‘মোৰো এটা সপোন আছে’ গ্ৰন্থৰ সমালোচনা


* শেহতীয়াকৈ সমগ্ৰ বিশ্বৰ বৈজ্ঞান আৰু উদ্ভাৱন সম্পৰ্কীয় চিন্তা-চৰ্চাৰ ক্ষেত্ৰখনত অসমৰ যিসকল বিজ্ঞানীয়ে প্ৰতিনিধিত্বমূলকভাৱে সেৱা আগবঢ়ালৈ সক্ষম হৈছে তেওঁলোকৰ ভিতৰত এজন উল্লেখযোগ্য অসম সন্তান হৈছে ড॰ ৰুবুল মাউত ৷  মাউতৰ গৱেষণাৰ বিষয়– ‘প্ৰ’টিন আৰু জেনেটিক ইঞ্জিনিয়াৰিং৷’ মানৱ কোষৰ ভিতৰত থকা কোষীয় উপাংগ ‘প্ৰতিয়জম’ৰ পুনৰনিৰ্মাণৰ [অভিযন্ত্ৰণৰ] যোগেদি বিভিন্ন জেনেটিক ৰোগ যেনে [পাৰকিনচনৰ ৰোগ] নিৰ্মূল কৰাৰ অৰ্থে তেওঁ বৰ্তমানো গৱেষণাৰত৷ বিজ্ঞানী হিচাপে প্ৰতিষ্ঠা লাভ কৰাৰ ওপৰি এগৰাকী লেখক হিচাপেও মাউতে শেহতীয়াকৈ আত্মপ্ৰকাশ কৰিছে৷ ড॰ ৰুবুল মাউতৰ শেহতীয়া গ্ৰন্থখন হৈছে ‘মোৰো এটা সপোন আছে’৷ মোৰো এটা সপোন আছে’ গ্ৰন্থখন এখন আত্মজীৱনী৷  ইয়াৰ আগতেও মাউতে ‘ধূসৰতাত সংহত শ্ৰৱন’ নামক গ্ৰন্থখন লিখি পঢ়ুৱৈ সমাজৰ মন মননক সমৃদ্ধ কৰিবলৈ সক্ষম হৈছে৷ 

২০১৬ বৰ্ষত অসমীয়া সাহিত্যত প্ৰকাশ হোৱা অন্য এখন গুৰুত্বপূৰ্ণ আত্মজীৱনী হ’ল– প্ৰণৱজ্যোতি ডেকাৰ ‘সোণৰ চামুচ মুখত লৈ’৷ এই আত্মজীৱনীখনৰ পাছতে সমালোচক, পাঠকৰ বিশেষ মনযোগ আৰু চৰ্চা লাভ কৰিবলৈ সক্ষম হোৱা মাউতৰ এই আত্মজীৱনীখনে অসমীয়া সাহিত্যলৈকো এটি নতুন মাত্ৰা কঢ়িয়াই আনিছে৷  আলোচ্য গ্ৰন্থখনত শৈশৱ-যৌৱনৰ অলেখ দৰিদ্ৰতা আৰু নানা ধৰণৰ প্ৰতিবন্ধকতাৰ বিৰুদ্ধে সংগ্ৰাম কৰি পৰৱৰ্তী সময়ত  নিজক সবলভাৱে প্ৰতিষ্ঠা কৰা ৰুবুল মাউতৰ বৰ্ণিল জীৱন সংগ্ৰামৰ জীয়া ছবিখনৰ প্ৰতিফলন হৈছে৷ দুখ আৰু যন্ত্ৰণা, ভোক আৰু সপোনৰ দোমোজাত উটি ভাহি ফুৰা গাঁৱলীয়া হোজা ল’ৰাটোৱে কেনেধৰণে দৰিদ্ৰ পৰিৱেশৰ পৰা আহি আমেৰিকাৰ দৰে বিশ্বৰ প্ৰথম শ্ৰেণীৰ উন্নত ৰাজ্যৰ এখন বিখ্যাত বিশ্ববিদ্যালয়ত [মাচাছ্যুচেটচ বিশ্ববিদ্যালয়] অধ্যয়ন কৰিবলৈ, গৱেষণা কৰিবলৈ সুযোগ পালে তাৰ বিস্তৰ বিৱৰণ এই গ্ৰন্থখনত আছে৷ দৰিদ্ৰতাক জীৱনৰ বাবে প্ৰেৰণা আৰু প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিব পৰা মানুহ খুব কম সংখ্যকহে আছে৷ হাজাৰ হাজাৰ দুখীয়া শিশুৰ শৈশৱৰ সপোনৰ ঘৰখন, ভৱিষ্যতৰ সপোনবোৰ এই দৰিদ্ৰতা আৰু প্ৰতিবন্ধকতাই নিঃশেষ কৰি দিছে, তাৰ উদাহৰণ আমাৰ সচৰাচৰ সমাজখনত অজস্ৰজন আছে৷ কিন্তু, এই সকলো বাধা-বিঘিনিক হেলাৰঙে অতিক্ৰম কৰি ৰুবুল মাউতে অসমত এটা নজীৰ সৃষ্টি কৰিলে যে প্ৰকৃততেই চেষ্টাৰ অসাধ্য নাই৷

আত্মজীৱনী যদিও প্ৰদত্ত গ্ৰন্থখনৰ মাজত উপন্যাসধৰ্মিতাৰ বহু গুণ প্ৰতিফলিত হৈছে৷ সমান্তৰালভাৱে বিষয়বস্তুৰ উপস্থাপন আৰু লিখনশৈলীয়ে পাঠকক গ্ৰন্থখনৰ ৰস আস্বাদনত সহায় কৰিছে৷ মুঠ চাৰিটা অধ্যায়ত বিভক্ত গ্ৰন্থখনৰ প্ৰতিটো অধ্যায়তে বৰ্ণিত হৈছে ৰুবুল মাউতৰ বৰ্ণিল জীৱনৰ নতুন নতুন অভিজ্ঞতা আৰু দৰিদ্ৰতাৰ বিৰুদ্ধে কৰা যুদ্ধখনৰ নতুন নতুন কৌশলবোৰ৷ অতি সহজ-সৰল ভাষাৰে আত্মজীৱনীখন লিখিবলৈ যত্ন কৰা হৈছে৷ বিজ্ঞানৰ শেহতীয়া বিষয় কিছুমানো সকলোৱে বুজিব পৰাকৈ তেওঁ সহজ-সৰলকৈ বৰ্ণনা কৰি আত্মজীৱনীখনৰ মাজে মাজে বৰ্ণনা কৰিছে৷ আত্মজীৱনীখনত বৰ্ণিত তেওঁৰ ব্যক্তিগত জীৱনৰ কাহিনীবোৰৰো কোনো অতিলৌকিকতা নাই৷ যেন নিজৰ বাস্তৱ অভিজ্ঞতা আৰু জীৱন সম্পৰ্কীয় প্ৰকৃত অনুভৱবোৰেই গ্ৰন্থখনত ফুলৰ মালাৰ দৰে লানি লানিকৈ গুথা আছে৷

‘শৈশৱ’ অধ্যায়ত মাউতৰ জন্মৰ পৰা একেবাৰে উচ্ছ শিক্ষাৰ সময়ছোৱালৈকে পাৰ কৰি অহা বিচিত্ৰ জীৱনৰ সামগ্ৰিক অৱস্থাটোৰ কথা বৰ্ণিত হৈছে৷ গ্ৰাম্য জনজীৱনৰ পূৰ্ণ প্ৰতিফলন ঘটা এই অধ্যায়টোত মাউতৰ দৰিদ্ৰ ঘৰখনৰ বিষয়ে সম্যক ধাৰণা পোৱা যায়৷ ঘৰ বুলিবলৈ খেৰৰ জুপুৰিটো, গৰু গোঁহালিটো, ঘৰত পঢ়িবলৈ বাঁহৰ খুটা পুতি বনোৱা এখন টেবুল, শুবলৈ বাঁহৰ চাং, ৰাতি পোহৰ বুলিবলৈ কেৰাচিনৰ চাকি– এইকেইটাই মাউতৰ ঘৰখনত থকা সম্পত্তি৷ সৰুৰে পৰা দেউতাকৰ কঠোৰ শাসন আৰু মাকৰ মৰম-চেনেহৰ তাগিদাই আছিল সন্তান কেইটাৰ জীয়াই থকাৰ সাহস আৰু প্ৰেৰণা৷  মাউতে গ্ৰন্থখনত নিজৰ গাঁওখনৰ বিষয়ে উল্লেখ কৰিছে এনেদৰে– ‘মই যি ঠাইত, যি পৰিয়ালত জন্ম লৈছিলোঁ, সেই ঠাইত আধুনিক জ্ঞান-বিজ্ঞান-সভ্যতাৰ শিক্ষা লোৱাৰ সপোন দেখাটো প্ৰায় অবাস্তৱৰ দৰেই আছিল৷ মোৰ জন্ম হৈছিল অসম অৰুণাচল সীমান্তৰ টঙনা নামৰ গাঁৱত৷ মানুহে আমাৰ গাঁওখন বেতনি গাঁও বুলিছিল৷’

এইটো অধ্যায়ত মাউতৰ শৈশৱৰ ছবিখন, টঙনা গাঁওখনৰ আৰ্থিক দুৰাবস্থা, ৰুবুল মাউতৰ ঘৰখনৰ আৰ্থিক দৰিদ্ৰতা, কৃষি কৰিবলৈ সৰুৰে পৰা সন্তানকেইটাৰ লগতে বাপেক-মাকৰ হাড় ভঙা কষ্ট আদিৰ বিষয়ে সাৱলীল বৰ্ণনা আছে৷ সেইদৰে নিজৰ পেহীয়েকৰ যৌৱনৰ প্ৰথম প্ৰেম আৰু পৰৱৰ্তী সময়ত অনিচ্চাসত্বেও বেলেগ পুৰুষ এজনৰ লগত বিয়াত বহিব লগা ঘটনাটোৱে মাউতৰ শৈশৱ জীৱনক কেনেদৰে প্ৰভাৱিত কৰিছিল, সেই সম্পৰ্কেও বিৱৰণ আছে৷ এইটো অধ্যায়তে ৰুবুল মাউতে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোতে কোনো ধৰণৰ আন্তৰিকতা, বিশ্বাস নথকাৰ কথা উল্লেখ কৰিছে৷ তেওঁ উল্লেখ কৰিছে যে– ‘সঁচা কথা ক’বলৈ দ্বিধা নাই– ‘মই হ’লে অন্তঃকৰণেৰে, একাগ্ৰতাৰে কেতিয়াও প্ৰাৰ্থনা নাগাইছিলো৷ মোৰ বাবে প্ৰাৰ্থনা আছিল কেৱল এক পূৱা-গধূলিৰ গীত৷’

সেইদৰে আশীৰ দশকৰ আৰু নব্বৈ দশকৰ সময়ছোৱাত অসমত আলফা-মিলিটেৰীৰ সংঘাত আৰু  গাঁও অঞ্চলবোৰত তাৰ প্ৰভাৱ সম্পৰ্কেও এই অধ্যায়ত উল্লেখ আছে৷ আলফাবোৰে ৰাতি ৰাতি গাঁৱৰ মানুহৰ ঘৰত থাকিবলৈ অহাৰ কথা-বতৰা, সাধাৰণ ৰাইজৰ আলফাৰ প্ৰতি থকা বিশ্বাস আৰু মৰম, গাঁৱৰ সাধাৰণ জনতাক মিলিটেৰীয়ে কৰা অন্যায়, উৎপীড়ন আদিৰ বিষয়েও বিস্তৃত বিৱৰণ এই অধ্যায়ত আছে৷ সেনা বাহিনীয়ে সৃষ্টি কৰা এই বৰ্বৰ অন্যায় আৰু সন্ত্ৰাসে ৰুবুল মাউতৰ অন্তৰতো শৈশৱতেই গভীৰ দাগ বহুৱাবলৈ সক্ষম হৈছিল, যি কথা তেওঁ স্পষ্টভাৱে গ্ৰন্থখনত উল্লেখ কৰিছে৷ ঘৰখনৰ পাঁচটা সন্তানৰ ভিতৰত ৰুবুলেই একমাত্ৰ পঢ়াত কিছু চোকা আছিল আৰু ঘৰখনৰ ভিতৰত সিয়েই প্ৰথম মেট্ৰিক পৰীক্ষাত পাছ কৰিছিল৷ গোটেই ঘৰখনৰ বাবে সিয়েই আছিল যেন আশা-আকাংক্ষাৰ একমাত্ৰ পথ৷ সেইদৰে সি খেতি কৰাতো পাকৈত আছিল৷ ঘৰখনত ককায়েক আৰু দেউতাকৰ লগতে সিয়ো খেতি কৰি পথাৰত অনবৰতেই লাগি থাকিব লাগিছিল৷ এইট, নাইনত পঢ়ি থকাৰ পৰাই ককায়েক, বাপেকৰ সমানে সমানে বাম খেতি কৰিছিল৷ 

সেইদৰে উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবলৈ বজাৰলৈ নিজেই লৈ যাব লগা হৈছিল৷ পাচলি বিক্ৰী কৰিলেহে ৰুবুলহঁতৰ ঘৰখনৰ বাবে বজাৰ কৰিব পৰা হৈছিল৷ বজাৰৰ লিষ্টখন আছিল এনেধৰণৰ–  ‘ধূপ এপেকেট, মিঠাতেল এক পোৱা, নিমখ এক পেকেট, খাৰ চাবোন এটা, চাধা পঞ্চাশ গ্ৰাম আৰু কেতিয়াবা মচুৰ দাইল এক পোৱা৷ তাৰ পিছত কেতিয়াবা আমাৰ স্কুল যোৱাৰ সামগ্ৰী কাগজ এক দিস্তা, ফাউনটেইন পেন এটা, চিয়াঁহী দোৱাত, কাঠপেঞ্চিল, ৰবৰ...৷’ সেইদৰে ৰুবুল মাউতৰ জীৱন সম্পৰ্কীয় সুকোমল অনুভৱবোৰেও গ্ৰন্থখনক আন এক উচ্ছ স্তৰলৈ লৈ গৈছে–‘ আমাৰ জীৱনটো আছিল পথাৰৰ কোনো এডৰা মাটিত ভেটি থোৱা পানীৰ দৰে৷ আমাৰ জীৱনৰ হা-হতাশা-ব্যৰ্থতা পথাৰ ডৰাত বন্দী হৈ থকা পানীখিনিৰ দৰে, ঠেক পৰিসৰৰ৷ প্ৰখৰ তাপত ভাপ হৈ উৰি যোৱা বা মাটিয়ে শুহি লোৱা বন্দী পানীৰ দৰে৷ আমাৰ জীৱনৰ মূল, শ্ৰম-যন্ত্ৰণা সকলো প্ৰোথিত হৈ আছিল গাঁৱৰ জীৱনতে৷ পাৰ ভাঙি বন্দী পানীক নদীলৈ বোৱাই দিব পৰাটোৱেই যেন আমাৰ পৰিত্ৰাণৰ একমাত্ৰ পথ৷’ এনেদৰেই দৰিদ্ৰতাৰ সৈতে অবিৰাম যুজি মাউতে মেট্ৰিকত ফাষ্টৰ্ ডিভিজন পাবলৈ সক্ষম হৈছিল৷ সেই সময়ত তেওঁলোকৰ ঘৰখনৰ আৰু ৰুবুলৰ বাবে এয়া আছিল এক বিৰাট সফলতা৷

‘সংগ্ৰাম’ অধ্যায়টোত পুনৰ বৰ্ণিত হৈছে ৰুবুল মাউত উচ্ছ শিক্ষা ল’বলৈ যাওঁতে দৰিদ্ৰতাৰ সৈতে সন্মুখীন হোৱা আন কেতবোৰ ভয়াবহ অথচ জটিল পৰিস্থিতিৰ কথা-বতৰা৷  নিজৰ খেতি কৰা মাটি বন্ধকত থৈ দেউতাকে ৰুবুলক হায়াৰছেকেণ্ডাৰী পঢ়িবলৈ যোৰ-যা কৰিছিল৷ বিজ্ঞান বিষয়ত পঢ়িবলৈ মন কৰা ৰুবুল মাউতে নিজৰ দুখীয়া অৱস্থাৰ বাবে কলেজত কিদৰে সমনীয়াসকলৰ পৰা আঁতৰি আঁতৰি ফুৰিছিল, হীনমান্যতাত ভূগিছিল, ব্যক্তিগতভাৱে এবাৰ টিউছন কৰিবলৈ লোৱাত ঘৰখনত কিদৰে সমস্যাৰ সৃষ্টি হৈছিল, মাক-বাপেকে পইচা যোগাৰ কৰিবলৈ গৈ কেনেকৈ লাওপানী অৰ্থাৎ মদ প্ৰস্তুত কৰি বিক্ৰী কৰিব লগা হৈছিল, মদ খাই  বাপেকে ঘৰখনত কিদৰে অশান্তিৰ সৃষ্টি কৰিছিল, এই বিষয়বোৰৰ সম্যক বিৱৰণ আছে৷ সেইদৰে ৰুবুলে পঢ়িবলৈ যাতে অসুবিধা নাপায় তাৰ বাবে ককায়েকে ছিকিউৰিটী গাৰ্ডৰ কাম কৰিব লগা হৈছিলগৈ৷  এই ককায়েকৰ লগতে পৰৱৰ্তী সময়ত ৰুবুলে নিজৰ দুখীয়া অৱস্থাৰ পৰা মুক্তি পাবলৈ ফেক্টৰীৰ পৰা লোহাৰ, এলুমিনিয়াম, ইটা আদি চুৰ কৰি বিক্ৰী কৰিবলৈ বাধ্য হৈছিল৷ এইধৰণৰ কথাবোৰো ৰুবুল মাউতে গ্ৰন্থখনত অকপটভাৱে আৰু দ্বিধাহীনভাৱে বৰ্ণনা কৰিছে৷ লক্ষ্যবিহীনভাৱে দ্বিতীয় বিভাগত হায়াৰছেকেণ্ডেৰী পাছ কৰি ৰুবুলে পুনৰ বি.এচ.চি পঢ়িবলৈ নাম লগালে৷ উদ্দেশ্য এটাই, ডিগ্ৰী পাছ কৰি ক’ৰবাত স্কুল এখনত মাষ্টৰী চাকৰি এটা পালেও হ’ব৷’ সেইদৰে ঘৰৰ মাটি-বাৰীৰ পৰা শাক-পাচলি, জালুক বিক্ৰী কৰিও সময়ত পৰীক্ষাৰ বাবে পইচা দিব লগা হোৱা বেদনাদায়ক কাহিনীও গ্ৰন্থখনত উল্লেখ আছে৷

সেইদৰে ৰুবুলৰ বাপেকে সি পঢ়ি অহা হায়াৰছেকেণ্ডেৰীৰ কিতাপখিনি বিক্ৰী কৰি দিয়াৰ কথাও ভাবিবলৈ বাধ্য হৈছিল, যাতে সেয়া বিক্ৰী কৰি দুই-এটকা পাব পাৰে৷ এনেদৰেই  দুখ, যন্ত্ৰণা আৰু প্ৰতিবন্ধকতাৰ হাজাৰটা বাধা-বিঘিনি নেউচি ৰুবুলে ডিগ্ৰীত পুনৰ ফাষ্টৰ্ ক্লাছ পাবলৈ সক্ষম হ’ল৷ ডিগ্ৰী পঢ়ি থাকোতেই মাউতৰ মনটো বিজ্ঞানৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াবোৰলৈ বিশেষভাৱে আগ্ৰহ বাঢ়িছিল আৰু বিজ্ঞানৰ প্ৰতি এই অনুৰাগেই পৰৱৰ্তী সময়ত ৰুবুল মাউতৰ ভবিষ্যৎ জীৱনটো সফল হোৱাত সহায় কৰিলে৷ পঢ়ি থাকোঁতেই জৈৱ যৌগ সংশ্লেষণ কৰাতো ৰুবুলৰ বাবে এটা নিচাৰ দৰে হৈ পৰিছিল৷ এই নিচা আৰু আগ্ৰহেই মাউতৰ মনত বিদেশত গৈ গৱেষণা কৰাৰ দৰে সপোন দেখিবলৈ পৰৱৰ্তী সময়ত উৎসাহ দিলে৷ সততা, আগ্ৰহ আৰু নিজৰ ওপৰত বিশ্বাস ৰাখিলে যে মানুহ কেতিয়াও লক্ষ্যভ্ৰষ্ট হ’ব নালাগে, মাউতৰ জীৱনটোৱেই তাৰ প্ৰমাণ৷ ঠিক সেইদৰে গাঁৱৰ সেই পৰিৱেশত স্বাচ্চন্দ্যপূৰ্ণ জীৱন এটা ধাৰণ কৰিবলৈ হ’লে ভাল ৰিজাল্ট এটাৰ যে কিমান প্ৰয়োজন, সেয়াও মাউতে বাৰুকৈয়ে উপলব্ধি কৰিছিল৷ সমান্তৰালভাৱে তাৰ ওপৰতেই ঘৰখনৰ ভৱিষ্যৎ নিৰ্ভৰ কৰিছিল; যাতে সি পঢ়ি শুনি ডুবিবলৈ লোৱা ঘৰখন উদ্ধাৰ কৰিব পাৰে৷ ৰুবুলে পড়া-শুনাৰ মাজতো এই দায়বদ্ধতাৰ কথাও সদায় মনত ৰাখিব লগা হৈছিল৷

বি.এচ.চি পৰীক্ষাত সুখ্যাতিৰে পাছ কৰাত ৰুবুলৰ নিজৰ ওপৰতো আত্মঃবিশ্বাস বাঢ়িল আৰু পুনৰ এম.এচ.চি পঢ়িবলৈ মন মেলিলে৷ এই সময়ছোৱাত সি নিজৰ ঘৰখনৰ লগত কাজিয়াতো লিপ্ত হৈছিল, কাৰণ মাক-দেউতাকে তাক আৰু পঢ়ুৱাব বিচৰা নাছিল, অৱশ্যে ঘৰখনৰ সামৰ্থও নাছিল৷ মাকে ৰুবুলক কোৱা– ‘মাষ্টাৰ্চ ডিগ্ৰী পঢ়িম বুলি যে উৎপাত লগাই আছ, কাৰ মূৰটো বেচিবি?’ প্ৰশ্নটোৰ উত্তৰত ৰুবুলে কোৱা– ‘মোৰ মূৰটোকে বেচিম’ বুলি দিয়া উত্তৰেই এই কথা প্ৰমাণ কৰে যে কিমান সাহস আৰু প্ৰতিবাদেৰে সি এম.এচ.চি পঢ়িবলৈ মন মেলিছিল আৰু ঘৰখনৰ সৈতে কাজিয়াত লিপ্ত হৈছিল৷ দৰিদ্ৰতাই কোঙা কৰা ঘৰ এখনৰ পৰা এম.এচ.চি পঢ়িবলৈ সাহ, কৰা মাউতৰ উচ্ছাকাংক্ষাৰ সন্মুখত দৰিদ্ৰতাও যেন হাৰ মানিবলৈ সক্ষম হৈছিল৷ অৱশেষত যেনিবা গাঁৱৰ ৰাইজৰ সহায় আৰু মাক-বাপেকৰ হাড়-ভঙা খাটনিৰে সি এম.এচ.চি. পঢ়াৰ সপোন পূৰণ হ’ল৷ নোপোৱাৰ মাজত পোৱা আনন্দখিনিকে জীৱনৰ একমাত্ৰ সম্পদ হিচাপে গণ্য কৰা ৰুবুলে এম.এচ.চি. পৰীক্ষাও সফলতাৰে পাছ কৰি ‘নেট’, ‘জে আৰ এফ’ পাবলৈ সক্ষম হ’ল৷ ৰুবুলৰ জীৱনলৈ যেন এটি নতুন সপোনৰহে আগমন হ’ল৷ বৃত্তি পাই মাউতে এইবাৰ গৱেষণা কৰাৰ সপোন দেখিলে৷ পৰৱৰ্তী সময়ত পুনেৰ এটা গৱেষণা প্ৰতিষ্ঠানত সি গৱেষণা কৰিবলৈ সুবিধাও পালে, আকৌ টকা বিচাৰি হাহাকাৰ, ঘৰখনৰ অৱস্থা দিনক দিনে বেয়া হৈয়ে আহিছে৷ মাক-বাপেকৰ মতে সি চাকৰি এটা কৰি ঘৰখন উদ্ধাৰ কৰিব লাগে, কিন্তু ৰুবুলৰ যে আকাশ চুৱাৰ হেঁপাহ৷ বাপেকে ৰুবুলক কোৱা – ‘বোপাই, আমাক একো নালাগে, মাত্ৰ বন্ধকৰ মাটিখিনি খুলি দিবি’ বাক্যটোতে সোমাই আছে তেওঁলোকৰ আৰ্থিক দৈন্যতাৰ ভয়াবহ ছবিখন আৰু এই ভয়াবহতাৰ পৰা উদ্ধাৰৰ বাবে ঘৰখনে যে একমাত্ৰ তাৰ মুখলৈকে চাই আছে, সেই কথাও ৰুবুল মাউতৰ চকুৰ সন্মুখত অনবৰতে ভাঁহি আছে৷

অৱশেষত পুনেত গৱেষণাৰ প্ৰথম পৰ্বৰ আৰম্ভ আৰু টি আই এফত পোৱা চাকৰিটোৱে ৰুবুল মাউতৰ জীৱনলৈ কঢিয়াই আনে আন এক প্ৰাপ্তি আৰু সুখৰ বতৰা৷ দীৰ্ঘদিনীয়া আৰ্থিক দৈন্যতা আৰু সংগ্ৰামৰ পাছত এই চাকৰিটোৱে যেন তেওঁলোকৰ ঘৰখনত আশাৰ প্লাৱনহে ঢালি দিলে৷ বিশেষকৈ  ঘৰখন উদ্ধাৰৰ বাবে সি নিজাকৈ কিবা এটা যে পথ পালে, সেই কথাটোৱে ৰুবুলক বাৰুকৈয়ে সুখী কৰি তুলিছিল৷ ঘৰখনেও যেন প্ৰশান্তিৰ উশাহ ল’লে৷ আচলতে  দৰিদ্ৰতাৰ বিৰুদ্ধে কৰা অহৰহ সংগ্ৰাম আৰু ঘৰখনৰ প্ৰতি থকা দায়বদ্ধতাই ৰুবুলক মানুহ হোৱাত আৰু সৎ আদৰ্শেৰে ধাৱমান হোৱাত সহায়হে কৰিলে৷ নহ’লে বয়ঃসন্ধি কালত দৰিদ্ৰতাৰ পৰা হাত সাৰিবলৈ আন বহুতো কিশোৰে কৰাৰ দৰে ৰুবুলো ঘৰৰ পৰা ভাগি গৈ কোম্পানীৰ চাকৰিত সোমালেগৈহেঁতেন৷

‘সুযোগ’ অধ্যায়ত টাটা ইন্সিষ্টিটিউটত ৰুবুল মাউতে কৰা গৱেষণা, চাকৰি আৰু কিদৰে তেওঁ সুযোগ আৰু সুবিধা লাভ কৰি পৰৱৰ্তী সময়ত বিজ্ঞানৰ নতুন নতুন বিষয়ৰ গৱেষণা কৰ্মত নিয়োজিত হৈছিল, সেই সম্পৰ্কে বিশদ বিৱৰণ পোৱা যায়৷ পৰৱৰ্তী সময়ত অনুজীৱৰ কোষী¸য় চৰিত্ৰ গঠন, মেলেৰীয়া ৰোগ নিমূলকৰণৰ দৰৱ উদ্ভাৱনৰ প্ৰচেষ্টাৰ পৰা আৰম্ভ কৰি  জীৱবিজ্ঞানৰ নানা নতুন নতুন বিষয় সম্পৰ্কে মাউতে গৱেষণা কৰাৰ সুবিধা পালে আৰু এনে এটা পৰিৱেশৰ সৃষ্টি হ’ল যে ৰুবুলক আমেৰিকাৰ পৰা বিশেষভাৱে প্ৰশিক্ষণ দি ভাৰতবৰ্ষলৈ অনাৰ ব্যৱস্থা কৰা হ’ল৷  

ট্ৰেজাৰ হাKI×ৰ দৰে জীৱনৰ অমিয়া খেদি ফুৰা মাউতে নতুন নতুন ক্লু বিচাৰি নিজেই উন্নতিৰ পৰা উন্নতিৰ পথলৈ আগবাঢ়ি যোৱা মনোৰম বৰ্ণনা এই অধ্যায়ৰ মূল বিষয়বস্তু৷ সেইদৰে ইংৰাজী ভালদৰে নজনাৰ বাবে আমেৰিকাত গৈ ৰুবুলে সন্মুখীন হোৱা অভাৱনীয় পৰিস্থিতিৰ বৰ্ণনাও এই অধ্যায়ৰ আন এটি উল্লেখযোগ্য দিশ৷ এই অধ্যায়ত ৰুবুল মাউতে তুলনামূলক দৃষ্টিৰে নিজৰ জীৱনটো পৰ্যবেক্ষণ আৰু উপলব্ধি কৰিবলৈ চেষ্টা কৰিছে৷  ক্ৰিষ্টফে লিখা ‘বিয়েট্ৰিছ গ’ট’ কাহিনীৰ বিয়েট্ৰিছৰ জীৱনৰ লগত নিজৰ জীৱনটোক তুলনা কৰি মাউতে অনুভৱ কৰিছে যে– পৰিয়ালত পোহা এজনী ছাগলীৰ দ্বাৰা যদি বিয়েট্ৰিছে তাইৰ জীৱন আৰম্ভ কৰিব পাৰে, তেন্তে ৰুবুল মাউতেও বাইদেৱেকে পোহা ছাগলী বিক্ৰী কৰি এসময়ত যে টিউচনৰ পইচা দি নিজৰ জীৱনটো ভালদৰে গঢ়াৰ সপোন দেখিছিল, সেয়া কোনো অমূলক ঘটনা হোৱা নাই৷ সেইদৰে দৰমহাৰ টকাৰে মাউতে নিজৰ সাতামপুৰুষীয়া উৰুখা খেৰৰ ঘৰটো ভাঙি পকীকৈ সজাৰ কথা ঘৰত কওঁতে মাক-বাপেকে পোৱা বিমল প্ৰশান্তি আৰু আনন্দৰ কথাও গ্ৰন্থখনত স্পষ্টভাৱে বৰ্ণনা কৰা আছে৷ গাঁৱৰ মানুহে ৰুবুলৰ জীৱনটোৰ উদাহৰণ দি নিজৰ ল’ৰা-ছোৱালীক শিক্ষা দিওঁতে ৰুবুলে নিজে লাজহে পাইছে৷ এই সৰলতাই ৰুবুলৰো জীৱনবোধৰ পৰিচয় দিয়ে৷ ইমান সফলতাৰ পাছতো মাউতৰ কোনো অহঙ্কাৰবোধ বা গৌৰৱৰ ভাৱ নাই, বৰঞ্চ নিজৰ গাঁওখনৰ বাবে কিবা এটা কৰাৰহে নতুনকৈ সপোন দেখিছে৷

‘দেউতাৰ অসুখ’ অধ্যায়ত  টাটা ইন্সিষ্টিটিউটৰ পৰা আঁতৰি গৈ নিজাকৈ আমেৰিকাৰ মাচাছ্যুচেটচ বিশ্ববিদ্যালয়ত গৱেষণা কৰিবলৈ যোৱাৰ কাহিনীটোৱে প্ৰধানভাৱে ঠাই পাইছে৷  এই অধ্যায়টোত পাঠকে আমেৰিকাৰ সামাজিক পৰিৱেশটোৰ বিষয়ে চমু আভাসলাভ কৰিবলৈ সক্ষম হ’ব৷ সেইদৰে জীৱবিজ্ঞানৰ উপৰিও মানুহৰ মেমৰি পাৱাৰ সম্পৰ্কীয় শেহতীয়া গৱেষণা, মানুহ সৃষ্টি হোৱা কোষৰ বিভাজন আৰু সংবদ্ধৰ্ন,  নেন’ টেকনলজিৰ সাধাৰণ ধাৰণা আদিৰ বিষয়ে কিছু কিছু প্ৰাৰম্ভিক ধাৰণা সম্পৰ্কে পাঠকে জ্ঞান ল’ব পাৰিব৷ নিজৰ দৰমহাৰ টকাৰে বনোৱা ঘৰটোত নিজাকৈ এটা কোঠা দিয়াত মাউতৰ যি অৱস্থা হৈছিল, নিজৰ পুৰণা ঘৰটোলৈ মনত পৰি তেওঁ যে নতুন ঘৰটোত শান্তিৰে থাকিব পৰা নাছিল, এই কথাই ইয়াকে প্ৰমাণ কৰে যে– প্ৰাপ্তিত নহয়, প্ৰাপ্তিৰ বাবে কৰা নিৰলস প্ৰচেষ্টাতহে মানুহ সন্তুষ্ট আৰু পৰিপুষ্ট হ’ব পাৰে৷ এইখিনিতে ক’ব পাৰি, বিশ্ব সাহিত্যৰ এটা জনপ্ৰিয় চৰিত্ৰ ‘দ্য অল্ড মেন ইন দ্য চি’ৰ ছান্তিয়াগো চৰিত্ৰটোৰ দৰে মাউতৰ জীৱনটোও সময়ৰ সৈতে সংগ্ৰাম কৰিও যেন অৱস হৈ পৰা নাই; বৰঞ্চ নতুন উদ্যম আৰু সাহসেৰে ভৱিষ্যতৰ বাট বুলিছে৷ 

অধ্যায়টোত মাউতৰ বিবাহ সম্পৰ্কীয় দুই এক বৰ্ণনা আছে যদিও তেওঁৰ বিবাহক যেন গ্ৰন্থখনত মুখ্যভাৱে দেখুওৱা হোৱা নাই৷ কিন্তু  নিজৰ দেউতাকৰ বেমাৰ আৰু বেমাৰৰ কাৰণ সম্পৰ্কে মাউতৰ যি অভিজ্ঞতাপুষ্ট জ্ঞান; দেউতাকক লৈ মাউতৰ যি দীৰ্ঘদিনীয়া অনুভৱ, সেই সম্পৰ্কে গ্ৰন্থখনত বিস্তৃতভাৱে উল্লেখ কৰা আছে৷ নিজৰ দেউতাকৰ ত্যাগ আৰু কষ্টৰ অনুভৱ আৰু মৃত্যুৰ আগৰ সময়ছোৱাৰ কাম-কাজসমূহক কিতাপখনৰ জৰিয়তে বৰ্ণনা কৰিয়েই যেন মাউতে প্ৰশান্তি লাভ কৰিছে৷ এই অধ্যায়টোৰ আটাইতকৈ ইতিবাচক আৰু মানৱ সমাজৰ বাবে লাভৱান হোৱা এটা সম্ভাৱনা ব্যক্ত কৰা হৈছে; সেইটো হ’ল– ‘‘আমাৰ জীৱনটো এটা কোষৰ পৰাই আৰম্ভ হয় মাতৃগৰ্ভত৷ মাতৃৰ গৰ্ভৰ পৰা এই কোষটো উলিয়াই আনি, ইয়াত থকা জিনসমূহৰ সকলো বিসংগতি [ভুল-ভ্ৰান্তি]‘জিন এডিটিং পদ্ধতি’ৰ সহায়ত নিৰ্মূল কৰি, কোষটো যদি আকৌ মাতৃগৰ্ভত সংৰোপণ কৰি দিয়া হয়, তেন্ত জন্ম হ’ব লগা শিশুটি ৰোগমুক্ত নহ’বনে? ঠিক তেনেকৈ দেহত থকা বিংসগতিপূৰ্ণ কোষবোৰ সংশোধন কৰি বিভিন্ন জেনেটিক ৰোগ নিৰ্মূল কৰিব পৰা যাব৷’’– এখন ৰোগমুক্ত পৃথিৱীৰ কল্পনা আৰু তাৰ বাবে বিজ্ঞানীসকলে কাম কৰি থকা বিষয়টো যেন সমগ্ৰ ভাৰতবৰ্ষৰ বাবেই এটি ইতিবাচক খবৰ৷ যিটো কথা মাউতে গ্ৰন্থখনৰ জৰিয়তে প্ৰকাশ কৰিছে৷ গ্ৰন্থখনত মাউতৰ মাক-বাপেকৰ মনস্তত্ব আৰু  সন্তানৰ প্ৰতি থকা ইতিবাচক-নেতিবাচক ধাৰণা আদিও বিভিন্ন সময়ত সুন্দৰকৈ প্ৰকাশ পাইছে৷ মাউতে এম.এচ.চি. পঢ়ি থাকোঁতে এদিন মাকে মনে মনে জুমি চাই আছিল৷ ৰুবুলে কাৰণ সোধাত মাকে কোৱা–‘তোক পঢ়া চাই আছোঁ, মাষ্টাৰ্চ ডিগ্ৰী পঢ়া ল’ৰাইনো কেনেকৈ পঢ়ে চাইছোঁ’ বোলা কথাষাৰতেই প্ৰকট হৈছে দৰিদ্ৰতাৰ মাজতো নিজ সন্তানলৈ মাকৰ মৰম আৰু আগ্ৰহৰ প্ৰকৃত উমান৷ সেইদৰে বাপেক মৰিবৰ পৰত  মাকক কোৱা– ‘মোক দোষ দায় নধৰিবি৷ গাভৰু কালত তোক বহুত শাস্তি দিলোঁ৷ কোনোবাজন নজনা ভগৱন্তই কৰোৱাইছিল, নিজে জানি শুনি কৰা নাছিলোঁ৷’ কথাষাৰৰ দ্বাৰা বাপেকৰ জীৱন সম্পৰ্কীয় গভীৰ অভিজ্ঞতা আৰু দৰিদ্ৰতা আৰু সংগ্ৰামৰ অন্তৰালত নিজৰ পত্নীলৈ সোমাই থকা মৰম-আন্তৰিকতাৰ প্ৰকাশ ঘটিছে৷ ঠিক সেইদৰে গ্ৰন্থখনৰ একেবাৰে শেষত মাউতে কৰা ইতিবাচক আশাটো–‘দেখক, সকলোৱেই সপোন দেখক৷ সপোনৰ যোগেদিয়েই দৰিদ্ৰতাৰ নিৰ্দয় শিকলি চিঙি সকলো আগুৱাই যাওক৷ নহ’লেচোন মানুহবোৰ প্ৰজন্মৰ পিছত প্ৰজন্ম বন্দী হৈ আছে দৰিদ্ৰতাৰ মেৰপাকত’ বাক্যটোতে সোমাই আছে উত্তৰ প্ৰজন্মৰ বাবে এটি মসৃণ পথৰ দুৱাৰ৷ যি পথেৰে বাট বুলি সংগ্ৰাম আৰু সাধনাৰে প্ৰতিজন দৰিদ্ৰ শিশু হ’ব পাৰে অন্য এজন ৰুবুল মাউত৷

গ্ৰন্থখনৰ সবাটোকৈ ইতিবাচক দিশটো হৈছে  গ্ৰন্থখনত মূলতঃ জীৱন সম্পৰ্কীয় গভীৰ বোধ আৰু মানৱ মনৰ চিন্তা-ভাৱনা, কাৰ্যকলাপ আদিক ইতিবাচক দৃষ্টিভংগীৰে বৰ্ণনা কৰা হৈছে৷ আত্মজীৱনী হিচাপে নিজৰ ঢোল বজাই ৰত্নাকৰৰ পৰা বাল্মীকি হোৱাৰ কোনো বৃথা প্ৰচেষ্টা প্ৰদত্ত গ্ৰন্থখনত নাই৷ তদুপৰি দৰিদ্ৰতাক জীৱনৰ বাবে হেঙাৰ বুলি ভবা নতুন প্ৰজন্মৰ বাবে এই  ৰুবুল মাউতৰ জীৱন-পৰিক্ৰমাটো এটা উদাহৰণ হ’বৰ থল আছে৷ মানুহৰ জীৱনটোক সুস্থ আৰু ধনাত্মক দিশলৈ নিজৰ চেষ্টা আৰু সাধনাৰ বলত কেনেদৰেপৰিৱৰ্তন কৰি নিব পাৰি; ‘মোৰো এটা সপোন আছে’ গ্ৰন্থখন ইয়াৰে উৎকৃষ্ট নিদৰ্শন৷ সেইদৰে এজন বিজ্ঞানী হোৱাৰ সমান্তৰালভাৱে লেখক হিচাপেও নিজকে আত্মপ্ৰকাশ কৰি প্ৰতিষ্ঠা লাভ কৰা মাউতৰ কলমৰ পৰা পৰৱৰ্তী সময়তো জীৱন সম্পৰ্কীয় এনে সঁচা অনুভৱ আৰু বিজ্ঞানৰ চিন্তা-চেতনাবোৰ সহজ-সৰলকৈ বুজি পাব পৰাকৈ নতুন ৰচনা পাম বুলি আমি আশাবাদী৷ গ্ৰন্থখনত লিখকৰ নিজৰ সপোনটো য’ত শেষ হৈছে, ঠিক তাৰ পৰাই যেন পাঠকে নিজাকৈ বৰ্ণিল সপোন দেখিবলৈ আৰম্ভ কৰিছে৷ 

পূৰ্বায়ন প্ৰকাশনে প্ৰকাশ কৰা ১৫০  টকা মূল্যৰ এই গ্ৰন্থখনৰ পঠন অভিজ্ঞতা প্ৰতিজন পঢ়ুৱৈৰ বাবে সুখকৰ হ’ব বুলি আমি আশাবাদী৷ 

© ভাস্কৰ ভূঞা, গৱেষক ছাত্ৰ
গুৱাহাটী বিশ্ববিদ্যালয়,  ফোন-৮৭৫১৯৪৩৩৮৭

জাননীঃ লেখাটো ‘সাতসৰী’ত পূৰ্বে প্ৰকাশিত ।

Post a Comment

0 Comments