শৰৎচন্দ্ৰ গোস্বামী আছিল সেই সময়ৰ যোৰহাট জিলাৰ মানুহ৷ তেওঁ সেই সময়ত অসমৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক আছিল৷ অন্যহাতে পণ্ডিত জয়কৃষ্ণ মিশ্ৰ আছিল কটন কলেজৰ সংস্কৃত বিভাগৰ অধ্যাপক৷
গ্ৰন্থখনৰ প্ৰকাশৰ মূল্য আছিল এটকা ৷
গ্ৰন্থখনৰ মুদ্ৰণঃ মতীন্দ্ৰ নাথ সিংহ, লক্ষ্মীবিলাস প্ৰেছ লিমিটেড, জগন্নাথ দত্ত পথ, কলকাতা
গ্ৰন্থখনত সৰ্বমুঠ আঠটা অধ্যায় আছে৷ মুঠ পৃষ্ঠা সংখ্যা ৪০৷ গ্ৰন্থখনৰ আগকথা লিখা হৈছে ১৯৪১ চনৰ ২৫ মাৰ্চ তাৰিখে৷
নীতিলতাঙ্কুৰৰ মূল হাতেলিখা পাণ্ডুলিপি বা হস্তলিপিটোত প্ৰাচীন ৰজাদিনীয়া অসমৰ বহুতো ঐতিহাসিক সমল লিপিবদ্ধ হৈ আছে৷ এই পাণ্ডুলিপিটো পোৱা হৈছিল নগাঁও জিলাৰ হাতীচুং মৌজাৰ গজপুৰীয়া গাঁৱত নিত্যানন্দ শৰ্মাৰ ঘৰত ৷ এই পাণ্ডুলিপিটো গছৰ বাকলিত লিখা হৈছিল আৰু মুঠ ২৪ খিলা বাকলি উদ্ধাৰ কৰা হৈছিল৷ বাকলিবোৰৰ বহল ৩ ইন্সি আৰু দীঘল ১২ ইন্সি ৷
নীতিলতাঙ্কুৰ গ্ৰন্থখনৰ বিষয়ে শৰৎচন্দ্ৰ গোস্বামীয়ে প্ৰথম জানিছিল নগাঁৱৰ তোষেশ্বৰ শৰ্মাৰপৰা৷ তোষেশ্বৰ শৰ্মা আছিল নগাঁও চৰকাৰী হাইস্কুলৰ শিক্ষক৷ শৰৎচন্দ্ৰ গোস্বামীয়ে এই পাণ্ডুলিপিটোৰ প্ৰতিলিপি কৰি পৰৱৰ্তী সময়ত নিত্যানন্দ শৰ্মাক পুনৰ ঘূৰায় দিয়ে৷
মনোৰাম আৰু গোপালদেৱ নামৰ দুজন ব্যক্তি বৈষ্ণৱ ধৰ্মত দিক্ষাগ্ৰহণ কৰি উজনি অসমত থাকিবলৈ লয়৷ তেওঁলোকেই সেই সময়ত বোকাখাতত এখন সত্ৰ স্থাপন কৰে৷ সত্ৰখনৰ নাম কুৰুৱাবাহী সত্ৰ৷ মনোৰামৰ পুত্ৰ আছিল বিভুৰাম দেৱ৷ বিভুৰাম এজন ভাগৱতী আছিল৷ তেওঁ পৰৱৰ্তী সময়ত সত্ৰত ভাগৱত পাঠ আৰু ব্যাখ্যা কিৰিছিল৷ বিভুৰামৰ পুত্ৰ আছিল ৰঙ্গচৰণ আৰু ৰঙ্গচৰণৰ পুত্ৰ হৈছে পৰশুৰাম বিদ্যাবাগীশ৷ এই পৰশুৰামেই ‘নীতিলতাঙ্কুুৰ’ গ্ৰন্থৰ ৰচক৷ পৰশুৰাম আছিল এজন ভাল গৱেষক৷ তেওঁ কামৰূপত প্ৰথম সংস্কৃত শিক্ষা লাভ কৰে আৰু তাৰ পাছত নৱদ্বীপ এলেকালৈ আহে৷ তাতে তেওঁ বিদ্যাবাগীশ উপাধি লাভ কৰে৷
শৰৎচন্দ্ৰ গোস্বামীয়ে গ্ৰন্থখনৰ আগকথাত উল্লেখ কৰিছে যে মূলতঃ সত্যানন্দ দুৱৰা ফুকন নামৰ এজন ব্যক্তিৰ পৃষ্ঠপোষকতাত এই গ্ৰন্থখন প্ৰণয়ন কৰা হৈছে ৷
গ্ৰন্থখনত আহোম ৰাজত্বৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আদি নীতি বিষয়ক বহুত তথ্য মজুত আছে৷ সৈন্য বাহিনীক কেন্দ্ৰ কৰিও বহুতো নীতি বা তেওঁলোকৰ কাৰ্যকলাপৰ বিষয়ে গ্ৰন্থখনত উল্লেখ আছে৷ ৰজাৰ গৃহ নিৰ্মাণ প্ৰণালী সম্পৰ্কেও চিত্ৰসহ গ্ৰন্থখনত উল্লেখ আছে৷
©ভাস্কৰ ভূঞা, গৱেষক ছাত্ৰ, গুৱাহাটী বিশ্ববিদ্যালয়, ফোন-৮৭৫১৯৪৩৩৮৭
নীতিলতাঙ্কুৰ গ্ৰন্থখন পঢ়িবলৈ এই লিংকেৰে প্ৰৱেশ কৰক-https://as.wikisource.org/wiki/চিত্ৰ:নীতিলতাঙ্কুৰ.djvu
0 Comments