কবিতা ::: ভাড়াঘৰ

 ভাড়াঘৰ

    
মাত্ৰ সেইদিনাৰ কথা
দুপৰীয়া এটাৰ আঁচল ধৰি আহিছিলা তুমি 
এটা ভাড়াঘৰ বিচাৰি
যিহেতু মোৰেই একমাত্র  কোঠাটো  খালী আছিল
তুমি থাকিব পৰাকৈ তাকে দিহা কৰি দিলো

স্বীকাৰ কৰো
কোঠাটো বৰ্ণিল নাছিল 
তোমাৰ ইচ্ছা আৰু আকাংক্ষাৰ জোখাৰে
তথাপিও নিৰাপত্তাৰ স্বাৰ্থতেই সম্ভৱ 
কোঠাটো উপযোগী কৰি লৈছিলা 

লাহে-লাহে মোৰ চৌপাশ
তোমাৰ  সুগন্ধিৰেই ভৰি পৰিল 
তুমি অহাৰ পৰাই 
ফুলবোৰ আকৌ ফুলিল
ফলবোৰ লমা- লমে লাগিল 
সজল, সজীৱ হৈ পৰিল হৃদয় 
এদিন এনেকৈয়ে
বুকুৰ কোঠৰীটোও আজৰাই দিলো তোমাক
এই ভাবি যে তোমাৰ কোনো অসুবিধা নহওক

দিনবোৰ যেন ৰামধেনু হ'ল
আমিও যেন হৈ পৰিলোঁ 
এহাল চাকৈ-চকোৱা চৰাই

এইবাৰ ভাবিছিলো 
বাৰিষাটো গ'লেই
ঘৰটো নতুনকৈ সাজিম
তোমাৰ প্ৰিয় ৰঙেৰে বেৰবোৰ লিপিম
কোঠাবোৰ আহল-বহল কৰিম নতুনকৈ 
উজ্জ্বল কৰিম মোৰ চিন্ততা-চেতনা অন্ধকূপ অগ্নিগড়
মাৰ্বল পাথৰেৰে মজিয়াবোৰ মসৃণ কৰিম
তুমি কোৱাৰ দৰেই 
দুখনমান খিৰিকী বেছিকৈ দিম
খিৰিকীৰে সোমাই আহিব বিশ্বাস, উদাৰতা, অনুৰাগ ইত্যাদি

এনেদৰেই সপোন দেখিছিলো 
জীৱন দুটা একাকাৰ কৰি পেলোৱাৰ
পিছে 
আজি ঘপহকৈ শুনিলোঁ 
তুমি  হেনো যাবাগৈ !




Post a Comment

0 Comments