কবিতা ::: আজিকালি মানুহটো কিবা হৈ পৰিছোঁ


                            *

আজিকালি মানুহটো কিবা হৈ পৰিছোঁ
একোৱেইচোন ভাল নলগা হৈ আহিছে
ভুলবোৰ দেখিলেও সহিবলে শিকিছোঁ
সঁচা কথা ক’বলে বিৰাগ জন্মি আহিছে
বিশ্বাস কৰিব নোৱাৰা হৈ পৰিছোঁ নিজক, আনক
দেখিবলৈ বাদ দি দিছোঁ সপোন
হাঁহিবোৰ হেৰাই গৈছে মেট্ৰ’ ট্ৰেইনৰ স্পিডেৰে
দোপালপিতা দুখৰ বৰষুণে 
বুৰাই পেলাইছে মন মগজুৰ পৰিসীমা

অকলসৰে ক’ৰবাত বহি থাকো
অকলসৰে ক’ৰবাত কান্দি থাকো
হাত এখন আগবাঢ়ি আহিলেও
সাপ যেন দেখো
আজিকালি মানুহটো কিবা হৈ পৰিছোঁ

চনদীপ মহেশ্বৰীৰ 
মতিভিশ্যনেল ভিডিঅ’ই আৰু কিমান পুতিব
নিসংগতাই সৃষ্টি কৰি ৰখা মহানাদ
মোবাইলত এহাতে–
‘জিন্দেগী বদলনে কা ইজি ফৰমুলা’ৰ কিটিপ
আৰু বুকুত ব্যৰ্থতাই ফুটাই যোৱা বুলেটৰ বিষ
কেনেদৰে চম্ভালি লওঁ নিজক
কেনেদৰে জীয়াই ৰাখো নিজক

ভাল লগা হাতখনে কেতিয়াবাই এৰি থৈ গ’ল দুহাত
ভাল লগা সপোনৰ পাছে পাছে দৌৰোতে
হেৰুৱালো দুচকুৰ জোনাক
যাৰ সাহচৰ্যত পাতলাব বিচাৰোঁ 
দুখ আৰু হতাশাৰ বিষময় সময়
তেওঁৱেই চান কাঢ়ি লৈ যায় দুচকুৰ টোপনি

আজিকালি মানুহটো কিবা হৈ পৰিছোঁ
কথাই প্ৰতি খঙ উঠি আহে
কথাই প্ৰতি চকুপানী পৰে
জীৱনৰ উজ্বলতাৰ প্ৰতি হৈ পৰিছোঁ মোহভংগ
প্ৰতিটো কথাত কেৱল অসন্তুষ্টি, অভিমান
ইফালে অকনমানি ভেঁটি এটাও গঢ়িব নোৱাৰাকৈ 
দুৰ্বল হৈ পৰিছে মোৰ দক্ষতাৰ দুহাত

এতিয়া মাথো জীয়াই থাকিব লাগে বাবেই আছোঁ
উশাহ লৈছোঁ, খাইছো, শুইছোঁ
কৈছোঁ কথা দুখ, হতাশা, ব্যৰ্থতা, পৰিশ্ৰমৰ
আজিকালি মানুহটো কিবা হৈ পৰিছোঁ

© ভাস্কৰ ভূঞা, গৱেষক ছাত্ৰ, গুৱাহাটী বিশ্ববিদ্যালয়,  ফোন-৮৭৫১৯৪৩৩৮৭


Post a Comment

0 Comments