শৈলেন বৰুৱাৰ বহুমাত্ৰিক গদ্য চৰ্চা

 'সোৱনশিৰি অভিযান' আৰু 'চাৰিকড়ীয়া অভিযান' গ্ৰন্থৰ সমালোচনা



 লখিমপুৰ জিলাৰ দুখন প্ৰতিনিধিত্বমূলক নদী ক্ৰমে সোৱনশিৰি আৰু চাৰিকড়ীয়া নদীৰ বিজ্ঞানসন্মত আৰু গভীৰ বিশ্লেষণেৰে অসমীয়া নদীকেন্দ্ৰিক ভ্ৰমণ সাহিত্যক সমৃদ্ধ কৰা লেখক শৈলেন বৰুৱা হৈছে লখিমপুৰ জিলাৰে এজন প্ৰতিনিধিত্বমূলক যুৱ লেখক৷ বৰুৱা পেচাত সাংবাদিক৷ কিন্তু সমান্তৰালভাৱে সাহিত্যচৰ্চাৰ ক্ষেত্ৰখনতো তেওঁৰ স্থান উল্লেখযোগ্য৷ বিশেষভাৱে নদীক কেন্দ্ৰ কৰি ৰচনা কৰা অভিযান কাহিনীৰ দুখন মনোৰম গ্ৰন্থৰ বাবে শৈলেন বৰুৱাৰ নামটো অসমীয়া সাহিত্যত বিশেষভাৱে উল্লেখনীয়৷ এতিয়ালৈকে প্ৰকাশিত বৰুৱাৰ সাহিত্যৰাজিসমূহ হৈছে–


 উপন্যাস- 

 এজাক জোনাকৰ বৰষুণ [২০০৫]

  সহবাস বিলাস [২০০৫]

 অভিযান কাহিনী- 

 চাৰিকড়ীয়া অভিযান, উৎসৰ পৰা মোহনালৈ [২০০৯]

 সোৱনশিৰি অভিযান, বৃহৎ নদী বান্ধ ইত্যাদি [২০১২]

 স্মৃতিগ্ৰন্থ সম্পাদনা- 

 অকনবালা দাসৰ জন্ম শতবাৰ্ষিকীৰ স্মৃতিগ্ৰন্থ [১৯৯৯]

 সাংবাদিক  জীৱনপঞ্জী [যুটীয়াভাৱে] [২০১০]

 শতাব্দ বৰ্ণন [২০১২]

 ৰৌপ্যসেতু [২০১৬]

 অভিনন্দন গ্ৰন্থ সম্পাদনা-

 গুনসিন্ধু [২০১০]

 জীৱন আৰু সৃষ্টি, সৰ্বেশ্বৰ সূত বৰুৱা [২০১২]

 জীৱন আৰু কৰ্ম, নন্দকিশোৰ মহেশ্বৰী [২০১৩]


 শৈলেন বৰুৱাই নদী অভিযানক কেন্দ্ৰ কৰি ৰচনা কৰা গ্ৰন্থদুখন ক্ৰমে– ‘চাৰিকড়ীয়া অভিযান, উৎসৰ পৰা মোহনালৈ’ আৰু ‘সোৱনশিৰি অভিযান, বৃহৎ নদী বান্ধ ইত্যাদি’৷ এই দুয়োখন গ্ৰন্থই নদীকেন্দ্ৰিক অভিযানৰ মনোৰম অভিজ্ঞতা, নদী দুখনৰ বিষয়ে বিভিন্ন ঐতিহাসিক আৰু বৰ্তমানৰ তথ্য  আৰু বিশ্লেষণেৰে সমৃদ্ধ৷ অসমীয়া সাহিত্যত ইতিমধ্যেই প্ৰকৃতি সজাগতা, পৰিচয় বা সংৰক্ষণ বিষয়ক বিভিন্নখন গ্ৰন্থ প্ৰকাশিত হৈছে৷ জীৱ-জন্তুৰ পৰা আৰম্ভ কৰি পাহাৰ-পৰ্বত ইত্যাদি প্ৰতিটো বিষয়তে গৱেষকসকলে ভালেখিনি গ্ৰন্থ লিখি উলিয়াইছে৷ কিন্তু এইবোৰৰ তুলনাত একোখন নদীক কেন্দ্ৰ কৰি নদীখনৰ সামগ্ৰিকতাক অধ্যয়ন কৰি বিজ্ঞানসন্মতভাৱে এখন গ্ৰন্থ ৰচনা কৰা লিখকৰ সংখ্যা তেনেই আঙুলিৰ মূৰত গণিব পৰা বিধৰ আৰু এনেকৈ নদী এখনক বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰি কিতাপ এখন লিখা কামটোও সহজ নহয়৷ নদীৰ বিজ্ঞানসন্মত অধ্যয়ন আৰু সাহিত্যৰ মাজেৰে তাৰ প্ৰতিফলন হোৱা ধাৰাটোৰ বিকাশ অসমীয়া সাহিত্যত তেনেই সীমিত বুলিয়েই ক’ব লাগিব৷ ব্ৰহ্মপুত্ৰ নৈক কেন্দ্ৰ কৰি অৱশ্যে কিছু সংখ্যক সাহিত্য ৰচনা ইতিমধ্যে হৈছে৷  নদ-নদী সংক্ৰান্তীয় কিতাপ ৰচনা কৰা লেখকসকলৰ ভিতৰত  যোগেন্দ্ৰ নাথ শৰ্মা, ড॰ ৰীণা চৌধুৰী, প্ৰফুল্ল ডেকা, মৃণাল তালুকদাৰ, লীল বাহাদুৰ ক্ষত্ৰী আদিৰ নামৰ পিছতেই শৈলেন বৰুৱাৰ নাম ল’ব পাৰি৷  

 ‘চাৰিকড়ীয়া অভিযান, উৎসৰ পৰা মোহনালৈ’ গ্ৰন্থখনৰ সম্পৰ্কে প্ৰকৃতিপ্ৰেমী সৌম্যদ্বীপ দত্তৰ বিশ্লেষণ মনকৰিবলগীয়া৷ দত্তৰ মতে– ‘‘ব্ৰহ্মপুত্ৰক বাদ দি অসমৰ অন্যান্য নদীবোৰক লৈ অসমীয়া ভাষাত কিতাপ-পত্ৰ অত্যন্ত তাকৰ, আনকি নাই বুলি ক’লেও বোধকৰো ভুল কোৱা নহ’ব৷ মই ভাবো সাংবাদিক তথা অভিযাত্ৰী শৈলেন বৰুৱাৰ ‘চাৰিকড়ীয়া অভিযান, উৎসৰ পৰা মোহনালৈ’ কিতাপখনে অসমীয়া ভাষাৰ নদী অভিযান কাহিনীৰ নতুন বিষয়টোক এটি মান্যতা প্ৰদান কৰিলে৷ ব্ৰহ্মপুত্ৰক বাদ দি অসমৰ কোনো এখন নদীৰ উৎসৰ পৰা মোহনালৈ সম্পূৰ্ণ পৰিক্ৰমা তথা নিজৰ অনুভূতি আৰু অভিজ্ঞতাৰে নদীৰ সম্পূৰ্ণ জীৱন-গাঁথা শুনোৱা প্ৰথমজন ব্যক্তি বোধকৰো শৈলেন বৰুৱা৷ অসমত অসংখ্য নদ-নদী আছে, মই ভাবো শৈলেন বৰুৱাৰ এই প্ৰচেষ্টাই আৰু বহুতো অসমীয়া ল’ৰা-ছোৱালীক নদী অভিযানত প্ৰেৰণা যোগাব৷’’ [চাৰিকড়ীয়া অভিযান, উৎসৰ পৰা মোহনালৈ, প্ৰকাশকৰ দু-আষাৰ] 

 অসমৰ পাঠকে চাৰিকড়ীয়া নদীৰ বিষয়ে হোমেন বৰগোহাঞিৰ ৰচনাত পূৰ্বতেও  পঢ়াৰ সৌভাগ্য হৈছে নি(য়৷ কিন্তু শৈলেন বৰৱাই উপন্যাসধৰ্মী এই কাহিনীটোৰ মাজেৰে সমগ্ৰ নদীখনক মূল্যায়ন আৰু অধ্যয়ন কৰাৰ লগতে নদীখনৰ সামগ্ৰিক বৈশিষ্ট্যক জনসাধাৰণ মাজলৈ বিজ্ঞানসন্মতভাৱে উলিয়াই আনিছে৷ উপন্যাসোপম কাহিনীটোৰ মাজত  জ্ঞান লাভৰ সমান্তৰালভাৱে যি দুৰ্গম আৰু মনোৰম অভিযানৰ বৰ্ণনা পোৱা যায়, ই পাঠকক জ্ঞান আৰু তথ্য প্ৰদান কৰাৰ সমান্তৰালভাৱে মনোৰঞ্জন দিবলৈয়ো সক্ষম হৈছে৷

 ইয়াৰোপৰি অসমৰ উপনৈসমূহৰ ভিতৰত উৎসৰ পৰা মোহনা পৰ্যন্ত অভিযান চলোৱা ৰাজ্যখনৰেই প্ৰথমটো অভিযান আছিল চাৰিকড়ীয়া অভিযান৷ গতিকে গ্ৰন্থখনৰ সমান্তৰালভাৱে এই অভিযানো আছিল অসমৰ বাবে এক গৌৰৱৰ কাৰণ৷ লগতে তাৎপৰ্যপূৰ্ণ যে এই অভিযান আছিল সম্পূৰ্ণ বিজ্ঞানসন্মত আৰু লেখকৰ নিজা প্ৰচেষ্টাৰ ফল৷ লেখকে চাৰিকড়ীয়া অভিযানৰ গ্ৰন্থখনৰ পাতনিত উল্লেখ কৰিছে যে–‘‘ ভৱিষ্যতে  ইচ্চুক ব্যক্তিয়ে নদীত অভিযান চলাবলৈ হ’লে ‘চাৰিকড়ীয়া অভিযান, উৎসৰ পৰা মোহনালৈ গ্ৰন্থখনে নিশ্চিতভাৱে সহায় কৰিব৷ ৰাজ্যখনৰ বানপানীৰ সৃষ্টিৰে নদীসমূহে জনগণৰ ওপৰত তাণ্ডৱ সৃষ্টি কৰাৰ বাবে কেৱল নদীসমূহেই দায়ী নে? গ্ৰাম্য পৰ্যটনত নদীক কেনেদৰে জৰিত কৰিব পাৰি নদী অভিযান কেনেকৈ আৰম্ভ কৰিব পাৰি? নদীয়ে বাৰে বাৰে আমনি কৰিলেও মানুহে নদীক ভাল পাই থাকে?- এই বহু প্ৰশ্নৰ উত্তৰ পাবলৈ হ’লে চাৰিকড়ীয়া অভিযানৰ সোৱাদ ল’বই লাগিব৷’’ গ্ৰন্থখনত চাৰিকড়ীয়া নদীৰ আশে-পাশে থকা অঞ্চলসমূহৰো বিস্তৃত বিৱৰণ আছে৷ সেই অঞ্চলসমূহৰ গড় তাপমান, প্ৰদূষণৰ মাত্ৰা,  যাতায়াত, যোগাযোগ, ভৌগোলিক অৱস্থান, নদীখনত পোৱা বিভিন্ন জলচৰ প্ৰাণী, চৰাই-চিৰিকতিসমূহৰ তথ্য আদিৰে সমগ্ৰ গ্ৰন্থখন ভৰপূৰ হৈ আছে৷ গ্ৰন্থখনৰ শেষৰফালে বৰুৱাই চাৰিকড়ীয়া নদীৰ উৎসৰ পৰা মোহনালৈকে সমগ্ৰ লাইপুলীয়া-চাৰিকড়ীয়া নদীৰ এখন ৰেখাচিত্ৰ অঙ্কন কৰিছে লগতে লখিমপুৰ আৰু ধেমাজি জিলাৰ মাজেৰে চাৰিকড়ীয়া নদীৰ গতিপথ অঙ্কণ কৰিছে৷ আগন্তুক দিনত পৰ্যটক বা নদীখনৰ লগত সম্পৰ্কীত কোনো বিষয়ৰ অধ্যয়নৰ বাবে এই ৰেখাচিত্ৰ দুখনে বিশেষ সহায় কৰিব৷

 অন্যহাতে বৰুৱাৰ আনখন গ্ৰন্থ ‘সোৱনশিৰি অভিযান, বৃহৎ নদী বান্ধ ইত্যাদি’ [২০১২] গ্ৰন্থখনো অসমৰ সমাজ জীৱনৰ বাবে এখন গুৰুত্বপূৰ্ণ তথ্য সম্বলিত গ্ৰন্থ হিচাপে বিবেচনা কৰিব পাৰি৷  এনে এখন গ্ৰন্থ  ৰচনা কৰাটো অতি দুঃসাহসী কৰ্ম– সেই কথা লেখকে নিজেও স্বীকাৰ কৰিছে৷ সমগ্ৰ গ্ৰন্থখন ৰচনা কৰিবলৈ লেখকে দুবাৰকৈ সোৱনশিৰিৰ বুকুত নাওঁৰে অভিযান চলাইছে৷ সোৱনশিৰি হৈছে লখিমপুৰ জিলাখনৰে এখন উল্লেখযোগ্য নদী৷ সোৱনশিৰিত বিচাৰিলে সোণ পোৱা যায় বুলি এটি ধাৰণা মানুহৰ মনত এতিয়াও আছে৷ শেহতীয়াকৈ এই নদীখনত বৃহৎ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণক লৈ অসমৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক জীৱনত বহু প্ৰভাৱ পৰিছে ৷ সমান্তৰালভাৱে সোৱনশিৰিৰ বুকুত থকা জৈৱ-বৈচিত্ৰৰ প্ৰতিও ভাবুকি আহিছে ৷ নদীখনক কেন্দ্ৰ কৰি কাষৰ দুই তিনিখন জিলাৰ জনসাধাৰণে বানপানীৰ ভয়, আশঙ্কাত দিন কটাইছে৷ এনে এটা সময়তে লেখক শৈলেন বৰুৱাই এখন সময়োপযোগী, প্ৰাসঙ্গিক আৰু যুক্তিনিষ্ঠ তথ্যৰ আধাৰত ৰচনা কৰা গ্ৰন্থই সমগ্ৰ অসমৰ বাবেই আশাৰ ৰেঙনি কঢ়িয়াই আনিছে৷ গ্ৰন্থখনত শতাধিক ৰচনা সঙ্কলিত হৈছে৷ প্ৰতিটো ৰচনাতে লেখকৰ তীক্ষ্ণ বিচাৰ-বিবেচনা শক্তি আৰু সুস্থিৰ পৰ্যবেক্ষণ নিহিত হৈ আছে৷ গ্ৰন্থখনৰ মুঠ অধ্যায় ৬ টা৷ প্ৰতিটো অধ্যায়তে বহুকেইটা গুৰুত্বপূৰ্ণ ৰচনা আছে৷ অতি গভীৰ বিশ্লেষণ দক্ষতা আৰু নদী সম্পৰ্কীয় জ্ঞান নাথাকিলে এনে এখন গ্ৰন্থ লিখি উলিয়াব নোৱাৰি৷  

 সোৱনশিৰি নদীৰ ইতিহাস, জলবিদ্যুৎ প্ৰকল্পৰ পৰা হ’ব পৰা ক্ষয়-ক্ষতি, এন এইচ পি চিৰ চূড়ান্ত মইমতালি, সোৱনশিৰি বান্ধ বন্ধ কৰিবৰ বাবে অসমত হোৱা আন্দোলন, প্ৰতিবাদসমূহৰ বিস্তৃত বিৱৰণ, অসম আৰু অৰুণাচলৰ প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষাত এই নদী আৰু বান্ধটোৰ গুৰুত্ব, সোৱনশিৰিৰ বান্ধ আৰু গৰাখহনীয়াৰ সমস্যা আৰু প্ৰতিকাৰ, বৃহৎ নদীবান্ধৰ ফলত হ’ব পৰা দুৰ্যোগ, বৃহৎ নদীবান্ধক লৈ অসমৰ অৰ্থনৈতিক, ৰাজনৈতিক আদি বিভিন্ন দিশত সৃষ্টি হোৱা নেতিবাচক পৰিৱেশ আদি বিভিন্ন বিষয়ৰ বিস্তৃত অধ্যয়ন আদি দিশসমূহ গ্ৰন্থখনত বৰ্ণিত হৈছে৷ তথ্য আৰু বিশ্লেষণৰ দক্ষতা গ্ৰন্থখনৰ প্ৰধান ৰাজহাড়৷ প্ৰতিটো গুৰুত্বপূৰ্ণ অঞ্চলৰে ভৌগোলিক অৱস্থিতি গ্ৰন্থখনত উল্লেখ কৰা হৈছে৷ গ্ৰন্থখনৰ শেষৰফালে উল্লেখ কৰা তথ্য তালিকাসমূহে সোৱনশিৰি নদীৰ পূৰ্বৰ আৰু বৰ্তমানৰ ভৌগোলিক অৱস্থানৰ মাজত আকাশ-পাতাল পাৰ্থক্য আৰু নদীখনত উপলব্ধ জৈৱ-বৈচিত্ৰসমূহলৈ অহা সমস্যাসমূহ স্পষ্টৰূপত দেখুৱাইছে৷ গ্ৰন্থখনৰ শেষৰফালে¸ ইংৰাজী ভাষাত বহুকেইটা প্ৰবন্ধ আৰু সেই সময়ছোৱাত বাতৰি কাকতত সোৱনশিৰি নৈ আৰু নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পক লৈ ‘আমাৰ অসম’ কাকতত প্ৰকাশ কৰা বাতৰিবোৰ সংযোগ কৰা আছে৷ গ্ৰন্থখনত সহজ-সৰল কথোপকথনমূলক আৰু উপন্যাসধৰ্মী ভাৱেৰে লেখকে সকলো স্তৰৰ মানুহে কথাবোৰ বুজি পোৱাকৈ উল্লেখ কৰাৰ চেষ্টা কৰিছে৷ এন এইচ পি চিৰ বান্ধ সম্পৰ্কে অসমৰ অসংখ্য মানুহে ইতিবাচক-নেতিবাচক কথাৰ লগতে বিভিন্ন সময়ত আন্দোলন, প্ৰতিবাদ কৰি আহিছে যদিও তাৰে সৰহসংখ্যক লোকৰ হাততে নদীখনৰ বিষয়ে উপযুক্ত তথ্য আৰু প্ৰমাণৰ অভাৱ৷ কিন্তু শৈলেন বৰুৱাৰ এই গ্ৰন্থখনে যেন আগ্ৰহী সকলৰবাবে এই অভাৱ পূৰণ কৰি থৈছে৷ সমান্তৰালভাৱে যিসকল প্ৰতিবাদকাৰীয়ে এই বান্ধৰ বিপক্ষে থিয় দি আজি পৰ্যন্ত এটা সবল আন্দোলনটো বৰ্তাই ৰাখিছে; সেইসকলৰ বাবেও এই গ্ৰন্থখনে সাৰথি ৰূপে প্ৰেৰণা দিবলৈ সক্ষম হ’ব৷

 শৈলেন বৰুৱাৰ এই গ্ৰন্থদুখনৰ আটাইতকৈ উল্লেখনীয় দিশ হ’ল–  গ্ৰন্থদুখনে অসমৰ সৰু-বৰ নদ-নদীসমূহক বিজ্ঞানসন্মত ভাৱে অধ্যয়ন আৰু বিশ্লেষণ কৰি ভৱিষ্যতৰ বাবে সংৰক্ষণ আৰু সংবদ্ধৰ্ন কৰিবলৈ এটা পথ দেখুৱাই দিলে৷ সেইদৰে অসম প্ৰাকৃতিক সম্পদত ইমানেই চহকী যে অসমৰ প্ৰাকৃতিক সম্পদৰাজীৰ ইতিবাচক অধ্যয়ন আৰু পাৰ্যমানে উন্নতি সাধন কৰি পৰ্যটন উদ্যোগটোৰ বিকাশ,প্ৰসাৰৰ আৰু সংৰক্ষণৰ বাবে চৰকাৰে কাম কৰিব পাৰে৷ সোৱনশিৰিৰি অভিযান কালত শৈলেন বৰুৱাই দুলুং সংৰক্ষিত বনাঞ্চলত পখিলাৰ বিভিন্ন প্ৰজাতি পোৱাৰ কথা উল্লেখ কৰিছে৷ সেইদৰে সোৱনশিৰিৰ বুকুতো অসংখ্য শিহু আছে৷ বিভিন্ন প্ৰজাতিৰ মাছ আছে৷ ২৯ বিধ প্ৰজাতিৰ চৰাই পোৱাৰ কথাও উল্লেখ কৰিছে৷ গতিকে এইবোৰৰ সংৰক্ষণ কৰাটো চৰকাৰে গুৰুত্বপূৰ্ণ কৰ্ম হিচাপে বিবেচনা কৰিব লাগে৷ লগতে এই কথাও সত্য যে অসমত পৰ্যটনৰ বিকাশৰ বাবে কাম কৰিবলৈ হ’লে বিভিন্ন সময়ত এনেধৰণৰ গ্ৰন্থবোৰে সমল আৰু সাহস প্ৰদান কৰিব৷ সেইদৰে নদীৰ পাৰৰ সভ্যতা, নদীকেন্দ্ৰিক সমাজৰ সাংস্কৃতিক জীৱন পৰিক্ৰমা, নদীৰ পৰা হ’ব পৰা লাভালাভ, ক্ষয়-ক্ষতি, নদীৰ ভৌগোলিক অৱস্থান, নদীৰ প্ৰদূষণ আৰু প্ৰতিৰোধ আদি দিশবোৰৰ বিজ্ঞানসন্মত আৰু পুংখানুপুংখ অধ্যয়নেহে সমাজ এখনৰ বাবে নদীখনক আশীৰ্বাদ কৰি ৰাখিব পাৰে৷ 

 প্ৰকৃতি সম্পৰ্কীয় বিশ্লেষণ আৰু তাৰ অধ্যয়নৰ ক্ষেত্ৰতো গ্ৰন্থদুখনৰ ভৱিষ্যৎ মূল্য যথেষ্ট পৰিমাণে আছে৷ দিন বাগৰাৰ সমান্তৰালভাৱে এই গ্ৰন্থদুখনেও নতুনত্ব লাভ কৰি গৈ থাকিব৷ প্ৰফুল্ল ডেকাৰ ‘বুল্লুমবুথুৰ’, মৃণাল তালুকদাৰৰ ‘ছাংপোৰ পৰা ব্ৰহ্মপুত্ৰলৈ’ আৰু আব্দুল ৱাকিদৰ ‘শিশুৰ সন্ধানত লুইতেদি’ আদি গ্ৰন্থৰ পাছতে শৈলেন বৰুৱাৰ এই উল্লিখিত গ্ৰন্থদুখনৰ নাম ল’ব পাৰি৷ গতিকে এইধৰণৰ অগতানুগতিক চিন্তা-চৰ্চাৰ বাট দেখুৱাই দিয়া লেখক বৰুৱাই  অসমীয়া নদীকেন্দ্ৰীক অভিযান সাহিত্যৰে এটি নব্য ধাৰা সৃষ্টিত অৰিহণা যোগাইছে বুলি ক’ব পাৰি৷ লেখক হিচাপে শৈলেন বৰুৱাৰ সাহিত্যৰাজীৰ সংখ্যা সংখ্যাগতভাৱে তাকৰ যদিও গুণগতভাৱে সোৱনশিৰি সম্পৰ্কীয় আৰু চাৰিকড়ীয়া নদী সম্পৰ্কীয় দুখন অগতানুগতিক গ্ৰন্থৰ বাবে অসমীয়া পৰিৱেশ সাহিত্যত তেওঁৰ নামটো জিলিকি থাকিব৷


পূৰ্ব প্ৰকাশঃ  সাতসৰী, ছেপ্তেম্বৰ, ২০১৮

Post a Comment

0 Comments