বিষ্ণুপ্ৰসাদ ৰাভা ।। বিষ্ণুপ্ৰসাদ ৰাভাৰ সাহিত্য আৰু কৰ্মত শঙ্কৰদেৱৰ প্ৰসংগ ।।


 * অসম সমাজ জীৱনে জনতাৰ শিল্পী হিচাপে মুক্তকণ্ঠে স্বীকৃতি দিব পৰা কেইজনমান মুষ্টিমেয় ব্যক্তিৰ ভিতৰত বিষ্ণুপ্ৰসাদ ৰাভাৰ নাম নিশ্চিতৰূপত আহিব৷ হোমেন বৰগোহাঞিয়ে জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ পাচত ‘অসম বাণী’ কাকতত লিখিছিল যে ‘আগৰৱালা অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ দহজনৰ ভিতৰত এজন।’ মই ভাবো, এই তালিকাখনত নিশ্চিতৰূপত ৰাভাৰ নামটোও দহজনৰ ভিতৰতেই আহিব। বৰগোহাঞিয়ে অন্তত ‘অসম হিতৈষী’সকলক হাড়ে-হিমজুৱে চিনাত ভুল নকৰে। ‘গৰীয়সী’ আলোচনীখনেও ২০০০ চনত কৰা এটি সমীক্ষাত ‘বিংশ সতাব্দীৰ শ্ৰেষ্ঠ ২০জন অসমীয়া’ৰ ভিতৰত বিষ্ণুপ্ৰসাদ ৰাভাৰ নামটো সগৌৰৱেৰে উল্লেখ কৰিছে। 

ৰাভাৰ সাংস্কৃতিক চেতনা, জাতীয় অৱদান আৰু সমাজ দৰ্শন অসমৰ সমাজ জীৱনৰ বাবে কিমান প্ৰাসংগিক; সেয়া অসমৰ সমাজ-সাহিত্য-সংস্কৃতিৰ লগত জড়িত সচেতন ব্যক্তি মাত্ৰেই জানে৷ ঊনবিংশ শতিকাৰ অসমৰ আৰ্থ সামাজিক-সাংস্কৃতিক আৰু ৰাজনৈতিক উত্তৰণ আৰু জাতিটোৰ বৌদ্ধিক বৃদ্ধি বিকাশ তথা পৃষ্ঠভূমি নিৰ্মাণত তেওঁৰ ভূমিকা আৰু তেওঁ কৰি যোৱা বৈপ্লৱিক কাম-কাজসমূহে নেতৃত্বৰ ভূমিকা গ্ৰহণ কৰিছিল৷ শংকৰদেৱ, লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদৰ দৰেই তেওঁ আছিল অসমীয়া সমাজখনৰ এজন পথপদৰ্শক আৰু অভিভাৱক স্বৰূপ৷ তেওঁ জনজাতীয় মূলৰ এজন ব্যক্তি হৈয়ো জনজাতীয় পৰিচয়তকৈ বৃহত্তৰ অসমীয়া জাতিৰ এজন সাংস্কৃতিক সংগঠক হিচাপে পৰিচয় দি জাতিটোৰ  স্বাধিকাৰ, স্বাধীনতা আৰু সমাজ-সংস্কৃতি ৰক্ষাৰ বাবে সংগ্ৰাম কৰিছিল৷ সংস্কৃতিৰ মাজেৰে বিপ্লৱী চেতনাৰ প্ৰসাৰ ঘটাই অসমৰ জণগণক সংগঠিত কৰিছিল৷ দুখীয়া জণগণৰ প্ৰতিনিধি হৈ ৰাষ্ট্ৰৰ বিৰুদ্ধে গৰজি উঠিছিল৷ আনকি তেওঁ সাহিত্যৰ সমান্তৰালভাৱে সংগঠক আৰু সমাজ বিপ্লৱী হিচাপেও অসমীয়া সভ্যতা-সংস্কৃতিৰ হকে সমগ্ৰ জীৱনটো উচৰ্গা কৰি থৈ গৈছে৷ 

আধুনিক অসমৰ সমাজ-সাহিত্য-সংস্কৃতি বিষয়ক ক্ষেত্ৰখনত ‘ৰূপান্তৰৰ সাধক’ হিচাপে বিষ্ণুপ্ৰসাদ ৰাভাৰ একক আৰু পৃথক স্থান আছে৷  শঙ্কৰদেৱ, লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভা হৈছে অসমৰ সভ্যতা-সংস্কৃতিৰ  চাৰিজন  প্ৰধান কাণ্ডাৰী৷ তেওঁলোকৰ কৰ্ম সাধনা, সাহিত্যকৃতি আৰু সামাজিক জীৱনে অসমীয়া সমাজ জীৱনক প্ৰতিষ্ঠা কৰি আজিৰ সুসভ্য অৱস্থাত উপনীত হোৱাত সহায় কৰিছে৷ বিষ্ণুৰাভাৰ চিন্তা-চেতনাত কাৰ্লমাক্স, লেনিন, ষ্টেলিন, মাও চে টুং আদিৰ দৰে বিশ্বৰ বহুকেইজন বৰেণ্য ব্যক্তিৰ প্ৰভাৱ পৰাৰ লগতে অসমৰ শঙ্কৰদেৱ, লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা আদি বৰেণ্য ব্যক্তিসকলৰো প্ৰভাৱ পৰিছে৷ প্ৰকৃততে পূৰ্বৰ সমাজ বিপ্লৱীসকলৰ কৰ্মৰাজি আৰু আদৰ্শৰে মহিমামণ্ডিত হোৱাৰ বাবেই বিষ্ণুৰাভাই নিজেও এজন সমাজ বিপ্লৱী আৰু সাংস্কৃতিক কৰ্মী হিচাপে সমাজত কাম কৰাৰ প্ৰেৰণা পাইছিল৷ শঙ্কৰদেৱ আছিল বিষ্ণুৰাভাৰ সাংস্কৃতিক আৰু সমাজ সংস্কাৰৰ ক্ষেত্ৰখনৰ পথ পদৰ্শক আৰু প্ৰধান আধাৰ৷ বিষ্ণুৰাভাই যি কমিনিউজিমৰ আদৰ্শৰ কথা প্ৰচাৰ আৰু প্ৰসাৰ কৰিছিল; অসমৰ প্ৰেক্ষাপটত তাৰ মূল ভিত্তি আছিল শঙ্কৰদেৱ৷ বৰ অসমৰ এজন প্ৰকৃত অসমীয়া ডেকা হিচাপে অসমীয়া সমাজ সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰতিষ্ঠাৰ বাবে তেওঁ সেনাপতিৰ দৰে ভূমিকা গ্ৰহণ কৰি ওৰেটো জীৱন কাম কৰি গৈছে৷ 

এই আলোচনাত বিষ্ণুপ্ৰসাদ ৰাভাৰ সাহিত্য আৰু কৰ্মত শঙ্কৰদেৱৰ প্ৰসংগ কেনেদৰে উল্লেখ আছে, সামাজিক-সাংস্কৃতিক ক্ষেত্ৰখনত কাম কৰোঁতে শঙ্কৰদেৱক তেওঁ কেনেদৰে অভিভাৱক ৰূপত গ্ৰহণ কৰিছে; সেই সম্পৰ্কে আলোচনা কৰা হৈছে।

বিষ্ণুপ্ৰসাদ ৰাভাৰ সাহিত্য আৰু কৰ্মত শঙ্কৰদেৱৰ প্ৰসংগ
বিষ্ণুপ্ৰসাদ ৰাভাই সামজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক ক্ষেত্ৰখনত কাম কৰিবলৈ আগবাঢ়োতে আদৰ্শ ব্যক্তি (Role Model) হিচাপে গ্ৰহণ কৰা ব্যক্তিসকলৰ ভিতৰত শঙ্কৰদেৱ আছিল অন্যতম৷ এফালে বিষ্ণুৰাভা মাক্সৰ্বাদৰ সমৰ্থক আছিল আৰু সেই মাৰ্ক্সীয় চিন্তা-চেতনাৰ পোহৰতে তেওঁ অসমীয়া সমাজ জীৱন আৰু জাতিসত্তাৰ স্বৰূপ নিৰ্ণয়ৰ চেষ্টা কৰিছিল আৰু কমিউনিষ্ট পাৰ্টিত যোগদান কৰিছিল (চন-১৯৪৫)৷ আনফালে মাক্সৰ্বাদ তেওঁ চিন্তা-চেতনাত নিহিত আছিল যদিও তাৰ ৰূপায়ণৰ বাবে মাৰ্ক্সীয় দৃষ্টিভংগী গ্ৰহণ কৰাৰ সমান্তৰালভাৱে শঙ্কৰদেৱৰ ধৰ্মীয় ৰীতি-নীতি আৰু সামজিক-সাস্কৃতিক ক্ষেত্ৰখনকো সমপৰিমাণেই গুৰুত্ব দিছিল৷ যাৰ বাবে বিষ্ণুৰাভাৰ মাক্সৰ্বাদ আছিল অসমীয়া সমাজ জীৱনৰ সৈতে খাপখোৱা আৰু সময়োপযোগী৷ বিষ্ণুপ্ৰসাদ ৰাভাই বিপ্লৱী আৰু সমাজ সংস্কাৰক হিচাপে যিখন অসমীয়া সমাজৰ ভেঁটি নিৰ্মাণৰ বাবে চেষ্টা কৰিছিল; সেই ভেঁটি শঙ্কৰদেৱেই গঢ়ি যোৱা, ৰাভাই মাত্ৰ সেই ভেঁটি মজবুত আৰু আটিল কৰাৰহে চেষ্টা কৰিছিল৷  

দীৰ্ঘদিন বিপ্লৱী পলাতক হিচাপে অতিবাহিত কৰা বিষ্ণুপ্ৰসাদে তেওঁৰ শিল্পী জীৱনৰ আদৰ্শ গুৰু হিচাপে নিৰ্বাচন কৰি লৈছিল– ‘সুন্দৰ’, ‘ডেকাগিৰী’,  শ্ৰীমন্ত শঙ্কৰদেৱক৷ তেওঁ উপলব্ধিৰ শিক্ষা আছিলঃ ‘চিৰপ্ৰৱাহিত বৰলুইত যদি বিশাল, ঐহিত্যমণ্ডিত অসমীয়া সংস্কৃতিৰ আকাশীগংগাঃ তাক মৰ্ত্যলৈ নমাই আনি প্ৰতিষ্ঠা কৰোঁতাজন হ’ল– শ্ৰীমন্ত শঙ্কৰদেৱ৷’ অসমীয়া সংস্কৃতিক দুষ্কৃতিৰ গ্ৰাসৰপৰা চিৰকাল মুক্ত কৰি ৰাখিবলৈ হ’লে এখন নিকা সমাজবাদী সমাজ প্ৰতিষ্ঠা কৰিবলৈ হ’লে, সংস্কৃতি ৰক্ষাৰ ৰণত চিৰবিজয়ৰ পতাকা উৰাবলৈ হ’লে– গুৰু-গুৰিয়াল হিচাপে শ্ৰীশঙ্কৰদেৱক যে গ্ৰহণ কৰিবই লাগিব– এই সত্যটি বিষ্ণুপ্ৰসাদ ৰাভাই মৰ্মে মৰ্মে উপলব্ধি কৰিছিল৷ সেয়েহে তেওঁৰ সামগ্ৰিক কাম-কাজত শংকৰদেৱজন পৰোক্ষভাৱে লুকাই আছিল আৰু তেওঁ যি কাম কৰিছিল সেই কামে শংকৰী আদৰ্শক প্ৰসাৰ আৰু প্ৰচাৰ কৰাত সবল ভূমিকা গ্ৰহণ কৰিছিল৷ শংকৰ-মাধৱৰ সামগ্ৰিক সত্তাটো অনুধাৱন কৰিয়েই অসমৰ লগতে বিশ্বৰ জনমানসে যাতে এটি উৎকৃষ্ট প্ৰতিচ্ছবি লাভ কৰিব পাৰে; তাৰ বাবেই তেওঁ শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰতিচ্ছবি অংকন কৰিছিল৷ চিত্ৰশিল্পী হিচাপেও ৰাভাৰ এই অতুলনীয় অৱদান অসমৰ সমাজ জীৱনে কেতিয়াও নাপাহৰে।

ৰাভা প্ৰকৃত অৰ্থতেই এজন মানৱতাবাদী শিল্পী আছিল৷ বিপ্লৱী আছিল৷ জনতাৰ বাবে ওৰেটো জীৱন ত্যাগ কৰি যোৱা  বিষ্ণু প্ৰসাদ ৰাভাই সেয়েহে ‘‘ৰাইজৰ আশীৰ্বাদতহে মই শিল্পী হৈছোঁ’’ (তেজপুৰ সাহিত্য সভাৰ আধাৰশিলা স্থাপনত দিয়া ভাষণ) বুলি নিজে স্বীকাৰ কৰি থৈ গৈছে৷ তেওঁ জন্মৰপৰা ডেকা জীৱনটোলৈ বেছিভাগ সময় কলিকতা চহৰতে অতিবাহিত কৰিছিল যদিও তেওঁ চিন্তা-চেতনাত কেৱল অসমৰ প্ৰতিচ্চবিহে সংপৃক্ত হৈ আছিল৷ সেয়েহে বৰ অসমৰ মূল কাণ্ডাৰী স্বৰূপ শঙ্কৰদেৱক তেওঁৰ সমাজবাদ গঠনৰ লক্ষ্য আৰু উদ্দেশ্যৰ এজন আদৰ্শ ব্যক্তি হিচাপে গ্ৰহণ কৰিছে৷ তেওঁৰ সাহিত্য, গীত-মাত, নাটক, ভাষণাৱলী, প্ৰবন্ধ আদিবোৰত শঙ্কৰদেৱৰ প্ৰসংগই বাৰে-বাৰে স্থান লাভ কৰিছে৷ আনকি তেওঁ শঙ্কৰী সংস্কৃতিৰ বিকাশ আৰু প্ৰসাৰৰ বাবে সংগঠকৰ দৰেও কাম কৰি গৈছে৷ এফালে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখন আৰু শংকৰী সংস্কৃতিৰ বিকাশ আৰু আনফালে জনজাতীয় সংস্কৃতিৰ সমৃদ্ধিৰ বাবে কাম কৰা বিষ্ণুপ্ৰসাদ ৰাভা প্ৰকৃততেই এজন বিপ্লৱী বীৰ আৰু মহান নেতা৷

বিষ্ণুপ্ৰসাদ ৰাভাৰ সাহিত্যত শঙ্কৰদেৱৰ প্ৰসংগ

গীত
অসমীয়া আধুনিক সঙ্গীতৰ ক্ৰমবিকশিত ধাৰাটোৰ সুৰযুক্ত ইতিহাস সুঁৱৰিবলৈ গ’লেই জ্যোতিপ্ৰসাদৰ পিছতেই শ্ৰদ্ধা আৰু গুৰুত্ব সহকাৰে নাম ল’ব লাগিব বিষ্ণুপ্ৰসাদ ৰাভাৰ ৷ (মুক্তি দেউলৰ ৰূপকাৰ, পৃষ্ঠা-৪৩) ৰাভাৰ গীতৰ সাহিত্যিক মূল্যৰ লগতে অসমীয়া জনজীৱনৰ সুখ-দুখ, হা-হুমুনিয়াহৰ সুন্দৰ প্ৰতিফলন দেখা যায়৷ তেওঁ মানুহৰ বাবে মানুহৰ হকে গান গাইছিল৷ গীতৰ মাজেৰে বিপ্লৱ আৰু সংস্কৃতি ৰক্ষাৰ বাবে কাম কৰিছিল৷ এই গীতবোৰত অসমীয়াৰ প্ৰতি তেওঁৰ আদেশ, অনুৰোধ, পৰামৰ্শ, জয়-বিজয়, গৌৰৱ সকলোখিনি নিহিত হৈ আছে৷ সৰ্বহাৰা জনগণৰ হৈ তেওঁ গীতৰ মাজেৰেই ওকালতি কৰিছিল। সেইদৰে ৰাভাৰ বহুকেইটা গীতত শঙ্কৰদেৱ আৰু শঙ্কৰী সংস্কৃতিৰ উল্লেখ আছে৷ ৰাভাই গীতবোৰত শঙ্কৰদেৱক এজন মহাপুৰুষ হিচাপেই অংকন কৰাৰ প্ৰয়াস কৰিছে৷ শংকৰদেৱৰ আদৰ্শ আৰু তেওঁ নিৰ্মাণ কৰা সামাজিক-সাংস্কৃতিক পৰিকাঠামোৱে যাতে সমগ্ৰ বিশ্বত ব্যাপ্তি লাভ কৰিব পাৰে; তাৰ বাবে তেওঁ গীতৰ মাধ্যমেৰেও শংকৰদেৱক প্ৰতিষ্ঠা কৰাৰ যত্ন কৰিছে৷ 

‘অ’ গুৰু মোৰ শঙ্কৰ’ শীৰ্ষক গীতটোত বিষ্ণুৰাভাই শঙ্কৰদেৱক উদ্দেশ্যি মনৰ ভাৱ আৰু আশা আকাংখ্যা প্ৰকাশ কৰিছে৷ শঙ্কৰদেৱক তেওঁ গুৰু হিচাপেই গীতটোত প্ৰতিষ্ঠা কৰিছে আৰু জীৱন তাৰণৰ উপায় বিচাৰিছে৷ গুৰুৰ নৌকাযাত্ৰাৰ কল্পিত ছবি এখন অংকন কৰাৰ জৰিয়তে ভক্তি বৎসল অসমীয়া জাতিৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ প্ৰতি থকা অকৃত্ৰিম শ্ৰদ্ধা আৰু ভালপোৱা প্ৰতিফলিত হৈছে৷
অ’ গুৰু মোৰ শঙ্কৰ...
তৰিবৰে কিনো উপায়
অ’ গুৰু অ’
ভাটীলৈ যাবলৈ শ্ৰীশঙ্কৰ গুৰু অ’
(বিষ্ণুৰাভাৰ গীত আৰু স্বৰলিপি, ৰাজীৱ মহন্ত, পৃষ্ঠা-১৯)

গীতটোত তেওঁ হৰিনামৰ প্ৰসংগ আনিছে আৰু সেই হৰিনামৰ মাজতে শঙ্কৰদেৱ সমসাময়িক সমাজখনতো একাকীত্ব হৈ আছে বুলি অনুধাৱন কৰিছে৷ তেওঁৰ আন এটি গীত হ’ল–
অ’ মোৰ নাৱৰ ভৰষা নাই ৰে
হে স্বামী নাৱৰ ভৰসা নাই ৰে
নাৱৰীয়াবোৰে গুৰি বঁঠা ধৰে
গুবিন্দ নাম গাই ৰে৷৷

বিষ্ণুপ্ৰসাদ গীতত শঙ্কৰদেৱৰ নামোচ্চাৰণৰ লগতে নাৱৰ প্ৰসংগ বহু ঠাইত আছে৷ নিজৰ জীৱনটোক নাঁৱৰ সৈতে তুলনা কৰি শঙ্কৰদেৱৰ ভক্তিবাদৰ আদৰ্শ গ্ৰহণৰ দ্বাৰা সেই নৌকাৰূপী জীৱনটো পাৰ কৰি নিয়াৰ এক দৰ্শন তেওঁৰ গীতত আছে৷  সেইদৰে চল্লিশৰ দশকৰ সময়ছোৱাৰ বা তাৰ সমসাময়িক সময়ছোৱাত বিয়াল্লিছৰ স্বাধীনতা সংগ্ৰাম, দ্বিতীয় বিশ্বযুদ্ধৰ বিভীষিকা, ফেচীবাদৰ সংক্ৰমণ আদিয়ে সমগ্ৰ দেশৰ লগতে অসমকো জোকাৰি গৈছিল৷ তেনে সময়তে পৰাধীনতাৰ শিকলি চিঙি, যুদ্ধৰ বিৰুদ্ধে যুঁজিবলৈ অতীতৰ গৌৰৱোজ্বল ইতিহাসৰ শিক্ষাৰে জণগণক শিক্ষিত আৰু সাহসী কৰি তুলিবলৈকে বিষ্ণুৰাভাই, গাইছিল, গোৱাইছিল–
অ’ অসমীয়া ডেকা দল, অ’ অসমীয়া ডেকা দল
আজি তোৰে তেজাল বদন মলিন কিয় হ’ল!
.................
দুৰ্গম নদ পাহাৰগিৰী, লম্ভিছিলে ডেকাগিৰী
সুন্দৰ শংকৰে লুৰি কুৰিছিলে তল, দেখুৱাইছিল জগত জুৰি অসীম বাহুৰ বল
ৰাভাই গীতটোত কীৰ্তন, দশম নামঘোষাক আমাৰ সৌৰ্য্য, বীৰ্য্যৰ প্ৰতীক হ’ব লাগে বুলি  মন্তব্য প্ৰকাশ কৰিছে৷ সেইদৰে অঙ্কীয়া নাট, গীত, বৰগীত আদি ‘ৰণৰ তুৰ্য’ হ’ব লাগে বুলি উল্লেখ কৰিছে৷ তেওঁ লিখিছে-
‘কীৰ্তন দশম নামঘোষা হওক আমাৰ সৌৰ্য্য
নাট গীত নাম বৰগীত হওক ৰণৰ তুৰ্য’

‘সুৰৰ দেউলৰে’ শীৰ্ষক গীতটোতো ৰাভাই শঙ্কৰদেৱৰ প্ৰসংগ আনিছে৷ বৰগীত, থাপনা, প্ৰতিমা আদি শব্দবোৰো তেওঁ সত্ৰীয়া সংস্কৃতৰ পৰাই আহৰণ কৰা৷ তেওঁ বৰগীতৰ সুৰক অমীয়া বুলি অভিহিত কৰিছে ৷ গতিকে এই কথা লক্ষ্য কৰিব পাৰি, শংকৰদেৱৰ দ্বাৰা সৃষ্ট প্ৰতিটো সাহিত্যিক, সাংস্কৃতিক উপাদানক তেওঁ আন্তৰিকতাৰে উপলব্ধি কৰিছিল আৰু প্ৰচাৰ, প্ৰসাৰৰ বাবে কাম কৰিছিল৷ তেওঁ লিখিছে এনেদৰে–
‘যাউতি যুগীয়া, বৰগীত অমীয়া
থাপনা থাপিলি, প্ৰতিমা বহালি’

‘আজি মন্দিৰ দুৱাৰ খোলা’ গীতটোৰো মুখ্য বিশেষত্ব হৈছে শঙ্কৰদেৱে নিৰ্মাণ কৰি থৈ যোৱা নামঘৰ বা মন্দিৰক কেন্দ্ৰ কৰিয়েই তেওঁ মনৰ ভাৱ প্ৰকাশ কৰিছে৷  শঙ্কৰদেৱ আৰু সত্ৰীয়া সংস্কৃতিৰ উল্লেখ থকা বিষ্ণুৰাভাৰ আন এটি গীত হ’ল– 
অ’ পূজাৰী– আদৰি
দিলো এই বৰণ শৰাই
..............................
হৰি নাম ভকতি,হৰি নাম ৰকতি, হৰি নাম মুকুতি পাই
বৈশ্য ভকতৰ কৃষ্ণৰ কিঙ্কৰ, সুন্দৰ শংকৰ কিয় নাই
.................................
শংখ কাঁহ মুৰুলি, জোকাৰি উৰুলি, তোমাৰে মহিমা পাই
নামঘৰত চোতালে নিতালে খোলে তালে, গোবিন্দৰ নাম গুণ গাই৷

অৰ্থাৎ ‘হৰিনামেই যে জগতৰ সাৰ আৰু জীৱৰ পৰিত্ৰাণৰ উপায়’– শঙ্কৰদেৱে প্ৰচাৰ কৰা এই বাণীকেই যেন বিষ্ণৰাভায়ো তেওঁৰ গীতৰ মাজেদি প্ৰকাশ কৰিছে৷ তেওঁৰ গীতত হৰিনামৰ প্ৰসংগ আৰু অসমীয়া সমাজত হৰিনাম গুণানুকীৰ্তন কৰাৰ প্ৰয়োজনীয়তা সম্পৰ্কেও গীতৰ মাজেৰেই প্ৰকাশ কৰিছে৷

তেওঁৰ জীৱনৰ শেষৰফালে লিখা এটি জনপ্ৰিয় গীত হ’ল ‘এয়ে মোৰ শেষ গান’৷ এই গীতটোতো তেওঁ নিজৰ জীৱনটোক এখন ভাওনাৰ লগত তুলনা কৰিছে৷ নিজৰ জীৱনটোৰ শেষৰছোৱা সময়ছোৱাক তেওঁ ভাওনাৰ শেষত গোৱা কল্যান খৰমান গীতৰ সৈতে তুলনা কৰিছে৷ এখন ভাওনা বা অঙ্কীয়া নাটত সমাপন হোৱা প্ৰায়বোৰ ওপকৰণেই তেওঁ এই গীতটিত ব্যৱহাৰ কৰিছে৷ ‘পাতনিতে বালো ধেমালি নান্দী’, ‘ভঙ্গী সূত্ৰধাৰ’, ‘আজি হ’ব মোৰ জীৱন নাটৰ ভাওনাৰ অৱসান বুলি’ উল্লেখ কৰি জীৱনটোক ভাওনাৰ লগত তুলনা কৰিছে৷
এয়ে মোৰ শেষ গান
মোৰ জীৱন নাটৰ শেষৰাগিণীৰ, কল্যান খৰমান
পাতনিতে বালোঁ ধেমালী নান্দী, ভঙ্গী সূত্ৰধাৰ
আজি হ’ব মোৰ জীৱন নাটৰ ভাওনাৰ অৱসান
(বিষ্ণুৰাভাৰ গীত আৰু স্বৰলিপি, ৰাজীৱ মহন্ত, পৃষ্ঠা-৩৫)

নাটক
বিষ্ণুপ্ৰসাদ ৰাভাৰ মুঠ নাটকৰ সংখ্যা ১৬ খন৷ ইয়াৰে কিছুমান নাটক সম্পূৰ্ণ আৰু কিছুমান অসম্পূৰ্ণ৷ এই নাটকবোৰৰ ভিতৰত শঙ্কৰদেৱক কেন্দ্ৰ কৰি এখন নাটক আৰু মাধৱদেৱক কেন্দ্ৰ কৰি এখন নাটক ৰচনা কৰিছে৷ ‘মাধৱদেৱ’ নাটকখন অসম্পূৰ্ণ, ডুখুৰীয়া নাটক৷

‘শঙ্কৰদেৱ’ এখন জীৱনীমূলক নাটক৷ শঙ্কৰদেৱৰ জন্ম, শিক্ষা, তীৰ্থ ভ্ৰমণ, ধৰ্মপ্ৰচাৰ আদি এই নাটকখনৰ মূল বিষয়৷ ‘মাধৱদেৱ’ নাটকখন বিষ্ণুপ্ৰসাদ ৰাভাই লিখিবলৈ আৰম্ভ কৰিছিলহে৷ বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰচনা সম্ভাৰত এই পৰিকল্পনাৰ কথা উল্লেখ আছে৷ নাটকখনত তেওঁ মুঠ আঠটা দৰ্শনৰ পৰিকল্পনা কৰিছে আৰু নৱম দৰ্শনত এডাল আঁচ দি থৈছে মাত্ৰ৷

সমাজ বিপ্লৱ আৰু সমাজ সংস্কাৰৰ কামত অসমৰ লগতে ভাৰতবৰ্ষৰ প্ৰান্তে প্ৰান্তে ঘূৰি ফুৰিব লগা হোৱা বাবে তেওঁ বহুবোৰ সৃষ্টিশীল সাহিত্য আধা লিখা অৱস্থাতে থাকিল৷ নাটক লিখাৰ সমান্তৰালভাৱে নাটকৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবেও তেওঁ সংগঠকৰ দৰে কাম কৰিছিল৷ তেওঁ অংকীয়া নাটৰ আৰ্হি গ্ৰহণ কৰি আধুনিক নাটক ৰচনা কৰিছিল৷ এই প্ৰসংগত তিলক দাসৰ ‘সত্ৰীয়া সংগীত-সৌৰভ’ গ্ৰন্থত উল্লেখ আছে এনেদৰে– ‘‘শ্ৰীমন্ত শংকৰদেৱৰ কালজয়ী সাংস্কৃতিক অৱদান স্বৰূপ অংকীয়া নাটৰ আৰ্হিত আজিৰ যুগৰ উপযোগীকৈ কলাগুৰু ৰাভাই ‘ন পৃথিৱীৰ নতুন যুগ’ নামৰ নাট ৰচনা কৰি নাট্য-উৎসৱত মঞ্চস্থ কৰাৰ প্ৰচেষ্টাৰে আঁচনি কৰিছিল৷ সূত্ৰধাৰ, গীতনৃত্যৰ বহুল ব্যৱহাৰেৰে অসমৰ স্বাধীনতাৰ সুদীৰ্ঘ সংগ্ৰামৰ বুৰঞ্জীক কেন্দ্ৰ কৰি বৰ অসমীয়াৰ সমাজ জীৱনৰ পটভূমিত অতি সুন্দৰভাৱে সজাই তোলা এই নাটখনতেই তাৰ পৰিসমাপ্তি ঘটে৷ শংকৰদেৱৰ অনুগামী ৰাভাৰ অনুপম সৃষ্টি এই নাটখনৰ পৰৱৰ্তী কালত আন কোনো নাট্যকাৰে এই অভিনৱ নাট্যধাৰা বজাই ৰখাৰ যত্ন নকৰিলে, পৰীক্ষামূলকভাৱে হ’লেও এনে নাট ৰচনা আৰু মঞ্চস্থ কৰাত কোনো নাট্যকাৰ, অভিনেতা, পৰিচালক আগ্ৰহী নোহোৱাৰ ফলত থান-সত্ৰৰ প্ৰাচীন নাটৰ ধাৰা তাতেই আবদ্ধ হৈ থাকিল৷’’ (তিলক দাস, সত্ৰীয়া সংগীত-সৌৰভ, পৃষ্ঠা-৯৫) 

বিষ্ণুপ্ৰসাদ ৰাভাই বাদ্য, গীত-মাত, নৃত্য আদি সম্পৰ্কেও যথেষ্ট অধ্যয়ন আৰু গৱেষণা কৰিছিল৷ ‘‘গায়ন-বায়নৰ বোল: বিভিন্ন সত্ৰৰ:’’ শীৰ্ষক প্ৰবন্ধত ৰাভাই খোল-তালৰ উৎপত্তি, দিনৰ বাজনাৰ বোল, ৰাজিৰ বাজনাৰ বোল, ঘোষা ধেমালি, সৰু ধেমালি, বৰ ধেমালি, নাট ধেমালিস সূত্ৰধাৰৰ বিভিন্ন নাচ-ভংগি আদিৰ বোলসমূহ প্ৰণালীবদ্ধভাৱে দেখুৱাইছে৷ তদুপৰি এই প্ৰবন্ধত অন্তৰ্ভুক্ত হোৱা সাম্যন্ত হৰণ, শ্ৰীকৃষ্ণ নৃত্য, চালি নাচ, যুদ্ধৰ বাজনা, সদাশিৱৰ নাচ, অসুৰ নাচ, বীৰৰ নাচ, নাৰদৰ নাচ, বানৰ নাচ, গোপী নাচ, মহাৰাস ভংগি আদিৰ বোলসমূহলৈ চাই বুজিব পাৰি যে বৰগীত, বাদ্যযন্ত্ৰ, খোল, বিভিন্ন তাল আদিৰে মহিমামণ্ডিত সত্ৰীয়া সংগীতৰ বৈশিষ্ট্যসমূহে ৰাভাক গভীৰভাৱে আকৰ্ষিত কৰিছিল৷ এই সংগীতৰ প্ৰতি ৰাভাই গভীৰ শ্ৰদ্ধা নিৱেদি তাৰ সংৰক্ষণৰ বাবে শিল্পীজনাই বিভিন্ন সত্ৰলৈ গৈ তাৰ পৰা বহু সমল উদ্ধাৰ কৰে৷ নিৰ্ধাৰিত তালসহ বৰগীতৰ স্বৰ লিখি উলিয়াই৷ এনেবিলাক অধ্যয়নত ৰাভাই অসমৰ বিভিন্ন সত্ৰ আৰু সত্ৰসমূহৰ সৈতে সম্পৰ্কিত ব্যক্তিৰ ওচৰলৈয়ো গৈছে৷’’ (বিষ্ণুপ্ৰসাদ ৰাভাঃ ব্যক্তিত্ব আৰু প্ৰতিভা, পৃষ্ঠা-২৭৩)

প্ৰবন্ধ
বিষ্ণুপ্ৰসাদ ৰাভাই অসমৰ সমাজ জীৱনক সূক্ষ্মভাৱে নিৰীক্ষণ কৰি কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰবন্ধ লিখি থৈ গৈছে৷ শংকৰদেৱে যেনেদৰে ধৰ্ম প্ৰচাৰৰ বাবে সাহিত্য, সুকুমাৰ কলা, সংগীত, নৃত্য-বাদ্যৰ সহায় লৈছিল৷ ৰাভায়ো অনুৰূপভাৱে এই উপকৰণবোৰৰ সহায়ত নিজৰ মনৰ ভাৱ, কৰণীয় বিষয় আদি জণসাধাৰণৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস কৰিছিল৷ তেওঁৰ প্ৰবন্ধবোৰ তত্ত্বগধূৰ আৰু গৱেষণাধৰ্মী৷ তেওঁৰ প্ৰবন্ধবোৰত অসমীয়া কৃষ্টি-সংস্কৃতিৰ লগতে ৰাজনৈতিক, অৰ্থনৈতিক, শৈক্ষিক, ভাষিক আৰু ধৰ্মীয় অধিকাৰ, অসমৰ বিভিন্ন ভাষাৰ তাত্ত্বিক আলোচনাৰ লগতে বড়ো জনগোষ্ঠীৰ বৰ্ণিল সংস্কৃতিৰ বৰ্হিপ্ৰকাশ ঘটিছে৷ সেইদৰে তেওঁৰ প্ৰবন্ধবোৰৰ বিভিন্ন ঠাইত শংকৰদেৱৰ প্ৰয়ংগয়ো স্থান পাইছে৷ অসমৰ সংস্কৃতি, সভ্যতাৰ কথা ক’বলৈ গৈ প্ৰতিবাৰেই তেওঁ শংকৰী সংস্কৃতিৰ শ্ৰীবৃদ্ধিৰ বাবেই কাম কৰিছে৷

শঙ্কৰদেৱক পৃথিৱীৰ তিনিজন মহাপুৰুষৰ এজন বুলি ‘প্ৰসংগ শঙ্কৰদেৱ’ প্ৰবন্ধত উল্লেখ কৰিছে৷ ৰাভাৰ মতে আন দুজন  মহাপুৰুষ হ’ল– শ্ৰীকৃষ্ণ আৰু  ইটালীৰ লিউনাৰ্দো দ্য ভিন্সি৷ তেওঁ প্ৰবন্ধটোত উল্লেখ কৰিছে এনেদৰে– ‘‘এজন আছিল অসমৰে মহাপুৰুষ শ্ৰী শ্ৰী শঙ্কৰদেৱ, যাক আজিও অসমে গুৰু বুলি পূজা কৰি থাকে৷ সঁচাকৈয়ে আজি শঙ্কৰদেৱৰ যিকোনো কৃষ্টি বা সাহিত্য বাদ দিলে অসমীয়াৰ মৃত্যু হ’ব৷ শঙ্কৰ নাথাকিলে অসমীয়াৰ একো নাথাকে৷ এনে যি শঙ্কৰদেৱ, তেৰাই কিনো নাজানিছিল, কিনো নিদিছিল, কিনো নিলিখিছিল৷ অসমীয়াক তেৰাই সকলো দি গৈছিল৷’’ (বিষ্ণুপ্ৰসাদ ৰাভা ৰচনাৱলী, দ্বিতীয় খণ্ড, পৃষ্ঠা-৭২)

বৃহত্তৰ অসমীয়া জাতিৰ নিৰ্মাণ সম্পৰ্কীয় এক বিষয়ত তেওঁ এনেদৰে উল্লেখ কৰিছে–‘‘কোনো শ্ৰেণী, জাতি বা গোষ্ঠীয়ে নিজৰ ধৰ্ম, সংস্কৃতি, ভাষা সাহিত্য বাদ দিবলৈ মই কোৱা নাই৷ নিজস্ব বৈশিষ্ট্যখিনি শক্তিশালী কৰি উমৈহতীয়া অসমীয়া সংস্কৃতি হিচাপে শঙ্কৰদেৱৰ মহান সংস্কৃতি আদৰি ল’লেহে অসমীয়া জাতি একতাবদ্ধ হ’ব আৰু অসমীয়া জাতি শক্তিশালী হ’ব৷’’ (আৱাহন, ‘সংগীত আৰু শ্ৰী শ্ৰী শঙ্কৰদেৱ গায়ন’, দ্বিতীয় বছৰ, তৃতীয় সংখ্যা) ভাৰতীয় সংগীতৰ ক্ষেত্ৰখনত শঙ্কৰদেৱৰ গুৰুত্ব আৰু প্ৰভাৱ সম্পৰ্কে উল্লেখ কৰিবলৈ গৈ একেটা প্ৰবন্ধতে তেওঁ উল্লেখ কৰিছে এনেদৰে– ‘‘ভাৰতীয় সংগীতশাস্ত্ৰ যে কিমান জটিল তাক সংগীত শাস্ত্ৰজ্ঞ নহ’লে বুজা টান৷ যিজন ঋষিয়ে এই সংগীতশাস্ত্ৰত বুৎপত্তি লাভ কৰিব পাৰিব, যিজনে ব্ৰহ্মচৰ্য ব্ৰত অৱলম্বন কৰিব পাৰিব, যিজনে চিৰদিন সাত্ত্বিকভাৱে জীৱন যাপন কৰিব পাৰিব, সেইজন মাহাপুৰুষ সংগীত বিশাৰদ হ’ব আৰু তেৱেই সংগীতজ্ঞৰ আদি নাদ ৰূপী ব্ৰহ্মক লাভ কৰিব পাৰিব৷ এনে জটিল বিজ্ঞানত এজন মহাপুৰুষে দক্ষতা লাভ কৰিছিল৷ তেওঁ মহাপুৰুষ শ্ৰীশ্ৰী শঙ্কৰদেৱ গায়ন৷’’ (আৱাহন, ‘সংগীত আৰু শ্ৰী শ্ৰী শঙ্কৰদেৱ গায়ন’, দ্বিতীয় বছৰ, তৃতীয় সংখ্যা)

মাক্সৰ্ৰ সাম্যবাদ আৰু গান্ধীৰ সাম্যবাদৰ আগতে শঙ্কৰদেৱেই সাম্যবাদৰ নীতি প্ৰচাৰ কৰিছিল বুলি বিষ্ণুৰাভাই উল্লেখ কৰি থৈ গৈছে৷ জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোকে সমতাৰ দৃষ্টিৰে চোৱা শঙ্কৰদেৱৰ যি উদাৰ দৃষ্টিভঙ্গী, সেই দৃষ্টিভঙ্গীকেই বিষ্ণুপ্ৰসাদ ৰাভাই গ্ৰহণ কৰিছে৷ বিষ্ণুৰাভাৰ মতে– ‘‘ভাৰতত তিনিটা ঘাই সংগীত পদ্ধতি আছে– হিন্দুস্থানী সংগীত পদ্ধতি; কৰ্ণাটকী সংগীত পদ্ধতি আৰু কামৰূপীয়া সংগীত পদ্ধতি৷ ... শ্ৰীশঙ্কৰদেৱে বিথোফিনৰ দৰে অসমৰ জলবায়ু অনুযায়ী সংগীত সৃষ্টি কৰি অসমীয়াক নতুন বিধৰ সংগীত চৰ্চা কৰিবলৈ শিক্ষা দান কৰিছিল৷ তথাপি অসমীয়াই এই মহাপুৰুষৰ মাহাত্ম্য নুবুজি-নাজানি অৱজ্ঞা কৰি হিন্দুস্থানী, বঙালী সংগীতৰ ফালে ঢলি পৰিছে আৰু তাৰ লগে লগে অসমীয়াৰ গৌৰৱৰ বস্তু শ্ৰীমন্ত শঙ্কৰদেৱ গায়নৰ ৰাগবোৰো ক্ৰমান্বয়ে বিকৃত আৰু লুপ্ত হৈ আহিছে৷’’ (বিষ্ণুৰাভা ৰচনাৱলী, প্ৰবন্ধ–অসমীয়া কৃষ্টিৰ চমু আভাস) ইয়াৰোপৰি পুৰণি পুথিৰ ভাঙনি কৰি বিষ্ণুপ্ৰসাদ ৰাভাই শঙ্কৰদেৱৰ জীৱনীৰ কিছু অংশ সহজ-সৰলকৈ লিখিছিল৷  বাঁহী আলোচনীত এই লেখা প্ৰকাশিতও হৈছে৷ (ভিন্নজনৰ দৃষ্টিত বিষ্ণুপ্ৰসাদ ৰাভা, পৃষ্ঠা-১০৮)

নৃত্য
ৰাভা এগৰাকী নৃত্য বিশাৰদ আছিল৷ তাণ্ডৱ নৃত্যৰ বাবে তেওঁৰ নাম জনপ্ৰিয়  হোৱাই নহয়, বৰঞ্চ আজিৰ প্ৰেক্ষাপটতো অসম ৰাজ্যত তেওঁৰ দৰে তাণ্ডৱ নৃত্য পাৰ্গত এগৰাকী নৃত্য বিশাৰদৰ অভাৱ৷ ‘কলাগুৰু’ অভিধাৰে বিভূষিত এই ৰাভাই নৃত্যৰ মাজতো শংকৰদেৱৰ আদৰ্শ আৰু সত্ৰীয়া সংস্কৃতিৰ প্ৰভাৱ পৰিছিল৷ ‘‘ৰাভাৰ নৃত্য-গৱেষণাৰ ওপৰত সত্ৰীয়া সংস্কৃতিৰ গভীৰ প্ৰভাৱ থকাটো স্বাভাৱিক আৰু যুক্তিপূৰ্ণ৷ সেই প্ৰভাৱৰ বলতে তেওঁ নিজা প্ৰতিভাৰে নৃত্য সংযোজনা কৰিব পাৰিছিল৷ সত্ৰীয়া নৃত্য-গীতৰ পৰিৱেশনত যেনে ওজাপালি, ঘোষা-কীৰ্তন, খোল-তাল, নাগেৰা, ডবা, কালি আদিৰ সতে সংযোজিত বিভিন্ন ৰস, নৃত্যছন্দ, মনোৰম ভংগিৰ অংগ সঞ্চালন, পদচালন, ওৰা, গতি আদি গায়ন-বায়নৰ ভিন্ন লয়ত গীত নৃত্যৰ সৌন্দৰ্য প্ৰকাশত মোহিত হৈ পৰা ৰাভাই সেইবোৰৰ সূক্ষ্মাতিসূক্ষ্ম নিৰীক্ষণ কৰিছিল৷ সেয়েহে ৰাভাৰ নৃত্য সৃষ্টিত মৌলিকতা বিৰাজমান, তদুপৰি সত্ৰীয়া সংস্কৃতিত নিহিত হৈ থকা জনজাতীয় প্ৰভাৱ আৰু সমসাময়িক বিভিন্ন লোকগীত-লোকনৃত্য, যেনে– দেৱদাসীনৃত্য, বিহু-নৃত্য, ওজাপালি, ঢুলীয়া নৃত্য (বৰঢোল, জয়ঢোল, বিহু আদি স্থানীয় ৰহণ Local Colour) আদিৰে ৰাভাই গৱেষণা কৰিছিল৷’’ (বিষ্ণুপ্ৰসাদ ৰাভা, ব্যক্তিত্ব আৰু প্ৰতিভা, পৃষ্ঠা-২৬৫)

বিষ্ণুপ্ৰসাদ ৰাভাৰ সাংগঠনিক কামবোৰত শঙ্কৰদেৱৰ প্ৰসংগ

সামাজিক প্ৰসংগ
চৰকাৰ আৰু ৰাষ্ট্ৰযন্ত্ৰই বিষ্ণুপ্ৰসাদ ৰাভাক কমিনিউষ্ট হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল যদিও তেওঁ কিন্তু লেনিন, ষ্টেলিন, মাও চে টুঙৰ সম্পূৰ্ণ আদৰ্শ গ্ৰহণ কৰা নাছিল৷ বিষ্ণুপ্ৰসাদ ৰাভাই অসমত কমিনিউজিমৰ আদৰ্শৰ বীজ সিঁচিছিল একমাত্ৰ শংকৰদেৱৰ আদৰ্শতহে৷ তেওঁ সত্ৰ ভ্ৰমণ কৰিবলৈ গৈয়ো শংকৰদেৱক লিঅ’নাৰ্ডো দা ভিন্সিৰ লগত তুলনা কৰি কৈছে যে- দুয়োগৰাকী মহান ব্যক্তিয়ে প্ৰগতিবাদী বিজ্ঞানৰ এক নতুন অভিজ্ঞতাৰ আৰম্ভ কৰিছিল৷ আনকি বিষ্ণুপ্ৰসাদ ৰাভাই নিজৰ লগত সত্ৰ ভ্ৰমণ কৰিবলৈ ভূপেন হাজৰিকা, গজেন বৰুৱাকো লগত লৈ গৈছিল৷ বিষ্ণুৰাভাৰ বন্ধু প্ৰফুল্লপ্ৰাণ মহন্তই এই প্ৰসংগত কৈছে যে– বৰপেটা সত্ৰলৈ গৈ ৰাভাদেৱে প্ৰশ্ন কৰিছিল যে কীৰ্তন ঘৰৰ বাৰাণ্ডাই বাৰাণ্ডাই আইসকলৰ বাবে কিয় প্ৰৱেশৰুদ্ধ লক্ষ্মণৰেখা সৃষ্টি হৈছে; কেতিয়া আৰু কিয় বা হ’ল– ইয়াৰ উত্তৰ দিওঁতা নোলাল৷ আনকি মাজুলীৰ এখন ৰাজকীয় সত্ৰ প্ৰৱেশ কৰি তাৰ কিছু কাৰুকাৰ্য দেখি তেওঁ লগৰ সংগীকেইজনৰ আগত দুখ প্ৰকাশ কৰিছিল এনেদৰে– ‘‘সঁচাকৈয়ে গুৰুজনাৰ ধৰ্ম-সংস্কৃতি ৰক্ষা কৰিবলৈ আমি নতুন বিপ্লৱ কৰিব লাগিব, তেহে আমি শংকৰগুৰুৰ দেশত জীয়াই থকাৰ সাৰ্থক হ’ব৷ সত্ৰই-সভাই যদি অসমীয়া ভাষা বাদ দি বাংলা ভাষাক স্থান দিয়ে, বাকীবিলাকলৈ খাকিল কি৷ (ৰাভাৰ আভা, স্মৰণিকা, প্ৰফুল্ল বৰ্মন, পৃষ্ঠা-১৭)

সত্ৰীয়া নৃত্যৰ ওজা যতীন গোস্বামীয়ে উল্লেখ কৰিছে যে– ‘‘বিষ্ণুপ্ৰসাদ ৰাভাই ওজাপালিৰ ৰূপটোক ধৰি ৰাখিছিল, বিহুগীতৰ স্বৰলিপি পৰ্যন্ত কৰি সেই ঐতিহ্যমণ্ডিত সুৰবোৰ সংৰক্ষণ কৰাত গুৰুত্ব প্ৰদান কৰিছিল৷ বৰগীতৰ স্বৰলিপি আৰু সত্ৰীয়া তালবোৰ লিপিবদ্ধ কৰি তাৰো এক দিহা লগোৱাৰ চেষ্টা কৰিছিল৷ বিশেষকৈ ৰাগ মালিতাৰ যিখিনি কথা তেওঁ গুণেশ্বৰ পাঠকৰ পৰা সংগ্ৰহ কৰিছিল সেইখিনিও আছিল দুৰ্লভ৷’’ (মুক্তি দেউলৰ ৰূপকাৰ, পৃষ্ঠা-২৯)

শঙ্কৰদেৱৰ চিন্তা-কৰ্মৰ মাজত ৰাভাই এটা পৰ্যায়লৈকে সাম্যবাদী আদৰ্শৰ প্ৰতিফলন দেখিছিল৷ তেওঁ আনকি এনেদৰেও কৈছিল– ‘‘মাক্সৰ্ৰ সাম্যবাদ আৰু গান্ধীৰ আগেয়ে তেওঁ (শংকৰদেৱ) তেনে নীতি প্ৰচাৰ কৰিছিল৷ সমালোচক মিলন নেওগে এই প্ৰসংগত উল্লেখ কৰিছে এনেদৰে– ‘সন্দেহ নাই যে এই কথা আৱেগৰ উচ্চাসহে মাথোন৷ ৰাভাই শংকৰদেৱৰ সমাজতাত্ত্বিক দিশটোৰ প্ৰতি বৰকৈ চকু দিয়া নাছিল৷ তেওঁ নিশ্চয় শঙ্কৰী আদৰ্শৰ জনজাতীয়-অজনজাতীয় সাধাৰণ মানুহেও আধ্যাত্মিক দিশত সমমৰ্যাদা পাব পৰা দিশটো, নামঘৰৰ আদৰ্শ, ঐতিহ্যবাদী আপুৰুগীয়া গীত-মাত-নাট-ভাওনা স্থাপত্য সাহিত্য আদি অনুপম সৃষ্টিৰে এটা সাংস্কৃতিক পৰম্পৰা সৃষ্টি কৰা কথাটো গভীৰ মনোযোগৰ লক্ষ্য কৰিছিল৷ সেয়ে তেওঁ শংকৰদেৱৰ ভক্তি-আদৰ্শক সাম্প্ৰতিক জনজাতীয়-অজনজাতীয় অসমীয়া বৃহৎ সমাজখনৰ বিকাশ আৰু সম্প্ৰীতিৰ প্ৰধান আধাৰ বুলি ভাবিছিল৷’ ১৯৪৫ চনত ৰচিত এটা গীতত তেওঁ কৈছিল–
শুনা হেৰা ভাই মহান কলাকাৰ শংকৰ আমাৰ
হওক আমাৰ আৰ্হি বিপ্লৱৰ
(মুক্তি দেউলৰ ৰূপকাৰ, পৃষ্ঠা-৫৮)

জ্যোতিৰ ‘জনতা’ৰ দৰে বিষ্ণুৰাভাৰ ‘ৰাইজ’ এই শঙ্কৰদেৱৰ আদৰ্শ আৰু সৃষ্টিৰ আধাৰ হোৱাৰ বাবেই ৰাভাই শঙ্কৰদেৱৰ মাজত নিজৰ সাম্যবাদী আদৰ্শৰ প্ৰেৰণা লাভ কৰিছিল৷ কিন্তু মিলন নেওগে এই বুলি সমালোচনা কৰিছে যে– জ্যোতিপ্ৰসাদে ভবাৰ দৰে (ৰচনাৱলী–৪৬২-৬৩) ৰাভাই কিন্তু জনজাতিসকলৰ মাজত মহাপুৰুষীয়া সংস্কৃতি প্ৰচাৰ কৰি তেওঁলোকক ‘অসমীয়া কৰা’ৰ কথা চিন্তা কৰা নাছিল৷ কাৰণ, জনজাতীয় মূলৰ সন্তান হোৱা বাবে ৰাভাই মৰ্মে মৰ্মে অনুভৱ কৰিব পাৰিছিল যে ‘অসমীয়াকৰণ’ৰ নামত জনজাতিসমূহৰ স্বকীয়তা বিলুপ্তিয়ে জনজাতিসকলক যুগে যুগে কৰি অহা বঞ্চনা-অৱহেলা-বৈষম্যমূলক অৱমাননাৰপৰা মুক্ত কৰিব নোৱাৰি৷ ছাত্ৰ অৱস্থাতে শংকৰদেৱৰ কৃষ্টিসম্ভাৰ বৰপেটা সত্ৰৰপৰা বাহিৰলৈ উলিয়াই আনিবলৈ বিচৰাত ৰাভাৰ বিৰুদ্ধে অধিকাৰসকলে ‘ম্লেচ ল’ৰাই ধৰ্ম নষ্ট কৰিলে’ বুলি বিচাৰ সভা পাতিলে৷ (শশী শৰ্মা, সৈনিক শিল্পী বিষ্ণুৰাভা, সম্পা. ড॰ হীৰেণ গোহাঁই, পৃষ্ঠা- ৬৯) এই ধৰণৰ অভিজ্ঞতাইও ৰাভাক নিশ্চয় বহু কিবা শিকাইছিল৷ সেয়ে তেওঁ জনজাতীয় সংস্কৃতিৰ বৈভৱৰ সন্ধান আৰু ঐতিহ্যৰ শুভদিশবোৰ উদ্‌ঘাটনত আন্তৰিকতাৰে চেষ্টা কৰিছিল৷ 

এফালে শংকৰী সংস্কৃতি (Great tradition) আৰু আনফালে জনজাতীয় কৃষ্টিৰ (Little tradition) গভীৰ পৰিচয়েৰে ৰাভাই হয়তো বুজিব পাৰিছিল যে শংকৰী কৃষ্টিৰ বিকাশত জনজাতীয় কৃষ্টিৰ অনুপ্ৰেৰণা আছে৷ এনে ঘটনাই সমন্বয়প্ৰয়াসী ৰাভাক উৎসাহিত কৰাই স্বাভাৱিক৷ যি কি নহওক, জনসমাজৰ সাংস্কৃতিক সম্পদে শংকৰদেৱৰ হাতত যিদৰে নৱৰূপত উদ্ভাসিত হৈছিল, সেয়া উদ্‌ঘাটন আৰু প্ৰচাৰৰ মাজত ৰাভাই সমন্বয় চিন্তাৰ সন্ধান পাইছিল৷ 

মাধুৰ্যমণ্ডিত বৰুৱাই বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে কৈছে এনেদৰে– ‘‘ৰাভাক আমি নিৰ্দিষ্ট বিশেষণেৰে বিশেষিত কৰিব নোৱাৰোঁ; সঁচা অৰ্থত এনেুকৱা বিশেষণৰ তেওঁ বহু উধ্বৰ্ত৷ শংকৰদেৱৰ পাছৰ ৰাভাই সম্ভৱতঃ এনে এজন প্ৰতিভাৱান অসমীয়া, যাৰ কোনো এক বিশেষ যোগ্যতাৰ অভাৱ বুুলি ক’ব নোৱাৰি৷ কিন্তু এনেকুৱা এজন অসমীয়াকেই আমি কেৱল ‘কলাগুৰু’ অথবা ‘কমিউনিষ্ট’– এই দুয়োটাৰ যিকোনো এটা সংকীৰ্ণতাৰে সামৰি ৰাখিছোঁ আমি ভাবোঁ, শংকৰদেৱে মধ্যযুগত অসমীয়া জাতি-গঠন প্ৰক্ৰিয়াৰ যি পাল তৰিছিল, তাক আধুনিক কালত আঁতি-বান্ধি ৰাখিবৰ যত্ন কৰা সৰ্বগ্ৰাণী মানুহজন– বিষ্ণুপ্ৰসাদ ৰাভা৷ (মুক্তি দেউলৰ ৰূপকাৰ, পৃষ্ঠা-১২৪)

বিষ্ণু প্ৰসাদ ৰাভাই তেওঁৰ একাধিক ভাষণত শংকৰদেৱৰ প্ৰসংগ আনিছে৷ ৰাভৰ দৃষ্টিত ‘শংকৰদেৱ গুৰু’’; কিন্তু ধৰ্মীয় সংকীৰ্ণতাই আৱৰা ক্ষেত্ৰখনৰ নহয়, ‘অসমীয়াৰ প্ৰাণ’– অৰ্থতহে ‘গুৰু’৷ ৰাভাই ভাৱে, ‘শংকৰ নাথাকিলে অসমীয়াৰ একোৱেই নাই৷ (বিষ্ণুপ্ৰসাদ ৰাভা ৰচনাৱলী, পৃষ্ঠা-৯৪০) আনকি ‘শুনা শুনা শুনা, শুনা হেৰা ভাই, মহান কলাকাৰ শঙ্কৰ আমাৰ, হওক আমাৰ আৰ্হি বিপ্লৱৰ বুলি শঙ্কৰদেৱৰ আদৰ্শকে সাম্যবাদ আৰু বিপ্লৱৰ আধাৰ চিহাপে গ্ৰহণ কৰাৰ কথা কৈছে৷

শংকৰদেৱৰ সাংস্কৃতিক অভ্যুত্থানে জ্যোতিপ্ৰসাদক যেনেভাৱে সাংস্কৃতিক সমন্বয় গঢ়াৰ অনুপ্ৰেৰণা যোগাইছিল সেই অনুপ্ৰেৰণাই উত্তৰসূৰী ৰাভাকো আগবঢ়াই নিছিল গণমুক্তিৰ পথৰ সন্ধানত৷ শিৱনাথ বৰ্মনে উল্লেখ কৰিছে যে– ‘‘শংকৰদেৱৰ ধৰ্মীয় ভৱাদৰ্শতকৈয়ো বিষ্ণুৰাভাক আকৰ্ষণ কৰিছিল শংকৰৰ শৌৰ্য-বীৰ্যই, তেওঁৰ সাংস্কৃতিক প্ৰতিভাই, অসমৰ সামাজিক সংহতিত তেওঁৰ অৱদানে, সবাতোকৈ ডাঙৰ কথা, তেওঁৰ বিশ্ব-মনৱত্বই, যিবিলাকত আকৃষ্ট হৈছিল অসমীয়া নৱ-জাগৰণে৷ আন এগৰাকী পথিকৃত জ্যোতিপ্ৰসাদ আগৰৱালাও৷ অসমীয়া নৱ-জাগৰণৰ প্ৰতিভু হিচাপে জ্যোতিপ্ৰসাদৰ দৰেই বিষ্ণুৰাভাও আছিল মানুহৰ সৰ্বাংগীন বিকাশৰ ধাৰণাত বিশ্বাসী আৰু এনে এক সৰ্বগুণাকৰ পুৰুষ হিচাপেই শংকৰদেৱক তেওঁ গুৰু মানিছিল৷ (সৈনীক শিল্পী বিষ্ণুৰাভা, হেমাংগ বিশ্বাসৰ প্ৰবন্ধ, পৃষ্ঠা-১৮৩)

সংহতি-প্ৰেমী ৰাভা শংকৰদেৱৰ বিশ্ব-মানৱতা তেজাল সাংস্কৃতিক প্ৰতিভা আৰু সামাজিক সংহতিত মুগ্ধ হৈছিল৷ শংকৰদেৱৰ প্ৰতিভা বিশ্বজনীন বুলিহে তেওঁ অনুভৱ কৰিছিল৷ মহাপুৰুষজনাৰ অসাধাৰণ ব্যক্তিত্বক ৰাভাই যথেষ্ট সন্মানৰ দৃষ্টিৰে চাইছিল৷ (বিষ্ণুপ্ৰসাদ ৰাভাঃ ব্যক্তিত্ব আৰু প্ৰতিভা, পৃষ্ঠা-২২৯)

শ্ৰীশংকৰদেৱৰ কীৰ্তিৰ ওপৰত তেওঁ এবাৰ এখন বোলছবি উলিওৱাৰ প্ৰস্তুতি চলাইছিল৷ সেই উদ্দেশ্যে তেওঁ বৰপেটাৰ ‘মিলন মন্দিৰ’ত স্থানীয় শিল্পী, সাহিত্যিক আৰু কালানুৰাগীৰ এখন সমজুৱা সভাত উক্ত পৰিকল্পনাৰ ব্যাখ্যা কৰিছিল কিদৰে আলো-ছায়াৰ সংমিশ্ৰণত পৰ্দাত ‘ত্ৰিভুৱন বন্দন’, ‘যাকেৰি নাহিকে উপাম’, দৰশিত সুন্দৰ’ শ্ৰীমন্তশংকৰক প্ৰকাশ কৰিব, ইত্যাদিৰ বিষয়ে৷ কিন্তু পৰিকল্পনাটোৱে সময়ত বাস্তৱ ৰূপ পোৱাত কোনো সঁহাৰি নাপালে৷ (তিলক দাস, বিষ্ণুৰাভা এতিয়া কিমান ৰাতি, পৃষ্ঠা-২৪৬-২৪৭)

ধৰ্মীয় প্ৰসংগ
প্ৰবীণ গায়ক গীতিকাৰ কমল হাজৰিকাৰ মতে ১৯৪০ চনত শ্বিলঙত শঙ্কৰদেৱৰ তিথি পাতি বিষ্ণুৰাভাক আমন্ত্ৰণ জনাইছিল উদ্যোক্তাসকলে৷ উদ্যোক্তাসকলৰ নেৰা-নেপেৰা অনুৰোধ উপেক্ষা কৰিব নোৱাৰি থাওকতে দুটি গীত ৰচনা কৰাৰ লগতে সুৰাৰোপ কৰি উপহাৰ দিছিল৷ সেই গীত দুটা হ’ল– ‘অ’ অসমীয়া ডেকা দল’ আৰু ‘অ’ পূজাৰী, দিলো বৰণ শৰাই’৷

ৰাভাই কৈছিল– ‘‘বৰপেটাধাম অসমীয়াৰ পুণ্যভূমি৷ শ্ৰীমন্ত শংকৰৰ শেহলীলা নিকেতন৷ মাধৱদেৱ মহাপুৰুষে জ্বলোৱা অক্ষয় বন্তিৰ পোহৰত উজ্বল৷ (বিষ্ণুৰাভা ৰচনাৱলী, পৃষ্ঠা-২৭৪)

বৰপেটা আৰু তেজপুৰতেই ৰাভাই পোন প্ৰথমে গৱেষণাৰ কামত আত্মনিয়োগ কৰে৷ বৰপেটাৰ ভিনিহিয়েকৰ ঘৰত খোপনি পিতি ৰাভাই বৰপেটাৰ গৰ্ভ বিদাৰি তাত থকা সংস্কৃতিৰ বুজ লয়৷ তাতেই তেওঁ শংকৰী-সংস্কৃতিৰ প্ৰকৃত ৰূপটোৰ সৈতে পৰিচিত হয়৷ বৰপেটাৰ বিভিন্ন সত্ৰক কেন্দ্ৰ কৰি ধ্বনিত  হৈ থকা বৰগীতৰ সুৰ, খোল-তালৰ মধুছন্দ, ঘোষা-কীৰ্তনৰ মৃদু লহৰ আদিয়ে ৰাভাৰ শিল্পী মনত এক নৱ উন্মেষৰ সৃষ্টি কৰে৷ শংকৰী সংগীত-নৃত্য-বাদ্যৰ সৈতে একাত্ম হৈ পৰাৰ সুযোগ লাভ কৰিলে তেওঁ এই বৰপেটাতেই৷ শংকৰী সংস্কৃতিৰ প্ৰতিটো দিশ মথি ৰাভাই শংকৰ-মাধৱদেৱৰ কাড়িক ছবি নিজ হাতে আঁকি এক অভিলেখ স্থাপন কৰে৷ ৰাভাই পাটবাউসীত থাকোতে নিজহাতে অঁকা শংকৰদেৱৰ ছবি তিনি হাজাৰ ছপা কৰি উলিয়াই– কলিকতাত৷ (বিষ্ণুৰাভা ৰচনাৱলী, পৃষ্ঠা-২৭৩)

শোণিতকোঁৱৰ গজেন বৰুৱাক নৃত্যকাৰ হিচাপে প্ৰস্তুত কৰিচিল বিষ্ণুপ্ৰসাদ ৰাভাই৷ তেওঁৰ দ্বাৰা নিৰ্মিত বাৰেচহৰীয়া ভাওনাৰ প্ৰথম কনচেপ্ট দিওঁতাজনো আছিল বিষ্ণুপ্ৰসাদ ৰাভা৷ সত্ৰ-সভাৰ লাইখুঁটাৰ মাজৰপৰাও সত্ৰৰ সংস্কৃতি ভঁৰাল উদঙাই সত্ৰীয়া সংস্কৃতিক বৈজ্ঞানিক ৰূপত প্ৰতিষ্ঠিত কৰাৰ প্ৰয়াস কৰিছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই৷ ইয়াৰ প্ৰতিফলনস্বৰূপে অসমৰ ভিন ভিন জিলা তথা বিভিন্ন স্থানত ভাওনাৰ প্ৰশিক্ষণ দি পাঁচশ বছৰীয়া ভাওনাক নতুন নতুন শিল্প উদ্যোগীৰ বাবে বিকশাই তুলিছিল৷ আনকি শ্বিলঙতো বিষ্ণুপ্ৰসাদ ৰাভাই জীৱেশ্বৰ গোস্বামী, লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা, গিৰিকান্ত মহন্ত, হেমেন মহন্ত আদি বহুকেইজনক লগত লৈ গুৰু পৰম্পৰা অংকীয়া নাট প্ৰচাৰৰ বাবে কাম কৰিছিল৷ (ৰাভাৰ আভা, স্মৰণিকা, প্ৰফুল্ল বৰ্মন, পৃষ্ঠা-১৭-১৮-২০)

উপসংহাৰঃ
পৰিশেষত আলোচনাৰপৰা নিম্নোক্ত সিদ্ধান্তসমূহত উপনীত হ’ব পাৰোঁ–
ক৷ বিষ্ণু প্ৰসাদ ৰাভাই সামজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক ক্ষেত্ৰখনত কাম কৰিবলৈ আগবাঢ়োতে আদৰ্শ ব্যক্তি (Role Model) হিচাপে গ্ৰহণ কৰা ব্যক্তিসকলৰ ভিতৰত শঙ্কৰদেৱ আছিল অন্যতম৷ এফালে বিষ্ণুৰাভা মাক্সৰ্বাদৰ সমৰ্থক আছিল আৰু সেই মাক্সৰ্ীয় চিন্তা-চেতনাৰ পোহৰতে তেওঁ অসমীয়া সমাজ জীৱন আৰু জাতিসত্তাৰ স্বৰূপ নিৰ্ণয়ৰ চেষ্টা কৰিছিল আৰু কমিউনিষ্ট পাৰ্টিত যোগদান কৰিছিল (চন-১৯৪৫) আনফালে মাক্সৰ্বাদ তেওঁ চিন্তা-চেতনাত নিহিত আছিল যদিও তাৰ ৰূপায়ণৰ বাবে মাৰ্ক্সীয় দৃষ্টিভংগী গ্ৰহণ কৰাৰ সমান্তৰালভাৱে শঙ্কৰদেৱৰ ধৰ্মীয় ৰীতি-নীতি আৰু সামজিক-সাস্কৃতিক ক্ষেত্ৰখনকো সমপৰিমাণেই গুৰুত্ব দিছিল৷

খ৷ বিষ্ণুৰাভাৰ চিন্তা-চেতনাত  কাৰ্লমাক্সৰ্, লেনিন, ষ্টেলিন, মাও চে টুং আদিৰ দৰে বিশ্বৰ বহুকেইজন বৰেণ্য ব্যক্তিৰ প্ৰভাৱ পৰাৰ লগতে অসমৰ শঙ্কৰদেৱ, লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা আদি বৰেণ্য ব্যক্তিসকলৰো প্ৰভাৱ পৰিছে৷ প্ৰকৃততে পূৰ্বৰ সমাজ বিপ্লৱীসকলৰ কৰ্মৰাজি আৰু আদৰ্শৰে মহিমামণ্ডিত হোৱাৰ ফলতেই বিষ্ণুৰাভাই নিজেও এজন সমাজ বিপ্লৱী আৰু সাংস্কৃতিককৰ্মী হিচাপে কাম কৰাৰ প্ৰেৰণা পাইছে৷ শঙ্কৰদেৱ আছিল বিষ্ণুৰাভাৰ সাংস্কৃতিক আৰু সমাজ সংস্কাৰৰ ক্ষেত্ৰখনৰ পথ পদৰ্শক৷ বিষ্ণুৰাভাই যি কমিনিউজিমৰ আদৰ্শৰ কথা প্ৰচাৰ আৰু প্ৰসাৰ কৰিছিল; তাৰো মূল ভিত্তি আছিল শঙ্কৰদেৱ৷

গ৷ অসমীয়া সংস্কৃতিক দুষ্কৃতিৰ গ্ৰাসৰপৰা চিৰকাল মুক্ত কৰি ৰাখিবলৈ হ’লে এখন নিকা সমাজবাদী সমাজ প্ৰতিষ্ঠা কৰিবলৈ হ’লে, সংস্কৃতি ৰক্ষাৰ ৰণত চিৰবিজয়ৰ পতাকা উৰাবলৈ হ’লে– গুৰু-গুৰিয়াল হিচাপে শ্ৰীশঙ্কৰদেৱক যে গ্ৰহণ কৰিবই লাগিব– এই সত্যটি বিষ্ণুপ্ৰসাদ ৰাভাই মৰ্মে মৰ্মে উপলব্ধি কৰিছিল৷ সেয়েহে তেওঁৰ সামগ্ৰিক কাম-কাজত শংকৰদেৱজন পৰোক্ষভাৱে লুকাই আছিল আৰু তেওঁ যি কাম কৰিছিল সেই কামে শংকৰী আদৰ্শক প্ৰসাৰ আৰু প্ৰচাৰ কৰাত সবল ভূমিকা গ্ৰহণ কৰিছিল৷

ঘ৷ অসমীয়া আধুনিক সঙ্গীতৰ ক্ৰমবিকশিত ধাৰাটোৰ সুৰযুক্ত ইতিহাস সুঁৱৰিবলৈ গ’লেই জ্যোতিপ্ৰসাদৰ পিছতেই শ্ৰদ্ধা আৰু গুৰুত্ব সহকাৰে নাম ল’ব লাগিব বিষ্ণু প্ৰসাদ ৰাভাৰ৷ ৰাভাৰ বহুকেইটা গীতৰ উপৰিও নাটক, প্ৰবন্ধ আদিত শঙ্কৰদেৱ আৰু তেওঁৰ দ্বাৰা সৃষ্ট শঙ্কৰী সংস্কৃতিৰ প্ৰসংগৰ উল্লেখ আছে৷ এই গীত বা নাটক, প্ৰবন্ধবোৰত তেওঁ শঙ্কৰদেৱক এজন মহাপুৰুষ হিচাপেই অংকন কৰাৰ প্ৰয়াস কৰিছে ৷ শংকৰদেৱৰ আদৰ্শ আৰু তেওঁ নিৰ্মাণ কৰা সামাজিক-সাংস্কৃতিক পৰিকাঠামোৱে যাতে সমগ্ৰ বিশ্বত ব্যাপ্তি লাভ কৰিব পাৰে; তাৰ বাবে তেওঁ গীত, নৃত্য, নাটক আদি মাধ্যমেৰেও শংকৰদেৱক প্ৰতিষ্ঠা কৰাৰ যত্ন কৰিছিল৷

ঙ৷ বিষ্ণু প্ৰসাদ ৰাভাই তেওঁৰ একাধিক ভাষণত শংকৰদেৱৰ প্ৰসংগ আনিছে৷ ৰাভৰ দৃষ্টিত ‘শংকৰদেৱ গুৰু’’; কিন্তু ধৰ্মীয় সংকীৰ্ণতাই আৱৰা ক্ষেত্ৰখনৰ নহয়, ‘অসমীয়াৰ প্ৰাণ’– অৰ্থতহে ‘গুৰু’৷ ৰাভাই ভাৱে, ‘শংকৰ নাথাকিলে অসমীয়াৰ একোৱেই নাই৷ আনকি ‘শুনা শুনা শুনা, শুনা হেৰা ভাই, মহান কলাকাৰ শঙ্কৰ আমাৰ, হওক আমাৰ আৰ্হি বিপ্লৱৰ বুলি শঙ্কৰদেৱৰ আদৰ্শকে সাম্যবাদ আৰু বিপ্লৱৰ আধাৰ হিচাপে গ্ৰহণ কৰাৰ কথা কৈছে৷ 

গ্ৰন্থপঞ্জীঃ
গোস্বামী, লোকনাথঃ অসমীয়া আধুনিক গান জন্মক্ৰন্দনৰ পৰা জাতীয় স্পন্দনলৈ, সাঁৰস্বত প্ৰকাশন,  প্ৰথম প্ৰকাশ, পৰিশোধিত দ্বিতীয় প্ৰকাশ, চেপ্তেম্বৰ, ২০১৪

চৌধুৰী, প্ৰসেনজিৎ, ইন্দিবৰ দেউৰীঃ জ্যোতি-বিষ্ণু, সাংস্কৃতিক ৰূপান্তৰৰ ৰূপৰেখা, অসম পাবলিচিং কোম্পানী, প্ৰথম প্ৰকাশ, ডিচেম্বৰ,২০১৮

দাস, যোগেশঃ [সম্পা] বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা সম্ভাৰ [প্ৰথম খণ্ড]

দাস, তিলকঃ বিষ্ণুৰাভা এতিয়া কিমান ৰাতি, চন্দ্ৰ প্ৰকাশ, ষষ্ঠ প্ৰকাশ, জুন, ২০০৫ 

ঐঃ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, বনলতা, চতুৰ্থ প্ৰকাশ, ২০১০

ঐঃ সত্ৰীয়া সংগীত-সৌৰভ, প্ৰথম প্ৰকাশ

দেৱী, হেমলতাঃ বিষ্ণুপ্ৰসাদ ৰাভা ব্যক্তিত্ব আৰু প্ৰতিভা, অসম প্ৰকাশন পৰিষদ, প্ৰথম প্ৰকাশ, ২০১৬

বৰা দিলীপ, অনুৰাধা শৰ্মাঃ মুক্তি দেউলৰ ৰূপকাৰ, জ্যোতি প্ৰকাশন, প্ৰথম প্ৰকাশ, ২০০৯

বিষ্ণুৰাভা সোঁৱৰণী গৱেষণা সমিতিঃ [সম্পা.] বিষ্ণুৰাভা ৰচনাৱলী, প্ৰথম খণ্ড [১৯৮৯], দ্বিতীয় খণ্ড

ৰাভা ৰচনাৱলী  প্ৰকাশন পৰিষদ, দ্বিতীয় মুদ্ৰণ, ২০০৮

মহন্ত, ৰাজীৱঃ বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত আৰু স্বৰলিপি, বনলতা, নৱম প্ৰকাশ, মে’, ২০১৭

হোছেইন, ইছমাইলঃ বিষ্ণুৰাভাৰ জীৱন আৰু দৰ্শন, জ্যোতি প্ৰকাশন, অষ্টম প্ৰকাশ, জুন, ২০১৭

হাজৰিকা, সূৰ্য্যঃ ভিন্নজনৰ বিষ্ণুপ্ৰসাদ ৰাভা, এছ, এইছ, শৈক্ষিক ন্যাস, প্ৰথম প্ৰকাশ, ২০০৮

আলোচনী
শৰ্মা, দীননাথঃ আৱাহন, দ্বিতীয় বছৰ, তৃতীয় সংখ্যা, ১৮৯৫

স্মৰণিকা
বৰ্মন, প্ৰফুল্লঃ ৰাভাৰ আভা, ৰাভাৰ পঞ্চাছ বছৰীয়া মহাপ্ৰয়ান উপলক্ষে  বৰপেটাত আয়োজন কৰা কেন্দ্ৰীয় কাৰ্যসূচী বিষ্ণু ৰাভা দিৱসত প্ৰকাশিত স্মৰণিকা, অসম সাহিত্য সভা, প্ৰথম প্ৰকাশ, ২০১৯

@ভাস্কৰ ভূঞা, গৱেষক ছাত্ৰ, গুৱাহাটী বিশ্ববিদ্যালয়, ফোন-৮৭৫১৯৪৩৩৮৭

Post a Comment

0 Comments