টোকোৰা বাহৰ এডোখৰ কুটা; ট্ৰেপিজৰ খেলুৱৈ আৰু বৰগোহাঞিৰ এখন চিঠি

* "মই এটা কবিতা লিখিছিলোঁ
সত্যসন্ধ হোমেনৰ লগত কথা পাতিব খুজিছিলোঁ
পৱিত্র মেৰীৰ লিলি ফুলপাহিৰ
কিন্তু সকলো আবদ্ধ থাকিল সৰিয়হ ফুল আৰু
মোৰ নেদেখা মিচিং কনেঙৰ কলাফুলতে
মই বহুৱালি কৰি থাকোঁতেই হোমেনে দেখুৱাই গ'ল―
কি বিচিত্র ট্ৰেপিজ!
ট্ৰেপিজৰ বিচিত্র খেলা দেখুৱাই গ'ল হোমেনে। ট্ৰেপিজৰ খেলা বৰ সাধাৰণ খেলা নহয়! তাত দেহৰ ভাৰসাম্য, গতিৰ ক্ষিপ্রতাৰ উপৰিও থাকে মনৰ সক্রিয়তা৷ আধুনিক চার্কাছত ট্ৰেপিজৰ খেলাত পৰিলে হানি নহয়, কাৰণ তলত এখন জাল পতা থাকে৷ মাথোন তলত পৰা ট্ৰেপিজৰ খেলুৱৈজন হৈ পৰে বহুৱা― চার্কাছৰ ক্লাউন৷ হোমেনে নিজকে ৰক্ষা কৰিব জানে৷"
জীৱদ্দশাত নৱকান্ত বৰুৱাই লিখি থৈ যোৱা এইলানি বাক্যই হোমেন বৰগোহাঞিদেৱৰ বিষয়ে এসময়ত আমাক বাৰুকৈয়ে অনুসন্ধিৎসু কৰি তুলিছিল হোমেন বৰগোহাঞিয়েনো ট্ৰেপিজৰ কি চমৎকাৰ খেলা দেখুৱাব জানে? অভিযান আৰম্ভ হৈছিল মানুহজনক জনাৰ, মানুহজনক বুজাৰ― মাধ্যম আছিল তেওঁৰ বহুমূলীয়া গ্রন্থৰাজি আৰু কাকত–আলোচনীৰ লেখাসমূহ৷
গুৱাহাটীলৈ অহাৰ পিছতে কেইবাবাৰো গুৱাহাটীৰ হেঙেৰাবাৰীৰ হাউছিং কলনীৰ ঘৰটোলৈও গৈছিলোঁ মানুহজনক এবাৰ কেনেবাকৈ লগ পাব পাৰোঁ নেকি বুলি৷ কিন্তু নাকৰ পোনলৈ দৃষ্টি ৰাখি, কাণে-বাৰে কাকো নোচোৱাকৈ সান্ধ্য ভ্রমণত ওলাই যোৱা মানুহজনক দেখি মাত দিবলৈ সাহসে নুকুলাইছিল৷ সেয়া আজিৰ পৰা বিশ-একৈশ বছৰৰ আগৰ কথা, যি সময়ত নেকি সাউদৰ পুতেকে মেলা নাৱে আমাৰ মন-মগজুকো টুলুং-ভুটুং কৰি ৰাখিছিল৷ পিতা-পুত্রৰ মননশীলতাৰে আমিও সেই সময়ত আত্মানুসন্ধানী দৃষ্টি আগত লৈ জীৱনৰ স্বপ্ন–স্মৃতি–বাস্তৱ মুখামুখি হৈছিলোঁ৷ 'দৈনিক অসম'ৰ তেতিয়াৰ সম্পাদক শ্রীযুত অনিল বৰুৱা দাদাৰ ঘৰলৈ গ'লে নতুবা হেঙেৰাবাৰীলৈ আন কামত গ'লেও কেতিয়াবা মানুহজনৰ সৈতে ভেটাভেটি হওঁ, কিন্তু মাতিবলৈ সাহস নহয়৷ উপযাচি মাতিলেও জানোচা উত্তৰ নাপাওঁ!
১৯৯৪ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত উত্তৰ-পূব ভূগোল বিজ্ঞান সংস্থাৰ ৰূপালী জয়ন্তী সমাৰোহ অনুষ্ঠিত হৈছিল৷ তেজপুৰৰ দৰং মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ দ্বিতীয় বর্ষৰ ছাত্র প্রতিনিধি হিচাপে সমাৰোহত ভাগ ল'বলৈ আহি হোমেন বৰগোহাঞিদেৱক সর্বপ্রথম সোঁশৰীৰে লগ পোৱাৰ সুযোগ পাইছিলোঁ৷ তেখেতৰ অন্তৰংগ বন্ধু মহম্মদ তাহেৰ ছাৰ আৰু শ্ৰদ্ধাৰ অৱনী ভাগৱতী ছাৰ আছিল সমাৰোহৰ অন্যতম উদ্যোক্তা। তাতেই যোৰহাটৰ অভিনৱ (ৰে'ল) মহন্ত ছাৰকো লগ পাইছিলোঁ। বৰগোহাঞিদেৱৰ অনুৰাগী হিচাপে সেইদিনাই জজ খেলপথাৰত অনুষ্ঠিত হৈ থকা গুৱাহাটী গ্রন্থমেলা চাবলৈ আহি "শ্রীকৃষ্ণ গীতা" এখন কিনি আৰম্ভণি পৃষ্ঠাতে লিখি থ'লোঁ "হোমেন বৰগোহাঞি ছাৰক লগ পোৱাৰ চিনস্বৰূপে আজি এই কিতাপখন কিনিলোঁ৷"
সেয়া আছিল প্রথম দর্শনৰ গুৰিকথা৷
১৯৯৫ চনত গুৱাহাটীলৈ আহি পোনতে বুৰঞ্জীবিদ বেণুধৰ শর্মাদেৱৰ বৰপুত্র অধ্যাপক অজিতকুমাৰ শর্মাদেৱৰ ঘৰৰ সদস্যৰূপে গুৱাহটীয়া হোৱাৰ পিছত সাহিত্যিক–সাংবাদিক হোমেন বৰগোহাঞিদেৱৰ বিষয়ে আগেয়ে নজনা বহু কথাই জনাৰ সুযোগ পালোঁ৷ পোনপটীয়া সান্নিধ্য আৰু সংসর্গতাৰ অভাৱতে মানুহজনক তেখেতৰ সাহিত্যকর্মৰ মাজতে বিচাৰোঁ, লেখাৰ মাজতে তেওঁৰ মনোজগত চলাথ কৰোঁ আৰু সৃষ্টিৰাজিৰ চিৰন্তন প্রেৰণাত প্রবুদ্ধ হোৱাৰ প্রয়াস কৰোঁ৷
হোমেন বৰগোহাঞিদেৱক সোঁশৰীৰে লগ ধৰি আষাৰচেৰেক কথা পাতিবলৈ, ভাব বিনিময় কৰিবলৈ সুযোগ আৰু সুবিধা কৰিব নোৱৰাৰ কথাটোৱে সেই সময়ত তেখেতক সুকীয়াকৈ জনাৰ আন এক সুবিধাও আনি আমাৰ আগত হাজিৰ কৰালে যিটো সুবিধা পোৱা গৈছিল এটা "টোকোৰা চৰাইৰ বাহ"ৰ পৰা৷ কুৰি শতিকাৰ আৰম্ভণিৰে পৰা শতিকাটোৰ সত্তৰৰ দশকলৈকে স্বনামধন্য বুৰঞ্জীবিদ বেণুধৰ শর্মাই এগছি এগছিকৈ গোটোৱা অসংখ্য মূল্যৱান খেৰ–কুটাৰে এই বাহটো পৰিপূর্ণ হৈ আছিল৷ বেণুধৰ শর্মাদেৱ আৰু তেওঁৰ পুত্র অজিতকুমাৰ শর্মাদেৱ ঢুকোৱাৰো বহু পিছলৈকে অক্ষত অৱস্থাতে থকা এই টোকোৰা বাহটো লিৰিকি–বিদাৰি যেতিয়া হোমেন বৰগোহাঞিকো তাতে আৱিষ্কাৰ কৰিছিলোঁ, তেতিয়াই আমাৰ মন বুজাব নোৱৰা আনন্দেৰে পৰিপূর্ণ হৈ পৰিছিল৷
বিশ্বৰ চুকে–কোণে জনপ্রিয় হৈ পৰা ইণ্ঢাৰনেট, ই–মেইল, মোবাইল ফোনৰ দ্রুততৰ ক্রমোন্নতিৰ ফলত বিপর্যস্ত হৈ পৰা চিঠি–পত্র লেখা আৰু পঢ়াৰ সংস্কৃতি একালত যে কিমান জনপ্রিয় আৰু প্রয়োজনীয় উপকৰণ আছিল, সেয়া আজিৰ প্রজন্মৰ বাবে যেন চিন্তা আৰু বিবেচনাৰ বহির্ভূত বিষয়৷ চিঠি–পত্রসমূহো যে সাহিত্যৰ উৎকৃষ্ট সমল হব পাৰে, সেই কথা আজি বিশ্ববাসীয়ে পাহৰি পেলোৱাৰে উপক্রম হৈছে৷
চিঠি লেখাৰ আৰু পঢ়াৰ মোহনীয়তাক জাতীয় সাহিত্যৰ অনন্যোপম সম্পদৰূপে প্রতিষ্ঠাপিত কৰিয়েই পণ্ডিত জৱাহৰলাল নেহৰুৱে 'লেটার্ছ টু এ ডটাৰ', সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই 'পত্রলেখা', বেণুধৰ শর্মাই 'টোকোৰা বাহৰ কুটা' যুগুতাই প্রকাশ কৰিছিল৷ সম্প্ৰতি কবিবৰেষু নীলমণি ফুকনদেৱে তেনে এখনি পত্ৰসাহিত্যৰ গ্ৰন্থ যুগতাই আছে।
পদ্মভূষণ সন্মানপ্রাপক বেণুধৰ শর্মাদেৱৰ মৃত্যুৰ পিছত তেওঁৰ সুযোগ্য পুত্র অজিতকুমাৰ শর্মাৰ সজ প্রচেষ্টাত "টোকোৰা বাহৰ কুটা" নামৰ বিশেষ গ্রন্থখন প্রকাশ পাইছিল৷ এই গ্রন্থখনত বেণুধৰ শর্মাদেৱলৈ অসম, ভাৰত তথা বিশ্বৰ আন আন দেশৰ খ্যাত–অখ্যাত অনেক লোকে দিয়া চিঠি আৰু আন দৰকাৰী তথ্য হুবহু সংকলিত হৈছে৷
বেণুধৰ শর্মাই সাহিত্য-ঐতিহ্যৰ সোণালী সূতাৰে গাঁথি থৈ যোৱা কুটাসমূহৰ এটি নগণ্য অংশহে গ্রন্থৰ আকাৰত প্রকাশ হ'ল যদিও সর্বাধিক অংশ অজিতকুমাৰ শর্মাৰ পুৰণিকলীয়া সাঁচনি পেৰাত অপ্রকাশিত অৱস্থাতে ৰৈ গ'ল৷ সময়ৰ আঁচোৰত সেয়াও এতিয়া দুষ্প্রাপ্য সমললৈ ৰূপান্তৰিত হ'ল৷
১৯৬৮ চনতে তেৰ বছৰীয়া চৰকাৰী চাকৰি জীৱন এৰি হোমেন বৰগোহাঞিয়ে প্রত্যক্ষভাৱে সাংবাদিকতাত মূৰ গুঁজিছিল৷ এয়া আছিল একপ্রকাৰৰ মৰসাহ৷ কাৰণ সেই সময়ছোৱাত অসমত কাকত-আলোচনীৰ গতি কচুপাতৰ পানীৰ দৰেই― খনে খনে ওলায়, ঘনে ঘনে মৰে৷ তেনে পৰিস্থিতিত চৰকাৰী চাকৰিৰ মায়া–মোহ জলাঞ্জলি দি নিঃকিন সাংবাদিকৰূপে জীৱিকা নির্বাহ কৰিবলৈ মৰসাহ কৰাটো প্রকৃতপক্ষে চেলেঞ্জৰ বাদে আন একো নহয়৷
সি যি কি নহওক, 'সাপ্তাহিক নীলাচল'ৰ জৰিয়তে বৰগোহাঞিয়ে অসমীয়া সাংবাদিকতাক এটা নতুন সংজ্ঞাৰ অন্তর্ভুক্ত কৰিছিল৷ কিন্তু তাকে কৰিবলৈ যাওঁতে তেখেতে যি মানসিক শ্রম আৰু দৈহিক কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছিল, সেয়া আঁৰ কাপোৰৰ ভিতৰৰ বিষয় হৈয়ে ৰৈ গ'ল৷ বহুত বছৰৰ পিছত ড০ ৰণজিৎ সভাপণ্ডিতে তাৰে কিছুসংখ্যক উদ্ঘাটন কৰি এখন গ্রন্থ প্রণয়ন কৰি 'নীলাচল যুগ'ক সাহিত্য ক্ষেত্রত সুপ্রতিষ্ঠা কৰিছে৷ তেতিয়া বৰগোহাঞিদেৱে প্রতিষ্ঠিত আৰু বিজ্ঞ লেখকক খাটিৰ–খোচামতি কৰি বিবিধ বিষয়ৰ লেখা আনি, তৰুণ চামৰ লেখকৰ উৎকৃষ্ট লেখা বাছি কাকতখন উলিয়াবলৈ অশেষ ধৈর্যৰ পৰীক্ষাত অৱতীর্ণ হৈছিল৷ বিজ্ঞ লেখকক নেৰোপানিকৈ ধৰি খাটিৰ কৰোঁতে বতৰ চাই কঠীয়া পৰাৰ বিষয়টোও জডিত হৈ আছিল৷ অর্থাৎ কাক কেনেকৈ অনুৰোধ কৰিব বা অনুগৃহীত কৰিব লাগে, সেই কথালৈও বাৰুকৈয়ে চকু দিব লাগিছিল৷ অধ্যয়নপুষ্ট ব্যক্তি বৰগোহাঞিদেৱ আছিল এইক্ষেত্রত সিদ্ধহস্ত৷ সেইগুণেই হয়তো অসমীয়া সাহিত্য-সাংবাদিকতাৰ একনিষ্ঠ সেৱক হিচাপে তেখেত জিলিকি উঠিছিল৷ অসমীয়া সাহিত্যৰ বিশাল পথাৰখনলৈ আমাৰ কাষৰীয়া পাহাৰীয়া সাহিত্যসেৱীসকলক আদৰি অনাৰ ক্ষেত্রত বৰগোহাঞিদেৱৰ ভূমিকা আছিল বীৰেন্দ্রকুমাৰ ভট্টাচার্যদেৱৰ পিছতে৷ ভট্টাচার্যদেৱে ৰামধেনুৰ জৰিয়তে লুম্মেৰ দাই, টাগাং টাকি, তালম ৰুকব', টিয়েল ৰাজকুমাৰ আদি বৰেণ্য অৰুণাচলী লেখকসকলক আৱিষ্কাৰ কৰাৰ দৰেই বৰগোহাঞিয়েও এটি সজ প্রচেষ্টা হাতত লৈছিল৷ তাৰেই ফচল হিচাপে যোৱা শতিকাৰ সত্তৰৰ দশকৰ আগভাগত কটন কলেজত পঢ়ি থকা তেতিয়াৰ অখ্যাত (কিন্তু এতিয়া প্ৰখ্যাত) অৰুণাচলী ছাত্র য়েছে দৰজে ঠংচিৰ বিৰল প্রতিভাৰ অনুসন্ধান কৰি হোষ্টেলতে তেওঁক লগ ধৰি হোমেন বৰগোহাঞিয়ে উপন্যাস লিখিবলৈ বাধ্য কৰাইছিল৷
সেয়া যিয়েই নহওক, বেণুধৰ শর্মাৰ টোকোৰা বাহত বহুদিনলৈ অক্ষত অৱস্থাত থকা এটি অমৃতোপম কুটা ইয়াতে সন্নিৱিষ্ট কৰিব খুজিছোঁ৷ বৰগোহাঞি মানুহজনৰ আত্মদর্শন, জ্যেষ্ঠজনৰ প্রতি শ্রদ্ধাশীলতা, কম কথাৰে বিস্তৰ প্রকাশ কৰাৰ কৌশল, উচিত প্রতিভা থকাজনৰ পৰা উপযুক্ত সৃষ্টি আদায় কৰাৰ অকুণ্ঠ হাবিয়াস আৰু কিটিপ তথা সমাজদায়বদ্ধ সাংবাদিক হিচাপে অসমীয়া সাংবাদিকতাৰ পথাৰখনত খোজ পেলোৱাৰ আদি কালডোখৰৰ এখন সুস্পষ্ট ছবিকে ধৰি কেইবাটাও উল্লেখযোগ্য দিশ টোকোৰা বাহৰ এই কুটাগছিত অন্তর্নিহিত হৈ আছে৷ বেণুধৰ শর্মদেৱৰ প্রকাশিত গ্রন্থ "টোকোৰা বাহৰ কুটা"ত অন্তর্ভুক্ত নোহোৱা হোমেন বৰগোহাঞিদেৱৰ চিঠিখন তলত হুবহু ৰূপত উদ্ধৃত কৰা হ'ল―
"পূজ্যবৰেষু,
অজিতদাৰ মুখতে শুনিব যে মই প্রায় তেৰ বছৰ চৰকাৰী চাকৰি কৰি এতিয়া এখন সাপ্তাহিক আলোচনীৰ সম্পাদক হ'বৰ মনেৰে চাকৰি এৰিছোঁ৷ অসমীয়া আলোচনীৰ ইনফেণ্ট মর্টেলিটীৰ হাৰ অতি বেছি বুলি জানিও সমাজৰ সেৱা কৰাৰ অদম্য প্রেৰণাত মৰসাহ কৰি এই কামলৈ আগবাঢ়িছোঁ৷ গতিকে মোক আপোনাৰ আশীর্বাদ লাগে৷ পিছে আটাইতকৈ ডাঙৰ আশীর্বাদ হব যদিহে আপুনি মাজে-মধ্যে মোৰ কাকতলৈ আপোনাৰ বহুমূলীয়া ৰচনা দি মোক সহায় কৰে৷ মই আপোনাক অসমৰ সর্বশ্রেষ্ঠ বুৰঞ্জীবিদ আৰু জীৱন চৰিতকাৰ বুলি ভাবোঁ৷ আপুনি "অর্ঘাৱলী"ত সন্নিৱিষ্ট কৰা প্রবন্ধমালাৰ দৰে আৰু এলানি স্মৃতিচিত্র লিখিলে সি আমাৰ সাহিত্যৰ আপুৰুগীয়া সম্পদ হৈ ৰ'ব৷ অহা এবছৰৰ ভিতৰত আপুনি মোৰ কাকতৰ কাৰণে তেনেকুৱা ছটা স্মৃতিচিত্র (প'ট্ৰেইট ফ্রম মেমৰী) লিখি দিব বুলি পৰম আশা কৰি ৰ'লোঁ৷ লিখি নিদিলে আপুনি মোৰ পৰা বহুতো অত্যাচাৰ সহিব লাগিব৷ সদ্যহতে কিন্তু মোক বেলেগ এটা প্রবন্ধ সোনকালে লাগে৷ আপুনি গোটেই জীৱন ভূ–ভাৰস্তত অসমীয়া জাতিৰ সুকীয়া জীৱনধাৰা, সুকীয়া মনুষ্যত্বৰ সাধনা আৰু সুকীয়া ঐতিহাসিক ভূমিকা অধ্যয়ন কৰি কটালে৷ জীৱিত লোকসকলৰ ভিতৰত অসমীয়াৰ জাতীয় চৰিত্র বা অসমীয়া মানুহৰ নাড়ী–নক্ষত্র আপোনাতকৈ আন কোনেও ভালকৈ নাজানে৷ গতিকে আপুনি এজন অসমীয়া মানুহৰো চানেকি (পট্টেইট অব এ টিপিকেল আছামিজ) এই শিতানত এটা দীঘলীয়া প্রবন্ধ লিখি জুলাই মাহৰ ভিতৰত মোৰ হাতত পৰাকৈ পঠিয়াব বুলি পৰম আশা কৰিলোঁ৷ মই আপোনাৰ পৰা আশীর্বাদ বিচাৰিছিলোঁ, আপুনি মোক এই প্রবন্ধটো আশীর্বাদী হিচাপে দিব লাগিব৷ মোৰ ইচ্ছা যে এই দীঘলীয়া প্রবন্ধত এজন টিপিকেল অসমীয়া মানুহৰ দৈহিক গঠন, সাজপাৰ, ভোজন ৰুচি, মানসিক প্রকৃতি, ধর্মীয় দৃষ্টিভংগী, জীৱন সম্বন্ধে ধাৰণা, স্বভাৱ, পার্থিৱ আৰু অপার্থিৱ আশা-আকাংক্ষা এই সকলোখিনি খৰচি মাৰি লিখি এখন সম্পূর্ণ চিত্র ফুটাই তুলিব৷ আপোনাৰ অনুপম, অননুকৰণীয় ভাষাত এই চিত্র যে সকলোৰে হৃদয় হৰণকাৰী হৈ উঠিব, সেই কথা ক'লে আপুনি নিশ্চয় তোষামোদ কৰা বুলি নাভাবিব৷ এই প্রবন্ধৰ উপযুক্ত মূল্য দিবলৈ আমাৰ স্পর্ধা আৰু সামর্থ্য এটাও নাই৷ তথাপি আমি যি পাৰোঁ প্রণামী নিষ্চয় আগবঢ়াম৷ এষাৰিমান বাক্যৰে হ'লেও আপোনাৰ পৰা এটা উত্তৰ পালে বৰ সন্তোষ পাম৷ আমাৰ সেৱা ল'ব৷ ইতি―
আপোনাৰ
হোমেন বৰগোহাঞি
পহিলা মে', ১৯৬৮"
বৰগোহাঞিদেৱৰ অহর্নিশ অত্যাচাৰৰ ফলতে বেণুধৰ শর্মাৰ আত্মজীৱনী "মজিয়াৰ পৰা মেজলৈ"খনৰ জন্ম হৈছিল৷ বুৰঞ্জীৰ বিতচকু শর্মাদেৱৰ জীৱনৰ আগছোৱা আৰু মাজছোৱাৰ অলেখ কাহিনী "সাপ্তাহিক নীলাচল"ৰ পাততে বিস্তাৰিতভাৱে প্রকাশ পাইছিল৷ বৰগোহাঞিৰ অত্যাচাৰৰ কোব এছাটি বেণুধৰ শর্মাৰ বৰপুত্র ছচিয়েলিষ্ট সাংসদ অজিতকুমাৰ শর্মালৈও প্রসাৰিত হৈছিল৷ যাৰ ফলত "অজাতশত্রু" ছদ্মনাম ধাৰণ কৰি অজিতকুমাৰ শর্মায়ো "নীলাচল" আৰু পিছলৈ "সূত্রধাৰ"ত ভালেসংখ্যক সময়োপযোগী প্রবন্ধ লিখিছিল৷
ঊনানব্বৈ বছৰীয়া সুদীর্ঘ জীৱন পৰিক্রমাত "চিঞাহী নুশুকোৱা" কলমেৰে ট্ৰেপিজৰ বিচিত্র খেলা দেখুৱাই যোৱা হোমেন বৰগোহাঞিদেৱক ২০০৫ চনমানৰ পৰা মই ঘনিষ্ঠভাৱে লগ পাইছিলোঁ৷ সেই সূত্রেই মই পাণবজাৰৰ জ্যোতি প্রকাশনত কর্মৰত অৱস্থাত ২০০৬ চনত ছাৰৰ এখন গ্রন্থ জ্যোতি প্রকাশনৰ পৰা প্রকাশ কৰিছিলোঁ৷ বৰগোহাঞিদেৱ আছিল পাণবজাৰৰে ষ্টুডেণ্টচ্ ষ্টৰ্চৰ নিয়মীয়া লেখক৷ ১৯৮৭ চনৰ পৰা তেখেতে যি লিখিছে কেৱল ষ্টুডেণ্টচ্ ষ্টৰ্চৰ জৰিয়তেই প্রকাশ পাই আহিছে৷ কিন্তু মোৰ অনুৰোধ ৰক্ষা কৰি তেখেতে জ্যোতি প্রকাশনৰ পৰা প্রকাশ কৰিবলৈ এখন গ্রন্থ আগবঢ়াইছিল, যিখনৰ নাম "হৃদয়ৰ সংবাদ"৷ মোৰে সৌভাগ্য যে গ্রন্থখনৰ বেটুপাতৰ পৰা আৰম্ভ কৰি অভ্যন্তৰৰ সমস্ত কাম বৰগোহাঞিদেৱৰ মনঃপুত হোৱাকৈ ময়ে কৰি দিছিলোঁ৷ সমসাময়িকভাৱেই "বৰগোহাঞি পৰিয়ালৰ সাহিত্য" নামেৰে আন এখন ব্যতিক্রমধর্মী কিতাপো জ্যোতি প্রকাশনৰ পৰা মোৰ সম্পাদনাত প্রকাশ পাইছিল৷ হোমেন বৰগোহাঞি, নিৰুপমা বৰগোহাঞি আৰু তেওঁলোকৰ দুই সুযোগ্য পুত্র অনিন্দ্য বৰগোহাঞি আৰু প্রদীপ্ত বৰগোহাঞিৰ বিবিধ বিষয়ৰ লেখা সংকলিত কৰি কিতাপখন প্রকাশ কৰা হৈছিল৷ অৱশ্যে এইখন কিতাপৰ ক্ষেত্ৰত শ্ৰদ্ধাৰ বাইদেউ নিৰুপমা বৰগোহাঞিৰ সহায় আছিল অনস্বীকাৰ্য। পিছলৈ ষ্টুডেণ্টচ্ ষ্টৰ্চৰ জৰিয়তে পুনৰ মুদ্রিত হোৱা এই "বৰগোহাঞি পৰিয়ালৰ সাহিত্য"ৰ জৰিয়তে পৰিয়ালটো মানসিকভাৱে যে ঐক্যবদ্ধ সেই কথা জাতীয় জীৱনত সবল ৰূপত প্রতিষ্ঠা কৰা হৈছিল৷

©Bikashjyoti Boruah
bikashjyotiboruah383@gmail.com 

Post a Comment

0 Comments