অৱতৰণিকা
ভাৰতবৰ্ষত জেমচ্ আগষ্টচ হিকিৰ নেতৃত্বত ‘বেংগল গেজেট’ (১৭৮০) কাকতৰ মাধ্যমেৰে সৰ্বপ্ৰথম বাতৰি কাকত প্ৰকাশৰ যাত্ৰাৰ শুভাৰম্ভ হয় আৰু ইয়াৰ প্ৰায় ৬৬ বছৰৰ পাছতহে অসমৰ শিৱসাগৰ জিলাৰ পৰা ‘অৰুনোদয়’ (১৮৪৬) আলোচনী প্ৰকাশ হয়৷ খ্ৰীষ্টান মিছনেৰীসকলৰ প্ৰচেষ্টাত প্ৰকাশিত ‘অৰুনোদয়’ আলোচনীৰ সময়ৰ পৰা সাম্প্ৰতিক সময়লৈকে অসমীয়া আলোচনীৰ ইতিহাসে এক সুদীৰ্ঘ গৰিমাময় পৰিক্ৰমা অতিক্ৰম কৰিছে৷ এই দীৰ্ঘ সময়চোৱাত অসমীয়া গ্ৰন্থৰ সমান্তৰালভাৱে আলোচনীসমূহেও বিশিষ্ট ৰূপ পৰিগ্ৰহণ কৰিবলৈ সক্ষম হৈছে৷ আলোচনীসমূহৰ বৈচিত্ৰ্য, সাহিত্যৰ বিধাসমূহৰ উপস্থাপনৰ লগতে সমকালীন সমাজ-সাহিত্য-সংস্কৃতিৰ তিনিওটা দিশকে সমপ্ৰতিনিধিত্ব কৰাৰ বাবেই মূলতঃ অসমীয়া সাহিত্যৰ যুগ বিভাজন ব্যক্তিকেন্দ্ৰিক হোৱাৰ পৰিৰ্ৱতে আলোচনীকেন্দ্ৰিক৷ এই আলোচনীসমূহৰ মাধ্যমেৰে অসমীয়া সাহিত্যৰ শ্ৰীবৃদ্ধি আৰু বিকাশ সাধন হৈছে৷ ঊনবিংশ শতিকাৰ মাজভাগতেই অসমীয়া আলোচনীসমূহে পত্ৰে-পুষ্পে বিকাশ লাভ কৰে যদিও বিংশ শতিকাতহে ইয়াৰ ব্যাপক প্ৰসাৰ আৰু প্ৰচাৰ হয়৷ এই সময়ছোৱাতেই অসমীয়া সাহিত্যত বিভিন্ন বিষয় আৰু বৈশিষ্ট্যক কেন্দ্ৰ কৰি কিছুমান পৃথক আলোচনী প্ৰকাশ হ’বলৈ ধৰে৷ বিভিন্ন আদৰ্শ, বিষয়বস্তু আৰু বৈশিষ্ট্যক কেন্দ্ৰ কৰি প্ৰকাশ হোৱা এই আলোচনীবোৰে আধুনিক অসমীয়া সাহিত্যৰ মূল পৃষ্ঠভূমিও গঢ়ি দিছে এই আলোচনীবোৰেই৷ বিভিন্ন মতবাদ আৰু নব্য সাহিত্যিক ধাৰাৰ আগমন ঘটিছে এই আলোচনীসমূহৰ জৰিয়তে৷ আলোচনীবোৰেই অসমীয়া সাহিত্য নিৰ্মাণৰ বাবে ভৱিষ্যতৰ মসৃণ পথ দেখুওৱা একমাত্ৰ সমল৷ এই আলোচনাত মূলতঃ বিংশ শতিকাত প্ৰকাশ আৰম্ভ হৈ একবিংশ শতিকাতো প্ৰকাশৰ ধাৰাবাহিকতা ৰক্ষা কৰা আৰু একবিংশ শতিকাত নতুনকৈ জন্ম লাভ কৰা বিনোদনধৰ্মী আলোচনীৰ বিষয়েহে আলোচনা কৰা হ’ব৷
আলোচনীবোৰৰ চাৰিত্ৰিক বৈশিষ্ট্য, আদৰ্শগত ভিন্নতা আৰু প্ৰকাশৰ লক্ষ্যৰ আধাৰত অসমীয়া আলোচনীসমূহক বিভিন্ন ভাগত বিভক্ত কৰিব পাৰি৷ এই বিভাগবোৰৰ ভিতৰত এটা বিশেষ জনপ্ৰিয় বিভাগ হৈছে— বিনোদনধৰ্মী আলোচনী৷ বিনোদনধৰ্মী আলোচনীসমূহে অসমীয়া সাধাৰণ শ্ৰেণীৰ পাঠকসকলৰ মাজত মনোৰঞ্জনৰ খোৰাক যোগানকাৰী সাহিত্য হিচাবে বিশিষ্ট স্থান অধিকাৰ কৰি আহিছে৷ বিনোদন শব্দটো শুনিলে কেৱল মনোৰঞ্জনৰ দিশটোৰ কথাই আমাৰ মনলৈ আহে যদিও এই আলোচনীসমূহত সময় সাপেক্ষে গহীন বিষয়ৰ লেখাও প্ৰকাশ হয়৷ সেইদৰে, এই শ্ৰেণীৰ আলোচনীবোৰৰ সামাজিক দায়বদ্ধতা প্ৰধান লক্ষ্য নহয় যদিও আলোচনীবোৰৰ পাতত সামাজিক-সাংস্কৃতিক বিষয়বোৰৰ প্ৰতিফলন যথেষ্ট পৰিমাণে আছে৷ শিল্প-সাহিত্য-সংস্কৃতি জগতৰ নতুন নতুন খবৰ, নতুন লেখক-লেখিকাৰ সৃষ্টিশীল লেখাৰ প্ৰচাৰ আৰু তেওঁলোকক সাহিত্য নিৰ্মাণৰ বাবে এখন মঞ্চ দিয়া আদি বিভিন্ন দিশবোৰতো এই আলোচনীসমূহে অসমীয়া সমাজ জীৱনলৈ বৰঙণি আগবঢ়াই আহিছে৷ বিনোদনধৰ্মী আলোচনীৰ সৃষ্টিৰ প্ৰাৰম্ভিক সময়ছোৱাৰ সম্পৰ্কে ‘কথা গুৱাহাটী’ৰ এটা সংখ্যাত উল্লেখ আছে এনেদৰে–
‘‘যদিও প্ৰথমাৱস্থাত আলোচনীসমূহত অসমীয়া ভাষা-সাহিত্যৰ বিকাশৰ বাবে কেৱল ভাষা-সাহিত্য-সংস্কৃতি বিষয়ক শিতান যেনে– সাহিত্য, ভাষাতত্ত্ব, দৰ্শন, ধৰ্মতত্ত্ব, তথ্যসমৃদ্ধ লেখাসমূহে প্ৰাধান্য লাভ কৰিছিল; কিন্তু পৰৱৰ্তী সময়ত এই আলোচনীসমূহৰ কেইটিমান পৃষ্ঠাত কেৱল পাতল ধৰণৰ মুখৰোচক সুখপাঠ্য লেখাও প্ৰকাশ হ’বলৈ ধৰে৷ কেৱল তত্ত্ব আৰু সাহিত্যৰ বিষয়বোৰে যাতে পাঠকৰ মনত বিৰাগ সৃষ্টি কৰিব নোৱাৰে, সম্ভৱতঃ সেইবাবেই আলোচনীসমূহত প্ৰথমতে বিনোদনধৰ্মী লেখাবোৰ অন্তৰ্ভূক্ত কৰা হৈছিল৷ যিহেতু আলোচনী সৃষ্টিৰ প্ৰথম পৰ্যায়ত কেৱল তথ্য সমৃদ্ধ লেখাই আলোচনীসমূহ গধুৰ কৰি তোলাৰ আশংকা কৰা হৈছিল, পৰৱৰ্তী সময়ত পঢ়ুৱৈ সমাজৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখিয়েই কোনো কোনো প্ৰকাশন গোষ্ঠীয়ে কেৱল মানুহক আমোদ বা মনোৰঞ্জন প্ৰদান কৰিব পৰাকৈ বিনোদনধৰ্মী আলোচনীসমূহ প্ৰকাশ কৰাৰ পোষকতা কৰে৷ ’১
বিনোদনধৰ্মী আলোচনীসমূহ ভাষা-সাহিত্য-সংস্কৃতি আদি বিষয়সমূহৰ পৰাসম্পূৰ্ণ পৃথক৷ এই আলোচনীসমূহে পাঠকক কেৱল মনোৰঞ্জন আৰু বিনোদনৰ খোৰাক প্ৰদান কৰে৷ তথ্য সমৃদ্ধ বা গৱেষণাধৰ্মী লেখা প্ৰকাশ কৰাটো আৰু মূলসুঁতিৰ সাহিত্যৰ উত্তৰণ সাধন তথা মৰ্যাদা ৰক্ষা কৰাটো বিনোদনধৰ্মী আলোচনীৰ লক্ষ্য বা বিশেষত্ব নহয়৷ অৱশ্যে বিনোদনধৰ্মী আলোচনীবোৰে সামাজিক দায়বদ্ধতা বা গৱেষণা আদি বিষয়ক গুৰুত্ব নিদিয়াকৈয়ো অসমীয়া সমাজ জীৱনলৈ যথেষ্ট অৰিহণা আগবঢ়াইছে৷ সাংস্কৃতিক জগতখনৰ বহুতো সমল, ধাৰণা, অগ্ৰগতিৰ খতিয়ান দাঙি ধৰাৰ লগতে লাইফ ষ্টাইল বিষয়ক গুৰুত্বপূৰ্ণ বিষয়, চেলিব্ৰেটিসকলৰ জীৱনশৈলী, সাক্ষাৎকাৰ, থিয়েটাৰকৰ্মীসকলৰ সৈতে জড়িত বিভিন্ন অনুপ্ৰেৰণামূলক লিখনি আদি বিনোদনধৰ্মী আলোচনীসমূহত প্ৰকাশ হৈছে৷ ইয়াৰ দ্বাৰা সাহিত্য-সংস্কৃতিৰ বহুবোৰ গৌণ সমল বা বিষয় ছপা মাধ্যমৰ মাজেৰে সংৰক্ষিত হৈছে৷ অসমৰ সাংস্কৃতিক ইতিহাস লিখিবৰ বেলিকা এই আলোচনীসমূহেই মুখ্য সমল হিচাবে ভূমিকা গ্ৰহণ কৰিব৷
মূলতঃ নৱপ্ৰজন্মক লক্ষ্য কৰি এই আলোচনীবোৰ প্ৰকাশ কৰা হয়৷ যুৱক-যুৱতীসকল আৰু গৃহিণীসকলৰ মাজত এই আলোচনীসমূহৰ জনপ্ৰিয়তা অধিক৷ সেইদৰে মধ্যবিত্ত শ্ৰেণীটো আৰু অভিজাত সমাজৰ মাজতো এই আলোচনীবোৰৰ গুৰুত্ব সৰ্বাধিক৷ এনে আলোচনীসমূহত বিজ্ঞাপনৰ মাত্ৰাটো বেছি৷ আলোচনীবোৰৰ ৰঙীন ফটো, গ্ৰাফিক্স, লে-আউট আদিত অত্যধিক গুৰুত্ব দিয়া হয়৷ বৰ্ণিত লেখাবোৰতো বহুসংখ্যক প্ৰাসংগিক আলোকচিত্ৰৰ সংযোগ কৰা হয়৷ অৱশ্যে, বৰ্তমান নব্য গণমাধ্যমৰ অত্যধিক ব্যৱহাৰে বিনোদনধৰ্মী আলোচনীসমূহলৈ সংকট নমাই আনিছে৷
অসমীয়া বিনোদনধৰ্মী আলোচনীৰ সাধাৰণ পৰিচয়
বিনোদনধৰ্মী আলোচনী বুলিলে সাহিত্য-কলা-সংস্কৃতি আদি বিষয়ৰপৰা নিলগত অৱস্থান কৰা; কেৱল পঢ়ুৱৈৰ অৱসৰ-বিনোদন, মনোৰঞ্জনৰ বাবে প্ৰকাশ কৰা একশ্ৰেণীৰ আলোচনীক বুজা যায়৷ এই আলোচনীসমূহৰ পটভূমি পোন প্ৰথমে সাহিত্য-সংস্কৃতি বিষয়ক গুৰুত্বপূৰ্ণ আলোচনীসমূহৰ পাততে নিৰ্মাণ হৈছিল যদিও পৰৱৰ্তী সময়ত পঢ়ুৱৈৰ চাহিদা তথা অভীৰুচি বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি কোনো-কোনো প্ৰকাশন গোষ্ঠীয়ে কেৱল বিনোদনধৰ্মী বিষয়ক আলোচনীকে প্ৰকাশ কৰিবলৈ লয় আৰু এনেকৈয়ে সৃষ্টি হয় বিনোদনধৰ্মী আলোচনীৰ প্ৰস্তুতিপৰ্ব৷ ‘‘বিনোদনধৰ্মী আলোচনীসমূহত তাত্ত্বিক বা চিন্তাশীল বিষয়ৰ পৰিৱৰ্তে কেৱল ৰেল মটৰত যোৱাৰ সময়ত বিশেষ কোনো চিন্তা নকৰাকৈয়ে কেৱল পাট লুটিয়াই চকু ফুৰাই সময়খিনি পাৰ কৰি দিব পৰা মুখৰোচক আৰু মনোৰঞ্জনকাৰী সুখপাঠ্য লেখাৰ সমাৱেশ দেখা যায়৷ ’’২
শিল্প-সংস্কৃতি বিষয়ক মুখৰোচক বা-বাতৰি, অভিনেতা-অভিনেত্ৰীৰ সৈতে সাক্ষাৎকাৰ, বোলছবিৰ খবৰ, চেলিব্ৰেটিৰ প্ৰেম-বিচ্ছেদৰ খবৰ, সাজ-পোচাক, গৃহ-নিৰ্মাণৰ বিভিন্ন আৰ্হি, অয়-অলংকাৰ আদিৰ লগতে বিজ্ঞাপন প্ৰচাৰো এই আলোচনীসমূহৰ মুখ্য বিষয়৷ সেইদৰে প্ৰেম, যৌনতা আদিও বিনোদনধৰ্মী আলোচনীৰ গল্প, উপন্যাস, কবিতা আদিৰ অন্যতম বিশেষত্ব৷ ৰহস্যধৰ্মী, ভৌতিক, ৰোমাঞ্চ বা সত্য কাহিনীৰ আধাৰত লিখা সৃষ্টিশীল লেখাবোৰ, ভ্ৰমণ বিষয়ক লেখাবোৰ বিনোদনধৰ্মী আলোচনীবোৰত অধিক দেখা যায়৷
অসমীয়া বিনোদনধৰ্মী আলোচনী বুলিবলৈ যোৱা শতিকাৰ সত্তৰ দশকত যি কেইখন আলোচনীৰ সৃষ্টি হৈছিল, তাৰ ভিতৰত বহু কেইখনৰে প্ৰকাশ বৰ্তমান সময়ত বন্ধ হ’ল৷ সত্তৰ দশকৰ পৰা নব্বৈ দশকৰ ভিতৰত প্ৰকাশ লাভ কৰি বৰ্তমান সময়তো প্ৰকাশিত হৈ থকা বিনোদনধৰ্মী আলোচনীসমূহৰ ভিতৰত ‘বিস্ময়’ (সম্পাদক-শশী ফুকন, ১৯৬৯), ‘তৃষ্ণাতুৰ’ (মুনীন কাকতি, ১৯৯২), ‘ৰহস্য’ (ত্ৰৈলাক্য মোহন নাথ, ১৯৭৩), ‘মায়া’ (পবিত্ৰ মাৰ্ঘেৰিটা, ১৯৯৯) আদি আলোচনীৰ নাম উল্লেখ কৰিব পাৰি৷ একবিংশ শতিকাত আত্মপ্ৰকাশ কৰা বিনোদনধৰ্মী আলোচনীসমূহৰ ভিতৰত ‘বিচ্ছুৰিত বৰ্ণালী’ (বৰ্ণালী শইকীয়া, ২০১০), ‘আইনা জীৱনৰ’ (পাৰ্থ সাৰথি মহন্ত, ২০১৮), ‘প্ৰাগৰ গীত’ (সদানন্দ গগৈ, ২০১৯), ‘ৰং’, ‘অনুভৱ’ আদি৷ অন্যহাতে, মহিলা বিষয়ক আলোচনী ‘প্ৰিয় সখী’ (শশী ফুকন, ২০০০) আৰু ‘নন্দিনী’ (মাইনী মহন্ত, ২০০১)ৰ লেখাসমূহতো বিনোদনধমীৰ্তাৰ বহু গুণ বিচাৰি পোৱা যায়৷ ‘লাইফ ষ্টাইল’ ধাৰণাটোক এইধৰণৰ আলোচনীবোৰত সৰ্বাধিক গুৰুত্ব দিয়া হয়৷ ‘সাৰেগামা’ (জনাৰ্দন গোস্বামী, ২০০৫) আৰু ‘প্ৰাগৰ গীত’ (সদানন্দ গগৈ, ২০১০) আলোচনীখনো আংশিক ৰূপত বিনোদনধৰ্মী আলোচনীৰ আওতালৈ আহে৷ কিন্তু, ‘সাৰেগামা’ আলোচনীখনে সমাজ-সংস্কৃতি-জীৱন এই তিনিটা প্ৰধান বিভাগ সামৰি লৈছিল৷ ইয়াৰে জীৱন বিভাগটো মূলতঃ বিনোদনধৰ্মী৷ আলোচনীখনৰ অংলকৰণৰ দিশটোতো এই বিশেষত্ব দেখা যায়৷ অন্যহাতে ‘প্ৰাগৰ গীত’ আলোচনীখন মাহেকীয়া সাংস্কৃতিক আলোচনী৷ এইখন আলোচনী আকাৰৰ দিশৰপৰা যথেষ্ট সৰু৷ সাহিত্য-সমাজ জীৱনৰ লগতে সাংস্কৃতিক দিশটোকো আলোচনীখনক গুৰুত্ব দিয়া হৈছে৷ অৱশ্যে, এই দুখন আলোচনীৰ প্ৰকাশ বৰ্তমান বন্ধ হৈ আছে৷ এই আলোচনীসমূহৰ উপৰি জ্ঞাতে-অজ্ঞাতে এনে বহু ক্ষুদ্ৰ আলোচনী আছে, যিবোৰে সাহিত্য-সংস্কৃতিৰ লগতে বিনোদন-মনোৰঞ্জনৰ বাবে বিশেষভাৱে কাম কৰি আহিছে৷
আলোচনীসমূহৰ শিতান সম্পৰ্কে এক বিশ্লেষণ
আলোচনী এখনৰ বৈশিষ্ট্য নিৰূপণ হয় সেই আলোচনীখন প্ৰকাশৰ লক্ষ্য, উদ্দেশ্যৰ লগতে আলোচনীখনত থকা শিতানসমূহ আৰু সেই শিতানত প্ৰকাশিত সাহিত্যৰাজিৰ গুণাগুণৰ জৰিয়তে৷ বিনোদনধৰ্মী আলোচনীসমূহৰ প্ৰধান বিশেষত্ব হৈছে তাত থকা শিতানসমূহে জনসাধাৰণক বিনোদন প্ৰদান কৰিব পাৰিব লাগিব, বৌদ্ধিক কছৰৎ বা গৱেষণামূলক লেখা আদি প্ৰকাশ কৰাটো এই আলোচনীৰ লক্ষ্য আৰু উদ্দেশ্য নহয়৷ নহ’লেচোন অন্যান্য আলোচনীৰ সৈতে ইয়াৰ পাৰ্থক্যই নাথাকিব৷ গতিকে এই কথাষাৰ আগত ৰাাখিহে আমি বিনোদনধৰ্মী আলোচনীসমূহক পৰ্যালোচনা কৰা উচিত৷ তলত একবিংশ শতিকাৰ বিনোদনধৰ্মী আলোচনীসমূহৰ বিষয়ে চমু পৰিচয় দিয়াৰ লগতে সততে পৰিলক্ষিত হোৱা কিছু সাধাৰণ বৈশিষ্ট্য সম্পৰ্কে উল্লেখ কৰা হৈছে৷
বিস্ময়
অসমৰ বিনোদনধৰ্মী আলোচনীসমূহৰ ভিতৰত সবাতোতকৈ প্ৰভাৱশালী আৰু জনপ্ৰিয় আলোচনী হ’ল— ‘বিস্ময়’৷ অৱদান আৰু প্ৰভাৱৰ দিশৰপৰাও অসমীয়া সমাজ জীৱনত এই আলোচনীখনৰ গুৰুত্ব অধিক৷ ১৯৬৯ চনতে শশী ফুকনৰ বলিষ্ঠ সম্পাদনাত প্ৰকাশিত আলোচনীখনে একবিংশ শতিকাতো অসমীয়া সমাজ-সাহিত্য-সংস্কৃতিক সমৃদ্ধ কৰি ৰাখিছে৷ ২০১৮ চনত আলোচনীখনে ৫০ বছৰত ভৰি দিছে৷ বহুতো অগতানুগতিক শিতানৰ অন্তৰ্ভূক্তি আৰু বিভিন্ন মনোৰঞ্জনমূলক লেখাৰে পৰিপুষ্ট ‘বিস্ময়’ আলোচনীখনেই অসমত বিনোদনধৰ্মী আলোচনীৰ ক্ষেত্ৰত বাটকটীয়া স্বৰূপ৷ অসমৰ ইমূৰৰপৰা সিমূৰলৈ সৰ্বাধিক বিক্ৰী হোৱা আলোচনীবোৰৰ ভিতৰতো ‘বিস্ময়’ আলোচনীখনেই সম্ভৱতঃ প্ৰথম স্থানত ঠাই পাব৷ একেজন সম্পাদকৰ তত্ত্বাৱধানত আত্মপ্ৰকাশৰ সময়ৰপৰা সাম্প্ৰতিক সময়লৈকে একেই জনপ্ৰিয়তা আৰু ধাৰাবাহিকতা ধৰি ৰাখিবলৈ সক্ষম হোৱা এই আলোচনীখনৰ পাতত অসমৰ সমাজ-সাহিত্য-সংস্কৃতিৰ বহুতো গুৰুত্বপূৰ্ণ সমল, তথ্য, ইতিহাস সঞ্চিত হৈ আছে৷ প্ৰকৃততে অসমীয়া বিনোদনধৰ্মী আলোচনীৰ ইতিহাস বিচাৰ-বিশ্লেষণ কৰিবলৈ এই আলোচনীখনকে প্ৰধান আলোচনী হিচাবে মান্যতা দিব লাগিব৷ অসমৰ সৰ্বাধিক প্ৰচলিত আলোচনী আৰু পাঠকৰ প্ৰিয় আলোচনী বুলিলে ‘প্ৰান্তিক’ৰ দৰেই ‘বিস্ময়’ আলোচনীখনৰ নামো নিশ্চিতৰূপত আহে৷ প্ৰকৃততে অসমীয়া সাহিত্যত ‘বিস্ময়’ আলোচনীখনে এক বৰ্ণিল সময়ৰ ইতিহাস ধৰি ৰাখিছে৷ কেৱল ‘বিনোদন’ মুখ্য কাৰণ হোৱা বাবেই সম্ভৱ বৌদ্ধিক সমাজৰ দ্বাৰা ‘বিস্ময়’-এ প্ৰাপ্য স্বীকৃতি নাপালে৷ ‘বিস্ময়’ আলোচনীখনৰ নামটো দিছিল ভৱেন্দ্ৰনাথ শইকীয়াই৷ ১৯৭০ চনৰপৰা আলোচনীখন মাহেকীয়া ৰূপত প্ৰকাশ কৰা হৈছে৷ আলোচনীখনৰ বিষয়ে সাহিত্যিক তীৰ্থনাথ শৰ্মাই উল্লেখ কৰিছিল এনেদৰে— ‘ৰে’লে বাছে পঢ়িব পৰা, জেপতে লৈ ফুৰিবপৰা এখন অসমীয়া আলোচনীৰ অভাৱ আছিল৷ বিস্ময়ে সেই অভাৱ পূৰ কৰিলে৷ ’৩ আলোচনীখনৰ জনপ্ৰিয় শিতানসমূহ— প্ৰথম পৃষ্ঠা, নৱাগত, বিস্মিতি, শব্দৰ ধেমালি, বিস্ময় কুইজ, ৰাশিফল, চিনেমা, বলীউদৰ পৰা ইত্যাদি৷ এইখন আলোচনীত চেলফী উইথ বিস্ময়, বিস্ময় বিচিত্ৰা, কাৰ্টুন, কৌতুক, তুমি কোন, মুম্বাই-মুম্বাই, মডেল আদি বিভিন্ন শিতান অন্তৰ্ভুক্ত কৰা হয়৷ লগতে বিশেষভাৱে গল্প, উপন্যাস, নিবন্ধ, প্ৰবন্ধ আদি বিষয়বোৰ নিয়মিতভাৱে প্ৰকাশ কৰা হয়৷
ৰহস্য
‘বিস্ময়’ আলোচনীৰ পাছতেই বিনোদনধৰ্মী আলোচনীৰ ইতিহাসত ‘ৰহস্য’ আলোচনীৰ নামটো নিশ্চিত ৰূপত আহিব৷ এই আলোচনীখনো এটা সময়ত অসমত বহুল প্ৰচলিত হৈছিল৷ বিশেষকৈ নৱ-প্ৰজন্মৰ মাজত আলোচনীখনে গুৰুত্ব লাভ কৰিছিল৷ আলোচনীখন প্ৰকাশ হয় ১৯৭৩ চনৰ পূজাৰ সময়ত৷ ‘ৰহস্য’ৰ প্ৰথম সম্পাদক ত্ৰৈলোক্য মোহন নাথ৷ তেওঁ সৰ্বমুঠ তিনিটা সংখ্যা প্ৰকাশ কৰিছিল৷ আলোচনীখনৰ পঞ্জীয়ন সম্পন্ন হোৱাৰ সময়ৰ পৰা দামোদৰ শৰ্মা আলোচনীখনৰ সম্পাদক আৰু মৃদুলা শৰ্মা সহকাৰী সম্পাদক পদত অধিষ্ঠিত হয়৷ ‘ৰহস্য’ৰ নিয়মীয়া শিতানসমূহ হৈছে— কবিতা, অনুভৱৰ এখন চিঠি, বাৰ্তা, প্ৰিয়বন্ধু, কুম্ভকৰ্ণ, মতামত, ৰাশিফল, কুইজ আদি৷ ইয়াৰ উপৰি দৃষ্টিপাত, নিবন্ধ, অৱগুণ্ঠন, চুঙা চাই সোপা, সাময়িকী, অবান্তৰ, কলংকিত কাহিনী, কেৰিয়াৰ, গল্প, ধাৰাবাহিক উপন্যাস, ভ্ৰমণ, বিনোদন আদি আলোচনীখনত প্ৰকাশ হয়৷
তৃষ্ণাতুৰ
‘তৃষ্ণাতুৰ’ আলোচনীৰ প্ৰথম প্ৰকাশ হয় ১৯৯২ চনত৷ সম্পাদক মুনীন কাকতি৷ আলোচনীখনৰ নিয়মীয়া শিতানবোৰ হ’ল— মতামত, নিৰিবিলি, অন্তৰংগ আলাপ, সমিধানত সমিধান, ৰাশিফল আদি৷ কবিতা, ধাৰাবাহিক উপন্যাস, গল্প, মডেল, শিল্পীভৱন, টুকুৰা খবৰ আদি শিতানবোৰ এই আলোচনীখনত দেখা যায়৷
মায়া
‘মায়া’ আলোচনীৰ প্ৰথম প্ৰকাশ হয় ১৯৯৯ চনত৷ এন. কে. প্ৰডাকচনৰ ভগ্নী প্ৰতিষ্ঠান ‘নতুন প্ৰকাশ’ৰ দ্বাৰা এই আলোচনীখন প্ৰকাশ কৰা হৈছিল৷ প্ৰথম পৰ্যায়ত পৱিত্ৰ মাৰ্ঘেৰিটা আলোচনীখনৰ মুখ্য সম্পাদক আৰু ৰৱচন বৰুৱা কাৰ্যবাহী সম্পাদক আছিল৷ পৰৱৰ্তী সময়ত ৰৱচন বৰুৱা মুখ্য সম্পাদক আৰু অমৃতকৃষ্ণ বড়া সম্পাদক পদত নিয়োজিত হয়৷ জুবিন গাৰ্গ আলোচনীৰ মুখ্য পৃষ্ঠপোষক আছিল৷ ‘মায়া’ৰ নিয়মীয়া শিতানবোৰ হ’ল— প্ৰথম পৃষ্ঠা, প্ৰকাশিকাৰ একাষাৰ, কবিতা, জোনাকী যৌৱন, উত্তৰণ, ৰাশিফল, মৰমৰ বন্ধু, লেফাফা, মেঘদূত,জন অৰণ্যৰ দিহিঙে-দিপাঙে, এই মাহৰ সংবাদ, ডাক-পখিলী, মায়ামঞ্চ, মায়াৰ পৰ্দা, মুখামুখি, বজাৰৰ খবৰ আদি৷ ইয়াৰ উপৰি ধাৰাবাহিক উপন্যাস, এক মিনিটৰ গল্প, ফুচুৰি, মহৎলোকৰ বাণী, সাক্ষাৎকাৰ, এই মাহৰ সংবাদ আদি শিতানো ‘মায়া’ আলোচনীত গুৰুত্ব সহকাৰে প্ৰকাশ কৰা হয়৷
প্ৰিয় সখী
‘প্ৰিয় সখী’ আলোচনীখন মহিলা বিষয়ক বিনোদনধৰ্মী আলোচনী৷ এই আলোচনীখনৰ সম্পাদক শশী ফুকন৷ আলোচনীখনৰ প্ৰথম প্ৰকাশ হয় ২০০০ চনত৷ এই আলোচনীখনত প্ৰকাশিত শিতানবোৰ হ’ল— গল্প, নিবন্ধ, ধাৰাবাহিক উপন্যাস, সখীৰ পৰিভ্ৰমণ, সখীৰ ৰাশিচক্ৰ, সখীৰ মতামত, মোৰ ক্ষেত্ৰত এনে হৈছিল, সখীৰ দাপোণ, সখীৰ আখল, কবিতা, সখী প্ৰজাপতি, বৰুৱানী, সখীৰ বিনোদন আদি৷
নন্দিনী
‘নন্দিনী’ আলোচনীখন মহিলা বিষয়ক বিনোদনধৰ্মী আলোচনী৷ এইখনৰ সম্পাদক মাইনী মহন্ত৷ আলোচনীখনৰ প্ৰথম প্ৰকাশ হয় ২০০১ চনত৷ প্ৰকাশক যতীন চৌধুৰী আৰু জয়ন্ত বৰুৱা৷ এই আলোচনীখনত প্ৰকাশিত শিতানবোৰ হ’ল— সম্পাদকীয়, সংবাদ শীৰ্ষত নাৰী, প্ৰবৃত্তি, মন আৰু মন, ৰেচিপি, বৰ্ণিল, ৰাশিফল, মনৰ কথা, ফেচ্ অফ দা মান্থ, গল্প, ধাৰাবাহিক উপন্যাস, ৰূপালি পৰ্দা, বিনোদন আদি৷ এই আলোচনীখনৰ শিতানসমূহ প্ৰতি মাহে-মাহে কিছু সাল-সলনি হোৱা দেখা যায়৷ এই আলোচনীখনে মাজে-সময়ে কেৱল পুৰুষ বিশেষ সংখ্যাও প্ৰকাশ কৰে [উদাহৰণ- চেপ্টেম্বৰ-২০১৫ সংখ্যা]৷ উল্লিখিত শিতানসমূহৰ উপৰি পূজা বিশেষ, বিহু বিশেষ সংখ্যা আদিত নতুন-নতুন শিতানৰ জৰিয়তে পাঠকক মনোৰঞ্জন দিবলৈ আলোচনীখনে যত্ন কৰা দেখা যায়৷
বিচ্ছুৰিত বৰ্ণালী
‘বিচ্ছুৰিত বৰ্ণালী’ৰ প্ৰথম প্ৰকাশ হয় ২০১০ চনত৷ আলোচনীখনৰ মুখ্য পৃষ্ঠপোষক মুনজ্যোতি শইকীয়া আৰু সম্পাদক বৰ্ণালী শইকীয়া৷ আলোচনীখন মূলতঃ মহিলা বিষয়ক৷ ইয়াত প্ৰকাশিত শিতানসমূহ হ’ল— প্ৰবন্ধ, গল্প, জীৱনৰ বাটত, শব্দৰ মালিতা, ৰেচিপি, ফেংছুই, ৰামধেনু, শেষ পৃষ্টা, উপন্যাসিকা, কাব্য-কথা, আয়ুস্মান আদি৷
আইনা জীৱনৰ
‘আইনা জীৱন’ৰ আলোচনীখন প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট্ লিমিটেডৰ দ্বাৰা প্ৰকাশ কৰা হয়৷ প্ৰথম প্ৰকাশ হয় ২০১৮ চনত৷ আলোচনীখনৰ মুখ্য পৃষ্ঠপোষক ৰিণিকি ভূঞা শৰ্মা আৰু সম্পাদক পাৰ্থ সাৰথি মহন্ত৷ ইয়াত প্ৰকাশিত শিতানসমূহ— আইনালৈ চিঠি, আইনাত প্ৰতিচ্ছবি, আইনাত স্বাস্থ্য, আমাৰ বিয়া, আমোদজনক, খেল-খেলুৱৈ, জীৱনৰ মঞ্চ, জুতি জীৱনৰ, জ্যোতিষ শাস্ত্ৰ, প্ৰচ্ছদ প্ৰবন্ধ, ফেশ্বন, বাস্তুৰ বিধান, ভ্ৰমণ জীৱনৰ, সপোনৰ ঘৰ সাফল্য গাঁথা আদি৷
বিনোদনধৰ্মী আলোচনীসমূহৰ এক বিশ্লেষণ
বিনোদনধৰ্মী আলোচনীসমূহে সমাজ-সাহিত্যত দুই ধৰণে প্ৰভাৱ পেলাব পাৰে৷ প্ৰথমতে– এই আলোচনীসমূহে সাহিত্য, কলা-সংস্কৃতি, সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আদি বিষয়বোৰৰ লগতে দৈনন্দিন জীৱন প্ৰণালীৰ বিভিন্ন আভ্যন্তৰীণ বা বাহ্যিক দিশটোৰ সহজ-সৰল উপস্থাপনৰ জৰিয়তে পাঠক সমাজক নানা তথ্য, সমল যোগান ধৰাৰ লগতে মনোৰঞ্জন প্ৰদান কৰে৷ আলোচ্য বিষয়বোৰো যে মূল শ্ৰেণীৰ সাহিত্যৰ ৰূপটোৰ সমানেই প্ৰয়োজনীয়; সেয়া বিনোদনধৰ্মী আলোচনীসমূহৰ সূচীপত্ৰখন চালেই অনুধাৱন কৰিব পাৰি৷ সাহিত্যৰ ৰসাস্বাদন কৰিব বিচৰা সাধাৰণ শ্ৰেণী পাঠকৰ বাবে বিনোদনধৰ্মী আলোচনীসমূহ হৈছে প্ৰধান মাধ্যম৷ সাহিত্য বা সমাজ বিষয়ক আলোচনীবোৰৰ সৈতে বিদ্যায়তনিক প্ৰেক্ষাপট এটা জড়িত হৈ থাকে৷ কিন্তু বিনোদন শ্ৰেণীৰ আলোচনীবোৰ এই বিদ্যায়তনিক ক্ষেত্ৰখনৰ পৰিধিৰ পৰা মুক্ত৷ সেয়েহে বিষয়বস্তু গ্ৰহণ আৰু তাৰ ৰসাল উপস্থাপনত এনে আলোচনীবোৰে অধিক স্বাধীনতা লাভ কৰে৷ দ্বিতীয়তে– এই আলোচনীবোৰে ব্যক্তিৰ সৃষ্টিশীল কৰ্মসমূহ প্ৰকাশৰ বাবে একোখন প্লেটৰ্ফমৰ ভূমিকা গ্ৰহণ কৰে৷ নতুন সাহিত্যিকসকলক এখন মঞ্চ প্ৰদান কৰে৷ বিনোদনধৰ্মী আলোচনীত উপন্যাস, গল্প লেখা বহুতো সাহিত্যিক পৰৱৰ্তী সময়ত মূলসুঁতিৰ সাহিত্য আলোচনীসমূহতো সফল সাহিত্যিক হিচাবে আত্মপ্ৰকাশ কৰিবলৈ সক্ষম হৈছে৷ সেইদৰে পাঠকেও বিভিন্ন শিতানত নিজৰ মন্তব্য, চিঠিপত্ৰ, অনুভৱ আদি লিখাৰ সা-সুবিধা লাভ কৰে৷ এসময়ত এই আলোচনীবোৰত পত্ৰবন্ধু, ডাকে-টোপোলা, চিঠি-পত্ৰ আদি শিতানবোৰে খুব জনপ্ৰিয়তা লাভ কৰিছিল৷
বিনোদনধৰ্মী আলোচনীসমূহৰ বিষয়ে নীৰাজনা মহন্তই কৈছে— ‘সমাজৰ একাংশ পাঠকে এই আলোচনীসমূহ পঢ়িহে অধিক ভাল পায়৷ এই আলোচনীসমূহ পঢ়াৰ সময়ত ব্যক্তিগত সকলো চিন্তা- উদ্বিগ্নতাৰ পৰা আঁতৰি আহি একান্তমনে সময় পাৰ কৰি দিব পৰা যায়৷’৪ যিহেতু এই আলোচনীসমূহ পঢ়োতে বিশেষভাৱে মনযোগ নিদিলেও হৈ যায়৷ সেইদৰে এই আলোচনীবোৰত সাহিত্য-সমাজ-সংস্কৃতি, ৰাজনীতি, অৰ্থনীতি, ধৰ্ম, চলচ্চিত্ৰ আদি প্ৰতিটো বিষয়ৰে খবৰ একে ঠাইতে পঢ়িবলৈ পোৱা যায়৷ গতিকে এই ধৰণৰ আলোচনীসমূহৰ দ্বাৰা অধিক ৰূপত মানসিক তৃপ্তি লাভ কৰিব পাৰি৷ বিশেষকৈ লেখাবোৰৰ সহজবোধ্যতা আৰু প্ৰাসংগিক অলংকৰণৰ বাবে এই আলোচনীসমূহৰ জনপ্ৰিয়তা অধিক৷ চাহিদা অনুপাতেই বিনোদন পোৱা আৰু সকলো ধৰণৰ ৰুচিক সামৰিব পৰা কাৰণতে পাঠকসকলে এই আলোচনীবোৰ পঢ়ে৷ এই আলোচনীবোৰে পাঠকক জীৱনৰ চিন্তা, সা-সমস্যা, মানসিক অশান্তি, অৱসাদ আদিৰ পৰা সাময়িকভাৱে হ’লেও সকাহ দিব পাৰে৷ অৱশ্যে একবিংশ শতিকাটোত ডিজিটেল মাধ্যমৰ চাহিদা আৰু অৱসৰ-বিনোদনৰ অন্যান্য মাধ্যমসমূহৰ আগমনৰ ফলত বিনোদনধৰ্মী আলোচনীসমূহলৈ প্ৰত্যাহ্বান নামি আহিছে৷ অডিঅ’, ভিডিঅ’ প্লেটফৰ্মসমূহ সহজলভ্য হোৱাত এইধৰণৰ আলোচনীসমূহ পঢ়া পাঠকৰ সংখ্যা কমি আহিছে৷ বৰ্তমান লেপটপ-মোবাইল ফোনে ব্যক্তিৰ মানসিক ক্ষুধা পূৰণ কৰিবলৈ সক্ষম হৈছে৷ ইণ্টাৰনেটত মনে বিচৰা ধৰণে ই-সমল পৰ্যাপ্ত পৰিমাণে পোৱাৰ ব্যৱস্থা হৈছে৷ এনে পৰিপ্ৰক্ষিতত আলোচনীসমূহলৈ প্ৰত্যাহ্বান অহাতো স্বাভাৱিক৷
যান্ত্ৰিক সমাজ ব্যৱস্থা আৰু ব্যক্তিনিষ্ঠ চিন্তাধাৰাৰ কৱলত পৰা সমাজখনত বিনোদনধৰ্মী আলোচনীসমূহৰ যথেষ্ট প্ৰয়োজনীয়তা আছে আৰু আগলৈয়ো থাকিব৷ এই যাত্ৰাটো আগুৱাই নিবলৈ বৰ্তমান ই-সংস্কৰণ বা ডিজিটেল পেজ আজিৰ সৃষ্টি কৰা কথাটোও সময়োপযোগী কৰ্ম হিচাপে বিবেচিত হৈছে৷ ডিজিটেল মাধ্যমত কাম কৰিলে আলোচনীসমূহে এটা দিশৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব যে বিনোদনৰ সমান্তৰালভাৱে সমাজখনলৈয়ো যাতে এই আলোচনীসমূহে এটি ইতিবাচক দৃষ্টিভংগী কঢ়িয়াই নিব পাৰে৷ মনোৰঞ্জনধৰ্মীমূলক লেখা হ’লেও এই লেখাসমূহে যাতে সমাজৰ নৈতিকতা আৰু সমাজ ব্যৱস্থাৰ শৃংখলতাত আঘাত নাহানে৷ সেইদৰে বৰ্তমান নব্য মিডিয়াৰ অভ্যুত্থানৰ সময়ছোৱাত বিনোদনধৰ্মী আলোচনীসমূহ বৰ্তি থাকিবলৈ হ’লে প্ৰচাৰৰপৰা আৰম্ভ কৰি বিষয়বস্তু নিৰ্বাচন, উপস্থাপন আদি প্ৰায় প্ৰতিটো বিষয়তে নতুনত্ব আনিব পাৰিব লাগিব৷ এইক্ষেত্ৰত আলোচনীবোৰৰ সম্পাদকসকলৰো কৰণীয় আছে৷
প্ৰসংগসূত্ৰ :
১. শোণিত বিজয় দাস (সম্পা.) : কথা গুৱাহাটীৰ একত্ৰ সংকলন, পৃষ্ঠা.- ৩৩
২. উল্লিখিত পৃষ্ঠা.- ৩৩
৩. বিস্ময়ৰ সম্পাদক শশী ফুকনৰ সৈতে হোৱা সাক্ষাৎকাৰ- http//www.xahitya.org/২০১৭/১২/১৭/interview-3/
৪. ড॰ নীৰাজনা মহন্ত বেজবৰা : সাহিত্যৰ সমাজতত্ত্ব সিদ্ধান্ত আৰু প্ৰয়োগ, পৃষ্ঠা ১০৪
গ্ৰন্থপঞ্জী :
দাস, শোণিত বিজয় : কথা গুৱাহাটীৰ একত্ৰ সংকলন, কথা প্ৰকাশন, গুৱাহাটী
বেজবৰা, নীৰাজনা মহন্ত : সাহিত্যৰ সমাজতত্ত্ব সিদ্ধান্ত আৰু প্ৰয়োগ, বনলতা, দ্বিতীয় সংস্কৰণ, ২০১৪
শইকীয়া, চন্দ্ৰপ্ৰসাদ : অসমৰ বাতৰিকাকত-আলোচনীৰ ডেৰশ বছৰীয়া ইতিহাস, অসমৰ বাতৰিকাকত-আলোচনীৰ ডেৰশ বছৰীয়া জয়ন্তী উদ্যাপন সমিতি, ১৯৯৬
- লেখকঃ ভাস্কৰ ভূঞা, গৱেষক ছাত্ৰ, গুৱাহাটী বিশ্ববিদ্যালয়, ফোন-৮৭৫১৯৪৩৩৮৭
- লেখাটো চৰ্যাভাস আলোচনীত পঢ়িবলৈ ক্লিক কৰক
0 Comments