* ভাবকচোন । উত্তৰ পূৰ্বাঞ্চল বা কেৱল অসমৰ জাতি, জনজাতি, জনগোষ্ঠী নিৰ্বিশেষে সামূহিক ভাষাবোৰক লৈ এটা সংগ্ৰহালয় হৈছে অসমত ! এয়া সম্ভৱনে ! ভাষাক সংগ্ৰহালয়ৰ মজিয়ালৈ আনিব পৰা যাবনে !
অসম সাংস্কৃতিকভাৱে চহকী ৰাজ্য৷ লোকজীৱন আৰু লোকসংস্কৃতিৰ সমান্তৰালভাৱে অসমত আৰু এনে কিছু গুৰুত্বপূৰ্ণ সমল আছে যিসমূহৰ সংগ্ৰহ, সংৰক্ষণ আৰু কলাত্মক উপষ্ঠাপনৰ দ্বাৰা অসমৰ পৰ্যটন উদ্যোগটোক বিশেষভাৱে সমৃদ্ধ তথা জনপ্ৰিয় কৰিব পাৰি৷ অসমৰ পৰ্যটন উদ্যোগটোৰ ক্ষেত্ৰত তেনে ইতিবাচক সম্ভাৱনা থকা গুৰুত্বপূৰ্ণ সমল হ’ল অসমৰ ভাষাসমূহ৷
ভাষা হৈছে মানুহৰ ভাৱ আৰু অনুভূতি প্ৰকাশৰ বলিষ্ঠ মাধ্যম৷ ভাষাই পৰস্পৰৰ মাজত সুচল যোগাযোগ ৰক্ষা কৰাত সহায় কৰে৷ তদুপৰি লিখিত সাহিত্যও সম্পূৰ্ণৰূপে নিৰ্ভৰশীল ভাষাৰ ওপৰত৷ ভাষা অবিহনে সমাজ, সভ্যতা বৰ্তি থাকিব নোৱাৰে৷ সামূহিক যোগাযোগ ব্যৱস্থা, তথ্য সম্প্ৰসাৰণ আৰু বিনিময় মাধ্যমৰ আটাইতকৈ প্ৰয়োজনীয় আৰু উৎকৃষ্ট উপাদানটোৱেই হ’ল ভাষা৷
আমাৰ সকলোৰে জ্ঞাত যে অসম এখন বহুভাষিক আৰু বহুজাতিক ৰাজ্য৷ অসমত শতাধিক জাতি-জনগোষ্ঠী আছে৷ এই জাতি-জনগোষ্ঠীবোৰৰ প্ৰত্যেকৰে ভাৱ প্ৰকাশ কৰিব পৰাকৈ নিৰ্দিষ্ট একো একোটা ভাষা আছে৷ ইয়াৰোপৰি অসম ৰাজ্যত সংস্কৃত, ব্ৰজাৱলী আদিৰ দৰে প্ৰাচীন ভাষা আছে৷ যি অসমৰ আদি যুগ আৰু প্ৰাক্ ঐতিহাসিক সময়বোৰক বলিষ্ঠভাৱে প্ৰতিনিধিত্ব কৰি আছে৷ বৰ্তমান প্ৰচলিত ন’হলেও বা কিছুমান ভাষা মৃতপ্ৰায় হ’লেও এই ভাষাবোৰৰ নিৰ্দিষ্ট লোক-সাহিত্য আৰু সুন্দৰ ঐতিহ্য আছে৷ গতিকে এই প্ৰাচীন ভাষাবোৰ একত্ৰিত কৰি আৰু বৰ্তমান সময়ত প্ৰচলিত অসমৰ আটাইবোৰ ভাষা একত্ৰিত কৰি সেইবোৰৰ বিজ্ঞানসন্মত অধ্যয়ন, সংৰক্ষণ আৰু পৰিৱেশনৰ দ্বাৰা অসমৰ পৰ্যটনৰ দিশটোক আগুৱাই নিব পৰা যায়৷ ইয়াৰ বাবে লাগিব পৰ্যটন বিভাগৰ সুপৰিকল্পিত কাৰ্যক্ৰম, বৈজ্ঞানীক পদ্ধতিৰে ভাষা গৱেষণাৰ লগতে প্ৰয়োজনীয় সমল আহৰণৰ বাবে ইচ্ছুক গৱেষক আৰু বিশেষকৈ অসম চৰকাৰ আৰু প্ৰতিষ্ঠিত ভাষা গৱেষকসকলৰ ইতিবাচক সঁহাৰি৷ অসমৰ বিশ্ববিদ্যালয়কেইখনৰো এইক্ষেত্ৰত বিশেষ¸ ভূমিকা হ’ব৷
ভাষা অধ্যয়নৰ প্ৰতি মানুহ চিৰ কৌতুহ’ল৷ জাতি-জনগোষ্ঠী তথা নৃগোষ্ঠীসমূহৰ ভাষাৰ ওপৰত গৱেষণা কৰাটোও গুৰুত্বপূৰ্ণ কৰ্ম৷ অন্যহাতে ভাষাৰ গৱেষণাৰ বাবে অন্যান্য ৰাষ্ট্ৰ, দেশ-বিদেশৰ পৰাও অসমলৈ ভালেসংখ্যক গৱেষক ছাত্ৰ-ছাত্ৰী আহে৷ গতিকে আমাৰ ৰাজ্য চৰকাৰে যদি এটি সুপৰিকল্পিত আদৰ্শ আৰু পৰিকল্পিত নীতিৰে অসম ৰাজ্যৰ যিমানখিনি ভাষা, উপভাষা আছে সকলো উদ্ধাৰ কৰি, যিখিনি বিলুপ্ত হৈ গৈছে সেইবোৰ ভাষাসমূহকো সংগ্ৰহ কৰি এটি সংগ্ৰহালয় নিৰ্মাণ কৰে, তেন্তে অসমে ইয়াৰ পৰা পৰৱৰ্তী সময়ত ভালেখিনি ৰাজহ সংগ্ৰহ কৰাৰ সমান্তৰাল ভাৱে এটি ব্যতিক্ৰম প্ৰচেষ্টাৰে সমগ্ৰ বিশ্বৰ আগত নিজৰ চিনাকী দিবলৈ সক্ষম হ’ব৷ ইয়াৰ দ্বাৰা অসমৰ সাহিত্য আৰু সাংস্কৃতিক দিশটোও সমৃদ্ধ হ’ব৷ অসমৰ প্ৰায়বোৰ ভাষাৰ বিষয়ে ইতিমধ্যে গৱেষণা কৰা হৈছেই, গতিকে বিষয়টো বৰ জটিলো ন’হব৷ মাত্ৰ ইয়াৰ সফল ৰূপায়ণৰ বাবে অৰ্থনৈতিক দিশটোহে চিন্তনীয় বিষয়৷ অৱশ্যে এই কথাও স্বীকাৰ্য যে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ সদিচ্ছা থাকিলে এই কাৰ্য নিশ্চয়কৈ সম্ভৱ হৈ উঠিব৷
ভাষা সংগ্ৰহালয় কেনে হোৱা উচিত ?
যদিহে ভাষা সংৰক্ষণৰ এনে এটা সংগ্ৰহালয় নিৰ্মাণ কৰিব পৰা যায়; তেন্তে সংগ্ৰহালয়টোত থাকিব পৰা সম্ভাব্যমূলক তথ্যবোৰ আৰু উপকৰণবোৰ এনে হোৱাটো প্ৰয়োজনীয়–
ভাষা সংৰক্ষণৰ সংগ্ৰহালয়ত অসমৰ প্ৰতিটো ভাষাৰে সামগ্ৰিক বিশেষত্ব, বৰ্ণমালা, উচ্ছাৰণৰ ধৰণ, সুৰ, লহৰ, অসমৰ কোন অঞ্চলত নিৰ্দিষ্ট ভাষাটো পোৱা যায় তাৰ অডিঅ’, ভিডিঅ’, গ্ৰাফিক বৰ্ণনা থকাৰ লগতে ভাষাটোৰ সৈতে জড়িত লোক সমলবোৰৰ তথ্যসমূহো অডিঅ’, ভিডিঅ’, আলোকচিত্ৰ, লিখিত মাধ্যমেৰে মজুত কৰি ৰখাৰ ব্যৱস্থা থাকিব লাগে৷ লগতে প্ৰয়োজন সাপেক্ষে নিৰ্দিষ্ট ভাষাটোৰ সাহিত্যিক নিদৰ্শন থকা মূল্যৱান গ্ৰন্থ ৰাখিব লাগে৷ ছাত্ৰ-ছাত্ৰী আৰু পৰ্যটকে বিচৰা বিভিন্ন তথ্যবোৰ সহজে পাব পৰাকৈ কম্পিউটাৰৰ বিশেষ কাৰুকাৰ্য আৰু ডিজিটেল পদ্ধতিৰ দ্বাৰা প্ৰদৰ্শনৰ ব্যৱস্থা কৰিব লাগে৷ নিৰ্দিষ্ট ভাষাটোৰ বিভিন্ন সমলবোৰ কোন গৱেষকে উদ্ধাৰ কৰি দিছে তাৰো নামকৰণ তথা সবিশেষ উল্লেখ থাকিব লাগে৷ বহুতো জাতি-জনজাতি আদি ভাষাৰ ব্যাকৰণ পোৱা যায়৷ সেইদৰে অনেক লোক-সাহিত্যও মানুহৰ মুখে মুখে প্ৰচলন হৈ থাকে ৷ এইবোৰ সংগ্ৰহ কৰি সংৰক্ষণ কৰিব পৰা ব্যৱস্থা কৰিব পাৰি৷ ভাষাৰ সেই সংগ্ৰহালয়ত প্ৰতিটো ভাষাৰে গীত-মাত, লোক-সঙ্গীত, লোক-বাদ্য, জাতীয় উৎসৱ বা সামগ্ৰিকভাৱে লোক-সংস্কৃতিবোৰৰ চমু পৰিচয় লগতে জাতিটো আৰু ভাষাটোৰ বিকাশত অৱদান আগবঢ়োৱা পুৰুধা ব্যক্তিসকলৰ নাম , তেওঁলোকৰ কৰ্মৰাজী, সাহিত্যিক অৱদান আদি বিষয়বোৰ সংৰক্ষণৰ ব্যৱস্থা থাকিব লাগে৷ লগতে এটা ভাষাৰ সৈতে অন্য এটা ভাষাৰ তুলনামূলক সাদৃশ্য বা পাৰ্থক্য, ধবনিতাত্ত্বিক, ৰূপতাত্ত্বিক বৈশিষ্ট্য আদি নিৰূপন কৰি পৰ্যটকসকলে সহজে সেইবোৰ বুজিব পৰাকৈ প্ৰদৰ্শন কৰিব লাগে৷ জনজাতি, জনগোষ্ঠী, অন্যান্য পিছপৰা শ্ৰেণী আদি প্ৰতিটো ভাগৰে শৃংখলাবদ্ধৰূপত তথ্যখিনি থাকিব লাগে৷ সংগ্ৰহালয়টোত অসমৰ জাতি-জনগোষ্ঠীবোৰৰ আখৰৰ গঢ় কেনেকুৱা, কথিত আৰু লিখিত ধৰণ কেনেকুৱা, ব্যাকৰণ বা অভিধান থাকিলে সেইবোৰ কেনেকুৱা ইত্যাদি বিষয়বোৰ মজুত ৰখাৰ লগতে ভাষাটোৰ প্ৰতিনিধিত্বকাৰী সাহিত্যিকসকলৰ নাম উল্লেখ থাকিব লাগে, ভাষাটো পূৰ্বতে ক’ত ব্যৱহাৰ কৰিছিল, তাৰ প্ৰথম সাহিত্যিক নিদৰ্শন কি কি এই তথ্যবোৰো মজুত ৰাখিব পৰাকৈ সংগ্ৰহালয়টো নিৰ্মাণ হোৱা উচিত ৷
অসমৰ প্ৰতিটো ভাষাৰ গৱেষণা সম্পৰ্কে যিমান তথ্য পাতি ৰাজ্য চৰকাৰে যোগাৰ কৰিব পাৰে সকলোখিনি একগোট কৰি তাৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰিব লাগে৷ প্ৰয়োজন সাপেক্ষে সংগ্ৰহালয়টোত ভাষাসমূহৰ প্ৰচলন থকা নিৰ্দিষ্ট ঠাই বা গাঁওবোৰৰ সৈতে যোগাযোগ কৰিব পৰা ব্যৱস্থা থাকিব লাগে৷ তদুপৰি অসমৰ ভাষাবোৰৰ প্ৰথম পৰ্যায়ত উদ্ধাৰ হোৱা তাম্ৰ ফলি, শিলালেখ, সাঁচিপাত আদিবোৰ বৃহদাকাৰ ৰূপত চিত্ৰৰ দ্বাৰা দেখুৱাব পৰা ব্যৱস্থা কৰিব লাগে৷ সংগ্ৰহালয়টোৰ বেৰবোৰত অসমৰ স্থাপত্য-ভাস্কৰ্যসমূহৰ চিত্ৰ ৰখাৰ ব্যৱস্থা কৰিব লাগে৷ লগতে ভাষাবোৰৰ উৎপত্তিৰ মূল কি, ভাষাবোৰৰ ভাষাতাত্বিক দৃষ্টিকোণেৰে কৰা বিশ্লেষণ আদি বিষয়বোৰ প্ৰদত্ত সংগ্ৰহালয়টোত ৰাখিব পৰাৰ ব্যৱস্থা কৰিব লাগে৷
ভাষা সম্পৰ্কে অসমত যিমান সংখ্যক গৱেষক-গৱেষিকাই গৱেষণা কৰিছে বা বিদেশৰ পৰা আহি অসমৰ ভাষা সম্পৰ্কে কোন কোন গৱেষকে গৱেষণা কৰিছে তাৰ এখন নিৰ্দিষ্ট তালিকা তৈয়াৰ কৰি সংগ্ৰহালয়টোত ৰখোৱাৰ ব্যৱস্থা কৰিব লাগে৷ কোন কোন গৱেষকে কি ভাষাৰ ওপৰত গৱেষণা কৰিছে তাৰ স্পষ্টতা থকাটো সুনিশ্চিত কৰিব লাগে৷ [ভাষাতাত্বিক বিশেষজ্ঞসকলে আৰু পৰ্যটন বিভাগৰ লগত জড়িত ব্যক্তিসকলে এই বিষয়ত আৰু মতামত দিব পাৰিব]
তদুপৰি ইচ্ছা কৰিলে ভাষাসমূহৰ লগতে জাতি-জনজাতি লোকসকলৰ পৰম্পৰাগত সাজ-পাৰ, কৃষি সঁজুলি, অয়-অলঙ্কাৰ আদিও মজুত কৰি সেইবোৰ সংৰক্ষণ কৰিব পাৰি৷ মাজুলীৰ সত্ৰসমূহত অসমৰ যিমানখিনি ঐতিহাসিক সমল এলাগী হৈ বাঁহ, কাঠৰ গুডামত পৰি আছে; সেইসমূহো সংৰক্ষণ কৰিব পাৰি এই সংগ্ৰহালয়ৰ এটা শাখাত৷
এই সংগ্ৰহালয়ত কাৰ স্বত্বাধিকাৰ থাকিব ?
এই সংগ্ৰহালয়টো নিৰ্মাণ হ’লে যিহেতু সমগ্ৰ অসমৰে সম্পদ হ’ব৷ গতিকে ইয়াত অসমক প্ৰতিনিধিত্ব কৰা সকলো জাতীয় দল-সংগঠন, জাতি-জনগোষ্ঠীবোৰৰ প্ৰতিনিধিত্বকাৰী গৱেষক-গৱেষিকা, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আদিৰ শিক্ষাগুৰুসকল আৰু তেওঁলোকৰ বিশেষ প্ৰতিনিধি, ভাষা বিষয়ক গ্ৰন্থ লিখা লিখকসকল আৰু অসমৰ আন আন ইচ্ছুক উদ্যোগ, প্ৰতিষ্ঠান আদিৰ লোকসকল এই সংগ্ৰহালয়ৰ লগত জড়িত হৈ থাকিব পাৰিব৷ প্ৰয়োজন সাপেক্ষে বিশ্ববিদ্যালয়, মহাবিদ্যালয়ত যিবোৰ গৱেষকে গৱেষণা কৰি তেওঁলোকৰ তথ্যবোৰ গৱেষণা পত্ৰ হিচাপে জমা কৰে৷ সেই পত্ৰবোৰৰ এটা কপি উক্ত সংগ্ৰহালয়ত সংৰক্ষণৰ ব্যৱস্থা হ’ব লাগে৷
চৰকাৰ আৰু পৰ্যটন উদ্যোগৰ সদিচ্ছা হ’লে এই মহান কাৰ্যটি অসমত নিৰ্ণয় সফল কৰি তুলিব পৰা যাব৷ মাত্ৰ ইয়াৰ বাবে লাগিব সকলোৰে ইতিবাচক সঁহাৰি৷ লগতে অসমৰ বুদ্ধিজীৱি, ভাষা বিষয়ত গৱেষণা কৰা মহাবিদ্যালয়, বিশ্ববিদ্যালয়সমূহৰ গৱেষক প্ৰতিনিধিসকল আৰু অসমৰ পৰ্যটন বিভাগেও এই ক্ষেত্ৰত আশানুৰূপভৱে আগবাঢ়ি আহিব লাগিব৷ জাতীয় দল-সংগঠনবোৰে প্ৰয়োজন সাপেক্ষে মাত মাতিব লাগিব৷
সাম্প্ৰতিক সময়ত বিশ্বায়ন আৰু প্ৰযুক্তিবিদ্যাৰ চাকনৈয়াত সমগ্ৰ বিশ্বৰে হাজাৰ হাজাৰ জাতি-জনগোষ্ঠী আৰু তেওঁলোকৰ ভাষাবোৰ দিনে দিনে নিঃশেষ হৈ আহিছে৷ সকলোতে প্ৰভাৱশালী দুই এক জাতি আৰু তেওঁলোকৰ ভাষাটোৱেহে অগ্ৰাধিকাৰ পাইছে৷ অসম ৰাজ্যও ইয়াৰ ব্যতিক্ৰম নহয়৷ গতিকে এনে পৰিপ্ৰেক্ষিতত অসম চৰকাৰখনে যদি অসমখনৰ একতাৰ স্বাৰ্থত, অনৈক্যৰ মাজত ঐক্য আৰু অখণ্ডতা ৰক্ষাৰ স্বাৰ্থত, লগতে অসমৰ ভাষা সংৰক্ষণৰ স্বাৰ্থত এই মহৎ কাৰ্যটি সাধন কৰে৷ তেন্তে আমি নিশ্চিত যে অসমৰ সকলো জাতি-জনগোষ্ঠীয়েই একেমুখে ৰাজ্য চৰকাৰৰ এই মহৎ কাৰ্যৰ জয়গান গাব আৰু সমগ্ৰ ভাৰতবৰ্ষই এই কাৰ্যৰ শলাগ ল’ব৷ কাৰণ দুৰ্বল আৰু সংখ্যাত তাকৰ হোৱা জাতি-জনগোষ্ঠীবোৰে বাধ্য হৈহে সময়ৰ লগে লগে আন জাতি-জনগোষ্ঠীৰ ভাষা-সংস্কৃতি গ্ৰহণ কৰিছে; অন্যথা কোনো এটা জাতিয়েই নিজৰ ভাষা-সংস্কৃতি বা নিজৰ অস্তিত্ব নিশেষ হোৱাৰ কামনা নকৰে৷ গতিকে চৰকাৰে এই বিষয়বোৰৰ প্ৰতি মনযোগ দিয়া দৰকাৰ৷
© ভাস্কৰ ভূঞা, গৱেষক ছাত্ৰ, গুৱাহাটী বিশ্ববিদ্যালয়, ফোন-৮৭৫১৯৪৩৩৮৭
পূৰ্ব প্ৰকাশ- নিয়মীয়া বাৰ্তা, ২৯.৯.১৬
0 Comments