সাহিত্যৰ সমান্তৰালভাৱে ‘গ্ৰন্থ প্ৰকাশন’ ক্ষেত্ৰখনৰ খবৰ ৰখা সচেতন পাঠকচামে এইটো কথা জানে যে অসমৰ অতি কমসংখ্যক উচ্ছ শিক্ষা প্ৰতিষ্ঠানৰহে নিজাকৈ ‘প্ৰকাশন বিভাগ’ আছে আৰু ইয়াৰে কিছু সংখ্যক মহাবিদ্যালয়েহে শিক্ষাৰ্থী আৰু বৌদ্ধিক ক্ষেত্ৰখনক সমৃদ্ধ কৰিবপৰাকৈ সময়োপযোগী গ্ৰন্থ প্ৰকাশ কৰি আহিছে৷ শৈক্ষিক প্ৰতিষ্ঠানসমূহে বিদ্যায়তনিক কাৰ্যকলাপবোৰ সম্পাদন কৰাৰ সমান্তৰালভাৱে এইধৰণৰ গ্ৰন্থ প্ৰকাশৰ ব্যৱস্থা কৰা কৰ্মটোৱে একেটা সময়তে সমাজ-সাহিত্য-সংস্কৃতিক দুই ধৰণে সমৃদ্ধ কৰিব পাৰে৷ এক– শৈক্ষিক প্ৰতিষ্ঠানখনৰ মানদণ্ড সম্পৰ্কে বৌদ্ধিক সমাজৰ আগত এটা প্ৰতিচ্চবি তুলি ধৰিব পাৰে আৰু দ্বিতীয়তে সমাজ-সাহিত্য-সংস্কৃতিৰ অনালোচিত আৰু পৰিৱৰ্তিত সমাজৰ নতুন নতুন মতবাদ, দৃষ্টিভংগী আৰু সৃষ্টিশীল সাহিত্যসমূহৰ পৰ্যালোচনা আদি পাঠকসমাজলৈ উপযুক্ত লেখকৰদ্বাৰা উপস্থাপন কৰাব পাৰে৷ অসমৰ বিশ্ববিদ্যালয়কেইখনক বাদ দি প্ৰান্তীয় স্থানত অৱস্থিত বহুকেইখন মহাবিদ্যালয়েও একবিংশ শতিকাটোত গ্ৰন্থ প্ৰকাশৰ ক্ষেত্ৰখনত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে৷ এনে পদক্ষেপৰ কথা আলোচনা কৰিলে নৰ্থ লখিমপুৰ কলেজৰ প্ৰকাশন ব্যৱস্থাটোৰ কথাই মোৰ মনলৈ প্ৰথমে আহে৷ এতিয়ালৈকে মহাবিদ্যালয়খনৰ প্ৰকাশনে ত্ৰিশখনৰো অধিক গ্ৰন্থ প্ৰকাশ কৰিছে৷ নৰ্থ লখিমপুৰ কলেজৰ নিজাকৈ গ্ৰন্থ বিপনীও আছে৷ এই বিষয়ে বাৰু বেলেগ লেখা এটাত সবিশেষ লিখিম৷ আজি লিখিব বিচাৰিছোঁ দুলীয়াজান মহাবিদ্যালয়ৰপৰা প্ৰকাশিত এখন গ্ৰন্থৰ কথা৷ কিয়নো শেহতীয়াকৈ দুলীয়াজান মহাবিদ্যালয়ৰ প্ৰকাশনেও কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ত গ্ৰন্থ প্ৰকাশৰ বাবে প্ৰচেষ্টা হাতত লৈছে৷
মহাবিদ্যালয়খনৰ সোণালী জয়ন্তী সমাৰোহৰ সৈতে সংগতি ৰাখি ‘সমাজ সাহিত্য সংস্কৃতি’ শীৰ্ষক এখন গ্ৰন্থ প্ৰকাশ কৰা হৈছে৷ গ্ৰন্থখনত সৰ্বমুঠ ৬২ টা প্ৰবন্ধ প্ৰকাশিত হৈছে৷ ইয়াৰে কিছু প্ৰবন্ধ গৱেষণামূলক আৰু কিছু কেৱল বৰ্ণনাধৰ্মী৷ গ্ৰন্থখনৰ গৰিষ্ঠ সংখ্যক প্ৰবন্ধই অসমৰ সমাজ-সাহিত্য সংস্কৃতিৰ বহুতো নতুন দিশ সম্পৰ্কে তথ্য আৰু ভৱিষ্যত অধ্যয়নৰ বাট মোকলাই দিছে৷ অসমৰ বহুকেইজন বৰেণ্য সাহিত্যিক, লেখক, গৱেষকৰ লেখা গ্ৰন্থখনত সন্নিৱিষ্ট হৈছে৷ সেইদৰে বহুকেইজন গৱেষক-লেখকে অসমৰ সৃষ্টিশীল সাহিত্য যেনে– উপন্যাস, নাটক, গল্প আদিৰ সমালোচনা কৰিছে৷ গ্ৰন্থখনৰ আটাইতকৈ চকুত লগা দিশটো হ’ল ইয়াত সন্নিৱিষ্ট প্ৰবন্ধবোৰ অসমৰ আটাইতৈকে বৰেণ্য লেখক সাহিত্যিক, গৱেষকৰপৰা আৰম্ভ কৰি স্নাতকোত্তৰ শিক্ষা সমাপ্ত কৰা ছাত্ৰ-ছাত্ৰীলৈকে বিস্তৃত হৈ আছে৷
গ্ৰন্থখনৰ প্ৰথম লেখাটো লিখিছে– হীৰেণ গোহাঁয়ে৷ শিৰোনাম– ‘প্ৰবন্ধ ৰচনাৰ কৌশল’৷ লেখাটোত মূলতঃ নতুন প্ৰজন্ম আৰু গৱেষক, শিক্ষাৰ্থীসকলৰ উপযোগী৷ গোহাঁয়ে উল্লেখ কৰামতে অসমীয়া সাহিত্যত প্ৰবন্ধ লিখা মানুহৰ সংখ্যা কম৷ প্ৰবন্ধ লিখি নিজৰ নামটো সাহিত্যিক হিচাপে প্ৰতিষ্ঠা লাভ কৰিবপৰা লেখকৰ সংখ্যা আৰু কম৷ হীৰেন গোহাঁয়ে লেখাটোত প্ৰবন্ধ ৰচনাৰ কলা-কৌশল, বিষয় নিৰ্বাচন, উপস্থাপনৰ ধৰণ, ভাৱ-ভাষা, প্ৰবন্ধৰ বিশ্লেষণৰ ধৰণ, পদ্ধতি আদিৰ বিষয়ে উল্লেখ কৰিছে৷ নতুনকৈ প্ৰবন্ধ লিখিবলৈ চেষ্টা কৰাসকলৰ বাবে প্ৰবন্ধটো সহায়ক হ’ব৷ অসমীয়া সাহিত্যত অনালোচিত এটি প্ৰাসংগিক বিষয় সম্পৰ্কে লিখিছে জয়ন্ত কুমাৰ বৰাই৷ তেওঁৰ লেখাৰ শীৰ্ষক– ‘ঔপনিৱেশিক অসমত মহাৰাণী ভিক্তোৰিয়াকেন্দ্ৰিক উৎসৱ আৰু অন্যান্য’৷ গৱেষণাধৰ্মী এই লেখাটোৱে অসমীয়া সাহিত্যৰ বিদ্যায়তনিক ক্ষেত্ৰখনত গৱেষণাৰ বাবেও এটি নতুন বিষয়ৰ সন্ধান দিছে৷ বৰাৰ লেখনশৈলীৰ সৈতে পৰিচিত যিকোনো ব্যক্তিয়েই জানে যে উপযুক্ত ৰেফাৰেন্স আৰু বিষয় উপস্থাপনৰ ক্ষেত্ৰত তথ্যউৎস [ৰেফাৰেন্স] প্ৰদান কৰিবপৰাটো তেওঁৰ লেখাৰ অন্যতম বিশেষত্ব৷ এই লেখাটোও ইয়াৰ ব্যতিক্ৰম নহয়৷ ইংৰাজ সভ্যতাৰ আশীৰ্বাদপুষ্ট এচাম নব্য ভাৰতীয়ই কিদৰে সেইসময়ছোৱাত ভিক্তোৰিয়াৰ গুণানুকীৰ্তনেৰে উৎসৱকেন্দ্ৰিক এটি পৰিৱেশৰ সৃষ্টি কৰিছিল তাৰ তথ্যসহ বিৱৰণ বৰাই লেখাটোত ডাঙি ধৰিছে৷ আনকি মহাৰাণীৰ পঞ্চাশ বছৰীয়া ৰাজপাটৰ উদ্যাপন কৰি অনুষ্ঠিত হোৱা ‘সোণালী জয়ন্তী’ক সমগ্ৰ ভাৰতবৰ্ষতে যিধৰণে উৎসৱ পৰ্যায়লৈ লৈ যোৱা হৈছিল; তাৰ বিৱৰণ থকা অসমীয়া গ্ৰন্থ, আলোচনী, জীৱনী চৰিত্ৰৰ লগতে পৰৱৰ্তী সময়ত ৰচিত হোৱা সৃষ্টিশীল সাহিত্যত কেনেদৰে উপস্থাপন কৰা হৈছে; সেই বিষয়েও লেখাটোত উল্লেখ আছে৷
গ্ৰন্থখনত ‘সমাজ’, ‘সাহিত্য’ আৰু ‘সংস্কৃতি’ শীৰ্ষকেৰে তিনিটা প্ৰধান অধ্যায় কৰা হৈছে ৷ ‘সমাজ’ অধ্যায়ত নলিনীধৰ ভট্টাচাৰ্য, ময়ূৰ বৰা, দুৰ্লভ চন্দ্ৰ মহন্ত, জয়ন্ত মাধৱ বৰা, মৃদুল শৰ্মা, নিৰঞ্জন বৰুৱা, সদানন্দ দত্ত, বীনা বৰদলৈ বৰুৱা, জিতুমনি বড়া, হেমচন্দ্ৰ দত্ত আদিৰ লেখা সন্নিৱিষ্ট হৈছে৷ ইয়াৰে নলিনীধৰ ভট্টাচাৰ্যৰ লেখাত প্ৰতিফলিত হৈছে– সমাজ-সভ্যতালৈ আধুনিক ধ্যাণ-ধাৰণাই কঢ়িয়াই অনা পৰিৱৰ্তনৰ কাৰক, কাৰণ আৰু তাৰ বিশ্লেষণ৷ পুঁজিবাদ, বিশ্বায়ন, ৰাজনীতি, মিডিয়া আদি বিষয়সমূহে মানৱ সভ্যতাৰ সমাজিক পৰিকাঠামোলৈ অনা পৰিৱৰ্তন আদিৰ বিষয়েও লেখাটোত উল্লেখ আছে৷ সেইদৰে অধ্যয়ন বিমুখ নেতাৰ হাতত গণতন্ত্ৰৰ ভৱিষ্যত সম্পৰ্কেও তেওঁ বিশ্লেষণ আগবঢ়াইছে৷
ময়ূৰ বৰাৰ লেখাত ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয়তাবাদ আৰু অসমৰ জাতীয়তাবাদৰ মাজত থকা বিবাদ সম্পৰ্কে বিশ্লেষণ আছে৷ শংকৰদেৱ, ভূপেন হাজৰিকাৰ দৰে বৰেণ্য ব্যক্তি কিদৰে অসমৰ হৈয়ো একো একোজন মহান ভাৰতীয় হ’ব পাৰিছিল; তাৰ যথাযথ বিশ্লেষণ বৰাৰ লেখাটোত আছে৷
‘ছ’চিয়েলিষ্ট হেম বৰুৱা আৰু সমাজবাদৰ প্ৰাসংগিকতা’ শীৰ্ষক লেখাটো লিখিছে দুৰ্লভ চন্দ্ৰ মহন্তই ৷ এই লেখাটোতো নতুনত্ব আছে৷ কিন্তু লেখাটোৰ নামকৰণ আৰু বৰ্ণিত বিষয়বস্তুৰ মাজত কিছু পাৰ্থক্য আছে৷ লেখাটোৰ বিষয়বস্তু আৰু কিছু বিশ্লেষণধৰ্মী হোৱাৰ লগতে উপযুক্ত তথ্যউৎস [ৰেফাৰেন্স] দিয়াৰ প্ৰয়োজন আছিল৷ মৃদুল শৰ্মাৰ লেখাটোত ধৰ্মৰ নামত চলা ভণ্ডামি, ধৰ্মৰ বাহ্যিক আচৰণ আৰু সমাজত তাৰ বিৰূপ প্ৰভাৱৰ লগতে নতুন প্ৰজন্ম আৰু আধুনিক সমাজ ব্যৱস্থাই ধৰ্মীয় ৰীতি-নীতিৰ নামত কৰা কেতবোৰ অশুভ কামকাজ, মানৱসৃষ্ট প্ৰদুষণ আৰু ইয়াৰ কাৰক আদিৰ বিষয়ে উদাহৰণসহ লিখিছে৷ সেইদৰে বিজ্ঞানৰ নামতো কেনেদৰে এচাম ভণ্ডই নিজৰ স্বাৰ্থ সিদ্ধি কৰিছে; ভগৱান, ভাগ্য আদিৰদৰে ধাৰণাক কেনেদৰে বিশ্বাসৰ ৰূপ দি মানুহৰ মাজত এচামে ভয়, ব্যৱসায় আদি চলাই আছে; সেই সম্পৰ্কে লেখাটোত উল্লেখ আছে৷ নিৰঞ্জন বৰুৱাৰ লেখাটোৰো মূল বিষয় ধৰ্ম, বিজ্ঞান আৰু আধ্যাত্মিকতা৷ লেখাটোত ধৰ্মৰ প্ৰাসংগিকতা আৰু বিজ্ঞানৰ সৈতে ধৰ্মৰ সম্পৰ্ক দেখুওৱা হৈছে৷ হেমচন্দ্ৰ দত্তৰ লেখাত মানৱ মনৰ বিচিত্ৰ অভিজ্ঞতা, মন-মনন-চিন্তনৰ বৈশিষ্ট্য, ধ্যান আৰু যোগ, আধ্যাত্মিকতাৰ লাভালাভ আদিৰ বিষয়ে বৰ্ণনা কৰা হৈছে৷ কিন্তু লেখাটোৰ কিছু অংশই উপযুক্ত তথ্যৰ দাবী কৰে৷
‘সাহিত্য’ অধ্যায়টোৰ প্ৰথম লেখাটো নগেন শইকীয়াৰ৷ ‘অসমীয়া সাহিত্যৰ ঐতিহ্য’ শীৰ্ষক প্ৰবন্ধটোত তেওঁ অসমীয়া লোকসাহিত্যৰপৰা আৰম্ভ কৰি সংস্কৃত সাহিত্য, শংকৰী যুগ, অৰুণোদয়, জোনাকী যুগৰ সীমা অতিক্ৰম কৰি আজিৰ অৱস্থাত উপনীত হোৱা অসমীয়া সাহিত্যৰ এটি সংক্ষিপ্ত পৰিক্ৰমা ডাঙি ধৰাৰ প্ৰয়াস কৰিছে৷ নবীন চন্দ্ৰ শৰ্মাই ‘পুৰণি অসমীয়া সাহিত্য’ শীৰ্ষক লেখাত পুৰণি অসমীয়া সাহিত্যৰ পৰিচয়মূলক লেখা লিখিছে৷ আনন্দ বৰমুদৈৰ লেখাটোৰ শীৰ্ষক হৈছে– ‘কবি শঙ্কৰদেৱ’৷ লেখাটোত লেখকে শঙ্কৰদেৱৰ কাব্য প্ৰতিভাক সাহিত্যৰ আধুনিক মতবাদ আৰু দৃষ্টিভংগীৰে বিচাৰ-বিশ্লেষণ কৰিছে৷ সেইদৰে ভূপেন শইকীয়াই ‘শ্ৰীশ্ৰী গোপালদেৱ’ৰ বিষয়ে লিখিছে৷ অসমৰ ধৰ্মীয় ইতিহাসত শংকৰদেৱ, মাধৱদেৱৰ দৰেই গোপালদেৱৰো যে গুৰুত্ব আছে; তেওঁ লেখাটোত সেয়া¸ প্ৰাচীন সাহিত্যৰ উপযুক্ত উদ্ধৃতি আৰু তথ্যসহ প্ৰমাণ কৰাৰ চেষ্টা কৰিছে৷ সেইদৰে এই অধ্যায়টোত সন্নিৱিষ্ট দেৱভূষণ বৰা, সত্যকাম বৰঠাকুৰ, প্ৰকল্প ৰঞ্জন ভাগৱতী, অৰিন্দম বৰকটকী, অনুৰাধা শৰ্মা আদিৰ লেখাসমূহে পাঠক সমাজক নতুন চিন্তাৰ সন্ধান দিব৷ উল্লিখিত আটাইকেইজন ব্যক্তিয়েই অসমীয়া সাহিত্যৰ একো একোজন ভাল সাহিত্য সমালোচক৷ তেওঁলোকৰ প্ৰবন্ধকেইটাই নিশ্চিতৰূপত গ্ৰন্থখনক সমৃদ্ধ কৰিছে৷ গ্ৰন্থখনৰ আন এটা গুৰুত্বপূৰ্ণ প্ৰবন্ধ লিখিছে নৱ কুমাৰ চমুৱাই ৷ প্ৰবন্ধটোৰ শীৰ্ষক– ‘প্ৰকৃতি আৰু পৰিৱেশ সংৰক্ষণসমূলক অসমীয়া সাহিত্য’৷ অসমীয়া সাহিত্যত প্ৰকৃতি বিষয়টোক কেন্দ্ৰ কৰি নৱ কুমাৰ চমুৱাই ইতিমধ্যেই বহুকেইটা গুৰুত্বপূৰ্ণ কাম কৰিছে৷ তেওঁৰ এখন গ্ৰন্থৰ নাম হৈছে– ‘অসমত সেউজ সংৰক্ষণ চেতনা আৰু সাহিত্য৷ পৰিৱেশ সজাগতামূলক অসমীয়া সাহিত্যৰ বিদ্যায়তনিক অধ্যয়নৰ ক্ষেত্ৰখনত চমুৱাৰ এই গ্ৰন্থখন অত্যন্ত গুৰুত্বপূৰ্ণ৷ সেইদৰে চিত্ৰজিৎ শইকীয়াৰ প্ৰবন্ধটোও এটা লেখতল’বলগীয়া প্ৰবন্ধ৷ তেওঁৰ প্ৰবন্ধটোৰ শীৰ্ষক ‘আধুনিক অসমীয়া কবিতাত নদী’৷ এইধৰণৰ বিষয়ত ২০১৬ চনত বিমল মজুমদাৰেও এখন গ্ৰন্থ প্ৰকাশ কৰিছে৷ গ্ৰন্থখনৰ নাম ‘অসমীয়া সাহিত্যত নদী৷ গ্ৰন্থখনতো ‘অসমীয়া কবিতাত নদী’ শীৰ্ষক এটা লেখা আছে৷
অসমত আধুনিক নাট্যকাৰৰ নাটকৰ বিষয়ে সমালোচনা কৰা অতি কমেইহে দেখা যায়৷ গ্ৰন্থখনত সুব্ৰত জ্যোতি নেওগে লিখিছে ‘নৰেন পাটগিৰিৰ নাটকৰ বিষয়ে৷ সেইদৰে হৰেকৃষ্ণ ডেকাক কবি হিচাপেই প্ৰায়ে স্বীকৃতি দিয়ে৷ সমালোচনাৰ ক্ষেত্ৰখনতো তেওঁৰ কবিতাৰ আদৰহে বেছি৷ এই গ্ৰন্থখনত সমালোচক ৰাজীৱ বৰাই হৰেকৃষ্ণ ডেকাৰ গল্পৰ বিষয়ে লিখিছে৷ সেইদৰে নগেন শইকীয়াৰ গল্পৰ বিষয়েও বিদ্যাৱৱতী বৰাই এটি সুন্দৰ প্ৰবন্ধ লিখিছে৷ নগেন শইকীয়াৰ গল্পৰ সমালোচনাও অসমত অতি মুষ্টিমেয় বুলিয়েই ক’ব পাৰি৷ উত্তৰ-ঔপনিৱেশিক সাহিত্যৰ বিষয়ে অসমীয়া ভাষাত লিখা-মেলা কৰা সমালোচকৰ সংখ্যা তেনেই তাকৰ৷ অধ্যাপক কমল কুমাৰ তাঁতীয়ে এই বিষয়টোৰ সম্পৰ্কে এটা তত্ত্বগধুৰ লেখা লিখিছে৷ তেওঁৰ লেখাৰ শীৰ্ষক– ‘উত্তৰ ঔপনিৱেশিক সাহিত্য, উত্তৰ-ঔপনিৱেশিক সাহিত্য তত্ত্ব এক অসমাপ্ত আলোচনা’৷ এই লেখাটোৱে অসমীয়া বিদ্যায়তনিক ক্ষেত্ৰখনত নতুনত্বৰ সন্ধান দিব৷ সেইদৰে অসমীয়া সাহিত্যৰ বাবে এটি নতুন বিদ্যায়তনিক বিষয় ‘ইতিহাসচৰ্চা আৰু কুমাৰসকলৰ নব্য-ঐতিহাসিক বাগ্ধাৰা’ শীৰ্ষক এটি প্ৰবন্ধ লিখিছে গৱেষক জয়ন্ত দত্তই৷ অসমৰ বুৰঞ্জী চৰ্চাৰ ক্ষেত্ৰখনত কুমাৰসকলৰ স্থানৰপৰা আৰম্ভ কৰি এটা জাতি হিচাপে কুমাৰসকলৰ স্থিতি, প্ৰব্বজন, সংস্কৃতি, মৃৎ শিল্পৰ সৈতে কুমাৰসকলৰ সম্পৰ্ক আদি ভালেমান দিশ এই লেখাটোত সংযোগ হৈছে৷ প্ৰবন্ধটোৰ ৰেফাৰেন্সসমূহেও বিষয়বস্তুক গুৰুত্বসহকাৰে প্ৰতিফলিত কৰাইছে৷
অসমীয়া কবিতাৰ বিষয়ে অসমৰ সমালোচকে প্ৰায়ে সমালোচনা কৰে৷ কিন্তু ভাৰতীয় ইংৰাজী ভাষাৰ কবিতাৰ বিষয়ে অসমীয়া ভাষাত সমালোচনা কৰিছে প্ৰাঞ্জল শৰ্মা বশিষ্ঠই৷ সমকালীন ভাৰতীয় সাহিত্যৰ সৈতে সম্পৰ্ক থকা গৱেষক, পাঠকৰ বাবে এই লেখাটোৱে নতুন তথ্যৰ অৱদান আগবঢ়াব৷ ইয়াৰোপৰি গ্ৰন্থখনৰ ‘সাহিত্য’ অধ্যায়টোতে অসমৰ বহুকেইখন গুৰুত্বপূৰ্ণ অসমীয়া উপন্যাসৰ বিষয়ে গৱেষণামূলক প্ৰবন্ধ প্ৰকাশ হোৱাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বহুকেইটা ভাষা, নাটকৰ বিষয়েও প্ৰবন্ধ আছে৷
‘সংস্কৃতি’ অধ্যায়টোৰ প্ৰথম লেখাটো প্ৰহ্লাদ কুমাৰ বৰুৱাৰ৷ লেখাটোৰ শীৰ্ষক– অসমীয়া সংস্কৃতিঃ ইয়াৰ উদ্ভৱ আৰু ক্ৰমবিকাশ৷ লেখাটোত মূলতঃ অসমীয়া সংস্কৃতিৰ উদ্ভৱ-সমৃদ্ধি-বিকাশৰ সামগ্ৰিক ধাৰণা এটা সংক্ষিপ্তভাৱে দিয়া হৈছে৷ সেইদৰে এইটো ভাগত সন্নিৱিষ্ট এটা লেখত ল’বলগীয়া প্ৰবন্ধ হ’ল- ‘উৎসৱানন্দৰপৰা উৎসৱাতংকলৈ’৷ লেখাটো লিখিছে বসন্ত কুমাৰ গোস্বামীয়ে৷ লেখাটোত আধুনিক ধ্যাণ-ধাৰণা আৰু নগৰীকৰণ, উদ্যোগীকৰণ, মিডিয়া আদি কাৰকসমূহে অসমীয়া উৎসৱসমূহলৈ কঢ়িয়াই আনা অভাৱনীয় আৰু ঋণাত্মক পৰিৱৰ্তনসমূহৰ বিষয়ে উল্লেখ কৰিছে৷ উপেন ৰাভা হাকাচামে লিখিছে– ‘ৰাভা লোক সংস্কৃতি’ৰ বিষয়ে৷ শৰণীয়া কছাৰীসকলৰ জনগোষ্ঠীয় লোকগীতৰ বিষয়ে এটা প্ৰবন্ধ লিখিছে ইছমাইল হুছেইনে৷ ‘মাজুলীৰ অনুসূচীত জাতি-জনজাতীয় লোকসকলৰ ওপৰত সত্ৰানুষ্ঠানৰ প্ৰভাৱ’ শীৰ্ষক এটি প্ৰবন্ধ লিখিছে হৰেন হাজৰিকাই৷ লেখাটোত সত্ৰই জনগোষ্ঠীয় লোকসকলৰ প্ৰতি গ্ৰহণ কৰা দৃষ্টিভংগী আৰু জনগোষ্ঠীয় লোকসকলে সত্ৰৰ প্ৰতি গ্ৰহণ কৰা দৃষ্টিভংগীসমূহ প্ৰতিফলিত হৈছে৷ ‘ৰঙালী বিহুৰ বাস্তৱিক দিশ সম্পৰ্কে কিছু প্ৰস্তাৱনামূলক টোকা লেখা লিখিছে সংস্কৃতিবিদ জয়কান্ত গন্ধীয়াই৷ গন্ধীয়াই অসমৰ বাপতিসাহোন বিহুক ঐতিহ্য আৰু বৰ্তমানৰ মাজত থকা আকাশ-পাতাল পাৰ্থক্যসমূহৰ বিষয়ে উল্লেখ কৰি কেনেদৰে ঐতিহ্য বৰ্তি থকাৰ সমান্তৰালভাৱে যুগৰ সৈতে খাপ খুৱাই নিব পাৰি; তাৰ কিছু ইতিবাচক সমাধান দিছে৷ অজিত ভৰালীয়ে ‘পাতিশাল’ বা তাঁতশালৰ বিষয়ে এটি সুন্দৰ প্ৰবন্ধ লিখিছে৷ প্ৰাচীন সাহিত্যত তাঁতশালৰ বিষয়ে থকা তথ্যৰ উৎসসহ তাঁতশালৰ সামগ্ৰিক দিশ সম্পৰ্কে এই লেখাটোত বৰ্ণনা কৰা হৈছে৷ ইয়াৰোপৰি এইটো অধ্যায়তো আন বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰবন্ধ সন্নিৱিষ্ট হৈছে৷
পৰিশেষত কওঁ গ্ৰন্থখনৰ প্ৰবন্ধবোৰে নিশ্চিতৰূপত অসমীয়া প্ৰবন্ধ সাহিত্যক সমৃদ্ধ কৰিছে৷ ৫৭৭ পৃষ্ঠাৰ বৃহৎ কলেৱৰৰ এই গ্ৰন্থখনে অসমৰ গৱেষণাৰ সৈতে জড়িত ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অসমীয়া ভাষা-সাহিত্যত উচ্ছ শিক্ষা গ্ৰহণ কৰা শিক্ষাৰ্থীসকলৰ বাবেও প্ৰাসংগিক গ্ৰন্থ ৰূপে বিবেচিত হ’ব৷ কিন্তু একাংশ মহাবিদ্যালয়পৰা প্ৰকাশিত সম্পাদনামূলক গ্ৰন্থৰ ক্ষেত্ৰত এটা কথা নক’লে ভুল হ’ব৷ শেহতীয়াকৈ দেখা গৈছে– এনেধৰণে প্ৰকাশিত গ্ৰন্থসমূহৰ উদ্দেশ্য কেৱল ‘নাক’ [NAAট্ৰ]ৰ সন্মুখত কলেজখনৰ ‘প্ৰকাশন’ৰ দিশটো প্ৰদৰ্শন কৰাতেই যেন সীমাবদ্ধ আছে৷ সেইদৰে ‘নেট’ পৰীক্ষা পাছ কৰি কলেজ অধ্যাপক পদৰ বাবে ‘কেৰিয়াৰ’ নিৰ্মাণ কৰি থকা শিক্ষাৰ্থীসকলৰ লেখা প্ৰকাশ কৰিবলৈকে বিগত সময়ছোৱাত বহুতো সম্পাদনামূলক গ্ৰন্থ প্ৰকাশ হৈছে৷ এইক্ষেত্ৰত গ্ৰন্থসমূহত প্ৰকাশিত প্ৰবন্ধসমূহৰ মান, বৰ্ণিত বিষয়বস্তুৰ গুৰুত্ব, সত্যা-সত্যৰ নিৰ্ণয় কোনে, কেনেদৰে কৰিব; সেয়া বিচাৰ্যৰ বিষয় হৈ পৰিছে৷ অৱশ্যে তাৰ মাজতো অনেক মহাবিদ্যালয়ে ভাল ভাল গ্ৰন্থ প্ৰকাশ কৰি আছে৷ দুলীয়াজান মহাবিদ্যালয়ে যাতে এই দিশটোৰ প্ৰতি সদায় সতৰ্ক হৈ থাকে, তাৰ আশা কৰিছোঁ৷
পূৰ্বপ্ৰকাশঃ সাতসৰী, আগষ্ট, ২০২০
0 Comments