* প্ৰাকৃতিক সম্পদত অসম ৰাজ্য যথেষ্ট চহকী৷ অসমক নদী মাতৃক ৰাজ্য বুলি কোৱা হয়৷ অসমৰ মাজেৰে অসংখ্য নদ-নদীয়ে গতি কৰি অসমক এক সুকীয়া মাত্ৰা আৰু সৌন্দৰ্য প্ৰদান কৰিছে৷ অসমৰ প্ৰধান নদ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ লগতে বিভিন্ন জিলাত থকা সৰু-বৰ নদ-নদী, জান-জুৰি, বিল-জলাশয়বোৰে অসমক বছৰৰ প্ৰতিটো সময়তেই চিৰসেউজ কৰি ৰাখিছে৷ বিশ্বৰ ভিতৰত অসমৰে নদ-নদীৰ সংখ্যা সৰ্বাধিক৷ এই নদ-নদীৰ মাত্ৰা তুলনামূলকভাৱে বেছি বাবেই প্ৰাচীন কালৰে পৰা অসমৰ সভ্যতা মূলতঃ নদীকেন্দ্ৰীক আৰু বৃত্তি হিচাপেও কৃষিয়েই এই ৰাজ্যৰ প্ৰধান মাধ্যম ৷
১৭৯৮ চনত ড॰ জে.পি. ৱেডে অসমৰ নদ-নদী, নদীৰ গতিপথ আৰু তাৰ ভৌগোলিক অৱস্থান সম্পৰ্কে পোন প্ৰথমবাৰৰ বাবে লিখা-মেলা কৰে৷ ইয়াৰ পৰৱৰ্তী সময়ত ১৯৯৩ চনৰ পৰাহে অসমত ব্ৰহ্মপুত্ৰ নদক কেন্দ্ৰ কৰি কিছু বিদ্যায়তনিক অধ্যয়ন কৰা দেখা যায় । অসমীয়া ভাষাত যোগেন্দ্ৰ নাথ শৰ্মাই ‘অসমৰ নদ-নদী’ নামৰ এখন কিতাপ ৰচনা কৰি অসমত নদী সম্পৰ্কীয় লিখা-মেলা আৰু চিন্তা-চৰ্চাৰ বাট কাটি দিয়ে৷ স্বৰ্ণ বৰাই কেইবাখনো উপন্যাস নদীৰ আধাৰত ৰচনা কৰিছে৷ সেই উপন্যাসবোৰ ‘স্বৰ্ণ বৰাৰ নদীভিত্তিক উপন্যাস সমগ্ৰ’ত সংকলিত হৈ আছে৷ তাৰ পিছত ক্ৰমে, ৰীণা চৌধুৰী, প্ৰফুল্ল ডেকা, মৃণাল তালুকদাৰ, শৈলেন বৰুৱা আদিৰ ওপৰি বহুকেইজনে নদীকেন্দ্ৰিক সমাজ জীৱন, সাহিত্য সম্পৰ্কে লিখা-মেলা কৰিছে৷ মৃণাল তালুকদাৰৰ ‘ছাংপুৰ পৰা ব্ৰহ্মপুত্ৰলৈ, শৈলেন বৰুৱাৰ ‘সোৱণশিৰিৰ অভিযান’, আৰু চাৰিকড়ীয়াৰ অভিযান’, বিমল মজুমদাৰৰ ‘অসমীয়া সাহিত্যত নদী’, ধৰণী লাহনৰ ‘নৈপৰীয়া সুহৃদ’, ধনদা দেৱীৰ উপন্যাস ‘সোৱণশিৰিৰ সপোন মথি, পূৰ্ণ কুমাৰ চিন্তেৰ ‘সোৱণশিৰিৰ পাৰে পাৰে, ৰিন্তু শইকীয়াৰ কবিতাৰ কিতাপ ‘ৰঙানৈৰ মই প্ৰথম প্ৰেমিক’, পলাশ ৰঞ্জন গগৈৰ কবিতাপুথি ‘সোৱণশিৰিৰ ৰূপালী ঢৌ’, সদানন্দ পায়েংৰ ‘ঘুনাসুঁতিৰ প্ৰেমগাথা’, শেহতীয়াকৈ ২০১৯ চনত প্ৰকাশিত সম্পাদনামূলক গ্ৰন্থ ‘ৰঙানদী’ আদি গ্ৰন্থসমূহৰ কথা থাউকতে উল্লেখ কৰিব পাৰি৷ সেইদৰে প্ৰান্তিক আলোচনীখনে নদীকেন্দ্ৰিক সাহিত্য সম্পৰ্কীয় বহুতো লেখা প্ৰকাশ কৰিছে৷
বিমল মজুমদাৰৰ ‘অসমীয়া সাহিত্যত নদী’ শীৰ্ষক গ্ৰন্থখনত নদীকেন্দ্ৰিক অসমীয়া সাহিত্যৰ সমীক্ষাত্মক বিৱৰণ পোৱা যায়৷ অসমীয়া লোক-সাহিত্যত নদীৰ স্থান, নদী সম্পৰ্কীয় উল্লেখ, চৰ্যাপদ, শ্ৰীকৃষ্ণ কীৰ্ত্তন আদিত নদীৰ উল্লেখ, প্ৰাক-বৈষ্ণৱ, বৈষ্ণৱ যুগৰ সাহিত্যত নদীৰ পৰা আৰম্ভ কৰি পাঁচালী সাহিত্য, উত্তৰ-বৈষ্ণৱ যুগ আৰু আধুনিক অসমীয়া সাহিত্যত নদী সম্পৰ্কীয় উল্লেখ আদি প্ৰায় সকলোবোৰ বিষয়েই সামৰি লৈছে৷ ইয়াৰোপৰি প্ৰণয় ফুকনৰ সম্পাদনাত নদী বিষয়ক কবিতাৰ এটা সংকলন ২০১৩ চনত প্ৰকাশ পাইছে৷ ৰজনীকান্ত বৰদলৈৰ ‘মিৰি জীয়ৰী’ উপন্যাসৰ পটভূমি হৈছে লখিমপুৰৰ সোৱণশিৰি নদী৷ ছৈয়দ আব্দুল মালিকে বহুকেইখন নদীকেন্দ্ৰিক উপন্যাস অসমীয়া সাহিত্যলৈ আগবঢ়াই থৈ গৈছে৷ ইয়াৰোপৰি মহাভাৰতৰ যুগৰ পৰা বৈদিক সাহিত্য, সংস্কৃত সাহিত্যকে আদি কৰি বৰ্তমান আধুনিক অসমীয়া সাহিত্যলৈকে প্ৰায় সকলোতে কম বেছি পৰিমাণে প্ৰধানকৈ ব্ৰহ্মপুত্ৰ নদক লৈ চিন্তা-ৰ্চচা আৰু বিশ্লেষণধৰ্মী লিখা-মেলা ইত্যাদি হৈয়ে আছে৷ অসমৰ বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ সভ্যতা নিৰ্মাণ কৰা এই নদ-নদীবোৰৰ বিষয়ে যথাযোগ্য আলোচনা হোৱাৰ প্ৰয়োজন৷ নদীৰ সৈতে মানুহৰ একাত্মতা, নদীৰ সৈতে মানুহৰ সহবাস, ইয়াৰ উপকাৰ, অপকাৰ আদিৰ লগতে নদীত পোৱা প্ৰাকৃতিক সম্পদৰাজিসমূহৰ বিষয়েও অধ্যয়ন কৰাতো এটি গুৰুত্বপূৰ্ণ কাম৷
ৰঙানদী লখিমপুৰ জিলাৰ এখন গুৰুত্বপূৰ্ণ নদী৷ লখিমপুৰৰ প্ৰায় সোঁমাজেৰেই এই নদীখন বৈ গৈছে৷ বৈদিক যুগৰ সাহিত্য আৰু সমসাময়িক সাহিত্যতো এই নদীখনৰ প্ৰসংগৰ উল্লেখ পোৱা যায়৷ প্ৰাকৃতিক সৌন্দৰ্যেৰে এই নদীখন পৰিপূৰ্ণ ৷ শেহতীয়াকৈ নামনি সোৱণশিৰি জলবিদু্যৎ প্ৰকল্প নিৰ্মাণৰ পৰৱৰ্তি সময়ত নদীখনৰ নাম ব্যাপক পৰিমাণে চৰ্চালৈ আহিছে৷ বানপানী আৰু গৰাখহনীয়া সমস্যাই নদীখনৰ দুয়োপাৰৰ মানুহখিনিক আৰু বিশেষকৈ পানীগাঁও, আমতলা আদি অঞ্চলত যথেষ্ট ক্ষতি সাধন কৰিছে৷ অৰুণাচল প্ৰদেশৰ বহু ভিতৰৰ পৰা বৈ অহা কেইবাটিও গুৰুত্বপূৰ্ণ সুঁতি লগ হৈ ৰঙা নদীৰ সৃষ্টি হৈছে আৰু এই নদীখনে বহু সংখ্যক জান-জুৰি, উপনদীৰ সৈতে লগ লাগি সোৱণশিৰিত পৰিছেগৈ৷
‘‘ৰঙা নৈৰ অৱৱাহিকাই অৰুণাচল প্ৰদেশৰ ২১৭০ বৰ্গ কি.মি. আৰু অসমৰ মাজৰ ৭৬৬ বৰ্গ কি.মি. ঠাই আগুৰি আছে৷ নৈখনৰ মুঠ দৈৰ্ঘ্য ১৪৫ কি.মি.৷ পাহাৰৰ নামনিৰ পৰা ঘাইপথলৈকে নৈখনৰ বুকুৰ ঢাল প্ৰতি কিল’মিটাৰত ৫.৮ ছে.মি.৷ তাৰপৰা ব্ৰহ্মপুত্ৰলৈ প্ৰতি কিলোমিটাৰত ২.৩৬ ছেঃমিঃ৷ বিভিন্ন বছৰত লোৱা জোখ অনুসৰি নৈখনে বছৰি গড়ে প্ৰতি ছেকেণ্ডত ৮০৭১ পৰা ৫৬২ ঘনমিটাৰ পানী কঢ়িয়াই আনে৷’’ [যোগেন্দ্ৰ নাথ শৰ্মা, অসমৰ নদ-নদী, পৃষ্ঠা- ২০৭] ‘অসমৰ প্ৰাকৃতিক সম্পদ’ গ্ৰন্থত উল্লেখ থকা মতে ৰঙানদীয়ে বাৰ্ষিক গড়ে ৫৬৩৮ ঘনমিটাৰ পানী নিৰ্গমন কৰে৷ অৱশ্যে বৰ্ষাকালৰ সময়ছোৱাত নদীবোৰৰ পানী নিৰ্গমনৰ মাত্ৰা বেছি হয়৷ ঋকবেদতো ৰঙানদীৰ বিষয়ে উল্লেখ আছে৷ ‘‘ঋকবেদত উল্লেখিত ৰসনদী আৰু পাছৰ যুগৰ কালিকা পুৰাণৰ সোমসেনা নৈকে বৰ্তমানৰ ৰঙা নৈ বুলি ভবা হয়৷’’ [ আনন্দচন্দ্ৰ আগৰৱালা, কামৰূপৰ তীৰ্থৰ বিৱৰণ, আৱাহন, ৫ম বছৰ]
ৰঙা নৈক কেন্দ্ৰ কৰি জ্যোতিপ্ৰসাদ আগৰৱালায়ো ৮/১০/১৯৪৮ চনত এটি গীত লিখিছিল৷ জ্যোতিপ্ৰসাদৰ ৰচনাৱলীত গীতটি এনেদৰে আছে– লক্ষীমপুৰৰ য ৰঙানদীৰ পাৰে পাৰে / ভৰিত সাৰে/ হাতত সাৰে / বনকুঁৱৰীয়ে কি বিচাৰে / বাৰে বাৰে / লক্ষীমপুৰৰ/ ৰঙানদীৰ পাৰে পাৰে / তোৰ কৰণিত, ন-ফুলনি / তোৰ বননিত কোন হৰিণৰ ৰূপে জলক মাৰে / বনসুৰীয়া কথা পাতে/ ঠাৰে চিয়াঁৰে কাৰ বাবে? [জ্যোতিপ্ৰসাদৰ ৰচনাৱলী, পৃঃ-৬০৫] বৰ্তমান সময়তো ৰঙানদীক কেন্দ্ৰ কৰি সাহিত্য চৰ্চা হৈ আছে৷ বন্ধুৰাম পাৱেগামে ‘ৰঙানদীৰ পাৰ’ নামেৰে এখন উপন্যাস লিখিছে৷ উপন্যাসখনত ৰঙানৈৰ পাৰত থকা মিৰি [মিচিং] জনসমাজৰ বিষয়ে উল্লেখ আছে৷ ৰিন্তু শইকীয়াই ‘ৰঙানৈৰ মই প্ৰথম প্ৰেমিক’ কবিতাৰ সংকলনখনতো ৰঙানৈৰ দাঁতিকাষৰীয়া সমাজ জীৱনৰ পূৰ্ণ প্ৰতিফলন ঘটিছে৷
নদীখনৰ উৎস
ৰঙা নৈখন অৰুণাচল প্ৰদেশৰ পাহাৰৰ পৰা বৈ অহা৷ অৰুণাচলৰ ল’ৱাৰ সোৱণশিৰি জিলাই ইয়াৰ উৎপত্তি স্থল৷ ‘অসমৰ নদ-নদী’ গ্ৰন্থত ৰঙা নদীৰ উৎস সম্পৰ্কে এনেদৰে আছে–‘‘ৰঙা নৈৰ উৎস স্থল অৰুণাচলৰ ল’ৱাৰ সোৱণশিৰি জিলাৰ পশ্চিম সীমাৰ ওচৰৰ খোৰেনপুটু নামৰ এটা ওখ পৰ্বত ৷ নৈখন নিৰপুং আৰু নিৰকে নামৰ দুখন নৈ মিলি হৈছে আৰু বাটত পেৰিচ নামৰ উপনৈ কল পাঁয়ৰ [Panyor] নৈ নাম লৈ দক্ষিণ-পূবমুৱা হৈ বৈ আহিছে৷’’ [ যোগেন্দ্ৰ নাথ শৰ্মা, অসমৰ নদ-নদী, পৃষ্ঠা- ২০৫]
গতিপথ আৰু ভৌগোলিক অৱস্থান
ল’ৱাৰ সোৱণশিৰি পাৰ হৈ কিমিনৰ কাষত অসম আৰু অৰুণাচল ৰাজ্যৰ সীমা ৰেখা আছে৷ এই সীমা ৰেখাত নৈখনৰ জি. পি. এচ. হৈছে– ২৭°৩০৩৪৮০৩’ অ., ৯৩°৯৭৬৪৩৪২’ দ্ৰা.৷ ৰঙা নদী নৈখন কিমিন আৰু জিৰো পথৰ কাষেদি য়াজলি নামৰ ঠাই পাৰ হৈ দিজুৰ্ বাগানৰ কাষেৰে বৈ আহিছে৷ অৰুণাচল প্ৰদেশত নদীখনৰ মুঠ দৈৰ্ঘ্য ৭৫ কি.মি.৷ দিজু বা কুদু নামেৰে এখন নৈ আহিও জহিং গাঁৱৰ পৰা পশ্চিমফালে ৰঙানদীত পৰিছেহি৷
কুদ নৈক লোৱাৰ পাছত ৰঙা নৈখন কিছু দূৰ আহি দুভাগত বিভক্ত হয়৷ ইয়াৰে পূবলৈ অহা নৈৰ সুঁতিটোৱে পৰৱৰ্তী সময়ত ৰঙা নৈৰ নাম লয় আৰু দিজু চাহ বাগিছাৰ ওচৰত জহিং নৈক বাঁওপাৰে লয়৷ জহিং নদীৰো আকৌ এখন উপনদী আছে৷ নদীখনৰ নাম কৈলামাৰী৷ ‘‘ জয়হিং [জহিং]ক লৈ ৰঙা নৈখন দক্ষিণমুৱা হয়৷ এইদৰে বিল, বাগান, গোৱৰীহালি আদি ঠাইৰ কাষেদি ৬ কি.মি. বাট আহি পহুমৰা উজনি মিচিং গাঁৱত নিজৰ আনটো শাখা সুঁতিৰ লগ লাগেহিজ্ব ৰঙা নৈৰ আনটো সঁুতিৰ দীঘ ৬ কি.মি. এই সুঁতিটোৰ সৈতে দিজু চাপৰিৰ দক্ষিণে পাঁচ নৈ লগ লাগিছে৷’’ [ যোগেন্দ্ৰ নাথ শৰ্মা, অসমৰ নদ-নদী, পৃষ্ঠা- ২০৬]
ইয়াৰ পিছত দুয়োটা সুঁতি লগ হৈ কলাবিল নামৰ ঠাই পাৰ হৈ উজনি খামতি গাঁৱত ৰূপা জানক লগত লয়৷ ৰূপাজান নৈখন ৰঙাজান সংৰক্ষিত বনৰ মাজত ওলাইছে৷ তাৰ পিছত পোৱা গাঁওখনৰ নাম উজনি মিৰি৷ এই ঠাইত নদীখনৰ দুয়োপাৰ যথেষ্ট বহল৷ মাজত চৰ-চাপৰি পোৱা যায়৷ ইয়াৰ পৰা ৰঙা নৈখন প্ৰায় ৰ কি.মি. পূবলৈ আহি পহুমৰা নামৰ ঠাই পায়হি৷ এই ঠাইখনৰ মাজেৰেই ট্ৰেইন আলি আৰু ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে৷ ৰঙা নদীৰ ট্ৰেইন দলঙৰ কাষতেই দক্ষিণফালে আছে শতজান পক্ষী উদ্যান৷ শীতৰ দিনকেইটাত এই অঞ্চললৈ জাক জাক পৰিভ্ৰমী চৰাই আহে৷ চৰাইবোৰৰ ভিতৰত শৰালী, ঘিলাহাঁহ, পক্কেল নামৰ বিদেশী চৰাই, ভাতঘিলা ইত্যাদিৰ নাম ল’ব পাৰি৷ বন্যপ্ৰাণী আইন- ১৯৭২ আধাৰত এই ঠাইত মাছ, কাছ, আৰু চৰাই মৰাত বাধা আৰোপ কৰা হৈছে৷ কেইবাটাও প্ৰকৃতিপ্ৰেমী সংগঠনে এই উদ্যানৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে কাম কৰাৰ লগতে সংৰক্ষণৰ বাবেও কাম কৰি আহিছে৷
কিন্তু এই উদ্যানখনৰ যথেষ্ট সম্ভাৱনা থকাৰ পাচতো আজি পৰ্যন্ত এলাগী হৈ পৰি আছে৷ উদ্যানখনৰ স্পষ্ট সীমা নাই, সেইদৰে পৰ্যটকৰ বাবে উপযুক্ত কোনো সা-সুবিধা নাই৷ চৰকাৰ বা বন বিভাগেও কোনো সচেতনতা অৱলম্বন কৰা নাই৷ ডিচেম্বৰ, জানুৱাৰী মাহত এই এলেকাটোলৈ যথেষ্ট সংখ্যক বনভোজৰ দল আহে৷ শতজানৰ কাষেৰে ৰঙা নৈ পূবমুৱাকৈ আহি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ পূব-দক্ষিণমূৱাকৈ বৈ গৈছে৷ ৰাষ্ট্ৰীয় ঘাইপথত নদীখনৰ ওপৰত দুখন দলং আছে৷ লখিমপুৰ জিলাৰ নদীৰ ওপৰত দুখন দলং একমাত্ৰ ৰঙা নৈৰ ওপৰতেই আছে৷ এই দলঙৰ পৰা উত্তৰফালে লখিমপুৰৰ মূল টাউনলৈ মাত্ৰ ৫ কি.মি.৷ শতজানৰ কাষতে আছে পহুমৰাৰ কেইবাখনো শিক্ষা প্ৰতিষ্ঠান৷ পহুমৰা উচ্ছতৰ মাধ্যমিক বিদ্যালয় আৰু শতজান পক্ষী উদ্যান প্ৰায় একেলগেই লাগি আছে৷ এই এলেকাটোতে পহুমৰা তিনিআলিটো আছে৷ তিনিআলিটোত লাচিতৰ এটা প্ৰতিমূৰ্তি আছে ৷ পহুমৰা তিনিআলিটোৰ পৰা পশ্চিমলৈ যোৱা পথটোৰে ডিজু, কিমিনলৈ যাব পাৰি৷
ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ নদীখনে ক্ৰমে দক্ষিণফালে ঢাল লৈছে আৰু নভগনীয়া, দেউবিল, দেউবিল চামগুৰি, বালিগাঁও, খাৰকাটি, বৰগঞা মিৰি, বালিজান, ডাম্বুকিয়াল, আজাৰগুৰি, পানীগাঁও, আমতলা, পকনীয়া, গোপালপুৰ, জংকা, খাবলু আদি অঞ্চল পাৰ হৈ সোৱণশিৰিত পৰিছেগৈ৷ আমতলা পাৰ হোৱাৰ পিছত নদীখনৰ পৰিসৰ ঠেক হোৱা দেখা যায়৷ এই আমতলা, পানীগাঁও, জইনপুৰ, জংকাপ আদি অঞ্চলতেই প্ৰতিবছৰে ৰঙা নৈয়ে বানপানীৰ সময়ত বিভিন্ন অঞ্চল ক্ষতিগ্ৰস্থ কৰি আহিছে৷ ৰঙানদী-সোৱণশিৰিৰ সংযোগ স্থলৰ পৰা পাভ আৰু সোৱণশিৰিৰ সংযোগ স্থললৈ মাত্ৰ ২ কি.মি. মান হ’ব৷
‘অসমৰ নদ-নদী’ গ্ৰন্থত ৰঙা নৈৰ গতিপথৰ বিস্তিত বৰ্ণনা আছে৷ কিন্তু সেই বৰ্ণনা প্ৰায় ১৯৯০ পৰা ১৯৯৫ ভিতৰৰ৷ এই বৰ্ণনাৰ সাৰাংশ এনেধৰণৰ–‘শিঙৰাৰ শাখা নৈক লৈ ৰঙা নৈ ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হয়৷ তাৰ পৰা নৈখন এৰা নৈ, গেন্ধালী বিল আদি বিলৰ কাষেদি দক্ষিণমুৱা হৈ ৯ কি.মি. আহি দাম্বুকিয়াল পায়৷ ইয়াৰ পৰা নৈখন পুনৰ দুটা সুঁতিত বিভক্ত হয়৷ দক্ষিণলৈ যোৱা ঘাই সুঁতিটো ভেৰেকি চুক পাৰ হৈ শালমৰাৰ দাঁতিয়েদি অহা এখন জান লগত লৈ খাবলু পমুৱা পায়৷ ইয়াৰ পিছত নৈখন প্ৰায় ৬ কি.মি. আহি বেকেলি গাঁৱৰ বিপৰীতে থকা বৰালিমৰা বিল আৰু কেমল বিলৰ লগত সংযোগ হৈ সোৱণশিৰিত পৰেগৈ৷’’ [যোগেন্দ্ৰ নাথ শৰ্মা, অসমৰ নদ-নদী, পৃষ্ঠা- ২০৭] কিন্তু বৰ্তমান ৰঙা নৈখন সোৱণশিৰিৰ যিটো এলেকাত পৰিছেগৈ, সেই ঠাইৰ নাম শালমৰা পকনীয়া বুলিহে কোৱা হয়৷ খাবলুৰ পৰা ৬ কি.মি. পূবলৈ গ’লেই এই ঠাই পোৱা যায়৷ সোৱণশিৰিৰ সৈতে ৰঙানদীৰ সংযোগ স্থলৰ জি.পি.এচ হৈছে–২৭.০৩৩৯৫২, ৯৪.১০৩২৭৫৷
ৰঙানদী নামটোৰ বৈশিষ্ট্য
‘‘ৰঙা নৈৰ নামকৰণৰ ক্ষেত্ৰত ক’ব পাৰি যে পূৰ্বতে এই নদীয়েদি পাহাৰৰ ৰঙা মাটি বৈ আহিছিল৷ পানীৰ ৰঙ ৰঙচুৱা হৈ পৰিছিল আৰু নদীৰ পানী শুকুৱাৰ পিছত পলসবোৰ ৰঙা হৈ আছিল৷ সেয়েহে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজে আৰু অন্যান্য প্ৰান্তৰ মানুহে নদীখনক ৰঙা নৈ বুলি চিনাকী দিবলৈ ল’লে৷’’ [জীৱন টাইদ, ডাম্বুকিয়াল, বৃত্তি- শিক্ষক, বয়স-৩৫] ৰঙা সংৰক্ষিত বনৰ মাজেৰে নৈখন বৈ অহাৰ বাবেও নৈখনৰ নাম ৰঙা নদী হোৱা বুলি কিছু লোকে ক’ব বিচাৰে৷ কিন্তু ইয়াৰে কোনো এটা তথ্যই সত্য বুলি সঠিক নিশ্চয়তা নাই৷
দাঁতিকাষৰীয়া সমাজ জীৱনত ৰঙানদীৰ প্ৰভাৱ
সমাজ জীৱনত ৰঙা নদীৰ প্ৰভাৱ বুলিলে কেইটামান বিশেষ কথা ক’ব পাৰি৷ প্ৰথমতে লখিমপুৰ জিলাৰ জনগোষ্ঠীয় যিখিনি মানুহৰ কথা পোৱা যায়৷ সেই আটাইবোৰ জনগোষ্ঠীয়েই জিলাখনৰ মাজেৰে বৈ যোৱা নদ-নদীবোৰৰ আশে-পাশে অৱস্থিত৷ সোৱণশিৰি আৰু ৰঙা নৈৰ পাৰত জনগোষ্ঠীয় মানুহৰ সমাগম যথেষ্ট৷ পহুমৰাৰ আশে-পাশে প্ৰায় দহ খনতকৈয়ো অধিক গাঁও মূলত মিচিং আৰু কৈৱৰ্ত্য সম্প্ৰদায়ৰ লোকেৰে ভৰা৷ নদীখনৰ দুয়োপাৰে এই মানুহখিনিয়ে বসবাস কৰে৷ অৱশ্যে এই গাঁওবোৰত অন্যান্য জনজাতিৰ মানুহো কম-বেছি পৰিমানে আছে৷ ৰঙা নদীৰ আশে¸-পাশে ধান খেতি আৰু অন্যান্য খেতি-বাতি যেনে- আলু, ৰঙালাও, কবি, মূলা, গাজৰ, কুহিয়াৰ, জলকীয়া আদি ভাল হোৱাৰ মূলতে হ’ল নদীখনৰ উচ্ছতা ভূপৃষ্ঠ সমতলৰ সৈতে প্ৰায় সমান৷ গতিকে পানীৰ অভাৱ নহয়৷ কিন্তু নদীৰ পৃষ্ঠভূমি ওপৰত থকাৰ বাবে বাৰিষা যথেষ্ট অসুবিধাও হয়৷ নৈখনে লৈ অহা বিশাল পৰিমাণৰ পানী নৈখনে ভাৰ ল’ব নোৱাৰা বাবে কাষৰ অঞ্চললৈ বৈ যায় আৰু বানপানীৰ সৃষ্টি হয়৷ তথাপিও ৰঙা নৈক সেই অঞ্চলৰ মিচিংসকলে মাতৃ ৰূপত কল্পনা কৰে৷ বিশ্বাস কৰে৷ নদীখনে কৰা সকলোবোৰ অপকাৰ সহ্য কৰিও নদীখনক ভাল পায়৷ এইবুলি ভাবে যে আমাৰ মানুহৰ বৰ্বৰতা আৰু অন্যায়ৰ বাবেহে নদীখনে অপকাৰ কৰিছে৷
সামাজিক আৰু সাংস্কৃতিভাৱে ৰঙানদীৰ পাৰৰ অঞ্চলবোৰৰ মানুহখিনি যথেষ্ট দুৰ্বল৷ যোগাযোগৰ ক্ষেত্ৰতো এই নদীখনৰ ওপৰত মাত্ৰ পহুমৰাৰ ওচৰত এখনহে দলং আছে৷ গতিকে দুয়োটা পাৰৰ মানুহৰ মাজত যোগাযোগ হোৱাত যথেষ্ট অসুবিধা হয়৷ লখিমপুৰৰ মূল চহৰখন ৰঙা নদীৰ পূবফালে অৱস্থিত হোৱা বাবেও নদীৰ পশ্চিমফালৰ মানুহখিনি মূল চহৰৰ পৰা বিচ্চিন্ন হৈয়ে থাকিব লগা হয়৷ যোগাযোগৰ বাবে এতিয়াও ৰঙা নৈৰ বহু অঞ্চলত নাঁও ব্যৱহাৰ কৰা হয়৷
‘‘ৰঙা নদীৰ পাৰৰ মানুহবোৰ এসময়ত সাংস্কৃতিভাৱে চহকী আছিল৷ কিন্তু নদীৰ ভয়াবহতাই আৰু আৰ্থিক দুৰাৱস্থাই বৰ্তমান এই অঞ্চলৰ গাঁওবোৰৰ স্বাভাৱিক জীৱন পদ্ধতিলৈ দুৰ্যোগ নমাই আনিছে৷ এই অঞ্চলবোৰত আগৰ দৰে উৎসৱৰ পয়োভৰ দেখা নাযায়৷ উৎসৱ অনুষ্ঠিত হোৱা ঠাইবোৰতো কোনো উৎসাহ, উন্মাদনা পাবলৈ নাই৷ পৰম্পৰা ৰক্ষাৰ বাবেহে যেন নকৰিলে নহয় ধৰণে চলি আছে৷’’ [ ৰিন্তু শইকীয়া, আমতলা, বৃত্তি- শিক্ষক, বয়স-২৯] এই নদীখনৰ পৰা হোৱা বানপানী আৰু গড়াখহনীয়াই দুয়োপাৰৰ মানুহক প্ৰতিবছৰে জীয়াতু ভুগাই আহিছে৷ ৰঙা নদীৰ প্ৰবল সোঁতে কেইবাঠাইতো মথাউৰি ভাঙি প্ৰতিবছৰে ইয়াৰ কাষৰ জনসাধাৰণৰ বিস্তৰ ক্ষতি কৰিছে৷ ২০১৭-১৮ ত এই নদীয়ে বগলীজানৰ মথাউৰি ভঙাত সমগ্ৰ লখিমপুৰ চহৰৰ লগতে খেলমাটি, হাতীলোং পহুমৰাৰ বিস্তীৰ্ণ অঞ্চল পানীৰ কবলত পৰে৷ সেইদৰে পানীগাঁও অঞ্চলতো ১৯৫০ চনৰ বৰ ভূমকম্পৰ সময়ৰ পৰাই আজি পৰ্যন্ত দিনে দিনে বানপানীৰ মাত্ৰা বাঢ়িহে আহিছে৷
ৰঙা নদীৰ সামাজিক প্ৰভাৱত দুটা দিশত ভাগ কৰি আলোচনা কৰা হ’ল–
ক] ইতিবাচক প্ৰভাৱ৷
খ] নেতিবাচক প্ৰভাৱ৷
ইতিবাচক প্ৰভাৱ
ৰঙা নৈৰ মাজৰ চাপৰিবোৰত খৰালি কালত মিচিং, কৈৱৰ্ত্য সম্প্ৰদায়ৰ লোকে কৃষি কৰে৷ সেইদৰে গৰু-ছাগলী, ম’হ আদি পশুপালন কৰিবলৈ এই চাপৰিবোৰ ব্যৱহাৰ কৰে৷ গাঁওবোৰৰ কাষত থকা এই চাপৰিবোৰৰ বাবেই ৰাইজে জীৱ-জন্তু নিৰ্বিঘ্নে পুহিব পাৰে৷ দিজু অঞ্চলত নদীখনে দুটা সুঁতিত বিভক্ত হৈ মাজত দিজু চাপৰিৰ সৃষ্টি কৰিছে৷ এই চাপৰিটোত ধান খেতি যথেষ্ট হয়৷ চৰাই-চিৰিকতি, সৰীসৃপ, কীট-পতংগ আদি বসবাসৰ বাবে এই চাপৰিবোৰ যথেষ্ট উপযোগী৷ আচলতে পৰিস্থিতিতন্ত্ৰ বৰ্তি থকাত নদীৰ মাজৰ এই চাপৰিবোৰে যথেষ্ট সহায় কৰে৷ ৰঙা নৈৰ কাষে কাষে কেইবাখনো বিল, জলাশয় আছে৷ এই জলাশয়বোৰত মাছ, কাছ, কুছীয়াৰ পৰা আদি কৰি কাষৰ গছ-গছনিত অৰ্কিড আৰু শেলাই জাতীয় উদ্ভিদ পোৱা যায়৷ বামুণ দলনী অঞ্চলটোৰ দক্ষিণফালেও চৰ চাপৰিত যথেষ্ট খেতি হয়৷ অৱশ্যে এই ঠাইত বাৰিষা কালত বানপানীৰে অঞ্চলবোৰ ডুবি থাকে৷ জনজাতীয় সমাজ-সংস্কৃতিৰ সৈতে নৈৰ সম্পৰ্ক অতি নিবিড়৷ ৰঙা নৈৰ পাৰত থকা মিচিং আৰু কৈৱৰ্ত্য সম্প্ৰদায়ৰ মাজতো নৈখনৰ গুৰুত্ব অপৰিসীম৷ জনজাতীয় লোকসকলে নৈৰ পানীতে গা ধোৱে৷ এতিয়াও ৰঙা নৈৰ পাৰত ডেকা-বুঢ়াৰ পৰা আৰম্ভ কৰি গাভৰু ছোৱালীলৈকে সকলোকে নৈত বুকুত মেথনি মাৰি গা ধোৱা দেখিবলৈ পোৱা যায়৷ আমতলা, জইনপুৰ অঞ্চলত অসমীয়া লোকসকলে ব’হাগ বিহুৰ সময়ত ৰঙা নৈতে গৰু বিহু দিনা গৰু-গাইক গা ধোৱায়৷
কৈৱৰ্ত্য সম্প্ৰদায়ৰ মানুহখিনি হৈছে মূলতঃ মৎস্যজীবি৷ সেয়েহে অতীজৰে পৰা এই মানুহখিনি আহি ৰঙা নৈৰ পাৰত থাকি মাছ ধৰি বিক্ৰী কৰিছিল৷ তেওঁলোকে ৰঙা নৈৰ পাৰত গাঁও পাতি বসবাস কৰাৰ প্ৰকৃত উদ্দেশ্যই আছিল মাছ ধৰা৷ মিচিংসকলেও মাছ ধৰি নিজৰ খাদ্য হিচাপে গ্ৰহণ কৰাৰ লগতে বিক্ৰী কৰিছিল৷ ‘‘আমতলা অঞ্চলৰ মিচিং সম্প্ৰদায়ৰ লোকে ‘ডবুৰ¸ পূজা’ এই ৰঙানদীৰ পাৰতেই অনুষ্ঠিত কৰে৷ সেইদৰে মৃতকৰ পিণ্ড দিবলৈ নৈ পাৰত অস্থায়ী গৃহ তৈয়াৰ কৰি লয়৷ দূৰ-দূৰণিৰ ঠাইলৈ যাত্ৰা কৰিবলৈকো এই সকল মানুহে নৈখনৰ পানী শিৰত লয়৷’’ [জীৱন টাইড, ডাম্বুকীয়াল, বৃত্তি-শিক্ষক, বয়স-৩৪] নদীখনৰ দুয়োপাৰে মথাউৰি দিয়া হৈছে৷ এই মথাউৰিবোৰ নদীখনৰ পৰা যথেষ্ট দূৰত্বত অৱস্থিত৷ উল্লেখ্য যে ৰঙা নদীৰ মথাউৰিৰ ভিতৰৰ এলেকাতো যথেষ্ট সংখ্যক মানুহৰ ঘৰ আছে৷ ইয়াৰে কিছুমানে ছাং-ঘৰ সাজি লৈছে আৰু কিছুমানে ওখ ভেটি সাঁজিছে৷ শেহতীয়াকৈ মথাউৰিৰ ভিতৰত থকা বহুতো মানুহ অন্য নিৰাপদ স্থানলৈ গৈ ঘৰ নিৰ্মাণ কৰা দেখা গৈছে৷ কিমিনৰ পৰা পহুমৰা পৰ্যন্ত এই দুয়োকাষৰ মথাউৰি দুটাই যাতায়াতৰ বাবেও গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে৷ এই মথাউৰিৰ উত্তৰফালে প্ৰায় পাঁচখনমান জনজাতীয় গাঁৱৰ মানুহৰ বাবে এই মথাউৰিকেইটাই একমাত্ৰ যোগাযোগৰ মাধ্যম৷ সেইদৰে পহুমৰাৰ পৰা পানীগাঁও, আমতলাৰ মাজেৰে পাৰ হৈ যোৱা দুয়োপাৰৰ মথাউৰি দুটায়ো যোগাযোগৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ পহুমৰাৰ বামুণ দলনিৰ ফালে নদীখনৰ দক্ষিণফালে প্ৰায় ১ কি.মি. আঁতৰত হে মথাউৰিটো আছে৷ নদীখনৰ দুয়োপাৰে মথাউৰিৰ পাৰত মিচিং, নেপালী আৰু ঠায়ে ঠায়ে অসমীয়া, দেউৰি, কছাৰী মানুহ পোৱা যায়৷
এই নদীখনৰ পৰা বালি আৰু শিল নি ঘৰ আৰু ৰাস্তা নিৰ্মাণ কৰা দেখা যায়৷ অৱশ্যে এই নদীখনৰ বালিত পলসৰ পৰিমাণ বেছি৷ শেহতীয়াকৈ ২০১৫ চনৰ পৰা লক্ষীমপুৰৰ গনেশ মন্দিৰৰ সমীপৰ পৰা চৰাইমৰীয়া অঞ্চললৈকে নিৰ্মাণ কৰা বাইপাছটোত এই নদীৰ পৰাই বালি নি পথ নিৰ্মাণ কৰা হৈছে৷ তাৰোপৰি বিগত বৰ্ষত [২০১৮] চনত এই নদীৰ দুয়োপাৰে থকা মথাউৰি দুটা পুনৰ নিৰ্মাণ কৰা হৈছে৷ এইবাৰ মথাউৰি দুটা যথেষ্ট বহল আৰু ওখ কৰা হৈছে৷ ইয়াৰ বাবেও প্ৰয়োজন হোৱা মাটিবোৰ নদীখনৰ মাজ অংশৰ পৰাই সংগ্ৰহ কৰা হৈছে৷
নেতিবাচক প্ৰভাৱ
ৰঙা নদীখনৰ কাষৰ এলেকাত বসবাস কৰা লোকসকলৰ সুবিধা হৈছে যিমান, সেইদৰে অসুবিধাও হয় সিমান৷ সেইদৰে নদীখনৰ ওপৰত মানৱ সমাজে কৰা কেতবোৰ অন্যায়-অনিয়মেও নদীখনক জিলাখনৰ বাবেই বিপদৰ কাৰণ হিচাপে চিহ্নিত কৰি তুলিছে৷ অৱশ্যে জলবিদ্যুৎ উৎপাদনত জিলাখনৰ ভিতৰতে ৰঙা নদী আৰু সোৱণশিৰি নদীৰ ভূমিকা বেছি৷ ১৯৮৮ চনতে নিপকো নামৰ এটা সংস্থাই ৰঙা নদীত এটা বান্ধ তৈয়াৰ কৰি ২০০১চনত এই বান্ধ সম্পূৰ্ণ কৰি জলবিদ্যুৎ উৎপাদনৰ বাবে কৰি তুলিছিল৷ এই বান্ধৰ দৈৰ্ঘ্য আছিল ৩৪৪.৭৫ মিটাৰ আৰু উচ্ছতা ৬৮ মিটাৰ৷ এই বান্ধটোৰ উৎপাদন ক্ষমতা ৪০৫ মেগাৱাৰ্ট৷ এই বান্ধটোৰ বিশেষত্ব সম্পৰ্কে ‘শতাব্দীৰ সৌৰভ’ নামৰ স্মৃতিগ্ৰন্থত উল্লেখ আছে এনেদৰে–
‘‘বান্ধৰ পৰা এৰি দিয়া পানীখিনি ৰঙানদীৰ নামনিলৈ এৰি নিদি এটা সুৰংগৰ মাজেৰে বোৱাই দি বিদ্যুৎ উৎপাদনৰ পিছত ডিক্ৰং নদীত পেলোৱা হয়৷ বিদ্যুৎ উৎপাদনৰ সময়ত সেই সুৰঙ্গৰ মাজেদি ১৬০ ঘনমিটাৰ পানী প্ৰতি ছেকেণ্ডত প্ৰৱাহিত হয়৷ বান্ধৰ পানী স্বাভাৱিক অৱস্থাত নামনিলৈ এৰি দিয়া নহয় যদিহে বান্ধৰ উজনিত পানী বেছি নহয়৷ এই বান্ধৰ বাবে স্বৰূপাৰ্থত নদীখন মৃতপ্ৰায়, কাৰণ মূল ৰঙানদীৰ পানী বান্ধৰ বাবে নামনিলৈ নাহেই৷’’ [ শতাব্দীৰ সৌৰভ, উত্তৰ লক্ষীমপুৰ সাহিত্য সভাৰ শতবৰ্ষ উদ্যাপনৰ স্মাৰক গ্ৰন্থ-২০১৩, পৃষ্ঠা-২৯১ ] ৰঙানদীৰ এই বান্ধৰ বাবে বৰ্তমান ডিক্ৰং নদীখনৰ স্বভাৱ চৰিত্ৰও কিছু সাল-সলনি হৈছে৷ পূৰ্বতে যি পৰিমানে পানী আহিছিল, বৰ্তমান নৈখনত সেই পানী দেখা পোৱা নাযায়৷ সেইদৰে বাৰিষাৰ দিনত কেতিয়া নদীখনেৰে অত্যাধিক পানী আহিব পাৰে, তাৰো নিশ্বয়তা নাই৷
ৰঙানদীত পূৰ্বতে যথেষ্ট সংখ্যক পানী আহিছিল আৰু এই নদীখন যথেষ্ট দ আছিল৷ কিন্তু বৰ্তমান এই নদীখনৰ এই গভীৰতা দেখা নাযায়৷ তাৰ পৰিৱৰ্তে বৰ্তমান নদীখনত গড়াখহনীয়া আৰু বানপানীহে প্ৰৱলভাৱে গা কৰি উঠিছে৷ গড়াখহনীয়াৰ বাবে বৰ্তমান ৰঙা নদীৰ পাৰৰ বহুতো মানুহে নিজৰ গাঁও এৰি অন্য অঞ্চললৈ উঠি গৈছে৷ ১ নং বালিজানৰ পৰা নৈখনৰ মূল গতিপথ ঠেক হৈ আহিছে৷ বাওঁফালে আজাৰগুড়ি আৰু সোঁফালে আমতলাৰ মাজত নৈখনৰ গতিপথ যথেষ্ট ঠেক৷ বাৰিষা এই ঠাইত দুয়োপাৰৰ মানুহ নাৱেৰে ইপাৰ-সিপাৰ হয়৷ খৰালি নৈৰ ওপৰত বাঁহৰ দলং দি যাতায়তৰ ব্যৱস্থা কৰি লোৱা হয়৷ আজি পৰ্যন্ত এই ঠাইত এখন পকী দলং নথকাত পানীগাঁও অঞ্চলৰ ৰাইজে জিয়াতু ভুগিব লগা হৈছে৷ মূল চহৰখন নদীখনৰ পশ্চিম দিশত থকা বাবে যোগাযোগৰ বাবে এই মানুহখিনিৰ যথেষ্ট অসুবিধা হয়৷
পহুমৰা ৰাষ্ট্ৰীয় ঘাইপথৰ দলংখনৰ তলত প্ৰতিবছৰে দুৰ্গা পূজাৰ সময়ত শতাধিক মূৰ্তি বিসৰ্জন দিয়া হয়৷ এই ঘাটটোত বিসৰ্জন দিয়া মূৰ্তিবোৰে নদীখনৰ প্ৰাকৃতিক পৰিৱেশটো বিনষ্ট কৰা দেখা যায়৷ নদীৰ পানী গভীৰ নোহোৱাৰ ফলত এই মূৰ্তিবোৰ বালিচৰতে লাাগি থাকে আৰn নদীখনৰ সৌন্দৰ্যত ব্যাঘাত জন্মায়¸৷ সেইদৰে মূৰ্তিত প্ৰয়োগ কৰা পোচাক, খেৰ, গজাল, এলুমিনিয়াম আদিবোৰ বালিচৰত পৰি থকাৰ বাবে সেই অঞ্চলৰ মানুহৰ অসুবিধাৰ সৃষ্টি হয়৷ বানপানীয়ে মথাউৰি ভঙা নিৰ্দিষ্ট ঠাইবোৰৰ ভিতৰত ২০০০ চনত ডাম্বুকিয়াল, ২০১৪ খাৰকাটি, ২০১৭ আমতলা, জইনপুৰ আদি অঞ্চলৰ কথা উল্লেখ কৰিব পাৰি৷ ২০০৪ চনৰ পৰা ৰঙানদীৰ ওপৰত দিয়া নিপকো [North Easteern Electric power Corporation Limited] বান্ধৰ পানীয়ে এই নদীখনৰ ভূ -পৃষ্ঠ যথেষ্ট বাম কৰি তোলে আৰু জনসাধাৰণৰ ক্ষতি কৰিবলৈ লয়৷ এই নদীখনে ক্ষতিগ্ৰস্ত কৰা কেইখন মান গাঁৱৰ নাম হ’ল– জহিংপুৰ, জইনপুৰ, আমতলা, নাহৰবাৰী, কহুৱাদলনী, গোসাঁইপাম, জংকা, শালমৰা, হাটীমৰা ইত্যাদি৷ শেহতীয়াকৈ বগলীজানৰ মথাউৰি ভঙাত ৰঙা নৈয়ে প্ৰথম বাৰৰ বাবে লখিমপুৰ মূল নগৰৰ পৰা আৰম্ভ কৰি খেলমাটি, হাতীলোং পৰ্যন্ত বিস্তৰ ক্ষতি সাধন কৰে৷ ২০১৭-১৮ চনত গেন্ধালী অঞ্চলত ৰঙা নৈৰ বানপানীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ দুঠাইত ভাঙিছে৷ বগলীজান অঞ্চলৰ মানুহৰ ঘৰ-বাৰী, ৰাস্তাঘাট প্ৰায় দুমাহ ধৰি পানীৰ তলত আছিল৷ গৰু-ম’হ, ছাগলীৰ পৰা আৰম্ভ কৰি যথেষ্ট সংখ্যক জীৱ-জন্তু এই বানত মৃত্যুমুখত পৰে৷ বগলীজান অঞ্চলত চৰকাৰৰ বান-সাহাৰ্যৰে এই অঞ্চলৰ মানুহে কেম্পত থাকিব লগা হৈছিল৷
উপসংহাৰ
নদী প্ৰকৃতিৰ দান৷ প্ৰাকৃতিকভাৱেই ইয়াৰ সৃষ্টি আৰু প্ৰকৃতিয়েই লালন-পালন কৰি নদী এখনক নিজৰ মাজত চিৰদিন সংপৃক্ত কৰি ৰাখে৷ ‘River Is a natural Flowing Watercourse, usually freshwater, flowing towards an Ocean, sea, lake or another river.’ খনন, পৰিৱহন আৰু অৱক্ষেপন নদীৰ মূল বৈশিষ্ট্য৷ যেতিয়াই মানৱ সৃষ্ট উপাদানে নদীৰ এই বৈশিষ্ট্যত ব্যাঘাত জন্মায়, তেতিয়াই শান্ত-সমাহিত নদীয়ে প্ৰলয়ংকাৰী ৰূপ লয়৷ নদ-নদীবোৰৰ সৈতে মানৱ জীৱনৰ সম্পৰ্ক অতি নিবিড়৷ অসমৰ সামাজিক-সাংস্কৃতিক আৰু অৰ্থনৈতিক আদি বিভিন্ন দিশবোৰ এই নদীৰ সৈতেই সম্পৰ্কীত৷ নদী জনগোষ্ঠীয় লোকসকলৰ বাবে মাতৃতুল্য৷ বানপানী, গড়াখহনীয়াৰ মাজত থাকিও এইসকল জনগোষ্ঠীয় লোকে নদীখন এৰি যাব নোখোজে৷
ইয়াৰোপৰি নদীৰ পৰিৱেশতন্ত্ৰ [Ecosystem] আৰু প্ৰকৃতি বা জীৱ-জন্তুৰ সৈতে নদ-নদীৰ যি আন্তঃ সম্পৰ্কজ্ব এই সম্পৰ্কই পৃথিৱীখনকে এক অনিবৰ্চনীয় সুখ আৰু সমৃদ্ধি দান কৰিছে৷ সমগ্ৰ পৃথিৱীক আদ্ৰ কৰি ৰখাত এই নদ-নদী, সাগৰ-মহাসাগৰৰ ভূমিকা যে কিমান অতুলনীয়, নদ-নদী এখন বৈ গৈ সাগৰ-মহাসাগৰত পৰালৈকে দেশ-ৰাজ্যৰ সীমা অতিক্ৰম কৰি যি বিস্তিত ভৌগোলিক পৰিসীমাক নদী এখনে প্ৰভাৱিত কৰি ৰাখে । এই প্ৰভাৱেই মানৱ সমাজৰ লগতে প্ৰকৃতিৰ প্ৰতিটো উপাদানক সজীৱ আৰু সজল হৈ থাকিব পৰা কৰি তুলিছে৷
সেইদৰে নদীৰ পৰা হ’ব পৰা ক্ষয়-ক্ষতিৰ কথা জানিও, যোগাযোগৰ বাবে উত্তম ব্যৱস্থা নথকাৰ পাচতো, শিক্ষা-স্বাস্থ্যৰ অৱনতিৰ কথা জানিয়ো অসমৰ বহুকেইটা জনগোষ্ঠীয়ে আজীৱন নদীৰ পাৰতে ঘৰ সাজি বসবাস কৰে৷ ধৰ্মীয় ক্ষেত্ৰখনতো এই নদীৰ ভূমিকা যথেষ্ট৷ অৱশ্যে শেহতীয়াকৈ নদ-নদীক ৰাজনৈতিক ইছ্যু হিচাপে ব্যৱহাৰ কৰাৰ ফলত এই নদ-নদীৰ ঐতিহ্য আৰু স্বকীয় গৰিমা ম্লান পৰিবলৈ ধৰিছে৷ ৰাজনৈতিক পৃষ্ঠপোষকতাত ব্ৰহ্মপুত্ৰ নদক ব্ৰহ্মাৰ পুত্ৰ বুলি হিন্দুত্ববাদৰ প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰা হৈছে৷ ‘নমামী ব্ৰহ্মপুত্ৰ উৎসৱ’ নদীক কেন্দ্ৰ কৰি অনুষ্ঠিত হৈছে৷ সেইদৰে NHPC [National Hydro Electric Power Corporation] লক্ষ্য কৰিও ৰাজনৈতিক দলবোৰৰ মাজত বিতৰ্ক, সংঘাতৰ সৃষ্টি হৈছে৷ চীন-ভাৰতে ব্ৰহ্মপুত্ৰৰ পানীক লৈ সংঘাত সৃষ্টি কৰিছে৷ গতিকে এই দিশবোৰে প্ৰকৃতিৰ নিজৰ স্বাধীনতা খৰ্ব কৰিছে৷ গতিকে নদ-নদী সম্পৰ্কীয় অধ্যয়নে এই বিষয়বোৰতো মন দিয়া দৰকাৰ৷
গ্ৰন্থপঞ্জীঃ
--কলিতা, ৰঞ্জন [সম্পা.]- গৱেষকৰ হাতপুথি, বান্ধৱ, পাণবজাৰ গুৱাহাটী- ৭৮১০০১, দ্বিতীয় প্ৰকাশ মাৰ্চ , ২০১৭
- কামাল, আব্দুল- লখিমপুৰ দৰ্পণ, অৰিয়েণ্ট, দ্বিতীয় প্ৰকাশ, ২০০৯
- গগৈ, স্বপ্নালী- লখিমপুৰৰ ভূগোল, নৰ্থ লখিমপুৰ কলেজ প্ৰকাশন, প্ৰথম প্ৰকাশ, ২০১৭
- গগৈ, অতনু- পৰ্যটন আৰু উত্তৰ পূৰ্বাঞ্চল, প্ৰথম প্ৰকাশ, বাণীমন্দিৰ, ২০০৬
- চমুৱা, নৱ কুমাৰ- অসমত সেউজ সংৰক্ষণ চেতনা আৰু সাহিত্য, নক্সা প্ৰিন্ট এণ্ড পাব্লিকেশ্যনছ, প্ৰথম প্ৰকাশ, ধেমাজি, ২০১৭
- চিন্তে, পূৰ্ণ কুমাৰ- সোৱণশিৰিৰ পাৰে পাৰে, প্ৰথম প্ৰকাশ, কাংকিন অফছেট, গুৱাহাটী, ২০১৭
- নাথ, ভৱকান্ত- বৃস্মিতি, ঐতিহাসিক তথ্য সম্বলিত আঞ্চলিক বুৰঞ্জী, লেখকৰ দ্বাৰা প্ৰকাশিত, প্ৰথম প্ৰকাশ, ২০১৫
- নেওগ, মহেশ্বৰ- পবিত্ৰ অসম, অ.সা. সভাৰ হৈ কিৰণ প্ৰকাশন, চতুৰ্থ সংস্কৰণ, ২০০৮
- বৰুৱা, পৰাগ- ৰূপহী অসমৰ পৰ্যটন, বিদ্যাভৱন, প্ৰথম প্ৰকাশ, ২০১৫
- বেজবৰুৱা, অদিতি- অসমৰ প্ৰাকৃতিক সম্পদ, অসম বিজ্ঞান লেখক সংস্থা, অক্টোবৰ, ২০১১
- বুজৰবৰুৱা, পল্লৱী ডেকা- গৱেষণাৰ পদ্ধতিবিজ্ঞান, বনলতা, নতুন বজাৰ ডিব্ৰুগড়-ৰ, প্ৰথম সংস্কৰণ, জুলাই ২০১৭
- বৰুৱা, শৈলেন- চাৰিকড়ীয়া অভিযান, নেচাৰ্চ বেকন, প্ৰথম প্ৰকাশ, ২০০৯
- ঐ- সোৱণশিৰি অভিযান, প্ৰকাশক-দেৱজিৎ বৰা, প্ৰথম প্ৰকাশ, ২০১২
- শইকীয়া, নগেন- গৱেষণা পদ্ধতি পৰিচয়, কৌস্তুভ প্ৰকাশন. নতুন বজাৰ, ডিব্ৰুগড়-ৰ, ৬ষ্ঠ মুদ্ৰণ, ছেপ্টেম্বৰ, ২০১৫
- শৰ্মা, যোগেন্দ্ৰ নাথ- অসমৰ নদ-নদী, অন্বেষা পাব্লিকেশ্যনছ, প্ৰথম সংস্কৰণ, ২০১৪
- সভাপণ্ডিত, হিৰণ্য; অৰবিন্দ ৰাজখোৱা [সম্পাঃ] লক্ষীমপুৰ, লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ স্মৃতিগ্ৰন্থ, প্ৰথম প্ৰকাশ, ২০০৮
- হাজৰিকা, চন্দ- পবিত্ৰ নাৰায়ণপুৰ, কিৰণময়ী প্ৰকাশন, প্ৰথম প্ৰকাশ, ২০১১

আলোচনীঃ
চাৰিকড়ীয়া [স্মৃতিগ্ৰন্থ]- সম্পাদক- অৰুণ চমুৱা, চাৰিকড়ীয়া মহোৎসৱ ২০১৫, ঢকুৱাখানা
নমামী ব্ৰহ্মপুত্ৰ [স্মৃতিগ্ৰন্থ]- সম্পাদক- অজিত বুঢ়াগোহাঁই, লখিমপুৰ, মাতমৰা, ২০১৭
সোনজিৰি- সদৌ অসম লেখিকা সমাৰোহ সমিতিৰি ঊনবিংশ দ্বি-বাৰ্ষিক অধিবেশন, ধেমাজি
স্বৰ্ণশ্ৰী [স্মৃতিগ্ৰন্থ]- সম্পাদক- মহেশ মহন্ত, লখিমপুৰ জিলা ৰূপালী জয়ন্তী বৰ্ষ,১৯৬৬
শতাব্দীৰ সৌৰভ- সম্পাদক- মুকুন্দ ৰাজবংশী, চপ্না চেতিয়া গগৈ, উত্তৰ লক্ষীমপুৰ সাহিত্য, সভাৰ শতবৰ্ষ উদ্যাপনৰ স্মাৰক গ্ৰন্থ, ২০১৩
পিচ্চিলা- সম্পাদক- যোগেন তামূলী, ৰাজীৱ হাজৰিকা, অসম বিজ্ঞান সমিতিৰ ৫১ সংখ্যক ৰাজ্যিক অধিৱেশন, ২০১৭
পূৰ্বৰঙ্গ [আলোচনী]- সম্পাদক-কুশল শৰ্মা, বৰনাৰায়ণপুৰ ভাওনা সমাৰোহ সমিতি, বৰনাৰায়ণপুৰ
প্ৰান্তিক- সম্পাদক-ইমৰাণ হুছেইন, ৩৫ শ বছৰ, দ্বাদশ সংখ্যা, মে’, ২০১৬
ঐ- ৩৬ শ বছৰ, একাদশ সংখ্যা, মে’, ২০১৭
ঐ- ষটত্ৰিংশ বছৰ, উনবিংশ সংখ্যা, চেপ্তেম্বৰ, ২০১৭
ঐ- ষটত্ৰিংশ বছৰ, ত্ৰয়োবিংশ সংখ্যা, নৱেম্বৰ, ২০১৭
ঐ- সপ্তত্ৰিংশ বছৰ, প্ৰথম সংখ্যা, ডিচেম্বৰ, ২০১৭

@ Bhaskar Bhuyan, Research Scholar, Gauhati University, Ph-8751943387
0 Comments