জয়ন্ত মাধৱ বৰাৰ 'মায়ং' গ্ৰন্থৰ সমালোচনা


 ঐতিহ্য আৰু বুৰঞ্জীয়ে সমৃদ্ধ কৰি ৰখা অসমৰ কেইখনমান মুষ্টিমেয় ঠাইৰ নাম ল’বলগীয়া হ’লে, কোনোবাই তাৰ মাজত ‘মায়ং’ অঞ্চলৰ নাম লোৱাটো একো অস্বাভাৱিক কথা নহয়৷ অস্বাভাৱিক এইটোহে, অঞ্চলটোৰ সৈতে জড়িত হৈ থকা ভ্ৰান্ত ধাৰণা আৰু অমূলক বিশ্বাস এটা গৰিষ্ঠ সংখ্যক জনসাধাৰণৰ মাজত আজিকোপতি একেদৰেই বাহাল আছে৷

  ‘মায়ং’ হেনো যাদুৰ দেশ৷ তন্ত্ৰ-মন্ত্ৰৰ দেশ৷ অলৌকিকতা, তন্ত্ৰ-মন্ত্ৰ আৰু অসাধ্যৰ সাধনেই এই অঞ্চলৰ মূল বৈশিষ্ট্য– এনে কিছুমান ধাৰণাই ‘মায়ং’ সম্পৰ্কে মানুহৰ মন-মনন-চিন্তনত সোমাই আছে৷ কিন্তু এয়া প্ৰকৃততে কিমান শুদ্ধ? সত্য? বিজ্ঞানসন্মত? অলৌকিকতাৰে যিকোনো কাৰ্য সাধন কৰিব পৰাটো সম্ভৱ নে? এনে কিছুমান গুৰুত্বপূৰ্ণ বিষয়ৰ পুংখানুপংখ বিশ্লেষণ  আৰু বিজ্ঞানসন্মত অধ্যয়নেৰে সাহিত্যিক জয়ন্ত মাধৱ বৰাই লিখি উলিয়াইছে এখন অগতানুগতিক উপন্যাস ‘মায়ং’৷ 

 ‘মায়ং’ৰ বিষয়বস্তুৱে এই উপন্যাসখনক ‘সামাজিক উপন্যাস’ বুলি স্বীকৃতি দিয়ে৷ মায়ং অঞ্চলটোৰ সমাজখনৰ সামগ্ৰিক কথা-বতৰাই প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে উপন্যাসখনত বৰ্ণিত হৈছে৷ লগতে উপন্যাসখনত ‘মায়ং’ নামৰ ঠাইখনৰ বৈশিষ্ট্য আৰু এই অঞ্চলৰ ইতিহাসটোক বিজ্ঞানসন্মত পদ্ধতিৰে অধ্যয়ন কৰাৰ চেষ্টা কৰা হৈছে৷ যাদু, তন্ত্ৰ-মন্ত্ৰ, অলৌকিক বুলি ধাৰণা থকা বিশ্বাসবোৰৰ অন্তৰালত কোনবোৰ যুক্তিনিষ্ঠ তথা অন্তনিৰ্হিত বিষয়বস্ত সংপৃক্ত হৈ থাকিব পাৰে; সেই ধৰণৰ গৱেষণামূলক এক দৃষ্টিভংগী আৰু আংশিক পুনৰ নিৰ্মাণ উপন্যাসখনত আছে৷

 অসমীয়া সাহিত্যত উপন্যাসৰ সমল হিচাপে গ্ৰহণ কৰিব পৰা বিষয়বস্তুৰ ক্ষেত্ৰখন বৈচিত্ৰ্যমূলক৷ একো একোখন সমাজ, সেই সমাজৰ সাংস্কৃতিক জীৱনক পূৰ্ণভাৱে প্ৰতিফলিত কৰিবলৈ সাহিত্যৰ সহায় লৈ ইতিমধ্যেই অসমীয়া সাহিত্যত যথেষ্ট সংখ্যক সৃষ্টিশীল ৰচনাৰ উদ্ভৱ হৈছে৷ এই ৰচনাসমূহৰ ভিতৰত উপন্যাসো আছে৷ সামাজিক উপন্যাসৰ মূল বৈশিষ্ট্যই হৈছে সমাজ জীৱনক সম্পূৰ্ণভাৱে প্ৰতিফলিত কৰা৷ বহুসংখ্যক ঔপন্যাসিকে সমাজ জীৱনক হুবহু ৰূপত চিত্ৰিত কৰি একো একোটা সময়ৰ দলিল হিচাপে চিহ্নিত কৰি গৈছে৷  লীলা গগৈৰ ‘নৈ বৈ যায়’ বা কেশৱানন্দ দেৱগোস্বামীৰ ‘এৰি অহা গাঁও’ এই শ্ৰেণীৰ উপন্যাস৷ তেনে এক আদৰ্শ আৰু বৈশিষ্ট্যৰেই জয়ন্ত মাধৱ বৰাই নিৰ্মাণ কৰিছে ‘মায়ং’৷ সমান্তৰালভাৱে এই উপন্যাসত ‘মায়ং’ কি  বুলি প্ৰশ্ন কৰাতকৈ ‘মায়ং’ কি হ’ব লাগিছিল’ ধাৰণাৰ বিকাশতহে গুৰুত্ব দিয়া হৈছে৷ মায়ঙক এই উপন্যাসখনত বহু সময়ত পুনৰ নিৰ্মাণ কৰা হৈছে, বহু সময়ত প্ৰচলিত ধাৰণা এটাকে শুদ্ধ বুলি প্ৰমাণ কৰি মাথোঁ সেই ধাৰণাত লুকাই থকা অলৌকিকতাখিনি বিদূৰ কৰি তাৰ ঠাইত বিজ্ঞানসন্মত যুক্তি এটা সংপৃক্ত কৰি দিয়া হৈছে৷ লক্ষণীয় যে পূৰ্বৰ পৰা ‘মায়ং’ত প্ৰচলিত হৈ অহা ধ্যান-ধাৰণাখিনিক লেখকে হেয় বুলি প্ৰতিপন্ন কৰা নাই৷ প্ৰচলিত ধ্যান-ধাৰণাখিনিত যে অলৌকিক ৰহণ লগোৱা হৈছে বা কল্পনা আৰু অন্ধতাৰ প্ৰলেপ লগোৱা হৈছে, সেই কথাবোৰহে বিজ্ঞানসন্মতভাৱে পোহৰলৈ আনিবলৈ লেখকে পাৰ্যমানে যত্ন কৰিছে৷

 প্ৰস্তাৱনা অধ্যায়ত লেখকে ‘মায়ং’ অঞ্চলৰ নামটোৰ বুৎপত্তিগত অৰ্থ আৰু ৰাজনৈতিক দিশেৰে অঞ্চলটোৰ গুৰুত্ব সম্পৰ্কে উল্লেখ কৰিছে৷ ঠাইখনৰ নামটোক লৈ বিভিন্ন জনশ্ৰুতি আছে৷ এই জনশ্ৰুতিসমূহৰ কোনটো আচলতে সত্য তাক ক’ব পৰা নাযায়৷ লেখকেও কোনো এটা জনশ্ৰুতিকে শেষ সত্য বুলি স্বীকাৰ কৰাৰ পৰিৱৰ্তে আটাইকেইটা মতকে যথোচিতভাৱে উল্লেখ কৰিছে৷

 পূৰ্বতে মায়ঙত হেনো আলহীক বহিবলৈ দিয়া পীৰাখন যাবৰ পৰত আলহীৰ টিকাতে লাগি গুচি গৈছিল৷ আকৌ কাৱৈ মাছ ভাজি আলহীক যেতিয়া খাবলৈ দিয়ে, আলহীয়ে খাবলৈ লওঁতেই ভাজি থোৱা কাৱৈ মাছ বাটিতে জঁপিয়াবলৈ ধৰে৷ জলকীয়া খুজিলে জলকীয়াটো নিজে নিজে নাচি নাচি আহি ভাতৰ পাতত পৰেহি৷’... এইবোৰ একো একোটা প্ৰচলিত বিশ্বাস, পুৰাকথা৷ মায়ঙত এইধৰণৰ অসাধ্য কাৰ্যও সাধন হয় বুলিয়ে ইমানদিনে সকলোৰে মাজত গল্পগুজৱ চলি আহিছে৷ পিছে এইধৰণৰ কাৰ্যবোৰ সকলোৱে শুনাহে৷ দেখা হ’লে কোনো নাই৷ গতিকে এই ঠাইখনৰ প্ৰকৃত পৰিচয় বা ইতিহাস কি, এখন নদীৰ ঠিকনা সময়ৰ সোঁতত হেৰাই যোৱাৰ দৰে এটা বৰ্ণময় সভ্যতাও কালৰ বুকুত নিঃশেষ হৈ গ’ল নেকি? এই ধৰণৰ আশংকা কৰি বিজ্ঞানসন্মত বিশ্লেষণ, পৰ্যালোচনা আৰু পুনৰোদ্ধাৰৰ বাবেই লেখকে মায়ঙৰ বুকুত অন্বেষণ কৰিছে অনাৱিষ্কৃত ইতিহাসৰ৷

 লেখকে উপন্যাসখনৰ প্ৰথম অংশতে নিজৰ বাল্যকালৰ স্মৃতিচাৰণ কৰি সেই সময়ত মানুহৰ মন মননত কিদৰে অন্ধবিশ্বাস, কুসংস্কাৰে আৱৰি আছিল, সেই সম্পৰ্কে উল্লেখ কৰিছে৷ উপন্যাসখনৰ কাহিনীমতে লেখক চাকৰি সূত্ৰে এজন ৰাজপত্ৰিত বিষয়া হিচাপে মায়ং অঞ্চললৈ যাত্ৰা কৰে৷ তাত তেওঁ হৰমোহন দাসক লগ পায়৷ তেওঁৰ ঘৰতেই আশ্ৰয় হিচাপে থকাৰ সুবিধা লাভ কৰে৷ হৰমোহন দাসৰ পৰাই লেখকে মায়ং সম্বন্ধে নানা ধৰণৰ তথ্য লাভ কৰে৷  হৰমোহন দাসৰ মুখত মায়ং অঞ্চলটোৰ বিভিন্ন অলৌকিক ধাৰণা, পূৰ্বৰ পৰা প্ৰচলিত মিথ, বিশ্বাস আদিৰ ৰসাত্মক  বৰ্ণনা কৰা হৈছে৷ লেখকে মূল কাহিনীটোত এটি নাৰী চৰিত্ৰৰ অৱতাৰণা কৰিছে৷ তেওঁৰ নাম বীণা৷ কাহিনীটোত বীণা নামৰ চৰিত্ৰটোৱে লেখকৰ জীৱনক কেনেদৰে প্ৰেমৰ মায়াময় বান্ধোনেৰে সমৃদ্ধ কৰি ৰাখিছে, সেই কথা সুন্দৰকৈ প্ৰতিফলন হৈছে৷  

 লেখকে উপন্যাসখনত বিজ্ঞান মানসিকতাৰ বিকাশৰ বাবে কাম কৰিছে৷ তেওঁ নিজেও এই মানসিকতাৰে সমৃদ্ধ৷ উপন্যাসখনত লেখক এজন নিৰিশ্বৰবাদী ব্যক্তিৰ ভূমিকাত অৱতীৰ্ণ হৈছে৷ ঈশ্বৰ সম্পৰ্কীয় ধাৰণাটো লেখকৰ সুস্পষ্ট৷ তেওঁ কাহিনীত এই কথা পৰোক্ষভাৱে উল্লেখ কৰিছে এনেদেৰে–‘... এই প্ৰভুজন কোন? থাকে ক’ত? শৈশৱ, কৈশোৰত যেতিয়া গাঁৱত আছিলো তেতিয়া ভাবিছিলোঁ, বিশ্বাস কৰিছিলোঁ, প্ৰভুঈশ্বৰ নামঘৰতে থাকে৷ ডাঙৰ হৈ দেখিলোঁ বেলেগ বেলেগ মানুহৰ ঈশ্বৰ বেলেগ বেলেগ স্থানত থাকে৷ ৰাজনীতি কৰাসকলৰ বাবে আকৌ এই ধৰ্মটো এপাট শক্তিশালী অস্ত্ৰ৷’’ [মায়ং, পৃষ্ঠা-৩৭] গতিকে ঈশ্বৰ সম্পৰ্কে এটা স্পষ্ট ধাৰণা থকাৰ বাবেই তেওঁ মায়ং সম্বন্ধেও প্ৰচলিত ধ্যান-ধাৰণা, ধৰ্মীয় বিশ্বাসবোৰৰ উৰ্ধলৈ গৈ প্ৰকৃত সত্যৰ যথাৰ্থতা অন্বেষণ কৰিবলৈ চেষ্টা কৰিছে৷ কাৰণ ধৰ্মীয় গোড়ামীৰে আচন্ন এজন লেখকৰ বাবে এইধৰণৰ প্ৰগতিশীল সাহিত্য সৃষ্টি কৰাতো সম্ভৱ নহয়৷

 লেখকে মায়ং অঞ্চলৰ সুৰীয়া ভাষাটোকো উপন্যাসখনত মাৰ্জিতভাৱেই গুৰুত্ব দিছে৷ সেইদৰে লেখকে মায়ঙ অঞ্চলৰ লোকগীতকো উপন্যাসখনত ঠাই দিছে ৷ সেইদৰে বেজে মানুহৰ ঘৰলৈ আহি কিদৰে সাপ ধৰিব পাৰে,  কাকো ভাল নোপোৱা এজনী ছোৱালীক মোহিনী বাণ মাৰি কাৰোবাৰ প্ৰেমত পেলাব পাৰে,মন্ত্ৰ মাৰি  বাঘ, হাতীক বশ কৰিব পাৰে; তাৰো চমকপ্ৰদ বৰ্ণনা লেখকে উপন্যাসখনত দেখুৱাইছে৷ অলৌকিক যেন লগা কিছুমান কাৰ্য যে মানহে নিজৰ চল-চাতুৰী আৰু কৌশলেৰে সমাপন কৰি মানুহক ঠগিব খোজে, সেয়াই হয়তো মানুহে বুজিব নোৱাৰি যাদু বা তন্ত্ৰ-মন্ত্ৰ বুলি অলৌকিকতাত বিশ্বাস কৰিবলৈ বাধ্য হয়৷ যিটো ‘ব্লেক মেজিক’ বুলিও কোৱা হয়; এই কথাবোৰ লেখকে অনুধাৱন কৰিছে, সেয়েহে লেখকৰ কথাত ‘যাদু-মন্ত্ৰ হৈছে এচামে আন এচামক ঠগাৰ অস্ত্ৰ৷’

 উপন্যাসখনত মায়ং অঞ্চলৰ সাহিত্য-সমাজ, কৃষ্টি-সংস্কৃতি, অৰ্থনীতি, ঐতিহ্য, বুৰঞ্জীৰ বিষয়েও যথোচিত বৰ্ণনা আছে৷ সেই অঞ্চলৰ ‘গোসাঁই উলিওৱা উৎসৱ’ আৰু তাৰ ৰীতি-নীতি সম্পৰ্কেও এই উপন্যাসখনত স্পষ্টকৈ উল্লেখ আছে৷  ‘‘মায়ঙত যিমান দেৱ-দেৱীৰ মূৰ্তি আছে অসমৰ কোনো ঠাইতে নাই৷ সেইফালৰ পৰা ইয়াৰ বেছিভাগ মানুহেই শাক্তপন্থী হ’ব লাগে৷ কিন্তু ইয়াতো সত্ৰ স্থাপন হৈছে৷ বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ ইয়াত পৰিল কেনেকৈ?’’ [মায়ং, পৃষ্ঠা-৫৭] সেইদৰে মায়ঙত স্থাপন হোৱা সত্ৰ সম্পৰ্কেও লেখকে তথ্যসহ বিৱৰণ ডাঙি ধৰিছে৷ ১৫৬৩ শকতে মায়ঙৰ কালশিলা বিলৰ পাৰত সত্ৰ স্থাপন হোৱাৰ তথ্য উল্লেখ কৰি মায়ঙৰ ৰজা পৰ্যন্ত বৈষ্ণৱ ধৰ্মত দীক্ষিত হোৱাৰ বৰ্ণনা লেখকে উল্লেখ কৰিছে৷ 

 তন্ত্ৰ-মন্ত্ৰৰ অসাৰতা আৰু এইবোৰ যে প্ৰকৃততে ভেল্কীবাজি, সেই সম্পৰ্কেও লেখকে পৰোক্ষভাৱে উপন্যাসখনত বৰ্ণনা কৰিছে৷ অলৌকিকতাৰ দ্বাৰা আনৰ মঙ্গল সাধন কৰিব পৰাটো সম্ভৱ বুলি ডাবী কৰাসকলে কি কাৰণেনো প্ৰথমে নিজৰেই মঙ্গল সাধন কৰি নলয়, এয়া এক অবুজ সাঁথৰ৷ বাঘ বন্ধা মন্ত্ৰ সম্পৰ্কেও লেখকে বিজ্ঞানসন্মতভাৱেই বিশ্লেষণ আগবঢ়াইছে৷ এই বিশ্লেষণ বৈজ্ঞানিক মানসিকতাৰে পুষ্ট যিকোনো মানুহেই সমৰ্থন কৰিব৷ সেইদৰে বহুতো বেজে বেজালি কৰাৰ চলেৰে ছোৱালী, বোৱাৰীৰ সতীত্ব নষ্ট কৰি দৈহিক উপভোগৰ বাবেহে উঠিপৰি লাগে৷ এনে স্বাৰ্থলোভী বেজ-ফকীৰ বহুবাৰ ৰাইজৰ সন্মুখত ধৰা পৰিছে৷ সমূহীয়া মাৰ খায় আধামৰা বা কেতিয়াবা মৃত্যু পৰ্যন্ত হৈছেগৈ৷ 

 স্বাধীনতাৰ সময়ত মায়ঙতো ‘শান্তিসেনা বাহিনী’ গঠন হৈ দেশ উদ্ধাৰৰ বাবে উঠিপৰি লগা ইতিহাসৰ কথা লেখকে তথ্যসহ উপন্যাসখনত বিশ্লেষণ কৰিছে৷ ‘তৰিলে দেশ, মৰিলে স্বৰ্গ’ শ্লোগানেৰে মায়ং অঞ্চলতো মৃত্যু বাহিনী গঠন কৰা হৈছিল৷ মায়ঙত ১৯০৪ চনতে মায়ং কেন্দ্ৰীয় প্ৰাথমিক বিদ্যালয় স্থাপন হৈছিল৷ ১৯৩৮ চনত মধ্য ইংৰাজী বিদ্যালয়  প্ৰতিষ্ঠা হৈছিল৷ গতিকে মায়ঙত আধুনিক শিক্ষাৰ প্ৰসাৰ হৈছিল বহু যুগৰ আগতে৷ কিন্তু তৎসত্ত্বেও মায়ঙৰ পৰিচয় কেৱল যাদু-তন্ত্ৰ--মন্ত্ৰৰেহে৷ মায়ং অঞ্চলৰ নতুন প্ৰজন্মটোৰ এজন প্ৰতিনিধি শশাংক চৰিত্ৰটোৱেও আধুনিক শিক্ষাৰে শিক্ষিত হৈয়ো সম্পূৰ্ণৰূপে এই বিশ্বাসৰ উৰ্ধলৈ যাব পৰা নাই৷ যি কথা উপন্যাসখনত শশাংক চৰিত্ৰটোৰ কাৰ্যকলাপ, সংলাপৰ দ্বাৰা ফুটি উঠিছে৷

 তন্ত্ৰ-মন্ত্ৰৰ দিশটোৰ অবিহনেও নিজৰ সাংস্কৃতিক সমল আৰু বুৰঞ্জীৰ ঘটনা-পৰিঘটনাৰে সমৃদ্ধ ‘মায়ং’ অসমৰে এখন উল্লেখযোগ্য ঠাই৷ স্বাধীনতা আন্দোলনতো এই ঠাইৰ মানুহৰ অৱদানৰ কথা উপন্যাসখনত বৰ্ণিত হৈছে৷ কিন্তু এই বিষয়বোৰৰ প্ৰসাৰ কোনোদিনেই নঘটিল৷ এতিয়া জয়ন্ত মাধৱ বৰাৰ উপন্যাসখনত এই লুপ্ত সমলবোৰৰ উদ্ধাৰৰ চেষ্টা দেখা গৈছে৷  উপন্যাসখনৰ শেষৰফালে লেখকে নিজৰ এটা বাঞ্চিত সপোন হেৰুৱাৰ দুখতে মায়ং ত্যাগ কৰি অন্য অঞ্চললৈ ট্ৰেন্সফাৰ লয়৷ এয়া কাহিনীৰ পৰিসমাপ্তিৰ বাবে লেখকৰ কৌশল হ’ব পাৰে৷ মাথোঁ স্মৃতি হিচাপে লৈ যায় মায়ঙৰ অফুৰন্ত মৰম, স্নেহ, ভালপোৱা৷ মায়ঙৰ নতুন প্ৰজন্মৰ কাৰ্যকলাপ আৰু সৃষ্টিশীলতাক লৈয়ো লেখক আশাবাদী যাতে মায়ঙৰ অলৌকিকতাখিনি আৰু বাতুলামীবোৰৰ নিঃশেষ হৈ মায়ঙৰ ঐতিহ্য আৰু বুৰঞ্জীৰ প্ৰকৃত বিচাৰ, প্ৰচাৰ আৰু প্ৰসাৰ হয়৷ কোনেও যেন ‘মায়ং’ বুলি ক’লে তন্ত্ৰ-মন্ত্ৰৰে জয়াল হৈ থকা এখন ঠাইৰ ছবি মনলৈ আনিবলগীয়া নহয়, সেই ইতিবাচক আশাৰেই উপন্যাসখনৰ কাহিনীৰ অন্ত পৰিছে৷ এই উপন্যাসখনে আৰু এটা অসাধ্য সাধন কৰিছে৷ সেয়া হ’ল– অলৌকিকতাৰ ওপৰত থকা জনতাৰ আস্থা আৰু ধ্যান-ধাৰণাৰ সম্পূৰ্ণ পটন ঘটোৱাৰ চেষ্টা কৰিছে৷ প্ৰগতিশীল মনৰ অধিকাৰী যিকোনো মানুহে এই গ্ৰন্থখন পঢ়ি আপ্লুত হ’ব৷  উপন্যাসখনৰ সামাজিক গুৰুত্ব এইবাবেই আছে যে উপন্যাসখনে পাঠকক ‘মায়ং’ অঞ্চলটোক নতুনকৈ বুজিবলৈ আৰু ভাবিবলৈ বাধ্য কৰিব৷ পাঠকক এটা ৰুচিসন্মত বোধ জন্মোৱাত আৰু বৈজ্ঞানিক মানসিকতাৰে একো একোটা বিষয়ক অনুসন্ধান কৰিবলৈ প্ৰয়োজন হোৱা প্লট আৰু সমল যোগান কৰাত লেখক সফল হৈছে৷ সহজ-সৰল গ্ৰাম্য ভাষাৰ প্ৰয়োগেৰে আৰু সমসাময়িক সমাজখনৰ প্ৰতিফলেনেৰে লেখকে মায়ং অঞ্চলটোক পুনৰোদ্ধাৰ কৰিছে৷ এতিয়া পুনৰোদ্ধাৰ কৰা এই ধ্যান-ধাৰণাবোৰ অসমৰ পাঠক সমাজে আৰু মায়ঙৰ জনসাধাৰণে কেনেদৰে গ্ৰহণ কৰে, সেয়া আগন্তুক দিনত লক্ষণীয় হ’ব৷ জ্যোতি প্ৰকাশনে প্ৰকাশ কৰা এই উপন্যাসখনৰ মূল্য- ১৫০ টকা৷


© ভাস্কৰ ভূঞা, গৱেষক ছাত্ৰ
গুৱাহাটী বিশ্ববিদ্যালয়,  ফোন-৮৭৫১৯৪৩৩৮৭

পূৰ্বপ্ৰকাশঃ  সাতসৰী, জুন সংখ্যা, ২০১৮

Post a Comment

0 Comments