাল কথাও বহুতো আছে, কিন্তু তাৰ লগত যিবিলাক আচৰণ বিধি, যিবিলাক বিশ্বাস জড়িত কৰোৱা হৈছে বা যিবিলাক সাধু বা কাহিনী যোগ দিয়া হৈছে, সেইবিলাকত কল্পনা বা কাহিনী হিচাপে আপত্তি কৰিবলগীয়া একো নাই৷ কিন্তু সেইবোৰৰ ভিত্তি একেবাৰেই নাই আৰু সেইবোৰ আঁতৰাই দিব পাৰিলে, কাহিনী বিলাক থাকক, বিশ্বাসবোৰ আঁতৰাই দিব পাৰিলে মানুহৰ মনৰপৰা নোহোৱা কৰিব পাৰিলে হয়তো সমাজখন বহুত উন্নত হ’ব৷
যোৱা চাৰিটামান দশকৰ আগতেই ঈশ্বৰ সম্পৰ্কীয় ধাৰণাটো মোৰ মনৰপৰা নোহোৱা হ’বলৈ আৰম্ভ কৰিছিল আৰু বিগত দুটা দশকৰপৰা মই মোৰ স্থিতি গ্ৰহণ কৰিলোঁ যে মই মোৰ ধৰ্মীয় আচৰণ, ঈশ্বৰ সম্পৰ্কীয় যিকোনো বিশ্বাস, এইবিলাক বিশ্বাস কৰিব নোৱাৰোঁ৷
প্ৰশ্ন- এইধৰণৰ চিন্তা-চৰ্চাৰ বাবে কাম কৰিবলৈ আপুনি আগবাঢ়ি আহোঁতে বা পাছলৈ বিভিন্ন ধৰণৰ কাম কৰোঁতে সমসাময়িক সমাজখন বা ওচৰ-চুবুৰীয়াৰপৰা কেনেধৰণৰ ব্যৱহাৰ পাইছিল?
উত্তৰঃ মই ওচৰ চুবুৰীয়া বা মোৰ সমাজখনৰপৰা বিশেষ অসুবিধা পোৱা নাছিলো৷ মই কেতিয়া এই জগতখনৰপৰা লাহে-লাহে আঁতৰি আহিলো, তেওঁলোকে হয়তো মনেই কৰা নাছিল বা পাছত মোৰ বিয়া বাৰু বা মোৰ মাতৃৰ মৃত্যুৰ সময়ত মোৰ আচৰণৰপৰা তেওঁলোকে হয়তো মোৰ স্থিতি সম্পৰ্কে জানিব পাৰিছিল৷ কিন্তু কোনেও এই স্থিতিৰ বিৰোধিতা নকৰিলে৷ যিহেতু সেই সময়ত সামাজিকভাৱে এটা স্থিতি থকাৰ বাবেও তেনে হ’ব পাৰে, মোৰ যিখিনি সামান্য স্থিতি আছিল, তাতেই হয়তো তেওঁলোকে বিশ্বাস কৰিলে নাইবা তেওঁলোকৰ মনবোৰো সম্ভৱ উদাৰ হৈ উঠিল বা তেওঁলোকে যদি এটা সময়ত কিবা ভাবিছিলেও, কিন্তু প্ৰতিক্ৰিয়া নেদেখুৱালে৷ কিন্তু মই নিজেই দুটামান কথাৰপৰা সম্পূৰ্ণ আঁতৰি থাকিব বিচাৰিছিলোঁ– মোৰপৰা মোৰ পৰৱৰ্তী প্ৰজন্মটোৱে শৰণ লোৱা যিটো প্ৰথা আছিল, মই সেয়া নকৰিছিলোঁ৷ দুই-চাৰিজনমান লোকক আঁতৰাই পঠিয়াইছিলোঁ মই এই কামটো কৰিব নোৱাৰোঁ বুলি আৰু তেওঁলোকে হয়তো সেই সময়ত কিবা-কিবি ভাবিছিলেও৷ কিন্তু বিৰোধিতা হ’লে কৰা নাছিল৷
প্ৰশ্ন- আপোনাৰ ‘বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো’ শীৰ্ষক এটা পাঠ হায়াৰছেকেণ্ডেৰীৰ পাঠ্যক্ৰমত আছে৷ এই লেখাটো শেহতীয়াকৈ উচ্চ শিক্ষা লাভ কৰা প্ৰত্যেকজন ব্যক্তিয়েই পঢ়িব লাগে৷ এই পাঠটো পঢ়িওচোন গৰিষ্ঠসংখ্যকেই অন্ধবিশ্বাসতহে নিমজ্জিত হৈ থাকে? সেইদৰে সেই পাঠটো পঢ়ুওৱা শিক্ষকসকল নিজেই কিমান বিজ্ঞান মানসিকতাৰ অধিকাৰী? আপোনাৰ এই বিষয়টোত ক’বলগীয়া?
উত্তৰঃ পাঠটোত বহুখিনি কথা যুক্তিযুক্তভাৱে দাঙি ধৰা হৈছে৷ কিন্তু বহুতো শিক্ষক বা বহুতো শিক্ষাৰ্থীয়ে তেওঁলোকৰ পটভূমিৰ কাৰণে– যিহেতু কিছু অন্ধবিশ্বাস, কিছু ধৰ্মীয় বিশ্বাস সৰুৰেপৰাই লগত লৈ আহে; সামাজিক পৰম্পৰা, ৰীতি-নীতি আদিও সৰুৰে পৰাই মানি থাকে, গতিকে তেওঁলোকে সেইবিলাক বিষয়ৰপৰা হঠাৎ আঁতৰিবলৈ বৰ টান পায়৷ কিন্তু নতুন ছাত্ৰসকলৰ বহুতৰে দেখিছোঁ, তেওঁলোকে এই যুক্তি আৰু বিজ্ঞান মানসিকতাৰ কথাখিনি বুজি পাইছে, গ্ৰহণ কৰিছে৷ তেওঁলোকে আনকি বহুক্ষেত্ৰত নিজৰ যুক্তিও প্ৰতিষ্ঠা কৰিছে৷ নিজা স্থিতিও বহু সময়ত ৰাজহুৱা কৰিছে৷ আৰু শিক্ষক হ’ল বুলিয়েই যে কেৱল মোৰ পাঠটো পঢ়ি মোৰ আদৰ্শকে গ্ৰহণ কৰিব, সেইটো নহয়৷ কিন্তু লাহে-লাহে তেওঁলোকে যুক্তিত পতিয়ন গৈ একোটা নতুন স্থিতিত উপনীত হ’ব বুলি মই আশা কৰিব পাৰোঁ৷
প্ৰশ্ন- আপুনি গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা ডক্টৰেট ডিগ্ৰীৰ বাবে মহাজাগতিক ৰশ্মি সম্পৰ্কত গৱেষণা কৰিছিল৷ আমাৰ সমাজত সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণৰ সময়তো এইধৰণৰ কিছু বিশেষ ৰশ্মি পৃথিৱীত পৰি মানুহৰ অনিষ্ট কৰে বুলি মানুহে বিশ্বাস কৰে, এই গ্ৰহণৰ সময়ত খাবলৈ নিদিয়ে, গৰ্ভৱতী নাৰীক বাহিৰলৈ ওলাবলৈ নিদিয়ে; জ্যোতিষীয়েও গ্ৰহণৰ আগে আগে টেলিভিশ্যনত মানুহৰ আগত বিভিন্ন ধৰণৰ ব্যাখ্যা দি ত্ৰাসৰ সৃষ্টি কৰে৷ এই বিষয়টোৰ সম্পৰ্কে কিছু কথা কওঁকচোন৷
উত্তৰঃ জ্যোতিষীসকলে তেওঁলোকৰ নিজৰ ব্যৱসায় চলাই থাকিবৰ বাবে সেইবিলাক কথা ক’বই৷ বহুতো মানুহে সেইবোৰ কথা অন্ধভাৱে বিশ্বাস কৰি ভালো পায়৷ তেওঁলোকৰ মনত পূৰ্বৰেপৰাই সেই সম্পৰ্কীয় ধাৰণা কিছুমান যিহেতু থাকেই, সেইবাবে জ্যোতিষীৰ কথাবোৰো সহজে বিশ্বাস কৰে৷ কিন্তু সূৰ্য গ্ৰহণৰ সময়ত বা চন্দ্ৰ গ্ৰহণৰ সময়ত কোনো বিশেষ ৰশ্মি নোলায়৷ চন্দ্ৰ গ্ৰহণ পোনে পোনেই চাব পাৰি৷ ই প্ৰকৃতিৰ এটি বিনন্দীয়া দৃশ্য৷ সূৰ্যগ্ৰহণ কিন্তু খালী চকুৰে চাব নালাগে৷ তাৰ কাৰণ হ’ল সূৰ্যটোলৈ এনেই স্বাভাৱিক অৱস্থাতে আমি চাব নোৱাৰো, সূৰ্যগ্ৰহণৰ সময়ত সূৰ্যৰ ৰশ্মিৰ প্ৰখৰতা বহু পৰিমাণে কমি যায় যদিও সেই সময়তো সূৰ্যটোৰ ঢাক নোখোৱা দাঁতিৰ ফালে থকা আঙঠি অঞ্চলৰপৰা অতি বেঙুনীয়া ৰশ্মি, যিটো সদায়েই সূৰ্যৰপৰা ওলায় থাকেই, সেই ৰশ্মি ওলায় থাকিবই৷ সেই ৰশ্মি চকুত পৰিলে চকুৰ ৰেটিনা নষ্ট হৈ যাব পাৰে বা অন্ধত্বলৈয়ো যাব লাগিব পাৰে৷ সেইকাৰণেহে আমি সূৰ্যলৈ পোনপটীয়াকৈ যিকোনো সময়তে চাব নালাগে৷ সূৰ্যগ্ৰহণৰ সময়ত সূৰ্যটো চাবলৈ অত্যাধুনিক চশমা বা সেইধৰণৰ অন্যান্য সঁজুলি আজিকালি উপলব্ধ হৈছে৷ কিন্তু গ্ৰহণৰ সময়ত কিবা এটা ৰশ্মি ওলায় আৰু মানুহৰ অপকাৰ কৰে, গৰ্ভৱতী নাৰীৰ অপকাৰ কৰে, খাদ্য বেয়া কৰে, এইবোৰ কেৱল ভ্ৰান্ত ধাৰণা৷
অন্যহাতে মহাজাগতিক ৰশ্মিৰ কথাটো হ’ল– সেইধৰণৰ ৰশ্মি সদায় পৃথিৱীখনলৈ আহিয়েই আছে৷ সূৰ্য আৰু তৰা বিলাকৰ মাজৰ অঞ্চল, আমাৰ তাৰকা ৰাজ্যৰপৰা আৰু অন্যান্য তাৰকা ৰাজ্যৰপৰাও এইধৰণৰ ৰশ্মি পৃথিৱীলৈ অহৰহ আহিয়েই থাকে৷ এইবোৰ বৰ বেগী কণা৷ এই কণাবোৰৰ বহুতো আমাৰ শৰীৰৰ মাজেৰেও মাটিৰ ভিতৰলৈ সোমাই গৈ আছে৷ এইবিলাক কণাই আমাৰ বৰ বেছি অপকাৰ নকৰে৷ কাৰণ পৃথিৱীৰ চুম্বক ক্ষেত্ৰখনে আমাক সেইবিলাকৰপৰা বহু পৰিমাণে ৰক্ষা কৰি আহিছে৷
প্ৰশ্ন- গ্ৰহ, উপগ্ৰহবোৰ আচলতে জ্যোতিৰ্বিজ্ঞান বা আধুনিক বিজ্ঞানৰো এটা তাত্ত্বিক বিষয় আছিল বা আগলৈয়ো থাকিব৷ কিন্তু তাৰ মাজতেই একাংশই এই গ্ৰহ, উপগ্ৰহবোৰক আনকি সমগ্ৰ আকাশখনকেই দেৱ-দেৱী, স্বৰ্গ, মত্য আদি ৰূপে প্ৰতিষ্ঠা কৰিলে আৰু সেইবোৰ বিষয়েই মানুহৰ মাজত অধিকভাৱে প্ৰসাৰ আৰু প্ৰচাৰ লাভ কৰিলে৷ এই দেৱতাৰূপী গ্ৰহবোৰক পূজা-অৰ্চনা কৰাৰ মাত্ৰা দিনক দিনে বাঢ়িহে আহিল৷ এই সম্পৰ্কে আপোনাৰ মতামত?
উত্তৰঃ এইবিলাক কথা-বতৰাৰ আৰম্ভ হৈছিল মানুহে নজনাৰ দিনত৷ যেতিয়া মানুহে যিকোনো এটা কথা নাজানিছিল, তাৰ কাৰ্য-কাৰণ সম্পৰ্কে নাজানিছিল, তেতিয়াই এইধৰণৰ কথা-বতৰাবোৰৰ বিকাশ হৈছিল৷ আকাশত কেইটামান গ্ৰহ দেখিছিল, আনকি কোনো বাস্তৱ অস্তিত্বই নোহোৱা ৰাহু, কেতুৰ কথাও সেই সময়ত কল্পনা কৰা হৈছিল আৰু এচাম বুদ্ধিমান মানুহে মানুহক গ্ৰহ, নক্ষত্ৰবোৰকেদেৱ-দেৱী বুলি কৈ মানুহৰ গাত বা পৃথিৱীত সেইবোৰৰ কুপ্ৰভাৱ পৰে বুলি কৈ তাৰপৰা পৰিত্ৰাণৰ কিছুমান উপায় দেখুৱাই মানুহক নিজৰ লাভত ব্যৱহাৰ কৰিছিল৷ এইবোৰ কাম আজি বিজ্ঞানৰ যুগতো চলি আছে৷ আনকি টেলিভিশ্যন চেনেলবোৰেও টিআৰপিৰ স্বাৰ্থতে এইবিলাক কথা-কাণ্ড প্ৰচাৰ কৰি আহিছে৷ এইবোৰ আচলতে তেনেই ভিত্তিহীন কথা৷ জ্যোতিষত ৰাহু, কেতুৰ কথাও আছে, যাৰ কোনো বাস্তৱ অস্তিত্বই নাই৷ কিন্তু পাছত আৱিষ্কৃত ইউৰেনাছ, নেপচুনৰ কথা জ্যোতিষত একেবাৰেই কোৱা নাই বা এতিয়া আমাৰ সৌৰজগতৰ বাহিৰতো ৪৫০০ মান গ্ৰহ আৱিষ্কৃত হৈছে ৷ জ্যোতিষ শাস্ত্ৰত সেইবোৰ কথাও নাই৷ অৱশ্যে নথকাৰে কথা, থাকিবও নালাগেই৷ এই অৰ্থহীন কথা কিছুমান সমাজত কেৱল মানুহৰ বিজ্ঞান মানসিকতাৰ অভাৱৰ বাবে চলি আহিছে৷
প্ৰশ্ন- শেহতীয়াকৈ নব্য মাধ্যমসমূহত ‘জ্যোতিষী’, ‘বাস্তুশাস্ত্ৰ’ আৰু ‘ৰেইকী’ আদি বিষয়ৰ প্ৰসাৰ বহুগুণে বাঢ়ি গৈছে৷ মানুহে এই বিষয়বোৰত ইমানেই মনোযোগ দিছে, যে ঘণ্টা ঘণ্টা ধৰি প্ৰতিদিনে এইবোৰ বিষয়ৰ লাইভ প্ৰগেমত মানুহ জড়িত হৈ আছে৷ কিন্তু বিজ্ঞান মনস্কতাৰ হকে ডিজিটেল মাধ্যমত কথা কোৱা লোক বা কাম কৰা লোকো সামান্যতমহে৷ আপোনাৰ মতামত কি হ’ব এই বিষয়ত?
উত্তৰঃ মই এই কথাটোক অতি গুৰুতৰ সমস্যা বুলিয়েই ভাবো৷ কাৰণ যেতিয়া প্ৰচাৰৰ সুবিধা বিলাক বাঢ়িছে, তেতিয়া সেই মাধ্যমৰ সহায়ত যুক্তিযুক্ততাৰ প্ৰচাৰ হোৱাতকৈ আমাৰ অন্ধবিশ্বাস বা হস্তৰেখা, বাস্তুশাস্ত্ৰ, ৰেইকী আদি বা তেনেকুৱা ধৰণৰ কথা-বাৰ্তা বিলাকতহে বেছি গুৰুত্ব দিয়া হৈছে৷ এনে হোৱাৰ ফলত মানুহবোৰ বেছি অদৃষ্টবাদী হৈ পৰিছে আৰু সমাজখন প্ৰগতিৰ বাটেদি যোৱাতকৈ অতি পিছলৈহে গতি কৰিছে৷ ৰাজনীতিকেও ইয়াৰ সমাধান কৰাতকৈ সুবিধাহে গ্ৰহণ কৰিছে৷ ইহকালত এইকামবোৰ কৰিলে পৰকালত লাভ হ’ব বুলি মানুহক বুজোৱা হৈছে৷ গতিকে ৰাজনীতিকৰ লগতে এই দিশবোৰৰ লগত জড়িত একাংশই এইবোৰ বিষয় প্ৰচাৰ কৰি নিজৰ মুনাফা অৰ্জন কৰিছে৷
প্ৰশ্ন- বৰ্তমান সময়ত ৰাজ পৃষ্ঠপোষকতাত ধৰ্মীয় গোড়ামী আৰু অন্ধবিশ্বাসৰ প্ৰভাৱ সমাজত বহু পৰিমাণেবাঢ়িছে৷ এই বিষয়টোত আপোনাৰ মন্তব্য?
উত্তৰঃ ৰাজনীতিকে মানুহৰ মাজত এইধৰণৰ কথা-বতৰাবোৰ প্ৰচাৰ কৰাৰ নিৰ্দিষ্ট উদ্দেশ্য থাকে৷ কাৰণ এই বিশ্বাসবোৰ সুমুৱাই দিব পাৰিলে মানুহে ব্যাৱহাৰিক কথা-বতৰা বিলাকত, ৰাজহুৱা বা সাংসাৰিক কথা বিলাকত, গৱেষণাৰ কথা বিলাকত, বিজ্ঞানৰ কথা বিলাকত বেছি গুৰুত্ব নিদিয়া হৈ যায় আৰু তেতিয়াই ৰাজনীতিকে জনসাধাৰণক নিজৰ সুবিধামতে ব্যৱহাৰ কৰিব পাৰে৷ সেইকাৰণেই বাস্তুশাস্ত্ৰ, নমামী ব্ৰহ্মপুত্ৰ বা বাস্তুৰ আধাৰত গৃহ নিৰ্মাণ, কাৰ্যালয় গ্ৰহণ আদি কথাবোৰ শেহতীয়াকৈ প্ৰচলন হ’বলৈ আৰম্ভ কৰিছে৷ যি সময়ত দেশ ৰাজ্যৰ বহুতো গুৰুত্বপূৰ্ণ কাম পৰি আছে, অথচ ৰাজনৈতিক নেতাই এইবোৰ বিষয়ৰ প্ৰচাৰ কৰি আছে৷ অৱশ্যে এইবোৰ বিষয়ত আমি মাত মাতি যাবই লাগিব৷ বিজ্ঞান মানসিকতাৰ প্ৰসাৰ, প্ৰচাৰৰ বাবেও বৰ্তমান সময়ত এদল কৰ্মীৰ, এদল সমৰ্থকৰ জন্ম হৈছে৷ গতিকে সমাজখন সমান্তৰালভাৱে বিজ্ঞান মনস্কতাৰ দিশতো আগবাঢ়িছে৷
প্ৰশ্ন- আপোনাৰ কৰ্মময় জীৱনটো বৰ বৰ্ণিলময় আছিল৷ আপুনি বি বৰুৱা কলেজৰ প্ৰবক্তাৰ পৰা আৰম্ভ কৰি পৰৱৰ্তী সময়ত কটন কলেজ, ‘ছি’ (পৰিকল্পনা), ছি.এছ.আই.আৰ.ৰ মুখ্য কাৰ্য্যালয়, নতুন দিল্লীত বিজ্ঞানী হিচাপে কাম কৰাৰ অভিজ্ঞতা, সেইদৰে যোৰহাটৰ আঞ্চলিক গৱেষণাগাৰ আৰু বিজ্ঞানী ‘জি’ উপাধিৰ উপৰিও সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰিছে৷ এই যে বিজ্ঞানৰ জগতখনৰ সৈতে আপুনি জীৱনৰ বেছিভাগ সময় জড়িত হৈ পৰিছিল; ইয়াৰ দ্বাৰা আপুনি আপোনাৰ জীৱনটোক কেনেদৰে পৰ্যবেক্ষণ কৰিছিল?
উত্তৰঃ মই এইবোৰ বিষয়ত জড়িত হৈ থাকি জীৱনটোত বহুতো যুক্তিযুক্ততা দেখা পাইছোঁ৷ মই সদায় বিশ্বাস কৰিছোঁ যে কৰ্মৰ ফলতেই মানুহৰ প্ৰগতিৰ দিশটো উন্নীত হ’ব৷ কোনো ভাগ্য বা অলৌকিক বিষয়ে (জ্যোতিষ, বাস্তুশাস্ত্ৰ, ৰেইকী আদিৰ দৰে বিষয়বোৰ) মানুহক নিয়ন্ত্ৰণ কৰিব নোৱাৰে বা নিয়ন্ত্ৰণ কৰিবলৈ একোৱেই নাথাকে৷ মই দেখিছোঁ যে বিজ্ঞানৰ অভাৱ দিনে-দিনে বাঢ়ি আহিছে৷ বিজ্ঞানৰ সৈতে নিজৰ জীৱনটো সামঞ্জস্য ৰাখিবলৈ চেষ্টা কৰিছোঁ, সেয়া খাদ্যাভ্যাসেই হওক, টোপনিৰ অভ্যাসেই হওক বা ব্যায়ামৰ অভ্যাসেই হওক৷ এইবিলাক বিষয়ে মোৰ লগতে মোৰ লগত জড়িত পৰিয়ালৰ লোকসকলক, সমাজখনৰ লোকসকলক হয়তো কিছু পৰিমাণে প্ৰভাৱিত কৰিছে৷ গতিকে মই ভাবো– বিজ্ঞানক বিষয় হিচাপে লৈ মই যিখিনি লেখা-মেলা কৰো বা বিজ্ঞানৰ যিখিনি কৰ্ম চাকৰিৰ সময়ত কৰাৰ সুবিধা পালোঁ, এই গোটেই কথাখিনিয়েই মোৰ জীৱনটোক যথেষ্ট সমৃদ্ধ কৰি ৰাখিছে৷
প্ৰশ্ন- আপুনি ইতিমধ্যেই বিশ্বৰ বহুকেইখন ৰাষ্ট্ৰ ভ্ৰমণ কৰিছে৷ ভাৰতবৰ্ষৰো বিভিন্ন ৰাজ্যৰ সৈতে আপোনাৰ সঘন যোগাযোগ আছে৷ এই ভ্ৰমণৰ সময়ছোৱাত অসমৰ লগত বেলেগ ৰাষ্ট্ৰ বা ৰাজ্যবোৰৰ বিজ্ঞান মানসিকতা, অন্ধবিশ্বাস আদি বিষয়বোৰৰ তুলনামূলক বিশ্লেষণ কৰি চাইছেনে? এই বিষয়টোত আপোনাৰ মতামত?
উত্তৰঃ মই ভ্ৰমণৰ সময়ত দেখিছোঁ, সেইবোৰ সমাজতো বহু লোক আছে, যি পৰম্পৰা বা অন্ধবিশ্বাসত বিশ্বাসী৷ অৱশ্যে মই অতি কমদিনৰ বাবে যোৱা হেতুকে সেই সমাজবোৰৰ ভিতৰলৈ গৈ বিষয়টো পৰ্যবেক্ষণ কৰাৰ সুবিধা পোৱা নাই৷ কিন্তু আনফালেদি তেওঁলোকৰ মহানগৰৰ লোকসকলে পৰিষ্কাৰ-পৰিচ্চন্নতা, প্ৰদুষণ, অন্যান্য আধুনিক সা-সুবিধা, চাৰিত্ৰিক দিশ আদি বিষয় বিলাকত বহুতো ইতিবাচক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে৷ বিশেষকৈ পৰিষ্কাৰ-পৰিচ্চন্নতাৰ দিশত আমাতকৈ তেওঁলোক তুলনা কৰিব নোৱাৰাকৈ বহুত ওপৰলৈ আগুৱাই গৈছে৷
প্ৰশ্ন- বিজ্ঞান মানসিকতাৰ প্ৰসাৰৰ বাবে আপুনি দীৰ্ঘদিন কাম কৰি আহিছে৷ – এই দীৰ্ঘ সময়ছোৱাত অসমৰ কোনবোৰ কাৰকে বিজ্ঞান মানসিকতাৰ প্ৰচাৰ আৰু প্ৰসাৰত সৰ্বাধিক সমস্যাৰ কাৰণ হৈছে বুলি আপুনি ভাৱে৷
উত্তৰঃ কিছুমান সমাজে বিজ্ঞান মানসিকতাৰ এই কথাবোৰ গ্ৰহণ কৰিব নোখোজে৷ কিছুমান সমাজত প্ৰভাৱশালী নেতা মুখ্য লোক থাকে৷ তেওঁলোকে মানুহক নেতৃত্ব দিয়ে৷ মানুহবোৰ তেওঁলোকৰ মতে চলে৷ গতিকে আমি কোৱা কথাবোৰৰ বিৰুদ্ধে তেওঁলোকেহে প্ৰতিবাদ কৰে৷ সেই প্ৰতিবাদ ইমান অযুক্তিকৰ যে তাৰ কোনো উত্তৰেই নাথাকে৷ কাৰণ তেওঁলোকৰ প্ৰতিবাদৰ কথাসমূহ বিজ্ঞানৰ আধাৰত প্ৰতিষ্ঠিত নহয়৷ কিন্তু ক’বই লাগিব– অসম বিজ্ঞান সমিতি, অসম বিজ্ঞান লেখক সংস্থা, ইলোৰা বিজ্ঞান মঞ্চ আদি সংস্থাই মানুহৰ মনত এটি বিজ্ঞান মানসিকতা গঠনত, যুক্তিবাদী চিন্তা-চেতনা গঠনত কাম কৰিব পাৰিছে৷ বহুতো ছাত্ৰ-ছাত্ৰীৰ মনত নতুন চিন্তাৰ বীজ অংকুৰিত হৈছে৷ গতিকে এয়াও আমাৰ বাবে কম আশাৰ কথা নহয়৷
প্ৰশ্ন- কল্পবিজ্ঞান সাহিত্যৰ বিষয়টো অসমীয়া সাহিত্যত তেনেই নিশকতীয়া হৈ পৰিছে৷ নতুন প্ৰজন্মৰ মাজত কল্পবিজ্ঞান সাহিত্যৰ চৰ্চা কৰা মানুহ প্ৰায় নাই বুলিব পাৰি৷ সাহিত্যৰ এই ধাৰাটোৰ প্ৰাসংগিকতা আৰু অসমত ইয়াৰ ভৱিষ্যত সম্পৰ্কে আপুনি কিছু কথা কওঁক৷
উত্তৰঃ আমি যিহেতু দিনে দিনে প্ৰগতিৰ পথলৈ আগবঢ়া বিজ্ঞানৰ জগত এখনত বাস কৰিছোঁ৷ গতিকে বিজ্ঞানৰ প্ৰভাৱৰপৰা আমি যে মুক্ত হ’ব নোৱাৰোঁ৷ কল্পবিজ্ঞানত কেৱল যে চলি থকা বিজ্ঞানেই থাকে, তেনে নহয়, সাম্ভাৱ্য বিজ্ঞানো থাকে৷ সাধাৰণতে এটা কাহিনী মানুহৰ মনৰ ভাৱ-অনুভূতি, সুখ-দুখ, হৰ্ষ-বিষাদ আদিক লৈ চলে৷ কিন্তু কল্পবিজ্ঞানত একোটা আৱিষ্কাৰ বা বিজ্ঞানৰ সামগ্ৰিক প্ৰক্ৰিয়াই কাম কৰে আৰু সেইটোৰ প্ৰভাৱ মানুহৰ জীৱনত, কাহিনীৰ নায়ক-নায়িকা বা চৰিত্ৰ সমূহৰ ওপৰত কেনেধৰণৰ হ’ব, জীৱ-জন্তুবোৰৰ ওপৰত বা প্ৰকৃতিৰ ওপৰত কেনে প্ৰভাৱ পৰিছে, তাক দেখুৱায়৷ সমান্তৰালভাৱে কল্পবিজ্ঞানত ভৱিষ্যতৰ বিজ্ঞানৰ বাবে সম্ভাৱনাৰ কথা দেখুওৱা হয়৷ এই সম্ভাৱনা যুক্তি-যুক্ততাৰ আধাৰত হ’ব লাগিব৷ কল্পবিজ্ঞানে বিজ্ঞানৰ হ’ব পৰা প্ৰগতিৰপৰা মানুহৰ কেনেধৰণৰ লাভ হ’ব, সেয়া দেখুৱাই দিব পাৰে৷ গতিকে এনে সাহিত্যৰ যথেষ্ট প্ৰয়োজন আছে৷ শেহতীয়াভাৱে যদিও কল্পবিজ্ঞান লেখা মানুহৰ সংখ্যা কমিছে, কিন্তু তাৰ মাজতো বহুকেইজনে ভাল লেখা লিখিছে৷ এইধৰণৰ সাহিত্য লিখিবলৈ নতুন প্ৰজন্মটোৱে উৎসাহ-অনুপ্ৰেৰণাও ঠিকমতে নাপায় বাবে তেনে হ’ব পাৰে৷
প্ৰশ্ন- আপোনাৰ সম্পাদনাত শৰাইঘাট প্ৰকাশনৰপৰা ‘কালজয়ী সাহিত্যৰ চিৰিজ’ প্ৰকাশ হৈছিল৷ এই চিৰিজটোত বিশ্ব সাহিত্যৰ প্ৰায় এশখনমান ভাল ভাল গ্ৰন্থ অনুবাদ কৰিছিল৷ এই চিৰিজটো আৰম্ভ কৰাৰ অনুপ্ৰেৰণা বা ইয়াৰ লক্ষ্য সম্পৰ্কে কিছু কথা কওঁকচোন৷
উত্তৰঃ প্ৰায় ১৯৯৯ চন মানত শৰাইঘাট প্ৰকাশনৰ যোগেশ শৰ্মা দেৱক যেতিয়া মই লগ পাইছিলো, তেতিয়া মই তেওঁক এই প্ৰকল্পটোৰ বিষয়ে কৈছিলোঁ৷ সেই সময়ত তেওঁ মোৰ কথাটোত কিমান আস্থা প্ৰকাশ কৰিছিল ক’ব নোৱাৰোঁ৷ কিন্তু তেওঁ সেই সময়ত কেইখনমান গ্ৰন্থ প্ৰকাশ কৰিছিল৷ মই যেতিয়া কেইখনমান গ্ৰন্থ অনুবাদ কৰাৰ আৰম্ভ কৰিলোঁ, পুৰণা অনুদিত গ্ৰন্থ আদি উদ্ধাৰ কৰিলোঁ, দ্বিতীয়তে ভাল ভাল অনুবাদকৰ দ্বাৰা অনুবাদো কৰালোঁ, তেনেকেই এই প্ৰকল্পটোৰ প্ৰতি তেখেতৰ মায়া উপজিল আৰু তেওঁ প্ৰকল্পটো চলাই নিবলৈ সাজু হ’ল৷ প্ৰকল্পটোৰ অধীনত এশখন কিতাপ এটা সময়ত প্ৰকাশ হ’ল৷ আমি দহ, বাৰ বছৰ মানৰ ভিতৰত এশখনমান গ্ৰন্থ প্ৰকাশ কৰি উলিয়ালোঁ৷ এই গ্ৰন্থবোৰ বিশ্ব সাহিত্যৰ অতি মূল্যৱান গ্ৰন্থ৷ গ্ৰন্থবোৰৰ অনুবাদো সহজ-সৰলকৈ কৰা হৈছে যাতে, শিশুৰপৰা বয়সস্থ লোকলৈকে সকলোৱে পঢ়িব পাৰে৷ বৰ বৃহৎ আকাৰৰ কিতাপবোৰ চমুৱাই অনুবাদ কৰা হৈছে যাতে এই কিতাপবোৰ পঢ়িবলৈ অসমীয়া পাঠকৰ আগ্ৰহ বাঢ়ে৷ এতিয়া কিছু দিন আগৰপৰা এই প্ৰকল্পটো পুনৰ আৰম্ভ কৰা হৈছে৷ কোভিদৰ সময়ছোৱাতেই প্ৰায় দহখনমান কিতাপ প্ৰকাশ কৰা হৈছে৷ অৰ্থাৎ এতিয়া এই চিৰিজৰ ১১০ খন কিতাপ বজাৰত পোৱা যায়৷
প্ৰশ্ন- এই চিৰিজটো ব্যৱসায়িকভাৱে সফল হৈছিলনে? চিৰিজটো প্ৰকাশ কৰি প্ৰকাশক সুখীনে?
উত্তৰঃ প্ৰকাশক অত্যন্ত সুখী৷ কাৰণ যিবিলাক প্ৰথম অৱস্থাৰ গ্ৰন্থ আছিল, সেইবোৰ কিতাপৰ বৰ্তমান ৯ টাতকৈয়ো অধিক সংস্কৰণ প্ৰকাশ কৰা হৈছে৷ আৰু এটা সংস্কৰণত যথেষ্টসংখ্যক কিতাপ ছপা কৰা হৈছে৷ শিক্ষাৰ্থীসকলৰ বাবে সুবিধা হোৱাকৈ কিতাপবোৰৰ দামো অলপ কমাই কৰা হৈছে আৰু ছাত্ৰ-ছাত্ৰী, শিক্ষক আনকি বিভিন্ন পেছাৰ লোকসকলেও এই কিতাপবোৰ সংগ্ৰহ কৰিছে৷ এনে লোকো লগ পাইছোঁ, যি কালজয়ী সাহিত্যৰ প্ৰথম এশখন গ্ৰন্থই কিনি সংগ্ৰহ তথা সংৰক্ষণ কৰিছে৷
প্ৰশ্ন- একেটা প্ৰকাশনৰপৰাই আপুনি ২০১১ চনত শৰাইঘাট অভিধানখন প্ৰকাশ কৰিছিল৷ এইখন অভিধান প্ৰকাশৰ অন্তৰালত কোনেবোৰ কথাই আপোনাক অনুপ্ৰাণিত কৰিছিল? বা ইতিমধ্যেই কেইবাখনো অভিধান অসমীয়া ভাষাত থকাৰ পাছতো আপুনি কিয় নতুনকৈ এখন প্ৰকাশ কৰাৰ কথা ভাবিলে৷
উত্তৰঃ অসমীয়া ভাষাত বহুকেইখন গুৰুত্বপূৰ্ণ অভিধান আছে৷ কিন্তু এই অভিধানবোৰৰ নানা কথাত মই হয়তো মনে মনে সন্তুষ্ট নাছিলোঁ৷ এটা কথাই আছে– তুমি যেতিয়া এখন ভাল কিতাপ বজাৰত নোপোৱা৷ তেতিয়া নিজেই এখন ভাল কিতাপ লিখা৷ গতিকে মই ভাবিছিলোঁ এখন অভিধান কৰিবপৰা হ’লে জীৱনত বৰ ডাঙৰ আশা এটা পূৰণ হ’লহেঁতেন৷ ডাঙৰ কথাটো হ’ল যোগেশ শৰ্মাদেৱে শৰাইঘাট অভিধানখন আৰম্ভ কৰিছিল বেলেগ এজন বিখ্যাত পণ্ডিত বিশ্বনাৰায়ণ শাস্ত্ৰীৰ লগত৷ তাৰ পিছত বিশ্বনাৰায়ণ শাস্ত্ৰীৰ মৃত্যুৰ পিছত ভৱেন বৰাই অভিধানখনৰ কিছু কাম কৰিছিল৷ পৰৱৰ্তী সময়ত যোগেশ শৰ্মাদেৱে মোক বৰ জোৰ কৰিলে আৰু মই এই কামটো হাতত লৈ কেইবছৰমানৰ ভিতৰতে যথেষ্ট কষ্ট কৰি প্ৰকাশ কৰিবপৰা অৱস্থা কৰিলোঁ৷ এই অভিধানখন এতিয়া পাঠকে ব্যৱহাৰ কৰা দেখি মই অনুপ্ৰাণিত হৈছোঁ৷ অলপতে ইয়াৰ পৰিবদ্ধিৰ্ত ষষ্ঠ সংস্কৰণ প্ৰকাশ পাইছে৷
প্ৰশ্ন- অসমীয়া ভাষাত ‘শব্দ’ বা ‘সাৰথি’ বুলি দুখনমান অভিধানৰ ‘এপ’ আছে যদিও সেয়া পৰ্যাপ্ত নহয়৷ শৰাইঘাট অভিধানখন নিৰ্দিষ্ট মূল্যৰ বিনিময়ত ডিজিটেল অভিধান ৰূপত সকলোৰে বাবে উপলব্ধ কৰাব নোৱাৰিনে? সম্পাদক হিচাপে আপোনালৈ এই প্ৰস্তাৱটো আগবঢ়াইছোঁ৷
উত্তৰঃ এই কামটো কৰিব পাৰিলে বৰ ভাল হ’ব৷ এইবিলাক চিন্তা মোৰো মনলৈ নহা নহয়৷ প্ৰকাশকৰ লগত কেতিয়াবা আলোচনাও কৰিছোঁ৷ কিন্তু তেখেত অলপ পুৰণা বিশ্বাসৰ মানুহ৷ পুৰণা ব্যৱসায়ী৷ আমাতকৈয়ো বয়সস্থ লোক৷ গতিকে তেখেতে যদি এই কথাটো গ্ৰহণ কৰে বা আগ্ৰহ প্ৰকাশ কৰে, তেন্তে বৰ ভাল হ’ব৷ আৰু এই অভিধানখন ব্যৱহাৰ কৰাসকলৰ যদি জোৰ আহে, হয়তো তেখেত এদিন আগ্ৰহান্বিতও হ’ব৷
প্ৰশ্ন- অসমৰপৰা বিশ্বৰ বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ জগতখনলৈ শেহতীয়া অৱদান সম্পৰ্কে আপোনাৰ অনুভৱ? উদ্ধৱ ভৰালী বা শেহতীয়াকৈ ৰুবুল মাউতদৰে ব্যক্তি কিন্তু অসমে লাভ কৰিছে৷ আকৌ বহুক্ষেত্ৰত অসমৰ মানুহখিনি প্ৰযুক্তি আৰু উদ্ভাৱনত বহুত পাছপৰি আছে বুলিও সমালোচিত হয়৷ আপুনি কি ভাৱে?
উত্তৰঃ আমাৰ সা-সুবিধাৰ যথেষ্ট অভাৱ, সেইটো মই জানো৷ ৰুবুল মাউতে যিখিনি কাম কৰিছে, সেইখিনি তেওঁ ভাৰতৰ বাহিৰত থাকি কৰিছে৷ এওঁলোকৰ দৰে আন বহুকেইজনৰ নাম এই প্ৰসংগত ল’ব পাৰি৷ কিন্তু মূল কথা এটাই৷ অসমত সা-সুবিধা অতি কম৷ আমাৰ ইয়াতো যে কাম হোৱা নাই, তেনে নহয়, সীমিত সুবিধাৰ মাজতেই অসমৰ কৃষিবিশ্ববিদ্যালয় বা অন্যান্য বিশ্ববিদ্যালয়, মহাবিদ্যালয় আদিয়ে বহুকেইটা উন্নত পৰ্যায়ৰ কাম কৰিছে৷ আনকি দুই এখন কলেজৰপৰাও বহু উচ্চমানৰ গৱেষণা আদি হৈছে৷ আমাৰ অসমত যথেষ্ট অসুবিধা, অভাৱ আছে৷ তাৰ মাজতো এইধৰণৰ কাম-কাজত একানপটীয়াকৈ লাগি থাকিবপৰাকৈ এটা পৰিৱেশ¸ নিৰ্মাণ আৰু অনুপ্ৰৰণা যোগোৱাৰ প্ৰয়োজন আছে৷ আমাৰ অসমত যথেষ্ট প্ৰতিভা আছে৷ উদ্ধৱ ভৰালী তাৰেই প্ৰমাণ৷ তেওঁ নিজেই নিজৰ প্ৰতিভাৰ জন্ম দিছে৷ অনাগত দিনত এইবোৰ বিষয়ত অসমৰ মানুহ বহুগুণে আগুৱাই যাব বুলি মই আশাবাদী৷
প্ৰশ্ন- আপুনি ‘অসম বিজ্ঞান লেখক সংস্থা’ৰ জন্মদাতা৷ অসমত এই সংস্থাটোৰ বৰ্তমান স্থিতিক লৈ আপুনি সন্তুষ্ট নে? নৱ-প্ৰজন্মক এই সংস্থাটোৰ সৈতে জড়িত কৰাবলৈ আপোনালোকে কেনেধৰণৰ পদক্ষেপ লৈছে?
উত্তৰঃ আমাৰ সদস্যৰ সংখ্যা অতি কম আৰু বৰ লাহে লাহে সংস্থাটো উন্নতিৰ পথত আগবাঢ়িছে৷ বিগত কেইটামান বছৰত সময়ত সংস্থাটোৰ দ্বাৰা কেইবাখনো ভাল গ্ৰন্থ প্ৰকাশ কৰা হৈছে৷ আমি মূলতঃ অনুদানৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়৷ গতিকে আমাৰ কাম-কাজৰ কিছু সীমাবদ্ধতাও আছে৷ তাৰ পাছতো আমাৰ সংস্থাৰ দ্বাৰা বহুকেইখন কৰ্মশালা হৈছে৷ অনুবাদকৰ কৰ্মশালা, বিজ্ঞান লেখকৰ কৰ্মশালা, পুতলানাচৰ যোগেদি বিজ্ঞান সংযোগ কৰাৰ কৰ্মশালা আদিও হৈছে৷ আৰু ইয়াৰ দ্বাৰা এচাম নতুন সচেতন লেখকৰো সৃষ্টি হৈছে৷ যিহেতু আমাৰ সংস্থাটোৰ গোটেই আন্তঃগাঁথনিটোৱেই কিছু কিছু ক্ষেত্ৰত দুৰ্বল, আমি সংস্থাটোৰ মানুহবোৰো অ’ত-ত’ত থাকোঁ, গতিকে আশা কৰা ধৰণে আমি কিছু কাম কৰিব পৰা নাই৷
প্ৰশ্ন- ঈশ্বৰ বিশ্বাসীসকলে এই কথাটো কয় যে ঈশ্বৰ নামৰ ধাৰণাটো নোহোৱা হৈ গ’লে সমাজখন অশান্তিকৰ হৈ পৰিব৷ বৰ্বৰ হৈ পৰিব৷ সমাজত অৰাজকতা বাঢ়িব৷ আৰু সেইবাবেই তেওঁলোকে ঈশ্বৰৰ ধাৰণাটো মিছা হ’লেও বৰ্তি থকাটোৱেই বিচাৰে৷ আপুনি কি ভাৱে এইটো বিষয়ত?
উত্তৰঃ ঈশ্বৰ থকাৰ কাৰণেও সমাজত নানা সমস্যাৰ সৃষ্টি হৈছে৷ হত্যাকাৰীজনেও ঈশ্বৰক প্ৰাৰ্থনা কৰিয়েই হত্যা কৰিবলৈ ওলাই যায়৷ কোনোবা চোৰেও ঈশ্বৰক প্ৰাৰ্থনা কৰিয়েই চোৰ কৰিবলৈ ওলাই গৈছে৷ ধৰ্ষণকাৰী, বোমা ফুটোৱা মানুহবোৰৰ ক্ষেত্ৰতো সেই একে কথাই খাটে৷ এইবোৰ নামমাত্ৰ উদাহৰণহে, এনে শতাধিক উদাহৰণৰ কথা আমি ক’ব পাৰোঁ৷ এইবোৰ কথাও আমি পাহৰি গ’লে নহ’ব৷ ঈশ্বৰক যেনেদৰে ভবা যায়, তেনেদৰেই ভাবিব পাৰি৷ য’ত সহায় লাগে, তাতেই আহ্বান, অনুৰোধ কৰিব পাৰি৷ গতিকে এই ঈশ্বৰেও বৰ এটা সুস্থিৰ অৱস্থাৰ সৃষ্টি কৰে বুলি কোৱাটো ভুল৷ মই ভাবো, ঈশ্বৰৰ ধাৰণাটোৱেই যিহেতু এটা অমূলক আৰু বিভ্ৰান্তিকৰ ধাৰণা, গতিকে সেই ধাৰণাটো বাদ দিব পাৰিলে ভাল৷ আৰু আমি কেৱল মানৱীয়তাৰ কথা সৰুৰেপৰা শিকাবলৈ চেষ্টা কৰা ভাল৷ তেতিয়াহে আমাৰ জাতিটোৰ লগতে দেশ, বিশ্বৰ লাভ হ’ব৷
প্ৰশ্ন- ‘মুক্ত চিন্তা’ আলোচনীখনৰ বিষয়ে আপুনি আগতে জানিছিল নে? আমাৰ আলোচনীখনলৈ আপোনাৰপৰা কিছু পৰামৰ্শ বিচাৰিছোঁ৷
উত্তৰঃ মই ‘মুক্ত চিন্তা’ৰ জুলাইৰ সংখ্যাটো মনোযোগেৰে পঢ়িছোঁ৷ আগতে মুক্ত চিন্তা আলোচনীখনৰ কথা শুনিছিলোঁ৷ এতিয়া ইতিমধ্যে প্ৰকাশিত যিকেইটা সংখ্যাৰ কথা জানিলো বা দেখিলোঁ, মই বুজি উঠিছোঁ যে অতি সুন্দৰ আলোচনী এখন হৈছে৷ বিশেষকৈ শেহতীয়া সংখ্যাটোৰ কেইবাটাও মূল্যৱান প্ৰবন্ধ প্ৰকাশিত হৈছে৷ মই ভাবো, তোমালোকে যদি ভালকৈ পাঠকৰ সৈতে সংযোগ লাভ কৰিব পাৰা, পাঠকৰ সংখ্যা বঢ়াব পাৰা, তেতিয়া সমাজখনৰ বাবেই আলোচনীখন এটি ডাঙৰ বৰঙণি হৈ পৰিব৷
0 Comments