* সাম্প্ৰতিক অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনত সচেতনভাৱে গদ্য সাহিত্যৰ সাধনা কৰা যুৱ লেখকৰ ভিতৰত ধৰণী লাহন অন্যতম৷ তেওঁ ইতিমধ্যেই কেইবাখনো পুথি লিখি উলিয়াইছে৷ তাৰ ভিতৰত ‘নৈপৰীয়া সুহৃদ আৰু অন্যান্য গদ্য’ [২০০৮], ‘কৰুণ নাৰীৰ গদ্য’ [২০০৯] আৰু ‘বাঁহীৰ মাত’ গ্ৰন্থকেইখন অন্যতম৷ ইয়াৰোপৰি তেওঁ বহুকেইখন গ্ৰন্থও সম্পাদনা কৰিছে৷ শেহতীয়াকৈ গদ্যশিল্পী পুণ্য শইকীয়াৰ জীৱনৰ আধাৰত সম্পাদনা কৰা ‘খিৰিকিৰে দেখা এটুকুৰা আকাশ’ গ্ৰন্থখনত লেখকে গদ্যশিল্পী পুণ্য শইকীয়াৰ সৈতে বিভিন্ন সময়ত বিভিন্নজন ব্যক্তিৰ সৈতে হোৱা কথোপকথনসমূহ সম্পাদনা কৰি গ্ৰন্থ আকাৰে প্ৰকাশ কৰিছে৷ সাক্ষাৎকাৰৰ আধাৰত অসমীয়া সাহিত্যত গ্ৰন্থ ৰচনা কৰা হৈছে যদিও সম্ভৱত কথোপকথনকেন্দ্ৰিক গ্ৰন্থ প্ৰকাশৰ ক্ষেত্ৰত এই গ্ৰন্থখনেই হয়তো অসমীয়া সাহিত্যত প্ৰথম৷
‘কাজিনেমুৰ পাত’ হৈছে ওপৰত উল্লিখিত লেখকৰ তিনিখন গ্ৰন্থৰ একত্ৰ সংকলন৷ গ্ৰন্থখনত সামগ্ৰিকভাৱে লিখকৰ শৈশৱ-কিশোৰৰ পৰা বৰ্তমান সময়লৈকে বিভিন্ন সময়ত সচেতন-অৱচেতনভাৱে উপলব্ধি কৰা সমাজ-সংস্কৃতি সম্পৰ্কীয় চিন্তা-চেতনাৰপৰা আদি কৰি পাৰিপাশ্বিৰ্ক অৱস্থাটোৰ লগতে মানুহৰ সৈতে গঢ়ি উঠা মানসিক ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ বিষয়সমূহ প্ৰতিফলিত হৈছে৷ তিনিওখন গ্ৰন্থতে তেওঁৰ ব্যক্তিগত জীৱনৰ অভিজ্ঞতা আৰু অনুভৱে স্থান লাভ কৰিছে যদিও এই অনুভৱবোৰৰ মাজেৰে সমকালীন সমাজ জীৱনৰ বিষয়ে এটি ধাৰণা নিৰ্ণয় কৰাত পাঠকক নিশ্চয়কৈ সহায় কৰিব৷ তেওঁৰ ‘নৈপৰীয়া সুহৃদ আৰু অন্যান্য ৰচনা’ শীৰ্ষক গ্ৰন্থখনত মূলত প্ৰকৃতি আৰু নদী সম্পৰ্কীয় চিন্তা-চেতনাৰে সমৃদ্ধ৷ নদীকেন্দ্ৰিক সমাজ জীৱনৰ এখন সজল চিত্ৰ উপস্থাপন আৰু বানপানীক লৈ অসমৰ মানুহে কটাবলগীয়া অবৰ্ণনীয় পৰিস্থিতিৰ বিৱৰণ তেওঁৰ এই গ্ৰন্থখনৰ মূল বিষয়৷ নদ-নদী, গছ-গছনি, নদীকেন্দ্ৰিক সমাজৰ জীৱন প্ৰণালী, বানপানীৰ ভয়াবহ সমস্যা, সংস্কৃতিৰ আচাৰ-পদ্ধতি, গ্ৰাম্য পৰম্পৰা, আধুনিকতা আদি বিভিন্ন বিষয়বোৰ এই গ্ৰন্থখনৰ অধ্যায়বোৰত প্ৰতিভাত হৈ উঠিছে৷ সেইদৰে নদীৰ সৈতে মানুহৰ একাত্মতা, নদীৰ ইতিবাচক, নেতিবাচক দিশবোৰ লেখকে নিজস্ব অভিজ্ঞতা আৰু অনুভৱেৰে বৰ্ণনা কৰিছে৷ অসমৰ প্ৰায়বোৰ নদীয়েই বিভিন্ন সময়ত তেওঁৰ লেখাত স্থান পাইছেষ কিন্তু তেওঁৰ লেখাত নদী সম্পৰ্কীয় তথ্য নাই৷ আছে মাথোঁ নদীক লৈ অনুভৱ আৰু অভিজ্ঞতা৷ নদীক জীৱনদায়িনী আৰু সমাজ সৃষ্টিৰ উৎস ৰূপেও গ্ৰন্থখনত দেখুওৱা হৈছে৷ সেইদৰে সভ্যতাৰ বিনাশ আৰু সভ্যতৰৈ পৰিৱৰ্তন বাহক ৰূপেও নদীৰ প্ৰসংগ অৱতাৰণা কৰা হৈছে৷ সেইদৰে প্ৰকৃতিৰ সংৰক্ষণ চেতনা আৰু প্ৰকৃতিক মানুহে নিস্বাৰ্থভাৱে উপলব্ধি কৰিব পৰা এক বৌদ্ধিক আবেদন গ্ৰন্থখনৰ অন্যতম বিশেষত্ব৷ সেইদৰে আধুনিকতা আৰু নগৰকেন্দ্ৰিক সমাজ ব্যৱস্থাই গ্ৰাম্য সমাজ ব্যৱস্থালৈ অনা নানা পৰিৱৰ্তন, প্ৰকৃতিৰ সৈতে মানুহৰ একাত্মতা আৰু প্ৰকৃতিৰ পৰা মানৱ সমাজ ক্ৰমান্বয়ে আঁতৰি আদি বিষয়বোৰেই সৰু সৰু টোকাবোৰৰ মূল বিষয়বস্তু৷ গ্ৰন্থখনত লেখকে বানপানীৰ সমস্যা আৰু ইয়াৰ লগত গাঁৱৰ সহজ-সৰল মানুহখিনিৰ দুখ-দুৰ্গতি সম্পৰ্কে বিস্তাৰিতভাৱে বৰ্ণনা কৰা আছে৷ লেখকে নিজেও গ্ৰন্থখনৰ বিষয়ে পাতনিতে কৈছে এনেদৰে– ‘ৰচনাকেইখন বানাক্ৰান্ত মানুহৰ একো একোখন দিনলিপি স্বৰূপ’। (পৃষ্ঠা-১৭)
‘কৰুণ নাৰীৰ গদ্য’ সংকলনটোতো লেখকে ব্যক্তিগত জীৱনৰ অভিজ্ঞতা আৰু অনুভৱকে মুখ্য সমল হিচাপে গ্ৰহণ কৰি নিজস্ব গদ্য শৈলী আৰু বৰ্ণনাধৰ্মিতাৰে এজন কবিৰ দৃষ্টিৰে নাৰী বিষয়ক মননশীল ৰচনা লিখি গৈছে৷ ব্যক্তিগত ৰচনাৰ এই সংকলটোৰ গদ্যসমূহত কাব্যধৰ্মিতাৰ পৰিমাণ বহুগুণে বেছি৷ ‘নাৰী মনস্তত্ত্বৰ বৰ্হিপ্ৰকাশ’ গ্ৰন্থখনৰ মুখ্য বৈশিষ্ট্য৷ উল্লেখ্য যে এজন পুৰুষৰ দৃষ্টিৰে নাৰী সমাজৰ সাৰ্বজনীন প্ৰতিচ্চবি প্ৰতিভাত হৈ উঠা এই গ্ৰন্থখনত নাৰীক কিন্তু কেতিয়াও ঋণাত্মক দৃষ্টিভংগীৰে গ্ৰহণ বা বিশ্লেষণ কৰা নাই৷ পুৰুষৰ প্ৰেৰণাদায়ী, মমতাময়ী, আশ্ৰয়দাত্ৰী ৰূপতে গ্ৰন্থখনত নাৰীক উপস্থাপন কৰা হৈছে৷ গ্ৰন্থখনৰ বিভিন্ন অধ্যায়ত লেখকে নাৰীৰ জীৱন সম্পৰ্কীয় বিশ্লেষণ, সুখ-দুখ, পোৱা-নোপোৱাৰ আলি দোমোজাত নাৰীৰ মানসিক স্থিতি আদি বিষয়বোৰ উল্লেখ কৰিছে৷ গ্ৰন্থখনত বৰ্ণিত এই নাৰী চৰিত্ৰবোৰ তেওঁ সমসাময়িক সমাজৰপৰাই তুলি আনিছে৷ সেয়েহে নাৰী চৰিত্ৰবোৰ ক’ৰবাত নহয় ক’ৰবাত আমাৰ বাস্তৱ জীৱনতে লগ পোৱা যেন অনুভৱ হ’ব পাৰে৷ গ্ৰন্থখনৰ পাতনিত লেখকে উল্লেখ কৰিছে এনেদৰে–‘কৰুণ নাৰীৰ গদ্য’ ৰচনা কৰোঁতে মই মোৰ মনৰ ভাৱনাক বেছিকৈ গুৰুত্ব দিছোঁ, মনে যি ভাবিছে, যি কৈছে, তাক তেনেদৰেই উপস্থাপন কৰোঁতে মই কৃপণালি কৰা নাই৷’ (পৃষ্ঠা-১০৮) গ্ৰন্থখনৰ লেখাবোৰ পঢ়ি ভাৱ হয় যে লেখকৰ মনস্তাত্ত্বিক বিশ্লেষণ এই লেখাবোৰৰ মুখ্য বিশেষত্ব৷
সেইদৰে ‘বাঁহীৰ মাত’ সংকলটোৰ ৰচনাবোৰতো তেওঁ পূৰ্বৰ দৰেই সহজ-সৰল গদ্যৰে অথচ জীৱন বিষয়ক মনোৰম লিখনিৰে ব্যক্তিগত অভিজ্ঞতা আৰু অনুভৱবোৰ লিখি গৈছে৷ মানুহৰ সৈতে মানুহৰ সম্পৰ্ক, বন্ধুত্ব, মানুহৰ সুখ-দুখ, অভাৱ-অভিযোগ আদি বিষয়বোৰেই এই সংকলটোৰ ৰচনাবোৰৰ মুখ্য বিষয়৷ লেখকে বিভিন্ন সময়ত বিভিন্ন স্থানত লগ পোৱা মানুহবোৰৰ বিষয়েও তেওঁৰ অনুভৱ আৰু অভিজ্ঞতাৰে গ্ৰন্থখনৰ ৰচনাবোৰত ৰসালকৈ লিখিছে৷ ৰচনাবোৰত তেওঁ মানুহক লক্ষ্য আৰু পৰ্যবেক্ষণ কৰাৰ দৃষ্টিভংগী প্ৰতিফলিত হৈছে৷ উল্লেখ্য যে কোনো তত্ব বা মতবাদে মানুহক জীয়াই থকাৰ অনুপ্ৰেৰণা দিব নোৱাৰে৷ মানুহক মানুহ কৰি জীয়াই ৰাখে মানুহৰ সৃষ্টিশীল চেতনা আৰু জীৱন বিষয়ক গভীৰ দৃষ্টিভংগীয়েহে৷ ইতিবাচকভাৱে জীৱনক গঢ়ি তুলিবলৈ আৰু জীৱনটোক এটা মসৃন গতি দিবলৈ মানুহক যিধৰণৰ অনুপ্ৰেৰণা আৰু সাহসৰ প্ৰয়োজন; এইধৰণৰ ৰচনাবোৰে মানুহক সেই সাহস আৰু অনুপ্ৰেৰণা দিব পাৰে৷ লেখকে নিজৰ অভিজ্ঞতাসিদ্ধ পৈনত ৰচনাবোৰত মানুহ আৰু মানুহৰ কাৰ্যকলাপবোৰক সূক্ষ্মভাৱে চাবলৈ শিকাইছে আৰু আত্মীয় স্বজনৰপৰা আদি কৰি চাৰিওফালৰ সমাজখনক আন্তৰিকতাৰে চাবলৈ চেষ্টা কৰিছে৷ তেওঁ লেখাবোৰৰ মাজেৰেই বহুতো সংবেদনশীল বিষয়ৰ ইতিবাচক সমাধানো দি গৈছে৷
ধৰণী লাহনৰ উপৰত উল্লিখিত তিনিওখন গ্ৰন্থৰে ভাষা সহজ-সৰল আৰু সাৱলীল৷ তেওঁৰ গদ্যত কাব্যধৰ্মিতাৰ গুণ যথেষ্ট পৰিমাণে আছে৷ অসমৰ গ্ৰাম্য অঞ্চলৰ মুখৰ ভাষাই তেওঁৰ গদ্যৰো প্ৰধান উপজীৱ্য৷ জীৱন বিষয়ক গভীৰ অভিজ্ঞতা আৰু মানুহৰ মনস্তত্ত্ব সম্পৰ্কে গভীৰ অধ্যয়ন নহ’লে এইধৰণৰ লেখা লিখিব পৰা নাযায়৷ তেওঁ নিজৰ ৰচনাৰ দ্বাৰা পাঠকৰ মনত এখন গ্ৰাম্য সমাজ বা গ্ৰাম্য পৰিৱেশ নিৰ্মাণ কৰি দিব পাৰে ইতিমধ্যেই অসমীয়া সমাজে এৰি থৈ অহা গ্ৰাম্য পৰিৱেশ আৰু গ্ৰাম্য সংস্কৃতিক নিটোল ৰূপত ধৰি ৰখাৰ সামৰ্থ তেওঁৰ ৰচনাবোৰত আছে৷ বহুতে জীৱন সম্পৰ্কীয় অনুভৱবোৰ ব্যক্ত কৰোঁতে অবান্তৰ কিছুমান প্ৰসংগৰ অৱতাৰণা কৰি প্ৰায়ে মূল বিষয়ৰপৰা আঁতৰি যোৱা দেখা যায়৷ ধৰণী লাহণ কিন্তু এইক্ষেত্ৰত সচেতন৷ তেওঁৰ লেখাত বৰ্ণনাৰ আধিক্য নাই আৰু বৰ্ণনাবোৰ অপৰিপূৰ্ণও নহয়৷ পাঠকে লাহণৰ ‘কাজিনেমুৰ পাত’ সংকলনত সন্নিৱিষ্ট ৰচনাবোৰ পঢ়ি নিজৰ অতীত আৰু গ্ৰাম্য সমাজৰ সমাজ-সংস্কৃতিৰ ক্ষেত্ৰখনক নতুনকৈ নিজা দৃষ্টিভংগীৰে পৰ্যবেক্ষণ কৰাৰ সুযোগ পাৰিব৷ কিন্তু এই কথাও লক্ষণীয় যে আধুনিকতা আৰু নতুন শতিকাৰ আভিজাত্যৰে ডাঙৰ-দীঘল হোৱা এচাম মানুহে এই গ্ৰন্থখনত বৰ্ণিত বিষয়বস্তুবোৰ ঢুকি পোৱা বা অনুভৱ কৰাত নিশ্চয় সমস্যাৰ সৃষ্টি হ’ব৷ প্ৰকৃতিক নতুন চিন্তা চেতনাৰে পৰ্যবেক্ষণ কৰিবলৈ শিকোৱা আৰু মানুহৰ সামগ্ৰিক বৈশিষ্ট্যকসূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিবলৈ অনুপ্ৰাণিত কৰা ধৰণী লাহণৰ এই গ্ৰন্থখন পাঠকসমাজে নিশ্চয় আকোঁৱালি ল’ব বুলি মই আশাবাদী৷ নিৰীক্ষণ প্ৰকাশনে প্ৰকাশ কৰা গ্ৰন্থখনৰ মূল্য- ১১০ টকা৷ গ্ৰন্থখনৰ মুঠ পৃষ্ঠা সংখ্যা-২৬৮
পূৰ্বপ্ৰকাশঃ সাদিন, ৬ ছেপ্তেম্বৰ, ২০১৯
0 Comments