* অসমীয়া সমাজে নাৰীৰ বিষয়ে কি ধাৰণা পোষণ কৰে সেই বিষয়ে অধ্যয়ন আৰু আলোকপাত কৰাতকৈ অসমীয়া নাৰীয়ে অসমীয়া সমাজখনৰ বিষয়ে বা সামগ্ৰিকভাৱে অসমৰ বিষয়ে কি ধাৰণা পোষণ কৰে; সেইয়া বিচাৰ কৰাতোহে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু সময়োপযোগী কৰ্ম৷ অসমীয়া সমাজ আৰু সংস্কৃতি নিৰ্মাণৰ প্ৰস্তুতি পৰ্বৰ পৰা আৰম্ভ কৰি সাম্প্ৰতিক সময়ৰ উত্তৰ আধুনিক দৃষ্টিভঙ্গীৰে সমাজ, সভ্যতা পৰ্যালোচনা কৰাৰ সময়লৈকে; এই দীৰ্ঘ সময়ছোৱাত অসমীয়া নাৰীৰ যি ত্যাগ, কষ্ট, আদৰ্শ, সাহস, সততা, দুখ-দুৰ্গতি, জাতি তথা স্বদেশ প্ৰেম আদি বিষয়বোৰৰ অৱদান নিহিত হৈ আছে, এই অৱদানৰ অন্তৰালতেই লুকাই আছে জাতীয় সংস্কৃতিৰ প্ৰতি নাৰীৰ দায়বদ্ধতা তথা ভূমিকা৷ সমাজ জীৱনৰ প্ৰতিটো দিশতেই নাৰীয়ে যুগে যুগে নিজৰ নাম ইতিহাসত লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে ‘জাতীয় সংস্কৃতি’ বুলি এই আলোচনাত যি অভিধা প্ৰয়োগ কৰা হৈছে, সেই সংস্কৃতিও নাৰীৰ বাবে নাৰীয়ে নিজা প্ৰচেষ্টাৰে তৈয়াৰ কৰি লোৱা৷ কাৰণ ভাৰতীয় মধ্যবৃত্ত পুৰুষতান্ত্ৰিক সমাজ আৰু সভ্যতাই কোনো কালেই নাৰীক সমদৃষ্টিৰে চাবলৈ শিকোৱা নাই আৰু নাৰীৰ বাবে ইতিবাচক সংস্কৃতিৰ জন্ম দি থৈ যোৱা নাই৷ আনকি পুৰুষতান্ত্ৰিক মানসিকতা সেই তাহানি কালৰ পৰা আধুনিক পুৰুষৰ মন মননলৈকে এনেদৰে সোমাই আছে যে এৰিষ্টটলৰ দৰে ব্যক্তিয়েও কৈ গৈছে–‘Woman may be said to be an inferior man’
কিন্তু ইতিবাচক কথা এয়ে যে, হাঁহে যেনেকৈ খাদ্য গ্ৰহণৰ বেলিকা বেয়াটো বৰ্জন কৰি ভালটো গ্ৰহণ কৰে, ঠিক তেনেকৈ অসমীয়া নাৰীয়েও পাৰ্যমানে বেয়া আৰু সংস্কৃতিৰ নেতিবাচক দিশবোৰ বৰ্জন কৰি ভাল আৰু ইতিবাচক দিশবোৰ গ্ৰহণ কৰাত কৃপণালি কৰা নাই, বৰঞ্চ অসমীয়া নাৰীয়ে বহু সময়ত গোড়া, অন্ধ আৰু নেতিবাচক সংস্কৃতিক দলিয়াই দি নিজেই নিজৰ সংস্কৃতি গঢ়ি লৈছে৷ ভাৰতবৰ্ষত বিট্ৰিছ ঔপনিবেশিকতায়ো অসমীয়া নাৰীক আধুনিক শিক্ষাৰে শিক্ষিত কৰি মৰ্যাদা আৰু অধিকাৰৰ সৈতে জীয়াই থাকিবলৈ যথেষ্টখিনি অনুপ্ৰেৰণা দিলে৷
যেনেকৈ যুগ আৰু ভিন্ন সময়ৰ ভিন্ন মানসিকতাৰ কবলত পৰি অসমীয়া নাৰীৰ মন-মনন-চিন্তন সমৃদ্ধ হৈছে; ঠিক সেইদৰে বিভিন্ন যুগ আৰু সময়ৰ চাকনৈয়াত পৰি অসমীয়া সংস্কৃতিৰো পৰিৱৰ্তন তথা সংবদ্ধৰ্ন হৈছে৷ ‘অসমীয়া সংস্কৃতি বৰ্ণিল সংস্কৃতি’ বুলি যি শ্লোগানৰ সৃষ্টি হৈছে, এই শ্লোগানৰ অন্তৰালত আছে মূলতঃ অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীবোৰৰ মাজৰ পৰা উলাই অহা নাৰী শক্তিৰ সাহস আৰু ত্যাগ আৰু কষ্টসহিষ্ণুতাৰ ভাৱধাৰা৷ যদিওসাম্প্ৰতিক সময়ত আধুনিকতা আৰু বিশ্বায়নে অসমীয়া সংস্কৃতিলৈ কিছু কিছু দিশত নেতিবাচক ধ্যান-ধাৰণাৰ আগমন ঘটোৱাইছে, কিন্তু বিংশ শতিকাৰ শেষভাগলৈকে অসমীয়া সংস্কৃতিৰ বৰ্ণিল ইতিহাস আছিল অসমৰ বাবে গৌৰৱ আৰু স্বাভিমানৰ বিষয়৷
জাতীয় সংস্কৃতি বৰ্তাই ৰখাত নাৰীৰ ভূমিকাঃ
প্ৰাক বৈদিক, বৈদিক যুগৰ সময়ৰপৰা সতী ৰূপে অভিহীত কেইগৰাকীমান বিখ্যাত ভাৰতীয় নাৰী চৰিত্ৰ ক্ৰমে– সীতা, কুন্তী, দ্ৰুপদীৰ পৰা আৰম্ভ কৰি আহোম ৰাজত্বৰ মূলাগাভৰু, জয়মতীলৈকে; স্বাধীনতা আন্দোলনৰ সময়ত কনকলতা, অমলপ্ৰভা দাস, পুষ্পলতা দাসকে মুখ্য কৰি গাঁৱৰ বাৰণ্ডাৰ তাঁতশাল এৰি ৰাজপথত বিক্ষোভ আৰু আন্দোলনত জপিয়াই পৰা প্ৰতিজনী ছোৱালী, বোৱাৰী¸লৈকে, জয়মতী কথাছবিৰে এটা যুগৰ সৃষ্টি কৰা আইদেউ সন্দিকৈৰ পৰা চাইকেল চলাই এটা বিপ্লৱৰ আৰম্ভ ঘটোৱা চন্দ্ৰপ্ৰভা শইকীয়ানিলৈকে আৰু সাম্প্ৰতিক সময়ত পাশ্চাত্য নাৰীৰ দৰে সমানে সমানেই সমতা, স্বাধীনতা আৰু সম অধিকাৰৰ কথা ক’বলৈ তিলমানো সঙ্কুচিত নোহোৱা প্ৰতিজনী শিক্ষিতা নাৰীয়েই আচলতে অসমীয়া জাতীয় সংস্কৃতিৰ ধ্বজাবহনকাৰী৷ এই ধ্বজা বহন কৰোঁতে কিছু কিছু ক্ষেত্ৰত হয়তো ভুল থাকিব পাৰে৷ কিন্তু ভুলৰ বাবে সমালোচনা কৰাতকৈ সেই ভুলৰ সংশোধন কৰি সঠিক পথে লৈ যোৱাটোহে বৰ্তমান সময়ত সমালোচনাৰ প্ৰধান কাম হোৱা উচিত৷ সেইদৰে জেঠ, আহাৰ মাহত কঠীয়া ৰুই ভাদ, আহিন, কাতি মহীয়া ধান কাটি ভঁৰালত ভৰোৱালৈকে, ব’হাগত বিহুৰ অস্তিত্ব ৰক্ষা কৰি ঢেকীশালত পিঠাগুৰি খুন্দাৰ পৰা আৰম্ভ কৰি দৰিদ্ৰতাৰ সৈতে যুজ-বাগৰ কৰি আধুনিক শিক্ষাৰে শিক্ষিত হোৱালৈকে প্ৰতিজনী ছোৱালীৰ হাততেই আছে অসমীয়া জাতীয় সংস্কৃতিৰ ভৱিষ্যৎ৷ জাতীয় সংস্কৃতি বুলিলে কেৱল সৰল অৰ্থত চাদৰ-মেখেলা এযোৰ পিন্ধি, পতিব্ৰতা হৈ, পুৰুষ সেৱা কৰা ধাৰণাটোতে আমি আবদ্ধ হৈ থকাৰ বিপৰীতে সংস্কৃতিৰ বহল দৃষ্টিভঙ্গী ‘মানৱ জীৱনৰ সামগ্ৰিক কাৰ্যকলাপেই সংস্কৃতি’ অৰ্থত গ্ৰহণ কৰাৰ পক্ষপাতি৷
‘তিৰোতা ছোৱালীৰ জন্মই লোকৰ নিমিত্তে’ ধাৰণাৰ উদ্ধৰ্লৈ গৈ নাৰী-পুৰুষ দুয়ো দুয়োৰে পৰিপূৰক আৰু ৰেলৰ চিৰিযুৰিৰ দৰেই সমান আৰু সমান্তৰাল ধাৰণাৰ বিকাশ ঘটাৰ সময়লৈকে অসমীয়া যিসকল নাৰীয়ে প্ৰচুৰ সংগ্ৰাম আৰু সাহসেৰে আধুনিক সমাজ, শিক্ষাৰ দিক নিৰ্ণয় কৰি দিলে সেইসকল নাৰীৰ মন-মননত সুপ্ত হৈ থকা সাংস্কৃতিক দায়িত্ববোধ আৰু জাতীয় আৱেগো লক্ষণীয়৷
অসমীয়া জাতীয় সংস্কৃতি ৰক্ষাত নাৰীৰ ভূমিকা সদায় আগত আছিল আৰু সদায় থাকিব৷ কিন্তু সংস্কৃতি ৰক্ষা কৰাৰ গুৰু, দায়িত্ব নাৰীক কোনেও সচেতনভাৱে দি থোৱা নাই৷ এই দায়িত্ববোধ নাৰীৰ নিজা সৃষ্টি৷ সেইবাবেই এতিয়াও জনজাতীয় নাৰীয়ে মুৰং ঘৰলৈ জনজাতীয় সাজ-পাৰ পিন্ধি যায়৷ কিন্তু জনজাতীয় পুৰুষ এজনে কি পিন্ধিব তাৰো কোনো লেখ-জোখ নাই৷ ভাষিক অসমীয়া নাৰী এগৰাকীয়ে ধৰ্মীয় উৎসৱ-অনুষ্ঠানলৈ মেখেলা-ছাদৰ এযোৰ পিন্ধি যোৱাতোৱেই স্বাভাৱিক, কিন্তু পুৰুষৰ বুলিবলৈ সেইটো নাই৷
যেনেকৈ এজন পুৰুষৰ সাফল্যত একোগৰাকী নাৰীৰ ভূমিকা থাকে, ঠিক তেনেকৈ এটা সফল জাতিৰ সংস্কৃতিৰ অন্তৰালত সেই জাতিটোৰ নাৰীসকলৰ ভূমিকা থাকে৷ আন নালাগে অসমীয়া সংস্কৃতিলৈকে চোৱা যাওঁক৷ মৌখিক সাহিত্যৰ সময়তে যেনেকৈ পুৰুষে লোকগীত, বিহু নাম লিখিলে, নাৰীয়ে সেই সময়তে আইনাম, বিয়ানাম লিখিলে, অপেশ্বৰী সবাহৰ গীত গালে৷ অসমীয়া নাৰী¸ কোনো কালেই পাছপৰি থাাকিবলৈ শিকা নাই৷ ষোল্ল শতিকাতে পদ্মপ্ৰিয়া আই বুলি এগৰাকী মহিলা লেখিকাৰ নাম পোৱা যায়৷ তেওঁ মাধৱদেৱৰ প্ৰপন্ন শিষ্য ভৱানীপুৰীয়া গোপাল আতাৰ কন্যা আছিল৷ সেইদৰে ঊনবিংশ শতিকাৰ প্ৰথম ভাগতে হলিৰাম ঢেকিয়াল ফুকনৰ কন্যা তাৰিণী দেৱীয়ে নামঘৰত গাবৰ বাবে গীত ৰচনা কৰিছিল৷ সেইদৰে পৰশুৰাম বৰুৱাৰ অকাল মৃত্যুত বিষ্ণুপ্ৰিয়া দেৱীয়েই গুণাভিৰাম বৰুৱাৰ সৈতে অসমত প্ৰথমবাৰৰ বাবে পঞ্জীয়নকৃত বিধৱা বিবাহ সম্পন্ন কৰি অসমীয়া বিধৱা মহিলাৰ বাবে আন এক বৈপ্লৱিক পৰিৱৰ্তন আনে৷
পঞ্চাশৰ দশকতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অমলা বেজবৰুৱা, জয়ন্তী চুতীয়া, প্ৰিয়বালা দাস আদিয়েও বিজ্ঞানৰ ক্ষেত্ৰখনত নিজৰ নাম অক্ষুন্ন ৰাখি অসমীয়া নাৰীৰ বাবে এটি মসৃন পথৰ সন্ধান দি গৈছে৷ সাম্প্ৰতিক সময়ত শিক্ষা প্ৰতিষ্ঠানসমূহত ল’ৰাতকৈ ছোৱালীৰ সংখ্যাই বেছি৷ ক্লাছৰ আগফালৰ ছিটবোৰ কেৱল ছোৱালীয়ে ভৰি থকা দেখা যায় ৷ উচ্ছ শিক্ষাৰ ক্ষেত্ৰখনত ছোৱালীৰ বাবে এনে এটা পৰিৱৰ্তন আনি দিয়া অসমীয়া নাৰীৰ এই সাহস আৰু নিষ্ঠা সচাকৈয়ে প্ৰশংসাৰ যোগ্য৷ এই গুণবোৰে অসমীয়া সংস্কৃতিক চিৰদিন গৌৰান্বিত কৰি ৰাখিব৷
অসমীয়া সমাজত স্ত্ৰী শিক্ষাৰ তেনেই চালুকীয়া অৱস্থাতে গুৱাহাটীৰ বেচি লেইচ নামৰ স্কুল পৰিদৰ্শক গৰাকীয়ে অসমৰ বিভিন্ন ভিতৰুৱা দুৰ্গম অঞ্চললৈ গৰু গাড়ী, হাতী আদি পিঠিত উঠি গৈ স্কুল পৰিদৰ্শন কৰিছিল আৰু ১৯৬০ চনমানতে তেওঁ উজনি অসমৰ স্কুল সমূহৰ পৰিদৰ্শক হিচাপে নিযুক্ত হৈছিল৷ চন্দ্ৰপ্ৰভা শইকীয়ানি অসমীয়া সমাজৰ বাবে আন এটি চিনাকী নাম৷ তেওঁ অসমৰ দ্বিতীয় গৰাকী ঔপন্যাসিকা৷ ‘পিতৃভিঠা’ উপন্যাসৰ উপৰি তেওঁ আবাহন, বাঁহী, চেতনা আদিত সাহিত্য চৰ্চা কৰিছিল৷ পুষ্পলতা দাস, বসুন্ধৰা শইকীয়া, সমীৰণ দাস, ঊষা বেজবৰুৱা, তোষপ্ৰভা কলিতা, অণিমা দত্ত, অণিমা গুহ, এলি আহমেদ আদিয়েও বিংশ শতিকাৰ প্ৰথমৰে পৰাই অসমীয়া সাহিত্যক সমৃদ্ধ কৰি ৰাখিছে৷ ইয়াৰোপৰি সংগীত, নাটক, খেল-ধেমালী, শৰীৰ চৰ্চা, চিকিৎসা, বিজ্ঞান, ব্যৱসায় আদি প্ৰতিটো দিশতেই অসমীয়া নাৰী পাছপৰি থকা নাই৷ বিষয়ৰ পৰিসৰৰ ওপৰত ভিত্তি কৰি তেনে আলোচনাৰ পৰা বিৰত থকা হ’ল৷ কিন্তু উল্লেখ্য যে সময়ে সময়ে নাৰীয়ে তেওঁলোকৰ স্থান বুৰঞ্জীত লিপিবদ্ধ কৰি থৈ গৈছে আৰু জাতীয় সংস্কৃতিক সমৃদ্ধ কৰি গৈছে৷
জাতীয় সংস্কৃতি অক্ষুন্ন ৰখাত নাৰীৰ কৰণীয়ঃ
উপৰৰ আলোচনাত অসমীয়া নাৰীৰ অতীত সম্পৰ্কীয় ইতিবাচক কথাবোৰ উল্লেখ কৰাৰ মূলতে হ’ল– অসমীয়া নাৰীৰ এনে বিজয়গাথাই অসমীয়া নাৰী সমাজক প্ৰতিটো সময়তে সমৃদ্ধ কৰাৰ লগতে অসমীয়া জাতীয় সংস্কৃতিকো সমৃদ্ধ কৰি আহিছে৷ অসমীয়া নাৰী যে প্ৰগতিশীল আৰু আধুনিক চিন্তা-চেতনাৰ বাৰ্ত্তাবাহক, অসমীয়া নাৰীয়েও যে বিশ্ব সভ্যতাৰ দৌৰত সমানে সমানেই আগবাঢ়ি যাব পাৰিছে, অসমীয়া সামূহিক সংস্কৃতিয়ে যে তেওঁলোকক এনে মহৎ কৰ্ম কৰিবৰ বাবে ঘৰৰ চাৰিবেৰৰ আবদ্ধতাৰ পৰা আগবঢ়াই দিব পাৰিছে, উপৰোক্ত উদাহৰণবোৰ তাৰে প্ৰমাণ৷ কিন্তু বিংশ শতিকাৰ শেষৰফালৰ পৰা বৰ্তমান সময়লৈকে অসমীয়া সভ্যতা আৰু সংস্কৃতিলৈ পূৰ্বৰ তুলনাত আমূল পৰিৱৰ্তন আহিল৷ বিশ্বায়ন, গণমাধ্যম, প্ৰযুক্তিবিদ্যা, আধুনিক শিক্ষা আদি বিষয়বোৰক ইয়াৰ বাবে জগৰীয়া কৰা হ’ল৷ অসমীয়াৰ কাম- কাজত পূৰ্বৰ দৰে অসমীয়াত্বৰ বৈশিষ্ট্য কমি আহিল৷ পাশ্চাত্য আৰু হিন্দী বলয়ৰ কিছুমান অপ্ৰাসংগিক সংস্কৃতি আকোৱালি লোৱাতহে যেন অসমীয়া জাতিটো ক্ষিপ্ৰতৰ হৈ পৰিল৷ আধুনিক শিক্ষাৰে শিক্ষিত হৈ ‘মা-দেউতা’ শব্দৰ সলনি পাপ্পা-মাম্মী, আংকল-আন্টী ধৰণৰ কিছুমান শব্দৰ প্ৰয়োগ বাঢ়ি আহিল৷ অসমীয়া সুৱদী-সুৰীয়া ভাষা, সাহিত্য, কৃষ্টি-সংস্কৃতি, সম্বন্ধবোৰ পাহৰণিৰ গৰ্ভত জাহ যাবলৈ ল’লে৷ নিজৰ সন্তানে অসমীয়া নাজানে বুলি গৰ্ব কৰিব পৰা এচাম চেতনাহীন অবিভাৱকৰ সৃষ্টি হ’ল৷ অসমীয়াৰ বিয়াৰ ঘৰত ‘মেহেন্দি উৎসৱ’,‘মেহেন্দি গীত’ৰ প্ৰয়োজনীয়তাহে বাঢ়ি আহিল৷
অসমত এতিয়া ‘ভেলেন্টাইন ডে’, মাদাৰ্ছ ডে’, ফ্ৰেণ্ডশ্বিপ ডে’ৰ আয়োজনহে জাকত-জিলিকাকৈ আয়োজন কৰা হয়৷ হোলী, কাৰ্ৱা শ্বঠতহে অসমীয়া নাৰীয়ে আনন্দ-উপভোগৰ কাৰণ বিচাৰি পায়৷ বছেৰেকৰ বিহুৰ দিনকেইটাটো মঞ্চত কি গীত গাব-নাগাব, তাক লৈ অসমত আয়োজক আৰু শিল্পীৰ মাজত বিতৰ্ক হয়৷ অসমীয়া সংগীতৰ পূৰ্বৰ সাহিত্যিক মৰ্যাদাৰ মৃত্যু হ’ল৷ তাৰ ঠাইত ৰিমিক্স আৰু ফিয়োজন আহিল৷ লোকগীত, বনগীত, বৰগীত শুনা মানুহ কমি আহিল৷ আনকি আনহে নালাগে জাতীয় পোছাক, জাতীয় গীততো ফিউজন কৰিব পৰা মডেল, সংগীত শিল্পীৰ সৃষ্টি হ’ল৷ উৎসৱ-পাৰ্বণত পিঠা-পনাৰ ঠাই ল’লে ৰিডেমেট বিস্কুটে৷ অসমীয়া বোলছবি, ভ্ৰাম্যমান থিয়েটাৰতো কেৱল পাশ্চাত্য আৰু বলিউদৰৰ অনুকৰণত কিছুমান সস্তীয়া মছলাযুক্ত কাহিনীৰে ভৰপূৰ হৈ পৰিল, ব’হাগ বিহুত গাঁৱৰ সৰহভাগ ল’ৰা-ছোৱালীয়ে ৰাতিহে গৃহস্থৰ ঘৰলৈ যাবলৈ সাহস কৰে৷ এসময়ত জেতুকাৰ ৰঙেৰে হাত বুলোৱাটো অসমীয়া সংস্কৃতিৰ বাবে যে কিমান আনন্দৰ বিষয় আছিল৷ এতিয়া জেতুকাৰ সেই আসন মেহেন্দিয়ে ল’লে৷ মুঠতে অসমীয়া সংস্কতিৰ পূৰ্বৰ ৰূপটোৰ এতিয়া কেলঢোপ-কেলঢোপ অৱস্থা৷ এনেকৈয়ে প্ৰতিটো ক্ষেত্ৰতে যদি আধুনিকতাৰ নামত আমি আমাৰ নিজস্বতাবোৰ হেৰুৱাই পেলাওঁ৷ আমাৰ অসমীয়া সংস্কৃতি বুলিবলৈ বাঁচি থাকিবগৈ কি?
অসমীয়া সংস্কৃতি বুলিলে আমি যিবোৰ বিষয়ক লৈ সততে গৰ্ব কৰিছিলো, এতিয়া তাৰ চিন-মোকাম নাইকীয়া হৈ পৰিছে৷ ধৰ্মীয় সংস্কৃতিতো ধৰ্মান্তৰকৰণ প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ হৈছে৷ মাজুলীৰ সত্ৰীয়া সংস্কৃতিৰ ক্ষেত্ৰখনতো খ্ৰীষ্টান ধৰ্মৰ প্ৰভাৱ বাঢ়ি আহিছে৷ আজি অসমীয়া জাতি, ভাষা আৰু সংস্কৃতি উভয়েই সংকটৰ দিশে ধাৱমান৷ এনে সন্ধিক্ষণত অসমীয়া সংস্কৃতি অক্ষুন্ন ৰক্ষাৰ বাবে নাৰী সমাজৰ কৰণীয় কি হ’ব পাৰে, সেইয়া এক জটিল গৱেষণা আৰু বিতৰ্কৰ বিষয়৷ এই আলোচনাত সেই বিষয়ে সাধ্যানুসাৰে আলোকপাত কৰা হ’ল–
১৷ অসমীয়া সংস্কৃতি মানেই গ্ৰাম্য সংস্কৃতি আৰু কৃষিভিত্তিক সংস্কৃতি৷ যদিও সময় পৰিৱৰ্তনৰ লগে লগে এনে সংস্কৃতিৰ পৰিৱৰ্তন হোৱাতো স্বাভাৱিক, কিন্তু অসমীয়া সংস্কৃতিৰ এই মূল ৰূপটো উপযুক্তভাৱে সংৰক্ষণ কৰাত আৰু পাৰ্যমানে বৰ্তমান সময়ৰ সৈতে খাপ খুৱাই গতিশীল কৰি তোলাত নাৰী সমাজে মন দিয়া দৰকাৰ৷ গতিশীল আৰু সাৰ্বজনীন সংস্কৃতিৰ কেতিয়াও মৰণ নাই৷ অসমীয়া সংস্কৃতিয়েও যাতে সাৰ্বজনীন আৰু বিশ্বজনীন ৰূপ লাভ কৰিব পাৰে, তাৰ বাবে নাৰী সমাজে কাম কৰা দৰকাৰ৷ তাকে নকৰি অসমীয়া সংস্কৃতি মানেই অলাগতিয়াল বুলি ভাবি অন্য সংস্কৃতিৰ সস্তীয়া বিষয় কিছুমান আদৰি লৈ নিজৰ মুঢ়তা আৰু অজ্ঞতাৰ পৰিচয় দিয়াৰ বাহিৰে আমাৰ হাতত একো নাথাকিবগৈ৷ এইক্ষেত্ৰত নাৰী সমাজে অসমীয়া মানুহৰ মানসিকতা পৰিৱৰ্তন কৰাত গুৰুত্ব দিব লাগিব৷
২৷ বৰ্তমান সত্ৰীয়া সংস্কৃতি, সত্ৰীয়া নৃত্যৰ বিকাশ আৰু প্ৰসাৰ ঘটোৱাত একাংশ নাৰীয়ে অহোপুৰুষাৰ্থে কাম কৰি আছে৷ সেইদৰে বৰগীত, ভাওনা আদিৰ পৰিৱেশন আৰু মঞ্চস্থ কৰাৰ ক্ষেত্ৰতো অসমীয়া নাৰী পাছ পৰি থকা নাই৷ অসমীয়া চাদৰ-মেখেলা, পাত-মূগা কাপোৰ, ৰিহা, এৰি চাদৰ, এতিয়াও গাঁৱৰ কিছু সংখ্যক শিপিনীয়ে এতিয়াও বৈ আছে৷ প্ৰাচীন গহনা-গাঁঠৰিৰো সাংস্কৃতিক আৰু অৰ্থনৈতিক চাহিদা আছে৷ গতিকে এইক্ষেত্ৰত নাৰী সমাজে কিছু ইতিবাচক পদক্ষেপ ল’লেই সংস্কৃতি আৰু অৰ্থনৈতিক ক্ষেত্ৰত উভয় দিশতে লাভবান হ’ব৷ এইসকল কৰ্মঠ লোকক উৎসাহিত কৰা প্ৰয়োজন৷ বৰ্তমান যুগৰ লগত খাপ খাবলৈ অসমীয়া চাদৰ-মেখেলাযোৰ সময়োপযোগী নহ’ব পাৰে, কিন্তু সেইবুলি চাদৰ-মেখেলাযোৰক আমি উপযুক্তভাৱে সংৰক্ষণ বা স্থানভেদে পিন্ধিব পৰাকৈ নিজকে মানসিকভাৱে সক্ষম কৰি তুলিব লাগিব৷ বৰ্তমান সময়তো অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষত গামোচা, পাট, মূগা, এৰি আদিৰ আদৰ আৰু চাহিদা বিশেষভাৱে আছে৷ গতিকে পৰম্পৰাগতভাৱে নোৱাৰিলেও আধুনিক যন্ত্ৰ উদ্যোগৰ দ্বাৰা এই বস্তুবোৰৰ নিৰ্মাণৰ বৃত্তিটো অসমীয়া মানুহে যাতে গ্ৰহণ কৰিব পাৰে; তাৰ বাবে অসমীয়া নাৰীসকল আগবাঢ়ি অহা উচিত৷ এইবোৰে অসমৰ পৰ্যটনৰ ক্ষেত্ৰকো বিশেষভাৱে সমৃদ্ধ কৰিব৷ তেতিয়া সংস্কৃতি ৰক্ষাৰ সমান্তৰালভাৱে অৰ্থনৈতিক দিশেৰেও অসমীয়া নাৰীসকল স্বাৱলম্বী হ’ব পাৰিব৷
৩৷ বৰ্তমান সাংস্কৃতিক আগ্ৰাসনৰ বিষয়তো অতি গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ বিষয়৷ এটা উন্নত জাতিৰ সামগ্ৰিক সংস্কৃতি অন্য জাতিয়ে গ্ৰহণ কৰাতো স্বাভাৱিক৷ গতিকে এনেদৰে অন্য এটা নতুন সংস্কৃতি আকোৱালি লওঁতে যাতে নিজৰ অস্তিত্ব আৰু ঐতিহ্যখিনি নিঃশেষ হৈ নাযায়, তাৰ প্ৰতি বিশেষভাৱে নাৰী সমাজ সচেতন হৈ থাকিব লাগিব৷ আৰু পাৰ্যমানে আনৰ সংস্কৃতি গ্ৰহণ কৰাতকৈ নিজৰ সংস্কৃতিতো কেনেকৈ আনে গ্ৰহণ কৰিব পাৰে, তাৰ ব্যৱস্থাহে কৰিব লাগে৷ এনে ব্যৱস্থা অসমীয়া সমাজে পূৰ্বতে গ্ৰহণ নকৰা বাবে ইতিমধ্যেই অসমীয়া সংস্কৃতিলৈ বহুতো বিজতৰীয়া অপ-সংস্কৃতিৰ আগমন হ’ল৷ গতিকে অসমীয়া সংস্কৃতি বুলি এতিয়াও অৱশিষ্ট থকা বৈশিষ্ট্যখিনিও যাতে নিঃশেষ নহয়, তাৰ বাবে নাৰী সমাজ সজাগ হোৱা প্ৰয়োজন৷
৪৷ ব্যক্তিৰ নামকৰণৰ ক্ষেত্ৰত অসমীয়া সমাজৰ একক পৰিচয় আছিল৷ ইয়াৰোপৰি ঠাইৰ নাম, মানুহৰ নাম, গছ-গছনী, চৰাই চিৰিকতিৰ পৰা আৰম্ভ কৰি সম্ভাব্য প্ৰতিটো ক্ষেত্ৰতে অসমীয়াৰ নামকৰণবোৰৰ একক বৈশিষ্ট্য মন কৰিবলগীয়া৷ কিন্তু শেহতীয়াকৈ দেখা গৈছে যে এই নামকৰণৰ ক্ষেত্ৰতো অসমীয়া সমাজলৈ এক অশুভ পৰম্পৰা আহি পৰিছে৷ খ্ৰিষ্টান ধৰ্মলৈ প্ৰায়খিনি জনজাতীয় লোক ধৰ্মান্তৰকৰণ হোৱাৰ ফলত তেওঁলোকেও নিজৰ ঐতিহ্য নিঃশেষ কৰি সন্তানৰ নামবোৰো সেই ধৰ্মমতেই দিবলৈ লোৱা পৰিলক্ষিত হৈছে৷ যিটো নেকি এটা জাতি ধ্বংসৰ ভয়াবহ আগজাননী৷ সেইদৰে বৰ্তমান সময়ত বহুতো ব্যক্তিয়ে ছদ্মনামৰ অত্যধিক প্ৰয়োগে কৰা ঘটনাটোৱে এটা জাতি আৰু সেই জাতিৰ নৱ-প্ৰজন্মক বেয়াৰ দিশলৈ লৈ গৈছে৷ গতিকে অসমীয়া নাৰী সমাজ এইক্ষেত্ৰত সদা-সতৰ্ক আৰু সচেতন হোৱা প্ৰয়োজন৷
৫৷ জাতীয় সংস্কৃতি ৰক্ষা কৰা মানে অসমৰ সামগ্ৰিক সংস্কৃতিৰ ভাল বেয়া বিচাৰ নকৰি সকলোকে গ্ৰহণ কৰাতোও নুবুজাই৷ সংস্কৃতি সদায় পৰিৱৰ্তনশীল৷ নিজৰ বেয়াবোৰ বাদ দি আনৰ ভাল সংস্কৃতি নিশ্চিতৰূপে গ্ৰহণ কৰা প্ৰয়োজন৷ কিন্তু নিজৰ ভাল সংস্কৃতিখিনিকো কোনো কাৰণতে এৰি দিব নালাগিব৷ পাশ্চাত্য হ’লেই ভাল আৰু প্ৰাচ্য হ’লেই বেয়া বুলি আমাৰ মনত থকা অন্ধ ধাৰণা আঁতৰাব লাগিব৷ এই ক্ষেত্ৰত আমি স্বাভিমানী আৰু দৰকাৰ হ’লে গোড়া হ’বও লাগিব৷ নিজৰ ভাষাতকৈ আনৰ ভাষাটো কেতিয়াও কোনো কাৰণতে ভাল নহয় বুলি বীৰদৰ্পে ক’ব পাৰিব লাগিব৷ ভূপেন হাজৰিকাই কৈ গৈছে– ‘মোৰ আইক ভাল পাওঁ বুলিলে আনৰ আইক জানো ঘিণ কৰাতো বুজাব? গতিকে প্ৰথমে নিজৰ সংস্কৃতিক চিনি পোৱাতোহে প্ৰয়োজন৷ এগৰাকী নাৰী শিক্ষিত হোৱা মানে এখন সমাজ শিক্ষিত হোৱা৷ এটা প্ৰজন্ম শিক্ষিত হোৱা৷ গতিকে নাৰী সমাজে এই বিষয়বোৰত মনযোগ দিয়া দৰকাৰ৷
৬৷ অসমীয়া জাতীয় সংস্কৃতি বুলিলেই জাতি-জনগোষ্ঠীবোৰৰ উৎসৱ-পাৰ্বণৰ প্ৰসংগটো আহে৷ শেহতীয়াকৈ অসমৰ এনে উৎসৱ-পাৰ্বণবোৰলৈ নানা পৰিৱৰ্তন আহিল ৷ বিশেষকৈ আধুনিকীৰণ আৰু গণমাধ্যমৰ প্ৰসাৰ আৰু প্ৰভাৱে অসমীয়া উৎসৱ-পাৰ্বণবোৰৰ বহুতো দিশত বিৰূপ প্ৰভাৱ পেলালে৷ বিহুৰ ক্ষেত্ৰতো এই পৰিৱৰ্তন মনকৰিবলগীয়া৷ গতিকে বৰ্তমান সময়ৰ নাৰী সমাজে এই দিশবোৰৰ প্ৰকৃত গুৰুত্ববোৰ বুজি নৱ-প্ৰজন্মক ভাল-বেয়া সকলোবোৰ দিশ বুজাই, অসমীয়াৰ বৰ্ণিল সংস্কৃতিক যাতে সদায় ইতিবাচকভাৱে বৰ্তাই ৰাখিব পাৰি, তাৰ ব্যৱস্থাহে গ্ৰহণ কৰা দৰকাৰ৷
৭৷ অসমীয়া ভাষাটো বৰ্তমান সংকটৰ কৱলত বুলি সততে আক্ষেপ শুনা যায়৷ সেইদৰে অসমীয়া আধুনিক সংগীতৰ ক্ষেত্ৰখনতো বৰ্তমান তেনেই সস্তীয়া বিষয়ে আৱৰি ধৰা দেখা হৈছে৷ অসমীয়া ভাষাৰ যি সুন্দৰ ঐতিহ্য, ভাষাৰ যি কালিকা, সেইয়া গভীৰভাৱে উপলব্ধি কৰিব পৰা মানুহ সংখ্যা দিনে দিন কমি আহিছে৷ ইংৰাজী ভাষাৰ শিকাৰ প্ৰতি মানুহৰ আগ্ৰহ বাঢ়িছে৷ সেইদৰে অসমীয়া সংগীতৰো যি গীতিধৰ্মীতা, সাংগিতিক সৌন্দৰ্য, সেয়া যেন স্তিমিত হৈ পৰিছে৷ গতিকে অসমীয়া নাৰীয়ে এই বিষয় দুটাৰ প্ৰতি সচেতন আৰু সজাগ হোৱা প্ৰয়োজন৷ ইংৰাজী ভাষা শিকিও যে অসমীয়া ভাষাটো সুন্দৰকৈ বৰ্তাই ৰাখিব পাৰি, তাৰ ধাৰণা নতুন প্ৰজন্মক নাৰী সমাজেই দিব লাগিব৷ সেইদৰে গীতৰ মাজতো কলাত্মকতা আৰু গীতি-সাহিত্যৰ সোৱাদ দিবলৈ নৱ-প্ৰজন্মক নাৰী সমাজেই অনুপ্ৰাণিত কৰিব লাগিব৷
৮৷ গ্ৰাম্য সংস্কৃতি বৰ্তাই ৰখাৰ বাবে অসমীয়া নাৰীসকলে গ্ৰাম্য স্ব-নিয়োজনত মন দিয়া দৰকাৰ৷ সংস্কৃতিক স্বাভিমান হিচাপে গণ্য কৰাৰ লগতে অৰ্থ উপাৰ্জনৰ দৃষ্টিভংগীয়েও গ্ৰহণ কৰা দৰকাৰ৷ অসমীয়া সংস্কৃতিৰ যিবোৰ বস্তুৰ বিক্ৰী মূল্য আছে; বা চাহিদা আছে, সেই বস্তুবোৰ উৎপাদন কৰি বিক্ৰী কৰিব পৰা ব্যৱস্থা কৰিব লাগে৷ অসমীয়া জাতি-জনগোষ্ঠীবোৰৰ উৎসৱ-পাবৰ্ণৰ সময়ত বনোৱা পিঠা-পনা, জনজাতীয় লোকসকলৰ পানীয়, খাদ্যাভ্যাস, পোচাক-পৰি(দ আদি উৎপাদন কৰি সেইবোৰ বিক্ৰী কৰিব পৰা ব্যৱস্থা কৰিব লাবে৷ এইক্ষেত্ৰত নাৰীসকলে আগভাগ লোৱাৰ প্ৰয়োজন আছে৷ পাৰিলে দহ-পোন্ধৰখনমান গাঁও মিলি একো একোটা ‘গ্ৰাম্য সংগ্ৰহালয়’ নিৰ্মাণ কৰিব লাগে৷ চৰকাৰী অৰ্থ সাহাৰ্য পালে এনে গ্ৰাম্য সংগ্ৰহালয়ে অসমীয়া সংস্কৃতিৰ আপুৰুগীয়া সম্পদবোৰ সংৰক্ষণ কৰাৰ লগতে গ্ৰাম্য পৰ্যটনতো যথেষ্ট সহাঁৰি দিব পাৰিব৷ এই বিষয়বোৰৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটাবলৈ নাৰীসকলে নব্য মাধ্যমবোৰৰ সহায় ল’ব পাৰে৷ প্ৰদত্ত বিষয়বোৰ চহৰত বা নগৰাঞ্চলত থকা নাৰীসকলেও কাৰ্যকৰী কৰিব পাৰে৷ এইক্ষেত্ৰত ক্লাৱ, এন.জি.অ’, শৈক্ষিক প্ৰতিষ্ঠান আদিয়ে আগভাগ ল’ব পাৰে৷
৯৷ বৈজ্ঞানীক মানসিকতাৰে নৱ-প্ৰজন্মক শিক্ষিত কৰি তোলাতো নাৰী সমাজৰে ভূমিকা সৰ্বাধিক৷ এইক্ষেত্ৰত আত্ম-সহায়ক গোট বা চহৰ অঞ্চলৰ মহিলা সমিতি আদিয়ে গঠনমূলক কাৰ্যপণ্ঠা হাতত ল’ব পাৰে৷ অন্ধ বিশ্বাস, কু-সংস্কাৰ আদি আঁতৰ কৰিবলৈ আৰু নৱ-প্ৰজন্মক সংস্কৃতিৱান কৰি তুলিবলৈকো বৈজ্ঞানীক মানসিকতাৰ প্ৰয়োজন৷ অসমীয়া সংস্কৃতি বৰ্তি থাকিলেহে অসমীয়া জাতিটোও বৰ্তি থাকিব৷ কিন্তু বৰ্তমান দেখা গৈছে অসমীয়া নাৰীয়ে বিজ্ঞান মনস্কতা গ্ৰহণ কৰাতকৈ অন্ধ-বিশ্বাসৰ উপাষক হ’বলৈহে দিনে দিনে গৈ আছে৷ বাহ্যিক ভাৱে আধুনিকতাৰ সাজপাৰ পৰিধান কৰাতকৈ মানসিকভাৱে নিজৰ মন মনন আধুনিক কৰাৰ হে প্ৰয়োজন বেছি৷ যিটো অসমীয়া নাৰী সমাজে গভীৰভাৱে উপলব্ধি কৰা প্ৰয়োজন৷
১০৷ নাৰী আৰু পুৰুষৰ মাজত সম-অধিকাৰৰ বাবে বাহ্যিকভাৱে আন্দোলন আৰু প্ৰতিবাদ কৰাতকৈ মানসিকভাৱে সাহিত্য, সংগীত, নৃত্য, খেল-ধেমালী, ৰন্ধন-প্ৰকৰণ, ব্যৱসায়, উদ্ভাৱন, শিক্ষা, বিজ্ঞান আদিত নিজকে পাৰদৰ্শিতাৰে আগুৱাই নিয়াহে অতি প্ৰয়োজনীয়৷ অধিকাৰ দিবলৈ অনুৰোধ কৰাতকৈ দিবলৈ বাধ্য কৰোৱাতোহে বৰ্তমান একবিংশ শতিকাৰ নাৰী সমাজে প্ৰত্যাহ্বান হিচাপে ল’ব লাগে৷ আৰু এনে প্ৰগতিবাদী চিন্তাধাৰাৰে অসমীয়া নাৰীয়েও বাট বুলিব লাগে৷ অসমীয়া নাৰীয়ে কোনোবা দিশত আন্তজাৰ্তিকভাৱে স্থান পোৱা মানে অসমীয়া সংস্কৃতিয়েও আন্তজাৰ্তিকভাৱে প্ৰসাৰ লাভ কৰা৷
পৰিশেষত ক’ব পাৰি অসমীয়া সংস্কৃতি অক্ষুন্ন ৰাখিবলৈ অসমীয়া মানুহেই কাম কৰিব লাগিব৷ কেৱল ‘আমি অসমীয়া নহওঁ দুখীয়া’ বুলি হাত সাবতি বহি থাকিলে নহ’ব৷ এতিয়া বিশ্বায়নৰ সময়৷ এই সময়ত নিজৰ অধিকাৰ আৰু স্থায়ীত্বৰ বাবে নিজে কাম নকৰিলে পৰিৱৰ্তনৰ সুঁতিত নিজকে উটাই দিয়াৰ বাবে গত্যন্তৰ নাই৷ আনৰ সংস্কৃতি গ্ৰহণ কৰি নিজৰ অস্তিত্ব বিপদাপন্ন কৰাতকৈ নিজৰ সংস্কৃতিটোৰ বেয়াখিনি পৰিমাৰ্জন কৰি সময়োপযোগী কৰি লোৱাতোহে আধুনিক চিন্তা-চেতনাৰে সমৃদ্ধ মানুহৰ কাম হোৱা উচিত৷ অসমীয়া জাতিয়ে ইতিমধ্যেই বহুখিনি ঐতিহ্য আৰু সাংস্কৃতিক বৈশিষ্ট্যৰাজী হেৰুৱালে৷ এতিয়াও অৱশিষ্ট যিখিনি আছেগৈ, সেইখিনিৰো যাতে নিঃশেষ নহয়, তাৰ বাবে সমগ্ৰ অসমীয়াই নিজক প্ৰশ্ন কৰা দৰকাৰ যে–‘ অসমীয়া সংস্কৃতি নিঃশেষ কৰি আমি আচলতে আত্মঘাতীমূলক কাৰ্য কৰি আছোঁ কিয়?’
অসমীয়া জাতিৰ অস্তিত্বৰ এনে সন্ধিক্ষণত পূৰ্বৰ গৰিমাময় সংস্কৃতিটোক অক্ষুন্ন ৰখাত নাৰী সমাজৰ দায়িত্ব আৰু কতব্যৰ্ বহুত৷ আত্মোপলব্ধি আৰু নিজৰ মন-মনন ইতিবাচক চিন্তাৰে সমৃদ্ধ কৰিলেহে অসমীয়া সমাজে নিজৰ সংস্কৃতি বুলি এটা অস্তিত্ব জীয়াই ৰাখিব পাৰিবগৈ৷ বৰ্তমান সময়ত তথ্য-প্ৰযুক্তি আৰু গণমাধ্যমৰ সু-প্ৰয়োগৰ দ্বাৰাও অসমীয়া নাৰীয়ে অসমীয়া সংস্কৃতিৰ স্বৰূপটোক অক্ষুন্ন ৰাখিব পাৰে৷ নাৰীৰ অন্য নাম ‘মা’৷ মাকে যেনেকৈ নিজৰ গৰ্ভত সন্তান ধাৰণ কৰি, জন্ম দি, লালন-পালন কৰি সন্তানক নতুন পৃথিৱী এখন উপহাৰ দিব পাৰে৷ ঠিক অসমীয়া নাৰীয়েও যেন সামগ্ৰিকভাৱে অসমীয়া সত্তাৰ গৰ্ভত ধাৰণ কৰা অসমীয়া সংস্কৃতিক প্ৰতিদিন লালন-পালন কৰি এক বিশ্বজনীন ৰূপ, মৰ্যাদা দিব পাৰে৷ ইয়াৰ বাবে অসমীয়া নাৰীক লাগিব প্ৰবল ইচ্ছাশক্তি আৰু একত্ৰভাৱে কাম কৰিব পৰা সাহস৷
© ভাস্কৰ ভূঞা, গৱেষক ছাত্ৰ, গুৱাহাটী বিশ্ববিদ্যালয়, ফোন-৮৭৫১৯৪৩৩৮৭
0 Comments