* জীৱন ভাল পোৱা মানুহে নদী বেয়া পোৱাৰ প্ৰশ্নই নাহে৷ আমি নৈপৰীয়া মানুহ৷ জন্মৰ পৰাই নৈৰ সৈতে বন্ধুত্ব কৰিছোঁ৷ শিঙৰা নদীখন আমাৰ গাঁৱৰ (ফুলবাৰী, চৰৱনী গাঁও)কাষেৰেই বৈ গৈছে৷ শৈশৱৰে পৰা শিঙৰাৰ সাহচৰ্য যেনেকৈ লাভ কৰিছোঁ, সেইদৰে শিঙৰাই বিভৎস কৰা মৰুভূমি সদৃশ পথাৰবোৰো বছৰে বছৰে দেখি আহিছোঁ৷ দেখিছোঁ নিমিষতে বিঘা বিঘা মাটি খহাই কেনেদৰে শিঙৰাই প্ৰতিবছৰে নিজৰ গাভৰু বুকু আটিল কৰি ৰাখিছে৷ এই নদীতে কেতিয়াবা যদি বানপানীৰ সময়ত এবুকু পানীত পৰি বছৰটোৰ বাবে খৰি সংগ্ৰহ কৰিছোঁ, কেতিয়াবা খৰালি দিনত নৈৰ উৎস বিচাৰি বিচাৰি অৰুণাচলৰ পাহাৰৰ মাজে মাজে বন্ধুৰ সৈতে বাট বুলিছোঁ৷ শিঙৰাৰ বুকুত থকা ‘মেথোন চাপৰি’টো প্ৰিয়তকৈয়ো প্ৰিয় মোৰ । শিঙৰা নদীখনৰ পাৰতে ৰৈ ৰৈ সাগৰৰ বিশালতা অনুভৱ কৰাৰ বহুবাৰ জুতি লৈছোঁ৷ বহুবাৰ জুতি লৈছোঁ নৈৰ পাৰত গাঁৱৰ ৰাইজে আলু খেতি কৰোঁতে কেট্লি বা ডেক্সি নি আলু সিজাই খোৱাৰ৷ গৰু বিহুৰ দিনা গৰুক গা ধুৱাবলৈ গাঁৱৰ ৰাইজৰ সৈতে নৈখনলৈ নগ’লে মনটোৱেই কিবা ভাল নালাগেচোন৷ জানুৱাৰীৰ প্ৰথম দিনটোত প্ৰতিবছৰেই পাহাৰলৈ বুলি ঢাপলি মেলাটো মোৰ লগতে মোৰ গাঁৱৰ বন্ধুবোৰৰ অভ্যাস হৈ পৰিছে৷ আমাৰ মনে পিক্নিক বুলিলে নদী আৰু পাহাৰেই বিচাৰে৷ শিঙৰাৰ বুকুত থকা মেথোন চাপৰিটোৰ প্ৰতিও মোৰ মোহ এটা সৰুৰে পৰা আছে৷ শেহতীয়াকৈ তাত বন বিভাগে ৰোৱা শাৰী শাৰী চেগুণ গছবোৰ, গছবোৰত লাগি থকা চিনাকী-অচিনাকী অৰ্কিডবোৰ, চৰাই-চিৰিকটিবোৰৰ মধুৰ কলৰৱৰ মাজত ডুব গৈ বৰ ভাল পাওঁ৷ সেয়েহে এই চাপৰিটোলৈ বহুবাৰ অকলেই গৈছোঁ৷ বনৰীয়া চৰাই-চিৰিকটি, শিঙৰাৰ নিৰ্মল পানী, দুফালে ওখ ওখ পাহাৰৰ মাজত নিজকে বিলীন কৰি কিমান যে আনন্দ লাগে৷ মেথোন চাপৰিৰ আশে-পাশে দুই এবাৰ বনৰীয়া হাতীৰ জাক ওচৰৰ পৰাই দেখাৰ সৌভাগ্য হৈছে৷ হাতীৰ গোবৰ দেখিলেই পাছ হুহকি অহাৰ সলনি আগবাঢ়িহে যাঁও ক’ৰবাত হাতীৰ জাক দেখা পাঁও নেকি বুলি৷ বুকুত ভয় এটা লাগিয়েই থাকে৷ অৰণ্যই দিয়া অকলশৰীয়া অনুভৱো ভাল লাগে, অৱশ্যে অৰণ্যত কেতিয়াবা নিসংগ যেন লাগে নিজক৷ কিন্তু চকুত এই মনোৰম দৃশ্যবোৰ প্ৰত্যক্ষ কৰাৰ অদম্য বাসনা ৰাখি বুকু ডাঠ কৰি খোজ দিও লুংলুঙীয়া বাটেৰে৷ সেইদৰে চিনাকী-অচিনাকী বহুকেইবিধ সাপ লগ পাইছোঁ মেথোন চাপৰিৰ আশে-পাশে৷ বালিত নিৰ্বিঘ্নে পৰি থাকে সাপবোৰ৷ ককাহঁতৰ দিনত এইবোৰ ঠাইত হেনো বাঘ, হৰিণ, বনৰীয়া গাঁহৰি পৰ্যন্ত উলাইছিল৷ এতিয়া অৱশ্যে এইবোৰ ঠাইৰ আশে-পাশে মানুহৰ জনবসতি বাঢ়িল, অৰণ্যবোৰো ধ্বংশ হ’বলৈ ধৰিলে৷ হাতীকেইটাই নিজৰ দম আৰু উদ্ভণ্ডালি দেখুৱাই দেখুৱাইহে কোনোমতে বাছি আছেগৈ৷
লখিমপুৰ জিলাৰ মাজেৰে বৈ যোৱা প্ৰতিখন নদীয়েই অৰুণাচল পাহাৰৰ পৰা বৈ অহা৷ শিঙৰা, ৰঙা নদী, ডিক্ৰং নদীৰ উৎসও এই অৰুণাচল পাহাৰেই৷ সেয়েহে লখিমপুৰ জিলাৰ প্ৰতিখন নৈৰ উৎস বৰ মনোমোহা আৰু প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ৷ পৰ্বতৰ পৰা বৈ অহা বিভিন্ন সৰু বৰ সুঁতিৰ মিলিত প্ৰচেষ্টাত সমতললৈ এই সৰু বৰ নদীবোৰ বৈ আহিছে৷ শিঙৰা নদীখনৰ কথাকেই ক’ব খুজিছোঁ প্ৰথমতে৷ শিঙৰা নদীৰ উৎসৰফালে মই বহুবাৰ গৈছোঁ৷ শিঙৰা নদীৰ উৎসৰফালে থকা ‘মেথোন চাপৰি’, ‘ঝুলনা ব্ৰিজ’ আদি পিকনিক আৰু পৰ্যটনৰ বাবে ভাল ঠাই৷ মেথোন চাপৰিৰ গাতে লাগি আছে অৰুণাচলৰ পাহাৰ ( এই পাহাৰৰ স্থানীয় নাম বেল’)৷ জানুৱাৰী মাহত এই ঠাইত যথেষ্ট সংখ্যক মানুহে ভোজভাত খাবলৈ আহে৷ ঝুলনা ব্ৰিজৰ সীমা অৰুণাচল প্ৰদেশত পৰে যদিও অসমৰ লখিমপুৰ জিলাৰ ভিতৰিপামৰ সৈতে ইয়াৰ দাঁতিকাষৰীয়া মানুহৰ আত্মিক সম্বন্ধ আছে৷ অৰুণাচল প্ৰদেশৰ দাঁতিকাষৰীয়া এই মানুহখিনি অসমলৈ ভিতৰিপামেৰে অহা-যোৱাৰ সুবিধাও আছে৷ লুংলুঙীয়া বাট যদিও টেক্টৰ, সৰু গাড়ী, বাইক আদিও অনা নিয়া কৰিব পাৰি৷ ভিতৰিপামৰ পথাৰলৈকে এই পথেৰেই হাতীৰ জাক নামি আহে৷ জানুৱাৰী, ফেব্ৰুৱাৰি মাহত আমি এই ঝুলনাব্ৰিজৰ কাষলৈকে বাইক, গাড়ী আদি লৈ যাব পাৰোঁ৷ অৰুণাচলৰ সীমাত দুয়োফালে দুটা পাহাৰক থিয় কৰি তাৰ মাজেৰেই বৈ আহিছে সৰু কালী আৰু বৰ কালী নামৰ দুখন সৰু সৰু নদী৷ এই দুখন নদী ঝুলনাব্ৰিজৰ সমীপতে লগ হৈ শিঙৰা নদী নামেৰে সমতললৈ বৈ আহিছে৷ মানুহৰ মুখে মুখে এই বুলি শুনা যায় যে যি অঞ্চলৰ পৰা শিঙৰা নদীখন উৎপত্তি হৈছে, সেই ঠাইত অৰ্থাৎ অৰুণাচলৰ পাদদেশত শৃঙ্গী নামে এজন ঋষি আছিল৷ জনশ্ৰুতিমতে সেই ঋষিৰ মৃত্যুৰ পিছত সেই অঞ্চলত বসবাস কৰা লোকসকলে তেওঁৰ সন্মানাৰ্থে কাষেদি বৈ অহা নদীখনক ‘শিঙী নদী’ নামেৰে নামকৰণ কৰে আৰু মানুহৰ মুখ বাগৰি সেই নদীৰ নাম শিঙৰা নদী হয়৷ মই ঝুলনাব্ৰিজৰ পৰা একেবাৰে গড়ছিগাৰ পৰা প্ৰায় ৮ কিঃমিঃ মান দক্ষিণে থকা ধৰমপুৰ অঞ্চলত পাভ নদীৰ সৈতে শিঙৰা নদীৰ মোহনালৈকে পৰিভ্ৰমণ কৰিছোঁ৷ মেথোন চাপৰি পাৰ হৈয়ে নদীখনৰ বাওঁপাৰে প্ৰথমখন ‘ৰামপুৰ দেউৰী’ গাঁও আৰু সোপাৰে ভিতৰিপাম৷ ভিতৰিপামৰ বাসুদেৱ মন্দিৰৰ কাষেৰে গৈ ‘ফৰেষ্ট অফিচ’ৰ কাষেৰে দক্ষিণ দিশেৰে শিঙৰা নদীলৈ যাব পাৰি৷ ভিতৰিপামৰ কাষতে লাগি আছে জিলেলে বজাৰ৷ এই বজাৰৰ গাহৰি মঙহ আৰু আপঙৰ সোৱাদেই সুকীয়া৷ এই বজাৰখনৰ কাষেৰেই নদীখন বৈ আহি সগৰপুৰ আৰু চিলনীবাৰীৰ মাজেৰে উত্তৰ-দক্ষিণ দিশেৰে পাৰ হৈছে৷ তাৰ পিছত নদীখনৰ সোফালে ২ নম্বৰ ফুলবাৰী [চৰৱনী গাঁও] আৰু বাওঁফালে চোমনি বা ৰ নং ফুলবাৰী৷ ইয়াৰ পিছত নদীখন দ’লহাট বজাৰ (২৭.১৭৯৬, ৯৩.৯৭০৭)ৰ কাষেৰে শাস্ত্ৰী স্মৃতি মধ্য আৰু উচ্ছ ইংৰাজী বিদ্যালয়ৰ পাছফালে পূবলৈ বৈ গৈ ৰেল আলি পাৰ হৈছে৷ ইয়াৰ পৰা নদীখনে ৩ কিলোমিটাৰ পূবলৈ গৈ দ’লহাট তিনিআলিৰ ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হয়৷ ঘাইপথৰ পৰা নৈখন কিছু উত্তৰ দিশলৈ গতি কৰে৷ শালমৰা, চমুৱা, কলাখোৱা, ৰৌদাং, বৰপথাৰ, গড়চিগা, বৰচেলা আদি গাঁও পাৰ হৈ নদীখনে অৱশেষত ধৰমপুৰ অঞ্চলত পাভ নৈৰ বাঁওপাৰে পৰেহি৷ পাভ নৈৰ সৈতে শিঙৰাৰ সংযোগ স্থলৰ জি.পি.এচ. হৈছে– ২৭.০৬৭২৮০, ৯৪.০৩৩৯৫৯৷
এই নদীখনৰ মাছ খাবলৈ বৰ সোৱাদ৷ অন্যান্য মাছৰ লগতে বৰালি মাছ নদীখনত খুব পোৱা যায়৷ শিঙৰা নদীৰ পাৰৰ বালিবোৰো এনেই পৰি নাথাকে৷ দুয়োপাৰৰ ৰাইজে ইয়াত সময়ে সময়ে বিভিন্নধৰণৰ খেতি কৰে৷ কৰে মানে পানী নাথাকিলে নদীৰ গড়ালৈকে শিঙৰাৰ পাৰত খেতি কৰিব পাৰি৷ নদীখনৰ বালিবোৰো ইমানেই সাৰুৱা যে আলু, ৰঙালাও, বিলাহী, মটৰ, জলকীয়া আদি খেতি কৰি ইয়াৰ দাঁতিকাষৰীয়া ৰাইজ ভালকৈয়ে স্বাৱলম্বী হ’ব পাৰিছে৷ মই লক্ষ্য কৰিছিলো ভিতৰিপাম অঞ্চলৰ পৰা দ’লহাট তিনিআলিলৈকে প্ৰায় ১০ কি.মি মান ঠাইত মানুহে কৃষি বেছিকৈ কৰে৷ নদীৰ পাৰে পাৰে বঙালী মানুহখিনিৰ বাসস্থানো আছে৷ সেইদৰে গড়চিগা, ধৰমপুৰ অঞ্চলত মুছলমান মানুহে নদীৰ পাৰলৈকে বাসস্থান সাজি লৈছে৷ তেওঁলোকে নদীৰ পানীকে খায়৷ গা ধুবলৈ, কাপোৰ ধুবলৈয়ো নদীৰ পানী ব্যৱহাৰ কৰে৷ আকৌ হাঁহ, কুকুৰা, গাহৰী আদি পুহিবলৈয়ো এই নদীখনৰ যে কিমান প্ৰয়োজন! বানপানীৰ প্ৰকোপ সহ্য কৰিও এই মানুহখিনি নদীৰ পাৰতে বছৰৰ পাছত বছৰ ধৰি বসতি স্থাপন কৰি আহিছে৷ বানপানীয়ে মানুহখিনিৰ বিস্তৰ ক্ষতি কৰে যদিও বানপানী শেষ হোৱাৰ লগে লগে দাঁতিকাষৰীয়া মানুহখিনিয়ে সকলো দুখ-কষ্ট পাহৰি পুনৰ এই নদীখনৰ পাৰতে আশ্ৰয় লয়হি৷
লখিমপুৰৰ আন এখন লেখত ল’বলগীয়া নৈ হ’ল ৰঙা নৈ৷ লখিমপুৰৰ প্ৰায় সোঁমাজেৰেই এই নদীখন বৈ গৈছে৷ বৈদিক যুগৰ সাহিত্য আৰু সমসাময়িক সাহিত্যতো এই নদীখনৰ প্ৰসংগৰ উল্লেখ পোৱা যায়৷ ‘অসমৰ নদ-নদী’ গ্ৰন্থত ৰঙা নদীৰ উৎস সম্পৰ্কে এনেদৰে আছে– ৰঙা নৈৰ উৎস স্থল অৰুণাচলৰ ল’ৱাৰ সোৱণশিৰি জিলাৰ পশ্চিম সীমাৰ ওচৰৰ খোৰেনপুটু নামৰ এটা ওখ পৰ্বত ৷ নৈখন নিৰ্পুং আৰু নিৰ্কে নামৰ দুখন নৈ মিলি হৈছে আৰু বাটত পেৰিচ নামৰ উপনৈ কল পাঁয়ৰ [Panyor] নৈ নাম লৈ দক্ষিণ-পূবমুৱা হৈ বৈ আহিছে৷ প্ৰাকৃতিক সৌন্দৰ্যেৰে এই নদীখন পৰিপূৰ্ণ ৷ শেহতীয়াকৈ নামনি সোৱণশিৰি জলবিদু্যৎ প্ৰকল্প নিৰ্মাণৰ পৰৱৰ্তি সময়ত নদীখনৰ নাম ব্যাপক পৰিমাণে চৰ্চালৈ আহিছে৷ বানপানী আৰু গৰাখহনীয়া সমস্যাই নদীখনৰ দুয়োপাৰৰ মানুহখিনিক আৰু বিশেষকৈ নামনিফালে পানীগাঁও, আমতলা আদি অঞ্চলত যথেষ্ট ক্ষতি সাধন কৰিছে৷ অৰুণাচল প্ৰদেশৰ বহু ভিতৰৰ পৰা বৈ অহা কেইবাটিও গুৰুত্বপূৰ্ণ সুঁতি লগ হৈ ৰঙা নদীৰ সৃষ্টি হৈছে আৰু এই নদীখনে বহু সংখ্যক জান-জুৰি, উপনদীৰ সৈতে লগ লাগি সোৱণশিৰিত পৰিছেগৈ৷
‘অসমৰ প্ৰাকৃতিক সম্পদ’ গ্ৰন্থত উল্লেখ থকা মতে ৰঙানদীয়ে বাৰ্ষিক গড়ে ৫৬৩৮ ঘনমিটাৰ পানী নিৰ্গমন কৰে৷ অৱশ্যে বৰ্ষাকালৰ সময়ছোৱাত নদীবোৰৰ পানী নিৰ্গমনৰ মাত্ৰা বেছি হয়৷ ঋকবেদতো ৰঙানদীৰ বিষয়ে উল্লেখ আছে৷ ঋকবেদত উল্লিখিত ৰসনদী আৰু পাছৰ যুগৰ কালিকা পুৰাণৰ সোমসেনা নৈকে বৰ্তমানৰ ৰঙা নৈ বুলি ভবা হয়৷
ৰঙানদীৰ গতিপথ বুলি ক’লে নদীখনে অৰুণাচলৰ ল’ৱাৰ সোৱণশিৰি পাৰ হৈ কিমিন, জুমি আৰু জিৰো পথৰ কাষেদি য়াজলি নামৰ ঠাই পাৰ হৈছে৷ কিমিন অঞ্চলটো প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ৷ মই কিমিনলৈকে এই নদীখন চাবলৈ গৈছোঁ৷ পহুমৰাৰ পৰা কিমিনলৈ বাইকেৰে যাব পৰাৰ উপযুক্ত সুবিধা আছে৷ ৰাস্তা-ঘাট ভাল৷ কিমিনৰ পৰা নদীখন দিজুৰ্ বাগানৰ কাষেৰে সমতললৈ বৈ আহিছে৷ অৰুণাচল প্ৰদেশত নদীখনৰ মুঠ দৈৰ্ঘ্য হৈছে ৭৫ কি.মি.৷ দিজু বা কুদু নামেৰে এখন নৈ আহিও জহিং গাঁৱৰ পৰা পশ্চিমফালে ৰঙানদীত পৰিছেহি৷ জয়হিং (জহিং)ক লৈ ৰঙা নৈখন দক্ষিণমুৱা হৈছে৷ এইদৰে গোৱৰীহালি আদি ঠাইৰ কাষেদি ৬ কি.মি. বাট আহি পহুমৰা উজনি মিচিং গাঁৱত নিজৰ আনটো শাখা সুঁতিৰ সৈতে ৰঙানদী লাগেহি; ইয়াৰ পিছত দুয়োটা সুঁতি লগ হৈ কলাবিল নামৰ ঠাই পাৰ হৈ উজনি খামতি গাঁৱত ৰূপা জানক লগত লয়৷ ৰূপাজান নৈখন ৰঙাজান সংৰক্ষিত বনৰ মাজত ওলাইছে৷ তাৰ পিছত পোৱা গাঁওখনৰ নাম উজনি মিৰি৷ এই ঠাইত নদীখনৰ দুয়োপাৰ যথেষ্ট বহল৷ মাজত চৰ-চাপৰি পোৱা যায়৷ এইবাৰ মই যাঁওতে মথাউৰি নিৰ্মাণ কৰি আছে ৰঙানদীৰ দুয়োপাৰে৷ যথেষ্ট উখ আৰু আহল-বহলকৈ এই মথাউৰি নিৰ্মাণ কৰিছে৷ জিঅ’ কাৰ্পেটে নিৰ্মাণ কৰা ৰঙানদীৰ দুয়োপাৰে দিয়া এই বৃহৎ মঠাউৰি দুটাই ৰঙানদীপৰীয়া জনজীৱনৰ বাবে যোগাযোগৰ বাবেও প্ৰধান ভূমিকা গ্ৰহণ কৰিছে৷
উজনি মিৰি গাঁৱৰ পৰা ৰঙা নৈখন প্ৰায় ৰ কি.মি. পূবলৈ আহি পহুমৰা নামৰ ঠাই পায়হি৷ এই ঠাইখনৰ মাজেৰেই ট্ৰেইন আলি আৰু ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে৷ ৰঙা নদীৰ ট্ৰেইন দলঙৰ কাষতেই দক্ষিণফালে আছে ‘শতজান পক্ষী উদ্যান’৷ শীতৰ দিনকেইটাত এই অঞ্চললৈ জাক জাক পৰিভ্ৰমী চৰাই আহে৷ চৰাইবোৰৰ ভিতৰত শৰালী, ঘিলাহাঁহ, পক্কেল নামৰ বিদেশী চৰাই, ভাতঘিলা ইত্যাদিৰ নাম ল’ব পাৰি৷ এই পক্ষী উদ্যানত বন্যপ্ৰাণী আইন- ১৯৭২ আধাৰত মাছ, কাছ, আৰু চৰাই মৰাত বাধা আৰোপ কৰা হৈছে৷ কেইবাটাও প্ৰকৃতিপ্ৰেমী সংগঠনে এই উদ্যানৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে কাম কৰাৰ লগতে সংৰক্ষণৰ বাবেও কাম কৰি আহিছে৷ কিন্তু শতজানক লৈ চৰকাৰ বা জিলা প্ৰশাসন যেনেদৰে সজাগ হ’ব লাগিছিল, সেয়া হোৱা আজি পৰ্যন্ত দেখা পোৱা নাই৷ মই শতজানলৈ চাৰিবাৰমান গৈছোঁ৷ শতজানলৈ গ’লে জাক জাক চৰাইৰ মাতত মন-প্ৰাণ প্ৰশান্তিৰে ভৰি পৰে ৷ শতজানৰ কাষেৰে ৰঙা নৈ পূবমুৱাকৈ আহি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ পূব-দক্ষিণমূৱাকৈ বৈ গৈছে৷ ৰাষ্ট্ৰীয় ঘাইপথত ৰঙানদীৰ ওপৰত দুখন দলং আছে৷ লখিমপুৰ জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথত নদীৰ ওপৰত দুখন দলং থকা একমাত্ৰ নদীখন হ’ল ৰঙা নৈ৷ এই দলঙৰ পৰা উত্তৰফালে লখিমপুৰৰ মূল টাউনলৈ মাত্ৰ প্ত কি.মি.৷ শতজানৰ কাষতে আছে পহুমৰাৰ কেইবাখনো শিক্ষা প্ৰতিষ্ঠান৷ পহুমৰা উচ্ছতৰ মাধ্যমিক বিদ্যালয় আৰু শতজান পক্ষী উদ্যান প্ৰায় একেলগেই লাগি আছে৷ এই এলেকাটোতে পহুমৰা তিনিআলিটো আছে৷ তিনিআলিটোত লাচিতৰ এটা প্ৰতিমূৰ্তি আছে৷ পহুমৰা তিনিআলিটোৰ পৰা পশ্চিমলৈ যোৱা পথটোৰেই ডিজু, কিমিনলৈ যাব পাৰি৷
ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ নদীখনে ক্ৰমে দক্ষিণফালে ঢাল লৈছে আৰু নভগনীয়া, দেউবিল, দেউবিল চামগুৰি, বালিগাঁও, খাৰকাটি, বৰগঞা মিৰি, বালিজান, ডাম্বুকিয়াল, আজাৰগুৰি, পানীগাঁও, আমতলা, পকনীয়া, গোপালপুৰ, জংকা, খাবলু আদি অঞ্চল পাৰ হৈ অৱশেষত সোৱণশিৰিত পৰিছেগৈ৷ আমতলা পাৰ হোৱাৰ পিছত নদীখনৰ পৰিসৰ ঠেক হোৱা দেখা যায়৷ এই আমতলা, পানীগাঁও, জইনপুৰ, জংকা আদি অঞ্চলতেই প্ৰতিবছৰে ৰঙা নৈয়ে বানপানীৰ সময়ত বিভিন্ন অঞ্চল ক্ষতিগ্ৰস্থ কৰি আহিছে৷ ২০১৮ চনত হোৱা বানপানীৰ সময়তো মই এই ঠাইলৈ গৈছোঁ৷ ইয়াৰ দাঁতিকাষৰীয়া মানুহখিনিয়ে ইপাৰ-সিপাৰ হ’বলৈ নাৱেৰে অহা-যোৱা কৰে৷ ২০১৮ চনত হোৱা প্ৰলয়ংকাৰী বাণত ৰঙানদীৰ মঠাউৰি ভঙাৰ ফলত প্ৰায় ২০ খন মান গাঁৱৰ ৰাইজে জিয়াতু ভূগিব লগা হৈছিল৷ উখ ভূমি বিচাৰি আৰু মঠাউৰিত এডোখৰ টিউপাল তৰি মানুহ থকা নিজেই দেখি আহিছোঁ৷ এই আমতলা অঞ্চলৰ পৰা নদীখন দক্ষিণফালে গতি কৰিছে৷ অন্যহাতে ৰঙানদী-সোৱণশিৰিৰ সংযোগস্থলৰ পৰা পাভ আৰু সোৱণশিৰিৰ সংযোগ স্থললৈ মাত্ৰ ২ কি.মি. মান হ’ব৷ এই সংযোগস্থলৰ পৰা পাভ অভয়াৰণ্যলৈ বৰ বেছি দূৰ নহয়৷ অৰ্থাৎ শিঙৰা আৰু পাভৰ সংযোগস্থলৰ পৰা ৰঙানদী আৰু সোৱণশিৰিৰ সংযোগস্থললৈ খুব বেছি চাৰি কিলোমিটাৰমান হ’ব৷ পাভৰ মাজেৰে এই সংযোগস্থললৈ মই বাইকেৰে গৈছোঁ৷ পাভখনৰ বৰ্তমান অৱস্থা দেখিলে বৰ দুখ লাগে৷ ইমান এটা সম্ভাৱনাময় পৰ্যটনৰ ক্ষেত্ৰ থকাৰ পাছতো জিলা প্ৰশাসন আৰু অসম চৰকাৰে পাভ অভয়াৰণ্যক সজীৱ কৰি তুলিব নোৱাৰাটো বৰ দুৰ্ভাগ্যজনক৷ সেইদৰেই ক’ব পাৰি– লখিমপুৰ জিলাৰ সোৱণশিৰি নদীখন যেনেকৈ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই নিঃশেষ কৰিলে সেইদৰে তাৰ বহু আগৰে পৰাই নিপ্কো প্ৰকল্পই ৰঙানদীখনো মৃতপ্ৰায় কৰি তুলিলে৷
নদী পৰ্যটন
পৰ্যটন (Tourism)ৰ ক্ষেত্ৰ প্ৰসাৰৰ দ্বাৰা অসমক নিশ্চিতৰূপত এখন বিনিয়োগৰ অনুকূল ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব পাৰি৷ লগতে বছৰৰ সকলো ঋতুতে অসমক পৰ্যটনথলী হিচাপে গঢ় দিব পৰাৰ সুবিধা আৰু সুযোগ আছে৷ পৰ্যটনৰ ক্ষেত্ৰ প্ৰসাৰে আৰু পৰ্যটনৰ আধুনিকীকৰণে বিশ্বৰ অন্যান্য প্ৰান্তৰ নতুন নতুন পৰ্যটকক অসমলৈ আগমন ঘটোৱাত অধিক সহায় কৰিব৷ অসমৰ পৰ্যটনৰ বাবে থকা গুৰুত্বপূৰ্ণ সমলবোৰৰ ওপৰিও আন বহুতো বিষয়ত নতুন-নতুন ধৰণে পৰ্যটনৰ বিকাশৰ বাবে কাম কৰিব পাৰি, তেনে এটা প্ৰধান ক্ষেত্ৰ হিচাপে বিবেচিত হ’ব পাৰে – নদী পৰ্যটন৷ অসমৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদী অসমৰ নদীকেন্দ্ৰীক পৰ্যটনৰ বাবে প্ৰধান আৰু প্ৰথম সম্পদ৷ প্ৰাকৃতিক সৌন্দৰ্য আৰু ঐত্যিহ্যৰে ভৰপুৰ এই নদীখনেই অসমৰ বাবে ক্ষুদ্ৰ সাগৰ স্বৰূপ৷ অসমৰ সামাজিক-সাংস্কৃতিক আৰু ধৰ্মীয় দিশৰ উত্তৰণ তথা বিকাশত এই নদীখনৰ ভূমিকাও সৰ্বাধিক৷ অসমৰ ঐতিহ্য আৰু স্বাভিমান এই নদীখনৰ সৈতে জড়িত হৈ আছে৷ ভূপেন হাজৰিকাই কোৱাৰ দৰে–‘মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ৷’ সমন্বয় এই নদীৰ অন্যতম বিশেষত্ব৷ এই নদীক কেন্দ্ৰ কৰি অসমৰ পৰ্যটনৰ বিকাশ হ’ব পাৰে৷
ব্ৰহ্মপুত্ৰ নদীক কেন্দ্ৰ কৰি পৰ্বতাৰোহন (Mountaineering), জলাৰোহন (Water climbing), স্কাই ড্ৰাইভিং আদিৰ দৰে দুঃসাহসিক পৰ্যটনৰ ক্ষেত্ৰতো অসম চৰকাৰে কাম কৰিব পাৰে৷ জলাৰোহন আৰু জলপৰিবহন (Water transport)ত ব্ৰহ্মপুত্ৰ নদীৰ লগতে ব্ৰহ্মপুত্ৰৰ আন আন প্ৰধান উপনৈসমূহকো অসমৰ পৰ্যটন খণ্ডই প্ৰধান অৱলম্বন হিচাপে ল’ব পাৰে৷ সেইদৰে ব্ৰহ্মপুত্ৰৰ পাৰত বিভিন্ন অত্যাধুনিক ৰিজ’ৰ্ট, স্বপিং মল, লাফিং ক্লাৱ আদি স্থাপন কৰি সেই স্থানবোৰ প্ৰাকৃতিক সমলেৰে সমৃদ্ধ কৰিলেও পৰ্যটন খণ্ডৰ যথেষ্ট লাভ হ’ব আৰু এনেধৰণৰ কাম-কাজত ৰাজ্যখনৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানে বিনিয়োগ কৰাৰ সুবিধা লাভ কৰিব৷ ব্ৰহ্মপুত্ৰৰ উপৰত এনেবোৰ কামৰ আৰম্ভ ইতিমধ্যেই হৈছে; ইয়াৰ ধাৰাবাহিকতা ৰক্ষা হোৱাতো মনে-প্ৰাণে কামনা কৰোঁ৷ এনে ধৰণৰ পৰ্যটনে খিলঞ্জীয়া ভূমিপুত্ৰ সকলকো স্বাৱলম্বন হ’বলৈ প্লেটৰ্ফম দিব৷
পৰ্যটনৰ ক্ষেত্ৰত সম্প্ৰতি বহুচৰ্চিত আৰু গুৰুত্ব পোৱা এটা বিষয় হৈছে–Eco tourisim (Nature tourisim)বা পৰিৱেশ পৰ্যটন প্ৰকল্প৷ অসম প্ৰাকৃতিক উপাদানেৰে ভৰপূৰ ৰাজ্য৷ এই পৰিৱেশ পৰ্যটনত অসমৰ প্ৰতিখন নদ-নদীয়ে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পৰাৰ সম্ভাৱনা আছে৷ ব্ৰহ্মপুত্ৰৰ নদীৰ মাজত প্ৰাকৃতিকভাৱেই এই Eco tourisim ৰ দিশটোক আগুৱাই নিব পাৰি৷ সেইদৰে লখিমপুৰ জিলাৰ সোৱণশিৰি, ৰঙানদী, শিঙৰা, ডিক্ৰং, দুৰ্পাং আদি নদীৰ উৎস স্থলত Eco tourisim ৰ বাবে কাম কৰিব পাৰি৷ ব্ৰহ্মপুত্ৰৰ মাজত জাহাজ, নাঁও আদিৰে ৰাতিৰ সময়ত সাংস্কৃতিক অনুষ্ঠান (Cultural program)ৰ আয়োজন কৰি, বালিচৰত ৰাতিৰ আহাৰ খাব পৰা আৰু থাকিব পৰা ব্যৱস্থা কৰি উজনিৰ পৰা নামনি অসমলৈকে পৰ্যটনৰ বাবে কাম কৰিব পাৰি৷ সেইদৰে ডিব্ৰু, ডিচাং, দিখৌ, ধনশিৰি, কলং, চাৰিকড়ীয়া, সোৱণশিৰি, মানাহ আদি নদীক কেন্দ্ৰ কৰিও গ্ৰাম্য পৰ্যটনৰ বিকাশৰ বাবে কাম হ’ব পাৰে৷ এই নদ-নদীবোৰেদি পাহাৰ-অৰণ্য অঞ্চললৈ পৰ্যটকক ৰাফ্টিং (Rafting)কৰাবলৈ লৈ যাব পাৰি৷ ব্ৰহ্মপুত্ৰৰ নদীৰ সমান্তৰালভাৱে লখিমপুৰ জিলাৰ সোৱণশিৰি নদীত ৰাফ্টিঙৰ উপযুক্ত ঠাই আছে৷ সেইদৰে ডিচেম্বৰ-জানুৱাৰী মাহৰ সময়ছোৱাত বিভিন্ন পৰীভ্ৰমী পক্ষী অসমলৈ আহে৷ এই সময়ছোৱাত অসমৰ নদ-নদী, জলাশয় আৰু হাবি-বননিবোৰত বিভিন্ন প্ৰজাতিৰ পৰীভ্ৰমী চৰাই দেখা পোৱা যায়৷ নৌকা পৰিবহনৰ দ্বাৰা এই সুন্দৰ প্ৰাকৃতিক পৰিৱেশবোৰ পৰ্যটকক দৰ্শন কৰাব পাৰি৷ এই ক্ষেত্ৰত চৰকাৰ আৰু বিভিন্ন বিনিয়োগকাৰী প্ৰতিষ্ঠানে কাম কৰিব পাৰে৷ ৰঙা নদীৰ পাৰত অৱস্থিত শতজান তেনে এখন পক্ষী উদ্যান৷
সেইদৰে নদ-নদীক কেন্দ্ৰ কৰিয়েই অসমৰ সমাজ-সভ্যতা-সংস্কৃতি গঢ়ি উঠিছে৷ গাঁও অঞ্চলবোৰ হৈছে লোক-সংস্কৃতি (Folklore)ৰ মুখ্যভড়াল৷ এই ধৰণৰ সজীৱ আৰু সম্ভাৱনা থকা সমাজ-সভ্যতা-সংস্কৃতি আদিৰ গৱেষণাৰ বাবে বিদ্যায়তনিকভাৱে যাতে অসমলৈ দেশী-বিদেশী পৰ্যটক, গৱেষক আহিব পাৰে বা স্থানীয় গৱেষক, পৰ্যটকসকলে কাম কৰিব পাৰে, তাৰ বাবে চৰকাৰ বা পৰ্যটন উদ্যোগে কাম কৰিব পাৰে৷
ব্ৰহ্মপুত্ৰ নদী গুৱাহাটী মহানগৰৰ মাজেৰেই বৈ গৈছে৷ সেয়েহে এই নদীক লৈ পৰ্যটনৰ বাবে কৰিব পৰা আৰু অনেক কাম আছে৷ ব্ৰহ্মপুত্ৰৰ বালিচৰত গ্ৰন্থাগাৰ, বিভিন্ন ধৰণৰ অৱসৰ-বিনোদনৰ ক্লাৱ, থিয়েটাৰ হ’ল আদি প্ৰতিষ্ঠা কৰাব পাৰি৷ এটা নিৰ্জন দ্বীপত গৈ তাত মানুহে কিতাপ পঢ়াৰ মজা ল’ব পাৰে, থিয়েটাৰ বা চিনেমা চোৱাৰ আনন্দ ল’ব পাৰে৷ অন্যহাতে কিতাপৰ গ্ৰন্থাগাৰৰ ক্ষেত্ৰত ক’ব পাৰি– ডাঙৰ-ডাঙৰ চহৰবোৰতো নদীৰ পাৰত কিতাপৰ বিপণী থাকে৷ ইচ্চুকসকলে সেই কিতাপ নি পঢ়িব পাৰে৷ কিনিব পাৰে৷ অসমতো এই কামটো পৰীক্ষামূলকভাৱে কৰি চাব পাৰি৷ বা নদীৰ মাজত চিনেমা হ’ল, জনগোষ্ঠীয় সংস্কৃতিৰ গীত-মাত-নৃত্যানুষ্ঠান আদিৰ আৰম্ভ কৰিলেও পৰ্যটনৰ ক্ষেত্ৰখনত যথেষ্ট সমাদৰ লাভ কৰিব বুলি মই আশাবাদী৷ সেইদৰে পৰিৱেশৰ উন্নয়নৰ বাবে অসমৰ প্ৰতিখন নদ-নদীৰ পাৰত থকা মথাউৰিবোৰৰ দুয়োটা দিশতে মূল্যবান গছ-গছনি ৰুব পৰা যায়৷ মদাৰ, কৃষ্ণচূড়া, নাহৰ, দেৱদাৰু আদি গছে প্ৰকৃতিৰ বিনন্দীয়া ৰূপটোক আৰু অধিক ৰমনীয় কৰি তুলিব পাৰে৷ গ্ৰাম্য পৰ্যটনত এইদৰে গছ-গছনিৰ সমন্বিতে মথাউৰিবোৰকো কামত লগাব পাৰি৷
শৈলেন বৰুৱাই ‘সোৱণশিৰি অভিযান’ গ্ৰন্থত সোৱণশিৰিত বৰশি বোৱাৰ দিশটোক পৰ্যটনৰ দৃষ্টিভংগীৰে চাইছে৷ তেওঁ পৰ্যটনৰ কথা কৈছে এনেদৰে–‘সোৱণশিৰিলৈ ‘চাহাবী’ বৰশী লৈ দূৰদূৰণিৰ পৰা কিছু লোক আহে যদিও পৰ্যটনৰ দিশত এই কথাই বিশেষ সঁহাৰি লাভ কৰা নাই৷ বিদেশী পৰ্যটকক সোৱণশিৰিত বৰশী বাবলৈ আকৰ্ষিত কৰিব পাৰি৷’
লখিমপুৰ জিলাৰ নদ-নদীসমূহকো কেন্দ্ৰ কৰি পৰ্যটনৰ বাবে কাম কৰিব পৰা এক বহল সম্ভাৱনা আছে৷ সোৱণশিৰি নদীত ৰাফ্টিং (Rafting)ৰ সম্ভাৱনা আছে বুলি ইতিমধ্যেই উল্লেখ কৰি আহিছোঁ৷ এন.জি.অ আৰু ব্যক্তিগত প্ৰচেষ্টাৰে এই নদীত ইতিমধ্যেই বহুবাৰ ৰাফ্টিং কৰা হৈছে৷ ইউটিউবত ইয়াৰ ভিডিঅ’ সমূহ উপলব্ধ৷ ইয়াৰোপৰি সোৱণশিৰি নদীৰ পাৰত Eco camp সাজিব পাৰি৷ সোৱণশিৰিৰ টৰাজান অঞ্চলত ইতিমধ্যেই এই কাম আৰম্ভ হৈছে৷ সোৱণশিৰি নদীয়েদি NHPC (National Hydro Electric Power Corporation)লৈ পৰ্যটকক নাঁৱেৰে অনা-নিয়াৰ ব্যৱস্থা কৰি ৰাতি সেই কেম্পতে থকাৰ ব্যৱস্থা কৰি বৃহত্তৰ নদীদ্বীপ মাজুলীলৈকো এই নৈৰ মাজেদিয়েই লৈ যাব পাৰি৷ সেইদৰে সোৱণশিৰিৰ পাৰত ঘূণাসুঁতি পাৰ মিচিং সংস্কৃতিৰে সমৃদ্ধ ঠাই৷ জংকি-পানৈৰ গাঁও৷ এই গাওঁখনকো পৰ্যটনৰ ক্ষেত্ৰ হিচাপে গঢ়ি তুলিব পৰা যথেষ্ট সম্ভাৱনা আছে৷ স্থানীয় গাঁওবোৰতেই পৰ্যটকক ৰাতি ৰাখিব পৰাকৈ উপযুক্ত ঘৰ নিৰ্মাণ কৰিব পাৰি৷ এনে কৰিলে সেই গাঁৱৰে দুই-একে অৰ্থনৈতিকভাৱেও স্বৱলম্বন হ’ব পাৰিব৷ ব্ৰহ্মপুত্ৰৰ উপৰিও সোৱণশিৰি নদীতো শিহু পোৱা যায়৷ এই শিহু পৰ্যবেক্ষণৰ বাবেও পৰ্যটন খণ্ডই কাম কৰিব পাৰে৷
লখিমপুৰ জিলাৰ প্ৰায়বোৰ নদ-নদীয়েই অৰুণাচল প্ৰদেশৰ বিভিন্ন পাহাৰ-পৰ্বতৰ পৰা বৈ অহা৷ এইদৰে বৈ আহোতে নদ-নদীবোৰে বহু অংশত ৱাটাৰফ’ল (Waterfall)ৰ দৰে সৌন্দৰ্যৰ সৃষ্টি কৰে৷ পৰ্যটন বিভাগে সেইসমূহ দিশত আৰু কিছু সুবিধা কৰি দিলেই এই অঞ্চলবোৰলৈ পৰ্যটক অহা আৰম্ভ কৰিব৷ লগতে পাহাৰৰ মাজত নদ-নদীৰ পাৰত বনভোজৰ বাবে ভাল ভাল পৰ্যটনথলী ঋতুভিত্তিক তৈয়াৰ কৰিব পৰা যায়৷ ডিচেম্বৰ-জানুৱাৰী মাহত এইদৰে অস্থায়ী পৰ্যটনথলীৰ ধাৰণাটো চৰকাৰ বা পৰ্যটন বিভাগে কৰিব পাৰে৷ স্থানীয়ভাৱেও এইধৰণৰ কাম-কাজ গ্ৰাম্যাঞ্চলৰ ৰাইজে কৰিব পাৰে৷ শিঙৰা নদীৰ উৎপত্তি স্থলৰ সমীপত মেথোন চাপৰিৰ দুয়োপাৰে বা ৰঙানদীয়ে কিমিন আৰু জুমিৰ যি অংশত অসমত সোমাইছেহি, সেই ঠাইত কৃত্ৰিম ৱাটাৰফ’লৰ (Waterfall)ব্যৱস্থা কৰিব পৰাৰ যথেষ্ট সুবিধা আছে৷ এই ঠাই দুটুকুৰাৰ প্ৰাকৃতিক পৰিৱেশ বৰ অনুপম৷ উল্লেখ্য যে ৰঙা নদীৰ কিমিন, জুমি বা শিঙৰাৰ মেথোন চাপৰিৰ অঞ্চললৈ প্ৰতিবছৰে জানুৱাৰী মাহত যথেষ্ট সংখ্যক বনভোজৰ দল অহা দেখা যায়৷ গতিকে বনভোজ দলবোৰৰ লগতে পৰ্যটক আহিব পৰাৰ ব্যৱস্থাও এই অঞ্চলবোৰত কৰিব পৰা যায়৷ পহুমৰাৰ সমীপত ৰঙানদীৰ পাৰতে থকা দুৰ্গা মন্দিৰ আৰু গনেশ মন্দিৰো জিলাখনৰে দুটা উল্লেখযোগ্য মন্দিৰ৷ এই মন্দিৰ দুটালৈ স্থানীয় পৰ্যটকৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰৰ পৰা পৰ্যটক অহা দেখা যায়৷ সেইদৰে পানীগাঁৱৰ ওচৰত থকা ‘আইথান’ক কেন্দ্ৰ কৰিয়ো পৰ্যটনৰ বাবে কাম কৰিব পৰাৰ যথেষ্ট সুবিধা আছে৷ লখিমপুৰৰ পাভ ৰিজাৰ্ভখন শিঙৰা আৰু পাভ নদীৰ সংগমস্থলীৰ নিচেই কাষতে (ধৰমপুৰ) অৱস্থিত৷ এই পাভখন এতিয়া মৃতপ্ৰায়৷ আগতে ইয়াত বনৰীয়া ঘোৰা পৰ্যন্ত পোৱা গৈছিল৷ পাভ অভয়াৰণ্যখনৰ হাজাৰ হাজাৰ বিঘা মাটিত এসময়ত গভীৰ অৰণ্য আছিল৷ এতিয়া তাত কেৱল সন্দেহযুক্ত বাংলাদেশীহে পোৱা যায়৷ চৰকাৰে সকলো জানিও নিমাত৷ মই নিজেই গৈ এই ঠাইবোৰ চাই আহিছোঁ৷ ফটো সংগ্ৰহ কৰি ৰাখিছোঁ৷ এতিয়াও যদি চৰকাৰৰ সদিচ্চা হয় আৰু এই অভয়াৰণ্যখন যদি পুনৰ গঢ়ি তুলিব পৰা যায়; তেন্তে এই স্থান হৈ পৰিব অসমৰে এটুকুৰা জনপ্ৰিয় পৰ্যটন থলী৷ অৰণ্যমানৱ যাদৱ পায়েঙে যি কাম অকলে পাৰে, চৰকাৰৰ মাটিখিনিত চৰকাৰে কিয় পাভক নতুনকৈ জীৱন দিব নোৱাৰে৷
কেৱল পৰ্যটন বুলিয়েই নহয়; আমাক জীয়াই থাকিবলৈকে প্ৰকৃতিখন সৰ্বাঙ্গসুন্দৰ হৈ থাকিব লাগিব৷ প্ৰকৃতিৰ উপযুক্ত ব্যৱহাৰ কৰাটো সকলোৰে বাবেই ইতিবাচক কৰ্ম৷ প্ৰকৃতিক ভাল পাবলৈ মানুহক যে শিকাবলগীয়া অৱস্থা এটা হৈছে; এয়াই বৰ্তমান সময়ৰ আটাইতকৈ বিড়ম্বনা৷ যিমানে মানৱ সমাজ প্ৰকৃতিৰ পৰা আঁতৰি আহিছে; সিমানেই মানুহৰ মাজত সংকীৰ্ণতা বাঢ়ি আহিছে আৰু মিলা-প্ৰীতি, সহনশীলতা আদি গুণবোৰো কমি আহিছে৷ কৃত্ৰিমভাৱে প্ৰস্তুত কৰা এক’লেণ্ডলৈ যোৱাতকৈ ব্ৰহ্মপুত্ৰৰ মুকলি বতাহে যে মানুহক বেছি প্ৰশান্তি দিব পাৰে; পঞ্চতাৰকা হোটেলৰ বিলাসী পালেঙতকৈ ‘ইক’কেম্প’ৰ বাঁহৰ বিচনাখনে যে ভাল টোপনি আনিব পাৰে; এই বিষয়বোৰৰ প্ৰচাৰ আৰু প্ৰসাৰ হোৱা প্ৰয়োজন৷ সেইদৰে নদীক মাতৃ বুলি মুখেৰে কোৱাতকৈ অন্তৰেৰে উপলব্ধি কৰা যে বেছি প্ৰয়োজন; সেই কথাও মানুহৰ মাজলৈ গভীৰভাৱে লৈ যোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে৷
@ভাস্কৰ ভূঞা, গৱেষক ছাত্ৰ, গুৱাহাটী বিশ্ববিদ্যালয়, ফোন-৮৭৫১৯৪৩৩৮৭
0 Comments