আর্মিৰ কথাবােৰ...
মূল- Mithilesh Maiqash and Rana Panday
কথা কেৱল পইচা ঘটাই মূল কাৰণ নাছিল
থকা হ'লেতাে সন্মুখত অনেক পথেই আছিল
কিন্তু এইযােৰ যে পােচাক পিন্ধিছোঁ,
পােচাকযােৰ টকাৰে কিনা নাযায়
পিন্ধিবলৈয়ো সাহস লাগে
মৃত্যু জিনাৰ সাহস ।
পােচাকযােৰৰ উচিত প্রতিদানৰ বাবেই
প্ৰতিটো পল সতর্ক হৈ থাকিব লাগে ।
কিমান যে সুখী হওঁ তেতিয়া
দহদিন চুটি পালেই ঘৰলৈ বুলি আহাে,
গৈয়েই খুৰীৰ ঘৰ, পেহাৰ ঘৰ, বন্ধুৰ ঘৰ
এইফালে, সেইফালে লাগবান্ধ নােহােৱা ভ্রমণ ।
কেতিয়াও সময় দিব নােৱাৰাে নিজক
সময় দিব লাগে আত্মীয়ক, আপােনক
মানুহক লগ কৰাৰ আনন্দত
কিমান যে আঁতৰি গৈছো নিজৰ পৰা !
আর্মিত কাম কৰি কৰি ইমানেই চিধা হলাে
বজাৰত আমাক দহ টকাৰ বস্তু বিশ টকাত বিক্ৰী কৰে,
বার্গেনিং কৰিবলৈ কোনােদিনাই নিশিকিলাে,
কেতিয়াও নিশিকিলাে প্ৰৱঞ্চনাৰ আদিপাঠ
সহিবলৈ শিকি ল'লাে প্রতিটো কথাৰ আঁৰৰ কথা ।
ঘটনা-দুর্ঘটনা, সময়-অসময়...
এসময়ত গাঁৱত যিবােৰ বন্ধু আছিল
সিহঁতেও আমাক কেন্টিন বুলিহে ভাবিবলৈ ল'লে,
এ.টি.এম কার্ড আৰু মদৰ উৰ্দ্ধত গৈ কোনােৱেই নুবুজিলে, কাৰােৰে এটা ফোন নাহে।
আহিলেও কাৰােবাক লাগে যদি ফেয়াৰলাভলি..
কাৰােবাক হৰলিক্স, কাৰােবাক আমেৰিকান টুৰিষ্ট বেগ আৰু কাৰােবাক বুট জোটা।
আগতে বন্ধুৱে সুধিছিল— কেতিয়া আহিবি, বন্ধ পাবি কেতিয়া ?
এতিয়া কয়—আহিলে এটা আৰ এছ লৈ আহিবি
কেন্টিনৰ মদৰ সুগন্ধই বেলেগ
এবাৰৰ নিচাত চাৰিদিনলৈ শুব পাৰি।
ঘৰলৈ আহিলে চাৰিদিনমান থকা হয়হে
সকলােৰে প্রশ্নপর্ব আৰম্ভ হয়...
যাবিগৈ কেতিয়া ?
কিমানদিনৰ বাবে আহিছ ?
ট্রেইন আছে কেতিয়া ?
ইমান প্রশ্ন !
ইমান প্রশ্ন আমিতাে নিজকেই সুধি পােৱা নাই কাহানিও,
যিমান ওচৰ চুবুৰিয়াই ঘৰলৈ আহিলে সুধে ।
কিমান সৰুতেই আহিলাে ইয়ালৈ...
জীৱন উচর্গিলাে কেৱল মানুহৰ বাবে
না কাৰােবাৰ বিয়ালৈ যাবলৈ সময় মিলে
না কাৰােবাৰ নিমন্ত্রণ ৰক্ষা কৰিব পাৰাে
শিল হৈ হৈ পাৰ কৰি দিও সময় ।
অভিযোগ সকলােৱেই কৰে
আমি যে আহিব নােৱাৰাে,
কি কৰিম, সহিবলৈ শিকি লৈছো
সহিবলৈ শিকি লৈছোঁ আপােন বন্ধুৰ মৃতদেহ কান্ধত লৈ লৈ ।
ব্যক্তিগত জীৱনক সামাজিক জীৱনলৈ ৰূপান্তৰ কৰিবই নােৱাৰাে,
আৰ্মিৰ যে সমাজ বুলিবলৈ বন্দুকটোৱেই বন্ধু ।
বাকীবােৰটো বাদ দিলাে,
হেড অফিচত তিনিমাহ লাগিলেও সময়ত গৈ চুটি পাব নােৱাৰি,
কাক কম, কোনে শুনিব !
আৰ্মিৰ বাবে যেন চুটিও এটা দুর্ঘটনাৰ দৰে
যি কেতিয়াও মৌলিক অধিকাৰ নহয়গৈ ।
আচলতে সংবিধানক আমি যিমান শিৰত তুলিলাে
সংবিধানে তাৰ এক অংশও নুবুজিলে আমাক...
"টার্ম এণ্ড কণ্ডিচন''ৰ নীতিত উলমি থাকিলাে আমি।
সেনাক লৈ এসময়ত ৰাজনীতি নাছিল,
এতিয়া সকলাে ৰাজনীতি আৰম্ভ হয় সেনাৰ পৰা,
যিখন দেশত এতিয়া মাত্র
ঘৰে ঘৰে হৰলিক্সৰ সলনি পলিটিক্সহে চলে।
কাৰ কি যায় ট্ৰেইনৰ ডবাৰ কাষত
কোন জোৱানে ঘন্টা ঘন্টা ধৰি থিয় দি আহে,
কনফার্ম চিট নাপালে
টয়লেটৰ কাষতে শুই ৰাতিটো আহিব লাগে ।
যেতিয়া হঠাৎ পুৰণা দিল্লীৰ পৰা তিনিচুকীয়া যাবলৈ
হেড কোৱাৰ্টাৰৰ পৰা জৰুৰী অৰ্ডাৰ আহে
ৰাতিপুৱাই অনাহাৰে তেনেকৈয়ে দৌৰ দিব লাগে
এইটোও নাজানাে ষ্টেচনত বা ট্রেইন আছে নে নাই
হাতত সময় আছেনে নাই
কাগজত লিখা নাথাকে কোনখন ট্রেইনেৰে যাম,
লিখা নাথাকে কোনটো চিটত বহি যাম,
পিঠিত কেৱল নিজৰ হৈ থাকে বন্ধু বন্দুকটো
বুকুত জয় হিন্দৰ প্রতিধ্বনি শুনি গুছি যাঁও তেনেকৈয়ে ।
পুনশ্চ :
আমি আপুনি বহি থকা চিটটো কেতিয়াও নিবিচাৰাে
তথাপিওঁ যদি হঠাৎ আপুনি শুই থকা চিটটোৰ ভৰিৰ কাষতে
কেতিয়াবা অকনমান জিৰণি ল'বলৈ বিচাৰাে
নিদিবনে?
সহিবনে?
0 Comments