* ‘ৰামধেনু যুগ’ৰ পৰৱৰ্তী সময়ৰপৰা একবিংশ শতিকাৰ দ্বিতীয় দশকলৈকে অসমীয়া ভাষা-সাহিত্যক সমৃদ্ধ কৰি ৰখাৰ লগতে বৃহত্তৰ অসমীয়া সমাজখনৰেই অভিভাৱক স্বৰূপ হৈ পৰা হোমেন বৰগোহাঞি আছিল প্ৰকৃতাৰ্থত এজন জাতীয় সাহিত্যিক৷ তেওঁ অসম আৰু বৃহত্তৰ অসমীয়া জাতিৰ অভিভাৱকত্ব গ্ৰহণ কৰিছিল স্বইচ্চাৰে আৰু জাতীয় সাহিত্যিক হৈ পৰিছিল নিজৰ কৰ্মৰ মাজেৰে৷ সেয়েহে অসমীয়া সাহিত্য আৰু অসমীয়া সমাজলৈ তেওঁ দি থৈ যোৱা সৃষ্টিৰাজি আৰু অৱদান অসম আৰু অসমীয়াই আগন্তুক এশ বছৰলৈকে অন্তত সহজে পাহৰিব নোৱাৰে৷ সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত কোনোৱে এককভাৱে ‘নবেল বঁটা’ পৰ্যন্ত আহৰণ কৰিব পাৰে; কিন্তু একোখন সমাজ বা একোটা জাতিক গঢ়ি তুলিবলৈ এজন সাহিত্যিকে যিদৰে সাধনা কৰিব লাগে, সেই সাধনা কৰা আৰু তাৰ স্বাৰ্থত নিজৰ জীৱনটো উচৰ্গা কৰা সাহিত্যিক আধুনিক সময়ত সমগ্ৰ বিশ্বতে বিৰল৷ বৰগোহাঞি সেইধৰণৰ বিৰল পাণ্ডিত্য আৰু স্বাভিমানেৰে পৰিপূৰ্ণ এজন ব্যক্তি আছিল৷ জাতীয়তাবাদী চিন্তা-চৰ্চা আৰু ধ্যান-ধাৰণাৰে পুষ্ট বৰগোহাঞিয়ে ইচ্চা কৰা হ’লে সৰ্বভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কাম কৰিব পাৰিলেহেঁতেন৷ কিন্তু বৰগোহাঞিয়ে বাচি লৈ নিজৰ আইৰ মুখৰ ভাষাটোত ভাষা-সাহিত্য চৰ্চা কৰাৰ৷ বেজবৰুৱাৰ দৰেই একবিংশ শতিকাটোত বৰগোহাঞিয়েই আমাক অনুভৱ কৰালে অসমীয়া ভাষাটো আচলতে সুৱলা কিমান! সমৃদ্ধিশালী কিমান! প্ৰাচ্য-পাশ্চাত্যৰ বিপুল জ্ঞানেৰে নিজৰ মন-মগজু সমৃদ্ধ কৰা বৰগোহাঞিয়ে সমগ্ৰ বিশ্ব-ব্ৰহ্মাণ্ডৰ জ্ঞান-বুদ্ধি পাৰ্যমানে নিজেই গ্ৰহণ কৰি তাৰ মৌ-কোষ অসমৰ মানুহক অসমীয়া ভাষাত দি থৈ গৈছে৷ সমান্তৰালভাৱে নিজৰ ব্যক্তিগত জীৱনটোকে সামাজিক জীৱন হিচাপে প্ৰতিষ্ঠা কৰি জীৱনটোকে সাহিত্য সৃষ্টিৰ সমল কৰি তুলিলে৷ এটা জাতিৰ বাবে এজন ব্যক্তিয়ে ইয়াতকৈ কি ডাঙৰ অৱদান আগবঢ়াব লাগে!
বৰগোহাঞিয়ে সাহিত্য সৃষ্টিৰ সমান্তৰালভাৱে অসমৰ গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰখনক এটা আন্দোলনলৈ ৰূপান্তৰিত কৰি একপ্ৰকাৰৰ বৌদ্ধিক জাগৰণৰ সৃষ্টি কৰিছিল৷ শৈশৱৰপৰা বিশ্ব সাহিত্যৰ ভাল ভাল গ্ৰন্থসমূহ অধ্যয়ন কৰাৰ সমান্তৰালভাৱে অসমীয়া সমাজখনকো গ্ৰন্থ অধ্যয়নৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ আৰু এটা সমৃদ্ধিশালী নতুন প্ৰজন্ম গঢ়ি তুলিবলৈ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰা বিশাল সৃষ্টিশীল প্ৰতিভা আৰু পাণ্ডিত্যৰ অধিকাৰী, যুগদ্ৰষ্টা হোমেন বৰগোহাঞিয়েই হ’ব অসমৰ প্ৰেক্ষাপটত প্ৰাতঃস্মৰণীয় ব্যক্তি৷ তেওঁ জানিছিল– ‘অসমৰ মানুহে কিতাপ খুব কমকৈ পঢ়ে৷’ ‘কিতাপ পঢ়াৰ আনন্দ’ গ্ৰন্থৰ পাতনিত সেয়েহে তেওঁ লিখিছে– ‘যিবোৰ দেশত শিক্ষিতৰ সংখ্যা আৰু কিতাপৰ প্ৰচলন আটাইতকৈ বেছি সেইবোৰ দেশেই আজি পৃথিৱীৰ ভিতৰত আটাইতকৈ উন্নত দেশ বুলি পৰিগণিত হৈছে৷ অসমৰ মানুহেও যদি আধুনিক জগতৰ উন্নতিৰ প্ৰতিযোগিতাত সমানে ভাগ ল’ব খোজে তেন্তে তেওঁলোকে কিতাপক ভাল পাবলৈ শিকিব লাগিব আৰু নিয়মিতভাৱে কিতাপ পঢ়াৰ অভ্যাস কৰিব লাগিব৷ এই কথা সকলোৱেই জানে যে অসমৰ মানুহে কিতাপ খুব কম পঢ়ে৷ তেওঁলোকৰ মনত কিতাপৰ প্ৰতি অনুৰাগ কেনেকৈ বঢ়োৱা যায় সি এটা ডাঙৰ সমস্যা৷ কিন্তু এটা কথা ঠিক যে ছাত্ৰ অৱস্থাতেই যদি মানুহৰ মনত কিতাপৰ প্ৰতি আগ্ৰহ সৃষ্টি কৰা নহয়, তেন্তে পিছলৈ সেই আগ্ৰহ সৃষ্টি কৰা সম্ভৱ নহয়৷ পৃথিৱীৰ উন্নত দেশবোৰত মানুহৰ মাজত কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিবলৈ অবিৰাম চেষ্টা কৰা হয়৷ কিতাপ কিয় পঢ়িব লাগে আৰু কেনেকৈ পঢ়িব লাগে সেইবোৰ কথা শিকাবলৈ নানা কিতাপো লেখা হয়, আমাৰ দেশত তেনে চেষ্টা খুব কমেই চকুত পৰে৷’ (কিতাপ পঢ়াৰ আনন্দ, পাতনি)
নগেন শইকীয়াই বৰগোহাঞিৰ বিষয়ে লিখিছে– ‘সাম্প্ৰতিক কালৰ অসমৰ বৰগোহাঞি হ’ল এগৰাকী গুৰুত্বপূৰ্ণ আৰু সৃষ্টিশীল, সমাজ সচেতন লেখক, সাংবাদিক, প্ৰখৰ বুদ্ধিদীপ্ত, যুক্তিবাদী, সাহসী, শক্তিশালী গদ্যলেখক আৰু এগৰাকী জাতীয় চেতনাসম্পন্ন আৰু একে সময়তে গভীৰ মানৱতাবাদী ব্যক্তি৷’ (প্ৰকাশ আলোচনী, জুন, ২০২১, পৃষ্ঠা-৬)
প্ৰশাসনিক বিষয়াৰ লোভনীয় চাকৰি এৰি সাংবাদিক আৰু সাহিত্য কৰি জীৱন কটাম বুলি ভবাটোৱেই বৰগোহাঞিৰ জীৱনৰ আটাইতকৈ চেলেঞ্জিং কৰ্ম ৰূপে আজিৰ তাৰিখত আমি অনুভৱ কৰোঁ৷ অজিৎ বৰুৱাই বৰগোহাঞিৰ বিষয়ে কৈছিল– ‘সাহিত্য সাধনা আমিও কৰোঁ, কিন্তু তাৰ নামত জীৱনটোক উছৰ্গা কৰাৰ সাহ দেখুৱালে কেৱল বৰগোহাঞিয়ে৷ তেওঁ মোৰ প্ৰিয়তম লেখক নহ’ব পাৰে, কিন্তু অসমৰ দৰে পৰিৱেশত সাহিত্যৰ প্ৰতি তেওঁৰ নিষ্ঠা আৰু সততা দেখি তেওঁৰ প্ৰতি শ্ৰদ্ধাত মোৰ শিৰ দোঁ খাই যায়৷’(সাতসৰী, জুলাই, ২০২১, পৃষ্ঠা-২০)
শিশু কালৰেপৰা কিতাপক সাৰথি হিচাপে গ্ৰহণ কৰা বৰগোহাঞিৰ জীৱনটোৱেই আছিল বৰ্ণিল আৰু সমৃদ্ধিময়৷ তেওঁ নিজৰ ঘৰখনৰপৰাই গ্ৰন্থ অধ্যয়নৰ এটি উপযুক্ত পৰিৱেশ পাইছিল৷ লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ দৰে পাছপৰা এখন ঠাইৰপৰা আহি সমগ্ৰ অসম আৰু ভাৰতৰ্ষৰ সাংবাদিকতা আৰু সাহিত্যৰ ক্ষেত্ৰখনত নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা বৰগোহাঞিৰ জীৱনটো আজিৰ তাৰিখত অসমৰ পৰৱৰ্তী প্ৰজন্মৰবাবে ‘ব্যক্তিত্ব বিকাশৰ’ উজ্বল উদাহৰণ৷ তেখেতৰ ‘ধুমুহা আৰু ৰামধেনু’ৰ প্ৰথম, দ্বিতীয় খণ্ড, ‘আত্মানুসন্ধান’, ‘মোৰ সাংবাদিক জীৱন’ আদিৰ দৰে গ্ৰন্থত নিজৰ ব্যক্তিত্বৰ সামগ্ৰিক স্বৰূপটো পূৰ্ণৰূপত প্ৰতিফলিত হৈছে৷ সাহিত্যৰ বিভিন্ন বিধাসমূহত সবলভাৱে আত্মপ্ৰতিষ্ঠা লাভ কৰাৰ সমান্তৰালভাৱে তেওঁ নিজৰ জীৱনটোকে ‘সাহিত্য ৰচনাৰ মূল বিষয়’ হিচাপে প্ৰতিষ্ঠা কৰিলে৷ ‘ধুমুহা আৰু ৰামধেনু’ৰ দ্বিতীয় খণ্ডত তেওঁ লিখিছে– ‘ক’বলৈ গ’লে যোৱা কুৰিবছৰমান ধৰি আত্ম-জীৱনীৰ বাহিৰে [সাংবাদিকতাক বাদ দি] আন একো মই লিখাই নাই৷ যোৱা কুৰিবছৰত মই আটাইতকৈ বেছি পৰিমাণে লিখিছো ব্যক্তিগত ৰচনা– যিবোৰত মই ঘাইকৈ নিজৰ কথাই লিখিছোঁ৷’ এই ব্যক্তিকেন্দ্ৰিক সাহিত্যৰ মাজেৰেই তেওঁ অসমীয়া সাহিত্যত এনেদৰে প্ৰভাৱ আৰু প্ৰতিষ্ঠা লাভ কৰিলে যে আমাৰ অসমীয়া সমাজ-সাহিত্যই তেখেতক জীৱিত কালতেই কিংবদন্তিলৈ ৰূপান্তৰিত কৰিলে৷
বৰগোহাঞিৰ গদ্য সাধনাৰ সামগ্ৰিক দিশটোৱেই অসমীয়া ভাষা সাহিত্যৰ বাবে এক অমূল্য হীৰাৰ খনি স্বৰূপ৷ অতি সহজ-সৰল কিন্তু বলিষ্ঠভাৱে বিষয় উপস্থাপনৰ দক্ষতা বৰগোহাঞিৰ সাহিত্যৰাজিৰ অন্যতম বিশেষত্ব৷ গাঁৱৰ নিৰক্ষৰ হোজা মানুহজনৰপৰা আৰম্ভ কৰি উচ্ছশিক্ষিত শ্ৰেণীটোলৈকে সকলোৱেই তেওঁৰ ভাষা-শৈলীৰ বিমুগ্ধ পাঠক৷ সফল গদ্য লিখিবলৈ সমগ্ৰ জীৱনটো তেওঁ কষ্ট কৰি আহিছে বুলি নিজৰ লেখাত লিখি যোৱাৰ লগতে সফল গদ্য ৰচনা কৰাটো যে একপ্ৰকাৰৰ কলা; সেই কথাও তেওঁ স্বীকাৰ কৰি গৈছে৷ গদ্য লিখা বিষয়টোক কেন্দ্ৰ কৰিয়েই তেওঁ কেইবাখনো মনোৰম গ্ৰন্থ লিখিছে৷ ‘জীৱনৰ মধুৰতম সময়’ গ্ৰন্থত বৰগোহাঞিয়ে লিখিছে– ‘বস্তুত ভাল অসমীয়া গদ্য লিখিবলৈ চেষ্টা কৰাটোৱেই মোৰ জীৱনৰ সৰ্বপ্ৰধান Passion; ই মোৰ কাৰণে এটা ধৰ্মীয় আৱেগ৷’ সেইদৰে তেওঁ স্বীকাৰ কৰিছে– ‘উৎকৃষ্ট গদ্য-ৰচনা অতিশয় পৰিশ্ৰম সাপেক্ষ কাম৷ দীৰ্ঘদীনৰ অনুশীলন ব্যতিৰেকে কোনেও ভাল গদ্য লিখিব নোৱাৰে৷’
এফালে নিজৰ সৃষ্টিশীল সাহিত্যত গ্ৰাম্য জনজীৱনৰ সাৰ্থক প্ৰয়োগ আৰু আধুনিক জীৱনটোৰ মনস্তাত্ত্বিক বিৱৰণ-বিশ্লেষণ কৰাৰ সমান্তৰালভাৱে কাহিনী বিযুক্ত সৰল গদ্যৰ মাজেৰে নিজৰ আত্মজীৱনীমূলক ৰচনা, জীৱন উৎকৰ্ষমূলক সাহিত্য, দেশ-বিদেশৰ বাছকবনীয়া সাহিত্য সম্ভাৰ আদি বিষয় সমূহ অসমীয়া পাঠকৰ মাজলৈ আনি তাৰ ৰস পান কৰোৱাত জীৱনৰ বেছিভাগ সময়েই বৰগোহাঞিয়ে অনুঘটক হিচাপে পাৰ কৰিলে৷ বিশ্বৰ বৰেণ্য ব্যক্তিসকলৰ বিষয়ে, তেওঁলোকৰ চিন্তা আৰু দৰ্শন সম্পৰ্কে অসমীয়া পাঠকক অসমীয়া ভাষাত তথ্য আৰু সমল যোগান ধৰাৰ ক্ষেত্ৰখনতো বৰগোহাঞি এজোপা বটবৃক্ষ সদৃশ৷ তেওঁৰ যুক্তিবাদী চিন্তা-চেতনাৰ লগতে অন্ধবিশ্বাস, গোড়া পৰম্পৰা আৰু ধৰ্মীয় বিশ্বাস আদিৰ প্ৰতি থকা প্ৰতিবাদী সত্তাটো অসমীয়া যুক্তিবাদী সমাজখনৰ বাবে ৰাজহাড় স্বৰূপ৷ প্ৰবল যুক্তিবাদক জীৱনৰ আধাৰ হিচাপে গ্ৰহণ কৰাৰ বাবেই তেওঁ ডেকা বয়সতে নিজৰ দুখন ‘সোঁৱৰণি’ ফালি নষ্ট কৰি পেলাইছিল৷
হোমেন বৰগোহাঞিয়ে নতুন প্ৰজন্মটোক সাহিত্য সৃষ্টিৰ প্ৰতি অকৃত্ৰিম উৎসাহ আৰু অনুপ্ৰেৰণা যোগাইছিল৷ তেওঁ ‘বেয়া কবিতাৰ সপক্ষে’ শীৰ্ষক প্ৰবন্ধ লিখিছিল৷ নতুন প্ৰজন্মটোৰ প্ৰতি থকা তেওঁৰ এই আশাবাদে মূলতঃ অসমীয়া সমাজ আৰু সাহিত্যৰ ক্ষেত্ৰখনকে নতুন ৰূপ আৰু লাৱণ্য প্ৰদান কৰি থৈ গৈছে৷ সমালোচক ময়ূৰ বৰাই এই প্ৰসংগত উল্লেখ কৰিছে যে– ‘প্ৰায় পাঁচটা দশকতকৈও অধিক কালজুৰি সক্ৰিয় সাংবাদিকতা কৰা হোমেন বৰগোহাঞিৰ উজ্বল কীৰ্তি আছিল উদীয়মান লেখকসকলক জনোৱা উৎসাহ আৰু অনুপ্ৰেৰণা৷ অসমৰ বৰ্তমানৰ সাহিত্য-সাংবাদিকতাৰ ক্ষেত্ৰখনত তেখেতৰ দ্বাৰা আৱিষ্কৃত আৰু অনুপ্ৰাণিত অসংখ্য বিখ্যাত লোক আছে৷ তাৰ অধিকাংশ লোকেই আজিও তেখেতে যোগোৱা অনুপ্ৰেৰণাৰ কথা সোঁৱৰে৷’প্ত নগেন শইকীয়াই কৈছে– বৰগোহাঞিয়ে পত্ৰ-পত্ৰিকাৰ সম্পাদক হিচাপে লেখক-প্ৰতিভা বাছি উলিয়াই অসমৰ অনেক প্ৰতিভা প্ৰকাশৰ বাট কাটি দিয়াই নহয়, প্ৰতিষ্ঠাও দান কৰিছে৷৬ নিজৰ প্ৰজ্ঞা আৰু সাধনাৰ ফলত সকলো সাহিত্যিক হ’ব পাৰে৷ কিন্তু সাহিত্যিক হোৱাৰ সমান্তৰালভাৱে এটা প্ৰজন্মৰ বাবে পথ প্ৰদৰ্শকৰ ভূমিকা গ্ৰহণ কৰি তেওঁলোকক বাট দেখুৱাই দিবলৈ হোমেন বৰগোহাঞিয়ে যিদৰে সেনাপতিৰ ভূমিকা পালন কৰিলে, সেয়া অসমীয়া সাহিত্যৰ বাবেই গৌৰৱৰ কাৰণ৷ তেওঁ কিশোৰ সাহিত্যৰ ক্ষেত্ৰখনকো সমৃদ্ধ কৰি থৈ গৈছে৷ কিশোৰ সময়ছোৱাত এটা ভাল আদৰ্শ গ্ৰহণ কৰিবলৈ এজন কিশোৰে কোন বাটেৰে আৰু কিদৰে আগবাঢ়িব; সেই সম্পৰ্কে তেওঁৰ বহুকেইখন গ্ৰন্থত আদিৰপৰা অন্তলৈ আছে৷ স্বাস্থ্য সজাগতা বিষয়ক কেন্দ্ৰ কৰিও বৰগোহাঞিয়ে একশ্ৰেণীৰ বিশেষ সজাগতামূলক সাহিত্য ৰচনা কৰি থৈ গৈছে৷ ‘জি এন আৰ চি স্বাস্থ্য’ আলোচনী সম্পাদনা কৰাৰ উপৰি স্বাস্থ্য বিষয়ক অনেক গ্ৰন্থ ৰচনা কৰি বৰগোহাঞিয়ে অসমত স্বাস্থ্য সম্পৰ্কীয় নতুন চিন্তা-চেতনাৰ জন্ম দিছিল৷
সাংবাদিক হিচাপেও বৰগোহাঞিয়ে অসমৰ সংবাদ জগতখনক নতুন দৃষ্টিভঙ্গী আৰু আভিজাত্যৰে সমৃদ্ধিশালী কৰি থৈ গৈছে৷ বহুতে ভবাৰ দৰে বৰগোহাঞিৰ সাংবাদিক জীৱন আৰম্ভ ‘নীলাচল’ৰ পাতত নহয়৷ বৰঞ্চ তাৰ আগতেই তেওঁ ‘দৈনিক শান্তিদূত’ কাকতত ৪৫ দিন কাম কৰিছিল৷ এই কথা তেওঁ ‘মোৰ সাংবাদিক জীৱন’ [প্ৰথম খণ্ড]ত উল্লেখ কৰি থৈ গৈছে৷ পৰৱৰ্তী সময়ত ১৯৬৮ চনত প্ৰকাশ পোৱা ‘নীলাচল’ৰ পৰা আৰম্ভ কৰি ‘নিয়মীয়া বাৰ্তা’ কাকতলৈকে এই সুদীৰ্ঘ সময়ছোৱাত বৰগোহাঞিয়ে অসমীয়া সংবাদ জগতখনৰ দিক্ নিৰ্ণয় কৰিছিল৷ তদুপৰি ১৯৮০ চনত ‘লোকায়ত’ আলোচনীৰ সম্পাদক, ১৯৮১ চনত কলিকতাৰ ‘আজকাল’ কাকতৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিনিধি, ‘সমকাল’[১৯৮৭], ‘সূত্ৰধাৰ’ [১৯৮৯], ‘কিশোৰ’ [১৯৯১] আদি আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক, ১৯৯৩ চনৰপৰা কিছুদিনৰ বাবে ‘অসম-বাণী’ৰ সম্পাদনাৰ দায়িত্ব গ্ৰহণ কৰি তেওঁ যিদৰে অসমীয়া সংবাদ ইতিহাসক সমৃদ্ধ কৰিলে, সেয়াও আচলতে এসময়ত গৱেষণাৰ বিষয় হ’বৰ উপযুক্ত৷ তেখেত ‘আমাৰ অসম’ [১৯৯৩] কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল৷ তেওঁ ‘আমাৰ অসম’ত লিখা ‘প্ৰথম কলম’ শীৰ্ষক প্ৰবন্ধই অসমৰ বৌদ্ধিক জগতখনক মোহাৱিষ্ট কৰি ৰাখিছিল৷ নৱ্য চিন্তা-চেতনাৰ বাট কাটি দিয়াত এই ‘প্ৰথম কলম’ আছিল মাৰণাস্ত্ৰ সদৃশ৷ সেইদৰে তেওঁ ২০০৪ চনত ‘দৈনিক বাতৰি’ কাকতৰ প্ৰতিষ্ঠাপক সম্পাদকৰূপেও এবছৰৰ বাবে কাৰ্যনিৰ্বাহ কৰে৷ তাৰ পাছত ২০০৫ চনৰপৰা ২০০৭ চনলৈকে ‘সাতসৰী’ আলোচনীৰ সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰি অসমৰ আলোচনীৰ ধাৰাটোকো নতুন ৰূপ আৰু গতি প্ৰদান কৰে৷ সেইদৰে ‘জি এন আৰ চি স্বাস্থ্য’ আলোচনীৰ জৰিয়তেও তেওঁ স্বাস্থ্য চৰ্চা বিষয়ত মানুহক সজাগ আৰু সচেতন কৰাৰ গুৰু দায়িত্ব বহন কৰিছিল৷ বৰগোহাঞি ২০১৫ চনৰপৰা ‘নিয়মীয়া বাৰ্তা’ কাকতৰ মুখ্য সম্পাদক আছিল৷ তেখেতে ‘অসমীয়া প্ৰতিদিন’ কাকততো স্তম্ভ লেখা লিখিছিল৷ সেইদৰে ২০১৪ চনত প্ৰকাশ পোৱা শিশু আলোচনী ‘বাৰ-ওঠৰ’ৰ মুখ্য উপদেষ্টা হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল৷ ‘নিউজ লাইভ’ টেলিভিশ্যন চেনেলত আৰম্ভ কৰা ‘মুখামুখি’ আৰু ‘কথা-বাৰ্তা’ শীৰ্ষক অনুষ্ঠানৰ মাজেদিও তেখেতে টেলিভিছনৰ জগতখনৰ সৈতে জড়িত হৈ পৰিছিল৷ মুঠতে সাহিত্যৰ সমান্তৰালভাৱে সাংবাদিকতাৰ ক্ষেত্ৰখনকো বৰগোহাঞিয়ে নতুন জীৱন দি থৈ গৈছে৷
বৰগোহাঞিৰ সাহিত্যৰাজিৰ আন এটি দিশ হ’ল তেওঁৰ সৃষ্টিশীল ৰচনাবোৰৰ সমান্তৰালভাৱে আত্মজীৱনীমূলক ৰচনাবোৰত ‘চিঠি-পত্ৰ’ই বিশেষভাৱে স্থান লাভ কৰিছে৷ সেইদৰে ব্যক্তিগত চিঠি-পত্ৰক সাহিত্যৰ পৰ্যায়লৈ উত্তৰণ ঘটোৱাৰ ক্ষেত্ৰত হোমেন বৰগোহাঞিৰ বৃহৎ অৱদান আছে৷ বিভিন্ন সময়ত নিজে লিখা চিঠি আৰু তেখেতলৈ অন্য ব্যক্তিয়ে লিখা চিঠি; এই দুইপ্ৰকাৰৰ চিঠিকেই বৰগোহাঞিয়ে আত্মজীৱনীমূলক আৰু সৃষ্টিশীল সাহিত্যসমূহত বহুলভাৱে ব্যৱহাৰ কৰিছে৷ সেইদৰে বিশ্বৰ বৰেণ্য ব্যক্তিসকলৰ চিঠি আৰু বিভিন্ন প্ৰসংগত সেই চিঠিবোৰৰ উদ্ধৃতি তেওঁৰ ৰচনাত বিদ্যমান৷ ‘পত্ৰ’ক মূল বিষয়বস্তু হিচাপে লৈ হোমেন বৰগোহাঞিয়ে এটা মনোৰম ৰাজনৈতিক গল্পও লিখি থৈ গৈছে৷ গল্পটোৰ নাম ‘পাৰ্টি’৷
আন একো কাম নকৰিলেও বৰগোহাঞি অসমীয়া জাতিৰ মাজত মাত্ৰ এটা কামৰবাবেই অমৰ হৈ থাকিব৷ সেয়া হ’ল বৰগোহাঞিয়ে অসম সাহিত্য সভাৰ সভাপতি হৈ থাকোঁতে আৰম্ভ কৰা ‘বিশ্বকোষ প্ৰকল্প’৷ তেখেত ২০০১ চনত অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হয় আৰু তাৰ দুটা বছৰৰ ভিতৰতে ‘অসমীয়া বিশ্বকোষ’ প্ৰণয়ন¸ৰ কাম আৰম্ভ কৰে৷ অসমৰ সাধাৰণ জনসাধাৰণৰপৰা বিশ্বকোষ প্ৰকাশৰ পুঁজিলৈ অনুদান হিচাপে অৰ্থ সংগ্ৰহ কৰি তেওঁ বিশ্বৰ গ্ৰন্থ প্ৰকাশনৰ ক্ষেত্ৰখনকেই এটি চমক প্ৰদান কৰি থৈ গ’ল৷ এটা বৃহৎ সামাজিক প্ৰকল্পৰ গুৰু নেতৃত্ব লৈ বহুখিনি বাধা-বিঘিনি অতিক্ৰম কৰি অসমীয়া মানুহৰ মাজলৈ ‘বিশ্বকোষ’ আগবঢ়াই দিয়াত তেওঁৰ যি অপৰিসীম ভূমিকা, সেয়া অসমীয়া সমাজ জীয়াই থকালৈকে কোনেও পাহৰিব নোৱাৰে৷ সেইদৰে তেওঁৰ একক প্ৰচেষ্টাত আৰম্ভ হোৱা ‘কৰুণাধাৰা’ ন্যাস অসমীয়া সমাজ জীৱনৰ বাবে অতিশয় প্ৰাসংগিক আৰু প্ৰয়োজনীয় কৰ্ম ৰূপে বিবেচিত হৈ থাকিব৷ আৰ্তজনক সহায়ৰ বাবে তেওঁ আৰম্ভ কৰা এই সহায়ৰ হাতে অসমৰ শ শ দৰিদ্ৰ ৰোগীৰ বাবে আশীৰ্বাদ স্বৰূপ হৈ পৰিছিল৷
বৰগোহাঞিৰ মৃত্যু অসমীয়া সমাজ জীৱনৰ বাবেই অপূৰণীয় ক্ষতি; ইয়াত কাৰো দ্বিমত নাই৷ তেখেতৰ চিন্তা-চেতনাৰ যি বহল পৰিধি, বিশ্ব সাহিত্যত যিধৰণৰ অবাধ দখল, সেয়া অতিক্ৰম কৰাৰ সাহস খুব সহজে অসমীয়া সাহিত্যত নোলাব বুলি ভাবোঁ৷অনাগত দিনত ‘বৰগোহাঞি চৰ্চা’ই অসমত যে এক নতুন দিগন্তৰ সূচনা কৰিব, সেয়াও ইতিমধ্যেই অনুমান কৰিছোঁ৷ তেখেতৰ মৃত্যুৰ পাছতেই অসমৰ কেইবাখনো প্ৰতিনিধিত্বমূলক আলোচনীয়ে হোমেন বৰগোহাঞি শ্ৰদ্ধাঞ্জলি সংখ্যা প্ৰকাশ কৰিছে৷ ‘সাতসৰী’ আলোচনীয়ে ২০২১ চন, জুলাই মাহ, দ্বাদশ সংখ্যাটো হোমেন বৰগোহাঞিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি সংখ্যা হিচাপে প্ৰকাশ কৰিছে৷ সম্পাদক অনুৰাধা শৰ্মা পূজাৰীয়ে ‘অসমত যোৱা দুটা দশক একপ্ৰকাৰ হোমেন বৰগোহাঞিৰ বৌদ্ধিক দখলত আছিল বুলিলেও বঢ়াই কোৱা নহ’ব’ বুলি সম্পাদকীয়ত উল্লেখ কৰিছে৷ ‘প্ৰকাশ’ আলোচনীয়েও ২০২১ চনৰ জুন সংখ্যাটো হোমেন বৰগোহাঞি শ্ৰদ্ধাঞ্জলি সংখ্যা হিচাপে প্ৰকাশ কৰিছে৷ সেইদৰে ‘গৰীয়সী’, ‘প্ৰান্তিক’ আদি আলোচনীটো বৰগোহাঞিৰ অৱদানক স্মৰণ কৰা হৈছে৷ বৰগোহাঞিৰ মৃত্যুৰ ছমাহ নহওঁতেই বৰগোহাঞিৰ জীৱন আৰু সাহিত্য শীৰ্ষক দুখন গ্ৰন্থ অসমীয়া ভাষাত প্ৰকাশ হৈছে৷ নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ প্ৰাক্তন আৰু অধ্যয়নৰত শিক্ষাৰ্থীসকলে তেওঁৰ মৃত্যুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি নব্য মাধ্যম ফেচবুকত মৃত্যুৰ দিনধৰি পৰৱৰ্তী এমাহ তেওঁৰ জীৱন আৰু সাহিত্য বিষয়ক লেখা প্ৰকাশ কৰি পৰৱৰ্তী সময়ত সেই লেখাখিনি সম্পাদনা কৰি ‘বৰগোহাঞি চৰ্চা’ শীৰ্ষক এখন গ্ৰন্থ প্ৰকাশ কৰে৷ ৰাতুল কিশোৰ ডেকাই ‘হোমেন বৰগোহাঞি অমৰত্বৰ ধাৰণা আৰু অন্যান্য’ শীৰ্ষক এখন গ্ৰন্থ প্ৰকাশ কৰিছে৷ এই ধাৰাবাহিকতা আগন্তুক দিনতো যে বৰ্তি থাকিব ই নিশ্চিত৷
বৰগোহাঞিৰ পত্ৰ সাহিত্যঃ
ৰগোহাঞিৰ সাহিত্যৰাজিৰ অন্যতম দিশ এটি হ’ল তেওঁৰ সৃষ্টিশীল ৰচনাবোৰৰ সমান্তৰালভাৱে আত্মজীৱনীমূলক ৰচনাবোৰত ‘চিঠি-পত্ৰ’ই বিশেষভাৱে স্থান লাভ কৰিছে৷ সেইদৰে ব্যক্তিগত চিঠি-পত্ৰক সাহিত্যৰ পৰ্যায়লৈ উত্তৰণ ঘটোৱাৰ ক্ষেত্ৰত হোমেন বৰগোহাঞিৰ সৃষ্টিৰাজিৰ বৃহৎ অৱদান আছে৷ বিভিন্ন সময়ত নিজে লিখা চিঠি আৰু তেখেতলৈ অন্য ব্যক্তিয়ে লিখা চিঠি; এই দুইপ্ৰকাৰৰ চিঠিকেই বৰগোহাঞিয়ে আত্মজীৱনীমলূক আৰু সৃষ্টিশীল সাহিত্যসমূহত বহুলভাৱে ব্যৱহাৰ কৰিছে৷ সেইদৰে বিশ্বৰ বৰেণ্য ব্যক্তিসকলৰ চিঠি আৰু বিভিন্ন প্ৰসংগত সেই চিঠিবোৰৰ উদ্ধৃতি তেওঁৰ ৰচনাত বিদ্যমান৷ বৰগোহাঞি আছিল চিঠি-পত্ৰৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ প্ৰতি অতি সজাগ আৰু সচেতন৷ চিঠিৰ শৈলী গ্ৰহণ কৰি ৰচনা কৰা সৃষ্টিশীল সাহিত্য সম্পৰ্কেও তেওঁ বহু ঠাইত সমালোচনা আগবঢ়াইছে৷ প্ৰথম অসমীয়া পত্ৰোপন্যাস ‘চিন্তা’ৰ বিষয়ে প্ৰসন্নকুমাৰ ডেকাই লিখা পত্ৰোপন্যাস ‘প্ৰিয়তমাসু’ গ্ৰন্থৰ পাতনিত বৰগোহাঞিয়ে সবিস্তাৰে লিখিছে৷
প্ৰাক্ইণ্টাৰনেটৰ যুগত চিঠি-পত্ৰই আছিল মানৱ যোগাযোগৰ আটাইতকৈ জনপ্ৰিয় আৰু উপযুক্ত মাধ্যম৷ বিশ্ব সভ্যতাত চিঠি-পত্ৰৰ গুৰুত্ব আছিল অপৰিসীম৷ এই চিঠিসমূহ যে কেৱল যোগাযোগ আৰু তথ্যৰ আদান-প্ৰদানৰ বাবেই চলিছিল, তেনে নহয়৷ চিঠিৰ মাজত সমাজ-সাহিত্য-সংস্কৃতিৰপৰা আৰম্ভ কৰি ৰাজনীতি, সমাজনীতি, অৰ্থনীতি প্ৰতিটো বিষয়েই অতি নিটোল ৰূপত সংৰক্ষিত হৈ আছে৷ এই চিঠিবোৰক লৈ বিশ্ব সাহিত্যত অনেক-আলোচনা, বিলোচনা, গৱেষণা পৰ্যন্ত হৈছে৷ বুৰঞ্জী আৰু ইতিহাস সম্পৰ্কীয় চিন্তা-চৰ্চাত চিঠি-পত্ৰ হৈ পৰিছে মুখ্য সমল স্বৰূপ৷ অৱশ্যে অসমীয়া সাহিত্যত ‘পত্ৰ সাহিত্য’ বিষয়টো আজি পৰ্যন্ত বিষদভাৱে আলোচনা বা বিষয়টোৰ প্ৰতিষ্ঠা হোৱা নাই৷ পত্ৰত সাহিত্যৰ গুণ বা বৈশিষ্ট্য বিচাৰ কৰাটোও অসমীয়া সাহিত্যত তেনেই কেঁচুৱা অৱস্থাতে আছে৷ চিঠি-পত্ৰৰ মাজত অসমীয়া সমাজখন, অসমীয়া জাতিৰ ইতিহাস, সমকালীন সমাজৰ মানৱ মনস্তত্ত্ব, দেশ-ৰাজ্য আদিৰ গুৰুত্বপূৰ্ণ ঘটনা আদি অনেক বিষয় সংপৃক্ত হৈ আছে৷ চিঠিৰ মাজত ব্যক্তি এজনৰ ব্যক্তিসত্তা আৰু সামগ্ৰিক বৈশিষ্ট্য প্ৰতিফলিত হয়। সেয়েহে এজন সাহিত্যিক আৰু প্ৰচুৰ অধ্যয়নশীল ব্যক্তি হিচাপে হোমেন বৰগোহাঞিয়ে সাহিত্য আৰু ব্যক্তিগত জীৱনটোত চিঠি-পত্ৰক সৰ্বাধিক গুৰুত্ব দিছে ।
বৰগোহাঞিলৈ অসমৰ পাঠকে চিঠি পঠিওৱাৰ কাৰণ সম্পৰ্কে ‘ধুমুহা আৰু ৰামধেনু’ত বিস্তাৰিতভাৱে উল্লেখ কৰিছে৷ তেওঁ উপন্যাস, গল্প লিখাতকৈ আত্মজীৱনীমূলক ৰচনা লিখিবলৈ লোৱাৰপৰাহে পাঠকে তেওঁক অধিক গুৰুত্ব দিবলৈ লৈছিল৷ তেওঁ লিখিছে- ‘‘পিতা-পুত্ৰ নামৰ উপন্যাসৰ কাৰণে সাহিত্য অকাডেমীৰ পুৰস্কাৰ পোৱাৰ সময়লৈকে এই সুদীৰ্ঘ কালছোৱাত মই পাঠকৰ পৰা যিমানবোৰ চিঠি পাইছিলো– তাতোকৈ বেছি চিঠি মই মাত্ৰ এমাহৰ ভিতৰতে পোৱা হ’লো ওপৰত উল্লেখ কৰা ব্যক্তিগত ৰচনাবোৰ প্ৰকাশ হোৱাৰ পিছৰপৰা৷’’ [ধুমুহা আৰু ৰামধেনু, পৃষ্ঠা-১৪]
এটা সময়ত পাঠকৰপৰা পোৱা চিঠি হোমেন বৰগোহাঞিয়ে ডাষ্টবিনলৈ দলিয়াই দিছিল বুলি উল্লেখ কৰিছে৷ কিন্তু পৰৱৰ্তী সময়ত তেওঁ সেই চিঠিবোৰ সংৰক্ষণ কৰিবলৈ আৰম্ভ কৰে৷ তাৰ কাৰণ উল্লেখ কৰিছে এনেদৰে– ‘‘যেতিয়াই মই এই কথা আৱিষ্কাৰ কৰিলো যে মোৰ প্ৰতি প্ৰীতি বা কৃতজ্ঞতা জ্ঞাপন কৰাটোৱেই বহুতো পাঠকে মোলৈ চিঠি লিখাৰ একমাত্ৰ উদ্দেশ্য নহয়, বৰং তাতোকৈ ডাঙৰ কথা হ’ল মোৰ পৰা পোৱা প্ৰেৰণা আৰু উপদেশ বিচৰা–তেতিয়াৰপৰা মই চিঠিবোৰ সংৰক্ষণ কৰিবলৈ ধৰিলো৷’’ [ধুমুহা আৰু ৰামধেনু, পৃষ্ঠা-১৪]
‘ধুমুহা আৰু ৰামধেনু’ত বৰগোহাঞিয়ে তেখেতলৈ সেই সময়ত অসমৰ নৱ-প্ৰজন্মই পঠিওৱা অনেক চিঠিৰপৰা ১৩ খন চিঠি নিৰ্বাচিত কৰি প্ৰকাশ কৰিছে৷ চিঠিকেইখন প্ৰকাশ কৰাৰ পক্ষে তেওঁ কৈছে– ‘‘বেছিভাগ কিশোৰ-কিশোৰী তথা যুৱক-যুৱতীয়ে জীৱনৰ এটা বয়সত কেনেধৰণৰ সমস্যাৰ সন্মুখীন হয় আৰু কি ধৰণৰ গোপন ভয় আৰু আতংকই তেওঁলোকক নিৰৱে পিষ্ট কৰি ৰাখে তাৰ কিছু আভাস শিক্ষক আৰু পিতৃ-মাতৃসকলক জানিবলৈ দিয়া৷’’ [ধুমুহা আৰু ৰামধেনু, পৃষ্ঠা-১৬]
হোমেন বৰগোহাঞিয়ে ডেকা কালটো অত্যন্ত বেপৰোৱা আৰু বিশৃংখলভাৱে কটাইছিল৷ এই কথা তেওঁ নিজেই অকপটে স্বীকাৰ কৰি থৈ গৈছে৷ ঘৰৰপৰা পঢ়িবলৈ দিয়া টকা তেওঁ চিনেমা চোৱা, জুৱা খেলা, ফুৰিবলৈ যোৱা আদি অনেক কামত খৰছ কৰিছিল৷ ‘আত্মানুসন্ধান’ গ্ৰন্থত তেওঁ দেউতাকলৈ নিজৰ দোষ স্বীকাৰ কৰি এখন চিঠি লিখা কথাটো উল্লেখ কৰিছে– ‘‘মই অৱশ্যে মোৰ পাপৰ আংশিক প্ৰায়শ্চিত্ত কৰিছিলো দেউতালৈ লিখা এখন চিঠিত মোৰ সকলো পাপ স্বীকাৰ কৰি৷ এই কথাৰ সাক্ষী হিচাপে মোৰ দেউতা এতিয়াও জীয়াই আছে৷ চিঠিখন লিখিছিলো কলেজ এৰাৰ মাত্ৰ কেইমাহমানৰ আগতে৷ ইতিমধ্যে মই কে’বামাহো মেছ-ডিউজ নিদিয়াৰ ফলত মোৰ বাছনি পৰীক্ষাৰ ৰিজাল্ট বন্ধ কৰি ৰখাৰ আশংকাই দেখা দিছে৷ ঘৰৰ পৰা টকা খুজি নানিলেই নহয়৷ টকা খুজিবলৈ দুটা পথ মাত্ৰ খোলা আছিলঃ মিছাকথা কোৱা আৰু সঁচাকথা কোৱা৷ মই সঁচাকথা কোৱাৰ পথটোকে বাছি ল’লো৷’’ [আত্মানুসন্ধান, পৃষ্ঠা-১৬]
কটনত পঢ়ি থাকোতে কলেজীয়া বন্ধু হীৰেন্দ্ৰনাথ দত্তয়ো (কবি) তিতাবৰৰপৰা বৰগোহাঞিলৈ মাজে-সময়ে চিঠি লিখিছিল৷ অৱশ্যে বন্ধু দত্ত আৰু পবীন্দ্ৰচন্দ্ৰ বৰা বৰগোহাঞিতকৈ বয়সত সৰু আছিল৷ দত্তৰ চিঠিবোৰৰ ঐতিহাসিক বা সামাজিক গুৰুত্ব যিয়েই নহওঁক, বৰগোহাঞিৰ মতে সেই চিঠিত তেওঁলোকৰ অন্তৰ্জীৱনৰ ছবি সঞ্চিত হৈ আছে৷ কেতিয়াবা পূৰ্ণাঙ্গ আত্ম-জীৱনী লিখিলে দত্তৰ অনুমতি লৈ তেওঁৰ আটাইকেইখন চিঠি সম্পূৰ্ণভাৱে উদ্ধৃত কৰাৰ ইচ্চা আছে বুলিও বৰগোহাঞিয়ে উল্লেখ কৰিছে৷ ১৯৫৩ চনৰ ১৩ অক্টোবৰত দত্তই তিতাবৰৰপৰা বৰগোহাঞিলৈ দিয়া এখন চিঠিত লিখিছিল– ‘‘আজি প্ৰায় ডেৰবছৰীয়া সান্নিধ্যৰ কালছোৱাত আপোনাৰ প্ৰতিেটো কথাই মোৰ অন্তৰত গভীৰভাৱে ৰেখাপাত কৰিছে৷ সেয়েহে আপোনালৈ চিঠি লিখিবলৈ পাই মই এক অনিবৰ্চনীয় আনন্দ অনুভৱ কৰিছোঁ৷ ...Lust for Life খন পঢ়িবলৈ আৰম্ভ কৰিছোঁ৷ নিজত বিলীন হোৱা কথাষাৰ (to die within oneself ) অন্তৰৰপৰা অনুভৱ কৰিবলৈ যত্ন কৰিছোঁ৷’’ সেই একে বছৰৰে নৱেম্বৰ মাহত লেখা আন এখন চিঠিত তেওঁ লিখিছিল–‘‘...কোনো কোনো মুহূৰ্তত আপোনাৰ সান্নিধ্যৰ আৱশ্যকতা অনুভৱ কৰোঁ– যেতিয়া জীৱনক নতুন চকুৰে চাবলৈ বিচৰা মনৰ অস্বচ্চ অনুভূতিৰ আৱেষ্টিত কুঁৱলিখিনি পৰিষ্কাৰ কৰি আপুনি মোৰ অন্তৰত জীৱন উপলব্ধিৰ বাবে এটা সবল প্ৰেৰণা জগাই তুলিবলৈ চেষ্টা কৰাৰ কথা মনত পৰে৷’’ [আত্মানুসন্ধান, পৃষ্ঠা-২৪]
বৰগোহাঞিয়ে লিখা ‘এপিটাফ’ শীৰ্ষক গল্পটো পঢ়ি তেওঁৰ বন্ধু হীৰেন্দ্ৰনাথ দত্তই এসময়ত আত্মহত্যাৰ পথ বাচি লোৱাৰ সিদ্ধান্ত লৈছিল৷ দত্তই এই মৃত্যুৰ সিদ্ধান্তৰ বাতৰিটো তেওঁৰ গাৰুৰ তলত এখন চিঠিত লিখি থৈ গৈছে৷ বিশ পৃষ্ঠাৰ এখন দীঘল চিঠি৷ চিঠিখনত দত্তই শেষৰফালে লিখিছিল এনেদৰে– ‘‘পবীনৰ অন্তৰ্ধানে মোক নিজৰ বিষয়ে, জীৱনৰ বিষয়ে ভাবিবলৈ অলপ প্ৰেৰণা দি গৈছে৷’’ [আত্মানুসন্ধান, পৃষ্ঠা-২৫]
কটনত পঢ়ি থকাৰ সময়তে (প্ৰায় ১৯৫৬) হোমেন বৰগোহাঞিৰ অন্যতম এজন বন্ধু আছিল ভবেন ফুকন৷ ফুকন বৰগোহাঞিতকৈ বয়সত এবছৰ ডাঙৰ৷ ভবেন ফকুনে বৰগোহাঞিলৈ দিয়া এখন চিঠিৰ সম্পৰ্কত বৰগোহাঞিয়ে লিখিছে এনেদৰে– ‘‘সেই সময়ত মোৰ সমসাময়িকসকলৰ চকুত মই কি ৰূপত দেখা দিছিলো সেইটো বুজাবৰ কাৰণে ভবেন ফুকনৰ এখন চিঠিৰ অংশবিশেষ (২৩/৬/১৯৫৬) তলত উদ্ধৃত কৰিলোঃ ‘‘আপোনাৰ চিঠিখন পাই খুব ভাল লাগিছিল৷ কিয় ভাল লাগিছিল জানে? আপুনি দিয়া সুন্দৰ কমপ্লিমেণ্টটোৰ কাৰণে নহয়– আপোনাৰ আপাত-দাম্ভিক প্ৰতিচ্চবিখন মোৰ আগত আপোনাৰ সেই অকনমানি চিঠিখনে দাঙি ধৰিছিল কাৰণেহে, বুজিছে? অথবা আপোনাৰ চিঠিখনত থকা স্পৰ্ধিত সৰলতাৰ কাৰণে৷’’ [আত্মানুসন্ধান, পৃষ্ঠা-২৫]
তেখেতে ‘নৱকান্ত বৰুৱালৈ মুকলি চিঠি’ শীৰ্ষকেৰে এটি কবিতা লিখিছিল৷ এই সন্দৰ্ভত তেওঁ উল্লেখ কৰিছে এনেদৰে– ‘‘মোৰ জীৱনত নৱকান্তই প্ৰথম মানুহ– যাৰ লগত কথা পাতি মই সুখ পাইছিলো৷ আমি পৰস্পৰৰ ভাষা বুজি পাইছিলো মোৰ মনত আছে, এদিন গধূলি কথা পাতি আমি দীঘলী-পুখুৰীটো সাতবাৰ পদক্ষিণ কৰিছিলো৷ সেই সময়ত মই ‘ৰামধেনু“ত এটা কবিতাও লিখিছিলোঃ ‘নৱকান্ত বৰুৱালৈ মুকলি চিঠি’৷ নৱকান্তয়ো মোলৈ কবিতাৰে চিঠি এখন লিখিছিল– যদিও কবিতাটোত মোৰ নাম নাই৷ [আত্মানুসন্ধান, পৃষ্ঠা-২৮]
‘নৱকান্ত বৰুৱালৈ মুকলি চিঠি’ কবিতাটোৰ দুটা শাৰী তলত উল্লেখ কৰা হ’ল–‘পত্ৰ’ক মূল বিষয়বস্তু হিচাপে লৈ হোমেন বৰগোহাঞিয়ে এটা মনোৰম ৰাজনৈতিক গল্প লিখি থৈ গৈছে৷ গল্পটোৰ নাম ‘পাৰ্টি’৷ উল্লেখযোগ্য যে ‘আত্মানুসন্ধান’ গ্ৰন্থত ‘পাৰ্টি’ লেখাটো গল্প বুলি উল্লেখ আছে যদিও ‘হৃদয়ৰ মানচিত্ৰ’ শীৰ্ষক গ্ৰন্থখনত ‘পাৰ্টি’ক এটা প্ৰবন্ধ বুলিহে ‘মই থুৱাব পাৰোঁ’ প্ৰবন্ধটোৰ এঠাইত বৰগোহাঞিয়ে উল্লেখ কৰিছে৷ এই ‘পাৰ্টি’ লেখাটো ‘বিভিন্ন নৰক’ গ্ৰন্থখন প্ৰথমবাৰৰ বাবে সন্নিৱিষ্ট কৰিছে৷ সেইখন গ্ৰন্থটো ‘পাৰ্টি’ লেখাটোক প্ৰবন্ধ বুলিহে উল্লেখ আছে৷ প্ৰবন্ধটো লিখা হৈছিল ১৯৬৫ চনত৷ [হৃদয়ৰ মানচিত্ৰ, পৃষ্ঠা-৯৯] কিন্তু মই নিজে ‘পাৰ্টি’ক প্ৰবন্ধ বুলি উল্লেখ কৰাতকৈ এটা গল্প হিচাপেহে চিহ্নিত কৰিবলৈ ভাল পাম৷ প্ৰবন্ধতকৈ লেখাটোত গল্পৰ বৈশিষ্ট্যই অধিক ফুটি উঠিছে৷ গল্পটোৰ আৰম্ভণি আৰু গল্পটোৰ মূল কাহিনীটোৰ বিকাশ হৈছে বহুকেইখন পত্ৰৰ মাধ্যমেৰে৷ পহুমৰা গাঁৱৰ দৰিদ্ৰ শ্ৰেণী ৰাইজৰ প্ৰতিনিধি দেৱীৰাম পেগু আৰু চৰকাৰী বিষয়াৰ মাজত পত্ৰৰ মাজেৰেই বানপীড়িত লোকসকলৰ সাহাৰ্যৰ বাবে যোগাযোগ হৈছে৷ যোগীসুঁতি গাঁও পঞ্চায়তৰ হৈ শ্ৰীদেৱীৰাম পেগুৱে ইছলামপুৰৰ মহকুমাৰ মহকুমাধিপতি এম. খাটনিয়াৰলৈ সাহাৰ্য বিচাৰি চিঠি লিখিছে, যাতে লঘোনত থকা গঞা ৰাইজক চৰকাৰে খাদ্যৰ বাবে চাউল যোগান ধৰে৷ পৰৱৰ্তী সময়ত এছ.ডি.অ.’ এম.খাটনিয়াৰে পহুমৰা গাঁৱলৈ সাহাৰ্য বিচাৰি বি.ডি.অ’লৈ পুনৰ পত্ৰ প্ৰেৰণ কৰিছে৷ বি.ডি.অ’ৰ গুৰুত্ব নাপায় এছ.ডি.অ’ই পুনৰ ডি.এ. লৈ চিঠি লিখিছে৷ বি.ডি.অ’ ইউ. খাখলাৰীয়ে অৱশেষত চাউল যোগান ধৰিবলৈ নিৰ্দেশ দিছে৷ এছ.ডি.অ’ই পুনৰ চুপাৰ্ইন্টেণ্ডেণ্ট অব চাপ্লাইলৈ ৫০ কুইণ্টল চাউল বিচাৰি চিঠি পঠাইছে৷ কিন্তু চাউল জমা নাই বুলি এ.শৰ্মা, এছ.এছ বিষয়াই পুনৰ এছ. ডি.অলৈ চিঠি পঠাইছে৷ ইফালে দেৱীৰাম পেগুৱে গঞা ৰাইজৰ মহাসঙ্কটৰ কথা জনাই মহকুমাধিপতিলৈ চিঠি পুনৰ পঠিয়াইছে৷ সেইদৰে পেগুৱে মুখ্যমন্ত্ৰীলৈ জৰুৰী টেলিগ্ৰাম পঠাইছে৷ মুখ্যমন্ত্ৰীৰ ছেক্ৰেটাৰী, ৰেভিনিউ বিভাগে চাব-ডিভিজনেল, ইছলামপুৰলৈ পহুমৰাৰ খাদ্য পৰিস্থিতিৰ ৰিপোৰ্ট বিচাৰি জৰুৰী টেলিগ্ৰাম কৰিছে৷ কিন্তু ৰাজনীতিৰ পাকচক্ৰত পৰি এটা অফিচৰপৰা আন এটা অফিচলৈ চিঠি পঠিওৱাটেই সময় বাগৰিছে৷ অৱশেষত খাবলৈ এমুঠি ভাত নাপায় মানুহৰ মৃত্যু পৰ্যন্ত হৈছে৷ এই মৃত্যুৰ বাতৰি বাতৰি কাকততো প্ৰকাশ পাইছে৷ পৰৱৰ্তী সময়ত ভোক আৰু দৰিদ্ৰতাত মানুহ মৰাৰ খবৰটো বিধানসভা, মুখ্যমন্ত্ৰীলৈকে চিঠিৰ মাধ্যমেৰেই পাইছেগৈ৷ শাসক আৰু বিৰোধীৰ মাজত বিধানসভাত বিতৰ্ক হৈছে৷ চিঠিৰ দ্বাৰাই গোটেই ঘটনাটো মিছা বুলি প্ৰমাণ কৰিবলৈ শাসকীয় কংগ্ৰেছ দল আৰু জিলা কংগ্ৰেছ, মণ্ডল কংগ্ৰেছৰ মানুহে চেষ্টা কৰিছে আৰু শেষত দুৰ্ভিক্ষত মানুহ মৃত্যু হোৱা বাচৰিটো মিছা বুলি চৰকাৰে প্ৰমাণ কৰিছে৷ মুঠতে চিঠিৰ শৈলী আৰু আৰ্হিৰ মাধ্যমেৰে বৰগোহাঞিয়ে এটা অগতানুগতিক কিন্তু প্ৰভাৱশালী গল্প লিখি থৈ গৈছে৷ কেনেদৰে চৰকাৰী বিষয়াই চিঠি পঠিয়াই নিজৰ দায়িত্ব সামৰে, গঞা ৰাইজে উচ্ছপদস্থ বিষয়ালৈ কিমান আশাৰে এখন চিঠি প্ৰেৰণ কৰি অপেক্ষা কৰি থাকে, এটা ৰাজনৈতিক দলে নিজৰ গৰিমা অক্ষুন্ন ৰাখিবলৈ কেনেদৰে মিছাৰ আশ্ৰয় লৈ চিঠি পঠিয়াই নিজৰ দলৰ মানুহক সৈমান কৰাই; এই গোটেই কথাবোৰ ‘পাৰ্টি’ গল্পটোৰ মাজেৰে ফুটি উঠিছে৷ গল্পটোৰ এখন চিঠিৰ উদাহৰণ তলত দিয়া হ’ল-
শ্ৰী ৰমাকান্ত বড়া, সভাপতি, পহুমৰা মণ্ডল কংগ্ৰেছ
প্ৰিয় শ্ৰী বড়া,
হোমেন বৰগোহাঞিৰ ‘আত্ম দিপো ভৱ’ শীৰ্ষক গ্ৰন্থখনত একে শিৰোনামৰ লেখাটোত তেওঁ চিঠিৰ প্ৰসংগ আনিছে৷ এগৰাকী প্ৰসিদ্ধ সাহিত্যিক আৰু এজন জীৱন বিষয়ক অভিজ্ঞ ব্যক্তি হিচাপে অসমৰ বহু ঠাইৰপৰা তেওঁলৈ চিঠি-পত্ৰ আহে৷ কিন্তু তেওঁ এই চিঠিসমূহৰ বিষয়ে প্ৰবন্ধটোত উল্লেখ কৰিছে এনেদৰে– ‘‘অসমৰ বিভিন্ন ঠাইৰ চেমনীয়া ল’ৰা-ছোৱালী আৰু ডেকা-গাভৰুৰ পৰা মই মাহত গড় হিচাপে পাঁচ-ছখনকৈ চিঠি পাওঁ– যিবোৰ চিঠিত তেওঁলোকে মোৰ পৰা নানা ধৰণৰ উপদেশ আৰু প্ৰেৰণা বিচাৰে৷ মোৰ বয়সৰ আন মানুহেও হয়তো এনেকুৱা চিঠি পায়৷ তেওঁলোকে চিঠিবোৰ পায় কি কৰে সেই সেই কথা মই নাজানো৷ মই নিজে কিন্তু এইবোৰ চিঠি-পত্ৰৰ একো উত্তৰ নিদিওঁ৷ উত্তৰ নিদিয়াৰ বহুবোৰ কাৰণৰ ভিতৰত এটা হ’ল এই যে মোৰ কাকো উপদেশ দিয়াৰ কথা মই ভাবিবই নোৱাৰো৷ নিজৰ লগত যুঁজ-বাগৰ কৰি থাকোতেই মোৰ বেছিভাগ সময় যায়৷ তদুপৰি এটা কথা মই বহুবাৰ স্বীকাৰ কৰিছো যে মোৰ স্বভাৱত এক ধৰণৰ স্বাৰ্থপৰতা আছে– যাৰ কাৰণে মোৰ সময়বোৰ আনৰ কাৰণে খৰচ কৰিবলৈ মই বৰ টান পাওঁ৷’’ [আত্ম দিপো ভৱ, পৃষ্ঠা-৩৭]
ইয়াৰোপৰি তেওঁ একেটা প্ৰবন্ধতে উল্লেখ কৰিছে যে মানুহে আনৰপৰা উপদেশ লোৱাতকৈ চৰম সংকটৰ সময়তো নিজেই নিজৰ বাবে প্ৰেৰণাৰ উৎস হোৱা দৰকাৰ৷ নিজৰ মাজতেই উদ্ধাৰ আৰু উত্তৰণৰ পথ বিচাৰি ল’ব লাগে৷ বুদ্ধদেৱৰ অন্তিমটো উপদেশ আছিল– ‘আত্ম দিপো ভৱ’৷ বৰগোহাঞিয়েও এই বাণীৰেই প্ৰবন্ধটোত উল্লেখ কৰিছে যে মানুহে নিজৰ মাজতেই অফুৰন্ত প্ৰেৰণাৰ উৎস বিচাৰি ল’ব লাগে৷
তেখেতৰ ‘হৃদয়ৰ মানচিত্ৰ’ শীৰ্ষক গ্ৰন্থখনত কেইবাখনো চিঠি সংকলিত হৈছে৷ তাৰে এখন চিঠিৰ নাম হ’ল– ‘ৰশ্মিৰেখালৈ এখন চিঠি’৷ চিঠিখনত স্নায়ৱিক ব্যাধিয়ে আৱৰি ধৰা দুগৰাকী বায়েক-ভনীয়েকৰ জীৱন-যন্ত্ৰণা, তেওঁলোকৰ হতাশা, কাৰুণ্যক বিষয় হিচাপে লৈ তেওঁলোকৰ দুখেৰে আৱৰা মানসিক স্থিতিটোক সবল কৰিবলৈ চিঠিখনতেই এটি অনুপ্ৰেৰণামূলক কাহিনী লিখিছে৷ ৰশ্মিৰেখা আৰু তেওঁৰ ভনীয়েকৰ একেটাই বেমাৰ৷ দুৰাৰোগ্য স্নায়ৱিক ব্যাধিয়ে দুয়োৰে শৰীৰ দুটা ক্ৰমান্বয়ে অৱশ আৰু অচল কৰি আনিছে৷ ‘আমাৰ অসম’ত ৰশ্মিৰেখাৰ এটা লেখাত এই কথা জানি বৰগোহাঞিয়ে তেওঁলোকলৈ বুলি এই অনুপ্ৰেৰণাৰে ভৰা চিঠিখন লিখিছিল৷ তেওঁ চিঠিখনৰ এঠাইত লিখিছে এনেদৰে– ‘‘সেইদনিা প্ৰায় মাজনিশালৈকে মই শুব পৰা নাছিলো৷ কাণত বাজি আছিল তুমি কোৱা কথাবোৰ... তোমালোকৰ কোনো আত্মীয়-স্বজন তোমালোকৰ ঘৰলৈ নাহে; দুগৰাকী পূৰ্ণযৌৱনা যুৱতিৰ জীৱন ঘেৰি ৰাখে এক চিৰবিষণ্ণ নীৰৱতা আৰু নিৰ্জনতাই৷ একেবাৰে শেষত তুমি কৈছিলা– ‘মোৰ কোনো বৰদেউতা নাই, আপুনি মোৰ বৰদেউতা হ’বনে?’’ [হৃদয়ৰ মানচিত্ৰ, পৃষ্ঠা-৭৫]
একেখন গ্ৰন্থৰে আন এটা লেখা হৈছে– ‘অনিন্দিতাৰ কাৰণে এধানিমান মৰম’৷ অনিন্দিতা নামৰ এগৰাকী যুৱতীয়ে আমাৰ অসমত লিখা ‘সোণালী সময়ৰ প্ৰতীক্ষাত অনিন্দিতা’ শীৰ্ষক এখন চিঠিৰ আঁত ধৰি বৰগোহাঞিয়ে এই লেখাটো লিখিছে৷ আমাৰ অসমত চিঠিখন পঢ়ি তেওঁ এইদৰে অনুভৱ কৰিছিল–‘‘চিঠিখনত অনিন্দিতাই তেওঁৰ নিজৰ জীৱনৰ কাহিনী লিখিছে৷ কাহিনীটো পঢ়ি শেষ কৰাৰ পিছত মই বুকুৰ মাজত এনেকুৱা এটা যন্ত্ৰণা অনুভৱ কৰিলোঁ যে কিছু সময়লৈ মোৰ বাহ্যজ্ঞান লুপ্ত হোৱাৰ নিচিনা অৱস্থা হ’ল৷’’ [হৃদয়ৰ মানচিত্ৰ, পৃষ্ঠা-৭৯]
ৰোগীয়া অনিন্দিতা আৰু তেওঁৰ ৰোগগ্ৰস্থ ভায়েকৰ জীৱন যন্ত্ৰণা প্ৰতিফলিত চিঠিখনৰ বহু অংশ বৰগোহাঞিয়ে লেখাটোত তুলি দিছে৷ ভায়েক মাতৃগৰ্ভতে জণ্ডিচত সংক্ৰমিত হৈ চলন-ফুৰণ তথা বাক্শক্তিহীন হৈ পৰিছে৷ অনিন্দিতা নিজেও জণ্ডিচ বেমাৰত পৰি পৰৱৰ্তী সময়ত যকৃতৰ ৰোগ পৰ্যন্ত হয়৷ তেজ বমি, শৌচৰ লগত তেজ যোৱা, পেটত পানী জমা হৈ উলিয়াবলগীয়া হোৱা আদি বিভিন্ন সমস্যাই তেখেতৰ শৰীৰত ধৰা দিয়ে৷ মুঠতে এটা বৰ্ণনাহীন পৰিৱেশ৷– এই দুখ-দুৰ্দশাৰ কথাখিনি পঢ়ি হোমেন বৰগোহাঞিয়ে উল্লিখিত লেখাটোৰ জৰিয়তে অনিন্দিতাৰ কাৰণে কিছু ধন সংগ্ৰহ কৰিব খুজিছে৷
গ্ৰন্থখনৰ আন এটা লেখা– ‘জেচমিন আৰা আহমেদলৈ নতুন বছৰৰ প্ৰীতি-সম্ভাষণ’৷ এইটো লেখাও এখন চিঠিহে৷ চিঠিখনত ‘জেচমিন’ নামৰ এজনী ছোৱালীৰ দুৰাৰোগ্য স্নায়ৱিক ৰোগত আক্ৰান্ত হোৱা আৰু তাই বৰগোহাঞিৰ সৈতে কথা পাতিব বিচৰাৰ কাহিনী বৰ্ণিত হৈছে৷ বৰগোহাঞিয়ে চিঠিখনত জেচমিনলৈ নতুন বছৰৰ শুভেচ্চা জনাই তাইৰ মানসিক জগতখনক সমৃদ্ধ কৰিবপৰাকৈ বহুবোৰ কথা লিখিছে৷ সেইদৰে চিঠিখনত ঈশ্বৰ নামৰ ধাৰণাটোৰ প্ৰতি বৰগোহাঞিৰ তীব্ৰ প্ৰতিবাদ আৰু বিদ্বেষ প্ৰকাশ পাইছে৷ তেওঁ লিখিছে–‘‘বিভিন্ন ধৰ্মই কল্পনা কৰা ঈশ্বৰ নামৰ সত্তাটোক মই সৰ্বান্তৰকৰণেৰে ঘৃণা কৰোঁ৷ বিভিন্ন ধৰ্মৰ শাস্ত্ৰই তোমাৰ আৰু তোমাৰ নিচিনা লাখ লাখ নিষ্পাপ নিৰপৰাদ মানুহৰ অবৰ্ণনীয় নৰক-যন্ত্ৰণাৰ যি ব্যাখ্যাই নকৰক কিয়– মই তাৰ এটা শব্দকো বিশ্বাস নকৰোঁ৷ সেইদিনা গোটেই ৰাতি মই ঈশ্বৰক নিৰ্মম অভিশাপ দিলোঁ৷ ঈশ্বৰক ক’লো– তুমি কেৱল ধনীৰ ঈশ্বৰ, সুখীৰ ঈশ্বৰ, নিৰোগীৰ ঈশ্বৰ৷’’ [হৃদয়ৰ মানচিত্ৰ, পৃষ্ঠা-৮৫]
তেওঁ একেখন গ্ৰন্থতে মহাত্মা গান্ধীয়ে পশ্চিম বংগৰ এজন কংগ্ৰেছ মন্ত্ৰীলৈ লিখা এখন চিঠিৰ উদ্ধৃতি তুলি দিছে৷ চিঠিখনত গান্ধীয়ে লিখিছে– ‘তুমি আজি তোমাৰ মূৰত এটা কাঁইটৰ মুকুট পিন্ধিছা৷ ক্ষমতাৰ আসনখন বৰ লেতেৰা বস্তু৷ এই আসনত বহাৰ পিছত তুমি সদাসতৰ্ক হৈ থাকিব লাগিব৷ তুমি হ’ব লাগিব আগতকৈ বেছি সত্যবাদী, বেছি অহিংস, বেছি বিনয়ী আৰু বেছি সহিষ্ণু৷’ [হৃদয়ৰ মানচিত্ৰ, পৃষ্ঠা-১০৪]
তেখেতৰ ‘মই যেতিয়া ক্লান্ত হওঁ’ গ্ৰন্থখনতো এটা প্ৰবন্ধ চিঠিক কেন্দ্ৰ কৰি লিখিছে৷ প্ৰবন্ধটোৰ নাম ‘মঞ্জু দত্তবৰুৱাৰ চিঠি’৷ দত্তবৰুৱাই ‘মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ’ গ্ৰন্থখনৰ কথা লিখি ‘আমাৰ অসম’ত প্ৰকাশৰ বাবে এখন চিঠি লিখিছিল৷ কিন্তু বৰগোহাঞিয়ে নিজৰ কিতাপৰ বিজ্ঞাপন যেন হ’ব বুলি ভাবি সেই চিঠি ‘আমাৰ অসম’ত প্ৰকাশ নকৰিলে৷ কাৰণ তেওঁ সেই সময়ত আমাৰ অসমৰ সম্পাদক আছিল৷ চিঠিত এই প্ৰশ্ন আছিল যে– ‘‘বৰগোহাঞিয়ে ‘মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ’ত নিজৰ ব্যক্তিগত জীৱনৰ বিষয়ে যেনেদৰে স্বীকাৰোক্তি দিছে, সেই স্বীকাৰোক্তিয়ে নৱ-প্ৰজন্মৰ ওপৰত কেনেকুৱা প্ৰভাৱ পেলাব পাৰে৷’’ [মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ, পৃষ্ঠা-১৬২] এই একেটা প্ৰশ্ন পৰৱৰ্তী সময়ত লেখিকা বন্তি শেনচোৱায়ো বৰগোহাঞিক কৰিছে৷ আৰু তাৰ উত্তৰ বৰগোহাঞিয়ে কেনেদৰে দিছে– সেয়াই এই প্ৰবন্ধটোৰ মূল বিষয়বস্তু৷ বৰগোহাঞিয়ে চিঠিত সোধা একেটা প্ৰশ্নৰ উত্তৰ নাই দিয়া যদিও এই প্ৰবন্ধটোৰ জৰিয়তে সেই প্ৰশ্নৰ উত্তৰ দিছে৷
তেখেতৰ ‘মোৰ যৌৱনৰ ৰামধেনু’ গ্ৰন্থখনৰ ‘বৰষুণ’ গল্পটোত এখন চিঠি সংযোগ হৈছে৷ গল্পটোত ‘কুন্তলা’ নামৰ এজনী ছোৱালীৰ প্ৰতি গল্পকাৰৰ অনেক ভালপোৱা৷ এই ভালপোৱা অৱশ্যে কম সময়তে আৰু একপক্ষীয়ভাৱে গঢ়ি উঠা৷ বৰুৱা উপাধিৰ ব্যক্তিজন হঠাৎ এদিন কুন্তলাৰ প্ৰেমত পৰি তেওঁৰ লগত যোগাযোগ কৰিবলৈ এখন চিঠি লিখে৷ সেই চিঠিৰ উত্তৰত কুন্তলাই বৰুৱালৈ এখন চিঠি লিখে৷ সেই চিঠিখনেই গল্পটোৰ মূল কাহিনীটোক প্ৰতিনিধিত্ব কৰিছে৷ কুন্তলাই চিঠিখনৰ আৰম্ভণি কৰিছে এনেদৰে–
শ্ৰদ্ধেয় বৰুৱা,
মোৰ প্ৰিয় কোনো এজন লিখকৰ উপন্যাসৰ নায়িকাৰ মুখত শুনিছিলো এষাৰ কথাঃ ‘মোৰ জীৱনত কোনোদিন মিৰাক্ল নঘটিব৷’ কিন্তু কি আ(ৰ্য্য, মোৰ জীৱনত আজি সেই মিৰাকল ঘটিছে৷ [মোৰ যৌৱনৰ ৰামধেন, পৃষ্ঠা-৩১]
বৰগোহাঞিয়ে ‘কিতাপ জীৱনৰ সঞ্জীৱনী সুধা’ গ্ৰন্থখনত উইল ডুৰাণ্টৰ প্ৰসংগ আনি চিঠিৰ গুৰুত্ব আৰু প্ৰভাৱ সম্পৰ্কে বিশ্বৰ বৰেণ্য ব্যক্তিসকলেনো কেনেদৰে ভাৱে, সেই সম্পৰ্কে আলোচনা কৰিছে৷ বৰগোহাঞিয়ে উল্লেখ কৰা মতে– উইল ডুৰাণ্টে এটা সময়ত ‘জীৱনৰ অৰ্থ কি বা পৃথিৱীৰ দেশৰ আৰু বিভিন্ন কৰ্মক্ষেত্ৰৰ গুণী-জ্ঞানী মানুহেনো জীৱনৰ অৰ্থ কি বুলি ভাৱে বা চিন্তা কৰে সেই কথা জানিবলৈ তেওঁ চিঠি লিখিছিল৷ ডুৰাণ্টে সেই চিঠি লিখিছিল ভাৰতৰ মহাত্মা গান্ধীৰপৰা আৰম্ভ কৰি যাৱজ্জীৱন কাৰাদণ্ড পোৱা অপৰাধী, নোবেল বঁটা বিজয়ী বিজ্ঞানী, দাৰ্শনীক, সাহিত্যিক, ক্ৰীড়াবীদ, সাংবাদিক, সংগীতজ্ঞ আদিলৈ৷ এই চিঠিসমূহৰ উত্তৰত তেওঁলৈ যিবোৰ চিঠি আহিছিল, সেই চিঠিবোৰকে সাৰোগত কৰি ডুৰাণ্টে ১৯৩২ চনত এখন কিতাপ প্ৰকাশ কৰিলে৷ কিতাপখনৰ নাম– On the meaning of Life৷ [কিতাপ জীৱনৰ সঞ্জীৱনী সুধা, পৃষ্ঠা-১৯]
এই কিতাপখনৰ বিষয়ে বৰগোহাঞিয়ে গ্ৰন্থখনত সবিস্তাৰে লিখিছে৷ কিতাপখনৰ বিষয়বস্তু আৰু তাৰ স্মৃতি বৰগোহাঞিৰ অবচেতন মনত ৰৈ গৈছিল বুলিও লেখাটোত উল্লেখ কৰিছে৷ উইল ডুৰাণ্টে On the meaning of Life গ্ৰন্থখনত জীৱনৰ বিষয়ে নিজে লিখা দীঘল চিঠিখন বৰগোহাঞিয়ে অসমীয়ালৈ অনুবাদ কৰি প্ৰকাশ কৰিছে৷
পৰিশেষত ক’ব পাৰি পত্ৰক হোমেন বৰগোহাঞিয়ে তেওঁৰ সাহিত্য আৰু ব্যক্তিগত জীৱনত বিশেষ স্থান দি থৈ গৈছে৷ পত্ৰৰ মাজেৰে প্ৰকাশিত হোৱা সমাজিক-সাংস্কৃতিক-ৰাজনৈতিক বা মানৱ মনস্তত্ত্বক বিচাৰ-বিশ্লেষণ কৰি তেওঁ মানৱ জীৱনটোৰ সমস্যা আৰু সম্ভাৱনাৰ বিষয়েও আলোকপাত কৰিব বিচাৰিছে৷ সেইদৰে নতুন প্ৰজন্মটোৰ মানসিক সংঘাত, তেওঁলোকৰ কাৰ্যকলাপ, জীৱন সম্পৰ্কে তেওঁলোকৰ ধাৰণা আদি বিষয়বোৰ জানিবলৈকো তেওঁ এই চিঠিসমূহক অত্যাধিক গুৰুত্ব দিছিল৷ এই ব্যক্তিগত পত্ৰবোৰৰ মাজত তেখেতৰ লেখক জীৱনটোৰ দৰ্শন আৰু দৃষ্টিভংগীও প্ৰতিফলিত হৈছে৷ এই লেখাত বৰগোহাঞিৰ প্ৰতিখন গ্ৰন্থকে আলোচনাৰ আওতালৈ আনিবপৰা নাই৷ তেখেতৰ সামগ্ৰিক সাহিত্যৰাজি বিচাৰ-বিশ্লেষণ কৰিলে আৰু অনেক এইধৰণৰ চিঠি-পত্ৰ ওলাব৷ পৰৱৰ্তী সময়ত সেই সম্পৰ্কে আলোচনাৰ লক্ষ্য ৰখা হৈছে৷
গ্ৰন্থপঞ্জীঃ
হোমেন বৰগাহাঞিৰ গ্ৰন্থ★আত্ম দিপো ভৱ, ষ্টুডেণ্টচ্ ষ্ট’ৰচ্, গুৱাহাটী, চতুৰ্দশ সংস্কৰণ, নৱেম্বৰ, ২০১২
★মই যেতিয়া ক্লান্ত হওঁ, ষ্টুডেণ্টচ্ ষ্ট’ৰচ্, গুৱাহাটী, তৃতীয় সংস্কৰণ, ছেপ্তেম্বৰ, ২০১৩
★ধুমুহা আৰু ৰামধেনু, দ্বিতীয় খণ্ড, ষ্টুডেণ্টচ্ ষ্ট’ৰচ্, গুৱাহাটী, চতুৰ্থ সংস্কৰণ, মে’, ২০১৩
★মোৰ যৌৱনৰ ৰামধেনু, বনলতা, গুৱাহাটী, দ্বিতীয় প্ৰকাশ, ফেব্ৰুৱাৰী, ২০১৩
★আত্মানুসন্ধান, ষ্টুডেণ্টচ্ ষ্ট’ৰচ্, গুৱাহাটী, ষষ্ঠদশ সংস্কৰণ, ফেব্ৰুৱাৰী, ২০১৬
★হৃদয়ৰ মানচিত্ৰ, অসম পাৱলিচিং কোম্পানী, গুৱাহাটী, তৃতীয় সংস্কৰণ, নৱেম্বৰ, ২০১৭
অন্যান্য
★ডেকা, প্ৰসন্নকুমাৰ : প্ৰিয়তমাসু, প্ৰতিমা প্ৰকাশ, বেলতলা, গুৱাহাটী, তৃতীয় সংস্কৰণ, ২০০১
লেখাটো ২০২০ চনৰ জুলাই সংখ্যাৰ ‘সাতসৰী’ আলোচনীত প্ৰকাশিত ।
0 Comments