অসমৰ পৰ্যটন উদ্যোগ ।। পৰ্যটন উদ্যোগৰ প্ৰসাৰ ।।


 * পৰ্যটনৰ ক্ষেত্ৰ প্ৰসাৰৰ দ্বাৰা অসমক নিশ্চিতৰূপত এখন বিনিয়োগৰ অনুকূল ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব পাৰি৷ লগতে বছৰৰ সকলো ঋতুতে অসমক পৰ্যটনথলী হিচাপে গঢ় দিব পৰাৰ নিশ্চয় সুবিধা আৰু সুযোগ আছে৷ পৰ্যটনৰ ক্ষেত্ৰ প্ৰসাৰে আৰু পৰ্যটনৰ আধুনিকীকৰণে বিশ্বৰ অন্যান প্ৰান্তৰৰ নতুন নতুন পৰ্যটকক অসমলৈ আগমন ঘটোৱাত অধিক সহায় কৰিব৷

অসমৰ লোক-সংস্কৃতিবোৰক সমল হিচাপে লৈ পৰ্যটন খণ্ডই বিভিন্ন কাম কৰিব পাৰে, যাৰ দ্বাৰা বিনিয়োগকাৰীৰো আগমন ঘটিব আৰু প্ৰতিটো ঋতুতে অসমক পৰ্যটনথলী হিচাপে গঢ়ি তুলিব পৰা যাব৷ জাতি-জনগোষ্ঠীবোৰৰ কৃষ্টি-সংস্কৃতি আৰু জীৱন নিৰ্বাহৰ প্ৰণালীয়েও পৰ্যটকৰ সহজে মন মোহিব পাৰে৷ জনগোষ্ঠীবোৰৰ লোক-উৎসৱ, ডেকাচাং, সাজপাৰ, অয়-অলঙ্কাৰ, কৃষি পদ্ধতি আদিৰ লগতে জনগোষ্ঠীসমূহৰ অতীত আৰু বৰ্তমানৰ যিখিনি সম্পদ আমাৰ মূল্যৱান আৰু আৱশ্যকীয় আছিল, সেই সম্পদবোৰে পৰ্যটনৰ দিশটো যথেষ্ট পৰিমাণে সমৃদ্ধ কৰিব পাৰে৷ জনগোষ্ঠীবোৰৰ এনে গুৰুত্বপূৰ্ণ সমলবোৰৰ শৈল্পিক মূল্য যথেষ্ট আৰু বিশ্বায়ন, গোলকীকৰণৰ সময়তো এই সম্পদবোৰৰ মান হ্ৰাস হোৱা নাই, বৰঞ্চ বাঢ়িছেহে৷ এই সম্পদবোৰ সংৰক্ষণ কৰাটো আৰু ইয়াৰ প্ৰসাৰ ঘটোৱাটো সমগ্ৰ অসমখনৰ বাবেই জৰুৰী৷ এইবোৰৰ সংৰক্ষণে জনগোষ্ঠীসমূহৰ প্ৰতি পৰ্যটকৰ দৃষ্টি আকৰ্ষণ হ’ব আৰু বিদ্যায়তনিক ভাৱেও গৱেষকসকলৰ যথেষ্ট লাভ হ’ব৷ 

উপৰত উল্লিখিত বিষয়বোৰত বিভিন্ন ধৰণৰ বিনিয়োগকাৰীৰ প্ৰয়োজন আছে৷ প্ৰথমতেই ক’ব পাৰি যে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সাজপাৰবোৰ নিৰ্মাণ কৰিবলৈ বস্ত্ৰ উদ্যোগবোৰে অসময়ত বিনিয়োগ কৰিব পাৰে৷ পৰ্যটনৰ দিশটোত জনগোষ্ঠীয় সাজপাৰৰ যথেষ্ট চাহিদা আছে আৰু পৰ্যটকসলে এই সাজপাৰ ক্ৰয় কৰাৰ প্ৰতি যথেষ্ট আগ্ৰহ প্ৰকাশ কৰে৷

সেইদৰে খাদ্যাভ্যাসৰ ক্ষেত্ৰতো ক’ব পাৰি যে অসমৰ জনগোষ্ঠীয় খাদ্যাভ্যাসবোৰ প্ৰস্তুত কৰি ৰাষ্টীয়, আন্তৰাষ্টীয় পৰ্যায়ত খাদ্য বিপনী মুকলি কৰিব পৰাকৈ বা ফাষ্টফুড জাতীয় খাদ্য প্ৰস্তুত কৰা খাদ্য উদ্যোগৰ বিনিয়োগ ঘটিব পাৰে৷ জনজাতীয় খাদ্যবোৰৰৰ স্বাদ আৰু প্ৰস্তুত প্ৰণালীয়ে পৰ্যটকক যথেষ্ট আকৰ্ষিত কৰে৷ গতিকে দেশী-বিদেশী খাদ্য উদ্যোগৰ বিনিযোগ কৰিব পৰাৰ যথেষ্ট থল আছে৷ 

সেইদৰে এই বিষয়বোৰ ইন্টাৰনেটত বিজ্ঞাপনৰ ব্যৱস্থা কৰিব লাগে৷ বৰ্তমান সময়ত অসমৰ জাতি-জনগোষ্ঠীসকলৰ সাজপাৰ, অয়-অলঙ্কাৰ, উৎসৱ, কৃষি-পদ্ধতি আদিৰ বিভিন্ন বৰ্ণনা, ফটোগ্ৰাফ আদি ইন্টাৰনেটত পোৱা যায়৷ ইয়াৰ মাত্ৰা আৰু বৃদ্ধি কৰিব লাগে৷ চৰকাৰী ৱেবচাইটবোৰতো এই বিষয়বোৰে প্ৰাধ্যন্য পাব লাগে৷ সেইদৰে অসম ৰাজ্যিক সংগ্ৰহালয়টি আৰু আধুনিক আৰু সৰ্বাঙ্গ-সুন্দৰ কৰাৰ প্ৰয়োজনীয়তা আছে৷

বৰ্তমান ভাৰতবৰ্ষত বিভিন্ন পৰ্যায়ৰ ফেষ্টিভেল আয়োজন কৰা হয়৷ পুৰীৰ বিচ্ছ্‌ ফেষ্টিভেল, ৰাজস্থানৰ ডেজাৰ্ট ফেষ্টিভেল,  কাই পো চে ফেষ্টিভেল,  দিল্লীৰ আম উৎসৱ আৰু শেহতীয়াকৈ অসমতো নমামী ব্ৰহ্মপুত্ৰ উৎসৱ, নমামী বৰাক উৎসৱ আদিৰ দৰে উৎসৱ অনুষ্ঠিত কৰা হৈছে৷ জোনবিল মেলা, কাৰ্বি কালচাৰেল ছ’চাইটিয়ে ডিফুত প্ৰতিবছৰে আয়োজন কৰা  ‘কাৰ্বি য়ুথ ফেষ্টিভেল’ আদিত বিনিয়োগকাৰীৰ ভূমিকা যথেষ্ট পৰিমাণৰ৷ সুপৰিকল্পিত পদ্ধতিৰে বিনিয়োগকাৰীয়ে দীৰ্ঘম্যাদী আৰু হ্ৰস্বম্যাদী কাৰ্যপণ্ঠা হাতত লৈ নানা থলুৱা উৎপাদিত সামগ্ৰীবোৰ ক্ৰয় কৰি বা নিজেও আধুনিক যন্ত্ৰ-পাতিৰ প্ৰয়োগেৰে নিৰ্মাণ কৰি এখন বজাৰ দখল কৰিব পাৰে৷ 

পৰ্যটকসকলে আনন্দ, মনোৰঞ্জনৰ লগতে জ্ঞান আৰু অভিজ্ঞতাৰে নিজকে সমৃদ্ধ কৰিবলৈহে কোনো এখন ঠাইলৈ যাব বিচাৰে৷ গতিকে পৰ্যটকৰ এই মনোজগত অধ্যয়ন কৰি তেওঁলোকক মোহিব পৰা পৰ্যটনখণ্ডৰ বিকাশত গুৰুত্ব দিব লাগে৷ যাতায়ত ব্যৱস্থা, উন্নত থকা-খোৱাৰ সুবিধা, বিমান পৰিবহন, ৰেল চলাচল আদিৰ উন্নতিয়েও পৰ্যটকক আকৰ্ষিত কৰিব পাৰে৷ গতিকে এই দিশবোৰ সমৃদ্ধ কৰিবলৈ অসম চৰকাৰৰ লগতে দেশ-বিদেশৰ বিনিয়োগকাৰীৰ আগমন হ’ব পাৰে৷ বিশেষকৈ দুৰ্গম অঞ্চলত ৰ’পৱে বা ব্যক্তিগত বিমান পৰিৱহনৰ ব্যৱস্থা কৰিলে পৰ্যটকসকল যথেষ্ট আগ্ৰহী আৰু উৎসাহিত হ’ব৷ সেইদৰে ব্যক্তিগত খণ্ডৰ কিছু সহায় লৈ কিছু নতুনত্ব থকা পাৰ্ক, মনোমোহা সংগ্ৰাহালয় আদি চৰকাৰে নিৰ্মাণ কৰিব পাৰে৷ চৰকাৰে প্ৰথমতে এটা বাট মোকলাই দিব লাগে যাতে পৰৱৰ্তী সময়ত সেই বাটেৰে বিভিন্ন বিনিয়োগকাৰীয়ে সূচলভাৱে বাট বুলিব পাৰে৷

সাম্প্ৰতিক যুগটো বিজ্ঞান আৰু প্ৰযুক্তিৰ যুগ৷ সম্প্ৰতি বিজ্ঞান আৰু প্ৰযুক্তিয়ে বিভিন্ন দিশত বিভিন্ন সুবিধা প্ৰদান কৰিছে৷ অসমৰ জাতি-জনগোষ্ঠীৰ সংস্কৃতিক সংৰক্ষণৰ মাধ্যমেৰে আন্তজাৰ্তিক পৰ্যায়লৈ লৈ যোৱাৰ উপযুক্ত মাধ্যম হিচাপে আমি সংস্কৃতিৰ ডিজিটেলাইজেচনৰ কথা উল্লেখ কৰিব পাৰোঁ৷ অসম চৰকাৰে আৰু পৰ্যটন বিভাগে আন্তজাৰ্তিক পৰ্যায়ৰ ৱেবচাইট তৈয়াৰ কৰি অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সংস্কৃতিবোৰ সংৰক্ষণ আৰু প্ৰদৰ্শনৰ ব্যৱস্থা কৰিও জনগোষ্ঠীয় লোকসকলৰ বাবে কাম কৰিব পাৰে৷ আৰু এইক্ষেত্ৰত ইন্টাৰনেট সেৱা প্ৰদান কৰা সংস্থা, বিভিন্ন টেলিকম কোম্পানী, ৱেব ডিজাইনাৰ সংস্থা আদিয়ে অসমত বিনিয়োগ কৰিব পাৰে৷


অসমৰ পৰ্যটন উদ্যোগটোৰ ক্ষেত্ৰত ইতিবাচক সম্ভাৱনা থকা আৰু পৰ্যটকক আকৰ্ষণ কৰিব পৰা এটা গুৰুত্বপূৰ্ণ সমল হ’ল অসমৰ ভাষাসমূহ৷ প্ৰাচীনকালৰে পৰা বৰ্তমানলৈকে প্ৰচলিত হৈ থকা ভাষাবোৰ একত্ৰিত কৰি সেইবোৰৰ বিজ্ঞানসন্মত অধ্যয়ন, সংৰক্ষণ আৰু পৰিৱেশনৰ দ্বাৰা অসমৰ পৰ্যটনৰ দিশটোক আগুৱাই নিব পৰা যায়৷ ইয়াৰ বাবে লাগিব পৰ্যটন বিভাগৰ সুপৰিকল্পিত কাৰ্যক্ৰম, বৈজ্ঞানীক পদ্ধতিৰে ভাষা গৱেষণাৰ লগতে প্ৰয়োজনীয় সমল আহৰণৰ বাবে ইচ্ছুক গৱেষক আৰু বিশেষকৈ অসম চৰকাৰ আৰু প্ৰতিষ্ঠিত ভাষা গৱেষকসকলৰ ইতিবাচক সঁহাৰি৷ অসমৰ বিশ্ববিদ্যালয়কেইখনৰো এইক্ষেত্ৰত বিশেষ ভূমিকা হ’ব৷ 

ৰাজ্য চৰকাৰে যদি এটি সুপৰিকল্পিত আদৰ্শ আৰু পৰিকল্পিত নীতিৰে অসম ৰাজ্যৰ যিমানখিনি ভাষা, উপভাষা আছে সকলো উদ্ধাৰ কৰি, যিখিনি বিলুপ্ত হৈ গৈছে সেইবোৰ ভাষাসমূহকো সংগ্ৰহ কৰি এটি সংগ্ৰহালয় নিৰ্মাণ কৰে, তেন্তে অসমে ইয়াৰ পৰা পৰৱৰ্তী সময়ত ভালেখিনি ৰাজহ সংগ্ৰহ কৰাৰ সমান্তৰাল ভাৱে এটি ব্যতিক্ৰম প্ৰচেষ্টাৰে সমগ্ৰ বিশ্বৰ আগত নিজৰ চিনাকী দিবলৈ সক্ষম হ’ব৷ 

যদিহে ভাষা সংৰক্ষণৰ এনে এটা সংগ্ৰহালয় নিৰ্মাণ কৰিব পৰা যায় তেন্তে সংগ্ৰহালয়টোত থাকিব পৰা সম্ভাব্যমূলক তথ্যবোৰ আৰু উপকৰণবোৰ এনে হোৱাটো প্ৰয়োজনীয়– ভাষা সংৰক্ষণৰ সংগ্ৰহালয়ত অসমৰ প্ৰতিটো ভাষাৰে সামগ্ৰীক বিশেষত্ব, বৰ্ণমালা, উচ্ছাৰণৰ ধৰণ, সুৰ, লহৰ, অসমৰ কোন অঞ্চলত নিৰ্দিষ্ট ভাষাটো পোৱা যায় তাৰ বৰ্ণনা থকাৰ লগতে ভাষাটোৰ সৈতে জড়িত তথ্যসমূহৰ অডিঅ’, ভিডিঅ’ মজুত কৰি ৰখাৰ ব্যৱস্থা থাকিব লাগে৷ লগতে প্ৰয়োজন সাপেক্ষে নিৰ্দিষ্ট ভাষাটোৰ সাহিত্যিক নিদৰ্শন থকা মূল্যৱান গ্ৰন্থ ৰাখিব লাগে৷ ছাত্ৰ-ছাত্ৰী আৰু পৰ্যটকে বিচৰা বিভিন্ন তথ্যবোৰ সহজে পাব পৰাকৈ কম্পিউটাৰৰ বিশেষ কাৰুকাৰ্য আৰু ডিজিটেল পদ্ধতিৰ দ্বাৰা প্ৰদৰ্শনৰ ব্যৱস্থা কৰিব লাগে৷ নিৰ্দিষ্ট ভাষাটো কোন গৱেষকে উদ্ধাৰ কৰি দিছে তাৰো নামকৰণ  তথা সবিশেষ উল্লেখ থাকিব  লাগে৷ বহুতো জাতি-জনজাতি আদি ভাষাৰ ব্যাকৰণ পোৱা যায়৷ সেইদৰে অনেক লোক-সাহিত্যও মানুহৰ মুখে মুখে প্ৰচলন হৈ থাকে ৷ এইবোৰ সংগ্ৰহ কৰি সংৰক্ষণ কৰিব পৰা ব্যৱস্থা কৰিব পাৰি৷

ভাষাৰ সেই সংগ্ৰহালয়ত প্ৰতিটো ভাষাৰে গীত-মাত, লোক-সঙ্গীত, লোক-বাদ্য, জাতীয় উৎসৱ বা সামগ্ৰীকভাৱে লোক-সংস্কৃতিবোৰৰ চমু পৰিচয় লগতে জাতিটো আৰু ভাষাটোৰ বিকাশত অৱদান আগবঢ়োৱা পুৰুধা ব্যক্তিসকলৰ নাম সংৰক্ষণৰ ব্যৱস্থা থাকিব লাগে৷ লগতে এটা ভাষাৰ সৈতে অন্য এটা ভাষাৰ তুলনামূলক সাদৃশ্য বা পাৰ্থক্য, ধবনিতাত্ত্বিক, ৰূপতাত্ত্বিক বৈশিষ্ট্য আদি নিৰূপন কৰি পৰ্যটকসকলে সহজে সেইবোৰ বুজিব পৰাকৈ প্ৰদৰ্শন কৰিব লাগে৷ জনজাতি, জনগোষ্ঠী, অন্যান্য পিছপৰা শ্ৰেণী আদি প্ৰতিটো ভাগৰে শৃংখলাবদ্ধৰূপত তথ্যখিনি থাকিব লাগে৷

সংগ্ৰহালয়টোত অসমৰ জাতি-জনগোষ্ঠীবোৰৰ আখৰৰ গঢ় কেনেকুৱা, কথিত আৰু লিখিত ধৰণ কেনেকুৱা, ব্যাকৰণ বা অভিধান থাকিলে সেইবোৰ কেনেকুৱা ইত্যাদি বিষয়বোৰ মজুত ৰখাৰ লগতে ভাষাটোৰ প্ৰতিনিধিত্বকাৰী সাহিত্যিকসকলৰ নাম উল্লেখ থাকিব লাগে, ভাষাটো পূৰ্বতে ক’ত ব্যৱহাৰ কৰিছিল, তাৰ প্ৰথম সাহিত্যিক নিদৰ্শন কি কি এই তথ্যবোৰো মজুত ৰাখিব পৰাকৈ সংগ্ৰহালয়টো নিৰ্মাণ হোৱা উচিত ৷ তদুপৰি অসমৰ ভাষাবোৰৰ প্ৰথম পৰ্যায়ত উদ্ধাৰ হোৱা তাম্ৰ ফলি, শিলালেখ, সাঁচিপাত আদিবোৰ বৃহদাকাৰ ৰূপত চিত্ৰৰ দ্বাৰা দেখুৱাব পৰা ব্যৱস্থা কৰিব লাগে৷

সংগ্ৰহালয়টোৰ বেৰবোৰত অসমৰ স্থাপত্য-ভাস্কৰ্যসমূহৰ চিত্ৰ ৰখাৰ ব্যৱস্থা কৰিব লাগে৷ লগতে ভাষাবোৰৰ উৎপত্তিৰ মূল কি, ভাষাবোৰৰ ভাষাতাত্বিক দৃষ্টিকোণেৰে কৰা বিশ্লেষণ আদি বিষয়বোৰ প্ৰদত্ত সংগ্ৰহালয়টোত ৰাখিব পৰাৰ ব্যৱস্থা কৰিব লাগে৷ 

ইয়াৰোপৰি ইচ্ছা কৰিলে ভাষাসমূহৰ লগতে জাতি-জনজাতিৰ পৰম্পৰাগত সাজপাৰ, কৃষি সঁজুলি, অয়-অলঙ্কাৰ আদিও মজুত কৰি সেইবোৰ সংৰক্ষণ কৰিব পাৰি৷ মাজুলীৰ সত্ৰসমূহত অসমৰ যিমানখিনি ঐতিহাসিক সমল এলাগী হৈ বাঁহ, কাঠৰ গুডামত পৰি আছে; সেইসমূহো সংৰক্ষণ কৰিব পাৰি এই সংগ্ৰহালয়ৰ এটা শাখাত৷

চৰকাৰ আৰু পৰ্যটন উদ্যোগৰ সদিচ্ছা হ’লে এই মহান কাৰ্যটি অসমত নিশ্চয় সফল কৰি তুলিব পৰা যাব আৰু এনে ধৰণৰ বিদ্যায়তনিক পৰ্যটন খণ্ডৰ উন্নয়ন আৰু বিকাশে বিভিন্ন প্ৰকাশন প্ৰতিষ্ঠান, গ্ৰন্থ প্ৰকাশক সংস্থা, স্থাপত্য-ভাস্কৰ্য নিৰ্মাণকাৰী সংস্থা আদিক অসমলৈ বিনিয়োগ ঘটোৱাত সহায় কৰিব৷ 

সেইদৰে অসমৰ নদ-নদীবোৰ আৰু পাহাৰ-পৰ্বতক কেন্দ্ৰ কৰি পৰ্যটন কেন্দ্ৰ গঢ়ি তোলিব পৰা যায়৷ কাজিৰঙা, মানাহ, পবিতৰা আদি অভয়াৰণ্যত পাৰ্যমানে নতুন নতুন পৰ্যটনৰ ক্ষেত্ৰ আৰু বিষয়ৰ মুকলি কৰিব লাগে৷ সেইদৰে অসমৰ গড় হত্যা ৰোধ কৰি পৰ্যটনৰ বাবে কাজিৰঙাক আৰু আধুনিক আৰু জাকতজিলিকা কৰি তুলিব লাগে৷ কাজিৰঙাত ভাল ভাল ৰিজ’ৰ্ট, হোটেল, নিৰিবিলি ঠাই আদিৰ সুবিধা কৰিব লাগে৷ এইবোৰ কাম কৰিবলৈ চৰকাৰৰ সমান্তৰালভাৱে বিভিন্ন বিনিয়োগকাৰীৰৰ প্ৰয়োজন হ’ব আৰু তেতিয়া বছৰৰ সকলো সময়তেই সেই ঠাইলৈ পৰ্যটকৰ আগমন হ’ব৷ সেইদৰে এইবোৰ অভয়াৰণ্যত ফুৰিবলৈ বা আকাশমাৰ্গৰ পৰা চাব পৰাকৈ সুবিধা হোৱাকৈ যদি চৰকাৰে কোনোবা বিনিয়োগকাৰী প্ৰতিষ্ঠানক দায়িত্ব দিয়ে বা ৰ’পৱে নিৰ্মাণ কৰিব পৰা যায়; তেন্তে নিশ্চিতৰূপত এই প্ৰতিষ্ঠানবোৰে অসমৰ পৰ্যটন ক্ষেত্ৰক সমৃদ্ধ কৰিব৷

বৰ্তমান সময়ত ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰই অসমৰ পৰ্যটন ক্ষেত্ৰক আন এক মৰ্যাদা দিছে৷ এই সমাধিক্ষেত্ৰই বছৰৰ প্ৰতিটো ঋতুতে পৰ্যটকক আকৰ্ষন কৰিবলৈ সক্ষম৷ গতিকে এই সমাধিক্ষেত্ৰক লৈ চৰকাৰে পৰিকল্পনা কৰিব পাৰে যাতে বিভিন্ন বিনিয়োগকাৰী সংস্থা, সংগঠনে অসমক বিনিয়োগ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিব পাৰে৷ সেইদৰে শিৱসাগৰত অৱস্থিত বিভিন্ন ৰ্কীতি চিহ্নবোৰৰ উপযুক্ত সংৰক্ষণ আৰু আধুনিকীকৰণ কৰিলে অসমৰ পৰ্যটন ক্ষেত্ৰৰ নতুন দিগন্তৰ উদয় হ’ব৷ অসমৰ কীৰ্তিচিহ্নবোৰৰ উপযুক্তভাৱে প্ৰতিকীৰূপত নিৰ্মাণ কৰি সেইবোৰ বিক্ৰী কৰিব পৰা উপযুক্ত প্ৰতিষ্ঠানে নিশ্চিতৰূপত এখন বহল বজাৰ লাভ কৰিবলৈ অসমত সক্ষম হ’ব৷ সেইদৰে অসমৰ পাত-মূগা কাপোৰ নিৰ্মাণ কৰা সা-সজুলিআৰু ইয়াৰ নিৰ্মাণ কাৰ্যৰ উন্নতি লগতে বাণিজ্যিকভাৱে সফল কৰি তুলিব পাৰিলে অসমৰ পৰ্যটন ক্ষেত্ৰই আৰু প্ৰসাৰ লাভ কৰিব পাৰিব৷ ইয়াৰ বাবে দেশী-বিদেশী উদ্যোগ খণ্ডই অসমক বিনিয়োগ আৰম্ভ কৰিব পাৰে৷ 


সেইদৰে ডিচেম্বৰ-জানুৱাৰী মাহৰ সময়ছোৱাত বিভিন্ন পৰীভ্ৰমী পক্ষী অসমলৈ আহে৷ এই সময়ছোৱাত অসমৰ জলাশয় আৰু হাবি-বননিবোৰ জাতে আমি ভালদৰে ৰাখিব পাৰোঁ তাৰো ব্যৱস্থা চৰকাৰ আৰু বিভিন্ন বিনিয়োগকাৰী প্ৰতিষ্ঠানে কৰিব পাৰে৷ সেইদৰে বিভিন্ন সজাগতামূলক সভা অনুষ্টিত কৰাৰ লগতে বিনিয়োগকাৰী প্ৰতিষ্ঠানবোৰে ভাল ভাল খাদ্য মেলা বা বস্ত্ৰমেলা আদিৰ দৰে মেলা অনুষি্‌চত কৰিব পাৰে৷ তেতিয়া এই পৰীভ্ৰমী পক্ষী চাবলৈ অহা পৰ্যটকৰ সংখ্যাও বৃদ্ধি হ’ব আৰু চৰকাৰে বুজন পৰিমাণৰ অৰ্থ সংগ্ৰহ কৰিবও পাৰিব৷

সেইদৰে পৰ্বতাৰোহন, জলাৰোহন, স্কাই ড্ৰাইভিং আদিৰ দৰে দুঃসাহসিক পৰ্যটনৰ ক্ষেত্ৰতো অসম চৰকাৰে কাম কৰিব পাৰে৷ জলাৰোহন আৰু জলপৰিবহনত ব্ৰহ্মপুত্ৰ নদীক অসমৰ পৰ্যটন খণ্ডই প্ৰধান অৱলম্বন হিচাপে ল’ব পাৰে৷ সেইদৰে ব্ৰহ্মপুত্ৰৰ পাৰত বিভিন্ন অত্যাধুনিক ৰিজ’ৰ্ট, স্বপিং মল, লাফিং ক্লাৱ, বাৰ আদি স্থাপন কৰিলেও পৰ্যটন খণ্ডৰ যথেষ্ট লাভ হ’ব আৰু এনেধৰণৰ কাম-কাজত বিভিন্ন চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানে বিনিয়োগ কৰাৰ সুবিধা লাভ কৰিব৷

অসমীয়া সংস্কৃতি মূলতঃ কৃষিকেন্দ্ৰীক সংস্কৃতি৷ পৰম্পৰাগত কৃষি পদ্ধতিকো পৰ্যটনৰ আউটিলৈ আনিব পৰা সুবিধা আছে৷ সেইদৰে অসমৰ পৰিৱেশ্য কলাবোৰো এক কৰি তাৰ বিজ্ঞানসন্মত উপস্থাপনে পৰ্যটনক্ষেত্ৰক আন এক মান্যতা প্ৰদান কৰিব পাৰে৷ লগতে এইধৰণৰ কাম-কাজত বিনিয়োগকাৰীৰ দিশটো বিশেষভাৱে জড়িত হৈ থাকে৷ ইয়াৰ বাবে লাগিব চকাৰ আৰু পৰ্যটন বিভাগৰ সুস্থ আৰু মননশীল পৰিকল্পনা৷ 

শেহতীয়াকৈ অসমৰ পৰ্যটন খণ্ডলৈ ব্যাপক পৰিৱৰ্তন আৰু উন্নতি আনিবলৈ চেষ্টা কৰা হৈছে৷ প্ৰিয়ংকা চোপ্ৰাৰ দৰে বলিউদৰ প্ৰসিদ্ধ অভিনেত্ৰীক অসমৰ পৰ্যটনৰ ব্ৰেণ্ড-এম্বেছেদৰ হিচাপে নিৰ্বাচন কৰা হৈছে৷ সেইদৰে আন্তঃৰাষ্ট্ৰীয় বৈদ্যুতিন প্ৰচাৰ মাধ্যমত বিভিন্ন বিজ্ঞাপনৰ ব্যৱস্থা কৰা হৈছে৷ শেহতীয়াকৈ নতুন পৰ্যটন নীতিও গ্ৰহণ কৰা হৈছে৷ এইধৰণৰ গতিশীলতায়ো অসমৰ পৰ্যটন ক্ষেত্ৰলৈ বিনিয়োগকাৰী সংস্থা আদিক আগমন ঘটোৱাত সহায় কৰিব৷ সেইদৰে ‘এক বিশ্ব এক দেশ নীতি’ৰ প্ৰসাৰতাই সীমাৰ পৰিধি ভাঙি সকলোতে সকলোৱে মুক্ত মনেৰে ব্যৱসায়, বসবাস আদি কৰিব পৰা যি সূচল সুবিধা কেন্দ্ৰীয় চৰকাৰখনে কৰি দিছে; সিয়ো বিনিয়োগকাৰীক অসমলৈ আগমন ঘটোৱাত সহায় কৰিব৷

পৰিশেষত ক’ব পাৰি যে অসমৰ পৰ্যটন ক্ষেণ্ডই ব্যৱসায়িকভাৱে উন্নতি কৰিবলৈ হ’লে আৰু অসমক পৰ্যটনৰ ক্ষেত্ৰত জাকত-জিলিকা ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ হ’লে চৰকাৰ আৰু পৰ্যটন খণ্ডই বৰ্তমানৰ দৰেই গতিশীল ভূমিকা পালন কৰিব যাব লাগিব৷ চৰকাৰে যদি পৰ্যটকসকলক কিছু পৰিমানে ঋণ আৰু ৰেহাইৰ ব্যৱস্থা কৰে; তেতিয়াও পৰ্যটকৰ সংখ্যা বৃদ্ধি হ’ব৷ সেইদৰে বৰ্তমান প্ৰাপ্ত সম্পদৰাজীৰ যথাযোগ্য সংৰক্ষণ আৰু নতুন নতুন পৰ্যটন ক্ষেত্ৰৰ আৰম্ভণি কৰাটোও পৰ্যটন ক্ষেত্ৰখনৰ বাবে অতি প্ৰয়োজনীয় বিষয় হৈ পৰিছে৷ এনেবোৰ ইতিবাচক আৰু গতিশীল কাৰ্যকলাপ যদি চৰকাৰে গ্ৰহণ কৰে; তেন্তে অসমক নিশ্চিতৰূপত এখন বিনিয়োগৰ অনুকূল ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব পৰা যাব৷ লগতে সকলো ঋতুতে অসমক পৰ্যটনথলী হিচাপে গঢ় দিব পৰা যাব৷

© ভাস্কৰ ভূঞা, গৱেষক ছাত্ৰ, গুৱাহাটী বিশ্ববিদ্যালয়,  ফোন-৮৭৫১৯৪৩৩৮৭


Post a Comment

0 Comments