গল্প ::: সুগন্ধি পখিলা

ব্যস্ত ৰাজ পথ৷ ঘৰৰপৰা পৰা ষ্টেশ্যন পাবলৈ এঘণ্টামান লাগিল৷ ৰংপুৰ তিনিআলিৰ পৰা এইখিনি বাট বাছেৰে আহিবলৈ সাধাৰণতে বিশৰ পৰা পঁচিশ মিনিটমান সময়হে লাগে৷ কিন্তু আজি !

চহৰীয়া সভ্যতাত ৰাজপথবোৰত মানুহৰ সমাগম দিনক দিনে বেছি হৈ আহিছে৷ বাঢ়িছে আৱৰ্জনা। ধুনীয়া ধুনীয়া ঘৰবোৰৰ বাউণ্ডেৰী ৱালখন পাৰ হ’লেই চৌফালে কদৰ্যময় পৰিৱেশে বিৰাজ কৰিছে। পচা আলু, পিয়াজ, বিলাহীৰ গোন্ধৰপৰা আৰম্ভ কৰি চৌফালে গেলা-পচা জাৱৰৰ পাহাৰ। মানৱসৃষ্ট দস্যু যেন প্লাষ্টিকৰ মৃতদেহ এসোপা বুকুত লৈ বৈ যোৱা পানসৈ নদীখন এই পথটোৰ কাষেৰেই পাৰ হৈ গৈছে। ঠিক এইখন নদীও যেন গুৱাহাটীৰ ভৰলু হ’বলৈ বেছিদিন নাই। কাষৰ মানুহমখাই নদীখন খতম কৰি পেলালে। সব বৰ্বাদ।

সন্ধিয়াৰ সময়৷ মানুহ বাহিৰলৈ ওলোৱাৰ সময়৷ অনিচ্চা স্বত্ত্বেও ড্ৰাইভাৰজনে টেম্পুখন লাহে  লাহে চলাব লগা হ’ল৷ ইফালে ট্ৰেফিক জাম । ফলা শিলগুটি আৰু খলা-বমা গাঁতেৰে সগৌৰৱে পৰি থকা এই  ৰাস্তাবোৰে বাৰিষা, খৰালি বুলি কথা নাই; শৰীৰত থকা আটাইকেইডাল হাড় হিলাবপৰাকৈ প্ৰতিটো মুহূৰ্ততে সক্ষম হৈয়ে থাকে৷

সন্ধিয়াই ঘনঘোৰ আন্ধাৰৰ জোলোঙাটো লৈ আমাৰ উপত্যকালৈ লাহে লাহে নামি আহিছে, ঘৰচিৰিকাবোৰে ষ্টেচনৰ কাষত থকা গছবোৰত কিচিৰ মিচিৰ কৰিলেগৈ,  মানুহৰ সৈতে জীৱ-জন্তুবোৰৰ পাৰ্থক্য এইটোৱেই যে মানুহবোৰ সন্ধিয়া হ’লে ঘৰৰ বাহিৰ হয় আৰু জন্তুবোৰ সোমাইহি৷ ষ্ট্ৰিট লাইটৰ পোহৰত দেখিলোঁ–ইমান সৰু চৰাইটোৱে সেইদাল শকত ৰচি ঠোঁটত লৈ উৰি গ’ল; ইহঁতৰ দেহটোৰ তুলনাত কামবোৰ অতি ডাঙৰ৷ 

চৰাইবোৰে জানে সিহঁতৰ ক্ষমতাৰ প্ৰকৃত জোখ!  ডেউকাৰ আঁৰত লৈ ফুৰিব পাৰে জীয়াই থকাৰ হাঁবিয়াহ৷ 

 ষ্টেশ্যনৰ পূবফালৰ ৰাস্তাটোৰ দুয়োপাৰে চবমিছল, ভজা বাদাম বিক্ৰী কৰা মানুহৰ সংখ্যাৰে ভৰি পৰিল৷ উলা-উবেৰৰ দ্ৰাইভাৰবোৰে ষ্টেশ্যনৰ ভিতৰলৈ সোমাই যোৱা পথটোৰ কাষতে পেচেঞ্জাৰৰ আশাত খাপ পিটি ৰৈ আছে। দৰ-দাম চলি আছে যাত্ৰীক গন্তব্যস্থান পোৱাবলৈ।

 প্লেটৰ্ফমৰ দিশে আগুৱাই গ’লো৷ মানুহৰ ভিৰ ক্ৰমান্বয়ে বাঢ়ি আহিছে, উখ খট্‌খতিত ভৰি দিলোঁ৷ তামোলৰ পিকে প্লেটৰ্ফমটোৰ একাংশ ঠাই ৰাঙলি কৰি থৈছে ৷ কাষতে ভগ্ন এস্কেলটৰখন বুঢ়া হাতী এটা পৰি থকাৰ দৰেই পৰি আছে। সুন্দৰ নাৰী কণ্ঠৰ মাত এটি ষ্টেশ্যনৰ লাউদস্পীকাৰত ভাহি আহিল– ‘অনুগ্ৰহ কৰি মন কৰিব, গুৱাহাটী-নাহৰলগুণ ইণ্টাৰচিটী এক্সপ্ৰেচখন দুই নম্বৰ প্লেটফৰ্মত ৰৈ আছে৷’ লগতে এটা মন মোহি নিব পৰা মিউজিক৷ চিৰিৰ কাষতে থকা বেঞ্চ এখনৰ দিশে আগুৱাই গ’লো ৷ টিকত ইতিমধ্যেই মোবাইলৰ পৰাই বুক কৰি থোৱা আছে৷ চিৰিৰ কাষে কাষে ঘুৰি ফুৰা নিগনি কেইটামান ল’ৰ মাৰি গাঁতত সোমালেগৈ, এই ঠাই টুকুৰাত ইমান অকটা গোন্ধ আহিছে৷ স্বচ্চ ভাৰত অভিযানৰ ঝাড়ুৱে এইবোৰ ঠাই দেখিয়ে নাপাব চাগৈ৷ ইচ্ছা কৰিলে এতিয়া চাহ একাপকে খাই  ল’ব পাৰোঁ! ট্ৰেইনত উঠি খালেও অৱশ্যে বেয়া ন’হব৷  টকা হে আচল কথা, ট্ৰেইনত ইচ্ছা অনুসৰি খোৱা বস্তু বিধে বিধে পোৱা যায়৷ এই লাগিব নেকি গৰম চাই, চাই, চিংৰা, বাদাম, তামোল... তিনিপেকেট ২০ টকা৷ শব্দবোৰে কাণখনত বিন্ধি থাকিল৷

 আহিছে, আহিছে৷ প্লেটফৰ্মৰ মানুহবোৰৰ মাজত খৰখেদা লাগিল৷ 

 গুৱাহাটীৰ পল্টন বজাৰলৈ যোৱা ট্ৰেইনখন দ্বিতীয়টো প্লেটৰ্ফমত ৰৈছেহি৷ 

 ২ নম্বৰ প্লেটফৰ্মলৈ আন এটা চিৰিয়েদি যাব লাগিব, বাৰুকৈয়ে আজি মোৰ লগত মা নাহিল, অহা হ’লে চিৰিয়েদি উঠি যাবলৈ কিমান যে এলাহ কৰিলেহেঁতেন! বেগটো লৈ খোজ দিবলৈ লওঁতেই দেখিছোঁ সন্মুখৰ চিৰিয়েদি বগোৱা বাই বাই তললৈ নামি অহা মানুহ এটা৷ মানুহটোৰ দেখোন এখন ভৰি নাই, অথচ কি কায়দাৰে যে চিৰি বগাই বগাই তললৈ নামিছে৷ হাতত এখন প্লাষ্টিকৰ থালি৷ থালিখনত কেইটামান খুচুৰা পইচা৷ দুখ আৰু যন্ত্ৰণাৰ মাজত থাকিও যে জীৱনৰ প্ৰতি মানুহৰ ইমান ভালপোৱা! দহ টকা এটা থালিখনত  দিলো৷ পানী এঢোক বটলৰ পৰা গিলি খৰখেদাকৈ দ্বিতীয় প্লেটৰ্ফমলৈ গ’লো৷  উঠা উঠিছে, নমা নামিছে৷ এটা যুদ্ধং দেহি মনোভাৱ । দৌৰা দৌৰি; থ্ৰি, এক্স, থ্ৰি দবাটো বিচাৰিলোগৈ৷ 

 ট্ৰেইনৰ উকি দিলেই৷ জাপ মাৰি  দৰ্জাত ওলমি দিলোঁ৷

 এই চাই-চাই, পানী বটল, চানা, অণ্ডা বইল, বাদাম, লাগিব নেকি! শব্দবোৰ আহিছে আৰু গৈছে, এই গেলা গৰমত ইহঁতবোৰে মানে৷ বেচেৰাহঁতৰ উপায়ো নাই, পেট পূজাৰ কথা আছে৷ উকি এটা মাৰি ট্ৰেইনখন দলঙত উঠিলগৈ৷ ট্ৰেইনত উঠিলে প্ৰায়ে ভয় লাগে, হঠাৎ ট্ৰেইনখন বাগৰি পৰে যদি! এইবাৰ ট্ৰেইনৰ দুৰ্ঘটনাৰ সংখ্যা বাঢ়িছে, তেজ, মঙহ, কান্দোন, আৰ্তনাদ৷ জীৱন আৰু মৃত্যুৰ কি যে ভয়াবহ ! 

 আচৰিত হওঁ; নিজৰ আত্মীয়-কুটুম্বকে বিশ্বাস কৰিব নোৱাৰা আমি মানুহবোৰ ট্ৰেইন, বাছৰ অচিনাকী ড্ৰাইভাৰৰ হাতত নিজৰ জীৱনটো গুজি দি কি বিশ্বাসেৰে শ শ কিলোমিটাৰ অনায়াসে গুছি যাব পাৰো!

 ‘এফ ২২’ নম্বৰ চিতটো একেবাৰে তলৰ চিত৷ বেগটো কাষতে আউজাই ৰাখি ফেনৰ চুইচ অন কৰিলোঁ৷ ইমান ঠেক গলিটোৱেদি কিমান মানুহ অহা-যোৱা কৰিব লাগে৷ ফেন চলি আছে যদিও গেলা গৰমটোৰ জোখাৰে ই  পৰ্যাপ্ত নহয়, কাষৰ খিৰিকীখন খুলি ল’লো৷ এজাক পুৰঠ বতাহ হৰ-হৰকৈ কেবিনটোলৈ সোমাই আহিল৷ বাহিৰৰ ঘোপমৰা আন্ধাৰ আৰু মাজে মাজে দূৰণিৰ ক্ষীণ লাইটৰ পোহৰে পথাৰবোৰ এখন স্থিৰ চিত্ৰৰ দৰে দেখাইছে ৷ মোৰ সন্মুখত  এজন আদহীয়া মানুহ বহি আছে৷ মানুহজনৰ চুলি দুই এডাল পকিছে, পিন্ধনত তেনেই সাধাৰণ কামিজ এটা, কামিজৰ চিঙো চিঙো চিলাই৷ মুখখনহে পিছে দেখা নাই, মানুহজনে কিতাপ এখন পঢ়ি আছে৷ 

  ময়ো বেগত কিতাপ এখন লৈ আহিছো৷ প্ৰণৱজ্যোতি ডেকাৰ আত্মজীৱনীখন৷ উলিয়াই লৈ পঢ়ো নেকি! 

 এই মানুহজনে বাৰু ভাবিবনেকি তেওঁকে দেখুৱাই কিতাপ পঢ়ি লেবেল ফালিছো বুলি? 

 কথাটো ভাবি থাকোতেই হঠাৎ দূৰৈৰ পৰা ৰেডিঅ’ৰ শব্দ এটা ভাঁহি অহা যেন লাগিল৷ 

 লোকগীতৰ সুৰ৷ কিতাপ উলিওৱা নহ’ল৷

 এটা সময়ত ৰেডিঅ’ৰ অনুষ্ঠান সদায় শুনিছিলো৷ ৰাতিপুৱা আগচোতালত ঠৈলা পাৰি, সন্ধিয়া জোনাকী নিশাৰ সেই মায়াসনা আন্ধাৰৰ সৈতে সময়ৰ সৈতে ডুলি ডুলি ৰেডিঅ’ৰ লোকগীত, বৰগীত, আধুনিক গীত শুনি শুনি আমি ডাঙৰ হোৱা মানুহ৷ সেই একেই যেন সুৰ এটি ভাঁহি আহিছে, দুজন অন্ধ মানুহে এজনে তাল লৈ আৰু এজনে দুতাৰা এখন বজাই বজাই গীত গাই আমাৰ দবাৰ ফালেই আহি আছে– ‘এ পক্ষী ৰৈয়া যা ৰে পক্ষী ৰৈয়া যা ৰে’৷ সুৰটো মনৰ মাজেৰে বৈ গৈছিল৷ খাটি অসমীয়া লোকগীতৰ সুৰবোৰ যেন ট্ৰেইনত গীত গোৱা এই মানুহখিনিয়েহে ধৰি ৰাখিছে, তাত হয়তো কাৰো দ্বিমত নাই৷ মানুহ দুজনে গীত গাই গাই আমাৰ কেবিনটো পালেহি৷ ১০ টকাৰ নোট এখন উলিয়াই দিলোঁ৷ গীত গাই গাই মানুহকেইজন সন্মুখৰ ডবাবোৰলৈ আগুৱাই গ’ল৷

 সন্মুখৰ চিতটোত মানুহজন একেথিৰেই বহি আছে৷ পঢ়ি আছে৷ তেওঁৰ লগত চিনাকী হ’বলৈ মন গ’ল৷ ট্ৰেইনত যাত্ৰা কৰিলে কথা পাতিবলৈ অন্তত মানুহ এজন লাগে৷ এওঁ চাগৈ কবিতাৰ প্ৰেমিক৷ নতুবা কবিতাৰ তাত্ত্বিক কথাবোৰ বুজি পায়, ন’হলেনো ট্ৰেইনটো কবিতাৰ কিতাপখন পঢ়ি আহেনে! এওঁ মোৰ দৰেই গুৱাহাটীৰ কবি সন্মিলনৰ অনুষ্ঠানটোলৈকে আহিছে নেকি...!  কি ঠিক, আহিবওটো পাৰে৷  

 ‘হেৰি, আপুনি ক’লৈ যাব?’

 ‘গুৱাহাটীলৈ বুলিয়েই আহিলোঁ’, মানুহজনে কিতাপখন পঢ়ি পঢ়িয়েই ক’লে৷  

 ‘আপোনাৰ নামটো’?

 ‘হীৰেণ ভট্টাচাৰ্য’৷ এতিয়ালৈকে তেওঁৰ মুখখন দেখাই নাই পিছে৷

 মানে এইজন কবি হীৰু দা নহয়টো ! লাহেকৈ সোঁফালে আঁৰ লৈ তেওঁক চালো৷ আচৰিত! হয়, এইজন হীৰু দা, মোৰ সন্মুখত হীৰু দা৷ সাইলাখ ফটোত দেখাৰ দৰে, হয় হয়৷  মোৰ হাঁহিম নে কান্দিম যেন অৱস্থা হ’ল; কি ক’ম, কি নকৰিম যেন হৈ পৰিলো৷ তেওঁ মোলৈ মূৰ তুলি চালে৷ 

 মোৰ অৱস্থা দেখি নিজেই মাত লগালে- ‘কি হ’ল ডেকা ল’ৰা, চিনি পাইছা? আচৰিত হৈছা নেকি? মন গ’ল ট্ৰেইনতে গুছি  আহিলোঁ৷ গাঁৱলৈ গৈছিলোঁ বুজিছা৷ বাৰু, তোমাৰ পৰিচয়?’

 ‘ভাৰ্গৱ, ভাৰ্গৱ কলিতা৷ মোৰ ঘৰ লখিমপুৰত৷ গুৱাহাটীলৈ আহিছোঁ৷  সপোনতো ভবা নাছিলোঁ আপোনাক এনেদৰে সন্মুখত দেখা পাম বুলি৷ হীৰু দা, আপোনাৰ কবিতা পঢ়ি মই কবিতা লিখিবলৈ শিকিছিলোঁ৷ কাইলৈ গুৱাহাটীত এখন কবি সন্মিলন আছে তালৈ বুলিয়েই আহিছোঁ৷’ হীৰু দাই এইবাৰ পঢ়ি থকা কিতাপখন সামৰি থ’লে৷

  ‘আপোনাক এনেদৰে লগ পাই আচৰিত হৈছো হীৰু দা৷ আপুনি মোৰ তেজত আছে৷ ‘সুগন্ধি পখিলা’ৰ কবিতাবোৰ মই কিমানবাৰ যে পঢ়িছোঁ৷  আপোনাক লগ পাবলৈ মোৰ কিমান আশা আছিল৷ অথচ আপুনি আহিছে ট্ৰেইনত মোৰ সন্মুখৰ চিতত!’ – হীৰুদাক কৈ গ’লো মনলৈ যি ভাৱ আহিল৷ কথা পাতি আহোঁতে কিমান যে সময় হ’ল গমেই নাপালোঁ৷ 

 হীৰুদায়ো যেন মোক লগ পাই ভালেই পালে৷ মোৰ সৈতে কথা পাতিলে বেচ বন্ধুত্বসুলভ ভাৱেৰে৷ মানুহৰ মিচাই ধাৰণা এটা আছে কবিবোৰ অহঙ্কাৰী বুলি৷ 

 ট্ৰেইনৰ গতি ক্ৰমান্বয়ে বাঢ়ি আহিল৷ ঝক ঝক কৈ ট্ৰেইনখন তীব্ৰ স্পীডত যাবলৈ ল’লে৷ 

 মোৰ বুকুৰ ধিপ্‌ধিপনিও কমি আহি আপোন মানুহ এজন কাষত পোৱাৰ সুখানুভূতিয়ে মনটো ৰঙীন কৰি পেলালে৷

 ‘তেন্তে গুৱাহাটীলৈ কবিতা পাঠ কৰিবলৈ আহিলা? ভাল কথা৷ কবিতাৰ জগতখন বৰ সুখ¸ময়৷ মোৰ হে  দুখ বুজিছা৷’– হীৰু দাই শেষৰ ফালে কথাটো দুখ লগাকৈ ক’লে৷ হীৰু দাৰ আকৌ দুখ কিয়? কিমান সুখী হৈ থাকিব লাগে তেওঁ৷ শিল যেন অসমীয়া কবিতাক পানী পানী হেন কৰি অসমীয়া পঢ়ুৱৈক কবিতাৰ সোৱাদ দিয়া মানুহ তেওঁ৷ 

 ‘আপোনাৰ দুখ কিয় ?– মই সুধি দিলো৷

 তেওঁ একেবাৰে নিৰুৎসাহজনক ভাৱে ক’লে– ‘কবিতাৰ বাবেই দুখ বুজিছা, এসময়ত কবিতা আমাৰ তেজত আছিল, এতিয়াৰ কবিতাবোৰ কবিৰ কলমৰ নিবত ওলমি থাকে৷’  কথাষাৰ কৈয়ে হীৰু দাই তেওঁৰ ফালৰ খিৰিকীখন বন্ধ কৰি ল’লে৷ মই পানীৰ  বটলটো বেগৰ পৰা উলিয়াই ল’লো৷ দ্ৰুত গতিত ট্ৰেইন চলি থাকিল৷

 ‘বুজিছা, কবিতাৰ বাবে এসময়ত লঘোণে আছিলোঁ; দিন ৰাতি কথা নাই কবিতাৰ বাবে প্লট বিচাৰি ঘুৰি ফুৰিছিলোঁ৷ বাৰু, তুমি মোৰ সুগন্ধি পখিলাখন পঢ়িছো বুলি কৈছা৷’ মূৰ দুপিয়াই ক’লো– ‘মোৰ প্ৰিয় কবিতাৰ পুথি সেইখন, কিমানবাৰ যে পঢ়িেঁছা হিচাপ নাই৷’ হীৰুদাই মোক কি উত্তৰ দিব শুনিবলৈ কাণ থিয় কৰি ৰ’লো৷ 

 ‘চৰাইৰ মাতৰ পৰা প্ৰেয়সীৰ বুকুৰ উষ্ণতালৈ আমাৰ কবিতাৰ পৰিধি বিয়পি আছিল বুজিছা’ – হীৰু দাৰ কথাৰ প্ৰতি বেচ আগ্ৰহী হৈ পৰিলোঁ৷

 ‘তোমাৰ দৰেই আন বহুতে কয়, সেইখন প্ৰিয় কবিতাৰ পুথি বুলি, শুনি ভালেই পাওঁ, পিছে কেৰোণটো তাতেই বুজিছা৷’ তেওঁৰ কথা কেইষাৰ শুনি মই আচৰিত হ’লো৷ তাত আকৌ কি কেৰোণ আছে? 

 তেওঁ কৈ গ’ল– ‘মোৰ ভাষা- ৰীতি,  শব্দ প্ৰয়োগৰ হুবহু ধৰণ লৈয়ে এতিয়া এচামে কবিতা লিখে, নিজস্ব বুলিবলৈ তেওঁলোকৰ যেন একো নাই৷ কেৱল মই বুলিয়েই নহয়, এসময়ত সকলোৱে দেৱকান্ত বৰুৱাৰ সাগৰ দেখিছাৰ প্ৰেমত পৰিছিল, তাৰ পিছত নিলমণি ফুকনৰ চিত্ৰকল্পৰ প্ৰেমত পৰিল, মোৰ কবিতাও নকল চুৰি কৰি বহু অখ্যাত মানুহ বিখ্যাত হ’ল, এইটোৱেই মোৰ দুখ, যদি মই সেইখন পুথি লিখি নুলিয়ালোঁহেঁতেন, তেতিয়া চাগৈ অন্ততঃ একাংশই নিজাকৈ কবিতা লিখিলেহেঁতেন, সকলোঁৰে মন মগজুৰ বিকাশ হ’লহেঁতেন৷  লগতে আৰু এটা কথা, এতিয়া এচাম কবিৰ কবিতাবোৰ হৃদয়ৰ পৰা নোলাই, ভাত খালো, শাক খালো বুলিও এচামে কবিতা লিখে৷ যিটো অসমীয়া গীতবোৰতো হৈছেগৈ৷ সেইদিনা শুনিলো ৱাচিং পাউদাৰ নিৰ্মাক লৈয়ো গীত গালে অসমীয়া গায়কে৷ অগ্ৰজসকলৰ পৰা অনুপ্ৰেৰণা লৈ কবিতা লিখ, গান লিখ, যি কৰিবলৈ মন যায় কৰ্‌, মোৰ তাত ক’ব লগা নাই৷ অনুপ্ৰেৰণা ল’ব পাৰিলে ল’ব লাগে, ই মানুহৰ বাবে সদায় প্ৰেৰণাদায়ক, কিন্তু বৰ্তমান এচামে চিধাই কপি কৰি দিয়ে, সহ্য কৰিব নোৱাৰোঁ বুজিছা, আৰু এচামে কবিতা  বুলি জাবৰ এসোপা লিখি আছে ৷ অৱশ্যে ইয়াৰ মাজতো যথেষ্ট ভাল কবি আছে, তেওঁলোকক মই সন্মান কৰোঁ৷’

 এইবোৰ কথা আমি ভাবোনে?

 হীৰুদাৰ কথাত প্ৰচণ্ড ক্ষোভ দেখা পালো৷ কথাবোৰ কৈ কৈ তেওঁ চিগাৰেট এটা জ্বলাই  ল’লে৷ মই কেৱল সেপ ঢুকি ল’লো৷ তেওঁ পুনৰ ক’লে– ‘আমাৰ সময়ৰ দৰে এতিয়া কবিতা দুখৰ ঋতুৰ খৰিকাজাঁই হৈ থকা নাই, সুখ দুখৰ সম্পদ হৈয়ো থকা নাই৷’ চিগাৰেটৰ ধোৱাবোৰ কুণ্ডলী হৈ হৈ কেবিনটোলৈ প্ৰসাৰিত হৈ গ’ল৷


 ট্ৰেইনখন সম্ভৱত কোনোবা ষ্টেচনত ৰখাইছে৷ 

 ডবাটোত দুই এজনকৈ মানুহ উঠা-নমাৰ অনুমান হ’ল৷

মোৰ ভাবনাৰ যতি পেলাই হীৰু দাই আকৌ ক’লে– ‘নতুন কবিসকলৰ বহুতেই  অধ্যয়ন নকৰে৷ সেইবাবেই তেওঁলোকলৈ মোৰ ক্ষোভ৷ কোনো এটা বস্তুৰ অতীত জানিব লাগিব, তেতিয়াহে বৰ্তমান আৰু ভৱিষ্য¸তটো ভাল কৰিব পাৰিবা, ঐতিহ্যৰ অবিহনে ভৱিষ্যৎ নিৰ্মাণ কৰিবা কেনেকৈ? কবিতা লিখা আৰু কবিতাৰ সাধনা কৰা দুটা বেলেগ বস্তু৷ বাৰু তুমিয়েই কোৱাছোন, এই কেইদিনতে যে মৃত্যু হ’ল কবিজন–

 ‘মহিম বৰাৰ কথা কৈছে নেকি?’ 

 ‘তেওঁৰ কবিতা পুথি কেইখন পঢ়িছা?’

 এইবাৰ মোৰ মুখৰ মাত হৰিল, মই তেওঁৰ উপন্যাস- ‘কাঠনি বাৰীৰ ঘাট’ অৱশ্যে পঢ়িছোঁ, কবিতা পুথি এখনৰ  নাম– ‘ৰঙা জীয়া’ নে কি আছিল; পাহৰিলোঁ৷ হীৰু দাক নাই পঢ়া বুলি ক’বলৈয়ো ভয় লাগিল ৷

 হীৰু দা পিছে মোৰ উত্তৰলৈ নৰ’ল – ‘মই  জানো তোমালোকে সৰহভাগেই পঢ়া নাই৷’ 

 হীৰু দাৰ চকুযোৰ ক্ৰমাৎ ৰঙা হৈ আহিল, যেন মানুহজনে কথাবোৰ কওঁতে ফোপাইছে, বিষ অনুভৱ কৰিছে৷

 হিৰুদাই পুনৰ ক’লে– ‘আমাৰ সময়ত আচলতে তথ্য প্ৰযুক্তিৰ আজিৰ দৰে বিকাশ হোৱা নাছিল৷ সেয়েহে আমি হৃদয়বোৰ হৃদয় কৰি ৰাখিব পাৰিছিলোঁ ৷ মই নিজে তেনেকৈয়ে ভাবো৷ আজিৰ চামে হৃদয়বোৰত কেৱল এটা শিল কঢ়িয়াই ফুৰিছে৷ এই শিল কঢ়িয়াই  ফুৰা হৃদয়বোৰৰ পৰা কৃত্ৰিমতাৰ বাদে একো সৃষ্টি হ’ব নোৱাৰে৷ ফেচবুক, হোৱাটছ্‌এপত কবিতা আপ্‌লোড  কৰাৰ তাগিদাত কেইজনে ভাল কবিতা লিখিব তাত মোৰ সন্দেহ আছে৷ তুমিয়েই কোৱাচোন, তুমি কি ভাবা?’ 

 ‘মই  কি ভাবিম!  কথাবোৰ শুনি লাজ লাগিছে মাত্ৰ, ফেচবুকত কবিতা আপ্‌লোড কৰাত মই নিজেও কমটো ওস্তাদ নহয়৷ হীৰু দাৰ কথা কেইটা শুনি নিজলৈ পুতৌ উপজিছে; ক’ৰ হীৰু দাৰ বুকু শীতলাই দিয়া সুকোমল কবিতা আৰু ক’ৰ আমাৰ শিলে পোটা হৃদয়ৰ শুকান শুকান ঠৰঙা এসোপামান জাবৰ! 

  ‘আমাৰ বহুত ভুল আছে দাদা৷’–তাৰ বাহিৰে তেওঁক ক’বলৈ ভাষা বিচাৰি নাপালো৷ 

 ট্ৰেইনখনৰ গতি আৰু বাঢ়িল৷ আমাৰ কাষৰ মানুহবোৰ ইতিমধ্যে টোপনিত লালকাল৷ কেৱল সাৰে আছোঁ মই আৰু মোৰ সন্মুখৰ এই মানুহজন৷ হীৰু দাই অকপটে কৈ গৈছে মনৰ পুঞ্জীভূত ক্ষোভবোৰ, যাৰ অন্তৰত তেজ হৈ হৈ কেৱল কবিতা আছে, কবিতাক তেওঁ প্ৰাণভৰি ভাল পাই, অথচ আজিৰ প্ৰজন্মৰ কবিতাৰ চৰ্চা দেখি শংকিত৷ কেৱল তেওঁ কিয়, বহুতেই এই বিষয়ত শংকা প্ৰকাশ কৰে৷ 

 

 আমি কথা পাতি থাকোতেই তেওঁৰ ফোন বাজিল৷ ফোনত সিফালৰ পৰা বৃদ্ধ মাত এটি সৰু সৰুকৈ বাজি উঠিল৷ সেই মাতে হীৰুদাৰ খবৰ লৈছে৷  হীৰুদাৰ পত্নী হ’ব ছাগৈ৷ কথা পতাৰ অন্তত হীৰু দা যথেষ্ট গহীন হোৱা যেন দেখা পালোঁ, চছ্‌মাযোৰ খুলি ল’লে, মোৰ এনে লাগিছিল যেন হীৰু দাৰ চকুৰ পৰা দুটুপাল কবিতা সৰি পৰিবহি৷ অৱশ্যে মোৰ ধাৰণা সঁচা নহ’ল৷ কবিবোৰে দুখতো চকুৰ টোপালবোৰ খৰচ নকৰে, বিষাদতো৷ 

 তেওঁ কৈ গ’ল– ‘কবিতা সকলোৰে  বুকুত থাকে বুজিছা, বিচাৰিব জানিলেই হ’ল, বুকুত অনুভৱ আৰু চকুযোৰ চকু কৰি ৰাখিলে যিকোনো ঘটনাই তোমাৰ অন্তৰত অলপ বেলেগকৈ ধৰা দিব, এই যে বেলেগকৈ ধৰা দিলে, সিয়েই এটা কবিতা৷ মাত্ৰ তুমি তাক শব্দৰে প্ৰকাশ কৰিলেই হ’ল৷’  

 আচলতে হীৰু দা কবি হোৱাৰ সমান্তৰালভাৱে এজন ভাল বক্তাও, ইমান সবিস্তাৰে কথাবোৰ ক’ব পাৰে৷ তেওঁ আকৌ ক’লে– ‘বাৰু কোৱাছোন, লোক-সাহিত্যৰ বিষয়ে তোমাৰ  কিবা ধাৰণা আছেনে? এই যে আমি কওঁ প্ৰত্ন যুগৰ সাহিত্য, প্ৰাক্‌ শঙ্কৰী যুগৰ সাহিত্য, চুফীবাদী সাহিত্য, ৰোমান্টিক সাহিত্য এইবোৰৰ বিষয়ে তোমাৰ ধাৰণা আছে নে স্পষ্ট ৰূপত? অসমীয়া কবিতাৰ ইতিহাস বুলি ক’লে তুমি কিবা জানানে? কবিতাৰ সম্প্ৰৰীক্ষাৰ কথা কেতিয়াবা শুনিছানে?’ সম্ভৱ হীৰু দাই আৰু বহুত কৈছিল৷ তেওঁৰ কথাবোৰ শুনি শুনি মোৰ গাটো গৰম হৈ আহিছে, বুকুখনত প্ৰচণ্ড বিষ অনুভৱ কৰিছোঁ৷ কি বুলি ইমানদিনে কবিতা লিখি আহিলোঁ তাকে ভাবি শৰীৰৰ সিৰা উপসিৰা পৰ্যন্ত তপত হৈ পৰিছে৷

 কিবা এষাৰ ক’বলৈ পোৱাৰ আগতেই হীৰু দাই নিজেই ক’লে– ‘মই জানো, কেৱল তুমিয়েই নহয় তোমালোকৰ প্ৰায় সংখ্যকে এইবোৰ বিষয় নজনাকৈয়ে কবিতা লিখি আছা৷ অৱশ্যে দুই এটা ভাল কবিতাও লিখিছা¸, কিন্তু ইতিহাস আৰু বিষয়ৰ উপলব্ধি নকৰাকৈ কিদৰে ভৱিষ্য¸তলৈ গতি কৰিবা? কেৱল তথাকথিত বিশ্বায়নৰ চাকনৈয়াত যদি উটি যাবলৈকে শিকা, তেন্তে এদিন ক’ৰ বালিচৰত লাগি ৰ’বাগৈ জানানে?’

 উত্তৰত মই একো ক’ব নোৱাৰিলো৷ মৌন হৈ থাকিলো দুয়ো৷ মই চাই আছো তেওঁৰ চকুলৈ৷ মানুহজনে কিবা এটা হেৰুৱাই অহাৰ দুখত যেন আৰ্তনাদ কৰিছে৷ ট্ৰেইনখন প্ৰচণ্ড শব্দৰে পুনৰ দলঙত উঠিল৷ 

 ‘ভাৰ্গব, তোমাক আৰু এটা কথা সোধো, তোমালোকৰ ফেচবুকৰ কবি-অকবিৰ কাজিয়াখন কি হ’লগৈ বাৰু? ’  এইবাৰ হীৰু দাই কবি-অকবি বিতৰ্কৰ প্ৰসংগ উলিয়ালে৷ 

 মই তেওঁক ক’লো যে এই বিষয়টোৱে বাতৰি কাকতটো ঠাই দখল কৰিলেগৈ আৰু ক’লো, ফেচবুকৰ জৰিয়তে এই  ভাইৰাছৰ জন্ম হৈছিল, এতিয়াও ক’ৰবাত এই ভাইৰাছে খোপনি পুতি আছে৷ 

 ‘মই থকা হ’লে এনে বিতৰ্ক হ’বলৈ নাপালেহেঁতেন বুজিছা৷ এসোপামান গাবলৈ মন আছিল৷ সাহিত্যৰ পৰিৱৰ্তন  বুজি নোপোৱা আৰু সাহিত্যক পকেটৰ ৰুমাল  বুলি ভবা এচামে মাজে-সময়ে এনে বিতৰ্ক কৰিয়েই থাকে৷’

 এইবাৰ মই আৰু আচৰিত হোৱাৰ পাল৷ হিৰুদাই কি কৈছে এয়া! তেওঁ থকা হ’লে বুলি ক’লে যে! এয়াচোন মোৰ সন্মুখত হীৰু দা বহিয়েই আছে; আকৌ তেওঁ কৈছে ‘মই থকাহেঁতেন’ বুলি, তেওঁ দেখোন আছেই৷ কি যে কয় মানুহজনে, মই কৈয়ে দিলো– ‘হীৰু দা, আপুনি দেখোন আছেই৷ মই ভাবো এই বিতৰ্কৰ সময়ত আপুনি  নিজাকৈ এটা স্পষ্টীকৰণ দিয়া দৰকাৰ আছিল৷’ 

  হীৰু দাই উত্তৰ দিয়াৰ সলনি কেৱল হাঁহিলে আৰু মোৰ চুলিকেইডালত হাত বুলাই দিলে৷ বিশ্বাসেই কৰিব পৰা নাছিলোঁ হীৰু দাৰ হাতৰ পৰশ মোৰ দেহত¸,  আৰু লগে লগে যিটো কথা ক’লে! 

 তেওঁ এই বুলি কৈছিল– ‘সেয়া চোৱা, তোমালোক নতুন প্ৰজন্ম কিমান উদাসীন৷ মোৰ মৃত্যুৰ বাতৰিটোও আনকি  নাজানা৷ এই কবিৰ কেতিয়াবাই মৃত্যু হৈছে বোপাই৷

 হীৰু দাৰ হাতৰ পৰশ যেন এতিয়াও মই কপালত অনুভৱ কৰি আছোঁ৷ ইমান সময় হীৰু দাই মোৰ কপালৰ পৰা হাতখন লৈ যোৱা নাই কিয়? অপ্ৰস্তুত হ’লো মই ! নে সাৰ পালো মই৷ কপালত মাৰ হাত৷ 

 বাহিৰৰ পৰা ৰেডিঅ’ত – ‘অ’ পখি ৰৈয়া যা ৰে’ বাজিয়েই আছে৷ শিতানত মা বহি আছে৷ মায়ে মূৰৰ হাত বুলাই আছে আৰু কৈছে–  ‘উঠ আকৌ সোণ৷ আঠটা বাজিল৷ আজি তই কবি সন্মিলন এখনলৈ যাম বুলি কৈছিলি নহয়?’

 এতিয়া মই বিচনাৰ পৰা উঠি অহাৰ পাল৷ কিন্তু তাৰ আগতে এটা সিদ্ধান্ত ল’ব লাগিব৷ 

 মই আজি যাম নে নাযাওঁ?

 আগলৈ লিখিম? নে নিলিখোঁ?

Post a Comment

0 Comments