যুদ্ধোত্তৰ যুগৰ সাহিত্যৰ আভাস (কবিতা, উপন্যাস, নাটকৰ উল্লেখেৰে)




পৃষ্ঠভূমি


আৱাহন যুগৰ বিষয়ে তথ্যচিত্ৰ৷ ডি ডি অসমত প্ৰচাৰিত৷
  • ছিদ্‌লী জমিদাৰ ( প্ৰভাত চন্দ্ৰ বৰুৱা বাহাদূৰ) আৰু মেছপৰা জমিদাৰ (নগেন্দ্ৰ নাৰায়ণ চৌধুৰী- পত্নী- প্ৰফুল্লবালা দেৱী চৌধুৰী)ৰ মাজৰ বিতৰ্কত আৱাহনৰ জন্ম৷
  • গোৱালপাৰা জিলাক লৈ বিতৰ্ক৷ গোৱালপাৰা অসমৰ লগত থাকিব নে বংগৰ লগত থাকিব, তাক লৈ জমিদাৰসকলৰ মাজত বিতৰ্ক হয়৷
  • মেছপৰা জমিদাৰসকল আছিল অসমীয়া ভাষাৰ পক্ষত৷ সেয়েহে তেওঁলোকে অসমীয়া ভাষাৰ উদ্ধাৰৰ বাবে এখন আলোচনীৰ জন্ম দিয়ে৷ নাম আছিল আৱাহন৷ ১৯৯১ চনলৈকে চেগা-চুৰুকাকৈ আলোচনীখন প্ৰকাশ হৈ আছিল৷ (সেই সময়ৰ সম্পাদকঃ দিলীপ শৰ্মা, দীননাথ শৰ্মাৰ পুত্ৰ৷)
  • সেই সময়ত কলিকতাতে অসমৰ জমিদাৰসকল বেছিকৈ আছিল৷ গতিকে আৱাহন কাকত কলিকতাৰ পৰাই প্ৰকাশ হয়৷ তেওঁলোকে কলিকতাতে অসমৰ বিহু পালন কৰিছিল৷ আৱাহনত তাৰ আলোকচিত্ৰ আছিল৷
  • আৱাহন যুগৰ যুগৰ কাণ্ডাৰীঃ বাণীকান্ত কাকতি, তীৰ্থনাথ শৰ্মা, কৃষ্ণকান্ত সন্দিকৈ, মহেশ্বৰ নেওগ, নলিনীকান্ত বৰুৱা, অম্বিকাপ্ৰসাদ গোস্বামী, বিষ্ণুপ্ৰসাদ ৰাভা, লক্ষীনাথ ফুকন, ৰমেশ দাস, বিৰিঞ্চি কুমাৰ বৰুৱা, মুনীন বৰকটকী, হলিৰাম ডেকা, কৃষ্ণ ভূঞা আদি৷
  • এই সময়ৰ কবিঃ দেৱকান্ত বৰুৱা, যতীন্দ্ৰনাথ দুৱৰা, গনেশ গগৈ, ৰঘুনাথ চৌধুৰী, ৰত্নকান্ত বৰকাকতী, নীলমণি ফুকন, শৈলধৰ ৰাজখোৱা আদি৷
  • গীতিকাৰঃ মিত্ৰদেৱ মহন্ত, পাবৰ্তী প্ৰসাদ বৰুৱা, উমেশচন্দ্ৰ চৌধুৰী, ৰাধানাথ সন্দিকৈ, কুলধৰ চলিহা আদি৷
  • এখন প্ৰগতিমুখী আৰু সংস্কাৰমুখী আলোচনী৷ সমাজবাদী দৃষ্টিভংগীৰ প্ৰতি আকৰ্ষিত হৈছিল৷
  • ২০১৫ চনত আৱাহনৰ একত্ৰ সংকলন প্ৰকাশ কৰা হয়৷ সম্পাদকঃ পৰমানন্দ মজুমদাৰ৷ মুঠ ১২টা খণ্ড প্ৰকাশ হৈছে৷

* অসমীয়া সাহিত্যৰ যুগ বিভাজন কৰোঁতে দ্বিতীয় বিশ্বযুদ্ধ(১৯৩৯-১৯৪৫)ৰ পাছৰ সময়খিনিকেই  ‘যুদ্ধোত্বৰ যুগ’ নামেৰে নামকৰণ কৰা হৈছে৷ যিটো যুগক ‘ৰামধেনু যুগ’ (১৯৪০-১৯৭০) নামেৰেও জনা যায়৷ যুদ্ধোত্তৰ যুগ বা ৰামধেনু যুগৰ পৃষ্ঠভূমি হৈছে– আৱাহন যুগ (১৯২৯-১৯৩৯, প্ৰথম সম্পাদকঃ দীননাথ শৰ্মা, দ্বিতীয় সম্পাদকঃ নগেন্দ্ৰ নাৰায়ণ চৌধুৰী)ৰ সময়ছোৱা৷ আৱাহনৰ পৰৱৰ্তী সময়ছোৱাত দ্বিতীয় বিশ্বযুদ্ধৰ ভয়ানক পৰিস্থিতি আৰু তাৰ পৰা পোৱা বাস্তৱিক শিক্ষাই সমাজ-সাহিত্য-সংস্কৃতিৰ প্ৰতিটো দিশলৈকে অভূতপূৰ্ব পৰিৱৰ্তন কঢ়িয়াই আনিলে৷ ধৰ্ম আৰু মানৱীয় মূল্যবোধৰ প্ৰতি মানুহৰ আস্থা কমি আহিলে৷ সেইদৰে এই সময়ছোৱাতে ভাৰতৰ স্বাধীনতা আন্দোলন আৰু বিশ্বৰ সমসাময়িক ৰাজনৈতিক, সামাজিক ঘটনা আদিয়ে পূৰ্বৰ ৰোমাণ্টিক আৱেগক কবৰ দি পূৰ্বৰপৰা চলি অহা সাহিত্যৰ সামগ্ৰিক স্বৰূপকে সলনি কৰি পেলালে৷ সেয়েহে জোনাকী যুগৰপৰা বৈ অহা ৰোমাণ্টিক সাহিত্যৰ ধাৰাবাহিক সুঁতিটোৱে যুদ্ধোত্তৰ যুগৰ সময়ছোৱাত গতি সলনি কৰিলে৷ এই সলনি হোৱা কৰ্মটো মূলতঃ আদৰ্শ, দৃষ্টিভংগী আৰু সাহিত্য প্ৰকাশৰ কৌশলক আদিক কেন্দ্ৰ কৰি বিকাশ লাভ কৰিলে৷ অন্যহাতে  এই সময়ছোৱাতে জয়ন্তী,ৰামধেনু আৰু পছোৱা আদি আলোচনীৰ জন্ম হোৱা বিষয়টোৱে নিৰ্দিষ্ট সময়ছোৱাৰ সাহিত্যক এটা নতুন পথৰে গতি কৰাবলৈ সক্ষম হয়৷ এই প্ৰসংগত অসমীয়া চুটিগল্পৰ অধ্যয়ন গ্ৰন্থখনত প্ৰহ্লাদ কুমাৰ বৰুৱাই কৈছে যে–  ‘‘এইটো যুগক যুদ্ধোত্তৰ যুগ বা ৰামধেনু আলোচনীৰ নামেৰে নামকৰণ কৰাৰো এটা কাৰণ আছে৷ প্ৰথম কথা দ্বিতীয় মহাযুদ্ধই সৃষ্টি কৰা আচহুৱা বাতাৱৰণৰ বাবেই ১৯৪০-ৰ পৰা অসমীয়া সাহিত্যৰ প্ৰাণশক্তিটো সলনি হ’বলৈ লয় বাবেই এইটো যুগক যুদ্ধোত্তৰ যুগৰ সাহিত্য বুলি বিশেষভাৱে চিহ্নিত কৰিব পাৰি৷’’

দ্বিতীয় বিশ্বযুদ্ধৰ সমান্তৰালভাৱে ভাৰতৰ ৰাজনৈতিক সংকট, মুছলীম লীগৰ কাম-কাজ আদিয়েও যুদ্ধোত্তৰ যুগৰ অসমীয়া সাহিত্যক প্ৰভাৱিত কৰিছিল৷ দ্বিতীয় বিশ্বযুদ্ধৰ বিভিষীকাই অসমকো ভালকৈয়ে চুই গৈছিল৷ সেইসময়ৰ অসমৰ ডিমাপুৰ আৰু কহিমাতো জাপানী আৰু বৃট্ৰিছ সৈন্যৰ তয়াময়া ৰণ হৈছিল৷ দুৰ্ভিক্ষ, অভাৱ-অনাটনে সাধাৰণ শ্ৰেণীৰ মানুহৰ জীৱন বিপৰ্যস্ত কৰি তুলিছিল৷ অন্যহাতে ক্ষমতালোভী শীৰ্ষস্থানীয় নেতা-পালিনেতাই শাসন আৰু সুবিধাৰ বাবে সদ্য স্বাধীনতাপ্ৰাপ্ত দেশখনক সুস্থিৰ কৰাতকৈ অস্থিৰহে কৰি তুলিছিল৷ ব্যক্তিকেন্দ্ৰীক ভোগবাদী লালসাই জনসাধাৰণৰ মনত হতাশা আৰু বিশ্বাসহীনতাৰহে জন্ম দিছিল৷ স্বাধীনতা লাভৰ পৰৱৰ্তী সময়ত ভাৰতৰ লগতে অসমৰ মানুহে যি ৰামৰাজ্যৰ সপোন দেখিছিল, অতি কম দিনৰ ভিতৰতে সেই ৰামৰাজ্যৰ খহনীয়া ৰূপটো দেখি সকলোৰে স্বপ্নভংগ হৈছিল৷ গতিকে এইধৰণৰ মানসিক বিফলতা আৰু এটা সুদীৰ্ঘ আন্দোলনৰ অন্তত পোৱা গ্লানি আৰু ব্যৰ্থতাক বেছিভাগ লেখকেই তেওঁলোকৰ সাহিত্যৰ বিষয় হিচাপে নিৰ্বাচিত কৰিছিল৷ সেইদৰে চীনৰ ভাৰত আক্ৰমণ, বামপণ্ঠী ৰাজনীতিৰ প্ৰসাৰ আদি কাৰকসমূহ এই সময়ৰ সমসাময়িক সাহিত্যৰ বিষয় হৈ পৰিছিল৷

যুদ্ধোত্তৰ যুগৰ অসমৰ অৰ্থনৈতিক অৱস্থাৰ অৱক্ষয় আৰু কৰ্ম-সংস্থানহীনতাই সমাজৰ প্ৰতিটো স্তৰৰ লোককে স্পৰ্শ কৰিছিল৷ অন্যহাতে  ব্ৰিটিছে শোষণ কৰি যোৱা অসমৰ অৰ্থনৈতিক অৱস্থাটোৰ সমান্তৰালভাৱে ধনী শ্ৰেণীটোৰ শোষণ আৰু দুখীয়াসকলৰ জীৱন-জীৱিকাৰ তাড়নাৰ লগতে সমাজৰ বুদ্ধিজীৱী শ্ৰেণীটোৰ শোষণ মুক্তিৰ বিপ্লৱ আদি কাৰক সমূহে যুদ্ধোত্তৰ যুগৰ সাহিত্যত প্ৰভাৱ বিস্তাৰ কৰিছিল৷ বহিৰাগতৰ অবাধ প্ৰবজন আৰু তেওঁলোকৰ ব্যৱসায় বাণিজ্য বিস্তাৰেও থলুৱা মানুহখিনিৰ অৰ্থনৈতিক দিশটোক ক্ষতিগ্ৰন্থ কৰিছিল৷ মূল বজাৰখন বহিৰাগতৰ হাতলৈ গুচি যোৱাৰ লগে লগে থলুৱা কৃষকসকলৰ অৰ্থনৈতিক অৱস্থা শোচনীয় হৈ পৰিছিল৷ গতিকে এই সময়ৰ সাহিত্যত অসমীয়া সমাজৰ ক্ষয়িষ্ণু অৰ্থনৈতিক অৱস্থাটোৰ প্ৰতিফল ব্যাপকৰূপত ঘটিছিল৷

অৱশ্যে ইমানৰ পাছতো যুদ্ধৰ বিভিষীকাই ভাৰতলৈ আধুনিকতা কঢ়িয়াই আনিছিল৷ যি আধুনিকতাই অন্যান্য ক্ষেত্ৰসমূহত বিস্তাৰ লাভ কৰাৰ সমান্তৰালভাৱে সাহিত্যৰ ক্ষেত্ৰখনতো প্ৰভাৱ বিস্তাৰ কৰিছিল৷ প্ৰকৃততে দ্বিতীয় বিশ্বযুদ্ধৰ ভয়াবহ পৰিস্থিতিয়েই অসমীয়া সাহিত্যৰ লগত ভাৰতীয় সাহিত্যৰ সামগ্ৰিক দিশবোৰলৈকে আধুনিক চিন্তাধাৰা কঢিযয়াই আনিছিল৷ তলত এই বিষয়ে সংক্ষেপে আলোচনা কৰা হ’ল–

কবিতাঃ
আধুনিক অসমীয়া কবিতা মূলত যুদ্ধোত্তৰ যুগৰ অৱদান৷ যুদ্ধৰ তিক্ততা, যুদ্ধৰ ভয়াবহ পৰিস্থিতি, আৰু বিয়াল্লিছৰ গণ বিপ্লৱৰ বিফলতাৰ পটভূমিতেই আধুনিক কবিতাৰ জন্ম হৈছিল৷ যুদ্ধোত্তৰ যুগৰ কবিতাক সত্যেন্দ্ৰনাথ শৰ্মাই দুটা ভাগত ভাগ কৰিছে৷ অৱশ্যে তেওঁ যুগটোক যুদ্ধোত্তৰ যুগ নুবুলি ‘উত্তৰ স্বাধীনতা যুগ’ বুলি উল্লেখ কৰিছে৷ তেওঁ বৰ্ণনা কৰা ভাগ দুটা হ’ল– ‘‘পুৰণি ৰোমাণ্টিকধৰ্মী আৰু গতানুগতিক ছন্দৰীতিত ৰচনা কৰা কবিতা৷ তেওঁ দ্বিতীয় ভাগটোত নীলমণি ফুকন (জেষ্ঠ্য), অম্বিকাগিৰি ৰায়চৌধুৰী, প্ৰসন্নলাল চৌধুৰী, নলিনীবালা দেৱী, আনন্দচন্দ্ৰ বৰুৱা আদি পুৰণিচাম কবিৰ কবিতাৰ ধাৰাই ষাঠি দশকমানলৈকে প্ৰৱাহিত হৈ অধুনালুপ্ত হৈ মৃতকল্প হৈ পৰিছে বুলি উল্লেখ কৰিছে৷’’ 

যুদ্ধোত্তৰ যুগৰ কবিতাৰ মূল শক্তিশালী ধাৰাটোৰ সৃষ্টি হৈছে পঞ্চম দশকমানৰ পৰা৷ মাক্সৰ্বাদী বা কমিনিউজিমত বিশ্বাসী কেইবাজনো কবিয়ে এই সময়ছোৱাৰ কবিতাৰ প্ৰধান ধাৰাটোক সমৃদ্ধ কৰিছিল৷ তাৰ ভিতৰত অমলেন্দু গুহ, হীৰেণ গোহাঞি, হীৰেণ ভট্টাচাৰ্য, কেশৱ মহন্ত, বিজনলাল চৌধুৰী, হেমাঙ্গ বিশ্বাস আদি কবিৰ নাম উল্লেখযোগ্য৷  অমলেন্দু গুহৰ ‘বাগিচাত দেওবাৰ’, কেশৱ মহন্তৰ ‘আঘোণৰ কুৱঁলী’, হেমাঙ্গ বিশ্বাসৰ ‘কুলখুৰাৰ চোতাল’, হীৰেণ গোহাঁইৰ ‘অক্টোবৰ’, হীৰেণ ভট্টাচাৰ্যৰ ‘ৰৌদ্ৰ কামনা’, ‘শৰ-সন্ধান’ আদি কবিতাৰ নাম উল্লেখযোগ্য৷

অন্যহাতে অম্বিকাগিৰী ৰায়চৌধুৰী, জ্যোতিপ্ৰসাদ আগৰৱালা, পাৰ্বতীপ্ৰসাদ বৰুৱা, প্ৰসন্নলাল চৌধুৰী আদিৰ শেষৰ সময়ৰ কবিতাসমূহতো যুদ্ধোত্তৰ যুগৰ ক্ষিণ সুুঁতি এটা দেখিবলৈ পোৱা গৈছিল৷ ৰায়চৌধুৰীৰ–  অনুভূতি [১৯৫৪], বেদনাৰ উল্কা [১৯৪৪], জ্যোতিপ্ৰসাদ আগৰৱালাৰ– ‘লুইতৰ পাৰৰ অগ্নিসূৰ’ (মৃত্যুৰ পাছত প্ৰকাশিত একত্ৰ সংকলন), প্ৰসন্নলাল চৌধুৰীৰ– ‘অগ্নিমন্ত্ৰ’ [১৯৫২] আৰু ‘চানেকি কবিতা’ আদিত সন্নিৱিষ্ট কবিতা পুথিবোৰো এই  সময়ছোৱাৰ উল্লেখযোগ্য কবিতাৰ পুথি৷

কবিতাৰ প্ৰকাশৰীতিতকৈয়ো কবিতাৰ মাজেৰে সমাজবাদী আদৰ্শৰ প্ৰচাৰ আৰু প্ৰসাৰতহে এই সময়ছোৱাৰ কবিতাই প্ৰধান ভূমিকা পালন কৰিছিল৷ অৱশ্যে সমাজবাদত বিশ্বাস কৰিও ব্যক্তিসত্তাৰ স্বাতন্ত্ৰ্য অস্বীকাৰ কৰিব নোজোখা কবিসকলৰ ভিতৰত– দেৱকান্ত বৰুৱা, হেম বৰুৱা, মহেশ্বৰ নেওগ, হেমাংগ বিশ্বাস, ভবানন্দ দত্ত, চক্ৰেশ্বৰ ভট্টাচাৰ্য, চৈয়দ আব্দুল মালিক, নলিনীধৰ ভট্টাচাৰ্য,  অমূল্য বৰুৱা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, মহিম বৰা, বীৰেণ বৰকটকী, ভূপেন হাজৰিকা, নীলিমা দত্ত, নৱকান্ত বৰুৱা, অজিৎ বৰুৱা, কেশৱ মহন্ত, ৰুদ্ৰ বৰুৱা, জ্ঞানানন্দ শৰ্মা পাঠক, মহেন্দ্ৰ বৰা, হৰি বৰকাকতি, চুজাউদ্দিন আহমদ, অৰুণ শৰ্মা, ৰত্ন উজা, হীৰেণ ভট্টাচাৰ্য, ৰাম গগৈ, হোমেন  বৰগোহাঞি, নীলমণি ফুকন, নিৰ্মলপ্ৰভা বৰদলৈ, বীৰেশ্বৰ  বৰুৱা,  ৰাম গোস্বামী, দীনেশ গোস্বামী, সৰ্ব্বেশ্বৰ দত্ত, হীৰেন্দ্ৰনাথ দত্ত, নগেন শইকীয়া, হীৰেণ গোহাঁই, ৰবীন্দ্ৰ বৰা, পুণ্ডৰীকাক্ষ ভৰালী, তোষপ্ৰভা কলিতা, ভৱেন বৰুৱা, ৰবীন্দ্ৰ সৰকাৰ, অৱনী চক্ৰৱৰ্তী, মীৰা ঠাকুৰ, নাহেন্দ্ৰ পাদুন, হৰেকৃষ্ণ ডেকা, কবীন ফুকন, পুণ্য শইকীয়া, আনিছ উজ্‌ জামান মোহণ কৃষ্ণ মিশ্ৰ আদিৰ নামোল্লেখ কৰিব পাৰি৷ সেইদৰে যুদ্ধোত্তৰ যুগৰ একেবাৰে শেষ সময়ছোৱাত সাহিত্য চৰ্চা আৰম্ভ কৰা কবিসকলৰ ভিতৰত– জ্ঞান পূজাৰী, প্ৰেম গগৈ, বিৰিঞ্চি ভট্টাচাৰ্য, সনন্ত তাঁতি, সুমিত্ৰা গোস্বামী,  সমীৰ তাঁতি,  উদয় কুমাৰ শৰ্মা, কৌস্তুভমণি শইকীয়া, পূৰ্ণ ভট্টাচাৰ্য, বংশী বৰা, প্ৰেম নাৰায়ণ নাথ, অনুভৱ তুলসী, নিলীম কুমাৰ, ৰৌচন আৰা বেগম, লুটফা হানুম ছেলিমা বেগম, ৰাজীম বৰুৱা আদিৰ নাম বিশেষভাৱে উল্লেখযোগ্য৷

চন্দ্ৰ কটকীয়ে ‘আধুনিক অসমীয়া কবিতাৰ বৈশিষ্ট্য’ প্ৰবন্ধত উল্লেখ কৰিছে যে– ‘‘আধুনিক অসমীয়া কবিতাৰ সৃষ্টিত জয়ন্তী, পছোৱা, আৰু ৰামধেনু এই তিনিখন সাহিত্য পত্ৰিকাৰ বৰঙণি আটাইতকৈ বেছি৷  অমূল্য বৰুৱা, হেম বৰুৱা আৰু নৱকান্ত বৰুৱা এই তিনিজন অগ্ৰণী কবিৰ বিৰামহীন চেষ্টাত আধুনিক অসমীয়া কবিতাৰ প্ৰাণ প্ৰতিষ্ঠা হ’ল৷’’ 

দেৱকান্ত বৰুৱাৰ সাহিত্যগমনে যুদ্ধোত্তৰ যুগৰ কবিতাক এক মান্যতা প্ৰদান কৰিলে৷ অন্যহাতে যুদ্ধোত্তৰ যুগৰ কবি হীৰেণ ভট্টাচাৰ্যৰ কবিতাই অসমীয়া কবিতাক সকলো শ্ৰেণীৰ পাঠকৰ ওচৰলৈ লৈ যাবলৈ সক্ষম হৈছিল৷ ‘‘যুদ্ধোত্তৰ যুগৰ কবিতাত নতুন নন্দনতাত্ত্বিক মূল্যবোধৰ আধাৰত এটা সৰু-সুৰা বিপ্লৱ আৰম্ভ হৈছিল বুলি  মহেন্দ্ৰ বৰাই ‘আধুনিক অসমীয়া সাহিত্যৰ পৰিচয়’ গ্ৰন্থত উল্লেখ কৰিছে৷ তেওঁ উল্লেখ কৰিছে যে বিষয়বস্তু উপস্থাপনত তীৰ্যক ৰীতিৰ প্ৰৱৰ্তন, শব্দৰ প্ৰতিকী ব্যঞ্জনা, চিত্ৰকল্পৰ প্ৰয়োগ আদি যুদ্ধোত্তৰ যুগৰ কবিতাৰ আংগিক বৈশিষ্ট্য৷’’

যুদ্ধোত্তৰ যুগৰ কবিতাৰ সুৰটো বিভিন্ন ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক কাৰণত পূৰ্বৰ ৰোমাণ্টিক কবিতাৰ সুৰৰ পৰা লাহে লাহে সলনি হ’বলৈ ধৰিছিল বুলি ইতিমধ্যেই উল্লেখ কৰা হৈছে৷ যুদ্ধৰ বিভিষীকাই মানুহক কেৱল ৰোমাণ্টিক ভাৱনাতে সন্তুষ্ট কৰি ৰখা মানসিকতালৈ পৰিৱৰ্তন আনি দিলে৷ চৰাই, ফুল, আকাশ, বতাহ ভালপোৱা কবিসকলেও লাহে লাহে তেজ, যুদ্ধ, হত্যা, হিংসা, দুৰ্নীতি আদি বিষয়ক কবিতাৰ সমল হিচাপে গ্ৰহণ কৰিবলৈ ল’লে৷ তাৰ মাজতো অৱশ্যে ক্ষিণভাৱে প্ৰেম, অনুৰাগ, ব্যক্তিগত অনুভৱ-অনুভূতি বিষয়বোৰ চেগা-চুৰুকাকৈ প্ৰকাশিত হৈ থাকিল৷ সেইদৰে ফ্ৰয়েডৰ যৌন মনস্তত্ত্ব, সমাজবাদী চিন্তা-চেতনাত আস্থাহীনতা, ছিন্নমূল ধাৰণাৰ মনোভাৱ, আধুনিক নগৰকেন্দ্ৰিক যান্ত্ৰিক সভ্যতাৰ সুবিধা-অসুবিধা, পৌৰাণিক সাহিত্যক পটভূমি হিচাপে লৈ সৃষ্টি হোৱা কাহিনী, পৌৰাণিক চৰিত্ৰ, ঘটনা আদিৰ পুনৰ নিৰ্মাণ, প্ৰতীক-চিত্ৰকল্পৰ ব্যৱহাৰ, মুক্তক ছন্দ আৰু স্পন্দিত গদ্যৰ সঘন ব্যৱহাৰ, সব্দৰ লক্ষণা, অভিধা আৰু ব্যঞ্জনাৰ ওপৰত গুৰুত্ব, ব্যক্তিগত অনুভৱ-অনুভূতি, অৱচেতন মনৰ মানসিক চিন্তা-চেতনাৰ পৰ্বিপ্ৰকাশ, যৌন কামনাৰ বৰ্হিপ্ৰকাশ, ভাবৰ অসংলগ্নতা আদি বিষয়বোৰো যুদ্ধোত্তৰ যুগৰ কবিতাৰ ঘাই বিষয় হৈ পৰিছিল৷ সেইদৰে যুদ্ধোত্তৰ যুগৰ কবিসকলে তেওঁলোকৰ পূৰ্বৰ কবিসকলৰপৰা অনুপ্ৰেৰণা লোৱাতকৈ পাশ্চাত্য কবিৰ কবিতাৰ প্ৰতিহে বেছি আকৃষ্ট হৈছিল৷ এই পাশ্চাত্য কবিসকলৰ ভিতৰত– ডব্লিউ. বি. ইয়েটছ, মায়াক্‌ভস্কি, মাৰ্লাম, ৰিস্কে, ডাইলাইন, বোডেলিয়াৰ, ৰোদেলিয়াৰ, ইলিয়ট, অডেন, স্পেণ্ডাৰ আদি অন্যতম৷ কিন্তু ইমানৰ পাছতো নীলমণি ফুকনে ‘যুদ্ধোত্তৰ অসমীয়া কবিতাৰ পৰিসৰ আজিও সংকীৰ্ণ’ বুলিহে উল্লেখ কৰিছে৷ তেওঁৰ মতে এই সময়ছোৱাত লিখা কবিতাবোৰৰ ভিতৰত অকবিতাই সৰহ৷ প্ৰতিভাৱান কবিও কেইজনমানহে বুলি তেওঁ  ‘কুৰি শতিকাৰ অসমীয়া কবিতা’ শীৰ্ষক প্ৰবন্ধত উল্লেখ কৰি থৈ গৈছে৷

এই সময়ছোৱাত লিখা কেইজনমান কবিৰ কবিতা পুথিৰ উদাহৰণ দিয়া হ’ল–
দেৱকান্ত বৰুৱাৰ– ‘সাগৰ দেখিছা’, চৈয়দ আব্দুল মালিকৰ– ‘বেদুইন’, ‘স্বাক্ষৰ’, মহেশ্বৰ নেওগৰ– ‘মুছাফিৰখানা’, ‘সঞ্চাৰিণী দিপশিখা’, হেম বৰুৱাৰ– ‘বালিচন্দা’ [১৯৫৯], ‘মনময়ূৰী’ [১৯৬৭],  নৱকান্ত বৰুৱাৰ– ‘হে অৰণ্য হে মহাসাগৰ’ [১৯৫১], ‘এটি দুটি এঘাৰটি তৰা’ [১৯৫৭], ‘যতি আৰু কেইটামান স্কেচ’ [১৯৬১], ‘মোৰ আৰু পৃথিৱীৰ’ [১৯৭৩], ‘ৰত্নাকৰ আৰু অন্যান্য কবিতা’ [১৯৮৬], ‘এখন স্বচ্চ মুখাৰে’ [১৯৯০],  অমলেন্দু গুহৰ– ‘তোমালৈ’ [১৯৬০], কেশৱ মহন্তৰ– ‘আমাৰ পৃথিৱী’ [১৯৪৬], ৰাম গগৈৰ– ‘মাটিৰ স্বপ্ন [১৯৬৩],  ‘পৃথিৱী অন্তৰাত্মা’ [১৯৮৬], মহিম বৰাৰ– ‘ৰঙা জিঁয়া’ [১৯৭৮],  হৰি বৰকাকতিৰ– ‘কোনোবা শীতৰ এটা বগা সন্ধ্যাত’ [১৯৭২], ‘হৰি বৰকাকতীৰ কবিতা’ [১৯৭৮], ‘সময় বালিৰ খোজ’ [১৯৮১],  মহেন্দ্ৰ বৰাৰ– ‘জাতিষ্মৰ’ [১৯৬১], ‘এই নদীয়েদি’, ‘ৰূপৰ টিলিঙাৰ মাত’ [১৯৮১], ‘নীলা ধতুৰাৰ ফুল’ [১৯৫৮], অজিৎ বৰুৱাৰ– ‘কিছুমান পদ্য আৰু গান’ [১৯৮২], ‘ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য’ [১৯৮৯], বীৰেশ্বৰ বৰুৱাৰ– ‘নিৰ্জন নাবিক’, ‘অন্য এক জোনাক আৰু ডাউকী’, বীৰেন্দ্ৰনাথ বৰকটকীৰ– ‘মন্বন্তৰ’ [১৯৫৯], ‘চিৰন্তন’ [১৯৭৯],  হেমাঙ্গ বিশ্বাসৰ– ‘কুল খুৰাৰ চোতাল’ [১০৭০],  হীৰেন ভট্টাচাৰ্যৰ– ‘ৰৌদ্ৰ কামনা, ‘মোৰ দেশ আৰু মোৰ প্ৰেমৰ কবিতা’, ‘বিভিন্ন দিনৰ কবিতা’, ‘কবিতাৰ ৰ’দ’, ‘শইচৰ পথাৰ মানুহ’ [১৯৯১] ‘সুগন্ধি পখিলা’ [১৯৮১], নীলমণি ফুকনৰ– ‘সূৰ্য হেনো নামি আহে এই নদীয়েদি’ [১৯৬৩], ‘নিৰ্জনতাৰ শব্দ’ [১৯৬৫], ‘আৰু কি নৈশব্দ’ [১৯৬৮]  ‘ফুলি থকা সূৰ্যমুখী ফুলটোৰ ফালে [১৯৭১], ‘কাঁইট গোলাপ আৰু কাঁইট’ [১৯৭৫], ‘গোলাপী জামুৰ লগ্ন’ [১৯৭৫], ‘আৰু কবিতা’ [১৯৭৮] ‘নৃত্যৰতা পৃথিৱী’ [১৯৮৫],  নিৰ্মলপ্ৰভা বৰদলৈৰ– ‘বন ফৰিঙৰ ৰং’ [১৯৬৭],   ‘দিনৰ পাছত দিন’ [১৯৭৭], ‘সমীপেষু’ [১৯৭৭], ‘অন্তৰঙ্গ’ [১৯৭৮], হীৰেন্দ্ৰনাথ দত্তৰ– ‘সোমধিৰিৰ সোঁৱৰণি আৰু অন্যান্য কবিতা’ [১৯৮১], ভৱেন বৰুৱাৰ– ‘সোণালী জাহাজ’ [১৯৭৭], দীনেশ গোস্বামীৰ– ‘আলোড়িত অন্ধকাৰ’ [১৯৭৩],  নলিনীধৰ ভট্টাচাৰ্যৰ– ‘চেৰাশলিৰ মালিতা’ [১৯৮৩], হৰেকৃষ্ণ ডেকাৰ– ‘স্বৰবোৰ’ [১৯৭৩], ‘সয়ম্বৰ’ [১৯৭২], ৰাতিৰ শোভাযাত্ৰা [১৯৭৮],  ৰবিন্দ্ৰ সৰকাৰৰ– ‘শান্তি’, ‘কল্যাণ’, ‘কবিতা’, ‘তুমি মোক স্পৰ্শ কৰা’,  ৰবীন্দ্ৰ বৰাৰ– ‘নিৰ্বাসিত সময়’ [১৯৮৬] আদি ৷

এই সময়ছোৱাত লিখা কেইজনমান জনপ্ৰিয় কবিৰ কেইটামান কবিতাৰ উদাহৰণ দিয়া হ’ল–
দেৱকান্ত বৰুৱাৰ –আমি দুৱাৰ মুকলি কৰোঁ, অপ্ৰকাশ, অসাৰ্থক, মনোৰমা, সাগৰ দেখিছা আদি৷
চৈয়দ আব্দুল মালিকৰ– বিজয়ী যৌৱন, মোৰ স্বৰ্গ, আমাৰ কবিতা কোনোৱে নুবুজে আদি৷
মহেশ্বৰ নেওগৰ– অন্ত্যজা, জীৱন
যজ্ঞেশ্বৰ শৰ্মাৰ– লেফাফা
হেমাংগ বিশ্বাসৰ– কুল খুৰাৰ চোতাল, নাম তাৰ কমৰেড ৰত্নেশ্বৰ ৰাভা
হেম বৰুৱাৰ– পোহৰতকৈ আন্ধাৰ ভাল, মমতাৰ চিঠি আদি৷
অমূল্য বৰুৱাৰ– আন্ধাৰৰ হাহাকাৰ,  কুকুৰ, বেশ্যা,  বিপ্লৱী আদি
নলিনীধৰ ভট্টাচাৰ্যৰ– ইস্তাহাৰ
ভৱানন্দ দত্তৰ– ৰাজপথ, পাউদাৰ,
নৱকান্ত বৰুৱাৰ– ইয়াত নদী আছিল, সম্ৰাট, ৰাৱণ, এটা প্ৰেমৰ পদ্য আদি ৷
মহেন্দ্ৰ বৰাৰ– গীৰ্জা, ব্লাউজ আৰু শ্যেম্পেন, জাতিষ্মৰ, কেৰেণী শ্যেলীৰ চিঠি
বিৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ– বিষ্ণুৰাভা এতিয়া কিমান ৰাতি, ক্ৰুছৰ বন্ধুলৈ, যাত্ৰাৰ শেষ হ’লে আদি
কেশৱ মহন্তৰ– পষ্টাৰ, সোণজিৰা মাহীৰ নাড়ী, ছাঁই, আঘোণৰ কুঁৱলী
মহিম বৰাৰ– মাছ, পুখুৰী, ভৰলী পাৰৰ আবেলি
অজিৎ বৰুৱাৰ– জেংৰাই, দুখৰ কবিতা, মন-কুঁৱলী সময় আদি
হোমেন বৰগোহাঞিৰ– সাপ, ৰাতি, বিৰল্প, হৈমন্তী, স্মৃতি
নিৰ্ম্মল প্ৰভা বৰদলৈৰ– এমুঠি কবিতা
ৰাম গগৈৰ– পথাৰ, এটম বোমা, নদী, আশা
নীলমণি ফুকনৰ– ওলমি থকা গোলাপী জামুৰ লগ্ন, টোপনিতো তেওঁ মোক খেদি ফুৰিছিল আদি৷
হীৰেন্দ্ৰনাথ দত্তৰ– ছঁয়াময়া, শীত
হীৰেণ ভট্টাচাৰ্যৰ– মোৰ দেশ, ৰৌদ্ৰ কামনা, ভোগালী আদি৷
নিৰ্মলপ্ৰভা বৰদলৈৰ– মৰ্মান্তিক, দ্ৰৌপদী
ভৱেন বৰুৱাৰ– স্বচ্চতা, তোমালোকৰ
দিনেশ গোস্বামীৰ– নগ্নতা, প্ৰেমিক, দলিল, উত্তৰণ আদি৷

ইয়াৰোপৰি এই সময়ছোৱাত পাশ্চাত্যৰ বহুতো কবিতা অসমীয়া ভাষালৈ অনুবাদ হৈছিল৷ জয়ন্তী, পছোৱা, ৰামধেনু আদি আলোচনীতো বহু সংখ্যক অনুবাদ কবিতা প্ৰকাশ হৈছিল৷ অন্যহাতে এই সময়ছোৱাতে একাধিক কবিতাৰ সংকলন প্ৰকাশ পাইছিল৷ তাৰ ভিতৰত ‘অচিনা’ [১৯৬৪], মহেন্দ্ৰ বৰাৰ ‘নতুন কবিতা’ [১৯৫৮]  আদিৰ নামোল্লেখ কৰিব পাৰি৷ যুদ্ধৰ পৰৱৰ্তী এই কবিতাবোৰেই সাম্প্ৰতিক কবিতাৰ বাবে পৃষ্ঠভূমি স্বৰূপ৷ যুদ্ধোত্তৰ যুগৰ কবিয়ে যেনেকৈ ৰোমাণ্টিকতা পৰিহাৰ কৰি আধুনিকতা গ্ৰহণ কৰিছিল৷ সাম্প্ৰতিক সময়ৰ কবিসকলেও এই আধুনিকতাৰ উদ্ধৰ্লৈ গৈ উত্তৰ আধুনিক দৃষ্টিভংগীৰে কবিতা ৰচনা কৰিবলৈ ল’লে৷ এইদৰেই যুদ্ধোত্তৰ যুগৰ অসমীয়া কবিতাৰ বিষয়ে আলোচনা কৰিব পাৰি৷ 

উপন্যাসঃ
দ্বিতীয় বিশ্বযুদ্ধ, ভাৰতৰ স্বাধীনতা আন্দোলনৰ ফলশ্ৰুতিত দেশ, ৰাজ্যসমূহৰ ৰাজনৈতিক অস্থিৰতা আদি বিভিন্ন কাৰকসমূহে ভাৰতৰ লগতে অসম ৰাজ্যৰ সামগ্ৰিক দিশবোৰলৈকে যথেষ্টখিনি পৰিৱৰ্তন আনিছিল বুলি পূৰ্বতে উল্লেখ কৰি আহিছোঁ৷ এই পৰিৱৰ্তনে সাহিত্যৰ এটা অন্যতম বিধা উপন্যাসৰ ক্ষেত্ৰখনকো বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল৷ উল্লিখিত কাৰকসমূ্‌হে জনসাধাৰণৰ মন আৰু মানসিকতাক প্ৰভাৱিত কৰাৰ সমান্তৰলাভাৱে লেখকসমূহৰ মানসিক জগতখনতো যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছিল৷ যাৰ বাবে দ্বিতীয় বিশ্বযুদ্ধ আৰু তাৰ আশে-পাশে কেইটামান বছৰত অসমীয়া উপন্যাস সাহিত্যলৈ স্থৱিৰতা আহি পৰিছিল৷ অৱশ্যে পৰৱৰ্তী সময়ত পুনৰ এই ধাৰাবাহিকতা আৰম্ভ হয় আৰু অসমীয়া উপন্যাসে নতুন ৰূপ-লাৱণ্যৰে প্ৰসাৰ লাভ কৰে৷

অসমীয়া উপন্যাসৰ ধাৰা’ শীৰ্ষক প্ৰবন্ধত গোবিন্দ্ৰ প্ৰসাদ শৰ্মাই কৈছে– ‘‘এই দশকতেই স্বাধীনতা আন্দোলনেও শীৰ্ষতম বিন্দু পাইছিলগৈ আৰু যাৰ পৰিণতি হৈছিল এই দশকৰ শেষৰফালে স্বাধীনতা লাভ৷ স্বাধীনতা যুদ্ধৰ এই দশকৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ৰ যি অগ্নিময় অৱস্থা– সিও অসমীয়া মানসলৈ আনিছিল এক উদ্বিগ্নতা, অস্থিৰতা আৰু আশাৰ মাজতো হতাশা৷ স্বাধীনতা লাভৰ লগে লগে বা পঞ্চাশৰ দশকৰ পৰা এটি আশাৰ ৰেঙণিয়ে দেখা দিলে৷ এফালে মহাযুদ্ধৰ সামৰণি আৰু আনপিনে এক সুদীৰ্ঘ সংগ্ৰাম আৰু প্ৰত্যাশাৰ পিছত স্থাপিত হোৱা এক স্বদেশী চৰকাৰ৷ এনে অৱস্থাত চল্লিছৰ দশকত অসমীয়া সাহিত্যই যি নতুন ৰূপ গ্ৰহণ কৰাৰ উপক্ৰম কৰিছিল, পঞ্চাশৰ দশকত সেই ৰূপ স্পষ্ট হ’ল আৰু সি এক ভাৰসাম্য লাভ কৰিলে৷ অন্য কথাত, অসমীয়া সাহিত্যত এটি নতুন যুগ পঞ্চাশৰ দশকতে গঢ়ি উঠিল৷ সাহিত্যৰ এই নতুন ৰূপ কবিতা, চুটিগল্প আৰু উপন্যাসত বিশেষকৈ লক্ষ্য কৰিব পাৰি ৷’’

অসমীয়া কাহিনী সাহিত্যৰ শুভাৰম্ভ জোনাকীৰ পাতত হয় যদিও ‘বিজুলী’ আলোচনীতহে অসমীয়া উপন্যাসৰ প্ৰথম প্ৰকাশ হয়৷ পদ্মনাথ গোহাঞিবৰুৱাৰ ‘ভানুমতি’ প্ৰথম অসমীয়া উপন্যাস আৰু গ্ৰন্থকাৰে প্ৰকাশ পোৱা প্ৰথম উপন্যাস হ’ল– ‘লাহৰি’৷  অন্যহাতে ১৮৯৪ চনত ৰজনীকান্ত বৰদলৈৰ ‘মিৰিজীয়ৰী’ প্ৰকাশৰ লগে লগে অসমীয়া উপন্যাসৰ নতুন দিগন্ত হৈছিল যদিও এই সময়ছোৱাৰ পৰা যুদ্ধোত্তৰ সময়ছোৱালৈকে অতি মুষ্টিমেয় কেইজনমান সাহিত্যিকৰ হাততহে অসমীয়া উপন্যাস সাহিত্যই বিকাশ লাভ কৰে৷ ৰজনীকান্ত বৰদলৈৰ পৰৱৰ্তী সময়ত অসমীয়া সাহিত্যত উপন্যাস লিখাত মনোনিৱেশ কৰিছিল ক্ৰমে– শৰৎ চন্দ্ৰ গোস্বামী, হৰিণাৰায়ণ দত্ত বৰুৱা, চিন্তাহৰণ পাটগিৰি, স্নেহলতা ভট্টাচাৰ্য, দৈৱচন্দ্ৰ তালুকদাৰ, দণ্ডিনাথ কলিতা, চন্দ্ৰপ্ৰভা শইকীয়ানি আদি লেখক-লেখিকাই৷ এইসকলৰ ভিতৰত দণ্ডিনাথ কলিতা আৰু দৈৱচন্দ্ৰ তালুকদাৰৰ অৱদান বিশেষভাৱে উল্লেখযোগ্য, যিয়ে নেকি যুদ্ধৰ পূৰ্বৰ পৰা যুদ্ধোত্তৰ যুগৰ আৰম্ভণিলৈকে প্ৰায় বহুকেইখন উপন্যাস ৰচনা কৰিছিল৷

সত্যেন্দ্ৰনাথ শৰ্মাই যুদ্ধোত্তৰ যুগৰ উপন্যাসৰ বিষয়ে ‘স্বাধীনতাৰ পাছৰ অসমীয়া উপন্যাস’ শীৰ্ষক এটা প্ৰবন্ধত উল্লেখ কৰিছে যে– ‘‘উপন্যাসৰ উৎপত্তি আৰু বিকাশত শিক্ষিত আৰু মধ্যবৃত্ত শ্ৰেণীৰ বৰঙণি বিশেষভাৱে উল্লেখযোগ্য৷ এহাতে যেনেকৈ সৰহভাগ ঔপন্যাসিকেই জীৱন-যুদ্ধত সংগ্ৰামৰত নিম্ন মধ্যবৃত্ত শ্ৰেণীৰ, ঠিক সেইদৰে তাৰ বিপৰীতফালে পাঠক শ্ৰেণীও মধ্যবৃত্ত শিক্ষিত সম্প্ৰদায়ৰ৷ গতিকে স্বাভাৱিকতে উপন্যাসৰাজিত মধ্যবৃত্ত শ্ৰেণীৰ, বিশেষকৈ নিম্ন মধ্যবৃত্ত শ্ৰেণীৰ সুখ-দুখ, হা-হতাশা, আশা-আকাংক্ষা, প্ৰেম-প্ৰীতি আৰু জীৱন সংগ্ৰামৰ চিত্ৰ প্ৰতিফলিত হোৱা দেখা যায়৷’’৬ 

যুদ্ধৰ আগে আগে প্ৰকাশ পোৱা বিদেশী সাহিত্যৰ পৰা অনূদিত উপন্যাসকেইখনৰ বিষয়বস্তু আৰু ৰচনাৰ আৰ্হিয়েও যুদ্ধোত্তৰ যুগৰ অসমীয়া ঔপন্যাসিকসকলৰ উপন্যাস সৃষ্টিত অনুপ্ৰেৰণা যোগাইছিল৷ বিদেশী অনূদিত উপন্যাসৰ ভিতৰত ‘মাতৃ’, পম্পিয়াইৰ প্ৰলয় কাহিনী’, ‘পশ্চিম সীমান্তত পূৰ্ণ শান্তি’, ‘মিলন মন্দিৰ’ ‘নগৰ দুখনৰ কথা’ আদি উল্লেখযোগ্য৷

যুদ্ধোত্তৰ যুগৰ কালছোৱাৰ প্ৰথম স্তৰটো আধুনিক উপন্যাসধাৰাৰ প্ৰাৰম্ভিক প্ৰস্তুতিৰ সময় বুলিহে ক’ব পাৰি৷  কিন্তু হেমন্তকুমাৰ শৰ্মাই ‘উপন্যাস সাহিত্য’ প্ৰবন্ধত এই যুগটোৰ সময়সীমাক উপন্যাসৰ ক্ষেত্ৰত ‘নৱ-জাগৰণৰ সময়’ বুলি উল্লেখ কৰিছে৷ অন্যহাতে যুদ্ধোত্তৰ যুগৰ উপন্যাস বুলিলে কোনো এখন উপন্যাসকে প্ৰথম বুলি নিৰ্দিষ্টকৈ দেখুৱাই দিব নোৱাৰি যদিও বিৰিঞ্চি কুমাৰ বৰুৱাৰ প্ৰসংগ প্ৰথমেই আনিব পাৰি৷ এই প্ৰসংগত  ‘এশ বছৰৰ অসমীয়া উপন্যাস’ গ্ৰন্থৰ এটা প্ৰবন্ধত নগেন শইকীয়াই কৈছে এনেদৰে– ‘‘১৯৪৪ চন৷ অসমীয়া উপন্যাস সাহিত্য তথা সৃষ্টিশীলতাৰ বাবে এটি স্মৰণীয় বছৰ৷ সেই বছৰতেই যুগান্তকাৰী অসমীয়া উপন্যাস – ড॰ বিৰিঞ্চি কুমাৰ বৰুৱাৰ ‘বীণা বৰুৱা’ নামত প্ৰকাশ হ’ল ‘জীৱনৰ বাটত’৷ ঐতিহাসিক দৃষ্টিকোণৰ পৰা এই উপন্যাসৰ প্ৰকাশৰ  সময় এক সন্ধিক্ষণ৷ দ্বিতীয় মহাযুদ্ধৰ উত্তাল সময়, বহুতো প্ৰচলিত মূল্যবোধৰ সেই মুহূৰ্তত অৱক্ষয় ঘটিছে৷ স্বাধীনতা লাভৰ উন্মাদনা আহিছে, মানুহৰ অৰ্থনীতি আৰু সমাজ ব্যৱস্থালৈ আহি পৰিছে আমূল পৰিৱৰ্তন৷’’জ্জ একেজন ঔপন্যাসিকেই ১৯৫৮ চনত ‘সেউজী পাতৰ কাহিনী’ লিখি পুনৰ যুদ্ধোত্তৰ যুগৰ অসমীয়া উপন্যাসক সমৃদ্ধ কৰি তুলিলে৷

যুদ্ধোত্তৰ যুগৰ পৰিৱৰ্তিত সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক পৰিস্থিতিয়ে আমাৰ সাহিত্য জগতখনলৈ বিৰাট পৰিৱৰ্তন আনিলে বুলি পূৰ্বতেও উল্লেখ কৰি আহিছোঁ৷ ‘জয়ন্তী’, ‘পছোৱা’ আৰু ‘ৰামধেনু’ পত্ৰিকাই এই সময়ত সেয়েহে নেতৃত্বৰ ভূমিকা গ্ৰহণ কৰিছিল৷ নগেন শইকীয়াই একেটা প্ৰবন্ধতে পুনৰ কৈছে যে– ‘‘পঞ্চাশৰ দশকতে অসমীয়া উপন্যাস সাহিত্যৰ যথেষ্ট বিকাশ ঘটিল৷ যিসকল লেখকে ইতিমধ্যেই গল্পকাৰৰূপে প্ৰতিষ্ঠিত হৈছিল, সেইসকলে আত্মপ্ৰকাশ কৰিলে ঔপন্যাসিকৰূপে৷  আকৌ পৰম্পৰাগত উপন্যাসৰ শিল্প বৃত্ত ভাঙি স্বৰাজৰ ঠিক পিছতেই নতুন সুৰীয়া উপন্যাস ৰচনাৰ পথ নিৰ্মাণ কৰিলে ড॰ প্ৰফুল্ল দত্ত গোস্বামীয়ে তেওঁৰ ‘কেঁচা পাতৰ কঁপনি’ৰ [১৯৫২] যোগেদি৷’’প্ৰফুল্ল দত্ত গোস্বামীৰ ‘শেষ ক’ত’ [১৯৪৮] উপন্যাসখনো আধুনিক উপন্যাসৰ সময়ছোৱাৰ এখন উল্লেখযোগ্য উপন্যাস৷ ‘‘প্ৰফুল্ল দত্ত গোস্বামীৰ ‘কেঁচা পাতৰ কঁপনি’ এইদৰে অসমীয়া আধুনিকতাবাদী উপন্যাসৰ প্ৰথম আৰু উৎকৃষ্ট উদাহৰণ হোৱাৰ উপৰি ই সমসাময়িক অসমীয়া তৰুণসকলৰ মোহভংগ, অস্থিৰ অৱস্থাৰো এক অতি আবেদনশীল প্ৰতিফলন’’ বুলি গোবিন্দ্ৰপ্ৰসাদ শৰ্মাই উল্লেখ কৰিছে৷

প্ৰায় ষাঠিখন উপন্যাস লিখি ছৈয়দ আব্দুল মালিকে যুদ্ধোত্তৰ যুগৰ উপন্যাস সাহিত্যৰ ৰাজহাড়ডাল থিয় কৰি তুলিলে৷ তেওঁৰ ‘লঃসাঃগু’ [১৯৪১], ‘ৰথৰ চকৰী ঘুৰে’ [১৯৫০], ‘বনজুই’ [১৯৫৬], ‘ছবিঘৰ’ [১৯৫৮], ‘মাটিৰ চাকি’ [১৯৫৯], ‘সূৰুজমুখী স্বপ্ন’ [১৯৬০], ‘অঘৰী আত্মাৰ কাহিনী’ [১৯৫৯], ‘ ৰূপতীৰ্থৰ যাত্ৰী’ [১৯৬৩-১৯৬৫], ‘ধন্য নৰ তনু ভাল’ [১৯৮৭] আদি উপন্যাসসমূহে যুদ্ধোত্তৰ যুগৰ উপন্যাসৰ ধাৰাটোকে এক গতি প্ৰদান কৰিবলৈ সক্ষম হয়৷ ছৈয়দ আব্দুল মালিক মূলতঃ ৰোমাণ্টিক ভাবাদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত৷ বিভিন্ন মানৱতাবাদী বিষয়সমূহে তেওঁৰ উপন্যাসসমূহত স্থান লাভ কৰিছে৷

মালিকৰ পৰৰ্ৱতী সময়ত অসমীয়া উপন্যাস সাহিত্যক সমৃদ্ধ কৰা ঔপন্যাসিকসকলৰ ভিতৰত ক্ৰমে– ৰাধিকামহোন গোস্বামীৰ– ‘চাকনৈয়া’ [১৯৫৪], ‘বা-মাৰলী’ [১৯৫৮], বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ– ‘ৰাজপথে ৰিঙিয়াই’ [১৯৯৫], ‘ইয়াৰুইঙ্গম’ [১৯৬০], ‘শতঘ্নী’ [১৯৬৫] ‘মৃত্যুঞ্জয়’ [১৯৭০], ‘প্ৰতিপদ’ [১৯৭০] আদি, নৱকান্ত বৰুৱাৰ– ‘কপিলীপৰীয়া সাধু’ [১৯৫৪], ‘ককাদেউতাৰ হাঁড়’ [১৯৭৩], ‘গৰমা কুঁৱৰী’ [১৯৭৯], ‘মানুহ আটাইবোৰ দ্বীপ’ [১৯৮১], যোগেশ ডাসৰ ‘ডাৱৰ আৰু নাই’ [১৯৫৫], ‘জোনাকীৰ জুই’ [১৯৫৯], ‘নিৰুপায়- নিৰুপায়’ [১৯৬৩], ‘হেজাৰ ফুল’ [১৯৬৭],  পদ্ম বৰকটকীৰ– ‘মনৰ দাপোণ’ [১৮৫৮], ‘খবৰ বিচাৰি’ [১৯৫৯], ‘বিচাৰৰ বাবে’ [১৯৬১],  ‘কোনো খেদ নাই’ [১৯৬৩] আদি, উমাকান্ত শৰ্মা [পশুপতি ভৰদ্বাজ]ৰ–‘উড়ন্ত মেঘৰ ছাঁ’ [১৯৬০], ‘ৰঙা ৰঙা তেজ’ [১৯৬৭], ‘ছিমচাঙৰ দুটি পাৰ’ [১৯৬৪], ‘এজাক মানুহ এখন অৰণ্য আদি,   ৰোহিণী কুমাৰ কাকতিৰ–‘শেঁতা ৰ’দ’ [১৯৬২], ‘এক নক্ষত্ৰৰ নিশা’ [১৯৬৪], ‘ভগ্নদূত’ [১৯৭৯] আদি,  লুম্বেৰ দাইৰ– ‘পাহাৰৰ শিলে শিলে’ [১৯৬০], ‘পৃথিৱীৰ হাঁহি’ [১৯৬৩], ‘মন আৰু মন’ [১৯৬৮], হোমেন বৰগোহাঞিৰ– ‘সুবালা’ [১৯৬৩],  ‘তান্ত্ৰিক’ [১৯৬৭], ‘অস্তৰাগ’ [১৯৮৬], ‘কুশীলৱ’ [১৯৭০], ‘তিমিৰ তীৰ্থ’ [১৯৭৫], ‘হালধীয়া চৰায়ে বাওধান খায়’ [১৯৭৩], ‘পিতাপুত্ৰ’ [১৯৭৫], ‘মৎস্যগন্ধা’ [১৯৮৭] আদি, নিৰুপমা বৰগোহাঞিৰ– ‘সেই নদী নিৰৱধি’ [১৯৬৩], ‘এজন বুঢ়া মানুহ’ [১৯৬৬], ‘দিনৰ পাছত দিন’ [১৯৬৮], ‘হৃদয় এটা নিৰ্জন দ্বীপ’ [১৯৭০], ‘অন্য জীৱন’ [১৯৮৬] আদি, চন্দ্ৰপ্ৰসাদ শইকীয়াৰ ‘সূৰ্য্যস্নান’ [১৯৬৩], ‘মেঘমল্লাৰ’ [১৯৬৩], ‘উত্তৰকাল’[১৯৭২], ‘মহাৰথী’ [১৯৯২], লক্ষ্মীনন্দন বৰাৰ– ‘গঙ্গা চিলনীৰ পাখি’ [১৯৬৫], ‘নিশাৰ পূৰৱী’ [১৯৬২], ‘বলুকাত বিজুলী’ [১৯৬৯], ‘উত্তৰ পুৰুষ’ [১৯৭০], ‘পাতাল ভৈৰৱী’ [১৯৬৮] আদি, দেৱেন্দ্ৰনাথ আচাৰ্যৰ ‘অন্য যুগ অন্য পুৰুষ’ [১৯৭১], ‘কালপুৰুষ’ [১৯৬৭], ‘জঙ্গম’, ‘ভ্ৰান্তি’, ‘ক’লা ডাৱৰ’, শীলভদ্ৰৰ ‘মধুপুৰ আৰু তৰংগিনী’ [১৯৭১], ‘গধূলি’ [১৯৮১], ‘অনুসন্ধান’ [১৯৮৭], মেদিনী চৌধুৰীৰ ‘অনন্য প্ৰান্তৰে’ [১৯৭২], ‘বণ্ডুকাবেহাৰ’ [১৯৭৬], ‘তাত নদী নাছিল’ [১৯৭৭], ‘ফেৰেংগাদাও’ [১৯৮২], মামণি ৰয়ছম গোস্বামীৰ ‘চীনাবৰ সোঁত’ [১৯৭২],  ‘নীলকণ্ঠী ব্ৰজ’ [১৯৭৬], ‘অহিৰণ’ [১৯৭৬], ‘মামৰে ধৰা তৰোৱাল’ [১৯৮০], দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা’ [১৯৮৮] আদি, ত্ৰলোক্য ভট্টাচাৰ্যৰ ‘সাঁচিপাতৰ পুথি’ [১৯৭৩], ‘চৰাইদেউ’ [১৯৭৭], অনিল ৰায়চৌধুৰীৰ ‘কাণ্ডাৰী’ [১৯৭৯], ‘শত্ৰু’ [১৯৮০], ৰং বং তেৰাঙৰ ‘ৰংমিলিৰ হাঁহি’ [১৯৮১], ভৱেন্দ্ৰনাথ শইকীয়াৰ ‘অন্তৰীপ’, ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ ‘অনুৰাধাৰ দেশ’ [১৯৮৯], ভূপেন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্যৰ ‘মৰুদ্যান’ [১৯৯১] আদিৰ নামোল্লেখ কৰিব পাৰি৷

বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু যোগেশ দাসৰ উপন্যাসত সমাজবাদী আদৰ্শ আৰু নিম্ন মধ্যবৃত্ত পৰিয়ালৰ সামাজিক, নৈতিক, পাৰিবাৰিক সমস্যাৰ চিত্ৰণ দেখা যায়৷ কবি নৱকান্ত বৰুৱায়ো ইতিহাস চেতনা আৰু সাম্প্ৰতিক ঘটনাৱলীৰ চিত্ৰণেৰে উপন্যাস ৰচনাত মনোনিৱেশ কৰিছিল৷ যোগেশ দাসৰ উপন্যাসত আৱেগিক ভাব-অনুভূতিৰ প্ৰকাশৰ লগতে ‘ডাৱৰ আৰু নাই’ উপন্যাসৰ দৰে উপন্যাসত মহাযুদ্ধ বিষয়ক বৰ্ণনাও পোৱা যায়৷ পদ্ম পৰকটকীৰ উপন্যাসত সমাজৰ উচ্ছ শ্ৰেণীটোৰ প্ৰতি একধৰণৰ শ্লেষ প্ৰতিফলিত হৈছে আৰু দুখীয়া শ্ৰেণীটোৰ পৰিতি সহমৰ্মিতা প্ৰকাশ পাইছে৷ উমাকান্ত শৰ্মাৰ উপন্যাসত কোনো এটা বিশেষ আদৰ্শ বা অনুভূতিক কেন্দ্ৰ কৰি দাৰ্শনিক দৃষ্টিভংগী আৰু অনুভূতিসিক্ত ক্যাবিক পৰিৱেশৰ সৃষ্টিৰ প্ৰতিফলন হয়৷ লুম্বেৰ দাইৰ উপন্যাসত জনগোষ্ঠীয় জীৱন পদ্ধতিৰ প্ৰতিফলন এক অন্যতম বৈশিষ্ট্য৷ অৰুণাচলৰ জীৱন পদ্ধতি তেওঁৰ উপন্যাসৰ মাজেৰে সুন্দৰকৈ প্ৰতিফলিত হৈছে৷ হোমেন বৰগোহাঞিৰ উপন্যাসত গ্ৰাম্য সমাজৰ চিত্ৰণ, যৌনতা, অতীন্দ্ৰিয়বাদী চেতনা, প্ৰকৃতিবাদ, ভাৰতীয় ৰাজনীতিৰ বিষয়বস্তু পোৱা যায়৷ তেওঁৰ উপন্যাসত সমাজ আৰু সংস্কৃতিৰ প্ৰতিফলন মূল বিষয় হিচাপে ধৰা দিছে৷ নিৰূপমা বৰগোহাঞিৰ উপন্যাসসমূহত পোৱা যায়  গ্ৰাম্য জনজীৱন, নাৰীবাদী চেতনা, সামাজিক মূল্যবোধৰ ৰূপান্তৰ আদি বিষয়বোৰ৷ লক্ষ্মীনন্দন  বৰাৰৰ উপন্যাসত মানৱ জীৱনৰ ব্যক্তিগত সুখ-দুখ, প্ৰেম-প্ৰীতি, যৌনতা, যৌন সমস্যা, সমাজৰ নিম্ন শ্ৰেণীৰ লোকসকলৰ জীৱন-জীৱিকাৰ বৰ্ণনা আদি বিষয়বোৰে ভূমুকি মাৰিছে৷ সমাজ সচেতনতাৰ দিশ এটিও তেওঁৰ উপন্যাসত প্ৰতিফলিত হয়৷ চন্দ্ৰপ্ৰসাদ শইকীয়াৰ উপন্যাসত পুনৰ নিৰ্মাল শৈলীৰ প্ৰভাৱ পৰিছে৷ সেইদৰে কাহিনী বৰ্ণনাৰ এক নতুন শৈলী তেওঁৰ উপন্যাসত ধৰা পৰে৷ সামাজিক প্ৰমূল্য, প্ৰাচীন মূল্যবোধ সম্পৰ্কীয় বিষয়বোৰো তেওঁৰ উপন্যাসৰ অন্যতম বিশেষত্ব৷ ভবেন্দ্ৰনাথ শইকীয়াৰ উপন্যাসত সমসাময়িক সমাজৰ চিত্ৰণ, নাৰীবাদী চিন্তা-চৰ্চাৰ আভাষ পোৱা যায়৷ অনুৰাধা দেশৰ স্ৰষ্টা ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ উপন্যাসত মানৱতাবাদ  পোৱা যায়৷ তেওঁৰ ভাষা সৰল অথচ আবেদনশীল, কাহিনীকথন পৰম্পৰাগত যদিয়ো ইয়াৰ উপস্থাপন হৃদয়গ্ৰাহী আৰু বুদ্ধিদীপ্ত৷ সেইদৰে নৱকান্ত বৰুৱাৰ উপন্যাস ‘ককাদেউতাৰ হাড়’ত ইতিহাস চেতনা দেখা পোৱা যায়৷ মামনি ৰয়ছম গোস্বামীৰ উপন্যাসত বাস্তৱতাবাদ, গোড়া পৰম্পৰা আৰু ইয়াৰ প্ৰতিবাদ, নাৰী মুক্তি, বিশ্বৰ বিভিন্ন প্ৰেক্ষাপটক উপন্যাসৰ সমল হিচাপে গ্ৰহণ আদি বিভিন্ন বিষয়বোৰ দেখা যায়৷

এই সময়ছোৱাৰ অন্যান্য সাহিত্যিকসকলৰ ভিতৰত–  ভূপেন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য, হিতেশ ডেকা, সুৰেশ  গোস্বামী, দীননাথ গোস্বামী, কুমাৰ কিশোৰ, বীৰেশ্বৰ বৰুৱা, কামাখ্যা সভাপণ্ডিত, মহেন্দ্ৰ বৰঠাকুৰ, নিৰোদ চৌধুৰী, ইমৰান শ্বাহ, অৰুণ শৰ্মা, শান্তিৰাম দাস, মথুৰা ডেকা, ইব্ৰাহীম আলি, প্ৰেমনাৰায়ণ দত্ত, তিলক দাস, নাৰায়ণ বেজবৰুৱা, প্ৰেমধৰ ৰাজখোৱা, কনকসেন ডেকা, মহেন্দ্ৰ বৰঠাকুৰ, অতুলানন্দ গোস্বামী, প্ৰবীণা শইকীয়া, দীননাথ শৰ্মা, গোবিন চন্দ্ৰ মহন্ত, গোবিন্দ্ৰ প্ৰসাদ শৰ্মা, ৰাধিকামোহন ভাগৱতী আদিৰ নাম বিশেষভাৱে উল্লেখ কৰিব পাৰি৷ ইয়াৰোপৰি এই সময়ছোৱাত উপন্যাস ৰচনা কৰা কেইজনমান ঔপন্যাসিকৰ উপন্যাসৰ উদাহৰণ তলত দিয়া হ’ল– দণ্ডিনাথ কলিতাৰ ‘আৱিষ্কাৰ’ [১৯৫১], কাঞ্চন বৰুৱাৰ ‘অসমীত যাৰ হেৰাল সীমা’, ‘গণ বিপ্লৱ’ [১৯৪৮], য়েছে দৰজে ঠংচিৰ ‘মৌন মুখ উঠৰ হৃদয়’, সুৰেশ গোস্বামীৰ ‘সাত ৰঙৰ নতুন কাৰেং’ [১৯৪৯], দীননাথ শৰ্মাৰ ‘উষা’ [১৯৫১], ‘শান্তি’ [১৯৬১], ‘নদাই’ [১৯৬০] আদি, মহম্মদ পিয়াৰৰ ‘প্ৰীতি উপহাৰ [১৯৪৭], ‘সংগ্ৰাম’ [১৯৪৮], ‘হেৰোৱা স্বৰ্গ’ [১৯৫২], ‘ৰং জুলিৰ বিহুৱান’ [১৯৬৭], গোবিন চন্দ্ৰ মহন্তৰ ‘শেষ পথ’ [১৯৪৯], দীননাথ শৰ্মাৰ ‘মাটি আৰু মানুহ’ [১৯৫৬], হিতেশ ডেকাৰ  ‘আজিৰ মানুহ’ [১৯৫২], ‘নতুন পথ’ [১৯৫৬], ‘ভাড়াঘৰ’ [১৯৫৮], প্ৰেমনাৰায়ণ দত্তৰ ‘নিয়তিৰ নিৰ্মালি’, ‘প্ৰাণৰ পৰশ’ [১৯৫৭], ‘মুক্তিৰ পথেদি’ [১৯৫৬],  কুমাৰ কিশোৰৰ ‘শতাব্দীৰ স্বপ্ন’ [১৯৫২], ‘কবৰ আৰু কঙ্কাল’ [১৯৬৩], ‘প্ৰবাল আৰু প্ৰাচীৰ’ [১৯৭২], শুচিব্ৰতা ৰায়চৌধুৰীৰ ‘বা-মাৰলী’ [১৯৫৮], কাঞ্চন বৰুৱাৰ ‘অসীমত যাৰ হেৰাল সীমা [১৯৮৬],  নিৰোদ চৌধুৰীৰ ‘দেহ দেউল’ [১৯৬৮], ‘কুকুহা’ [১৯৬৯], ‘দেৱী’ [১৯৬৯],  লুম্বেৰ দাইৰ ‘ শিলে শিলে’, ‘ৰংমিলিৰ হাঁহি’, কনকসেন ডেকাৰ ‘সূৰ্য পূবত নুঠে’ [১৯৬৭] কৈলাস শৰ্মাৰ ‘বিদ্ৰোহী নগাৰ হাতত’ [১৯৫৮], মহেন্দ্ৰ বৰঠাকুৰৰ ‘উদাসী সন্ধ্যাত’ [১৯৬২], অমূল্য বৰুৱাৰ ‘এই পদুমনি’ [১৯৬৫],  গোবিন্দ প্ৰসাদ শৰ্মাৰ ‘কাচৰ দৰে’ [১৯৬৮], ‘প্ৰদুন্ন্য ত্ৰিতত্ত্ব, অৰুন্ধতী ত্ৰিতত্ত্ব’ চিত্ৰলতা ফুকনৰ ‘অশ্ৰুকণ্যা’ [১৯৬৯], ৰাধিকামোহন ভাগৱতীৰ ‘ৰক্তজৱা’ [১৯৭০], নবীন বৰুৱাৰ ‘কটন কলেজ’ [১৯৭০], ভূবনমোহন মহন্তৰ ‘হৃদয়’ [১৯৭৩], ‘বাঢ়নি নৈৰ সোঁত’ [১৯৮২], পোলেন বৰকটকীৰ ‘দধীচিৰ সন্ধান্ত’ [১৯৭৪] আদি উপন্যাসৰ নামোল্লেখ কৰিব পাৰি৷

সেইদৰে যুদ্ধোত্তৰ যুগৰ শেষৰফালে উপন্যাস ৰচনাত হাত দিয়া লেখকসকলৰ ভিতৰত– পৰাগ ভট্টাচাৰ্য, ইন্দ্ৰেশ্বৰ গোস্বামী, অৰবিন্দ শৰ্মা, ধাৰেণ দত্ত, কুমুদ গোস্বামী, অৰুণ শৰ্মা, প্ৰদীপ শইকীয়া, সুশীল শৰ্মা, ইমৰান শ্বাহ, অতুলানন্দ গোস্বামী আদিৰ নামোল্লেখ কৰিব পাৰি৷ উল্লেখযোগ্য যে যুদ্ধোত্তৰ যুগটো অসমীয়া উপন্যাসৰ বাবে এটা গুৰুত্বপূৰ্ণ আৰু সদা প্ৰাসংগিক যুগ৷ এই যুগটোৰ প্ৰথম সময়ছোৱা সময়ত যিবোৰ উপন্যাস ৰচনা কৰা হৈছিল সেই উপন্যাসবোৰ অসমীয়া উপন্য্যাস সাহিত্যৰ একো একোটা গছপুলি বুলি ভাবিলে তেন্তে এই যুগৰ শেষৰফালে ৰচনা কৰা উপন্যাসবোৰক আগৰ গছপুলিবোৰৰ ফল বুলি ক’ব পাৰি৷ যুদ্ধোত্তৰ যুগৰ এই উপন্যাসবোৰেই সাম্প্ৰতিক উপন্যাসৰ বাবে এটি নব্য চিন্তা-চেতনাৰ নতুন বাট কাটি দিলে৷

নাটকঃ
অসমত নাটক আৰু ৰংগমঞ্চ ইতিহাস পুৰণি৷ শংকৰদেৱৰ হাততেই নাটকৰ প্ৰথম সৃষ্টি হৈছিল৷ বিভিন্ন লোক-নাট্যানুষ্ঠানৰ আদৰ্শৰে সৃষ্টি হোৱা এই অংকীয়া নাটকেই আছিল আধুনিক নাটকৰ পিতৃ স্বৰূপ৷ শংকৰদেৱ-মাধৱদেৱৰ মৃত্যুৰ পাচতো তেওঁৰ অনুগামীসকলে নাট্যচৰ্চা অব্যাহত ৰাখি নাটকৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখিছিল৷ তেওঁলোকৰ পৰৱৰ্তী সময়ত সত্ৰাধিকাৰসকলৰ হাতত নাটকে আন এক মাত্ৰা লাভ কৰে৷

ঊনৈশ শতিকাৰ আৰম্ভণিতে ভাৰতবৰ্ষত বিশেষকৈ বংগদেশত, সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখনলৈ যি এক নৱজাগৰণ আহিছিল, তাৰ ঢৌৱে অসমকো চুই গৈছিল৷ দ্বিতীয় বিশ্বযুদ্ধ আৰু তাৰ লগে লগে ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক অস্থিৰতাই ভাৰতবৰ্ষৰ লগতে অসমৰ সমাজ-সভ্যতা-সংস্কৃতিলৈকো আমূল পৰিৱৰ্তন আনিছিল৷ তাতে ইংৰাজী শিক্ষা-সাহিত্যৰ প্ৰচাৰ আৰু প্ৰসাৰে অসমতো নতুন ধৰণে সাহিত্য সৃষ্টি কৰিবলৈ প্ৰেৰণা যোগাইছিল৷ এইধৰণৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ ফলস্বৰূপেই ১৮৫৭ চনত পোন প্ৰথমবাৰৰ বাবে গুণাভিৰাম বৰুৱাৰ ‘ৰামনৱমী’ নাটকখন প্ৰকাশ হয়৷ ইয়াৰ পৰৱৰ্তী সময়ত হেমচন্দ্ৰ বৰুৱাৰ ‘কানীয়াৰ কীৰ্ত্তন’ [১৮৬১] আৰু ৰুদ্ৰৰাম বৰদলৈৰ ‘বঙাল-বঙীলনী’ [১৮৭১] নাটক দুখন সেই একে বছৰতে প্ৰকাশ হয়৷ এনেকৈয়ে অসমত আধুনিক নাটকৰ আৰম্ভণি হয়৷

যুদ্ধোত্তৰ যুগৰ নাটক বুলিলে আমি  ১৯৪০ ৰ পৰা ১৯৭০ ৰ ভিতৰত ধৰিব লাগে যদিও এটা নিৰ্দিষ্ট চনৰ পৰা এটা নিৰ্দিষ্ট যুগ আৰম্ভ হোৱা বুলি নিৰ্দিষ্টকৈ দেখুৱাই দিব নোৱাৰি৷ জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া নাটকক এক স্বকীয় শৈলী আৰু মৰ্যাদা প্ৰদান কৰে৷ তেওঁ ১৯২৫ চনত লিখা ‘শোণিত কুঁৱৰী’ আৰু তাৰ পৰৱৰ্তী সময়ত ৰচনা কৰা নাচকবোৰত যুদ্ধোত্তৰ যুগৰ নাটকৰ ক্ষিণ বৈশিষ্ট্য দেখা যায়৷ ইয়াৰ পৰৱৰ্তী সময়ত অতুল চন্দ্ৰ হাজৰিকাৰ নাম নি(য়কৈ আহিব৷ এওঁৰ বেছিভাগ নাটকেই বুৰঞ্জীমূলক৷ হাজৰিকাই লিখা নাটকবোৰৰ ভিতৰত– বেউলা, নন্দদুলাল, চম্পাৱতী, কুৰুক্ষেত্ৰ, শ্ৰীৰামচন্দ্ৰ, নৰকাসুৰ আদিৰ নাম উল্লেখযোগ্য৷ তাৰ পৰৱৰ্তী সময়ত পদ্মনাথ গোহাঞিবৰুৱাৰ ‘জয়মতী, গদাধৰ, সাধনী, লাচিত বৰফুকন আদি নাটকৰ কথা ক’ব পাাৰি৷ এই নাটকবোৰ সৃষ্টি হোৱা সময়ছোৱাই যুদ্ধোত্তৰ যুগৰ নাটকৰ পৃষ্ঠভূমি আছিল৷ লক্ষ্মীনাথ বেজবৰুৱাৰ নাটকসমূহো এইক্ষেত্ৰত উল্লেখযোগ্য৷  তেওঁৰ নাটকত ঐতিহাসিক আৰু কাল্পনিক দুয়ো শ্ৰেণীৰ চৰিত্ৰৰ বিদ্যমান৷ বেজবৰুৱাৰ– ‘বেলিমাৰ’, ‘চক্ৰধ্বজ সিংহ’, ‘বদন বৰফুকন’, ‘চন্দ্ৰকান্ত সিংহ’, ‘জয়মতী কুঁৱৰী’ আদি এই সময়ছোৱাৰ উল্লেখযোগ্য নাটক৷ ইয়াৰোপৰি ৰাধাকান্ত সন্দিকৈ, শৈলধৰ ৰাজখোৱা, নবীনচন্দ্ৰ বৰদলৈ, ঘনকান্ত বৰুৱা, লক্ষ্মীধৰ শৰ্মা, আদি নাট্যকাৰৰ কথা ক’ব পাৰি৷ অতুলচন্দ্ৰ হাজৰিকা, ৰাধাকান্ত সন্দিকৈ আদিয়ে যুদ্ধোত্তৰ যুগৰ সময়তো সাহিত্য ৰচনা কৰি আছিল যদিও তেওঁলোকৰ নাটকৰ ঘাই বৈশিষ্ট্য আছিল জোনাকী বা ৰোমাণ্টিক যুগৰ ৷

এটা কথা উল্লেখযোগ্য যে– দ্বিতীয় বিশ্বযুদ্ধৰ আগলৈকে অসমীয়া ভাষাত বৰ বেছি গহীন সামাজিক নাটক ওলোৱা নাছিল৷ এই সময়ৰ নাটকবোৰ আছিল  পাতল ধেমেলীয়া প্ৰধান৷ নাটকৰ কাহিনীবোৰো আছিল ঐতিহাসিক বা বুৰঞ্জীমূলক৷  লক্ষ্মীকান্ত দত্তৰ ‘সংসাৰ চিত্ৰ’, দৈৱচন্দ্ৰ তালুকদাৰৰ– ‘বিপ্লৱ’, অতুলচন্দ্ৰ হাজৰিকাৰ ‘কল্যাণী, ‘আহুতি’, প্ৰবীণ ফুকনৰ ‘কাল-পৰিণয়’, সত্যপ্ৰসাদ বৰুৱাৰ– ‘চাকৈ-চকোৱা’, দধি মহন্তৰ ‘অভিযান’ আদি কেইখনমানহে সামাজিক নাটকৰ নাম উল্লেখ কৰিব পাৰি৷

যোদ্ধোত্তৰ যুগৰ প্ৰথম সময়ছোৱাৰ নাটক বুলি ক’লে সত্যপ্ৰসাদ বৰুৱাৰ ‘চাকৈ-চকোৱা’ [১৯৪০], ‘জ্যোতিৰেখা’, প্ৰবীণ ফুকনৰ ‘কাল পৰিণয়’, মণিৰাম দেৱান’, ‘আসাম হলিউদ’, লক্ষ্মীকান্ত দত্তৰ ‘সংসাৰ চিত্ৰ’ আদি নাটকৰ নাম উল্লেখ কৰিব পাৰি৷ ‘চাকৈ চকোৱা’ এখন মনোবিশ্লেষমাত্মক নাটক৷ কাল পৰিণয় নাটকখনত দেখুওৱা হৈছে প্ৰেম আৰু তাৰ পৰিণয়৷ ‘সংসাৰ চিত্ৰ’ নাটকখনৰ মূল বিষয়বস্তু হৈছে সমাজ চিত্ৰণ৷ সেইদৰে ‘আসাম হলিউদ’ নাটকখনত ধেমেলীয়া পৰিৱেশ আৰু সত্ৰীয়া গোঁহাইসকলৰ কাৰ্য-কলাপ আদি চিত্ৰণ কৰা হৈছে৷ উল্লেখযোগ্য যে–‘‘মহাযুদ্ধৰ ধ্বংসকাণ্ড চকুৰ আগত দেখিবলৈ পাইছিল যদিও অসমীয়া সাহিত্যত যুদ্ধৰ বিষয় বিশেষ কোনো নাট্যসাহিত্য সৃষ্টি নোহোৱাটো এটা লক্ষ্য কৰিবলগীয়া কথা৷ যুদ্ধৰ পাছতে যিকেইখন নাটক ৰচনা কৰা হৈছিল সেইকেইখন অসমৰ অতীত বুৰঞ্জীৰ ঘটনাক লৈ ৰচনা কৰা সামাজিক নাটক৷ কিন্তু এই নাটককেইখনৰ  কাহিনীৰ বিশেষত্ব এয়ে যে ইয়াত শাসক ইংৰাজ জাতিৰ বিৰুদ্ধে জাতীয় বীৰ-বীৰাংগনাসকলৰ বিদ্ৰোহ দেখ-দেখকৈ প্ৰকাশ কৰা হ’ল৷’’

এই সময়ছোৱাতে ৰচনা কৰা অন্যান্য নাটকসমুহৰ ভিতৰত– সুৰেন্দ্ৰনাথ শইকীয়াৰ ‘কুশল কোঁৱৰ’, অতুলচন্দ্ৰ হাজৰিকাৰ ‘টিকেন্দ্ৰজিৎ’, চৈয়দ আব্দুল মালিকৰ ‘দেশদ্ৰোহী’, পৰাগধৰ চলিহাৰ ‘চাৰি হেজাৰ বছৰৰ অসম’ আদি নাটকৰ প্ৰসংগ উল্লেখ কৰিব পাৰি৷

‘‘স্বাধীনতা লাভ কৰাৰ পাছৰে পৰা নাটকৰ বিষয়বস্তু আৰু প্ৰকাশভংগীৰ ক্ষেত্ৰত নতুন নতুন বৈচিত্ৰই দেখা দিলে৷ নাটকৰ শাখা-প্ৰশাখা বাঢ়ি উঠিল৷ গুৱাহাটীৰ অনাতাঁৰ কেন্দ্ৰ মকলি কৰাৰ লগে লগে অসমীয়া ভাষাত অনাতাঁৰ নাটক ৰচনা হ’বলৈ ধৰিলে৷ তদুপৰি যুৱ-মহোৎসৱ আৰু অন্যান্য নাট প্ৰতিযোগিতাৰ উদ্যমত একাংকিকা নাটকে গা কৰি উঠিল৷ ভৱেন্দ্ৰনাথ শইকীয়াৰ ‘জোনাকীৰ বিয়া’, প্ৰফল্ল বৰাৰ ‘বৰুৱাৰ সংসাৰ’ৰ জৰিয়তে এলানি অসমীয়া নাটকে অসমীয়া নাটকৰ সম্ভাৰ বৃদ্ধি কৰিছে৷ ’’১০

আকৌ স্বাধীনোত্তৰ যুগৰ অসমীয়া নাটকৰ বেছিভাগ নাটকেই সমাজ সচেতনতা আৰু পাৰিবাৰিক বিষয়ক৷  ‘‘ৰচনাশৈলীৰ ক্ষেত্ৰত প্ৰকৃতিবাদ আৰু বিষয়বস্তুৰ বেলিকা বাস্তৱবাদ এই নাটকবিলাকৰ বিষয়বস্তু ৷ উভয় ক্ষেত্ৰতে ইব্‌চেন, শব’, গল্‌চৱাৰ্থী আৰু বাস্তৱবাদী, চিন্তাশীল নাট্যকাৰসকলৰ প্ৰভাৱ স্পষ্ট৷  কথিত গদ্যৰ ব্যৱহাৰ, মঞ্চ-পৰিৱেশ আৰু চৰিত্ৰৰ দীঘলীয়া বৰ্ণনা, আৰু সকলো পিনৰপৰাই স্বাভাৱিক অৱস্থাৰ সৃষ্টিৰ প্ৰচেষ্টা এই নাটকবোৰৰ বিশেষ গুণ৷’’১১

ইয়াৰোপৰি এই সময়ছোৱাৰ অনাতাঁৰ একাংকিকা নাটক ৰচনা কৰা অন্যান্য লেখকসকলৰ ভিতৰত– তিলক হাজৰিকাৰ অৱদান উল্লেখযোগ্য তেওঁৰ ‘চিকিৎসা’ নাটকখন এই সময়ৰ এখন উল্লেখযোগ্য নাটক৷ অন্যহাতে নটসূৰ্য ফণী শৰ্মাৰ–‘ভোগজৰা’, ভূপেন হাজৰিকাৰ– ‘এৰাবাটৰ সুৰ’, সত্যপ্ৰসাদ বৰুৱাৰ –‘শ্বাশ্বতী’, ফণী তালুকদাৰৰ– ‘জুয়ে পোৰা সোণ, ‘এটা তৰা এমুঠি ছাই, অৰুণ শৰ্মাৰ–‘এয়া গদ্য’, ‘নিবাৰণ ভট্টাচাৰ্য’, ফণী দাসৰ– ‘হে যুদ্ধ বিদায়’, ঘন শইকীয়াৰ– ‘মহাসমৰ’, হিমেন্দ্ৰ কুমাৰ বৰঠাকুৰৰ–‘দ্বীপ’, ‘সৰ্পিল’, তফজ্জুল আলিৰ–‘নেপাতি কেনেকৈ থাকোঁ, অতুল বৰদলৈৰ– ‘এখন দুৱাৰ লাগে’, দেৱকুমাৰ শইকীয়াৰ– ‘স্বপ্ন ছবিৰ ছন্দ’, সমৰেন্দ্ৰ নাৰায়ণৰ– ‘ভিক্ষা’, মনিৰুল হুছেইনৰ– ‘একতাৰ ন শক্তি’আদি নাটকৰ নাম উল্লেখযোগ্য৷

অন্যহাতে একাংকিকা নাটকৰ প্ৰথমছোৱা সময়ত মঞ্চত কৰিব পৰাকৈ লিখা নাট্যকাৰসকলৰ ভিতৰত লক্ষ্মীধৰ শৰ্মাৰ– ‘প্ৰজাপতিৰ ভুল’, বীণা বৰুৱাৰ–‘এবেলাৰ বাট’, হৰিশচন্দ্ৰ ভট্টাচাৰ্যৰ ‘অংকীয়া নাটমালা’, ‘এক অংকীয়া নাটৰ শৰাই’, সত্যপ্ৰসাদ বৰুৱাৰ– ‘ঐতিহাসিক একাংকিকা’, প্ৰবীণ ফুকনৰ–‘ ত্ৰিতৰংগ’, আব্দুল মালিকৰ– ‘ৰাজদ্ৰোহী, সুৰেণ শইকীয়াৰ– ‘কুশল কোঁৱৰ’, গণেশ খাউণ্ডৰ ‘৪২-৪৫’ [১৯৬০],  আদিৰ নাম উল্লেখযোগ্য৷ যুদ্ধোত্তৰ যুগৰ অন্যান্য একাংকিকা নাটকৰ ভিতৰত– যোগেন চেতিয়াৰ ‘চেনেহৰ সোঁতা’, ঘন শইকীয়াৰ ‘মহাসমৰ’, বদন শৰ্মাৰ ‘কবিতাৰ জন্ম’ ‘কবিতাৰ সয়ম্বৰ’, দেউতী বৰুৱাৰ ‘সিঁহতো জীয়াই থাকে’, প্ৰফুল্ল বৰাৰ ‘চাবুক’, অৰুণ গোস্বামীৰ ‘আজি’, আলি হাইদৰৰ ‘অহৈতুকী প্ৰীতি’, ‘এটা চোলাৰ কাহিনী আদি নাটকৰ কথা উল্লেখ কৰিব পাৰি৷ ইয়াৰোপৰি ফণী তালুকদাৰ, নাৰায়ণ বেজবৰুৱা, দেৱানন্দ দাস আদি এই সময়ছোৱাৰ প্ৰতিষ্ঠিত একাংকিকা নাটকৰ নাট্যকাৰ৷ 

জ্যোতি প্ৰসাদ আগৰৱালাই ‘লভিতা’ [১৯৪৮] নাটকৰ জৰিয়তেও দ্বিতীয় মহাসমৰৰ মাজেদি অসমীয়া জাতীয় জীৱনৰ চিত্ৰ ডাঙি ধৰিছে৷ এই একেই আদৰ্শৰে অতুলচন্দ্ৰ হাজৰিকাই ‘আহুতি’, গোলোক খাওণ্ডে ‘বিয়াল্লিশ-পঞ্চলিশ’ সত্যপ্ৰসাদ বৰুৱাই ‘জ্যোতিৰেখা’ আদি নাটক লিখিছে৷ উল্লেখযোগ্য যে পাশ্চাত্য নাট্যকাৰ হেনৰিক ইবছেন, জন্‌ ড্ৰিংক্‌ৱাটাৰ, এণ্টন ছেখভ আদিৰ নাচকৰ প্ৰভাৱ এইছোৱা সময়ত নাটক ৰচনা কৰা নাট্যকাৰসকলৰ নাটকত পৰিছে৷ সৰ্বেশ্বৰ চক্ৰৱৰ্তীয়ে লিখা ‘অভিমান’ নাটকত ‘ফ্লেছবেক পদ্ধতি’ৰ ব্যৱহাৰ কৰিছে৷ সাৰদা বৰদলৈয়ে ‘মগৰীবৰ আজান’ নাটকত সাম্প্ৰদায়িক সম্প্ৰীতিৰ উদাহৰণ ডাঙি ধৰিছে৷ প্ৰফুল্ল কুমাৰ বৰুৱাৰ  ‘আশাৰ বালিচৰ’, অমৰেন্দ্ৰ পাঠকৰ ‘ইণ্টাৰভিউ নাটক’, গিৰীশ চৌধুৰীৰ ‘মিনা বজাৰ’ দুৰ্গেশ্বৰ বৰঠাকুৰৰ ‘টেক্সী ড্ৰাইভাৰ’, অতুদ বৰদলৈৰ ‘তেজে ধোৱা কামেং’ আদিও এই সময়ৰ আন কেইখনমান জনপ্ৰিয় নাটক৷

যুদ্ধোত্তৰ যুগৰ সময়ছোৱাত অনুবাদ নাটকো বহুকেইখন ৰচনা কৰা হৈছিল৷ সত্যপ্ৰসাদ বৰুৱাৰ চ’ফক্লিছৰ ‘ইডিপাছ টাইৰেন্নাচ’ৰ অসমীয়া ৰূপ–‘ৰজা ইডিপাছ’, ‘দি ৱাইল্ড ডাক’ৰ অসমীয়া ৰূপ ‘বনহংসী’, প্ৰফুল্লদত্ত গোস্বামীৰ চ’ফক্লিছৰ ‘এণ্টিগণি’ৰ অসমীয়া ৰূপ’, নৱকান্ত বৰুৱাৰ ইউডিপাছৰ ‘এলচেছিটিছ’, পদ্ম বৰকটকী আৰু মহেন্দ্ৰ বৰাৰ যুতীয়াভাৱে ইবছেনৰ ‘ডলছ হাউছ’, আৰু ‘ঘোষ্ট’খনৰ অসমীয়া অনুবাদ, কনক মহন্তই চেকভৰ ‘চেৰি অৰ্চাড’ৰ অসমীয়া অনুবাদ ‘চেৰি ফুলৰ বাগিচা’ আৰু চৈয়দ আব্দুল মালিকৰ চীনা অপেৰা দি ‘ৰেড হেয়াৰ্ড গাৰ্ল’ৰ অসমীয়া অনুবাদ,  শৈলেন ভৰালীৰ  চেমুৱেল বেকেটৰ ‘ওৱেটিং ফ’ৰ গডো’ৰ অসমীয়া অনুবাদ ‘গডোৰ অপেক্ষাত’,  ফণী তালুকদাৰে অনুবাদ কৰা জগদীশ মাথুৰৰ ‘পহলে ৰাজা’ আৰু মোহন ৰাকেশৰ ‘আধে আধুৰে’ নাটকৰ অসমীয়া অনুবাদ আদি এই সময়ছোৱাৰ উল্লেখযোগ্য অনুবাদ নাটক৷ অন্যহাতে এই সময়ছোৱাতে প্ৰকাশ নোহোৱা কিন্তু মঞ্চস্থ হোৱা বহুকেইখন অনুবাদ নাটকে যুদ্ধোত্তৰ যুগৰ নাটকক সমৃদ্ধ কৰিছে৷

প্ৰসংগসূত্ৰ 
১. অসমীয়া চুটিগল্পৰ সংকলন, পৃষ্ঠা-১৭৪
২. উল্লিখিত গ্ৰন্থ, পৃষ্ঠা-৩৮৩
৩. উল্লিখিত গ্ৰন্থ, পৃষ্ঠা-৬২
৪. উল্লিখিত গ্ৰন্থ, পৃষ্ঠা-২৫
৫. অসমীয়া সাহিত্যৰ বুৰঞ্জী, ষষ্ঠ খণ্ড, পৃষ্ঠা-১২০
৬. অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবিত্ত,পৃষ্ঠা-২৫৮
৭. এশ বছৰৰ অসমীয়া উপনাস, পৃষ্ঠা-০.০৩ 
৮. অসমীয়া সাহিত্যৰ বুৰঞ্জী, ষষ্ঠ খণ্ড, পৃষ্ঠা-১২০
৯. এশ বছৰৰ অসমীয়া উপনাস, পৃষ্ঠা-০.০৪
১০. আধুনিক অসমীয়া সাহিত্যৰ পৰিচয়, পৃষ্ঠা-৩৫৮
১১. উল্লিখিত গ্ৰন্থ, পৃষ্ঠা-৩৩১

গ্ৰন্থপঞ্জী 
-আহমদ, এম. কামালুদ্দিনঃ সাহিত্যৰ অভিব্যক্তি, বান্ধৱ প্ৰকাশন, প্ৰথম প্ৰকাশ, অক্টোবৰ, ২০১৪
-গগৈ, লীলাঃ আধুনিক অসমীয়া সাহিত্যৰ পৰিচয়, বনলতা, তৃতীয় সংস্কৰণ, জুলাই, ২০১৩
-তামুলী, গীতাশ্ৰীঃ সাহিত্য আৰু সমালোচনা, আখৰ প্ৰকাশ,  প্ৰথম প্ৰকাশ, ডিচেম্বৰ,২০১৫
-দাস, মানিকঃ অসমীয়া সাহিত্যৰ গতি-প্ৰকৃতি, বালিমাহি প্ৰকাশন, অনুবাদ প্ৰদীপ কুমাৰ,  মাৰ্চ, ২০১৮
-নেওগ, মহেশ্বৰঃ অসমীয়া সাহিত্যৰ ৰূপৰেখাঃ চন্দ্ৰ প্ৰকাশ,  ত্ৰয়োদশ তাঙৰণ, জুন, ২০১৩
-ঠাকুৰ, নগেনঃ এশ বছৰৰ অসমীয়া উপন্যাস, জ্যোতি প্ৰকাশন, দ্বিতীয় প্ৰকাশ, জুলাই, ২০১২
-নেওগ, মহেশ্বৰঃ সঞ্চয়ন, সাহিত্য একাডেমী, চতুৰ্বিংশততম মুদ্ৰণ, ২০১১
-বৰুৱা, ভৱেনঃ অসমীয়া কবিতা ৰূপান্তৰৰ পৰ্ব, গ্ৰন্থ প্ৰকাশ, প্ৰথম প্ৰকাশ, ২০০২
-বৰগোহাঞি, হোমেন [সম্পা.]- অসমীয়া সাহিত্যৰ বুৰঞ্জী, ষষ্ঠ পৰিৱৰ্ধিত খণ্ড, আনন্দৰাম বৰুৱা ভাষা--কলা সংস্কৃতি সংস্থা, অসম, দ্বিতীয় প্ৰকাশ, মাৰ্চ, ২০১২
-বৰমুদৈ, আনন্দঃ আধুনিকতাৰ পৰা উত্তৰ আধুনিকতালৈ, অনন্যা প্ৰকাশন, নৱেম্বৰ, ২০০৪
-ভট্টাচাৰ্য, বসন্ত কুমাৰঃ অসমীয়া নাটকৰ সমীক্ষা, জাৰ্ণাল এম্প’ৰিয়াম, তৃতীয় সংশোধিত সংস্কৰণ
-ভৰালী, শৈলেনঃ নাট্যকলা, দেশী আৰু বিদেশী, বাণী প্ৰকাশ, পৰিৱৰ্ধিত দ্বিতীয় সংস্কৰণ, ১৯৯৪
-মহন্ত, স্বাধীনতাঃ জ্যোতিপ্ৰসাদৰ কাব্য-নাটৰ সমীক্ষা, প্ৰজ্ঞা প্ৰকাশন, জানুৱাৰী,২০০৩
-শৰ্মা, সত্যেন্দ্ৰনাথঃ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, দশম সংস্কৰণ, সৌমাৰ প্ৰকাশ, ২০১৩
-শৰ্মা, বসন্ত কুমাৰঃ অসমীয়া নাটক প্ৰাচীন আৰু আধুনিক, কৌস্তুভ প্ৰকাশন, জুলাই, ২০১৩

©ভাস্কৰ ভূঞা, গৱেষক ছাত্ৰ, গুৱাহাটী বিশ্ববিদ্যালয়, ফোন-৮৭৫১৯৪৩৩৮৭

Post a Comment

0 Comments