‘কণিকাৰ ৰামধেনু’ ::: চলচিত্ৰ সমালোচনা :::


* বিংশ শতিকাৰ শেষ দশকৰ পৰা সাম্প্ৰতিক সময়লৈকে অসমীয়া চলচিত্ৰ উদ্যোগটোক প্ৰাণৱন্ত আৰু উজ্জীৱিত কৰি ৰখা এজন যশস্বী পৰিচালক হ’ল জাহ্নু বৰুৱা৷ মননশীল চিত্ৰ-নাট্য আৰু অসমীয়াৰ স্বাভিমান নিহিত বিষয়বস্তুৰ বলিষ্ঠ উপস্থাপনেৰে এতিয়ালৈকে জাহ্নু বৰুৱাই পৰিচালনা কৰা প্ৰতিখন চলচিত্ৰই অসমীয়া চিনেমাৰ দৰ্শকক এক সুকীয়া ৰসাস্বাদনৰ সোৱাদ¸ দি আহিছে৷ বানিজ্যিকৰণৰ বিপৰীতে এক সুস্থ সবল ধাৰাৰে চিনেমাক জনসাধাৰণৰ মাজলৈ লৈ যাবলৈ প্ৰয়াস কৰা জাহ্নু বৰুৱাৰ চিনেমাত আছে গভীৰ মানবীয়তাবোধ আৰু দায়িত্ববোধ৷ তেওঁ চিনেমাৰেই সমাজখন শুদ্ধ আৰু সথিক পথলৈ ধাৱমান কৰিব খোজে৷ মূলতঃ শিশু মনস্তত্ত্বক মুখ্য আধাৰ হিচাপে লৈ জাহ্নু বৰুৱাই এতিয়ালৈকে ভালেকেইখন কথাছবি নিৰ্মাণ কৰিছে৷ ‘কণিকাৰ ৰামধেুন’ কথাছবিখনো শিশুৰ মনস্তত্ত্ব প্ৰকাশক এখন সফল চলচিত্ৰ ৷ ২০০৩  চনত মুক্তি লাভ কৰা এই কথাছবিখনে অসমীয়া চলচিত্ৰ উদ্যোগটোকে এক মান্যতা প্ৰদান কৰিছে৷

‘কণিকাৰ ৰামধেনু’ কথাছবিখনত এটি অপৰাধী শিশুক কেন্দ্ৰ কৰি কাহিনীৰ ঘটনা বিস্তাৰ দেখুওৱা হৈছে৷ মূল চৰিত্ৰ ‘কুকৈ’ৰ জীৱন সংগ্ৰাম আৰু দৰিদ্ৰতাক মুখ্যভাৱে দেখুওৱা কথাছবিখনত সমান্তৰালভাৱে শিশুৰ অপৰাধ প্ৰৱণতা, শিশু আইন, সমকামিতা, জুবেনাইল হাউচ [ৰাজ্যিক চেমনীয়া আবাস]ৰ বিভিন্ন কাৰ্যকলাপ, একাংশ ঘোচখোৰ বিষয়াৰ কপট চৰিত্ৰ আদি দেখুওৱাৰ লগতে একাংশ চৰকাৰী বিষয়াৰ দায়বদ্ধতা, কৰ্মনিষ্ঠতা আদি বিষয়বোৰো অতি মাৰ্জিত ৰূপত অথচ সাৱলীলভাৱে দেখুওৱা হৈছে৷ সমাজৰ অৰ্থনৈতিক অৱস্থাৰ চিত্ৰখনো কথাছবিখনত সুন্দৰভাৱে প্ৰতিফলিত হৈছে৷ সমান্তৰালভাৱে চলচ্ছিত্ৰৰ কলাত্মকতা, কলা-কৌশল, নান্দনিক ৰুচিবোধ আৰু প্ৰতীকাত্মক চিনেমাট’গ্ৰাফিৰেও ‘কণিকাৰ ৰামধেনু’ কথাছবিখনক এক বিশিষ্টতা প্ৰদান  কৰিছে৷

মূল চৰিত্ৰ কুকৈক প্ৰথমতেই আদালত এখনৰ বাৰাণ্ডাত অপৰাধী ৰূপত দেখা যায় আৰু আদালতত কুকৈ দোষী সাব্যস্ত হয়৷ আদালতে কুকৈক ‘জুৱেনাইল হাউচ’লৈ প্ৰেৰণ কৰে৷ এই জুবেনাইল হাউচতে কুকৈৰ জীৱনটো নতুনকৈ আৰম্ভ হয়৷ ভয় আৰু শংকাৰে কুকৈয়ে দিন অতিবাহিত কৰে৷ এই হাউচত থাকোতেই কুকৈ হাউচৰ ৱাৰ্ডেন,  বিশ্ব বড়োৰ সংস্পৰ্শলৈ আহে আৰু তেওঁৰ সৈতে বন্ধুত্ব হয়৷ পৰৱৰ্তী সময়ত বিশ্ব বড়ো চৰিত্ৰটোৱেই কুকৈৰ চৰিত্ৰটোৰ সমগ্ৰ ঘটনাৰ অন্তৰালত থকা সত্য উদঘাটন কৰি কুকৈক নিজৰ ঘৰলৈকে পঢ়ুৱাবলৈ লৈ যায়৷ 

কুকৈ আদালতত দোষী সাব্যস্ত হৈছিল এটা গেৰেজৰ মালিকক হত্যা কৰি৷ এই গেৰেজৰ মালিকৰ চৰিত্ৰটো ৰূপায়ণ কৰিছে দিনেশ দাসে৷ দিনেশ দাসৰ চৰিত্ৰটো অভিজাত শ্ৰেণীৰ প্ৰতীক৷ কুকৈক তাৰ গেৰেজত বিনা বেতনেৰে ৰাখিছে৷ পৰৱৰ্তী সময়ত কুকৈক সি সমকামিতাৰ বাঞ্চা পুৰণৰ অৰ্থে ব্যৱহাৰ কৰিবলৈ লওঁতে কুকৈয়ে নিজৰ আত্মৰক্ষাৰ বাবে এডাল ৰডেৰে তাৰ মূৰত মাৰিছে আৰু তাতেই মালিকৰ মৃত্যু হৈছে৷ 

বিশ্ব বড়োৰ চৰিত্ৰত অভিনয় কৰিছে বিষ্ণু খাৰঘৰীয়াই৷ বিশ্ব বড়ো এটা সহজ-সৰল গ্ৰাম্য চৰিত্ৰ৷ জুবেনাইল হাউচৰ ৱাৰ্ডেন হিচাপে তেওঁ সকলো শিশুকে মৰম আদৰেৰে লালন-পালন কৰিছে৷ এই চৰিত্ৰটোৱে শিশুৰ মন-মনন বুজি অতি মৰম আৰু আলফুলে শিশুৰ মনৰ পৰা অপৰাধ প্ৰৱনতা দূৰ কৰাৰ চেষ্টা কৰিছে ৷ কুকৈ চৰিত্ৰটোকো বিভিন্ন উপায় অৱলম্বনেৰে বড়ো চৰিত্ৰটোৱেই অৱশেষত ঘটনাৰ মূল কাৰণ আৱিষ্কাৰ কৰিবলৈ সক্ষম হয় আৰু কুকৈৰ ঘৰখনৰ অৱস্থাৰ সৈতে নিজে মুখামুখি হৈ তাৰ দুখ-দুৰ্গতি বুজি কুকৈক নিজৰ সন্তানৰ দৰে নিজৰ ঘৰলৈকে লৈ যায়৷ তাক পঢ়ুৱাই শুনাই ডাঙৰ মানুহ কৰাৰ লক্ষেৰে৷ আমাৰ সমাজত বিশেষকৈ জুবেনাইল হাউচত বিশ্ব বড়োৰ দৰে এটা গতিশীল আৰু মৰমীয়াল মানুহৰ যে কিমান প্ৰয়োজন, সেই অনুধাৱন কথাছবিখন চালেহে বুজিব পাৰি৷ ৰিটায়াৰৰ সময়ত বড়োৱে নিজে সৎপথত চলা বাবে আৰু আনক অন্যায় কৰিবলৈ সুবিধা নিদিয়া বাবে ৰাতি দুস্কৃতিৰ হাতত মাৰ খাবলগীয়া হৈছে৷ যি কথা তেওঁ কাকো ক’ব পৰা নাই৷

জুবেনাইল হাউচৰ মূল Superintendent চৰিত্ৰটো ৰূপায়ণ কৰিছে মলয়া গোস্বামীয়ে৷ গোস্বামীৰ চৰিত্ৰটোও এটি সবল আৰু গতিশীল চৰিত্ৰ৷ সৎ আৰু ন্যায় পৰায়ণ৷ শিশুসকলক অপৰাধ প্ৰৱনতাৰ পৰা আতৰাই আনি প্ৰকৃত মানুহ কৰাত এই চৰিত্ৰটোৱে অৰ্হনিশে কাম কৰিছে৷ চৰিত্ৰটোৰ কৰ্মনিষ্ঠতা আৰু দায়িত্ববোধৰ পৰা সমাজখনে শিকিবলগীয়া বহু কথা আছে৷

কথাছবিখনৰ প্ৰধান ইতিবাচক বাৰ্তাটো হ’ল যে ইয়াত শিশুক কেনেদৰে অপৰাধ প্ৰবনতাৰ পৰা ধনাত্মক দিশলৈ গতি কৰাব পাৰি তাৰ চেষ্টা সুন্দৰভাৱে দেখুওৱা হৈছে৷  কথাছবিখনত প্ৰয়োগ কৰা সংলাপ চিৰাচৰিত অসমীয়া সমাজখনৰ পৰাই গ্ৰহণ কৰা৷ সেইদৰে গীত, গীতৰ সুৰৰ পৰা আৰম্ভ কৰি গীতিধৰ্মিতালৈকে প্ৰতিটো ক্ষেত্ৰতে আৰু শেষত ‘গবৰহ’,‘গবৰহ’ জাতীয় অসমীয়া চহা জীৱন আৰু লোকমনৰ শব্দ প্ৰয়োগ কৰি জাহ্নু বৰুৱাই প্ৰকৃততেই এই কথা প্ৰমাণ কৰিছে যে অসমীয়া ভাষা, অসমীয়াৰ কাহিনী, অসমীয়াৰ আৱেগ অনুভূতিৰ কলাত্মক ৰূপায়নে বিশ্বজনীন ভাৱ প্ৰকাশক কথাছবি এখন নিৰ্মাণ কৰাতো একো কষ্টসাধ্য কাম নহয়৷ 

জাহ্নু বৰুৱাই এতিয়ালৈকে পৰিচালনা কৰা –‘অপৰূপা’, ‘পাপৰি’, ‘হালধীয়া চৰায়ে বাওঁ ধান খায়’, মেইনে গান্ধীকো নেহি মাৰা’, ‘বনানি’, ‘ফিৰিঙতি’, ‘সাগৰলৈ বহু দূৰ’, ‘কুশল’, ‘তৰা’, ‘বান্ধোন’, ‘অজেয়’ আদি কথাছবিবোৰ চালেই এই কথা অনুমান কৰিব পাৰি যে ‘অসমীয়া’ সত্ত্বাটো তেওঁৰ কথাছবিত অতি গভীৰভাৱে সংপৃক্ত হৈ আছে৷  গাঁও, পথাৰ, কৃষি, বৰষুণ, এইবোৰ যেন জাহ্নু বৰুৱাৰ কথাছবিৰ প্ৰধান আৰু প্ৰথম সম্বল৷ ‘কণিকাৰ ৰামধেনু’ৰ কুকৈ চৰিত্ৰটোও তেওঁ এখন গাঁৱৰ পৰা তুলি আনি বাস্তৱ ধৰণেই উপস্থাপন কৰিছে৷

কথাছবিখনৰ কুকৈৰ চৰিত্ৰটোৰ নিৰৱতাৰ মাজেৰেই পৰিচালকে বহু কথা ক’বলৈ যত্ন কৰিছে, কুকৈয়ে ভাল পায় আকাশ আৰু সাগৰ, সি ৰামধেনু আকিবলৈ চেষ্টা কৰে৷ যুদ্ধ ভাল নাপায়৷ কল্পনাৰেই সি এঘৰ ধনী ঘৰত জন্ম হোৱা দেখিছে, মাক-বাপেকে তাক মৰম কৰা দেখিছে৷ যিবোৰ কথা সি বিশ্ব বড়োক মিচাকৈয়ে কৈ সান্তনা লভিছে৷ কিন্তু বাস্তৱ ক্ষেত্ৰত  যে তাৰ কি এক পুতৌ লগা অৱস্থা৷ বিদ্যালয়ত টকা দিব নোৱাৰি, বাপেকৰ অত্যাচাৰত ঘৰত থাকিব নোৱাৰি অৱশেষত সি গুৱাহাটীলৈ গুছি আহিছে৷ সেইদৰে বিশ্ব বড়োৰ মুখত শিশু এটাক কল্পনাপ্ৰৱন কৰি তুলিবলৈকে যথেষ্ট সংলাপৰ ব্যৱহাৰ কৰা হৈছে৷ আৱহ সংগীতৰ উপযুক্ত ব্যৱহাৰ জাহ্নু বৰুৱাৰ কথাছবিসমূহৰ আন এক উল্লেখযোগ্য বৈশিষ্ট্য৷  এই কথাছবিখনো ইয়াৰ ব্যতিক্ৰম নহয়৷ 

জুবেনাইল হাউচৰ Assistant Superintendent  হৈছে– ভদ্ৰ ফুকন৷ এই চৰিত্ৰটোৰ মাজক কপটতা আৰু সমকামিতাৰ আচৰণ দেখা যায়৷ দেশত বাহি অহা সমকামিতাৰ সমস্যা আৰু শিশুৰ উপৰত যৌন অত্যাচাৰে সমাজখনক কিদৰে ধ্বংশৰ দিশলৈ লৈ গৈছে, তাৰ উমান এই খণ্ডিত কাহিনীটোত পোৱা যাব৷ সেইদৰে তিৱাৰী চৰিত্ৰটোৱে খাদ্য যোগান ধৰোতে গেলা-পচা খাদ্য যোগান ধৰা কাৰ্যটোও যেন আমাৰ সমাজখনত সচৰাচৰ দৈনন্দিন ঘটি থকা ঘটনা৷ তৰুণ নামৰ লিগিৰা চৰিত্ৰটোও লম্পট৷ সি কেৱল Assistant Superintendent ৰ পৰা নিজৰ স্বাৰ্থ আদায় কৰিবলৈকে জুবেনাইল হাউচৰ হিতৰ কথা চিন্তা নকৰি অমানবীয় কামকাজত লিপ্ত হৈছে৷ ভদ্ৰ ফুকনক সহায় কৰিছে৷ সেইদৰে উকীলৰ চৰিত্ৰটোও বিশেষ গতিশীল চৰিত্ৰ নহয়৷

কথাছবিখনৰ শেষৰফালে ‘গবৰহ’-‘গবৰহ’ গীতটোৰ মাজতেই কথাছবিখনৰ অন্য এক সাৰ্থকতা লুকাই আছে যেন অনুভৱ হয়৷ সপোন আৰু কল্পনাৰ সংমিশ্ৰণেৰে বড়ো আৰু কুকৈয়ে কেনেদৰে নিজৰ জীৱনক লৈ সপোন দেখিছে, জীৱন যুদ্ধত আগুৱাই যোৱাৰ সংকল্প লৈছে, তাৰ উমান ল’বলৈ এই গীতটোৱেই যথেষ্ট৷

পৰিশেষত ক’ব পাৰি– জাহ্নু বৰুৱাৰ ‘কণিকাৰ ৰামধেনু’ কথাছবিখন এখন সফল ছবি৷ অৱশ্যে এই কথাছবিখন ব্যৱসায়িকভাৱে সফল হোৱা নাই৷ সফল হোৱাটো জাহ্নু বৰুৱায়ো বিচৰা নাই ৷ আমিও আশা নকৰো যে সস্তীয়া যৌনগন্ধি কথাছবি নিৰ্মাণ কৰি কেৱল গ্লেমাৰৰ বাবে জাহ্নু বৰুৱাৰ দৰে এজন ব্যতিক্ৰমী পৰিচালকৰ সত্ত্বাটো সময়ৰ সৈতে নিঃশেষ হৈ যাওঁক৷ ৰুচিশীল দৰ্শকে চিৰদিন জাহ্নু বৰুৱাৰ কথাছবিক মান্যতা দি আহিছে আৰু দিনে দিনে এচাম ৰুচিশীল দৰ্শকৰ সৃষ্টি কৰাত জাহ্নু বৰুৱা সফল হৈ আহিছে৷ আগন্তুক দিনতো জাহ্নু বৰুৱাৰ পৰা এইধৰণৰ মননশীল কথাছবি আৰু অধিক পোৱাৰ আশা কৰিছোঁ ৷

 @ Bhaskar Bhuyan, Research Scholar, Gauhati University, Ph-8751943387

Post a Comment

0 Comments