সৌম্যদ্বীপ দত্তৰ ‘অৰণ্যত এখোজ দুখোজ’ গ্ৰন্থৰ সমালোচনা


*  অসমত পৰিৱেশ আৰু পাৰিপাশ্বিৰ্কতা সম্পৰ্কীয় বৌদ্ধিক চিন্তা-চৰ্চা, সজাগতা আৰু চৰাই-চিৰিকটিৰ পৰা আৰম্ভ কৰি বন্যপ্ৰাণী সংৰক্ষণলৈকে প্ৰকৃতিৰ সৈতে সম্পৰ্ক থকা সকলো বিষয়তে একাগ্ৰচিত্তে আৰু নিৰলসভাৱে কাম কৰি যোৱা মুষ্টিমেয় কেইজনমান মানুহৰ ভিতৰত সৌম্যদ্বীপ দত্তৰ নামটো উল্লেখযোগ্য৷ ‘নেচাৰ্চ বেকন’ নামৰ এটা এন.জি.অৰ সঞ্চালকৰূপে কৰ্মৰত দত্তই বিংশ শতিকাৰ শেষৰফালৰ পৰাই অসমীয়া সমাজ-সাহিত্যক পৰিৱেশ সম্পৰ্কীয় গভীৰ বোধ আৰু চেতনাৰে সমৃদ্ধ কৰি আহিছে৷ 

সৌম্যদ্বীপ দত্তৰ প্ৰথম আৰু প্ৰধান কামটোৱেই হৈছে প্ৰকৃতিৰ বাবে ইতিবাচক কিবা এটা কৰি যোৱা৷ সমান্তৰালভাৱে তেওঁৰ বৃত্তিও যিহেতো প্ৰকৃতিজগতখনক কেন্দ্ৰ কৰি, গতিকে দত্তৰ জীৱিকা আৰু তেওঁৰ সামাজিক দায়বদ্ধতা দুয়োটা দিশেই অসমীয়া সমাজ জীৱনৰ বাবে গুৰুত্বপূৰ্ণ আৰু লাভৱান বিষয় হৈ পৰিছে৷ পৃথিৱীখন সুস্থিৰ আৰু শান্তিৰে থাকিবলৈ মানৱ জীৱনত প্ৰয়োজন হোৱা অন্যান্য উপাদানবোৰৰ লগতে¸ প্ৰাকৃতিক সম্পদ আৰু বন্যপ্ৰাণীসমূহৰ যে কিমান প্ৰয়োজন! অৰণ্য এখনৰ প্ৰতি মানুহ এজনৰ সংবেদনশীলতা যে কিমান গভীৰ হোৱা প্ৰয়োজন, সেই সচেতনতা দত্তৰ প্ৰকৃতি বিষয়ক গ্ৰন্থসমূহ পঢ়িলে গম পোৱা যায়৷ প্ৰকৃতি আৰু বন্যপ্ৰাণীৰ সমাজখনক উপলব্ধি কৰি সিহঁতৰ চিন্তা-চেতনাবোৰ মানুহৰ মাজলৈ উলিয়াই দিয়াত যি কঠোৰ৷ ম, ত্যাগ, কষ্ট, অভিজ্ঞ তা আৰু দায়িত্ব নিহিত হৈ আছে; আৰু সেই দায়িত্ব যে সৌম্যদ্বীপ দত্তই ইমান আন্তৰিকতাৰে পালন কৰি আহিছে; সেয়া আমাৰ অসমৰ বাবেই এটি গৌৰৱৰ বিষয়৷ দত্তই পাহাৰে-বননিয়ে অৰ্হনিশে ঘুৰি ফুৰি প্ৰকৃতিৰ সৈতে নিজে একাত্ম হোৱাৰ লগে লগে কিতাপত সেই বিষয়বোৰ সহজ-সৰলকৈ লিখি পঢ়ুৱৈ সমাজেকা প্ৰকৃতিজগতখনক নিবিড়ভাৱে উপলব্ধি কৰিবলৈ শিকাইছে৷ অসমীয়া সাহিত্যত সৌম্যদ্বীপ দত্ত  ব্যতিক্ৰম এইবাবেই যে তেওঁ জনপ্ৰিয় সাহিত্য চৰ্চা কৰাৰ বিপৰীতে আন মানুহে নকৰা, নেদেখা কিছুমান সংবেদনশীল বিষয়ক সাহিত্যৰ মাজেৰে উলিয়াই আনিছে৷ অসমৰ পঢ়ুৱৈ সমাজৰ মাজত এই সাহিত্যৰ জনপ্ৰিয়তা কম হ’ব পাৰে, কিন্তু সমাজত এনে সাাহিত্যৰ প্ৰয়োজনীয়তা যে সৰ্বাধিক; সেয়া অন্তত কিছু সংখ্যকে হ’লেও বাৰুকৈয়ে অনুধাৱন কৰে৷

বন্যপ্ৰাণী আৰু পৰিৱেশ সম্পৰ্কীয় বিষয়ত দত্তই ইতিমধ্যে ভালেকেইখন গ্ৰন্থ লিখিছে৷ তেনে এখন মননশীল গ্ৰন্থ হ’ল– অৰণ্যত এখোজ দোখোজ৷ গ্ৰন্থখনত মুঠ ছটা ৰচনা আছে৷ ইয়াৰে প্ৰতিটো ৰচনাত দত্তই বিভিন্ন সময়ত পাহাৰ-পৰ্বত, অৰণ্য, সংৰক্ষিত বনাঞ্চল, অভয়াৰণ্য আদিত পৰিৱেশ, বন্যপ্ৰাণী আৰু চৰাই-চিৰিকতি সম্পৰ্কীয় অধ্যয়ন কৰোঁতে লাভ কৰা বিচিত্ৰ অভিজ্ঞতা, সূক্ষ্ম অনুভূতি আৰু অৰণ্যৰ সমাজবোৰত থকা একক আৰু পৃথক নিয়ম, ৰীতি-নীতি, পৰিস্থিতিতন্ত্ৰ আদি বিষয়বোৰে প্ৰধানভাৱে স্থান লাভ কৰিছে৷ লেখকে প্ৰতিটো অধ্যায়তে সহজ-সৰল প্ৰকাশভংগীৰে¸, জীৱন্তভাৱে আৰু তথ্যসহ অৰণ্য সম্পৰ্কীয় কথা-বতৰাবোৰ উল্লেখ কৰিছে৷ গ্ৰন্থখনৰ প্ৰথম ৰচনাটোৰ নাম– ‘সেউজীয়া অৰণ্য সুবাস’৷ এই ৰচনাত লেখকে চক্ৰশীলা অভয়াৰণ্যৰ বিভিন্ন প্ৰাকৃতিক সম্পদ, বণ্যপ্ৰাণী, চৰাই-চিৰিকতি, জান, জুৰি, নিজৰা আদি বিষয়বোৰৰ কথা উল্লেখ কৰাৰ লগতে এই অভয়াৰণ্যত পোৱা গৌৰ প্ৰজাতিৰ বনৰীয়া গৰুবিধ বিচাৰি যোৱাৰ ৰোমাঞ্চকৰ বৰ্ণনা ডাঙি ধৰিছে৷ গৌৰ বিচাৰি এই অভয়াৰণ্যৰ বিভিন্ন ঠাইত লেখক আৰু মাজে মাজে তেওঁৰ সহযোগী আৰু সেই অঞ্চলৰ স্থানীয় কিছু লোকে কৰা অনুসন্ধান, অভিযান আদিৰ বিস্তৃত বৰ্ণনা আছে৷ সেইদৰে অভয়াৰণ্যখনত পোৱা গৌৰ প্ৰজাতিৰ গৰুবিধৰ ওপৰিও গুঁই,  নেউল,  কেঁকোৰা, বাঘ, কাছ বিভিন্ন প্ৰজাতিৰ চৰাই-চিৰিকতিৰ নামোল্লেখ কৰাৰ লগতে সেইসমূহৰ বিষয়ে যথাসাধ্যে পৰিচয়মূলক তথ্য, বৰ্ণনা আদি ডাঙি ধৰিছে৷ অৰণ্যবোৰৰ স্থায়িত্ব, অৰণ্যত থকা গছ-গছনিবোৰৰ বিষয়ে সম্যক ধাৰণা, অৰণ্যত কিদৰে এটা প্ৰাণী আন এটা প্ৰাণীৰ উপৰত নিৰ্ভৰশীল, মানুহে বিবেকহীন বুলি ভবা এই জন্তুবোৰৰ যি দলীয় একতা, অৰণ্যত চিকাৰ কৰাৰ তৰিকা, দায়বদ্ধতা– এই সমগ্ৰ বিষয়বোৰ দত্তৰ লেখাৰ মাজেৰে স্পষ্টৰূপত প্ৰতিফলিত হৈছে৷ 

সেইদৰে অৰণ্যক সন্মান কৰা আৰু অৰণ্যক স্বতন্ত্ৰতাৰে জীয়াই থাকিবলৈ সুবিধা দিয়াৰ ক্ষেত্ৰতো মানুহ দায়বদ্ধ হ’ব লাগে, যি কথা দত্তৰ গ্ৰন্থ পঢ়িলে মৰ্মে মৰ্মে উপলব্ধি কৰা যায়৷ যিটো সময়ত ফ’ৰলেণ্ড ঘাইপথ নিৰ্মাণৰ বাবে হকে-বিহকে গছ-গছনি কাটি ধ্বংস কৰা হৈছে, অৰণ্যৰ ভিতৰৰ গছ-গছনি কাটি নিঃশেষ কৰা হৈছে৷ পাহাৰৰ যিকোনো এলেকাতে মানুহে গৈ বসবাস কৰাৰ ফলত বন্যপ্ৰাণীৰ বাবে থাকিবলৈ ঠাই নোহোৱা হৈছে, তেনে সময়ত দত্তই লিখা এই গ্ৰন্থখনৰ প্ৰাসংগিকতাও বাঢ়ি আহিছে৷

গ্ৰন্থখনৰ দ্বিতীয় ৰচনাটো হৈছে– ‘চিকাৰী কুকুৰৰ মাজত’৷ এই ৰচনাত নামদফা অৰণ্যৰ নোৱাদিহিং নদী আৰু তাৰ কাষৰ অঞ্চলটোক কেন্দ্ৰ কৰি তাৰ প্ৰকৃতি আৰু জীৱ-জন্তুসমূহৰ বিষয়ে বিস্তৃত বিৱৰণ পোৱা যায়৷ বিশেষকৈ বনৰীয়া কুকুৰৰ কাৰ্যকলাপ আৰু সিহঁতৰ জীৱন-প্ৰণালীৰ বিষয়ে এই ৰচনাত পুংখানুপুংখ বিৱৰণ পোৱা যায়৷ ৰাং কুকুৰৰ চিকাৰ ধৰাৰ ৰোমাঞ্চকৰ বৰ্ণনা এই অধ্যায়টোৰ মুখ্য আকৰ্ষণ৷ দত্তৰ বৰ্ণনাশৈলী অতি সুন্দৰ আৰু বাক্যবোৰত গীতিধৰ্মিতা পোৱা যায়৷ কাহিনীবোৰ পঢ়ি যাওঁতে পাঠকে নিজেও এখন অৰণ্যৰ মাজতে সময় অতিবাহিত কৰা যেন লাগে৷ পাঠকক এনে এটা পৰিবেশ গঢ়ি দিব পৰাটো দত্তৰ অন্যতম সফলতা৷

‘ডিব্ৰু-ছৈখোৱাৰ সেই বাঘিনীজনী’ নামেৰে গ্ৰন্থখনৰ তৃতীয় ৰচনাটোত লেখকে অৰণ্যখনত থকা এজনী বাঘ আৰু তাইৰ পোৱালী তিনিটাৰ বিষয়ে লিখিছে৷ বাঘ-বাঘিনীয়ে কেনেদৰে চিকাৰ কৰে, চিকাৰৰ বাবে কিদৰে বেহু তৈয়াৰ কৰে, বাঘিনীজনী খোজ কাঢ়ি যাওঁতে কেনেদৰে বনৰ মাজে মাজে নিৰাপত্তা আৰু চিকাৰৰ স্বাৰ্থত সন্তপৰ্ণে আগবাঢ়ে– এই বিষয়বোৰৰ সম্বন্ধেও সৌম্যদ্বীপ দত্তই সুন্দৰকৈ লিখিছে৷ সমান্তৰালভাৱে ডিব্ৰু-ছৈখোৱা অৰণ্যৰ সামগ্ৰিক আভাষ এটা এই লেখাটোৰ মাজেৰে প্ৰতিভাত হৈ উঠিছে৷ অৰণ্যখনত পোৱা চৰাই-চিৰিকটি, জীৱ-জন্তুবোৰৰ বিষয়েও সজীৱ বৰ্ণনা এই লেখাটোত পোৱা যায়৷ দত্তৰ প্ৰকৃতি সম্পৰ্কীয় পৰ্যবেক্ষণ ইমান নিখুট যে ডিস্ক’ভাৰি চেনেলৰ ভিডিঅ’বোৰতকৈ তেওঁৰ লেখাৰ নিপুণতা আৰু উপস্থাপনশৈলী কোনো গুণে কম নহয়৷ 

‘অৰণ্যৰ বৰ্বৰতা’ ৰচনাটোত লেখকে নামবৰ অভয়াৰণ্যত থকা টুপীমূৰীয়া বান্দৰৰ দল এটাৰ বিষয়ে বিস্তৃতভাৱে লিখিছে৷ এই বান্দৰ প্ৰজাতিটোৰ কাৰ্য-কলাপ, দলবদ্ধ সহযোগিতা, আৱেগ-অনুভূতি, সিহঁতৰ মাজত প্ৰেম, ভাতৃত্ববোধ, একতা আদি বিষয়বোৰ লেখকে অতি সংবেদনশীলতাৰে বিৱৰিছে৷ বান্দৰৰ দলটোৰ বংশ বৃদ্ধিৰ বাবে হোৱা অৰিয়াঅৰি, সিহঁতৰ যৌনতা, পিতৃত্ব লাভৰ বাবে ‘বুদুৱা’ আৰু পৰৱৰ্তী সময়ত ‘টপ্পু’ নামৰ বান্দৰদুটাৰ কাৰ্যকলাপ, সাহস, সততা, দুখ-দুৰ্গতি আদি বিষয়বোৰ লেখকে অতি মনোৰমকৈ এই ৰচনাত তুলি ধৰিছে৷ অৱশ্যে এই বান্দৰৰ দলটোৰ কথা উল্লেখ কৰোঁতেই লেখকে তাৰ মাজে মাজে সামগ্ৰিকভাৱে নামবৰ অভয়াৰণ্যৰ প্ৰাকৃতিক চিত্ৰ এখন পাঠক সমাজৰ আগত তুলি ধৰিছে৷ ‘মাতৃত্ব’ ৰচনাত লেখকে ‘ব’া অভয়াৰণ্য’ত থকা এজনী হাতী আৰু তাইৰ সন্তান প্ৰসৱৰ বিষয়ে অতি মৰ্মস্পৰ্শীকৈ লিখিছে৷ হাতীজনীৰ আৱেগ-অনুভূতি, তাইৰ সন্তান প্ৰসৱ আৰু পৰৱৰ্তী সময়ত এই সন্তানটোৰ মৃত্যুত হাতীজনীৰ দুখ আৰু যন্ত্ৰণাক লিখকে অতি সুন্দৰকৈ বৰ্ণনা কৰিছে৷ সেইদৰে ‘যমদুৱাৰৰ ভালুক পৰিয়াল’ ৰচনাত লিখকে ভূটান পাহাৰৰ নামনি অঞ্চলত পোৱা এটা ভালুক পৰিয়ালৰ কাৰ্য-কলাপৰ বিষয়ে মনোৰম বৰ্ণনা ডাঙি ধৰিছে৷ ভালুকৰ জীৱন-প্ৰণালী কেনেধৰণৰ, সিহঁতে সংসাৰ কেনেকৈ কৰে, প্ৰজনন কিদৰে হয়, পিতৃ-মাতৃয়ে সন্তানবোৰক কেনেদৰে সুৰক্ষিত কৰি ৰাখে৷ কেনেদৰে খাদ্য সংগ্ৰহ কৰি সন্তানবোৰক খুৱাই, ইত্যাদি বিষয়েৰে এই ৰচনাটো সমৃদ্ধ৷ 

কঠোৰ সংবেদনশীল আৰু নিঃস্বাৰ্থভাৱে প্ৰকৃতিক ভালপোৱা হেতুকেই দত্তৰ লেখাবোৰত সৰলতা আৰু সজীৱতা পোৱা যায়৷ এসময়ত জীম কৰবেটৰ গদ্যত এই সজীৱতা দেখা গৈছিল৷ পৰিশে¸ষত ক’ব পাৰি প্ৰকৃতি সম্পৰ্কীয় বোধ জন্মোৱা আৰু প্ৰকৃতিক অন্তৰৰ পৰা ভাল পাবলৈ শিকোৱাৰ ক্ষেত্ৰত সৌম্যদ্বীপ দত্তৰ গ্ৰন্থসমূহে পাঠক সমাজক বাৰুকৈয়ে সহায় কৰিব৷ সেইদৰে ‘মানুহ থাকিলেহে গছ থাকিব’ ধৰণৰ একপক্ষীয় আৰু স্বাৰ্থযুক্ত শ্লোগানতকৈ প্ৰকৃতিয়ে নিজৰ প্ৰাপ্য অধিকাৰ আৰু স্বাভিমানেৰে জীয়াই থাকিব পৰাকৈ এখন সৰ্বাঙ্গসুন্দৰ প্ৰকৃতি গঢ়ি তুলিবলৈ জনসাধাৰণৰ মন-মনন-চিন্তনক ইতিবাচক চিন্তাৰে পৰিৱৰ্তন কৰি তুলাতো এই গ্ৰন্থখনৰ অৱদান হ’ব অতুলনীয়৷


© ভাস্কৰ ভূঞা, গৱেষক ছাত্ৰ
গুৱাহাটী বিশ্ববিদ্যালয়,  ফোন-৮৭৫১৯৪৩৩৮৭

পূৰ্বপ্ৰকাশ- সাদিন, ৬ মে, ২০১৮

Post a Comment

0 Comments