কবিতা ::: মানুহবোৰ ইমান স্পীডেৰে ক’লৈ গৈছে !


                                *
সৰুতে চাইকেল শিকোতে মায়ে সাৱধান কৰি দিছিল । 
স্পীডত নচলাবি । পৰিবি ।
প্ৰথমবাৰ বাইকখন হাতত তুলি দিওঁতে 
দেউতাৰ সেই একেই কথা। স্পীডত নচলাবি । 
আৰম্ভ হৈছেহে জীৱনটো ।

এদিন তাইৰ খোজত খোজ মিলাওতে 
অভিমান কৰি ক’লে-
ইমান স্পীডেৰে নাযাবাচোন ।
তোমাৰ সৈতে খোজ কাঢ়িবই নোৱাৰোঁ ।

হাতৰ মুঠিত ব্ৰহ্মাণ্ড বিচৰা দিনবোৰতো 
বাৰে বাৰেই সকীয়নি পালোঁ অজস্ৰজনৰ ।
ইমান এটা স্পীড ভালৰ বাবে নহয় ।

প্ৰথমবাৰ ঘাইপথত স্পীডব্ৰেকাৰ দেখাৰ দিনা
ভাবিছিলোঁ, মসৃণ পথটোত কোনে পেলাই থৈ গ’লহি 
ৰাজহাড় ভঙা অজগড় ।

তাৰ পাছত এদিন দেখিলোঁ
চৌপাশৰ মানুহবোৰ স্পীডত গৈ গৈ 
মোক পাছ পেলালে ।

ইমান স্পীডেৰে তাই গুছি গ’ল জীৱনৰপৰা
একো কৰিব নোৱাৰিলোঁ ।
ইমান স্পীডেৰে গুছি গ’ল মোৰ 
স্থিতি, স্বাভিমান, আদৰ্শ
একো কৰিব নোৱাৰিলোঁ ।

চকুৰ সন্মুখতে দেখি আছোঁ 
ইমান স্পীডেৰে দলৰ পিছত দল বাগৰ দিছে মানুহে
কমিউনিষ্টবোৰ হৈ পৰিছে গেৰুৱাবাদী
জাতিৰ ককালত গোৰ মাৰি 
পিন্ধাই পিন্ধি লৈছে বৰ বৰ টুপী

স্পীডতকৈয়ো স্পীড বঢ়াই 
কিছুৱে গঢ়িলে সোণৰ পাহাৰ
কিছুৱে গঢ়িলে অট্টালিকা, অলংকাৰ
কিছুৱে ভাঙিলে ঘৰৰ মূধচ
কিছুৱে খান্দিলে নিজৰ কবৰ

এই যে স্পীডত কৈয়ো স্পীড বঢ়াই বঢ়াই
মানুহবোৰ দৌৰিছে
মনবোৰ দৌৰিছে
সপোনবোৰ দৌৰিছে
ইমান স্পীডেৰে গৈছে ক’লৈ ?

© ভাস্কৰ ভূঞা, গৱেষক ছাত্ৰ
গুৱাহাটী বিশ্ববিদ্যালয়,  ফোন-৮৭৫১৯৪৩৩৮৭


Post a Comment

0 Comments