* মানুহে চিৰদিন মনৰ জিজ্ঞাসা আৰু আত্মপ্ৰকাশ, আত্মপ্ৰতিষ্ঠাৰ বাবে প্ৰচলিত নিয়মৰ নিগৰ ভাঙি নতুন নতুন পথৰ সন্ধান কৰি আহিছে৷ সাহিত্যৰ ক্ষেত্ৰত কিছু সংখ্যক সাহিত্যিকে পূৰ্বৰ এটা নিৰ্দিষ্ট আৰ্হি গ্ৰহণ কৰি প্ৰচলিত সাহিত্য ধাৰাটোত সাহিত্য চৰ্চা কৰাৰ সলনি নিজে নতুনকৈ কিছু সংযোগ কৰাৰ লোভ সামৰিব নোৱাৰে৷ অৱশ্যে ইয়াৰ দ্বাৰা সাহিত্যই সমৃদ্ধ হয়৷ অসমীয়া আত্মজীৱনী ৰচনাৰ ক্ষেত্ৰতো তেনে এটি ইতিবাচক আদৰ্শ আগত লৈ নতুন ৰূপ আৰু সাহিত্যিক আভিজাত্যৰে প্ৰণৱজ্যোতি ডেকাই লিখি উলিয়াইছে তেওঁৰ জীৱনৰ কিছু খণ্ডিত কাহিনীৰে বৰ্ণিত এখন বিক্ষিপ্ত আত্মজীৱনী, নাম– ‘সোণৰ চামুচ মুখত লৈ’ ৷
ঊনবিংশ শতিকাৰ শেষ দশকৰ পৰা মূলতঃ গল্প ৰচনাৰ দ্বাৰা পঢ়ুৱৈৰ মন মনন আছন্ন কৰি ৰখা ডেকাৰ এই আত্মজীৱনীখন বৰ্তমান সময়ত পঢ়ুৱৈৰ বাবে পৰম কৌতুহ’লৰ কাৰণ হৈ পৰিছে৷ আত্মজীৱনীখনৰ প্ৰতিটো পৃষ্ঠাতেই লেখকে পৰোক্ষভাৱে ঘোষণা কৰি থকা ‘আত্মজীৱনীকাৰৰ একো নহ’ল’ ধাৰণাটোৱে গ্ৰন্থখনক এখন ৰসোত্তীৰ্ণ আত্মজীৱনীলৈ উত্তৰণ ঘটোৱাত সহায় কৰিছে৷ ডেকাই গ্ৰন্থখনত কোনো পাতনি লিখা নাই৷ আগকথা অধ্যায়তেই ব্যক্তিগত জীৱনত সংঘটিত হোৱা দুই এক বাস্তৱ অথচ ৰুঢ় অভিজ্ঞতাৰ বৰ্ণনাৰ দ্বাৰা তেওঁৰ সমসাময়িক সমাজখনৰ আৰু তেওঁৰ জীৱনত পাৰ কৰি অহা কিছু বিভৎস দিশৰ সৈতে পাঠকক পৰিচয় কৰোৱাইছে৷ এই উৎস্যুকতা পাঠকে আত্মজীৱনীখনৰ আৰম্ভৰ পৰা শেষলৈকে বুকুত কঢ়িয়াই লৈ ফুৰিব পাৰিব৷ গ্ৰন্থখনত মুঠ ২২টটা অধ্যায় আছে৷ ইয়াৰে প্ৰতিটো অধ্যায়তেই ডেকাই উন্মোচন কৰিছে কেতবোৰ বিস্মৰণীয়, ৰসাল আৰু তাৎপৰ্যপূৰ্ণ অভিজ্ঞতা৷ তেওঁৰ বিস্তৰ অধ্যয়ন আৰু ব্যতিক্ৰমধৰ্মী উপলব্ধিবোৰেও প্ৰতিটো অধ্যায়ক এক অনন্য মাত্ৰা প্ৰদান কৰিছে৷
গ্ৰন্থখনত ডেকাই নিজৰ জীৱনত সংঘটিত হোৱা এনে কেতবোৰ আশ্চৰ্যকৰ কৰ্ম-কাণ্ডৰ চমকপ্ৰদ বৰ্ণনা কৰিছে, যিবোৰে তেওঁৰ প্ৰতি সাধাৰণ পাঠকক ‘সাধাৰণতে’ সহানভূতিশীল কৰি নোতোলে, বৰঞ্চ ডেকাক সন্দেহৰ দৃষ্টিৰে চাবলৈহে বাধ্য কৰিব৷ অৱশ্যে কিছুমান ক্ষেত্ৰত তেওঁৰ প্ৰতি পাঠকৰ সহাঁৰি ইতিবাচক হ’ব৷ হীৰেণ গোহাঁয়ে যি সময়ত বতাহত ক’ৰ গধূলি গোপাল লিখি অসমীয়া আত্মজীৱনী ৰচনাৰ ক্ষেত্ৰত নতুন অধ্যায়ৰ সূচনা কৰিছিল আৰু পৰৱৰ্তী সময়ত তেওঁৰ আন তিনিখন আত্মজীৱনীমূলক গ্ৰন্থয়ো এই ধাৰাবাহিকতা বজাই ৰাখিছিল, তেওঁৰ সেই আত্মজীৱনীকেইখনৰ দৰেই প্ৰণৱজ্যোতি ডেকাৰ এই বিক্ষিপ্ত আত্মজীৱনীখনো ব্যতিক্ৰমধৰ্মিতাৰে সমৃদ্ধ৷ হীৰেণ গোহাঁয়ে আত্মজীৱনী ৰচনা কৰাৰ সময়ত বহুতৰ বাবে ‘চৰ্চা আৰু সন্দেহৰ বিষয়’ হৈ পৰিছিল৷ অৱশ্যে এতিয়াৰ বৌদ্ধিক সমাজখনৰ কথা বেলেগ৷ কাৰণ, সময় আৰু পৰিৱৰ্তনৰ চাকনৈয়াত সাহিত্য এনে অৱস্থালৈ প্ৰক্ষেপিত হৈছে যে, লেখকে ক’ব বিচৰা যিকোনো কথাকে পাঠকৰ কাষলৈ লৈ যাবলৈ সাহিত্য পূৰ্ণ প্ৰস্তুত৷ সচেতন পাঠক মাত্ৰেই এই কথা বুজি পোৱা হৈছেও, গতিকে তেওঁলোকে যিকোনো ঘটনা বা কাৰ্যৰ বৰ্ণনাকে হজম কৰিব পাৰে, আৰু এই ইতিবাচক দৃষ্টিভংগীৰেই ডেকাৰ গ্ৰন্থখনো গ্ৰহণ কৰাটো জৰুৰী৷ সাধাৰণ মানুহে শুচিবায়গ্ৰন্থ বুলি ভবা বহুতো কথা গল্পকাৰ বা কবি ঔপন্যাসিকে সাহিত্যত লিখি থৈ গৈছেই, প্ৰণৱজ্যোতি ডেকা ব্যতিক্ৰম এইবাবেই যে, তেওঁ একেখিনি কথা আত্মজীৱনীত বৰ্ণনা কৰিছে৷ গ্ৰন্থখনৰ প্ৰায়সংখ্যক পৃষ্ঠাতে বিচাৰি পোৱা যাব আত্মজীৱনীকাৰৰ ব্যক্তিগত জীৱনৰ লগতে সামাজিক জীৱনৰ বিভিন্ন কথা-বতৰা আৰু বিচাৰি পোৱা যাব বহু অজানা দিশৰ গুপ্ত সমল৷ কাৰণ, লিখন শৈলীৰ সাৱলীল অথচ অনন্য সোৱাদযুক্ত গদ্যৰে সমৃদ্ধ এই আত্মজীৱনীৰ আৰম্ভণিতে মহাভাৰতৰ বনপৰ্বৰ পৰা দিয়া এটি বিশেষ উদ্ধৃতি উল্লেখ কৰাটো মন কৰিবলগীয়াঃ ‘‘যি জনাৰ মনটো আনতকৈ পৃথক নহয় তেখেত ঋৃষিয়েই নহয়৷’’ গতিকে গ্ৰন্থখনত এই পৃথক মত আৰু বিৰোধ দৃষ্টিগোচৰ হোৱাতো তেনেই স্বাভাৱিক৷
ডেকাই তেওঁৰ জীৱনৰ লুকাই থ’বলগীয়া সেইবোৰ স্পৰ্শকাতৰ কথাও আলোচ্য গ্ৰন্থত সবিস্তাৰে আৰু তীক্ষ্ণ বৰ্ণনা কৰিছে, যিবোৰৰ বৰ্ণনাৰে আত্মজীৱনী সাহিত্যত এক নতুন দিশৰ উন্মোচন হৈছে; লগতে পাঠক সমাজ বহু সময়ত বিস্মিত হৈছে যে, এই ধৰণৰ তামসিক বৰ্ণনাও মুকলিকৈ ক’ব পৰাতো সম্ভৱনে? লেখকে এনেদৰেও নিজক নাঙঠ কৰিব পাৰেনে পাঠকৰ আগত? প্ৰসিদ্ধ গল্পকাৰ সৌৰভ কুমাৰ চলিহাইতো এক মাত্ৰ ‘মোৰ বহু কথা লুকুৱাব লগা আছে’ বুলিয়েই আত্মজীৱনী ৰচনাৰ পৰা বিৰত আছিল৷ এই দিশবোৰ চালি জাৰি চাই ক’ব পাৰি যে, অসমীয়া সাহিত্যত নতুন ধৰণেৰে ‘আত্মজীৱনী’ ৰচনাৰ ক্ষেত্ৰত এই গ্ৰন্থখন পৰৱৰ্তী সময়ত দিক্ নিৰ্ণায়ক গ্ৰন্থ হিচাপে নিশ্চয় পথিকৃৎ হ’ব ৷
আত্মজীৱনী ৰচনাৰ দ্বাৰা বহু লিখকে¸ বৌদ্ধিক সমাজত আৰু পঢ়ুৱৈচামৰ মাজত নিজকে অলৌকিকভাৱে উপষ্ঠাপন কৰাৰ যি অকুণ্ঠ হাবিয়াহ পুহি গ্ৰন্থ ৰচনা কৰে, সেই হাবিয়াহৰ পৰা ডেকা সম্পূৰ্ণ মুক্ত৷ নিজক ‘অযোধ্যাৰ ৰাম’ কৰাৰ কোনো তৰিকা উক্ত গ্ৰন্থত পাবলৈ নাই৷ নিজৰ ব্যৰ্থতা আৰু অসফলতাৰ তালিকাহে গ্ৰন্থখনত বৰ্ণিত হৈছে৷ বাস্তৱ সফলতাসমূহ পাঠকৰ অজ্ঞাতে ৰাখি নিজে পাৰ কৰি অহা অতীতৰ বিষ্ময়জনক অভিজ্ঞতাবোৰ গ্ৰন্থখনৰ পাতে পাতে বৰ্ণিত হৈছে৷ লগতে কিছু সৌভাগ্য, কিছু আত্মগ্লানি, কিছু আত্মভিমান আৰু সমাজৰ পৰা লুক ঢাক কৰি কৰা সেইবোৰ কৰ্ম, যিবোৰ কৰ্ম বহুজন তথাকথিত ভদ্ৰলোকে সন্তপৰ্ণে নিজৰ জীৱনত পৰম কৌতুহ’ল আৰু আত্ম তৃপ্তিৰেউপভোগ কৰি আহিছে, তেনে বহু ৰমনীয় অভিজ্ঞতাৰ সৈতে পাঠক সমাজ সন্মুখীন হ’ব আৰু বহুতে ডেকাৰ চৰিত্ৰৰ মাজত নিজকে বিচাৰি পাব৷
ডেকাই ব্যক্তি আৰু সমাজক কৰা বিশ্লেষণ অতি critical ৷ ডেকাই উল্লেখ কৰিছে যে, তেওঁ মানুহজন অন্তৰ্ঃমুখী৷ কাৰো লগতে আপোচ নকৰে৷ সঁচাকৈয়ে, তেওঁৰ এই আপোচহীন ব্যতিক্ৰমী মনটোৰ উমান আত্মজীৱনীখনৰ পাতে পাতে জিলিকি আছে৷ সেইদৰে নাৰীৰ প্ৰতি পুৰুষৰ যি যৌন দৃষ্টিভংগী, তাকো ডেকাই মুকলি ভাৱেই গ্ৰন্থখনত বৰ্ণনা কৰিছে৷ নাৰীৰ প্ৰতি ডেকাৰ এই দৃষ্টিভংগীৰ মুক্ত আৰু স্বতঃস্ফূৰ্ত বহিঃপ্ৰকাশে গ্ৰন্থখনক বিতৰ্কলৈ লৈ যাবও পাৰে, কিন্তু সমাজৰ বাস্তৱ ছবিখন প্ৰকৃততে তেওঁ উল্লেখ কৰাৰ দৰেই সঁচা, তাত তিলমানো সন্দেহ নাই৷
‘অনাদি পাতন’ অধ্যায়টোৰ প্ৰথম অংশতে নিজৰ মাতৃয়ে তেওঁৰ প্ৰতি ‘কোনো দিন কৃতজ্ঞতাৰ চিন নেদেখুৱালে’ বুলি এটি আচৰিত ধৰণৰ মন্তব্য কৰিছে৷ অসমীয়া সমাজ সাহিত্যত নিজ মাতৃৰ কথা ইমানে কঠোৰভাৱে আৰু দৃঢ়ভাৱে সাহিত্যত উল্লেখ কৰা আত্মজীৱনীকাৰ হয়তো প্ৰণৱজ্যোতি ডেকাই প্ৰথম৷ গৃহকন্দলৰ বহুতো কথা ডেকাই নিৰ্লিপ্তভাৱে বৰ্ণনা কৰিছে আৰু এই কথাবোৰে তেওঁৰ ব্যক্তিগত জীৱনটোৰ ঘাত-প্ৰতিঘাত আদিৰ প্ৰতিনিধিত্ব কৰিছে৷ বহুক্ষেত্ৰত তেওঁৰ এইধৰণৰ অকপট স্বীকাৰুক্তিৰ মাজত উত্তৰ আধুনিক দৃষ্টিভংগীৰো প্ৰকাশ হৈছে৷ বাস্তৱক স্বীকাৰ কৰাত যেন ডেকা সম্পূৰ্ণ আৱেগহীন, নিৰপেক্ষ আৰু দ্বিধাহীন, সেই কথা ঘটনাবোৰৰবৰ্ণনাৰ পৰাই উমান পাব পাৰি৷ পিতৃ কৰ্মসূত্ৰে উকীল আৰু শেষলৈ মেজিষ্ট্ৰেট হোৱাৰ সুবাদতে বহুতে তেওঁক সোণৰ চামুচ মুখত লৈ উপজা বুলি আনে কৰা ধাৰণাটোৰ আঁৰৰ প্ৰকৃত ছবিখন ছেগ বুলি উল্লেখ কৰিছে৷ কলিকতাত থাকোঁতে তেওঁলোকৰ ঘৰলৈ যোৱা অসমৰ আলহীৰ প্ৰসংগৰ বৰ্ণনাখিনি বেছ আমোদজনক আৰু তাৰ সমান্তৰালভাৱে ডেকাক লগৰটোৱে কোৱা ‘‘ঐ তই বৰ কৃপণ ঐ, তোৰ বাপেৰে প্ৰতি ৰবিবাৰে আমাৰ ঘৰলৈ মাতি নি মাছে-মিঠায়ে দকচি খুৱাইছিল, আৰু তই তিনিমাহ জালুকবাৰীত আছ, মোক ভাত খাবলৈ এদিনো নামাতিলি’’ কথাষাৰৰ পৰাই বুজিব পাৰি যে পিতৃৰ সৈতে ডেকাৰ মত কিমান অমিল!
‘বাল-গোপালৰ সোণৰ বাঁহী’ অধ্যায়তো বহু গুৰুত্বপূৰ্ণ প্ৰসংগৰ অৱতাৰণা কৰা হৈছে৷ ONGC ত কাম কৰি থাকোঁতে আমেৰিকালৈ অধ্যয়নৰ বাবে যাবলৈ সুবিধা পায়ো নিজৰ হাতত টকা নথকাৰ বাবে পিতৃৰ টকাৰে আমেৰিকালৈ নাযাওঁ বুলি লোৱা সিদ্ধান্ত আৰু পিছত দেউতাকে সোধা ‘নগ’লি কিয় আমেৰিকালৈ invitation পাইও’ বুলি কৰা প্ৰশ্নৰ উত্তৰত– ‘তোৰতো তই চম্ভাল৷ মোৰতো মই চম্ভালিম... তই মোক নাচালেও হ’ব’ বুলি কৰা বিষেদগাৰ সঁচাকৈ আ(ৰ্যজনক৷ পিতৃ মাতৃৰ, বাই, ভগ্নী আদিৰ ওপৰত থকা ডেকাৰ অভিমান, খং আদিয়ে গ্ৰন্থখনত এক বিশেষ ঠাই উলিয়াই লৈছে; যি খং আৰু অভিমান হীৰেণ গোহাঁইৰ ইমান তিতা সাগৰৰ পানীতো দেখিবলৈ পোৱা যায়৷ সেইদৰে তেওঁ পিতৃৰ প্ৰতি অগাধ মৰম থকা কথাটোও গ্ৰন্থখনত ঠায়ে ঠায়ে উল্লেখ কৰিছে৷ সেইদৰে শৈশৱত ঘটা তিনিটা প্ৰধান ঘটনাৰ উল্লেখ এই অধ্যায়ত আছে, যি ঘটনা তেওঁৰ ‘মানসিক পৰিৱৰ্তনৰ মূল কাৰক’ বুলি চিহ্নিত কৰিছে৷
‘সৰস্বতী বন্দনা’ অধ্যায়ত ডেকাই শৈশৱ আৰু কৈশোৰ কালৰ কিছু নিৰ্বাচিত কৰ্ম আৰু কাৰ্য কলাপৰ উল্লেখ কৰিছে৷ তেওঁ সৰুৰে পৰাই প্ৰচুৰ অধ্যয়নশীল আছিল আৰু এই অধ্যয়নশীলতাই হয়তো ডেকাক প্ৰচুৰ জ্ঞান আৰু নানা অভিজ্ঞতাৰে সমৃদ্ধ কৰিছিল, তদুপৰি তেওঁৰ পৰ্যবেক্ষণ আছিল আনতকৈ পৃথক৷ যাৰ বাবে বৰ্তমান সময়ত এনে এখন বহু চৰ্চিত গ্ৰন্থ লিখিবলৈ ডেকাই নিজৰ পৃষ্ঠভূমি তৈয়াৰ কৰি লৈছে বুলি ভাবিবৰ থল আছে৷
‘কামৰূপ-কামাখ্যা আৰু ভাৰতৰ স্কটলে’ অধ্যায়ত গুৱাহাটীৰ ভৰলুমুখ অঞ্চলটোৰ পৰিচয় দিয়াৰ লগতে সেই সময়ত প্ৰচলিত কেতবোৰ অশ্লীল গালি, যৌন ইঙ্গিত যুক্ত শব্দৰ সৈতে তেওঁ গুৱাহাটীৰ অভিজাত ড’নবক্স স্কুলত কিদৰে পৰিচিত হৈছিল সেই কথাৰ নিৰ্মোহ বৰ্ণনা কৰিছে৷ শ্বিলঙত থকা দুই এক বৰ্ণনাও এই অধ্যায়ত উল্লেখ আছে৷ তদুপৰি তেওঁ বিভিন্ন সময়ত সভা সমিতিত কৰা কিছু আচৰিত অথচ সত্য ঘটনা যেনে- ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এক সভাত তেওঁ সভাৰ সামৰণি ভাষণ দিয়া সভাপতিক গৈ নিজে ক’বলগীয়া হোৱা –‘তেখেতৰ সামৰণি যদি বাস্তৱতে ‘সামৰণি’ নহয়, মই ‘মুখ্য বক্তা’ মঞ্চৰ পৰা নামি যাম সমূহ ৰাইজৰ আগতে৷’ এনে কামে ডেকা যে প্ৰকৃততে আনতকৈ পৃথক আৰু স্পষ্টবাদী; সেই মৰ্ম উপলব্ধি হোৱাত সহায় কৰিব৷
‘পুনৰ কামাখ্যা’ অধ্যায়তো এনে কিছু আচৰিত যেন লগা অথচ বাস্তৱত তেনেকৈয়ে পাৰ কৰি অহা জীৱনৰ ৰসাল অভিজ্ঞতাৰ বৰ্ণনাৰে ভৰপূৰ হৈ আছে; তেওঁ কোৱা ‘তহঁতে মোৰ আগত নক্সা মাৰ কিয়? না মই খুজিছো, না মই হাত পাতিছো, না মই স্ব-ইচ্চাই জন্ম লৈছো’ আদিৰ দৰে বৰ্ণনা অতি বিদ্ৰুহাত্মক৷ সেইদৰে মেট্ৰিক পৰীক্ষাত তেওঁ ভাল ৰিজাল্ট এটা কৰিব বুলি পিতৃকে আদি কৰি শিক্ষকসকলে ভাবি থকা ধাৰণাত চেঁচা পানী ঢালি কিদৰে অঘাইটং আৰু অহবলীয়া ছাত্ৰৰ পৰিচয় দিছিল সেই কথাও সবিস্তাৰে বৰ্ণনা কৰিছে৷ সেইদৰে মেট্ৰিক পৰীক্ষা দিবলৈ যাওঁতে প্ৰতিদিনাই সংঘটিত কৰা অভং কাৰ্য কলাপবোৰে এই অধ্যায়টোক বেছ ৰসাল কৰি তুলিছে৷ অৱশ্যে এই কাৰ্যবোৰৰ পৰা পাঠকে ৰসৰ খোৰাক পালেও এনে ঘটনা আৰু কাৰ্যবোৰ পৰৱৰ্তী প্ৰজন্মৰ বাবে গ্ৰহণযোগ্য হয় নে নহয়, সেই চিন্তা বিচাৰ্যৰ বিষয়৷
‘স্নাতক মহলালৈ’ অধ্যায়ত তেওঁ নিজে কোৱা- ‘‘সুগুণৰ ভিতৰত মোৰ আছিল, এগালমান বিশ্বসাহিত্যৰ সৰ্বোচ্ছ মানৰ গ্ৰন্থ পঠন এখনৰ পিছত এখনকৈ’ কথাষাৰে ডেকাৰ অধ্যয়নৰ দিশটো পোহৰলৈ আনে৷ গ্ৰন্থখনৰ মাজে মাজে তেওঁ নিজকে এনে কিছু ব্যতিক্ৰমধৰ্মী ব্যক্তি বুলি প্ৰতিষ্ঠা কৰিছে, অথচ কেতবোৰ দিশত তেওঁ ইমান শৃংখল বা দায়বদ্ধ; এই দিশবোৰৰ বিচাৰ কৰাতো মনস্তত্বৰ বিষয়৷ সেইদৰে তেওঁ I. ত্ৰন্তু পৰীক্ষা দিবলৈ যাওঁতে হীৰেণ গোহাঁইৰ পৰা আধা ঘKI×াৰ বাবে কিতাপ পঢ়ি পৰীক্ষা দিয়া বা তেওঁৰ প্ৰশ্ন কাকত সম্পৰ্কীয় পূৰ্বানুমান আদি ঘটনাই পাঠকক বেছ ৰস দিব৷ আচৰিত হ’ব লাগে, ডেকাই যি আত্মবিশ্বাস আৰু বলিষ্ঠভাৱে কথাবোৰ ক’ব পাৰে সেইয়া সকলোৰে বাবে সম্ভৱপৰ নহয় আৰু তেওঁৰ অটল আত্ম বিশ্বাসেই একমাত্ৰ সাৰথি, যাক তেওঁ নিজৰ জীৱনতো প্ৰত্যয়জনকভাৱেই প্ৰয়োগ কৰিছে৷
‘কাশীত স্নাতকোত্তৰ পাঠ’ অধ্যায়ত কাশীত পঢ়িবলৈ যাওঁতে ছাত্ৰাবাসত বঙালীভাষীৰ সৈতে তেওঁৰ দণ্ড আৰু যি নৈতিক সাহসৰ কথা কৈছে, ইয়াতেই তেওঁৰ আপোচবিহীন মন-মানসিকতাৰ প্ৰকাশ হৈছে৷ ‘‘আৰে ধুৰ্ বঙালৰ ভয়ত মেচ নসলাও’’ আদিৰ দৰে নিৰ্ভীক দম্ভই তেওঁৰ খেয়ালী মনটোক প্ৰতিনিধিত্ব কৰিছে৷ তেওঁ scholarship পাবলগীয়া হোৱাৰ পিছতো তেওঁৰ সৈতে কেইজনমান কৰ্মচাৰীয়ে কৰা ষড়যন্ত্ৰ আৰু পৰৱৰ্তী সময়ৰ ভূতাত্বিক বিষয়ত শিক্ষা ল’বলৈ যাওঁতে বেনাৰছ বিশ্ববিদ্যালয়ত হোৱা বিভিন্ন কাৰ্যকলাপ আৰু অভিজ্ঞতা আদি এই অধ্যায়ৰ মূল বিষয়বস্তু ৷ ডেকাই সুবিধা পালেই এচাম কাণ্ড-জ্ঞানহীন প্ৰফেচৰৰ অসৎ চৰিত্ৰ আৰু স্বাৰ্থপৰতাৰ বিষয়ে বিষেদগাৰ কৰি তুলিছে; ব্যংগ কৰিছে নিৰ্বিঘ্নে৷ সেইদৰে ঈশ্বৰৰ অস্তিত্বকো তেওঁ প্ৰায় নস্যাৎ কৰিছে৷
‘বিৰাম কাল’ অধ্যায়ত তেওঁৰ জীৱনৰ জটিল আৰু সমস্যাবহুল কালটোৰ বৰ্ণনা আছে, শিক্ষা সাং কৰি গুৱাহাটীলৈ আহি চাকৰি বিচাৰি ফুৰা কামটো যে কিমান হতাশাজনক আছিল, তাৰ উমান এই অধ্যায়ত পোৱা যাব৷ এই অধ্যায়তে ডেকাই শিৱসাগৰ সম্পৰ্কে কৰা মন্তব্যবোৰ নিৰুৎসাহজনক যদিও তেওঁ তাৰ সপক্ষে দিয়া যুক্তিবোৰক উলাই কৰিব নোৱাৰি৷ পাৰিবাৰিক কন্দলৰ বৰ্ণনা এই অধ্যায়ৰ শেষৰ ফালে পুনৰ দেখা পোৱা গৈছে৷
‘টাসখণ্ড’ অধ্যায়ত তেওঁৰ গৱেষক জীৱনটোৰ বৰ্ণনা আৰু নিজেই নিজৰ গৱেষণা সম্পৰ্কে কৰা বিশ্লেষণ আছে৷ এই অধ্যায়ত তেওঁ বিদেশৰ বিভিন্ন কু-কৰ্ম তথা কাৰ্যকলাপবোৰ সবিস্তাৰে বৰ্ণনা কৰিছে৷ বিশেষকৈ ছোভিয়েট ৰাছিয়াৰ বিখ্যাত বাতৰি কাকতক কৰা উপলুঙা সূচক মন্তব্য, ছাত্ৰাবাসত গৰু মঙহৰ বিতৰ্ক আদি এইক্ষেত্ৰত উল্লেখযোগ্য৷ এই ঘটনাবোৰৰ বৰ্ণনাত ডেকাক ভীষণ প্ৰতিবাদী ছাত্ৰ ৰূপত দেখা গৈছে৷ নেতৃত্ব দিব পৰা গুণো তেওঁৰ গাত বহু পৰিমানে আছে বুলি এই অধ্যায়ৰ বৰ্ণনাবোৰৰ পৰা প্ৰত্যয় যাব পাৰি৷
‘লেনীনগ্ৰাডত অৱস্থান’ অধ্যায়ত তেওঁ তাজমহল সম্পৰ্কে কৰা ‘‘এইচটা এচটা মাৰ্বলৰ পৰা কটা হ’ব নোৱাৰে, কেইবাটাও শিলাখণ্ড যোৰা লগাই কৰা’’ বাক্যই প্ৰথমতে সকলোকে অস্বস্তিত পেলাইছিল যদিও পৰৱৰ্তী সময়ত সেই কথাৰ সত্যতা Architecture of Tajmahal গ্ৰন্থত প্ৰমাণ হয়, এই বাণীৰ সত্যতাই ডেকাৰ বিশ্লেষণ শক্তি আৰু অধ্যয়নৰ দিশটো কিমান অন্তঃভাগলৈকে বিয়পি আছে, তাৰ অনুমান নিৰ্দেশ কৰে৷ তেওঁ আকৌ কৈছে এনেদৰে– ‘মই কেনেকৈ চিন্তা কৰোঁ, আৰু কিয় সেইদৰে চিন্তা কৰোঁ মই নিজ মুখেৰে নক’লে সৰহভাগ মানুহে বুজিটো নাপায়েই, মই কোৱা বা লিখাৰ পিছতো মোৰ চিন্তাৰ আঁত দাল ধৰিব নোৱাৰে৷’ গতিকে তেওঁৰ উদ্ভত চিন্তা-চৰ্চাৰ জীৱন পৰিক্ৰমা যে বেচ ৰহস্যময়, সেই কথা সহজে অনুমেয়þ৷ সেইদৰে তেওঁ কোৱা ‘মদ শব্দটো লিখাৰ পিছত স্বয়ংক্ৰিয়ভাৱে মাইকী শব্দটো আহেয়ে মোৰ কলমৰ আগলৈ’ বাক্যটোৱেই তেওঁৰ স্পষ্টবাদীতাৰ ইঙ্গিত বহন কৰে৷ সেইদৰে ভাৰতীয় গোড়া সমাজৰ দৰে যে ৰাছিয়াৰ সমাজ ব্যৱস্থা যে একে নহয়, তাক বুজাবলৈ ডেকাই কোৱা ‘‘...দুই চাৰিটা চুমা-চুমি কৰি এৰা এৰি হ’লো৷ তেনে সম্বন্ধ ৰাছিয়াত ধৰ্তব্যৰূপেই লোৱা নহয়’’ কথাষাৰেই যথেষ্ট৷
‘মোৰ বৈজ্ঞানিক গৱেষণাৰ ফল ঃ জীৱনত’ অধ্যায়ত তেওঁৰ বৈজ্ঞানীক মানসিকতা আৰু যুক্তিনিষ্ঠতাৰ পৰিচয় পোৱা যায়৷ বিজ্ঞানৰ নানা সমীকৰণে এই অধ্যায়টো আৱৰি আছে৷ অধ্যায়টো কিছু তাত্বিক৷ ইয়াতো Phd গাইডৰ লগত জেদ কৰি তেওঁ কি ধৰণে গৱেষণা কাৰ্যত ব্ৰৰ্তী হৈছিল তাৰ বিৱৰণ পোৱা যায়৷ আত্মভিমান আৰু নিজৰ মতৰ শুদ্ধতা সম্পৰ্কত অটল বিশ্বাসী ডেকাই কলিকতাস্থিত GSI কাৰ্যালয়লৈ গৈ কোৱা ‘‘যান-যান আপনাদেৰ boss ৰাইতো কিছু জানেনা- আপনাদেৰ আৰ কি শেকাবে’’ বাক্যটোৱেই এই অধ্যায়ৰ বিষ্ময়কৰ সংযোজন৷
‘জিলিকিছে লুইতৰে পাৰ’ অধ্যায়ত ডেকাই গুৱাহাটী বিশ্ববিদ্যালয়ত থাকোঁতে পাৰ কৰা সময়ৰ কিছু বিক্ষিপ্ত ঘটনা সন্নিৱিষ্ট কৰিছে৷ এই অধ্যায়টোৰ কেইটামান বিশেষ প্ৰসংগই অসমৰ উচ্ছ শিক্ষাৰ ক্ষেত্ৰখনত সততে চলি থকা কেইটামান দিশৰ পৰোক্ষ প্ৰতিফলন বুলিও ক’ব পাৰি৷ বিশ্ববিদ্যালয়ত ডেকাৰ মাহিলী বেতন সম্পৰ্কীয় কাহিনী, খৰচৰ নামত মিছা ৰচিদ বনাই ছাত্ৰৰ পৰা শিক্ষাগুৰুলৈকে সকলোৱে মিলি টকা খোৱাৰ বিৱৰণ, কম্পিউটাৰ চুৰি প্ৰসংগটোত পঞ্জীয়কৰ পৰা পুলিচলৈ সকলো জড়িত হোৱা তথ্য, চাকৰিৰ নিযুক্তিৰ ক্ষেত্ৰত হোৱা পাহাৰসম দুৰ্নীতি, প্ৰমোচনৰ বাবে খোৱা কামোৰা আৰু উপাচাৰ্য হীৰালাল দুৱৰাক দিয়া ধমকৰ বিৱৰণ আদি হৈছে এইটো অধ্যায়ৰ মূল বিষয়৷ তেওঁ আনকি হীৰালাল দুৱৰাৰ প্ৰতিও কোনো সন্মানসূচক শব্দ ব্যৱহাৰ নকৰি সি, তাৰ আদিৰেই কাম সামৰিছে৷ সেইদৰে অধ্যায়টোৰ শেষত লিখা ‘‘সুধাক_ই আশা কৰাৰ দৰেই জিলিকি আছে লুইতৰ পাৰ’’ বাক্যটোত চৰম ব্যংগাৰ্থ লুকাই আছে৷ বুজাই এই কথাটো বাৰুকৈয়ে বুজিব৷
তেওঁৰ জীৱন সম্পৰ্কীয় নিজস্ব বিচাৰ বিশ্লেষণেৰে বৰ্ণিত অধ্যায়টো হৈছে– ‘জীৱনে মোক কি শিকালে’৷ মানুহ জাতিৰ শক্তিশালী অনুভূতি বুলি উল্লেখ কৰা ভয়, ত্ৰাস, লোভ, ঈৰ্ষা আদি গুণবোৰৰ নামোল্লেখৰ দ্বাৰা মানৱ সমাজখনকে ব্যঙ্গ কৰিছে৷ সেইদৰে জীৱনৰ সফলতাই মোক কি শিকালে বুলি তেওঁৰ যি অতীত স্মৰণ, তাতো তেওঁ কোনো ইতিবাচক দিশৰ কথা কোৱা নাই৷ তাতোতকৈ ডাঙৰ কথা, তেওঁ কেতিয়াও নাভাবে নিজকে সফল হোৱা বুলি; এইয়া তেওঁৰ সৰলতা নে সহজ-সৰল জীৱনশৈলীৰ বৰ্হিপ্ৰকাশ, সেইয়া পাঠকৰ বাবে এটি ডাঙৰ প্ৰশ্ন৷ সেইদৰে ‘গীতা শাস্ত্ৰ’ গ্ৰন্থখন ‘‘কোনো ভগৱান শ্ৰীকৃষ্ণৰ মুখৰ পৰা কুৰুক্ষেত্ৰৰ ৰণথলীত মুখ নিঃসৰিত জ্ঞান ভাণ্ডাৰ নহয়’’ বোলাটোৱে নিৰীশ্বৰবাদী আৰু যুক্তিবাদীসকলক বিশেষভাৱে উৎসাহিত কৰিব যদিও ভাৰতীয় হিন্দু দৰ্শনৰ অন্ধ বিশ্বাসী এচামৰ বাবে ই হৈ পৰিছে চৰম দুভাগ্যৰ বিষয়৷ এই অকাট্য যুক্তি তেওঁলোকে খণ্ডন কৰিবলৈ সাহস কৰিবনে নকৰে সি পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব৷
‘জীৱনৰ অধোবিন্দু’ অধ্যায়ত তেওঁৰ পত্নীৰ সৈতে ভাৰতলৈ ঘূৰি অহাৰ বৰ্ণনা, সন্তান জন্ম দিয়াৰ বৰ্ণনা, বায়েকৰ পুতেক চিপ লৈ মৰাৰ পিচত মৃদদেহ পুৰিবলৈ কৰা ঠেলা-ঠেলি আদি বিভিন্ন খণ্ড-বিখণ্ড কাহিনীৰে ভৰি আছে৷
ডেকাৰ ৰাজনীতি আৰু সাহিত্য চৰ্চা বিষয়ক কেতবোৰ বিক্ষিপ্ত তথ্য আৰু নিজা বিশ্লেষণ–‘মোৰ জীৱনৰ ৰাজনীতি আৰু সাহিত্য চৰ্চা’ অধ্যায়ত বৰ্ণিত হৈছে৷ নিজ সাহিত্যৰ নিজা বিশ্লেষণেৰে ডেকাই প্ৰকৃততে ইয়াকো বুজাই দিছে যে তেওঁৰ গল্পৰ আঁৰৰ ক’বলগীয়া কথাখিনি প্ৰকৃততে কেনেধৰণৰ৷ সেইদৰে তেওঁৰ অভিধান চৰ্চা আৰু সঙ্কলনৰ কাম, চৰ্যাপদ সম্পৰ্কীয় গৱেষণা আৰু হৰপ্ৰসাদ শাস্ত্ৰীৰ সৈতে তেওঁৰ মতৰ পাৰ্থক্য আদিৰো বিৱৰণ এই অধ্যায়ত আছে৷ সেইদৰে তেওঁৰ কামাখ্যা বা নৱগ্ৰহ মন্দিৰত ‘সতী মাৰ যোনীখন’ কামাখ্যা পাহাৰত পৰা নপৰা বিষয়ত এজন বৃদ্ধৰ সৈতে হোৱা তথ্যসমৃদ্ধ অথচ হাস্যোদ্দীপক কথোপকথনে পাঠকক বেচ ৰসৰ সোৱাদ দিব আৰু ডেকা প্ৰকৃততেই যে বাঘৰ আগতেল খোৱা স্বভাৱৰ ব্যক্তি, সেইয়া উল্লিখিত ঘটনাটোত পুনৰ প্ৰতিফলিত হৈছে৷
‘মোৰ যৌন অন্বেষণৰ কাহিনী’ অধ্যায়টো হৈছে গ্ৰন্থখনৰ আটাইতকৈ কৌতুহ’লযুক্ত আৰু আকৰ্ষণীয় অধ্যায়৷ অধ্যায়টোৰ নামকৰণেই আমাৰ শুচিবায়ুগ্ৰস্থ সমাজৰ বাবে এক মোক্ষম আঘাত৷ যৌনতাৰ ক্ষেত্ৰত অসম, অসমীয়া সমাজ সভ্য বুলি সততে গৰ্বিত হৈ থকা এচামকো এই নামকৰণটোৱে হুল বিন্ধাদি বিন্ধিব৷ অধ্যায়টোৰ নামটোতে যৌনতাৰ গোন্ধ বিয়পি আছে৷ ডেকাই অধ্যায়টোৰ মাজত নিজৰ যৌন ক্ষুধা প্ৰশমিত কৰাৰ যি আত্নৰিক প্ৰচেষ্টা তাৰ আঁৰ-বেৰহীন বিৱৰণ দিছে৷ মাজে মাজে যৌনসুখ লোৱাৰ অভিজ্ঞতাও বৰ্ণিত হৈছে৷ সমান্তৰালভাৱে অধ্যায়টোত পুৰুষ মহিলাৰ যৌন মনস্তত্ব, যৌন ক্ষুধাৰ কাৰণ, যৌনসুখ ল’ব বিচৰা মানুহৰ বুজা-বুজিৰ আভ্যন্তৰীণ চুক্তি, ব্যক্তিৰ মানসিক যৌন বিকাৰ আদিও এই অধ্যায়ত প্ৰতিফলন হৈছে৷ উল্লেখযোগ্য এয়ে যে, ডেকাই যি কথা সততাৰে এই অধ্যায়ৰ কাহিনীবোৰ উল্লেখ কৰিছে, তাত আমাৰ আপচোচ কৰিব লগা আৰু লজ্জিত হ’ব লগা একো কাৰণ নাই, বৰঞ্চ তেওঁৰ সততাৰ সলাগ হে ল’ব লাগে, আত্মজীৱনী যদি লিখিবই লাগে তেন্তে তাত সত্যৰ প্ৰতিফলন হ’ব লাগিব৷ কোনো সাহিত্যিক বা আন ব্যক্তিয়ে সন্মান আৰু মৰ্যদাৰ কথা ভাবি ‘ধুতি-নীতি’ মানি আত্মজীৱনী লিখি নিজক পুতলা কৰাৰ ধৃষ্টতা নকৰাই ভাল৷ এইক্ষেত্ৰত ডেকাৰ গ্ৰন্থখন বিতৰ্কৰ উদ্ধৰ্ত৷ ভূপেন হাজৰিকায়ো কৈ গৈছে–‘‘ৰস চুহিলো ক’ত অভিজাত কুসুমৰ৷’’ এই ৰস চুহা কাৰ্যফেৰা যে হাজিৰকাৰ যৌনসুখৰ বাহিৰে আন একো নহয়, সেইয়া অনুভৱী প্ৰতিজন ব্যক্তিয়েই জানে৷ অসমীয়া গীতি-সাহিত্য আৰু কাহিনী সাহিত্যত এই ধৰণৰ বৰ্ণনা পূৰ্বৰে পৰা আছে যদিও আত্মজীৱনীত এনে গুপ্ত কথাৰ মুক্ত প্ৰকাশ অতি বিৰল৷
‘অনুভূতি’ অধ্যায়ত তেওঁৰ জীৱনৰ সৰ্বোচ্ছ আৰু সৰ্বনিম্ন অনুভূতিৰ খণ্ডিত অংশবোৰ পাঠকৰ সৈতে ভগাই লোৱাৰ প্ৰচেষ্টা কৰিছে৷ এই অধ্যায়ত উল্লেখ কৰা খণ্ডিত কাহিনীবোৰে প্ৰতিজন ব্যক্তিকে নিজাকৈ চিন্তা চৰ্চা কৰিবলৈ অনুপ্ৰেৰণা দিব৷ লগতে অসমীয়া সাহিত্যজগতত দপ্দপাই থকা আৰু পূৰ্বৰে পৰা ‘ভাল’ অভিধাটোৰে সন্মানিত বহুতো নমস্য পণ্ডিতৰ মুখা খোল খাই গৈছে৷ তদুপৰি প্ৰজন্মৰ সংঘাত, ব্যৱধান, এচাম ব্যক্তিৰ ৰাজনৈতিক কু-অভিসন্ধিৰ লগতে ড॰ গোলোক গোস্বামীয়ে ডেকাক দিয়া ধমক বিৱৰণ উল্লেখ কৰি ডেকাই গোস্বামীক ‘‘মহদ্ভ্ৰম মতিভ্ৰম অসমীয়া ভাষা পণ্ডিত’’ বুলি কোৱা কথাকেইষাৰ অত্যন্ত গুৰুত্বপূৰ্ণ৷ প্ৰসিদ্ধ কথাশিল্পী হোমেন বৰগোহাঞিৰ সম্পৰ্কত কোৱা–‘নীলাচল কাগজখন আপুনি [মুনীন্দ্ৰ নাৰায়ন দত্ত বৰুৱা] আৰু বৰগোহাঞিয়ে [হোমেন বৰগোহাঞি] মাৰিছে’ কথাষাৰেও চমক সৃষ্টি কৰাৰ সমান্তৰালভাৱে ডেকাৰ আপোচহীন মানসিকতাৰ প্ৰতিফলন কৰাইছে৷ এই অধ্যায়তে তেওঁৰ সমাজ, সংস্কৃতি, ৰাজনীতি, চৰকাৰ আদিৰ বিষয়ত থকা সূক্ষ্ম বিশ্লেষণ আৰু নিৰ্ভীক পৰ্যবেক্ষণৰ বৰ্ণনা আছে৷ চৰকাৰ আৰু প্ৰশাসনৰ অজ্ঞাতে চলি থকা বহুতো কু-কৰ্মৰ তথ্য তেওঁ মুকলিকৈ উল্লেখ কৰিছে৷ তদুপৰি অধ্যায়টোৰ শেষলৈ আৰু কেতবোৰ বিষয়ত বিস্ফোৰণ কৰিছে৷ ৰাষ্ট্ৰপতিৰ গাৰ্ড হোৱাৰে পৰা আদি কৰি মুখ্যমন্ত্ৰীৰ গৃহৰ গেটৰ ওপৰেদি জাপ মৰা ঘটনাবোৰে ডেকাৰ জীৱনশৈলী সম্পৰ্কেও বহুতো নব্য দিশৰ সম্ভেদ দিব৷ সেইদৰে তেওঁৰ বাবে আদৰ্শ জীৱ হৈছে আকৌ এটা হাত কটা বান্দৰ৷
‘ভূত আৰু অদ্ভূত’ অধ্যায়ত ধৰ্মীয় গোড়ামি আৰু প্ৰকৃতিয়ে সৃষ্টি কৰা ভূতৰ প্ৰসংগ, অলৌকিক বুলি প্ৰচাৰিত কিছু জ্ঞানহীন কৰ্মৰ বিৱৰণ, নিসংগতাই সৃষ্টি কৰা জয়াল পৰিৱেশৰ বৰ্ণনা আৰু অন্যান্য কেতবোৰ প্ৰাসংগিক প্ৰসংগৰ অৱতাৰণা কৰি এইবোৰৰ বৈজ্ঞানীক বিশ্লেষণ আগবঢ়াইছে৷ এই অধ্যায়ত গ্ৰন্থকাৰে নিজকে উল্লেখ কৰিছে এইদৰে-‘‘লিখক সাধাৰণ মানুহতকৈ অন্য ধাতুৰে গঢ়া৷’’ পাঠকে ইয়াক মানি নোলোৱাৰ প্ৰশ্নই নুঠে৷
‘বিবিধ’ অধ্যায়ত ডেকাই পুনৰ আত্মবিশ্লেষণ কৰিছে৷ এই বিশ্লেষে¸ণা সম্পূৰ্ণ নিৰপেক্ষ৷ তেওঁ যে আন দহজন ব্যক্তিৰ দৰে কাম নকৰে, আৰু সেইদৰে কাম কৰাৰ ধৰণো যে পৃথক সেই কথা কৈ গৈছে৷ আগৰ কাঠৰ ব্যৱসায়, তেওঁক অফাৰ কৰা ঘোচৰ বিৱৰণ আৰু নকল নোটৰ প্ৰসংগত নিজ পুত্ৰক দিয়া জ্ঞান আদিৰ দ্বাৰা ডেকাই কেইটামান বৃহৎ ৰহস্য ফাদিল কৰিছে৷ মুঠতে এই অধ্যায়টোত ‘‘দুই নম্বৰী ধাণ্ডা’’ৰ বিশদ বিৱৰণ আছে৷ আ(ৰ্যজনক এয়ে যে, ডেকা সৎ পথৰ সৈতে যিমান চিনাকী সেইদৰে অসৎ পথৰ প্ৰতিটো গলিৰ তথ্য তেওঁৰ নখ দৰ্পণত৷ এতিয়া এইয়াও লক্ষণীয় হ’ব যে, ডেকাই উল্লেখ কৰা তথ্যবোৰক সমল হিচাপে লৈ ভাৰত, মণিপুৰ বা ই¥£ল প্ৰশাসনে অবৈধ বেহা বেপাৰ বা অপৰাধৰ বিষয়ে কিবা ব্যৱস্থা লয় নে নলয়৷ সেইদৰে বহুতো মূল্যবান ৰত্ন আৰু পাথৰৰ পৰিচয়মূলক বিৱৰণ এই অধ্যায়ত আছে৷ পাথৰ আৰু মণিকক বিষয় হিচাপে লৈ গৱেষণা কৰা নতুন চাম গৱেষক-ছাত্ৰৰ বাবেও এই অধ্যায়টিক গুৰুত্বপূৰ্ণ সমল হিচাপে বিবেচিত কৰিব পাৰি৷ সেইদৰে তেওঁৰ জীৱ-জন্তুৰ প্ৰতি থকা প্ৰেম বিষয়ক কিছু বৰ্ণনাও এই অধ্যায়ত পোৱা যায়৷ এই অধ্যায়টোতে ডেকাৰ পাৰিবাৰিক জীৱনৰ কিছু দিশৰ প্ৰতিফলন হৈছে৷
গ্ৰন্থখনৰ শেষৰ অধ্যায়টো হৈছে ‘সময় বালিত খোজ’৷ এই অধ্যায়ত ডেকাৰ পূৰ্বৰ অধ্যায়বোৰৰ সাৰমৰ্ম আৰু বিশ্লেষিত বিষয়বোৰৰ কৈল্যাণ-খৰমান মান পোৱা যায়৷ তদুপৰি পূৰ্বতে অসমীয়া আত্মজীৱনী লিখি যোৱাসকলৰ আত্মসন্তুষ্টি আৰু কূপমণ্ডুক চৰিত্ৰৰ কথা ডেকাই এই অধ্যায়ত অকপটভাৱে উল্লেখ কৰিছে৷ তেওঁৰ তীক্ষ্ণ সমালোচনাৰ পৰা লক্ষ্মীনাথ বেজবৰুৱা, মহেশ্বৰ নেওগ আদি পণ্ডিতো বাদ পৰি যোৱা নাই৷ সেইদৰে তেওঁ নিজকে বাৰে বাৰে ‘‘ডেকা? বদ্ধ পাগল এটা’’ ধাৰণাটোহে এই অধ্যায়তো পৰিস্ফূত হৈছে৷ ডেকাৰ অগতানুগতিক মানসিক প্ৰবৃত্তিৰ স্ফুৰণ এই গ্ৰন্থৰ পাতে পাতে আছে৷ ‘সম্পূৰ্ণ মূৰ্খ অথবা সম্পূৰ্ণ অসৎ ন্যায়ধীশ’ক তেওঁ নিজে বহুবাৰ লগ পোৱা বুলি উল্লেখ কৰি অসমৰ প্ৰশাসন আৰু ন্যায় ব্যৱস্থাটোকে সন্দেহৰ আৱৰ্ত্তলৈ ঠেলি দিছে৷ ইয়াৰ সত্যতাও আছে৷ এই অধ্যায়ত ‘ বুদ্ধিজীৱি সমাজৰ প্ৰতি পুহি ৰখা পুঞ্জীভূত ক্ষোভ আৰু তিক্ততাৰ, ফেটীসাপৰ বিষৰ দৰে গ্ৰন্থৰ পাতে পাতে বিৰিঙি উলাইছে৷ ইয়াত ক্ষমা আৰু বিস্মৃতিৰ নাম-গোন্ধও নাই৷’’ ডেকাই অসমীয়া সাহিত্যিকসকলে বহু ঐতিহাসিক অসম্ভৱ কথা সত্য বুলি লিখি থৈ গৈছে বুলি ক্ষোভ উজাৰিছে৷ বিদ্ধৎ সমাজে এই যুক্তি সম্পৰ্কে কি কয় সেইয়াও পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব৷ সেইদৰে ডেকাই বহু কেইটা সংবেদনশীল বিষয়ৰ নাম মাত্ৰ উচ্ছাৰণ কৰি পাঠক সমাজৰ বাবে কৌতুহ’লৰ বিষয় ৰূপে এৰি গৈছে৷ তাৰ ভিতৰত আলফাৰ জন্ম বিষয়টোও অন্যতম৷
বৌদ্ধিক আত্মৰক্ষামূলক বৰ্ম পিন্ধি নোলোৱা বাবেই ডেকাৰ এই গ্ৰন্থখন বহুলোকৰ বাবে আহুকলীয়া যেন লাগিব পাৰে৷ কিন্তু সত্যৰ স্থায়ীত্ব সদায় দীৰ্ঘম্যাদী, ব্যতিক্ৰমী লিখনশৈলী আৰু কামৰূপী ভাষাৰো সুষম প্ৰয়োগেৰে বৰ্ণিত ডেকাৰ এই গ্ৰন্থৰ স্থায়ীত্ব সদায় থাকিব৷ গ্ৰন্থখনে আত্মজীৱনী ৰচনাৰ ক্ষেত্ৰত নতুন দিশৰ উন্মোচন কৰিছে৷ গ্ৰন্থখনৰ পূৰ্ণ মূল্যায়ন হোৱা উচিত৷ বান্ধৱ প্ৰকাশনে প্ৰকাশ কৰা ৪৬০ টকা মূল্যৰ এই ব্যতিক্ৰমী গ্ৰন্থখনত লেখকৰ সৎ সাহস আৰু অকপট স্বীকাৰোক্তিখিনিও অসমীয়া সাহিত্য আৰু জাতিটোৰ উভয়ৰ বাবেই মূল্যৱান আৰু গৌৰৱৰ কাৰক।
গুৱাহাটী বিশ্ববিদ্যালয়, ফোন-৮৭৫১৯৪৩৩৮৭
পূৰ্ব প্ৰকাশঃ নতুন নিনাদ, এপ্ৰিল, ২০১৭
0 Comments