* একবিংশ শতিকাৰ অসমীয়া সাহিত্যত যিকেইজন মুষ্টিমেয় সাহিত্যিক, লেখকে যুক্তিনিষ্ঠ আৰু বিজ্ঞানসন্মতভাৱে সমাজ-সভ্যতাৰ গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কে যথাযথ আৰু নিৰপেক্ষ বিশ্লেষণ কৰি সমাজখনক অন্ধতাৰ পৰা ইতিবাচক দিশে ধাৱমান কৰাৰ চেষ্টা কৰি আহিছে; তেওঁলোকৰ ভিতৰত এজন উল্লেখযোগ্য গদ্যলেখক হৈছে দেৱকান্ত সন্দিকৈ৷ সমান্তৰালভাৱে দেৱকান্ত সন্দিকৈৰ একক আৰু পৃথক পৰিচয় হৈছে– ধৰ্ম, অন্ধবিশ্বাস, পৰম্পৰা, গোড়ামী আদিৰ বিৰুদ্ধেতেওঁৰ কলম অতি তীক্ষ্ণ, তেওঁ যি আদৰ্শ আৰু দৃষ্টিভঙ্গীৰে সাহিত্য সৃষ্টি কৰিছে; সেয়া অসমীয়া সাহিত্যত তেওঁৰ নিজস্ব স্বকীয়তা৷ সন্দিকৈয়ে তীক্ষ্ণ ভাষাৰে আৰু বিজ্ঞানসন্মতভাৱে ধৰ্ম আৰু ধৰ্মৰ সৈতে সাঙোৰ খাই থকা পৰম্পৰা, গোড়ামী, অন্ধবিশ্বাস আদিৰ বিপক্ষে মাত মাতি সমাজখনত বৈজ্ঞানিক মানসিকতা গঠনৰ বাবেই অৰ্হনিশে কাম কৰি আহিছে৷
অৱশ্যে প্ৰথমেই উল্লেখ কৰি লোৱা ভাল হ’ব, সচৰাচৰ গোড়া পৰম্পৰাত আচন্ন, ধৰ্মভীৰু লোকৰ বাবে দেৱকান্ত সন্দিকৈৰ লেখা বুজি পোৱাটো বা বুজি মানি লোৱাতো সহজতে সম্ভৱ নহয়৷ নতুন দৃষ্টিভংগী আৰু প্ৰগতিশীল চিন্তা-চৰ্চাক আকোৱালি ল’ব নোখোজা লোকৰ বাবে সন্দিকৈৰ লেখা পঢ়াৰ সুখকৰ অভিজ্ঞতা নহয় বুলিয়েই ক’ব পাৰি৷ কাকত, আলোচনীত নিয়মীয়াকৈ প্ৰবন্ধ লিখাৰ সমান্তৰালভাৱে সন্দিকৈয়ে বৰ্তমানলৈকে দহখনতকৈয়ো অধিক প্ৰবন্ধ সংকলন প্ৰকাশ কৰি উলিয়াইছে৷ ইয়াৰে প্ৰতিখন সংকলনতে সন্দিকৈৰ কলমৰ ধাৰ অতি চোকা৷ সমাজৰ প্ৰতিটো দিশেই তেওঁৰ পৰ্যালোচনাত নতুনত্ব লাভ কৰিছে৷ আলোচিত প্ৰতিটো বিষয়েই পঢ়ুৱৈৰ মন-মননত নতুন চিন্তা-চেতনাৰ সম্ভেদ দিব পাৰে৷
দেৱকান্ত সন্দিকৈৰ ২০১২ চনত প্ৰকাশ হোৱা তেনে এখন গুৰুত্বপূৰ্ণ প্ৰবন্ধ সংকলন হ’ল– ‘জীৱনটো আমি মাথোঁ এবাৰেই পাওঁ’৷ প্ৰদত্ত গ্ৰন্থখনত সন্দিকৈয়ে মুঠ ৬৪ টা ৰচনা লিখিছে৷ ইয়াৰে প্ৰতিটো ৰচনাতে সন্দিকৈয়ে সমাজ-সভ্যতা, সংস্কৃতি, ৰাজনীতি, অৰ্থনীতি, ধৰ্ম, পৰম্পৰা, গোড়ামীৰ পৰা আৰম্ভ কৰি স্বাস্থ্য, শিক্ষা, ব্যৱসায়-বাণিজ্যলৈকে সমসাময়িক প্ৰায় প্ৰতিটো দিশতে নিজৰ অধ্যয়ন, অভিজ্ঞতা আৰু ইতিবাচক চিন্তা-চেতনাৰে নতুন নতুন বিষয়ৰ পৰ্যালোচনা কৰিছে৷ বিষয় এটাৰ উপস্থাপন শৈলীৰ নতুনত্ব, উদাহৰণৰ যথাৰ্থতা, বৰ্ণনাশৈলীৰ সৰলতা আৰু চিন্তাৰ খোৰাক সৃষ্টিত দেৱকান্ত সন্দিকৈৰ প্ৰতিখন গ্ৰন্থই অনুপম৷ তেওঁৰ জীৱন সম্পৰ্কীয় দৃষ্টিভংগী আৰু মূল্যবোধৰ শিক্ষাও আমাৰ সমসাময়িক সমাজখনৰ বাবে অতি প্ৰয়োজনীয়৷ তেওঁ যিধৰণে কথাবোৰ ক’ব খোজে, সমাজখন চলাতো বিচাৰে, বৈজ্ঞানিক মানসিকতাৰে পুষ্ট প্ৰতিজন মানুহৰ বাবেই সেয়া ইতিবাচক বিষয়৷ অন্ধ পৰম্পৰা আৰু গোড়া নিয়ম ভাঙি নতুনকৈ আৰু নিজাকৈ কাম কৰিব খোজা যুৱ প্ৰজন্মৰ বাবে আৰু প্ৰগতিশীল মন-মননেৰে নিজকে সমৃদ্ধ কৰাৰ লগতে সমাজ শুদ্ধীকৰণত অংশ ল’ব খোজাসকলৰ বাবে দেৱকান্ত সন্দিকৈৰ কিতাপবোৰ পথ পদৰ্শকৰ দৰে ৷ তেওঁৰ চিন্তা-চেতনাৰে সমৃদ্ধ হৈ এখন ‘মানৱতাৰ পৃথিৱী’ গঠনত সকলোৱে আগভাগ ল’ব পাৰে৷
গ্ৰন্থখনত মুঠ তিনিটা খণ্ড আছে৷ ইয়াৰে প্ৰথম খণ্ডত আছে– অন্ধবিশ্বাস, ধৰ্ম আৰু আধ্যাত্মিকতা সমন্ধে৷ উল্লেখ্য যে সন্দিকৈ মানুহজন নিৰিশ্বৰবাদী৷ তেওঁৰ ৰচনাত সেয়েহে ঈশ্বৰ সম্বন্ধে ইতিবাচক দিশৰ আলোচনা পোৱা নাযায়৷ ঈশ্বৰ বিশ্বাসে যে মানুহক মানৱতাবাদৰ জ্ঞান নিদিয়ে, সেই সম্পৰ্কে সন্দিকৈ নিশ্চিত৷ গতিকে তেওঁ ঈশ্বৰৰ ধাৰণা নিঃশেষ কৰি তাৰ ঠাইত মানৱতাবাদক প্ৰতিষ্ঠা কৰিব বিচাৰে৷ তেওঁৰ স্পষ্ট কথা– ‘ধৰ্ম মানৱতাৰ শত্ৰু’৷ নামঘৰ, মন্দিৰবোৰকো সেয়েহে তেওঁ অন্ধবিশ্বাস, কু-সংস্কাৰৰ ভঁৰাল বুলি অভিহিত কৰিছে৷ এইদৰে অভিহিত কৰাৰ অন্তৰালত তেওঁ যিবোৰ যুক্তিৰ প্ৰয়োগ ঘটাইছে, সেয়া খণ্ডন কৰাটো কিন্তু কঠিন৷
‘আধ্যাত্মিকতাবাদৰ ব্যৱহাৰিক অৰ্থ কি?’ ৰচনাত লিখকে আধ্যাত্মিকতা আৰু ব্যৱহাৰিক জ্ঞানৰ মাজত থকা পাৰ্থক্য সম্পৰ্কে বিশ্লেষণ কৰিছে৷ সেইদৰে আধ্যাত্মিকতাই যে মানুহক সৎ আৰু মানৱতাবাদী হ’বলৈ নিশিকায় বা শিকাব নোৱাৰে, সেই সম্পৰ্কেও তেওঁ যুক্তিনিষ্ঠ বিশ্লেষণ আগবঢ়াইছে৷ ধৰ্মৰ বিৰুদ্ধাচৰণ কৰিব লাগে বাবেই সন্দিকৈয়ে ধৰ্মৰ নেতিবাচক কথা কোৱা নাই. বৰঞ্চ তেওঁ বাস্তৱ সমাজখনৰ উদাহৰণ আৰু ধৰ্মৰ প্ৰকৃত কদৰ্য স্বৰূপ উদ্ঘাটন কৰি সেই উদ্ঘাটনৰ দ্বাৰা মানুহৰ মন-মননক নৈতিকতাৰ শিক্ষা আৰু মানৱতাৰ শিক্ষা দিবলৈ চেষ্টা কৰিছে৷ ধৰ্ম যে সত্যৰ সৈতে মুখামুখি হ’ব নোখোজা আৰু সুবিধাবাদী মানুহৰ একো একোখন উৰণি, সেই কথা সন্দিকৈয়ে স্পষ্টকৈ উল্লেখ কৰিছে৷
‘ব্ৰাহ্মণ্যবাদৰ পৰা মুক্তি পোৱাৰ বাস্তৱিক উপায়’ শীৰ্ষক ৰচনাত লেখকে ব্ৰাহ্মণ্যবাদ চিন্তা-চেতনাৰ অন্তৰালত লুকাই থকা জাতিবাদ প্ৰথাৰ কদৰ্য দিশ আৰু ধনৱন্ত শ্ৰেণীৰ কপট, ভণ্ডামিৰ বিষয়ে লিখা হৈছে৷ নগেন শইকীয়া আৰু মূয়ৰ বৰাৰ প্ৰসংগ আনি লেখকে উদাহৰণৰ সৈতে দেখুৱাই দিছে যে সমাজত ব্ৰাহ্মণ্যবাদৰ সিপাদাল গভীৰলৈ শিপাই আছে৷ সেইদৰে লেখকে ৰচনাটোৰ শেষৰফালে এই আশাও কৰিছে যে ‘অসমীয়া মানুহেই প্ৰথম ধৰ্মক বাদ দি মানৱতা, বিজ্ঞান আৰু যুক্তিৰ দ্বাৰাই পৰিচালিত হোৱা সমাজ এখন গঢ়ি তোলক৷’
‘নাই ক’তো ঈশ্বৰৰ অস্তিত্ব আছে মাথোঁ প্ৰকৃতি’ শীৰ্ষক লেখাত জীৱজগতৰ কাৰ্য-কাৰণৰ প্ৰতিটো বিষয়ৰ অন্তৰালৰ মূল শক্তি যে ঈশ্বৰ নহয়, বৰঞ্চ প্ৰকৃতিহে, সেই কথা লেখকে যুক্তিনিষ্ট আৰু বিজ্ঞানসন্মতভাৱে বিশ্লেষণ কৰি দেখুৱাইছে৷ প্ৰদত্ত ৰচনাতে তেওঁ ঈশ্বৰ নথকাৰ কেইবাটাও প্ৰমাণ আৰু তথ্য ডাঙি ধৰিছে৷ ‘ঈশ্বৰ’ কেৱল একাংশ ঠগ, প্ৰবঞ্চকৰ জীৱিকাৰ মূলধন আৰু ধৰ্ম হৈছে এক ব্যৱসায়৷ ‘ধৰ্ম আৰু চিটফাণ্ড’ শীৰ্ষক ৰচনাত মাজুলীৰ এখন সত্ৰৰ সত্ৰাধিকাৰৰ মনত ঈশ্বৰহীনতাৰ ধাৰণাটো উদয় হোৱাৰ কথা তেওঁ সবিস্তাৰে উল্লেখ কৰিছে৷ লগতে তেওঁ এই কথাও উল্লেখ কৰিছে যে– ‘এজন ধৰ্মগুৰুৰ হৃদয়ত ধৰ্মৰ অসাৰতা তথা ঈশ্বৰৰ অস্তীত্বহীনতাৰ উপলব্ধি জাগি উঠাটো এখন ধৰ্মহীন ঈশ্বৰহীন মানৱতাপূৰ্ণ সমাজৰ কল্পনা কৰাসকলৰ বাবে বৰ উৎসাহজনক কথা৷’
ইয়াৰোপৰি প্ৰথম খণ্ডটোৰ বাকীকেইটা ৰচনাত লেখকে ধৰ্ম বিষয়ক বিভিন্ন দৃষ্টিকোণ আৰু পৰ্যালোচনাৰে ইয়াৰ অন্তসাৰসূণ্যতা প্ৰমাণ কৰিছে৷ ধৰ্ম ঈশ্বৰক বিশ্বাস কৰি ভাগ্যৰ ওপৰত বহি থকাতকৈ নিজৰ কৰ্মৰ ওপৰত নিৰ্ভৰশীল হ’বলৈহে সন্দিকৈয়ে আহ্বান জনাইছে৷ লগতে তেওঁ উল্লেখ কৰিছে যে ঈশ্বৰবিশ্বাসে আত্মবিশ্বাস নবঢ়াই, বৰঞ্চ ধৰ্মান্ধতাৰ সৃষ্টি কৰি গোড়া ৰীতি-নীতিৰহে সৃষ্টি কৰে৷
গ্ৰন্থখনৰ দ্বিতীয় খণ্ডটোৰ নামকৰণ কৰিছে– ‘সানমিহলি চিন্তা’ নামেৰে৷ এই খণ্ডটোত লেখকে জীৱনৰ বিভিন্ন মুহূৰ্তৰ স্মৰণীয় ঘটনা, সমাজ জীৱনৰ গুৰুত্বপূৰ্ণ বিষয়, সমসাময়িক ৰাজনৈতিক, অৰ্থনৈতিক পৰিস্থিতি আদিৰ বিষয়ে লিখিছে৷ এই খণ্ডৰ প্ৰতিটো ৰচনাতে লুকাই আছে সন্দিকৈৰ দেশ, ৰাজ্যখনৰ প্ৰতি থকা প্ৰেম, আন্তৰিকতা আৰু দায়বদ্ধতা ৷ তেওঁ নিজৰ লেখাৰ মাজেৰে এটা মসৃন আৰু বিজ্ঞানসন্মত পথৰ শুভাৰম্ভ কৰিছে, যি বাটেৰে সমাজখন বাট বুলিলে সকলোৰেই মঙ্গল হ’ব বুলি তেওঁ ভাবে৷ আৰু আমিও এই চিন্তাৰ সৈতে সহমত পোষণ কৰোঁ যে হয়, ধৰ্মতকৈ সমাজত মানৱতাবাদৰ হে প্ৰয়োজন৷
সন্দিকৈৰ এই খণ্ডটোত ৰাজনৈতিক চিন্তা-চেতনাৰ পূৰ্ণ প্ৰতিফলন দেখা যায়৷ তেওঁ জাতি-জনজাতিবোৰৰ স্বাভিমান, অধিকাৰক লৈয়ো চিন্তিত৷ সেইদৰে তেওঁ চৰকাৰৰ কৰ্মৰাজিৰ ইতিবাচক, নেতিবাচক মূল্যায়নো গ্ৰন্থখনত স্পষ্টকৈ কৰিছে৷ জনসাধাৰণৰ চৰিত্ৰ আৰু কাম-কাজৰ বিষয়েও তেওঁৰ সমালোচনাৰ ধাৰ অতি তীক্ষ্ণ৷ তেওঁ ‘সাধাৰণ’ আৰু ‘বিশেষ’ শীৰ্ষক ৰচনাত কৈছে যে– ‘আইন নথকাটো আমাৰ সমস্যা নহয়, আইন পালন নকৰাটো বা আইন মানিব নোখোজাটোহে আমাৰ দেশৰ আটাইতকৈ ডাঙৰ সমস্যা’
‘ৰঙালী বিহুৰ পৰিৱৰ্তন’ শীৰ্ষক ৰচনাত সন্দিকৈয়ে আন এটি ইতিবাচক চিন্তাৰ পোষকতা কৰিছে৷ চহৰ আৰু আধুনিকতাই অসমীয়া বিহু সংস্কৃতিক দুৰ্বল আৰু বিকৃত কৰিছে বুলি সততে সমালোচনা আৰু বিতৰ্ক কৰাসকলৰ বিৰুদ্ধে সন্দিকৈয়ে এই লেখাৰ জৰিয়তে প্ৰতিবাদ কৰিছে৷ সন্দিকৈৰ ভাষাত– ‘এটা জাতিৰ সংস্কৃতিক সেই জাতিৰ তথাকথিত ঐতিহ্য তথা পৰম্পৰাই অনবৰতে পিছফালৰ পৰা ধৰি টানি থাকিলে সি আৰু সংস্কৃতি হৈ নাথাকে– সি হ’ব বদ্ধ জলাশয়৷
‘ৰাস্তা-পদূলিৰ কথা’ শীৰ্ষক ৰচনাত অসমৰ আলি-পদূলিৰ দুৰাৱস্থা আৰু চৰকাৰৰ অমনোযোগিতাৰ কথা প্ৰকাশ কৰিছে৷ গ্ৰাম্য পৰ্যায়ত ৰাস্তা-পদূলিৰ অৱস্থা যে সাম্প্ৰতিক সময়তো তথৈবচ, চৰকাৰে যে বছৰে বছৰে উন্নয়নৰ নামত জনতাৰ টকা পানীত পেলাই আহিছে৷ নিজৰ পকেট গৰম কৰিছে, সেই কথা সন্দিকৈয়ে ভয় আৰু শঙ্কা নোহোৱাকৈ স্পষ্ট ভাষাৰে বৰ্ণনা কৰিছে৷ সেইদৰে ‘অসমীয়া সাহিত্যৰ সভাকাণ্ড’ শীৰ্ষক ৰচনাত অসম সাহিত্য সভাৰ বহু ভিতৰুৱা সমস্যাৰাজিৰ বিষয়ে বিশ্লেষণ কৰিছে৷ সেইদৰে সাহিত্যৰ সভাত ৰাজনৈতিক নেতাৰ পয়োভৰৰ কথা উল্লেখ কৰি একেজন সভাপতি, সম্পাদকে কিদৰে সাহিত্য সভাক জাতীয় অনুষ্ঠানৰ পৰা ব্যক্তিগত অনুষ্ঠানলৈ পৰিণত কৰিছে, তাৰ বিৱৰণ পোৱা যায়৷ সন্দিকৈয়ে সেয়েহে এই ৰচনাৰ শেষৰফালে কৈছে– ‘শুনিবলৈ পোৱামতে ৰাজনীতিলৈ ভাল মানুহ নোযোৱাৰ দৰে সাহিত্য সভালৈও হেনো ‘ভাল’ সাহিত্যিক যাবলৈ ইচ্চা নকৰা হ’ল৷ সাহিত্য সভা হেনো এতিয়া নানা জোখৰ কলংকিত ব্যক্তিৰ মিলনস্থলীত পৰিণত হ’ল৷’
সাহিত্যিকৰ পেঞ্চন সন্দৰ্ভতো সন্দিকৈয়ে বহুতো অপ্ৰিয় সত্য উদ্ঘাটন কৰি সাহিত্যিক পেঞ্চনৰ বাবে সাহিত্যিকৰ খোৱা-কামোৰা আৰু অসৎ পদ্ধতিৰ মাজেৰেই যে এই নিৰ্বাচন প্ৰক্ৰিয়া হৈ আহিছে, সেই কথা উল্লেখ কৰিছে৷ হীৰেন গোহাঁইৰ দৰে ব্যক্তিয়ে পেঞ্চনৰ বাবে আবেদন নকৰাকৈ যদি পেঞ্চন পাব পাৰে, তেন্তে একে প্ৰক্ৰিয়াৰেইনো আনসকল সাহিত্যিকে কিয় নিজৰ যোগ্যতাৰ ভিত্তিত সাহিত্যিক পেঞ্চন পাব নোৱাৰে বুলি সন্দিকৈয়ে কৰা নিৰপেক্ষ বিশ্লেষণ মনকৰিবলগীয়া৷
‘মহানগৰীয়া কৃত্ৰিম বানপানী, লেহেমীয়া অসমীয়া’ শীৰ্ষক ৰচনাত সন্দিকৈয়ে গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সন্দৰ্ভত বিশ্লেষণ আগবঢ়াইছে৷ বানপানীৰ কাৰণ আৰু জনসাধাৰণৰ সমস্যাৰ লগতে জনসাধাৰণৰ ভূলৰ বাবেও যে অনাহক বানপানীৰ সমস্যা সৃষ্টি হৈছে, সেই কথা তেওঁ উল্লেখ কৰিছে৷ আধুনিক বিলাসিতা আৰু বিজ্ঞানসন্মত জ্ঞানৰ অভাৱো এই বানপানী সমস্যাৰ অন্যতম কাৰণ৷ সেইদৰে চৰকাৰৰ উপযুক্ত আঁচনিৰ অভাবো বানপানী সমস্যাৰ মূল কাৰণ৷ সেইদৰে ‘ঘৰগোণা’ অসমীয়াৰ প্ৰতিটো কামেই যে সময়তকৈ পাছপৰা; যি এলেহুৱা স্বভাৱৰ বাবে লাচিতে মোমায়েকক কাটিছিল, সেই প্ৰসংগৰ অৱতাৰণা কৰি বৰ্তমান সময়ত যে অসমীয়াৰ মাজলৈ কিছু পৰিৱৰ্তন আহিছে বা সভ্যতাৰ লগে লগে যে অসমীয়া সমাজো আগবাঢ়ি যাবলৈ সক্ষম হৈছে, সেই কথা সন্দিকৈয়ে উল্লেখ কৰিছে৷
‘ৰেগিং সন্ত্ৰাস’ শীৰ্ষক ৰচনাত লেখকে এটি ভয়াবহ অপৰাধ আৰু ব্যাধি হিচাপে ৰেগিঙৰ বিপক্ষে মাত মাতিছে৷ ৰেগিং কৰাটো বিকৃত মানসিকতাৰ গৰাকী বুলিহে লেখকে উল্লেখ কৰিছে৷ সেইদৰে বৈজ্ঞানিক মানসিকতাৰ অভাৱেহে এইধৰণৰ বিকৃত কাম-কাজ কৰিবলৈ ছাত্ৰ সমাজক অনুপ্ৰেৰণা যোগাই বুলি লেখকে উল্লেখ কৰিছে৷
লেখকে শেহতীয়াকৈ মুক্তি লাভ কৰা হিন্দী চলচ্ছিত্ৰ ‘অ মাই গড’ ৰ কথাও বিস্তাৰিতভাৱে ‘কথা-অপৰাধ, ‘অ মাই গড’ শীৰ্ষক ৰচনাত উল্লেখ কৰিছে৷ এই চলচ্ছিত্ৰখনে সমাজৰ ধৰ্মীয় কাৰ্য-কলাপৰ প্ৰকৃত বাস্তৱ স্বৰূপটো দেখুৱাবলৈ সক্ষম হৈছে৷ ‘য’ত ধৰ্ম আছে, ত’ত সত্য নাই, য’ত সত্য আছে, ত’ত ধৰ্মৰ প্ৰয়োজন নাই’ বুলি লেখকে মহৎবাণীৰ দৰে মননশীল মন্তব্য কৰি সমাজত ধৰ্মৰ অন্তঃসাৰশূ্যণতা প্ৰমাণ কৰাৰ চেষ্টা কৰিছে৷
তৃতীয় খণ্ডত লেখকে দুটা বিষয়ৰ সন্দৰ্ভত আলোকপাত কৰিছে৷ ‘মোৰ মনৰ ভিতৰৰ ভূপেন হাজৰিকাজন’ শীৰ্ষক ৰচনাত লেখকে অসমীয়া সমাজ জীৱনত ভূপেন হাজৰিকাৰ গুৰুত্ব আৰু প্ৰাসংগিকতা সম্পৰ্কে উল্লেখ কৰিছে আৰু ভূপেন হাজৰিকাৰ গীতবোৰক ‘ভূপেন সংগীত’ নহৈ কিয় ‘ভূপেন্দ্ৰ সংগীত’ কৰা হ’ল বুলি যুক্তি দৰ্শাইছে৷ এনেদৰে থাকিলে পৰৱৰ্তী সময়ত ভূপেন হাজৰিকাৰ প্ৰকৃত নাম ভূপেন নে ভূপেন্দ্ৰ আছিল, তাকে লৈ মতানক্যৰ সৃষ্টি হ’ব বুলি সন্দিকৈয়ে শংকা প্ৰকাশ কৰিছে৷ ‘ডাক্তৰ’ শীৰ্ষক ৰচনাত সন্দিকৈয়ে নিজেই সৰুতে ডাক্তৰ হোৱাৰ সপোন দেখাৰ কথা উল্লেখ কৰি পৰৱৰ্তী সময়ত তেওঁৰ জীৱনত কেইজনমান ডাক্তৰে কিদৰে প্ৰভাৱ পেলালে, সেই কথা উল্লেখ কৰিছে৷ এই দুটা ৰচনাত লেখকৰ সামাজিক দায়বদ্ধতাতকৈ ব্যক্তিগত চিন্তা-চৰ্চাৰ অনুৰণন হে দেখা যায়৷
পৰিশেষত ক’ব পাৰি যে সন্দিকৈৰ এই গ্ৰন্থখনে অসমীয়া মানুহক নিজৰ স্বাভিমান, অধিকাৰ, প্ৰাপ্য স্বাধীনতা আদিৰ বিষয়ে সজাগ কৰাৰ লগতে অন্ধবিশ্বাস, কু সংস্কাৰৰ পৰা আঁতৰাই বৈজ্ঞানিক মানসিকতাৰে পৰিপুষ্ট হোৱাত নিশ্চিতৰূপত সহায় কৰিব৷ আৰু বৈজ্ঞানিক মানসিকতাৰে সমৃদ্ধ হ’লেহে সমাজ এখন নিৰোগী, নিজঞ্জালে বৰ্তি থাকিব পাৰিব৷ গ্ৰন্থখনে পাঠকৰ ব্যক্তিগত জীৱনত থকা বিশৃংখল চিন্তা-চৰ্চাক নিঃশেষ কৰি জীৱনটো শৃংখলিত কৰাত সহায় কৰিব৷ ৰচনাবোৰৰ মাজে মাজে থকা বিদ্ৰুপাত্মক লেখনি আৰু ব্যঙ্গই জনসাধাৰণক নিজকে বিশ্লেষণ কৰাৰো সুবিধা দিব৷ বনলতা প্ৰকাশনে প্ৰকাশ কৰা গ্ৰন্থখনৰ মূল্য ১৬০ টকা৷
পূৰ্বপ্ৰকাশ- সাদিন, ১৬ নৱেম্বৰ, ২০১৮
মুক্ত চিন্তা আলোচনীত লেখাটো পঢ়িবলৈ ক্লিক কৰক
0 Comments