★ অসমৰ বৌদ্ধিক জগতখনে যদি উৎকৃষ্ট মানৰ সাহিত্য সৃষ্টিৰ লগতে নতুন প্ৰজন্মৰ এচাম পঢ়ুৱৈ সৃষ্টিতো সমানে মনোযোগ নিদিয়ে তেতিয়াহ’লে অহা কিছু বছৰৰ ভিতৰত অসমীয়া সাহিত্যৰ প্ৰতিপালন কৰা মানুহৰ সংখ্যা কমি আঙুলিৰ মূৰত গণিব পৰা হ’বগৈ৷ তথ্য প্ৰযুক্তিয়ে জন্ম দিয়া বিভিন্ন প্ৰতিযোগিতাৰ দৌৰত সাম্প্ৰতিক কালৰ আবাল-বৃদ্ধ-বনিতা ইমান বেছি লিপ্ত হৈছে যে কিতাপ পঢ়াটো বহুতৰে বাবে এতিয়া নিম্ন পৰ্যায়ৰ বিলাস বা সময়ৰ অপচয় মাথোঁ বুলি বিবেচিত হৈছে৷ কিন্তু সভ্যতাৰ শিখৰত উপনীত হোৱা মানৱ সমাজৰ ৰূপান্তৰৰ সকলো পৰ্যায়ত কিতাপে যি ভূমিকা গ্ৰহণ কৰিছে আৰু কৰাৰ সম্ভাৱনা আছে, তাৰ লগত তুলনীয় বা তাৰ সমকক্ষ দ্বিতীয় এটা বস্তু আজি পৰ্যন্ত আৱিষ্কৃত হোৱা নাই৷ এই সন্ধিক্ষণত বৌদ্ধিক জগতৰ লগত জৰিত ব্যক্তিসকলে কিতাপ পঢ়াৰ উপযোগিতা আৰু উপকাৰীতা সম্পৰ্কে কোনো মত প্ৰকাশ নকৰি উদাসীন হৈ থকাটো জাতিটোৰ বাবে যিমান ক্ষয়ঙ্কাৰী কথা হ’ব, আন কোনো কথাই সিমান ক্ষয়ঙ্কাৰী নহয়৷
অসমৰ নতুন প্ৰজন্মক কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহী কৰিবৰ বাবে আৰু কিতাপ পঢ়াৰ প্ৰয়োজনীয়তা সম্পৰ্কে উপলব্ধি কৰাবৰ বাবে অত্যন্ত আন্তৰিকতা আৰু সচেতনতাৰে আজিৰপৰা বিশ বছৰৰ আগত হোমেন বৰগোহাঞিয়ে লিখি উলিয়াইছিল তেওঁৰ প্ৰসিদ্ধ গ্ৰন্থ ‘কিতাপ পঢ়াৰ আনন্দ’৷ কেৱল কিতাপ পঢ়াৰ বিষয়ে অসমীয়া ভাষাত ইমান সুচিন্তিত গ্ৰন্থ দ্বিতীয় এখন আজিও প্ৰকাশ পোৱা নাই৷ বিশ্বৰ বিভিন্ন প্ৰান্তত হোৱা গ্ৰন্থৰ আন্দোলনসমূহৰ লগত পৰিচিত কৰাই দি অসমীয়া পঢ়ুৱৈক তেওঁ লৈ যাব খুজিছিল গ্ৰন্থৰ মহত্তম জগতলৈ৷ গ্ৰন্থখনৰ পাতনিত তেওঁ লিখিছিল, পৃথীৱীৰ অন্যান্য দেশৰ লগত সততে কোনো কথাৰ আদান প্ৰদান কৰিবলৈ ভাল নোপোৱা জাপানীসকলে এসময়ত উপলব্ধি কৰিছিল যে তেওঁলোকে সেই স্বভাৱকে সাৱটি শুই থাকোতেই বিশ্ব অনেক যোজন আগবাঢ়ি গ’ল৷ তুৰন্তে আগবাঢ়ি সেইখন বিশ্বক লগ ধৰিবলৈ হ’লে তেওঁলোকৰ সমান জ্ঞান আহৰণ কৰাৰ বাদে আন উপায় নাছিল৷ কিন্তু কেনেকৈ আহৰণ কৰিব সেই জ্ঞান? তাৰবাবে তেওঁলোকে উন্নত দেশত ৰচিত নিৰ্বাচিত কিতাপবোৰ নিজৰ ভাষালৈ অনুবাদ কৰিবলৈ আৰম্ভ কৰিলে৷ কিতাপৰ যোগেদি তেওঁলোকে কম সময়তে বিভিন্ন দেশৰ জ্ঞান বিজ্ঞানৰ বিষয়ে জানিব পাৰিলে৷ আৰু সেইদৰেই মাত্ৰ ডেৰশ বছৰৰ ভিতৰত জাপানে পৃথিৱীৰ এখন উন্নত ৰাষ্ট্ৰ হিচাপে নিজৰ স্থিতি ঘোষণা কৰিলে৷ এই উদাহৰণটোৰ যোগেদি কিতাপৰ গুৰুত্ব প্ৰতিপাদন কৰি ‘কিতাপ পঢ়াৰ আনন্দ’ গ্ৰন্থখনৰ পাতনিত হোমেন বৰগোহাঞিয়ে লিখা এইষাৰ কথা সকলো শিক্ষিত অসমীয়াই মনত ৰখা উচিত বুলি মই ভাবোঁ – ‘যিবোৰ দেশত শিক্ষিতৰ সংখ্যা আৰু কিতাপৰ প্ৰচলন আটাইতকৈ বেছি সেইবোৰ দেশেই আজি পৃথিৱীৰ ভিতৰত আটাইতকৈ উন্নত দেশ বুলি পৰিগণিত হৈছে৷ ... অসমৰ মানুহেও যদি আধুনিক জগতৰ উন্নতিৰ প্ৰতিযোগিতাত সমানে ভাগ ল’ব খোজে তেন্তে তেওঁলোকে কিতাপক ভাল পাবলৈ শিকিব লাগিব আৰু নিয়মিতভাৱে কিতাপ পঢ়াৰ অভ্যাস কৰিব লাগিব৷’ বৰগোহাঞিয়ে কুৰি বছৰৰ আগেয়ে কোৱা এই কথাষাৰৰ প্ৰাসঙ্গিকতা দিনক দিনে কিমান বাঢ়িছে তাক দোহৰাৰ নিশ্চয় আৱশ্যক নাই৷
১৯৯৩ চনত প্ৰকাশ পায় হোমেন বৰগোহাঞিৰ ‘আমাক কিতাপ লাগে’ নামৰ গ্ৰন্থখন৷ গ্ৰন্থখনৰ নাম ভূমিকাত অৱতীৰ্ণ হোৱা ‘আমাক কিতাপ লাগে’ নামৰ প্ৰবন্ধটোৰ যোগেদি তেওঁ পুনৰ অসমীয়া মানুহক কিতাপৰ গুৰুত্ব বুজাবলৈ চেষ্টা কৰিলে৷ তেওঁ লিখিলে – ‘এখন সৰু পাঠক সমাজক আশ্ৰয় কৰি সাহিত্যৰ গা-গাৰি বাঢ়িব নোৱাৰে৷ অসমীয়া সাহিত্যৰ আটাইতকৈ ডাঙৰ সমস্যা হ’ল পাঠকৰ সমস্যা৷ সমাজত শিক্ষিতৰ সংখ্যা ক্ৰমে ক্ৰমে যথেষ্ট বাঢ়িছে, কিন্তু সেই অনুপাতে কিতাপ পঢ়া মানুহৰ সংখ্যা বঢ়া নাই৷ অৰ্থাৎ কিতাপৰ নিচাই মানুহক ধৰা নাই৷’ বৰগোহাঞিৰ এই কথাষাৰো অপ্ৰাসঙ্গিক হৈ যোৱা নাই৷ মোৰ ভাৱ হয় তাৰ পৰিৱৰ্তে দিনক দিনে কথাষাৰ অধিক প্ৰাসঙ্গিক হৈ নিজকে ‘শিক্ষিত’ আৰু ডাঙৰ মানুহ বুলাই ফুৰা মানুহবোৰক কথাষাৰে দিনৰ পাছত দিন তাচ্ছিল্য কৰি আছে৷ অৰ্থাৎ কিতাপ পঢ়া অসমীয়া মানুহৰ সংখ্যা বাঢ়ক চাৰি কমিবলৈহে লৈহে৷
আমাৰ এটা সাধাৰণ অজুহাত হ’ল যে কিতাপ পঢ়িবলৈ আমাৰ সময় নাই৷ ‘সময় নাই’ বুলি নিজক আৰু আনকো পতিয়ন নিয়াই বৰ মানুহৰ আসন বিচৰা অসমীয়াসকলক উদ্দেশ্যি হোমেন বৰগোঞিয়ে তিনি কি চাৰি বছৰৰ আগত ‘অসমীয়া প্ৰতিদিন’ কাকতৰ ‘তাৎক্ষণিক’ নামৰ শিতানটোত এটা আলোড়নকাৰী লেখা লিখিছিল যিটো মই মোৰ আটাইতকৈ প্ৰয়োজনীয় নথি ৰখা ফাইলটোত থৈহে আনন্দ পাওঁ৷ ‘কিতাপ পঢ়িবলৈ সময় নাই?’ শীৰ্ষক উক্ত নাতিদীৰ্ঘ লেখাটোত বৰগোহাঞিয়ে কোৱা কিছু কথা উদ্ধৃত কৰিবলৈ মই আনন্দ পাম, যথা – ‘কিতাপ পঢ়িবলৈ আপোনাৰ সময় নাই? হ’ব পাৰে, আপুনি এজন অতি ব্যস্ত মানুহ৷ আপুনি নি(য় উইনষ্টন চাৰ্চিলতকৈয়ো বেছি ব্যস্ত মানুহ৷ প্ৰথম বিশ্বযুদ্ধৰ সময়ত চাৰ্চিল আছিল লৰ্ড অব্ এডমিৰেলটি৷ লয়ড জৰ্জৰ প্ৰধানমন্ত্ৰিত্বৰ সময়ত তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী আছিল৷ ১৯২৪ চনৰ পৰা ১৯২৯ চনলৈকে তেওঁ আছিল গ্ৰেট ব্ৰিটেইনৰ বিত্তমন্ত্ৰী৷ দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ প্ৰায় এবছৰৰ পিছতে তেওঁ হ’ব লগা হ’ল যুদ্ধবিধবস্ত গ্ৰেট ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী৷ যুদ্ধ পৰিচালনা কৰাৰ সময়ত তেওঁ গড় হিচাপে দিনে ওঠৰ ঘণ্টাকৈ কাম কৰিব লগা হৈছিল৷ হিটলাৰৰ নাৎসী জাৰ্মানীক পৰাস্ত কৰাৰ কামত সামৰিক শক্তিয়ে যিমান ভূমিকা লৈছিল, প্ৰায় তাৰ সমানেই গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল তেওঁৰ অসাধাৰণ বাগ্মিতাই, তেওঁৰ সযত্ন চয়িত শক্তিশালী শব্দ বাহিনীয়ে৷ লৰ্ড বাৰ্কেনহেডে লিখি থৈ যোৱা মতে চাৰ্চিলে জীৱনৰ বেছিভাগ সময় ব্যয় কৰিছিল তেওঁৰ বক্তৃতাবোৰ লেখাৰ কামত৷ (He mobilized the English language and sent it into battle to steady his fellow countrymen and hearten those Europeans upon whom the long dark night of tyranny had descended–Ed Murrow)
কিন্তু গোটেই জীৱন যুদ্ধ বিগ্ৰহত ব্যস্ত হৈ থকা মানুহজনে পঢ়িবলৈ এনেকৈয়ে সময় উলিয়াব পাৰিছিল যে অন্যান্য বহুতো কিতাপ লিখাৰ উপৰি তেওঁ লিখিছিল The History of the English speaking People নামৰ বিশাল কিতাপখন–যিখন কিতাপৰ কাৰণে তেওঁ ১৯৫৩ চনত পাইছিল সাহিত্যৰ নোবেল পুৰস্কাৰ৷
আপোনাৰ কিতাপ পঢ়িবলৈ সময় নাই, কাৰণ আপুনি উইনষ্টন চাৰ্চিলতকৈয়ো বেছি ব্যস্ত মানুহ৷
জৱাহৰলাল নেহৰুৱে কাৰাগাৰত থকা সময়ত লিখিছিল ‘বিশ্ব-ইতিহাসত এভুমুকি’ আৰু ‘ভাৰত আৱিস্কাৰ’ ইত্যাদি বিশাল জ্ঞানগৰ্ভ কিতাপবোৰ৷ কিন্তু তেওঁ যদি ৰাজনৈতিক জীৱনৰ সীমাহীন ব্যস্ততাৰ মাজতো ঢৌতে খৰ মাৰি অসংখ্য কিতাপ নপঢ়িলেহেঁতেন, তেন্তে ভাৰতৰ লগতে সমগ্ৰ বিশ্বৰ ইতিহাস মন্থন কৰি এনেকুৱা পাণ্ডিত্যপূৰ্ণ কিতাপ লিখাটো তেওঁৰ পক্ষে সম্ভৱ হ’লহেঁতেননে? ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত তেওঁ কিজানি উশাহ ল’বলৈকো সময় উলিয়াব পৰা নাছিল৷ কিন্তু তেতিয়াও যে তেওঁ কিতাপৰ পৰাই জীৱনৰ সঞ্জীৱনী সুধা আহৰণ কৰিছিল তাৰ প্ৰমাণ তেওঁ অফিচৰ টেবুলত অন্যমনস্কভাবে লিখা ৰবাৰ্ট ফ্ৰষ্টৰ কবিতাৰ অমৰ পংক্তি: I have promises to keep/and I have miles and miles to go/before I sleep ৷ ফ্ৰষ্টে এই কবিতাটো কেতিয়াবাই লিখিছিল, কিন্তু ভাৰতত সি এটা পটন্তৰৰ নিচিনাকৈ মানুহৰ মুখে মুখে বাগৰি পৰিল সেই কবিতাটো জৱাহৰলাল নেহৰুৰ এটা প্ৰিয় কবিতা বুলি জনাজনি পিছতহে৷
কিতাপ পঢ়িবলৈ আপোনাৰ সময় নাই, কাৰণ আপুনি জৱাহৰলাল নেহৰুতকৈও ব্যস্ত মানুহ৷
অথবা আপুনি কিতাপ নপঢ়াৰ এইটোও এটা কাৰণ হ’ব পাৰে যে আপুনি এজন খুব ধনী মানুহ৷ কিতাপ কেৱল নিম্ন মধ্যবিত্ত বিলাস৷ জীৱনৰ ভোগৰ উপকৰণবোৰ কিনিবলৈ যিবোৰ মানুহৰ আৰ্থিক সামৰ্থ নাই কেৱল সেইবোৰ মানুহেহে মৌৰ অভাৱত গুড় খোৱাৰ দৰে কিতাপ পঢ়িয়েই সন্তুষ্ট হৈ থাকিবলগা হয়৷ ধনী মানুহৰ পক্ষে কিতাপ পঢ়া শোভা নাপায়৷’
লেখাটোত হোমেন বৰগোহাঞিয়ে আমেৰিকাৰ ধনী মানুহবোৰৰ কথা কৈছে, যিবোৰ মানুহে মহৎ গ্ৰন্থ নিৰ্বাচনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল৷ আনকি সেই ধনী মানুহবোৰে আমেৰিকাত গ্ৰন্থৰ এক আন্দোলনৰ জন্ম দিছিল৷ সেই ধনী মানুহবোৰৰ লগত অসমৰ ধনী মানুহবোৰক তুলনা কৰি বৰগোহাঞিয়ে লেখাটোৰ শেষত কোৱা কথাষাৰ প্ৰত্যেকজন অসমীয়াই মৰ্মে মৰ্মে উপলব্ধি কৰাৰ সময় উকলি যোৱাৰ উপক্ৰম হৈছে বুলি আমি অনুভৱ কৰোঁ৷ কথাষাৰ হ’ল এনে – ‘যিখন দেশৰ ধনী মানুহবোৰো ইমান বিদ্যানুৰাগী সেইখন দেশৰ উন্নতি নহৈ আপোনাৰ অসম দেশৰ উন্নতি হ’ব নেকি–যিখন অসমত ডকা-হকা দি ধন ঘটা মানুহেও যিকোনো উৎসৱৰ অজুহাতত ৰাতিটোৰ ভিতৰতে মদৰ কাৰণে খৰচ কৰে এক কোটি টকা, প্ৰতিমাহে ৰেষ্টুৰেণ্টত খাবলৈ খৰচ কৰে চাৰি কোটি টকা, কিন্তু এখন কিতাপৰ কাৰণে পঞ্চাশ টকা খৰচ কৰিব লগা হ’লে তেওঁলোকে মৰাৰ সমান সন্তাপ পায়?’
কথাষাৰ আমাৰ চৌপাশত নিতৌ কিমান বাৰ সঁচা বুলি প্ৰমানিত হৈছে, উল্লেখ কৰাৰ নিশ্চয় আৱশ্যক নাই?
©Arabinda Rajkhowa , North Lakhimpur College
0 Comments