* ১
(সহজ আৰু ঘৰুৱাকৈ লিখা কথাবোৰ অনুবাদ কৰিবলৈ একেবাৰে সহজ নহয়। তথাপিতো অকণমান চেষ্টা কৰা হৈছে)
মোৰ বয়স তেতিয়া খুউব বেছি ৩ বছৰ। দেউতা ডাঃ জ্ঞানেন্দ্ৰ নাথ চৌধুৰীয়ে হঠাতে এটা সাংঘাতিক কাণ্ড কৰি পেলালে। অসমৰ শিৱসাগৰ জিলাৰ লতাবাৰী চাহ বাগানৰ মেনেজাৰ চাহাবৰ তিনিটা দাঁত ঘোচা মাৰি ওফৰাই দিলে। তেতিয়াৰ সেই ইংৰাজ আমোলৰ সময়লৈ চাই চাহাবেও হয়তো বৰ ডাঙৰ ভুল কৰা নাছিল। তেওঁ মাথোঁ দেউতাক কৈছিল, 'কাম হিয়েৰ, ডাৰ্টি নিগাৰ'। দেউতা ওচৰলৈ গ'ল আৰু একো নোকোৱাকৈ- দুম! নক আউট!! সেই কালত চাহ বাগানৰ মেনেজাৰ চাহাববোৰৰ ওপৰত আৰু কোনো নাই, সৰ্ব্বেসৰ্বা। এইহেন চাহাবক আক্ৰমণ! গোটেই বাগানত হৈ চৈ লাগিল- ডাক্তৰ বাবুৱে চাহাবৰ তিনিটা দাঁত ঘুচিয়াই ভাঙিলে। কোম্পানীৰ হাতীৰ মাউতজন দেউতাৰ কাষলৈ আহি ক'লে, 'তই ইয়াৰ পৰা পলাই যা ডাক্তৰ বাবু, নহলে চাহাবে গুলী কৰি মাৰিব।’ হাতীৰ পিঠিত উঠি দেউতা ছীফ মেডিকেল অফিচাৰ ডাঃ মালোনীৰ ওচৰ পালেগৈ। ডাঃ মালোনী আছিল আয়াৰলেণ্ডৰ মানুহ আৰু দেউতাৰ মুখেৰে শুনা মতে ভাৰতৰ স্বাধীনতা আন্দোলনলৈ তেওঁৰ আছিল বিশেষ সহানুভূতি। নিশাটোৰ ভিতৰতে আমাক তেওঁ শিলঘাটলৈ আনি কলিকতালৈ বুলি তুলি দিলে ষ্টিমাৰত।
ইমান খৰখেদাকৈ পলায়ন কৰিব লগা হ'ল যে দেউতাই ঘৰৰ বেছিভাগ বয়-বস্তু হয় বিলাই দিলে নতুবা পানীৰ দৰত বেচি দিলে। মাথোঁ এপদ সম্পদেই দেউতাই এৰি আহিব নোৱাৰিলে, এটা কলগান আৰু কেইবাশ ইংৰাজী ৰেকৰ্ড। দেউতাৰ এফালে এই দুঃসাহস আৰু আত্মসন্মানবোধ, আনফালে গানৰ প্ৰতি টান, এই দুয়োটা কথাই মোক পৰৱৰ্তী সময়ত জীৱনটো গঢ়ি তোলাত বহুত সহায় কৰিলে। জ্ঞান হ'বৰে পৰা এই চিম্ফনী ৰেকৰ্ডবোৰ আৰু উকা কণ্ঠৰে দেউতাই তাৰ সৈতে মিলোৱা সুৰ, মোৰ চেতনাত বহি ৰ'ল। যেতিয়াই ল'ৰালিৰ কথা ভাবো, বুজি পাও যে তাহানিৰ সেই দিনবোৰে মোৰ জীৱনত কিমান দ'কৈ সাঁচ বহুৱাই থৈ গৈছে। দেউতাই বজোৱা গ্ৰামোফোনৰ চিম্ফনীৰ লগতে মনত দাগ কাটি ৰৈছে অসমৰ কাজিৰঙা অৰণ্যৰ বন-বিহঙ্গ আৰু কীট-পতঙ্গৰ অসাধাৰণ আৰণ্যক চিম্ফনী। এতিয়া ল'ৰালিৰ দিনবোৰ আৰু দেউতাৰ কথা ভাবিলে অসমৰ সেই পৰিৱেশৰ কথা বাদ দি একোৱেই ভাবিব নোৱাৰোঁ।
অসমৰ চাহ বাগানৰ ডাক্তৰী এৰি আহি দেউতাই পৈতৃক ভূমি দক্ষিণ বাৰাসাতত এখন ডিস্পেনচেৰী খুলিলে। হ'লে কি হ'ব, গোটেই গাঁৱৰ মানুহক বিনা পইচাত চিকিৎসা কৰি কৰি দেউতা দেউলীয়া হ'ল। পাওনা আদায় কৰাৰ বেলাত হ'ল কুৎসা ৰটনা - 'অসমৰ জংলী ডাক্তৰে জানে কি? বাগানত চিকিৎসা কৰি কৰি ভদ্ৰ লোকৰ চিকিৎসা কেনেকৈ কৰিব লাগে তাকো পাহৰি পেলালে।' দেউতা অতিষ্ঠ হৈ পৰিল। পুনৰ যোগাযোগ কৰিলে ডাঃ মালোনীক। দেউতাৰ জীৱনৰথৰ সাৰথি হৈ কাষত থিয় দিলে তেওঁ। এইবাৰ আমি যিখন বাগনলৈ গ'লো, সেই বাগানখনৰ নাম ইকৰাজান। অসমৰ চাহ বাগানবোৰ তেতিয়া একো একোখন মিনি ভাৰতবৰ্ষ। ভাৰতৰ সকলো প্ৰান্তৰ সংস্কৃতিৰ মিলনভূমি। মোৰ মনত নানাৰঙী সুৰবোৰে তেতিয়াই ঘৰ বান্ধিছেহি। লতাবাৰী বাগানৰ চাকৰি এৰালৈকে দেউতা সাজে-পোছাকে আছিল খাটি চাহাব। কিন্তু বাৰাসাতলৈ উভতাৰ পিছতে সত্যাগ্ৰহৰ ঢৌৱে সকলোকে চুই গ'ল। বিদেশী বস্ত্ৰ বৰ্জনৰ সময়ত দেউতাই ট্ৰাংকত ভৰাই ৰখা আটাইবোৰ চ্যুট জ্বলাই পেলালে। তেতিয়াৰে পৰা মৃত্যুপৰ্যন্ত দেউতাক ধুতিতে দেখিলোঁ।
নিজৰ মানুহৰ পৰাই একপ্ৰকাৰ বিতাড়িত আৰু অপমানিত হৈ পুনৰবাৰ অসমলৈ অহাৰ সময়ত দেউতাই প্ৰতিজ্ঞা কৰিছিল- তেওঁ দুনাই উভতি নাহে, অসমতে থাকিব। দীৰ্ঘ ৩৫ বছৰ দেউতা চাহ বাগান আৰু হাবি-বননিৰ মাজতে থাকিল। কিতাপ-পত্ৰ, বিদেশী জাৰ্ণাল আৰু গানৰ ৰেকৰ্ডৰ বাদে বাহিৰৰ পৃথিৱীৰ সৈতে দেউতাৰ যোগাযোগ নাছিল।
ইকৰাজানৰ পৰা পদোন্নতি হৈ দেউতা আহিল কাজিৰঙাৰ গাতে লাগি থকা হাতীখুলি চাহ বাগিচালৈ। হাতীখুলি, দিৰিং আৰু ৰঙাজান বাগিচাৰ এ এছ অ'ৰ পদত যোগ দিলে দেউতাই। হাজাৰ হাজাৰ একৰ বিস্তৃত বিশাল বাগানসমূহৰ যেন দেউতা একচত্ৰী সম্ৰাটহে। খাটি খোৱা শ্ৰমিকৰ পৰা মহৰী-কেৰাণীলৈ সকলোৱে শ্ৰদ্ধা কৰিছিল দেউতাক। একেবাৰে শেষৰ ফাললৈ অকলে এৰিব নোৱাৰি মা আৰু মই জোৰ দি দেউতাক অৱসৰ ল'বলৈ বাধ্য কৰালো আৰু কলিকতালৈ লৈ আহিলো। কলিকতা মহানগৰীৰ কচবা এলেকাৰ আমি তেতিয়া থকা ঠেক গলিৰ দুটা কোঠালিৰ ঘৰটোত দেউতাৰ যেন উশাহ বন্ধ হোৱাৰ উপক্ৰম হ'ল। উভতি যাব খুজিলে অসমলৈ। কলিকতালৈ অহাৰ পিছত তিনি মাহো বাচি নাথাকিল দেউতা। কলেৰা মহামাৰীয়ে তেওঁক গ্ৰাস কৰিলে। মই এতিয়াও সপোনত দেখো- হাতীখুলি বাগানৰ হাস্পতালত দেউতা অকলশৰে বহি আছে। কলিকতাৰ ঠেক গলিৰ সেই কণমান ঘৰটোত দেউতাক অৱচেতন মনতো এতিয়া কল্পনা কৰিব নোৱাৰো। নিজৰ ওপৰতে জাগি উঠা খং আৰু ক্ষোভত জৰ্জৰিত হৈ পৰো। আকাশ বিহাৰী ঈগলক সজাত বন্দী কৰাৰ অপৰাধবোধত ভুগো।
(প্ৰখ্যাত সংগীত পৰিচালক সলিল চৌধুৰীয়ে শৈশৱ আৰু কৈশোৰৰ দীঘলীয়া সময় পাৰ কৰিছে অসমত। বিভিন্ন সময়ত ল'ৰালিৰ স্মৃতি লিপিবদ্ধ কৰি থৈ গৈছে চৌধুৰীয়ে। বিভিন্ন লেখাৰ পৰা লেচেৰি বুটলি সলিল চৌধুৰীৰ এই অসম স্মৃতিৰ সংগ্ৰহ। এই কথাখিনি ১৯৮৩ চনৰ জুলাই মাহৰ পৰা প্ৰতিক্ষণ পত্ৰিকাত প্ৰকাশিত আত্মজীৱনী 'জীৱন উজ্জীৱন'ৰ নিৰ্বাচিত অংশৰ অনুবাদ।)
২
অসমতে মোৰ জীৱনৰ প্ৰথম সংগীত পৰিচালনা। ৬ বছৰ বয়সলৈ মই অসমতে কটাইছোঁ। অৱশ্যে মাজতে প্ৰায় দুবছৰ কাল বাৰাসাতত আছিলোঁ। মোৰ ৬ বছৰ বয়সত দেউতাই মোক কলিকতালৈ লৈ আহিল। নামভৰ্তি কৰাই দিলে কলকাতা অকাডেমীত। সেই প্ৰথম মোৰ কলিকতা দৰ্শন। কলিকতাৰ জেঠুৰ ঘৰত মোক আৰু দাদা সুনীলক থৈ দেউতা হাতীখুলি বাগানলৈ উভতি গ'ল। অৱশ্যে কেইবছৰমান থকাৰ পাছত পাৰিবাৰিক কাৰণত কলিকতা এৰিব লগা হ'ল। এইবাৰ পালোগৈ মোমাইদেউৰ ঘৰ, সোণাৰপুৰৰ কোদালিয়া গাঁৱত। স্কুলীয়া জীৱন তাতেই পাৰ হ'ল। অৱশ্যে যেতিয়াই পূজাৰ বন্ধ আৰম্ভ হয় মা-দেউতাৰ ওচৰলৈ আহোঁ।
দেউতাৰ গান-বাজনাৰ লগতে নাটকৰ সাংঘাতিক চখ। হাতীখুলি বাগানত বাঙালী-অসমীয়া সকলোকে এক কৰি দুৰ্গা পূজা আৰম্ভ কৰিছিল দেউতাই। তাতেই পূজা উপলক্ষে প্ৰতিবছৰে নাটক পাতে। বাগানৰ কেৰাণী-মহৰী-বাবু সকলোৱে অভিনয় কৰে। পৰিচালনা আৰু সংগীতৰ দায়িত্ব দেউতাৰ। মোৰ বয়স তেতিয়া ১২-১৩ বছৰ। পূজাৰ বন্ধত অসমৰ ঘৰলৈ আহি শুনিলোঁ যে সেই বছৰ নাটক হ'ব, কিন্তু দেউতা এইবোৰ নাই। নাটক বাছনিক লৈ মনোমালিন্য হোৱাত দেউতাই হাত দাঙি দিছে, অতি মনোকষ্টত আছে। নিজৰ হাতে গঢ়া নাট্য দলৰ পৰা দেউতা ওলাই আহিছে। দেউতাই যি পৰিকল্পনা কৰিছিল সেয়া তেতিয়াৰ দিনত একপ্ৰকাৰ বিপ্লৱ। দেউতাই ঠিক কৰিছিল বেউলা নামৰ নাটকখন মঞ্চস্থ কৰিব আৰু অভিনয় কৰিব চাহ মজদুৰ ল'ৰা-ছোৱালীয়ে। লগতে নাটকৰ ভাষা হ'ব বাগানীয়া। দেউতাৰ ধাৰণা আছিল যে ভদ্ৰ ঘৰৰ ছোৱালী যদি 'পৰ্দানশীন' হ'ব পাৰে, অসমৰ মজদুৰ যুৱতীয়েও এই নাটকৰ জৰিয়তে নতুন দিগন্তৰ সূচনা কৰিব পাৰিব। কিন্তু বাবুসকলৰ তাতেই আপত্তি, পূজা মণ্ডপত বাগানীয়া ছোৱালীক নাটক কৰিবলৈ দিব নোৱাৰি। অৱশেষত বহু বিতৰ্কৰ অন্তত ঠিক হ'ল যে নাটক হ'ব কিন্তু ছোৱালীৰ ভাও ল'ব বাগানৰ মজদুৰ লাইনৰ ল'ৰাই। দেউতাই মোক ক'লে, 'নাটকখনত ১২টা গান। ছটাৰ সুৰ মই কৰিছোঁ, বাকী ছটাত তই সুৰ কৰ।' মই প্ৰথম দুটা গান পংকজ মল্লিকৰ ষ্টাইলত সুৰ কৰি দেউতাক শুনালোঁ। তেওঁ কিছুপৰ মনে মনে ৰ'ল। তাৰ পাছতে ক'লে, মই ৰেডী কৰি থোৱা গানকেইটাতো তই সুৰ দে, মোৰ কেইটা ইমান ভাল হোৱা নাই। সেয়াই মোৰ জীৱনৰ প্ৰথম সংগীত পৰিচালনা।
মোৰ চেতনাত এতিয়াও স্পষ্ট হৈ আছে হাতীখুলি বাগিচাৰ কথা। হাতী, গঁড়, হৰিণ, বাঘৰ লগতে কিমান যে বিচিত্ৰ পখীৰ কাকলিৰে ভৰি আছে মোৰ শৈশৱ। হাতীখুলি বাওঁদিশে পশ্চিমৰ পৰা পূবলৈ মাইলৰ পাছত মাইল জুৰি কাজিৰঙা অৰণ্য। আঠ-দহ মাইল উত্তৰে গৈ কাজিৰঙা কাষ চাপিছে ব্ৰহ্মপুত্ৰৰ। সোঁ হাতে হাজাৰ হাজাৰ একৰ জোৰা চাহ বাগান দূৰ সীমান্তৰ মিকিৰ পাহাৰৰ সৈতে গৈ মিলিছে। সেই ডাঠ সেউজীয়াৰ মাজে মাজে ৰঙা টিনৰ একো একোটা বাংলো। কোনোবাটো হাস্পতাল, কোনোবাটো ফেক্টৰী, আন কোনোবাটো মেনেজাৰৰ বাংলো। পোহৰ হোৱাৰ আগতে কুঁৱলীৰ আৱৰণ ফালি মিকিৰ পাহাৰৰ পৰা ভাহি আহে ভালুকৰ চিত্কাৰ। সেই চিত্কাৰ প্ৰতিধ্বনিত হৈ বিয়পি পৰে বাগানত।
হাস্পতালৰ পৰা ঘূৰি অহাৰ সময়ত সদায় দেউতাৰ চাইকেলৰ টিলিঙা বাজি উঠে। ৰাতি-বিয়লি ওলাই যাব লগা হ'লে কোম্পানীৰ হাতীত যায়। আমাক খোৱাই-বোৱাই শুবলৈ দি, দেউতা নহা পৰ্যন্ত মা ৰৈ থাকে খিৰিকীৰ কাষত। কেতিয়াবা টোপনি ভাঙি যায়। খিৰিকীৰ কাষত দেখা পাওঁ মাৰ স্থিৰ মূৰ্তি। ৰাতি ফেউৰাই ফেউ ফেউকৈ মাতে। নিস্তব্ধতাত পাহাৰত ঠেকা খাই ঢৌ খেলি খেলি বহুদূৰলৈ বিয়পি যায় ফেউৰাৰ মাত। বুজি পাওঁ যে বাঘ ওলাইছে। লাহে লাহে মাৰ ওচৰ পাওঁগৈ। আজিৰ পৰা ৫০ বছৰ আগৰ অসমৰ সেই ৰূপ যি দেখা নাই, তেওঁ কল্পনা কৰিব নোৱাৰে। আদিম অৰণ্যৰ সেই মহিমাময়ী ৰূপ, এশ মাইল পৰ্যন্ত জনবসতিৰ কোনো চিন-মোকাম নাই। সেই ধ্ৰুপদী সৌন্দৰ্য, য'ত মই মোৰ শৈশৱ পাৰ কৰিছোঁ। সেই অপূৰ্ব পৰিৱেশে মোক এনে এক মানসিকতা দিলে, যাক পৰৱৰ্তী সময়ত আধুনিকতম চহৰৰ শত কোলাহলেও ম্লান কৰিব পৰা নাই।
দেউতাই বোধহয় অসমৰ পৰা পলায়ন কৰা বছৰটো হ'ব ১৯২৭ অথবা ১৯২৮। ডাঃ মালোনীয়ে দেউতাক দিছিল সেই কলগানটো, য'ত বাজি উঠিছিল মোৰ শৈশৱক সমৃদ্ধ কৰিব পৰা শত সুৰ। ৰেকৰ্ডবোৰ আছিল বিদেশী ক্লাছিকেল সংগীত অথবা লোক সংগীত। দেউতাই অসম্ভৱভাৱে মজি গৈছিল সেই সুৰত। অৱশ্যে মাৰ তাগিদাত কলিকতাৰ পৰা দেউতাই আনিছিল হৰিমতী, ইন্দুবালা বা আঙুৰবালাৰ ৰেকৰ্ড। ৰবীন্দ্ৰ সংগীতৰ কোনো ৰেকৰ্ড আমাৰ ঘৰত তেতিয়ালৈ নাছিল। দেউতাৰ কণ্ঠও আছিল ভাল। বজাব পাৰিছিল অৰ্গেন আৰু ক্লেৰিঅ'নেট। অৱশ্যে পশ্চিমীয়া সংগীতত তেওঁৰ কেনেকৈ ইমান ৰাপ বহিল সেয়া মই নাজানো। লতাবাৰীৰ ঘৰত বেছিভাগ দিনে আমাৰ টোপনি ভাঙিছিল গ্ৰামোফোনত বাজি উঠা চিম্ফনীৰ সুৰে। অপেৰা ৰেকৰ্ডবোৰ বজালে মায়ে কৈছিল- সেইবোৰ হেনো প্ৰেতনীৰ আৰ্তনাদ। মা গাধোৱা ঘৰত সোমালে দেউতাই বজাইছিল অপেৰা ৰেকৰ্ডবোৰ। বহু বছৰ পাছত মস্কোত MUSSORGSKYৰ BOIS GODUNOV অপেৰা ষ্টেজত চাইছিলোঁ ১৯৫৪ চনত, মন উৰা মাৰিছিল অসমত কটোৱা চাহ বাগিচাৰ সেই দিনবোৰলৈ। লতাবাৰী এৰি আহোঁতে দেউতাই কলগানটো লৈ আহিছিল। বাৰাসাতৰ মানুহে সেই তেতিয়াহে প্ৰথমবাৰলৈ দেখা পালে কলগান।
মোৰ কবিতা অথবা গানৰ প্ৰথমকালত মা আছিল আটাইতকৈ ভাল সমঝদাৰ। কিন্তু দেউতাৰ দৰে মাকো একেবাৰে কমকৈ পাইছিলোঁ। দেউতাইতো ৩৫ বছৰীয়া চাকৰিকাল অসমতে কটালে। আনকি দেউতাৰ চাকৰি কালত তেওঁক অকলে এৰি মা কাহানিও আমাৰ কাষত মানে মোমাইদেউৰ ঘৰত থকা নাছিল। জীৱনত বহু সুখী পৰিয়াল দেখিলোঁ, কিন্তু মা আৰু দেউতাৰ দৰে পৰস্পৰ নিৰ্ভৰ ভাল পোৱা ক'তো নেদিখিলোঁ। দেউতাই দিছিল মোক সংগীত চেতনা আৰু মাৰ পৰা পাইছিলোঁ সাহিত্য চেতনা। জনা-বুজা হোৱাৰ পৰা দেউতাক বছৰত এবাৰেই লগ পাওঁ, পূজাৰ বন্ধত এমাহৰ বাবে কিন্তু মোৰ জীৱনত দেউতাৰ দৰে প্ৰভাৱ আৰু কোনেও বিস্তাৰ কৰিব নোৱাৰিলে।
(১৯৮০ চনত যুগান্তৰ পত্ৰিকাৰ শাৰদীয় সংখ্যাত প্ৰকাশিত এটা প্ৰবন্ধ, 'আমি ৰাগেৰ ঠাট'ৰ লগতে আত্মজীৱনী আৰু বিভিন্ন সাক্ষাৎকাৰৰ নিৰ্বাচিত অংশৰ অনুবাদ)
0 Comments