চন্দ্ৰপ্ৰসাদ শইকীয়াৰ বলিষ্ঠ নেতৃত্বৰে ১৯৯৩ চনত প্ৰকাশ হোৱা আলোচনীখন লক্ষ্মীনন্দন বৰাৰ সম্পাদনাত ২৫ বছৰত ভৰি দিলে৷ পৰৱৰ্তী সময়ত কম দিনৰ বাবে ধ্ৰুৱজ্যোতি বৰা আৰু বৰ্তমান শেহতীয়াকৈ সাহিত্যিক ৰীতা চৌধুৰীৰ নেতৃত্বত আলোচনীখনে নতুন মূৰ লৈছে৷ এই সুদীৰ্ঘ ২৮ বছৰত আলোচনীখনে অসমীয়া ভাষা-সাহিত্যক সাহিত্যিক দিশেৰে আৰু ভাষিক দৃষ্টিভংগীৰে সমৃদ্ধ কৰি ৰখাৰ ওপৰিও সাহিত্যিক বিধাসমূহৰ উত্তৰণ ঘটোৱাত, সাহিত্যৰ ভেঁটি মজবুত কৰাত, চিন্তামূলক, তথ্যসমৃদ্ধ ৰচনাৰ দ্বাৰা সাহিত্যক পাঠকৰ মাজলৈ লৈ যোৱাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে৷ এটা জাতি বা এটা ভাষাৰ গুৰুত্বপূৰ্ণ উপাদান হ’ল- সেই জাতি বা ভাষাটোৰ লিখিত সমলসমূহ৷ সেইদৰে এটা ভাষাৰ অন্তৰ্গত সাহিত্যসমূহৰ ৰাজহাড় স্বৰূপ হ’ল সেই সাহিত্যৰাজিৰ পৰ্যালোচনা, অন্যান্য ভাষাৰ সৈতে লক্ষ্য ভাষাটোৰ সাহিত্যৰ তুলনামূলক আলোচনা, জাতীয় সাহিত্যত অন্য দেশ বা ৰাজ্যৰ সাহিত্যৰ প্ৰভাৱ বা নিৰ্দিষ্ট লক্ষ্য ভাষাৰ সাহিত্যৰ বিশ্বজনীনতা আদি গুৰুত্বপূৰ্ণ বিষয়বোৰ৷ এই বিষয়বোৰৰ প্ৰসাৰ, অধ্যয়ন, বিশ্লেষণেহে এটা ভাষাৰ সাহিত্যক বৰ্তি ৰখাত আৰু উত্তৰণ হোৱাত সহায় কৰে৷ অসমত এই বিষয়বোৰৰ চিন্তা-চৰ্চা কৰিবলৈ পৃষ্ঠভূমি দিয়া প্ৰধান মাধ্যমটোৱেই হ’ল আলোচনী আৰু এই আলোচনীবোৰৰ ভিতৰত পথ প্ৰদৰ্শকৰ ভূমিকা ল’ব পৰা এখন গুৰুত্বপূৰ্ণ আলোচনী হ’ল– গৰীয়সী৷ বিংশ শতিকাৰ শেষৰ পৰা সাম্প্ৰতিক সময়লৈকে এই আলোচনীখনে অসমীয়া সাহিত্যৰ বৃদ্ধি-বিকাশত প্ৰহৰীৰ দৰে কাম কৰি আহিছে৷ সাহিত্য কলাৰ বিবিধ প্ৰকাৰ গুণেৰে গুনান্বিত আলোচনীখনৰ প্ৰতিটো সংখ্যাই অসমীয়া ভাষাটো আৰু ভাষাটোৰ সাহিত্যখিনিক দিক্-নিৰ্ণয় কৰি দিয়াৰ চেষ্টা কৰিছে৷ কেৱল গল্প, উপন্যাস, কবিতাৰ দৰে জনপ্ৰিয় সাহিত্যসমূহতে পাঠকৰ মন-মনন সীমাবদ্ধ নাৰাখি তাত্ত্বিক বা চিন্তাশীল প্ৰবন্ধ, সমালোচনা আদি বিষয়বোৰত মনোনিৱেশ কৰিবলৈ বাধ্য কৰোৱাত এই আলোচনীখনে ভূমিকা গ্ৰহণ কৰিছে৷ অসমীয়া ভাষা-সাহিত্যত সততে আলোচনাৰ পৰা বাদ পৰি ৰোৱা অনেক প্ৰাসংগিক বিষয়ো গৰীয়সী আলোচনীখনেই পাঠকৰ মাজলৈ বলিষ্ঠভাৱে উলিয়াই দিছে৷ সাহিত্যই সমাজ পৰিশোধন কৰা কথাফাঁকিও আলোচনীখনৰ উদাহৰণৰে সত্য বুলিব পাৰি৷ সেইদৰে সামাজিক বিষয়ত জনমত গঠন আৰু লেখক এজনৰ সৃষ্টিশীলতাক উদ্ঘাটন কৰি প্ৰতিষ্ঠা কৰাৰ দিশতো আলোচনীখনৰ ভূমিকা আছে৷ অৱশ্যে বহুতে অভিযোগ কৰাৰ দৰে চন্দ্ৰপ্ৰসাদ শইকীয়াই যি বলিষ্ঠতাৰে গৰীয়সীখন সম্পাদনা কৰিছিল, তাৰ মান বৰ্তমান সময়ত কিছু কিছুক্ষেত্ৰত ম্লান পৰা-নপৰা বিষয়টোও আলোচনাযোগ্য।
অসমীয়া সাহিত্যৰ উত্তৰণত গৰীয়সী আলোচনীৰ ভূমিকা সম্পৰ্কে তলত বিস্তৃতভাৱে আলোচনা কৰা হৈছে–
ক। অসমীয়া সমালোচনা সাহিত্যত পাশ্চাত্য সাহিত্যৰ বাদসমূহৰ আধাৰত সমালোচকসকলে সমালোচনা কৰাৰ যি পৰম্পৰা আৰম্ভ হৈছিল, এই বাদ (ism) বা তত্ত্বসমূহ অসমীয়া সাহিত্যত প্ৰতিষ্ঠা কৰোৱাত গৰীয়সী আলোচনীৰ দৰে প্ৰতিনিধিত্বমূলক আলোচনীৰ ভূমিকা সৰ্বাধিক৷ এই বাদসমূহৰ বিষয়ে বিস্তিত লিখনি গৰীয়সীৰ পাতত লিপিবদ্ধ হৈ থকাৰ লগতে সৃষ্টিশীল সাহিত্যত এই বাদবোৰৰ সঠিক প্ৰয়োগৰ দিশটোক গৰীয়সী আলোচনীয়ে গুৰুত্ব সহকাৰে প্ৰকাশ কৰি আহিছে৷ গৰীয়সীৰ লেখাই লেখক- পাঠকক আত্মদৰ্শন কৰাব পাৰে৷ নতুন আদৰ্শৰ সন্ধান দিব পাৰে৷ একেটা কাম ‘প্ৰকাশ’ আৰু ‘সাতসৰী’ আলোচনীয়েও নিৰন্তৰভাৱে কৰি আহিছে৷
খ। অসমৰ বহু সংখ্যক লেখক-লেখিকাৰ সৃষ্টিশীল সাহিত্যৰ প্ৰথম প্ৰকাশ আলোচনীৰ পাতত হয়৷ সৰহ-সংখ্যক ন-শিকাৰুয়ে আলোচনীৰ পাতত নিজৰ জ্ঞান আৰু প্ৰতিভাৰ প্ৰমাণ কৰিহে পৰৱৰ্তী সময়ত গ্ৰন্থ প্ৰকাশ বা আনুসংগিক কাম-কাজ কৰা পৰিলক্ষিত হয়৷ সেইদৰে অসমৰ বৌদ্ধিক আৰু সাংস্কৃতিক জগতৰ প্ৰায়সংখ্যক সাহিত্যিক, বুদ্ধিজীৱী, শিল্পী আদিৰ চিন্তা, আদৰ্শ, পৰ্যালোচনা বা সমালোচনাক গৰীয়সীয়ে একত্ৰীকৰণ কৰি পাঠক সমাজলৈ লৈ যাবলৈ সক্ষম হোৱাটোও অসমীয়া সাহিত্যৰ উত্তৰণত আলোচনীখনৰ বৃহৎ সফলতা৷ লেখক-লেখিকাই গৰীয়সীৰ পাততেই সৃষ্টিশীল সাহিত্যৰ সম্পৰীক্ষা কৰাৰ সুবিধা লাভ কৰিছে৷ নতুন নতুন শৈলীৰ গল্প, কবিতা, উপন্যাস, ৰম্য ৰচনা আদিৰ সৃষ্টি হৈছে৷ বাস্তৱবাদ, অধিবাস্তৱবাদ, উত্তৰ আধুনিকতাবাদ আদি বিষয়ৰ বিকাশ, উত্তৰণ ঘটিছে৷ সাহিত্যৰ নতুন নতুন বিধাসমূহে প্ৰতিষ্ঠা লাভ কৰিছে৷
গ। অসমীয়া সাহিত্যত জনপ্ৰিয় সাহিত্যসমূহৰ উপৰিও কল্পবিজ্ঞান সাহিত্য, ৰহস্যধৰ্মী সাহিত্য, চলচ্ছিত্ৰ সমালোচনা, চিত্ৰ সমালোচনা, শিশু সাহিত্য, বিজ্ঞান সাহিত্য, ভ্ৰমণ সাহিত্য, সাক্ষাৎকাৰ, অৰ্থনীতি, ৰাজনীতি, ধৰ্ম আদি বিষয়বোৰো গৰীয়সী আলোচনীখনে দায়বদ্ধতাৰে আৰু যুক্তিনিষ্ঠ লেখাৰ সৈতে পাঠকৰ মাজলৈ উলিয়াই আনিছে৷ গল্পকাৰ, কবি, ঔপন্যাসিক আদি সৃষ্টি কৰাৰ ওপৰিও গৰীয়সীয়ে সাহিত্য সমালোচক, অনুবাদক, শিশু সাহিত্যিক, চলচ্ছিত্ৰ সমালোচক, ৰাজনৈতিক বিশ্লেষক, সমাজতত্ত্ববিদ, সাংবাদিক আদি সৃষ্টিত অৰিহণা আগবঢ়াইছে৷ পাঠকৰ মনত বৈজ্ঞানীক মানসিকতা গঠনৰ ক্ষেত্ৰতো আলোচনীখন সফল হৈছে৷ উপযুক্ত লেখকৰ দ্বাৰা লেখা এটা লেখি পাঠকক বিষয়বস্তু সম্পৰ্কে বোধ জন্মোৱাত আলোচনীখনে কৃপণালি নকৰে৷ নিৰৱে সাহিত্য চৰ্চা কৰা অসমৰ বহু কেইজন বৰেণ্য ব্যক্তিক অসমীয়া সাহিত্যলৈ উলিয়াই অনাত এই আলোচনীখনৰ ভূমিকা আছে৷ ১৯৯৩ চনৰ প্ৰথম বছৰ, ষষ্ঠ সংখ্যাতে গৰীয়সী আলোচনীয়ে হোমেন বৰগোহাঞিৰ সৈতে সাক্ষাৎগ্ৰহণ কৰি প্ৰকাশ কৰিছিল৷ আজি পৰ্যন্ত ইয়াৰ ধাৰাবাহিকতা অটুত আছে৷ ইয়াৰোপৰি বৰ্তমান সময়ত অসমীয়া ভাষাটো বিভিন্ন মাধ্যমত কেনেধৰণে প্ৰয়োগ কৰা হৈছে, নব্য মাধ্যমসমূহত ভাষাটোৰ স্থিতি কেনেধৰণৰ, ভাষাটোৰ ভৱিষ্যত কেনেধৰণৰ; এনেধৰণৰ চিন্তামূলক প্ৰবন্ধসমূহো একমাত্ৰ গৰীয়সী আলোচনীখনেই দায়বদ্ধতাৰে প্ৰকাশ কৰি আহিছে৷
ঘ। অসমৰ বিদ্যায়তনিক ক্ষেত্ৰসমূহৰ উচ্ছ ডিগ্ৰীসমূহ (যেনে- এম.ফিল, পি.এইচ.ডি) আদিৰ বাবে সমাজ-সাহিত্য-সংস্কৃতি বিষয়বোৰৰ গৱেষণাৰ তথ্য, সমল যোগান ধৰাত এই আলোচনীখনৰ ভূমিকা সৰ্বাধিক৷ গৰীয়সী আলোচনীয়ে অসমীয়া সাহিত্যৰ সামগ্ৰিক দিশটোক এহাতে সৃষ্টিশীলতাৰে আৰু আনটো দিশত সমালোচনা-পৰ্যালোচনাৰে সমৃদ্ধ কৰি ৰাখিছে৷ গৰীয়সী আলোচনীখনক এটা কমলা টেঙাৰ সৈতে ৰিজাব পাৰি৷ এফুত-দুফুতকৈ কেইবাটাও ফুট লাগি যেনেকৈ তেজাল কমলা এটাৰ গঠন হয়, সেইদৰে গৰীয়সীৰ সম্পাদনা সমিতিয়ে সাহিত্যৰ বিভিন্ন বিধাসমূহৰ একত্ৰ সমাহাৰেৰে প্ৰতিটো মাহতে একো একোখন উৎকৃষ্ট আলোচনী পাঠকৰ মাজলৈ আগবঢ়াই দিয়ে৷
ঙ। দেশ-কাল-সীমাৰ পৰিধি ভাঙি সমগ্ৰ বিশ্বৰ সাহিত্যক একক সাহিত্য হিচাপে গ্ৰহণ কৰাৰ পৰিৱেশ এটা আনি দিয়াত গৰীয়সী আলোচনীখনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে৷ বিশ্বৰ গুৰুত্বপূৰ্ণ সাহিত্যসমূহৰ পৰিচয়, ভাৰতীয় সাহিত্যৰ সৈতে জাতীয় সাহিত্যৰ তুলনামূলক আলোচনা, সমালোচনা আদি দিশবোৰো গৰীয়সী আলোচনীয়েও দায়বদ্ধতাৰে পাঠক সমাজলৈ আগবঢ়াই আহিছে৷ গৰীয়সীৰ পাতত সাহিত্যৰ ওপৰিও অন্যান্য সমকালীন চেতনা, সমাজ চেতনা, বিশ্বৰ অন্যান্য ঠাইৰ সৈতে ভাৰতবৰ্ষৰ অৰ্থনীতি, ৰাজনীতি, শৈক্ষিক, চলচ্ছিত্ৰ আদি বিষয়বোৰৰ সাদৃশ্য, পাৰ্থক্যৰ আলোচনা, সমালোচনা, বিশ্লেষণ হয়৷ প্ৰতিষ্ঠিত লেখকসকলৰ উপৰিও নৱ-প্ৰজন্মৰ শতাধিক লেখক-লেখিকাই এই দিশবোৰৰ গৱেষণামূলক লেখনিৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰিছে৷ এনে লেখনিয়ে অসমৰ সামাজিক, সাংস্কৃতিক আৰু বৌদ্ধিক শক্তিটোক মজবুত কৰাত আৰু সমাজ, সংস্কৃতি, সাহিত্যৰ পৰা আৰম্ভ কৰি চৰকাৰ বা একো একোটা পৰিমণ্ডল পৰ্যবেক্ষণ কৰাত পাঠকক সহায় কৰে৷ ভৱিষ্যত কালৰ সাহিত্যৰ বাবেও সমল, প্লট আদি যোগান ধৰি এটা মসৃন বাট নিৰ্মাণ কৰি দিয়ে৷
চ। অসমীয়া ভাষাৰ আলোচনী হিচাপে অন্যান্য ভাষাৰ সাহিত্যতকৈ অসমীয়া সাহিত্যৰ স্বকীয়তা আৰু গুণ-গৰিমা, ইতিবাচক-নেতিবাচক দিশৰ আলোচনা-পৰ্যালোচনা কৰাৰ ক্ষেত্ৰত আলোচনীখনৰ ভূমিকা সৰ্বাধিক৷ গৰীয়সী আলোচনীয়ে অসমীয়া ভাষাত জনজাতীয় সমাজ-সাহিত্য-সংস্কৃতি অধ্যয়নৰ দিশত যথেষ্টখিনি কাম কৰিছে৷ অসমীয়া সাহিত্যৰ ক্ৰমবিকাশত জনজাতীয় সমাজ-সাহিত্য-সংস্কৃতি অধ্যয়নৰ দিশটোৰ ভূমিকা অপৰিসীম৷ এই জনগোষ্ঠীয় অধ্যয়নে অসমীয়া সাহিত্যৰ লগতে অসমীয়া ভাষাটোৰো বিকাশ আৰু প্ৰসাৰত অৱদান আগবঢ়াবলৈ সক্ষম হৈছে৷ ভাষা মনোভংগীৰ ক্ষেত্ৰটো আলোচনীখনে যথেষ্টখিনি ভাষা বিষয়ক প্ৰবন্ধ প্ৰকাশ কৰিছে৷ সেইদৰে লোক-সংস্কৃতিৰ ক্ষেত্ৰভিত্তিক লেখাবোৰৰ প্ৰকাশে গৰীয়সী আলোচনীখনৰ সামাজিক অৱদানৰ দিশটোক দৃঢ় কৰিছে৷
ছ। অসমৰ গুৰুত্বপূৰ্ণ সাহিত্যিক, শিল্পীসকলৰ জীৱন কৰ্মৰ সামগ্ৰিকতাক সামৰি তেওঁৰ জীৱিত বা মৃত্যু হোৱাৰ পিছত গৰীয়সী আলোচনীয়ে শ্ৰদ্ধাৰ্ঘ্য সংখ্যা প্ৰকাশ কৰে৷ এই শ্ৰদ্ধাৰ্ঘ্য সংখ্যাটোৱে আলোচনীখনৰ জাতীয় দায়বদ্ধতাক প্ৰতিনিধিত্ব কৰে৷ লগতে পঢ়ুৱৈৰ মাজলৈ বৰেণ্য ব্যক্তি এজনৰ সমগ্ৰ সৃষ্টিৰাজী, সাহিত্য প্ৰতিভা, জীৱন-কৰ্মৰ মূল্যায়ন আদি দিশবোৰ একেলগে উপলব্ধ হোৱাত সহায় কৰে৷ এই শ্ৰদ্ধাৰ্ঘ্য সংখ্যাৰ লেখাবোৰ পৰৱৰ্তী সময়ত উচ্ছ শিক্ষাত বা বিদ্যায়তনিক গৱেষণাৰ বাবে যথেষ্ট সহায় হ’ব৷ সেইদৰে অসমীয়া সাহিত্যত সেই বৰেণ্য ব্যক্তিজনৰ সৃষ্টি প্ৰতিভাৰো উপযুক্ত মূল্যায়ন হ’ব৷ উদাহৰণ– অৰুণ শৰ্মাঃ শ্ৰদ্ধাৰ্ঘ্য সংখ্যা (জুন, ২০১৭), মহিম বৰা শ্ৰদ্ধাৰ্ঘ্য সংখ্যা (নৱেম্বৰ, ২০১৬), প্ৰফুল্ল চন্দ্ৰ বৰাঃ শ্ৰদ্ধাৰ্ঘ্য সংখ্যা (মে’, ২০১৫), অজিৎ বৰুৱাঃ শ্ৰদ্ধাৰ্ঘ্য সংখ্যা (জুন, ২০১৫) আদি ৷
জ। অসমীয়া আলোচনীৰ লেখা প্ৰকাশৰ ক্ষেত্ৰত সম্পাদনাৰ দিশটোত সম্পাদকৰ একপক্ষীয় অধিকাৰ থাকে বুলি সততে সমালোচনা হয়৷ সম্পাদকৰ ইচ্চাৰ উপৰতে লেখা এটা প্ৰকাশ হ’ব বা নহ’ব এই কথাটো নিৰ্ভৰ কৰে৷ বহু সম্পাদকে নৱ-প্ৰজন্মৰ সাহিত্য-চৰ্চাক মূল্য দিব নোখোজে বুলিও আক্ষেপ শুনা যায়৷ কিন্তু গৰীয়সী আলোচনীখন এই সমালোচনাৰ পৰা মুক্ত৷ নবীন-প্ৰবীন লেখকৰ বলিষ্ঠ লেখনিৰে, অসমৰ প্ৰতিখন জিলাৰ লেখক-লেখিকাৰ গুৰুত্বপূৰ্ণ লেখনিৰে গৰীয়সীৰ প্ৰতিটো সংখ্যাই পাঠকৰ মন-মনন-চিন্তন সমৃদ্ধ কৰিব পৰাকৈ সক্ষম৷ সম্পাদনাৰ এই উদাৰ আৰু নিৰপেক্ষ দৃষ্টিভংগীয়ে অসমৰ প্ৰতিখন জিলাৰ সাহিত্যিক বৈশিষ্ট্যক উদ্ঘাটন কৰিবলৈ সক্ষম হোৱাৰ লগতে প্ৰতিভা থকা নতুন লেখক-লেখিকাক লিখিবলৈ অনুপ্ৰাণিত কৰিব৷
পৰিশেষত ক’ব পাৰি, গৰীয়সীয়ে এই গৌৰৱময় ২৮ টা বৰ্ষত অসমীয়া সাহিত্যত এটা যুগ সৃষ্টি কৰিব পৰাকৈ নিজেক সক্ষম কৰি তুলিছে৷ আলোচনীখনে অসমত এটা বৌদ্ধিক পৰিমণ্ডল গঢ়ি দিব পাৰিছে৷ পাঠকক উৎকৃষ্ট সাহিত্য পঠনৰ এক ৰুচিবোধ গঢ়ি দিব পাৰিছে৷ সেইদৰে নিয়মীয়া শিতানবোৰৰ ওপৰিও শেহতীয়াকৈ কেইবাটাও গুৰুত্বপূৰ্ণ শিতান যেনে– আপোনাৰ মতামত, বিচিত্ৰ বিজ্ঞান, ছাঁ-পোহৰ, অৱশ্য চিন্তনীয়, আত্মকথা, বছা-বছা ভাঙনি আৰু অ-সম্পাদকীয় আদি শিতানবোৰে আলোচনীখনক পাঠক আৰু জাতিটোৰ বাবে এখন গুৰুত্বপূৰ্ণ আলোচনী হিচাপে চিহ্নিত কৰিছে৷ শেহতীয়াকৈ গৰীয়সীত ‘গৱেষণা-পত্ৰ’ প্ৰকাশৰ ব্যৱস্থা কৰা হৈছে। বিদ্যায়তনিকভাৱে বিষয়ৰ চৰ্চা কৰাসকলৰ বাবে এই শিতানটো লাভজনক হ’ব।
আলোচনীখনে নিজৰ পৰিধিৰ মাজতে এটা সবল ধাৰা সৃষ্টি কৰিছে, যি ধাৰাক ‘গৰীয়সী যুগৰ সাহিত্য’ হিচাপে পৃথককৈ চোৱাৰ অৱকাশ আছে৷ জাতি এটাৰ মূল উপজীৱ্য ভাষা আৰু সাহিত্যক কেন্দ্ৰ কৰি প্ৰকাশিত এই আলোচনীখনৰ স্বকীয়তাই অসমীয়া সাহিত্যৰ লগতে অসমীয়া জাতিটোক বিশ্বৰ আগত মূৰ তুলি চিনাকী দিব পৰাকৈয়ো সক্ষম৷ ধ্ৰুৱজ্যোতি বৰাই কম দিনৰ ভিতৰতে ব্যক্তিগত কাৰণত আলোচনীখন এৰি দিবলগা হ’ল। এতিয়া নতুনকৈ দায়িত্ব লোৱা ৰীতা চৌধুৰীৰ নেতৃত্বত আলোচনীখনৰ ভৱিষ্যত কোন দিশে গতি কৰে, সেয়া লক্ষ্যনীয় হ’ব। সম্পাদক হিচাপে এতিয়ালৈকে ৰীতা চৌধুৰীৰপৰা অসমৰ বৌদ্ধিক সমাজে বিশেষ একো সাহিত্যৰাজি লাভ কৰা নাই৷ তেওঁৰ চিনাকী মূলতঃ এগৰাকী ঔপন্যাসিক হিচাপেহে৷ এতিয়া গৰীয়সীৰ পাতত আমি নতুনকৈ ৰীতা চৌধুৰীকো আৱিষ্কাৰ কৰাৰ সুযোগ লাভ কৰিছোঁ৷ সময়ে নিৰ্দ্ধাৰণ কৰিব এই সুযোগক চৌধুৰীয়ে কেনে পৰ্যায়লৈ লৈ যায়।
© ভাস্কৰ ভূঞা, গৱেষক ছাত্ৰ, গুৱাহাটী বিশ্ববিদ্যালয়, ফোন-৮৭৫১৯৪৩৩৮৭
0 Comments