'গদ্যসুখসংগ' গ্ৰন্থৰ সমালোচনা


 *   এজন সাহিত্যিকে সাহিত্য সৃষ্টি কৰোঁতে সাহিত্যিক উপাদানবোৰৰ প্ৰতি গুৰুত্ব দিয়াৰ সমান্তৰালভাৱে সমাজ-সভ্যতালৈ পাৰ্যমানে ইতিবাচক আৰু সময়োপযোগী বাৰ্তা প্ৰেৰণৰ চেষ্টা কৰে৷ এই বাৰ্তাৰ অন্তৰালতেই লেখক এজনে প্ৰকাশ কৰা গ্ৰন্থ এখনৰ উদ্দেশ্য আৰু ভৱিষ্যৎ মূল্য নিহিত হৈ থাকে৷ পাঠকৰ চিন্তা-চেতনালৈ বোধ বা বাৰ্তা প্ৰেৰণৰ বাবে পদ্যতকৈ গদ্যই অধিক দৃঢ়ভাৱে কাম কৰিব পাৰে বুলি সাধাৰণতে ভবা হয়৷ কিন্তু লক্ষণীয় কথা এয়ে যে গদ্য সাহিত্যৰ ইমান সম্ভাৱনা থকাৰ পাচতো গৰিষ্ঠ সংখ্যক সাহিত্যিকেই তেওঁলোকৰ সাহিত্যিক জীৱনৰ শুভাৰম্ভ কৰে পদ্যৰ মাজেৰে৷ সেইদৰে সাহিত্যৰ ক্ষেত্ৰত দেখা যায় যে পদ্যতকৈ গদ্যৰ সাধনা কৰা লেখকৰ সংখ্যা কম৷ নিম্নোক্ত আলোচনাত যিখন গ্ৰন্থৰ বিষয়ে আলোচনা কৰিব বিচৰা হৈছে; গ্ৰন্থখনৰ পাতনিতে ড॰ আনন্দ বৰমুদৈয়েও এই কথা আক্ষেপেৰে উল্লেখ কৰিছে– ‘তৰুণ কবিৰ কবিতাৰ সংকলন বজাৰত উভৈনদী, কিন্তু গদ্যৰ সংকলন সহজে চকুত নপৰে৷ 

 শেহতীয়াকৈ প্ৰকাশ হোৱা ‘গদ্যসুখসংগ’ গদ্য সংকলনখনত মুঠ ৫০ টা প্ৰবন্ধ প্ৰকাশিত হৈছে৷  প্ৰবীন লেখক ড॰ সত্যজিৎ ভূঞাই  সমাজ-সাহিত্য-সংস্কৃতিৰ পৰা আৰম্ভ কৰি ৰাজনীতি-অৰ্থনীতি, মানৱ মনস্তত্ত্ব, ঐতিহ্য, ব্যক্তিগত অনুভৱ-অনুভূতি আদি বিভিন্ন বিষয়ক মূল উপজীৱ্য হিচাপে লৈ ৰচনা কৰিছে ‘গদ্যসুখসংগ’ গ্ৰন্থখন৷ গ্ৰন্থখনত সন্নিৱিষ্ট ৰচনাবোৰ অসমীয়া পাঠক সমাজৰ বাবে সময়োপযোগী হৈছে আৰু ৰচনাৰ বিষয়বস্তুবোৰ পাঠকৰ চিন্তা-চেতনাক সমৃদ্ধ কৰিব পৰাকৈ সক্ষম৷ গ্ৰন্থখনত উল্লিখিত বিষয়বস্তুৰ কাৰ্যকাৰিতা সম্পৰ্কে লেখকৰ ধ্যান-ধাৰণা স্পষ্ট আৰু বিষয় সম্পকীৰ্য় সমস্যাৰ চিনাক্ত আৰু সমস্যাৰ সমাধানৰ পথ নিৰ্ণয় কৰা দুয়োটা দিশতে লেখক সিদ্ধহস্ত৷ গ্ৰন্থখনৰ বিষয়বস্তুৱে পাঠক সমাজক কেনেদৰে প্ৰেৰণা যোগাব বা পাঠকৰ চিন্তা-চেতনাক কেনেদৰে সমৃদ্ধ কৰিব সেই সম্পৰ্কেও লেখক দায়বদ্ধ, এই কথাৰ যথাৰ্থতা গ্ৰন্থখন পঢ়িলে নি(য় অনুভৱ কৰা যাব৷  

 ‘দ্বিতীয় সুযোগৰ আনন্দ’ শীৰ্ষক ৰচনাত লিখকে জীৱনলৈ অহা দ্বিতীয় সুযোগ সম্পৰ্কে বিস্তৃত লেখা লিখিছে৷ জীৱনৰ প্ৰতিটো পল-অনুপল আমাৰ বাবে গুৰুত্বপূৰ্ণ, গুছি যোৱা ক্ষণ দুনাই নাহে৷ গতিকে মানুহৰ জীৱনলৈ অহা সুযোগ মানুহে প্ৰথমবাৰতেই গ্ৰহণ কৰা উচিত৷ এই যুক্তিক সাৰোগত কৰিয়েই লেখকে গ্ৰন্থখনত প্ৰাসংগিক উদাহৰণ দিবলৈ যত্ন কৰিছে৷ অতি কম সংখ্যক সৌভাগ্যবান মানুহে কোনো কামৰ প্ৰথম সুযোগ এৰি দিয়াৰ পাচতো দ্বিতীয় সুযোগ পাবলৈ সক্ষম হয়৷ লেখকৰ মতে–‘‘বিফলতাৰ পিচতো ব্যক্তিয়ে যে অধিক উন্নত প্ৰদৰ্শন কৰিব পাৰে, তাক প্ৰমাণ কৰিবলৈহে দ্বিতীয় সুযোগ জীৱনলৈ আহে৷’’ কিন্তু লক্ষণীয় যে এই সুযোগৰ কথাটো কাৰ্যভেদে ভিন্ন হ’বও পাৰে৷ ‘হেমলেট’ নাটকত হেমলেটে নিজৰ বাপেকৰ মৃত্যুত ষড়যন্ত্ৰ কৰা মাতৃ আৰু খুৰাকৰ প্ৰতিশোধ ল’ব বিচাৰে যদিও সুযোগ পায়ো নিজৰ মুৰ্খামিৰ বাবে সেই সুযোগ হেৰুৱায়৷ ফলত পৰৱৰ্তী সময়ত হেমলেট নিজেই মৰিব লগা হয়৷ সেইদৰে মানৱ জীৱনলৈ সুযোগ অহাৰ নিৰ্দিষ্ট সময় সম্পৰ্কেও সকলো অজ্ঞাত৷ হেমিংৱেৰ ‘দি অল্ড মেন এণ্ড দি ছি’ৰ চান্তিয়াগ’ৰ ক্ষেত্ৰত লক্ষ্য কৰিলে আমি দেখো যে– সাগৰৰ মাজত মাছৰ আশাত লক্ষ্যহীনভাৱে ঘুৰি ফুৰা চান্তিয়াগ’ই প্ৰায় ৯০ দিনৰ পিচত হে প্ৰকাণ্ড মাৰ্লিন মাছ এটা পাইছে৷ চান্তিয়াগ’ৰ জীৱনলৈ এই সুযোগ আহিছে সাগৰত মাছ মাৰিবলৈ যাত্ৰা কৰা ৯০ দিনৰ পিচত৷ সৰ্বসাধাৰণ মানুহৰ বাবে ইমান দিন ধৈৰ্য্য ধৰা সম্ভৱনে?

 ‘মিতভাষৰ আকৰ্ষণ’ শীৰ্ষক ৰচনাত লেখকে মানৱ জীৱনৰ অপূৰ্ণতা আৰু ব্যক্তিৰ কৰ্ম-কাণ্ডৰ অত্যধিক মেদবহুলতাৰ উদাহৰণ দিবলৈ গৈ পশ্চিমবংগৰ অখ্যাতনামা গল্পকাৰ এজনৰ গল্পৰ উদাহৰণ দিছে৷ লেখকৰ মতে– ‘অধিক কথা কোৱাৰ অৰ্থই  হ’ল– অৰ্থহীন প্ৰসংগৰ অৱতাৰণা৷ অদৰকাৰী বিষয়ৰ ব্যাখ্যা-বিস্তাৰ৷ কথা-বতৰাৰ ক্ষেত্ৰত বহুবল্কিতা যিদৰে পৰিহাৰযোগ্য, একেদৰে লিখা-মেলাৰ ক্ষেত্ৰত বৰ্ণনা-বাহুল্য হোৱা উচিত৷’ কাহিনী আগ নাবাঢ়েহে নাবাঢ়ে যেন লগা অসমৰ একাংশ সাহিত্যিকৰ লিখনি আৰু কথা আৰম্ভ কৰিলে শেষ কৰিব নজনা বক্তাৰ বাবে লিখকৰ এই লেখাটোৱে কিছু প্ৰয়োজনীয় শিক্ষা  দিব যেন অনুভৱ হয়৷

 ‘বৰ’দম, ব’ৰ আৰু অন্যান্য’ শীৰ্ষক ৰচনাত লেখকে মানুহক বৈচিত্ৰহীনতাৰ পৰা উদ্ভুত বিৰক্তিয়ে কিদৰে যন্ত্ৰণা দিয়ে, সেই সম্পৰ্কে বিস্তাৰিতভাৱে উল্লেখ কৰিছে৷ একেটা কামকে সদায় কৰিবলগীয়া হোৱা আৰু কাম নকৰাকৈ আলস্য জীৱন কটাবলগীয়া হোৱা– এই দুয়োটা কৰ্মই মানুহৰ মন-মনন ভাৰাক্ৰান্ত কৰি তুলিব পাৰে৷ কিন্তু কোনো মানুহেই বৰিং হ’ব নিবিচাৰে৷ সকলোকে লাগে এখন নিজৰ পচন্দৰ জগত৷ আকৌ লেখকৰ মতে ‘ব’ৰদমত কবলত নপৰা লোক নাই৷’ ব্যক্তি স্বতন্ত্ৰতা আৰু নিজৰ পচন্দ-অপচন্দৰ মিল-অমিলেও মানুহক বিৰক্ত কৰি তুলিব পাৰে৷ লেখকে গ্ৰন্থখনত আধুনিক মানুহে সততে সন্মুখীন হোৱা ‘বৰিং’ ৰ কাৰণ আৰু তাৰ পৰা ৰেহাই পাবলৈ কৰিবলগীয়া কামৰ নিদেৰ্শনাও দিছে৷ 

 গ্ৰন্থখনৰ বিষয়বস্তুসমূহ লেখকে সমকালীন সমাজৰ পৰা গ্ৰহণ কৰিছে৷ লেখকে জটিল আৰু তাত্ত্বিক কথাতকৈ জীৱন আৰু সমাজৰ বাস্তৱিক কথাবোৰ ক’বলৈহে যত্ন কৰিছে৷ অতি ক্ষুদ্ৰ বিষয় একোটাকে বৰ্ণনাৰ নিপুণতা আৰু ভাবৰ গভীৰতাৰে পাঠকৰ মন মনন সমৃদ্ধ কৰিব পৰাকৈ লিখকে ব্যাখ্যা কৰিেছে৷ ‘শিপা’ শীৰ্ষক ৰচনাৰ মূল বিষয়বস্তু হ’ল মানুহৰ কৰ্মৰাজিৰ অন্তৰালত নিহিত হৈ থকা কষ্ট, ত্যাগ আৰু দায়বদ্ধতা আদি বিষয়বোৰ আৰু এই বিষয়বোৰে মানুহক প্ৰদান কৰা পূৰ্ণতাৰ জয়গান৷ কষ্টৰ অবিহনে মানুহে কেতিয়াও সফলতা পাব নোৱাৰে৷ লেখকৰ মতে– ‘পোতনহীন তৰাং শিপাৰে স্থায়িত্ব আশা কৰা বৃথা৷’ লেখকে ক’ব বিচাৰিছে জীৱনৰ কোনো এক নিৰ্দিষ্ট সময়ৰ  কষ্ট, প্ৰভাৱ, পৰিৱেশ আদিয়েহে ব্যক্তিৰ সমগ্ৰ জীৱন পৰিক্ৰমাত শিপাৰ দৰে ভূমিকা গ্ৰহণ কৰি থাকে৷ গভীৰগামী শিপাই গছক যিদৰে সবলতা প্ৰদান কৰে, সেইদৰে ঠিকনাৰূপী শিপাই ব্যক্তিকো প্ৰদান কৰে সবল ব্যক্তিত্ব৷

 কোনো ব্যক্তিয়েই জীৱনত দাসত্ব নিবিচাৰে৷ মালিকৰ অধীন হৈ থাকিলেও ‘বীৰে সদায় বীৰৰ দৰে ব্যৱহাৰ বিচৰা’ৰ দৰে মানুহে নিজৰ স্বাভিমান বৰ্তাই ৰাখিব বিচাৰে৷ কিন্তু আৰ্টিষ্ট আৰু ক্ৰিমিনেলৰ বাহিৰে বাকী সকলো বৃত্তিজীৱীৰ জীৱনেই নীতি-নিয়ম আৰু অতিচাৰৰ গণ্ডীত আবদ্ধ বুলি লেখকে ‘বিষয় স্বাধীনতা’ শীৰ্ষক ৰচনাত উল্লেখ কৰিছে৷ স্বাধীনতা নোপোৱাৰ বাবেই অনেকে উপযুক্ত দা-দৰমহা, সম্পত্তি পায়ো নিজৰ বৃত্তিক লৈ সুখী নহয় বুলি লেখকে এই ৰচনাত উল্লেখ কৰিছে৷ সেইদৰে স্বাধীনতাৰ অভাৱেই মানুহক অতি বেছিকৈ জীৱনৰ প্ৰতি বীতশ্ৰদ্ধ কৰি তুলিব পাৰে৷ স্বাধীনতাৰ অভাৱৰ বাবেই নিজৰ প্ৰেমিক বা প্ৰেমিকাক ছুৰীকাঘাত কৰি হত্যা কৰিব পাৰে বা প্ৰেমৰ মহত্ত্বম আবেদনকো উপেক্ষা কৰিব পাৰে বুলি লেখকে প্ৰদত্ত ৰচনাত মনস্তাত্ত্বিক দিশেটোৰ বিশ্লেষণ কৰিছে৷

 গ্ৰন্থখনৰ প্ৰকৃতি চেতনাৰে সমৃদ্ধ হৈ থকা এটা গুৰুত্বপূৰ্ণ ৰচনা হ’ল  ‘অৰণ্য স্নান’৷ এই ৰচনাত লেখকে সভ্যতা এটা বৰ্তি থাকিবলৈ প্ৰকৃতিৰ প্ৰয়োজনীয়তা কিমান আৰু প্ৰকৃতিৰ ওপৰত মানৱ সমাজে কৰা অত্যাচাৰে কেনেকৈ মানৱ সভ্যতাক ধ্বংশৰ দিশে লৈ গৈছে, সেই কথা ৰচনাটোত উল্লেখ কৰিছে৷ মানৱ সমাজে প্ৰকৃতি চেতনা সম্পৰ্কীয় ধাৰণাবোৰ আজি পৰ্যন্ত আন্তৰিকতাৰে অনুভৱ নকৰা বিষয়টো লেখকে উদাহৰণসহ উল্লেখ কৰিছে৷ লেখকৰ মতে– মানুহ প্ৰকৃতিমুখী হওক আৰু প্ৰকৃতিক পুনৰ আৱিষ্কাৰ কৰি কাষলৈ অনাৰ, সংৰক্ষণ কৰাৰ, পৰিবৰ্ধন কৰাৰ প্ৰচেষ্টা সৰ্বত্ৰ গঢ়ি উঠক৷ অসমৰ দৰে ৰাজ্যত এতিয়াও প্ৰকৃতি চেতনা বা সংৰক্ষণৰ বিষয়টো মানুহৰ অন্তৰত হাড়ে-হিমজুৱে সোমাবলৈ বহুপৰ বাকী৷ আমি ভাবো, লেখকে আগন্তুক দিনত এইধৰণৰ চিন্তাশীল লেখাৰে অসমৰ পাঠক সমাজক প্ৰকৃতি সম্পৰ্কীয় লিখনিৰে সমৃদ্ধ কৰি এখন সেউজীয়া পৃথিৱী গঢ়াত আগ-ভাগ ল’ব৷

 লেখকে ‘সাধাৰণ মানুহৰ অসাধাৰণ শিক্ষা’ শীৰ্ষক ৰচনাত অশিক্ষিত, গাঁৱৰ হোজা, নিৰক্ষৰ মানুহখিনিয়েও যে মানৱ জীৱনৰ বাবে বা সফল ব্যক্তিৰ জীৱন সমৃদ্ধ কৰণত অভূতপূৰ্ব অৰিহণা আগবঢ়াই যাব পাৰে তাৰ ব্যাখ্যা উদাহৰণসহ ডাঙি ধৰিছে৷ হোমেন বৰগোহাঞিয়ে তেওঁৰ শৈশৱত পায় অহা ‘কেহুকাই’ৰ কথা তেওঁৰ ৰচনাৰ সৈতে পৰিচয় থকা ব্যক্তি মানেই জানে৷ মাজুলীৰ যাদৱ পায়েঙে মাজুলীৰ পৰাই সমগ্ৰ বিশ্বই দৃষ্টি দিব পৰাকৈ নিজৰ লগতে অসম আৰু ভাৰতৰ নাম বিশ্বৰ আগত জিলিকাই তুলিছে৷ সাধাৰণ মানুহৰ হাতৰ মুঠিতেই অসাধাৰণ প্ৰতিভা আৰু আকৰ যে সুপ্ত হৈ লুকাই থাকে, প্ৰদত্ত লেখাটোৱে সেই প্ৰেৰণা পাঠকক নি(য়কৈ দিব৷ শেহতীয়াকৈ অসমৰ কোনোবা এখন অখ্যাত গাঁৱৰ পৰা বিশ্বৰ মানচিত্ৰত অসমৰ লগতে ভাৰতৰ নাম উজ্বলাবলৈ সক্ষম হোৱা হিমা দাস, ৰীমা দাস আদি নামবোৰেই প্ৰদত্ত লেখাটোৰ উজ্বল উদাহৰণ৷ গ্ৰন্থখনত এই ধৰণৰ অনুপ্ৰেৰণামূলক কেইবাটাও ৰচনা আছে৷ এই ৰচনাবোৰে নৱ-প্ৰজন্মক নিজৰ লক্ষ্যত উপনীত হ’বলৈ সাহস আৰু সততাৰে আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা দিব৷

 গ্ৰন্থখনৰ বহুকেইটা ৰচনাত লেখকে মানুহৰ ব্যক্তিগত অনুভৱ-অনুভূতিৰ যুক্তিনিষ্ঠ বিচাৰ-বিশ্লেষণ কৰিছে৷ ৰচনাবোৰত আৱেগ নাই, কিন্তু জীৱন সমৃদ্ধ কৰাৰ শিক্ষা আছে৷ তেওঁৰ গদ্যশৈলীও সহজ-সৰল৷ বৰ্ণনাৰ আধিক্য নাই৷ ভাবৰ জঠৰতা নাই আৰু প্ৰয়োজনাধিক বিষয়বস্তুৰ ব্যাখ্যা নাই৷ শেহতীয়াকৈ ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়েও ‘আন্তৰিক, হৃদয় আৰু চিন্তা-গৃহৰ দস্তাবেজ’ গ্ৰন্থখনত এইধৰণৰ কিছু প্ৰাসংগিক বিষয়বস্তুৰ অৱতাৰণা কৰিছে৷ দুয়োখন গ্ৰন্থৰ সাদৃশ্য এয়ে যে গ্ৰন্থ দুখনত লেখকদ্বয়ে নিজক প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰাতকৈ পাঠককহে মুখ্য বিষয় হিচাপে গুৰুত্ব দিছে৷ পাঠকৰ দৈনন্দিন জীৱনটোক ইতিবাচক দিশেৰে সমৃদ্ধ কৰিবলৈ গ্ৰন্থদুখনৰ প্ৰবন্ধসমূহ অতি প্ৰয়োজনীয় বুলি বিবেচনা কৰিব পাৰি৷ সেইদৰে বিজ্ঞান আধাৰিত সমাজত মূল্যবোধৰ অৱক্ষয় এক সাধাৰণ ঘটনাৰ দৰে হোৱা বুলি লেখকে ‘প্ৰভাৱ, অভাৱ আৰু সৃষ্টিশীলতা’ অধ্যায়ত উল্লেখ কৰিছে৷ যি বিজ্ঞানে মানুহক যুক্তিবাদী আৰু মানৱতাবাদী হিচাপে প্ৰতিষ্ঠিত কৰাব লাগিছিল, সেইখন সমাজত মানৱতাৰ অৱক্ষয়ৰ দিশটো বিচাৰ কৰি চাবলগীয়া৷ অৱশ্যে লেখকে ৰচনাৰ শেষৰফালে মূল বিষয়ৰ পৰা ফালৰি কাটি সৌৰভ কুমাৰ চলিহা, হেমিংৱে আদি লেখকৰ সাহিত্য সৃষ্টিৰ অন্তৰালত জড়িত বিষয় সম্পৰ্কে উল্লেখ কৰিছে৷ সেইদৰে নিজস্বতা ৰক্ষা কৰি সাধনা কৰা কোনো লোকেই যে সময়ৰ সোঁতত হেৰাই যাবলগীয়া নহয়৷ সেই কথা লেখকে তেওঁৰ ৰচনাত উল্লেখ কৰিছে৷

 ‘প্ৰচাৰ আৰু অপপ্ৰচাৰ’ শীৰ্ষক লেখাত লেখকে সমাজ জীৱনৰ এটি প্ৰাসংগিক বিষয় অৱতাৰণা কৰিছে৷ ‘এই যুগটো প্ৰচাৰৰ যুগ৷ নিজৰ ঢোল নিজে কোবোৱাৰ যুগ৷ কাম নকৰিলেও কৰিছো বুলি যিকোনো প্ৰকাৰে প্ৰচাৰ কৰি জনমানসত বাহ বাহ লোৱাৰ যুগ৷’ [পৃষ্ঠা-১৬৩] আকৌ প্ৰচাৰবিমুখিতাৰ ফলত বহুতো গুৰুত্বপূৰ্ণ বিষয় বৰ্তমান সময়ৰ ধামখুমীয়াত তল পৰি সস্তীয়া বিষয়-ভাৱনাই মানুহক মোহাচ্চন্ন কৰিছে৷ সেইদৰে অপপ্ৰচাৰৰ দিশটোও মনকৰিবলগীয়া৷ ছ’চিয়েল মিডিয়াৰ যুগত যিকোনো বিষয়ৰ অপপ্ৰচাৰ হ’ব পাৰে৷ হৈ আছে৷ ইডিটিং আৰু মেকিঙৰ চমৎকাৰে সঁচাকো মিচা আৰু মিচাকো সঁচা বুলি প্ৰমাণ কৰি দিব পৰা অৱস্থাৰ সৃষ্টি হৈছে৷ গতিকে এই বিষয়বোৰে সমাজ সভ্যতাত কেনেধৰণৰ প্ৰভাৱ পেলাব পাৰে; দেশ বা ৰাজ্যৰ ৰাজনীতিৰ, সমাজনীতিৰ পৰা আৰম্ভ কৰিঅৰ্থনীতি, শিক্ষা, সংস্কৃতি আদি বিষয়বোৰত কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হ’ব পাৰে, তাৰ উদাহৰণ  এই লেখাটোত বিস্তৃতভাৱে আছে৷ লেখকে বহুকেইটা উদাহৰণেৰে বিষয়বস্তু সম্পৰ্কে ধাৰণা দিয়াৰ চেষ্টা কৰিছে৷

 গ্ৰন্থখনত মুঠ ৫০ টা প্ৰবন্ধ আছে৷ ইয়াৰে গৰিষ্ঠ সংখ্যক প্ৰবন্ধ ইতিমধ্যেই অসমৰ বহুকেইখন জনপ্ৰিয় বাতৰি-কাকত, আলোচনী আদিত প্ৰকাশিত৷ প্ৰতিটো প্ৰবন্ধৰে মুখ্য বিশেষত্ব হৈছে– লেখাবোৰ ছুটি ছুটি, ক’বলগীয়াখিনিহে ৰচনাবোৰত আছে৷ প্ৰবন্ধবোৰত জ্ঞানৰ লগতে মনোৰঞ্জন, তথ্য, চিন্তা আদিৰ খোৰাক  আছে৷ প্ৰতিটো প্ৰবন্ধৰ বিষয়েই পুংখানুপুংখভাৱে আৰু যথোচিত সমালোচনা হোৱাৰ থল আছে৷ গ্ৰন্থখনৰ প্ৰবন্ধসমূহে আমাক ইতিবাচক চিন্তা কৰিবলৈ শিকাব আৰু আমাৰ নৱ-প্ৰজন্মৰ আদৰ্শ, দৃষ্টিভংগীক বলিষ্ঠভাৱে সমৃদ্ধ কৰিবলৈ অনুপ্ৰেৰণা দিব৷ আনন্দ বৰমুদৈয়েও পাতনিতে ‘এখন চিন্তা প্ৰধান ৰচনাৰ সংকলন বুলি’ গ্ৰন্থখনক অভিহিত কৰিছে৷ লেখকে জীৱনত পোৱা বৰ্ণিল অভিজ্ঞতা আৰু প্ৰাচ্য, পাশ্চাত্যৰ লেখক-সাহিত্যিকসকলৰ লিখনিৰ ‘সাৰাংশ’ আনি উৎকৃষ্ট উদাহৰণেৰে গ্ৰন্থখনৰ বিষয়বস্তুবোৰ সমৃদ্ধ কৰিছে৷ সেইদৰে নতুনকৈ প্ৰবন্ধ লিখা যুৱ লেখক-লেখিকাসকলে গ্ৰন্থখনৰ বিষয়বস্তুৰ লগতে লিখাৰ ধৰণ আৰু সংক্ষিপ্ত প্ৰকাশভংগী আৰু উপস্থাপনৰ দিশটোক এক আদৰ্শ শৈলী হিচাপে গ্ৰহণ কৰিব পাৰে৷ নক্সা প্ৰকাশনে প্ৰকাশ কৰা গ্ৰন্থখনৰ মূল্য-২০০ টকা৷

© ভাস্কৰ ভূঞা, গৱেষক ছাত্ৰ
গুৱাহাটী বিশ্ববিদ্যালয়,  ফোন-৮৭৫১৯৪৩৩৮৭

পূৰ্ব প্ৰকাশঃ  সাতসৰী, নৱেম্বৰ, ২০১৮

Post a Comment

0 Comments