* Mutual fund ৰ বিষয়ে লিখিবলৈ বৰ এটা সহজ নহয় ৷ তথাপিও লিখিবলৈ চেষ্টা কৰিছো ৷ ভুল হ'লে আঙুলিয়াই দিব ৷ Mutual fund ৰ বিষয়ে জনাৰ আগতে আপোনালোকে Share Market ৰ কিছু জ্ঞান থকাৰ জৰুৰী ৷ কাৰণ mutual fund share market ৰ লগত জড়িত ৷ গতিকে বুজি পোৱাত অলপ অসুবিধা হ'ব পাৰে ৷
Mutual fund হ'ল পেছাদাৰীভাৱে পৰিচালনা কৰা বিনিয়োগ আচঁনি ৷ সাধাৰণতে Asset management company(AMC) (An asset management company is a firm that invests pooled funds from clients, putting the capital to work through different investments including stocks, bonds, real estate, master limited partnerships, and more) এ এই mutual fund সমূহ পৰিচালনা কৰে ৷ Mutual fund, ইয়াৰ নামতেই বুজা যায় যে পাৰস্পৰিক ভাৱে কিছু লোকৰ পইছা জমা কৰি AMC এ বেলেগ বেলেগ company ত বিনিয়োগ কৰে আৰু তাৰ লাভৰ পৰা 1%-2% লাভাংশ নিজৰ হাতত ৰাখি বাকী অংশ বিনিয়োগ কৰ্তাক দিয়ে ৷ সহজ ভাষাত বুজাবলৈ হ'লে ধৰিলওঁক আপুনি share market ত 20,000 টকা invest কৰিব বিচাৰে আৰু আপুনি MRF ৰ share কিনিব বিচাৰে ৷ কিন্তু আজি তাৰিখত MRF ৰ এটা share মূল্য প্ৰায় 65,000/- টকা ৷ গতিকে আপুনি share কিনিব নোৱাৰিব ৷ কিন্তু mutual fund এ কি কৰে আপোনাৰ পৰা 500/- টকা ল'ব আৰু তেনেকৈ 260 জন লোকৰ পৰা 500/- টকাকৈ ল'ব ৷ মুঠ জমা হ'ব 1,30,000 টকা ৷ সেই টকাৰে MRF ৰ দুটা share কিনিব ৷ Share দুটাক 260 জন লোকৰ মাজত কেনেকৈ ভাগ কৰিব ? প্ৰত্যেক জন লোকক সেই দুটা share ৰ 500/- টকা 500/- টকা কৈ unit হিচাপে ভাগ কৰি সকলোকে ভগাই দিব আৰু গোটেই 260 জনেই share দুটাৰ co-holder হ'ব ৷ এনেকৈ আপুনি কম পইছাৰে বিভিন্ন company ৰ share কিনিব পাৰি mutual fund ৰ সহায়ত ৷
Mutual fund সাধাৰণতে তিনি প্ৰকাৰৰ-
1) Equity Mutual fund
2) Debt mutual fund
3) Hybrid mutual fund
1. Equity Mutual fund:- ই directly stock market ৰ লগত জড়িত ৷ইয়াত risk বেছি আৰু return ও বেছি ৷ ইয়াৰ কেইবাটাও ভাগ আছে ৷
ক) Large/Mid/Small cap equity fund- আপুনি যদি ডাঙৰ কোম্পানীত বিনিয়োগ কৰিব বিচাৰে তেন্তে কোৱা হ'ব large cap equity fund, সৰু কোম্পানীত কৰিলে small cap equity fund আৰু মজলীয়া আকাৰৰ কোম্পানীত বিনিয়োগ কৰিলে কোৱা হয় mid cap equity fund ৷ Large cap equity fund ত low risk low return ৷ কিয়নো ডাঙৰ কোম্পানীৰ growth বেছি হোৱা chance নাথাকে ৷ কিন্তু সৰু বা মজলীয়া আকাৰৰ কোম্পানীৰ growth হোৱা chance বহুত ৷ গতিকে risk high, return ও high ৷ Risk বেছি হোৱা কাৰণ হ'ল কোম্পানীটো একেবাৰে দেউলীয়াও হৈ যোৱাৰ chance থাকে ৷
খ) Diversified equity fund- ইয়াত Large cap, Mid cap আৰু Small cap সকলো কোম্পানীতে অলপ অলপকৈ বিনিয়োগ কৰে ৷ গতিকে ইয়াত moderate risk আৰু moderate return আশা কৰিব পাৰি ৷
গ) ELSS( Equity Link Saving Scheme)- ই এক বিশেষ ধৰণৰ equity fund ৷ ইয়াত বিনিয়োগ কৰিলে tax rebate পোৱা যায় ৷
ঘ) Sector Mutual fund- ইয়াত বিনিয়োগৰ বাবে এনে ধৰণৰ কোম্পানীক নিৰ্বাচন কৰে য'ত এটা ডাঙৰ Sector belong কৰিব ৷ যেন Agriculture sector, Transportation sector আদি ৷
ঙ) Index fund- ই passively managed fund ৷ ইয়াক AMC ৰ কোনো fund manager এ সিদ্ধান্ত ল'ব নোৱাৰে ক'ত কেতিয়া বিনিয়োগ কৰিব ৷ ই Sensex আৰু Nifty ৰ দামৰ ওপৰত নিৰ্ভৰ কৰি তল ওপৰ হৈ থাকে ৷
2. Debt mutual fund- ইয়াত debt instruments ত বিনিয়োগ কৰা হয় ৷ যেনে- Bonds, debentures, Certificate of deposits আদি ৷ Bonds হ'ল যেতিয়া চৰকাৰৰ পইছা দৰকাৰ হয় তেতিয়া চৰকাৰে জনসাধাৰণৰ পৰা পইছা ধাৰে লয় অৰু নিদিষ্ট সময়ত fixed সুদৰ সৈতে ঘূৰাই দিয়ে ৷ ইয়াক bonds বোলা হয় ৷ Debentures হ'ল কোনো কোম্পানীৰ পইছা প্ৰয়োজন হ'লে share ৰ সংখ্যা বৃদ্ধি নকৰি জনসাধাৰণৰ পৰা টকা ধাৰে লয়, তাক debentures বোলে ৷ আনহাতে Certificate of Deposits money market ৰ লগত জড়িত ৷ ইয়াক বেংক সমূহে issue কৰে নিদিষ্ট সময়ৰ বাবে আৰু নিদিষ্ট সুদৰ বিনিময়ত ৷ Bonds, debentures, Certificate of deposits ত বিনিয়োগ কৰিলে একোখনকৈ certificate issue কৰে ৷
Debt mutual fund ৰো কেইবাটাও ভাগ আছে-
ক) Liquid fund- liquid fund মানে সেইটো mutual fund য'ত কোনো asset খুব সোনকালে cash লৈ বদলি হৈ যায় ৷ ই একেবাৰে low risk ৷ ইয়াক savings account ৰ লগত তুলনা কৰিব পাৰি ৷
খ) Gilt fund- ইয়াত চৰকাৰে issue কৰা bond ত বিনিয়োগ কৰে আৰু zero risk ৷
গ) Fixed Maturity plan- ই fixed deposit ৰ বিকল্প বুলিব পাৰি ৷ ইয়াত একেবাৰে low risk থাকে আৰু নিদিষ্ট সময়ৰ লৈকে ইয়াত বিনিয়োগ কৰিব লাগে ৷ তাৰ আগতে কেতিয়াও পইছা withdraw কৰিব নোৱাৰিব ৷
ইয়াৰ উপৰিও আৰু বহুতো debt fund আছে ৷ যেনে Junk Bond Scheme আদি ৷ কিন্তু এই কেইটাই প্ৰধান ৷
3) Hybrid Mutual fund- ই হৈছে equity আৰু debt mutual fund ৰ সংমিশ্ৰণ ৷ যদি কোনোবাই ভাবে যে মোৰ পইছা কেৱল equity বা debt fund ত বিনিয়োগ নহৈ দুয়োটাতে বিনিয়োগ হওঁক তেতিয়া hybrid mutual fund ত বিনিয়োগ কৰিব পাৰিব ৷ Hybrid mutual fund ৰো কেইবাটাও ভাগ আছে ৷ তাৰে প্ৰধান দুটা ভাগ হ'ল -
ক) Balanced Savings funds (equity saving)- যদি সৰহ ভাগ পইছা Debt fund ত বিনিয়োগ হয়, তাক কোৱা হয় Balanced Savings Funds ৷ ইয়াৰ অনুপাত হ'ব প্ৰায় 70:30 ৷ অৰ্থাৎ 70% debt fund ত 30% equity fund ত বিনিয়োগ হ'ব ৷
খ) Balanced Advantage funds (Hybrid Aggressive)- ই Balanced Savings funds ৰ ওলোটা ৷ অৰ্থাৎ 70% equity fund ত আৰু 30% debt fund ত বিনিয়োগ হয় ৷
এতিয়া আহো mutual fund ত ক'ত কেনেকৈ বিনিয়োগ কৰিব পাৰি ৷ আপুনি পোনপটীয়াকৈ আপোনাৰ বেংক একাউণ্ট থকা বেংকত বিনিয়োগ কৰিব পাৰিব ৷ ধৰি লওঁক আপোনাৰ SBI ত একাউণ্ট আছে আৰু আপুনি HDFC equity fund ত বিনিয়োগ কৰিব বিচাৰে ৷ তেনে ক্ষেত্ৰত আপুনি বিনিয়োগ কৰিব নোৱাৰিব ৷ SBI ত কেৱল SBI ৰ mutual fund সমূহতেহে বিনিয়োগ কৰিব পাৰিব ৷ যদি আপোনাৰ Demat Account বা Trading Account আছে তেন্তে আপুনি ইচ্ছা অনুসৰি online mutual fund কিনা-বেচা কৰিব পাৰিব ৷ আপুনি mutual fund ত এবাৰে lump sum amount বিনিয়োগ কৰিব পাৰে বা SIP (Systematic Investment plan) হিচাপেও মাহে সৰ্বনিম্ন 100/- টকাকৈ বিনিয়োগ কৰিব পাৰে ৷ অধিক জানিবৰ বাবে Google, Youtube ব্যৱহাৰ কৰিব পাৰে ৷
এতিয়া মনত এটা প্ৰশ্ন উদয় হ'ব যে return কিমান পাম ৷ সৰ্বনিম্ন 4% ৰ পৰা সৰ্বাধিক 30% লৈকে return পাব পাৰো ৷ তাৰ বাবে সঠিক fund নিৰ্বাচন কৰিব লাগিব ৷ এটা কথা মনত ৰখা ভাল যে-যদি আপুনি একেবাৰে বেয়া fund ও যদি নিৰ্বাচন কৰে তথাপিও 7,8 বছৰৰ পিছত fixed deposit, RD বা আন Retirement plan তকৈ বেছি return পাব ৷ RD, fixed deposit, NPS, APY, PLI, LIC আদিত বিনিয়োগ কৰিলে interest দিয়ে আৰু direct share market বা mutual fund ত বিনিয়োগ কৰিলে Dividends দিয়ে ৷ কাৰণ share market বা mutual fund ত বিনিয়োগ কৰিলে যিটো কোম্পানীত বিনিয়োগ কৰিছে সেই কোম্পানীৰ share holder হৈ পৰিব ৷ Mutual fund সদাই long term ৰ বাবেহে উপযুক্ত ৷ ইয়াক সদাই এটা goal set কৰিহে বিনিয়োগ কৰা ভাল ৷ আপুনি আপোনাৰ goal অনুসৰি portfolio বনাব পাৰিব ৷ ধৰক আপোনাৰ ল'ৰা বা ছোৱালীৰ বিয়াৰ বাবে 20 বছৰ পিছত 30 লাখ টকাৰ প্ৰয়োজন হ'ব ৷ তাৰ বাবে মাহে কিমান টকাকৈ বিনিয়োগ কৰিলে 30 লাখ টকা পাব তাৰ portfolio বনাই বিনিয়োগ কৰিব লাগে ৷ ডাঙৰ ডাঙৰ financial adviser বিলাকেও বিনিয়োগ কৰাৰ আগত আপোনাৰ goal অনুসৰিহে portfolio বনাই দিব ৷
গতিকে সকলোৱে নিজৰ বিবেচনা অনুসৰি আগবাঢ়িব বুলি আশা কৰিলো ৷
“Mutual fund investments are subject to market risks. Please read the offer document carefully before investing.”
@ ডেভিদ বৰুৱা
0 Comments