* মানুহে মানুহৰ প্ৰয়োজনত নিয়ম গঢ়িবও পাৰে, ভাঙিবও পাৰে৷ আমাৰ সংবিধানখনেই আমাৰ ভাৰত ৰাষ্ট্ৰখন সুকলমে চলি থাকিবলৈ প্ৰণয়ন কৰা কেতবোৰ নিয়মৰ সমষ্টিহে৷ সময়ভেদে আৰু প্ৰয়োজনভেদে আমি সংবিধানৰ এই নীতি-নীতিয়মবোৰ সলনি কৰি লৈছোঁ৷ ল’বলৈ বাধ্য হৈছোঁ৷ সেইদৰে আমাৰ সভ্যতা, সংস্কৃতিৰো কেতবোৰ নিৰ্দিষ্ট ৰীতি-নীতি, নীতি-নিয়মৰ মাজত আবদ্ধ৷ এই নীতি-নিয়মবোৰো সময়ভেদে আৰু প্ৰয়োজনভেদে সলনি হৈ আহিছে৷ গতিকে নিয়মৰ ভঙা আৰু গঢ়া উভয় প্ৰক্ৰিয়াটোৱেই এটা স্বাভাৱিক চিৰাচৰিত প্ৰক্ৰিয়া৷ এই নিয়মবোৰ কোনোবাই নহয় কোনোবাই ভাঙিবই লাগিব৷ যিবোৰ নিয়মে এখন সমাজবা এটা জাতিৰ উত্তৰণ ঘটোৱাতকৈ ক্ৰমান্বয়ে বৰ্বৰতা আৰু আওপুৰণি দিশলৈহে গতি কৰিবলৈ বাধ্য কৰে, যিবোৰ নিয়মে মানুহক সত্য আৰু শুদ্ধৰ পৰা আঁতৰলৈ আনি কেৱল আত্মকেন্দ্ৰিক, প্ৰৱঞ্চক আৰু স্বাৰ্থলোভী কৰিবলৈহে বাধ্য কৰে সেই নিয়মবোৰ কোনোবাই নহয় কোনোবাই ভাঙিবই লাগিব৷ এই নিয়ম ভঙা কাৰ্যটো এচামৰ বাবে অপ্ৰয়োজনীয় বুলি বিবেচিত হ’লে সময়ে কিন্তু কেৱল ইতিবাচক ৰূপান্তৰৰ কামনা কৰে৷ সেয়েহে জ্যোতিপ্ৰসাদেও কৈ গৈছে– ৰূপান্তৰেহে জগত ধুনীয়া কৰে৷
সংস্কাৰ আৰু পৰম্পৰাৰ নামত আমাৰ সমাজ, সংস্কৃতি আৰু সভ্যতাত এনে কিছুমান পৰম্পৰা, আচাৰ-বিচাৰ, ৰীতি-নীতি সংপৃক্ত আজিকোপটি প্ৰচলন হৈ আছে যি কেতিয়াও মানৱতা আৰু প্ৰগতিশীল সমাজৰ হিতৰ স্বাৰ্থত নহয়৷ এনে কিছুমান নিয়মে মানুহক কোনো দিনাই ৰাজহাড় পোন কৰি কথা ক’বলৈ নিদিয়ে, নিজাকৈ চিন্তা কৰাৰ প্ৰেৰণা নিদিয়ে৷ বা নতুন চিন্তা-চেতনাৰ উন্মেষ ঘটোৱাটো বাধা প্ৰদান কৰে৷ নীতি-নীয়মৰ এনে হাতোৰাই কিছুমান যুক্তিহীন মত আৰু পৰম্পৰাকে ‘সত্য আৰু শুদ্ধ’ বুলি মানিবলৈ প্ৰজন্মৰ পাছত আন এটা প্ৰজন্মক বাধ্য কৰি আহিছে৷ পৰিতাপৰ কথা যে এইধৰণৰ নিয়ম নিদ্ধৰ্াৰণ কৰা এচাম সুবিধাবাদীলোকৰ হাততে বৰ্তমান দেশৰ গৰিষ্ঠসংখ্যক লোকৰ মন মনন আবদ্ধ হৈ আছে৷ যি এবাৰ গঢ়ি যোৱা নিয়ম এটা বিভিন্ন কাৰণত কেতিয়াও সলনি হোৱাৰ পোষকতা নকৰে৷ সমান্তৰালভাৱে সমাজত এনে কিছুমান যুক্তিহীন কাম-কাজ দীৰ্ঘদীন ধৰি চলি আহিছে; যিটো অহিত আৰু ইতিবাচক নহয় বুলি জানিও তাৰ বিৰুদ্ধে মাত মতাৰ সাহস সৰহসংখ্যক লোকেই গোটাব নোৱাৰে৷ সমাজত বিশ্বাসৰ নামতো অন্ধবিশ্বাসৰ মাত্ৰাই মাত্ৰাধিক৷ পৰম্পৰাৰ নামত গোড়ামীৰ মাত্ৰাই বেছি৷ সেইদৰে সংস্কৃতিৰ পৰা আঁতৰলৈ আহি দৈনন্দিন জীৱনলৈ লক্ষ্য কৰিলেও দেখা যাব যে চাকৰি এটা পাবলৈ ঘোচ দিয়াটো এটা নিয়মৰ দৰেই হৈ পৰিছে৷ মিনিষ্টাৰৰ পৰা আৰম্ভ কৰি গাঁৱৰ ঠিকাদাৰটোলেকৈ সকলোকে কেৱল কমিচন লাগে, পঞ্চাশ টকা এটা নিদিলে গাঁওবুঢ়াৰ প্ৰমাণ পত্ৰ এখন নাপায়, এশ টকা এটা দিলেই পুলিচে চোৰ, ডকাইতকো এৰি দিব পাৰে৷এইবোৰ যেন সমাজৰ চিৰাচৰিত একো একোটা নিয়ম হৈ পৰিছে৷
আকৌ গিলাচ এটা আঁকিবলৈ ক’লে সেই তাহানিৰে পৰাই কোনোবা চিত্ৰকৰে আঁকি থৈ যোৱা ‘থিয় হৈ থকা গিলাচ এটা’কে আমি একে ৰূপতে আঁকি আহিছোঁ৷ কেতিয়াও আমি নিজাকৈ আঁকিবলৈ চেষ্টা কৰা নাই৷ কিন্তু ওলোটাকৈ থোৱা, পেলাই থোৱা গিলাচ এটাৰ ছবি আঁকিবলৈ আমাক কোনে শিকাব? বা গিলাচটো কাষৰ পৰা নাচাই ওপৰৰ পৰাওটো চাব পাৰি! এই চাবলৈ কোনে শিকাব? এতিয়া যদি কোনোবাই গিলাচ এটা আঁকোতে যিকোনো এটা দিশ নিৰ্বাচন কৰি নিজস্ব ধৰণে আঁকে, তেনে কৰিলে নিয়ম ভঙা বুলি কোনোবাই ক’ব নেকি? যদি কয়ো, তেন্তে ছবি অঁকাজনৰ ভুল নে কওঁতাজনৰ ভুল বুলি ক’ব? বা গিলাচৰ ছবি অঁকাজনে ছবিটো নিজ ইচ্চাতে আঁকিব পৰাকৈ এটা পৰিৱেশ আমাৰ সমাজে দিব পাৰিছেনে? নে পূৰ্বৰ পৰাই কোনোবাই অঁকাৰ ধৰণটোতে ছবি আঁকিলেহে তাক শুদ্ধ বুলি বিবেচনা কৰা হ’ব? – এনেধৰণৰ বহুবোৰ যুক্তিযুক্ত কথা-বাৰ্তা আৰু প্ৰগতিশীল চিন্তা-চৰ্চাৰ বিশ্লেষণ, পৰ্যবেক্ষণ আৰু ইতিবাচক সমস্যাৰ সমাধানেৰে শেহতীয়াকৈ ড॰ অৰবিন্দ ৰাজখোৱাই লিখি উলিয়াইছে এখন মননশীল প্ৰবন্ধ সংকলন৷ গ্ৰন্থখনৰ নাম– ‘নিয়মবোৰ কোনোবাই ভাঙিবই লাগিব’ [বনলতা, ২০১৭]৷ বিংশ শতিকাৰ শেষৰফালে গল্পকাৰ আৰু ব্যঙ্গলেখক হিচাপে আত্মপ্ৰকাশ কৰা আৰু পৰৱৰ্তী সময়ত উপন্যাস আৰু সাহিত্য সমালোচক হিচাপে খ্যাতি লাভ কৰা লেখক অৰবিন্দ ৰাজখোৱাৰ শেহতীয়াকৈ প্ৰকাশিত হোৱা এই প্ৰবন্ধ সংকলনখনে আমাৰ সমাজত যুক্তিবাদী চিন্তা-চেতনাৰ প্ৰতাৰ আৰু প্ৰসাৰ কৰাত সফল হৈছে৷ গ্ৰন্থখনে যুক্তিবাদী প্ৰবন্ধ সাহিত্যক সমৃদ্ধ কৰাৰ সমান্তৰালভাৱে সমাজ-সভ্যতাৰ কেতবোৰ চিন্তনীয়, বিতৰ্কীত আৰু স্পৰ্শকাতৰ বিষয় জনসমাজৰ মাজলৈ নতুন চিন্তা-চেতনাৰে উলিয়াই আনিছে৷
অসমীয়া সাহিত্যত বৰ্তমান সময়ত কুলেন্দু পাঠক, দেৱকান্ত সন্দিকৈ, ময়ূৰ বৰা, ৰূপালীম দত্ত, ৰিপুঞ্জয় গগৈ বা দিপীকা বৰগোঁহাই আদিয়ে যিধৰণে সমাজখনৰ সামগ্ৰিক কৰ্মৰাজিক যুক্তিশীল চিন্তা-চেতনাৰে পৰ্যবেক্ষণ কৰিছে; ঠিক সেইদৰে তেনে এক আদৰ্শৰেই প্ৰতিফলন অৰবিন্দ ৰাজখোৱাৰ উল্লিখিত গ্ৰন্থখনত প্ৰতিফলিত হৈছে৷
সমাজ-সংস্কৃতিৰ বিভিন্ন স্পৰ্শকাতৰ সমস্যাত অসমৰ জনসাধাৰণৰ স্থিতি আৰু ভূমিকা, সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, ধৰ্মীয় আদি দিশবোৰে সমাজখনৰ পৰিৱেশটো কোন দিশে ধাৱিত কৰাইছে, ধৰ্মৰ নামত আচলতে আমি এটা জাতিৰ সৈতে আন এটা জাতিৰপৰা কেনেদৰে পৃথক হৈ হৈ গৈ আছোঁ, আধুনিকতা আৰু উচ্ছ শিক্ষাই আচলতে বেজবৰুৱাই ৰচনা কৰা ‘ভোকেন্দ্ৰ বৰুৱা’ৰ দৰে মূৰ্খ চৰিত্ৰৰহে জন্ম দিছে নেকি বা ধৰ্মীয় পৰম্পৰাৰ নামত আমি আচলতে কিমান দানবীয় কাম কৰিবলৈ বাধ্য হৈছোঁ– এনেধৰণৰ স্পৰ্শকাতৰ বিষয় সন্দৰ্ভত লেখকৰ নিজস্ব দৃষ্টিভংগী আৰু গভীৰ বিশ্লেষণ গ্ৰন্থখনৰ প্ৰায়বোৰ প্ৰবন্ধতে প্ৰকাশ পাইছে৷
‘বিয়া ১’ আৰু ‘বিয়া ২’ নামৰ ৰচনাত লেখকে দেখুৱাইছে যে– সংস্কৃতি আৰু আধুনিকতা গ্ৰহণ কৰাৰ নামত আচলতে আমাৰ সংস্কৃতিটো কোন দিশলৈ গতি কৰিছে, বিয়া এখন অনুষ্ঠিত কৰা প্ৰকৃত উদ্দেশ্য আৰু তাৰ আনুষ্ঠানিকতাবোৰৰ মাজত যে কিমান আকাশ-পাতাল পাৰ্থক্য! আমাৰ সমাজত বিয়া এখনৰ নামত কিমান অনাহক টকা পইচাৰপৰা খাদ্যলৈকে লোকচান কৰা হয়? যি সময়ত যৌতুক প্ৰথা দিয়াটো আৰু লোৱাটো লাজৰ কথা বুলি এনে নিয়ম বন্ধ কৰাৰ বাবে পুৰুষ-নাৰী সমন্বিতে সকলোৱে একেমুখে প্ৰতিবাদ কৰিব লাগিছিল, সেই যৌতুক প্ৰথাই এতিয়া অসমীয়া বিয়াৰ প্ৰধান বিষয় হৈ পৰিল৷ অসমীয়া জাতি বুলি পৃথককৈ পৰিচয় দি ভাল পোৱা অসমীয়া জাতিৰ কোনো এখন বিয়াতেই এতিয়া নিজস্বতা নোহোৱাৰ দৰে হ’ল৷ কেৱল বাহ্যিকতা আৰু মনত থকাকৈ বিয়া পাতিবলৈহে যেন সকলো উদ্বাউল৷ কৃত্ৰিমতাৰ বাদে যেন এই বিয়াবোৰত সংস্কৃতি বুলি একো নাই৷ আকৌ বিয়াৰ ৰাহি-যোৱা চোৱাৰপৰা কন্যা-দৰাৰ শুভদিন অশুভ দিন চোৱালৈকে কেৱল অন্ধবিশ্বাস আৰু গোড়া পৰম্পৰাই আগুৰি আছে৷ এইধৰণৰ বিষয়বোৰ সমাজত যুগ যুগ ধৰি চিৰাচৰিত নিয়ম বুলিয়েই চলি আহিছে; কিন্তু লেখকে উপযুক্ত যুক্তি আৰু উদাহৰণেৰে এইধৰণৰ নিয়মবোৰ ভাঙি পেলোৱাৰ কথা কৈছে৷
অসমত কৃষিজীৱি ৰাইজৰ প্ৰধান জীৱিকা হৈছে খেতি-বাতি৷ কিন্তু গো-পালন বা ছাগলী পালনৰ সজাগতা নথকাৰ ফলত অসমৰ সমগ্ৰ খেতি-বাতি [ধানৰপৰা আৰম্ভ কৰি শাক-পাচলিলৈকে ] সকলোবোৰ অপচয় আৰু অনিষ্ট হয় আৰু ফলশ্ৰুতিত ৰাজ্যখনৰ অৰ্থনীতিয়েই বিপৰ্যস্ত হ’ব লগাত পৰে৷ এনে ধৰণৰ গো-পালনৰ সজাগতা বিষয়ক বিস্তৃত বিৱৰণ লেখকে ‘কাউ মেনেজমেন্ট’ ৰচনাত উল্লেখ কৰিছে৷ গাঁৱৰ সমাজত পথাৰৰ ধান কাটিলেই হ’ল কিম্বা নহ’ল, ইফালে ৰাইজে গৰু মেলি দিবলৈ আৰম্ভ কৰেই, ধান খেতি কৰাৰ পাছত সেই ঠাইত নতুনকৈ বাম খেতি এটা কৰাৰ কথা মানুহে ভাবিবই নোৱাৰে, কাৰণ উদঙীয়া পথাৰ৷ কিমানক বাধা দিব গৰু নেমেলিবলৈ ! এই সৰু সৰু কথাবোৰো সমাজৰ যেন নিয়ম একোটা হৈ পৰিছে ৷ সেইদৰে শেহতীয়াকৈ গুণোৎসৱৰ সময়ত লেখকে লাভ কৰা ব্যক্তিগত অভিজ্ঞতা আৰু অসমৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়বোৰৰ দুৰাৱস্থা আৰু সম্ভাৱনা বিষয়ক এটা মননশীল প্ৰবন্ধ হৈছে– ‘মহেন, কুকৈ আৰু ডাঙৰমাইহঁত’৷ বিগত বছৰবোৰৰ দৰেই ২০১৮ বৰ্ষত হোৱা অসমৰ বান পৰিস্থতি আৰু বানৰ কবলত পৰা আৰ্তজনৰ দুখ, হুমুনিয়াহ আদিৰ পূৰ্ণ প্ৰতিফলন ঘটিছে ‘বানাক্ৰান্তৰ বাবে কেইখনমান কম্বল’ শীৰ্ষক ৰচনাত৷ এই ৰচনাত লেখকে নিজেই বানসাহাৰ্য দিবলৈ গৈ লাভ কৰা অভিজ্ঞতা সম্পৰ্কে বৰ্ণনা কৰিছে৷ চৰকাৰৰ অমনোযোগিতা আৰু মথাউৰি নিৰ্মাণৰ ৰাজনীতিৰ বাবে দৰিদ্ৰ গঞাৰ প্ৰতিবছৰে আলৈ আথানি হয়, ঘোচখোৰ বিষয়াই কমিচন লৈহে মথাউৰি নিৰ্মাণ কৰে, ৰিলিফৰ বাবে চাউল, দালিও চৰকাৰী বিষয়াই বিক্ৰী কৰি পকেট গৰম কৰে৷ জিঅ’ কাৰ্পেট কাটি নিয়ে একাংশ দস্যুলোকে৷ এইধৰণৰ কথাবোৰ লেখক ৰাজখোৱাই উদাহৰণসহ আৰু বলিষ্ঠভাৱে উপস্থাপন কৰিছে৷ এই ৰচনাত বানপানীৰ আৰু মথাউৰি নিৰ্মাণক লৈ চৰকাৰৰ যি দুৰ্বল নীতি আৰু একাংশ ঘোচখোৰ বিষয়া আৰু ঠিকাদাৰৰ যি দায়িত্বহীন কৰ্ম-কাণ্ড, সেই দিশটোৰ তীব্ৰ সমালোচনা কৰা হৈছে৷
‘শিক্ষকতা কবি খেতিতকৈয়ো সহজ’ শীৰ্ষক ৰচনাত বৰ্তমান শিক্ষকতাৰ নামত চলি থকা পৰম্পৰাগত ব্যৱস্তাটোৱে শিক্ষক বৃত্তিধাৰী একাংশ মানুহে প্ৰজন্মৰ পাছত প্ৰজন্মক কেনেদৰে নিঃশেষ কৰি আহিছে আৰু একাংশই শিক্ষকতাক সেৱা হিচাপে নলৈ কেৱল এটা বৃত্তি হিচাপে গ্ৰহণ কৰি কেনেদৰে ভোগ-বিলাসিতাৰে জীৱন উদ্যাপন কৰিছে, সেই বিষয়ে ৰাজখোৱাই অলপমানো লুক-ঢাক নকৰাকৈ বৰ্ণনা কৰিছে৷ পুৱা ন বজাত শিক্ষকজন যাব লাগে বিদ্যালয়লৈ; কিন্তু যায় নিজৰ সন্তানটো ব্যক্তিগত বিদ্যালয়ত থ’বলৈ, একাংশ শিক্ষক ক্লাছলৈ যায় দহ মিনিট দেৰিকৈ আৰু সমাপ্ত কৰে বেল মৰাৰ পাঁচ মিনিট আগতে৷ শিক্ষা ব্যৱস্থাৰ এই বিষয়বোৰো একাংশ শিক্ষকে নিয়ম কৰি পেলাইছে আৰু দৈনন্দিন এনেদৰেই নিয়মমাফিক কাম-কাজ চলাই গৈছে৷ এইধৰণৰ নিয়মবোৰ লেখকে ভাঙি পেলোৱাৰ কথা কৈছে৷
গ্ৰন্থখনত সৰ্বমুঠ ৩২ টা প্ৰবন্ধ আছে৷ ইয়াৰে প্ৰতিটো প্ৰবন্ধত লেখকে নতুন প্ৰজন্মক উদ্দেশ্যি কথাবোৰ ক’বলৈ যত্ন কৰিছে৷ গ্ৰন্থখনৰ ইতিবাচক দিশৰ ভিতৰত সৰ্বপ্ৰথমেই ক’ব পাৰি – এইখন গ্ৰন্থত লেখকৰ নিজস্ব দৃষ্টিভঙ্গী প্ৰতিফলিত হোৱাৰ সমান্তৰালভাৱে পাঠকেও লেখকৰ চিন্তা-চেতনাৰ আঁত ধৰি নিজাকৈ কিছু কথা চিন্তা-চৰ্চা কৰাৰ থল বিচাৰি পাব৷ বিশেষকৈ নৱ-প্ৰজন্মৰ যিসকল সচেতন ব্যক্তি আৰু ছাত্ৰ সমাজে নতুনকৈ কিবা এটা কৰাৰ কথা ভাৱে বা সমাজৰ কেতবোৰ অশুভ পৰম্পৰা, ৰীতি-নীতিৰ বিৰোধিতা কৰি যুক্তিবাদ প্ৰতিষ্ঠা কৰাৰ কথা ভাৱে, সেইসকলৰ বাবে গ্ৰন্থখনে এখন সাৰথি আৰু পথ পদৰ্শকৰ দৰে কাম কৰিব ৷
ভোগবিলাসিতা, কৰ্মৰ প্ৰতি অনীহা আৰু পাল মৰা স্বভাৱ, একাংশই উৎসৱৰ নামত কৰা উদ্ভণ্ডালি, অসমীয়া চিনেমাৰ ভৱিষ্য, মোবাইলফোনে সমাজলৈ অনা পৰিৱৰ্তন আৰু মানুহৰ শিষ্টাচাৰ, কলেজ, বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱৰ ভৱিষ্যৎ আদি বিভিন্ন বিষয়বোৰক লৈ লেখকে অতি সুক্ষ্ম দৃষ্টিৰে পৰ্যবেক্ষণ কৰি তাৰ কাৰ্য কাৰণ বৰ্ণনা কৰাৰ লগতে সমাধানৰ পথো নিজাকৈ দিবলৈ যত্ন কৰিছে৷ যুৱ মহোৎসৱত মহাবিদ্যালয়সমূহে অংশ ল’ব লাগে যদিও ই বাধ্যবাধকতা নোহোৱাত বহুতো কলেজে তাৰ সুবিধা লয় আৰু অংশ গ্ৰহণ নকৰাকৈ থাকে৷ ফলত একাংশ শিক্ষাৰ্থীৰ লোকচানো হয়৷ যুৱ মহোৎসৱক মাথোন ৰুটিন মাফিক অনুষ্ঠান হিচাপে গন্য নকৰি ইয়াক এক গতিশীল আৰু ব্যৱহাৰিক অৰ্থত যুৱ শক্তি আৱিষ্কাৰৰ মাধ্যম কৰি তুলিবলৈ কিছু উপদেশ আৰু কিছু সমালোচনাৰে ‘যুৱ মহোৎসৱৰ ভৱিষ্যৎ’ প্ৰবন্ধটো লিখা হৈছে৷
‘জাতীয় চৰিত্ৰৰ আন কেতবোৰ দিশ’ শীৰ্ষক ৰচনাত লেখকে আমাৰ নিজৰ চৰিত্ৰ, কথা আৰু কামৰ মাজত যে কিমান আকাশ-পাতাল পাৰ্থক্য থাকে; সেই বিষয়ে উল্লেখ কৰিছে৷ লেখকে উল্লেখ কৰাৰ দৰে ‘বেছিভাগ মানুহ ভাল হৈ আছে কেৱল ‘বেয়া’ হোৱাৰ সুবিধা নোপোৱাৰ বাবেহে৷ সমাজক শোষণ কৰাৰ সুযোগ নোপোৱাৰ বাবেহে শোষণৰ বিৰুদ্ধে একাংশই মাত মাতি আছে৷’– এয়াই যেন আমাৰ সমাজখনৰ প্ৰকৃত স্বৰূপ৷ আটাইতকৈ বাস্তৱ সত্যটো হ’ল ধৰ্ম বুলি সততে দম্ভ কৰি থকা ধৰ্মীয় অনুষ্ঠানতেই হওঁক বা আন স্থানতেই হওক– প্ৰস্বাৱ কৰা আৰু পিক পেলোৱা ঠাইত ঈশ্বৰৰ ফটো উলমাইহে আমাৰ সমাজত ৰাজহুৱা সম্পত্তিৰ ৰক্ষা কৰা হয়৷ গতিকে বাহ্যিকভাৱে আমি শিক্ষিত হ’লেও আমাৰ মন আৰু মানসিকতা কোন স্তৰত আছে; সেয়া ভাবি চাবলগীয়া৷
গ্ৰন্থখনৰ বহু অংশত সমাজৰ কিছুমান পৰম্পৰা আৰু ৰীতি-নীতিৰ প্ৰতি ব্যঙ্গ আৰু শ্লেষাত্মক ভাৱ এটা বিচাৰি পোৱা যায়৷ লেখক নিজেই যিহেতু ব্যংগ ৰচনাত সিদ্ধহস্ত; সেয়েহে এই গ্ৰন্থখনতো ব্যংগৰ কিছু ক্ষীণ লক্ষণ পৰিস্ফুত হৈছে৷ গ্ৰন্থখনৰ ৰচনাবোৰৰ পটভূমি বৰ্তমান সমাজখনৰ৷ দুই এটা প্ৰবন্ধত অতীতৰ লগত বৰ্তমান ৰিজনি দি তাৰ ইতিবাচক নেতিবাচক দিশবোৰ তুলনামূলকভাৱে বাখ্যা কৰা হৈছে৷ সেইদৰে ধৰ্মীয় ভণ্ডামিৰ বিষয়েও গ্ৰন্থখনৰ বহুকেইটা প্ৰবন্ধত উল্লেখ আছে৷ যিটো সময়ত সাম্প্ৰদায়িক সংঘৰ্ষ আৰু ধৰ্মীয় ৰাজনীতিয়ে গোটেই দেশত সন্ত্ৰাসৰ সৃষ্টি কৰিছে৷ সেই সময়তে লেখক ৰাজখোৱাই ধৰ্মৰ উদ্ধৰ্লৈ গৈ মানৱীয় মূল্যবোধ আৰু নিজস্বতাক গুৰুত্ব দি এখন যুক্তিৰ আধাৰত নিৰ্মাণ হোৱা সমাজৰ কামনা কৰি এই গ্ৰন্থখন লিখি উলিয়াইছে৷ অৱশ্যে পৰম্পৰাগত ধ্যান ধাৰণাতে আবদ্ধ থাকি ভালপোৱা গোড়া আৰু ধৰ্মান্ধলোকৰ বাবে এইখন গ্ৰন্থ পঠনৰ সুখকৰ অভিজ্ঞতা নহ’ব৷ কাৰণ লেখকে যিবোৰ অন্ধ নিয়ম ভাঙি এখন নতুন আৰু যুক্তিনিষ্ঠ সমাজ গঢ়াৰ সপোন দেখিছে সেইখন সমাজত অন্ধবিশ্বাসী, পৰম্পৰাগত আৰু প্ৰথাগত ধ্যান-ধাৰণাত বিশ্বাসীলোকে সহজে একাকাৰ হ’ব নোৱাৰিব৷ কিন্তু যিসকল পাঠক ‘ৰূপান্তৰে জগত ধুনীয়া কৰে’ ধাৰণাত বিশ্বাসী আৰু নিজেও কিছু কিছু দিশত ইতিবাচক ৰূপান্তৰৰ কামনা কৰে সেইসকলৰ বাবে এইখন গ্ৰন্থই নিশ্চিতৰূপত নতুন পথৰ সন্ধান দিব৷
পূৰ্ব প্ৰকাশঃ নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰী, ২০১৮
0 Comments