@ প্ৰণৱজ্যোতি গগৈ
* UPSC civil service exam সম্পৰ্কে কিছু কথা ৷
( আৰম্ভণিৰপৰা শেষলৈকে প্ৰতিটো বিষয়বস্তুৰে বিৱৰণাত্মক লেখা৷)
( প্ৰথম খণ্ড...)
ভাৰতীয় অসামৰিক সেৱা সমূহত বিষয়া নিয়োগ কৰিবলৈ Union Public Service Commission চমুকৈ UPSC এ প্ৰত্যেক বছৰে Civil Service Exam অনুষ্ঠিত কৰে । যাৰ জড়িয়তে বিভিন্ন অসামৰিক সেৱাৰ লগত জড়িত বিষয়া যেনে- ভাৰতীয় প্ৰশাসনিক সেৱা ( IAS ) , ভাৰতীয় আৰক্ষী সেৱা ( IPS ), ভাৰতীয় বিদেশ সেৱাৰ (IFS ) বিষয়াকে অন্তৰ্ভুক্ত কৰি মুঠ ২৪ টা ক্ষেত্ৰৰ( ২টা All India Services আৰু ২২ টা অন্যান্য Central services ) বিষয়াক নিৰ্বাচিত কৰা হয় ।
এই ২৪ প্ৰকাৰৰ সেৱা সমূহক আকৌ দুটা ভাগত বিভক্ত কৰা হয় । Group A services আৰু Group B services. Group A services ৰ অৰ্থ হৈছে সাধাৰণতে ভাৰত চৰকাৰৰ নিযুক্তি দিয়া চাকৰি বা সেৱাৰ আটাইতকৈ উচ্চখাপৰ নিযুক্তি । ইয়াৰ ওপৰত প্ৰত্যক্ষ নিযুক্তি নাথাকে, পদোন্নতিৰ জড়িয়তে হে উচ্চখাপলৈ যাব পাৰি । Group B ৰ অৰ্থ হৈছে Group A ত কৈ এখাপ তলৰ নিযুক্তি ।
List of 'Group A' Services:-
*) India Administrative Service ( All India Service )
*) Indian Police Service ( All India Service )
(ওপৰত উল্লেখ কৰা দুটা All India Service. এই Service ত কেন্দ্ৰীয় চৰকাৰে নিৰ্বাচন কৰিব, প্ৰশিক্ষণ দিব আৰু Service Allot কৰিব তাৰ পাছত কোনো এখন ৰাজ্যত সেৱা প্ৰদানৰ বাবে প্ৰেৰণ কৰিব । এই বিষয়া সমূহৰ ওপৰত সেই ৰাজ্যখনৰ তাৎক্ষণিক নিয়ন্ত্ৰণ থাকিব যদিও সৰ্বোচ্চ নিয়ন্ত্ৰণ কিন্তু কেন্দ্ৰৰ হে থাকিব । আনহাতে বাকী ২২ টা Central Services ত নিযুক্তিৰ পৰা অৱসৰৰলৈকে আৰু অৱসৰৰ সময়ত লাভ কৰিব লগীয়া পেঞ্চন তথা অন্যান্য সুবিধা সমূহলৈকে সকলো কেন্দ্ৰীয় চৰকাৰেই কৰিব । )
*) Indian Foreign Service. ( IFS )
*) Indian Revenue Service. { IRS (C&CE) }
*) Indian Revenue Service. ( IT )
*) Indian Railway Traffic Service. ( IRTS )
*) Indian Railway Account Service. ( IRAS )
*) Indian Railway Personal Service. ( IRPS )
*) Railway Protection Force. ( RPF )
*) Indian Civil Accounts Service. ( ICAS )
*) Indian Defense Accounts Service . ( IDAS )
*) Indian Audit & Account Service. ( IAAS )
*) Indian Post & Telegraph Account & Finance Service.
*) Indian Defense Estate Service. ( IDES )
*) Indian Information Service ( IIS )
*) Indian Trade Service. ( ITS )
*) Indian Corporate Law Service. ( ICLS )
*) Indian Postal Service. ( IPS )
*) Indian Ordinance Factory Service. ( IOFS )
List Of 'Group B' Services :-
*) Delhi & Andaman Nicobar Island Civil Service. ( DANICS )
*) Delhi & Andaman Nicobar Island Police Service. ( DANIPS )
*) Pondicherry Civil Service( PCS )
*) Pondicherry Police Service ( PPS )
*) Armed Forces Head Quarter. ( AFHQ )
কেৰিয়াৰ হিচাপে ভাৰতীয় অসামৰিক সেৱাৰ ক্ষেত্ৰখন এক উচ্চ প্ৰস্থিতি সম্পন্ন, তথা ৰোমাঞ্চকৰতাৰে পৰিপূৰ্ণ এক কেৰিয়াৰ । ইয়াৰ বাহিৰেও এই সেৱা সমূহৰ জড়িয়তে পোনপটীয়াকৈ জনসাধাৰণৰ বাবে সেৱা আগবঢ়াব পাৰি । সেইবাবে চাগে এই অসামৰিক সেৱাত ভৰ্তি প্ৰক্ৰিয়াও যথেষ্ট কঠিন । এই সেৱা সমূহত নিৰ্বাচিত হবলৈ প্ৰাৰ্থী সকলে UPSC ৰ Civil Service Exam ত উত্তীৰ্ণ হব লাগিব । এই খিনিতে প্ৰশ্ন হয় যে এই পৰীক্ষাত বাঢ়িবলৈ প্ৰাৰ্থীৰ নূন্যতম শৈক্ষিক যোগ্যতা কিমান হব লাগিব ..? এই পৰীক্ষাত বহিবলৈ হলে প্ৰাৰ্থীগৰাকী যিকোনো শাখাৰ পৰা গ্ৰেজুৱেট হোৱাটো অথবা তাৰ সমপৰ্যায়ৰ হোৱাটো বাঞ্চনীয় । অৱশ্যে এইক্ষেত্ৰত কোনো নিৰ্দিষ্ট ধৰাবন্ধা শতকৰা শতাংশ নাথাকে । মাত্ৰ প্ৰাৰ্থীগৰাকী গ্ৰেজুৱেট হব লাগে ।
যিসকলে এই পৰীক্ষাত বঢ়িব খোজে তেনে প্ৰাৰ্থীৰ নূন্যতম বয়সৰ সীমা ৰেখা হৈছে ২১ বছৰ । অৱশ্যে বয়সৰ উচ্চসীমা বিভিন্ন Caste অনুসৰি বেলেগ বেলেগ ।
General Category :- 32 বছৰ বয়সলৈকে,
EWS :- 32 বছৰ বয়সলৈকে ( No Relaxation )
OBC :- 35 বছৰ বয়সলৈকে ( 3 Years Relaxation )
ST/SC :- 37 বছৰ বয়সলৈকে ( 5 Years Relaxation )
যিদৰে বিভিন্ন Caste অনুসৰি বয়সৰ সীমাৰেখা নিৰ্ধাৰণ কৰা হৈছে সেইদৰে এই পৰীক্ষাত কেইবাৰ দিব পাৰিব সেয়াও বিভিন্ন Caste অনুসৰি বেলেগ বেলেগ ।
General Category :- 06 Attempts
EWS :- 06 Attempts ( 10% Reservation )
OBC :- 09 Attempts
ST/SC :- Unlimited Attempt till the age limit.
উল্লেখযোগ্য যে Form Fillup ৰ ওপৰত ভিত্তি কৰি Attempts হিচাপ কৰা নহয়, Preliminary পৰীক্ষাত বঢ়িলেহে Attempts ৰ হিচাপ কৰা হয় ।
* UPSC civil service exam সম্পৰ্কে কিছু কথা ৷
( দ্বিতীয় খণ্ড... )
UPSC এ প্ৰত্যেক বছৰে অনুষ্ঠিত কৰা Civil Service Examination ৰ Form Fillup কৰোঁতে যথেষ্ঠ সাৱধানতা অৱলম্বন কৰিবা লাগে । Online ৰ মাধ্যমেৰে এই পৰীক্ষাৰ Form Fillup প্ৰক্ৰিয়া হয় । এই পৰীক্ষাৰ বাবে তিনি বাৰ প্ৰ-পত্ৰ ( Form ) পূৰ কৰিব লাগে ।
1) প্ৰাৰম্ভিক পৰীক্ষাৰ আগত পূৰ কৰা প্ৰপত্ৰ ( Prelims Form )
2) প্ৰাৰম্ভিক পৰীক্ষা উত্তীৰ্ণ হোৱাত পাছত মুখ্য পৰীক্ষাত আগত পূৰ কৰা প্ৰপত্ৰ যাক DAF-1 ( Detail Application Form-1) বুলি কোৱা হয় ।
3) মুখ্য পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পাছত সাক্ষাৎকাৰৰ বাবে পূৰ কৰা প্ৰপত্ৰ যাক DAF-2 বুলি কোৱা হয় ।
1) Prelims Form :- প্ৰাৰম্ভিক পৰীক্ষাৰ বাবে পূৰ কৰিবলগীয়া এই Form খনক দুটা প্ৰকাৰে বিভক্ত কৰা হৈছে ।
*) Part-1
*) Part-2
*) Part-1:- Part-1 ত Basic Information সমূহ সন্নিৱিষ্ট কৰিব লাগে । Basic Information মানে সেই সমূহ তথ্য, যি সমূহ সাধাৰণতে প্ৰায়বোৰ পৰীক্ষাৰ প্ৰপত্ৰ পূৰণৰ সময়ত উল্লেখ কৰিব লাগে । উদাহৰণস্বৰূপে- প্ৰাৰ্থীৰ নাম, ঠিকনা, অভিভাৱকৰ নাম , শৈক্ষিক যোগ্যতা ইত্যাদি.. । ইয়াৰ উপৰিও মুখ্য পৰীক্ষা ( Mains Exam ) ত Optional Subject হিচাপে কোনটো বিষয় লব, পৰীক্ষাৰ মাধ্যম অৰ্থাৎ কোনটো ভাষাত পৰীক্ষা দিব, কোনটো ভাৰতীয় ভাষাত Compulsory Indian Language Paper ৰ পৰীক্ষা দিব আদি তথ্য সমূহ সন্নিবিষ্ট কৰিব লাগে । এইখিনিতে উল্লেখ কৰা উচিত হব যে উত্তৰ পূৰ্বাঞ্চলৰ ছয়খন ৰাজ্য ক্ৰমে অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, নাগালেণ্ড, মেঘালয়, চিকিমৰ পৰীক্ষাৰ্থী সকলে Compulsory Indian Language কাকত খনৰ পৰীক্ষা দিব নালাগে । এই ক্ষেত্ৰত তেওঁলোকক ৰেহাই দিয়া হয় । ( কিয় ৰেহাই দিয়া হয় সেই সম্পৰ্কে পৰৱৰ্তী সময়ত বিস্তাৰিত ভাৱে আলোচনা কৰা হব)।
*) Part-2:- এই Part-2 ত
প্ৰাৰম্ভিক পৰীক্ষাৰ বাবে পৰীক্ষকেন্দ্ৰ উল্লেখ কৰিব লাগে । ( প্ৰাৰম্ভিক পৰীক্ষা সমগ্ৰ দেশৰ 72 টা কেন্দ্ৰত অনুষ্ঠিত হয় )। ইয়াৰ উপৰিও এই Part-2 ত পৰীক্ষাৰ বাবে দিব লগা মাচুলৰ কথা উল্লেখ কৰা থাকে । পৰীক্ষাৰ বাবে General, OBC, EWS প্ৰাৰ্থী সকলে 100 টকা মাচুল দিব লাগে । SC, ST, Female, PWBD ( Person With Benchmark Disability, এই PWBD ক আগতে PH অৰ্থাৎ Physically Handicap বোলা হৈছিল । 2016 চনত Rights of Persons with Disabilities Act প্ৰণয়ন হল যত উল্লেখ কৰা হৈছে যে যেতিয়া কোনো Physically Handicap লোকক Reservation দিয়া হব তেতিয়া PWBD হিচাপে নামাংকৃত কৰা হব ) প্ৰাৰ্থী সকলে আবেদন মাচুল দিব নালাগে । আবেদন মাচুল তিনিটা পদ্ধতিৰে দিব পাৰি ।
*) Cash :- Cash payment কেৱল State Bank Of India ত হে জমা কৰিব পাৰি। Cash payment কৰাৰো কিছুমান পদ্ধতি আছে । Form Fillup ৰ সময়ত Payment Slip ৰ Option এটা ওলাব এই Slip খন Printout কৰি তাৰ পাছদিনা খন বেংকলৈ গৈ বেংককৰ্মচাৰীক Slip খন দেখুৱাই 100 টকা জমা কৰিব লাগে । ( Slip খন তাৰ পাছদিনাখন হে জমা দিব লাগিব । তাৰ দুই তিনিদিন পাছত সেইখনৰ বৈধতা নাথাকিব)
*) Net Banking :- Net Banking ও SBI ৰ যোগেদি কৰিব লাগে । যিকোনো সময়তে Net Banking ৰ জড়িয়তে মাচুল দিব পাৰি ।
*) Debit Card/Credit Card :- Visa, Master, Rupay আদি সকলো Card ৰ জৰিয়তে সম্ভৱ ।
( মোৰ ব্যক্তিগত মতামত এইয়ে যে আবেদন মাচুল প্ৰদান কৰোঁতে Cash Payment কৰাতকৈ Net Banking বা Credit Card বা Debit Card ব্যৱহাৰ কৰিব লাগে । কিয়নো Cash Payment ৰ প্ৰক্ৰিয়াটোত যথেষ্ট জটিলতা থাকে । )
ইয়াৰ উপৰিও প্ৰাৰ্থী সকলে পাছপোৰ্ট চাইজৰ এখন ফটো আৰু নিজৰ চহী JPG File ত 20KB ৰ পৰা 300KB Upload কৰিব লাগে । এই Prelims ৰ Form ৰ Part-2 ত Photo ID ও আপলোড কৰিব লাগে ।Photo ID ৰ বাবে Aadhar Card, PAN Card, Driving License Voter Card আদিৰ ভিতৰত যিকোনো এটা Document হলেই হল । Prelims পৰীক্ষাৰ বাবে Photo ID হিচাপে যি ডকুমেণ্ট আপলোড কৰা হয় সেই ডকুমেণ্ট পৰীক্ষাৰ দিনা লগত লৈ যাব লাগে ।
* UPSC civil service exam সম্পৰ্কে কিছু কথা ৷
( তৃতীয় খণ্ড...)
2) Mains Form বা DAF-1 :- প্ৰাৰম্ভিক পৰীক্ষা উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থী সকলে মুখ্য পৰীক্ষাৰ বাবে পুনৰবাৰ প্ৰপত্ৰ পূৰ কৰিব লাগে । এই প্ৰপত্ৰ পূৰ কৰিবলৈ সাধাৰণতে 20 দিন মান সময় প্ৰদান কৰে । এই DAF-1 ত প্ৰাৰম্ভিক পৰীক্ষাৰ প্ৰপত্ৰ পূৰণৰ সময়ত যিসমূহ তথ্য উল্লেখ কৰিব লাগে সেই সমূহ তথ্যই সাধাৰণতে উল্লেখ কৰিব লাগে । DAF-1 ত অভিভাৱকৰ সম্পৰ্কেও কিছু তথ্য সন্নিবিষ্ট কৰিবলৈ দিয়া হয় । মাক-দেউতাক মূলতঃ কোন ৰাজ্যৰ, কোন জিলাৰ, তেওঁলোকৰ বৃত্তি কি, বাৰ্ষিক আয় কিমান আদি অভিভাৱকৰ বিষয়ে অলপ বিস্তাৰিত ভাবে সন্নিবিষ্ট কৰিবলৈ দিয়া হয় । প্ৰাৰম্ভিক পৰীক্ষাৰ বাবে পূৰণ কৰা প্ৰপত্ৰত দিয়া তথ্য সমূহো পুনৰ ইয়াত সন্নিবিষ্ট কৰিবলৈ UPSC ফালৰ পৰা দিয়া হয় যেনে Optional Subject কি, মাধ্যম কি , পৰীক্ষাৰ বাবে কেন্দ্ৰ ইত্যাদি.. । ইয়াৰ উপৰিও এই প্ৰপত্ৰৰ পূৰণৰ সময়ত কেইবাটাও ডকুমেণ্ট লগত গাঁঠি দিব লাগে । সেই কেইটা হৈছে- Date Of Birth ৰ ডকুমেণ্ট । ( Date Of Birth ৰ ডকুমেণ্টত কেৱল Matriculation ৰ চাৰ্টিফিকেট হলেই হয় য'ত DOB উল্লেখ কৰা থাকে, ইয়াৰ বাহিৰে আন কোনো ধৰণৰ ডকুমেণ্ট গ্ৰহণযোগ্য নহয় উদাহৰণ স্বৰূপে জন্মকুণ্ডলী, হস্পিটেলৰ পৰা দিয়া জন্মৰ প্ৰমাণ পত্ৰ, I-Card যত DOB থাকে, Passport, PAN Card, Voter Card আদি..) । যদি Reservation বিচাৰে তেন্তে কোনটো Category ৰ বিচাৰে তাৰ ডকুমেণ্ট । এই Reservation ক দুটা ভাগত ভাগ কৰা হৈছে।
*) Vertical Reservation :- Vertical Reservation ৰ অৰ্থ হৈছে যদি কোনো পৰীক্ষাৰ্থীয়ে Reservation নোলোৱাকৈ পৰীক্ষাত উত্তীৰ্ণ হয় বা সফল হয় তেতিয়া হলে তেওঁ Unreserved Category লৈ উন্নীত হয় । ধৰা হওক, এজন OBC category ৰ পৰীক্ষাৰ্থীয়ে Reservation নোলোৱাকৈ পৰীক্ষাত সফল হল আৰু তেওঁ Service Preference ৰ ক্ষেত্ৰতেই হওক বা আন কোনো ক্ষেত্ৰতেই পূৰ্বতে Reservation লোৱা নাছিল । ধৰা হওঁক উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীয়ে জনৰ All India Ranke 1 . এতিয়া সেই পৰীক্ষাৰ্থী জনে Service preference ত নিজৰ ৰাজ্য খন প্ৰথমে দিছিল, কিন্তু সেই ৰাজ্যখনত OBC category ৰ বাবে পদ নাই বৰঞ্চ ST, General আদি Category ৰ বাবে হে আছে, তেতিয়া তেনে ক্ষেত্ৰত সেই ছাত্ৰ জনে এই Vertical Reservation ৰ প্ৰয়োগ কৰিব পাৰে অৰ্থাৎ তেওঁ General বা ST category ৰ লাভ আদায় কৰিব পাৰে অৰ্থাৎ তেওঁ সেই Category টোলৈ উন্নীত হব পাৰে । এই Vertical Reservation ৰ Category সমূহ হৈছে ST, SC, OBC, EWS.
*) Horizontal Reservation :- PWBD, Ex Service Man ( ESM ),
DAF-1 ত গ্ৰেজুৱেচনৰ প্ৰমাণ পত্ৰ দিব লাগে। কেৱল গ্ৰেজুৱেচনৰ প্ৰমাণ পত্ৰ দিলেই হয় ইয়াৰ ওপৰত আৰু উচ্চ শিক্ষা গ্ৰহণ কৰিছে যদিও তাৰ চাৰ্টিফিকেৰ প্ৰয়োজন নাই এই DAF-1 ত। এই গ্ৰেজুৱেচন চাৰ্টিফিকেট সম্বন্ধে এই খিনিতে কিছু কথা জনোৱাটো উচিত হব । গ্ৰেজুৱেচ, কোনো ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰৰ পৰা মান্যতা প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা কৰা হলেও গ্রহণযোগ্য হব । কোনো শিক্ষা প্ৰতিষ্ঠান, যি শিক্ষাপ্ৰতিষ্ঠান সংসদ অথবা কোনো ৰাজ্যৰ বিশেষ আইনৰ দ্বাৰা গঠন কৰা হয় তেনে প্ৰতিষ্ঠানৰ পৰা গ্ৰেজুৱেচন ডিগ্ৰী হলেও গ্ৰহণযোগ্য হব । ইয়াৰ উপৰিও Deemed University ( UGC Act-1956 ৰ ধাৰা 3 অনুসৰি চৰকাৰে কিছুমান শিক্ষানুষ্ঠানক বিচাৰ বিবেচনা কৰি Deemed to the university ৰ মান্যতা প্ৰদান কৰিব পাৰে ) ৰ পৰা পৰীক্ষাৰ্থীয়ে লাভ কৰা গ্ৰেজুৱেচন ডিগ্ৰীও গ্রহণযোগ্য হয়। যদি কোনো পৰীক্ষাৰ্থীয়ে Technology সম্বন্ধীয় বিষয়ত শিক্ষা গ্ৰহণ কৰি ডিপ্লমা চাৰ্টিফিকেট লাভ কৰে; যি ডিপ্ল'মা চাৰ্টিফিকেটক ভাৰত চৰকাৰে গ্ৰেজুৱেচনৰ সমপৰ্যায়ৰ বুলি বিবেচনা কৰে তেনে ডিপ্ল'মাও গ্রহণযোগ্য। উদাহৰণ হিচাপে যদি কোনো ছাত্ৰই ইঞ্জিনীয়াৰিংত ডিপ্লমা Course কৰে তাৰ পাছত এটা পৰীক্ষা হয় তাক কোৱা হয় AMIE. এই AMIE উত্তীৰ্ণ হোৱা সকলক ভাৰত চৰকাৰে B.Tech কৰা বা B.E. কৰা বুলি মান্যতা প্ৰদান কৰে । Diploma+AMIE ভাৰত চৰকাৰৰ হিচাপ অনুসৰি ই গ্ৰেজুৱেচনৰ সমপৰ্যায়ৰ ।
DAF-2 :- Civil service ৰ মুখ্য পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত সাক্ষাৎকাৰৰ বাবে পুনৰ এখন প্ৰপত্ৰ পূৰ কৰিব লাগে । এই প্ৰপত্ৰ খনো Online ৰ মাধ্যমেৰে পূৰ কৰিব লাগে । এই প্ৰপত্ৰ খনক Detail Application Form-2 বা চমুকৈ DAF-2 বোলা হয় । এই প্ৰপত্ৰ খনত সাক্ষাৎকাৰৰ লগত সম্বন্ধ থকা বিষয়সমূহৰ তথ্য সন্নিৱিষ্ট কৰিবলৈ কোৱা হয় । ইয়াত Higher Educational Qualification অৰ্থাৎ গ্ৰেজুৱেচন কৰাৰ পাছত আৰু কিবা শৈক্ষিক যোগ্যতা আছে নেকি সেয়া উল্লেখ কৰিব লাগে। যি শৈক্ষিক যোগ্যতা থাকিব তাৰ প্ৰমানপত্ৰ লগত গাঁঠি দিব লাগে । এই DAF-2 ত আপোনাৰ Hobbies সম্পৰ্কে অৰ্থাৎ আপোনাৰ মনৰ পছন্দৰ কাম বা আপুনি কি কৰি ভাল পায় সেই সম্পৰ্কে উল্লেখ কৰিব লাগে । ( Hobbies সম্পৰ্কে পৰৱৰ্তী সময়ত বিতংকৈ উল্লেখ কৰা হব ) ইয়াৰ উপৰিও NCC/NSS আদিৰ লগত জড়িত থাকিলে তাৰ চাৰ্টিফিকেট লগত দিব লাগে । যদি আগতে চাকৰি কৰিছে বা কৰিছিল সেয়াও উল্লেখ কৰিব লাগে আৰু তাৰ প্ৰমাণপত্ৰ অৰ্থাৎ Service Joining later লগত গাঁঠি দিব লাগে।
* UPSC civil service exam সম্পৰ্কে কিছু কথা ৷
( চতুৰ্থ খণ্ড....)
UPSC Civil Service Exam তিনিটা স্তৰত অনুষ্ঠিত কৰা হয়। যিসকল পৰীক্ষাৰ্থীয়ে এই পৰীক্ষাৰ স্তৰ বা ষ্টেজ সমূহত উত্তীৰ্ণ হব নোৱাৰে তেওঁলোকক খাৰিজ কৰি দিয়া হয় অৰ্থাৎ এই পৰীক্ষাৰ 'মেৰিট লিষ্ট ' ত স্থান দখল কৰিবলৈ হলে পৰীক্ষাৰ আটাইকেইটা ষ্টেজত উত্তীৰ্ণ হোৱাটো বাঞ্চনীয় ।
এই পৰীক্ষাৰ ষ্টেজ কেইটা হৈছে :-
(১) প্ৰাৰম্ভিক পৰীক্ষা ( Preliminary Exam )
(২) মুখ্য পৰীক্ষা ( Mains Exam )
(৩) সাক্ষাৎকাৰ ( Personal Interview Test )
১) প্ৰাৰম্ভিক পৰীক্ষা :- এই পৰীক্ষাৰ প্ৰথমটো ষ্টেজ হৈছে UPSC CSE preliminary exam বা প্ৰাৰম্ভিক পৰীক্ষা । এই প্ৰাৰম্ভিক পৰীক্ষাক সাধাৰণতে IAS-Prelims বা UPSC-Prelims বুলিও কোৱা হয় । সম্ভৱত এই প্ৰাৰম্ভিক পৰীক্ষা, এই পৰীক্ষাৰ বাকী দুই ষ্টেজতকৈ তুলনামূলক ভাবে অলপ সহজ । এই পৰীক্ষাত সফল হবলৈ হলে পৰীক্ষাৰ্থী সকলে সুপৰিকল্পিত ভাৱে নিজকে এই পৰীক্ষাৰ বাবে তৈয়াৰ কৰি অধ্যয়ন কৰাটো যথেষ্ট প্ৰয়োজন । কেন্দ্ৰীয় লোকসেৱা আয়োগৰ এই ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাটো যথেষ্ট কঠিন । প্ৰত্যেক বছৰে এই পৰীক্ষাৰ বাবে প্ৰায় ৮০০ - ৯০০ টা মান পদৰ বাবে ( অৱশ্যে কিমান পদ মুকলি হব সেইটো সেই নিৰ্দিষ্ট বৰ্ষটোৰ ওপৰত ভিত্তি কৰিব, পদৰ সংখ্যা কম-বেছি হব পাৰে ) আঠ-দহ লাখ মান পৰীক্ষাৰ্থীয়ে প-পত্ৰ ( Form ) পূৰণ কৰে। ইয়াৰ পৰাই অনুমান কৰিব পৰা যায় যে এই পৰীক্ষাত প্ৰতিযোগিতা কিমান চলে। কোনো এজন পৰীক্ষাৰ্থীয়ে এই পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ সুযোগক যদি আমি শতাংশত নিৰূপন কৰোঁ তেতিয়া হব ০.০২% । সেইবাবে এই পৰীক্ষাত সেই সকল পৰীক্ষাৰ্থীয়ে সফলতা লাভ কৰে যি সকলে অসীম কষ্টৰে, একাগ্ৰতাৰে এই পৰীক্ষাৰ বাবে প্ৰস্তুতি চলায় ।
প্ৰাৰম্ভিক পৰীক্ষা ( Preliminary Exam ) ত পৰীক্ষাত দুখন Objective Types ( MCQ ) ৰ প্ৰশ্ন কাকত থাকে । প্ৰত্যেকখন প্ৰশ্ন কাকত ২০০ নম্বৰ আৰু সময় ২ ঘণ্টাকৈ নিৰ্ধাৰণ কৰা থাকে । প্ৰশ্নসমূহ ইংৰাজী আৰু হিন্দী ভাষাত উল্লেখ কৰা থাকে ।
General Studies Paper -1 চমুকৈ GS paper-1
General Studies Paper -2
, এই GS paper-2 খনক Civil Service Aptitude Test চমুকৈ CSAT-2 বুলিও কোৱা হয় । এই দুয়োখন প্ৰশ্নকাকততে অশুদ্ধ উত্তৰৰ বাবে Negative Marking 1/3 rd ও কৰা হয়। CSAT-2 প্ৰশ্ন কাকত খন Qualifying paper হিচাপেহে ধৰা হয়। ইয়াত লাভ কৰা নম্বৰ যোগ কৰা নহয় । Minimum Qualifying Marks হৈছে 33% অৰ্থাৎ ২০০ নম্বৰৰ ভিতৰত ৬৬ নম্বৰ। আনহাতে GS Paper-1 প্ৰশ্ন কাকত খনেই নিৰ্ধাৰণ কৰিব IAS- Prelims ৰ যোগ্যতা । GS Paper-1 ৰ বাবে প্ৰয়োজনীয় নূন্যতম নম্বৰ লোকসেৱা আয়োগৰ দ্বাৰা সেই নিৰ্দিষ্ট বৰ্ষটোত প্ৰাৰম্ভিক পৰীক্ষা ( Prelims ) অনুষ্ঠিত হোৱাৰ পাছত নিৰ্ধাৰণ কৰা হয় সেয়েহে ইয়াৰ Cut Of mark কিমান হব সেয়া খাটাং কৈ কোৱা জটিল; প্ৰত্যেক বছৰে কম-বেছি হৈ থাকে ।
এতিয়া আহোঁ প্ৰাৰম্ভিক পৰীক্ষাৰ বাবে কেনেদৰে প্ৰস্তুতি চলাব এই সম্পৰ্কত ।
প্ৰাৰম্ভিক পৰীক্ষাৰ প-পত্ৰ পূৰণৰ সম্পৰ্কে সাধাৰণতে কেন্দ্ৰীয় লোক সেৱা আয়োগে ফেব্ৰুৱাৰী/মাৰ্চ মাহত নিৰ্দেশনা জাৰি কৰে । এই প্ৰাৰম্ভিক পৰীক্ষা মে'/জুন মাহত অনুষ্ঠিত হয় । কেন্দ্ৰীয় অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ পৰীক্ষাৰ্থীয়ে অতি কমেও এক বছৰ অসীম কষ্ট আৰু একাগ্ৰতাৰে অধ্যয়ন কৰাটো নিতান্তই প্ৰয়োজনীয় । কাৰণ এই পৰীক্ষাৰ বিষয়সূচীৰ পৰিসৰ অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষা সমূহতকৈ যথেষ্ট পৃথক আৰু ব্যাপক। অধ্যয়নৰ সময়ছোৱাত প্ৰাৰম্ভিকৰ লগতে মুখ্য পৰীক্ষাৰ বাবেও প্ৰস্তুতি চলায় অধ্যয়ন কৰাটো উচিত । এই পৰীক্ষাৰ GS Paper-1 প্ৰশ্ন কাকত খনে সাঙুৰি লোৱা বিষয় সমূহ হৈছে---
1) Current Events of National and International Importance . :- পৰীক্ষাৰ্থী সকলে যি বছৰ পৰীক্ষা দিব সেই বছৰৰ লগতে তাৰ আগৰ বছৰৰ Current affairs সমূহ অধ্যয়ন কৰাটো এই পৰীক্ষাৰ বাবে প্ৰয়োজনীয় । ইয়াৰ লগতে যি সমূহ আন্তৰ্জাতিক পৰ্যায়ত বা ৰাষ্ট্ৰীয় পৰ্যায়ত ঘটা যি সমূহ ঘটনা-পৰিঘটনাই ভাৰতক প্ৰভাৱিত কৰাৰ অৱকাশ থাকে সেই সমূহ বিস্তাৰিত ভাবে অধ্যয়ন কৰাটো প্ৰয়োজনীয় । Current affairs ৰ বাবে মাহেকীয়া এখন আলোচনী পঢ়িব পাৰে। দৈনন্দিন বাতৰিকাকত যেনে The Hindu, The Indian Express আদি বাতৰি কাকত সমূহ অধ্যয়ন কৰিব লাগে । বিশেষকৈ পৰীক্ষাৰ এমাহ বা বিশ দিন আগৰ পৰা বাতৰি কাকত সমূহ নিয়মীয়াকৈ অধ্যয়ন কৰাটো ভাল । বাতৰি কাকত উল্লেখযোগ্য যি সমূহ ঘটনাই ভাৰতক প্ৰভাৱিত কৰে তেনে বাতৰি সমূহ অধ্যয়ন কৰাৰ উপৰিও সেই ঘটনাৰ কাৰণ সমূহ নিজাকৈ অধ্যয়ন কৰিবলৈ চেষ্টা কৰিব লাগে। বাতৰি কাকতৰ সম্পাদকীয় পৃষ্ঠাটো খুব মনোযোগেৰে অধ্যয়ন কৰিব লাগে । কাৰণ বাতৰি কাকতৰ সম্পাদকীয় পৃষ্ঠাত সমগ্ৰ বাতৰি কাকতখনৰ সাৰাংশ উল্লেখ কৰা হয় । সম্পাদকীয়ৰ লিখনি আৰু বাক্যৰ গঠন মনোযোগেৰে অধ্যয়ন কৰিলে মুখ্য পৰীক্ষা Mains Exam ত উত্তৰ লিখোঁতে যথেষ্ট সহায়ক হয় । যি সকলে ইংৰাজী ভাষাত এই পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে তেওঁলোকে বিশেষকৈ The Hindu আৰু যি সকলে হিন্দী ভাষাত প্ৰস্তুতি চলাইছে তেওঁলোকে The Jansatta কাকতখন চালে উপকৃত হব বুলি মই ভাবো।
2) History Of India and National Movement:- ইয়াৰ পৰা প্ৰত্যেক বছৰে প্ৰায় ১০-১২ টা মান প্ৰশ্ন আহে । History of India and national movement ৰ আকৌ দুটা Part আছে । History Of India আৰু Indian National Movement. দুয়োটাৰে সমান গুৰুত্ব আছে । History Of India ৰ অন্তৰ্গত বিষয় সমূহ হৈছে Ancient History ( প্ৰাচীন ভাৰতৰ ইতিহাস ) , Medieval History ( মধ্যকালীন ভাৰতৰ ইতিহাস ) আৰু Modern Indian History ( আধুনিক ভাৰতৰ ইতিহাস ) Modern Indian History ৰ indian national movement ৰ ওপৰত যথেষ্ট গুৰুত্ব দিব লাগে কাৰণ এই অংশৰ পৰা অধিকাংশ প্ৰশ্ন সোধা হয় সেয়েহে এই অংশ খৰচি মাৰি অধ্যয়ন কৰিব লাগে ।
Ancient History ৰ বা প্ৰাচীন ভাৰতীয় ইতিহাসৰ অন্তর্গত প্ৰাচীন ভাৰতীয় সভ্যতা, বৈদিক যুগ, বৌদ্ধ আৰু জৈন আদি ধৰ্মৰ বিশেষত্ব,প্ৰাচীন ভাৰতৰ ৰাজ্য ব্যৱস্থা, প্ৰাচীন ভাৰতৰ মঠ-মন্দিৰ নিৰ্মান তথা স্থাপত্য কলা,প্ৰাচীন ভাৰতৰ গুপ্ত বংশ, মৌৰ্য বংশ আদি বিষয় সমূহ অতি গুৰুত্বপূৰ্ণ Medieval History বা মধ্যকালীন ভাৰতৰ ইতিহাসৰ পৰা সাধাৰণতে দুই বা চাৰিটা হে প্ৰশ্ন অহা দেখা যায় । মধ্যকালীন ভাৰতৰ ইতিহাসৰ অন্তর্গত দিল্লীৰ চুলতানী শাসন, টোঘলক বংশ, মোগলৰ শাসনকাল,চুফী আন্দোলন, ৰাজস্থানৰ শাসক সকল, সেই সময়ত সংঘটিত হোৱা যুদ্ধ সমূহ, সেই সময়ৰ প্ৰশাসক সকলৰ শাসন ব্যৱস্থা, ইউৰোপীয় শক্তিৰ ভাৰতলৈ আগমন আদি বিষয় সমূহ অতি গুৰুত্বপূৰ্ণ ।
Modern Indian History বা আধুনিক ভাৰতৰ ইতিহাসৰ অন্তৰ্গত মোগল সাম্ৰাজ্যৰ পতন তথা পতনৰ কাৰণ, ভাৰতত ব্ৰিটিছ ঔপনিবেশিকতাবাদ, ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহ আৰু ইয়াৰ কাৰণৰ লগতে ইয়াৰ নেতা সকল, ১৮৫৭ চনৰ বিদ্ৰোহৰ পাছত ব্ৰিটিছ শাসনৰ সালসলনি আৰু পৰিৱৰ্তন, ভাৰতীয় জাতীয় কংগ্ৰেছৰ গঠন আৰু তাৰ লগত জড়িত বিষয় সমূহ, সামাজিক আন্দোলন আৰু আন্দোলনৰ লগত জড়িত নেতা সকলৰ বিচাৰ ধাৰা অফি বিষয় সমূহ যথেষ্ট গুৰুত্বপূৰ্ণ ।
Indian National Movement ৰ অন্তৰ্গত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আন্দোলন যেনে অসহযোগ আন্দোলন, ভাৰত ত্যাগ আন্দোলন তথা অন্যান্য আন্দোলন সমূহৰ বিষয়ে বিস্তৃত ভাবে অধ্যয়ন কৰাটো অতি প্ৰয়োজনীয় । গান্ধী-নেহেৰুৰ সৈতে জড়িত প্ৰত্যেকটো ঘটনা প্ৰৱাহ পুংখানুপুংখ তথ্য সমূহ অধ্যয়ন কৰাটো নিতান্তই প্ৰয়োজনীয় । ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনৰ লগত জড়িত বিষয় সমূহো যথেষ্ট গুৰুত্বপূৰ্ণ । ইতিহাসক কাহিনীৰ দৰে পঢ়িব লাগে তেতিয়া সহজে আয়ত্ব কৰিব পৰা যায় ।
3) India and World Geography:- ইয়াৰ অন্তৰ্গত বিষয় সমূহ হৈছে Physical, social, and economic Geography অৰ্থাৎ ভাৰত আৰু বিশ্বৰ ভূগোলৰ লগত জড়িত এই বিষয় সমূহ Civil Service Exam ৰ বাবে অতি গুৰুত্বপূৰ্ণ । প্ৰতি বছৰে ভূগোলৰ পৰা প্ৰায় দহ-পোন্ধৰটামান প্ৰশ্ন সন্নিবিষ্ট কৰা হয় । ভাৰতৰ প্ৰাকৃতিক,সামাজিক, অৰ্থনৈতিক ভূগোল আদিৰ পৰা বহু কেইটা প্ৰশ্ন সন্নিবিষ্ট কৰা হয় । অৱশ্যে এই বিষয়টো কিছুপৰিমানে Scientific হয় সেয়েহে এই বিষয়টো বুজিবলৈ অলপ সময়ৰ প্ৰয়োজন হয় । ভাৰতক প্ৰভাৱিত কৰা সকলো বিষয় অতি গুৰুত্বপূৰ্ণ । ইয়াৰ অন্তৰ্গত গুৰুত্বপূৰ্ণ বিষয় সমূহ হৈছে - ভাৰতৰ নদী, হিমালয়, Indian Monsoon System, খনিজ পদাৰ্থ, Demography of india, ভাৰতত থকা বিভিন্ন জনজাতি, Fundermantal of physical geography, ইয়াৰ উপৰিও Worlds important water currents,pacific ocean belt, mid Atlantic ridge, important ports, exporters, commercial and industrial areas, producers আদি সম্পৰ্কে অধ্যয়ন কৰাটোও যথেষ্ট প্ৰয়োজনীয় ।
* UPSC civil service exam সম্পৰ্কে কিছু কথা ৷
( পঞ্চম খণ্ড...)
4) Indian Polity and governance :- UPSC civil service exam ৰ প্ৰাৰম্ভিক পৰীক্ষাত প্ৰত্যেক বছৰে Indian Politiy and Governance বিষয়ক প্ৰায় দহ-পোন্ধৰটামান প্ৰশ্ন সন্নিৱিষ্ট কৰে । বিশেষকৈ Indian Constitution, Political system, Panchayatiraj system, right issues, public policy সম্পৰ্কে বিস্তাৰিত ভাবে জনাটো অতি প্ৰয়োজনীয়। ইয়াৰ বাহিৰেও সংবিধানে কেনেকৈ কাৰ্য্য কৰে, আইন কেনেদৰে তৈয়াৰ কৰা হয়, দেশ কেনেকৈ চলে, চৰকাৰে কেনেদৰে কাৰ্য্য কৰে, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ সম্বন্ধীয় বিষয়েও প্ৰশ্ন সন্নিবিষ্ট কৰা দেখা যায়। গতিকে এই বিষয় সমূহ অধ্যয়ন কৰাটো উচিত। পঞ্চায়তীৰাজ ব্যৱস্থাৰ লগত জড়িত প্ৰত্যেকটো বিষয় তথ্য সহকাৰে অধ্যয়ন কৰাটো প্ৰয়োজন। পঞ্চায়তীৰাজ ব্যৱস্থাৰ লগত জড়িত বিভিন্ন কিতাপ পত্ৰ তথা প্ৰবন্ধ সমূহ খুব মনোযোগেৰে পঢ়া উচিত । জনসাধাৰণৰ কল্যানৰ উদ্দেশ্যেৰে চৰকাৰে তৈয়াৰ কৰা বিভিন্ন আঁচনি সমূহ আৰু আঁচনি সমূহ কি দৰে ৰূপায়িত কৰা হৈছে সেই সম্পৰ্কে অধ্যয়ন কৰাটো প্ৰয়োজন । ভাৰতীয় নাগৰিকক সংবিধানে দিয়া অধিকাৰ সমূহ আৰু সেই অধিকাৰ সমূহে ভাৰতীয় নাগৰিক সকলক কি দৰে সুৰক্ষা দিছে আৰু কেনেদৰে উপকৃত কৰিছে সেই সম্পৰ্কেও বিস্তাৰিত ভাবে অধ্যয়ন কৰিব লাগে।
5) Economic and Social Development:- ইয়াৰ অন্তৰ্গত বিষয়সমূহ যেনে- Sustainable Development, Poverty, Inclusion, Demographic, Social sector initiatives আদি প্ৰাৰম্ভিক পৰীক্ষাৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ । ভাৰতৰ অৰ্থনৈতিক বিকাশ কি দৰে হৈছে আৰু ই ভাৰতীয় সমাজব্যৱস্থাত কেনেদৰে প্ৰভাৱ পেলাইছে এই বিষয়ে বিস্তাৰিত ভাবে অধ্যয়ন চলাব লাগে।
6) General issues on environmental ecology, Bio-diversity and Climate change :- ইয়াৰ পৰা প্ৰাৰম্ভিক পৰীক্ষাত যথেষ্ট সংখ্যক প্ৰশ্ন সন্নিবিষ্ট কৰা দেখা যায় । বিশেষকৈ Environmental science, Bio-diversity, Ecology , Climate Change আদি বিষয়ৰ ওপৰত যথেষ্ট সংখ্যক প্ৰশ্ন সন্নিবিষ্ট কৰে। কোনো এক নিৰ্দিষ্ট পাঠ্যপুথি নোহোৱাৰ বাবে এই সমূহ বিষয়ৰ বাবে প্ৰস্তুতি চলাওতে পৰীক্ষাৰ্থীয়ে বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হোৱা দেখা যায় । এই বিষয় সমূহৰ বাবে বিভিন্ন ধৰণৰ উৎসৰ পৰা তথ্য যুগুত কৰি তাক অধ্যয়ন কৰিব লগীয়া হয় । ইয়াত principles of environment and ecology, concepts in Bio-Diversity, Climate change phenomenon, Bio-Diversity hotspot, concepts of global warming , In-Situ, Ex-Situ Conservation, আদি বিষয় সমূহৰ সম্পৰ্কে বিস্তাৰিত ভাৱে অধ্যয়ন কৰিব লাগে । ইয়াৰ উপৰিও আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত অনুষ্ঠিত কৰা UNFCC ৰ Summits, IPCC ৰ Reports, India state of forest reports, Environment আৰু Climate change সম্পৰ্কীয় বিভিন্ন Reports সমূহো অধ্যয়ন কৰাটো প্ৰয়োজনীয় ।
7) General Science:- General Science সম্পৰ্কীয় বিভিন্ন প্ৰশ্ন UPSC এ CSE ত সন্নিবিষ্ট কৰে । সাম্প্ৰতিক সময়ত ঘটি থকা বিভিন্ন ঘটনা যাৰ অন্তৰালত Science and Technology জড়িত হৈ থাকে সাধাৰণতে তেনে প্ৰশ্ন সমূহেই সন্নিবিষ্ট কৰে । গতিকে দৈনিক ঘটি থকা বিভিন্ন ঘটনা যিবোৰত Technology জড়িত হৈ থাকে তেনে ঘটনাবোৰ অধ্যয়ন কৰা বিশেষকৈ ঘটনা সংঘটিত হোৱা কাৰণ সমূহ অধ্যয়ন কৰাটো উচিত । Civil service exam ত প্ৰায় আঠ-দহ টা মান General Science সম্বন্ধীয় প্ৰশ্ন সন্নিবিষ্ট কৰে । এই General science ৰ প্ৰস্তুতি চলাবলৈ দশম শ্ৰেণীলৈকে থকা Physics, Chemistry আৰু Biology বিষয়ৰ জ্ঞান অতি প্ৰয়োজনীয় । ইয়াৰ লগতে Nuclear Energy তথা Renewable Energy সম্পৰ্কীয় বিভিন্ন ঘটনা পৰিঘটনা সম্পৰ্কে বিশদভাৱে অধ্যয়ন কৰিব লাগে । Latest Technology Developments আৰু নতুন নতুন Technology innovations তথা সেই Technology Development ৰ Basic Principles বোৰৰ বিষয়েও অধ্যয়ন কৰিব লাগে ।
ইয়াৰ উপৰিও এই প্ৰাৰম্ভিক পৰীক্ষাত ৰাষ্ট্ৰীয় সুৰক্ষাৰ লগত জড়িত বিভিন্ন ধৰণৰ প্ৰশ্নও সন্নিৱিষ্ট কৰে যেনে ভাৰতৰ মিছাইল বা ক্ষেপনাস্ত্ৰ সম্পৰ্কে, বিভিন্ন মিছাইল বা ক্ষেপনাস্ত্ৰৰ কাৰীকৰি কৌশল তথা ক্ষমতা সম্পৰ্কে, DRDO এ কৰা বিভিন্ন উদ্ভাৱন আদি সম্পৰ্কেও প্ৰশ্ন সন্নিবিষ্ট কৰে ।
UPSC CSE Prelims General Studies paper-2 :-
এই General Studies Paper-2 প্ৰশ্ন কাকত খনক সাধাৰণতে CSAT Paper বুলিও কোৱা হয় । এই CSAT প্ৰশ্ন কাকতত লাভ কৰা নম্বৰ যোগ কৰা নহয় যদিও এই প্ৰশ্ন কাকত খনত উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক । কোনো পৰীক্ষাৰ্থীয়ে যদি GS paper-1 ত ভাল নম্বৰেৰে উত্তীৰ্ণ হোৱাৰ পাছতো যদি এই প্ৰশ্ন কাকত খনত উত্তীৰ্ণ নহয় তেন্তে সেই পৰীক্ষাৰ্থীজন প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হব নোৱাৰিব । এই CSAT প্ৰশ্ন কাকত খনৰ Minimum Qualifying Marks হৈছে 33% অৰ্থাৎ ২০০ নম্বৰৰ ভিতৰত ৬৬ নম্বৰ লাভ কৰিলেই এই কাকত খনত উত্তীৰ্ণ হব পাৰি । এই CSAT কাকত খনত অহা বিষয় সমূহ হৈছে--
1) Comprehension
2) Interpersonal Skills including Communication skills
3) Logical Reasoning and analytical ability
4) General mental ability
7) Data interpretation & Data sufficiency
* UPSC civil service exam সম্পৰ্কে কিছু কথা ৷
( ষষ্ঠ খণ্ড.... )
UPSC এ অনুষ্ঠিত কৰা Civil Service Examination ৰ প্ৰাৰম্ভিক পৰীক্ষা সমগ্ৰ দেশৰ ৭২ খন চহৰত থকা বিভিন্ন পৰীক্ষকেন্দ্ৰত একে সময়তে অনুষ্ঠিত হয় । CSE ৰ বাবে প্ৰ-পত্ৰ পূৰণ কৰাৰ সমগ্ৰ প্ৰক্ৰিয়াটো Online মাধ্যমৰ জড়িয়তে হয় । 'ফৰ্ম ফিলাপ' কৰোঁতে Optional Subject, পৰীক্ষাৰ মাধ্যম অৰ্থাৎ কোনটো ভাষাত পৰীক্ষাত অৱতীৰ্ণ হব, service preference, Service States preference আদি সমূহ উল্লেখ কৰিব লাগে । ( অৱশ্যে ফৰ্ম ফিলাপ সন্দৰ্ভত আগৰ খণ্ডত উল্লেখ কৰা হৈছে )। প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল সাধাৰণতে জুলাই মাহৰ শেষলৈ ঘোষণা কৰা হয় । যি সকল পৰীক্ষাৰ্থীয়ে এই পৰীক্ষাত উত্তীৰ্ণ হয় সেই সকল পৰীক্ষাৰ্থীয়ে CSE Main Examination ৰ কাৰণে পুনৰ বাৰ Online ৰ মাধ্যমেৰে ' ফৰ্ম ফিলাপ' কৰিব লাগে । ' ফৰ্ম ফিলাপ কৰিবলৈ সাধাৰণতে প্ৰায় ২০ দিন মান সময় প্ৰদান কৰে । এই ফৰ্ম খনক Detail Application Form চমুকৈ DAF বুলিও কোৱা হয় । Personal Interview Test ত এই DAF এ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । এতিয়া আহোঁ CSE main examination সম্পৰ্কে ।
Examination Stage-2
Civil Service Main Examination :- অসামৰিক সেৱা পৰীক্ষাৰ মুখ্য পৰীক্ষাৰ অন্তর্গত যিমান কেইখন প্ৰশ্ন কাকত থাকে সেই সকলোবোৰ বৰ্ণনাধৰ্মী অৰ্থাৎ Subjective paper । প্ৰত্যেকখন প্ৰশ্ন কাকতৰ বাবে তিনিঘণ্টাকৈ সময় আৰু ২৫০ নম্বৰ ধাৰ্য কৰা হয় । মুখ্য পৰীক্ষাত দুই প্ৰকাৰৰ প্ৰশ্নকাকত দেখা যায় । এনে কিছুমান প্ৰশ্ন কাকত থাকে যিবোৰ সকলো পৰীক্ষাৰ্থীৰ বাবে একেই আৰু এনে কিছুমান থাকে যিবোৰ পৰীক্ষাৰ্থীয়ে নিজেই বাচনি কৰি লয় যাক সহজ ভাষাত Optional subject বুলি কোৱা হয় । বিভিন্ন বিষয়ৰ Optional subject সমূহৰ প্ৰশ্নকাকতবোৰ পৃথক পৃথক । এই মুখ্য পৰীক্ষাত মুঠ ৯ খন প্ৰশ্ন কাকত থাকে যাৰ মুঠ নম্বৰ ১৭৫০ । ইয়াৰ ৯ খন প্ৰশ্ন কাকত ৭ খনৰ নম্বৰ অতি গুৰুত্বপূৰ্ণ বাকী থকা ২ খন প্ৰশ্নকাকতৰ নম্বৰ হিচাপত ধৰা নহয় অৰ্থাৎ বাকী ২ খন Qualifying paper . ইংৰাজী আৰু ভাৰতীয় ভাষাৰ প্ৰশ্ন কাকত কেইখনত পৰীক্ষাৰ্থীয়ে মাত্ৰ উত্তীৰ্ণ হলেই হল ইয়াৰ নম্বৰ যোগ কৰা নহয়। এই প্ৰশ্ন কাকত দুখনত উত্তীৰ্ণ হবলৈ পৰীক্ষাৰ্থীক নূন্যতম ২৫% নম্বৰৰ প্ৰয়োজন । এই মুখ্য পৰীক্ষাত অৱতীৰ্ণ হওঁতে এটা কথা বিশেষভাৱে মনত ৰখাৰ প্ৰয়োজন যে ফৰ্ম ফিলাপ কৰোঁতে যিটো ভাষাত এই পৰীক্ষা দিবলৈ উল্লেখ কৰা হৈছিল সেইটো ভাষাতহে উত্তৰ সমূহ লিখিব লাগিব, সেই ভাষাৰ বাহিৰে অন্যান্যb ভাষাত উত্তৰ লিখিলে উত্তৰবহী নিৰীক্ষণ কৰা নহয় । মুখ্য পৰীক্ষাত সৰ্বমুঠ ৯ খন প্ৰশ্ন কাকত থাকে । General Studies ৰ চাৰিখন প্ৰশ্ন কাকত, Essay ৰ এখন প্ৰশ্ন কাকত, General English ৰ এখন প্ৰশ্ন কাকত, Indian Language ৰ এখন প্ৰশ্ন কাকত আৰু Optional Subject ৰ দুখন প্ৰশ্ন কাকত থাকে ।
GS paper-1 :- UPSC civil service exam ৰ মুখ্য পৰীক্ষাৰ General Studies Paper-1 ৰ সৈতে সংলগ্ন বিষয় সমূহ অৰ্থাৎ যিবোৰ বিষয়ৰ পৰা প্ৰশ্ন অন্তৰ্ভুক্ত কৰা হয় সেইবোৰ হৈছে--
- Indian History
- Indian Heritage and Culture
- Society
GS Paper-2 :-
- Governance & Constitution
- Polity
- Social Justice & International Relations
GS Paper-3 :-
- Technology
- Economic Development
- Biodiversity
- Environment
- Security and Disaster Management
GS Paper-4 :-
- Ethics
- Integrity
- Aptitude
Essay Paper :- এই প্ৰশ্ন কাকত খনত তিনিঘণ্টা সময়ত দুখন ৰচনা লিখিব লাগে । প্ৰতিখন ৰচনাৰ বাবে ১২৫ নম্বৰ ধাৰ্য কৰা থাকে । সাম্ভাব্য কি কি ক্ষেত্ৰৰ পৰা ৰচনাৰ বিষয় অন্তৰ্ভুক্ত কৰা হয় সেই সম্পৰ্কে তলত উল্লেখ কৰা হল--
- Politics
- Society
- Philosophy
Compulsory Indian Language :- এই ভাৰতীয় ভাষাৰ প্ৰশ্ন কাকতখনত পৰীক্ষাৰ্থীয়ে নিজৰ সুবিধা অনুযায়ী ভাৰতৰ স্বীকৃতিপ্ৰাপ্ত যিকোনো এটা ভাৰতীয় ভাষা নিৰ্বাচন কৰি লব পাৰে । এই ভাৰতীয় ভাষাৰ প্ৰশ্ন কাকতখনত লাভ কৰা নম্বৰ 'মেৰিট লিষ্ট'ৰ বাবে যোগ কৰা নহয় । এই প্ৰশ্নকাকত খনত পৰীক্ষাৰ্থীৰ নূন্যতম ২৫% নম্বৰেৰে উত্তীৰ্ণ হলেই হয় ।
Compulsory English :- এই প্ৰশ্ন কাকতখনত লাভ কৰা নম্বৰ 'মেৰিট লিষ্ট'ৰ বাবে যোগ কৰা নহয় । Minimum Qualifying Marks 25%.
Optional Paper:- Optional Paper পৰীক্ষাৰ্থীয়ে নিজেই নিৰ্বাচন কৰি লব পাৰে । Agriculture, Animal Husbandry and Veterinary Science, Anthropology, Botany, Chemistry, Civil Engineering , Commerce & Accountancy, Economics, Electrical Engineering, Geography, Geology , History , Law, Management, Mathematics, Mechanical Engineering, Medical Science, Philosophy,Physics , Political Science & International Relations, Psychology, Public Administration, Sociology, Statistics, Zoology. ইয়াৰে যিকোনো বিষয় পৰীক্ষাৰ্থীয়ে নিজেই বাছনি কৰি লব লাগে ।
UPSC civil service exam সম্পৰ্কে কিছু কথা ৷
( সপ্তম খণ্ড...)
UPSC Civil Service Exam ৰ মুখ্য পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলৰ দিল্লীস্থিত ঢৌলপূৰৰ UPSC ৰ হাউচ বিল্ডিংত Personality Test বা Interview অনুষ্ঠিত হয় । এই সাক্ষাৎকাৰৰ বাবে UPSC ৰ সদস্য সকলৰ অধ্যক্ষতাত এখন সাক্ষাৎকাৰ কমিটি তৈয়াৰ কৰা হয় যিয়ে এই সাক্ষাৎকাৰ কাৰ্যসূচী সুচাৰুপে পৰিচালনা কৰে । সাক্ষাৎগ্ৰহণৰ বাবে দেশৰ বিভিন্ন ক্ষেত্ৰৰ বিদ্বান লোক সকল নিয়োগ কৰা হয় । 275 নম্বৰৰ বাবে অনুষ্ঠিত হোৱা এই সাক্ষাৎকাৰৰ প্ৰশ্নসমূহ সাধাৰণতে পূৰ্বতে নিৰ্ধাৰণ কৰা নাথাকে । অধিকাংশ প্ৰশ্ন Detail Application Form ৰ পৰাই সোধা হয়, সেয়েহে DAF পূৰ কৰোঁতে অতি সাৱধানে তথা সুচাৰুপে পূৰ কৰিব লাগে । এই সাক্ষাৎকাৰ পৰীক্ষাৰ্থীৰ Confidence, Attitude, Problem Solving Skil আদিৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয় । Civil Service Exam ৰ Interview প্ৰক্ৰিয়া প্ৰায় 20 দিন মান অনুষ্ঠিত হয় । Interview শেষ হোৱাৰ প্ৰায় 10 দিন মানৰ পাছত Final Result ঘোষণা কৰা হয় । Final Merit List Interview আৰু CSE ৰ মুখ্য পৰীক্ষাৰ নম্বৰৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হয় । Final Merit List ৰ নম্বৰৰ ওপৰত ভিত্তি কৰিয়ে Service প্ৰদান কৰা হয় । ফলাফল ঘোষণা কৰা কিছুদিনৰ পাছত UPSC এ Ministry Of Personal ৰ ওচৰত Recommendation দাখিল কৰে আৰু তাৰ কিছুদিন পাছতেই সকলোকে Appointment Letter প্ৰদান কৰা হয় । UPSC civil service exam ৰ ফলাফল ঘোষণা কৰাৰ লগে লগে উত্তীৰ্ণ হোৱা প্ৰাৰ্থীয়ে IAS পাব নে IPS পাব বা অন্যান্য Group A আৰু Group B service পাব সেইয়া ঘোষণা কৰা নহয় । উত্তীৰ্ণ হোৱা প্ৰাৰ্থীয়ে কোনটো পদ পাব সেইয়া নিৰ্ভৰ কৰিব প্ৰাৰ্থী গৰাকীৰ All India Ranke আৰু তেওঁ Detail Application Form ত উল্লেখ কৰা Service Preference ৰ লগতে সেইবছৰ মুকলি হোৱা পদৰ সংখ্যাৰ ওপৰত । All India Ranke কিমানৰ পৰা কিমানৰ ভিতৰত থাকিলে IAS , IFS, IPS Service পাব সেইয়া সঠিকৈ কোৱা কঠিন কাৰণ, এইয়া সেইবছৰত মুকলি হোৱা পদৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে । তথাপি এই সম্পৰ্কে সম্যক ধাৰণা এটা দিবলৈ তলত উল্লেখ কৰা হল--
Last Ranke To get IAS, IFS, IPS, IRS(IT) etc... ( 2018 , 812 Vacancies. )
1. For IAS
General - 92
OBC - 457
ST - 528
SC - 492
2. For IFS
General - 134
OBC - 450
ST - 603
SC - 486
3. IPS
General - 236
OBC - 480
ST - 645
SC - 638
4. IRS(IT)
General - 239
OBC - 485
ST - 674
SC - 602
5. IRS( C&CE )
General -265
OBC - 515
ST - 680
SC - 649
Process of Civil Service Training:- Civil Service ৰ প্ৰশিক্ষণ কি দৰে সম্পন্ন হয় এই সম্পৰ্কে জানিবলৈ অধিকাংশই ইচ্ছুক হৈ থাকে । গতিকে এই সম্পৰ্কে কিছু কথা উল্লেখ কৰাটো সমীচীন হব । যিসকল প্ৰাৰ্থী উত্তীৰ্ণ হয় সেইসকল প্ৰাৰ্থীৰ প্ৰশিক্ষণ উত্তৰাখণ্ডৰ মৌচুৰীস্থিত LBSNAA ( Lal Bahadur Shastri National Academy of Administration ) নামৰ প্ৰশিক্ষণকেন্দ্ৰটোত আৰম্ভ হয় । এই কেন্দ্ৰটো ভাৰত চৰকাৰৰ Ministry Of personal ৰ অধীনস্থ আৰু এই প্ৰতিষ্ঠানটোৱে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ তত্বাৱধানত কাৰ্য্যপৰিচালনা কৰে । LBSNAA ৰ Motto হৈছে " शीलं परम भूषणम् " যাৰ অৰ্থ হৈছে Character is the prime virtue. UPSC civil Service ৰ প্ৰশিক্ষণ LBSNAA ত মাত্ৰ তিনিমাহ হয় । ইয়াৰ পাছত IAS Trainees সকলক LBSNAA ত ৰাখি বাকী সকলক নিজ নিজ প্ৰশিক্ষণ কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় । IPS Trainees সকলক Sardar Vallabhbhai Patel National Police Academy (SVPNPA) হায়দৰাবাদ, IRS(IT) Trainees সকলক National Academy of Direct Taxes (NADT), নাগপুৰ , IRS(C& CE) Trainess সকলক National Academy of Customs Indirect Taxes and Narcotics (NACIN), ফৰিদাবাদলৈ প্ৰেৰণ কৰা হয়।
UPSC civil service exam সম্পৰ্কে কিছু কথা ৷
(অষ্টম খণ্ড...)
LBSNAA ত সকলো প্ৰশিক্ষণাৰ্থীক ( IAS, IFS, IPS, IRS etc.. ) তিনিমাহৰ Foundation Course প্ৰদান কৰা হয় । ( Foundation Course সম্পৰ্কে বিতংকৈ উল্লেখ কৰা হব ) এই Foundation Course ৰ সময়চোৱাত প্ৰশিক্ষণাৰ্থী সকলক দেশৰ প্ৰশাসনিক, অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক আদি সকলো ক্ষেত্ৰৰ জ্ঞান প্ৰদান কৰা হয় । অসামৰিক সেৱাৰ লগত জড়িত হৈ থকা বা এই সেৱাৰ লগত জড়িত হোৱাৰ পাছত সেৱাক্ষেত্ৰত সম্মুখীন হব লগীয়া বিভিন্ন প্ৰতিবন্ধকাত সমূহৰ বিষয়ে জ্ঞান প্ৰদান কৰাৰ লগতে সেই প্ৰতিবন্ধকাতবোৰৰ লগত কি দৰে মোকাবিলা কৰিব সেই সম্পৰ্কে প্ৰশিক্ষণাৰ্থী সকলক জ্ঞান প্ৰদান কৰা হয় । এই Foundation course ৰ সময়ছোৱাত All india service ৰ লগতে বিভিন্ন Group A আৰু Group B ৰ প্ৰশিক্ষণাৰ্থী সকলক একে লগে ৰখা হয় কাৰণ এই ব্যৱস্থাৰ জড়িয়তে সকলো Services ৰ Trainees সকলৰ মাজত সৌহাদ্যপূৰ্ণ সম্পৰ্ক গঢ়ি উঠে । এই তিনিমহীয়া Foundation Course শেষ হোৱাৰ পাছত IAS trainees সকলৰ বাহিৰে বাকী সকলো trainees ক নিৰ্ধাৰিত প্ৰশিক্ষণ কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় । উদাহৰণ হিচাপে IPS Trainees সকলক Sardar Vallabhbhai Patel National Police Academy হায়দৰাবাদলৈ প্ৰেৰণ কৰা হয় ।
IAS ৰ প্ৰশিক্ষণ কি দৰে হয় আৰু কিমান দিন হয় আৰু প্ৰশিক্ষণৰ পদ্ধতি সমূহৰ বিষয়ে পোনতেই উল্লেখ কৰাটো উচিত হব । পাছত বাকী Services সমূহৰ প্ৰশিক্ষণ ক'ত, কেনেকৈ সম্পন্ন হয় সেইয়া পৰ্যায়ক্ৰমে উল্লেখ কৰা হব ।
IAS Training :- যিসকল IAS প্ৰশিক্ষণাৰ্থী তেওঁলোকৰ প্ৰশিক্ষণ উত্তৰাখণ্ডৰ মৌচুৰিস্থিত LBSNAA নামৰ প্ৰশিক্ষণ কেন্দ্ৰটোত সম্পন্ন হয় । এই IAS প্ৰশিক্ষণৰ সময়চোৱাত প্ৰশিক্ষণাৰ্থী সকলক OTs (Officer Trainees) বোলা হয় । IAS Training পাঁচটা স্তৰৰ মাজেৰে সম্পন্ন হয় ।
1. Foundation Course ( সকলো Civil Servant ৰ বাবে )
2. IAS Professional Course Phase 1
3. District Training
4. IAS Professional Course Phase 2
5. Assistant Secretary-Ship.
1. Foundation Course :- Foundation Course সম্পৰ্কে ওপৰত কিঞ্চিত পৰিমানে উল্লেখ কৰা হৈছিল যদিও পুনৰ বিতংকৈ উল্লেখ কৰিবলৈ চেষ্টা কৰা হ'ল । Foundation Course সকলো Civil Servant ৰ বাবে । এই Foundation Course ৰ সময়সীমা তিনিমাহ । Foundation Course আৰম্ভ হোৱাৰ ঠিক এমাহ পাছৰে পৰা সকলো প্ৰশিক্ষণাৰ্থীক 7th Pay Commission অনুযায়ী 56100 টকাকৈ দৰমহা দিয়া হয়, অৱশ্যে ইয়াৰ 10000 টকা Mess and Establishments Charge হিচাপে কটা হয় । এই Foundation Course ৰ সময়ছোৱাত প্ৰশিক্ষণাৰ্থী সকলৰ বিভিন্ন ধৰণৰ Internal Activities আৰু External Activities হয় । External Activities ৰ ভিতৰত Officer Trainees সকলক আৰম্ভণিৰ চাৰিসপ্তাহৰ পাছৰ Weekends ত মৌচুৰী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চললৈ Trek লৈ নিয়া হয় । যেনে George Everest Peak, Benog Hill, Nag Tibba আদি ঠাইলৈ নিয়া হয় । এই Weekend Trek শেষহোৱাৰ পাছত একাডেমীৰ দ্বাৰা পুনৰ ১০০ কিলোমিটাৰ হিমালয়ান ট্ৰেক অনুষ্ঠিত কৰা হয় আৰু ইয়াত অংশগ্ৰহণ কৰাটো প্ৰত্যেক OTs ৰ বাবে বাধ্যতামূলক । এই ট্ৰেকত অংশগ্ৰহণ কৰা OTs সকলক 15 বা 20 টা গ্রুপত বিভক্ত কৰা হয় আৰু প্ৰত্যেক গ্ৰুপত 20 ৰ পৰা 22 গৰাকী OTs থাকে । এই ট্ৰেক প্ৰায় দহ দিন মান ধৰি অনুষ্ঠিত হয় । ইয়াৰ বাহিৰেও Foundation Course ৰ সময়ছোৱাত Officer Trainees সকলক বিভিন্ন গ্ৰুপত ভাগ কৰি এসপ্তাহৰ বাবে ভাৰতৰ বিভিন্ন ৰাজ্যৰ গাঁও সমূহলৈ পঠিওৱা হয় । গ্ৰামীণ জনজীৱনৰ বিভিন্ন সমস্যাৱলী তথা কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে প্ৰণয়ণ কৰা আঁচনিসমূহ গ্ৰাম্য অঞ্চলত সঠিকভাৱে ৰূপায়ণ হৈছে নে নাই সেই সম্পৰ্কে OTs সকলে সমীক্ষা চলায় । গ্ৰামীণক্ষেত্ৰৰ লগত সম্পৃক্ত হৈ থকা বিভিন্ন সমস্যাৱলী তথা সেইবোৰৰ সমাধানৰ প্ৰক্ৰিয়াৰ লগতে কি কি কাৰ্য্যপন্থা অৱলম্বন কৰিলে গ্ৰাম্য জনজীৱনৰ উপকাৰ হব সেই সকলোবোৰ দিশ সাঙুৰি OTs সকলে একাডেমীত এটা ৰিপৰ্ট দাখিল কৰিব লাগে । ইয়াৰ উপৰিও একাডেমীত India Day নামৰ এটা কাৰ্যসূচী আয়োজন কৰা হয় । য'ত OTs সকলে নিজ নিজ সংস্কৃতি, ৰীতি-নীতি আদি প্ৰদৰ্শন কৰে । ইয়াৰ বাহিৰেও Foundation Course ৰ সময়ছোৱাত Athletics Meet ও অনুষ্ঠিত হয়। এই Athletics Meet ত OTs সকলে অংশগ্ৰহণ কৰাটো বাধ্যতামূলক । এই Athletics Meet ত বিভিন্ন ধৰণৰ খেল-ধেমালি অনুষ্ঠিত হয় । যেনে- 100 মিটাৰ দৌৰ, 200 মিটাৰ দৌৰ, 400 মিটাৰ দৌৰ, 800 মিটাৰ দৌৰ, 1500 মিটাৰ দৌৰ, 'ৰিলেৰেচ', লং জাম্প, হাই জাম্প, দিস্কাছ থ্র' , শ্বটপুত, ৰচী টনা আদি খেল অনুষ্ঠিত হয় । এই Athletics Meet দুদিন ধৰি আয়োজন কৰা হয়। যিসকলে ইয়াত ভাল ফলাফল প্ৰদৰ্শন কৰে সেই সকলক মডেল, ট্ৰফী আদিৰে পুৰস্কৃত কৰা হয় । এই Foundation Course ৰ সময়ছোৱাত A.K. Sinha Memorial One Act Play আয়োজন কৰা হয় । Homi Bhabha Science Debate ও অনুষ্ঠিত হয় । ইয়াৰ বাহিৰেও এই প্ৰশিক্ষণকেন্দ্ৰত প্ৰতিবছৰে অক্টোবৰ মাহত Literally Festival বা সাহিত্য উৎসৱৰো আয়োজন কৰা হয়। যাক চমুকৈ LitFest বুলিও কোৱা হয় । এই সাহিত্য উৎসৱত কবিতা আৰু সাহিত্যৰ লগত জড়িত দেশৰ বিভিন্ন প্ৰান্তৰ সাহিত্যিক সকল উপস্থিত থাকে ।
* UPSC civil service exam সম্পৰ্কে কিছু কথা ।
( নৱম খণ্ড... )
LBSNAA ত Officer Trainees সকলৰ Extra Curriculum Module ও হয় । এই ECM ত 15 প্ৰকাৰৰ Skills থাকে , যাৰ মাজৰ পৰা যিকোনো এটা Skills OTs সকলে নিজৰ পছন্দ অনুযায়ী নিৰ্বাচন কৰিব পাৰে । নিৰ্বাচন কৰা Skills ৰ Training OTs ক প্ৰদান কৰা হয় । এই 15 প্ৰকাৰৰ Skills সমূহ হৈছে - Cooking, Baking, Painting, Calligraphy, Photography, Eng. Communication, Public Speaking, Guitar, Salsa, Volleyball, Basketball, Badminton, Tennis, Unarmed Combat, Horse Riding.
ইয়াৰ উপৰিও এই প্ৰশিক্ষণ কেন্দ্ৰটোত 14 প্ৰকাৰৰ ক্লাব আছে যি সকলে সময়ে সময়ে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰে । এই ক্লাব সমূহ হৈছে - Adventure Sports Club, Alumni Association, Computer Society, Film Society, Fine Art Association, Hobbies Club, House Journal Society, Management Circle, Nature Lovers Club, Officer's Club, Officer's Mess, Rifle and Archery Club, Society for Contemporary Affairs, Society for Social Service.
Officer Trainees সকলে এই ক্লাব সমূহে আয়োজন কৰা বিভিন্ন অনুষ্ঠান সমূহত অংশগ্ৰহণ কৰাটো বাধ্যতামূলক ।
এতিয়া আহোঁ Foundation Course ৰ Internal Activities ৰ সম্পৰ্কে ।
LBSNAA ত OTs সকলৰ বিভিন্ন বিষয়ৰ ওপৰত পাঠদান কৰা হয় । এই পাঠদান প্ৰক্ৰিয়া LBSNAA ৰ GyanShila নামৰ শ্ৰেণীকক্ষটোত হয়। এই পাঠদানৰ সময়ছোৱাত OTs সকলক Public Administration, Law, Economics, Management and Behavioral Science, Political Concepts and Constitution of India, Indian History and Culture আদি বিষয় সমূহৰ ওপৰত বিশদভাৱে পাঠদান কৰা হয় । ইয়াৰ বাহিৰে OTs সকলক Information and Communication Technology ৰ সম্পৰ্কেও পাঠদান কৰা হয়। এই সময়ছোৱাত OTs সকলে নিজৰ পছন্দ অনুযায়ী এটা ভাষা নিৰ্বাচন কৰি লবলৈ দিয়া হয় আৰু নিৰ্বাচন কৰা ভাষাটো OTs ক শিকোৱা হয় । Foundation Course ৰ সময়ছোৱাত Officer Trainees সকলক পাঠদান কৰা বিষয়সমূহৰ ওপৰত পৰীক্ষাও লোৱা হয় । অক্টোবৰৰ শেষত Med term test হয় । এই পৰীক্ষা Subjective Type ৰ হয় । এই পৰীক্ষাত পাছ হোৱাৰ পাছত OTs সকল Foundation Course ৰ Final পৰীক্ষাৰ বাবে যোগ্য হয় । Final Exam ডিচেম্বৰ মাহৰ আৰম্ভণিতে অনুষ্ঠিত হয় । Foundation Course ৰ Final Exam Pattern তলত উল্লেখ কৰা ধৰণৰ হয়--
1. Public Administration (90 marks)
2. Law (90 marks)
3. Economics (90 marks)
4. Management and Behavioural science (60 marks)
5. Political Concepts and Constitution Of India (60 marks)
6. India History and Cultural (60 marks)
ইয়াৰ ওপৰিও 50 নম্বৰৰ দুখন Qualifying Paper থাকে । সেই দুখন হল-
1. Language Paper
2. Information & Communication Technology
ইয়াৰ বাহিৰেও 150 নম্বৰৰ Directors Assessment ও থাকে । Directors assessment ৰ বাবে OTs সকলে Essy আৰু Books Review Submit কৰিব লাগে । LBSNAA ত Foundation Course ৰ সময়ত যিমানবোৰ External Activities অনুষ্ঠিত হৈছিল সেই সকলোবোৰৰ নম্বৰ এই Final Exam ত যোগ হয় । External Activities ৰ বাবে 300 নম্বৰ থাকে । এই Foundation Course ৰ Total Mark's হৈছে 900 নম্বৰ । Officers Trainees সকল দ্বিতীয় স্তৰৰ প্ৰশিক্ষণৰ বাবে যোগ্য হবলৈ এই Foundation Course ৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাটো বাঞ্চনীয় । Foundation Course শেষহোৱাৰ পাছত তেওঁলোকে Detail Application Form ত উল্লেখ কৰা Service Preference ৰ Cadre state অনুযায়ী allocated কৰা হয় । Cadre State ৰ অৰ্থ হৈছে OTs গৰাকীকে কোনখন ৰাজ্যত নিজৰ Service প্ৰদান কৰিব সেয়া । অৱশ্যে এই Cadre state allocated কৰোঁতে OTs সকলে তেওঁলোকৰ DAF ত উল্লেখ কৰা ৰাজ্য সমূহত Service প্ৰদান কৰিবলৈ নাপাবও পাৰে । Cadre Allocation ৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কেতবোৰ নিৰ্ধাৰিত নীতিনিয়ম থাকে । কেন্দ্ৰীয় চৰকাৰৰ এই 'Cadre Policy' সম্পৰ্কে অন্য এটা খণ্ডত বিতংকৈ উল্লেখ কৰা হব । Foundation Course ৰ অন্তত IAS Officers Trainees সকলৰ বাহিৰে অন্যান্য Civil Servant সকলক তেওঁলোকৰ পৰৱৰ্তী প্ৰশিক্ষণৰ বাবে নিৰ্ধাৰিত প্ৰশিক্ষণ কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় । IAS OTs সকলৰ পৰৱৰ্তী পৰ্যায়ৰ প্ৰশিক্ষণ এই LBSNAA ( Lal Bahadur Shastri National Academy Of Administration ) মৌচুৰী, উত্তৰাখণ্ডতে সম্পন্ন হয় ।
UPSC civil service exam সম্পৰ্কে কিছু কথা ।
( দশম খণ্ড...)
তিনিমহীয়া Foundation Course শেষ হোৱাৰ পাছত IAS officer trainees সকলৰ Phase-1 ৰ প্ৰশিক্ষণ আৰম্ভ হয় । এই Phase-1 প্ৰশিক্ষণৰ সম্পৰ্কে এক সম্যক আভাস দিবলৈ চেষ্টা কৰা হল ।
IAS Training Phase-1 :- LBSNAA ত IAS officer trainees সকলৰ Phase-1 ট্ৰেইনিং 'ভাৰত দৰ্শন' নামৰ এক শিক্ষামূলক ভ্ৰমণৰ জৰিয়তে আৰম্ভ হয়। এই ভাৰত দৰ্শন শিক্ষামূলক ভ্ৰমণক Winter Study Tour বুলিও কোৱা হয় । এই ভাৰত দৰ্শন শিক্ষামূলক ভ্ৰমণ প্ৰক্ৰিয়া প্ৰায় 40 ৰ পৰা 45 দিন জুৰি হয় । Officer Trainees সকলক কেইবাটাও গ্ৰুপত ভাগ কৰি ভাৰত বিভিন্ন ঠাইলৈ প্ৰেৰণ কৰা হয় । প্ৰত্যেক গ্ৰুপত প্ৰায় 20 জন মান কৈ OTs থাকে। এই শিক্ষামূলক ভ্ৰমণত OTs সকলক বিভিন্ন ধৰণৰ Public Sector আৰু Private Sector লৈ পঠিওৱা হয় । ভাৰতৰ গ্ৰাম্য অঞ্চল, জনজাতীয় অঞ্চল, ভাৰতৰ বিভিন্ন স্বেচ্ছাসেৱী সংগঠন আদিৰ লগত মত বিনিময় কাৰ্যসূচীও সম্পন্ন হয় এই শিক্ষামূলক ভ্ৰমণ প্ৰক্ৰিয়াত । ইয়াৰ বাহিৰেও 5 দিনৰ Army Attachment কাৰ্যসূচীও হয় । Army Attachment ৰ বাবে বিভিন্ন সেনাবাহিনীৰ সেনা চাউনিলৈ OTs সকলক প্ৰেৰণ কৰা হয় । ইয়াৰ উপৰিও এই শিক্ষামূলক ভ্ৰমণত ভাৰতৰ বিভিন্ন ধৰণৰ পৰ্যটনস্থলী সমূহলৈও নিয়া হয় । ভাৰত দৰ্শন শিক্ষামূলক ভ্ৰমণৰ মুখ্য উদ্দেশ্য হৈছে Officer Trainees সকলে যাতে দেশৰ ভিন্ন প্ৰান্তৰ বিভিন্ন কলা সংস্কৃতি, ৰীতি-নীতি, বিভিন্ন সংগঠন , তথা বিভিন্ন উদ্যোগ প্ৰতিষ্ঠান সমূহত কি দৰে কাৰ্যসম্পাদন হয় সেইয়া স্বচক্ষুৰে প্ৰত্যক্ষ কৰিব পাৰে আৰু বুজি উঠিব পাৰে । এই চল্লিছৰ পৰা পঞ্চলিছ দিনযোৰা ভাৰতদৰ্শন শিক্ষামূলক ভ্ৰমণ সমাপ্ত হোৱাৰ পাছত OTs সকল পুনৰ LBSNAA লৈ উভতি যায় । LBSNAA ত গৈ পোৱাৰ পাছত OTs সকলৰ পুনৰ Phase-1 ৰ Class সমূহ আৰম্ভ হয় । এই Phase-1 ৰ Class ত Officer Trainees সকলক Foundation Course ত থকা বিষয় সমূহ পুনৰ বিস্তাৰিত ভাৱে পঢ়োৱা হয় । অৱশ্যে এই Phase-1 ৰ Class ত Foundation Class ত পঢ়োৱা Indian History and Culture আৰু Language Paper পঢ়োৱা নহয় । LBSNAA ত Phase-1 ৰ ট্ৰেইনিংৰ সময়ছোৱাতে বিভিন্ন ধৰণৰ External Activities হয় । Weekend Treck, Literary Festival, Flim Festival, Theater Work আদি Activities হয় । ইয়াৰ উপৰিও Inter Services Meet নামৰ এক অনুষ্ঠানৰ আয়োজন কৰা হয় যাক SANGAM নামেৰে নামাংকৃত কৰা হয় । ইয়াৰ বাহিৰেও তিনিদিনীয়াকৈ Sports Meet অনুষ্ঠিত কৰা হয় । LBSNAA ত IAS Trainees সকলৰ Phase-1 ৰ ট্ৰেইনিংৰ সময়ছোৱাত Zonal Day ৰ আয়োজন কৰা হয় । এই অনুষ্ঠানত Officers Trainees সকলে তেওঁলোকক Service Allocated কৰা ৰাজ্য সমূহৰ কলা-সংস্কৃতি,ৰীতি-নীতি, ব্যঞ্জন, আদি প্ৰদৰ্শন কৰিব লাগে । Phase-1 ট্ৰেইনিং সমাপ্ত হোৱাৰ পাছত সকলো Officer Trainees ৰ 500 নম্বৰৰ এটা পৰীক্ষা অনুষ্ঠিত হয় । এই পৰীক্ষা পাছ কৰাৰ পাছত IAS officer trainees সকল দ্বিতীয় পৰ্যায়ৰ ট্ৰেইনিংৰ বাবে যোগ্য হৈ উঠে । IAS officer trainees সকলৰ phase-1 ট্ৰেইনিং সমাপ্ত হোৱাৰ পাছত Officer Trainees সকলৰ নিজা নিজে Service Allocated কৰা ৰাজ্য সমূহত District Training ৰ বাবে পঠিওৱা হয়। এই District ট্ৰেইনিংৰ সময়সীমা ১ বছৰ । District ট্ৰেইনিংত পোন প্ৰথমে সেই ৰাজ্যখনৰ Administrative Training Institute ত প্ৰায় দুমাহ ট্ৰেইনিং হয় । ট্ৰেইনিং শেষ হোৱাৰ পাছত Officer Trainees ৰ সকলৰ সেই ৰাজ্যখনৰ প্ৰশাসনিক বিষয়া, মুখ্যমন্ত্ৰী, সচিব পৰ্যায়ৰৰ বিষয়া আদিৰ লগত বিভিন্ন বিষয়ত আলোচনা-বিলোচনা হয়। এই প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পাছত Officer Trainees ক SDC হিচাপে স্বাধীনচিটিয়া কৈ কাম কৰিবলৈ অনুমতি প্ৰদান কৰা হয় । এই এবছৰীয়া District ট্ৰেইনিং সম্পূৰ্ণ হোৱাৰ পাছত প্ৰশিক্ষণাৰ্থী সকল পুনৰ LBSNAA লৈ উভতি যায় । এই District Training সম্পূৰ্ণ হোৱাৰ পাছত Phase-2 ট্ৰেইনিং আৰম্ভ হয়।
Phase-2 ট্ৰেইনিং প্ৰায় ছয় সপ্তাহজুৰি হয় । এই ট্ৰেইনিংত কোনোধৰণৰ পাঠদান কাৰ্যসূচী তথা কোনো ধৰণৰ পৰীক্ষা অনুষ্ঠিত কৰা নহয়। এই Phase-2 ট্ৰেইনিংত Officer Trainees সকলেও তেওঁলোকৰ এবছৰীয়া District ট্ৰেইনিংৰ অনুভৱ সকলোৰে আগত ব্যক্ত কৰিব লাগে । এনে কৰাৰ ফলত এজনে আনজনৰ অভিজ্ঞতা সমূহৰ পৰা বহু কথা শিকিব পাৰে । phase-2 ৰ ট্ৰেইনিংৰ সময়ছোৱাত বিভিন্ন ধৰণৰ দুসাহসীক ক্ৰীড়াও অনুষ্ঠিত হয়। যেন- River Rafting, Parasailing, Rock Climbing আৰু পৰ্বতাৰোহন। এই সময়ছোৱাত Officer Trainees সকলক এসপ্তাহৰ বাবে Foreign Tour ত নিয়া হয়। Phase-2 ট্ৰেইনিং সমাপ্ত হোৱাৰ পাছত সকলো IAS প্ৰশিক্ষণাৰ্থীক জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ পৰা Public Management ত Masters Degree প্ৰদান কৰা হয় ।
Phase-2 ট্ৰেইনিং সমাপ্ত হোৱাৰ পাছত Officer Trainees সকলৰ Assistant Secretary Ship ট্ৰেইনিং আৰম্ভ হয় । ইয়াৰ বাবে OTs সকল Delhi লৈ যাব লাগে । দিল্লীত থকা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়ত Assistant Secretary Ship হিচাপে তিনি মাহৰ বাবে নিয়োগ কৰা হয় আৰু কাম-কাজবোৰ বুজিবলৈ সুবিধা প্ৰদান কৰা হয়।
IAS ট্ৰেইনিং সমাপ্ত হোৱাৰ পাছত সকলো Officer Trainees ক তেওঁলোকৰ Service Allot কৰা ৰাজ্য সমূহত নিযুক্তি দিয়া হয়। প্ৰথম নিযুক্তিত তেওঁলোকক SDC/SDM হিচাপে নিযুক্তি দিয়া হয় । পৰৱৰ্তী পৰ্যায়ত পদোন্নতি হৈ গৈ থাকে । এইদৰে IAS officer সকলৰ ট্ৰেইনিং দুবছৰ একমাহ সময়ৰ হয় ।
* UPSC civil service exam সম্পৰ্কে কিছু কথা ।
( একাদশ খণ্ড.. )
UPSC civil service exam সম্পৰ্কে ইতিমধ্যে ইয়াৰ বিষয়বস্তু, পাঠ্যসূচী, প্ৰশিক্ষণ আদি সম্পৰ্কে বহু কথাই উল্লেখ কৰিলোঁ । এতিয়া আহো এই পৰীক্ষাৰ পাঠ্যপুথি সমূহৰ বিষয়ে । এই পৰীক্ষাৰ পাঠ্যপুথি সমূহৰ বিষয়ে উল্লেখ কৰিবলৈ যাওঁতে এটা কথা উল্লেখ কৰিব খুজিছোঁ যে এই খণ্ডত যি সমূহ পাঠ্যপুথিৰ কথা উল্লেখ কৰিম সেই সমূহ মোৰ ব্যক্তিগত পছন্দৰ আৰু কিতাপ সমূহ অধ্যয়ন কৰি লাভ কৰা অভিজ্ঞতাৰ পৰা এই কিতাপ সমূহৰ নাম উল্লেখ কৰিছোঁ । পৰীক্ষাৰ্থীৰ ব্যক্তিগত পছন্দ অনুসৰি পাঠ্যপুথি ভিন ভিন হলেও কিন্তু বিষয়বস্তু একেই, অৱশ্যে লিখকৰ লিখাৰ শৈলী সমূহে হে এই কিতাপ সমূহক পৃথক কৰিছে । দ্বিতীয়তে , এই কিতাপ সমূহ Self Study ৰ ক্ষেত্ৰত বিশেষভাৱে উপযোগী । যদি কোনো ছাত্ৰ-ছাত্ৰীয়ে কছিং ক্লাছ লয় তেনেহলে তেওঁক এই কিতাপ সমূহ নিদি কছিং দিয়া প্ৰতিষ্ঠানটোৱে তেওঁলোকৰ নিজা Study Material দিব পাৰে । সেয়েহে ইয়াত মই মোৰ কছিং চেণ্টাৰে দিয়া study material ৰ কথা উল্লেখ নকৰোঁ। এতিয়া আহোঁ কিতাপৰ বিষয়টোলৈ ।
এইখিনিতে মোক বহুতে সোধা এটা প্ৰশ্নৰ উত্তৰ উনুকীয়াব খুজিছোঁ । বহুতে ব্যক্তিগত বাৰ্তাবাকচত সোধে যে NCERT কোন ক্লাছৰ পৰা পঢ়িব লাগিব ? NCERT Books পঢ়াটো জৰুৰী নেকি ? মই উত্তৰত কব খোজো যে NCERT ৰ কিতাপ সমূহ ,প্ৰধানকৈ ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ থকা কিতাপ সমূহ যিসকলে এই পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে তেওঁলোকে অধ্যয়ন কৰা উচিত। অৱশ্যে বহুতে অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ থকা কিতাপ সমূহো অধ্যয়ন কৰা দেখা যায় । এই NCERT কিতাপ সমূহ পঢ়িলে প্ৰাথমিক জ্ঞান সমূহ আহৰণ কৰিব পৰা যায় । কোনো বিষয়ৰ প্ৰাথমিক জ্ঞান সমূহ আয়ত্ব কৰি ললে পাছত সেই বিষয়বস্তু বিস্তাৰিতভাৱে বুজি উঠাত সহজ হয় । এই প্ৰাথমিক জ্ঞান সমূহে আমাৰ জ্ঞানৰ ভেটি সুদৃঢ় কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰে । সেয়ে মোৰ ব্যক্তিগত মতামত , যিসকলে এই পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব খোজে তেওঁলোকে NCERT ৰ কিতাপ অধ্যয়ন কৰাটো উচিত । অৱশ্যে যিসকলৰ এই প্ৰাথমিক জ্ঞান সমূহ আয়ত্ব কৰা আছে তেওঁলোকৰ NCERT অধ্যয়ন নকৰিলেও কোনো কথা নাই ।
এতিয়া আহো কিতাপ সমূহৰ প্ৰসংগত । মোৰ ব্যক্তিগত অধ্যয়নৰ অভিজ্ঞতাৰে ইংৰাজী আৰু হিন্দী মাধ্যমৰ বাবে উপযোগী নূন্যতম এখনকৈ কিতাপৰ কথা উল্লেখ কৰিবলৈ চেষ্টা কৰিছোঁ । এই কিতাপ সমূহ Preliminary Exam আৰু Main Exam ৰ বাবে । অৱশ্যে কিছুমান কিতাপ কেৱল Preliminary ৰ বাবে আৰু কিছু মান Prelims & Mains উভয়ৰ বাবে একেই ।
Book List For CSE Preliminary :-
1) History
*) Ancient History :- India's Ancient Past - R.S. Sharma.
*) Medieval History:- A History Of Medieval India. - Satish Chandra
*) Modern History:- A Brief History Of Modern India. -Rajiv Ahir ( Spectrum )
*) Art & Culture :- Indian Art and Culture. -Nitin Singhania
*) प्राचीन ईतिहास:- भारत का प्राचीन ईतिहास -राम शरण शर्मा
*) मध्यकालीन ईतिहास:- मध्यकालीन भारत -सतीश चंन्द्र
*) आधुनिक भारत:- आधुनिक भारत का ईतिहास -राजीव अहीर
*) कला एवं संस्कृति:- भारतीय कला एवं संस्कृति -नीतिन सिंघानिया
1) General Science
*) Physics, Chemistry, Biology:- General Science for civil sservices examination. -PrepMate
*) Science and Technology:- Science and Technology for Civil Services Examination. -Ravi Agrahari
*) फिजिक्स, केमिस्ट्री, बायोलॉजि:- दृष्टि सामान्य विज्ञान -दृष्टि पब्लिकेसोन
*) विज्ञानं और प्रैदयोगिकी:- विज्ञानं और प्रैदयोगिकी - रबि पी अग्रहरी
3) Geography
*) India and world geography:- Indian Geography. -Majid ahusain
or
Certificate Physical and Human Geography;India Edition. -G.C. Leong
*) Mapping ( India and World ):- Oxford School Atlas.
*) भूगोल:- भूगोल एक समग्र अध्ययन -महेश कुमार बणवाल
4. Environment & Ecology
*) Environment. -Sanker IAS
*) पर्यावरण एवं पारिस्थितिकी -दृष्टि पब्लिकेशन
5. Economics
*) Indian Economics. - Ramesh Sing
*) भारतीय अर्थव्यवस्था -रमेश सिंह
6. Polity
*) Indian Polity. - M.Laxmikant
*) Indian Constitution
*) भारत की राज्यव्यवस्था -एम. लोक्ष्मीकंत
*) भारत का संविधान
7. Previous Year Question Paper
*) 25 Years UPSC IAS/IPS Prelims.... -Disha Publication
Hindi English Same..
8. CSAT
*) Creaking The CSAT paper 2. - Arihant Publication
*) सीसैट CSAT - दृष्टि पब्लिकेशन
9) Monthly Magazine for Current Issue
*) Vision IAS or Drishti IAS Monthly Magazine
*) Government Magazine:- Yojana, Kurukshetra, Science Report
10) Extra materials
*) Economic Survey in India ( English ) ( যিটো বৰ্ষত পৰীক্ষা দিব সেইটো বৰ্ষৰ আৰু তাৰ আগৰ বৰ্ষটোৰ পঢ়িব)
*) India Year Book ( যিটো বৰ্ষত পৰীক্ষা দিব সেই বৰ্ষটোৰ পঢ়িব )
Book List For CSE Main Examination
Paper-1 Essay
*) 121 Essay for IAS/PCS & Other Competitive Exams. -Disha Publication
*) Essay for civil service and other competitive examination. -Pulkit Khare
*) निवंध-दृष्टि
GS-1
History
*) Ancient History :- India's Ancient Past - R.S. Sharma.
*) Medieval History:- A History Of Medieval India. - Satish Chandra
*) Modern History:- A Brief History Of Modern India. -Rajiv Ahir ( Spectrum )
*) Art & Culture :- Indian Art and Culture. -Nitin Singhania
*) Indian Society:- Social Problems in India. -Ram Ahuja
*) World History:- History of the World. -Arjun Dev
*) प्राचीन ईतिहास:- भारत का प्राचीन ईतिहास -राम शरण शर्मा
*) मध्यकालीन ईतिहास:- मध्यकालीन भारत -सतीश चंन्द्र
*) आधुनिक भारत:- आधुनिक भारत का ईतिहास -राजीव अहीर
*) कला एवं संस्कृति:- भारतीय कला एवं संस्कृति -नीतिन सिंघानिया
*) भारतीय समाज :- सामाजिक समस्याए -राम आहूजा
*) विश्व का इतिहास:- समकालीन विश्व का इतिहास -अर्जुन देव
GS-1
Geography
*) India and world geography:- Indian Geography. -Majid ahusain
or
Certificate Physical and Human Geography;India Edition. -G.C. Leong
*) Mapping ( India and World ):- Oxford School Atlas.
*) भूगोल:- भूगोल एक समग्र अध्ययन -महेश कुमार बणवाल
GS -2
Polity
*) Indian Polity. - M.Laxmikant
*) Social Issues:- Social problems in India. -Ram Ahuja
*) Governance:- Governance in India. -M.Laxmikant
*) International Relation:- International Relation. -Pavneet Singh
*) भारत की राज्यव्यवस्था -एम. लोक्ष्मीकंत
*) सामाजिक मुद्दे:- सामाजिक समस्याए -राम आहूजा
*) भारतीय शासन -एम.लोक्ष्मीकंत
*) अंतरास्ट्रीय सम्बन्ध:- 21 बी सताब्दी में अंतरास्ट्रीय सम्बंध -पुष्पेश पांत
GS. -3
*) General Science:- General Science for civil sservices examination. -PrepMate
*) Science and Technology:- Science and Technology for Civil Services Examination. -Ravi Agrahari
*) फिजिक्स, केमिस्ट्री, बायोलॉजि:- दृष्टि सामान्य विज्ञान -दृष्टि पब्लिकेसोन
*) विज्ञानं और प्रैदयोगिकी:- विज्ञानं और प्रैदयोगिकी - रबि पी अग्रहरी
Ecology & Environment
*) Environment. -Sanker IAS
*) पर्यावरण एवं पारिस्थितिकी -दृष्टि पब्लिकेशन
Economics
*) Indian Economics. - Ramesh Sing
*) Economic Survey ( English )
*) Economic survey ( Hindi )
*) भारतीय अर्थव्यवस्था -रमेश सिंह
Internal Security
*) Challenges to Internal Security. -Ashok Kumar, Vipul
*) आंतरिक सुरक्षा:- भारत की आंतरिक सुरक्षा -अशोक कुमार & विपुल
GS-4
Ethics:- Lexicon for Ethics, integrity and aptitude.
एथिक्स:- सत्यनिष्ठा, अभिरूसी एवं नैतिकता -अभय कुमार
Paper 6
English ( Qualifying )
*) IAS Mains compulsory english solved papers.
Optional Subject ৰ Paper দুখনৰ বাবে কি কি কিতাপ পঢ়িব লাগিব সেইয়া উল্লেখ কৰা নাই কাৰণ পৰীক্ষাৰ্থীয়ে এই Optional paper সমূহ নিজেই নিৰ্বাচন কৰে ।
* UPSC civil service exam সম্পৰ্কে কিছু কথা ।
( দ্বাদশ খণ্ড..)
*IPS Training সম্পৰ্কে চমুকৈ..*
পুলিচ...এই পুলিচ বা আৰক্ষী সকল হল সমাজৰ অতন্দ্র প্ৰহৰী । তেওঁলোকে সমাজৰ আইন শৃংখলা ৰক্ষা কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰে । সৎ আৰক্ষী সকলে সাধাৰণ ৰাইজৰ বাবে, সমাজৰ বাবে কাম কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলায় । সমাজৰ অতন্দ্র প্ৰহৰী হিচাপে নিজকে নিয়োজিত কৰা এই আৰক্ষী সকলক আমাৰ সমাজৰ এচামে বেয়া দৃষ্টিৰে চায় । আৰক্ষী মানেই যে অসৎ, দুৰ্নীতিৰ লগত জড়িত, ঘোঁচ খোৱা, তেনে নহয় । এনে বহু আৰক্ষী থাকে যিয়ে সমাজৰ নিৰাপত্তাৰ স্বাৰ্থত নিজৰ জীৱন বলিদান দিবলৈও কুণ্ঠাবোধ নকৰে । এই লেখাত আৰক্ষী সৎ, অসৎ, ইত্যাদি কথাবোৰ বিশ্লেষণ কৰিবলৈ নাযাওঁ । এই লেখাৰ উদ্দেশ্যে হৈছে ভাৰতীয় আৰক্ষীয়ে সেৱাৰ বিষয়া সকলক কি দৰে প্ৰশিক্ষণ দিয়া হয় সেই সম্পৰ্কে আমাৰ পাঠক সমাজক কিছু কথা অৱগত কৰোৱা ।
কেন্দ্ৰীয় লোক সেৱা আয়োগে অনুষ্ঠিত কৰা কেন্দ্ৰীয় অসামৰিক সেৱাৰ পৰীক্ষাত যি সকলে নিজৰ যোগ্যতা আৰু দক্ষতাৰে ভাৰতীয় আৰক্ষী সেৱাত নিৰ্বাচিত হয় সেই সকলৰ প্ৰশিক্ষণ National Police Academy হায়দৰাবাদ ত সম্পন্ন হয় । ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া সকলৰ প্ৰাৰম্ভিক প্ৰশিক্ষণ Lal Bahadur Shastri National Academy Of Administration (LBSNAA) মৌচুৰীত অনুষ্ঠিত হয় । ইয়াক Foundation Course বুলি কোৱা হয় । এই Foundation Course সম্পৰ্কে পূৰ্বৰ খণ্ডত উল্লেখ কৰিছিলোঁ বাবে পুনৰ উল্লেখ কৰাৰ প্ৰয়োজনবোধ কৰা নাই ।
LBSNAA ত প্ৰশিক্ষণ সম্পূৰ্ণ হোৱাৰ পাছত Indian Police Service ( IPS ) Trainees সকলক SVP National Police Academy লৈ পৰৱৰ্তী প্ৰশিক্ষণৰ বাবে প্ৰেৰণ কৰা হয় । এই প্ৰশিক্ষণ কেন্দ্ৰটোৰ সম্পূৰ্ণ নাম হৈছে Sordar VallabhBhai Patel National Police Academy ( SVPNPA ). IPS trainees সকলে ইয়াত ১১ মহীয়া প্ৰশিক্ষণ লব লাগে। ইয়াত Trainees সকলক বিভিন্ন বিষয়ৰ জ্ঞান প্ৰদান কৰাৰ উপৰি বিভিন্ন ধৰণ কাৰ্যকলাপ অনুষ্ঠিত হয়। IPS Trainees সকলৰ প্ৰশিক্ষণৰ সময়ছোৱাত পৰীক্ষাও অনুষ্ঠিত হয় ।এই পৰীক্ষাৰ Syllabus খন তলত উল্লেখ কৰা ধৰণৰ-
Indoor Subject-- 1200 marks
Outdoor Subject-- 600 marks
Directors Assessment-- 400 marks
One Qualifying Paper-- নম্বৰ যোগ কৰা নহয়
Indoor Subject ত IPS trainees সকলক অপৰাধ অনুসন্ধান কেনেকৈ কৰিব লাগে, ক্লু সমূহ কেনেকৈ সংগ্ৰহ কৰিব লাগে, FIR Registration কেনেকৈ কৰিব লাগে, কেচ ডায়েৰী কেনেকৈ লিখিব লাগে, আদালতত চার্জচিট কেনেকৈ দাখিল কৰিব লাগে ইত্যাদি বিষয়ত জ্ঞান প্ৰদান কৰা হয় । ইয়াৰ উপৰিও IPS trainees সকলক Indian Penal Code, Criminal Procedure Code, Indian Evidence Act আদি আইন-কানুন সম্বন্ধীয় বিষয়ত জ্ঞান প্ৰদান কৰা হয় । IPS trainees সকলক Forensic science সম্বন্ধীয় জ্ঞান প্ৰদান কৰা হয় । এই প্ৰশিক্ষণত IPS trainees সকলক কেনে পদ্ধতি অৱলম্বন কৰি 'চাইবাৰ অপৰাধ' নিয়ন্ত্ৰণ কৰিব পাৰি সেই সম্পৰ্কে বিভিন্ন জ্ঞান প্ৰদান কৰা হয় ।
Outdoor Subject ত IPS trainees সকলক Drills আৰু parade কৰিবলৈ শিকোৱা হয় । এই Outdoor Subject ত IPS trainees সকলক ''Janghal Survive" লৈ নিয়া হয় । ইয়াৰ উপৰিও trainees সকলৰ সুস্বাস্থ্য ৰক্ষাৰ বাবে দৈনিক শাৰীৰিক অনুশীলনো কৰোৱা হয় । trainees সকলক বিপদসংকুল পৰিস্থিতিত সামৰিক অভিযান কেনেদৰে চলাব লাগে তথা অভিযানৰ নেতৃত্ব কেনেকৈ দিব লাগে সেই সম্পৰ্কে প্ৰশিক্ষণ দিয়া হয় । এই প্ৰশিক্ষণৰ সময়ছোৱাত বিভিন্নধৰণৰ দুঃসাহসীক ক্ৰিয়াকলাপ অনুষ্ঠিত কৰা হয় । ইয়াৰ বাহিৰেও trainees সকলক সাঁতোৰ শিকোৱা হয় । উল্লেখযোগ্য যে IPS trainees সকলে সাঁতোৰ শিকাটো বাধ্যতামূলক । Pera glaiding, Horse Riding, River Rafting, Rock Climbing আদি শিকোৱা হয় ।
প্ৰশিক্ষণৰ অন্তত IPS trainees সকলৰ 2200 নম্বৰৰ এটা পৰীক্ষা অনুষ্ঠিত হয় । SVPNPA ত প্ৰশিক্ষণৰ অন্তত IPS trainees সকলক State Cadre allot কৰা হয় ।যিখন ৰাজ্যত Service Allot কৰা হয় সেই ৰাজ্যত trainees সকলৰ 6 মহীয়া প্ৰশিক্ষণ অনুষ্ঠিত হয় । এই প্ৰশিক্ষণৰ অন্তত trainees সকল পুনৰ SVPNPA লৈ উভতি যায় আৰু এক মাহৰ Final Training অনুষ্ঠিত হয় । এই দৰে এজন IPS officer ৰ Training এক বছৰ ন মাহ হয় । প্ৰশিক্ষণৰ অন্তত IPS trainees সকলৰ First Posting Service Allot কৰা ৰাজ্য খনত DSP হিচাপে হয় আৰু তাৰ পৰৱৰ্তী সময়ত পদোন্নতি হৈ গৈ থাকে।
* UPSC civil service exam সম্পৰ্কে কিছু কথা ।
( ত্ৰয়োদশ খণ্ড... )
...UPSC Cadre Policy...
আগৰ এটা খণ্ডত Cadre policy সম্পৰ্কে কিঞ্চিতভাৱে উল্লেখ কৰা হৈছিল । এতিয়া UPSC civil service exam ৰ Cadre Allocation Policy ৰ বিষয়ে বিস্তাৰিত ভাৱে উল্লেখ কৰিবলৈ প্ৰয়াস কৰা হৈছে । আচলতে এই Cadre allocation preference প্ৰক্ৰিয়াটো এটা যথেষ্ট জটিল বিষয় । সহজ অৰ্থত Cadre Allocation মানে হৈছে যেতিয়া কোনো পৰীক্ষাৰ্থীয়ে UPSC CSE ত উত্তীৰ্ণ হৈ All India Service ( IAS, IPS ) ৰ বাবে নিৰ্বাচিত হয় তেতিয়া তেওঁক সেৱা আগবঢ়াবৰ বাবে এখন নিৰ্দিষ্ট ৰাজ্য প্ৰদান কৰা হয় । যিখন ৰাজ্যত Posting দিয়া হয় তাকে State Cadre বোলা হয় । যেনে:- 'ৰাজস্থান কেডাৰ' , 'বিহাৰ কেডাৰ' , 'অসম-মেঘালয় কেডাৰ' ইত্যাদি... । পৰীক্ষাৰ্থীয়ে Detail application form ত cadre state preference নিজেই ভৰ্ত্তি কৰিব লাগে অৰ্থাৎ যিখন ৰাজ্যত তেওঁ সেৱা আগবঢ়াব বিচাৰে সেইখন ৰাজ্য নিজেই উল্লেখ কৰি দিব লাগে । অৱশ্যে তেওঁ নিৰ্বাচন কৰা ৰাজ্যখনত সেৱা আগবঢ়াবৰ বাবে পাব নে নাপায় সেইয়া আন বহুবোৰ বিষয়ৰ ওপৰত নিৰ্ভৰ কৰে । সেয়েহে এই সকলোবোৰ দিশ সাঙুৰি cadre allocation ৰ ক্ষেত্ৰত থকা বিধি সমূহ আৰু cadre policy সমূহৰ বিষয়ে কিছু কথা উল্লেখ কৰাটো উচিত হব।
আমাৰ মনত প্ৰায়ে এটা প্ৰশ্নই দোলা দিয়ে যে অসমত কৰ্মৰত ইমানবোৰ IAS, IPS বিষয়া আছে কিন্তু তেওঁলোক অধিকাংশই কিয় বহিঃৰাজ্যৰ ? অসমৰ ব্যক্তি IAS বা IPS বিষয়া হৈ অন্য ৰাজ্যত সেৱা আগবঢ়াই আছে কিন্তু তেওঁলোকে অসমত কিয় নোৱাৰে সেৱা আগবঢ়াব... ? Home state cadre কেনেকৈ পায়..? এই সমূহ প্ৰশ্নৰ উত্তৰো এই Cadre allocation policy ৰ লগতেই জড়িত হৈ আছে ।
ভাৰতত তিনি প্ৰকাৰৰ Services আছে । সেই সমূহ হৈছে Central services, all india services আৰু state services. civil service exam ত IAS আৰু IPS ক বাদ দি যি 22 ত Service আছে সেই আতাইকেইটা হৈছে central service. এই service ত training ৰ পৰা appointment লৈকে আৰু Promotion ৰ পৰা Retirement লৈকে সকলো কেন্দ্ৰই কৰে । সেয়েহে ইয়াত cadre ৰ কথা নাহে। যিসমূহ state services ৰ ব্যক্তি আছে তেওঁলোকৰ ক্ষেত্ৰতো কোনো cadre policy ৰ কথা নাহে কাৰণ তেওঁলোকৰ service গোটেই জীৱনভৰ নিজৰ ৰাজ্যতেই হব । cadre ৰ কথা কেৱল All India Services ৰ ক্ষেত্ৰতেই আহি পৰে ।( ভাৰতত All India Service তিনিটা আছে । Indian Administrative service, Indian Police Service আৰু Indian Forest Service. Indian Forest service ৰ বাবে UPSC এ সুকীয়াকৈ পৰীক্ষা অনুষ্ঠিত কৰে , CSE ৰ দ্বাৰা ইয়াৰ নিযুক্তি নহয় ) । এতিয়া আমাৰ মনত প্ৰশ্ন হব পাৰে যে All India Services ৰ ক্ষেত্ৰত এই Cadre কিয় প্ৰয়োজন ? বাকীবোৰ Services ৰ ক্ষেত্ৰটো cadre ৰ কথা নাহে... ! । cadre এই কাৰণেই প্ৰয়োজন যে এই Cadre policy ৰ যোগেদিয়েই কেন্দ্ৰই ৰাজ্যক নিয়ন্ত্ৰণ কৰিব পাৰে আৰু ইয়াৰ জৰিয়তেই কেন্দ্ৰ আৰু ৰাজ্যৰ মাজৰ সম্পৰ্ক দৃঢ় হয় । এই All India Services ৰ যোগেদি যিসকল ব্যক্তিয়ে সেৱা আগবঢ়াই তেওঁলোক কোনোএখন ৰাজ্যেৰ গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত হৈ থাকে । কিন্তু Central services ৰ যোগেদি কোনো ব্যক্তিয়ে কোনোএখন ৰাজ্যত কাম কৰি থকা অৱস্থাত সেই ৰাজ্যখনৰ অধীন হৈ কাম নকৰে উদাহৰণস্বৰূপে Indian Revenue Services ৰ কোনো বিষয়াই যদি অসমতো কাম কৰে তেন্তে তেওঁ অসম চৰকাৰৰ অধীনত কাম নকৰে তেওঁ ভাৰত চৰকাৰৰ অধীনত হে কাম কৰে। কিন্তু যদি কোনো IAS বা IPS বিষয়া ধৰিলোৱা হল তেওঁ অন্যএখন ৰাজ্যৰ কিন্তু অসমত কাম কৰে তেন্তে তেওঁ কিন্তু অসম চৰকাৰৰ হৈ হে কাম কৰিব । All India Service এনেকোৱা এটা Service যত কেন্দ্ৰ চৰকাৰে নিৰ্বাচন কৰিব, প্ৰশিক্ষণ দিব, নিযুক্তি দিব ( নিযুক্তি ৰাজ্যটো হব পাৰে কেন্দ্ৰটো হব পাৰে ), ৰাজ্যত সেৱা আগবঢ়াবৰ বাবে এখন ৰাজ্য নিৰ্দিষ্ট কৰি দিয়া হয় যাক state cadre বুলি কোৱা হয়। যেতিয়া সেই বিষয়াজনে ৰাজ্যত সেৱা প্ৰদান কৰে তেতিয়া সেই বিষয়জনৰ ওপৰত তাৎক্ষণিক নিয়ন্ত্ৰণ ৰাজ্য চৰকাৰৰ থাকে যদিও সৰ্বোচ্চ আৰু অন্তিম নিয়ন্ত্ৰণ কেন্দ্ৰৰ থাকে । ৰাজ্য চৰকাৰে সেই বিষয়াজনক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব নোৱাৰে বৰ্খাস্ত কৰিবলৈ কেৱলমাত্ৰ কেন্দ্ৰীয় চৰকাৰক অনুৰোধ হে কৰিব পাৰে । ৰাজ্যত থাকি ৰাজ্যৰ বাবে সেৱা আগবঢ়াই থকাৰ পাছতো সৰ্বোচ্চ নিয়ন্ত্ৰণ ৰাজ্য চৰকাৰৰ পৰিৱৰ্তে কেন্দ্ৰীয় চৰকাৰৰ থাকে । এই প্ৰক্ৰিয়াৰ দ্বাৰাই কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত থকা দৃঢ় সম্পৰ্কৰ কথা, কেন্দ্ৰৰ ৰাজ্যৰ ওপৰত থকা নিয়ন্ত্ৰণৰ কথা অনুধাৱন কৰিব পাৰি । All India Services এই কাৰণেই যে কেন্দ্ৰীয় চৰকাৰে যাতে ইয়াৰ অন্তৰ্গত সকলো ৰাজ্যৰ কাৰ্যপালিকাৰ ওপৰত সঠিক নিয়ন্ত্ৰণ ৰাখিব পাৰে । এইখিনিতে আমাৰ মনত এটা প্ৰশ্ন হব পাৰে যে কেন্দ্ৰই কিয় ৰাজ্যৰ কাৰ্যপালিকাত সঠিক নিয়ন্ত্ৰণ ৰাখিব খোজে... !? আপুনি ভাৱকচোন যদি কেন্দ্ৰীয় চৰকাৰে কয় যে আমি তামিলনাডুত তামিলনাডুৰ IAS নিযুক্তি দিম, কেৰেলাত কেৰেলাৰ IAS নিযুক্তি দিম, অসমত অসমৰেই সকলো IAS নিযুক্তি দিম... এনে কৰিলে আমাৰ ৰাষ্ট্ৰীয় একতা তথা অখণ্ডতাৰ নীতি যথেষ্ট প্ৰভাৱ পৰাৰ অৱকাশ থাকে । যদি কোনো ৰাজ্যত ধৰা হ'ল অসমত ইয়াৰ সকলো উচ্চপদস্থ প্ৰশাসনিক বিষয়া, আৰক্ষী বিষয়া অসমৰে হয় আৰু যদি অসমত বিছিন্নতাবাদ বা Separatism এ দেখা দিয়ে তেতিয়া ইয়াৰ সমগ্ৰ প্ৰশাসনীয় ব্যৱস্থাটো , আৰক্ষী প্ৰশাসন সেই Separatist movement ৰ হাতলৈ গুচি যোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে। সেই কাৰণে চৰ্দাৰ বল্লভভাই পেটেলে গভীৰ চিন্তা কৰি কৈছিল যে IAS আৰু IPS বিষয়া নহলে আমি এই দেশ সঠিক ৰূপে পৰিচালনা কৰিব নোৱাৰো । এতিয়া এইখিনিতে আকৌ এটা প্ৰশ্ন উদয় হয় যে কেন্দ্ৰই cadre policy প্ৰয়োগ কৰাটো জৰুৰী নেকি? হয়, কেন্দ্ৰৰ বাবে Cadre policy প্ৰয়োগ কৰাটো অতি জৰুৰী বা গুৰুত্বপূৰ্ণ কাৰণ এই cadre policy এ দেশৰ অখণ্ডতা ৰক্ষা কৰাত অৰিহণা যোগায় । কিয় জৰুৰী বা গুৰুত্বপূৰ্ণ সেই সম্পৰ্কে ভালদৰে বুজিবলৈ আমি এটা উদাহৰণৰ সহায় লওঁ... ধৰাহ'ল, অসম চৰকাৰত তামিলনাডু, হাৰিয়ানা, পাঞ্জাৱ, কৰ্ণাটক, ঝাৰখণ্ডৰ, গুজৰাটৰ উচ্চ প্ৰশাসনিক বিষয়াই কাম কৰে । যদি অসমৰ জনতাই কোনো কাৰণত কেন্দ্ৰৰ পৰা পৃথক ৰাষ্ট্ৰৰ দাবী কৰি ব্যাপক আন্দোলন কৰে বা কেন্দ্ৰৰ বিৰুদ্ধাচৰন কৰি কোনো বিষয়ত প্ৰতিবাদ কৰে তেতিয়া এই ৰাজ্যত থকা উচ্চ প্ৰশাসনিক বিষয়া আৰু আৰক্ষী বিষয়া সকলৰ সহযোগিতাত এই আন্দোলন স্তিমিত কৰাত কেন্দ্ৰ সক্ষম হব। কাৰণ অসম চৰকাৰত অন্য ৰাজ্যৰ উচ্চপদস্থ প্ৰশাসনিক বিষয়া আৰু আৰক্ষী বিষয়া ব্যাপক সংখ্যক আছে যাৰ নিষ্ঠা আৰু আনুগত্য ৰাজ্যখনৰ মানুহৰ প্ৰতি নহৈ, সমাজৰ প্ৰতি নহৈ, আন্দোলনটোৰ প্ৰতি নহৈ দেশ আৰু সংবিধানৰ প্ৰতিহে সেয়ে তেওঁলোকে ৰাষ্ট্ৰীয় অখণ্ডতা আৰু কেন্দ্ৰৰ নিৰ্দেশনা অনুসৰি এই কাৰ্যসমূহ প্ৰতিহত কৰিবলৈ চেষ্টা চলাব । আৰু ইয়েই কেন্দ্ৰক আশ্বস্ত কৰে যে অসম ভাৰতৰ অংগ হৈ থাকিব । ( এই উদাহৰণটো সকলো ৰাজ্যৰ ক্ষেত্ৰতেই প্ৰযোজ্য ) সেয়েহে ভাৰত চৰকাৰে বিচাৰে যে কোনো এখন ৰাজ্যৰ আমোলাতন্ত্ৰত সেই ৰাজ্যৰ পৰিৱৰ্তে আনৰাজ্যৰ বিষয়া অধিক থাকক ।
কিন্তু এনে কৰিবলৈ যাওঁতে কেন্দ্ৰই আৰু এটা সমস্যাৰ সন্মুখীন হব লগা হয় । যদি অসমত বসবাস কৰা ব্যক্তিয়ে অসমৰ বাবে সেৱা আগবঢ়াবলৈ খুব নিষ্ঠা আৰু একাগ্ৰতাৰে অধ্যয়ন কৰি CSE ত প্ৰথম স্থান দখল কৰিলে । এতিয়া সেই ব্যক্তিজনে বিচাৰে যে তেওঁ অসমত সেৱা আগবঢ়াব বা অসমত Cadre নাপালেও ইয়াৰ চুবুৰীয়া কোনোবা ৰাজ্যত সেৱা আগবঢ়াবলৈ পালেই হব অৰ্থাৎ home state ৰ ওচৰে পাজৰে থাকিবলৈ বিচাৰে । কিন্তু Cadre policy অনুসৰি তেওঁৰ cadre পালে তামিলনাডু । আৰু তেওঁৰ পাছৰ এনেকুৱা বহু ব্যক্তি আছে যাৰ ৰেংক কম তথাপি কিন্তু নিজৰ home state cadre পালে । এতিয়া চৰকাৰৰ সমুখত দেখা দিয়া সমস্যাটো হল যে ৰাষ্ট্ৰীয় অখণ্ডতা ৰক্ষা কৰিবলৈ যাওঁতে ভাল ব্যক্তিৰ বা শিক্ষাৰ্থীৰ Inspiration level কমি যায় । কাৰণ অসমৰ ব্যক্তিজনে অসম নহলেও ইয়াৰ চুবুৰীয়া ৰাজ্যত সেৱা আগবঢ়াবলৈ পাব লাগিছিল কিন্তু তেওঁক দিয়া হল তামিলনাডু, অনিচ্ছাসত্বেও তেওঁ তামিলনাডু কেডাৰলৈ যাব লাগিব । ৰাষ্ট্ৰীয় অখণ্ডতা ৰক্ষা কৰিবলৈ যাওঁতে inspiration level ত প্ৰভাৱ পৰে । কেতিয়াবা চৰকাৰে ৰাষ্ট্ৰীয় অখণ্ডতাত গুৰুত্ব দিয়ে কেতিয়াবা inspiration level ত গুৰুত্ব দিয়ে । সেয়েহে কেন্দ্ৰই Cadre policy বোৰ মাজে সময়ে সলনি কৰি থাকে । পৰৱৰ্তী খণ্ডত কেন্দ্ৰই এতিয়ালৈ যিমানবাৰ cadre policy সলনি কৰিছে সেই আতাইবোৰৰ সম্পৰ্কে আলোচনা কৰা হব ।
0 Comments