*
‘অসমত এক সুস্থ চলচিত্ৰ নীতি নাই’ বুলি আজি অতবছৰে শিল্পী, কলা-কুশলী, সচেতন ৰাইজে আন্দোলন, প্ৰতিবাদ আৰু আক্ষেপ কৰি থকাৰ সময়তে শেহতীয়াকৈ ২০১৭ বৰ্ষত অসম চৰকাৰৰ উদ্যোগত গুৱাহাটী মহানগৰত ‘আন্তঃ ৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱ’ অনুষ্ঠিত কৰিবলৈ লোৱা পদক্ষেপে চলচিত্ৰপ্ৰেমী, চলচিত্ৰ সমালোচক আৰু চলচিত্ৰৰ কলা-কুশলীৰ লগতে সাধাৰণ ৰাইজৰ বাবে কিছু পৰিমাণে হ’লেও আশাৰ বতৰা কঢ়িয়াই আনিছে৷ ‘গুৱাহাটী চিনে ক্লাৱে’ ব্যক্তিগত পৰ্যায়ত এইধৰণৰ আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱ আজি এঘাৰবছৰে অনুষ্ঠিত কৰি আহিছে যদিও ইয়াৰ প্ৰচাৰ আৰু প্ৰভাৱ তেনেই সীমিত৷ কিন্তু ব্যয়বহুলভাৱে চৰকাৰী পৃষ্ঠপোষকতাত অনুষ্ঠিত এই মহোৎসৱে সমগ্ৰ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ চলচিত্ৰপ্ৰেমীলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে৷ সমান্তৰালভাৱে এই মহোৎসৱৰ কাৰ্যসূচীবোৰৰ লগত অসমৰ বিভিন্ন জিলাৰ ছাত্ৰ-ছাত্ৰীসকল, সচেতন ৰাইজ আৰু ইচ্চুক ব্যক্তিৰ অংশগ্ৰহণৰ সুবিধাই মহোৎসৱটোক এক অনন্য বৌদ্ধিক মাত্ৰা প্ৰদান কৰিছে৷ বিভিন্ন কাৰণত চৰকাৰখনৰ নেতিবাচক দিশবোৰৰ সমালোচনা কৰিলেও এইধৰণৰ গতিশীল প্ৰচেষ্টাৰ বাবে অসম চৰকাৰক নিশ্চয়কৈ ধন্যবাদ জনাব লাগিব৷
প্ৰযুক্তিৰ দ্ৰুত উন্নয়ন আৰু সমাজ পৰিৱৰ্তনৰ লগে লগে মানুহৰ ধ্যান-ধাৰণা, জীৱন ধাৰণৰ পদ্ধতি আদিৰ পৰিৱৰ্তন হোৱাৰ সমান্তৰালভাৱে মনোৰঞ্জন আৰু গণমাধ্যম সম্পৰ্কীয় চিন্তা-চৰ্চাৰো ব্যাপক পৰিৱৰ্তন হৈছে৷ ‘চলচিত্ৰ’ও এতিয়া কেৱল অৱসৰ বিনোদন বা মনোৰঞ্জনৰ মাধ্যম হৈয়ে থকা নাই; বা ‘ঘৰ-ঘৰ কি কাহিনী’ দেখুৱাওতেই চিনেমা সিমাবদ্ধ হৈ থকা নাই৷ চলচিত্ৰ নিৰ্মাণৰ উদ্দেশ্য আৰু চলচিত্ৰৰ বিষয়বস্তু গ্ৰহণৰ পৰা আৰম্ভ কৰি সামাজিক, সাংস্কৃতিক, ব্যৱসায় আদি ক্ষেত্ৰবোৰলৈকো শেহতীয়াকৈ পৰিৱৰ্তন আহিছে৷ নতুন নতুন সম্প্ৰৰীক্ষা হৈছে৷ সেইদৰে কলাধৰ্মী চিনেমাবোৰৰ আদৰ পূৰ্বতকৈ বাঢ়িছে৷ গণমাধ্যম হিচাপে চলচিত্ৰ এক প্ৰভাৱশালী মাধ্যম হিচাপে ইতিমধ্যেই সমগ্ৰ বিশ্বত স্বীকৃত হৈছে৷ সেইদৰে চলচিত্ৰৰ দ্বাৰা অতি ক্ষিপ্ৰভাৱে জনমত গঠন কৰিব পৰা এটা অৱস্থাৰো বিশ্বত সৃষ্টি হৈছে৷ ৰাজ্য বা দেশৰ যিকোনো গুৰুত্বপূৰ্ণ সমস্যা, সামাজিক-সাংস্কৃতিক বৈশিষ্ট্যক চলচিত্ৰৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে লৈ যোৱাত চলচিত্ৰ এতিয়া প্ৰধান মাধ্যম বুলি ক’ব পাৰি৷ চলচিত্ৰৰ এনে সাৰ্বজনীন গুণ আৰু প্ৰাসংগিকতা উপলব্ধি কৰিয়েই সমগ্ৰ বিশ্বত চলচিত্ৰক লৈ মহোৎসৱ অনুষ্ঠিত কৰাৰ চিন্তা-চৰ্চাৰ বিকাশ হৈছে৷ এই চলচিত্ৰ মহোৎসৱৰ দ্বাৰা স্থানীয় সমাজ-সভ্যতা-সংস্কৃতিৰ আদান-প্ৰদান কৰাৰ লগতে বিভিন্ন দেশ, ৰাজ্যৰ মাজত একতা, সামাজিক-সাংস্কৃতিক বান্ধোনৰ জৰীডাল সুদৃঢ় হ’ব পাৰে; আকৌ সংস্কৃতিৰ এই আদান প্ৰদানে এক সাৰ্বজনীন ইতিবাচক সংস্কৃতিৰ জন্ম দিব পাৰে৷ চলচিত্ৰ মহোৎসৱে চিনেমা নিৰ্মাণ প্ৰক্ৰিয়াৰ পৰা চিনেমাৰ বাণিজ্যলৈকে নতুনত্ব আনিদিয়াৰ লগতে বিশ্ব চলচিত্ৰৰ ইতিহাস আৰু ইয়াৰ ক্ৰমবিকাশ সম্পৰ্কীয় বোধ সম্পৰ্কে পৰিচালক, অভিনেতা-অভিনেত্ৰীৰ পৰা আৰম্ভ কৰি দৰ্শকক সজাগ, সচেতন কৰি তুলিব পাৰে৷ অন্যহাতে এই মহোৎসৱৰ দ্বাৰাই একো একোজন সফল পৰিচালক, একো একোজন সফল কলা-কুশলীক নতুনকৈ বিশ্বৰ আগত চিনাকী কৰি দিব পাৰি৷ এনে পৰিপেক্ষিত্ৰত অসমত চলচিত্ৰ মহোৎসৱৰ আয়োজনৰ ধাৰণাটো এটা প্ৰাসংগিক আৰু সময়োপযোগী কৰ্ম হিচাপে সচেতন ব্যক্তি মাত্ৰেই স্বীকাৰ কৰি ল’ব৷ কিন্তু ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যসমূহৰ তুলনাত উত্তৰ-পূৰ্বাঞ্চলত যেন চলচিত্ৰক লৈ মহোৎসৱ অনুষ্ঠিত কৰিব পৰা এটা অৱস্থাৰ কথা ভবাটো কিছু সমস্যা বা জটিল বিষয় আছিল! চিনেমা সম্পৰ্কীয় বৌদ্ধিক চিন্তা-চৰ্চাৰ ক্ষেত্ৰটো বিশ্বৰ বহুতো দেশ বা ৰাজ্যৰ তুলনাত ভাৰত বা অসমপিচপৰি গৈছে৷ অসমত এখন সুস্থ চলচিত্ৰ নীতি আজি পৰ্যন্ত নাই৷ চিনেমা মুক্তিৰ বাবে উপযুক্ত আৰু পৰ্যাপ্ত চিনেমা হ’ল নাই বুলিও আলোচনা-সমালোচনা প্ৰায়ে হৈয়ে থাকে৷ ‘ভিলেজ ৰকষ্টাৰ’ নিৰ্মাণ কৰি খ্যাতি অৰ্জন কৰা ৰীমা দাসে ‘অস্কাৰ’ বঁটাৰ দৌৰখনত চিনেমাখনৰ প্ৰচাৰৰ বাবে চৰকাৰ, বিভিন্ন মহলত অনুদান বিচাৰি হাবাথুৰি খাবলগীয়া হোৱা প্ৰসংগটোও আমাৰ সকলোৰে জ্ঞাত৷ গতিকে এনে এক প্ৰেক্ষাপটত ২০১৭ চনৰ পৰা চৰকাৰৰ উদ্যোগত গুৱাহাটীত আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱ উদযাপন কৰিবলৈ লোৱা কাৰ্যটোক আমি এক প্ৰকাৰৰ ধনাত্মক কাৰ্যসূচী বুলিয়েই অভিহিত কৰিব বিচাৰোঁ৷
এইবাৰ ‘২য় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱ’ত উপস্থিত থাকি এই কথা দৃঢ়তাৰে ক’ব খোজো যে– গুৱাহাটীত আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱ উদযাপন কৰিবলৈ লোৱা সিদ্ধান্তটো অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে এটা ইতিবাচক সিদ্ধান্ত; আৰু এই মহোৎসৱে সামগ্ৰিকভাৱে অসমীয়া চলচিত্ৰৰ বিকাশ সাধন কৰাৰ লগতে অসমত ৰুচিশীল দৰ্শক নিৰ্মাণ, বিশ্ব চলচিত্ৰ সম্পৰ্কে অসমৰ সাধাৰণ ৰাইজক এটা সুস্থ ধাৰণা দিবলৈকো সক্ষম হ’ব৷ দেশ-বিদেশত শেহতীয়াকৈ নিৰ্মাণ কৰা ভাল ভাল চিনেমাৰে এই মহোৎসৱৰ প্ৰতিটো দৰ্শনীয়েই দৰ্শকক আকৃষ্ট কৰি ৰাখিব পৰাকৈ প্ৰস্তুত৷ এই মহোৎসৱে পৰিচালক, অভিনেতা-অভিনেত্ৰী, চলচিত্ৰ সমালোচকসকলক এখন উন্নত মঞ্চ দিয়াৰ সমান্তৰালভাৱে দৰ্শকৰ চিনেমা সম্পৰ্কীয় গভীৰবোধ জন্মাত আৰু বিশ্বৰ ভাল ভাল চিনেমাবোৰ তেনেই কেঁচা অৱস্থাতে চাবলৈ সুযোগ পোৱাত সহায় কৰিছে৷
চলচিত্ৰ মহোৎসৱৰ আটাইতকৈ ভাল লগা বিষয়টো হ’ল– চলচিত্ৰ এখন প্ৰদৰ্শন কৰাৰ লগতে সেই চলচিত্ৰখনৰ অভিনেতা বা পৰিচালকৰ লগত একেলগে বঢ়ি চিনেমাখন চোৱাৰ আনন্দ৷ চিনেমাৰ শেষত সেই নিৰ্দিষ্ট চিনেমাখনৰ পৰিচালক বা অভিনেতাজনৰ সৈতে বাৰ্তালাপ কৰাৰ আনন্দ৷ তাৰোপৰি এই মহোৎসৱৰ জৰিয়তে বিশ্বৰ বিভিন্ন ঠাইৰ প্ৰতিনিধিত্বকাৰী চিনেমাবোৰৰ সোৱাদ ল’ব পাৰি; যিবোৰ চিনেমা হয়তো ৰাইজে ইচ্ছা বা আগ্ৰহ থকাৰ স্বত্ত্বেও কোনো কালেই দেখাৰ সৌভাগ্য নহ’লহেঁতেন৷ ভাষা এটা অচিনাকী হ’লেও বা সাংস্কৃতিক পাৰ্থক্য থকা স্বত্ত্বেও চলচিত্ৰৰ মাজত আমিও বিচাৰি পাওঁ কেতবোৰ সাৰ্বজনীন আৱেগ, অনুভূতি৷ আমাৰ গাঁওখন, আমাৰ মানুহবোৰ, আমাৰ দৰেই একে সমাজ-সংস্কৃতি আদি বিষয়বোৰ বিভিন্ন দেশৰ চলচিত্ৰত বিভিন্ন বৈশিষ্ট্যৰে জিলিকি উঠা পৰিলক্ষিত হয়৷ ঠিক সেইদৰে কেতবোৰ নজনা-নুশুনা সংস্কৃতিৰ সৈতেও পৰিচয় হোৱাৰ সৌভাগ্য হয় এনে চলচিত্ৰ মহোৎসৱৰ দ্বাৰা৷ ২য় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শিত চলচিত্ৰসমূহৰ কিছু সংখ্যক চলচিত্ৰ চাই এই কথাবোৰেই মনলৈ আহিছিল৷ চিনেমাবোৰ চাই বহুতো দিশত আমি অসমীয়া চিনেমাৰ সৈতে দেশ, বিদেশৰ চিনেমাসমূহ তুলনামূলক সমালোচনা কৰি চোৱাৰ সুযোগ পাইছিলো৷ সেইদৰে অসমীয়া চিনেমাই এতিয়াও কি কি বিষয়ত বিশ্বৰ অন্যান্য ঠাইৰ চিনেমাতকৈ আগবাঢ়ি গৈছে বা কি কি বিষয়ত এতিয়াও পাছ পৰি আছে; এইধৰণৰ তুলনামূলক সমালোচনা নিজৰ মাজতে কৰি চোৱাৰ সুযোগ পাইছিলো৷ ‘চিনেমা নিৰ্মাণ সম্পৰ্কীয় ক্লাছবোৰেও চলচিত্ৰ মহোৎসৱক আন এক বৌদ্ধিক মাত্ৰা প্ৰদান কৰে৷ দেশৰ প্ৰতিষ্ঠিত পৰিচালক, চাউণ্ড ডিজাইনাৰ আদিৰ দ্বাৰা কৰোঁৱা এনে ক্লাছবোৰ নৱ-প্ৰজন্মৰ আগ্ৰহীসকলৰ বাবে যথেষ্ট কামত আহিব৷ সমান্তৰালভাবে চলচিত্ৰ মহোৎসৱৰ সৈতে সংগতি ৰাখি প্ৰকাশ কৰা নিউজ পেপাৰ, কেটলগবোৰেও চলচিত্ৰ মহোৎসৱটোক যথেষ্ট প্ৰাসংগিক কৰি তুলে ৷ বিশ্বৰ বিভিন্ন ঠাইৰ কলাধৰ্মী চিনেমাবোৰৰ সাৰাংশ আৰু চিনেমাবোৰৰ সামগ্ৰিক বৈশিষ্ট্য সম্পৰ্কে এই কাকত, কেটলগবোৰৰ সহায়ত জানিব পাৰি৷
চলচিত্ৰ মহোৎসৱৰ এনে ধনাত্মক গুণসমূহৰ কথা উপলব্ধি কৰিয়েই পৰিশেষত ক’ব খোজো যে চৰকাৰে এই মহোৎসৱ বিগত দুটা বছৰৰ দৰেই যাতে অনাগত দিনতো বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰে৷ লগতে এই আশাও কৰিম; যাতে অসমৰ বিভিন্ন ঠাইৰ বিশেষকৈ ইচ্চুক ব্যক্তি আৰু কলেজ, মহাবিদ্যালয়ৰ পৰা একাংশ ছাত্ৰ-ছাত্ৰীয়ে যাতে এই মহোৎসৱত যোগদান কৰিব পাৰে, আয়োজকসকলে তাৰ যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰে৷ তেতিয়া এই মহোৎসৱে আৰু জনপ্ৰিয়তা লগতে অসমৰ প্ৰতিখন জিলাত প্ৰসাৰতা লাভ কৰিব৷ গুৱাহাটীৰ দাঁতিকাষৰীয়া শৈক্ষিক প্ৰতিষ্ঠানবোৰৰ শিক্ষাৰ্থীসকলে এনে মহোৎসৱত সঘনে অংশ ল’বলৈ সুযোগ পোৱাৰ দৰেই অসমৰ প্ৰতিখন জিলাৰ পৰা অতি কম সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে যাতে এনে মহোৎসৱত যোগদান কৰাৰ সুবিধা লাভ কৰে; তাৰ প্ৰতি চৰকাৰ আৰু আয়োজকসকলে যেন লক্ষ্য ৰাখে৷
© ভাস্কৰ ভূঞা, গৱেষক ছাত্ৰ, গুৱাহাটী বিশ্ববিদ্যালয়, ফোন-৮৭৫১৯৪৩৩৮৭
0 Comments