ডিজিটেল মাধ্যমত অসমীয়া ভাষা ৷৷ উচ্চ শিক্ষাৰ দায়িত্ব আৰু ভূমিকা


* অৱতৰণিকা

যুগ পৰিৱৰ্তনৰ লগে লগে সমাজ, সভ্যতা আৰু সংস্কৃতিয়ে নতুন নতুন সাজ আৰু ৰূপ লাৱণ্যৰে নিজক সমৃদ্ধ কৰি গতিশীল কৰি ৰাখে৷ যেতিয়াই সময়ৰ সৈতে সমান ৰূপত সমাজ, সভ্যতা, সংস্কৃতিয়ে গতি কৰিব নোৱাৰে, সেই সভ্যতা বা সংস্কৃতিটো তেতিয়াই অন্য কোনো প্ৰভাৱশালী সমাজ, সংস্কৃতিয়ে গ্ৰাস কৰি লোৱাৰ সুযোগ লয়৷ সেয়েহে এটা সভ্যতা বা সংস্কৃতিক প্ৰতিনিধিত্ব কৰিব এটা জাতি, এখন দেশ বা এখন ৰাজ্যৰ প্ৰধান কাম হ’লনিজৰ সামগ্ৰিকতাক চৌদিশৰপৰাই সময়ৰ সৈতে যুগোপযোগী কৰি ৰখা৷ ডিজিটেল মাধ্যম হৈছে বৰ্তমান একবিংশ শতিকাৰ এনে এক চৰ্চিত আৰু প্ৰভাৱশালী উপকৰণ ৷ যাৰ ওপৰত ভিত্তি কৰি আধুনিক সমাজ-সভ্যতা-সংস্কৃতি বৰ্তি আছে৷ একবিংশ শতিকাৰ যুগটো তথ্য-প্ৰযুক্তি, যোগাযোগৰ মহাবিস্ফোৰণৰ যুগ৷ ছপা যন্ত্ৰৰ পৰৱৰ্তী সময়ত বিংশ শতিকাৰ শেষৰফালৰপৰা বিশ্বৰ সমাজ-সভ্যতাৰ প্ৰতিটো বস্তুৱেই ছপা মাধ্যমৰ লগে লগে ডিজিটেল [Digital] মাধ্যমত উপলব্ধ হোৱাৰ পথত আগবাঢ়ি গৈছে৷ ডিজিটেল মাধ্যম হৈ পৰিছে যোগাযোগৰ সমান্তৰালভাৱে তথ্য, জ্ঞান, মনোৰঞ্জন, বিনোদন, সাহিতৰ-সমাজ-সংস্কৃতি চৰ্চাৰ জনপ্ৰিয় আৰু সহজ মাধ্যম৷ সেইদৰে ইন্টাৰনেটৰ সূচল প্ৰয়োগৰদ্বাৰা ডিজিটেল মাধ্যম হৈ পৰিছে ‘ই-সংগ্ৰহালয়’ বা ‘ই-ভঁৰাল’ সদৃশ৷ সমান্তৰলাভাৱে ডিজিটেল মাধ্যমত তথ্যৰ উৎস আৰু তাৰ শ্ৰব্য, দৃশ্যৰ সংযোজনৰ ব্যৱস্থাও আছে৷ ই ক্ষিপ্ৰ আৰু সকলো সময়তে উপলব্ধ হৈ থাকিব পৰাকৈ সক্ষম৷ সেইদৰে এটা সংস্কৃতি, এটা ভাষা কিমান সমৃদ্ধ; সেই কথা জাহিৰ কৰাৰো বৰ্তমান উপযুক্ত মাধ্যম হ’ল ডিজিটেল মাধ্যম৷ বিশ্বৰ উন্নত সমাজ, সংস্কৃতি আৰু উন্নত জাতিবোৰে ছপা যন্ত্ৰৰ সমান্তৰলাভাৱে তেওঁলোকৰ সামগ্ৰিক সভ্যতাটোকে ডিজিটেল মাধ্যমত বিভিন্ন প্ৰক্ৰিয়াৰে উপলব্ধ কৰোৱাৰ প্ৰচেষ্টাত অৱতীৰ্ণ হৈছে৷ কাগজ-কলম-কিতাপৰ পৰিসীমাৰ পৰা উন্নত অৱস্থালৈ গতি কৰি ইন্টাৰনেটৰ মাধ্যমেৰে মোবাইল, লেপটপৰ মাজত জ্ঞান-প্ৰজ্ঞা-চিন্তাৰ লগতে সমাজনীতি-অৰ্থনীতি-ৰাজনীতি-ব্যৱসায় আৰু সাহিত্য-সমাজ-সংস্কৃতিৰ সামগ্ৰিক উপকৰণবোৰ নিজৰ হাতৰ মুঠিতে পাব পৰা এটা অৱস্থাৰ সৃষ্টি হৈছে৷ এনে হোৱাৰ ফলশ্ৰুতিত সেই উন্নত সমাজ আৰু জাতিবোৰৰ জীৱন ধাৰণৰ মান উন্নত হোৱাৰ সমান্তৰালভাৱে মানসিকভাৱে গোটেই পৃথিৱীখনকে তেওঁলোকেই তেওঁলোকৰ কাৰ্যাৱলীৰ দ্বাৰা শাসন কৰিবলৈ আৰম্ভ কৰিছে৷ সভ্যতাৰ ডিজিটেলকৰণৰ এই প্ৰক্ৰিয়াটোৰ লগতে প্ৰত্যেকটো ভাষা আৰু ভাষাটোৰ ইউনিক’ডৰ প্ৰসংগটোৱেও সমানে প্ৰতিষ্ঠা লাভ কৰিছে৷  

উত্তৰ-পূৰ্বাঞ্চল বা অসমত বসবাস কৰা ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি-জনগোষ্ঠীবোৰেও তেওঁলোকৰ সমাজ-সাহিত্য-সংস্কৃতিৰ সমলবোৰ ইন্টাৰনেটৰ জৰিয়তে আৰু ডিজিটেল পৃথিৱীখনত সংৰক্ষণৰ বাবে কাম কৰিছে৷ কিন্তু এতিয়াও আমাৰ ভাষা-সংস্কৃতি-সাহিত্যৰ বহুতো সমল বা বিষয় ডিজিটেল মাধ্যমত উপলব্ধ হ’বলৈ বাকী৷ অসমীয়া ভাষাই আজিৰ তাৰিখতো ইউনিকড ফ’ৰামত নিজৰ ভাষিক স্থান পৃথকভাৱে পাবলৈ সক্ষম হোৱা নাই৷ ইয়াৰ মূল কাৰণ হৈছে আমাৰ ভাষাটোৰ ডিজিটেল সমল ইন্টাৰনেটত অতি তাকৰ আৰু ডিজিটেল মাধ্যমত ভাষা-সাহিত্য-সংস্কৃতিক সমৃদ্ধ কৰিবলৈ তাৰ বাবে প্ৰয়োজন হোৱা তাত্ত্বিক কথাবোৰ বুজিব পৰা আৰু তাৰ বাবে কাম কৰিবপৰা মানুহৰ সংখ্যা তেনেই কম পৰিমাণৰ৷ ডিজিটেল মাধ্যমত এটা জাতিৰ সামগ্ৰিক বিষয়বোৰ উপলব্ধ কৰাবলৈ হ’লে তাৰ বাবে একাংশ মানুহে নিশ্বচয়কৈ কাম কৰিব লাগিব৷ তাৰ ভিতৰত ৱিকিপিডিয়া, ৱিকিউৎসত লিখা, ই-আলোচনী, ব্লগ আদিত ছপা মাধ্যমৰদৰেই লিখা-মেলা কৰা৷ সংস্কৃতিৰ বিষয়বোৰ ইউটিউবত সংৰক্ষণ কৰা আদি৷  কিন্তু এইকামবোৰ কোনে কৰিব? ইয়াৰ বাবে কেনেধৰণৰ জ্ঞানৰ প্ৰয়োজন হ’ব?

প্ৰস্তাৱিত গৱেষণাপত্ৰখনত উচ্চ শিক্ষা গ্ৰহণ প্ৰদান কৰা শৈক্ষিক অনুষ্ঠান, শিক্ষক সমাজ আৰু উচ্চ শিক্ষা গ্ৰহণ কৰা শিক্ষাৰ্থীসকলৰ যৌথ প্ৰচেষ্টাত কেনেদৰে শিক্ষা গ্ৰহণৰ সমান্তৰালভাৱে শিক্ষাৰ এটি অংশ হিচাপেই অসমীয়া সমাজ-সাহিত্য-সংস্কৃতিৰ সামগ্ৰিক বিষয়বস্তুক ডিজিটেল মাধ্যমত উপলব্ধ কৰাব পাৰি, সেই সম্পৰ্কে এক প্ৰস্তাৱনামূলক আলোচনা কৰা হৈছে৷ 

অধ্যয়নৰ উদ্দেশ্য

ডিজিটেল মাধ্যমত অসমীয়া ভাষাৰ সমল সংৰক্ষণত উচ্ছ শিক্ষানুষ্ঠানৰ ভূমিকাঃ সমস্যা আৰু সম্ভাৱনা–শীৰ্ষক প্ৰস্তাৱিত গৱেষণা পত্ৰখনৰ উদ্দেশ্য হৈছে–

১ অসমীয়া ভাষাৰ সমল সংৰক্ষণৰ বাবে ডিজিটেল মাধ্যমত গুৰুত্ব দিব লগা প্ৰধান ক্ষেত্ৰসমূহ চিনাক্ত কৰা আৰু সেইসমূহ মাধ্যমত উচ্চ শিক্ষাৰ লগত জড়িত অধ্যাপক, শিক্ষাৰ্থীসকলে কৰিব পৰা কাম-কাজ সম্পৰ্কে আলোচনা কৰা৷

২ অসমীয়া ভাষাৰ সমল সংৰক্ষণৰ বাবে ডিজিটেল মাধ্যমত কাম কৰোঁতে উচ্চ শিক্ষাৰ লগত জড়িত অধ্যাপক আৰু শিক্ষাৰ্থীসকলৰ সুবিধা আৰু অসুবিধাৰ লগতে সমস্যা আৰু সম্ভাৱনাৰ বিষয়ে আলোচনা কৰা৷

৩ ডিজিটেল মাধ্যমত অসমীয়া ভাষাৰ সমল সংৰক্ষণ কৰাৰ পৰা অসমীয়া জাতি, ভাষা-সাহিত্য-সংস্কৃতিৰ হ’ব পৰা লাভালাভ কেনেধৰণৰ; সেই সম্পৰ্কে আলোচনা কৰা৷ 

অধ্যয়নৰ পৰিসৰ 

গৱেষণা পত্ৰখনত মূলতঃ উচ্চ শিক্ষাৰ লগত মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ অধ্যাপক, শিক্ষাৰ্থীসকলক কেন্দ্ৰ কৰিহে আলোচনা কৰা হৈছে৷ ৰাজ্য হিচাপে অসম প্ৰদেশ আৰু ভাষা নিৰ্বাচনৰ ক্ষেত্ৰত অসমীয়া ভাষাক নিৰ্বাচন কৰা হৈছে৷ ডিজিটেল মাধ্যম বুলি ক’লে এখন বৃহৎ ক্ষেত্ৰক সামৰি ল’ব পৰা যায় যদিও গৱেষণাৰ সুবিধাৰ্থে কেইটামান নিৰ্দিষ্ট ক্ষেত্ৰকহে আলোচনাৰ মাজলৈ অনা হৈছে৷  

অধ্যয়নৰ পদ্ধতি 

প্ৰতিটো গৱেষণা কৰ্মৰ লগত একোখন নিৰ্দিষ্ট ক্ষেত্ৰ জড়িত হৈ থাকে৷ এই ক্ষেত্ৰৰ পৰা বিষয় সম্পৰ্কীয় তথ্য আহৰণৰ বাবে এক বা একাধিক পদ্ধতিৰ প্ৰয়োজন হয়৷ সেই পদ্ধতিসমূহৰ সঠিক প্ৰয়োগতেই গৱেষণা কৰ্মৰ সফলতা বিফলতা বহু পৰিমাণে নিৰ্ভৰ কৰে৷ প্ৰস্তাৱিত বিষয়টো আলোচনা কৰিবলৈ লওঁতে তথ্য আহৰণ, আৰু বিষয় সম্পৰ্কীয় বিশ্লেষণৰ বাবে সুকীয়া সুকীয়া পদ্ধতি প্ৰয়োগ কৰা হৈছে৷ তথ্য আহৰণৰ বাবে মূলতঃ সাক্ষাৎকাৰ আৰু ইন্টাৰনেটৰ সহায় লোৱা হৈছে৷ সংগৃহীত তথ্যসমূহ বিশ্লেষণৰ ক্ষেত্ৰত বিশ্লেষণাত্মক পদ্ধতি [Analitical Method], বিৱৰণাত্মক পদ্ধতি [Descriptive Method] য়ে মুখ্য ভূমিকা গ্ৰহণ কৰিছে৷

ডিজিটেল মাধ্যমৰ চমু পৰিচয়ঃ

ইন্টাৰনেটৰ মাধ্যমেৰে ইলেক্টনিক যন্ত্ৰসমূহৰ দ্বাৰা যোগাযোগ, মনোৰঞ্জন, তথ্য, ৰ্বাতা আদি প্ৰদান কৰিব পৰা প্ৰক্ৰিয়াটোকে সৰল অৰ্থত ডিজিটেল মিডিয়া বা মাধ্যম৷ যিকোনো বিষয়ৰ লিখিত বা দিশ্য, শ্ৰব্য মাধ্যমেৰে ডিজিটেল [বিদ্যুৎ সংকেতেৰে তথ্য নিৰ্দেশ কৰা প্ৰক্ৰিয়া] ৰূপত সংৰক্ষণ কৰি ৰাখিব পাৰে; তেনে মাধ্যমবোৰক সৰল অৰ্থত ডিজিটেল মাধ্যম বুলি ক’ব পাৰি৷ Digital media is digitized content that can be transmitted over the internet or computer networks. This can include text, audio, video, and graphics. This means that news from a TV network, newspaper, magazine, etc. that is presented on a Web site or blog can fall into this category. Most digital media are based on translating analog data into digital data.১ ডিজিটেল মাধ্যম মানে–  expressed as series of the digits  and  typically represented by values of a physical quantity such as voltage or magnetic polarization. বৰ্তমান পৃথিৱীখনৰ প্ৰায়বোৰ বস্তুৱেই ডিজিটেল ক্ষেত্ৰখনত পাব পৰাকৈ উপলব্ধ হৈ পৰিছে৷ অৰ্থাৎ বৰ্তমান সময়ত প্ৰতিটো বস্তুৱেই ইন্টাৰনেটৰ দ্বাৰা অনলাইনত উপলব্ধ৷ ডিজিটেল মাধ্যমৰ প্ৰধান বিষয় যোগাযোগ ৰক্ষা কৰা যদিও বৰ্তমান কেৱল যোগাযোগেই ইয়াৰ মুখ্য উদ্দেশ্য হৈ থকা নাই৷ বিনোদন, মনোৰঞ্জনৰ পৰা আৰম্ভ কৰি ভাষা, সংস্কৃতি, সভ্যতাৰ প্ৰতিটো বিষয়েই এতিয়া ডিজিটেল মাধ্যমৰ সৈতে সম্পৰ্কিত হৈ পৰিছে৷ ডিজিটেল মাধ্যমে এটা ভাষাৰ ভাষিক স্থিতি, সংস্কৃতি, নৃত্য, গীত-মাত আদিৰ পৰা আৰম্ভ কৰি সকলোবোৰ দিশেই বিশ্বৰ সন্মুখত দাঙি ধৰিবলৈ সক্ষম হৈছে৷ সেইদৰে জনমত গঠনত ডিজিটেল মাধ্যমৰ ছ’চিয়েল মিডিয়া হৈ পৰিছে এক ক্ষিপ্ৰ আৰু প্ৰভাৱশালী মাধ্যম৷


অসমত ডিজিটেল মাধ্যমৰ ব্যৱহাৰ আৰু ইয়াৰ প্ৰয়োগ

ডিজিটেল মাধ্যম সমগ্ৰ বিশ্বখনৰ বাবেই মুক্ত আৰু সহজতে ব্যৱহাৰ কৰিব পৰাকৈ সক্ষম৷ অসমৰ জনগণ এই মাধ্যমৰ সৈতে জড়িত হৈছে একবিংশ শতিকাৰ প্ৰথম সময়ৰ পৰাহে৷ গতিকে স্বাভাৱিকতে বিশ্বৰ উন্নত দেশ বা জাতিৰ দৰে অসমীয়া জাতি আৰু অসম এই ডিজিটেল ক্ষেত্ৰখনত নিজৰ প্ৰভুত্ব বিস্তাৰ কৰাত বহু পৰিমাণে পাছপৰি আছে৷ ভাৰতবৰ্ষত ১৯৯৫ চনৰ ১৫ আগষ্টত ইন্টাৰনেটৰ শুভাৰম্ভ হয় যদিও ২০০৫ চনৰপৰাহে ইন্টাৰনেট সেৱা সুবিধাজনক হৈ উঠে ৷ ভাৰতবৰ্ষৰ ক্ষেত্ৰতে লক্ষ্য কৰিলে দেখা যায় যে সংখ্যাগত হিচাপেও ইংৰাজী, হিন্দী, বাংলাভাষীতকৈ অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা অতি নগণ্য৷ সেইদৰে অসমীয়া জাতিৰ সামগ্ৰিক পৰিচয় থাকিলেও অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীবোৰৰ নিজা নিজা পৃথক ভাষা-সংস্কৃতি আছে৷ তেওঁলোকে ৰাজ্যিকভাষা হিচাপে অসমীয়া ভাষা ব্যৱহাৰ কৰে যদিও ব্যক্তিগত কাম- কাজত নিজৰ ভাষা ব্যৱহাৰ কৰে৷ গতিকে কাৰ্যক্ষেত্ৰত ডিজিটেল মাধ্যমত অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ স্থিতিটো কিছু কম বা দুৰ্বল হোৱাটোৱেই স্বাভাৱিক৷ আনহাতে ডিজিটেল মাধ্যমত অসমীয়া বা এইধৰণৰ প্ৰান্তীয় ভাষাবোৰতকৈ ইংৰাজী ভাষাৰ ব্যৱহাৰেই সৰ্বাধিক৷ সেইদৰে ডিজিটেল মাধ্যমৰ ভিতৰতো মানুহে ছ’চিয়েল মিডিয়াৰ সৈতেহে ঘনিষ্ঠভাৱে জড়িত৷ বাকী জাতি এটা ডিজিটেল মাধ্যমত সমৃদ্ধিশালী হ’বলৈ যিবোৰ বৌদ্ধিক কাম কৰা প্ৰয়োজন; সেই কামবোৰ কৰা মানুহৰ সংখ্য অতি কম৷ অন্যহাতে এইধৰণৰ কামবোৰ কৰাৰ বিনিময়ত অৰ্থ আহৰণ কৰিব নোৱাৰি৷ স্বেচ্ছাসেৱক হিচাপেহে কাম কৰিব লাগে৷ গতিকে স্বাভাৱিকতেই মানুহে এনে কাম কৰিবলৈ আগ্ৰহী নহয়৷ কিন্তু ইয়াৰ পাছতো আমি এই দুৰ্বলতাবোৰকে সাৰোগত কৰি বহি থাকিলে নহ’ব৷ ভাষাটোক ডিজিটেল ক্ষেত্ৰখনত সমৃদ্ধ কৰিবলৈ একাংশই কাম কৰিব লাগিব৷ ফেচবুক, ৱাটছএপ ব্যৱহাৰ কৰাৰদৰে ডিজিটেল মাধ্যমৰ আন আন ক্ষেত্ৰবোৰতো অসমীয়া জাতিটোৰ সামগ্ৰিক বিষয়বস্তুবোৰেও যাতে স্থান লাভ কৰে; তাৰ বাবে কাম কৰা দৰকাৰ৷ বৰ্তমান অসমত এই বিষয়বোৰত নিৰৱে আৰু অকলসৰে অতি কম সংখ্যক মানুহেহে কাম কৰি আছে৷ যিমান সংখ্যক মানুহে কাম কৰিব; সিমানেই ভাষাটো, ভাষাটোৰ সাহিত্য, সমাজ, সংস্কৃতিয়ে ডিজিটেল ক্ষেত্ৰখনত গুৰুত্ব লাভ কৰিব৷ ডিজিটেল ক্ষেত্ৰখনত ভাষাটোৰ সমল বৃদ্ধি হোৱা মানেই আমি বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মটোক এখন শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব পাৰিম৷

অসমীয়া ভাষাৰ সমল সংৰক্ষণৰ বাবে ডিজিটেল মাধ্যমত গুৰুত্ব দিব লগা প্ৰধান ক্ষেত্ৰসমূহ -

ৱিকিপিডিয়া

ৱিকিপিডিয়া [Wikipedia]হৈছে অব্যৱসায়িক ৱিকিমিডিয়া ফাউণ্ডেছন সমৰ্থিত এখন মুক্ত, ৱেব-ভিত্তিক, সহযোগিতামূলক, বহুভাষিক বিশ্বকোষ বা তথ্যকোষ৷ যিকোনো মানুহেই ৱিকিমিডিয়াৰ প্ৰায় সকলো প্ৰবন্ধই সম্পাদনা কৰিব পাৰে, নিজাকৈ লিখিব পাৰে আৰু বৰ্তমান বিশ্বত ইয়াৰ প্ৰায় দৈনিক ৰ লাখ সক্ৰিয় ব্যৱহাৰকাৰী আছে৷ জানুৱাৰী ২০১৩ লৈকে ২৮৫টা ভাষাত ৱিকিপিডিয়াৰ সংস্কৰণ আছে৷ ২০০১ চনত জিম্মী ৱেলছ আৰু লেৰী ছেংগাৰএ ৱিকিপিডিয়া মুকলি কৰে৷ ইন্টাৰনেটত ৱিকিপিডিয়া বিশ্বকোষধৰ্মী সুলভ তথ্যভাণ্ডাৰ হোৱাৰ উপৰিও ৱিকিপিডিয়া এতিয়া যিকোনো খবৰ, বা বাতৰিৰ বাবেও জনপ্ৰিয়, যিকেনো খবৰ খুব সোনকালেই ৱিকিপিডিয়াত আপডেট কৰা হয়৷ চমুকৈ ৱিকিপিডিয়া হৈছে ডিজিটেল পদ্ধতিৰে নিৰ্মাণ কৰা বিশ্বকোষ৷ যিকোনো ভাষাৰ সাহিত্য-সমাজ- সংস্কৃতিৰ প্ৰতিটো বিষয়েই তথ্যসহ ইয়াত লিখা হয়৷  ইয়াৰ পৃষ্ঠাত প্ৰকাশ কৰা তথ্য আৰু প্ৰকাশযোগ্য প্ৰবন্ধৰ কোনো সীমাবদ্ধতা নাই৷  প্ৰবন্ধৰ সৈতে তথ্য উৎস দিয়াতো ৱিকিপিডিয়াৰ প্ৰধান বিশেষত্ব৷ ৱিকিপিডিয়াৰ পাতত বিশ্বকোষ এখনৰ উপযোগী সকলো ধৰণৰ প্ৰবন্ধ থাকিব পাৰে৷ ইয়াৰ প্ৰবন্ধসমূহ ৱিকিপিডিয়াৰ পাঁচটা স্তম্ভ বা ৱিকিপিডিয়াৰ পঞ্চশীল নীতিৰ আধাৰত ব্যৱস্থিত৷ এটা প্ৰবন্ধৰ যুক্তিসংগত আকাৰ থকাটো ৱিকিপিডিয়াৰ অধিগম্যতাৰ বাবে প্ৰয়োজনীয়৷ কোনো এটা তথ্য ইন্চাৰনেটত বিচাৰিলে মাতৃভাষাত সেই তথ্য উপলব্ধ হোৱাটো সকলোৱে আশা কৰে৷ ৱিকিপিডিয়া হৈছে তেনে এক তথ্যকোষ৷ একেখিনি তথ্য বা নিজা ভাষাৰ সাহিত্য-সমাজ- সংস্কৃতিৰ তথ্য পৃথকে পৃথকে ৱিকিপিডিয়াত সংৰক্ষণ কৰিব পাৰি৷


ৱিকিউৎস

ৱিকিউৎস [Wikisource] ৱিকিমিডিয়া ফাউণ্ডেছনৰ দ্বাৰা পৰিচালিত মুক্ত উৎস পাঠৰ এক ডিজিটেল পুথিভঁৰাল৷ ইয়াৰ উদ্দেশ্য হৈছে লিখনিৰ ভাণ্ডাৰ বা সংকলন তৈয়াৰ কৰা, যাতে যিকোনো ভাষাৰ অনুবাদ আৰু অন্যান্য সম্পৰ্কিত বিষয় আদি ইয়াত সন্নিবিষ্ট কৰিব পাৰি৷ পূৰ্বতে কেৱল গুৰুত্বপূৰ্ণ ঐতিহাসিক পাঠ্যৰ আৰ্কাইভ সৃষ্টিত মনোনিবেশ কৰা এই প্ৰকল্প বিস্তাৰ হৈ বৰ্তমান সাধাৰণ সমলৰ পুথিভঁৰালৰ ৰূপ লৈছে৷ “Project Sourceberg’’ নামেৰে ২০০৩ চনৰ ২৪ নৱেম্বৰত আৰম্ভ হোৱা প্ৰকল্পটোক সেই বছৰৰে শেষৰফালে “Wikisource’’ নাম দিয়া হয়৷ অসমীয়া ভাষাত ৱিকিচৰ্ছ  প্ৰকল্পক “ৱিকিউৎস’’ নাম দিয়া হৈছে৷ ২০১৩ চনৰ জানুৱাৰীত অসমীয়া ৱিকিউৎসই নিজা উপ-ড’মেইন লাভ কৰে৷  ৱিকিউৎসৰ আৰম্ভ হৈছিল ২০০৩ চনৰ ২৪ নৱেম্বৰত৷ তেতিয়া ইয়াৰ নাম ৰাখিছিল- “Project Sourceberg (a play on words for Project Gutenberg) আৰু ইয়াৰ ইউআৰএল (URL) আছিল http//sources.wikipedia.org ২০০৩ চনৰ ৬ ডিচেম্বৰত ইয়াৰ সদস্যসকলে ইয়াৰ নাম “Wikisource’’ লৈ ৰূপান্তৰিত কৰিলে; কিন্তু ইউআৰএলটো ২০০৪ চনৰ ২৩ জুলাইলৈকে http//wikisource.org লৈ নিয়া হোৱা নাছিল৷ বৰ্তমান অসমৰ বহুতো পুৰণি গ্ৰন্থ ৱিকিউৎসত সংৰক্ষিত হৈ আছে৷ ৱিকিউৎস ৱেবছাইটতত পূৰ্বে প্ৰকাশিত যিকোনো গুৰুত্বপূৰ্ণ লিখনি সংগ্ৰহ কৰি ডিজিটেল ৰূপ দিয়া হয়৷ ইয়াৰ মাজৰ কিছুমান হৈছে গল্প-উপন্যাস, চিঠি, ভাষণ, ধৰ্মীয় সংকলন, সাংবিধানিক আৰু ঐতিহাসিক দলিল আদি, আইন আৰু অনান্য দলিল আদি৷ সমস্ত সংগৃহীত লিখনি কপিৰাইটমুক্ত অথবা জিএফডিএল (GFDL-GNহু Free Documentation License) লাইচেন্সৰ আওতাত থাকে৷ সকলো ভাষাৰ অনুবাদ লিখনি ইয়াত থাকিব পাৰে৷ ৱিকিউৎসত অৱদানকাৰীসকলৰ নিজস্ব কোনো বস্তু বা নিজৰ লিখনি প্ৰকাশ কৰা স্থান নহয়৷ 


ৱিকিকমন্স

ৱিকিকমন্স [Wiki Commons] হৈছে এনে এটি অনলাইন মাধ্যম; যাৰ দ্বাৰা আলোকচিত্ৰ, অডিঅ’, ভিডিঅ’ সমূহ নিৰ্দিষ্ট কিন্তু বিনামূলীয়া অনুজ্ঞাপত্ৰৰ দ্বাৰা সকলোৰে বাবে সকলো ভাষাতে মুক্তভাৱে ব্যৱহাৰ হোৱাকৈ ৰাখিব পাৰি৷ বিশ্বৰ যিকোনো প্ৰান্তৰ মানুহে এই ৱিকি কমন্সত থকা বিষয় এটা প্ৰয়োজন সাপেক্ষে ইডিট কৰিব পাৰে৷ ব্যৱহাৰ কৰিব পাৰে৷ ৱিকিমিডিয়া, ৱিকিউৎস, ৱিকিকমন্স আটাইবোৰেই ৱিকিমিডিয়া ফাইণ্ডেশ্যনৰে অন্তৰ্গত প্ৰকল্প৷ যিকোনো এটা প্ৰকল্পত নিজাকৈ একাউন্ট খুুলি ল’লেই আটাইকেইটা প্ৰকল্পতে সেই একেটা একাউন্টৰ জৰিয়তেই প্ৰৱেশ কৰিব পাৰি৷ ৱিকি কমন্সত আপলোড কৰা ফটোৰ নিৰ্দিষ্ট অনুজ্ঞাপত্ৰ থকা বাঞ্চনীয়৷ কপিৰাইট উলংঘা কৰা যিকোনো তথ্য ৱিকি কমন্সত সংৰক্ষণ কৰা নহয়৷ Wikimedia Commons is a media file repository making available public domain and freely-licensed educational media content (images, sound and video clips) to everyone, in their own language.Wikimedia Commons uses the same wiki-technology as Wikipedia and everyone can edit it.


গুগ’ল ট্ৰেন্সলেটৰ

গুগ’ল ট্ৰেন্সেলেটৰ [Google Translater] হৈছে ইন্টাৰনেটৰ দ্বাৰা উপলব্ধ আৰু গুগ’লৰ দ্বাৰা পৰিচালিত এনে এক মাধ্যম; যাৰ দ্বাৰা বিশ্বৰ যিকোনো ভাষা এটাক নিমিষতে এটা ভাষাৰ পৰা আন এটা ভাষালৈ স্থানান্তৰ কৰিব পাৰি৷ Google Translate is a free multilingual machine translation service developed by Google, to translate text. It offers a website interface, mobile ahps for Android and iOS, and an ahplication programming interface that helps developers build browser extensions and software ahplications. এই ট্ৰেন্সেলেটৰ ক্ষিপ্ৰ আৰু কথা-বাৰ্তা পাতিবলৈয়ো দুই ভিন্ন ভাষীৰ মানুহে এই মাধ্যমৰ  সহায় ল’ব পাৰে৷ মোবাইল আৰু লেপটপতে এই সুবিধা উপলব্ধ৷ বৰ্তমান বিশ্বৰ ১০৩ টা ভাষাত এই সেৱা কাৰ্যক্ষম হৈ আছে৷ অৱশ্যে অসমীয়া ভাষাত আজি পৰ্যন্ত এই সেৱা কাৰ্যক্ষম হোৱা নাই৷ ইয়াৰ প্ৰধান কাৰণ হ’ল গুগ’ল ট্ৰেন্সেলেটত অসমীয়া ভাষাৰ সমল এতিয়াও পৰ্যাপ্ত পৰিমাণে জমা হোৱা নাই৷


ইউটিউব

ইউটিউব হৈছে আমেৰিকাৰ এটা অলাইন প্লেটফৰ্ম; য’ত ভিডিঅ’গ্ৰাফী সংৰক্ষণ কৰা হয়৷ ইউটিউবৰ মুখ্য কাৰ্যালয় আছে চান ব্ৰুণ [San Bruno], কেলিফৰ্ণিয়া [Californiya] চহৰত৷ YouTube is an American video-sharing platform headquartered in San Bruno, California. Three former PayPal employees—Chad Hurley, Steve Chen, and Jawed Karim—created the service in February 2005. Google bought the site in November 2006 for US.২০০৫ চনত এই সেৱা মুকলি কৰা হয়৷ বিশ্বৰ যিকোনো প্ৰান্তৰ মানুহে বৰ্তমান সময়ত ইউটিউবত প্ৰফাইল খুলিব পাৰে আৰু ভিডিঅ’ আপলোড [সংৰক্ষণ] কৰিব পাৰে৷ বৰ্তমান বিশ্বৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতি, থলুৱা গীত, মাত, নৃত্যৰ লগতে শিক্ষা, সমাজ, ৰাজনীতি, অৰ্থনীতিৰ প্ৰতিটো বিষয়েই ভিডিঅ’ ৰূপত ইউটিউবত সংৰক্ষিত হৈ আছে৷ বৰ্তমান বিশ্বৰ লোক-সংস্কৃতি সংৰক্ষণৰ বাবে ইউটিউব বেছ জনপ্ৰিয় মাধ্যম হৈ পৰিছে ৷ 


ই-আলোচনী

ছপা-যন্ত্ৰৰ এই সুদীৰ্ঘকাল অতিক্ৰম কৰাৰ পাছত বৰ্তমান সমগ্ৰ বিশ্বৰ সাহিত্য সৃষ্টি আৰু সংৰক্ষণৰ ক্ষেত্ৰত ছপা-যন্ত্ৰৰ সমান্তৰালভাৱে বৈদ্যুতিন মাধ্যমসমূহেও সৱলভাৱে ভূমিকা গ্ৰহণ কৰিছে  ইয়াৰ ভিতৰত ই-আলোচনী এটা প্ৰধান মাধ্যম৷ ই-আলোচনী হৈছে ইন্টাৰনেটৰ মাধ্যমেৰে প্ৰচাৰ হোৱা এনে এখন আলোচনী; য’ত আলোচনী এখনৰ সম্পূৰ্ণ গুণ ৰক্ষা কৰি চলাৰ লগতে প্ৰয়োজন সাপেক্ষে তাৰ দৃশ্য-শ্ৰৱ্য মাধ্যমৰো সংযোজন কৰা হয়৷ An online magazine is a magazine published on the Internet, through bulletin board systems and other forms of public computer networks. One of the first magazines to convert from a print magazine format to being online only was the computer magazine Datamation. ২০১০ চনৰ ১৩ মাৰ্চত গুৱাহাটী প্ৰেছ ক্লাৱত অসমৰ বিশিষ্ট সাহিত্যিক নিৰুপমা বৰগোহাঞিয়ে উন্মোচন কৰা ‘এনাজৰী’ হৈছে প্ৰথম অসমীয়া ই-আলোচনী তথা অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতিৰ ই-বিপ্লৱৰ বাটকটীয়াস্বৰূপ৷  হিমজ্যোতি তালুকদাৰৰ সম্পাদনা আৰু পৰিকল্পনাৰ ফচল ‘এনাজৰী’ বৰ্তমান এখন দ্বি-ভাষিক অসমীয়া ই-আলোচনীয়ে নহয়, এক বহুমুখী প্ৰকল্প, যিটো প্ৰকল্পই ২০১৩ চনৰ অক্টোবৰ মাহত  শ্ৰীলঙ্কাৰ কলম্বোত আয়োজিত ‘ৱল্ডৰ্ ছামিট এৱাৰ্ড ২০১৩’ অনুষ্ঠানত ক্ৰিয়েটিভিটি শাখাত বিজয়ী সন্মান লাভ কৰিছিল৷ উল্লেখযোগ্য যে এই আন্তৰ্জাতিক পৰ্যায়ৰ সন্মিলনখনত এনাজৰীয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল৷ অসমীয়া ভাষাটো অনেক ই-আলোচনী বৰ্তমান প্ৰচলিত হৈ আছে৷ ইন্টাৰনেটত ইউনিক’ডৰ মাধ্যমেৰে অসমীয়া ভাষাটো সমৃদ্ধি কৰাত ই-আলোচনীৰ ভূমিকা অপৰিসীম৷ 


ব্লগ

ব্লগ হৈছে এনে এটি অনলাইন প্লেটফৰ্ম; য’ত সাহিত্য চৰ্চাপৰা সমাজ-সংস্কৃতি-ৰাজনীতি-অৰ্থনীতি বিষয়ক যিকোনো বিষয়ৰ লিখনি সংৰক্ষণ কৰিব পাৰি আৰু প্ৰকাশ কৰিব পাৰি৷ ব্লগক ব্যক্তিগত দিনলিপি বা ব্যক্তিকেন্দ্ৰিক পত্ৰিকা বুলি অভিহিত কৰিব পাৰি৷ ইন্টাৰনেটৰ সৈতে জড়িত হোৱা যিকোনো ব্যক্তিয়ে মোবাইল, লেপটপত ইচ্ছানুসৰি নিজাকৈ এটা  ব্লগ একাউন্ট সৃষ্টি কৰিব পাৰে৷ blog is a discussion or informational website published on the World Wide Web consisting of discrete, often informal diary-style text entries. Posts are typically displayed in reverse chronological order, so that the most recent post ahpears first, at the top of the web page.



ডিজিটেল মাধ্যমসমূহত অসমীয়া ভাষাৰ সমল সংৰক্ষণত উচ্চ শিক্ষানুষ্ঠানসমূহৰ ভূমিকাঃ

ডিজিটেল মিডিয়াৰ বহুতো প্ৰকাৰ আছে৷ ইয়াৰে একাংশ কেৱল মনোৰঞ্জন আৰু বিনোদনৰ লগত জড়িত৷ কিছুমান মাধ্যম তথ্য আৰু যোগাযোগৰ লগত জড়িত৷ সেইদৰে এনে কিছু মাধ্যম আছে যিবোৰ শিক্ষা, সমাজ, সাহিত্য আৰু সংস্কৃতিৰ সৈতে জড়িত৷ শিক্ষাৰ লগত জড়িত মাধ্যমসমূহে মূলতঃ শিক্ষাৰ্থীসকলৰ সহায়ক হোৱাৰ সমান্তৰালভাৱে একো একোটা জাতি, জাতিটোৰ সমাজ-সাহিত্য-সংস্কৃতিক প্ৰতিষ্ঠা কৰাতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ বৰ্তমান সময়ত ডিজিটেল মাধ্যমত যদি ভাষা এটাৰ প্ৰতিষ্ঠা সবলৰূপত কৰিব নোৱাৰি; তেন্তে সেই ভাষাটো প্ৰায় মৃত ভাষাৰ দৰেই হৈ পৰিব ৷ অসমৰ ক্ষেত্ৰতে লক্ষ্য কৰিলে দেখা যাব যে নতুন প্ৰজন্মই ইংৰাজী হিন্দী ভাষা গ্ৰহণ কৰাৰ মূল কাৰণটোৱেই হৈছে ডিজিটেল মাধ্যমত ইংৰাজী বা হিন্দী ভাষাৰ প্ৰভাৱ৷ অসমীয়া ভাষাত বিচৰা সমল পাবলৈ নাই৷ গতিকে সাম্প্ৰতিক সময়ত নিজৰ স্থানীয় বা মাতৃভাষা সবল ৰূপত প্ৰতিষ্ঠা কৰিবলৈ হ’লে ডিজিটেল মাধ্যমক এলাগী কৰি চলিলে নহ’ব৷ উচ্চ শিক্ষাও বৰ্তমান সময়ত কেৱল এটা ডিগ্ৰী প্ৰদান কৰাতে সীমাবদ্ধ হৈ থকা নাই৷ উচ্চ শিক্ষাৰ দায়িত্ব আৰু কৰ্তব্য পূৰ্বৰ সময়ৰ তুলনাত বহুগুণে বৃদ্ধি পাইছে৷ একবিংশ শতিকাৰ যুগটো হৈ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ৷ প্ৰযুক্তিৰ নতুন নতুন উপকৰণসমূহৰ সৈতে জাতি এটা বা সভ্যতা এটাক লৈ যোৱাত উচ্চ শিক্ষা প্ৰতিষ্ঠানৰো যথেষ্ট দায়িত্ব আছে৷

ভাষা এটা বা সেই ভাষাটো কোৱা সমাজ এখনক ডিজিটেল মাধ্যমত প্ৰতিষ্ঠা কৰিবলৈ কোনোবাই নহয় কোনোবাই আগভাগ ল’বই লাগিব৷ প্ৰস্তাৱিত গৱেষণাপত্ৰত উচ্চ শিক্ষাৰ লগত জড়িত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলেনো কেনেদৰে এই আগভাগ লোৱা কাৰ্যটোত ভূমিকা ল’ব পাৰে; সেই সম্পৰ্কে আলোচনা কৰা হৈছে৷ বিষয়টো যিহেতু প্ৰস্তাৱনামূলক; সেয়েহে এই বিষয়ত পৰৱৰ্তী সময়ত অধিক অধ্যয়ন আৰু গৱেষণাৰ প্ৰয়োজনীয়তা আছে৷


উচ্চ শিক্ষাৰ প্ৰশাসন, অধ্যাপকসকলৰ ভূমিকাঃ

ডিজিটেল মাধ্যমত অসমীয়া ভাষাটো সবল ৰূপত প্ৰতিষ্ঠা কৰিবলৈ হ’লে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ প্ৰশাসনৰ লগত জড়িত ব্যক্তিসকলৰ প্ৰধান ভূমিকা হ’ব এনেধৰণৰ–

১৷  ডিজিটেল ক্ষেত্ৰখনত ভাষাটো প্ৰতিষ্ঠা কৰাৰ ফলত হ’ব পৰা¸ লাভালাভ আৰু সুবিধা সম্পৰ্কে প্ৰথমে নিজেই বুজি উঠাৰ লগতে শিক্ষাৰ্থীসকলক সজাগ আৰু সচেতন কৰি তোলা৷ পৰৱৰ্তী সময়ত প্ৰশিক্ষণপ্ৰাপ্ত ৱিকিপিডিয়ান বা তেনেধৰণৰ ব্যক্তিৰ দ্বাৰা ৱিকিপিডিয়া, ৱিকিউৎস, ৱিকিকমন্স আদিত লিখিবলৈ বা বিষয় এটা আপল’ড কৰা, সংৰক্ষণ কৰা, ইডিট কৰা আদি বিষয়বোৰ শিকাবলৈ কৰ্মশালা অনুষ্ঠিত কৰা৷ কাৰণ এনেধৰণৰ কৰ্মশালা কৰিলে শিক্ষকসকলে প্ৰথমে নিজেই শিকি ল’ব পাৰিব আৰু শিক্ষাৰ্থীসকলকো পৰৱৰ্তী সময়ত শিকাব পাৰিব৷ সেইদৰে বৰ্তমান মোবাইল বা লেপটপৰ লগত জড়িত প্ৰায়খিনি মানুহেই ইউটিউবত ভিডিঅ’ আপল’ড কৰিব জানে; গতিকে অসমীয়া সাহিত্য সংস্কৃতিৰ ভাল ভাল অনুষ্ঠানসমূহ, লোক-সংস্কৃতিৰ সমলসমূহ ইউটিউবত উপলব্ধ কৰোৱাৰ বাবে বিদ্যায়তনিকভাৱে কাৰ্যপন্ঠা হাতত ল’ব লাগে৷ প্ৰত্যেকখন কলেজ, বিশ্ববিদ্যালয়ৰ নিজাকৈ এটা ইউটিউব চেনেল থকাৰ ব্যৱস্থা কৰিব লাগে৷ জাতিটোৰ ঐতিহ্য আৰু বুৰঞ্জীৰ সমলসমূহ সংৰক্ষণ কৰাৰ লগতে সাহিত্য-সমাজ-সংস্কৃতিৰ ভিডিঅ’, অডিঅ’, চিত্ৰসমূহ এই চেনেলৰ দ্বাৰা সংৰক্ষণ লগতে বিশ্বৰ আগত চিনাকী কৰি দিব পাৰে৷ সেইদৰে বৰেণ্য ব্যক্তিসকলৰ সাক্ষাৎকাৰ গ্ৰহণ কৰি সেই সাক্ষাৎকাৰ আপল’ড কৰিব পাৰে৷ কলেজ এখন অনুষ্ঠিত হোৱা বিভিন্ন চেমিনাৰ, মিটিং, উৎসৱ, প্ৰতিযোগিতাৰ ভিডিঅ’ সমূহো এই চেনেলটোৰ দ্বাৰা সংৰক্ষণ কৰিব পাৰি৷ বৰ্তমান গৱেষণাৰ বাবে জড়িত ব্যক্তিসকলে ক্ষেত্ৰ অধ্যয়ন [ফিল্ড ষ্টাডি] কৰাটো এটা প্ৰয়োজনীয় কৰ্ম৷ কিন্তু কাৰ্যক্ষেত্ৰত প্ৰায়ভাগ গৱেষকেই  ক্ষেত্ৰলৈ [ফিল্ড] নোযোৱাকৈ কিতাপ বা ফোনৰ দ্বাৰা মৌখিক যোগাযোগ কৰিয়েই গৱেষণাৰ সমল সংগ্ৰহ কৰা দেখা যায়৷ গতিকে গৱেষকে ক্ষেত্ৰলৈ গৈ সংগ্ৰহ কৰি অনা ভিডিঅ’সমূহ ইউটিউবত আপল’ড কৰাৰ নিয়ম থাকিব লাগে৷  

২৷ বিশেষকৈ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষা ব্যৱস্থাৰ চিলেবাছ [প্ৰশ্ন কাকত]ত এই বিষয়বস্তুটো অন্তৰ্ভুক্ত কৰা৷ কাৰণ বৰ্তমান  শিক্ষা ব্যৱস্থাটো মূলতঃ নম্বৰকেন্দ্ৰিক শিক্ষা ব্যৱস্থা৷ গতিকে ভাষাৰ ডিজিটেলকৰণৰ প্ৰস্তাৱিত প্ৰক্ৰিয়াটোৰ সৈতে শিক্ষাৰ্থীয়ে বিদ্যায়তনিক ক্ষেত্ৰখনত নম্বৰ পোৱাৰ ব্যৱস্থাটোও সংযোগ কৰিব লাগিব৷ কাৰণ ৱিকিপিডিয়া বা এইধৰণৰ মাধ্যমসমূহত লিখাৰ বিনিময়ত কোনো প্ৰতিষ্ঠান বা চৰকাৰৰ পৰা মূল্য পোৱা নাযায়; ব্যক্তিয়ে স্বেচ্ছাসেৱক হিচাপহে অৱদান আগবঢ়াব লাগে৷ গতিকে বহুতো আগ্ৰহী মানুহ বা শিক্ষাৰ্থীয়েও ব্যক্তিগত কাম-বন এৰি এইধৰণৰ কাম কৰিব নিবিচাৰে৷ যিহেতু স্নাতক আৰু স্নাতকোত্তৰৰ  প্ৰতিটো বিভাগৰে শিক্ষাৰ্থীসকলে প্ৰতিটো ষান্মষিকতে গৱেষণা পত্ৰ [চেমিনাৰ] বা  গৃহ-কাৰ্য [হ’ম এচাইন্টমেন্ট] জমা দিব লাগেই; বছৰে বছৰে একো একোটা বিষয়তে চেমিনাৰ, হ’ম এচাইন্টমেন্ট দি চৰ্বিত-চৰ্বন কৰি থকাতকৈ দুই এখন কাকতত চেমিনাৰ বা হ’ম এচাইন্টমেন্ট দি বাকীবোৰ কাকতত আভ্যন্তৰীণ নম্বৰ পাবলৈ ৱিকিপিডিয়াত একো একোটা ভাল প্ৰবন্ধ জমা দিয়াৰ ব্যৱস্থা কৰিব পাৰে৷ চেমিনাৰ, হ’ম এচাইন্টমেন্টত নম্বৰ দিয়াৰ পাছত সেয়া বিভাগৰ এচুকত পৰিহে থাকে৷ তাতকৈ ৱিকিপিডিয়াত লিখিলে কলেজখনৰ বৌদ্ধিক দিশটো সমৃদ্ধি হোৱাৰ লগতে গোটেই অসম দেশ আৰু অসমীয়া ভাষাটোৱেই সমৃদ্ধিশালী হ’ব৷ ইয়াৰ কাৰণে উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব পাৰে৷ ইতিমধ্যেই বিশ্বৰ বহুকেইখন বিশ্ববিদ্যালয়, কলেজে এই কামটো আৰম্ভ কৰিছে৷

৩৷ কলেজ, বিশ্ববিদ্যালয়ৰ প্ৰশাসনে ৱিকিপিডিয়া, ৱিকিউৎস, ই-আলোচনী, গুগ’ল ট্ৰেন্সেলেটৰ আদিত লিখিবলৈবা অনুবাদ কৰিবলৈ উৎসাহিত কৰিবলৈ বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিব পাৰে৷ বাৰ্ষিক অধিৱেশন বা কলেজ উইকৰ প্ৰতিযোগিতাসমূহৰ ভিতৰত ‘ৱিকিপিডিয়াত প্ৰবন্ধ লিখা প্ৰতিযোগিতা’ অনুষ্ঠিত কৰিব পাৰে৷ সেইদৰে ‘পুৰণি গ্ৰন্থ বিচৰা প্ৰতিযোগিতা’ বা ‘ৱিকিউৎস’ ত পুৰণি গ্ৰন্থ আপলোড কৰা প্ৰতিযোগিতা অনুষ্ঠিত কৰিব পাৰে৷ একো একোখন কলেজৰ প্ৰত্যেকটো বিভাগতে কিছু সংখ্যক অতি গুৰুত্বপূৰ্ণ গ্ৰন্থ মজুত থাকেই৷ বা এই গ্ৰন্থসমূহ বৰ্তমান সময়ত বিভিন্ন বিশ্ববিদ্যালয়ৰ লাইব্ৰেৰীত পিডিএফ ৰূপত পোৱা যায়৷ কিন্তু ৱিকিউৎসত এই গ্ৰন্থসমূহ ইউনিক’ড ৰূপত উপলদ্ধ কৰোৱাৰ প্ৰয়োজন আছে৷ ইউনিক’ড ৰূপত উপলব্ধ হ’লেহে বিষয় এটা চাৰ্চ কৰিব পৰা যাব৷ আৰু ইউনিক’ডত ভাষাটোৰ সমল বৃদ্ধি হ’ব৷

৪৷ প্ৰত্যেকখন কলেজৰে পৰা যেনেকৈ প্ৰতিটো বছৰতে একোখন বাৰ্ষিক আলোচনী প্ৰকাশ হয়; ঠিক সেইদৰে কলেজবোৰে নিজাকৈ এখন ই-আলোচনী [e-megazine] প্ৰকাশ কৰাৰ ব্যৱস্থা কৰিব লাগে৷ এই ই-আলোচনীখন প্ৰতিটো বছৰতে এটা বা দুটা সংখ্যা হ’লেও  প্ৰকাশ কৰাৰ ব্যৱস্থা কৰিব লাগে৷ বৰ্তমান গৱেষণাৰ বাবেও ই-আলোচনীসমূহে পাঠক আৰু গৱেষকক বিভিন্ন প্ৰকাৰে সহায় কৰি আহিছে৷ ই-আলোচনী এখনত প্ৰকাশিত লেখাবোৰে ইউনিক’ডত অসমীয়া ভাষাটোৰ সমল বৃদ্ধিৰ ক্ষেত্ৰটো যথেষ্ট সহায়  কৰে৷ অসমীয়া ইউনিক’ডে আজিও বাংলা ভাষাৰ সৈতে একেটা ডমেইনতে স্বীকৃতি লাভ কৰি আছে৷ অসমীয়া হিচাপে পৃথক ডমেইন নোপোৱাৰ মূলতে হৈছে ইন্টাৰনেটত ভাষাটোৰ সমলৰ অভাৱ৷

৫৷ UGC ৰ অন্তৰ্গত ছমহীয়া চাৰ্টিফিকেট ক’ৰ্চবোৰৰ দৰে ৱিকিপিডিয়া বা ৱিকিউৎসত লিখা বিষয়টোকো লৈ এটা চাৰ্টিফিকেট ক’ৰ্চ খুলিব পৰা যায়৷ এনে কৰিলে স্থানীয় ৰাজ্যসমূহৰ ভাষা-সাহিত্য-সংস্কৃতিৰ সমল ইন্টাৰনেটত বৃদ্ধি পাব৷ ভাৰত চৰকাৰে কিছু বছৰৰ পৰা বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ সহযোগত ‘বিকাশপেডিয়া’ [vikashpedia] শীৰ্ষক নামেৰে এটা পৰ্টেল খুলি ভাৰতৰ সমাজ-সাহিত্য-সংস্কৃতিৰ কিছু তথ্য ইন্টাৰনেটত আপল’ড কৰাৰ চেষ্টা কৰিছে৷ এইধৰণৰ চৰকাৰী পৃষ্ঠপোষকতাত বিভিন্ন ভাষাৰ ডিজিটেলকৰণৰ বাবে কাম কৰাৰ প্ৰয়োজন আছে৷ নৰ্থ লখিমপুৰ কলেজে [অটনমাছ] নিজাকৈ এখন কাকত প্ৰস্তুত কৰিছে; য’ত অসমীয়া ভাষাত ডিটিপি শিকোৱা, আৰ্হিপাঠ চাবলৈ শিকোৱা আদি কামৰ লগতে আন বহুতো সময়োপযোগী কাম হাতত লৈছে[২] এইধৰণৰ কাকত অসমৰ বিশ্ববিদ্যালয়, মহাবিদ্যালয়সমূহে গ্ৰহণ কৰা দৰকাৰ৷ অসমীয়া ভাষাত কম্পিউটাৰত ডিটিপি কৰা লোকৰ সংখ্যা বাঢ়িলেহে ভাষাটোৰ ডিজিটেলকৰণৰ কাম ক্ষিপ্ৰ হ’ব৷

৬৷ অসমীয়া ভাষাৰ ডিজিটেলকৰণৰ বিষয়টোক লৈ উচ্ছ শিক্ষাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ গৱেষণা পত্ৰ [national seminar], বক্তৃতা প্ৰতিযোগিতা আদিৰ আয়োজন কৰি জনসাধাৰণক বিষয়টোৰ প্ৰতি সজাগ আৰু সচেতন কৰিব পাৰে৷ 


শিক্ষাৰ্থীসকলৰ ভূমিকাঃ

ডিজিটেল মাধ্যমত অসমীয়া ভাষাটো সবল ৰূপত প্ৰতিষ্ঠা কৰিবলৈ হ’লে উচ্ছ শিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ শিক্ষাৰ্থীসকলৰ প্ৰধান ভূমিকা হ’ব–

১৷ উচ্চ শিক্ষা গ্ৰহণৰ সমান্তৰালভাৱে নিজৰ ভাষা-সাহিত্য-সংস্কৃতিটোৰ প্ৰতি শিক্ষাৰ্থীসকলো  দায়বদ্ধ হোৱাটো প্ৰয়োজনীয়৷ আৰু এই দায়বদ্ধ ভাৱটো আনি দিব লাগিব উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহে৷ যদি সমসাময়িক সমাজ ব্যৱস্থাৰ সৈতে সমাজখনৰ প্ৰচলিত সামগ্ৰিক দিশবোৰ সক্ষম কৰি ৰাখিব নোৱাৰি; তেন্তে অন্য প্ৰভাৱশালী জাতি, সংস্কৃতিয়ে আমাৰ থলুৱা সংস্কৃতি গ্ৰাস কৰিব৷ স্বাভিমানী কোনো জাতিয়েই নিজৰ বৰ্ণিল সংস্কৃতি ত্যাগ কৰি পশ্চিমীয়া সংস্কৃতি গ্ৰহণ কৰাৰ পক্ষপাতি নহয়৷ আনৰ ভাল সংস্কৃতি গ্ৰহণ কৰা যেনেদৰে প্ৰয়োজনীয়; ঠিক সেইদৰে নিজৰ সমাজ, সংস্কৃতিক বিশ্বৰ আগত প্ৰতিষ্ঠা কৰাৰ দায়িত্বও আমি মূৰ পাতি ল’ব লাগিব আৰু বৰ্তমান সময়ত ডিজিটেল মাধ্যমে এই কামটো কৰাৰ সহজ সুবিধা প্ৰদান কৰিছে৷ বৰ্তমান সময়ত নব্য মাধ্যমসমূহৰ এনে বহুতো পৰ্টেল আছে; য’ত শিক্ষাৰ্থীসকলে নিজৰ বিদ্যায়তনিক ক্ষেত্ৰখনৰ লগতে জাতি, সমাজ, সংস্কৃতিৰ সংৰক্ষণ আৰু সংবদ্ধৰ্নৰ বাবেও কাম কৰিব পাৰে আৰু এই পৰ্টেলবোৰত এবাৰ কিবা তথ্য সংৰক্ষণ কৰাৰ পাছত যুগ যুগ ধৰি ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষণ হৈ থাকিব৷ মুঠতে শীক্ষাৰ্থীসকলে এই দিশবোৰ অনুধাৱন কৰি কাম কৰি গ’লেই হ’ল৷

২৷ বৰ্তমান শিক্ষিত নৱ-প্ৰজন্মই নিজা উদ্যোগতে বহুখিনি কাম কৰিব পাৰে৷ বিকিপিডিয়া, ৱিকিউৎস, বিকাশপিডিয়া, গুগ’ল মেপ, গুগ’ল ট্ৰেন্সেলেটৰ বা ব্লগ আদিত কাম কৰিবলৈ তেওঁলোকৰ মাত্ৰ আগ্ৰহ থাকিলেই হ’ল৷ যিকোনো নতুন ঠাই, ব্যৱসায়িক প্ৰতিষ্ঠান, ৰাজহুৱা স্থান, বজাৰ, বিদ্যালয়, পৰ্যটনৰ স্থান আদিবোৰ সকলোৱেই গুগ’ল মেপত চিনাক্ত কৰি ইংৰাজী ভাষাৰ সমান্তৰালভাৱে নিজৰ স্থানীয় ভাষাতো ‘লেবেল’ সৃষ্টি কৰিব পাৰে৷ এনে কৰিলে নিজৰ ভাষাটো প্ৰতিষ্ঠা হোৱাৰ লগতে যোগাযোগ, যাতায়াত আদিৰ বাবেও সাধাৰণ মানুহখিনিৰ যথেষ্ট সহায়ক হ’ব৷ বৰ্তমান ঠাই চিনাক্ত কৰিবলৈ গুগ’ল মেপ আটাইতকৈ সহজ আৰু সৰল মাধ্যম৷ সেইদৰে ‘গুগ’ল ট্ৰেন্সেলেটৰ’ পৰ্টেলটোত অসমীয়া ভাষাৰ সমল বৃদ্ধিৰ বাবে যথেষ্ট কাম কৰিবলৈ এতিয়াও বাকী আছে৷ গুগ’লে নিৰ্দেশ কৰা নিৰ্দিষ্ট বাক্যবোৰ অসমীয়া ভাষালৈ অনুবাদ কৰিলে অসমীয়া ভাষায়ো এসময়ত গুগ’ল ট্ৰেন্সলেটৰত স্থান পাবলৈ সক্ষম হ’ব৷ সেইদৰে নতুন প্ৰজন্মই সাহিত্য চৰ্চাৰ বাবে ইন্টাৰনেটৰ ফেচবুক মাধ্যমক গ্ৰহণ কৰিছে যদিও নিজাকৈ ব্লগ খুলি সেই ব্লগৰ মাধ্যমেৰেও সাহিত্য চৰ্চা কৰিব পাৰে৷ 

৩৷ নতুন প্ৰজন্মই বিদ্যায়তনিক কাম-কাজত  ইন্টাৰনেটৰ দ্বাৰা যথেষ্ট সহায় লাভ কৰে৷ উচ্চ শিক্ষাৰ ইংৰাজী মাধ্যমৰ প্ৰায়বোৰ বিষয়েই বৰ্তমান  ইন্টাৰনেটত উপলব্ধ হৈছে৷ কিন্তু অসমৰ ক্ষেত্ৰত এটা প্ৰধান সমস্যা হ’ল অসমীয়া সাহিত্য-সমাজ-সংস্কৃতিৰ প্ৰায়বোৰ বিষয়  ইন্টাৰনেটত পাবলৈ নাই৷ পাবলৈ নাই মানে ইন্টাৰনেটৰ যিকোনো পৰ্টেলত এই বিষয়বোৰ লিখা মানুহৰ অভাৱ৷ আকৌ  ইন্টাৰনেটত যিকোনো তথ্য বিচাৰিলে বেছিভাগ লেখাই অসমীয়া ভাষাৰ পৰিৱৰ্তে ইংৰাজী, হিন্দী বা বঙলা ভাষাতহে পোৱা যায়৷ যাৰ ফলত অসমৰ নতুন প্ৰজন্মটোৱে অসমীয়া ভাষা শিকাৰ সলনি ইংৰাজী ভাষা শিকিবলৈহে আগ্ৰহ প্ৰকাশ কৰে৷ যদি নতুন প্ৰজন্মটোৱে এনেদৰে নিজৰ ভাষা এৰি অন্য ভাষাৰ আশ্ৰয় ল’ব লগা হয়; তেন্তে ভৱিষ্যতে অসমীয়া ভাষা কোৱা লোকৰ সংখ্য অধিক কমি আহিব আৰু ভাষাটোৰ মৃত্যু হ’ব৷ গতিকে আমি ডিজিটেল ক্ষেত্ৰখনত নিজৰ ভাষাটো সমৃদ্ধি কৰাটো অতি প্ৰয়োজনীয়৷ যাতে ব্ৰাউজাৰত কিবা এটা চাৰ্চ কৰিলে কিছু হ’লেও নিজৰ ভাষাটোত সমল বিচাৰি পোৱা যায়৷ এই কামটো কৰিব লাগিব শিক্ষিতসকলে৷ গতিকে ছ’চিয়েল মিডিয়াত সময় দিয়াৰ লগে লগে এইধৰণৰ কামবোৰতো মনযোগ দিয়া দৰকাৰ৷ আৰু এই কামবোৰ কৰিবলৈ শিক্ষাৰ্থীসকলক উচ্ছ শিক্ষাই অনুপ্ৰাণিত কৰিব লাগিব৷

৪৷ কলেজ-বিশ্ববিদ্যালয়ৰ ‘ছাত্ৰ একতা সভা’ৰ বিষয়ববীয়াসকলে অসমীয়া ভাষাটোৰ ডিজিটেলকণৰ বিষয়টোত গুৰুত্ব দিব লাগে৷ ছাত্ৰ একতা সভাই প্ৰশাসনযন্ত্ৰক ভাষাটোৰ ডিজিটেলকৰণৰ বাবে পদক্ষেপ ল’বলৈ বাধ্য কৰিব পাৰে; সেইদৰে ছাত্ৰ একতা সভাবোৰেও নিজা প্ৰচেষ্টাত শিক্ষাৰ্থীসকলৰ মাজত কৰ্মশালা, আলোচনা চক্ৰ আদি অনুষ্ঠিত কৰিব সজাগ আৰু সচেতন কৰিব পাৰে৷


ডিজিটেল মাধ্যমত অসমীয়া ভাষাৰ সমল সংৰক্ষণত উচ্ছ শিক্ষানুষ্ঠানৰ ভূমিকাঃ সমস্যা আৰু সম্ভাৱনা

★সমস্যাঃ

ডিজিটেল মাধ্যমত অসমীয়া ভাষাৰ সমল সংৰক্ষণত উচ্চ শিক্ষানুষ্ঠানৰ ভূমিকাৰ কথা কওঁতে সমস্যাৰ কথা আলোচনা কৰাটোও উচিত হ’ব৷ সমস্যা বুলি ক’লে যিকোনো এটা সমস্যাৰ কথা চিনাক্ত কৰিব নোৱাৰি৷ কাৰণ উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহৰ আগ্ৰহ হ’লে এই কামটো কৰাৰ ক্ষেত্ৰত কোনো সমস্যাৰ সৃষ্টি নহয়৷ কিন্তু শিক্ষক, অধ্যাপকসকলে ভাষাটোৰ ডিজিটেলকৰণৰ পৰা হ’ব পৰা লাভৰ সম্পৰ্কে নিজে অৱগত হ’ব লাগিব৷ সেইদৰে বিশ্ববিদ্যালয়সসমূহৰ চিলেবাছ আৰু প্ৰশ্ন কাকত সৃষ্টি কৰা নিৰ্বাচকসকলৰ ইচ্ছা আৰু আগ্ৰহ হ’লে চিলেবাছতো এই গতিশীল আৰু সময়োপযোগী বিষয়টো অন্তৰ্ভূক্তি কৰিব পাৰে৷ কিন্তু যদিহে বিষয়টোৰ গুৰুত্ব নেতৃস্থানীয় অধ্যাপক, প্ৰশাসনৰ লগত জড়িত ব্যক্তিসকলেই বুজি নুঠে; তেতিয়া প্ৰস্তাৱিত বিষয়বোৰ প্ৰচলন কৰাত যথেষ্ট অসুবিধা হ’ব৷ আৰু দুটা সমস্যাৰ কথা উল্লেখ কৰিব পাৰি৷ সেয়া হ’ল–

১৷ উচ্চ শিক্ষানুষ্ঠানত পৰ্যাপ্ত পৰিমাণে কম্পিউটাৰ শিক্ষা বা ‘কম্পিউটাৰ লেব’ থাকিব লাগিব৷ কাৰণ কিছুমান কাম মোবাইলেৰে সম্পাদন কৰিব পাৰি যদিও কম্পিউটাৰত এই কাম কৰিবলৈ বেছি সুবিধাজনক হয়৷

২৷  ইন্টাৰনেটৰ উপযুক্ত সুবিধা থাকিব লাগিব৷ কলেজ, বিশ্ববিদ্যালয়বোৰত ফ্ৰি-ৱাইফাইৰ ব্যৱস্থা কৰাৰ প্ৰয়োজন আছে৷ আৰু বহুতো কলেজত ইতিমধ্যেই এই সুবিধা আছে৷

বৰ্তমান অসমৰ বিভিন্ন প্ৰান্তৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰি থকা শিক্ষাৰ্থীৰ লগতে অন্যান্য বহুতো ব্যক্তিয়ে স্বেচ্চাসেৱক হিচাপে এই ডিজিটেল মাধ্যমবোৰত কাম কৰি আছে৷ তেওঁলোকে নিজৰ জাতিটোৰ প্ৰতি দায়বদ্ধ বা ভাষাটোৰ প্ৰতি থকা ভালপোৱাৰ বাবেই এই কাম কৰি আছে৷ তেওঁলোকক ৰাজহুৱা কোনো স্বীকৃতি দিয়াটো নহয়েই; আনকি তেওঁলোকে কৰি থকা কামটো বুজি পোৱা লোকৰ সংখ্যাও অসমত তেনেই কম৷ সেয়েহে অসমৰ উচ্ছ শিক্ষা প্ৰতিষ্ঠানসমূহে ভাষাটোৰ ডিজিটেলকৰণৰ এই বিষয়টোত মনযোগ দিয়া দৰকাৰ৷ 


★সম্ভাৱনাঃ

ডিজিটেল মাধ্যমত অসমীয়া ভাষাৰ সমল সংৰক্ষণত উচ্ছ শিক্ষানুষ্ঠানৰ ভূমিকাৰ কথা কওঁতে সম্ভাৱনাৰ কথা আলোচনা কৰাটোও উচিত হ’ব৷ বহুতৰে মনত প্ৰশ্ন হয় যে কি কাৰণেনো ডিজিটেল মাধ্যমত ভাষাটো প্ৰতিষ্ঠা কৰিব লাগে৷  ডিজিটেল মাধ্যমত ভাষাটো সমৃদ্ধি কৰা মানে ছপা মাধ্যমক বাদ দিয়াটো নুবুজায়৷ বৰঞ্চ ডিজিটেল মাধ্যমে ছপা মাধ্যমক অধিক শক্তিশালীহে কৰি তুলিব৷ বৰ্তমান সমাজৰ গৰিষ্ঠ সংখ্যক ব্যক্তিৰ হাততে স্মাৰ্টফোন আছে৷ ইচ্ছা কৰিলেই ছেকেণ্ডতে যিকোনো তথ্য এই স্মাৰ্টফোনৰ দ্বাৰা বিচাৰিব পাৰি৷ গতিকে যেতিয়া গ্ৰাহকে এটা তথ্য বিচাৰোতে প্ৰয়োজনীয় তথ্যখিনি নাপাব বা বিচৰাখিনি পালেও নিজৰ ভাষাটোত নাপাব; তেতিয়া তেওঁ সেই ভাষাটোৰ প্ৰতি অনীহা প্ৰকাশ কৰিব আৰু অন্য ভাষা শিকিবলৈ আগ্ৰহ প্ৰকাশ কৰিব৷ এনেদৰেই প্ৰজন্মৰ পাছত প্ৰজন্মই নিজৰ ভাষাটো ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে আন ভাষাত কাম কৰিবলৈ বাধ্য হ’ব৷ গতিকে  অসমৰ ৰাজ্যভাষাটোক গুৰুত্ব দিয়াটো সামাজিক প্ৰতিষ্ঠান হিচাপে  অসমৰ উচ্চ শিক্ষানুষ্ঠানসমূহৰ প্ৰাথমিক দায়িত্বও৷ যদিহে শিক্ষক, ছাত্ৰসকলে প্ৰতিবছৰে নিৰ্দিষ্ট কাৰ্যপদ্ধতিৰ দ্বাৰা ভাষাটোত উপলব্ধ বিভিন্ন বিষয়বস্তুক ডিজিটেল মাধ্যমত উপলব্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে; চৰকাৰেও এই বিষয়টো গুৰুত্ব সহকাৰে লয়৷ তেতিয়া প্ৰজন্মৰ পাছত প্ৰজন্মলৈ এই একেখিনি ডিজিটেল তথ্য মজুত থাকিব আৰু ভাষাটোৰ লগতে জাতিটোৱেই সমৃদ্ধিশালী হ’ব৷ 

ছপা মাধ্যমৰ বহুতো কিতাপ বৰ্তমানন পাবলৈ নাই বা কিতাপবোৰৰ ৰি-প্ৰিন্ট নাই৷ কিতাপসমূহৰ মূল বিষয়বস্তুসমূহ যদি ডিজিটেল মাধ্যমবোৰত ৱিকিউৎসৰ দ্বাৰা উপলব্ধ কৰোৱা হয়; তেন্তে ছাত্ৰ-ছাত্ৰীসকলৰ লগতে গৱেষক-গৱেষিকাসকলো যথেষ্ট উপকৃত হ’ব৷ সেইদৰে অসমীয়া সমাজ জীৱনৰ লগতে বিশ্বলৈ অৱদান আগবঢ়াই যোৱা ব্যক্তিসকলৰ বিষয়ে, সমাজ-সংস্কৃতিৰ বিষয়ে ৱিকিপিডিয়াত নিজৰ নিজৰ স্থানীয় ভাষাত তথ্য মজুত কৰা মানে সেই ব্যক্তিসকলক বা সেই সমাজ-সংস্কৃতিক এক ৰাজহুৱা স্বীকৃতি দিয়া হয়৷ বহুতে আশংকা প্ৰকাশ কৰিব পাৰে যে ডিজিটেল মাধ্যমৰ বিষয়বস্তুবোৰৰ তথ্যৰ সত্যা-সত্য কেনেধৰণৰ হ’ব৷ কিন্তু ৱিকিপিডিয়া বা এইধৰণৰ পৰ্টেলবোৰত যিকোনো বিষয় লিখিলে গৱেষণা পত্ৰৰ দৰেই প্ৰসংগসূত্ৰ দিয়াটো বাঞ্চনীয়৷ সঠিক প্ৰসংগসূত্ৰ নাথাকিলে সেই প্ৰবন্ধটো ৱিকিপিডিয়া, ৱিকিউৎসৰ যিকোনো সদস্যই ইডিট, ডিলিট আদি কৰিব পাৰে৷ 

ডিজিটেল মাধ্যমত ভাষাটোৰ বিভিন্ন সমল মজুত থকা মানে আমি যিকোনো মুহূৰ্ততে প্ৰয়োজন সাপেক্ষে নিজৰ মোবাইলটোৰ দ্বাৰাই সেয়া চাব পাৰো৷ প্ৰয়োজনমতে ব্যৱহাৰ কৰিব পাৰো৷ কিতাপ, আলোচনী, বাতৰি-কাকত আদিও বৰ্তমান ডিজিটেল মাধ্যমতে চাব পৰাকৈ উপলব্ধ হৈছে৷ গতিকে প্ৰযুক্তিৰ এই সা-সুবিধাসমূহ আমাৰ অসমীয়া জাতিয়েও গ্ৰহণ কৰি বিশ্বৰ আগত নিজৰ স্থান অক্ষুন্ন ৰখা দৰকাৰ আৰু অসমৰ উচ্ছ শিক্ষাই এই প্ৰত্যাহ্বান গ্ৰহণ কৰি সমগ্ৰ বিষয়টোতে অভিভাৱকৰ দৰে ভূমিকা গ্ৰহণ কৰা প্ৰয়োজন আছে৷ 


উপসংহাৰঃ

পৰিশেষত গৱেষণাৰ পৰা নিম্নোক্ত সিদ্ধান্তসমূহত উপনীত হ’ব পাৰি৷ 

১৷  উত্তৰ-পূৰ্বাঞ্চল বা অসমত বসবাস কৰা ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি-জনগোষ্ঠীবোৰেও তেওঁলোকৰ সমাজ-সাহিত্য-সংস্কৃতিৰ সমলবোৰ  ইন্টাৰনেটৰ জৰিয়তে আৰু ডিজিটেল পৃথিৱীখনত সংৰক্ষণৰ বাবে নিজা আৰু ব্যক্তিগত প্ৰচেষ্টাৰে কাম কৰি আছে৷ কিন্তু এতিয়াও আমাৰ ভাষা-সংস্কৃতি-সাহিত্যৰ বহুতো সমল বা বিষয় ডিজিটেল মাধ্যমত উপলব্ধ হ’বলৈ বাকী৷ অসমীয়া ভাষাই আজিৰ তাৰিখতো ইউনিক’ড ফ’ৰামত নিজৰ ভাষিক স্থান পৃথকভাৱে পাবলৈ সক্ষম হোৱা নাই৷ ইয়াৰ মূল কাৰণ হৈছে আমাৰ ভাষাটোৰ ডিজিটেল সমল  ইন্টাৰনেটত অতি তাকৰ আৰু ডিজিটেল মাধ্যমত ভাষা-সাহিত্য-সংস্কৃতিক সমৃদ্ধ কৰিবলৈ তাৰ বাবে প্ৰয়োজন হোৱা তাত্ত্বিক কথাবোৰ বুজিব পৰা আৰু তাৰ বাবে কাম কৰিবপৰা মানুহৰ সংখ্যা তেনেই কম পৰিমাণৰ৷ এই ক্ষেত্ৰত উচ্চ শিক্ষানুষ্ঠান আৰু চৰকাৰৰ অনেক কৰণীয় আছে৷ 

২ ৷ ডিজিটেল ক্ষেত্ৰখনত ভাষাটো প্ৰতিষ্ঠা কৰাৰ ফলত হ’ব পৰা লাভালাভ সম্পৰ্কে প্ৰথমে উচ্ছ শিক্ষাৰ লগত জড়িত ব্যক্তিসকলে নিজেই বুজি উঠাৰ লগতে শিক্ষাৰ্থীসকলক সজাগ আৰু সচেতন কৰি তুলিব লাগিব আৰু পৰৱৰ্তী সময়ত প্ৰশিক্ষণপ্ৰাপ্ত ৱিকিপিডিয়ান বা তেনেধৰণৰ ব্যক্তিৰ দ্বাৰা কৰ্মশালা অনুষ্ঠিত কৰিব লাগিব৷ 

৩৷ উচ্চ শিক্ষা গ্ৰহণৰ সমান্তৰালভাৱে নিজৰ ভাষা-সাহিত্য-সংস্কৃতিটোৰ প্ৰতি শিক্ষাৰ্থীসকলো  দায়বদ্ধ হোৱা প্ৰয়োজনীয়৷ কাৰণ উচ্ছ শিক্ষা গ্ৰহণ কৰিও তেওঁলোক জীয়াই থাকিব লাগিব এইখন সমাজতে৷ যদি সমসাময়িক সমাজৰ সৈতে সমাজখনৰ সামগ্ৰিক দিশবোৰ সক্ষম কৰি ৰাখিব নোৱাৰি; তেন্তে অন্য প্ৰভাৱশালী জাতি, সংস্কৃতিয়ে আমাৰ থলুৱা সংস্কৃতি গ্ৰাস কৰিব৷ স্বাভিমানী কোনো জাতিয়েই নিজৰ বৰ্ণিল সংস্কৃতি ত্যাগ কৰি পশ্চিমীয়া সংস্কৃতি গ্ৰহণ কৰাৰ পক্ষপাতি নহয়৷ আনৰ ভাল সংস্কৃতি গ্ৰহণ কৰা যেনেদৰে প্ৰয়োজনীয়; ঠিক সেইদৰে নিজৰ সমাজ, সংস্কৃতিক বিশ্বৰ আগত প্ৰতিষ্ঠা কৰাৰ দায়িত্বও আমি মূৰ পাতি ল’ব লাগিব 

৪৷ ডিজিটেল মাধ্যমত অসমীয়া ভাষাৰ সমল সংৰক্ষণত উচ্ছ শিক্ষানুষ্ঠানৰ ভূমিকাৰ কথা কওঁতে সমস্যাৰ কথা আলোচনা কৰাটোও উচিত হ’ব৷ সমস্যা বুলি ক’লে যিকোনো এটা সমস্যাৰ কথা চিনাক্ত কৰিব নোৱাৰি৷ কাৰণ উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহৰ আগ্ৰহ হ’লে এই কামটো কৰাৰ ক্ষেত্ৰত কোনো সমস্যাৰ সৃষ্টি নহয়৷ কিন্তু শিক্ষক, অধ্যাপকসকলে ভাষাটোৰ ডিজিটেলকৰণৰ পৰা হ’ব পৰা লাভৰ সম্পৰ্কে নিজে অৱগত হ’ব লাগিব৷ সেইদৰে বিশ্ববিদ্যালয়সসমূহৰ চিলেবাছ আৰু প্ৰশ্ন কাকত সৃষ্টি কৰা নিৰ্বাচকসকলৰ ইচ্ছা আৰু আগ্ৰহ হ’লে চিলেবাছতো এই গতিশীল আৰু সময়োপযোগী বিষয়টো অন্তভূক্তি কৰিব পাৰে৷ কিন্তু যদিহে বিষয়টোৰ গুৰুত্ব নেতৃস্থানীয় অধ্যাপক, প্ৰশাসনৰ লগত জড়িত ব্যক্তিসকলেই বুজি নুঠে; তেতিয়া প্ৰস্তাৱিত বিষয়বোৰ প্ৰচলন কৰাত যথেষ্ট অসুবিধা হ’ব৷

৫৷ অসমৰ ৰাজ্যভাষাটোক গুৰুত্ব দিয়াটো সামাজিক প্ৰতিষ্ঠান হিচাপে  অসমৰ উচ্চ শিক্ষানুষ্ঠানসমূহৰ প্ৰাথমিক দায়িত্বও৷ যদিহে শিক্ষক, ছাত্ৰসকলে প্ৰতিবছৰে নিৰ্দিষ্ট কাৰ্যপদ্ধতিৰ দ্বাৰা ভাষাটোত উপলব্ধ বিভিন্ন বিষয়বস্তুক ডিজিটেল মাধ্যমত উপলব্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে; তেতিয়া প্ৰজন্মৰ পাছত প্ৰজন্মলৈ এই একেখিনি তথ্য মজুত থাকিব আৰু ভাষাটোৰ লগতে জাতিটোৱেই সমৃদ্ধি হ’ব৷ 

৬৷ ‘ডিজিটেল মাধ্যমত অসমীয়া ভাষাৰ সমল সংৰক্ষণত উচ্ছ শিক্ষানুষ্ঠানৰ ভূমিকাঃ সমস্যা আৰু সম্ভাৱনা’ শীৰ্ষক বিষয়টো যিহেতু প্ৰস্তাৱনামূলক; সেয়েহে এই বিষয়ত পৰৱৰ্তী সময়ত সূক্ষ্ম অধ্যয়ন আৰু গৱেষণাৰ প্ৰয়োজনীয়তা আছে৷

 

প্ৰসংগসূত্ৰঃ

১,https://wikispaces.psu.edu/display/IST432SP11Team14/Definition+of+Digital+Media

২, নৰ্থ লখিমপুৰ কলেজ, অসমীয়া বিভাগৰ কাকত, ২০১৯, ১০৫ কাকত, ক’ৰ পেপাৰ ৪

গ্ৰন্থপঞ্জীঃ

https://wikispaces.psu.edu/display/IST432SP11Team14/Definition+of+Digital+Media

http://legal.web.aol.com/resources/legislation/ecpa.html.  

http://www.infoworld.com/d/cloud-computing/what-cloud-computing-really-means-031>

http://www.communicationencyclopedia.com/subscriber/tocnode?id=g9781405131995 _chunk_g97814051319959_ss38-1


© ভাস্কৰ ভূঞা, গৱেষক ছাত্ৰ, গুৱাহাটী বিশ্ববিদ্যালয়,  ফোন-৮৭৫১৯৪৩৩৮৭

Post a Comment

0 Comments