অসমীয়া ভাষাত তুলনামূলক সাহিত্য সম্পর্কীয় চিন্তা-চর্চাৰ ৰূপৰেখা ৷৷ ডঃ নীৰাজনা মহন্ত বেজবৰাৰ লেখা



* অসমীয়া ভাষাত তুলনামূলক সাহিত্য সম্পর্কীয় চিন্তা-চর্চাৰ ৰূপৰেখা –১
যজ্ঞেশ্বৰ শর্মাৰ প্রবন্ধ
[গ্রন্থকহে ইয়াত আলোচ্য বুলি ধৰি লোৱা হৈছে যদিও অসমত বিদ্যায়তনিক বিষয়ৰ ৰূপত তুলনামূলক সাহিত্য সম্পর্কীয় পদ্ধতিগত চিন্তাৰ বাট কাটি দিয়া যজ্ঞেশ্বৰ শর্মাৰ এই প্রবন্ধটিকো আলোচনাৰ আওতালৈ অনা হ’ল]
অসমীয়া ভাষাত যজ্ঞেশ্বৰ শর্মাই ‘তুলনামূলক সাহিত্য’ শীর্ষকেৰে ‘অসম সাহিত্য সভা পত্ৰিকা’(চতুস্ত্ৰিংশ বছৰ-১৯৭৭চন, প্রথম সংখ্যা)ত প্রকাশিত এটা প্রবন্ধত এই বিষয়টো সম্পর্কীয় চর্চাৰ পাতনি তৰে। (এই লেখাত জীৱমণি নাথৰ সম্পাদিত ‘অসম সাহিত্য সভা পত্ৰিকাৰ নির্বাচিত প্রবন্ধ : বিষয় সাহিত্য’ নামৰ গ্ৰন্থত (২০১৭ চন) তাৰ পুনৰ প্রকাশিত ৰূপক আধাৰ হিচাপে গ্রহণ কৰা হৈছে) আৰম্ভণি ঘটোৱাৰ অর্থত এই লেখাটোক ‘পাতনি’ বুলি কোৱা হৈছে যদিও আচলতে তুলনামূলক সাহিত্য সম্পর্কে বিশ্ব প্রেক্ষাপটত তেতিয়ালৈকে চর্চালৈ অহা প্রায় সমস্ত প্রসঙ্গ লেখাটোত ভুৰুকাত হাতী ভৰোৱাৰ দৰে ভৰাই থোৱা আছে। অন্য প্রকাৰে ক’বলৈ গ’লে এই নির্দিষ্ট বিদ্যায়তনিক ক্ষেত্ৰখনৰ মূল মূল লক্ষণসমূহ সন্নিবিষ্ট হোৱাৰ দৃষ্টিৰে তুলনামূক সাহিত্যৰ অধ্যয়নকাৰী তথা বিষয়টোৰ প্রতি জিজ্ঞাসুসকলৰ কাৰণে ইয়াক আজিও এটা দিগ্‌দর্শক লেখা বুলি গ্ৰহণ কৰাৰ থল আছে। সহজ ভাষা-শৈলী তথা সৰল প্রকাশভঙ্গীৰ লেখাটোৱে পাঠকৰ আগত তুলনামূলক সাহিত্য সম্পর্কে স্পষ্ট কৰা মূল মূল দিশসমূহ এনে ধৰণৰ:
(১) সাহিত্যৰ বিশ্বজনীনতা যে তুলনামূলক সাহিত্যৰ মূল ভেটি এই কথাটো লেখাটোত এনেদৰে স্পষ্ট কৰা হৈছে – ‘সাহিত্য বিশ্বজনীন সম্পদ। ভাষাত বা প্রকাশভঙ্গীত দেখাত বেলগ হ’ব পাৰে, কিন্তু ভিতৰৰ প্রাণবস্তু সকলোতে একেটাই’(পৃ:৯১)।
(২) তুলনামূলক সাহিত্যৰ(ইউৰোপত) উৎপত্তিৰ পৃষ্ঠভূমি স্বৰূপে লেখাটোত উল্লেখ কৰা নিম্নোদ্ধৃত কাৰণ দুটাই পৃষ্ঠভূমিৰ লগতে পাঠকৰ বাবে তুলনামূলক সাহিত্যৰ মূল ভাৱশক্তি(spirit) উপলব্ধি কৰাত সহায়ক হৈছে – ‘নিজ দেশক অতিক্ৰম কৰি যোৱা উদাৰ সার্বজনীন ভাৱ; আৰু দ্বিতীয়টো হ’ল বৈজ্ঞানিক মনোবৃত্তিৰ বিকাশ’(পৃ:৯২)।
(৩) তুলনামূলক সাহিত্যৰ মূল উদ্দেশ্য আৰু প্রয়োজন সম্পর্কে লেখাটোত সহজবোধগম্য ৰূপত দাঙি ধৰা হৈছে – ‘বিভিন্ন দেশ-কালৰ নাট মিলাই চালেহে নাটকৰ সামগ্ৰিক ৰূপ এটা ধৰিব পাৰি আৰু প্রত্যেক নাট্যকাৰ আৰু যুগটোৰ আনৰ লগত বিভিন্নতা আৰু ঐক্য হৃদয়ঙ্গম কৰিব পাৰি। যি অকল অসমেকেহে চিনি পায়, তেওঁ অসম-অসমীয়াৰ কথা একোকে নেজানে বুলিব লাগে’(পৃ:৯৫)।
(৪) প্রভাৱমূলক অধ্যয়ন, সাহিত্যৰ বিভিন্ন ধাৰাৰ অধয়ন, বিভিন্ন বিধাৰ অধয়ন, সমান্তৰাল অধ্যয়নৰ উল্লেখেৰে তুলনামূলক সাহিত্য অধ্যয়নৰ পৰিসৰ আৰু পদ্ধতি সম্পর্কে লেখাটোত তলত দিয়া ধৰণেৰে প্রকাশ পাইছে –- ‘কোন দেশৰ পৰা কোন দেশলৈ সাহিত্যৰ সংক্ৰমণ বা পৰিব্ৰজন হৈছে, কোন সাহিত্যই ক’ত কিমান প্রভাৱ পেলাইছে এইবোৰৰ অধ্যয়নো তুলনামূলক সাহিত্যৰ আলোচনাৰ বিষয় হৈ পৰিছে(পৃ:৯৩)…… সাহিত্যৰ বিভিন্ন ধাৰাৰ আধ্যয়নো বর্তমান কালত তুলনামূলক সাহিত্যৰ একোটা বিশেষ বিষয় হৈ পৰিছে(পৃ:৯৩)…….. সাহিত্যিক ৰূপৰ(form) বিকাশ আৰু পৰিবর্তন তুলনামূলক সাহিত্যৰ বিষয়(পৃ:৯৪) ….. মানুহৰ দৃষ্টিভঙ্গীৰ এটা ঐক্য আছে, কেতিয়াবা কাৰো প্রভাৱ নোপোৱাকৈয়ে কবিয়ে বা ৰচকে স্বাধীনভাৱে একোটা কথা কয় বা লেখে আৰু দূৰ দেশৰ বা অতীতকালৰ কথাৰ লগত মিলি যায়’(পৃ:৯৫)।

অসমীয়া ভাষাত তুলনামূলক সাহিত্য সম্পর্কীয় চিন্তা-চর্চাৰ ৰূপৰেখা – ২
ড: প্রফুল্ল কটকীৰ ‘তুলনামূলক সাহিত্য’
তুলনামূলক সাহিত্য সম্পর্কীয় অসমীয়া গ্রন্থৰ ক্ষেত্রত ড: প্রফুল্ল কটকীৰ ১৯৮৯ চনত প্রকাশিত ‘তুলনামূলক সাহিত্য’ নামৰ ৭১ পৃষ্ঠাৰ গ্ৰন্থখন প্রথম। ড: কটকীৰ এই পুথিখনিত সামগ্ৰিকভাৱে তুলনামূলক সাহিত্যৰ লগতে ‘তুলনামূলক ভাৰতীয় সাহিত্য’ (পৃ:৪৫-৫০) আৰু তাৰ মূল ভেটি ভাৰতীয় সাহিত্যৰ সমৰূপতা (পৃ:৩২) সম্পর্কতো বিচাৰ কৰা হৈছে। তুলনামূলক সাহিত্যৰ স্বৰূপ স্পষ্ট কৰিবলৈ যাওঁতে ইয়াৰ ধাৰণাৰ লগত সততে সংপৃক্ত হৈ থকা ‘সাধাৰণ সাহিত্য’, ‘বিশ্বসাহিত্য’ আৰু ‘শাশ্বত সাহিত্য’ সম্পর্কীয় কিছু বিচাৰ-বিমর্শও গ্ৰন্থখনিত সন্নিবিষ্ট হৈছে(পৃ:৩৬-৪২)। ইতিহাসমূলক অধ্যয়ন (পৃ:৩২), বিধাগত(সাহিত্যিক ৰূপৰ) অধ্যয়ন (পৃ:৩৫), প্রভাৱমূলক অধ্যয়ন (পৃ:৪২) আদি তুলনামূলক সাহিত্য অধ্যয়নৰ প্রায়কেইটা দিশৰ পৰিচয়েৰে বিষয়টোৰ মূল মূল প্রকৃতি পাঠকৰ দৃষ্টিগোচৰ কৰা হৈছে। তুলনামূলক সাহিত্যৰ অধ্যয়নত সাহিত্যৰ লগত সাহিত্যভিন্ন অন্য কলা তথা বিজ্ঞান আৰু সমাজবিজ্ঞানৰ বিভিন্ন শাখা সম্পর্কজড়িত কৰাৰ প্রসঙ্গ(পৃ:১৩-১৪)ও উত্থাপিত হৈছে।

এই নতুন বিদ্যায়তনিক বিষয়টোৰ পৰিসৰ সম্পর্কে ড: কটকীয়ে পুথিখনিৰ কেইবা ঠাইতো আলোচনা কৰিছে। এই ক্ষেত্ৰত অতি প্রাসঙ্গিকভাৱেই পাঠক সঁহাৰি(Reader Response), পৰিবেশ-প্রসঙ্গ(Contextuality) আৰু আন্তঃপাঠগততা (Inter-textuality)ৰ বিষয়ে(পৃ:৫৯-৬৬) চর্চা কৰা হৈছে। সাহিত্যৰ যি কোনো ধৰণৰ অধ্যয়নৰ বাবে সাধাৰণ অধ্যয়নকাৰী এজনৰ ক্ষেত্ৰত প্রয়োজনীয় যোগ্যতাৰ অতিৰিক্ত তুলনামূলক সাহিত্যৰ অধ্যয়নৰ বাবে প্রয়োজন হোৱা বিশেষ যোগ্যতাৰ সম্পর্কতো কিঞ্চিৎ বিচাৰ পুথিখনিত আগবঢ়োৱা হৈছে। তুলনামূলক সাহিত্যত অনুবাদৰ অপৰিহার্য্যতাৰ প্রতি দৃষ্টি ৰাখি অনুবাদ সম্পর্কীয়(পৃ:৫০-৫৯) আলোচনাও তাত সন্নিবিষ্ট কৰা হৈছে।
সামগ্ৰিক ৰূপত ক’বলৈ গ’লে ড: কটকীৰ কিতাপখনত তুলনামূলক সাহিত্যৰ ভিন ভিন সম্প্রদায় আৰু ইয়াৰ অধ্যয়নৰ পদ্ধতিৰ বাহিৰে কিতাপখনৰ ৰচনাৰ সময়লৈকে বিষয়টো সম্পর্কে চর্চালৈ অহা প্রায় গোটেইখিনি প্রসঙ্গই সংক্ষিপ্তভাৱে স্থান লাভ কৰিছে। অৱশ্যে উদ্দেশ্য আৰু পৰিসৰৰ ক্ষেত্ৰত বিষয়টোৰ গুণগত পৰিচয়তকৈ বহু সময়ত তুলনামূলক সাহিত্যৰ অন্তর্গতভাৱে স্থান লাভ কৰিব পৰা অধ্যয়নৰ উদাহৰণেহে অধিক স্থান দখল কৰা যেনো বোধ হয়।

উল্লখযোগ্য যে ১৯৯৭ চনত শ্রদ্ধেয় ড: কটকী ডাঙৰীয়াৰ ‘অনুবাদ পৰিক্রমা’ নামেৰে ৬৩ পৃষ্ঠাৰ কেৱল অনুবাদ সম্পর্কীয় চিন্তা-চর্চাসম্বলিত অন্য এখন পুথি প্রকাশ পাইছিল। পাছলৈ কোনোবা সময়ত তুলনামূলক সাহিত্য সম্পর্কীয় ১৯৮৯চনৰ পুথিখন আৰু অনুবাদ সম্পর্কীয় এইখন পুথি – দুয়োখন মিলাই ‘তুলনামূলক সাহিত্য আৰু অনুবাদ বিচাৰ’ নামেৰে প্রকাশ পাইছিল।

অসমীয়া ভাষাত তুলনামূলক সাহিত্য সম্পর্কীয় চিন্তা-চর্চাৰ ৰূপৰেখা –৩
(ক) শৈক্ষিক বিষয়ৰ ৰূপত অসমত তুলনামূলক সাহিত্যঃ
এক শৈক্ষিক বিষয় হিচাপে তুলনামূলক সাহিত্যৰ প্রবেশ অসমত ‘তুলনামূলক ভাৰতীয় সাহিত্য’ৰ ৰূপত ঘটে। তুলনামূলক সাহিত্যই গ্রহণ কৰা দৃষ্টিভঙ্গী তথা বিচাৰ পদ্ধতিৰে ভাৰতীয় সাহিত্যৰ অধ্যয়নে ইতিমধ্যে এই নামেৰে পৰিচয় লাভ কৰি ভাৰতৰ কোনো কোনো বিশ্ববিদ্যালয়ৰ এম.ফিল পাঠ্যক্রমত স্থান লাভ কৰিছিল। কিন্তু স্নাতকোত্তৰ পর্য্যায়ত তুলনামূলক ভাৰতীয় সাহিত্যৰ সর্বপ্রথম অন্তর্ভুক্তি ঘটিছিল(১৯৯৩) অসমৰ ডিব্রুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত। অসমীয়া সাহিত্য সম্পর্কীয় চিন্তা আৰু শিক্ষাত সাহিত্য অধ্যয়নৰ এই দৃষ্টিভঙ্গীৰ গুৰুত্ব উপলব্ধি, গ্রহণ কৰিব লগীয়া পন্থা সম্পর্কীয় চিন্তা-চর্চা তথা বাস্তব ৰূপায়ণ – কেউটি দিশৰে পৰা এই বিষয়ত ডঃ নগেন শইকীয়াৰ ভূমিকা অনন্য আৰু প্রায় একক বুলিব পাৰি।

যজ্ঞেশ্বৰ শর্মা আৰু ডঃ প্রফুল্ল কটকীৰ তুলনামূলক সাহিত্য সম্পর্কীয় ৰচনাই এই সময়লৈকে অসমত যথোচিতভাবে প্রচাৰ-বিস্তাৰ লাভ কৰিব পৰা বুলিব নোৱাৰি*। ১৯৯২ চনৰ ডিচেম্বৰ মাহত ডিব্রুগড় বিশ্ববিদ্যালয়ত ডঃ নগেন শইকীয়াৰ উদ্যোগত তুলনামূলক সাহিত্য সম্পর্কীয় এখনি (যত দূৰ মনত পৰে দুদিনীয়া) কর্মশালাৰ আয়োজন কৰি তদানীন্তন ভাৰতৰ আগশাৰীৰ প্রায় আটাইকেইজন তুলনাবিশাৰদ(ইন্দ্রনাথ চৌধুৰী, শিশিৰ কুমাৰ দাস, অমিয় দেব, স্বপন মজুমদাৰ, কে. আয়াপ্পা পাণিকৰ, চন্দ্র মোহন)ৰ দিগদর্শনত মুঠ ৮খন প্রশ্নপত্র থকা স্নাতকোত্তৰ পাঠ্যক্রমৰ ভিতৰত অন্তিম বর্ষৰ তিনিখন প্রশ্নপত্রৰ বাবে তুলনামূলক ভাৰতীয় সাহিত্যৰ পাঠ্যক্রমৰ খচৰা নির্মাণ কৰা হৈছিল। ১৯৯৩ চনৰ পৰা ইয়াৰ পাঠদান আৰম্ভ হৈছিল।

(*কর্মশালাখনিত তুলনামূলক সাহিত্যৰ উল্লিখিত একাধিক অসমৰ বাহিৰৰ পণ্ডিতে ডঃ প্রফুল্ল কটকী আৰু তেখেতৰ কিতাপখনৰ নাম উল্লেখ কৰাৰ পৰাহে আমি(নীৰাজনা মহন্ত বেজবৰা) আৰু উপস্থিত প্রায়খিনিয়ে সেই বিষয়ে জানিব পাৰিছিলোঁ। ১৯৮৫ চনৰ জুন-জুলাই মাহত আমি যজ্ঞেশ্বৰ শর্মা ডাঙৰীয়াক কেইবাবাৰো লগ পোৱাৰ সুযোগ পাইছিলোঁ। তেখেতে আমাক তুলনামূলক সাহিত্যৰ বিষয়ে চিন্তা-চর্চা কৰাৰ পৰামর্শও দিছিল। অথচ নিজৰ চর্চা বা লেখাটোৰ বিষয়ে উল্লেখ কৰা নাছিল। দুয়োজন মহীৰূহৰ প্রচাৰবিমুখতা তথা আমাৰ অজ্ঞানতাৰ বাবেই ১৯৯২ চনৰ ডিচেম্বৰ মাহত এই কর্মশালা অনুষ্ঠিত হোৱাৰ আগতে ‘তুলনাত্মক সাহিত্য : এটি দৃষ্টিপাত’(দৈনিক জনমভূমি, ২৭-৯-১৯৯২) আৰু ‘তুলনামূলক সাহিত্য : প্রকৃতি আৰু প্রয়োজন’(নতুন দৈনিক,২৭-১০-১৯৯২) নামেৰে প্রকাশিত আমাৰ লেখা দুটা এই দুইজনৰ পথিকৃৎ চিন্তাৰ পৰা বঞ্চিত হ’ব লগীয়া হৈছিল।)

অসমীয়া ভাষাত তুলনামূলক সাহিত্য সম্পর্কীয় চিন্তা-চর্চাৰ ৰূপৰেখা –৩(খ)
ড: কটকীৰ ‘তুলনামূলক সাহিত্য’ৰ পিছত ১৯৯৪ চনৰ মার্চ আৰু নবেম্বৰ মাহত ড: নীৰাজনা মহন্ত বেজবৰাৰ ক্রমে ‘তুলনামূলক সাহিত্য আৰু সাহিত্যিক গৱেষণা’ তথা ‘তুলনামূলক সাহিত্য : সিদ্ধান্ত আৰু প্রয়োগ’ নামেৰে দুখন পুথি প্রকাশ পায়। প্রথমখনিত সন্নিবিষ্ট সাতোটি লেখাৰ ভিতৰত সাহিত্যৰ গৱেষণা সম্পর্কীয় দুটা লেখাক বাদ দি বাকী পাঁচোটা লেখাত প্রত্যক্ষ(তুলনামূলক সাহিত্য, ভাৰতীয় সাহিত্যৰ তুলনামূলক গৱেষণা) অথবা পৰোক্ষ (ভাৰতীয় সাহিত্যৰ ঐক্যসূত্ৰ, অনুবাদ : এক পুনঃসৃজন প্রক্ৰিয়া, সাহিত্যৰ অনুবাদ)ভাৱে তুলনামূক সাহিত্য আৰু তুলনামূলক ভাৰতীয় সাহিত্যৰ সম্পর্কত বিচাৰ আগবঢ়োৱা হৈছে। সামগ্রিক ৰূপত চাবলৈ গ’লে এইখন কিতাপৰ কথা তুলনামূলক সাহিত্যৰ চর্চাৰ ক্ষেত্রত ইয়াৰ আগৰ যজ্ঞেশ্বৰ শর্মাৰ প্রবন্ধ তথা ড: কটকীৰ কিতাপত থকা চিন্তা-চর্চাক আগবঢ়াই নিয়া ধৰণৰ কিতাপ বুলি ক’ব নোৱাৰি। বৰঞ্চ ‘এই বিধ খেতি আমিও কৰিব লাগে’ বুলি অনুপ্রাণিত হৈ ‘কেনেকৈ কি পদ্ধতিৰে সেই বিধ খেতি হ’বলৈ ধৰিছে নজনাকৈয়ে মাটিখিনি চহাই থওঁ’ বুলি কৰা কামৰ লেখিয়াহে বোলাটো অধিক সঙ্গত হ’ব।

তুলনামূলক সাহিত্যৰ পৃষ্ঠভূমিৰ প্রসঙ্গৰে আৰম্ভ কৰা ‘তুলনামূলক সাহিত্য : সিদ্ধান্ত আৰু প্রয়োগ’ নামৰ তুলনামূলক সাহিত্যৰ বিষয়ে প্রকাশ পোৱা তৃতীয়খন অসমীয়া পুথি ‘তুলনামূলক সাহিত্যৰ প্রকৃতি আৰু পৰিচয়’, ‘তুলনামূলক সাহিত্য অধ্যয়নৰ কেইটিমান দিশ’ আৰু ‘তুলনামূলক ভাৰতীয় সাহিত্য’ – শীর্ষক তিনিটা অধ্যায়ত বিভক্ত। তুলনামূলক সাহিত্য অধ্যয়নৰ পদ্ধতি আৰু সম্প্রদায় সম্পর্কীয় প্রসঙ্গৰ সংযোজনৰ বাহিৰে এইখন কিতাপৰ প্রথম আৰু দ্বিতীয় অধ্যায়ত ড: কটকীৰ কিতাপত থকা দিশসমূহেই আলোচিত হৈছে। অৱশ্যে তৃতীয় অধ্যায়ত তুলনামূলক সাহিত্যৰ ভাৰতীয় চিনাকি বা ভাৰতীয় স্বৰূপ ‘তুলনামূলক ভাৰতীয় সাহিত্য’ৰ মূল মূল দিশ কেইটা অধিক বিস্তৃতভাৱে দাঙি ধৰা হৈছে। সামগ্ৰিক ৰূপত ক’বলৈ গ’লে বিষয়টোৰ সম্পর্কত সেই সময়লৈকে চর্চালৈ অহা প্রায় সকলো দিশ সামৰি যথাসম্ভৱ শৃংখলাবদ্ধভাৱে চমুকৈ উপস্থাপনৰ যত্ন কৰা হোৱা সত্ত্বেও প্রকাশভঙ্গীৰ জটিলতাৰ বাবে কিতাপখনৰ কিছুমান প্রসঙ্গ পাঠকৰ বাবে সহজবোধগম্য হৈ উঠা বুলিব নোৱাৰি।

[আনুষঙ্গিক --- ১৯৯২ চনৰ পৰা ১৯৯৭ চনলৈ পণ্ডিতপ্রবৰ অধ্যাপক মুকুন্দ মাধৱ শর্মা ডিব্রুগড় বিশ্ববিদ্যালয়ৰ উপাচার্য্য পদত আছিল। অসমত তুলনামূলক সাহিত্যৰ ভেটি বন্ধাৰ ক্ষেত্রত আমি তেখেতৰ পৰোক্ষ অৱদান অনুভৱ কৰোঁ। ১৯৯২ চনত অসমীয়া বিভাগত অনুষ্ঠিত কর্মশালাত তেখেতে মোক ‘নগেন শইকীয়াই এইটো ডাঙৰ যজ্ঞ আৰম্ভ কৰিছে। তুমি তাত সাধ্যানুসৰি আহুতি দিবলৈ সাজু হোৱাঁ’ বুলি উৎসাহ যোগাইছিল। ‘শৈক্ষিক বিষয় এটা নতুনকৈ আৰম্ভ কৰিলে সেই বিষয়ত দুটা কাৰণত যথেষ্ট লিখা-মেলা হোৱাৰ দৰকাৰ’ বুলি কৈ তেখেতে তাৰ দ্বাৰা ‘সমাজখনক নতুন বিষয়টোৰ লগত পৰিচয় কৰাই তাৰ অধ্যয়নৰ বাবে পৃষ্ঠভূমি তৈয়াৰ কৰা’ আৰু ‘ছাত্রই পঢ়িব লগীয়া বিষয়সমূহ সহজতে পাব পৰা কৰা’ৰ কথা কৈছিল।]

অসমীয়া ভাষাত তুলনামূলক সাহিত্য সম্পর্কীয় চিন্তা-চর্চাৰ ৰূপৰেখা –৪
১৯৯৯ চনত প্রকাশিত ‘তুলনামূলক ভাৰতীয় সাহিত্য’ নামৰ পুথিখন অসমীয়া ভাষাত তুলনামূলক সাহিত্য সম্পর্কীয় চিন্তা-চর্চাৰ চতুর্থখন পুথি। তুলনামূলক সাহিত্য হ’ল অঙ্গী আৰু তুলনামূলক ভাৰতীয় সাহিত্য তাৰ অঙ্গ স্বৰূপ। নীৰাজনা মহন্ত বেজবৰাৰ এই পুথিখনিত প্রথমতে মূল অঙ্গীৰ ৰূপত তুলনামূলক সাহিত্যৰ সাধাৰণ পৰিচয় আগবঢ়োৱাৰ পাছত দ্বিতীয় অধ্যায়ত তুলনামূলক ভাৰতীয় সাহিত্যৰ পৰিচয় আৰু প্রাসঙ্গিকতা সম্পর্কীয় বিষয়ৰ অৱতাৰণা কৰা হৈছে। তৃতীয় অধ্যায়ত চর্চালৈ অনা ভাৰতীয় সাহিত্যৰ তুলনামূলক ইতিহাস, অর্থাৎ তুলনামূলক পদ্ধতিৰে একক ৰূপত ভাৰতীয় সাহিত্যৰ ঐতিহাসিক পৰিচয় প্রস্তুত কৰাৰ প্রচেষ্টা অসমীয়া ভাষাত এয়ে প্রথম। পুথিখনিৰ চতুর্থ অধ্যায়ত একক ৰূপত ভাৰতীয় সাহিত্যৰ ধাৰণা গ্ৰহণৰ দিশত সহায়ক হোৱাকৈ আধুনিক ভাৰতীয় সাহিত্যৰ পৰা প্রতিনিধিত্বমূলকভাৱে কেইটামান গল্প আৰু এখনি উপন্যাসৰ পৰিচয়সূচক আলোচনা আগবঢ়োৱা হৈছে। তুলনামূলক ভাৰতীয় সাহিত্য আৰু লগতে তাৰ মূল উৎস তুলনামূলক সাহিত্যৰো সাধাৰণ ধাৰণা পাঠক সমাজত স্পষ্ট কৰাৰ ক্ষেত্ৰত এইখনি পুথিৰ প্রকাশভঙ্গী ড: কটকীয়ে ৰচনা কৰা তথা একে লেখিকাৰে আগৰ দুখন পুথিৰ তুলনাত সহজ আৰু সৰল।

২০০২ চনত প্রকাশ পোৱা অসমীয়া ভাষাৰ তুলনামূলক সাহিত্য সম্পর্কীয় পঞ্চমখন গ্ৰন্থ ‘পটভূমিকাত তুলনামূলক সাহিত্য’ত বিষয়টো সম্পর্কত পূর্বতকৈ বিশ্লেষণধর্মী তথা কার্য্যকৰী চিন্তা-চর্চা পৰিলক্ষিত হয়। তিনিটা খণ্ডত বিভক্ত গ্ৰন্থখনৰ প্রথমটো খণ্ডত ভাৰতীয় তথা অসমীয়া সাহিত্যৰ বিশেষ সন্দর্ভত তুলনামূলক সাহিত্যৰ প্রাসঙ্গিকতা আৰু দায়বদ্ধতা, তুলনামূলক সাহিত্যৰ প্রকৃত স্বৰূপ আৰু তাৰ ভাৱশক্তি বা মেজাজৰ শুদ্ধ আৰু সঙ্গত উপলব্ধিৰ অভাৱৰ বাবে বিদ্যায়তনিক জগতত সৃষ্টি হ’ব পৰা পৰিণাম, সাহিত্য শিক্ষাৰ প্রকৃত উদ্দেশ্য পূৰণৰ ক্ষেত্ৰত তুলনামূলক সাহিত্যৰ অপৰিহার্য্যতা, তুলনামূলক সাহিত্যৰ হাতত হাত ধৰি আগবঢ়া এক বিশেষ বিদ্যায়তনিক বিষয় ‘সাহিত্যৰ সমাজশাস্ত্ৰ(সমাজতত্ত্ব), তুলনামূলক দৃষ্টিভঙ্গীৰে বিভিন্ন যুগৰ অসমীয়া অনুবাদ সাহিত্যৰ গতিবিধি নিৰীক্ষণ আদি প্রসঙ্গই ঠাই পাইছে। গ্ৰন্থৰ দ্বিতীয় খণ্ডত প্রস্তুত কৰা ভাৰতীয় সাহিত্যৰ তুলনামূলক অধ্যয়নে তুলনামূলক সাহিত্যত প্রয়োগ হোৱা বিভিন্ন অধ্যয়ন পদ্ধতিৰ প্রয়োগিক গতি-বিধি পোহৰলৈ আনিছে আৰু তৃতীয় খণ্ডত ভাৰতীয় সাহিত্যৰ বিভিন্ন ধাৰা, সাহিত্যিক তথা সাহিত্যৰূপ সম্পর্কীয় আলোচনা সন্নিবিষ্ট হৈছে। এইখন গ্ৰন্থও ড: নীৰাজনা মহন্ত বেজবৰাই ৰচনা কৰা।

অসমীয়া ভাষাত তুলনামূলক সাহিত্য সম্পর্কীয় চিন্তা-চর্চাৰ ৰূপৰেখা – ৫
২০০৩ চনত ক্ৰমে এপ্ৰিল আৰু নৱেম্বৰ মাহত তুলনামূলক সাহিত্য সম্পর্কে দুখন গ্ৰন্থ প্রকাশ পায়। প্রথমখন ড: কৰবী ডেকা হাজৰিকাই আৰু আনখন ড: দিলীপ বৰাই ৰচনা কৰিছে। ‘তুলনামূলক সাহিত্য আৰু অনুবাদ কলা’ নামেৰে ‘ক’ ‘খ’ আৰু’গ’ তিনিটা অধ্যায়ত ভাগ কৰা প্রথমখন গ্ৰন্থৰ অধ্যায়-‘ক’ত তুলনামূলক সাহিত্য সম্পর্কীয় আলোচনা আগবঢ়োৱা হৈছে। ১০টা শীর্ষকত বিভক্ত এই অধ্যায়টিত ‘পৰিভাষাৰ প্রয়োগ’ শীর্ষকেৰে তুলনামূলক সাহিত্যত প্রয়োগ হোৱা পৰিভাষা সম্পর্কীয় চিন্তা-চর্চা এই বিষয়ৰ পূর্বতে প্রকাশিত গ্ৰন্থসমূহত বাদ পৰি যোৱা আৰু নিসন্দেহে নতুন তথা আৱশ্যকীয় সংযোজন। কিন্তু তুলনামূলক সাহিত্যৰ লগত জড়িত বাকী আলোচনাত অনেক ক্ষেত্ৰতে কিছু অস্পষ্টতা আৰু ঠায়ে ঠায়ে বিষয়টোৰ মূল বৈশিষ্ট্যৰ পৰা ফালৰি কাটি যোৱা ধৰণৰ ব্যাখ্যা দৃষ্টিগোচৰ হয়। বহু ঠাইত সাধাৰণ তুলনামূলক অধ্যয়ন আৰু ‘তুলনামূলক সাহিত্য’ একাকাৰ কৰি পেলোৱাৰ কাৰণে তুলনামূলক সাহিত্যৰ নিজস্ব ব্যক্তিত্ব স্পষ্ট হৈ উঠাত বাধা আহি পৰিছে। ‘এই কথা ঠিক যে জিলিকি থকা নাম আৰু প্রতিভাৰ অবিহনে তুলনামূলক অধ্যয়ন সার্থক হৈ নুঠে’ (পৃ:৩) আৰু তেনেকৈয়ে তুলনামূলক সাহিত্যৰ বাবে ‘উচ্চ পর্য্যায়ৰ শ্ৰেষ্ঠ লেখকৰ ৰচনা’ (পৃ:৩), ‘জনপ্রিয় আৰু প্রতিষ্ঠিত কবিৰ কবিতা’ (পৃ:৭) আদি ধৰণৰ ধাৰণা তুলনামূলক সাহিত্যত গ্ৰহণযোগ্য নহয়। এই ক্ষেত্ৰত গ্ৰন্থখনত (পৃ:৩) ‘Charles Augustin Sainte Beuve’ নামৰ ফৰাচী সমালোচকজনে শ্ৰেষ্ঠ (তথাকথিত?) লেখক কিছুমানৰ তালিকা কৰি তেনে লেখকৰ মাজতহে তুলনা সম্ভৱ বুলি কোৱাৰ প্রসঙ্গ উল্লেখ কৰা হৈছে। কিন্তু স্মৰণযোগ্য যে তুলনামূলক সাহিত্য সম্পর্কে স্পষ্ট ধাৰণাৰ উদ্ভৱ ঘটা(১৮৮৬ চনত Hutcheson Macaulay Posnett নামৰ সাহিত্য আলোচকৰ ‘Comparative Literature’ নামৰ গ্ৰন্থখনৰ প্রকাশ)ৰ ১৭ বছৰৰ আগতেই সেইজন লেখকৰ মৃত্যু ঘটিছিল।

তুলনামূলক সাহিত্যৰ দ্বাৰা লেখক বা ৰচনাৰ উৎকৃষ্টতা-নিকৃষ্টতা বিচাৰি উলিওৱাৰ নিচিনা এটা সুৰ গ্ৰন্থখনিত অনুৰণিত হোৱা যেন লাগে(একে বিধাৰ চহকী অথবা হীন অৱস্থা সহজে জুখি উলিয়াব পৰা যায় পৃ:৩)। তুলনামূলক সাহিত্য সম্পর্কে এইটো ধাৰণাও উচিত ধাৰণা নহয়। গ্ৰন্থখনত আন কিছুমান ধাৰণাইও বিদ্যায়তনিক জগতক বিভ্ৰান্তিত পেলায়। উদাহৰণ স্বৰূপে ‘কেতিয়াবা সম্পূর্ণ যোগসূত্ৰ নথকা দুবিধ বিষয়ৰ মাজতো তুলনা কৰা হয়’ (পৃ:৫) বুলি তুলনামূলক সাহিত্যৰ সাদৃশ্য সম্বন্ধমূলক পদ্ধতিৰ মূল প্রয়োগ ক্ষেত্ৰক (parallel) ‘কেতিয়াবা’ৰ পর্য্যায়লৈ লৈ যোৱা; ‘সাহিত্যৰ কেইটামান তত্ত্ব কেৱল তুলনামূলক অধ্যয়ন পদ্ধতিৰদ্বাৰাহে বুজি পাব পাৰি, যেনে - অনুবাদতত্ত্ব’ (পৃ:৭) বুলি ‘অনুবাদতত্ত্ব’ক ‘সাহিত্যৰ তত্ত্ব’ৰ অন্তর্ভুক্ত কৰা তথা ‘অনুবাদতত্ত্ব’ ‘কেৱল তুলনামূলক অধ্যয়ন পদ্ধতিৰ দ্বাৰাহে বুজি পাব’ পৰা বুলি কোৱা আদি ধৰণৰ উক্তি বা ধাৰণাই তুলনামূলক সাহিত্য তথা অনুবাদতত্ত্ব দুয়োটা বিষয় সম্বন্ধীয় চিন্তাত আউল লগায়।

ড: দিলীপ বৰাৰ ‘তুলনাত্মক সাহিত্য’ নামৰ পুথিখন দুটা ভাগত বিভক্ত। প্রথমভাগত তুলনামূলক সাহিত্যৰ তাত্ত্বিক দিশত আলোকপাত কৰি দ্বিতীয় ভাগত বাংলা আৰু হিন্দী সাহিত্যৰ কেইটিমান আলোচনা সন্নিবিষ্ট কৰা হৈছে। বিষয়টোৰ সংজ্ঞা, পদ্ধতি, ইয়াৰ অন্তর্গত সম্প্রদায়সমূহ, সাহিত্যৰ অধ্যয়নত ইয়াৰ কার্য্যকৰী প্রয়োগ, ভাৰতীয় সাহিত্যৰ প্রেক্ষাপটত তুলনামূলক সাহিত্য, অনুবাদ আদি প্রসঙ্গসমূহ প্রায় পূর্বতে প্রকাশিত গ্ৰন্থ কেইখনৰ নিচিনাকৈয়ে আলোচিত হৈছে। কিন্তু গ্ৰন্থৰ আৰম্ভণিতে ‘তুলনাত্মক সাহিত্য : ঐতহাসিক প্রেক্ষাপট’ শীর্ষকেৰে তুলনামূলক সাহিত্যৰ উৎপত্তি, বিকাশ আৰু প্রতিষ্ঠাক সমাজ পৰিবর্তনৰ লগত জড়িতভাৱে চোৱাৰ প্রয়াস বিষয়টোৰ কাৰণ-কার্য্যকে ধৰি মূল স্বৰূপটো স্পষ্ট কৰি তোলাৰ ক্ষেত্ৰত অধিক সহায়ক যেন হৈছে। সেইদৰে ‘তুলনাত্মক সাহিত্য : সংকট আৰু সম্ভাৱনা’ শীর্ষকত তুনামূলক সাহিত্যত থকা কিছুমান অস্পষ্টতা আৰু অব্যাৱহাৰিকতা সত্ত্বেও তাৰ লক্ষ্য আৰু পদ্ধতিত নিহিত হৈ থকা গুৰুত্ব আৰু আৱশ্যকতা সম্পর্কে উপযুক্ত বিশ্লেষণ আগবঢ়োৱা হৈছে।

অসমীয়া ভাষাত তুলনামূলক সাহিত্য সম্পর্কীয় চিন্তা-চর্চাৰ ৰূপৰেখা – ৬
ড: প্রফুল্ল কুমাৰ নাথে ৰচনা কৰা ‘তুলনামূলক ভাৰতীয় সাহিত্য : বিচাৰ আৰু বিশ্লেষণ’ নামৰ পুথিখন প্রকাশ পায় ২০০৫ চনত। দুটা খণ্ডত বিভক্ত পুথিখনিৰ প্রথম খণ্ডটি ‘তুলনামূলক সাহিত্য : বিচাৰ আৰু বিশ্লেষণ’ বুলি নামকৰণ কৰি তাকো আকৌ তিনিটা অধ্যায়ত ভাগ কৰা হৈছে। প্রথম অধ্যায়ত তুলনামূলক সাহিত্যৰ মূল মূল তাত্ত্বিক প্রসঙ্গ কেইটাৰ অৱতাৰণা কৰি পিছৰ দুটা অধ্যায়ত ভাৰতীয় সাহিত্যৰ পৰা মুঠ আঠোটা তুলনামূলক অধ্যয়ন আগবঢ়োৱা হৈছে। কিন্তু এই অধ্যয়ন কেইটাত তুলনামূলক সাহিত্যৰ অধ্যয়ন পদ্ধতিৰ প্রয়োগৰ পৰিবর্তে সাধাৰণভাৱে সাদৃশ্য-বৈসাদৃশ্যৰ অনুসন্ধানহে কৰা হৈছে। দ্বিতীয় খণ্ডৰ নামকৰণ ‘ভাৰতীয় সাহিত্য সংকলন’ বুলি কৰা হৈছে। নামকৰণে ভাৰতীয় সাহিত্যৰ এক নির্বাচিত সংগ্ৰহৰ অর্থ বহন কৰে যদিও অৱশ্যে ছয়টা অধ্যায়ত বিভক্ত এই খণ্ডটিত কার্য্যক্ষেত্ৰত নির্বাচিত ভাৰতীয় সাহিত্যৰ আলোচনাহে আগবঢ়োৱা হৈছে। সি যি কি নহওক, পুথিখনিৰ ‘গ্ৰন্থকাৰৰ নিবেদন’ৰ পৰা ধৰি তুলনামূলক সাহিত্যৰ পৰিচয় তথা স্বৰূপ নির্ণয়ৰ ক্ষেত্ৰত কিছু অস্পষ্টতা আৰু বেমেজালি [তুলনামূলক সাহিত্যৰ বিষয়ে ‘দৰাচলতে ই সাহিত্যৰ এটা স্বতন্ত্ৰ বিভাগ’ (গ্ৰন্থকাৰৰ নিবেদন) বুলি লিখা আদি ধৰণৰ] দৃষ্টিগোচৰ হয়।

২০০৮ চনত প্রকাশ পোৱা ‘তুলনামূলক সাহিত্য : বিকাশ আৰু বিবর্তন’ নামৰ গ্ৰন্থখন ড: কৰবী ডেকা হাজৰিকা আৰু ড: পল্লৱী ডেকা বুজৰবৰুৱাই যুটীয়াভাৱে ৰচনা কৰিছে। গ্ৰন্থখন ক্ৰমে ‘তুলনামূলক সাহিত্য’, ‘তুলনামূলক ভাৰতীয় সাহিত্য’, ‘অনুবাদ’ আৰু ‘তুলনামূলক বিচাৰ পদ্ধতি : প্রয়োগ কৌশল’ – এই চাৰিটা খণ্ডত বিভক্ত। ‘তুলনামূলক সাহিত্য আৰু আন্তঃসাংস্কৃতিক সম্পর্ক’(প্রথম খণ্ড), ‘বিশ্ব সংস্কৃতি আৰু বিশ্ব সাহিত্যৰ লগত ভাৰতীয় সংস্কৃতিৰ সম্পর্ক’(দ্বিতীয় খণ্ড), ‘বিশ্বসাহিত্য আৰু ভাৰতীয় চিন্তা’(দ্বিতীয় খণ্ড) আৰু ‘পাশ্চাত্যৰ প্রভাৱ আলোকিত তুলনামূলক ভাৰতীয় সাহিত্য’(দ্বিতীয় খণ্ড) শীর্ষক আলোচনাকেইটাৰে তুলনামূলক সাহিত্যৰ আন্তঃসাংস্কৃতিক লক্ষণ, তুলনামূলক সাহিত্যৰ বিশ্বাত্মক বা বিশ্বমুখী ধাৰণা বা বিশ্বমুখী লক্ষ্য তথা ভাৰতৰ ঔপনিবেশিক স্থিতিৰ পৰিপ্রেক্ষিতত তুলনামূলক সাহিত্য – এই তিনিটা গুৰুত্বপূর্ণ দিশ অন্তর্ভুক্ত কৰি গ্ৰন্থখনিত অতি উপযুক্তভাৱেই অসমীয়া ভাষাৰ তুলনামূলক সাহিত্য সম্পর্কীয় চিন্তাক পূর্বতকৈ অধিক পৰিপুষ্টি দিবলৈ বিচৰা হৈছে। কিন্তু গ্ৰন্থখনৰ অধিকাংশই লেখকৰ ফালৰ পৰা ধাৰণাগত অস্পষ্টতা আৰু পাঠকৰ বাবে দুবোর্ধ্যতাৰে আক্ৰান্ত। উদাহৰণ স্বৰূপে তুলনামূলক সাহিত্যৰ ধাৰণাৰ আধাৰ স্পষ্ট কৰিবলৈ গৈ ‘তুলনামূলক সাহিত্যৰ তত্ত্ব ৰূপত বিকাশ’(পৃ:৯) বুলি এটা উপশীর্ষক ৰখা হৈছে। তুলনামূলক সাহিত্য সম্পর্কীয় তত্ত্ব থাকিব পাৰে বা আছে, কিন্তু ‘তুলনামূলক সাহিত্য’কে স্বয়ং তত্ত্ব বুলি দেখুওৱাৰ কথাটোত অসুবিধা আছে। ধাৰণাৰ অস্পষ্টতাৰ বাবেই সম্ভৱতঃ তুলনামূলক সাহিত্যৰ পাৰিভাষিক শব্দ কিছুমান [ঐতিহাসিকতামূলকতা--Historiographic, সংগ্ৰহণমূলক--Receptiveness, ইতিবাচক সঁহাৰিমূলক–Constructive responseable (পৃ:১৫); সামাজিক ভাষিকতা–Socio-linguistic, বর্ণনাত্মক ভাষিকতা--descriptive linguistic, সাহিত্যিক সুদৃশ্যতা–Literary stylistic(পৃ:৬৩)] পাঠকক বিষয়ৰ ধাৰণা স্পষ্ট কৰাৰ সলনি ধাৰণাত আউল লগোৱা ধৰণৰ হৈছে। বিষয়বস্তু, থিম(theme), মটিফ(motif) আদি সম্পর্কীয় ধাৰণাৰ ক্ষেত্ৰতো খেলিমেলি দেখা যায়। গ্ৰন্থখনৰ শেষ অধ্যায়ত সংযোজিত ‘তুলনামূলক বিচাৰ পদ্ধতিৰ প্রয়োগ কৌশল’-এ তুলনামূলক সাহিত্যৰ অধ্যয়ন পদ্ধতি প্রয়োগৰ আর্হি দেখুৱাব পৰা নাই।

অসমীয়া ভাষাত তুলনামূলক সাহিত্য সম্পর্কীয় চিন্তা-চর্চাৰ ৰূপৰেখা – ৭
২০১৩ চনত ড: পল্লৱী ডেকা বুজৰবৰুৱাই ৰচনা কৰা ‘তুলনামূলক সাহিত্যতত্ত্ব’ নামৰ এখন গ্ৰন্থ প্রকাশ পায়। ‘সাহিত্যতত্ত্ব’ [অর্থাৎ সাহিত্যশাস্ত্ৰ অথবা কাব্যতত্ত্ব (poetics)] বিশেষ্য শব্দৰ আগত থকা ‘তুলনামূলক’ বিশেষণ শব্দটোৱে কিতাপখন ‘Comparative poetics’ সম্পর্কীয় হোৱাৰ কথাটোহে সূচায় যদিও কার্য্যক্ষেত্ৰত কিতাপখনৰ ভিতৰত ‘তুলনামূলক সাহিত্য’ সম্পর্কীয় বিষয় সন্নিবিষ্ট হোৱাৰ কাৰণে অসমীয়া ভাষাত তুলনামূলক সাহিত্যৰ চর্চাৰ অন্তর্গতভাৱে গ্ৰন্থখনক আলোচনালৈ অনা হৈছে। চাৰিটা অধ্যায়ত বিভক্ত গ্ৰন্থখনত প্রথমতে তুলনামূলক সাহিত্যৰ তাত্ত্বিক দিশৰ চর্চা আগবঢ়াই দ্বিতীয় অধ্যায়ত তুলনামূলক ভাৰতীয় সাহিত্য সম্পর্কীয় চিন্তা-চর্চা সন্নিবিষ্ট কৰা হৈছে। প্রথম অধ্যায়ৰ অন্তর্গত ‘তুলনামূলক সাহিত্য ধাৰণাৰ উৎস আৰু ইতিহাস’ শীর্ষকত অসমীয়া গ্ৰন্থত আগতে আলোচনালৈ নহা কিছুমান নতুন প্রসঙ্গও সংযোজিত হৈছে। সৰল প্রকাশভঙ্গীৰে বর্ণিত এইখিনি কথা তুলনামূলক সাহিত্য সম্পর্কীয় ধাৰণা গ্ৰহণৰ ক্ষেত্ৰত পাঠকৰ বাবে যথেষ্ট সহায়ক হ’ব পৰা ধৰণৰ। কিন্তু এই শীর্ষকৰে শেষৰ ফালৰ পৰা ক্ৰমে পাছৰ অধ্যায়ৰ আলোচনালৈকে বুলি তুলনামূলক সাহিত্য আৰু সাধাৰণ তুলনামূলক অধ্যয়ন দুয়োটাকে একাকাৰ কৰি পেলোৱাৰ লগতে ক্ষেত্ৰ বিশেষে তুলনামূলক সাহিত্যক যেন একেবাৰে কাহানিও ভাঙিব নোৱৰা নাৰিকলত পৰিণত কৰি পেলোৱা হৈছে –‘বর্তমান কেতিয়াও অননুবাদ্য ভিন্ন ভাষা, সংস্কৃতি, ইতিহাস পৰিৱেশৰ স্বতন্ত্ৰতা উদ্ধাৰত তুলনামূলক সাহিত্যই গুৰুত্ব দিবলৈ ধৰিছে। তুলনামূলক অধ্যয়নে আনকি শিল্পকলাৰ বিভিন্ন প্রকাৰ(Genre)সমূহৰ মাজত সৃষ্টি হোৱা পৰস্পৰ বিচ্ছিন্নতাৰ জাগৰণৰ লগতে কোনো বিশেষ শিল্পীৰ ব্যক্তিগত প্রতিভা, অভিজ্ঞতা আৰু যোগ্যতা চিহ্নিত কৰা স্বতন্ত্ৰতা, অর্থাৎ ষ্টাইল আৰু প্রত্যেকৰে স্বতন্ত্ৰ বৈশিষ্ট্য সাব্যস্ত কৰিব পৰা সূক্ষ্ম পৃথকতাৰ বিন্দুবিলাককো উদ্‌ঘাটন কৰি প্রতিষ্ঠা কৰাৰ প্রয়াস কৰিছে’ (পৃ:১৬)।

গ্ৰন্থখনৰ পাছৰ বিভিন্ন শীর্ষকৰ আলোচনাত অনেক ঠাইত অনেক প্রসঙ্গই পাঠকক তুলনামূলক সাহিত্যৰ ক্ষেত্ৰৰ পৰা আঁতৰাই কেনিবা লৈ যোৱাগৈ যেন বোধ হয়। যেনে, ‘বহল অর্থত ক’বলৈ গ’লে, তুলনামূলক সাহিত্য এটি সীমামুক্ত সাহিত্য অধ্যয়নৰ পদ্ধতি। উদাহৰণ স্বৰূপে –ভাৰতৰ সাক্ষৰতা আৰু ইয়াৰ সামাজিক স্থিতিৰ অধ্যয়ন’ (পৃ:১৮) । এইষাৰ কথাৰ পৰা পাঠকে নিশ্চয় সাহিত্যৰ প্রসঙ্গ নোহোৱাকৈয়ে তুলনামূলক সাহিত্যৰ অধ্যয়ন হ’ব পাৰে বুলিয়ে বুজিব। ‘তুলনামূলক সাহিত্যৰ অধ্যয়নত ব্যৱহাৰ হোৱা কেইটিমান পদ্ধতি’ শীর্ষকৰ অন্তর্গতভাৱে ‘বিষয়সাৰ তত্ত্ব(Thematology) অধ্যয়ন পদ্ধতি’, ‘প্রকাৰতত্ত্ব(Genology)ৰ অধ্যয়ন পদ্ধতি’ আদিবিলাক সন্নিবিষ্ট কৰা হৈছে(পৃ:৬০-৮১)। কিন্তু এইবিলাক আচলতে, তুলনামূলক সাহিত্যৰ অধ্যয়ন-পৰিসৰৰ ভিতৰুৱা কিছুমান ক্ষেত্ৰ(subfield)হে আৰু তুলনামূলক সাহিত্যত ব্যৱহৃত এক বা একাধিক পদ্ধতিৰে এইবিলাক ক্ষেত্ৰৰ অধ্যয়ন হ’ব পাৰে। এইবোৰ স্বয়ং পদ্ধতি নহয়। পদ্ধতি সম্পর্কীয় ধাৰণাৰ এনে খেলিমেলিৰ বাবেই তৃতীয় আৰু চতুর্থ অধ্যায়ত আগবঢ়োৱা অধ্যয়নসমূহে তুলনামূলক সাহিত্যৰ অধ্যয়নৰ প্রতিনিধিত্ব কৰিব পৰা নাই।

ড: প্রফুল্ল কুমাৰ নাথে ৰচনা কৰা ‘তুলনামূলক সাহিত্য : তত্ত্ব আৰু প্রয়োগ’ নামৰ এখন পুথি ২০১৫ চনত প্রকাশ পায়। ‘তুলনামূলক সাহিত্য সংজ্ঞা আৰু স্বৰূপ’ নামৰ লেখাটোৰে আৰম্ভ কৰা পুথিখনিত পিছত আৰু ১৭টি লেখা সন্নিবিষ্ট কৰা হৈছে। এই পুথিত থকা তাত্ত্বিক প্রসঙ্গখিনি এই একেজন লেখকৰ পূর্বতে প্রকাশিত ‘তুলনামূলক ভাৰতীয় সাহিত্য’ত থকা প্রসঙ্গৰে সৈতে প্রায় একে আৰু অন্তর্ভুক্ত বাকী লেখাখিনিক তুলনামূলক সাহিত্যৰ স্বৰূপ প্রকাশ কিম্বা অধ্যয়নৰ আর্হি প্রস্তুতকৰণ কোনো দিশতেই বিশেষ লক্ষণসমন্বিত বুলিব পৰা নাযায়।

অসমীয়া ভাষাত তুলনামূলক সাহিত্য সম্পর্কীয় চিন্তা-চর্চাৰ ৰূপৰেখা – ৮
একোজন লেখকে এককভাৱে অথবা একাধিক জনে মিলি ৰচনা কৰাৰ উপৰিও ধ্ৰুৱজ্যোতি নাথৰ সম্পাদনাত ২০১৭ চনত ‘তুলনামূলক সাহিত্য : পটভূমিকাত অসম’ নামেৰে এখন তুলনামূলক সাহিত্য সম্পর্কীয় গ্ৰন্থ প্রকাশ পায়। পাঁচোটা ‘পৰিচ্ছেদ’ত বিভক্ত গ্ৰন্থখনিৰ আৰম্ভণিতে তুলনামূলক সাহিত্য আৰু তুলনামূলক ভাৰতীয় সাহিত্যৰ চমু পৰিচয়ৰ পাছত অসমৰ বিশেষ পৰিপ্রেক্ষিতত তুলনামূলক সাহিত্য সম্পর্কীয় চর্চাৰ ইতিহাস, ক্ষেত্ৰ আৰু পদ্ধতিসহ অধ্যয়নৰ গতি-প্রকৃতি, প্রয়োজন আৰু সম্ভাৱনা সম্পর্কে সম্পাদক ড: নাথে ‘সম্পাদকীয়’ত বিস্তৃত আলোচনা কৰিছে। গ্ৰন্থখনৰ প্রথম পৰিচ্ছেদত তিনিটা তুলনামূলক সাহিত্যৰ তাত্ত্বিক দিশৰ লগত জড়িত, দুটা বিশ্বসাহিত্যৰ লগত আৰু আন দুটা অনুবাদৰ লগত জড়িত লেখা আছে। ইয়াৰে নগেন শইকীয়াই ৰচনা কৰা ‘তুলনামূলক সাহিত্য : এটি অনুসন্ধান’ নামৰ স্থানান্তৰত পূর্বতে প্রকাশিত লেখাটোত বিষয়টোৰ এক সামগ্ৰিক পৰিচয় আগবঢ়োৱা হৈছে। নীৰাজনা মহন্ত বেজবৰাই ‘তুলনামূলক সাহিত্যৰ পদ্ধতি বিজ্ঞান’ নামৰ লেখাটোত তুলনামূলক সাহিত্যৰ দৃষ্টিভঙ্গী আৰু লক্ষ্যৰ আধাৰত তাৰ পদ্ধতি বিজ্ঞান সম্বন্ধীয় বিচাৰ-বিশ্লেষণৰ প্রয়াস কৰিছে। ‘তুলনামূলক সাহিত্যৰ স্কুল : ইতিহাস আৰু বর্তমান’ নামেৰে গ্ৰন্থখনত সন্নিবিষ্ট হোৱা পল্লৱী ডেকা বুজৰবৰুৱাৰ লেখাটো একে লেখিকাৰ ওপৰত আলোচিত ‘তুলনামূলক সাহিত্যতত্ত্ব’ নামৰ গ্ৰন্থত আগতে প্রকাশ পাইছে। মদন শর্মা আৰু কৃষ্ণ কুমাৰ মিশ্ৰই ক্ৰমে ‘বিশ্বসাহিত্যৰ ধাৰণা আৰু সাহিত্যত বিশ্বজনীন ধাৰণা’ তথা ‘বিশ্বসাহিত্য : সংজ্ঞা, উপকৰণ, বৈশিষ্ট্য’ ; একেদৰেই প্রফুল্ল কুমাৰ নাথ আৰু সুৰেন তালুকদাৰে ক্ৰমে ‘অনুবাদ : সংজ্ঞা আৰু স্বৰূপ’ তথা ‘অনুবাদৰ সমস্যা’ শীর্ষকত তুলনামূলক সাহিত্যৰ লগত সম্বন্ধজড়িত বিশ্বসাহিত্য আৰু অনুবাদৰ কিছুমান দিশত আলোকপাত কৰিছে।

দ্বিতীয় পৰিচ্ছেদত শৈলেন ভৰালীৰ ‘ভাৰতীয় সাহিত্যৰ তুলনামূলক অধ্যয়ন’ নামৰ লেখাটোত ভাৰতীয় ভাষাসমূহৰ সাহিত্যৰ মাজত তুলনামূলক অধ্যয়নৰ প্রয়োজন আৰু সম্ভাৱনাৰ লগতে লেখাটোৰ শেষৰ ফালে তুলনামূলক সাহিত্যৰ লক্ষ্য আৰু গুৰুত্ব সম্পর্কীয় দিশতো আলোকপাত কৰিছে। তনুজা বৰা আৰু ধ্ৰুৱজ্যোতি নাথে ‘অসমত তুলনামূলক সাহিত্য : ইতিহাস আৰু অনুশীলন’ নামেৰে লিখা এই পৰিচ্ছেদৰ দ্বিতীয়টো লেখাত অসমত বিশ্ববিদ্যালয়ী স্তৰত ডিগ্ৰী লাভৰ বাবে আৰু অনানুষ্ঠানিকভাৱেও অসমত এতিয়ালৈকে হোৱা তুলনামূলক সাহিত্যৰ তাত্ত্বিক তথা প্রায়োগিক উভয়ধর্মী চিন্তা-চর্চাৰ সামগ্ৰিক খতিয়ান দাঙি ধৰিছে। এই পৰিচ্ছেদৰ তৃতীয়টো লেখা হ’ল অতুল চন্দ্ৰ গোস্বামীৰ ‘অসমত অনুবাদৰ প্রাসঙ্গিকতা’।

গ্ৰন্থখনৰ বাকী তিনিওটা পৰিচ্ছেদত ক্ৰমে অসমীয়া সাহিত্যৰ ভাৰতৰ বাহিৰৰ সাহিত্যৰ লগত আঠোটি, ভাৰতৰ বিভিন্ন ভাষা আৰু প্রদেশৰ সাহিত্যৰ লগত আঠোটি আৰু অসমৰ ভিতৰতে ভিন্ন ভাষা-সংস্কৃতিৰ মাজত সম্পাদিত তিনিটি -- এইদৰে ভিন ভিন লেখকে কৰা সর্বমুঠ উনৈছটি তুলনামূলক অধ্যয়ন আগবঢ়োৱা হৈছে।

অসমীয়া ভাষাত তুলনামূলক সাহিত্য সম্পর্কীয় চিন্তা-চর্চাৰ ৰূপৰেখা – ৯
২০১৮ চনত ড: প্রাণজিৎ বৰাৰ ‘তুলনামূলক সাহিত্য : তত্ত্ব আৰু বিচাৰ’ তথা ড: অনুৰাধা শর্মাৰ ‘তুলনাত্মক ভাৰতীয় সাহিত্য : প্রকল্প আৰু প্রয়োগ’ নামেৰে ক্ৰমে তুলনামূলক সাহিত্যৰ তত্ত্ব সম্পর্কীয় তথা তুলনামূলক ভাৰতীয় সাহিত্যৰ প্রয়োগিক অধ্যয়নসমন্বিত দুখনি গ্ৰন্থ প্রকাশ পায়। প্রথমখন গ্ৰন্থত সন্নিবিষ্ট ১২টি লেখাৰ ভিতৰত ‘উত্তৰ-ঔপনিবেশিক প্রেক্ষাপটত তুলনামূলক সাহিত্য’ তথা ‘তুলনামূলক পোএটিক্‌চ্‌’ শীর্ষক লেখা দুটিৰ যোগেদি উপস্থাপিত প্রসঙ্গ কেইটা তুলনামূলক সাহিত্য সম্পর্কীয় চর্চাত অতি প্রয়োজনীয় আৰু অসমীয়া ভাষাৰ এই সম্পর্কীয় চর্চাৰ ক্ষেত্ৰত নতুন সংযোজন। তুলনামূলক সাহিত্যশাস্ত্ৰৰ নির্মাণ তুলনামূলক সাহিত্যৰ অধ্যয়নৰ বাবে আৱশ্যকীয় কর্ম হোৱাৰ লগতে ইয়াক তুলনামূলক সাহিত্যৰ এক লক্ষ্যৰ ৰূপতো বিবেচনা কৰা হয়। তুলনামূলক সাহিত্যৰ ক্ষেত্ৰত থকা ইউৰোপ কেন্দ্ৰিকতা কিম্বা ঔপনিবেশিক ভাৱগ্ৰস্ততাৰ বিৰুদ্ধে তথা তাৰ বিপৰীতে প্রাচ্য, মধ্যপ্রাচ্য আৰু আফ্ৰিকাক সামৰি লৈ সকলোকে সম গুৰুত্ব প্রদানৰ প্রৱণতাটো উত্তৰ-ঔপনিবেশিক চিন্তাৰ লগত জড়িত। এই প্রৱণতা বা জাগৰণ আকৌ তুলনামূলক সাহিত্যশাস্ত্ৰ নির্মাণৰ বাবে প্রণোদিত কৰাৰ দিশত মুখ্য কাৰকৰ নিচিনা হৈ পৰিছে। ড: বৰাৰ উল্লিখিত লেখা দুটাত এই সম্পর্কীয় আলোচনাই ঠাই পাইছে। ‘নতুন তুলনামূলক সাহিত্য’ শীর্ষকৰ লেখাটোতো এই পাশচাত্য কেন্দ্ৰিক ‘পুৰণি মার্কা তুলনামূলক সাহিত্য’ (পৃ:৩৯)ৰ ঠাইত বহুসাংস্কৃতিক প্রেক্ষাপটত ‘নতুন তুলনামূলক সাহিত্য’ৰ প্রসঙ্গ অনা হৈছে। গ্ৰন্থখনৰ বাকী ৯টি লেখাত চর্চিত প্রসঙ্গসমূহে পূর্বতে প্রকাশিত একাধিক গ্ৰন্থত ইতিমধ্যে স্থান লাভ কৰিছে।

ড: অনুৰাধা শর্মাৰ গ্ৰন্থখনিতো মুঠ ১২টি লেখা সন্নিবিষ্ট হৈছে। প্রথমটি লেখাত ভাৰতীয় সাহিত্যৰ ধাৰণা দিয়াৰ পাছত দ্বিতীয় লেখাত ভাৰতৰ বহুভাষিক আৰু বহু সাংস্কৃতিক পৰিচয় স্পষ্ট কৰাৰ ক্ষেত্ৰত আঞ্চলিক ভাষা-সাহিত্য-সংস্কৃতিৰ আন্তঃসম্পর্ক বিশ্লেষণেৰে তুলনামূলক ভাৰতীয় সাহিত্যই ল’ব পৰা ভূমিকা সম্পর্কে আলোচনা কৰা হৈছে। পাছৰ ১০টি লেখাত ভাৰতীয় সাহিত্যৰ তুলনামূলক অধ্যয়নৰ প্রায়োগিক উদাহৰণ আগবঢ়োৱা হৈছে। অধ্যয়ন কৰা লেখক কিম্বা ৰচনাৰ সাধাৰণ সাদৃশ্য-বৈসাদৃশ্যৰ ঠাইত নিজ নিজ সামাজিক-সাংস্কৃতিক-বৌদ্ধিক পৰিবেশ-প্রসঙ্গৰে সৈতে ভাৰতীয় চিন্তা-চেতনা, সৃজনীশক্তিৰ কিছুমান উমৈহতীয়া বিন্দু পোহৰলৈ অনাৰ ক্ষেত্ৰত লেখিকা সফল হৈছে। কেউটি আলোচনাতে সাধাৰণতে হৈ থকাৰ দৰে গতানুগতিক তুলনাকে তুলনামূলক সাহিত্যৰ খোলাত সুমুৱাই পৰিবেশন নকৰি আলোচনাৰ বাবে লোৱা মূল বিষয়-ক্ষেত্ৰৰ লগত সঙ্গতি ৰাখি তুলনামূলক সাহিত্যৰ দৃষ্টিভঙ্গীৰে অধ্যয়নৰ দিশত খোজ আগবঢ়োৱা হৈছে।

অসমীয়া ভাষাত তুলনামূলক সাহিত্য সম্পর্কীয় চিন্তা-চর্চাৰ ৰূপৰেখা – ১০
২০১৯ চনলৈকে অসমীয়া ভাষাত প্রকাশিত তুলনামূলক সাহিত্য সম্পর্কীয় গ্রন্থৰ তালিকাখন দিয়াৰ পিছত কেইবাজনেও ইয়াৰ কোনখনত কি কথা আছে জানিবলৈ বিচৰাৰ বাবে ৯টি খণ্ডত এই প্রয়াস কৰা হ’ল। এই তালিকাত নোসোমোৱা তুলনামূলক সাহিত্য সম্পর্কীয় অসমীয়া ভাষাৰ যি কোনো কিতাপ আমাৰ হাতত পৰিলে বা কোনোবাই পৰাৰ ব্যৱস্থা কৰিলে আমি অতিৰিক্ত সংযোজনৰ ৰূপত সেই চিন্তা-চর্চাখিনিও সামৰি লোৱাৰ প্রতি আগ্রহী বুলি আৰম্ভণিতে জনোৱা হৈছিল। ইয়াৰ প্রতি সঁহাৰি জনাই জনৈক ৰূপম দাসে কামাখ্যাৰাম ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক সীমান্ত দাসৰ এখন কিতাপ প্রকাশ পোৱাৰ তথ্য ফেচবুকৰ ‘কমেণ্ট’ত আগবঢ়াইছিল। কিন্তু আমাৰ ফালৰ পৰা কিতাপখনৰ বিষয়ে আৰু অধিক তথ্য বিচৰাত তেখেতৰ পৰা পাছত একো সঁহাৰি নেপালোঁ। তেখেতে উল্লেখ কৰা মতে কিতাপ এখন আছে যদিও আমি এতিয়ালৈকে সংগ্রহ কৰিব পৰা নাই।

এই অন্তিম খণ্ডত অসমীয়াত ২০২৩ চনলৈকে প্রকাশিত তুলনামূলক সাহিত্য সম্পর্কীয় গ্ৰন্থৰ তালিকা এখন প্ৰস্তুত কৰি প্ৰকাশ কৰা হৈছে৷

১. তুলনামূলক সাহিত্য, ড: প্রফুল্ল কটকী, ১৯৮৯
২. তুলনামূলক সাহিত্য আৰু সাহিত্যিক গৱেষণা, ড: নীৰাজনা মহন্ত বেজবৰা, ১৯৯৪
৩. তুলনামূলক সাহিত্য : সিদ্ধান্ত আৰু প্রয়োগ, ড: নীৰাজনা মহন্ত বেজবৰা, ১৯৯৪
৪. তুলনামূলক ভাৰতীয় সাহিত্য, ড: নীৰাজনা মহন্ত বেজবৰা, ১৯৯৯
৫. পটভূমিকাত তুলনামূলক সাহিত্য, ড: নীৰাজনা মহন্ত বেজবৰা, ২০০২
৬. তুলনামূলক সাহিত্য আৰু অনুবাদ কলা, ড: কৰবী ডেকা হাজৰিকা, ২০০৩
৭. তুলনাত্মক সাহিত্য, ড: দিলীপ বৰা, ২০০৩
৮. তুলনামূলক ভাৰতীয় সাহিত্য : বিচাৰ আৰু বিশ্লেষণ, ড: প্রফুল্ল কুমাৰ নাথ, ২০০৫
৯. তুলনামূলক সাহিত্য : বিকাশ আৰু বিৱর্তন, ড: কৰবী ডেকা হাজৰিকা আৰু ড: পল্লৱী ডেকা বুজৰবৰুৱা, ২০০৮
১০. তুলনামূলক সাহিত্যতত্ত্ব, ড: পল্লৱী ডেকা বুজৰবৰুৱা, ২০১৩
১১. তুলনামূলক সাহিত্য : তত্ত্ব আৰু প্রয়োগ, ড: প্রফুল্ল কুমাৰ নাথ, ২০১৫
১২. তুলনামূলক সাহিত্য : পটভূমিকাত অসম, ড: ধ্ৰুৱজ্যোতি নাথ(সম্পা.), ২০১৭
১৩. তুলনামূলক সাহিত্য : তত্ত্ব আৰু বিচাৰ, ড: প্রাণজিৎ বৰা, ২০১৮
১৪. তুলনাত্মক ভাৰতীয় সাহিত্য : প্রকল্প আৰু প্রয়োগ, ড: অনুৰাধা শর্মা, ২০১৮
১৫. তুলনামূলক সাহিত্য : কি, কিয়, কেনেকৈ, ড: নীৰাজনা মহন্ত বেজবৰা, ২০১৯
১৬. তুলনামূলক ভাৰতীয় সাহিত্যৰ আভিমুখে, ডঃ নীৰাজনা মহন্ত বেজবৰা, ২০২২

২০১৯ চনত প্রকাশ পোৱা ড: নীৰাজনা মহন্ত বেজবৰাৰ ‘তুলনামূলক সাহিত্য : কি, কিয় কেনেকৈ’ নামৰ গ্রন্থখন একে আষাৰতে ক’বলৈ গ’লে তুলনামূলক সাহিত্য সম্পর্কীয় একে লেখিকাৰ আগতে প্রকাশিত চাৰিখন পুথি আৰু অন্য বিদ্বান লেখক-লেখিকাসকলৰ দ্বাৰা প্রণীত পুথিসমূহত চর্চালৈ অনা প্রসঙ্গসমূহৰ সৰলীকৰণ তথা স্পষ্টীকৰণৰ প্রয়াস। অৱশ্যে কিছুমান ক্ষেত্রত পুথিখনিয়ে অসমীয়াত আগতে হোৱা তুলনামূলক সাহিত্য সম্পর্কীয় চিন্তা-চর্চাৰ পৰিপূৰকৰ কামো কৰিছে। সাহিত্য অধ্যয়নৰ ক্ষেত্রত বৈশিষ্ট্যপূর্ণ দৃষ্টিভঙ্গী, পৰিসৰ আৰু পদ্ধতিৰ এক ৰসায়নৰ ৰূপত তুলনামূলক সাহিত্যৰ পৰিচয় দাঙি ধৰিবলৈ যত্ন কৰা পুথিখনিয়ে ‘সামৰণী মন্তব্য’ শীর্ষকত ‘নতুন তুলনামূলক সাহিত্য’ৰ আলোকত অসমীয়া সাহিত্যৰ লগত জড়িতভাবে উপযোগী আৰু কার্য্যকৰী হোৱাকৈ তুলনামূলক সাহিত্যৰ পৰিসৰ-পদ্ধতিৰ দিশতো কিছু চিন্তা-চর্চা আগবঢ়াইছে।

২০২২ চনৰ এপ্রিল মাহত নীৰাজনা মহন্ত বেজবৰাৰ ‘তুলনামূলক ভাৰতীয় সাহিত্যৰ অভিমুখে’ শীর্ষক পুথি প্রকাশ পায়। এইখন অসমীয়া ভাষাত তুলনামূলক সাহিত্য সম্পর্কীয় ১৬সংখ্যক পুথি। চাৰিটা খণ্ডত প্রকাশিত এই পুথিখনিৰ প্রথম খণ্ডত সন্নিবিষ্ট তুলনামূলক সাহিত্য আৰু তুলনামূলক ভাৰতীয় সাহিত্যৰ পৰিচয় তথা দ্বিতীয় খণ্ডৰ ভাৰতীয় সাহিত্যৰ তুলনামূলক ইতিহাস অংশ দুটি একে লেখিকাৰ ১৯৯৯ চনত প্রকাশিত ‘তুলনামূলক ভাৰতীয় সাহিত্য’ৰ প্রথম তিনিটি অধ্যায়ত থকা কথাখিনিৰ সামান্য পৰিবর্তন আৰু কিঞ্চিৎ নতুন সংযোজন। পুথিৰ তৃতীয় আৰু চতুর্থ খণ্ডত তুলনামূলক সাহিত্যৰ দৃষ্টিভঙ্গী আৰু পদ্ধতিৰ প্রয়োগেৰে নির্বাচিত ভাৰতীয় সাহিত্যৰ অধয়নৰ প্রয়াস কৰা হৈছে। তুলনামূলক সাহিত্যত ‘থীম’ বা বিষয় সম্বন্ধীয় অধ্যয়নৰ পৰিচয়সহ ভাৰতীয় সাহিত্যৰ বিষয় সম্পর্কীয় সাতটি তুলনামূলক অধ্যয়নেৰে পুথিখনিৰ তৃতীয় খণ্ড আৰু তুলনামূলক ভাৰতীয় সাহিত্যত সাহিত্য আৰু সাহিত্যভিন্ন বিষয়(সমাজবিজ্ঞান আৰু কলা)ৰ সম্পর্কজড়িত অধ্যয়ন আৰু অধ্যয়ন সম্পর্কীয় দৃষ্টিভঙ্গীৰে চতুর্থ খণ্ড প্রস্তুত কৰা হৈছে। সামগ্রিক ৰূপত গ্রন্থখনিৰ দ্বিতীয়, তৃতীয় আৰু চতুর্থ খণ্ড তুলনামূলক ভাৰতীয় সাহিত্যৰ অন্তর্গতভাবে ক্রমে ইতিহাসমূলক অধ্যয়ন, বিষয়গত অধ্যয়ন তথা সাহিত্যৰ লগত সাহিত্যভিন্ন বিষয়ৰ সম্পর্কজড়িত অধ্যয়নক বুজাৰ যৎসামান্য প্রয়াস।

(বিঃদ্ৰঃ ইয়াত আগবঢ়োৱা আলোচনা সম্পূর্ণ আমাৰ নিজা দৃষ্টিভঙ্গীৰেহে কৰা হৈছে। আমাৰ মতামত সম্পর্কে বিজ্ঞজনে অমত প্রকাশ কৰিলে আমি নিজৰ ধাৰণা সলনি কৰাৰ সুযোগ লাভ কৰাৰ লগতে ‘তুলনামূলক সাহিত্য’ নামৰ বিদ্যায়তনিক অনুশাসনটোৱে অসমীয়া ভাষাৰ সাহিত্য অধ্যয়নৰ ক্ষেত্রখনত উপযুক্ত গতি লাভ কৰাৰ বাটো অধিক সুগম হ’ব।-- লেখক)

Post a Comment

0 Comments