* এ.এছ.টি.চি.ৰ কাষৰ গলিটোত ৰৈ আছোঁ৷ গাড়ীখন আহি পাবলৈ এতিয়াও আধাঘণ্টামান আছেই৷
আবেলিৰ সময়৷ ইফালে কিনকিনীয়া বৰষুণ৷ বতৰ সেমেকা৷ ছাটি এটা লৈ আছোঁ যদিও চাৰ্টৰ পিঠিফালটো আৰু লংপেণ্টটোৰ তলৰখিনি ইতিমধ্যেই ভিজিছে৷ ঘৰলৈ নগ’লেই নহয়৷ মানুহজনীৰ কঠোৰ আদেশ৷ এনেকৈ হেনো সদায় সহ্য কৰি থাকিব নোৱাৰি৷ কিবা এটা কৰি পেলাব লাগে৷ গলিটোৰ চুকত ৰৈ ৰৈ নিজকে কোনোবা বিখ্যাত চিত্ৰকৰে অঁকা এখন বৰ্ণিল কেনভাচৰ অসহায় কিন্তু মুখ্য চৰিত্ৰ যেন অনুভৱ হ’ল৷ এইখন চহৰত ইমান ব্যস্ততা৷ ইমান কোলাহল! কেৱল স্থিৰ হৈ ৰৈ আছোঁ যেন মই৷ চাৰিওফালে ইমান হাঁহি, ইমান বিনোদন৷ কেৱল নিমাতে-নিতালে যেন ৰৈ আছোঁহি মই৷
চহৰৰ পৰা আমাৰ অঞ্চললৈ যাতায়াতৰ সুবিধা ইমানেই সূচল যে ঘণ্টাৰ পাছত ঘণ্টা ৰৈ থাকিলেহে বাহন বুলিবলৈ কেতিয়াবা কিবা এপদ পোৱা যায়৷ খৰখেদাকৈ গ’লে ৰাইজৰ যথেষ্ট অসুবিধা হয় বুলিয়ে আমাৰ ৰঙাবিল অঞ্চললৈ যাবলৈ চৰকাৰে মাত্ৰ দুখন বাছ টাউনৰ পৰা সুবিধা কৰি দিছে৷ এখন ৰাতিপুৱা আৰু এখন আবেলি৷ তাকো এই দুখনৰ বাবে কিমান যে এপ্লিকেছন পেলাব লগা হৈছিল। ৰাস্তাঘাটৰ অৱস্থা ইমানেই উন্নত যে এঘণ্টাৰ বাট যাবলৈ তিনিঘণ্টামান লাগে৷ গঞা ৰাইজে কোনো বিষয়তে মাতবোল নকৰে৷ শান্তিপ্ৰিয় মানুহ৷ প্ৰতিবাদটো দূৰৰ কথা; ৰজাই যি দিছে, তাতে সন্তুষ্ট জনতা৷ ষ্টেণ্ডৰ বাওঁকাষে পৌৰনিগমৰ শৌৰ্য-বীৰ্য প্ৰকট কৰি থকা বৃদ্ধ নলাটোৰ দুৰ্গন্ধ আহি নাকত লাগিলহি৷ সন্মুখৰ ৰতন পান ষ্ট’ৰৰ পৰা চিগাৰেট এটা কিনি আনিলোঁ৷ জ্বলাই ল’বলৈ হাতত মেচটো লওঁতেই হঠাৎ এল্ট’ এখন স্পীডেৰে পাৰ হৈ গ’ল৷ ৰাাস্তাটোৰ গাতত আবদ্ধ পানীখিনিৰ চিটিকনিয়ে মোৰ শৰীৰৰ ককাললৈকে গেলাই পেলালে৷ গলিটোৰ পৰা আৰু কিছু নিৰাপদ দূৰত্বত অৱস্থান কৰিলোঁগৈ৷ ৰৈ থকাৰ বাহিৰে এতিয়া অন্য কামো নাই।
আবেলি সময়ত এইখিনি ঠাইত মানুহৰ ভিৰ বেছি হয়৷ বলিন হাজৰিকা এণ্ড ব্ৰাডাৰ্ছ’ গেৰেজৰ ৰেডিঅ’ত মহম্মদ ৰফীৰ গীত বাজি আছে– ক’ৰা কাগজ হে য়্যে মন মেৰা৷
ভাবি আছোঁ– ‘কথাবোৰ এনে হ’ব নালাগিছিল৷ মেট্ৰিক পাচ কৰোঁতেই তাইৰ ইমান অতপালি হ’ব নালাগিছিল৷’ ইমান আলফুলে তুলি উঠোৱা সুকোমল ফুলপাহ যেন মোৰ ছোৱালীজনী এই বয়সতেই!
সন্মুখেৰে গুছি যোৱা ট্ৰাকখনৰ ক’লা ধোৱাবোৰৰ পৰা অকটা গোন্ধ এটা আহি গালে-মুখে লাগিলেহি৷ অৱশ্যে চিগাৰেটৰ ধোৱাৰ সৈতে এই ধোৱাৰ পাৰ্থক্য আছে৷ চিগাৰেটৰ ধোৱাত যন্ত্ৰণা উৰুৱাই দিয়াৰ মজা এটা আছে৷ ট্ৰাকখনে কিন্তু যন্ত্ৰণাৰ কথাবোৰ ভাষাৰে ক’ব নোৱাৰিলেও নিজৰ প্ৰৌঢ়ত্ব আৰু অসহায় অৱস্থাৰ কথা ধোৱাৰ মাজেৰে বমি কৰি দিয়ে৷ ঘৰখনৰ ছোৱালী এজনীয়েই আছিল৷ তায়েই মোক দেউতাক হোৱাৰ দীৰ্ঘদিনৰ স্বপ্নক সাকাৰ ৰূপ দিছিল৷ এসময়ত মোৰ ছোৱালীজনী ডাঙৰ মানুহ হ’ব৷ অলপ হেভি ধৰণৰ চাকৰি কৰিব৷ তাইৰ গুনানুকীৰ্তন কৰি কৰি আমি অকলসৰীয়া মাক-বাপেকহালে বুঢ়া বয়সটো পাৰ কৰিম৷ তায়ে যদি কিবা এটা কৰিলেহেঁতেন! পঢ়াইছোঁ, পিন্ধাইছোঁ, কি নকৰিলোঁ তাইৰ বাবে৷ অৱশেষত আজি মই! মাকজনীয়ে বাৰু কেনেকৈ সহ্য কৰে৷
চিগাৰেটৰ ধোৱাৰ সৈতে ভাৱনাৰ চিগা চিলা পাক খায় খায় অসীমলৈ উৰি গ’ল৷ জীৱনত এনে দিন দেখিম বুলি কোনোদিন ভবা নাছিলোঁ৷ লগৰ সহকৰ্মীৰ আগতো মুখখন উলিয়াব নোৱাৰা হৈছোঁ৷ হাজৰিকাৰ ছোৱালীজনীয়ে এইবাৰ জিলাখনৰ ভিৰততে ষ্টেণ্ড কৰিছে৷ শইকীয়ানীৰ ল’ৰাটোৱে এম.এ পৰীক্ষা পাছ কৰিয়েই চৰকাৰী কলেজৰ অধ্যাপকৰ চাকৰি পালে৷ মাক-পাকেৰ বাবে অলপ গৌৰৱৰ কথানে! আনকি প্ৰবিন চকীদাৰৰ ল’ৰাটোৱেও এম.বি.বিএছ পঢ়িবলৈ চিট পালে৷ আৰু আমাৰজনীয়ে! বৰষুণ দিয়েই আছে৷ বৰষুণৰ টোপালবোৰৰ আঁৰ লৈ অকনমান কান্দি দিলেও এই মুহূৰ্তত মোক কোনেও ধৰিব নোৱাৰে৷ কিন্তু কান্দি দিলেই কথাবোৰ পুনৰ চিজিল হৈ পৰিব জানো! এই কেইদিন একেবাৰ কথাই মূৰটো খুলি খুলি খাইছে৷ দেউতাক হোৱাটো বৰ সহজ কথা নহয়৷
‘বৰুৱা ঘৰলৈ বুলিনে? বহুদিনৰ মূৰত লগ পালো আপোনাক৷’–
মূৰ তুলি চাই দেখোঁ– সন্মুখত ৰাজখোৱা৷ মোৰ একালৰ বন্ধু৷ আমাৰ অঞ্চলৰে৷
‘এৰা, ঘৰলৈ বুলি আহিলো৷ গাড়ী অহালৈ ৰৈ আছোঁ৷ আপুনিও ঘৰলৈ যায়নে?
‘ময়ো ঘৰলৈকে৷ মানুহজনীয়ে লৰা-লৰিকৈ মাতি পঠিয়াইছে৷ ল’ৰাটোক বচাবগৈ লাগে৷ সেয়েহে খৰখেদাকৈ চুটি লৈ আহিছোঁ৷ এতিয়াই সি মৰি থাকিলে আমি মৰিবৰ পৰত মুখাগ্নি কৰিবলৈকো মানুহ এটা নোহোৱা হ’ব৷’ – একেটা উশাহতে কথাকেইটা ক’লে৷ ৰাজখোৱাই আচলতে কি বুজাব বিচাৰিলে, মই কিন্তু বুজি নাপালো৷
‘ল’ৰাটো মৰিব খুজিছে ? সি আকৌ কিয় মৰিব? বেমাৰ-আজাৰ নে আন কিবা; চাব দেই এই সময়ত মানুহৰ বেমাৰ-আজাৰবোৰ হয়ে৷ প্ৰকৃতিৰ ৰূপ বৰ এটা ভাল নহয়৷’
‘ৰ’ব; একেখন গাড়ীতে যাম যেতিয়া বাটত ক’ম বাৰু৷ মই পেচাব কৰি আহোঁ৷’– তেনেই সাধাৰণ যেন ঘটনা এটাৰ দৰে ৰাজখোৱাই কথাকেইটা ক’লে আৰু বাছ ষ্টেণ্ডৰ পাছফালে খৰধৰকৈ খোজ ল’লে৷ এইবাৰ মই বাতৰি কাকত বিক্ৰী কৰা থুপুৰ দোকানখনৰ ফালে গ’লো৷ ইতিমধ্যে ৰঙাবিললৈ যোৱা গাড়ীখন আহি ষ্টেণ্ডত ৰ’লহি৷ ৰাজখোৱা আহক বুলি দোকানৰ চালিখনৰ তলতে বাট চালো৷
দহ মিনিটমান হ’ল, পেচাব কৰিবলৈ গৈ ৰাজখোৱা উভতি নাহেহে নাহে৷
এইবাৰ মই গাড়ীত বহিলোঁহি৷ কাষতে চিত এটা ৰাজখোৱালৈ থলোঁ৷ ৰাজখোৱাৰ পিছে দেখা দেখি নাই৷ এজন-দুজনকৈ গাড়ীখনত মানুহে ভৰি পৰিল৷ মানুহজনীয়ে আকৌ ফোন কৰিছে৷ বজাৰৰ লিষ্টখন তেওঁ লিখি থৈছেই৷ মই গৈ পোৱা মানে ককাইদেউৰ ল’ৰাটোক তিনিআলিলৈ পঠিয়াই দিব৷ ঘৰতো যথেষ্ট কাম কৰিবলগীয়া হৈ আছে৷ অৱশ্যে মই এতিয়াও সহজ হ’বই পৰা নাই৷ সহজ হ’ব নোৱাৰা বাবেই কালিয়েই ঘৰলৈ আহিবলৈ তাই কোৱা স্বত্ত্বেও মই আজিহে আহিছোঁ৷ কেনেদৰে জীয়া সপোনবোৰ মোহাৰি যোৱা এটা দুঃসময় পাহৰি ক্ষণিকতে সুখী হোৱাৰ মুখাখন পিন্ধো! আমি বাৰু এনেদৰেই চলি যাব পাৰিম৷ তাইৰ ভৱিষ্যতটোৰ কি হ’ব! পাৰিবনে তাই!
‘হেৰি, মানুহজন নাহিলে চিতটো এৰি দিয়ক, আমি মাইকী মানুহ, ইমানদূৰ থিয় হৈ কেনেকৈ যাম৷– বয়সস্থ মানুহগৰাকীয়ে চকু ঘোপা কৰি ক’লে৷ মোৰ ভাৱনাৰ যতি পৰিল৷
‘মোৰ লগৰজনো সেই বৃদ্ধ বুলিয়েই ক’ব পাৰি৷ ককালৰ বিষ আছে তেওঁৰ৷ সেয়েহে চিতটো ৰাখিছোঁ৷ সৰুপানী চুবলৈ গৈছে৷ পাবহিয়েই৷’ – মানুহগৰাকীয়ে আৰু নামাতিলে৷
গাড়ী এৰাৰ আগতেই ৰাজখোৱা পালেহি৷ খিৰীকিৰে হাত বাউল দি মাতিলোঁ৷
ৰাজখোৱাই বহিয়েই আৰম্ভ কৰিলে– ‘চৰকাৰী ষ্টেণ্ডৰ কাষত কম চে কম এটা টইলেট বনা৷ মানুহ মৰিব দেই৷ বাছষ্টেণ্ডত পেচাব কৰিবলৈয়ো ঠাই বিচাৰি পাবলৈ নাই৷ বিচাৰি বিচাৰি আধা কিলোমিটাৰ মান যাব লগা হৈছে৷ ইবিধ চুব লাগিলে দেখোন কাপোৰতে যাব৷ এইখনেই আমাৰ টাউন! ইফালে বিজ্ঞাপনত ডিজিটেল ইণ্ডিয়াৰ শ্লোগান কি নুশুনিবা৷’
‘এৰা, নক’ব দেই৷ এইবোৰ বিষয়ত ৰজাঘৰীয়াৰ তিলমানো কানসাৰ নাই৷ ইফালে উন্নয়নৰ নামত কিমান কথা নুশুনিব ৷ ৰাস্তা-ঘাটৰ যি অৱস্থা৷ ঘৰ পোৱাগৈ মানে, মানুহৰ নাড়ী-পেটু ওলাই লৰ মাৰে৷ চৰকাৰে ৰাস্তা-ঘাট নিৰ্মাণ কৰিছোঁ বুলি কাগজে-পত্ৰই লিখিয়েই আছে৷ টকশ্ব’বোৰত চিঞৰিয়েই আছে৷ কিন্তু আমাৰ ফালে দেখোন তাৰ নাম-গোন্ধও নাই৷ বেলেগ গ্ৰহ-উপগ্ৰহ বিচাৰি তাতে অত্যাধুনিক ৰাস্তা, পদূলি নিৰ্মাণ কৰিছেগৈ হ’বলা৷ ইফালে চহৰখনত আৱৰ্জনা, দুৰ্গন্ধত মানুহ উলাব নোৱাৰা অৱস্থা হৈছেগৈ৷ নৰ্লা-নৰ্দমাবোৰৰ পৰা চহৰলৈ সুগন্ধি বিয়পি পৰক বুলিয়েই চাগৈ চৰকাৰে এইবোৰ ছাফা কৰিবলৈকে বাদ দিছে৷’
পাণৰ গুছি জপা দি মানুহ জাপি জাপি কণ্ডাক্টৰজনে চিঞৰিলে– ‘মদনগুড়ি, বাটমাৰি, শ’লমৰীয়া, মাছখোৱা, ৰৌবিল, ৰঙাবিল৷ চিত আছে চিত আছে, আহক আহক...৷’
‘সি তাৰ মূৰত পেচেঞ্জাৰ আনি বহুৱাব নেকি ? মানুহ যে মাতিয়েই আছে৷’– ৰাজখোৱাই খঙেৰে ভোৰভোৰালে৷
‘এৰা, নক’ব বুজিছে৷ ইমানখিনি মানুহ লৈ এইটো ৰাস্তাৰে গাড়ী চলিলে ভয়তে হাত-ভৰি লুকাই৷’– বিকট শব্দ এটা মাৰি গাড়ী চলিবলৈ ধৰিলে৷ মই চিতৰ কাষত থকা মলিয়ন ৰেলিং ডাল গবা মাৰি ধৰিলোঁ৷
‘মোৰো একেই অৱস্থা বুজিছে৷ মৰিবলৈ মন মেলা ল’ৰাটো চাবলৈ বুলি আহিছোঁ৷ এতিয়া বাটতে হেচা-ঠেলাত পেটুকনা হ’লে ল’ৰাটোৰ মৰা আশাটোও পূৰণ নহ’ব৷’– ৰাজখোৱাই কথাটো শেষ কৰিবলৈ নাপাওঁতেই মানুহৰ ঠেলা-হেচাত কাষতে থিয় হৈ যোৱা আদহীয়া মানুহ এজন ৰাজখোৱাৰ গাতে আহি পৰিলহি৷
ল’ৰাটোৰ প্ৰসংগ উলাইছেই যেতিয়া চেগ বুজি কথাটো উলিয়ালোঁ– ‘আপোনাৰ বিপদটোৰ কথা কওঁকচোন৷ ল’ৰাটো কিয় মৰিব খুজিছে? বেমাৰ-আজাৰ নে অন্য কিবা?’
ৰাজখোৱাৰ বাছ ষ্টেণ্ডত টইলেট নোপোৱাৰ খং কমাই নাই সম্ভৱ, কপালৰ ভ্ৰু কোঁচ খায় আছে৷ পকেটৰ পৰা তামোলৰ হাচটি উলিয়াই এখন মুখত ভৰালে, এখন মোকো দিলে – ‘বিপদ গুৰুতৰ৷ ল’ৰাৰ বেমাৰ মানে যৌৱনৰ বেমাৰ৷ বয়সৰ বেমাৰ৷ মেট্ৰিক পাছ কৰিছেহে এইবাৰ, বাইক এখন লাগেই তাক, কিবা কে .টি.এম. নে এ. টি. এম৷ বিহুৰ আগত বাইক কিনি নিদিলে সি মৰি যোৱাৰ ভয় দেখুৱাইছে মাকক৷’
‘হ’লে কে.টি.এমেই হ’ব চাগৈ! এ.টি.এমেৰে টো পইচাহে উলিয়াই৷’ মই মনতে ভাবি ল’লো৷ ৰসিক মানুহ, কথাবোৰ আগৰেপৰা তেনেকৈয়ে কয়৷ ৰাজখোৱা মোৰ পুৰণি বন্ধু৷ তাতে বিশ্বাসী৷ ছমাহমানহে আমাৰ দেখা-দেখি নাই৷ ৰাজখোৱাই চাগৈ পুতেকৰ কথাটো মিচাকৈ কোৱা নাই৷ কিন্তু, ৰাজখোৱাৰ বিপদটোৰ কথা শুনি ময়ো মনে মনে সেপ ঢুকি ল’লো৷ আমাৰ কাহিনী শুনিলে চাগৈ ৰাজখোৱাৰো সেই একেই অৱস্থা হ’লহেঁতেন৷ ল’ৰা-ছোৱালী জন্ম দি তেন্তে মাক-বাপেকৰ অৱস্থা এয়াহে !
‘মেট্ৰিক পাছ কৰিছেহে৷ তাক বাইক কিনি দিলে ভাল কথা হ’ব জানো ?’– সুধিলোঁ৷
ৰাজখোৱাই মোৰ প্ৰশ্নৰ উত্তৰ নিদিলে৷ ময়ো কথা নবহালো৷ উত্তৰ কি দিবনো! এই প্ৰশ্নটোৰ সঠিক উত্তৰ মোৰ নিজৰো নাই৷ গাড়ী হেকোচ-নেকোচকৈ আগুৱাই গৈ আছে৷ কেৰেক্-কেৰেক্ লানি নিচিগা শব্দই বুুকত অহেতুক ভয়ৰ সৃষ্টি কৰিছে৷ খাল-বাম নোচোৱাকৈয়ে ড্ৰাইভাৰে গাড়ী চলাইছে৷ হঠাৎ গাড়ীখন গৈ যদি খাৱৈত পৰেগৈ!
ৰাজখোৱাৰ কথা শুনি নিজৰ ঘৰখনৰ ঘটনাবোৰো পুনৰ চিনেমাৰ কাহিনীৰ দৰে জলজল-পটপটকৈ মনলৈ আহিল! কি যে ঘৰখন কি হৈ গ’ল৷ মানুহজনীৰ চকুলৈ প্ৰথমকেইদিন চাব নোৱাৰা অৱস্থা৷ বুকু ঢকিয়াই ঢকিয়াই কান্দোনৰ ৰাউচি৷ কেনোমধ্যে মই এই জটিল পৰিস্থিতি চম্ভালি তেওঁক সুস্থ কৰিছোঁ৷ ময়ো বুজি পাওঁ– কথাবোৰ সহিবলৈ ইমান সহজো নহয়৷ তথাপিও যেন!
‘আপুনি মই বি.এ পঢ়োতেও খোজকাঢ়ি ভৰিৰ চাল চিগিছিল৷ এতিয়া ল’ৰাই তেনেকৈ নপঢ়ে৷ বাইক এখন ন’হলে সিহঁত কেনেকৈ কলেজলৈ যাব৷ সিহঁতৰ সন্মানটো নাকৰ এফুট তলতে লাগি থাকে৷’
ৰাজখোৱাৰ খঙ উঠিছে৷ চকুৰ মণি ৰঙা হৈ পৰিছে৷
উত্তৰত কি ক’ম মই৷ মাত্ৰ শলাগিলোঁ৷ নিজৰ অৱস্থাটোৰ কথা ৰাজখোৱাক ক’ম নে নক’ম, ৰাজখোৱাই চাগৈ মোৰ ঘৰৰ কাহিনী নাজানে৷ কেনেবাকৈ ৰাজখোৱাৰ কাণত খবৰটো পোৱাগৈ নাইনে!
‘বুজিছে বৰুৱা, ল’ৰা তুলি ভাল কাম কৰিলোঁনে নাই নাজানো, কিন্তু তাৰ পৰা সুখ বিচৰা ধৰণেই পাইছোঁ৷ ক্লাছ এইট পোৱাৰ পৰা ৰেগুলাৰকৈ ঘৰুৱা টিউচন দিছোঁ৷ লাগ বুলিলে হকে-বিহকে পইচা-পাতি দিছোঁ৷ গান গাবলৈ মন কৰিছে, তাতো নাম লগাই দিছোঁ৷ যোৱাবাৰ কিবা কেমেৰা এটা লাগে বুলি মুখ উফোন্দালে, ষাঠি হাজাৰমান খৰছ কৰি তাকো কিনি দিছোঁ৷ মাকে জন্মদিনত তাক পোন্ধৰ হাজাৰমান দি মোবাইল এছটা কিনি দিছে৷ তাক সুখী কৰাটোৱেইতো আমাৰ দায়িত্ব৷ ঘৰখনৰ একমাত্ৰ ল’ৰা সি৷ সিয়ো চাগে আমাৰ মৰমবোৰ ভালকৈয়ে বুজি পালে৷ সেয়েহে মেট্ৰিকত যেনে-তেনে হ’লেও পাছ কৰি আমাক ধন্য কৰিছে৷ এতিয়া ভাল কলেজ এখনত নামটো লগাবলৈ তাৰ পাৰচেণ্টেজ নাই যদিও তাকে লৈ আমাৰ আপত্তি নাই৷ আগৰ পৰা কিয়নো ভালকৈ নপঢ়িলি বুলিও কোৱা নাই৷ ক’লেই ঘৰৰ পৰা ভাগি যোৱাৰ কথা কয়৷ কেমেৰাটো কিনি নিদিও বুলি অৱশ্যে দুবাৰমান কৈছিলোঁ৷ কিন্তু শ্ৰীমতীয়ে মোক যিহে ভেকাহি মাৰিলে– ‘ল’ৰাটোৱে মন কৰিছে আপুনিনো ইমান কৃপননে৷’ জানেই নহয় মাইকী মানুহৰ মুখ৷ অমুকৰ ল’ৰাই অমুকটো কিনিলে, আমাৰটোৱে নিকিনিবনে৷ অমুকৰ ল’ৰাটো অমুকলৈ ফুৰিবলৈ গ’ল, আমাৰটো নাজাবনে?’ শেষত ক’লো বোলো– ‘অমুকৰ ল’ৰাটো জহন্নামলৈ গ’ল৷ আমাৰটোকো পঠিওৱা৷’ তাৰপাছত দুদিনমানলৈ মোৰ লগত মাতবোল বন্ধ৷ মাত মাতিলে মই বাপেকটো বেয়াহে হওঁ৷ মাকে পুতেকে মোৰ পৰা আঁৰ কৰি কৰি কথা পাতে আজিকালি৷ পইচা নিদিলেও ল’ৰাই মাকক ফুচুলাই লৈ যায়৷ মোক ভেকাহি মাৰে– ‘পইচাকেইটামান দিব নোৱাৰ’, কিয় জন্ম দিছিলি?’ তাৰ মতেতো মই মোৰ এ.টি.এম কাৰ্ডটো তাক কেতিয়াবাই চমজাই দিব লাগিছিল৷ মই অৱশ্যে এতিয়াও সেইটো চমজাই দিয়া নাই৷ ভাবিছোঁ, বৃদ্ধ হ’লে সি নিজেই মোৰ পৰা ডাবি-ধম্কি দি সেইটো নিলে নিয়ক৷ শেহতীয়াকৈ এইবাৰ উমুৰি ধৰিছে, বাইক এখন নহ’লে সি কলেজ নাযায়৷ ঘৰত দুদিনমান দাবি-ধমকি দি মই গুছি আহিলোঁ৷ তেতিয়াৰে পৰা আজি এসপ্তাহ ধৰি সি মাকক ভয় খুৱাইছে, বাইক কিনি নিদিলে সি মৰি থাকিব৷’
ৰাজখোৱাৰ যেন পুতেকৰ গুণবোৰ গাই শেষ নহ’বই৷ মোৰো গাটো গৰম হৈ অহা যেন লাগিছে৷ কপালেৰে ঘাম বৈ অহাৰ উমান পাইছোঁ৷ আজি তিনিমাহ ধৰি মোৰ ঘৰৰ সমস্যাটোৱে কি ৰূপ লৈছেগৈ, সেই বিষয়ে ৰাজখোৱাক কেনেকৈ কওঁ৷ আমাৰ মান্ধাতাযুগীয়া বাছগাড়ী গৈ গৈ ইতিমধ্যে মদনগুড়ি পালেগৈ৷ দুজনমান মানুহ গাহৰি মোনাৰ সৈতে ঠেলি-হেচি সোমাই আহিল৷ গাড়ীৰ সন্মুখতে বহা এজনে চিঞৰ-বাখৰ কৰিলে গাহৰিৰ সৈতে ভিতৰলৈ নাহিব নাহিব বুলি, সিহঁতে ভেকাহিহে দিলে– ‘খাবৰ পৰত গাহৰিৰ মঙহ নহ’লে তহঁতৰ নচলেই, এতিয়া গাড়ীত উঠাই সিহঁতক ঘৰলৈ নিনিলে কেনেকৈ নিম?’ আমি বাকীবোৰে মুখ টিপি হাঁহিলো৷
ৰাজখোৱাই চাগৈ পুতেকৰ গুণ-গৰিমা গাই গাই মোৰ পৰা কিবা এটা হ’লেও সহানুভূতি সূচক উত্তৰ শুনিবলৈ পাম বুলি আশা কৰিছিল৷ লাজ-বিজ কাটি কৰি ময়ো ক’বলৈ আৰম্ভ কৰিছিলোঁ– ‘বুজিছে ৰাজখোৱা, ল’ৰাৰ দৰেই আজিকালি ছোৱালীবোৰো...৷’
পিছে মোক কথা ক’বলৈ নিদি ৰাজখোৱাই পুনৰ আৰম্ভ কৰিলে– ‘ল’ৰাটোৱে চুলিবোৰত কিবা এসোপা সানি থিয় কৰি পেলালে বুইছে৷ নতুন ষ্টাইল হেনো, আজিকালি উলাইছে৷ মাকৰ মতে–‘ল’ৰা এটাহে, সিয়েই অকনমান লাহ-বিলাস নকৰিলেনো কোনে কৰিব৷’ দুদিনমান বুজাই-বঢ়াই চালো, বোলো আধুনিক হ’বলৈ চুলিৰ ষ্টাইল, কাপোৰ পিন্ধাৰ ধং নতুন কৰিলে নহ’ব৷ মনেৰে আধুনিক হ’৷ কামেৰে হ’৷ সি নুশুনিলে৷ এদিন ৰাতি শুই থাকোতে মই নিজেই কেচি এখন লৈ আগ-গুৰি নাচাই এসোপামান চুলি ৰেপি দিলো৷ পাচদিনা ৰাতিপুৱা মাক-পুতেকে মোক মৰিবলৈ শাও দি দি আধামৰা কৰিলে৷ ময়ো শপত খাইছিলোঁ, তহঁতে যি কৰ কৰ্ মই আৰু কেতিয়াও মুখেৰে নামাতো বুলি, কিন্তু ফটা মুখ, কাণ্ড-কাৰখানাবোৰ দেখিলে চাই থাকিব নোৱাৰোঁ৷ সি জন্ম হওঁতেই আইতাকে তাৰ এখন কাণ ফুটাইছিল৷ যোৱাবাৰ সেইখনতো কাণফুলি এপাত পিন্ধা দেখিলোঁ৷ মনতে বুজনি ল’লোঁ–মাৰে-বাপেৰে ছোৱালী এজনী জন্ম নিদিলোঁ যেতিয়া তয়ে মাজে-মধ্যে ছোৱালী এজনীৰ সুখো দি থাকিবলৈ লৈছ বোপাই৷ এতিয়া সি লগৰ ল’ৰাৰ লগত বিমল নে শিখৰ, সেইসোপা খাবলৈয়ো আৰম্ভ কৰিছে৷ দুদিনমানৰ পাছত যে চুলাই, ভাং খাবলৈ আৰম্ভ কৰিব সেয়া তাৰ মতি-গতি দেখিয়ে বুজি পাইছোঁ৷ সি আমাৰ মাক-বাপেকৰ নাম ভালকৈয়ে ৰাখিম বুলি পণ কৰিছে হ’বলা৷ মাকক পিছে এইবোৰ কথা ক’লে গুৰুত্ব নাই৷ মই হেনো ল’ৰাটোক নিজৰ মতে থাকিবলৈ নিদিও৷ মই আধুনিক হ’বলৈ নিশিকিলো বুলি গালিহে খাওঁ৷ কেতিয়াবা ভাবো, যি হয় হ’ব, ঘৰতে তাক বিচৰা বস্তু এসোপামান আনি দিওঁ৷ মাত্ৰ সি ভাল হওঁক৷ পিচে ঘৰত থাকিলেহে৷ মাত্ৰ তিনিমাহমান হৈছিল, লেপটপ এটা কিনি দিয়া৷ লোকৰ ল’ৰাই পৰীক্ষাত পাছ কৰি চৰকাৰী লেপটপ ঘটিছে৷ আমাৰ ল’ৰাই বাপেকৰ ধন ভাঙি লেপটপ লৈছে, মাকে এইবোৰ কথা আনৰ আগত কৈ গৌৰৱ কৰে৷ আজিকালি সন্ধিয়া পৰত ঘৰৰ পৰা ওলাই নগ’লে তাৰ মনটো হেনো কিবা ৰিফ্ৰেচ হোৱা যেনেই নালাগে৷ ঘৰত থাকিলেও চোফা, বিচনাত পৰি পৰি অকল মোবাইলটো টিপিব৷ কিবা এসোপা গেম খেলি থাকে৷ গুলিয়াগুলি চলি থাকে৷ বৰুৱা, মই সঁচাকৈয়ে ল’ৰাটোৰ পৰা বৰ সুখ পাইছোঁ৷’
‘মোবাইলৰ কথা ক’ব লাগিছেনে, ডাঙৰৰ কথা বাদ দিয়কচোন; জন্ম হোৱাৰ পৰা এতিয়াৰ ল’ৰা-ছোৱালীক মোবাইল নহ’লেই নচলে৷– মই সলাগিলোঁ৷
‘এৰা, মোবাইল ফোনটো হ’লে ল’ৰা-ছোৱালীক মাক-বাপেককো নালাগে৷ আপুনি চাব, এই অনুভৱ-অনুভূতি নথকা এমখাই পিচত গৈ মাক-বাপেকক বৃদ্ধাশ্ৰমত থৈ থৈ আহিবগৈ৷’– ৰাজখোৱাৰ চকুযোৰ আৰু ৰঙা হৈ পৰিছে৷
গাড়ীখন এঠাইত ৰাখিছে৷ গাহৰিৰ খাং কেইটা লৈ মানুহ দুজন নামি গ’ল৷ মই খিৰিকীৰে সন্মুখৰ মুকলি পথাৰখনত দৃষ্টি নিবদ্ধ কৰিলো৷ শুকান পথাৰখনৰ দৰেই যে ৰাজখোৱাৰ মনটোও শুকান হৈ পৰিছে, আৰু মই নিজে! একেই পথাৰ, একেই শুকান আমাৰ মন...
কণ্ডাক্টৰ আহিল পইচা নিবলৈ৷ তাৰ যেন ৰ’বলৈকে সময় নাই৷ মই বোলো কেইটকা?’
‘এশ বিছ টকা৷’
‘কিয়? মই দেখোন যোৱাবাৰ এশ টকাহে দি গৈছিলোঁ৷’ – এইবাৰ ৰাজখোৱাই উভতি ধৰিলে৷
‘সেইটো যোৱা সপ্তাহৰ দাম আছিল৷ গাড়ী ৰিপেয়াৰিং কৰা হৈছে এইটো সপ্তাহত৷ তেলৰ দাম বাঢ়িল৷’
‘তই মুৰ্খ নেকি? ৰিপেয়াৰিং কৰিছ তহঁতে, তাৰ পইচা আমি দিম কিয়?’ – ৰাজখোৱাৰ খং দুগুণে বাঢ়িল৷
‘এইখন চৰকাৰী গাড়ী৷ বেয়া হ’লে ভাল কৰিবলৈ চৰকাৰে সময়মতে পইচা নিদিয়ে৷ আমি নিজৰ পকেটৰ পইচা দি ভাল কৰিম নেকি? আৰু ভাল নকৰিলে আপোনালোক অহা-যোৱা কৰিব কেনেকৈ? পইচা দিয়ক৷ দেৰি নকৰিব৷’– আমাক দম দিয়াৰ দৰে কথাকেইটা ক’লে৷ মই তাৰ কথাকে মানি পইচা উলিয়াই দিবলৈ ল’লো৷ ৰাজখোৱা পিছে নাছোঁৰবান্দা৷ ৰাজখোৱাই এশ টকাতকৈ বেছি নিদিয়ে৷
‘তেন্তে নামক গাড়ীৰ পৰা৷ থিয় হৈ বহুত মানুহ আছে, সিহঁতক বহিবলৈ দিওঁ৷’– কথা বাঢ়ি যোৱাত মই ৰাজখোৱাক বুজাই- বঢ়াই যেনিবা এশ বিছ টকাটো দিবলৈ বাধ্য কৰালোঁ৷ গাড়ীৰ মানুহবোৰে আমাৰ কাজিয়াখন ভেবা লাগি চালে৷ ন্যায়ৰ পক্ষে মাত মতা তৃতীয় এটা মানুহ নোলাল৷ অসমত আজিকালি সকলো নম্ৰ-ভদ্ৰই হ’ল চাগৈ৷ আনৰ বিপদ বা অসুবিধাত ন্যায়ৰ সপক্ষে মাত মাতিবলৈ সকলোৱে এৰিলে৷ সেয়েহে দেশ-ৰাজ্যত আজিকালি শান্তিয়েই শান্তি৷
গাড়ী গৈ বাটমাৰি পালেগৈ৷ এইখিনি ঠাইৰ ৰাস্তা আৰু এখোপ চ’ৰা৷ থেকেচনিত মোৰ পেটৰ বিষ বাঢ়ি আহিছে৷ ৰাজখোৱাৰ ক্ষোভবোৰ শুনি শুনি আমাৰ পৰিস্থিতিৰ কথাও ক’ম বুলি মই সাহস গোটাইছোঁ, কিন্তু মুখেৰে যেন কথাবোৰ ওলাব খোজা নাই৷ এইবাৰ ৰাজখোৱাই খিৰীকিৰে পথাৰ চোৱাত ব্যস্ত হ’ল৷ বাটমাৰি অঞ্চলত এই সময়ত পথাৰবোৰ হালধীয়া হৈয়ে থাকে৷ সৰিয়হৰ খেতি কৰিছে মানুহে৷ পিচে বহুতৰ মুখত শুনিছোঁ এইবাৰ কেৱল ফুলহে ফুলিছে বোলে৷ চব পটান ওলাইছে৷ গুটি নাই৷ ৰাইজে হেনো চৰকাৰৰ পৰা গুটি আনিছিল৷
এইবাৰ ৰাজখোৱাক মই প্ৰশ্ন সোধাত লাগিলোঁ– ‘ল’ৰাটোৰ এইধৰণৰ পৰিৱৰ্তন চাগৈ আজি দুই তিনিবছৰৰ পৰাহে আৰম্ভ হৈছে৷’ ৰাজখোৱাই মোৰ কথাত মূৰ জোকাৰিলে৷
‘সি চাগৈ আপোনালোকৰ সৈতে কাজিয়া লাগি এদিন-দুদিন ভাত নোখোৱাকৈ থাকে৷’
‘ক’ব লাাগিছেনে? বিচৰা বস্তুটো নোপোৱালৈকে বা আনি দিম বুলি নোকোৱালৈকে পানী এটুপিও মুখত নিদিয়ে৷’
‘মাকে চাগৈ কাবৌ কোকালি কৰি তাক মান্তি কৰাবলগীয়া হয়৷’– মোৰ প্ৰশ্ন শুনি ৰাজখোৱা আচৰিত হৈছে৷
‘নহ’লে কোনে কৰিব৷ মইতো সেইবোৰ কৰাত নাই৷ সৰহভাগ সময় ঘৰত নাথাকোৱেই৷ থাকিলেও মোলৈ সি সেই কেইদিন কেৰাহিকৈয়ো নাচায়৷’
আকৌ সুধিলো– ‘তাৰ লগৰ কেইটামানে চাগৈ ইতিমধ্যেই বাইক কিনিলেই !’
‘সেইটোৱেইটো আচল লেঠা৷ লগৰ তিনিটামানে ইতিমধ্যেই কিনিলে৷ সিদিনাখন তাৰ লগৰ এটাই আমাৰ ঘৰত আহি চোতালত যিটোহে পাক দিলে, মই ভাবিলোঁ ইয়াৰ হাত-ভৰি গোটেই কেইটা গুড়ি হ’ল আজি৷ ভাগ্য ভাল একো নহ’ল৷’
‘এতিয়া পিছে আপুনি কি ভাবিছে? বাইকখন কিনি দিব নে নিদিয়ে?’– মই কথাৰ মুখনি মাৰিবলৈ সুধিলোঁ৷ তাতে মোৰ নামিবৰো হ’লহি৷
‘কি কৰিম একো ভাবি পোৱা নাই৷ মাকৰ লগত আলোচনা কৰি কিবা এটা কৰিবগৈ লাগিব৷ নহ’লে তাৰ মতি গতি বৰ বেয়া যেন দেখিছোঁ এইবাৰ৷’
একান্ত অনিচ্চা আৰু আগন্তুক বিপদৰ কথা জানিও ময় নক’বলগীয়া কথাষাৰ কৈ পেলালোঁ– ‘তাক বাইক কিনি দিয়াটোহে মঙ্গল হ’ব৷ নহ’লে ল’ৰাটো জীৱনৰ বাবে হেৰুৱাব৷’– ৰাজখোৱাই মোলৈ প্ৰচণ্ড হতাশা আৰু ক্ষোভৰ দৃষ্টি নিক্ষেপ কৰিছে৷ মই ল’ৰাটোৰ পক্ষ লোৱা দেখি ৰাজখোৱাৰ নি(য় খং উঠিছে৷ খং উঠাৰে কথা৷ কিন্তু মই ভুল কোৱা নাই৷ অভিজ্ঞতাৰ পৰা কৈছোঁ৷ অৱশ্যে কিনি দিলেও যে আগন্তুক দিনত আৰু কিমান ভয়ানক বিপদৰ সৈতে সন্মুখীন হ’বলৈ ৰাজখোৱা প্ৰস্তুত থাকিব লাগিব, সেয়া মই ৰাজখোৱাক এতিয়াই নকওঁ৷ নাকী চিঙা বলধ আৰু মথাউৰি ভঙা পানী ধৰি ৰখাটো কিমান কঠিন, ৰাজখোৱাই সময়ত নিজেই বুজিব৷
‘আপুনি কেনেকৈ ইমানবোৰ কথা জানেহে, আপুনি কোৱা প্ৰতিটো কথাই মোৰ ল’ৰাটোৰ লগত মিলিছে৷ আপোনাৰো ছোৱালী এজনী আছিল নহয়! তাইৰ খবৰ কি ? ডাঙৰজনী হ’লগৈ চাগে৷ আপোনাৰ হে ভাল, ছোৱালী এজনী পালে৷ মই ল’ৰা জন্ম দি পাইছোঁ এতিয়া সুখ!’
‘তাই পঢ়ি থকা হ’লে এইবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলেহেঁতেন৷’– এইবাৰ মোৰ কথাত ৰাজখোৱা স্তম্ভিত হোৱাৰ পাল৷
‘কিয়? তাই নপঢ়িলে নেকি?’– উত্তৰটো শুনিবলৈ ৰাজখোৱাক যথেষ্ট আগ্ৰহী যেন দেখা গ’ল৷
মোৰ গাড়ীৰ পৰাও নামিবৰ হৈছে৷ ৰৌবিলত নামিম৷ বজাৰ কৰাৰ কথা৷ ৰাজখোৱাৰ চকুত চকু থ’বলৈ সাহস গোটাব নোৱাৰিলোঁ৷ খিৰীকিৰে হালধীয়া পথাৰখনলৈ ময়ো চালো, শুকান পথাৰ এখন এইখিনিৰপৰা আৰম্ভ হৈছে৷ সোণচিৰি নদীখন বৈ গৈছে এইখন পথাৰৰ মাজেৰে৷ যেন বৰণহীন স্থিৰ পট্ৰেইট এখনহে পৰি আছে শুকান পথাৰখনত৷ বুকুৰে বৈ যোৱা দুখৰ নদীবোৰো যদি এএনকৈ আঁকি আঁকি দেখুৱাব পাৰিলোহেঁতেন আমি!
কথা চমুৱাই আনিলোঁ – ‘আপোনাৰ ল’ৰাক দিয়া গোটেইকেইটা বস্তু ময়ো মোৰ ছোৱালীজনীক মেট্ৰিক পাছ কৰোতেই দিব লগা হৈছিল৷ স্কুটী এখন কিনি দিবলৈ আপোনাৰ ল’ৰাৰ দৰেই তায়ো ঘৰত একে অৱস্থাৰ সৃষ্টি কৰিছিল৷ ইমান সৰু হৈ থাকোঁতেই স্কুটীখন কিনি দিব বিচৰা নাছিলোঁ৷ সেইখন দঙা-তোলা কৰিবলৈকেতো গাত শক্তি অলপ লাগিব৷ তাতে মোৰ হাতত সিমানখিনিপইচাও নাছিল৷ লাহে লাহে বেঙ্কৰ লগত লোন এটাৰ কথা পাতিম বুলি ভাবিছিলোঁহে৷ কিন্তু এসপ্তাহমানৰ পাছতে ৰাতিপুৱাই মাকে খবৰটো দিলে৷ লগৰ ল’ৰা এটালৈ গুছি গ’ল৷’
ৰৌবিল, ৰৌবিল৷ মোৰ নামিবৰ হ’ল৷
ৰাজখোৱাই কিবা এটা ক’ব বিচাৰিছিল সম্ভৱ৷
ক’বলৈ আৰু সুবিধা নিদিলোঁ৷ মই তেওঁলৈ নোচোৱাকৈয়ে নামি আহিলোঁ৷
এতিয়া ঘৰলৈ এসোপামান বজাৰ কৰি নিব লাগিব৷ কাইলৈ ছোৱালীৰ ঘৰৰ পৰা মানুহ অহাৰ কথা৷ মিতিৰ কৰিবলৈ৷
3 Comments